Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব

Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Notes and select needs one.

Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

সামাজিক নৃতত্ত্ব

Chapter – 7

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। সামাজিক সম্পৰ্কৰ বিন্যাসৰ জাল বিশেষ যি সংশ্লিষ্ট সকলো মানুহকেই সম্পৰ্কৰ সূত্ৰেৰে আবদ্ধ কৰে। এই সংজ্ঞা কোনে আগবঢ়াইছিল?

উত্তৰঃ মেকাইভাৰ।

২। সমাজৰ মৌলিক এটা বৈশিষ্ট্য লিখা ?

উত্তৰঃ পৰস্পৰ নিৰ্ভৰশীলতা।

৩। সৰল সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ সৰল সমাজৰ অৰ্থনৈতিক জীৱন স্বয়ংসম্পূৰ্ণ।

৪। সমাজক কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ জটিল সমাজ আৰু সৰল সমাজ।

৫। জটিল সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ মুদ্ৰাৰ ব্যৱহাৰ সৰ্বত্ৰ দেখা যায়।

৬। নগৰীয়া সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নগৰ এখনত কমেও ৫০০০ জনসংখ্যা থাকিব লাগে।

৭। গ্ৰাম্য সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ গাওঁত নগৰতকৈ জনসংখ্যাৰ ঘনত্ব কম।

৮। “সামাজিক আন্তঃক্ৰিয়াৰ সমষ্টিয়েই হৈছে সামাজিক গোট।” এই উক্তি কাৰ?

উত্তৰঃ জনচনৰ।

৯। সামাজিক গোটৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ যেতিয়া দুই বা ততোধিক মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক থাকে তেতিয়া সামাজিক গোটৰ সৃষ্টি হয়।

১০। সামাজিক গোট কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

১১। কোনে সামাজিক গোটসমূহক প্ৰাথমিক গোট আৰু অন্যান্য গোট বুলি ভাগ কৰিছিল?

উত্তৰঃ চি. এইচ. কুলি।

১২। “গোটৰ সদস্যসকলৰ মাজত মুখামুখি সম্পৰ্ক নথকা দলক গৌণ গোট বোলে।” এই কথাষাৰ কাৰ আছিল?

উত্তৰঃ ডি. এন. মজুমদাৰ।

১৩। সমনাৰে সামাজিক গোটক কি কি ভাগত ভাগ কৰিছিল?

উত্তৰঃ অন্তঃগোট আৰু বহিঃগোট।

১৪। অন্তঃগোট কাক কোৱা হয়?

উত্তৰঃ যি সামাজিক গোটৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰীতি, সহানুভূতি, অনুভৱ আৰু আনুগত্য থাকে তেনে সামাজিক গোটক অন্তঃগোট বুলি কোৱা হয়।

১৫। বহিঃগোট কাক বোলে?

উত্তৰঃ কোনো ব্যক্তি যি এটা গোটৰ সদস্যভুক্ত নহয় আৰু সেই গোটৰ প্ৰতি উদাসীন বা বিৰুদ্ধ মনোভাৱ পোষণ কৰে, তেতিয়া তেনে ব্যক্তিৰ বাবে সেই গোষ্ঠী হৈছে বহিঃগোট।

১৬। বৰ্তমান ঔদ্যোগিক বা জটিল সমাজতো লিংগৰ ভিত্তিত প্ৰতিষ্ঠিত গোট দেখা যায়। তাক কি গোট কোৱা হয়?

উত্তৰঃ মহিলা গোট।

১৭। সম্প্ৰদায় সম্পৰ্কে আগবঢ়োৱা সংজ্ঞা এটা লিখা?

উত্তৰঃ বগাৰদাছ (Bogardus)ৰ মতে― “নিৰ্দিষ্ট এলেকাত বাস কৰা আৰু ‘আমি’ ভাৱসম্পন্ন ব্যক্তিসমষ্টিয়েই হৈছে সম্প্ৰদায়।”

১৮। সংস্থা বুলিলে কি বুজা?

উত্তৰঃ সামাজিক প্ৰয়োজনসমূহ পূৰণ তথা উৎকৰ্ষ সাধনৰ বাবে সমাজৰ ব্যক্তিসকলে যিবোৰ সংগঠিত উপায় অৱলম্বন কৰে সেইবোৰকে সামাজিক সংস্থা বুলি কোৱা হয়।

১৯। পৰিয়াল এটা উদ্দেশ্য লিখা?

উত্তৰঃ সন্তান জন্মৰ দ্বাৰা বংশ ৰক্ষা।

২০। সংস্থাৰ এটা লক্ষণ লিখা?

উত্তৰঃ সংস্থাসমূহ ব্যক্তিসমূহৰ সন্মিলিত কাৰ্যাৱলীৰ ওপৰত নিৰ্ভৰশীল।

২১। পৰিয়ালক ইংৰাজীত কি বুলি কোৱা হয়?

উত্তৰঃ ‘ফেমিলি’(Family)

২২। ‘ফেমিলি’ শব্দটো কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ ‘ফেমুলাচ’ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ভৃত্য।

২৩। জৰ্জ পিটাৰ মাৰ্ডকয়ে কেইখন সমাজ অধ্যয়ন কৰি পৰিয়ালৰ সংজ্ঞা আগবঢ়াইছিল?

উত্তৰঃ ৯২ খন।

২৪। পৰিয়ালৰ কামসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে 

২৫। পৰিয়ালৰ কামসমূহক প্ৰধানকৈ কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ পৰিয়ালৰ কামসমূহৰ প্ৰধান ভাগ হৈছে―

১। প্ৰাথমিক আৰু সার্বিক কাম।

২। ঐতিহ্যগত বা পৰম্পৰাগত কাম।

২৬। মানুহৰ প্ৰাথমিক প্ৰয়োজন কেইটা?

উত্তৰঃ তিনিটা।

২৭। মানুহৰ প্ৰাথমিক প্ৰয়োজন কেইটা কি কি?

উত্তৰঃ মানুহৰ প্ৰাথমিক প্ৰয়োজন হল― 

১। অন্ন।

২। বস্ত্ৰ।

৩। বাসস্থান।

২৮। পৰিয়ালৰ মৌলিক এটা কাম কি লিখা?

উত্তৰঃ সন্তান জন্ম দিয়া।

২৯। পৰিয়ালক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ দুটা।

৩০। পৰিয়ালক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ১। পিতৃতান্ত্ৰিক পৰিয়াল।

২। মাতৃতান্ত্ৰিক পৰিয়াল।

৩১। পিতৃতান্ত্ৰিক পৰিয়াল কাক বোলা হয়?

উত্তৰঃ যি পৰিয়ালত পিতৃ বা স্বামী বা বয়স্ক পুৰুষ পৰিয়ালৰ মুৰব্বী বা এনে পুৰুষেই পৰিয়ালত আটাইতকৈ প্ৰাধান্য পায় তেনে পৰিয়ালকে পিতৃতান্ত্ৰিক পৰিয়াল বোলা হয়।

৩২। মাতৃতান্ত্ৰিক পৰিয়াল মানে কি?

উত্তৰঃ যি পৰিয়ালৰ কর্তৃত স্ত্ৰী বা মাতৃৰ ওপৰত ন্যস্ত থাকে, সেইধৰণৰ পৰিয়ালকে মাতৃতান্ত্ৰিক পৰিয়াল বোলা হয়।

৩৩। আবাসস্থানৰ ভিত্তিত পৰিয়ালক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ ছয়টা ভাগত।

৩৪। বিবাহৰ ভিত্তিত পৰিয়াল কেইপ্ৰকাৰত ভাগ কৰা হৈছে?

উত্তৰঃ পাঁচ প্ৰকাৰত।

৩৫। ৰক্ত সম্পৰ্কৰ ভিত্তিত পৰিয়াল প্ৰধানকৈ কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ ৰক্ত সম্পৰ্কৰ ভিত্তিত পৰিয়াল প্ৰধান ভাগ হৈছে―

 ১। জন্ম পৰিয়াল।

২। প্ৰজনন পৰিয়াল।

৩৬। বাল্যবিবাহ অৱৰোধ আইন কিমান চনত নিৰ্ধাৰিত কৰিছে?

উত্তৰঃ 1922 চনত।

৩৭। হিন্দু বিবাহ আইনে কিমান চনত শিশু বিবাহ বন্ধ কৰিছে?

উত্তৰঃ 1955 চনত।

৩৮। কিমান চনত বিধৱা পুনৰ্বিবাহ আইনে বিধৱাসকলক পুনৰায় বিয়া কৰাবলৈ স্বীকৃতি দিছে?

উত্তৰঃ 1856 চনত।

৩৯। কিমান চনত ছোৱালীক পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী আৰু সমান অধিকাৰক স্বীকৃতি প্ৰদান কৰিছে?

উত্তৰঃ 1856 চনত।

৪০। একপাৰ্শ্বিক বংশানুক্ৰম গোষ্ঠীৰ প্ৰকাৰসমূহ কি কি ?

উত্তৰঃ বংশগোষ্ঠী, গোত্ৰ, মই’টি আৰু ফেট্ৰী।

৪১। বংশ কাক বোলে?

উত্তৰঃ কোনো এজন জ্ঞাত অৰ্থাৎ যি কাল্পনিক নহয় তেনেকুৱা এজন পূৰ্বপুৰুষৰ পৰা উদ্ভুত হোৱা জনগোষ্ঠীকে বংশ বুলি কোৱা হয়।

৪২। বংশৰ সদস্যসকলৰ মাজত প্ৰমানযোগ্য ৰোক্তসম্পৰ্ক বিদ্যমান। এই উক্তি কোনে লিখিছে?

উত্তৰঃ লাওয়িয়ে।

৪৩। বংশ আৰু পৰিয়ালৰ মাজৰ এটা পার্থক্য লিখা?

উত্তৰঃ বংশ একপাৰ্শ্বিক জ্ঞাতি গোষ্ঠী। আনহাতে পৰিয়াল দ্বীপাৰ্শ্বিক জ্ঞাতি গোষ্ঠী।

৪৪। গোত্ৰ কেই প্ৰকাৰৰ?

উত্তৰঃ দুই প্ৰকাৰৰ।

৪৫। গোত্ৰ প্ৰকাৰৰ কি কি?

উত্তৰঃ পিতৃসূত্ৰী গোত্ৰ আৰু মাতৃসূত্ৰী গোত্ৰ।

৪৬। ম’ইটি এটি কি শব্দ?

উত্তৰঃ ফৰাচী শব্দ।

৪৭। Phratry শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?

উত্তৰঃ গ্ৰীক Phrater শব্দৰপৰা উদ্ভৱ হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top