Class 11 Finance Important Chapter 10 বেংকিং পদ্ধতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 10 বেংকিং পদ্ধতি Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.
Class 11 Finance Important Chapter 10 বেংকিং পদ্ধতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.
বেংকিং পদ্ধতি
Chapter: 10
| গোট – ৩: ভাৰতত বাণিজ্যিক বেংকিং |
| IMPORTANT QUESTION AND ANSWER |
চুটি প্রশ্ন-উত্তৰ:
১। শাখা বেংকিঙৰ অৰ্থ কি?
উত্তৰঃ এটা বেংকে বহু শাখাৰ জৰিয়তে ব্যৱসায় চলোৱা পদ্ধতি।
২। গোট বেংকিঙৰ অৰ্থ কি?
উত্তৰঃ এটা বেংকে এটা কাৰ্যালয়ৰ পৰা সীমিত এলেকাত ব্যৱসায় কৰা পদ্ধতি।
৩। থুপ বেংকিঙৰ বৈশিষ্ট্য কি?
উত্তৰঃ একাধিক স্বতন্ত্ৰ বেংক হোল্ডিং কোম্পানীৰ অধীনত থাকে।
৪। চেইন বেংকিঙৰ এক বৈশিষ্ট্য লিখা।
উত্তৰঃ হোল্ডিং কোম্পানীৰ বাহিৰে এক ব্যক্তিৰ বা গোটৰ দ্বাৰা নিয়ন্ত্রিত।
৫। Correspondent Banking পদ্ধতিৰ উদ্দেশ্য কি?
উত্তৰঃ সৰু বেংকে ডাঙৰ বেংকৰ সহায়তাৰে সেৱা আগবঢ়ায়।
৬। শাখা বেংকিঙৰ এটা সুবিধা কি?
উত্তৰঃ বিপদাশংকাৰ বিস্তৃত বিতৰণ।
৭। গোট বেংকিঙৰ এটা সুবিধা কি?
উত্তৰঃ ব্যক্তিকেন্দ্ৰিক সেৱা প্ৰদান কৰা।
৮। শাখা বেংকিঙত পুঁজিৰ প্ৰেৰণ কেনেকৈ হয়?
উত্তৰঃ স্থানান্তৰ প্ৰবিষ্টিৰ জৰিয়তে হয়।
৯। গোট বেংকিঙত সিদ্ধান্ত কেনেকৈ লোৱা হয়?
উত্তৰঃ গোট বেংকিঙত সিদ্ধান্ত স্থানীয়ভাৱে লোৱা হয় আৰু মুখ্য কাৰ্যালয়ৰ অনুমোদনৰ প্ৰয়োজন নাথাকে।
১০। থুপ বেংকিঙৰ এটা অসুবিধা কি?
উত্তৰঃ সদস্য বেংকৰ অদক্ষতাই অন্য সদস্য বেংকসমূহকো প্ৰভাৱিত কৰে।
১১। শাখা বেংকিঙৰ মুখ্য অসুবিধা কি?
উত্তৰঃ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণত অসুবিধা।
১২। চেইন বেংকিঙৰ নিয়ন্ত্ৰণ কোনে কৰে?
উত্তৰঃ এটা ব্যক্তি বা সদস্য গোটে নিয়ন্ত্ৰণ কৰে।
১৩। গোট বেংকিঙত একচেটিয়া অধিকাৰৰ সুযোগ থাকে নে?
উত্তৰঃ নাথাকে।
১৪। Correspondent Bank য়ে সাধাৰণতে ক’ত বসতি কৰে?
উত্তৰঃ বিত্তীয় কেন্দ্ৰত।
১৫। গোট বেংকিঙত সূতৰ হাৰৰ একতা থাকে নে?
উত্তৰঃ নাথাকে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


