কৰুৱা চৰাই আৰু বামুণৰ সাধু | Koruwa Sorai Aru Bamunor Hadhu

কৰুৱা চৰাই আৰু বামুণৰ সাধু | Koruwa Sorai Aru Bamunor Hadhu, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, কৰুৱা চৰাই আৰু বামুণৰ সাধ গল্প, সাধু কথা, অসমীয়া কাহিনী, কৰুৱা চৰাই আৰু বামুণৰ কথা, শিশুৰ বাবে কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এহাল নিমাখিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌ পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে কবলৈ ধৰিলে – “পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কৰুৱা চৰাইটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাওঁ দি আপোনা আপুনি কয়, “মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হবি!” সি মাছৰ কথাকে ভাবি গুণী থাকিল শোকত লাহে লাহে শুকাই ক্ষিণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি লৰা উপজিল। লৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা লবলৈ বিচাৰিছিল। বামুণ বামুণীয়ে লৰাৰ মুখ দেখি ভোক পিয়াঁহলৈ পাহৰিছিল।

আজি কালিলৈ লৰাটো ডাঙৰ হৈ আছিল। ৰূপে গুণে লৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ লৰাটো ইমান মোহ লগা হৈছিল যে বামুণ বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। লৰাটি সফল ডেকা লওঁতেই বিধাতাৰ বিৰম্বনাত নিঠুৰ কালে বামুণ বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গল। যি দিন ধৰি লৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুলো নুগুচা হল। দুয়োৰো খাৱৰ শোৱৰ গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধামৰা হল। “কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা গধূলি সদায় ঘেটকালি থাকিলে সি কেনে পায়” – এইবুলি বামুণে ঢেকীটোকে নিতৌ ঘুমূৰ ঘুমূৰকৈ যমৰ হিয়া খুন্দিছো বুলি কৈ খুন্দি থাকে। 

বামুণে এনেকৈ দুখ বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি, এদিন ৰাতি যমে বামুণক সপোনত কলে, “তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথোন মই এটা কথা কওঁ তাকে তুমি কৰিবা – কাইলৈ তুমি ভিতৰৰপৰা দুৱাৰ পাৰি তোমাৰ গোঁসাই ঘৰতে শুবা আৰু তিনিটিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে তোমাক জগাবলৈ হাক দিবা।”

পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি ছিঙি কৈ সেই মতেই তেওঁৰ গোঁসাই ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ তেতিয়া ভৰ টোপনি আহিল তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰী পোৱালেগৈ। বামুণে যমপুৰীত কত যে লীলা খেলা দেখিলে তাৰ সীমা সংখ্যা নাই; যমদূতে কোনো কোনো পাপীত হালে হালে সাঙুৰি খুন্দি তাওঁ কৰিছে; কোনোক ওভোতাই মোট চেলাই খাৰণীত জুবুৰিয়াইছে; আঘাইতং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি মহ টনাদি টানি নি নৰককুণ্ডত পেলাইছে; যমদূতবোৰ জুমে জুমে ঘূৰি ফুৰিছে, হো হা কৰি আহিছে গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি  বামুণৰ শ্ৰুতি বুদ্ধি হেৰাল আৰু বতাহত আহতৰ পাত কপাদি ভয়ত বামুণ কপিবলৈ ধৰিলে।

দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠকঠক কৰে কপা দেখি যমে তেওঁক কলে – “বুপদেউ তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই?” বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক কলে যে “হয় মহাৰাজ, মোৰ পো সৌটো।” বামুণৰ উত্তৰ শুনি যমে কলে, “তাক ইয়ালৈ মাতাচোন; যদি সি নাহে তেন্তে তুমিয়েই তাক মাতি অনাগৈ।” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ “হেৰ, বোপাই, মই আহিছোঁ নহয়; তই এইপিনে আহচোন” – বুলি মাতিলে। বামুণ এইদৰে তিনি চাৰিবাৰ মাতাতো পুতেকে তেঁওৰফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘোকোটা মাৰি কলে, “হেৰ, বোপাই এইফালে চাচোন, মই তোৰ বেপাৰ।” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মনেৰে কবলৈ ধৰিলে, “তই মোক কৰ পো পাইছহি অ’? মই তোৰ পুতেক নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পোটোক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছে নে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, টোৰ মনত মই তেনেকুৱা জুই দি গুচি আহিলোঁ।”

পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত কলে যে, “সেইটো মোৰ পো নহয়।” বামুণৰ কথা শুনি যমে তেওঁক কলে, “তোমালোকে মোক অকাৰণত দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” – এই বুলি যমে দূৰত চকুলৈ চাই ঠাৰ দিলত, দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোঁসাই ঘৰ পোৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি পাতি কলে, আৰু তেতিয়াৰে পৰা বামুণ বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।

NOTE: কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। কৰুৱা চৰাই আৰু বামুণৰ সাধু এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। এটা কৰুৱা চৰাই আৰু বামুণৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। কৰুৱা চৰাই আৰু বামুণৰ এই সাধু পঢ়ুৱৈসকল অতিকৈ আনন্দিত হʼব বুলি আশা কৰিলোঁ।  

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top