Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ

Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Notes and select needs one.

Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

জীৱজগতৰ শ্ৰেণীকৰণ

Chapter – 3

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। ছুইডিছ বিজ্ঞানী অগাস্তিন, পি দ্য কেনড’ল য়ে পোন প্ৰথমতে কোনটো  গ্ৰন্থ লিখিছিল?

উত্তৰঃ ‘Theories elementaire de la botanique’ নামৰ গ্ৰন্থ লিখিছিল।

২। ‘Theories elementaire de la botanique’ নামৰ গ্ৰন্থত কোনটো শব্দ ব্যৱহাৰ  কৰিছিল?

উত্তৰঃ টেক্স’ন’মি শব্দ ব্যৱহাৰ  কৰিছিল।

৩। ইংৰাজীত Taxonomy শব্দটো কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক শব্দৰ পৰা আহিছে।

৪। ‘Taxis’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বিন্যাস।

৫। ‘nomas’ শব্দৰ অৰ্থ কি?

উত্তৰঃ নিয়ম বা বিধি।

৬। কোনে প্ৰথমতে জীৱৰ দ্বীপদ নামকৰণ পদ্ধতি আগবঢ়াইছিল?

উত্তৰঃ কেৰোলাছ লিনিয়াছ।

৭। কোনে প্ৰতিটো জীৱৰ বৈজ্ঞানিক নাম প্ৰদান কৰিছিল?

উত্তৰঃ লিনিয়াছ।

৮। নৃতত্ত্বৰ এটা প্ৰধান ভাগ কি লিখা?

উত্তৰঃ আবয়ৱিক নৃতত্ত্ব বা জৈৱিক নৃতত্ত্ব।

৯। নৃতত্ত্বৰ দুটা প্ৰধান বিষয়বস্তু কি কি?

উত্তৰঃ (১) মানৱ বিৱৰ্তন আৰু (২) নৃ-বিভিন্নতা।

১০। কিমান চনত ‘চিষ্টেমা নেচাৰ’ নামৰ তেখেতৰ বিখ্যাত গ্ৰন্থ নামকৰণ কৰে?

উত্তৰঃ ১৭৩৫ চনত।

১১। বহুকোষী প্ৰাণীক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ ১। মেৰুদণ্ডী

২। অমেৰুদণ্ডী।

১২। মেৰুদণ্ডী কেইপ্ৰকাৰৰ?

উত্তৰঃ পাঁচ প্ৰকাৰৰ।

১৩। মেৰুদণ্ডী প্ৰকাৰ সমূহ কি কি?

উত্তৰঃ মাছ, চৰাই, সৰীসৃপ, উভচৰ আৰু স্তন্যপায়ী।

১৪। স্তন্যপায়ী প্ৰাণীয়ে হাওঁফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়। হয়/নহয়

উত্তৰঃ হয়।

১৫। ‘প্ৰছিমি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘প্ৰছিমি’ শব্দৰ অৰ্থ হৈছে প্ৰাক্-বান্দৰ অৰ্থাৎ বান্দৰৰ পূৰ্বাৱস্থা।

১৬। এনথ্ৰ’পয়ডিয়াৰ ভাগ কেইটা?

উত্তৰঃ দুটা ।

১৭। গুৱেৰেজাছ বান্দৰৰ বাসভূমি কত?

উত্তৰঃ আফ্ৰিকাৰ বিষুবীয় অঞ্চল।

১৮। হাইল’বেটিডি মানে কি?

উত্তৰঃ গিবন।

১৯। চিম্পাঞ্জী আৰু গৰিলাৰ বাসিন্দা কত?

উত্তৰঃ আফ্ৰিকা মহাদেশ।

২০। গিবন আৰু ওৰাংওটানৰ বাস ভূমি কত?

উত্তৰঃ এছিয়া।

২১। গিবনে কিমান শতকৰা কিমান ভাগ সময় গছৰ ডালে ডালে দোলন দি বগাই ফুৰে?

উত্তৰঃ ৯০ শতকৰা।

২২। গিবনৰ গৰ্ভধাৰণৰ সময় কিমান ?

উত্তৰঃ প্ৰায় ৩০ সপ্তাহ।

২৩। ওৰাংউটানৰ প্ৰধান আহাৰ কি?

উত্তৰঃ ওৰাংউটানৰ প্ৰধান আহাৰ হৈছে― গছৰ পাত, ফল-মূল।

২৪। গৰিলাৰ এটা লক্ষণ লিখা?

উত্তৰঃ ছালৰ বৰণ ক’লা।

২৫। বাওনা চিম্পাঞ্জীৰ বাসভূমি কত?

উত্তৰঃ কংগোৰ-দক্ষিণাঞ্চল।

২৬। গৰিলাৰ ছালৰ বৰণ কলা। শুদ্ধ / অশুদ্ধ

উত্তৰঃ শুদ্ধ।

চমু উত্তৰ দিয়া:

২৭। টেক্স’ন’মি কাক বোলে ?

উত্তৰঃ বিজ্ঞানৰ যিটো শাখাই জীৱবিজ্ঞানৰ বিধি আৰু নিয়মানুযায়ী উদ্ভিদ, জড় পদাৰ্থ অথবা জীৱৰ চিনাক্তকৰণ, নামকৰণ তথা বৰ্গীকৰণ পদ্ধতিৰ বিষয়ে ব্যৱস্থাপনা কৰে তাকেই টেক্স’ন’মি বোলা হয়।

২৮। কোষৰ সংখ্যা অনুযায়ী সকলো প্ৰাণীক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হয়। আৰু ইয়াৰ ভাগ হৈছে― 

১। এককোষী প্ৰাণী।

২। বহুকোষী প্ৰাণী।

২৯। স্তন্যপায়ী প্ৰাণীৰ দুটা লক্ষণ লিখা?

উত্তৰঃ স্তন্যপায়ী প্ৰাণীৰ দুটা লক্ষণ হৈছে―

১। শৰীৰ নামেৰে আবৃত।

২। উষ্ণ ৰক্তীয় প্ৰাণী।

৩০। প্ৰাইমেটৰ দুটা লক্ষণ লিখা?

উত্তৰঃ প্ৰাইমেটৰ দুটা লক্ষণসমূহ হৈছে―

১। চকুৰ কোটৰ হাড়েৰে আবৃত।

২। পাকস্থলী সৰল।

৩১। প্ৰাইমেটৰ ভাগ দুটা কি কি?

উত্তৰঃ প্ৰাইমেটৰ ভাগ দুটা ―

(১) প্ৰছিমিয়াম। আৰু

(২) এনথ্ৰ’পয়ডিয়া।

৩২। লেমুৰিফমিছৰ উত্তৰ পৰিয়াল কি কি?

উত্তৰঃ (ক) প্ৰকৃত লেমুৰয়ডিয়া।

(খ) টুপেয়ইডিয়া। আৰু

(গ) ডবেনটনয়ডিয়া।

৩৩। এনথ্ৰ’পয়ডিয়াৰ  ভাগ কেইটা কি কি?

উত্তৰঃ প্লেটিৰাইন আৰু কেটাৰাইন বান্দৰ।

৩৪। প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ দুটা পার্থক্য লিখা?

উত্তৰঃ প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ দুটা পার্থক্য হৈছে―

প্লেটিৰাইন:― ১। নাকৰ বিন্ধা সন্মুখলৈ অৱস্থিত।

২। দাঁতৰ সূত্ৰ ২ : ১: ৩ : ৩।

কেটাৰাইন:― ১। নাকৰ বিন্ধা তলমুৱা।

২। দাঁতৰ সূত্ৰ ২ : ১: ২ : ৩।

৩৫। হাইল’বেটিনিৰ দুটা জিনাছ কি কি?

উত্তৰঃ হাইল’বেটছ আৰু চিমফালাংগাছ।

৩৬। ওৰাংউটানৰ দুটা বৈশিষ্ট্য লিখা?

উত্তৰঃ ওৰাংউটানৰ দুটা বৈশিষ্ট্য হল― 

১। ছালৰ বৰণ শেঁতা-মুগা।

২। কপাল তুলনামূলকভাৱে উচ্চ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top