Class 11 Education Chapter 6 আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 6 আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন and select needs one.
Class 11 Education Chapter 6 আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 6 আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন Solutions for All Subject, You can practice these here…
AHSEC Class 11 Education Solutions – শিক্ষা
11th Class SCERT Solutions for Education gives you an in-depth understanding of all the concepts. Go through the SCERT Solutions for Class IX Education Solutions to be familiar with different kinds of questions. Boost your exam preparation with the study materials provided here.
Sl. No. | Contents | Link |
Chapter 1 | শিক্ষাৰ ধাৰণা আৰু লক্ষ্য | Open |
Chapter 2 | মানুহৰ বিকাশৰ স্তৰ | Open |
Chapter 3 | বিদ্যালয় আৰু ইয়াৰ সংগঠন | Open |
Chapter 4 (ক) | শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব | Open |
Chapter 4 (খ) | মনোবিজ্ঞান আৰু শিক্ষা | Open |
Chapter 5 | মানসিক জীৱনৰ শাৰীৰিক ভেটি | Open |
Chapter 6 | মানৱ আচৰণৰ ভিত্তি সমূহ আৰু দিকদৰ্শক | Open |
Chapter 7 | স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা | Open |
আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন
পাঠ: ৬
অতি চমু প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: আচৰণ কি ? কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে ?
উত্তৰ: আমাৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ প্ৰতি মানুহে যি দৈহিক মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তেনে প্ৰতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয় । মানৱ আচৰণে সমাজৰ সদস্য হিচাপে ব্যক্তিৰ আচৰণ প্ৰণালীকে বুজায় ।মানৱ আচৰণৰ ভিত্তি প্ৰয়োজন, প্ৰেৰণা,অভিপ্ৰায়,প্ৰবৃত্তি,অনুভৱ জনিত চিন্তা,আবেগ,মানসিক জোঁট ইত্যাদি দিশৰ ওপৰত নিৰ্ভৰ কৰে ।
প্ৰশ্ন ২: প্ৰয়োজন বুলিলে কি বুজায় ? প্ৰয়োজনৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা ।
উত্তৰ: প্ৰত্যেক জীৱই কিছুমান প্ৰয়োজন অনুভৱ কৰে । প্ৰয়োজন মানেই হৈছে অৱশ্যেক । প্ৰাণীয়ে জীৱন ধাৰণৰ বাবে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু, চিন্তা-ভাৱনা, ভাৱ-অনুভূতি ইত্যাদি সকলোবোৰকে প্ৰয়োজন বুলি আখ্যা দিব পাৰি ।ব্যক্তিৰ মানসিক প্ৰয়োজনসমূহৰ শিক্ষাৰদ্বাৰা উৎকৰ্ষ সাধন কৰিব পাৰি । ব্যক্তিৰ মানসিক প্ৰয়োজনসমূহক সুৰুচিপূৰ্ণ কৰিবলৈ শিক্ষাৰ সহায় ল’বলগীয়া হয় । মানসিক প্ৰয়োজনবোৰ অধিক বিকাশশীল আৰু শিক্ষালব্ধ । ইয়াক শিক্ষাৰ প্ৰভাৱত সালসলনি কৰিব পৰা যায় ।
প্ৰশ্ন ৩: প্ৰেৰণা কি ? প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্য নিৰ্ণয় কৰা ।
উত্তৰ:প্ৰেৰণা হৈছে ব্যক্তিৰ এবিধ মানসিক অৱস্থা । ইয়াৰ অৰ্থ হৈছে উৎসাহ বা উদগতি । ব্যক্তিৰ দৈহিক আৰু মানসিক প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে কিছুমান ক্ৰিয়াশক্তিৰ প্ৰয়োজন হয়, সেই প্ৰয়োজনসমূহ পূৰাবলৈ যাওঁতে যি প্ৰস্তুতিৰ প্ৰয়োজন হয়, সেই প্ৰস্তুতিকে প্ৰেৰণা বোলে । শিক্ষা লাভ কৰিবলৈ পোৱা উৎসাহ উদ্দীপনাখিনিয়েই হ’ল প্ৰেৰণা । আমাৰ কৰ্মসমূহ ভালদৰে কৰিবলৈ প্ৰেৰণাই আমাক অনুপ্ৰাণিত কৰে । ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰয়োজনখিনি পূৰণ কৰাৰ বাবে লাভ কৰা প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্য আছে । শিক্ষাৰ সহায়ত ব্যক্তিৰ প্ৰেৰণাসমূহ সংযত,শালীন আৰু সুৰুচিপূর্ণ কৰি তুলিব পাৰি ।
প্ৰশ্ন ৪: আবেগ কি ? আবেগৰ সংজ্ঞা দিয়া ।
উত্তৰ: আমি সাধাৰণতে বাহ্য জগতৰ বিভিন্ন উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ । ফলত সংবেদন আৰু সংবোধন লাভ হয় । কিন্তু কিছুমান জটিল পৰিস্থিতি সংবেদন আৰু সংবোধন মাত্ৰাধিক অনুভূতি লাভ কৰায় । ফলত আমি অধিক ভাৱপ্ৰৱণ হৈ পৰো । মনৰ এই তীব্র অনুভূতি বা ভাৱপ্ৰবনতাকে আবেগ বুলি কোৱা হয় । যেনে – ভয়,খং, স্নেহ, বিৰক্তি ইত্যাদি । মেকডুগেল মতে আবেগ হৈছে মানসিক উত্তেজনা ভৰা আৰু বাহ্যিক প্ৰকাশ থকা একপ্ৰকাৰৰ অমাৰ্জিত আচৰণ । সাধাৰণতে দেখা যায় যে আবেগৰ বিস্তৃতি অতি ব্যাপক । আবেগে মানসিক স্থিৰতা হ্ৰাস কৰি তোলে । তাৰোপৰি প্ৰবৃত্তিক কেন্দ্ৰ কৰিহে আবেগৰ সৃষ্টি হয় । সেয়েহে ই পৰনিৰ্ভৰশীল ।
প্ৰশ্ন ৫: আবেগৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ: আবেগৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল –
(ক) আবেগৰ পৰিধি ব্যাপক আৰু প্ৰকাৰৰ উদ্দীপকৰ দ্বাৰাই ইয়াক জগাই তুলিব পাৰি ।
(খ) বিশেষ বাহ্যিক ব্যৱহাৰৰ দ্বাৰা আবেগৰ প্ৰকাশ হোৱা দেখা যায় ।
(গ) কোনো আবেগ এৰাব জাগি উঠিলে তাৰ প্ৰভাৱ বহু সময়লৈ মনত ৰৈ যায় । যেনে – আমাৰ এবাৰ খং উঠিলে সহজে সি প্ৰশমিত হ’বলৈ নিবিচাৰে ।
(ঘ) আবেগ আৰু বিচাৰ বিবেচনা পৰস্পৰ বিৰোধী ।
প্ৰশ্ন ৬: শিশুৰ শাৰীৰিক প্ৰয়োজনবোৰ উল্লেখ কৰা ।
উত্তৰ: শিশুৰ শাৰীৰিক প্ৰয়োজন যেনে সিহঁতে অনুভৱ কৰা ভোক,পিয়াহ আদি সময়মতে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে । পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ পানী,উপযুক্ত জলবায়ু, পৰিষ্কাৰ -পৰিছন্নতা শিশুৰ দৈহিক বৃদ্ধিৰ বাবে প্ৰয়োজনীয় । শিশুসকলৰ সম্পূৰ্ণ বিকাশৰ বাবে খেল-ধেমালিৰো প্ৰয়োজন । শিশুসকলৰ সুস্থ মানসিক বিকাশৰ বাবে মৰম – স্নেহ, স্বাধীনতা আৰু নিৰাপত্তাৰ প্ৰয়োজন ।
প্ৰশ্ন ৭: প্ৰয়োজনৰ লগত মানৱ আচৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা ।
উত্তৰ: প্ৰয়োজনৰ লগত মানৱ আচৰণৰ সম্পৰ্ক আছে । প্ৰয়োজনৰ বাবেই মানুহে এক বিশেষ কৰ্মপ্ৰৱণতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে । মানুহৰো কিছুমান দৈহিক প্ৰয়োজন আছে মানুহৰ দৈহিক প্ৰয়োজনসমূহ পূৰণৰ বাবে মানুহক খাদ্য,পানী আৰু অস্বস্তি ভাবৰ সৃষ্টি হয় আৰু এই প্ৰয়োজনবোৰ পূৰণৰ বাবে চেষ্টা কৰি থাকে । মানুহে আনৰ সঙ্গ বিচাৰে,জ্ঞানৰ বাবে কিতাপ পঢ়িবলৈ বিচাৰে, মৰম ভালপোৱা বিচাৰে । মানৱৰ প্ৰয়োজনৰ লগতে এনেকৈ মানৱ আচৰণ সাঙোৰ খাই থাকে ।
প্ৰশ্ন ৮: মেকডুগালে উল্লেখ কৰা যিকোনো আঠটা প্ৰবৃত্তিৰ নাম লিখা ।
উত্তৰ: কৌতুহল, যুযুৎসা,বাৎসল্য,খাদ্য অম্বেষণ,দলীয় বা যৌথ প্ৰবৃত্তি,সংগঠন প্ৰবৃত্তি,সংগ্ৰহ আৰু হাস্য প্ৰবৃত্তি ।
প্ৰশ্ন ৯: চমুটোক লিখা :
(ক) অৱদমন ।
উত্তৰ: অৱমনৰ অৰ্থ হ’ল প্ৰবৃত্তিসমূহৰ প্ৰকাশত বাধা দিয়া । কোনো প্ৰবৃত্তি অনিষ্টকাৰী বুলি ভাবিলে তাক ব্যক্তিৰ জীৱনত প্ৰকাশ হ’বলৈ নিদিয়াকৈ ৰুদ্ধ কৰি ৰাখিব পাৰি । ইয়াকে অৱদমন বুলি কোৱা হয় ।
(খ) উন্নতীকৰণ ।
উত্তৰ: প্ৰবৃত্তিক অবাঞ্চিত পথৰপৰা আঁতৰাই আনি বাঞ্চিত পথেদি পৰিচালনা কৰা কাৰ্যকে প্ৰবৃত্তিৰ পৰিশোধন বা
উন্নতিকৰণ বুলি কোৱা হয় ।
(গ) বিৰেচন ।
উত্তৰ: এই পন্থাৰ দ্বাৰা প্ৰবৃত্তিক সহজ আৰু কাৰ্য পথেদি প্ৰকাশ হ’বলৈ দি শান্ত কৰা হয় । বিভিন্ন খেলা- ধূলা,সংগীত আদিৰ সহায়ত অসুস্থ প্ৰবৃত্তিৰ তাড়নাসমূহ ব্যক্তিৰ মনৰ পৰা নাইকিয়া কৰি মানসিক অৱস্থা এক সংশোধিত ৰূপত গঢ়ি তোলে ।
(ঘ) কাৰ্যৰ অব্যৱহাৰ ।
উত্তৰ: প্ৰবৃত্তি পৰিশোধন এটা উপায় হ’ল অব্যৱহাৰ । জন্মগতভাবে লাভ কৰিলেও প্ৰবৃত্তিৰ প্ৰয়োগ বা ব্যৱহাৰ বহু পৰিমানে আমাৰ ওপৰত নিৰ্ভৰ কৰে । অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতো প্ৰবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ । গতিকে শিশু চৰিত্ৰৰপৰা প্ৰবৃত্তিৰ কোনো অবাঞ্চনীয় প্ৰভাৱ নিৰ্মূল কৰিবলৈ হ’লে সেই প্ৰবৃত্তিসমূহক প্ৰকাশৰ সুযোগ দিব নালাগে ।
প্ৰশ্ন ১০: আবেগ শব্দটো কোনটো ভাষাৰপৰা অনা হৈছে ? মূল শব্দটো কি ?
উত্তৰ: আবেগ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ Emotion শব্দটো লেটিন ভাষাৰপৰা অনা হৈছে । মূল শব্দটো হ’ল Emovare ।
প্ৰশ্ন ১১: তলত উল্লেখ কৰা প্ৰবৃত্তিবোৰৰ লগত জড়িত আবেগবোৰ উল্লেখ কৰা :
(ক) কৌতুহল
উত্তৰ: বিস্ময় ।
(খ) বশ্যতা
উত্তৰ: অধীনতা
(গ) পলায়ন
উত্তৰ: ভয়
(ঘ) অপকৰ্ষণ
উত্তৰ: বিৰক্তি বা ঘৃণা
(ঙ) বাৎসল্য
উত্তৰ: স্নেহ ।
প্ৰশ্ন ১২: আবেগ আৰু প্ৰবৃত্তিৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
উত্তৰ: প্ৰবৃত্তি আৰু আবেগ(২০০৬) : প্ৰবৃত্তি আৰু আবেগৰ মাজত সম্পৰ্ক থাকিলেও সিহঁতৰ মাজত পাৰ্থক্যও আছে । আবেগৰ অনুপস্থিতিতে সহজাত বৃত্তিমূলক কাম হ’ব পাৰে । ইয়াৰ বাহিৰেও প্ৰতিটো আৱেগ প্ৰবৃত্তিৰ লগত যুক্ত থাকিব সেয়া স্বীকাৰ কৰিব পৰা নাযায় । ধুনীয়া বা কোনো ভাৱগম্ভীৰ বস্তু দেখি যি আৱেগ অনুভূত হয় তাৰ লগত কোনো প্ৰবৃত্তি যুক্ত নাথাকে ।
যিবোৰ ক্ষেত্ৰত প্ৰবৃত্তি আৰু আৱেগ সহাৱস্থান কৰে সেইবোৰ ক্ষেত্ৰতে দুটা একে আৰু অভিন্ন নহয় । প্ৰবৃত্তি হ’ল কৰ্মমূলক : আৱেগ হ’ল অনুভূতিমূলক ।প্ৰবৃত্তিপ্ৰৱণ আৰু কৰ্মপ্ৰৱণ চাই বুজিব পাৰি ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: অভিপ্ৰায় বুলিলে কি বুজা ? ইয়াৰ বৈশিষ্ট্যকেইটা উল্লেখ কৰা ।
উত্তৰ: কোনো উদ্দেশ্য প্ৰণোদিত হ’লে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় তাকেই অভিপ্ৰায় বা প্ৰেৰণা বোলা হয় । অভিপ্ৰায়ৰ ইংৰাজ প্রতিশব্দ ‘Motive’ ৰ অর্থ হৈছে যি প্ৰাণীক কৰ্মৰ প্ৰতি উচটাই দিয়ে অৰ্থাৎ কোনো কামত প্ৰবৃত্ত হোৱাৰ মূলত যি মানসিক তাড়না,বাসনাৰ প্ৰভাৱ আৰু উদ্দেশ্য সাধনৰ আশা নিহিত হৈ থাকে তাকেই অভিপ্ৰায় বুলি ক’ব পাৰি । ই হ’ল মানুহক কাৰ্যত পৰিচালিত কৰাৰ এক অদম্য শক্তি, অভীষ্ট সিদ্ধিৰ উদ্দেশ্য সৃষ্টি হোৱা মানসিক আবেগ, লক্ষ্য সাধনৰ কাৰণে জন্মা আকাঙ্খা আৰু কাম লাভৰ কাৰণে হোৱা মানসিক প্ৰস্তুতি । উডৱৰ্থৰ ভাষাত – ‘A motive is a state or set of the individual which disposes him for certain behaviourand for seeking certain goals’. মেকডুগেলৰ মতে, ‘ অভিপ্ৰায় হ’ল প্ৰাণীৰ ভিতৰত থকা জৈৱিক আৰু মানসিক অৱস্থা বিশেষ, যি নেকি প্ৰাণীক বিশেষ ধৰণে আচৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।
মানুহৰ অভিপ্ৰেত আচৰণৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল –
(ক) অভিপ্ৰেত আচৰণৰ স্বতঃস্ফূৰ্ত আৰু মুক্ত । অভিপ্ৰায়ৰ দ্বাৰা আমি স্বতঃস্ফূৰ্তভাৱে কোনো আচৰণত লিপ্ত হওঁ ।
(খ) অভিপ্ৰেত আচৰণৰ ব্যক্তিৰ সম্পূৰ্ণ আয়ত্তৰ ভিতৰত থকা হেতুকে তাৰ সংশোধন ইচ্ছানুযায়ী কৰিব পাৰে ।
(গ) অভিপ্ৰেত কাৰ্যৰ পাতনিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয় ।
(ঘ) কোনো অভিপ্ৰেত কাৰ্যৰ পুনৰাবৃত্তি কৰি থাকিলে পিছলৈ সি অভ্যাসত পৰিণত হয় গৈ ।
(ঙ) অভিপ্ৰায় পূৰণ হ’লেই অভিপ্ৰেত কার্য সমাপ্ত হৈ যায় ।
(চ) অভিপ্ৰেত কাৰ্য আৰম্ভ হোৱাৰ আগতে মানসিক প্ৰস্তুতিৰ ভাব আহে ।
অভিপ্ৰায়ৰ সাধাৰণ ভাগকেইটা হ’ল –
(ক) দৈহিক অভিপ্ৰায়
(খ) আপাতকালীন অভিপ্ৰায়
(গ) কৃতিত্ব লাভৰ অভিপ্ৰায়
(ঘ) সামাজিক অভিপ্ৰায়
(ঙ) ব্যক্তিগত অভিপ্ৰায়
প্ৰশ্ন ২: প্ৰবৃত্তি কি ? প্ৰবৃত্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ: সহজাত প্ৰবৃত্তি হ’ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱণতা । ইংৰাজী মনোবিজ্ঞানী উইলিয়াম মেকডুগেলৰ মতে,’সহজাত প্ৰবৃত্তি হ’ল উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা জৈৱ মানসিক প্ৰৱণতা যাৰ অধিকাৰীক ই কোনো বিশেষ শ্ৰেণীভুক্ত বস্তু প্ৰত্যক্ষ কৰিবলৈ বা তাত মনোযোগ দিবলৈ, সেই বস্তুতো প্ৰত্যক্ষ কৰাৰ পাছত কোনো বিশেষ প্ৰকৃতিৰ আবেগ অনুভৱ কৰিবলৈ আৰু সেই বস্তু সম্পৰ্কে বিশেষ পদ্ধতিৰে কাম কৰাৰ প্ৰেৰণা অনুভৱ কৰিবলৈ বাধ্য কৰে ।’Instinct is an innate disposition which determines its organism to perceive any object of a certain class and to experience a certain emotional excitemer and an impulse to action which finds expression in a specific mode of behaviour in relation to that object.
সহজাত প্ৰবৃত্তিসমূহৰ বৈশিষ্ট্যবোৰ তলত বৰ্ণনা কৰা হ’ল –
(ক) সহজাত প্ৰবৃত্তি উত্তৰাধিকাৰ সূত্ৰে পোৱা । শিক্ষা- দীক্ষা বা অনুশীলনৰ দ্বাৰা সহজাত প্ৰবৃত্তি কৰিব নোৱাৰি ।
(খ) সহজাত প্ৰবৃত্তি উদ্দেশ্যধৰ্মী অৰ্থাৎ প্ৰত্যেকটো প্ৰবৃত্তিৰ আঁৰত একোটাকৈ উদ্দেশ্য নিহিত হৈ থাকে ।
(গ) সহজাত প্ৰবৃত্তি প্ৰাণীৰ জীৱন- ধাৰণ আৰু আত্মৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ।
(ঘ) সহজাত প্ৰবৃত্তিৰ মাজেদি জীৱনৰ পটুতা প্ৰকাশ পায় ।
(ঙ) প্ৰবৃত্তিয়ে সমাজ সংৰক্ষণ কৰে ।
(চ) প্ৰবৃত্তি হ’ল বিশ্বজনীন ।
(ছ) প্ৰবৃত্তিৰ লগত বুদ্ধিৰ কোনো বিশেষ সম্পৰ্ক নাথাকে ।
(জ) প্ৰবৃত্তিৰ জীৱনজোৰা প্ৰভাৱ ।
(ঝ) প্ৰবৃত্তিমূলক আচৰণ বিশেষ বিশেষ জাতিৰ ক্ষেত্ৰত বিশেষ ধৰণৰ হ’ব পাৰে ।
(ট) প্ৰবৃত্তি আৰু আৱেগৰ ভিতৰত এটি এৰাব নোৱাৰা সম্পৰ্ক আছে ।
(ঠ) প্ৰবৃত্তি নিৰ্মূল কৰিব নোৱাৰে ।
(ঢ)সহজাত প্ৰবৃত্তি অমাৰ্জিত ।
প্ৰশ্ন ৩: প্ৰবৃত্তি পৰিশোধন কৰিব পাৰিনে ? প্ৰবৃত্তি পৰিশোধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰ: প্ৰবৃত্তিসমূহৰ পৰিশোধন বা উন্নীতকৰণ কৰিব পাৰি ।
মনোবৈজ্ঞানিকসকলে মানৱ জীৱনটো সুস্থ-সবল কৰি গঢ়ি তুলিবলৈ বিভিন্ন উপায় আগবঢ়াইছে । আৰু এই উপায়সমূহ প্ৰধানকৈ অৱলম্বন কৰিব লাগে । শিক্ষানুষ্ঠানত আৰু ঘৰুৱা পৰিৱেশত । এই উপায়সমূহ তলত বৰ্ণনা কৰা হ’ল –
(ক) অৱদমন (Repression): অবদমনৰ অৰ্থ হ’ল প্ৰবৃত্তিসমূহৰ প্ৰকাশত বাধা দিয়া । কোনো প্ৰবৃত্তি অনিষ্টকাৰী বুলি ভাবিলে তাক ব্যক্তিৰ জীৱনত প্ৰকাশ হ’বলৈ নিদিয়াকৈ ৰুদ্ধ কৰি ৰাখিব পাৰি । ইয়াকে কোৱা হয় অৱদমন ।
(খ) উন্নীতকৰণ(Sublimation): প্ৰবৃত্তিক অবাঞ্ছিত পথৰ পৰা আঁতৰাই আনি বাঞ্ছিত পথেদি পৰিচালনা কৰা কাৰ্যকে প্ৰবৃত্তিৰ পৰিশোধন বা উন্নীত বুলি কোৱা হয় ।
(গ)বিৰেচনা ( Catharsis): এই পন্থাৰ দ্বাৰা প্ৰবৃত্তিক সহজ আৰু কাম্য পথেদি প্ৰকাশ হ’বলৈ দি শান্ত কৰা হয় । ফ্ৰয়দ পন্থীসকলে ইয়াক এব্ৰিত্ৰকচন বুলি অভিহিত কৰিছে ।
(ঘ) আনন্দ আৰু বেদনাৰ প্ৰয়োগ(Use of pleasure and rain): যিবিলাক প্ৰবৃত্তিৰ ফল সুখময় আৰু আনন্দময় হয় তেনেবোৰ প্ৰবৃত্তি জীৱই পুনৰাবৃত্তি কৰিবলৈ প্ৰেৰণা পায় । আনহাতে দুখজনক ফল পালে তেনে প্ৰবৃত্তি পুনৰাবৃত্তি কৰিবলৈ জীৱৰ অন্তৰত উৎসাহ নেথাকে । শিক্ষানুষ্ঠানত শাস্তি আৰু পুৰস্কাৰ প্ৰদান কৰাৰ মূলতে থাকে এই আনন্দ বেদনা নীতিসমূহ । ছাত্ৰ -ছাত্ৰীক ভাল কামৰ কাৰণে পুৰস্কৃত কৰি তেনে আচৰণ ভৱিষ্যত পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত কৰে হয় ।
(ঙ) পূৰ্ণ স্বাধীনতা ( Complete freedom): আমাৰ সহজাত প্ৰবৃত্তিসমূহৰ পৰিশোধনৰ কাৰণে এক বাধাহীন মুক্ত পৰিৱেশৰ প্ৰয়োজন । এই কথা মনীষী ৰুছোকে ধৰি বৰ্তমানৰো অনেক শিক্ষাবিদে স্বীকাৰ কৰিছে । কিয়নো জন্মগত প্ৰবৃত্তিবোৰ গাৰ বলেৰে দমন কৰিব নোৱাৰি । তেনে কৰিবলৈ গ’লে শিশুৰ মানসিক জীৱনত খেলিমেলিৰ সৃষ্টি হয় । আৰু আত্মবিশ্বাস হেৰুৱাই সি সমস্যাৰ সৃষ্টি কৰে । আনহাতে এটা মুক্ত পৰিবেশত প্ৰবৃত্তিৰ প্ৰকাশৰ সুযোগ পালে তাৰ মানসিক জীৱনৰ সুস্থতা অব্যাহত থাকে আৰু উত্তৰোত্তৰ উন্নতি হয় ।
অব্যৱহাৰ (Disuse): প্ৰবৃত্তি পৰিশোধনৰ আন এটা উপায় হ’ল অব্যৱহাৰ । জন্মগতভাৱে লাভ কৰিলেও প্ৰবৃত্তিৰ প্ৰয়োগ বা ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে । অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতো প্ৰবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ । গতিকে শিশু চৰিত্ৰৰ পৰা প্ৰবৃত্তিৰ কোনো অবাঞ্চনীয় প্ৰভাৱ নিৰ্মূল কৰিবলৈ হ’লে সেই প্ৰবৃত্তিসমূহক প্ৰকাশৰ সুযোগ দিব নেলাগে ।
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.