বৰ্দ্ধিত জনসংখ্যা ৰচনা | Growing Population Essay in Assamese

বৰ্দ্ধিত জনসংখ্যা ৰচনা | Growing Population Essay in Assamese

Join Telegram channel

বৰ্দ্ধিত জনসংখ্যা: দৰিদ্ৰতা আৰু শিক্ষাহীনতাত জৰ্জৰিত ভাৰত নানা সমস্যাৰ যাদুঘৰ। অথচ ভাৰত এখন সমৃদ্ধিশালী দেশ। ভাৰতৰ মাটিৰ বুকুর্ত, গুহা-গহূৰত, ভূ-গর্ভত, পর্বতে-পাহাৰে, হাবিয়ে-বননিয়ে, নদ-নদী- নিজৰাৰ বুকুত, সোঁতত, সাগৰৰ বালিকণাৰ বুকুত- সকলােতে ব্যাপ্ত হৈ আছে অজস্র সম্পদ; সেই সম্পদ উদ্ঘাটন কৰি, আহৰণ কৰি, সম্পদ বৃদ্ধিৰ যােগেদি, ভাৰতে দৰিদ্ৰতাৰ লগত প্রত্যক্ষ সংগ্ৰামত লিপ্ত হৈছে। পৰিকল্পনা গ্রহণ কৰা হৈছে। অধিক শস্য উৎপাদন বিপ্লব, সেউজ বিপ্লৱ আৰম্ভ হৈছে দৰিদ্ৰতাক পৰাভৱ কৰি, নির্মূল কৰি মানুহৰ জয় ঘােষণা কৰিবলৈ। নদী নিয়ন্ত্রণ, বানপানীবােৰ, খৰাং বতৰত পানী যােগান আদি ব্যৱস্থা লৈ প্রকৃতিকো প্ৰত্যাহ্বান জনােৱা হৈছে। তথাপি ভয় হৈছে আমি হয়তাে মানি ল’ব লাগিব মূক পৰাভৱ। কাৰণ ? কাৰণ দ্রুতভাৱে বৰ্দ্ধিত জনসংখ্যা।

বৰ্দ্ধিত জনসংখ্যা ৰচনা

বৰ্দ্ধিত জনসংখ্যা

মতামত (১) – বহুতে ক’ব খােজে ভাৰতৰ দৰিদ্রতা দূৰ কৰিবৰ কাৰণে অজস্র সম্পদ সম্ভাৰ আহৰণ কৰিবলৈ ভাৰতক মানুহ লাগে- বহুত মানুহ। গতিকে বৃদ্ধি আৱশ্যক। এই শ্রেণীৰ আশাবাদী মানুহৰ আশা মূৰত চেঁচা পানী ঢালিছে মাত্থাচে। তেওঁৰ সূত্র মতে জনসংখ্যা বৃদ্ধিৰ হাৰ যেতিয়া জ্যামিতিক হয়, তেতিয়া খাদ্য-উৎপাদনৰ হাৰ হয় গাণিতিক। অর্থ, জনসংখ্যা বৃদ্ধিৰ হাৰ, খাদ্য-উৎপাদনৰ হাৰতকৈ দ্রুততৰ। নানা প্রাকৃতিক দুর্যোগ-মহামাৰী, অকাল মৃত্যু, দুর্ভিক্ষ আদিৰ মাজে মাজে, ঠায়ে ঠায়ে জনসংখ্যা হ্রাস হয় সঁচা, কিন্তু জনসংখ্যা যি হাৰত বাঢ়িছে, ভয় হয়, হয়তাে বিশ্বৰ বুকুলৈ কেতিয়াবা এনে এটা দিন আহিব, যিদিন আই বসুমতীয়ে সন্তানৰ মুখত এমুঠি আহাৰাে তুলি দিব নােৱৰা হৈ পৰিব।

Read Also: ভাৰতৰ খাদ্য সমস্যা ৰচনা | India’s Food Problem Essay in Assamese

মতামত (২) – এক শ্রেণীৰ অর্থনীতিবিদৰ মতে ভাৰতৰ প্ৰচুৰ সম্পদ আছে। এই সম্পদ এন্ট্রিয়াও সম্পূর্ণকৈ আহৰণ আৰু উদ্বাটন হােৱা নাই। কৃষি বিপ্লৱ আৰু শিল্প বিপ্লৱ ঘটাই উৎপাদন বৃদ্ধি কৰিব পাৰিলে দৰিদ্রতা দূৰ হ’ব। তেওঁলােকৰ মতে উৎপাদিত সম্পদ সমভাৱে বিতৰণ হােৱা নাই। সম-বিতৰণ ব্যৱস্থা হ’লে আৰু দ্রুতভাৱে সম্পদ আহৰণ হলেই দেশত দৰিদ্ৰতা নাথাকিব।

মতামত (৩) – কিন্তু আন এক শ্ৰেণীৰ মতে ভাৰতৰ জনসংখ্যা এনে দ্রুতভাৱে বাঢ়িছে যে জনসংখ্যা, উৎপাদন বৃদ্ধি আৰু সম বিতৰণ এই তিনিটাৰ মাজত অতি সােনকালে ভাৰসাম্য স্থাপন কৰিব নােৱাৰিলে ভাৰতৰ নীতি মষিমূৰ হৈ যাব।

এতিয়া আমি ভাৰতৰ জনসংখ্যা বৃদ্ধি আৰু মৃত্যুৰ হাৰ তুলনা কৰি চাওঁচোন-

1. ১৯৫১ চনত জনসংখ্যা- ৩৬০০০ কোটি

2. ১৯৬২ চনত জনসংখ্যা- ৪৩৯০৭ কোটি

3. ১৯৭১ চনত জনসংখ্যা (৫৪৭৯৪ কোটি

4. ১৯৮১ চনত জনসংখ্যা- ৬৮০০০ কোটি

5. ১৯৯১ চনত জনসংখ্যা- ৮০০০০ কোটি

6. ২০০১ চনত জনসংখ্যা-১০০০০০ কোটি

7. ২০১১ চনত জনসংখ্যা-১,২১০,১৯৩,৪২২ কোটি

শেহতীয়া তথ্য অনুযায়ী ২০১৬ চনত জনসংখ্যা ১,৩৩,০৮,৭০.০০ পাইছেগৈ। এই হাৰত বৃদ্ধি পালে ২০১২ চনত ২০০ কোটিৰাে সীমা অতিক্রম কৰিবগৈ।

Read Also: Class 11 Geography Question Answer

জন্ম-মৃত্যুৰ হাৰ

১৯৫১ চনৰ ১৯৮১ চনলৈ এই ত্রিশ বছৰত জনসংখ্যা বৃদ্ধি হৈছে শতকৰা ৫৩১ ভাগ। মৃত্যুৰ হাৰ ১৯২১ চনৰপৰা ১৯৩১ চনৰ ভিতৰত আছিল শতকৰা ৩৬৩। কিন্তু ১৯৬১ চনৰপৰা ১৯৮১ চনৰ ভিতৰত হ্রাস ১৮১ শতাংশ হৈছে। ইয়াৰপৰা বুজা যায় জন্ম হাৰ ঊর্ধ্বগতিত বাঢ়িছে আৰু মৃত্যু হাৰ কমি গৈছে। অথচ জনসংখ্যাৰ শতকৰা ৭০ জনতকৈ অধিক লােকৰ জীৱনৰ মানদণ্ড দৰিদ্ৰৰেখাৰ তলতে আছে।

বৰ্দ্ধিত জনসংখ্যা কাৰণ

জন্মহাৰৰ দ্রুত বৃদ্ধিৰ বহুতাে কাৰণ আছে-

1. চিকিৎসা বিজ্ঞানৰ উন্নতি হােৱাত মেলেৰিয়া, কলাজ্বৰ, বসন্ত, কলেৰা, যক্ষ্মা, আদি মহামাৰী কমি গৈছে। ফলত মানুহৰ পবামায়ু বাঢ়িছে আৰু মৃত্যুৰ হাৰ কমি গৈছে।

2. ভাৰতৰ শিক্ষাৰ সা-সুবিধা বাঢ়িলেও অধিকসংখ্যক লােক নিৰক্ষৰ হৈয়ে আছে। নিৰক্ষৰ লােকসকল জাতীয় সমস্যাৰ প্ৰতি সচেতন নহয়।

3. বাংলাদেশ আৰু পাকিস্তানৰপৰা ভগনীয়া আৰু অনুপ্রবেশকাৰীৰ সোঁত অবাৰিতভারে চলি আছে।

4. আফ্রিকা, শ্রীলংকা, দক্ষিণ পূর্ব এছিয়া, ব্রহ্মদেশ আৰু পৃথিৱীৰ অন্যান্য দেশত থকা ভাৰতীয়সকলক সেই দেশবােৰৰপৰা বহিষ্কাৰ কৰি দিয়াৰ ফলত হাজাৰ হাজাৰ ভগনীয়া লােকে ভাৰতত প্ৰৱেশ কৰিছেহি।

5. তিব্বত, নেপাল, ভুটান আদিৰপৰাও অনুপ্রবেশ ঘটি আছে।

7. সামাজিক, কু-প্রথা, অন্ধবিশ্বাস আদিৰ ফলতাে জন্ম-হাৰ বৃদ্ধি হৈছে।

এনেবােৰ কাৰণতে জনসংখ্যা দ্রুত গতিত বৃদ্ধি হৈছে। এনে পৰিস্থিতিৰ এদিন ভাৰতৰ বুকুত মানুহ থিয় হৈ থকাও টান হৈ পৰিবগৈ।

অর্থনীতিবিদ মত

এক শ্ৰেণীৰ অর্থনীতিজ্ঞৰ মত এয়ে যে উন্নয়নশীল দেশত প্রাথমিক পর্যায়ত জনসংখ্যা স্বাভাৱিকতে উর্ধ্বমুখী হয়। দেশত বান-নিয়ন্ত্ৰণৰ ব্যৱস্থা হৈছে; উন্নত জীৱন ধাৰণ পদ্ধতি, চিকিৎসা পদ্ধতিৰ ফলত মৃত্যুৰ হাৰ কমিছে খৰাং বতৰ, প্ৰাকৃতিক দুর্যোগ আদিৰ ফলত ঠায়ে ঠায়ে খাদ্য ভাৱ হলেও উন্নত যাতায়াত ব্যৱস্থাৰ ফলত দুর্ভিক্ষৰ সম্ভাৱনা দূৰীভূত হৈছে, বিশ্ব-ভ্রাতৃত্ব গঢ়ি উঠাত বিশ্ব মানৱে এনেবােৰ ক্ষেত্ৰত সাহায্য আগবঢ়াই আহিছে। অন্যহাতে কৃষিবিপ্লৱ আৰু অন্যান্য উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ ফলত জাতীয় আয় বাঢ়িছে। গতিকে জনসংখ্যা বৃদ্ধিত আতংকিত হােৱাৰ কাৰণ নাই। এফালে বাস্তুর ক্ষেত্ৰত দ্রুত এ বৃদ্ধিৰ হাৰ, আনহাতে আশাবাদী মানুহৰ দুৰন্ত প্রচেষ্টা। নিয়তিয়েহে জানে কালৰ চকৰি কেনি ঘূৰে? “সময়ৰ প্রতিশােধ, কোনে বাধা দিব?” মানুহ কর্মশক্তিৰহে অধিকাৰী। সংগ্রামী মানুহে চিৰদিন জীৱন সংগ্রামেই কৰি যাব।

“ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে সনা আছে বােল তাৰ

কেতিয়াবা বিজয় উল্লাস,

কেতিয়াবা মূক পৰাভৱ।”

বৰ্দ্ধিত জনসংখ্যা সমস্যা সমাধানৰ উপায়

বর্তমান ভাৰতৰ দুটা প্রধান জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা দূৰীকৰণ আৰু জনসংখ্যা নিয়ন্ত্রণ। দৰিদ্রতা দূৰীকৰণৰ বাবে প্রাকৃতিক সম্পদসমূহৰ দ্রুত আহৰণ, ভূমি নীতি সংশােধন কৰি সম বিতৰণ, কৃষি প্ৰণালীৰ আধুনিকীকৰণ, কুটীৰ শিল্প, বৃহৎ উদ্যোগৰ বৰ্দ্ধন আৰু সমবিতৰণ, দ্রুত বান-নিয়ন্ত্ৰণৰ একান্ত প্রয়ােজন।

দৰিদ্রতা দূৰীকৰণ

1. শিক্ষা-বিস্তাৰ – জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দৰিদ্রতা দূৰীকৰণ আৰু শিক্ষা বিস্তাৰ দুয়ােটাৰে প্রয়ােজন। দৰিদ্ৰতা দূৰ হ’লে শিক্ষিতৰ হাৰ বাঢ়িব। শিক্ষিতৰ হাৰ বৃদ্ধি হ’লে মানুহ আত্ম-সচেতন আৰু সমাজ সচেতন হ’ব। শিক্ষাৰ পােহৰে মানুহৰ সমস্যাবােৰৰ প্রতি দৃষ্টি সজাই তুলিব। উন্নতি অৱনতি, উত্থান-পতনৰ কাৰণবােৰ মানুহৰ অৱগত হ’ব। তেতিয়া মানুহে অন্ধ বিশ্বাস, কুসংস্কাৰবােৰ পৰিত্যাগ কৰি বহল দৃষ্টিভংগী গ্ৰহণ কৰিব। শিক্ষাৰ হাৰ বৃদ্ধি হ’লে- সীমিত সংসাৰ এখনৰ উপযােগিতা আৰু শ্রেষ্ঠ মানুহে উপলব্ধি কৰিব পাৰিব। শিক্ষিত সমাজবােৰ সদায় সংযমী আৰু আত্মসচেতন। আমাৰ উপার্জন যেতিয়া সীমিত, পৰিয়ালাে সীমিত হােৱা বাঞ্ছনীয়। বিশেষকৈ সন্তান জন্ম দিয়াতে পিতৃ-মাতৃৰ কৰ্তব্য শেষ নহয়। সন্তানক মানুহ কৰি গঢ়ি তুলিব পৰাতহে মানুহৰ কৃতিত্ব। অশিক্ষিত, নিৰক্ষৰ মানুহে এইবােৰ উপলব্ধি কৰিব নােৱাৰে। শিক্ষিত সমাজ এই বিষয়ত সদা সচেতন আৰু সদ্য জাগ্রত।

2.পৰিয়াল পৰিকল্পনা ফলশ্রুতি – জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী প্রচেষ্টা ফলদায়ক হৈ উঠা নাই। তাৰ কাৰণাে আছে যিসকলৰ হাতত পৰিয়াল পৰিকল্পনাৰ নিচিনা অতি দায়িত্বপূর্ণ আৰু গুৰুত্বপূর্ণ বিষয়টো এৰি দিয়া হৈছে, তেওঁলােক প্রকৃতপক্ষে উচ্চ শিক্ষাসম্পন্ন আৰু উপযুক্ত প্রশিক্ষণপ্রাপ্ত নহয়। বিষয়টোৰ উপযুক্ত জ্ঞানৰ অভাৱত বহুতাে লােক পৰিয়াল পৰিকল্পনা বলি হৈছে। স্বাস্থ্য হানি হৈছে, জৰাগ্ৰস্ত হৈছে, আৰু অকাল বার্ধক্য নামি আহিছে বহুতৰ জীৱনলৈ। দেশখনত নৈতিকতাৰাে চৰম বিপর্যয় ঘটিছে। এক শ্রেণীৰ লােকে পৰিয়াল পৰিকল্পনাক ধন ঘটাৰ উপায় হিচাপে ব্যৱহাৰ কৰিছে। চক্রান্তমূলকভাৱে বহুতাে অপ্রাপ্তবয়স্ক, অবিবাহিতা আৰু প্রজনন-শক্তিহীন বৃদ্ধ লােককে নিবীর্যকৰণ কৰাই অধিক পৰিমাণৰ নিয়ন্ত্রিত সংখ্যা দেখুৱাই বহুতে চৰকাৰৰপৰা পুৰস্কৃতও হৈছে। কিন্তু উদ্দেশ্য বৈছে সুদূৰ পৰাহত হৈ।

আনহাতেদি পৰিয়াল পৰিকল্পনাৰ আঁচনি অনেক লােকে কাগজতহে দেখা পাইছে; তাৰ অর্থ বুজিব পৰা নাই। কেন্দ্রবােৰেও সকলাে ঠাইতে জনসংযােগ ঘটাব পৰা নাই। পৰিয়াল পৰিকল্পনাই গাঁও-ভূঁইক স্পর্শই কব্বি পৰা নাই। বহুতাে ঠাইত ইয়াৰ ভয়াৱহ পৰিমাণে মানুহক সন্ত্রস্ত কৰি তুলিছে। দেশৰ বহু অর্থ পৰিয়াল-পৰিকল্পনাৰ নামত ব্যয় হৈছে। কিন্তু ফলাফল সন্তুষ্টিৰ বহুত তলত।

মন্তব্য

সেইবাবে চৰকাৰে সুহ আৰু সুপৰিকল্পিতভাৱে এই আঁচনি কার্যকৰী কৰাৰ নিতান্ত প্রয়ােজন হৈ পৰিছে। দৰিদ্ৰতা আৰু নিৰক্ষৰতা দূৰীকৰণ আৰু জন্ম নিয়ন্ত্রণ এই তিনিটাৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰি জনসংখ্যা নিয়ন্ত্রণ কৰিব নােৱাৰিলে এসময়ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈ ই সমগ্র দেশকে গ্রাস কৰি পেলাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top