Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব

Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব Notes and select needs one.

Class 11 Anthropology Additional Chapter 7 সামাজিক নৃতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

সামাজিক নৃতত্ত্ব

Chapter – 7

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। সামাজিক সম্পৰ্কৰ বিন্যাসৰ জাল বিশেষ যি সংশ্লিষ্ট সকলো মানুহকেই সম্পৰ্কৰ সূত্ৰেৰে আবদ্ধ কৰে। এই সংজ্ঞা কোনে আগবঢ়াইছিল?

উত্তৰঃ মেকাইভাৰ।

২। সমাজৰ মৌলিক এটা বৈশিষ্ট্য লিখা ?

উত্তৰঃ পৰস্পৰ নিৰ্ভৰশীলতা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। সৰল সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ সৰল সমাজৰ অৰ্থনৈতিক জীৱন স্বয়ংসম্পূৰ্ণ।

৪। সমাজক কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ জটিল সমাজ আৰু সৰল সমাজ।

৫। জটিল সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ মুদ্ৰাৰ ব্যৱহাৰ সৰ্বত্ৰ দেখা যায়।

৬। নগৰীয়া সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নগৰ এখনত কমেও ৫০০০ জনসংখ্যা থাকিব লাগে।

৭। গ্ৰাম্য সমাজৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ গাওঁত নগৰতকৈ জনসংখ্যাৰ ঘনত্ব কম।

৮। “সামাজিক আন্তঃক্ৰিয়াৰ সমষ্টিয়েই হৈছে সামাজিক গোট।” এই উক্তি কাৰ?

উত্তৰঃ জনচনৰ।

৯। সামাজিক গোটৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ যেতিয়া দুই বা ততোধিক মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক থাকে তেতিয়া সামাজিক গোটৰ সৃষ্টি হয়।

১০। সামাজিক গোট কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

১১। কোনে সামাজিক গোটসমূহক প্ৰাথমিক গোট আৰু অন্যান্য গোট বুলি ভাগ কৰিছিল?

উত্তৰঃ চি. এইচ. কুলি।

১২। “গোটৰ সদস্যসকলৰ মাজত মুখামুখি সম্পৰ্ক নথকা দলক গৌণ গোট বোলে।” এই কথাষাৰ কাৰ আছিল?

উত্তৰঃ ডি. এন. মজুমদাৰ।

১৩। সমনাৰে সামাজিক গোটক কি কি ভাগত ভাগ কৰিছিল?

উত্তৰঃ অন্তঃগোট আৰু বহিঃগোট।

১৪। অন্তঃগোট কাক কোৱা হয়?

উত্তৰঃ যি সামাজিক গোটৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰীতি, সহানুভূতি, অনুভৱ আৰু আনুগত্য থাকে তেনে সামাজিক গোটক অন্তঃগোট বুলি কোৱা হয়।

১৫। বহিঃগোট কাক বোলে?

উত্তৰঃ কোনো ব্যক্তি যি এটা গোটৰ সদস্যভুক্ত নহয় আৰু সেই গোটৰ প্ৰতি উদাসীন বা বিৰুদ্ধ মনোভাৱ পোষণ কৰে, তেতিয়া তেনে ব্যক্তিৰ বাবে সেই গোষ্ঠী হৈছে বহিঃগোট।

১৬। বৰ্তমান ঔদ্যোগিক বা জটিল সমাজতো লিংগৰ ভিত্তিত প্ৰতিষ্ঠিত গোট দেখা যায়। তাক কি গোট কোৱা হয়?

উত্তৰঃ মহিলা গোট।

১৭। সম্প্ৰদায় সম্পৰ্কে আগবঢ়োৱা সংজ্ঞা এটা লিখা?

উত্তৰঃ বগাৰদাছ (Bogardus)ৰ মতে― “নিৰ্দিষ্ট এলেকাত বাস কৰা আৰু ‘আমি’ ভাৱসম্পন্ন ব্যক্তিসমষ্টিয়েই হৈছে সম্প্ৰদায়।”

১৮। সংস্থা বুলিলে কি বুজা?

উত্তৰঃ সামাজিক প্ৰয়োজনসমূহ পূৰণ তথা উৎকৰ্ষ সাধনৰ বাবে সমাজৰ ব্যক্তিসকলে যিবোৰ সংগঠিত উপায় অৱলম্বন কৰে সেইবোৰকে সামাজিক সংস্থা বুলি কোৱা হয়।

১৯। পৰিয়াল এটা উদ্দেশ্য লিখা?

উত্তৰঃ সন্তান জন্মৰ দ্বাৰা বংশ ৰক্ষা।

২০। সংস্থাৰ এটা লক্ষণ লিখা?

উত্তৰঃ সংস্থাসমূহ ব্যক্তিসমূহৰ সন্মিলিত কাৰ্যাৱলীৰ ওপৰত নিৰ্ভৰশীল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top