Class 11 Political Science Important Chapter 12 স্বাধীনতা

Class 11 Political Science Important Chapter 12 স্বাধীনতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 12 স্বাধীনতা Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 12 স্বাধীনতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। নেলছন মেণ্ডেলাৰ আত্মজীৰনীৰ নাম _________।

উত্তৰঃ নেলছন মেণ্ডেলাৰ আত্মজীৰনীৰ নাম ‘Long Walk to Freedom’।

২। _________ ধাৰণাটোক “অহস্তক্ষেপ নীতি”ৰ সমৰ্থক বুলি কোৱা হয়।

উত্তৰঃ নেতিবাচক স্বতন্ত্রতা ধাৰণাটোক “অহস্তক্ষেপ নীতি”ৰ সমৰ্থক বুলি কোৱা হয়।

৩। স্বৰাজ শব্দটোৰ অৰ্থ হৈছে __________।

উত্তৰঃ স্বৰাজ শব্দটোৰ অৰ্থ হৈছে নিজৰ ওপৰত শাসন কৰা।

৪। __________ ৰ মতে, “স্বাধীনতা হৈছে ব্যক্তিৰ পূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশৰ অনুপস্থিতিত বাধা-নিষেধ।”

উত্তৰঃ এইচ. জে. লাস্কিৰ মতে, “স্বাধীনতা মানে হৈছে ব্যক্তিৰ পূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশৰ অনুপস্থিতিত বাধা-নিষেধ।”

৫। জন ষ্টুৱার্ট মিলৰ মতে সমাজত __________ ধৰণৰ কামৰ ওপৰতহে হস্তক্ষেপ কৰিব পাৰি।

উত্তৰঃ জন ষ্টুৱার্ট মিলৰ মতে সমাজত পৰকেন্দ্ৰিক ধৰণৰ কামৰ ওপৰতহে হস্তক্ষেপ কৰিব পাৰি।

সত্য/অসত্য-

১। স্বাধীনতা মানে সম্পূর্ণ বাধাহীনতা আৰু নিয়ন্ত্রণহীনতা।

উত্তৰঃ অসত্য।

২। নেলছন মেণ্ডেলা ২৮ বছৰ জেলত আছিল।

উত্তৰঃ সত্য।

৩। বাক্-স্বাধীনতা হ’ল ইতিবাচক স্বতন্ত্রতাৰ এটা অংশ।

উত্তৰঃ সত্য।

৪। স্বতন্ত্রতা আৰু স্বাধীনতা শব্দবোৰ সম্পূৰ্ণৰূপে একে।

উত্তৰঃ অসত্য।

৫। ৰাজনৈতিক স্বতন্ত্রতা অবিহনে গণতন্ত্র চলিব নোৱাৰে।

উত্তৰঃ সত্য।

চুটি প্রশ্ন-উত্তৰ-

১। ‘স্বতন্ত্রতা’ শব্দটোৰ ইংৰাজী মূল কি?

উত্তৰঃ স্বতন্ত্রতা শব্দটোৰ ইংৰাজী মূল হৈছে “Liberty” আৰু “Freedom”।

২। মাও জে ডঙে সকলোৰে সমতা ৰক্ষাৰ বাবে কি ব্যৱস্থা কৰিছিল?

উত্তৰঃ একেধৰণৰ পোছাক পৰিধানৰ আদেশ দিছিল।

৩। পৌৰ স্বতন্ত্রতাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ পৌৰ স্বতন্ত্রতাৰ এটা উদাহৰণ হ’ল- বাক্-স্বাধীনতা।

৪। জন ল’কৰ মতে তিনিটা প্রাকৃতিক অধিকাৰ কি কি?

উত্তৰঃ জন ল’কৰ মতে তিনিটা প্রাকৃতিক অধিকাৰ হৈছে- জীৱন, স্বাধীনতা, সম্পত্তি।

৫। ৰাজনৈতিক স্বতন্ত্রতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ ৰাজনৈতিক স্বতন্ত্রতা হৈছে নাগৰিকে ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰাৰ অধিকাৰ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top