Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Notes and select needs one.
Class 11 Anthropology Additional Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.
প্ৰাগৈতিহাসিক নৃতত্ত্ব
Chapter – 5
ANTHROPOLOGY
ADDITIONAL QUESTION ANSWER
১। প্ৰাক্ইতিহাস কাক বোলে?
উত্তৰঃ পৃথিৱীৰ মানুহৰ উৎপত্তি হোৱা দিনৰে পৰা মানুহে লিখিব জনা হোৱা সময়লৈকে এই কালছোৱাক প্ৰাক্ইতিহাস বুলি কোৱা হয়।
২। কোনটো নদীৰ সমভূমিত প্ৰথম লিপিৰ ব্যৱহাৰ হৈছিল?
উত্তৰঃ পশ্চিম এছিয়াৰ মেছ’পটেমিয়াৰ ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী।
৩। মানৱ ইতিহাসক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।
৪। মানৱ ইতিহাসক প্ৰধানকৈ কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ মানৱ ইতিহাসক প্ৰধান দুটা ভাগ হৈছে ―
(ক) লিখিত ইতিহাস।
(খ) প্ৰাক্ইতিহাস।
৫। প্ৰথমতে কত প্ৰাক্ইতিহাস বা প্ৰাগৈতিহাসিক নৃতত্ত্বৰ অধ্যায় আৰম্ভ হয়।
উত্তৰঃ ইউৰোপ দেশবোৰত।
৬। ইংৰাজী ভাষাত প্ৰাক্ইতিহাস শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰিছিল?
উত্তৰঃ ডেনিয়েল উইলছন।
৭। ডেনিয়েল উইলছনে লিখা কিতাপখনৰ নাম কি আছিল?
উত্তৰঃ “The Archaeology and Prehistoric Annals of Scotland”
৮। “The Archaeology and Prehistoric Annals of Scotland” কিতাপখন কিমান চনত ডেনিয়েল উইলছনে লিখিছিল?
উত্তৰঃ ১৮৫১ চনত।
৯। ছাৰ জ’ন লাবকে লিখা কিতাপখনৰ নাম কি?
উত্তৰঃ “Prehistoric Times”
১০। “Prehistoric Times” নামৰ কিতাপখন কিমান চনত ছাৰ জ’ন লাবকে প্ৰকাশ কৰিছিল?
উত্তৰঃ ১৮৬৫ চনত।
১১। ১৮৭১ চনত কোনে “Primitive Culture” গ্ৰন্থখন লিখিছিল?
উত্তৰঃ ছাৰ এডৱাৰ্ড টাইলৰ।
১২। M.C. Burkitt এ লিখা কিতাপখনৰ নাম কি?
উত্তৰঃ “The Old Stone Age”
১৩। প্ৰস্তুৰযুগত পোৱা সামগ্ৰীসমূহ কি কি আছিল?
উত্তৰঃ শিল, হাড় আৰু শিঙৰ সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, গুহাৰ ভিতৰত পোৱা চিত্ৰকলা, ফলমূলৰ গুটি, জন্তু-চৰাই আদিৰ হাড়-মূৰ ইত্যাদি।
১৪। প্ৰাক্ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছিল?
উত্তৰঃ তিনিটা ভাগত।
১৫। প্ৰাক্ইতিহাসক কি কি ভাগত ভাগ কৰা হৈছিল?
উত্তৰঃ প্ৰস্তুৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ।
১৬। নদীৰ প্ৰধান কাম দুটা কি কি?
উত্তৰঃ ক্ষয়ন আৰু অৱক্ষেপন।
১৭। নদীৰ বেদিকাবোৰ কি কি স্তৰেৰে গঠিত?
উত্তৰঃ সাধাৰণতে কংকৰ, বালি আৰু পলসৰ স্তৰেৰে গঠিত।
১৮। নদীৰ বেদিকাৰ স্তৰবোৰত কি পোৱা যায়?
উত্তৰঃ প্ৰাচীন যুগৰ সাংস্কৃতিক সমল আৰু প্লিষ্ট’চিন যুগৰ প্ৰাণীৰ জীৱাশ্ম পোৱা যায়।
১৯। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ কত পোৱা গৈছে?
উত্তৰঃ ভাৰতৰ চোহান, নৰ্মদা, গোদাবৰী, মালপ্ৰভা, ঘটপ্ৰভা আদি নদীৰ বেদিকাৰ স্তৰবিলাকত পোৱা যায়।
২০। কাল নিৰ্ণয় কৰা প্ৰণালী কেইপ্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

