Class 11 Political Science Important Chapter 14 সামাজিক ন্যায়

Class 11 Political Science Important Chapter 14 সামাজিক ন্যায় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 14 সামাজিক ন্যায় Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 14 সামাজিক ন্যায়

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 14

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। প্লেটোৱে তেওঁৰ ___________ গ্ৰন্থত ন্যায়ৰ বিষয়ে মতামত প্ৰকাশ কৰিছিল।

উত্তৰঃ প্লেটোৱে তেওঁৰ ৰিপাব্লিক (Republic) গ্ৰন্থত ন্যায়ৰ বিষয়ে মতামত প্ৰকাশ কৰিছিল।

২। সামাজিক ন্যায়ৰ তিনিটা উপাদানত বিশেষ প্রয়োজনৰ স্বীকৃতি, আনুপাতিক সমতা আৰু __________ অন্তর্ভুক্ত।

উত্তৰঃ সামাজিক ন্যায়ৰ তিনিটা উপাদানত বিশেষ প্রয়োজনৰ স্বীকৃতি, আনুপাতিক সমতা আৰু সমানসকলৰ মাজত সমতা অন্তর্ভুক্ত।

৩। জন ৰ’লছৰ মতে, অজ্ঞতাৰ আৱৰণেৰে বেষ্টিত চিন্তাক ____________ বুলি কোৱা হয়।

উত্তৰঃ জন ৰ’লছৰ মতে, অজ্ঞতাৰ আৱৰণেৰে বেষ্টিত চিন্তাক Thinking under veil of ignorance বুলি কোৱা হয়।

৪। মহাত্মা গান্ধীজীয়ে সমাজত সম্পদৰ ন্যায়সংগত বণ্টনৰ বাবে _____________ তত্ত্বৰ কথা কৈছিল।

উত্তৰঃ মহাত্মা গান্ধীজীয়ে সমাজত সম্পদৰ ন্যায়সংগত বণ্টনৰ বাবে ন্যাস (Trusteeship) তত্ত্বৰ কথা কৈছিল।

৫। সামাজিক ন্যায়ৰ প্ৰতি বিশ্বাস থকা সমাজত _____________ আৰু অনুকম্পা পৰিচালিকা শক্তি হ’ব লাগে।

উত্তৰঃ সামাজিক ন্যায়ৰ প্ৰতি বিশ্বাস থকা সমাজত সহানুভূতি আৰু অনুকম্পা পৰিচালিকা শক্তি হ’ব লাগে।

সত্য/অসত্য-

১। প্লেটো আৰু এৰিষ্টট’ল দুয়ো গ্ৰীক দার্শনিক আছিল।

উত্তৰঃ সত্য।

২। জন ৰ’লছৰ মতে, যি সমাজত ধনীবিলাকক বেছি সুবিধা দিয়া হয়, সেইটো ন্যায়নিষ্ঠ সমাজ।

উত্তৰঃ অসত্য।

৩। সমানসকলৰ মাজত সমতা মানে সকলোকে সমান সুযোগ দিয়াৰ কথা।

উত্তৰঃ সত্য।

৪। সামাজিক ন্যায়ত দুৰ্বল আৰু পশ্চাৎপদ শ্ৰেণীৰ প্ৰতি বিশেষ সহায়ৰ প্ৰয়োজন নাথাকে।

উত্তৰঃ অসত্য।

৫। মুক্ত বজাৰ ব্যৱস্থাত সকলো মানুহে সম সুযোগ লাভ কৰে।

উত্তৰঃ অসত্য।

চুটি প্রশ্ন-উত্তৰ-

১। প্লেটোৱে কোন গ্ৰন্থত ন্যায়ৰ আলোচনা কৰিছে?

উত্তৰঃ প্লেটোৱে ‘Republic’ গ্ৰন্থত ন্যায়ৰ আলোচনা কৰিছে।

২। সামাজিক ন্যায়ৰ তি‌নিটা মুখ্য উপাদান কি কি?

উত্তৰঃ সামাজিক ন্যায়ৰ তি‌নিটা মুখ্য উপাদান হৈছে সমানসকলৰ মাজত সমতা, আনুপাতিক সমতা, আৰু বিশেষ প্রয়োজনৰ স্বীকৃতি।

৩। জন ৰ’লছৰ তত্ত্বৰ মূল কথা কি?

উত্তৰঃ জন ৰ’লছৰ তত্ত্বৰ মূল কথা হৈছে- অজ্ঞতাৰ আৱৰণেৰে চিন্তা কৰি সকলোৰ বাবে ন্যায়সঙ্গত সমাজ গঠন।

৪। মহাত্মা গান্ধীয়ে কিহৰ জৰিয়তে সামাজিক ন্যায়ৰ কথা কৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ন্যাস তত্ত্বৰ জৰিয়তে সামাজিক ন্যায়ৰ কথা কৈছিল।

৫। সমতা আৰু ন্যায়ৰ মাজত কি সম্পৰ্ক আছে?

উত্তৰঃ সমতা আৰু ন্যায়ৰ মাজত সম্পৰ্ক আছে ন্যায়ত সমতাৰ উপাদান নিহিত থাকে, আৰু সম আচৰণ ন্যায়ৰ মূলতত্ত্ব।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top