Class 11 Political Science Important Chapter 13 সমতা

Class 11 Political Science Important Chapter 13 সমতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 13 সমতা Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 13 সমতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 13

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। সমতা এটি __________ আৰু ৰাজনৈতিক আদৰ্শ।

উত্তৰঃ সমতা এটি নৈতিক আৰু ৰাজনৈতিক আদৰ্শ।

২। ফৰাচী বিপ্লৱৰ মূল ধ্বনি আছিল __________।

উত্তৰঃ ফৰাচী বিপ্লৱৰ মূল ধ্বনি আছিল সমতা

৩। সমাজত সম্পদৰ সমবিতৰণ নথকা অৱস্থাই _________ অসমতা সৃষ্টি কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সমাজত সম্পদৰ সমবিতৰণ নথকা অৱস্থাই অৰ্থনৈতিক অসমতা সৃষ্টি কৰে।

৪। ভাৰতীয় সংবিধানত সমতা শব্দটো __________ত অন্তর্ভুক্ত।

উত্তৰঃ ভাৰতীয় সংবিধানত সমতা শব্দটো প্ৰস্তাৱনাত অন্তর্ভুক্ত।

৫। সমতাৰ ন্যূনতম স্বীকৃতি হ’ল ধর্ম, জাতি, মতা-তিৰোতা আদিৰ ভিত্তিত __________ৰ বলি নোহোৱা।

উত্তৰঃ সমতাৰ ন্যূনতম স্বীকৃতি হ’ল ধর্ম, জাতি, মতা-তিৰোতা আদিৰ ভিত্তিত বৈষম্যৰ বলি নোহোৱা।

সত্য/অসত্য-

১। সমতা আৰু স্বাধীনতা সম্পূৰ্ণ পৃথক ধাৰণা।

উত্তৰঃ অসত্য।

২। ৰাজনৈতিক সমতা মানে সকলো নাগৰিকৰ ভোটাধিকাৰ নথকা।

উত্তৰঃ অসত্য।

৩। সমাজবাদী চিন্তাধাৰাই অৰ্থনৈতিক সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উত্তৰঃ সত্য।

৪। সংবিধানিক ধাৰণাই সমাজত সমতা স্থাপন কৰে।

উত্তৰঃ অসত্য।

৫। প্ৰাকৃতিক অসমতা জন্মগত বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ সত্য।

চুটি প্রশ্ন-উত্তৰ-

১। সমতা মানে কি?

উত্তৰঃ সমতা মানে সকলো নাগৰিকে আইন, অধিকাৰ, সুযোগ, সামাজিক আৰু ৰাজনৈতিক দিশত একে ধৰণৰ সুবিধা লাভ কৰা।

২। ভাৰতীয় সংবিধানত সমতাৰ স্থান ক’ত দিয়া হৈছে?

উত্তৰঃ ভাৰতীয় সংবিধানত সমতাৰ স্থান সংবিধানৰ প্ৰস্তাৱনাত, মৌলিক অধিকাৰত আৰু সংবিধানৰ বিভিন্ন অনুচ্ছেদত দিয়া হৈছে।

৩। প্ৰাকৃতিক অসমতা কাক বোলে?

উত্তৰঃ জন্মগত বা শাৰীৰিক-মানসিক পাৰ্থক্যৰ আধাৰত হোৱা বৈষম্যক প্ৰাকৃতিক অসমতা বোলে।

৪। ৰাজনৈতিক অসমতা কি?

উত্তৰঃ যেতিয়া সকলো নাগৰিকে ভোটদান বা ৰাজনৈতিক অংশগ্ৰহণৰ সমান অধিকাৰ নাপায় তেতিয়া তাক ৰাজনৈতিক অসমতা বোলা হয়।

৫। সমতা স্থাপনৰ অন্যতম উপায় কি?

উত্তৰঃ সংবিধানিক, আইনগত, আৰু সামাজিক মনোভাৱৰ পৰিৱৰ্তনৰ জৰিয়তে সমতা স্থাপন কৰিব পাৰি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top