তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা | Your Favorite Book Essay in Assamese

তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা | Your Favorite Book Essay in Assamese

ৰজনীকান্ত বৰদলৈ | Rajonikanta Bordoloi

Join Telegram channel

Table of Contents

অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্রসিদ্ধ নাম। তেওঁক উপন্যাস সম্রাট বুলি কোৱা হয়। মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত মনোমতী, ৰহদৈ লিগিৰী, দন্দুৱা-দ্রোহ, নির্মল-ভকত, ৰংগিলী আদি উল্লেখযোগ্য।

ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামেৰে এখন উপন্যাস আছে। এইখন সামাজিক উপন্যাস। চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল। তাৰ অভিজ্ঞতাৰে তেওঁ এইখন উপন্যাস লিখিছে। অসমীয়া সাহিত্যৰ আন দুই-চাৰিখন উপন্যাস, নাটক, জীৱনী, গল্প-গ্রন্থ মই পঢ়িছো। কিন্তু “মিৰি জীয়ৰী” পঢ়ি মই বৰ ভাল পালো। উপন্যাসখন এবাৰ নহয় দুবাৰ পঢ়িছো। সেই বাবে মোৰ প্ৰিয় গ্ৰন্থৰূপে “মিৰি জীয়ৰী”ৰ বিষয়ে লিখিবলৈ লৈছো।

তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা | Your Favorite Book Essay in Assamese

Read Also: গ্রন্থমেলা ৰচনা | Book Fair Essay in Assamese

মিৰি জীয়ৰী

“মিৰি জীয়ৰী ”ত এহাল মিৰি (মিচিং) ডেকা-গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বর্ণনা কৰা হৈছে। ডেকাজনৰ নাম জংকি আৰু গাভৰুজনীৰ নাম পানেই। সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল। এনেকৈ দুয়ো শৈশৱত ৰং-ধেমালিৰ লগৰী হৈ পৰিছিল। কালক্ৰমত দুয়ো ডাঙৰ হ’ল, ল’বালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্র-পাত্ৰী হৈ পৰিল । বিহুৱে-পৰৱে নাচি বাগি সিহঁত আপোন পাহৰা হ’ল। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল। মাক নিমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল। ইপিনে জংকি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে। টকা-পইচা যোগাৰ কৰিবলৈ জংকি ঘৃনাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ললে।

কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ’ল, পানেয়ে সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ। ঘৃনাসূঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জংকিক ভাল পাইছিল। পিছে জংকিৰপৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল’লে। জংকি-পানেই ধৰা পৰিল, কাছাৰীত বিচাৰ হ’ল, মাক-বাপেকে পানেইক লৈ আহিল। কিছুদিনৰ পাছত পানেই আকৌ পলাল। সেই খবৰ পাই জংকিয়ে পানেইৰ মাক-বাপেকক লগ ধৰি ক’লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ’ব। মাক-বাপেকে এইবাৰ তাইক জংকিলৈকে বিয়া দিবলৈ সৈমান হ’ল। জংকিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে পানেইকো সিহঁতে বন্দী কৰি এদিন তালৈকে আনে ৷ বন্দী অৱস্থাতে জংকি-পানেইৰ দেখা-দেখি হ’ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোতেই পুনৰ ধৰা পৰিল।

বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ’ল। বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে। শাল মাৰি দুয়োটা দেহবান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে, নিষ্প্রাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰিৰ ঘাটত লাগিলহি। জংকি-পানেই ভালপোৱাৰ প্ৰতি পানেইৰ মাক-বাপেক সঁহাৰি নিদিলে । আনহাতে সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল’ব লগাত পৰিল। ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনো দোষ নাছিল৷ দোষ সমাজৰ, সামাজিক ব্যৱস্থাৰ।

Read Also: Class 10 History Solution

চৰিত্ৰ

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু হোজা আৰু সৰল। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰ্মা সৰল মাতৃ, কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ ধনী গামৰ ল’ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে। ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহীয়ান। জংকিক ভালপোৱাৰ বাবেই তাই স্বাৰ্থ ত্যাগ কৰি জংকি-পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে। বাৰেগাম নিষ্ঠুৰ।

উপন্যাসখনৰ পটভূমিত আমি সোঁৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূনাসূঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ। পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে। লগতে নগৰৰ সামান্য পটভূমিৰূপে লক্ষীমপুৰ নগৰৰ কথাও আছে। “মিৰি-জীয়ৰী” কেৱল এহাল ডেকা-গাভৰুৰ প্ৰেম কাহিনীয়েই নহয়। মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায়। তদুপৰি লেখকে জংকিপানেইৰ কাহিনীৰ যোগেদি মিৰি-সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিয়ে। তেওঁ মিৰি-সমাজত এনে দুর্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে। কাহিনী, চৰিত্ৰ, পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ “মিৰি জীয়ৰী” এখন সুখপাঠ্য সামাজিক উপন্যাস।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top