Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা and select needs one.

Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Solutions for All Subject, You can practice these here…

AHSEC Class 11 Education Solutions – শিক্ষা

11th Class SCERT Solutions for Education gives you an in-depth understanding of all the concepts. Go through the SCERT Solutions for Class IX Education Solutions to be familiar with different kinds of questions. Boost your exam preparation with the study materials provided here.

Sl. No.ContentsLink
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্যOpen
Chapter 2মানুহৰ বিকাশৰ স্তৰOpen
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠনOpen
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Open
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষাOpen
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটিOpen
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Open
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা
Open

স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

পাঠ: ৭

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন (১): ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থাৰ এটি চমু আভাস দিয়া ।

উত্তৰ : অতীতত কিছুমান বিদ্যানুৰাগী লোকে নিজ গৃহতে ছাত্ৰসকলক জীৱনৰ প্ৰয়োজনীয় শিক্ষা দিছিল যাক ‘গুৰুকুল’প্ৰথা বুলি জনা যায়। ইয়াৰ পিছতে পুৰণি দেশীয় শিক্ষা ব্যৱস্থাত পাঠশালা আৰু মাদ্ৰাছাৰ প্ৰচলন আছিল । হিন্দুৰ পাঠশালা আৰু মুছলমানসকলৰ মাদ্ৰাছা আছিল শিক্ষাৰ স্থান । পাঠশালা ব্ৰাহ্মণ পণ্ডিতে আৰু মাদ্ৰাছা মৌলবীসকলে পৰিচালনা কৰিছিল । ধৰ্মৰ ভিত্তিত স্থাপন কৰা এই স্কুলবিলাক মন্দিৰ,মছজিদ আৰু ইয়াৰ ওচৰে-পাজৰে থকা সুবিধাজনক ঠাইত স্থাপন কৰিছিল । হিন্দুৰ পাঠশালাত সংস্কৃত ভাষা আৰু মুছলমানৰ মাদ্ৰাছত আৰবী আৰু পাৰ্চি ভাষাৰ মাধ্যমেৰে পণ্ডিত আৰু মৌলবীসকলে শিক্ষাদান কৰিছিল । এই শিক্ষানুষ্ঠানসমূহ কিন্তু সাৰ্বজনীন নাছিল । উচ্চ পৰ্যায়ৰ লোকৰ ল’ৰাকহে ইয়াত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।

প্ৰশ্ন(২): ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ মূল দফটো কি ?

উত্তৰ : ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তিত কৰা হ’ল আৰু এই চনদত পাৰ্লিয়ামেণ্ট এই মৰ্মে এটা দফা সন্নিবিষ্ট কৰিলে যে ‘এতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্যৰ পুনৰুত্থান আৰু উন্নতিৰ কাৰণে শিক্ষিত ভাৰতীয়সকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ টকা আছুটীয়াকৈ ৰখা হ’ব ।

প্ৰশ্ন(৩) : উদৰ ঘোষণাপত্ৰখনক মূল পৰামৰ্শসমূহৰ বিষয়ে লিখা ।

উত্তৰ : উদৰ ঘোষণাপত্ৰই বিভিন্ন দিশত নিৰ্দেশনা দি শিক্ষাৰ উন্নতি সাধন কৰাৰ ব্যৱস্থা কৰিলে । সেয়েহে এই ঘোষণাপত্ৰখনক ভাৰতীয় শিক্ষাৰ বিশেষ চনদ বা ‘মেগ্নাকাৰ্টা বুলি কোৱা হয় । কৰি থলুৱা-নৃত্যগীতৰ চৰ্চা কৰি, ভাওনা-সবাহৰ মাধ্যমত অশিক্ষিত ৰাইজৰ মাজত নানভাৱে শিক্ষাৰ পোহৰ বিতৰণ কৰাত বৰঙণি যোগাইছিল । ডাঙৰ সত্ৰবোৰত আগতে সংস্কৃত টোলো একোখন আছিল । সামাজিক আৰু সাংস্কৃতিক দিশতো সত্ৰৰ ভূমিকা উল্লেখনীয় আছিল । সত্ৰীয়া সংগীত, সত্ৰীয়া নৃত্য, সত্ৰীয়া ভাওনা-সবাহ উৎসৱ অনুষ্ঠানৰ প্ৰত্যক্ষ আৰু পৰোক্ষ শৈক্ষিক প্ৰভাৱৰ দ্বাৰা গোটেই অসমীয়া জাতি প্ৰভাৱান্বিত হৈছিল আৰু এতিয়াও এই প্ৰভাৱ একেবাৰে নিঃশেষ হৈ যোৱা নাই । ব্যক্তিগত অভ্যাস গঠন আৰু নৈতিক চৰিত্ৰৰ বিকাশ,সংযম,পৰিশ্ৰমৰ মাজেদি আদর্শ ব্যক্তিত্বৰ গঢ় দিয়াত অতীজৰেপৰা সত্ৰবোৰৰ অৱদান বিশেষভাৱে    লক্ষ্যণীয় ।

ড° সত্যেদ্ৰ  নাথ শৰ্মাৰ ভাষাত ১৬ শতিকাৰ আৰম্ভণিৰ পৰা ইংৰাজসকল দেশলৈ অহাৰ আগলৈকে সুকুমাৰ কলা, চিত্ৰ ভাস্কৰ্য,শিক্ষা সকলোকে সামৰি অসমৰ সংস্কৃতিক বুৰঞ্জী সত্ৰবোৰক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল ।(The cultural history of Assam in respect of the time arts, crafts, education, and learning since the beginning of 16th century till the advent of the British largely developed centering round the vaishnavite movement which in turn found expression through the satra institution ).

(ঙ) মকতাব 

উত্তৰ : মধ্যযুগত প্ৰাথমিক শিক্ষাৰ অনুষ্ঠানিক শিক্ষানুষ্ঠান আছিল মকতাব বা মোক্তাব । এই শিক্ষাত পবিত্ৰ কোৰাণক আগস্থান দিয়া হৈছিল । ইয়াত মৌলবীসকলে শিক্ষাদান কৰিছিল । শিক্ষাৰ্থীসকলক ‘বিচমিল্লা’ নামৰ এটি অনুষ্ঠানৰ মাধ্যমত ইয়াত নামভৰ্তি কৰা হৈছিল । ইয়াত শিক্ষাৰ্থীসকলক চাৰি বছৰ চাৰি মাহ আৰু চাৰি দিনত নামভৰ্তি কৰা হৈছিল । ইয়াত তেওঁলোকক পঢ়িবলৈ দিয়াৰ লগতে আৰবী আৰু পাৰ্চী ভাষাৰে লিখিবলৈ দিয়া হৈছিল । মকতাববোৰত শুদ্ধ উচ্চাৰণ আৰু আখৰ ভাল কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । সাধাৰণতে মোক্তাববোৰ মছজিদৰ লগত একেলগে স্থাপন কৰা হৈছিল ।

(চ) মাদ্ৰাছা

উত্তৰ: মাদ্ৰাছা হ’ল মুছলমান শিক্ষা ব্যৱস্থাৰ পুৰণি শিক্ষানুষ্ঠান । ইয়াৰ মাধ্যমত উচ্চ পৰ্যায়ৰ ইছলাম ধাৰণাৰ শিক্ষা দিয়া হৈছিল । মোক্তাবত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি শিক্ষাৰ্থীসকলে  মাদ্ৰাছাবোৰত নামভৰ্ত্তি কৰিছিল । মাদ্ৰাছাবোৰত শিক্ষাৰ্থীসকলৰ থকাৰ উদ্দেশ্যে কিছুমান ছাত্ৰাবাস গঢ়ি তোলা হৈছিল আৰু ইয়াৰ খৰছ ৰাষ্ট্ৰই বহন কৰিছিল । মাদ্ৰাছাবোৰত উচ্চ শিক্ষা দুটা পৰ্যায়ত দিয়াৰ ব্যৱস্থা আছিল এবিধ ধৰ্মনিৰপেক্ষ আৰু আনবিধ আছিল ধৰ্মীয় শিক্ষা । ইয়াত পাৰ্চি ভাষা শিক্ষাৰ মাধ্যম আছিল যদিও ইয়াত আৰবী অধ্যয়ন বাধ্যতামূলক আছিল ।

(ছ) শ্ৰীৰামপুৰ ত্রয়

উত্তৰ : ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মিচনেৰীসকলে তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল । কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰ নামৰ ঠাইত ‘কেৰী’ নামৰ এজন ধৰ্মযাজক ‘ওৱাৰ্ড’ নামৰ এজন আৰু ‘মাৰ্চ্চমেন’ নামৰ এজন শিক্ষকে একেলগে হৈ প্ৰায় ৪০ বছৰ কাল শিক্ষা বিস্তাৰৰ কৰ্মত ব্ৰতী হৈ আছিল । তেওঁলোকক ‘শ্ৰীৰামপুৰ ত্ৰয়’ নামে জনা যায় । তেওঁলোকে কলিকতাৰ ওচৰে-পাজৰে প্ৰাথমিক স্কুল স্থাপন কৰে আৰু লগতে ছপাশালা স্থাপন কৰি বাইবেল গ্ৰন্থখন  আঞ্চলিক ভাষালৈ অনুবাদ কৰে । 

প্ৰশ্ন(২): চমুকৈ লিখা :

(ক) চাৰ্টাৰ অইন ১৮১৩

উত্তৰ : ইংৰাজ শাসন শ্ৰেণীয়ে মিছনাৰীসকলৰ ধৰ্ম আৰু শিক্ষা প্ৰচাৰৰ কাৰ্যত বাধা নিষেধ আৰোপ কৰাত ইংলেণ্ডত একশ্ৰেণীৰ লোকে তীব্ৰ বিৰোধিতা আৰু বাক-বিতণ্ডা কৰিছিল ।

আনহাতে, ভাৰতবৰ্ষত ইংৰাজ শাসনৰ ভেটি যথেষ্ট সুদৃঢ় হোৱাত শাসনসকলে শিক্ষা বিস্তাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰশ্নও উঠিল । প্ৰাচ্যপন্থী, পাশ্চাত্যপন্থী আৰু চৰকাৰ তিনিওটা দলক সন্তুষ্ট কৰিবলৈ চেষ্টা চলিছিল ।

১৮১৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তীত কৰা হ’ল আৰু এই চনদত পাৰ্লিয়ামেণ্টে এই মৰ্মে এটা দফা সন্নিৱিষ্ট কৰিলে যে ” এতিয়াৰ পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্যৰ পুনৰুত্থান আৰু উন্নতিৰ কাৰণে শিক্ষিত ভাৰতীয়সকলে উৎসাহিত কৰিবৰ কাৰণে আৰু ইংৰাজসকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ টকা আছুটীয়াকৈ ৰখা হ’ব । এই চনদ প্ৰৱৰ্তীত হোৱাৰ ফলত ভাৰতৰ শিক্ষাৰ ইতিহাসত এক নতুন অধ্যায়ৰ  সূচনা হ’ল আৰু আমাৰ দেশৰ শিক্ষাই এক সুস্পষ্ট আকাৰ ধাৰণা কৰিলে । তদুপৰি এই আইনেই শিক্ষাৰ ক্ষেত্ৰত সৰ্বপ্ৰথম চৰকাৰী অৰ্থ মঞ্জুৰ কৰাটো প্ৰৱৰ্তন কৰিলে । মিছনেৰিসকলৰ অপ্ৰাণ প্ৰচেষ্টাৰ ফলতেই এইদৰে বিদেশী চৰকাৰে দেশৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ।

১৮১৩ চনৰ ইংৰাজ কৰ্মচাৰী চানদে চাৰ্লচ গ্ৰান্টৰ প্ৰস্তাৱ আংশিকভাৱে হ’লেও মানি লোৱাত মিছনেৰিসকলে ধৰ্ম প্ৰচাৰ আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত ভালেখিনি স্বাধীনতা লাভ কৰিলে । সেয়েহে তেওঁলোক পুথি প্ৰকাশ, অনাথ আশ্ৰয় প্ৰতিষ্ঠা, নাৰী শিক্ষাৰ বিস্তাৰ আদি কামত পূৰ্ণোদ্যমে লাগি গ’ল । ইতিমধ্যে ইংৰাজী শিক্ষাৰ প্ৰতি দেশত এটি অনুকূল বাতাবৰণৰ সৃষ্টি হৈছিল আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান প্ৰবৃত্তি সকলো শ্ৰেণীৰ লোকে মিছনেৰীসকলৰ কাম-কাজৰ প্ৰতি কোনো সন্দেহৰ ভাব-কাজত পূৰ্ণ সমৰ্থন দিছিল । সেয়েহে মিছনেৰীসকলে এই অনুকূল পৰিবেশত শিক্ষাবিস্তাৰৰ ক্ষেত্ৰত নতুন নতুন আঁচনি হাতত লোৱা দেখা গৈছিল । ভাৰতীয় নাৰীৰ শিক্ষাৰ বাবে মিছনেৰীসকলে ঘৰে ঘৰে গৈ ব্যাপক প্ৰচাৰ আৰু বাস্তৱ ব্যৱস্থা হাতত হৈছিল ।

(খ) প্ৰাচ্য পাশ্চাত্যৰ বিবাদ 

উত্তৰ : ১৮১৩ চনত ইষ্ট কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তীত কৰা হ’ল আৰু এই চনদ পাৰ্লিয়ামেণ্টে এই মৰ্মে এটা দফা সন্নিৱিষ্ট কৰিলে যে ” এতিয়াৰ পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্যৰ পুনৰুত্থান আৰু উন্নতিৰ কাৰণে শিক্ষিত ভাৰতীয়সকলক উৎসাহিত কৰিবৰ কাৰণে আৰু ইংৰাজসকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ টকা আছুটীয়াকৈ ৰখা হ’ব । এই লৈয়ে প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীসকলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল । পশ্চিমীয়া শিক্ষাত বিশ্বাস থকাসকলক পাশ্চাত্যপন্থী আৰু দেশীয় শিক্ষাত বিশ্বাস থকাসকলক প্ৰাচ্যপন্থী বোলা হৈছিল । এই দুয়োদলৰ বিবাদকে প্ৰাচ্য পাশ্চাত্য বিবাদ বুলি কোৱা হয় । শিক্ষাৰ কেইবাটাও বিশেষ ক্ষেত্ৰত এওঁলোকৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল । এই মতানৈক্যৰ বিষয়সমূহ আছিল –

(a) শিক্ষাৰ উদ্দেশ্য কি কোৱা উচিত ?

(b) শিক্ষাৰ দায়িত্বভাৰ কোনে লোৱা উচিত ?

(c)  শিক্ষাদানৰ মাধ্যম কি কোৱা উচিত ?

(d) শিক্ষাৰ পদ্ধতি কি কোৱা উচিত ?

(গ) মেকলেৰ প্ৰতিবেদন

উত্তৰ : পাশ্চাত্যৰ বাক-বিতণ্ডাৰ বিষয়টো কাৰ্যকৰী সমিতিত দাখিল কৰা হ’ল আৰু ইয়াৰ আইন সদস্য হিচাপে লৰ্ড মেকলেই বিতৰ্কৰ অন্ত কৰি ১৮৩৫ চনত এখন প্ৰতিবেদন দাঙি ধৰিলে ।

শিক্ষাৰ মাধ্যম প্ৰসঙ্গত মেকলেই স্পষ্টভাবে ঘোষণা কৰিলে যে শিক্ষাৰ মাধ্যম ইংৰাজী হ’ব লাগে । এই প্ৰতিবেদনত তেওঁ প্ৰথমে ১৮৩১ চনৰ চনদৰ ৪৩ নং ধাৰণাটো ব্যাখ্যা কৰি কৈছিল যে চনদত থকা  ‘সাহিত্য’ শব্দটোবে সংস্কৃত সাহিত্যৰ কথাহে নুবুজায়, ইংৰাজী সাহিত্যৰ কথাহে বুজায়, দ্বিতীয়তে শিক্ষিত ভাৰতীয় বুলিলে যি সকল লোকে লকৰ দৰ্শন আৰু মিণ্টনৰ কাব্যৰ জ্ঞান আহৰণ কৰিছে সেইসকলহে বুজা যায়,তৃতীয়তে ‘জ্ঞান বিজ্ঞান শিক্ষাৰ উৎস সঞ্চাৰ’ কৰাৰ অৰ্থ হ’ল ইংৰাজী ভাষাৰ মাধ্যমত পাশ্চাত্য জ্ঞান বিজ্ঞানৰ বিস্তাৰ কৰা ।

মেকলেৰ প্ৰতিবেদনত যিকেইটা দখল স্পষ্টভাৱে ঘোষণা কৰা হৈছিল সেইকেইটা হ’ল –

(ক) ইংৰাজী ভাষাৰ প্ৰৱৰ্তন ।

(খ) পশ্চিমীয়া জ্ঞান বিজ্ঞানৰ প্ৰচাৰ ।

(গ) দেশীয় শিক্ষানুষ্ঠানলৈ অনুদান বন্ধ কৰা ।

(ঘ) ইংৰাজী বিদ্যালয়লৈ বৰ্দ্ধিত অনুদানৰ ব্যৱস্থা কৰা ।

(ঙ) নিম্ন প্ৰতিশ্ৰুত নীতিৰ প্ৰৱৰ্তন আদি ।

(ঘ) নিম্নমুখী পৰিস্ৰাৱন নীতি 

উত্তৰ : প্ৰাচ্য-পাশ্চাত্যৰ বিবাদৰ সময়চোৱাত শিক্ষাদানৰ ব্যৱস্থা সম্বন্ধে এদল লোকে বিচাৰিছিল যে উচ্চ শ্ৰেণীৰ কেইজনমান লোকক শিক্ষা দি সেই শিক্ষা জনসাধাৰণৰ মাজলৈ বিয়পাই দিব লাগে । উচ্চৰ পৰা নিম্নলৈ শিক্ষা দিয়া বাবে এই নীতিটোক ‘নিম্ন প্ৰতিশ্ৰুত নীতি’ বা ‘নিম্নমুখী পৰিস্ৰাৱন নীতি’ বুলি জনা যায় ।

প্ৰশ্ন(৩): উদৰ ঘোষণাপত্ৰ মূল পৰামশসমূহৰ বিষয়ে লিখা ।

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালনা সমিতিৰ অধ্যক্ষ চাৰ্লচ উডে ১৮৫৮ চনত ইংলণ্ডৰ পাৰ্লিয়ামেণ্টৰ ওপৰত ভাৰতৰ শিক্ষা সম্পৰ্কে এখন  প্ৰতিবেদন দাখিল কৰে । তাত প্ৰাথমিক শিক্ষাৰ সম্পৰ্কে তেওঁ কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । সেইবোৰ তলত উল্লেখ কৰা হ’ল –

(ক) প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ সম্পৰ্কত উডে প্ৰাচ্যৰ মত সহানুভূতিৰে বিবেচনা কৰে ।

(খ) চৰকাৰে দেশৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা তেওঁ গভীৰভাৱে অনুভৱ কৰে ।

(গ) সংস্কৃত, আৰৱী,পাৰ্চি আদি পুৰণি ভাষাসমূহ শিক্ষানুষ্ঠাত নিয়মত নিয়মিত অধ্যয়নৰ অনুমোদন কৰা হয় ।

(ঘ) সমগ্ৰ শিক্ষা ব্যৱস্থাৰ মাজত সমন্বয় ৰক্ষাৰ বাবে তিনিটা পৰ্যায়কৰণৰ পৰামৰ্শ দিয়া হয় আৰু পূৰ্বৰ অৱহেলিত পুৰণি দেশীয় প্ৰাথমিক স্কুলবোৰকো তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হয় ।

(ঙ) শিক্ষাৰ ক্ষেত্ৰত মেকলেৰ নিম্ন পৰিশ্ৰাৱন নীতি পৰিহাৰ কৰি সৰ্বসাধাৰণ লোকৰ প্ৰাথমিক শিক্ষাৰ ওপৰত জোৰ দিয়া হয় ।

(চ) প্ৰাথমিক শিক্ষাৰ প্ৰতি সৰ্বসাধাৰণ লোকক উৎসাহ যোগাবলৈ লিখিব-পঢ়িব জনা লোকক কৰ্ম নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়া হয় ।

(ছ) ধৰ্ম নিৰপেক্ষ হিচাপে চলোৱা প্ৰাথমিক শিক্ষানুষ্ঠানক চৰকাৰে সহায়ক অনুদান দিবলৈ পৰামৰ্শ দিয়া হয় ।

(জ) এইবোৰ স্কুল পৰিচালনা সমিতি থাকিব লাগে আৰু চৰকাৰৰ পৰিদৰ্শনৰ সাপেক্ষে হ’ব লাগে ।

(ঝ) ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সামান্যভাৱে হ’লেও মাচুল লোৱাৰ ব্যৱস্থা কৰিব    লাগে ।

(ঞ) চৰকাৰী অনুদান পোৱা স্কুলৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্ন(৪): ১৮৮২ চনৰ হান্টাৰ আয়োগে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল ? বৰ্ণনা কৰা ।

উত্তৰ : ভাৰতৰ প্ৰাথমিক শিক্ষাৰ ওপৰত ‘হান্টাৰ আয়োগে’ অধিক গুৰুত্ব দিছিল ।প্ৰাথমিক শিক্ষাক জ’ন শিক্ষা ৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছিল । ১৮৫৪ চনৰ পৰা ১৮৮২ চনলৈকে প্ৰাথমিক শিক্ষাৰ উন্নতি নোহোৱাত চৰকাৰে আয়োগক এই শিক্ষাৰ ওপৰত বিশেষভাবে মনোযোগ দিবলৈ নিৰ্দেশ দিছিল । প্ৰাথমিক শিক্ষাৰ বিকাশৰ উদ্দেশ্যে আয়োগে আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে –

(ক) প্ৰাথমিক শিক্ষা নীতি : প্ৰাথমিক শিক্ষা নীতি সম্পৰ্কে আয়োগে আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে –

(a)  ভাৰতৰ জ’ন সাধাৰণৰ মাজত উপযোগিতামূলক শিক্ষাৰ বিস্তাৰ কৰাটো প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্য হ’ব লাগে ।

(b) ভাৰতৰ প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে ।

(c) ভাৰতৰ প্রাথমিক শিক্ষাক চৰকাৰে দেশৰ জনসাধাৰণৰ শিক্ষা পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰিব   লাগে ।

(d) শিক্ষানুষ্ঠানৰ নিম্ন বৰ্গৰ চাকৰিৰ বাবে শিক্ষিত লোককহে প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিব লাগে ।

(e) ভাৰতৰ প্ৰাথমিক শিক্ষাই সৰ্বসাধাৰণ লোকৰ আত্ম নিৰ্ভৰশীল হ’বলৈ শিক্ষা প্ৰদান কৰিব লাগে ।

(f) দেশৰ প্ৰাথমিক শিক্ষা পিছপৰা অঞ্চলবোৰলৈ সম্প্ৰসাৰিত কৰিব লাগিব ।

(খ) প্ৰাথমিক শিক্ষাৰ প্ৰশাসন : ভাৰতৰ শিক্ষা আয়োগে প্ৰাথমিক শিক্ষাৰ প্ৰশাসনৰ সম্পৰ্কত আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে-

(a) প্ৰাথমিক শিক্ষাৰ প্ৰশাসনীয় দায়িত্ব মিউনিচিপেলিটি আৰু লোকেল ৱৰ্ড আদি স্থানীয় কৰ্তৃপক্ষবোৰক দিব লাগে ।

(b) চৰকাৰে প্ৰাথমিক শিক্ষাৰ দায়িত্বৰ পৰা  অব্যাহতি  ল’ব লাগে ।

(c) এই বোৰ্ডসমূহে নিজৰ এলেকাত প্ৰাথমিক শিক্ষাৰ বিত্তীয়,পৰিদৰ্শন,পৰিচালনা আৰু সম্প্ৰসাৰণ আদিৰ ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(d) পাঠ্যক্ৰম প্ৰস্তুত কৰিবৰ বাবে প্ৰদেশসমূহক দায়িত্ব দিব লাগে ।

(e)  দেশৰ সকলো ৰাজ্যৰ ছাত্ৰৰ পৰীক্ষা আৰু উত্তীৰ্ণৰ নীতি একে মানৰ হ’ব    নালাগে ।

(গ) প্ৰাথমিক বিদ্যালয় পৰিচালনা : প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় পৰিচালনা সম্পৰ্কত আয়োগে আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে –

(a)  দেশৰ প্ৰাথমিক বিদ্যালয় খোলা আৰু বন্ধৰ সময় ঋতু অনুসৰি নিৰ্ণয় কৰিব লাগে ।

(b) নিৰ্দিষ্ট সময়ত বিদ্যালয়বিলাক পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগে ।

(c)  প্ৰাথমিক পৰ্যায়ৰ শিক্ষাদান মাতৃভাষাৰ মাধ্যমত হ’ব লাগে ।

(d)  দেশৰ সকলো প্ৰদেশৰ বাবে শিক্ষা দান একক মানৰ নহৈ স্থানীয় পৰিৱেশৰ ওপৰত ভিত্তি কৰি কৰিব লাগে ।

(e) দেশৰ প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰম নিৰ্বাচনৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনাৰ পূৰ্ণ স্বাধীনতা থাকিব লাগে ।

(f)  এই স্তৰৰ পাঠ্যক্ৰমত শৰীৰ বিজ্ঞান,কৃষি,চিকিৎসা, পাটি গণিত আদি বিষয় অন্তৰ্ভুক্ত কৰিব লাগে ।

(ঘ) প্ৰাথমিক শিক্ষাৰ অৰ্থসংগ্ৰহ সম্পৰ্কত আয়োগে আগবঢ়োৱা উল্লেখযোগ্য পৰামৰ্শ সমূহ হৈছে –

(a) দেশৰ জিলা বোৰ্ড আৰু মিউনিচিপলিটি বোৰ্ডবোৰে প্ৰাথমিক শিক্ষাৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিব লাগিব ।

(b) স্থানীয় কৰ্তৃপক্ষবোৰৰ আৰ্থিক ব্যয়ৰ ১/৩ অংশ ৰাজ্যিক চৰকাৰে বহন কৰিব লাগে ।

(c) গাঁও আৰু নগৰৰ বিদ্যালয়ৰ বাবে এক পৃথক পুঁজিৰ ব্যৱস্থা কৰিব লাগে ।

(d) স্থানীয় পুঁজি মাধ্যমিক বা কলেজীয়া শিক্ষাত নহয় কেৱল প্ৰাথমিক শিক্ষাত খৰচ কৰিব পাৰিব ।

(e) আর্থিকভাৱে দুৰ্দশাগ্ৰস্ত ছাত্ৰৰ বাদে সকলোৰে পৰা মাচুল ল’ব লাগিব ।

(f) দেশৰ প্ৰাথমিক শিক্ষাত ফলাফলৰ ভিত্তিত অনুদান দিয়াৰ নীতি গ্ৰহণ কৰিব লাগে ।

(g) প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ আৰু মেৰামতিৰ সকলো খৰচ লোকেল বোৰ্ড আৰু মিউনিচিপেলিটি বোৰ্ডে বহন   কৰিব ।

(ঙ) প্ৰাথমিক শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ : হান্টাৰ আয়োগে দেশৰ প্ৰাথমিক শিক্ষাৰ শিক্ষক প্ৰশিক্ষণৰ ওপৰত আগবঢ়োৱা বিভিন্ন পৰামৰ্শসমূহ হৈছে –

(a) দেশৰ প্ৰাথমিক স্কুলৰ শিক্ষক প্ৰশিক্ষণৰ বাবে নিৰ্দিষ্ট ঠাইত ‘নৰ্মাল স্কূল’ স্থাপন কৰিব লাগে ।

(b) দেশৰ শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা পুঁজিৰ পৰা ৰাজ্য চৰকাৰে নৰ্মাল স্কুল স্থাপন কৰিব ।

(c) এই নৰ্মাল স্কুলবোৰৰ পৰিচালনাৰ দায়িত্ব পৰিদৰ্শসকলক দিব লাগে ।

(d) দেশৰ শিক্ষা বিভাগৰ অনুমোদন অনুযায়ী জিলা বোৰ্ডবোৰৰ দ্বাৰা শিক্ষকসকল নিযুক্তি প্ৰাপ্ত হ’ব লাগিব ।

(চ) প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম : প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম সম্বন্ধে এই আয়োগে আগবঢ়োৱা পৰামৰ্শ সমূহ হৈছে –

(a) দেশৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত কৃষি,প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান,গণিত আৰু জোখ-মাখ আদি অন্তৰ্ভুক্ত কৰিব লাগে ।

(b) বিভিন্ন খেল-ধূলাৰ মাজেৰে শিক্ষাৰ্থীসকলক শাৰীৰিক শিক্ষা দিব লাগে ।

(c) দেশৰ স্থানীয় লোক সকলৰ প্ৰয়োজন হোৱা বিষয় শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে ।

(d) শিক্ষাৰ্থীসকলৰ জীৱনৰ নৈতিক মানদণ্ড উন্নত কৰিব পৰা বিষয় অন্তৰ্ভুক্ত কৰিব লাগে ।

(ছ) দেশীয় প্ৰাথমিক বিদ্যালয় : দেশীয় প্ৰাথমিক বিদ্যালয়ৰ সম্পৰ্কত আয়োগে কেইবাটাও পৰামৰ্শ আগবঢ়ায় সেই পৰামৰ্শসমূহ হৈছে –

(a) দেশৰ জিলা বোৰ্ড আৰু মিউনিচিপালিটি বোৰ্ডে দেশীয় বিদ্যালয় পৰিচালনাৰ দায়িত্ব ল’ব ।

(b) প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰণয়নৰ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব  নালাগিব ।

(c) প্ৰাথমিক পৰ্যায়ত পৰীক্ষাৰ ফলাফল ভিত্তিত অনুদান দিয়াৰ ব্যৱস্থা থাকিব ।

(d)  দেশীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাক উৎসাহিত কৰিব লাগিব ।

(e) অনুদান ব্যৱস্থাৰ জৰিয়তে দৰকাৰী বিষয়সমূহ প্ৰৱৰ্তনত উৎসাহ যোগাব লাগিব । ভাৰতত হান্টাৰ আয়োগে প্ৰাথমিক শিক্ষাৰ সকলোবোৰ দিশক সামৰি নিজা পৰামৰ্শ আগবঢ়াইছিল । আয়োগে ভাবিছিল যে এই পৰামৰ্শই প্ৰাথমিক শিক্ষাৰ বিকাশ ঘটাব । কিন্তু কাৰ্যত সেইয়া হৈ নুঠিল । ১৮৮৬ চনৰ পৰা ১৯০২ চনৰ সমীক্ষাৰ পৰা প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি দেখা পোৱা নগ’ল ।প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ’ল যদিও আগ্ৰগতি একেবাৰে নহ’ল । ইয়াৰ কাৰণ হ’ল এই শিক্ষাৰ প্ৰতি চৰকাৰী অৱহেলা আৰু অৰ্থৰ নাটনি । বহুত এলেকাত জনসাধাৰণ শিক্ষাৰ প্ৰতি একেবাৰে উদাসীন আছিল । দেশীয় লোকৰ হাতত শিক্ষাৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল যদিও ইয়াৰ পৰা সুফল পোৱা নাছিল । স্থানীয় প্ৰতিষ্ঠানসমূহৰ অভিজ্ঞতা আৰু শক্তি সীমিত আছিল, সেয়ে প্ৰাথমিক শিক্ষাবোৰ্ড সমূহৰ ব্যৰ্থতাই এই শিক্ষাৰ আগ্ৰগতি ৰোধ কৰিলে । প্ৰাথমিক শিক্ষালৈ যোগান ধৰা পুঁজিৰ পৰিমাণে পৰ্যাপ্ত নাছিল । এই ক্ষেত্ৰত প্ৰাদেশিক চৰকাৰবোৰৰ কোনো স্পষ্ট নীতি নাছিল । আনহাতে পৰীক্ষাৰ ফলাফলৰ ভিত্তিত সাহায্য প্ৰদান কৰা নীতিৰ নিৰ্দেশতো শিক্ষা আয়োগৰ কিছুমান ভুল আছিল । এনে ধৰণৰ ব্যৱস্থাই শিক্ষাক অতি পৰিশামুখী কৰি তুলিছিল ।

Sl. No.Contents
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter 2মানুহৰ বিকাশৰ স্তৰ
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠন
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষা
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটি
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা

প্ৰশ্ন(৫): লৰ্ড কাৰ্জনৰ শিক্ষানীতিৰ চমু বৰ্ণনা কৰা ।

উত্তৰ : চেদলাৰ আয়োগৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শাৱলীৰ ক্ষেত্ৰত কি সুফল লাভ কৰিবলৈ সমৰ্থবান  হৈছিল । সফলতা লাভ কৰা দিশসমূহ –

(ক) উচ্চ শিক্ষাত সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰাটো এই আয়োগৰ পৰামৰ্শ ফলতেই সম্ভৱ হ’ল । ফলত ভাৰতৰ প্ৰায়বোৰ দেশতে বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল আৰু উচ্চ শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ’ল ।

(খ) আয়োগৰ পৰামৰ্শৰ ভিত্তিতেই বিশ্ববিদ্যালয় সমূহ শিক্ষকৰ আবাসিক স্থান, শিক্ষা আৰু উচ্চ শিক্ষাৰ অধ্যয়ন কেন্দ্ৰত পৰিণত হৈ উঠে ।

(গ) ১৯২২ চনৰ ভিতৰতে ৭ খন নতুন বিশ্ববিদ্যালয় স্থাপিত হৈ পুৰণি বিশ্ববিদ্যালয় কেইখনৰ শৈক্ষিক আৰু প্ৰশাসনীয় বোজা পাতল হয় ।

(ঘ) আয়োগে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰি তোলে যাৰ বাবে ভাৰতীয় ভাষা- সংস্কৃতিক উপযুক্ত স্বীকৃতি প্ৰদান কৰে ।

(ঙ) আয়োগে শিক্ষা বিষয়টো স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ ফলত ভাৰতীয় শিক্ষা আৰু প্ৰশিক্ষণ ব্যৱস্থাত উচ্চ পৰ্যায়ৰ অধ্যয়ন আৰু গৱেষণাৰ পথ মুক্ত কৰে ।

(চ) চেদলাৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিতেই বিশ্ববিদ্যালয়ৰ শিক্ষা চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত হয় । উচ্চ শিক্ষাত স্বায়ত্ব শাসনৰ নীতি পুনৰ কাৰ্যকৰী কৰি তোলা হয় ।

(ছ) আয়োগৰ পৰামৰ্শনুসৰি উচ্চ শিক্ষাৰ ছাত্ৰসকলৰ কল্যাণৰ বাবে শিক্ষাৰ সঞ্চালক নিযুক্তি, ছাত্ৰৰ কল্যাণমূলক সংস্থা গঠন আৰু আন্তঃবিশ্ববিদ্যালয়ৰ সংস্থা গঠন ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

(জ) বিশ্ববিদ্যালয় আৰু ইণ্টাৰমিডিয়েট স্তৰত বৃত্তীয় আৰু কাৰিকৰী শিক্ষাৰ পৰামৰ্শ দিয়ে যাৰ ফলত উচ্চ শিক্ষা বৰ্তমানৰ সময়োপযোগীকৈ ব্যবহাৰিক উৎপাদনমূলক আৰু জীৱন প্ৰয়োজনমুখী কৰি তোলে ।

(ঝ) আয়োগে ছোৱালী শিক্ষাৰ বাবে পৰ্দা স্কুল স্থাপন, পৃথক চিকিৎসা পাঠ্যক্ৰম প্ৰস্তুতকৰণ আৰু নাৰী শিক্ষাৰ পৃথক ৱৰ্ড গঠন আদিৰ পৰামৰ্শ বাস্তৱধৰ্মী আছিল ।

প্ৰশ্ন(৬): ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গোপালকৃষ্ণ গোখলেৰ অৱদান আলোচনা কৰা ।

উত্তৰ : ১৯১০ চনৰ ১৯ মাৰ্চত ভাৰতৰ জাতীয় কংগ্ৰেছ নেতা গোখলেই লেজিচলেটিভ কাউঞ্চিলত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায় । এই প্ৰস্তাৱ মতে সমগ্র দেশতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিবৰ বাবে চৰকাৰে প্ৰাৰম্ভিক প্ৰস্তুতি চালাব লাগে । এই সম্বন্ধে নিৰ্দিষ্ট প্ৰস্তাৱ প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰী আৰু বে-চৰকাৰী সদস্যক লৈ সভাই এখন যুটীয়া আয়োগ গঠন কৰিব লাগে । এই প্ৰস্তাৱত আৰু কোৱা হয় যে বাধ্যতামূলক ব্যৱস্থা ৬-১০ বছৰ বয়সৰ বাবেহে হ’ব লাগে । ৰাজ্য চৰকাৰে শিক্ষাৰ ব্যয় দুই -তৃতীয়াংশ বহন কৰিব লাগে । বাধ্যতামূলক আঁচনি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তলত এটা পৃথক শিক্ষা বিভাগো খুলিব লাগে আৰু এজন সচিব নিযুক্ত কৰিব লাগে । এই প্ৰস্তাৱৰ ফলস্বৰূপে চৰকাৰে আশ্বাস দিয়ে যে প্ৰাথমিক শিক্ষাৰ গোটেই প্ৰশ্নটো অতি সাৱধানতাৰে  বিচাৰ কৰা হ’ব । সেইবাবে তেওঁ নিজ প্ৰস্তাৱটো উঠাই লয় । চৰকাৰে প্ৰস্তাৱ অনুসৰি শিক্ষা বিভাগ খোলে আৰু শিক্ষা সচিব নিয়োগ কৰে । প্ৰাথমিক শিক্ষা আগ্ৰগতিৰ সম্বন্ধে চৰকাৰী প্ৰতিবেদনো প্ৰকাশ কৰে । কিন্তু মূল বিষয়টো অৰ্থাৎ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কোনো কাম হাতত লোৱা নহ’ল । সেইবাবে তেওঁৰ দাবী অধিক শক্তিশালী কৰি পুনৰ উত্থাপন কৰিবলৈ ১৯১১ চনৰ ১৬ মাৰ্চত বেচৰকাৰী বিধেয়ক স্বৰূপে দাঙি ধৰে ।

১৯১১ চনৰ গোখলেৰ বিধেয়ক : (Gokhale’s Bill of 1911) 

বিধেয়কখনৰ গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ আছিল এনেধৰণৰ –

(ক) এক নিৰ্দিষ্ট সংখ্যক ছাত্ৰ উপস্থিত থকা অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব লাগে ।

(খ) বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ৬-১০ বছৰ ধৰা হ’ব আৰু অনুপস্থিত ছাত্ৰৰ অভিভাৱকক শাস্তি বিহাৰ ব্যৱস্থা কৰা হ’ব ।

(গ) নিজ নিজ অঞ্চলত স্থানীয় কৰ্তৃপক্ষই এই বাধ্যতামূলক নীতি বলব‍ৎ কৰিব ।

(ঘ) স্থানীয় কৰ্তৃপক্ষই শিক্ষামূলক কৰ ধাৰ্য কৰিব পাৰে ।

(ঙ) শিক্ষাৰ মুঠ ব্যয়ৰ দুই- তৃতীয়াংশ চৰকাৰে আৰু এক – তৃতীয়াংশ স্থানীয় কৰ্তৃপক্ষই বহন কৰিব ।

(চ) বাধ্যতামূলক ব্যৱস্থা প্ৰথমে ল’ৰাৰ বাবে কৰি পিছলৈ ছোৱালীৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ কৰিব লাগে ।বিধেয়ক ১৯১২ চনৰ ১৭ মাৰ্চত সদনত দুদিন ধৰি উত্তপ্ত আলোচনা হয় । গোখলেই এই ক্ষেত্ৰত তেওঁৰ সবল যুক্তি প্ৰদৰ্শন কৰে । কিন্তু চৰকাৰী পক্ষই ইয়াক গ্ৰহণ কৰিবলৈ মান্তি নহ’ল । বিধেয়কখন ৩৮ টা ভোটৰ বিপৰীতে ১৩ টা ভোটত অগ্ৰাহ্য কৰা হয় ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top