Class 11 Finance Important Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব

Class 11 Finance Important Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 11

গোট – ৪ বিভিন্ন প্রকাৰৰ বেংক হিচাব আৰু গ্রাহক
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। বেংকৰ মুখ্য কাৰ্য কি?

উত্তৰঃ জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰা আৰু বিভিন্ন ক্ষেত্ৰত ঋণ প্ৰদান কৰা।

২। বেংকে কেই ধৰণৰ জমা হিচাব ৰাখে?

উত্তৰঃ মূলত দুই ধৰণৰ জমা হিচাব ৰাখে – আদেশী জমা হিচাব আৰু ম্যাদী জমা হিচাব।

৩। সঞ্চয়ী বেংক হিচাবৰ উদ্দেশ্য কি?

উত্তৰঃ জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।

৪। চলিত জমা হিচাবত সাধাৰণতে কাক সুবিধা দিয়া হয়?

উত্তৰঃ ব্যৱসায়িক প্ৰতিষ্ঠান, কোম্পানী, আৰু ব্যৱসায়ীক ব্যক্তিসকলক সুবিধা দিয়া হয়।

৫। ম্যাদী জমা হিচাব মানে কি?

উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ বাবে টকা জমা কৰা হিচাব।

৬। স্থায়ী জমা হিচাবত টকা কেতিয়া উঠাব পাৰি?

উত্তৰঃ কেবল ম্যাদ উকলি গ’লে, নতুবা আগতীয়া জাননী দিয়াৰ পিছত উঠাব পাৰি।

৭। ATM কাৰ্ডৰ সহায়ত কি সুবিধা পোৱা যায়?

উত্তৰঃ ২৪ ঘণ্টা যিকোনো সময়ত টকা উঠাব পাৰি।

৮। চলিত জমা হিচাবত বেংকে সুত দিয়ে নে?

উত্তৰঃ নিদিয়ে, সাধাৰণতে এই হিচাবত কোনো সুত নিদিয়া হয়।

৯। Recurring Deposit হিচাবত টকা কিদৰে জমা হয়?

উত্তৰঃ Recurring Deposit হিচাবত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ টকা নিয়মিতভাৱে জমা কৰিব লাগে।

১০। Passbook ৰ ভূমিকা কি?

উত্তৰঃ গ্ৰাহকৰ লেনদেনসমূহৰ লিখিত খতিয়ান সংৰক্ষণ কৰা।

১১। Cheque Book কোন ধৰণৰ হিচাবৰ বাবে দিয়া হয়?

উত্তৰঃ সঞ্চয়ী আৰু চলিত জমা হিচাবৰ বাবে দিয়া হয়।

১২। Overdraft সুবিধা ক’ত দিয়া হয়?

উত্তৰঃ চলিত জমা হিচাবত।

১৩। Fixed Deposit ৰ বাবে বেংকে কি প্ৰদান কৰে?

উত্তৰঃ এখন স্থায়ী জমাৰ ৰছিদ (FDR) প্রদান কৰে।

১৪। সঞ্চয়ী বেংক হিচাবত ATMৰ সুবিধা কেতিয়া পোৱা যায়?

উত্তৰঃ সঞ্চয়ী বেংক হিচাবত ATMৰ সুবিধা পোৱাৰ বাবে, গ্রাহকৰ এক নিৰ্দিষ্ট পৰিমাণৰ ন্যূনতম টকা জমা থকাৰ প্ৰয়োজন হয় (প্ৰায় ₹১০০০ বা বেংকভেদে বেলেগ)।

১৫। Recurring Deposit হিচাবৰ উপযুক্ততা কাক?

উত্তৰঃ Recurring Deposit হিচাব তেনে ব্যক্তিসকলৰ বাবে উপযুক্ত, যিসকল নিয়মিতভাৱে কম আয়ে সঞ্চয় কৰিব বিচাৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top