ভাৰতৰ খাদ্য সমস্যা ৰচনা | India’s Food Problem Essay in Assamese

ভাৰতৰ খাদ্য সমস্যা ৰচনা | India’s Food Problem Essay in Assamese

Join Telegram channel

ভাৰতৰ খাদ্য সমস্যা – ভাৰত কৃষি প্রধান দেশ। ইয়াৰ শতকৰা ৮০ ভাগ লােক কৃষক। অন্নপূর্ণা আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখৰ আগত পূর্ণ অন্নপাত্র দাঙি ধৰি ভােগৰ উপচাৰেৰে মানুহৰ জীৱনলৈ সুখ-শান্তি আনিছিল। ভােগৰ উভৈদনী সমল লৈ ভাৰতে বিশ্বৰ সন্মুখত উন্নত শিৰেৰে থিয় দি গৌৰৱত ওফন্দি পৰিছিল। দ্বিতীয় মহাসমৰৰ আগলৈকে ভাৰতত খাদ্য-শস্য উভৈনদী হৈ আছিল আৰু মূল্যও আছিল নিচেই কম। আজি অন্নপূর্ণাৰ সন্তানসকলে ভােকৰ জ্বালাত বিদেশৰ সন্মুখত ভিক্ষাৰ পাত্ৰ লৈ থিয় দিছে ক্ষুধা নিবাৰণৰ কাৰণে। বিদেশৰপৰা খাদ্যসম্ভাৰ নাহিলে ভাৰতৰ আধা-আধি লােক এটা বছৰতে নিপাত হ’ব। এই অভিশাপ কোনে জাপি দিলে ভাৰতৰ বুকুত ?

ভাৰতৰ খাদ্য সমস্যা ৰচনা

ভাৰতৰ খাদ্য সমস্যাৰ কাৰণ

1. বৃটিছৰ শােষণ – ১৯৩৬ চনত শস্যৰ ভাণ্ডাৰ ব্ৰহ্মদেশক ভাৰতৰপৰা পৃথক কৰাত ভাৰতৰ খাদ্য-শস্যৰ ঘাটিৰ পৰিমাণ হয় বছৰি ১৩ লাখ টন। আকৌ ১৯৪৭ চনত খাদ্য-শস্যৰ সমৃদ্ধ সিন্ধু উপত্যকা অঞ্চল আৰু পূববংগ বিচ্ছিন্ন হােৱাত পুনৰ ৭ লাখ টন খাদ্যশস্য ঘাটি পৰে। ১৯৩৯ চনত বিশ্বব্যাপী হােৱা মহাসমৰে ভাৰতলৈ লাখ লাখ বিদেশী লােকৰ প্ৰব্ৰজন ঘটালে। তদুপৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত সৈন্যবাহিক খাদ্য যােগান ধৰিবৰ কাৰণে চক্রান্তকাৰী বুটিছে লাখ লাখ টন খাদ্যশস্য ভাৰতৰপৰা বাহিৰলৈ লৈ গ’ল। অসম আৰু বঙ্গদেশ পূর্ব ৰণাংগনৰ প্ৰাংগণ হৈ পৰাত এই দুই ৰাজ্যৰ ওপৰত খাদ্য ভাৱৰ দৈত্যটোৱে বাৰুকৈয়ে তাণ্ডৱনৃত্যৰ মূৰ্ছনা তুলিলে। ফলত ১৯৪২ চনত বংগদেশত এনে খাদ্য সংকটে দেখা দিলে যে তাৰ বলি হ’ল প্রায় ৪৩ লাখ নৰ-নাৰী। ১৯৪৭ চনৰপৰা কেই কোটিও মানুহ ভাৰতত অনুপ্রৱেশ কৰি আছে। ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ সময়ত আৰু তাৰ পাছত পুনৰ এক কোটিতকৈও অধিক লােকৰ প্ৰব্ৰজন ঘটিছে। ১৯৭২-৭৩ চনত ভাৰতৰ খাদ্যশস্য উৎপাদিত হৈছিল ৯৫ কোটি টন। তথাপি সেই বছৰত ভাৰতে ঘেঁহু আমদানি কৰিব লগা হয় ৪৮:১৬ কোটি টকা মূল্যৰ আৰু চাউল আমদানি কৰে ১০-৭১ কোটি টকা মূল্যৰ। অর্থাৎ ভাৰতে প্ৰতি বছৰে বহু কোটি টকা মূল্যৰ খাদ্য-শস্য আমদানি কৰি আছে। তথাপি এক শ্রেণীৰ লােক বছৰ বছৰ ধৰি অর্ধাহাৰে আছে; অন্য এক শ্রেণীৰ লােক ভিক্ষাৰী হৈছে।

Read Also: ভাৰতৰ নিবনুৱা সমস্যা ৰচনা | The Unemployment Problem in India Essay in Assamese

2. প্রাকৃতিক দুর্যোগ – ভূমিহীনতা- ইয়াৰ কাৰণ কি? কাৰণ ও অনাবৃষ্টি, অনিয়মিত বৃষ্টি, খৰাং বতৰ, বানপানী, ধুমুহা আদি প্রাকৃতিক দুর্যোগে প্রতিবছৰে লাখ লাখ টন খাদ্যশস্য নষ্ট কৰে; শস্য অনিষ্টকাৰী কীট-পতংগইও হাজাৰ হাজাৰ টন খাদ্য-শস্য অনুপ্ৰৱেশ প্ৰব্ৰজন আদিৰ ফলত কেইবা কোটিও লােক বৃদ্ধি হােৱাৰ উপৰি জন্মহাৰ দ্রুতভাৱে বৃদ্ধি হােৱাত জনসংখ্যা নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে। পুৰণি পদ্ধতিৰে একে ডৰা মাটিতে একে খেতিকে কৰি থকাৰ ফলত মাটিৰ উৰা শক্তি কমি গৈছে। ভাৰতৰ খেতিয়ক দৰিদ্ৰ। বহুতৰ হালৰ গৰু, ম’হ আদি আৰু বহুতৰ নিজা মাটি নাই। চৰকাৰৰ ভূমি নীতিও আসোঁৱাহপূর্ণ হােৱাত ভূমিহীন কৃষকে আৱশ্যক পৰিমাণে মাটি পােৱা নাই। বহু পৰিমাণৰ মাটি জমিদাৰ আৰু ধনিক শ্রেণীৰ হাতত চোৰাং অৱস্থাত আছে। বহুতাে ধনী লােকেও চক্রান্তমূলকভাৱে অজস্র মাটি ৰাখিছে।

চৰকাৰী ব্যর্থতা- ঠায়ে ঠায়ে জলসিঞ্চন ব্যৱস্থা হৈছে যদিও প্রয়ােজন পূৰণ কৰিব পৰা নাই। সাৰৰ সৰবৰাহাে পর্যাপ্ত নহয়; তদুপৰি দৰিদ্ৰ খেতিয়কসকল সাৰ ক্ৰয় কৰাত অপাৰগ। উন্নত বীজৰ অভাৱ। চৰকাৰী কৃষি বিভাগে যান্ত্রিক কৃষি পদ্ধতি বা বৈজ্ঞানিক কৃষি পদ্ধতি সম্পর্কে খেতিয়কসকলক আৰ্হি দেখুৱাই সহায় কৰাত অপাৰগ হৈছে। তথ্যচিত্র দুই-এখন দেখুৱালেই খেতিয়কক প্রকৃত জ্ঞান দিয়া নহয়। উপদেশ আছে, কার্যকৰী ব্যৱস্থা নাই। কার্যালয়ৰ ফাইলৰ মাজতে কৃষি বিভাগ আবদ্ধ।

3. পৰিবহণৰ অসুবিধা – এইবােৰৰ উপৰিও বানপানী আৰু অন্যান্য দুর্যোগৰ সময়ত যাতায়াত আৰু পৰিবহণৰ অসুবিধা হৈও ঠায়ে ঠায়ে সাময়িক অনাটন ঘটে। ইয়াৰে সুযােগ লৈ ব্যৱসায়ীসকলে খাদ্য-বস্তু চোৰাংভাৱে মজুত কৰি কৃত্রিম অনাটনৰ সৃষ্টি কৰি মূল্য বৃদ্ধি ঘটাইছে। মূল্য বৃদ্ধিৰ ফলত দুখীয়া লােকসকলৰ ক্রয়-ক্ষমতা কমি হৈছে। ১৯৬২ চনৰ চীনা আক্রমণ, ১৯৬৫ চনৰ পাকিস্তানী আক্রমণ আৰু ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধই খাদ্য-দ্রব্যৰ মূল্য বৃদ্ধি হােৱাত যথেষ্ট অৰিহণা যােগাইছে। দেশত যেতিয়াই দুর্যোগ, যুদ্ধ-বিগ্রহ আদিৰ সৃষ্টি হয়, তেতিয়াই চোৰাং কাৰবাৰী, ব্যৱসায়ী মজুতকাৰীবােৰ সক্রিয় হৈ উঠি অতিমাত্রা লাভৰ চক্রান্তৰে জনতাক শােষণ কৰিবলৈ বদ্ধপৰিকৰ হয়।

বর্তমান সময়ত খাদ্য সমস্যা জটিল হৈ পৰিছে আৰু ভাৰতৰ এখন অতি কৰুণ ছবি জগতৰ আগত জিলিকি উঠিছে। তাৰ ফলত ভাৰত কোনাে কোনাে শক্তিশালী দেশৰ ওচৰত পুতৌৰ পাত্র আৰু কোনাে কোনাে দেশৰ ওচৰত ঘৃণাৰ পাত্ৰ হৈছে।

নিৱাৰণৰ বাবে চৰকাৰী আঁচনি

দেশৰ দৰিদ্ৰ কৃষকসকলৰ উন্নয়ন তথা সামাজিক দ্রুত উন্নায়নৰ কাৰণে পঞ্চবার্ষিকী পৰিকল্পনাসমূহৰ আঁচনি গ্ৰহণ কৰা হৈছে। নদী-উপত্যকা আঁচনি বা বহুমুখী প্রকল্পৰ যােগে নদীবােৰ নিয়ন্ত্রণ কৰি, বানপানী ৰােধ, জলসিঞ্চন ব্যৱস্থা মীন-ক্ষেত্র নির্মাণ আৰু উন্নয়ন, জল শক্তি উৎপাদন, অধিক উৎপাদনৰ কাৰণে ট্রেক্টৰ ব্যৱহাৰ, উন্নত বীজ বিতৰণ, কৃষকলৈ ঋণ প্রদান, ৰুগ্ম কৃষকৰ চিকিৎসামূলক সাহায্য, ঘৰ, দুৱাৰৰ ব্যৱস্থা, জন্ম-নিয়ন্ত্ৰণৰ শিক্ষাদান, কৃষকসকলক অধিক শস্য উৎপাদনৰ কাৰণে উৎসাহ জগাই তুলিবলৈ বঁটা প্ৰদান আদি বিভিন্ন ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। ১৯৬৫ চনত ভাৰতীয় খাদ্য-নিগম গঠন কৰা হৈছে। ইয়াৰ দ্বাৰা খাদ্যদ্রব্য সংগ্রহ, সুলভ মূল্যৰ দোকানৰ যােগেদি বিতৰণ, খাদ্য-দ্রব্যৰ ব্যৱসায় চৰকাৰীকৰণ আদি নীতি গ্রহণ কৰা হৈছে। খাদ্য-নিগমে মূল্য নিয়ন্ত্রণ, মূল্য বৃদ্ধিত বাধা প্রদান আৰু বিতৰণ ব্যৱস্থা নিয়ন্ত্রণ কৰিব বুলি ভবা হৈছে। খাদ্য নিগমে এইকেইটা উদ্দেশ্য সন্মুখত ৰাখি কার্য পৰিচালনা কৰিছে-

1. খাদ্য-দ্রব্য সংগ্রহ, চৰকাৰী গুদামত জমাকৰণ, পৰিবহণ আৰু বিক্ৰী ব্যৱস্থাৰ সমন্বয় সাধন; 

2. খাদ্য-শস্য উৎপাদনত কৃষকসকলক উপযুক্ত সাহায্য দান,

3. ধান কল, ঘেঁহু কল, অন্যান্য তৈয়াৰ আৰু সংৰক্ষণ অনুষ্ঠান প্রতিষ্ঠা কৰা আৰু প্ৰতিষ্ঠাত সহায় কৰা ইত্যাদি।

চৰকাৰে আটাৰ ব্যৱহাৰ বঢ়োৱা, মীন-ক্ষেত্ৰৰ উন্নতি সাধন, মাংস, গাখীৰ আদিৰ উৎপাদন বৃদ্ধিৰ বাবে গৰু, মহ, ছাগলী, হাঁহ-কুকুৰা আদি পশু পালন আৰু ইহঁতৰ উন্নয়নৰ বাবে ঘাঁহ খেতি বঢ়োৱা, সাৰৰ সু-ব্যৱহাৰ আৰু সাৰ প্ৰয়ােগৰ বাবে খেতিয়কৰ আগ্ৰহ বঢ়োৱা, অৰণ্য-অঞ্চল ভাঙি খেতিৰ পথাৰ বৃদ্ধি কৰা, পানী নােহােৱা ওখ পথাৰবােৰ জলসিঞ্চনৰ দ্বাৰা খেতিৰ উপযুক্ত কৰি ভােলা আদি নানা ব্যৱস্থা হাতত লৈছে। কিন্তু এইটো আমি নিশ্চয় উল্লেখ কৰিব লাগিব যে চৰকাৰী ব্যৱস্থাৱােৰ অনেক ক্ষেত্ৰত পক্ষপাতমূলক হৈছে। দেশৰ সকলাে অঞ্চলে চৰকাৰী ব্যৱস্থা আৰু সাহায্যৰ সমান সুবিধা ভােগ কৰিবলৈ পােৱা নাই। তদুপৰি চৰকাৰী কৃষি বিভাগ প্রকৃততে নিষ্ক্রীয়, কর্ম-বিমুখ আৰু কার্যলয়ভিত্তিক হে হৈছে। কৃষক আৰু পথাৰমুখী হােৱা নাই। এই বিভাগ কর্মমুখী হৈ কৃষক আৰু পথাৰৰ সংযােগলৈ আহিলেহে ৰাইজৰ কল্যাণ সাধন হ’ব।

Read Also: Class 11 Geography Question Answer

শিল্পৰ বিকাশ সাধন

অকল কৃষি উন্নয়নৰ দ্বাৰাই খাদ্য সমস্যা সমাধান কৰা সম্ভৱ নহয়। শিল্পৰ উন্নয়নৰ ক্ষেত্ৰতাে আশু ব্যৱস্থা প্রয়ােজনীয়।বর্তমান ভাৰতবাসীৰ ক্রয়-ক্ষমতাও কমি গৈছে; খাদ্যাভাৱৰ ইও এটা কাৰণ। ক্রয় ক্ষমতা বাঢ়িব লাগিলে প্রতিজন নাগৰিকেই কর্মক্ষম হ’ব লাগিব আৰু কর্ম সংস্থানৰ উপায় পাব লাগিব। শিল্পৰ বিকাশ সাধন আৰু উন্নয়নে বহুলােকৰ কৰ্ম-সংস্থানতাে ইন্ধন যােগায়। কৃষি আৰু শিল্পৰ উৎপাদন বাঢ়িলে কর্মসংস্থান বাঢ়িব; ফলত মানুহৰ ক্ৰয় ক্ষমতাও বৃদ্ধি হ’ব। বৃহৎ উদ্যোগবােৰৰ লগে লগে কুটীৰ শিল্পবােবে যাতে গা কৰি উঠিব পাৰে আৰু পৰিসৰ বৃদ্ধি হয়, তাৰ জৰুৰী ব্যৱস্থা হােৱা বাঞ্ছনীয়।

সামৰনি

মুঠতে ভাৰতক স্বাৱলম্বী আৰু উন্নত কৰি তুলিব লাগিলে খাদ্য সমস্যাৰ স্থায়ী সমাধান হ’বই লাগিব। বিদেশৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য সমস্যা সমাধান সম্ভৱপৰ নহয়। খাদ্য সমস্যা সমাধান হ’ব লাগিলে, কৃষি, শিল্প, বাণিজ্যৰ উন্নতি সাধন হ’বই লাগিব। চৰকাৰে আঁচনিসমূহৰূপায়ণত বাস্তৱ কার্য-পন্থা অৱলম্বন কৰা উচিত। ব্যৱসায়ীসকল নৈতিকতাহীন হৈ পৰিছে। এই নৈতিকতা ঘূৰাই অনাৰ দায়িত্ব চৰকাৰৰ। শাসনৰ যােগেদি, আইনৰ যােগেদিহে দেশৰ ব্যাপক নৈতিকতাহীনতা দূৰ কৰা সম্ভৱ। ৰাইজেও চৰকাৰৰ মুখলৈকে চাইনাথাকি আধুনিক কৃষি পদ্ধতি অবলম্বন কৰিব লাগিব। জন্ম-নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি জনসংখ্যা বৃদ্ধিও বােধ কৰিব লাগিব। নহলে কোনাে কালেই ভাৰতৰ এই গুৰুত্বপূৰ্ণ সমস্যা সমাধান হৈ নুঠিব।

আমি আশা কৰিছো ভাৰতৰ খাদ্য সমস্যা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ভাৰতৰ খাদ্য সমস্যা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top