পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা | Atomic Energy and India Essay in Assamese

পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা | Atomic Energy and India Essay in Assamese

Join Telegram channel

আদিম মানৱ-সমাজত শ্রেণী বিভাজন নাছিল। সকলোৱে মিলি জুলি সাম্যবাদী ভাৱধাৰাৰে জীৱন-যাপন কৰিছিল। ফলত তেওঁলোকৰ মাজত ভেদাভেদৰ সৃষ্টি হোৱা নাছিল। কিন্তু মানৱ-সভ্যতা যিহেতু শ্রেণী দ্বন্দ্ব আৰু শ্রেণী সংগ্ৰামৰ ইতিহাসক লৈয়ে ধাৱমান, সেয়ে শ্রেণী বিভক্ত সমাজৰ উৎপত্তিৰ লগে লগে মাৱন সমাজত উচ্চ-নীচৰ ভেদাভেদ, জাতিগত হিংসা-দ্বেষ, যুদ্ধ-বিগ্রহ আদিৰ উদ্ভৱ হ’বলৈ ধৰে। মানৱ-সভ্যতাই প্রথম ভুমুকি মৰা দিনৰেপৰা আজিলৈকে মানৱ সভ্যতাৰ ইতিহাস খুঁচৰি গ’লে আমি দেখিবলৈ পাম যে বিভিন্ন অজুহাতৰ সুযোগ লৈ যুদ্ধ, সংঘাত আৰু ৰক্তপাতৰ মাজেদিয়েই মানৱ সভ্যতাই অহৰহ গতি কৰি আছে।

পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা | Atomic Energy and India Essay in Assamese

পৰমাণু শক্তি আৰু ভাৰতবৰ্ষ ৰচনা | Atomic Energy and India Essay in Assamese

আধুনিক বিজ্ঞান প্রযুক্তি যুগত মানৱ সভ্যতাৰ এই প্ৰক্ৰিয়া ইমান সুকৌশলেৰে চালিত হয় যে সৰ্বসাধাৰণ লোকৰ পক্ষে ইয়াক অনুধাৱন কৰা সহজ নহয়। প্রাচীন কালৰেপৰা যুদ্ধই শৌর্য-বীৰ্যৰ প্রতীক ৰূপে মানৱৰ মনত যি খোপনি পুতি লৈছিল তাক আজিও মানৱমনে মনৰপৰা আঁতৰ কৰিব পৰা নাই। ইয়াৰ ফলস্বৰূপেই এজনৰ বিনাশেৰে অন্য এজনে নিজক সুৰিক্ষিত কৰাৰ প্ৰচেষ্টা মানৱ সভ্যতাত অব্যাহত ৰাখিছে। মানৱ সভ্যতা দ্রুত গতিত আগবঢ়াৰ লগে লগে মানুহেও হিংস্ৰতৰ নতুন নতুন অস্ত্ৰ আৱিষ্কাৰ কৰি মানৱ সভ্যতাত ধ্বংস যজ্ঞ সৃষ্টি কৰাৰ উন্মাদনাত ইচ্ছা অনিচ্ছা সত্ত্বেও জড়িত হৈ পৰিব লগীয়া হৈছে।

ভাৰত এখনি শান্তিকামী দেশ। সেয়ে ভাৰতে নিজস্বভাৱে আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে সমগ্র বিশ্বক শান্তিৰ আলয় ৰূপ গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও ভাৰতবৰ্ষ বা ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰচেষ্টাই পৃথিৱীৰ বুকুৰপৰা আজিও যুদ্ধ-বিগ্ৰহত দূৰলৈ আঁতৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই। কাৰণ যিমান দিনলৈকে ৰণ-উন্মাদ, শক্তি-দুৰ্মদ জাতিসমূহৰ মনৰপৰা যুদ্ধ-স্পৃহা আঁতৰি নাযাব সিমান দিনলৈকে শান্তি স্থাপন হোৱাৰ আকাংক্ষাও দূৰাকাংক্ষা হৈয়েই থাকিব। যদিও পৃথিৱীত সম্পূর্ণ শান্তি প্রতিষ্ঠা কৰা সহজ নহয় তথাপি শান্তিকামী দেশসমূহৰ মিলিত প্রচেষ্টাই পৃথিৱীৰ বুকুৰপৰা যুদ্ধ-বিগ্ৰহৰ প্ৰৱণতাৰ তীব্রতা ভালেখিনি উপশম কৰিবলৈ সক্ষম নোহোৱাকৈ থকা নাই। সাম্প্ৰতিক বিজ্ঞান-প্ৰযুক্তিৰ যুগত শক্তিশালী দেশ এখনে যে সন্মিলিত ৰাষ্ট্ৰসংঘত বৃহত্তৰ ভূমিকা পালন কৰা দেখা যায়। এনে পটভূমিত বিশ্বত শান্তি প্রতিষ্ঠা কৰিবলৈ সততে আগ্রহী ভাৰতবৰ্ষই বিশ্বৰ বুকুত নিজক শক্তিশালী ৰূপে উপস্থাপন কৰিব পাৰিলেহে বিশ্বৰ বুকুত শান্তি প্রতিষ্ঠা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিব। তদুপৰি প্ৰত্যেক, দেশৰে বহিঃআক্ৰমণৰপৰা নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে। শক্তিশালী জনেহে আত্মৰক্ষা কৰিব পাৰে। এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টা হাতত ল’ব লগা হয়।

Read Also: ভাৰতৰ খাদ্য সমস্যা ৰচনা | India’s Food Problem Essay in Assamese

পৰমাণু শক্তি কমিচন গঠন | Formation of Atomic Energy Commission

বিশ্বৰ বুকুত নিজৰ অস্তিত্ব বজাই ৰখাৰ স্বাৰ্থত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ পিছতে অর্থাৎ ১৯৪৮ চনত ভাৰতবৰ্ষত পৰমাণু শক্তি কমিচন গঠন কৰা হয়। পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা অব্যাহতভাৱে চলাই ৰাখিবৰ নিমিত্তেই এই কমিচনৰ সৃষ্টি কৰি ১৯৫৫ চনত এই কমিচনে ভাবা এটমিক ৰিছাৰ্চ চেণ্টাৰ স্থাপন কৰে। ইয়াৰ অঙ্গ হিচাপে ১৯৬২ চনত নাঙ্গল হেভী ওৱাটাৰ প্লেণ্ট আৰু ১৯৬৭ চনত ইউৰেনিয়াম কর্পোৰেচন অব্ ইণ্ডিয়া লিমিটেড” নামে দুটা প্ৰতিষ্ঠানৰ জন্ম হয়। ভাবা গৱেষণা কেন্দ্রই ১৯৭২ চনত ‘পূৰ্ণিমা ৰিয়েক্টৰ’ নিৰ্মাণ কৰি উলিয়ায়। এনেদৰে ভাৰতবৰ্ষৰ পৰমাণু গৱেষণা কাৰ্যই অগ্রগতি লাভ কৰাৰ পাচত, ১৯৭৪ চনত ‘ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ভাৰতবৰ্ষই পোখৰাণত প্ৰথম পৰমাণু বোমাৰ বিস্ফোৰণ ঘটাবলৈ সক্ষম হয়। এই প্ৰসংগতে উল্লেখ কৰা প্ৰয়োজন যে দেশে স্বাধীনতা লাভ কৰাৰ পাচত, পঞ্চাশৰ দশকৰ মাজ ভাগৰপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টা চলাই থকা অৱস্থাতে আন্তর্জাতিক বাধা-নিষেধৰ প্ৰতি সন্মান জনাই এই প্রচেষ্টা শিথিল কৰি তোলে যদিও ১৯৬২ চনত চীনদেশে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ পিছৰেপৰা ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণ কাৰ্যসূচীত আধিক মনোযোগ দিবলৈ বাধ্য হৈ পৰে।

১৯৭৪ চনৰপৰা ভাৰতবৰ্ষৰ পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টাই দ্রুত গতি লাভ কৰে। এই কাৰ্যসূচীক অধিক গতি সম্পন্ন কৰি তুলিবলৈ ১৯৭৭ চনত বৰোদাত আৰু ১৯৭৮ চনত টুটিকোৰিনত অন্য দুটা হেভী ওৱাটাৰ প্লেণ্ট নিৰ্মাণ কৰা হয়। ১৯৭২ চনত ভাবা গৱেষণা কেন্দ্ৰত প্ৰথম “পূর্ণিমা ৰিয়েক্টৰ” নিৰ্মাণ কৰি উলিওৱাৰ পিছত ১৯৮৪ চনত “পূৰ্ণিমা-২ ৰিয়েক্টৰ” নির্মিত হয়। প্রয়োজন অনুযায়ী ১৯৮৫ চনত তালচেৰ আৰু কোটাত অন্য দুটা হেভী ওৱাটাৰ প্লেণ্ট নিৰ্মাণ কৰা লগতে ১৯৮৭ চনত থানেত আন এটা হেভী ওৱাটাৰ প্লেণ্ট নির্মিত হয়। অগ্ৰগতিৰ পথেদি আগবঢ়া এই কাৰ্যসূচীৰ অনুৰূপ কাৰ্য হিচাপে ১৯৮৯ চনত ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত কোল্ড ফিউচন ঘটোৱা কাৰ্য সম্পন্ন কৰা হয় ৷ ১৯৯১ আৰু ৯২ চনত নৰোৰা এটমিক পাৱাৰ ষ্টেচনৰ ১ নং আৰু ২ নং গোট কার্যক্ষম কৰি গঢ়ি তোলা হয় আৰু ১৯৯৬ চনত “কামিনী ৰিয়েক্টৰ” প্রচলিত হয়।

পৰমাণু শক্তিৰ অধিকাৰী ভাৰতবৰ্ষ | India is the possessor of nuclear power

১৯৯৮ চনৰ ১১ আৰু ১৩ মে’ তাৰিখ দুটাত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ৰাজস্থানৰ পোখৰাণ অঞ্চলত মাটিৰ তলত প্রথম দিনা আবেলি ৩-৪৫ মিনিটত এটা হাইড্রোজেন বোমা আৰু দুটা কম ক্ষমতাসম্পন্ন প্লুটোনিয়াম বোমাৰ বিস্ফোৰণ আৰু দ্বিতীয় দিনা পোখৰাণতে অন্য দুটি পরমাণু বোমাৰ বিস্ফোৰণ কার্য সম্পন্ন কৰাৰ লগে লগে ভাৰতবৰ্ষ বিশ্বৰ পাঁচখন পৰমাণু শক্তিৰ অধিকাৰী দেশ মার্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ৰাছিয়া, চীন আৰু বৃটেনৰ সৈতে একে শাৰীত অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হয়। সেই একে তাৰিখতে অৰ্থাৎ ১১ মে’ত প্ৰতিৰক্ষা দপ্তৰৰ উদ্যোগত উৰিষ্যাৰ চাঁদিপুৰৰ পৰা ভূ-পৃষ্ঠত তীব্ৰগতিৰে গতি কৰিব পৰা ত্রিশূল ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক বিস্ফোৰণ কাৰ্যসূচী সফলতাৰে সমাধা কৰাৰ লগে লগে ভাৰত চৰকাৰে বিশ্ববাসীৰ আগত এই কথা স্পষ্ট কৈ ঘোষণা কৰি কয় যে ভাৰতে কোনো নির্দিষ্ট দেশৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ উদ্দেশ্য পৰমাণু কাৰ্য্যসূচী ৰূপায়ণ কৰা নাই। ভাৰতবৰ্ষও যে এখনি শক্তিশালী দেশ এইকথা বিশ্ববাসীক অৱগত কৰাবলৈহে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

প্রতিক্রিয়া | Feedback

পৰমাণু শক্তিৰ অধিকাৰী হিচাপে ভাৰতবৰ্ষই দেশ-বিদেশত নানা প্ৰতিক্ৰিয়াৰ খলকনি তোলে। শক্তিশালী লোক এজনে আন এজনক তেওঁৰ সমকক্ষ হোৱা কেতিয়াও নিবিচাৰে। শক্তিশালী দেশসমূহৰ ক্ষেত্ৰতো কথাষাৰ সমানেই প্রযোজ্য। সেয়ে বিশ্বৰ শক্তিশালী দেশ আমেৰিকা, জার্মান, ব্রিটেইন, জাপান আদি দেশে ভাৰতবৰ্ষই পৰমাণু শক্তি বিস্ফোৰণ ঘটোৱা কার্যত বিৰূপ প্রতিক্রিয়া প্ৰকাশ কৰাৰ লগতে ভাৰতবৰ্ষক সচৰাচৰ দি অহা নানা ধৰণৰ উন্নয়নমূলক প্রকল্পসমূহত দিব লগা আর্থিক সাহায্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ ভাবুকি দিয়ে যদিও ভাৰতবৰ্ষৰ বিশাল বজাৰখনৰ লোভ এইবোৰ দেশে ত্যাগ কৰাটো সহজসাধ্য নহয় বাবে এনে অর্থনৈতিক নিষেধাজ্ঞাই কোনোপধ্যে ভাৰতবৰ্ষক বিচলিত কৰিব নোৱাৰে।

এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সচিব প্রধানেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্য হ’ল “পৰমাণু পৰীক্ষাৰ ওপৰত বহুদিন ধৰি এক আওপকীয়া নিষেধাজ্ঞা জাৰীকৰণ প্ৰক্ৰিয়া চলি আছিল। সেয়ে ভাৰতবৰ্ষৰ এই কাৰ্য আন্তর্জাতিক ঐক্যমতৰ সৈতে সঙ্গতিপূৰ্ণ নহয়।” মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতক চৰ্তবিহীনভাৱে চি. টি. বি.টি.-ত চহী কৰাৰ বাবে অহবান জনাই যদিও চি. টি. বি. টি-ৰ সাম্প্ৰতিক গাঁথনিত সন্মতি জনালে ভাৰতবৰ্ষৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা বিদ্যমান হেতু ভাৰতে এই চুক্তিত চহী কৰাৰ পৰা বিৰত থকা সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যতঃ এই চুক্তি খনক অকার্যকৰী কৰি তুলিবলৈ সক্ষম হৈছে।

ভাৰতৰ এই পৰমাণু শক্তি বিস্ফোৰণত সবাতোকৈ অধিক প্রতিক্রিয়া প্ৰকাশ কৰিছে চুবুৰীয়া দেশ পাকিস্তানে। পাকিস্তানেও ভাৰতবৰ্ষৰ বিস্ফোৰণৰ উত্তৰ স্বৰূপে ২৮ মে, ১৯৯৮ চনৰ দিনাখন বেলুচিস্তানৰ চাঘাই অঞ্চলত এটা এটাকৈ পাঁচটা আৰু ৩০ মে’ত আন এটা বিস্ফোৰণ ঘটাই নিজ প্রতিক্রিয়া প্ৰকাশ কৰে।

ওপৰত বিস্ফোৰণজনতি বিদেশৰ প্ৰতিক্ৰিয়াৰ এটি চমু আভাস দিয়া হ’লেও ভাৰতৰ আভ্যন্তৰতো এই বিস্ফোৰণে নানা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি নকৰাকৈ থকা নাই। সৰহসংখ্যক জনসাধাৰণ আৰু অধিক সংখ্যক ৰাজনৈতিক দল আৰু কমসংখ্যক লোকেহে এই বিস্ফোৰণৰ বিৰুদ্ধে নিজ-নিজ প্রতিক্রিয়া প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ দৰে বিভিন্ন ভাষা-ভাষী, বিভিন্ন জাতি-গোষ্ঠী থকা বিশাল আয়তনৰ বৃহৎ জনসংখ্যাৰ দেশ এখনৰ বাবে এনে মিশ্ৰ প্ৰতিক্ৰিয়া কোনো অস্বাভাৱিক ঘটনা নহয়। থোৰতে ক’বলৈ হ’লে এই বিস্ফোৰণে বিশ্ববাসীৰ সন্মুখত ভাৰতবৰ্ষকো এখনি শক্তিশালী দেশত পৰিগণিত কৰাত সৰ্বসাধাৰণ নাগৰিকে ইয়াক আনন্দ প্রকাশেৰে আদৰণি জনাইছে।

Read Also: Class 11th Education Solution

বিস্ফোৰণৰ প্রয়োজনীয়তা | The need for explosions

“শান্তিকামী দেশ হিচাপে ভাৰতে পৃথিৱীৰ বুকুৰপৰা সমস্ত ধৰণৰ পাৰমাণৱিক অস্ত্ৰ অপসাৰণ হোৱাটো বিচাৰে” -এই উক্তি হ’ল ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ। সন্দেহ নাই, এই উক্তিৰ মাজেদি প্রকাশিত হৈছে ভাৰতীয় শান্তিকামী জনগণৰ একান্ত মনৰ বাসনা। তত্ৰাচ, এইগৰাকী প্রথিতযশা প্রধানমন্ত্ৰীৰ কাৰ্যকলাতে ভাৰতবৰ্ষই পৰমাণু শক্তি কমিচন গঠন কৰি পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টা হাতত ল’ব লগা হৈছিল। নেহৰুৰ দৰে গভীৰ চিন্তাশীল আৰু বিচক্ষণ ৰাজনৈতিক নেতা এগৰাকীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছিল যে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰপৰা কেতিয়াবা কোনো কাৰণবশতঃ ভাৰতবৰ্ষৰ নিৰাপত্তা বিঘ্নিত হ’ব পাৰে।

বিশেষকৈ পাকিস্তানক লৈ এই চিন্তা সর্বাধিক আছিল৷ কাৰণ পাকিস্তান আৰু চীনৰ সৈতে সু-সম্পর্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিও ঈপ্সিত সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আনহাতে ভাৰতে পাকিস্তানৰ সৈতে ১৯৬১, ১৯৬৫ আৰু ১৯৭১ চনত তিনিখন যুদ্ধত লিপ্ত হ’ব লগাত পৰিছিল। ১৯৬২ চনত চীনে ভাৰতবৰ্ষ আক্ৰমণ কৰা দিন ধৰি চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক অহি নকুল সদৃশ হৈ পৰে। গতিকে এই দুই চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষই আত্মৰক্ষা আৰু দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত নিজকে শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। তাতে আকৌ, পাকিস্তান আৰু চীন এই দুয়োখন দেশৰ ক্ষেপণাস্ত্ৰৰ আয়ত্তৰ মাজত ভাৰতবৰ্ষৰ অৱস্থান বিৰাজমান হেতু ভাৰতৰ পক্ষে এই দুখন দেশৰ ফালৰপৰা নিৰাপত্তা বিঘ্নিত হোৱাৰ আশঙ্কা কোনোপধ্যে নুই কৰিব নোৱাৰি। এনে পৰিস্থিতিত ভাৰতে হাত সাৱটি বহি থাকিলে ই দেশৰ নিৰাপত্তাৰ পক্ষে অহিতকৰ হ’ব।

তদুপৰি প্ৰত্যেক দেশৰে আত্মৰক্ষা আৰু নিৰাপত্তা ৰক্ষাৰ সম্পূৰ্ণ অধিকাৰ আছে। এনে অধিকাৰৰ সু-প্ৰয়োগ ঘটাই বিশ্বৰ বুকুত নিজক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাব পাৰিলেহে ভাৰতে বিচৰা বিশ্ব-শান্তি প্ৰতিষ্ঠাৰ বাট মুকলি হ’ব। কাৰণ সজ কথা হ’লেও দুৰ্বল জনৰ কথালৈ কাণ নিদিয়াটোয়ে বাস্তৱ ৰীতি। এই প্ৰসংগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ১৯৯৮ চনৰ ১৬ মে’ত কৰা ঘোষণা বিশেষ প্রণিধানযোগ্য। বাজপেয়ীৰ ঘোষণাটি হ’ল : “আমি যুদ্ধ নিবিচাৰো। শান্তিহে বিচাৰো। আনৰ সৈতে সংঘাতত জড়িত হ’বলৈও নিবিচাৰোঁ। নিজৰ সুৰক্ষাৰ বাবেই আমি পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। তাৰ বাবে আমি সাজু। গতিকে, ভাৰতৰ পৰমাণু বিস্ফোৰণ হ’ল পৃথিৱীৰ বুকুৰপৰা চিৰদিনৰ বাবে পৰমাণু অস্ত্ৰৰ অপসাৰণৰ প্ৰস্তুতি মাথোঁ।

সামৰণি

ভাৰতবৰ্ষই পৰমাণু শক্তিৰ বিস্ফোৰণ ঘটোৱাৰ লগে লগে সমগ্ৰ বিশ্বত শক্তিশালী দেশকেইখনৰ নেতৃত্বত এটা বৈষম্যমূলক হৈ-চৈৰ সৃষ্টি কৰা হয়। ইয়াৰ অৰ্থ হ’ল এই শক্তিশালী দেশসমূহে ভাৰতবৰ্ষক দুৰ্বল কৰি ৰাখি নিজৰ শক্তিশালী ভূমিকাৰে বিশ্বৰ বুকুত নিজৰ নিজৰ আধিপত্য বজাই ৰখা। কিয়নো ভাৰতবৰ্ষই মাত্র ৬ টা বিস্ফোরণ ঘটোৱা কাৰ্যত চৰম বিতুষ্টি প্ৰকাশ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়ালৈকে ১০৩২ টা, ৰাছিয়াই ৭১৫ টা, ফ্রান্সে ২১০ টা আৰু ব্ৰিটেইনে ৪৫ টা বিস্ফোৰণ ঘটাইছে। শক্তিশালী দেশসমূহৰ এনে বৈষম্যমূলক দৃষ্টিভংগীয়েই হ’ল বিশ্ব-শান্তিৰ পক্ষে প্রধান অন্তৰায় স্বৰূপ৷ পৰমাণু শক্তিধৰ সকলো দেশৰপৰা সকলো ধৰণৰ পৰমাণু অস্ত্ৰ এনে সময়তে অপসাৰণ কৰাৰ নীতি সকলোৱে মানি ল’লেহে বিশ্ব শান্তিৰ বাট মুকলি হ’ব। ভাৰতবৰ্ষই এই মতৰ অত্যন্ত দৃঢ় সমর্থক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top