কাহিনী: বুঢ়া বুঢ়ী আৰু বগৰী গুটি | Burha Burhi Aru Bogori Guti

বুঢ়া বুঢ়ী আৰু বগৰী গুটি | Burha Burhi Aru Bogori Guti, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বুঢ়া বুঢ়ী আৰু বগৰী গুটি গল্প, সাধুকথা, অসমীয়া কাহিনী, বুঢ়া বুঢ়ী আৰু বগৰী গুটি কথা, শিশুৰ বাবে কাহিনী, বুঢ়া বুঢ়ীয়ে বগৰী গুটি ৰোৱা কাহিনী

এহাল বুঢ়া বুঢ়ী আছিল। এদিন দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰী গুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়ো ঘৰলৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থলে। অৱশেষত কড়ি পচি গল, বগৰী গুটিৰ এটা পুলি গজি এজোপা গছ হৈ বগৰী লাগি পকি আছে। 

বুঢ়াই সদায় বগৰী ৰাখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, “হেৰ কাউৰী, হেৰ কাউৰী, তই মোৰ বগৰী ৰাখিব পাৰিবি নে?” সি ঘপ কৰে “তাত সংশয় নাই ” – বুলি উত্তৰ দিলে। বুঢ়াই কলে, “বাৰু তোৰ মাতটো মোক মাতি শুনাচোন।” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি কলে, “যা, যা, যা তই মোৰ বগৰী খাবিহে।” তাৰ অলপ পিছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, “হেৰ বগলী, তই মোৰ বগলী ৰাখিব।

পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে, “পাৰিম তো, নোৱাৰাৰ কাৰণ কি?” বুঢ়াই কলে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন।” তেতিয়া বগলীয়ে “কক কক” কৰে মাতিবলৈ ধৰিলত “তই বগৰী খাবিহে” – বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, “হেৰ ফেঁচু, তই মোৰ বগৰী ৰাখিব পাৰিবি নে?” ফেঁচুৱে কলে, “যদি তুমি কোৱা মই ৰাখিব পাৰোঁ।” বুঢ়াই কলে, “বাৰু, তই তোৰ মাতটো মাতি মোক শুনাচোন।” ফেঁচুৱে মাতিবলৈ ধৰিলে।

“ফেঁচু চু ফেঁচাই মৰা।

মেই ফেঁচু মানুহ মৰা।”

মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰাখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰাখিবলৈ লাগিল।

এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকেইটাই বগৰী গছত উঠি আদখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে। মানুহকিটা নিৰূপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু কলে, “মোক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব।” ৰজা আকৌ চিকাৰলৈ গলত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, “বাইদেউহত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ।” এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে। চৰাইটোৱে তেওঁলোকৰ  আগত বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁকলোকে তেতিয়া নাচ দেখি আনন্দত বিভোল হল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেউজনিনি বিবুধি হৈ চুক ভেকুলী এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিলে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি কলে, “হেৰ ৰজা কালি তই মোক খাব নোৱাৰিলি; খালি ভেকুলী ভজা।” ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেইজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই বৈ থাকিল।

Read Also: Click here

NOTE: কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বুঢ়া বুঢ়ী আৰু বগৰী গুটি এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এহাল বুঢ়া বুঢ়ী আৰু বগৰী গুটি লৈ হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। বুঢ়া বুঢ়ী আৰু বগৰী গুটি এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।  

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top