গ্রন্থমেলা ৰচনা | Book Fair Essay in Assamese

গ্রন্থমেলা ৰচনা | Book Fair Essay in Assamese

Join Telegram channel

গ্ৰন্থ মানৱ জীৱনৰ অমূল্য সম্পদ। সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই গ্ৰহণ কৰে বৰণীয়া ভূমিকা। গ্ৰন্থই ৰচনা কৰে মানসিক সেঁতুবন্ধন।

গ্ৰন্থ আৰু গ্ৰন্থমেলা | Book and Book Fair

মানুহৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম। কিতাপ নথকা ঘৰক খিৰিকীহীন কোঠাৰ লগত তুলনা কৰা হয়। সেই বাবে গ্ৰন্থৰ মেলা হ’ল জ্ঞান-বিস্তাৰৰ মেলা। গ্রন্থমেলা লেখক, পাঠক, প্রকাশকৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্রকাশকে তাক ৰুচিসন্মতভাৱে ধুনীয়াকৈ নির্ভুলভাৱে ছপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে। এই তিনিওৰে উপযুক্ত সংযোগ নহ’লে ভাল গ্রন্থ নোলায়।

গ্রন্থমেলা ৰচনা | Book Fair Essay in Assamese

বিশ্বৰ বিভিন্ন গ্রন্থমেলা | Various Book Fairs Around the World

গ্রন্থমেলাই গ্ৰন্থ-চেতনা-সৃষ্টি কৰে ৷ গ্ৰন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একেঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্রন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে দুবছৰে এনেবোৰ মেলা বহে। সিবোৰত কোটি-কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। নেদাৰলেণ্ডত প্ৰতি বছৰে ১ নিযুত গ্ৰন্থ বিক্ৰী হয় বুলি জনা যায়। দ্বাদশ বিশ্ব গ্রন্থমেলাত ২০ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি প্ৰকাশ। আন্তর্জাতিক পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হয় ফ্রাংকফুর্ট, মস্কো, কাইৰো, লণ্ডন, চিংগাপুৰ, মেনিলা, বাহৰেইণ্ আদি ঠাইত, তদুপৰি মেক্সিকো, আংকাৰা, ত্রিনিদাদ আৰু টবেগো, জিম্বাবুৱে, হাভানা, কুৱালালামপুৰ, মৰিছাছ, বেলগ্রেড্‌, খাতুম, ঢাকা আদিতো বিশাল গ্রন্থমেলা হয়। ভাৰতে সেইবোৰত অংশগ্ৰহণ কৰি আহিছে।

Read Also: পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা | Atomic Energy and India Essay in Assamese

অসমৰ গ্ৰন্থমেলা | Book Fair in Assam

গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবে এই শতিকাৰ তৃতীয় দশক মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্রন্থ বিক্ৰীৰ সৰু-বৰ উদ্যোগে গঢ় লৈ উঠিছিল ৷ মেলা জাতীয় অনুষ্ঠানতো গ্রন্থ বিক্ৰী আৰম্ভ হৈছিল। কেৰেলা, পশ্চিমবংগ, ত্ৰিপুৰা, আদিত হোৱা গ্ৰন্থমেলাবোৰে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয়।

ভাৰতৰ গ্ৰন্থমেলা | Book Fair of India

জাতীয় গ্রন্থ ন্যাসে (National Book Trust) গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰি আহিছে। গ্রন্থমেলা আয়োজন কৰি এই সংস্থাটোৱে কৃতিত্ব অর্জন কৰিছে। অসমত অসম সাহিত্য সভাৰ অধিৱেশনবোৰৰ লগত কিতাপৰ মেলা বহাৰ নিয়ম। পিছে শেহতীয়াকৈ আনন্দমেলাৰ প্ৰকোপত কিতাপৰ বিক্ৰী নোহোৱাৰ নিচিনাই। অসমত প্ৰথম গ্রন্থমেলা বুলিলে ১৯৭৮ চনত নগাঁৱৰ নেহেৰুবালিত হোৱা মেলাৰ কথা কোৱা হয়। পিছে বহলকৈ আনুষ্ঠানিক গ্রন্থমেলা হৈছিল গুৱাহাটীতে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰৰপৰা অসম প্ৰকাশন পৰিষদ ৰূপালী জয়ন্তী উপলক্ষে। এন. বি. টি-ৰ সহযোগত সুচাৰুৰূপে কৃতকাৰ্যতাৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। এতিয়াও বছৰৰ শেষত গুৱাহাটীত এইখন গ্ৰন্থমেলা হৈ আছে। কিন্তু তাৰ আগৰ প্ৰাচুৰ্য হেৰাই গৈছে। আনহাতে ১৯৯৮ চনৰপৰা উত্তৰ পূৰ্বাঞ্চলৰ আন্তর্জাতিক (NEBF) গ্রন্থমেলাখনে পাঠকৰ বিশেষ সমাদৰ লাভ কৰি আহিছে।

Read Also: Class 11th Education Solution

গন্থমেলাৰ আকৰ্ষণ | The Attraction of the Book fair

অসমৰ আন আন ঠাইতো গ্ৰন্থমেলা হ’বলৈ ধৰাটো সুখৰ কথা৷ আজি কিছুদিন ধৰি যোৰহাট, শিৱসাগৰ, দুলিয়াজান, তিনিচুকীয়া, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা আদিত আনুষ্ঠানিক গ্ৰন্থমেলা হৈছে। কোনো কোনো প্রকাশকে নিজাববীয়াকৈ গ্রন্থমেলা পতাও দেখা যায়। দুবছৰমান আগতে এন. বি. টি-ৰ উদ্যোগত চলন্ত গ্ৰন্থমেলা অসমৰ বহু ঠাইত হৈছিল।

গ্ৰন্থমেলাৰ লগত আলোচনা চক্ৰকে ধৰি কিছুমান সাহিত্য অনুষ্ঠানৰো আয়োজন কৰা হয়। মই নিজে তেনে অনুষ্ঠান উপভোগ কৰি উপকৃত হৈছো। ছাত্ৰ-ছাত্ৰীৰ উপযোগী অনুষ্ঠান সৰহকৈ দিব পাৰিলে ভাল হ’ব।

সামৰণি

এটা অভিযোগ শুনা যায় গ্রন্থমেলা বেছি হৈছে কিন্তু নতুন কিতাপৰ সংখ্যা তেনেদৰে বঢ়া নাই। অসমৰ জাতীয় উন্নতিৰ বাবে প্ৰকাশকসকলে পাঠকৰ বাবে নতুন নতুন গ্ৰন্থ যোগান ধৰিব লাগিব। প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঞিয়ে কিতাপক “জীৱনৰ সঞ্জীৱনী সুধা” বুলিছে। সেই বাবে আমাক প্রতি বছৰে নতুন নতুন ভাল কিতাপ লাগে। তাৰ ঠাইত একেবোৰ কিতাপকে দেখি থাকিলে গ্রন্থমেলাৰ প্ৰতি পাঠকৰ আকৰ্ষণ নোহোৱা হ’ব। গ্ৰন্থমেলাৰ আয়োজনতো বিজ্ঞজনহে থকা উচিত। সম্পূর্ণ ব্যৱসায়িক স্বাৰ্থত এনে মেলা পাতিলে গ্রন্থ-গ্রন্থকাৰ অথবা পাঠক কাৰো কল্যাণ নহয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top