Class 11 Anthropology Additional Chapter 4 মানৱ বিৱৰ্তন

Class 11 Anthropology Additional Chapter 4 মানৱ বিৱৰ্তন Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 4 মানৱ বিৱৰ্তন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 4 মানৱ বিৱৰ্তন Notes and select needs one.

Class 11 Anthropology Additional Chapter 4 মানৱ বিৱৰ্তন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

মানৱ বিৱৰ্তন

Chapter – 4

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। আৱয়বিক বা জৈৱিক নৃতত্ত্বৰ এটা প্ৰধান বিষয়বস্তু কি লিখা?

উত্তৰঃ মানৱ বিৱৰ্তন।

২। উইলিয়াম ডি. ষ্টেন্সফিল্ড মতে জীৱৰ উৎপত্তি সম্পৰ্কে  থকা অৱধাৰণা সমূহক কেইটা ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ দুটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। উইলিয়াম ডি. ষ্টেন্সফিল্ড মতে জীৱৰ উৎপত্তি সম্পৰ্কে  থকা অৱধাৰণা সমূহক কি কি ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ (ক) স্বয়ং সৃষ্টি সূত্ৰ। আৰু

(খ) সামাজিক সৃষ্টি।

৪। আৰ. এচ. লালে (R. S. Lull) এ জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিছে?

উত্তৰঃ চাৰিটা ভাগত।

৫। আৰ. এচ. লালে (R. S. Lull) এ জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে প্ৰধানকৈ কি কি ভাগত বিভক্ত কৰিছে?

উত্তৰঃ (১) অবিনশ্বৰ সূত্ৰ।

(২) বিশেষ সৃষ্টি সূত্ৰ।

(৩) সংহাৰ সূত্ৰ।

(৪) জৈৱ বিৱৰ্তন সূত্ৰ।

৬। কিমান চনৰ কিমান তাৰিখে মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছিল?

উত্তৰঃ ৪০০৪ চনৰ ২৩ অক্টোবৰ তাৰিখে।

৭। ঈশ্বৰে প্ৰথমতে কি নামৰ পুৰুষজনৰ সৃষ্টি কৰিছিল?

উত্তৰঃ আডম।

৮। আডমৰ কামীহাড়ৰ পৰা কি নামৰ নাৰীগৰাকীৰ আবিৰ্ভাৱ হৈছিল?

উত্তৰঃ ইভ নামৰ নাৰীগৰাকীৰ আবিৰ্ভাৱ হৈছিল।

৯। কোনে জীৱৰ আবিৰ্ভাৱ সম্পৰ্কে হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ থকা দশৱতাৰৰ উদাহৰণ ডাঙি ধৰিছে।

উত্তৰঃ ভুৱন মোহন দাস।

১০। এৰিষ্টোটলে জীৱৰ উৎপত্তি সম্পৰ্কে কি সূত্ৰ উপস্থাপন কৰিছিল?

উত্তৰঃ “স্বয়ং ভৱন” সূত্ৰ উপস্থাপন কৰিছিল।

১১। কাক আধুনিক জৈৱ বিৱৰ্তন ধাৰাৰ প্ৰৱৰ্তক বোলা হয়?

উত্তৰঃ বাফন।

১২। বাফনে উল্লেখ কৰা গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰঃ বাফনে ‘Histoire Naturelle’ নামৰ গ্ৰন্থখন উল্লেখ কৰিছিল।

১৩। কিমান চনত ‘Zoonomia’ শীৰ্ষক দীঘলীয়া পত্ৰত বিৱৰ্তনৰ বিষয়ে বাফনৰ অৱধাৰণাক কিছু বিস্তৃত ৰূপত প্ৰকাশ কৰে?

উত্তৰঃ ১৭৪৯ চনত।

১৪। কোনে  ১৭৪৯ চনত ‘Zoonomia’ শীৰ্ষক দীঘলীয়া পত্ৰত বিৱৰ্তনৰ বিষয়ে বাফনৰ অৱধাৰণাক কিছু বিস্তৃত ৰূপত প্ৰকাশ কৰে?

উত্তৰঃ এৰাচমাছ ডাৰউইন।

১৫। লেমাৰ্ক কোন আছিল?

উত্তৰঃ জৈৱ বিৱৰ্তনৰ মতবাদ আগবাঢ়োৱা প্ৰথমজন ব্যক্তি ফৰাচী বিজ্ঞানী লেমাৰ্ক আছিল।

১৬। লেমাৰ্ক সম্পূৰ্ণ নাম কি আছিল?

উত্তৰঃ লেমাৰ্ক সম্পূৰ্ণ নাম হল- জিন বেপটিষ্ট পাইৰি এনটইন ডি ম’নেট চেভালিয়াৰ ডি লেমাৰ্ক।

১৭। ১৮০৯ চনত কি নামৰ বিখ্যাত গ্ৰন্থখনত জৈৱ বিৱৰ্তন সম্পৰ্কে তেখেতৰ মতবাদ উপস্থাপন কৰিছিল?

উত্তৰঃ ‘ফিলচফি জুলজিক’ নামৰ বিখ্যাত গ্ৰন্থখনত জৈৱ বিৱৰ্তন সম্পৰ্কে তেখেতৰ মতবাদ উপস্থাপন কৰিছিল।

১৮। লেমাৰ্কে  আগবাঢ়োৱা জৈৱ বিৱৰ্তন সূত্ৰ এটা লিখা?

উত্তৰঃ নতুন প্ৰয়োজনত জীৱদেহত নতুন আৱশ্যকীয় অংগৰ সৃষ্টি হয়। 

১৯। চাৰ্লচ ৰবাৰ্ট ডাৰউইনক কি বোলা হয়?

উত্তৰঃ চাৰ্লচ ৰবাৰ্ট ডাৰউইনক জৈৱ বিৱৰ্তন সূত্ৰৰ জনক বোলা হয়।

২০। চাৰ্লচ ৰবাৰ্ট ডাৰউইনৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top