Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল

Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল Notes and select needs one.

Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

মানৱ কংকাল

Chapter – 2

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। মানৱ দেহৰ জঁকা বা কংকালটোত কিমান ডাল হাড় থাকে।

উত্তৰঃ ২০৬ ডাল।

২। আন্তঃকংকাল কি কি ভাগত  বিভক্ত?

উত্তৰঃ অক্ষীয় আৰু উপাংগী ভাগত বিভক্ত।

৩। অক্ষীয় অংশ কোনটো হাড়ৰ দ্বাৰা গঠিত ?

উত্তৰঃ লাওখোলা আৰু কৱন্ধৰ হাড়ৰ দ্বাৰা।

৪। উপাংগী অংশ কোনটো অংশৰে গঠিত ?

উত্তৰঃ ঊৰ্ধ্ব অগ্ৰাংশ আৰু নিম্ন অগ্ৰাংশৰে গঠিত।

৫। মানৱ কংকালৰ আন্তঃকংকালৰ অক্ষীয় অংশৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?

উত্তৰঃ ২২ টুকুৰা।

৬। লাওখোলাৰ দুটা অংশ কি কি?

উত্তৰঃ কৰোটি আৰু মুখমণ্ডল।

৭। কৰোটি অংশ আৰু মুখমণ্ডল কেই টুকুৰা হাড়েৰে গঠিত?

উত্তৰঃ কৰোটি অংশ ৮ টুকুৰা আৰু মুখমণ্ডল ১৪ টুকুৰা হাড়েৰে গঠিত।

৮। ললাটিকা অস্থি হাড়ডালে কৰোটিৰ সন্মুখ অংশত থাকি কি গঠন কৰে?

উত্তৰঃ কপালখন।

৯। হাড়ডালৰ মাজ অংশত বাহিৰলৈ থকা কোনটো স্ফীতি?

উত্তৰঃ মস্তক পাৰ্শ্বাস্থি স্ফীতি।

১০। ওবেলিয়ন কাক বোলে?

উত্তৰঃ সমমিতাধী সীৱনৰ  দুয়োপিনে মস্তক পাৰ্শ্বাস্থিত থকা সৰু সৰু ৰন্ধ্ৰ দুটাৰ  মাজৰ অংশক ওবেলিয়ন বোলে।

১১। ললাটিকা অস্থিত দুয়োকাষে দুটা স্ফীতি থাকে তাক কি বোলা হয়?

উত্তৰঃ ললাটিকা স্ফীতি।

১২। শংখাস্থি হাড় দেখিবলৈ কেনেধৰণৰ?

উত্তৰঃ তিনিকোণীয়া।

১৩। মধ্য নিউকেল ৰেখা লগ লগা অংশ কি?

উত্তৰঃ ইনিয়ন।

১৪। মহাৰন্ধ্ৰৰ মাজেৰে লগ লগা মগজুৰ নাম কি?

উত্তৰঃ  মেৰুৰজ্জু।

১৫। এথ্ময়ড কিহৰ ভিতৰতফালে থাকে?

উত্তৰঃ কৰোটিৰ।

১৬। এথ্ময়ড হাড়ে কোনটো অংশ গঠন কৰে?

উত্তৰঃ নাসিকা পট আৰু চকু কোটৰৰ ভিতৰ অংশ গঠন কৰে।

১৭। স্ফেনয়ড হাড়ডালৰ আকৃতি কেনে ধৰণৰ?

উত্তৰঃ উৰি থকা বাদুলিৰ দৰে।

১৮। স্ফেনয়ড কিহেৰে গঠিত?

উত্তৰঃ হাড়ডাল শৰীৰ, দুখন বৃহৎ পাখি, দুখন ক্ষুদ্ৰ পাখি আৰু টেৰিগয়ড প্ৰবন্ধৰে গঠিত।

১৯। স্ফেনয়ড হাড়ডাল কোনফালে থাকে?

উত্তৰঃ স্ফেনয়ড হাড়ডাল লাওখোলাৰ শংখাস্থিৰ সন্মুখলৈ আৰু অনুকপাল অস্থিৰ তলফালে থাকে।

২০। কৰোটিৰ অংশত ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটো কি?

উত্তৰঃ ব্ৰেগমা।

২১। নাকৰ বিন্ধাৰ দুয়োপিনে আৰু চকু কোটৰৰ তলৰ অংশত থকা হাড় ডালৰ নাম কি?

উত্তৰঃ জংভিকা।

২২। মুখমণ্ডলত পেলেটাইন হাড় দুডাল নাকৰ বিন্ধাৰ কোন দুটা হাড়ৰ  মাজত থাকে?

উত্তৰঃ জংভিকা আৰু স্ফেনয়ড হাড়ৰ  মাজত থাকে।

২৩। জংভিকা আৰু স্ফেনয়ড হাড়ৰ নাকৰ বিন্ধাৰ কোন ফালে থাকে?

উত্তৰঃ জংভিকা আৰু স্ফেনয়ড হাড়ৰ নাকৰ বিন্ধাৰ পিছফালে থাকে।

২৪। পেলেটাইন হাড় দুডালে মুখৰ ভিতৰৰ ওপৰ অংশ বা তালু গঠন কৰেনে?

উত্তৰঃ কৰে।

২৫। জংভিকা হাড় দুডালৰ দুয়োপিনে থাকা সৰু হাড়ডালৰ মান কি?

উত্তৰঃ কপোলাস্থি।

২৬। কপোলাস্থি হাড়ে কি গঠন কৰে?

উত্তৰঃ মুখমণ্ডলৰ সন্মুখ আৰু কাষৰ ফালে থাকি মুখমণ্ডলৰ গাল দুখন গঠন কৰে।

২৭। কপোলাস্থি হাড় দুডাল ললাটিকা অস্থি, স্ফেনয়ড, শংখাস্থি আৰু জংভিকা লগত সীৱনৰ দ্বাৰা লগ লাগি থাকেনে?

উত্তৰঃ থাকে।

২৮। কপোলাস্থি হাড় দুডাল কিহৰ দ্বাৰা জোৰা লাগি থাকে?

উত্তৰঃ অন্তৰা নাসিকা সীৱনৰ দ্বাৰা জোৰা লাগি থাকে।

২৯। নাসিকা অস্থি আৰু ললাটিকা অস্থি লগ লগা বিন্দুটো কি?

উত্তৰঃ নেছিয়ন।

৩০। অন্তৰা নাসিকা সীৱনৰ একেবাৰে তলৰ বিন্দুটো কি?

উত্তৰঃ ৰাইনিয়ন।

৩১। মুখমণ্ডলৰ অধঃ নাসিকা হাড় দুডালে কি গঠন কৰে?

উত্তৰঃ নাকৰ বিন্ধাৰ মাজৰ বেৰ গঠন কৰে।

৩২। নাসিকা পটৰ তলত থকা সৰু আৰু ক্ষীণ হাড়ডালৰ নাম কি?

উত্তৰঃ সীৰকা অস্থি।

৩৩। মুখমণ্ডলৰ কোনটো আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড়।

উত্তৰঃ চিবুকাস্থি।

৩৪। চিবুকাস্থি বা অধঃহনুত তলৰ পাৰি দাঁত নাথাকে? হয়/নহয়

উত্তৰঃ হয়।

৩৫। শৰীৰৰ কোনটো অংশত ১৬ টা চকেট থাকে।

উত্তৰঃ এনভিঅ’লাৰ।

৩৬। চিবুকাস্থিৰ কোনটো অংশত থুঁটৰী থাকে?

উত্তৰঃ নিম্ন অংশত।

৩৭। কনডাইলৰ প্ৰবন্ধৰ ওপৰ ভাগত থকা বহল অংশ কোনটো?

উত্তৰঃ অধঃহনু মূৰ।

৩৮। গনিয়ন কাক বোলে?

উত্তৰঃ চিবুকাস্থিৰ শৰীৰ আৰু ৰামাছ লগ হোৱা অংশত যি কোণ গঠন হয় তাক গনিয়ন বোলা হয়।

৩৯। মানুহৰ দাঁতবোৰে কেনেদৰে সহায় কৰে?

উত্তৰঃ মানুহৰ দাঁতবোৰ কঠিন দ্ৰব্যৰে গঠিত যি খাদ্য বস্তু চোবাই খোৱাৰ উপৰি কথা-বতৰা কোৱাটো সহায় কৰে।

৪০। স্থায়ী দাঁত সৰিলে পোনৰ গজেনে?

উত্তৰঃ নগজে।

৪১। কিছুমান কেঁচুৱাৰ এটা ব দুটা দাঁত জন্মতে গজি আহে তাক কি দাঁত বোলা হয়?

উত্তৰঃ জন্মগত দাঁত।

৪২। মানুহৰ গাখীৰ দাঁতৰ সংখ্যা কেইটা?

উত্তৰঃ ২০টা।

৪৩। মানুহৰ স্থায়ী দাঁতৰ সংখ্যা কেইটা?

উত্তৰঃ ৩২টা।

৪৪। দাঁত এটাৰ কঠিন বগা আৱৰণক কি বোলে?

উত্তৰঃ এনামেল।

৪৫। এনামেল কি নামৰ কঠিন খনিজ পদাৰ্থৰে গঠিত।

উত্তৰঃ কেলছিয়াম ফছফেট।

৪৬। এনামেলৰ তলত অতি সৰু অণুবীক্ষণ যন্ত্ৰৰে চাব পৰা নলীৰ এটা তৰপ থাকে। এই তৰপক কি বোলা হয়।

উত্তৰঃ ডেন্টিন।

৪৭। মেৰুদণ্ড এডাল হাড় হয়নে?

উত্তৰঃ নহয়।

৪৮। ৰাজহাড়ৰ প্ৰথম কশেৰুকা টুকুৰাক কি কোৱা হয়?

উত্তৰঃ আট’লাছ।

৪৯। ৰাজহাড়ৰ দ্বিতীয় কশেৰুকা টুকুৰাক কি কোৱা হয়?

উত্তৰঃ অক্সিছ।

৫০। ৰাজহাড়ডাল চাৰিটা ভাজযুক্ত ইংৰাজী কোনটো আখৰৰ দৰে?

উত্তৰঃ ‘S’ আখৰৰ দৰে।

৫১। লাওখোলাৰ ঠিক তলৰ পৰা ৰাজহাড়ৰ প্ৰথম ৭টুকুৰা কোনটো কশেৰুকা আছিল?

উত্তৰঃ গ্ৰীবা কশেৰুকা।

৫২। ৰাজহাড়ডাৰ একেবাৰে শেষৰ  কশেৰুকা টুকুৰা কোনটো আছিল?

উত্তৰঃ পুচ্ছ কশেৰুকা।

৫৩। কোনটো মানৱ কংকালত বুকুৰ সোঁমাজৰ সন্মুখলৈ থকা চেপেটা আৰু দীঘল হাড়।

উত্তৰ বক্ষাস্থি।

৫৪। বক্ষাস্থিৰ লগত কোনটো হাড় লগ হৈ এটা সজা তৈয়াৰ কৰে?

উত্তৰঃ বক্ষাস্থিৰ লগত কামিহাড়বোৰ লগ হৈ এটা সজা তৈয়াৰ কৰে।

৫৫। এজন প্ৰাপ্তবয়স্কলোকৰ বক্ষাস্থি হাড়ডাল কিমান ছে:মি: হয়।

উত্তৰঃ ১৭ ছে:মি: হয়।

৫৬। মানৱ কংকালত কিমান যোৰ কামিহাড়  থাকে?

উত্তৰঃ ১২ যোৰ।

৫৭। উপাংগী অংশৰ ঊৰ্ধ্ব অগ্ৰাংগত থকা অংশবোৰ কি কি ?

উত্তৰঃ স্কন্ধবেষ্টনী, বাহু, অগ্ৰবাহু আৰু প্ৰহস্থ।

৫৮। স্কন্ধবেষ্টনী কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ স্কন্ধবেষ্টনী এযোৰ অংশফলক আৰু এযোৰ কন্ঠস্থিৰ দ্বাৰা গঠিত।

৫৯। মানৱ কংকালত কন্ঠস্থি হাড় কিমানডাল ডিঙিৰ গুৰিত অনুভূমিকভাৱে থাকে?

উত্তৰঃ দুডাল।

৬০। মানৱ কংকালত বাহু গঠন কৰা হাড়ডাল কোনটো?

উত্তৰঃ প্ৰগতাস্থি।

৬১। প্ৰগতাস্থি হাড় দুডাল দীঘল হয়নে।

উত্তৰঃ হয়।

৬২। অগ্ৰবাহু গঠন কৰা হাড় দুডাল কি কি?

উত্তৰঃ আন্তঃপ্ৰকোস্থিকা আৰু বহিঃপ্ৰকোস্থিকা।

৬৩। অগ্ৰবাহু ভিতৰফালৰ হাড়ডাল কোনটো?

উত্তৰঃ আন্তঃপ্ৰকোস্থিকা।

৬৪। আন্তঃপ্ৰকোস্থিকা  তলৰ মূৰটো কেনেধৰণৰ?

উত্তৰঃ ঘূৰণীয়া।

৬৫। আন্তঃপ্ৰকোস্থিকা মূৰৰ বাহিৰলৈ ওলোৱা অংশটো কি?

উত্তৰঃ ষ্টাইলয়ড প্ৰবন্ধ।

৬৬। ওপৰৰ মূৰ আৰু তলৰ মূৰৰ মাজৰ অংশটো কি?

উত্তৰঃ দণ্ড।

৬৭। মানৱ কংকালৰ  প্ৰহস্ত কেই টুকুৰা হাড়ৰ দ্বাৰা গঠিত?

উত্তৰঃ ২৭ টুকুৰা।

৬৮। কৰভিকা অংশ কিমান টুকুৰা হাড়ৰ দ্বাৰা গঠিত?

উত্তৰঃ ৫ টুকুৰা।

৬৯। শ্ৰেণীবেষ্টনী কোনটো হাড়ৰ দ্বাৰা গঠিত?

উত্তৰঃ ইন’মিনেট।

৭০। মানৱ কংকাল উৰু গঠন হোৱা হাড়ডাল কোনটো?

উত্তৰঃ উৰ্বস্থি।

৭১। উৰ্বস্থিৰ তল মূৰ বহল হয়নে?

উত্তৰঃ হয়।

৭২। উৰ্বস্থিৰ দুই মূৰৰ মাজৰ দীঘল অংশ কোনটো হয়।

উত্তৰঃ দণ্ড।

৭৩। উৰ্বস্থি আৰু জংঘাস্থি লগ লগা কোনটো অংশৰ সন্মুখত থকা ততিনিকোণীয়া হাড়।

উত্তৰঃ আঁঠুৰ ঘিলা।

৭৪। মানৱ কংকালৰ চৰণ গঠন কৰা হাড় দুডালৰ ভিতৰফালে থকা হাড়ডাল কোনটো?

উত্তৰঃ জংঘাস্থি।

৭৫। উৰ্বস্থিৰ পিছত মানৱ কংকালৰ দীঘল আৰু হাড়ডাল কোনটো?

উত্তৰঃ জংঘাস্থি।

৭৬। দুই মূৰৰ মাজৰ দীঘল অংশ কোনটো?

উত্তৰঃ দণ্ড।

৭৭। দণ্ডৰ সন্মুখলৈ থকা  চোকা অংশ কোনটো?

উত্তৰঃ ছিন।

৭৮। মানৱ কংকালৰ জংঘাস্থিৰ বাহিৰ ফালৰ হাড়ডাল কোনটো?

উত্তৰঃ অনুজংঘাস্থি।

৭৯। তলৰ মূৰৰ পাৰ্শ্ব দিশত আগবঢ়া অংশটো কি?

উত্তৰঃ পাৰ্শ্ব মেলিঅ’লাছ।

৮০। মানৱ কংকালৰ পদত কেইটুকুৰা হাড় থাকে?

উত্তৰঃ ২৬ টুকুৰা।

৮১। মানৱ কংকালৰসমূহ কেই ভাগত ভগাব পাৰি?

উত্তৰঃ পাঁচ ভাগত ভগাব পাৰি।

৮২। উৰ্বস্থি, জংঘাস্থি, প্ৰগতাস্থি আদি দীঘল হাড় হয়নে?

উত্তৰঃ হয়।

চমু উত্তৰ দিয়া:

৮৪। মানৱ কংকালে মানৱ দেহক কেনেদৰে সহায় কৰে?

উত্তৰঃ মানৱ কংকালে মানৱ দেহক আকৃতি প্ৰদান কৰে আৰু আঘাত হ’ব পৰা আমাৰ শৰীৰৰ অংশবোৰক ৰক্ষণাবেক্ষণ দিয়ে আৰু লগতে শক্তি প্ৰদান কৰি শৰীৰটো চলাচল কৰাত সহায় কৰে।

৮৫। মানৱ কংকালৰ কৰোটি অংশৰ হাড়ডাল কি কি?

উত্তৰঃ মানৱ কংকালৰ কৰোটি অংশৰ হাড়ডাল হ’ল― ললাটিকা অস্থি, দুডাল মস্তক পাৰ্শ্বাস্থি, দুডাল শংখাস্থি, অনুকপাল অস্থি, স্ফেনয়ড আৰু এথময়ড হাড়।

৮৬। মুখমণ্ডল গঠন হোৱা হাড় ডাল কি কি?

উত্তৰঃ দুডাল জংভিকা, দুডাল কপোলাস্থি, দুডাল অশ্ৰুঅস্থি, দুডাল নাসিকা অস্থি, দুডাল অধঃনাসিকা কনকা, দুডাল পেলেটাইন, এডাল সীৰকা অস্থি আৰু এডাল চিবোকাস্থি।

৮৭। জংভিকা হাড় দুডাল কাৰ লগত সংলগ্ন।

উত্তৰঃ জংভিকা হাড় দুডাল কপোলাস্থি, নাসিকা অস্থি, নাসিকা কনকা, অশ্ৰুঅস্থি, পেলেটাইন, সীৰকা অস্থি, এথময়ড আৰু ললাটিকা অস্থিৰ লগত সংলগ্ন।

৮৮। নাসিকা দণ্ড কেনেদৰে গঠন কৰে?

উত্তৰঃ মুখমণ্ডলত নাসিকা অস্থি হাড় দুডাল সৰু, ক্ষীণ আৰু মুখমণ্ডলৰ মাজ অংশত ললাটিকা অস্থিত দুই চকু কোটৰৰ মাজত থাকি নাসিকা দণ্ড গঠন কৰে।

৮৯। প্ৰহস্তৰ ২৭ টুকুৰা হাড়ৰ মণিবন্ধ অংশত থকা ৮ টুকুৰা হাড়ৰ নাম কি কি?

উত্তৰঃ নৌকাস্থি, নব চন্দ্ৰাকাৰ অস্থি, ত্ৰিকোণিকা অস্থি, পিছিফৰ্ম, ট্ৰেপেজিয়াম, ট্ৰেপিজইড, কেপিটেট আৰু হেমেট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top