Class 11 Finance Important Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ

Class 11 Finance Important Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

গোট – ৩: ভাৰতত বাণিজ্যিক বেংকিং
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন – উত্তৰ:

১। অনুসূচীত বেংক বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ দ্বিতীয় অনুসূচীত অন্তর্ভুক্ত, সেইবোৰকে অনুসূচীত বেংক বোলা হয়।

২। অনা-অনুসূচীত বেংকৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অনা-অনুসূচীত বেংকৰ এটা বৈশিষ্ট্য হৈছে- এই বেংকবোৰে ৰিজাৰ্ভ বেংকৰ পৰা পুনৰ বিত্তৰ সুবিধা নাপায়।

৩। ব্যক্তিগত খণ্ডৰ বেংক কোনে পৰিচালনা কৰে?

উত্তৰঃ ব্যক্তি আৰু কোম্পানীৰ দ্বাৰা পৰিচালিত হয়।

৪। ভাৰতত প্ৰথম আধুনিক বেংক কোনটো আছিল?

উত্তৰঃ দ্য বেংক অফ হিন্দুস্তান (১৭৭০ চন)।

৫। ইম্পেৰিয়েল বেংক কেতিয়া গঠন হৈছিল?

উত্তৰঃ ইম্পেৰিয়েল বেংক ১৯২১ চনত গঠন হৈছিল।

৬। ষ্টেট বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হয়?

উত্তৰঃ ষ্টেট বেংক অফ ইণ্ডিয়া ১৯৫৫ চনৰ ১ জুলাইত স্থাপন কৰা হয়।

৭। বেংক ৰাষ্ট্ৰীয়কৰণ প্ৰথমবাৰ কিমান চনত হৈছিল?

উত্তৰঃ বেংক ৰাষ্ট্ৰীয়কৰণ প্ৰথমবাৰ ১৯৬৯ চনত হৈছিল।

৮। ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো?

উত্তৰঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া।

৯। HDFC, ICICI এইবোৰ কেনেধৰণৰ বেংক?

উত্তৰঃ HDFC, ICICI এইবোৰ ব্যক্তিগত খণ্ডৰ বেংক।

১০। বেংক অফ বেংগল কোন চনত গঠিত হৈছিল?

উত্তৰঃ বেংক অফ বেংগল ১৮০৯ চনত গঠিত হৈছিল।

১১। ব্যক্তিগত খণ্ডৰ বেংক অনুসূচীত হ’ব পাৰেনে?

উত্তৰঃ হ’ব পাৰে, যদি চৰ্ত পূৰণ কৰে তেন্তে।

১২। অনা-অনুসূচীত বেংকে ঋণ দিয়ে নে?

উত্তৰঃ দিয়ে, কিন্তু উচ্চ হাৰৰ জামিনৰ ওপৰত।

১৩। ষ্টেট বেংক অফ ইণ্ডিয়াই কেইটা সহযোগী বেংক অধিগ্ৰহণ কৰিছিল?

উত্তৰঃ ষ্টেট বেংক অফ ইণ্ডিয়াই আঠটা সহযোগী বেংক অধিগ্ৰহণ কৰিছিল।

১৪। SMRITY কালত বেংকিং কাৰ্য কোনে চলাইছিল?

উত্তৰঃ SMRITY কালত বেংকিং কাৰ্য বৈশ্য সম্প্ৰদায়ৰ সদস্যসকলে চলাইছিল।

১৫। ১৯৩৫ চনত কি গঠন কৰা হৈছিল?

উত্তৰঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন কৰা হৈছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top