Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Notes and select needs one.

Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক নৃতত্ত্ব

Chapter – 5

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। প্ৰাক্ইতিহাস কাক বোলে?

উত্তৰঃ পৃথিৱীৰ মানুহৰ উৎপত্তি হোৱা দিনৰে পৰা মানুহে লিখিব জনা হোৱা সময়লৈকে এই কালছোৱাক প্ৰাক্ইতিহাস বুলি কোৱা হয়।

২। কোনটো নদীৰ সমভূমিত প্ৰথম লিপিৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ পশ্চিম এছিয়াৰ মেছ’পটেমিয়াৰ ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী।

৩। মানৱ ইতিহাসক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

৪। মানৱ ইতিহাসক প্ৰধানকৈ কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ মানৱ ইতিহাসক প্ৰধান দুটা ভাগ হৈছে ― 

(ক) লিখিত ইতিহাস।

(খ) প্ৰাক্ইতিহাস।

৫। প্ৰথমতে কত প্ৰাক্ইতিহাস বা প্ৰাগৈতিহাসিক নৃতত্ত্বৰ অধ্যায় আৰম্ভ হয়।

উত্তৰঃ ইউৰোপ দেশবোৰত।

৬। ইংৰাজী ভাষাত প্ৰাক্ইতিহাস শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰিছিল?

উত্তৰঃ ডেনিয়েল উইলছন।

৭। ডেনিয়েল উইলছনে লিখা কিতাপখনৰ নাম কি আছিল?

উত্তৰঃ “The Archaeology and Prehistoric Annals of Scotland” 

৮। “The Archaeology and Prehistoric Annals of Scotland” কিতাপখন কিমান চনত ডেনিয়েল উইলছনে লিখিছিল?

উত্তৰঃ ১৮৫১ চনত।

৯। ছাৰ জ’ন লাবকে লিখা কিতাপখনৰ নাম কি?

উত্তৰঃ “Prehistoric Times”

১০।  “Prehistoric Times” নামৰ কিতাপখন কিমান চনত ছাৰ জ’ন লাবকে প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৮৬৫ চনত।

১১। ১৮৭১ চনত কোনে “Primitive Culture” গ্ৰন্থখন লিখিছিল?

উত্তৰঃ ছাৰ এডৱাৰ্ড টাইলৰ।

১২। M.C. Burkitt এ লিখা কিতাপখনৰ নাম কি?

উত্তৰঃ “The Old Stone Age”

১৩। প্ৰস্তুৰযুগত পোৱা  সামগ্ৰীসমূহ কি কি আছিল?

উত্তৰঃ শিল, হাড় আৰু শিঙৰ সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, গুহাৰ ভিতৰত পোৱা চিত্ৰকলা, ফলমূলৰ গুটি, জন্তু-চৰাই আদিৰ হাড়-মূৰ ইত্যাদি।

১৪। প্ৰাক্ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছিল?

উত্তৰঃ তিনিটা ভাগত।

১৫। প্ৰাক্ইতিহাসক কি কি ভাগত ভাগ কৰা হৈছিল?

উত্তৰঃ প্ৰস্তুৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ।

১৬। নদীৰ প্ৰধান কাম দুটা কি কি?

উত্তৰঃ ক্ষয়ন আৰু অৱক্ষেপন।

১৭। নদীৰ বেদিকাবোৰ কি কি স্তৰেৰে গঠিত?

উত্তৰঃ সাধাৰণতে কংকৰ, বালি আৰু পলসৰ স্তৰেৰে গঠিত।

১৮। নদীৰ বেদিকাৰ স্তৰবোৰত কি পোৱা যায়? 

উত্তৰঃ প্ৰাচীন যুগৰ সাংস্কৃতিক সমল আৰু প্লিষ্ট’চিন যুগৰ প্ৰাণীৰ জীৱাশ্ম পোৱা যায়।

১৯। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ কত পোৱা গৈছে?

উত্তৰঃ ভাৰতৰ চোহান, নৰ্মদা, গোদাবৰী, মালপ্ৰভা, ঘটপ্ৰভা আদি নদীৰ বেদিকাৰ স্তৰবিলাকত পোৱা যায়।

২০। কাল নিৰ্ণয় কৰা প্ৰণালী কেইপ্ৰকাৰৰ?

উত্তৰঃ দুই প্ৰকাৰৰ।

২১। কাল নিৰ্ণয় কৰা পদ্ধতিৰ প্ৰকাৰ কি কি?

উত্তৰঃ ১। পৰোক্ষ কাল নিৰ্ণয় পদ্ধতি।

২। প্রত্যক্ষ কাল নিৰ্ণয় পদ্ধতি।

২২। পৰোক্ষ কাল নিৰ্ণয় পদ্ধতিক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ পৰোক্ষ কাল নিৰ্ণয় পদ্ধতিৰ ভাগসমূহ হৈছে― 

(ক) ভূতাত্বিক স্তৰীয় বিদ্যা।

(খ) ফ্লৰিণ বিশ্লেষণ প্ৰণালী।

(গ) আনুষংগিক সামগ্ৰী।

২৩। সাংস্কৃতিক সমল সমৃদ্ধ স্তৰবোৰ কেইপ্ৰকাৰৰ?

উত্তৰঃ দুই প্ৰকাৰৰ।

২৪। বছৰৰ হিচাপত কাল নিৰ্ণয় কৰা পদ্ধতি কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৯৪৯ চনত।

২৫। বছৰৰ হিচাপত কাল নিৰ্ণয় কৰা পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ড° লিবিয়ে আৱিষ্কাৰ কৰিছিল।

২৬। চিকাগ’ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক কোন আছিল?

উত্তৰঃ ড° লিবিয়ে আছিল।

২৭। কিমান চনত অধ্যাপক লিপিক ন’বেল বঁটা দিয়া হয়?

উত্তৰঃ ১৯৬০ চনত।

২৮। ১৯১৩ চনত কোনে অতীতৰ জলবায়ু সম্বন্ধে অধ্যয়ন কৰিবলৈ প্ৰয়োগ কৰিছিল?

উত্তৰঃ ড° ডগলাছ।

২৯। কোনটো যুগত প্ৰকৃত মানৱৰ আবিৰ্ভাৱ হৈছিল?

উত্তৰঃ প্লাইষ্ট’চিন যুগত।

৩০। প্লাইষ্ট’চিন উপযুগটো চিনাক্তকৰণ কৰিবৰ বাবে কিমান ছনত সূত্ৰ আগবঢ়াইছিল?

উত্তৰঃ ১৯২১ চনত।

৩১। প্লাইষ্ট’চিন উপযুগটো চিনাক্তকৰণ কৰিবৰ বাবে কোনে সূত্ৰ আগবঢ়াইছিল?

উত্তৰঃ হ’গ (Haug).

৩২। কিমান চনত লণ্ডন চহৰত অনুষ্ঠিত হোৱা ‘আন্তৰ্জাতিক ভূ-তাত্ত্বিক সন্মিলন’ত স্বীকৃতি দিয়া হয়?

উত্তৰঃ ১৯৪৮ চনত।

৩৩। ‘প্লায়’ -প্লাইষ্ট’চিন সিমাৰেখা’ কাক বোলে?

উত্তৰঃ প্লায়’চিন আৰু প্লাইষ্ট’চিন যুগক কাল্পনিকভাৱে ভাগ কৰাকে ‘প্লায়’ -প্লাইষ্ট’চিন সিমাৰেখা’ বোলা হয়।

৩৪। প্লাইষ্ট’চিন যুগত গ্ৰীষ্ম মণ্ডলৰ ওখ পৰ্বতসমূহৰ চিৰতুষাৰ ৰেখা কিমান ফুট তললৈ নামি আহিছিল?

উত্তৰঃ ৩৫০০ ফুট তললৈ নামি আহিছিল।

৩৫। জলাহ যোগ কাক বোলে?

উত্তৰঃ প্লাইষ্ট’চিন যুগৰ জলবায়ুক ‘বৃহৎ তুষাৰ কাল’ বুলি অভিহিত কৰা হৈছে যদিও সমগ্র পৃথিৱীৰ সেইসময়ত তুষাৰে আবৃত কৰি ৰখা নাছিল। উচ্চ ভূ-পৃষ্ঠ আৰু উচ্চ অক্ষাংশৰ ঠাইসমূহতহে হিমপ্ৰবাহৰ প্ৰভাৱ পৰিছিল। আনহাতে গ্ৰীষ্মপ্ৰধান আৰু বিষুব অঞ্চলত আন প্ৰকাৰৰ জলবায়ুৰ প্ৰভাৱ পৰিছিল। তুষাৰ কালৰ সমসাময়িক এই জলবায়ুক জলাহ যুগ বুলি জনা যায়।

৩৬। প্লাইষ্ট’চিন যুগত পৃথিৱীৰ কিমান মলিয়ন বৰ্গ মাইল বৰফে ঢাকি ৰাখিছিল?

উত্তৰঃ ১৭ মলিয়ন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top