Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল

Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Notes and select needs one.

Class 11 Anthropology Additional Chapter 2 মানৱ কংকাল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

মানৱ কংকাল

Chapter – 2

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। মানৱ দেহৰ জঁকা বা কংকালটোত কিমান ডাল হাড় থাকে।

উত্তৰঃ ২০৬ ডাল।

২। আন্তঃকংকাল কি কি ভাগত  বিভক্ত?

উত্তৰঃ অক্ষীয় আৰু উপাংগী ভাগত বিভক্ত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। অক্ষীয় অংশ কোনটো হাড়ৰ দ্বাৰা গঠিত ?

উত্তৰঃ লাওখোলা আৰু কৱন্ধৰ হাড়ৰ দ্বাৰা।

৪। উপাংগী অংশ কোনটো অংশৰে গঠিত ?

উত্তৰঃ ঊৰ্ধ্ব অগ্ৰাংশ আৰু নিম্ন অগ্ৰাংশৰে গঠিত।

৫। মানৱ কংকালৰ আন্তঃকংকালৰ অক্ষীয় অংশৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?

উত্তৰঃ ২২ টুকুৰা।

৬। লাওখোলাৰ দুটা অংশ কি কি?

উত্তৰঃ কৰোটি আৰু মুখমণ্ডল।

৭। কৰোটি অংশ আৰু মুখমণ্ডল কেই টুকুৰা হাড়েৰে গঠিত?

উত্তৰঃ কৰোটি অংশ ৮ টুকুৰা আৰু মুখমণ্ডল ১৪ টুকুৰা হাড়েৰে গঠিত।

৮। ললাটিকা অস্থি হাড়ডালে কৰোটিৰ সন্মুখ অংশত থাকি কি গঠন কৰে?

উত্তৰঃ কপালখন।

৯। হাড়ডালৰ মাজ অংশত বাহিৰলৈ থকা কোনটো স্ফীতি?

উত্তৰঃ মস্তক পাৰ্শ্বাস্থি স্ফীতি।

১০। ওবেলিয়ন কাক বোলে?

উত্তৰঃ সমমিতাধী সীৱনৰ  দুয়োপিনে মস্তক পাৰ্শ্বাস্থিত থকা সৰু সৰু ৰন্ধ্ৰ দুটাৰ  মাজৰ অংশক ওবেলিয়ন বোলে।

১১। ললাটিকা অস্থিত দুয়োকাষে দুটা স্ফীতি থাকে তাক কি বোলা হয়?

উত্তৰঃ ললাটিকা স্ফীতি।

১২। শংখাস্থি হাড় দেখিবলৈ কেনেধৰণৰ?

উত্তৰঃ তিনিকোণীয়া।

১৩। মধ্য নিউকেল ৰেখা লগ লগা অংশ কি?

উত্তৰঃ ইনিয়ন।

১৪। মহাৰন্ধ্ৰৰ মাজেৰে লগ লগা মগজুৰ নাম কি?

উত্তৰঃ  মেৰুৰজ্জু।

১৫। এথ্ময়ড কিহৰ ভিতৰতফালে থাকে?

উত্তৰঃ কৰোটিৰ।

১৬। এথ্ময়ড হাড়ে কোনটো অংশ গঠন কৰে?

উত্তৰঃ নাসিকা পট আৰু চকু কোটৰৰ ভিতৰ অংশ গঠন কৰে।

১৭। স্ফেনয়ড হাড়ডালৰ আকৃতি কেনে ধৰণৰ?

উত্তৰঃ উৰি থকা বাদুলিৰ দৰে।

১৮। স্ফেনয়ড কিহেৰে গঠিত?

উত্তৰঃ হাড়ডাল শৰীৰ, দুখন বৃহৎ পাখি, দুখন ক্ষুদ্ৰ পাখি আৰু টেৰিগয়ড প্ৰবন্ধৰে গঠিত।

১৯। স্ফেনয়ড হাড়ডাল কোনফালে থাকে?

উত্তৰঃ স্ফেনয়ড হাড়ডাল লাওখোলাৰ শংখাস্থিৰ সন্মুখলৈ আৰু অনুকপাল অস্থিৰ তলফালে থাকে।

২০। কৰোটিৰ অংশত ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটো কি?

উত্তৰঃ ব্ৰেগমা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top