Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

Join Telegram channel

Table of Contents

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

চমু প্রশ্নোত্তৰঃ

১। পালিক প্রধানতঃ কেইভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ পালিক প্ৰধানতঃ দুই ভাগত ভাগ কৰিব পাৰি —

(ক) ত্রিপিটক।

(খ) ত্রিপিটক-বহির্ভূত।

২। বিনয় পিটকৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ বিনয় পিটকৰ ভাগ তিনিটা―

(ক) সুত্ত বিভংগ।

(খ) খন্দক বা খন্ধক।

(গ) পৰিবাৰ পাঠ।

৩। খন্দক ভাগ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ খন্দক বা খন্ধকৰ প্ৰধান ভাগ দুটা― মহাবগগ’ আৰু ‘চুল্লবগগ’।

৪। ‘প্রাকৃত’ কি?

উত্তৰঃ খ্ৰীষ্টপূর্ব ষষ্ঠ শতাব্দীমানত প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ বা বৈদিক ভাষাৰ যি ৰূপ বিৱৰ্তন হৈছিল আৰু সামগ্ৰিকভাৱে বিৱৰ্তিত ৰূপটোকে ‘প্রাকৃত’ বুলি অভিহিত কৰা হৈছিল।

৫। পালি কি?

উত্তৰঃ পালিক প্ৰাকৃতৰ প্ৰথম সাহিত্যিক ৰূপ বুলি ক’ব পৰা যায়। আন কথাত বৈদিক ভাষাৰ পৰিৱৰ্তিত ৰূপক সামগ্রিকভাৱে ‘প্রাকৃত’ বুলি ক’লে, ‘পালি’ এই প্ৰাকৃতৰ আদি স্তৰত প্রথম সাহিত্যিক নিদর্শন। 

৬। পালি ভাষা গঠনত কোনে সহায় কৰিছিল? সেইকেইখনৰ নাম উল্লোখ কৰা। 

উত্তৰঃ প্ৰথম তিনিখন বৌদ্ধমহাসভাই পালি ভাষা গঠনত সহায় কৰিছিল। সেইকেইখন হ’ল― ৰাজগৃহ, বৈশালী, পাটলিপুত্র।

৭। ধম্মপদৰ ২৬ টা বগ্‌গৰ (বৰ্গৰ) উল্লেখ কৰা।

উত্তৰঃ ধম্মপদৰ ২৬ টা বগ্‌গ (বর্গ)। সেইকেইটা হ’ল-

(ক) যমক।

(খ) অপপমাদ।

(গ) চিত্ত।

(ঘ) পুপফ।

(ঙ) বাল।

(চ) পণ্ডিত।

(ছ) অৰহন্ত।

(জ) সহসস।

(ঝ) পাপ।

(ঞ) দণ্ড।

(ট) জৰা।

(ঠ) অত্ত।

(ড) লোক।

(ঢ) বুদ্ধ।

(ণ) সুখ।

(ত) পিয়।

(থ) কোধ।

(দ) মল।

(ধ) ধম্মটধ।

(ন) মগগ।

(প) পাকিন্নক।

(ফ) নিৰয়।

(ব) নাগ।

(ভ) তনহা।

(ম) ভিকখু।

(য) ব্রাহ্মণ।

৮। পালি ভাষাৰ ক্ৰমবিকাশৰ স্তৰ কেইটা আৰু কি কি? 

উত্তৰঃ পালি ভাষাৰ ক্ৰমবিকাশক ভাষিক বিৱৰ্তন আৰু সাহিত্যিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰধানতঃ পাঁচটা স্তৰত ভাগ কৰিব পৰা যায়। সেয়া হ’ল ― প্ৰথম স্তৰঃ গাথা সাহিত্যৰ যুগ, দ্বিতীয় স্তৰ গদ্য-মিশ্ৰিত গাথা সাহিত্যৰ যুগ, তৃতীয় স্তৰঃ ত্রিপিটক সাহিত্যৰ যুগ, চতুর্থ স্তৰঃ সংস্কৃত প্রভাৱিত গদ্যৰ যুগ, পঞ্চম স্তৰঃ টীকা-ভাষ্যৰ যুগ।

৯। ‘ধৰ্ম্মপদ’ৰ পৰিচয় দাঙি ধৰা।

উত্তৰঃ ধৰ্ম্ম আৰু পদ— এই দুটা শব্দ লগ লাগি ধৰ্মপদ (ধম্মপদ) নামটো হৈছে। বৌদ্ধ ধৰ্মত বৌদ্ধ আৰু পদ শব্দ দুটা একাধিক অর্থ ব্যৱহাৰ হয়। ধৰ্ম্ম শব্দৰ অৰ্থ হ’ল — ধৰ্ম, প্রকৃতি, গুণ, পদার্থ, মতবাদ, প্রাকৃতিক নিয়ম, ধর্মমত, অবস্থা, আচাৰ, জাগতিক বিধান, নীতি, প্রজ্ঞা, মার্গ, মনোবৃত্তি, শীল, সত্য, সমাধি, স্বভাব, নির্বাণ ইত্যাদি। তেনেদৰে ‘পদ’ শব্দটিও অনেক অর্থত ব্যৱহাৰ হৈছে। যেনে— পথ, উপায়, সোপান, পৰিত্ৰাণ, পাদ, মত, অৱশ ইত্যাদি। গতিকে ‘ধৰ্ম্মপদ’ শব্দটোৰ অৰ্থ হয়গৈ ধর্মোপলব্ধিৰ উপায় বা পথ। ধৰ্মৰ দোষ, ধৰ্মৰ সোপান, সত্যৰ পথ বা মাৰ্গ, পুণ্যৰ পথ ইত্যাদি।

ধম্মপদ পালি ভাষাত ৰচিত প্ৰাচীনতম গ্রন্থ। বৌদ্ধ ধৰ্মৰ প্রধান গ্রন্থ ত্রিপিটকৰ মুণ্ডপিতকৰ অন্তৰ্গত সুদ্দক নিকায়াৰ অন্যতম দ্বিতীয় গ্রন্থ। এই গ্রন্থব বিষয়বস্তু ২৬ টা বাগগত (বার্গত) বিভক্ত। গ্রন্থখনিত মুঠ ৪২৩ টা গাধা আছে। ধম্মপদ জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ সাহিত্যৰ অংগীভূত। এই গ্ৰন্থৰ প্ৰতিটো গাথাই নৈতিক আৰু মানৱীয় আদর্শকে জিলিকি আছে। গাথাসমূহত সৰ্বকালৰ সকলো দেশৰ সকলো মানৱ সমাজৰ বাবে মংগলময় বাণী প্ৰকাশ পাইছে। ধম্মপদ বৌদ্ধ ধৰ্মৰ গ্ৰন্থ হ’লেও বিভিন্ন ধর্মাবলম্বী লোক আৰু গৃহীসকলৰ নৈতিক উৎকৰ্ষ সাধনৰ বাবে ধৰ্মপদে পঠনীয় গ্রন্থৰূপে সমাদৰ লাভ কৰিছে। ধৰ্ম্মপদৰ ৰচক কোন এই সম্পর্কে বিজ্ঞানসন্মত কোনো প্রমাণ পোৱা নাযায়। সেয়ে হ’লেও বুদ্ধৰ বাণীসমূহৰ আৰু তেওঁৰ গাথাসমূহ ধৰ্ম্মপদত সন্নিবিষ্ট হৈছে বুলি ক’ব পাৰি। কোনো কোনোৱে এই ধৰ্ম গ্ৰন্থখনৰ সম্পৰ্কে মতামত আগবঢ়াই কৈছে যে বুদ্ধৰ বাকীবোৰ গ্ৰন্থতো ধম্মপদৰ পদ সন্নিবিষ্ট কৰা আছে। ধম্মপদ কোনো অজ্ঞাত লিখকৰ মহৎ কীৰ্তিও হ’ব পাৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ধম্মপদ কোন শ্ৰেণীৰ সাহিত্য? ইয়াৰ ৰচক কোন? পালি সাহিত্যত ইয়াৰ তাৎপৰ্য আৰু ভূমিকা বিচাৰ কৰা।

উত্তৰঃ পালি ভাষাত ৰচিত বুদ্ধদেৱৰ মুখৰ বাণীত প্ৰকাশ হৈছিল ত্রিপিটকৰ। সুত্তপিটকৰ অন্তর্গত ৪২৩ টা গাথাসমৃদ্ধ গ্ৰন্থখনেই হৈছে ধম্মপদ। এই ধৰ্ম্মপদ বৌদ্ধধৰ্মৰ এখন অতি প্রাচীন শ্রেষ্ঠ ধর্মগ্রন্থ। হিন্দু, ব্ৰাহ্মণ্যৰ ধৰ্মত ‘গীতৰ যি সমাদৰ ঠিক তেনেদৰে বৌদ্ধধৰ্মত ‘ধৰ্ম্মপদে’ তেনে সমাদৰ লাভ কৰে। হিন্দু ধৰ্মাৱলম্বীসকলে গীতাক ভগৱান কৃষ্ণৰ মুখ নিঃসৃত বাণী বুলি বিশ্বাস কৰাৰ দৰে বৌদ্ধ ধৰ্মাৱলম্বীসকলেও ধম্মপদক ভগৱান বুদ্ধৰ মুখনিসৃত বাণী বুলি বিশ্বাস কৰে। ধৰ্ম্মপদত নৈতিক আৰু সৎ জীৱন-যাপনৰ আদর্শ প্রতিফলিত হোৱা বাবে ইয়াক ধৰ্মীয় সাহিত্যৰ অংগীভূত কৰা হৈছে।

ধম্মপদৰ ৰচক কোন এই সম্পর্কে বিজ্ঞানসন্মত তেনে কোনো প্রমাণ পোৱা নাযায়। সেয়ে হ’লেও বুদ্ধৰ বাণীসমূহৰ আৰু তেওঁৰ গাথাসমূহ ধম্মপদত সন্নিবিষ্ট হৈছে বুলি ক’ব পাৰি ৷ কোনো কোনোৱে এই ধৰ্মৰ গ্ৰন্থখনৰ সম্পৰ্কে এনে মতামত আগবঢ়ায় যে বুদ্ধৰ বাকীবোৰ গ্ৰন্থতো ধম্মপদৰ পদ সন্নিবিষ্ট কৰা আছে। বুদ্ধদেৱে মূল গ্ৰন্থৰ পৰা বচা বচা লোকৰে উক্ত পুথিখনি ৰচনা কৰিছে। আচলতে এই যুক্তি কিমান দূৰ সঁচা সি বিচাৰ্যৰ বিষয়। প্ৰকৃততে যদি বুদ্ধৰ দ্বাৰা ৰচিত হয় তেতিয়া বুদ্ধই তেওঁৰ গ্ৰন্থখনত উক্ত পুথিৰ কথা উল্লেখ কৰিলেহেতেন কিন্তু বুদ্ধদেৱৰ গ্ৰন্থসমূহ এই ক্ষেত্ৰত নিমাত। বিশ্লেষণ কৰি শেষত এটা কথা ক’ব পাৰি উক্ত গ্রন্থখন অন্য কোনো লোকেহে ৰচনা কৰিছে। ইয়াৰ বিষয়বস্তু বৌদ্ধ গ্ৰন্থৰ সুত্তপিটকৰ পৰা আয়ত্ত কৰিছে। ধৰ্ম্মপদ কোনো অজ্ঞাত লিখকৰ মহৎ কীৰ্তিও হ’ব পাৰে।

পালি সাহিত্যৰ ভঁৰাল বৌদ্ধ ধৰ্মৰ শাস্ত্ৰৰ দ্বাৰা সমৃদ্ধ। হিন্দুৰ গীতাৰ দৰে বৌদ্ধধৰ্মৰ ধৰ্ম্মপদে পালি সাহিত্যই শ্রেষ্ঠতা দাবী কৰিব পাৰিছে। কোনো কোনোৱে এই মন্তব্য দিব খোজে ধম্মপদ পালি সাহিত্যৰ শ্ৰেষ্ঠ গ্রন্থ হ’লেও এই গ্ৰন্থ প্ৰকৃত পালি ভাষাৰে ৰচনা হোৱা নাই আৰু এই ভাষাই কেতিয়াও সমগ্ৰ দেশজুৰি বিয়পি থাকিব নোৱাৰে। আচলতে, উক্ত মন্তব্য তৰাং কিয়নো ভাষাৰ ইতিহাস বিশেষণ কৰিলে এটি কথা প্রমাণ হয় বৌদ্ধবাণীসমূহ যি মাতৃভাষাত ৰচনা কৰা হৈছিল সেই ভাষাতো জনসাধাৰণৰ মুখে মুখে বাগৰি আহি সকলোৱে বুজিব পৰা এটা ভাষাৰ সাঁচত ৰচনা কৰা হৈছিল। সেই ভাষাটোৱেই মধ্য ভাৰতীয় আর্যভাষাৰ আদি স্তৰ পালি। অশোকৰ শিলালিপিয়ে এটা কথা প্ৰমাণ কৰে যে মধ্য ভাৰতীয় আর্যভাষাৰ আদিস্তৰ পালি ভাষাই শ্রেষ্ঠ। প্রতিনিধিমুলক ভাষা হিচাপে বুদ্ধদেৱৰ পাছৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈ উত্তৰ ভাৰতত পালি ভাষাই প্ৰচলন আছিল। তাৰোপৰি বৌদ্ধধৰ্মৰ পৰিসৰ বৃদ্ধি পোৱাত পালি ভাষাই সমগ্ৰ ভাৰত, চীন, জাপান আদি দেশসমূহে পালি ভাষাটো নিজৰ ভাষালৈ তর্জমা কৰি লৈছিল। শেষত ইয়াক ক’ব পাৰি নব্য ভাৰতীয় আৰ্য ভাষাৰ সূচনাত প্ৰাক্ মুহুৰ্তলৈকে পালি ভাষাই এখন বহল ঠাই আগুৰি আছিল। ই বৈয়াকৰনিক দিশ, ইশব্দযোজনা, বাক্যগঠন, প্রণালী সকলো দিশতে ধম্মপদে উল্লেখযোগ্য ভূমিকা ল’ব পাৰিছিল। পালি সাহিত্যৰ শ্ৰেষ্ঠ গ্রন্থ হিচাপেই আমি নিঃসন্দেহে ধম্মপদক উল্লেখ কৰিব পাৰোঁ।

২। ধম্মপদৰ ভাষা কেনেকুৱা আছিল? আলোচনা কৰা। 

উত্তৰঃ ধৰ্ম্মপদৰ ভাষা হ’ল পালি। পালি হ’ল মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম সাহিত্যিক নিদর্শন। অশোকৰ অনুশাসনকেই মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম লিখিত নিদর্শন হিচাপে পালিয়েই প্রথম। তলত পালি ভাষাৰ বৈশিষ্ট্য কেতবোৰ উল্লেখ কৰা হ’ল, যিবোৰ ধৰ্ম্মপদৰো ভাষিক বৈশিষ্ট্য—

(ক) ধৰ্ম পদৰ ভাষা পালিত স্বৰধ্বনিৰ সংখ্যা আঠটা। সেইকেইটা হ’ল— অ, আ, ই, ঈ, উ, ঊ, এ, আৰু ও।

(খ) সংস্কৃত ঋ আৰু ন্ন ধ্বনিৰ প্ৰয়োগ সম্পূৰ্ণৰূপে লোপ পাইছে।

(গ) সংস্কৃত ঋ ৯, ঐ, ঔ ধ্বনিৰ প্ৰয়োগ পালিত নাই। পালিত এই ধ্বনিবোৰ অন্য ধ্বনিলৈ ৰূপান্তৰিত হ’ল।

১। ঋ ধ্বনি পালি ভাষাত যথাক্রমে অ, ই, ঔ, এ, ৰ, ৰি, ৰু ধ্বনিলৈ পৰিৱৰ্তন হয়।

উদাহৰণস্বৰূপঃ

ঋ > অ; কৃতং > কতং

ঋ > ই; মৃগ > মিগ

ঋ > ঔ; মৃদু > মিদু

ঋ > এ; গৃহ > গেহ

২। ৯ ঋ > ৰ; বৃহৎ > ব্ৰহা

ঋ > ৰি, ঋণ > ৰিণ

ঋ > ৰু; বৃক্ষ > ৰুকখ ইত্যাদি। 

৩। ৯ ধ্বনিটো পালিত ঔ ধ্বনিলৈ ৰূপান্তৰিত হ’ল। যেনে— কনপ্ত > কুত্ত।

(ঘ) সংস্কৃতৰ শিশ্ ধ্বনি শ, ষ, স ৰ ভিতৰত পালিত মাথো ‘স’ৰ হে প্ৰয়োগ হৈছে। যেনে— শীল > সীলঃ ঋষি > ইসি।

(ঙ) ন আৰু প দুয়োৰে প্ৰয়োগ পালিত আছে যদিও কেতিয়াবা ন > প হোৱা দেখা যায়। যেনে— নগৰ > পগৰ।

(চ) সংস্কৃতৰ দৰে পালিত ৰ আৰু ল-ৰ প্ৰয়োগ আছে যদিও ৰ > ল হোৱা দেখা যায়। যেনে- ৰাজা > লাজা।

(ছ) পালি ভাষাতঃ (বিসৰ্গৰ) প্ৰয়োগ নাই। সংস্কৃত অ-কাৰান্ত শব্দৰ শেষত থকা বিসর্গ পালি ভাষাত ও-কাৰ হয়। যেনে— ধৰ্ম্ম > ধম্মো।

(জ) পালি ভাষাত সংস্কৃতৰ ৰেফযুক্ত ধ্বনিবোৰ দ্বিত্ব হৈছে। যেনে— ধৰ্ম্ম > ধৰ্ম্ম; সর্ব > সব্ব।

(ঝ) সংস্কৃতৰ পদান্ত ব্যঞ্জন পালিত লোপ পাইছে। অৱশ্যে পদান্তং পালিত ৰক্ষিত হৈছে। যেনে— পশ্চাৎ > পাচ্ছা; সম্যক > সম্মা।

(ঞ) শব্দৰ আদি স্থানত থকা সংস্কৃতৰ যুক্ত ব্যঞ্জনবোধ পালিত একক ব্যঞ্জনলৈ ৰূপান্তৰিত হৈছে। যেনে— দ্বীপং> দীপং।

(ট) পালি ভাষাত বচন দুটা একবচন আৰু বহুবচন। সংস্কৃতৰ দ্বিবচন পালিত নাই। দ্বিবচনক বহুবচনৰ লগত ধৰা হয়।

(ঠ) পালি ভাষাত অ কাৰান্ত শব্দৰ ব্যাপক প্ৰভাৱ আছে। কাৰণ পালি ভাষাত অধিকাংশব্দই স্বৰান্ত হয়।

(ড) পালি ভাষাত আত্মনোপনৰ ব্যৱহাৰ কম, পৰৰ্ম্মৈপদৰ ব্যৱহাৰ বেছি। 

(ড) পালি ভাষাত সংস্কৃতৰ দহটা ল-কাৰৰ ঠাইত আঠটাহে ৰক্ষিত হৈছে।

(ণ) পালিত সংস্কৃতৰ দৰে তিনিটা লিংগ থাকিলেও কোনো কোনো শব্দৰ ক্ষেত্ৰত লিংগ একাধিক হোৱা দেখা যায়। সাধাৰণতে পুংলিংগত অনুস্বাৰ সংযোগ কৰি ক্লীৱলিংগ কৰা দেখা যায়। যেনে— কলম — পুংলিংগ, কলসং—ক্লীৱলিংগ।

ধম্মপদৰ ভাষাত এনে বৈশিষ্ট্য থকাৰ উপৰি আৰু অনেক বৈশিষ্ট্য লক্ষ্য কৰা যায়। ইয়াৰে অধিকাংশ বৈশিষ্ট্য পৰৱৰ্তী প্ৰাকৃত স্বৰত ৰক্ষিত হোৱা দেখা যায়।

৩। পালিৰ উদ্ভৱ সম্পর্কে বিভিন্নজনৰ মতামত সম্পর্কে উল্লেখ কৰা।

উত্তৰঃ পালিৰ উদ্ভৱ সম্পৰ্কে বিভিন্নজনৰ মতামতসমূহ এনেধৰণৰ—

(ক) অশোকৰ গিৰনাৰ অনুশাসনৰ লগত পালিৰ মিল লক্ষ্য কৰি Westerguard, E. Khun, R.O, Franke আদি বিদ্বজ্জনে উজ্জয়িনী অঞ্চলৰ পৰাই ভাষাৰ উদ্ভৱ বুলি মত পোষণ কৰে।

(খ) খ্রীষ্টপূর্ব প্রথম শতাব্দীৰ উৰিষ্যাৰ উদয়গিৰি পাহাৰৰ হাথিগুম্ফাৰ ৰজা খাৰবেলৰ অনুশাসন ভাষাৰ লগত পালিৰ বিশেষ মিল লক্ষ্য কৰি Oldenburg আৰু E. Miller উৰিষ্যাৰ আঞ্চলিক প্ৰাকৃতৰ ওপৰত ভিত্তি কৰি পালি ভাষা গঢ়ি উঠিছিল আৰু উৰিষ্যাই পালিৰ আদি জন্মস্থান বুলি মত প্ৰকাশ কৰে।

(গ) পৈশাচী প্ৰাকৃতৰ লগত পালিৰ মিল লক্ষ্য কৰি Sten Konow য়ে বিন্ধ্য অঞ্চলৰ প্ৰাকৃতৰ পালি উৎপত্তি হয় বুলি ভাবে। 

(ঘ) Windische ৰ মতে পালি হ’ল অৰ্ধ-মাগধীৰ প্ৰকাৰভেদ আৰু ইয়াৰ উদ্ভৱস্থল হ’ল কোশল। Luders য়েও অনুৰূপ মতকে পৃষ্ঠপোষকতা কৰে, অৰ্ধ-মাগধীৰ প্ৰাচীন ৰূপৰ পৰাই পালিৰ উদ্ভৱ বুলি ভাবে।

(ঙ) ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মধ্যপ্ৰদেশৰ শৌৰসেনী প্ৰাকৃতৰ প্ৰাচীন ৰূপৰ ওপৰত ভিত্তি কৰি পালি ভাষাক গঢ়ি তোলা হৈছিল বুলি মত পোষণ কৰে।

(চ) ড° সুকুমাৰ সেনে দেশী-বিদেশী সর্বসাধাৰণ ব্যবহার্য এক Lingua Franca ভাষা হিচাপে দক্ষিণ-পশ্চিমা ও প্রাচ্য-মধ্যাৰ মিশ্রণে সম্ভৱতঃ উজ্জয়িনী অঞ্চলে পালিৰ উদ্ভৱ বুলি মন্তব্য কৰিছে।

(ছ) Criger, Winternitz, Childers, Rhys, Davids আদি পালি বিশেষজ্ঞসকলে পালি মাগধীৰ পৰাই বিকাশ হোৱা ভাষা বুলি ভাবে।

৪। পালি ভাষাৰ উৎপত্তি আৰু ইয়াৰ বিশেষজ্ঞসমূহ চমুকৈ আলোচনা কৰা। 

উত্তৰঃ খৃঃপূঃ ষষ্ঠ শতাব্দী মানত প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ বা বৈদিক কথ্যৰ যি ৰূপ বিবর্তন হৈছিল সামগ্রিকভাৱে বিৱর্তিত ৰূপটোক ‘প্রাকৃত’ বুলি অভিহিত কৰা হৈছিল। পালি তাৰেই প্ৰথম সাহিত্যিক ৰূপ বুলি ক’ব পৰা যায়। আন কথাত বৈদিক ভাষাৰ পৰিৱৰ্তিত ৰূপক সামগ্রিকভাৱে ‘প্রাকৃত’ বুলি ক’লে ‘পালি’ এই প্ৰাকৃতৰ আদি স্তৰৰ সাহিত্যিক নিদর্শন। দৰাচলতে, ক’বলৈ গ’লে পালি ভাষা বৌদ্ধ ধৰ্ম শাস্ত্ৰৰ ভাষা। বুদ্ধদেৱৰ মহাপ্ৰস্থানৰ পিছত তেওঁৰ বচন বা উপদেশসমূহ সংকলন বা আবিকৃতভাৱে ৰক্ষা কৰাত প্ৰচেষ্টা কৰা হয়। কেইবাশ বছৰৰ প্ৰচেষ্টাৰে বৌদ্ধ ধৰ্মাচাৰ্যসকলে সমকালীন ভাৰতৰ জনসমাজৰ মাজত প্ৰচলিত প্ৰাকৃত ভাষাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এটা পৰিমাৰ্জিত ভাষাৰ ৰূপত বুদ্ধৰ বাণী বা বচনসমূহ একত্র সংকলন কৰে। কালক্ৰমত বুদ্ধ বচন সংকলিত এই বৌদ্ধ শাস্ত্ৰসমূহৰ ভাষা পালি নামে জনাজাত হয়।

পালি ভাষাটোৰ উৎপত্তি সম্পর্কে ভিন্ন ভিন্ন পণ্ডিতে মত আগবঢ়াইছে যদিও সেইবোৰৰ নিশ্চয়তা সম্পৰ্কে সন্দেহৰ অৱকাশ নথকা নহয়। পালি কথাষাৰ মূল পংক্তি অৰ্থত ব্যৱহৃত হৈছিল কিন্তু ভাষাতাত্ত্বিক বিচাৰত পংক্তি শব্দৰ পৰা পালি শব্দ সিদ্ধ হোৱাতো সম্ভৱ নহয়। মূল শাস্ত্ৰৰ আর্যত পোনপ্রথমে বৌদ্ধ সাহিত্যত পালি শব্দৰ প্ৰয়োগ হৈছিল। ইয়াত পালিৰ অর্থ মূল শাস্ত্র, মূল পাঠ অর্থাৎ সেই পাঠ হ’ল বুদ্ধদেৱৰ উপদেশ বা বাণীসমূহ পংক্তিৰ মাজত আছে, সেই বাণীসমূহৰ পৰা পালন কৰা বা ৰক্ষা কৰা ভাষাটোৱেই হ’ল পালি।

পালিৰ উৎপত্তি সম্পৰ্কে যিদৰে এটা সঠিক সিদ্ধান্তত আহিব নোৱাৰি ঠিক সেইদৰে ইয়াৰ উৎসভূমি সম্পর্কেও নানা মুনিৰ নানা মত। জার্মান পশ্চ্যতত্ববিদ যেনে— খুন Wester Guard & Ottofranke ৰ মতে উজ্জয়নিক কেন্দ্ৰ কৰি এই অঞ্চলটো পালিৰ উৎসভূমি। আন দুগৰাকী জার্মান দেশীয় পণ্ডিত অলদেন বুর্গ আৰু ই মূলাৰ মতে, পল্লী অঞ্চলৰ কথিত ভাষাৰ পৰাহে পালিৰ জন্ম। এনেদৰে বিভিন্নজনৰ মতে, পালিৰ উৎস ভিন্ন ভিন্ন। আকৌ, পালি আৰু পৈশাচী মাজত থকা সাদৃশ্যলৈ চাই ষ্টেনকুনুৱে বিদ্যা অঞ্চলতহে পালিৰ জন্মস্থান বুলি ক’ব খোজে। এই একেটা কাৰণতেই প্ৰিয়াৰচনে আৰু উইণ্ডিচিচ চাহাবে কান্দাহাৰ অঞ্চলত পালিৰ আদি উৎপত্তি স্থান ৰূপে অভিহিত কৰিব খোজে। ভাষাচার্য সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে, ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিচাৰত পালিৰ লগত শৌৰসেনীৰ সাদৃশ্য প্রচুৰ। সেই শৌৰসেনীৰ স্থান হ’ল মথুৰা অঞ্চলৰ। ভাষাবিদ সুকুমাৰ সেনৰ মতে, উজ্জয়নীৰ অঞ্চলেই পালিৰ আদি গৃহভূমি। আনহাতে, উইন্টাৰ নিজ আদিয়ে মাগধী প্ৰাকৃতহে পালিৰ উৎস বুলি মত পোষণ কৰিছে। কিন্তু দেখা যায় যে পালি ভাষা সমন্বয়ৰ ভাষা আৰু সেয়ে ইয়াৰ গৃহভূমি মগধ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত। উত্তৰ ভাৰতৰ বিশাল অঞ্চল বুলি কোৱাহে সীমাচিন বুলি ভবা হয়। পালি ধৰ্ম সাহিত্যৰ ভাষা হ’লেও নিৰস ধর্মতত্ত্বৰে ই পুষ্ট নহয় বৰং জীৱন গ্রাহী সাহিত্যৰস সমৃদ্ধ গুণেৰে ইয়াৰ বহুখিনি ৰচনাই উৎকৃষ্ট সান্নিধ্য হৈ যাউতিযুগীয়া খ্যাতি বহন কৰিছে।

পালি ভাষাৰ বিশেষত্বঃ যদিও কথা বৈদিকৰ পৰিৱৰ্তিত ৰূপ প্ৰাচীন প্ৰাকৃতৰ ওপৰত ভিত্তি কৰি সাহিত্যিক ভাষা হিচাপে পালি গঢ়ি উঠিছিল। ইয়াৰ সাহিত্যিক ৰূপৰ বৈয়াকৰণিক আদৰ্শ আছিল বেদ বিধিত। সাহিত্যিক বৈদিকৰ আধাৰত পাণিনীয়ে সৃষ্টি কৰা সংস্কৃতহে সেয়ে বৈদিক সংস্কৃতৰ লগত তুলনামূলক আলোচনাৰ জৰিয়তে ইয়াৰ বৈশিষ্ট্যসমূহ বিচাৰ বিশ্লেষণ কৰি পৰা যায়। তদুপৰি পালিৰ নিজৰ লিপি বুলি একো নাছিল, সংস্কৃত বা দেৱনাগৰি লিপিয়েই ইয়াৰ লিপি।

পালি ভাষাৰ সাধাৰণ লক্ষণবোৰ তলত দিয়া ধৰণে দেখুৱাব পাৰি― 

(ক) ধৰ্ম পদৰ ভাষা পালিত স্বৰধ্বনিৰ সংখ্যা আঠটা। সেইকেইটা হ’ল— অ, আ, ই, ঈ, উ, ঊ, এ, আৰু ও।

(খ) সংস্কৃত ঋ আৰু ৯৯ ধ্বনিৰ প্ৰয়োগ সম্পূৰ্ণৰূপে লোপ পাইছে।

(গ) সংস্কৃত ঋ ৯, ঐ, ঔ ধ্বনিৰ প্ৰয়োগ পালিত নাই। পালিত এই ধ্বনিবোৰ অন্য ধ্বনিলৈ ৰূপান্তৰিত হ’ল।

(ঘ) সংস্কৃতৰ শিশ্ ধ্বনি শ, ষ, স ৰ ভিতৰত পালিত মাথো ‘স’ৰ হে প্ৰয়োগ হৈছে। যেনে— শীল > সীলঃ ঋষি > ইসি।

(ঙ) ন আৰু প দুয়োৰে প্ৰয়োগ পালিত আছে যদিও কেতিয়াবা ন > প হোৱা দেখা যায়। যেনে— নগৰ > পগৰ।

(চ) সংস্কৃতৰ দৰে পালিত ৰ আৰু ল-ৰ প্ৰয়োগ আছে যদিও ৰ > ল হোৱা দেখা যায়। যেনে- ৰাজা > লাজা।

(ছ) পালি ভাষাতঃ (বিসৰ্গৰ) প্ৰয়োগ নাই। সংস্কৃত অ-কাৰান্ত শব্দৰ শেষত থকা বিসর্গ পালি ভাষাত ও-কাৰ হয়। যেনে— ধৰ্ম্ম > ধম্মো।

(জ) পালি ভাষাত সংস্কৃতৰ ৰেফযুক্ত ধ্বনিবোৰ দ্বিত্ব হৈছে। যেনে— ধৰ্ম্ম > ধৰ্ম্ম; সর্ব > সব্ব।

(ঝ) সংস্কৃতৰ পদান্ত ব্যঞ্জন পালিত লোপ পাইছে। অৱশ্যে পদান্তং পালিত ৰক্ষিত হৈছে। যেনে— পশ্চাৎ > পাচ্ছা; সম্যক > সম্মা।

(ঞ) শব্দৰ আদি স্থানত থকা সংস্কৃতৰ যুক্ত ব্যঞ্জনবোধ পালিত একক ব্যঞ্জনলৈ ৰূপান্তৰিত হৈছে। যেনে— দ্বীপং> দীপং।

(ঘ) প্রাকৃতঃ গাহাসত্তসই

(প্রথম পাঁচটা)

অতি চমু প্রশ্নোত্তৰঃ

১। গাহাসত্তসই কাৰ দ্বাৰা সংকলিত?

উত্তৰঃ নৃপতি হালৰ দ্বাৰা সংকলিত।

২। গাহাসত্তসই কি ভাষাত ৰচনা কৰা হৈছিল? 

উত্তৰঃ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচনা কৰা হৈছিল।

৩। গাহাসত্তসই ৰচনাৰ কাল কেতিয়া?

উত্তৰঃ গাহাসত্তসই সংকলন বা ৰচনাৰ কাল খ্ৰীষ্টীয় প্ৰথম— দ্বিতীয় শতিকাৰ পৰা সপ্তম অষ্টম শতিকা বুলি অনুমান কৰা হৈছে।

৪। মধ্য ভাৰতীয় আর্যভাষাৰ মধ্যস্তৰত কেইটা প্ৰাকৃত ভাষাৰ উল্লেখ পোৱা যায়?

উত্তৰঃ মহাৰাষ্ট্ৰীয়, শৌৰসেনী, মাগধী, অৰ্ধ-মাগধী আৰু পৈশাচী।

৫। গাহাসত্তসই মূলতঃ কেইটা গাথাৰ সমষ্টি?

উত্তৰঃ গাহাসত্তসই মূলতঃ সাতশটা গাথাৰ সমষ্টি। 

৬। মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচনা কৰা কেইখনমান কাব্য পুথিৰ নাম লিখা।

উত্তৰঃ সেতুবন্ধ, গৌড়বহো, গাহাসত্তসই আদি।

৭। সেতুবন্ধ কাৰ ৰচনা?

উত্তৰঃ প্ৰৱৰ সেনৰ।

৮। গৌড়বহো কাৰ ৰচনা?

উত্তৰঃ বাকপতিৰাজৰ।

৯। গাহাসত্তসই সংকলনখন প্ৰতিটো গাথাৰ কেইটা চৰণ যুক্ত? 

উত্তৰঃ সংকলনটিৰ প্ৰতিটো গাথা দুটা চৰণ যুক্ত। মাত্ৰ দুটা চৰণৰ মাজেৰেই ৰচকে একোটি পৰিপূৰ্ণ ভাব সফলভাৱে প্ৰকাশ কৰিছে।

১০। গাহাসত্তসইৰ অন্তৰ্গত অন্যান্য ৰচকসকলৰ নাম উল্লেখ কৰা।

উত্তৰঃ বাণভট্ট, ৰাজশেখৰ।

১১। অভিনন্দ বিৰচিত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ৰামচৰিতম্।

১২। পণ্ডিতসকলে নৃপতি হালৰ সময়সীমা কেতিয়া বুলি অনুমান কৰিছে? 

উত্তৰঃ খ্ৰীষ্টীয় প্রথম-দ্বিতীয় শতিকা বুলি অনুমান কৰিছে।

১৩। নাটকত নায়িকা বুলি কাক কোৱা হয়? 

উত্তৰঃ নাটকত প্রধান স্থান লাভ কৰা নায়ক যি নাৰী চৰিত্ৰৰ প্ৰতি প্ৰণয়াসক্ত হয় সেই নাৰী চৰিত্ৰক নায়িকা বুলি ক’ব পাৰি।

চমু প্ৰশ্নোত্তৰঃ

১।নায়িকা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ নায়িকা ৯ প্ৰকাৰৰ। যেনে— অভিসাৰিকা, বাসকসজ্জিকা, উৎকণ্ঠিতা, বিপ্ৰলম্ভা, খণ্ডিতা, মানিনী, কলহান্তৰিতা, প্রোষিতভর্তৃকা, স্বাধীনভর্তৃকা। 

২। গাহাসত্তসইৰ সংকলনটিৰ নামাকৰণৰ তাৎপর্য কি?

উত্তৰঃ গাহাসত্তসই সংকলনটিত মুঠ সাতশটা নিৰ্বাচিত গাথা আছে আৰু সেইবোৰ এশ এশ ফুলৰ একোটাকৈ শতকত বিভক্ত। সেইবাবে সংকলনখনৰ নাম গাহাসত্তসই (গাথাসপ্তশতী) ৰখা হৈছে।

৩। গাহাসত্তসইৰ মূল বিষয়বস্তু কি?

উত্তৰঃ গাহাসত্তসইৰ মূল প্রতিপাদ্য বিষয় হৈছে তৎকালীন ভাৰতীয় লোক জীৱনৰ প্ৰেম। সংস্কৃত প্রেমমূলক কাব্যৰ দৰে ইয়াৰ বৰ্ণিত প্রেম স্বর্গীয় অনুভূতিৰে সিক্ত নহয়। তাৰ বিপৰীতে ইয়াত ইন্দ্রিয়-গম্য প্মেৰ প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে। সাধাৰণ মানুহৰ সুখ-দুখ, হাঁহি-অশ্রু, বিৰহ-মিলনৰ বৈচিত্ৰপূর্ণ অভিব্যক্তিয়ে কাব্য সংকলনটিৰ উৎকৃষ্টতাৰ মৰ্যাদা প্ৰদান কৰিছে।

৪। গাহাসত্তসইৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ গাহাসত্তসই প্রাকৃত গীতি-কবিতাৰ এক উল্লেখযোগ্য সংকলন। তৎকালীনভাৱে কথ্য অপভ্রংশ মিশ্ৰিত মহাৰাষ্ট্ৰী প্ৰাকৃতত এই কাব্যখনি সংকলিত হৈছিল। সৰ্বমুঠ সাতশ গাথাৰ সংকলন হোৱা হেতুকে কাব্যখনিৰ নাম গাহাসত্তসই (গাহা সপ্তশতী) ৰখা হৈছে। বিভিন্ন কবিয়ে ৰচনা কৰা সৰু সৰু প্ৰেমমূলক গাথাৰ সংগ্ৰহ এই কাব্য সংকলনটিৰ মাজেৰে তৎকালীন প্রাকৃতজনৰ সুখ-দুখ, হাঁহি-অশ্রু, বিৰহ-মিলনৰ বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে। তদুপৰি, ইয়াৰ মাজেৰে সেই সময়ৰ ভাৰতবৰ্ষৰ গ্ৰাম্য জীৱনৰ জীৱন্ত ৰূপৰ পৰিচয়ো পাব পৰা যায়। সাধাৰণ মানুহৰ জীৱনৰ সৈতে সম্পর্কিত তথা উৎকৃষ্ট কাব্যমূলৰ হেতু এই কাব্যখিনি যুগ নিৰপেক্ষ সাহিত্যলৈ উন্নীত হৈছে। উল্লেখনীয় যে সাতবাহন বংশৰ ৰজা হ’লে এই উৎকৃষ্ট গীতি কাব্যখনি সংকলন কৰিছিল বুলি জনা যায়।

সংস্কৃত ভাষাত ৰচিত বিশাল সাহিত্যৰাজিৰ ৰচনাশৈলী অতিশয় বৈদগ্ধপূর্ণ। এই সাহিত্য মূলতঃ তৎকালীন অভিজাত সমাজৰ সম্পদ আছিল। বহু সময়ত এইবোৰৰ ৰচনা —চাতুৰ্থ সাধাৰণ জনৰ বাবে হয়তো দুর্বোধ্যও আছিল। এইফালৰ পৰা সাধাৰণ মানুহৰ আৱেগ-অনুভূতিক এনেদৰে কাব্যৰূপ দি তাক সকলোৰে হৃদয়গ্ৰাহী কৰি তোলাটো অতিশয় তাৎপর্যপূর্ণ হিচাপে বিবেচিত। প্রকৃত ভাষাত ৰচিত প্ৰায়খিনি সাহিত্য যে সংস্কৃত সাহিত্যৰ আদৰ্শৰ অনুগামী তাক নক’লেও হয়। পিছে, গাহাসত্তসই— এ ওলোটাকৈ সংস্কৃত সাহিত্যকহে প্ৰভাৱিত কৰিছিল। সংস্কৃতত অমৰুৰ অমৰুশতক, গোৱৰ্ধন আচার্যৰ আৰ্যাসপ্তশতী আদি যিবোৰ চূর্ণ বা সৰু সৰু কোষকাব্য পোৱা যায় সেইবোৰত গাহাসত্তসই ৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। বাণভট্ট, ৰাজশেখৰ আদি বিদগ্ধ কাব্য ৰচকসকলেও গাহাসত্তসইৰ কথা উল্লেখ কৰি থৈ গৈছে।

৫। প্রাকৃত কি? ইয়াৰ উদ্ভৱ আৰু প্ৰকৃতি সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ খ্ৰীষ্টীয় তৃতীয় শতাব্দীমানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত প্রাকৃতবোৰে অঞ্চল বিশেষে আঞ্চলিক বৈশিষ্ট্যৰে গঢ় লৈ নিৰ্দিষ্ট হৈ উঠে আৰু বিভিন্ন আঞ্চলিক নামেৰে পৰিচিত হয়। নির্দিষ্ট নিজস্ব বৈশিষ্টৰে গঢ় লৈ উঠা এই প্রাকৃতবোৰৰ এটা সাধু ৰূপত লাহে লাহে সাহিত্য সৃষ্টি হ’বলৈ ধৰে বা সাহিত্যত ব্যৱহাৰ হ’বলৈ ধৰে। সাহিত্যাদি সৃষ্টি হোৱাৰ কাৰণে বিভিন্ন নামেৰে গঢ় লৈ উঠা প্ৰাকৃতবোৰক ‘সাহিত্যিক প্রাকৃত’ বুলি কোৱা হয়। এই সাহিত্যিক প্রাকৃত বা সাহিত্যত ব্যৱহাৰ হোৱা প্ৰাকৃত প্রধানতঃ পাঁচোটা পোৱা যায়—

(ক) মহাৰাষ্ট্ৰী।

(খ) শৌৰসেনী।

(গ) মাগধী।

(ঘ) অর্ধ-মাগধী।

(ও) পৈশাচী। 

প্রাচীন বৈয়াকৰণসকলে তেওঁলোকৰ বিভিন্ন ব্যাকৰণসমূহত সাহিত্যিক প্ৰাকৃত হিচাপে ভিন্‌ ভিন্‌ নাম উল্লেখ কৰা পোৱা যায়। প্রাচীনতম প্রাকৃত বৈয়াকৰণ বৰৰুচিয়ে তেওঁৰ ‘প্ৰাকৃত প্রকাশ’ত মহাৰাষ্ট্ৰী-পৈশাচী, মাগধী আৰু শৌৰসেনী, এই চাৰিটা প্ৰাকৃত সম্বন্ধে আলোচনা কৰিছিল। অন্যতম প্রাচীন ব্যাকৰণ চণ্ডৰ ‘প্ৰাকৃত লক্ষণ ‘ত মহীৰাষ্ট্ৰী, অর্ধ-মাগধী, জৈন-মহাৰাষ্ট্ৰী আৰু জৈন শৌৰসেনী— এই চাৰিটাৰ উল্লেখ পোৱা যায়। সুপ্রসিদ্ধ বৈয়াকৰণ হেমচন্দ্ৰই তেওঁৰ ‘সিদ্ধ-হেমচন্দ্ৰ’ বা ‘সিদ্ধহেমচন্দ্ৰ শব্দানুশাসন ‘ত মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অৰ্ধ মাগধী, পৈশাচী, চুলিকা-পৈশাচী আৰু অপভ্ৰংশৰ আলোচনা কৰিছিল। একেধাৰে কবি আৰু বৈয়াকৰণ মার্কণ্ডেয় কবীন্দ্ৰই আৰ্যাছন্দৰ শ্লোকত ৰচিত তেওঁৰ সুবৃহৎ ‘প্রাকৃত সৰ্বস্ব’ নামৰ ব্যাকৰণত প্রাকৃত ভাষাসমূহক বিভিন্ন ধৰণেৰে ভাগ কৰিছে— ভাষা, বিভাষা, অপভ্রংশ আৰু পৈশাচী। এনেদৰে প্ৰাচীন বৈয়াকৰণসকলে বিভিন্ন আঞ্চলিক প্ৰাকৃতৰ আলোচনা কৰিছিল যদিও প্রকৃতপক্ষে সাহিত্যিক প্ৰাকৃত হিচাপে বা সাহিত্যত ব্যৱহৃত প্ৰধান প্ৰাকৃত হিচাপে প্ৰতিষ্ঠিত হৈছিল উত্তৰ-পশ্চিম ভাৰতত পৈশাচী’, দক্ষিণ-পশ্চিম বা পশ্চিমত ‘মহাৰাষ্ট্ৰী’, মধ্য অঞ্চলত ‘শৌৰসেনী’ আৰু পূৱ অঞ্চলত ‘অর্ধমাগধী’ আৰু ‘মাগধী’।

‘মহাৰাষ্ট্ৰী’ প্রাকৃতক আদর্শ বা মান বিশিষ্ট প্রাকৃত বুলি গণ্য কৰা হৈছিল আৰু ইয়াৰ তুলনাত আন প্ৰাকৃতসমূহৰ লক্ষণ বিচাৰ কৰা হৈছিল। এনেদৰে প্ৰাকৃতে ক্ৰমবিকাশ লাভ কৰিছিল।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। গাহাসত্তসইৰ সংকলক কোন? তেওঁৰ চমু পৰিচয় দাঙি ধৰি ইয়াৰ অন্তৰ্গত গাথাসমূহৰ ৰচকসকলৰ সম্পৰ্কে চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ গাহাসত্তসই নামৰ প্ৰাকৃত গীতি-কাব্য সংকলনটিৰ সংকলক গৰাকী হৈছে এগৰাকী কাব্যমোদী ৰজা আৰু তেওঁৰ নাম হাল। গাহাসত্তসইৰ প্ৰাৰম্ভতে প্রথম শতকৰ তিনি নং গাথাত ‘হালেপ বিৰইআইৱ সালৱকাৰাপ গাহানং’ বুলি উল্লেখ আছে। তেনেদৰে পঞ্চম শতকৰ সাতষষ্ঠী নং গাথাত আছে ‘সালাহপ পণিন্দো’ৰ উল্লেখ। এনে উল্লেখে স্বাভাৱিকতে আলোচ্য সংকলনটি সাতবাহন বংশৰ ৰজা হালৰ দ্বাৰা সংকলিত হোৱাৰ প্ৰমাণ দাঙি ধৰে।

নৃপতি হাল সাতবহন বা অন্ধ্র ৰাজবংশৰ সপ্তদশজনা ৰজা আছিল আৰু এওঁৰ ৰাজত্বকাল মাত্ৰ পাঁচ বছৰ আছিল বুলি কোনো কোনোৱে অনুমান কৰিছে। খ্ৰীষ্টীয় প্রথম দ্বিতীয় শতিকাৰ সময়ছোৱাত দক্ষিণ-পশ্চিম ভাৰতৰ কৃষ্ণা গোদাৱৰী নদীৰ অৱবাহিকা অঞ্চলৰ ‘প্ৰতিষ্ঠানপুৰ ত ৰাজত্ব কৰা এই ৰাজবংশৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম আছিল ‘সাতকর্ণী’। আচলতে ই নাম নহয়, বৰং উপাধিহে। সামৰিক শক্তিৰে চুবুৰীয়া সকলো ৰাজ্য জয় কৰিব পাৰিছিল। বাবেই এইগৰাকী ৰজাক তেনে উপাধিৰে বিভূষিত কৰা হৈছিল। এওঁ ‘প্রতিষ্ঠান পুৰৰ’, ‘প্রভু’, ‘দক্ষিণাপথপতি’ আদি উপাধিৰেও জনাজাত। এইজনা ৰজাই অধিকাৰ কৰা সাঁছী অঞ্চলৰ পৰা উদ্ধাৰ হোৱা এখন শিলৰ ফলিত এওঁক ‘ৰাজন শ্ৰীসাতকর্ণী’ আখ্যা দিয়া হৈছে। বহুতৰ মতে ‘শ্ৰীসাতকর্ণী’ ৰাজজনেই ৰজা হাল আৰু এঁৱেই গাহাসত্তসই সংকলন কৰিছিল। এইগৰাকী ৰজাৰ সময় সঠিকভাৱে নিৰূপন কৰিব পৰা হোৱা নাই। যদিও, খ্ৰীষ্টিয়া প্ৰথম শতিকাৰ অন্তিম ভাগত অথবা দ্বিতীয় শতিকাৰ আদি ভাগত এওঁ ৰাজত্ব কৰিছিল বুলি পণ্ডিত সমাজে অনুমান কৰিছে। উল্লেখযোগ্য যে দ্বিতীয় শতিকাৰ শেষভাগত সাতবাহন ৰাজ্য দক্ষিণ-পশ্চিম উপকূলৰ কাথিওৱাৰ কৃষ্ণা নদীৰ মোহনা আৰু দক্ষিণ-পুৱে মাদ্রাজ পর্যন্ত বিস্তৃত্ব হৈছিল। ‘সাতকর্ণী’ ৰজাজনৰ মৃত্যুৰ পাছত প্ৰতিষ্ঠানপুৰ নামেৰে খ্যাত এই ৰাজ্য সমুলঞ্চে ধ্বৱম হয়। পৰৱৰ্তী শতিকাৰ এই ৰাজ্য শব্দ, পল্লৱ আদি ৰাজবংশই অধিকাৰ কৰে। এই ৰাজ্যৰ ধ্বংসস্তপৰ দ্বাৰা নতুন ৰাজ্য প্ৰতিষ্ঠাৰ জৰিয়তে পল্লৱসকলে আধিপত্য বিস্তাৰ কৰিছিল।

গাহাসত্তসই মূলতঃ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত। সংকলনটিৰ অন্তৰ্গত কেইটামান গাথা আৰু আন ৰচকৰ ৰচনাৰ পৰা এইখিনি কথা জানিব পাৰি যে এইজনা ৰজা আছিল এগৰাকী সুকবি, কাব্যমোদী আৰু কাব্য কুশলীসকলৰ ঘাই পৃষ্ঠপোষক। এইক্ষেত্রত প্রথমেই উল্লেখ কৰিব পাৰি সপ্তম শতিকাৰ কনৌজৰাজ হৰ্ষবৰ্ধনৰ সভাকবি বাণভট্টৰ কথা। বাণভট্টাই ‘হর্ষচৰিতৰ সূচনা অংশৰ সাতবাহন বংশৰ ৰজা হ’লে সুভাষিত গাথা সংগ্ৰহ কৰা বুলি এনেদৰে উল্লেখ কৰিছে―

অবিনাশিনম গ্রাম্যমকৰোং সাতবাহনঃ 

বিশুদ্ধ জাতিভিঃ কোষং ৰটত্বৰিৰ সুভাষিটতঃ

বিশুদ্ধ আৰু উৎকৃষ্ট মণি-মুক্তাৰে ঐশ্বৰ্যৰ ভাণ্ডাৰ গঢ়াৰ দৰে সাতবাহনে অক্ষয় মালাৰ মাজৰ পৰা তেওঁ কোষখন গঢ়ি তুলিছিল।

দ্বিতীয়তে, দশম শতিকাৰ আদি ভাগৰ বিশিষ্ট কবি তথা স্বকীয় নাট্যধাৰাৰ স্ৰষ্টা ৰাজশেখৰে সম্পূর্ণ প্রাকৃত ভাষাৰে ৰচিত তেওঁৰ কপূৰ্বমঞ্জৰী নামৰ সট্টকখনিত বিদুষকৰ মুখৰ এফাঁকি সংলাপত এনেদৰে উল্লেখ কৰিছে—

‘…তামহাপং চেডিআ হৰিউডঢনণান্দি উডঢ পোট্রিস হালপপহূদীনং পি পুৰদো সুকইত্তি’। ইয়াৰ জৰিয়তে ৰাজশেখৰে যে ৰজা হালক তেওঁৰ পূৰ্বসুৰী কবি হৰিবৃদ্ধ, নন্দিবৃদ্ধ, পোট্টিশ প্রভৃতি সুকবিৰ সৈতে একে মর্যদা প্ৰদান কৰিছে তাত কোনো সন্দেহ নাই।

কোনো কোনো আলোচকে আকৌ সংকলক গৰাকীৰ যশ-গৰিমাৰ বন্দনা থকা গাথা কেইটামান।উল্লেখলৈ লক্ষ্য কৰি এনে মন্তব্য প্ৰকাশ কৰিছে যে ৰাজ পদবী বা আন কোনো সভাকবিয়ে সংকলনটিৰ অন্তৰ্গত গাথাসমূহ ৰচনা তথা সংকলন কৰি হাল নৃপতিৰ নামত প্ৰচাৰ কৰিছিল।

২। গাহাসত্তসইৰ ৰচনা কাল সম্বন্ধে এটি বিশ্লেষণাত্মক প্ৰৱন্ধ যুগুত কৰা। 

উত্তৰঃ পণ্ডিতসকলে নৃপতি হালৰ সময় খ্ৰীষ্টিয় প্রথম দ্বিতীয় শতিকা বুলি অনুমান কৰি লৈছে। গতিকে তেওঁৰ দ্বাৰা সংকলিত গাহাসত্তসইৰ ভাষাই উল্লেখিত সময়ৰ পৰিচয় দাঙি নধৰে, কাৰণ তৎকালীন শিলালিপিবোৰত পোৱা ভাষাতকৈ এই পুথিৰ ভাষা বহু পৰিমাণে অর্বাচীন। এই ভাষা তৃতীয় ষষ্ঠ শতিকাৰ কালছোৱাত সাহিত্যত ব্যৱহৃত ভাষাৰ সৈতেহে মিলে। খ্ৰীষ্টিয় শতিকাৰ আৰম্ভণিতে এনে পৰিমাৰ্জিত তথা ব্যাকৰণ সংগত ভাষা পোৱা নাযায়।

গাহাসত্তসই মূলতঃ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত। মহাৰাষ্ট্ৰী প্ৰাকৃতত ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ আপেক্ষিকভাৱে তাকৰ হোৱা হেতুকে এই ভাষা তৎকালীনভাৱে কাব্যৰ উপযোগী বুলি বিবেচিত হৈছিল। সংস্কৃত নাট্যকাৰসকলে এই ভাষা নাটকৰ গীত আৰু কবিতাত প্ৰয়োগ কৰিছিল। তাৰ উপৰি এই প্ৰাকৃত গউড়বহো, সেতুবন্ধ বা ৰাৱণৱহো, বজ্জালগ্ন আদি উৎকৃষ্ট কাব্যকৃতিতো ব্যহাৰ কৰা হৈছিল। কিন্তু, মন কৰিবলগীয়া কথাটো হ’ল এইবিধ সাহিত্যিক প্ৰাকৃত ঠন ধৰি উঠিছিল খ্ৰীষ্টিয় তৃতীয় ষষ্ঠ শতিকাৰ সময়ছোৱাত গতিকে ঠায়ে ঠায়ে অপভ্রংশ সদৃশ কথ্যৰূপৰ মিশ্রণ লক্ষ্য কৰা গ’লেও, মূলতঃ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত গাহাসত্তসই ৰ সংকলন কাল কোনো কাৰণতে খ্ৰীষ্টিয় তৃতীয় শতিকাৰ পুৱলৈ নিব নোৱাৰি। পাশ্চাত্য পণ্ডিত এ. বি. কীথ এ এনে কাৰণতে আলোচ্য সংকলনটিৰ ৰচনা কাল খ্ৰীষ্টিয় পঞ্চম শতিকাৰ হ’ব পাৰে বুলি অনুমান কৰিছে। সংকলনটিত প্রয়োগ হোৱা গ্ৰীক ‘হোৰং’, পাৰছী ‘বাদী’ আদি শব্দই ইয়াক হাল নৃপতিৰ পৰৱৰ্তী সময়ৰ ৰচনা বুলি পতিয়ন নিয়ায়। উল্লেখনীয় যে ‘পল্লৱ’ পাৰছী ‘পহুৱ’ শব্দৰেই অন্য ৰূপ মাত্র। পাৰস্যৰ এই ৰাজবংশই দক্ষিণ ভাৰতত ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পাছত সম্ভৱতঃ এই শব্দবোৰ প্ৰাকৃত ভাষাত সোমাই পৰিছিল। এনে কাৰণতে আন এগৰাকী পাশ্চাত্য পণ্ডিত ওৱেবাৰ এ গাহাসত্তসেই ৰ ৰচনাৰ সময় খ্ৰীষ্টিয় তৃতীয় শতিকাৰ পৰৱৰ্তী কাল বুলি অনুমান কৰিছে।

কাব্য সংকলনটিৰ পঞ্চম শতকৰ ৬৪ নং গাখাত বিক্রমাদিত্য ৰজাৰ নাম পোৱা গৈছে। এনে উল্লেখে স্বাভাৱিকতে সংকলনটিৰ ৰচনা কাল খ্ৰীষ্টিয় চতুর্থ শতিকাৰ শেষভাগ বা পঞ্চম শতিকাৰ আদি ভাগ বুলি প্ৰতিপন্ন কৰে। গুপ্ত সাম্রাজ্যত বহুকেইজন কবিয়ে গাহাসত্তসই ৰ কবিতা ৰচনাত অৰিহণা যোগাইছিল। এই সকলো তথ্য মিলাই এনে এক অনুমান কৰা উচিত হয় যে হাল নৃপতিৰ নামত সংকলিত হ’লেও প্রকৃতপক্ষে গাহাসত্তসই নামৰ কাব্যখন চতুর্থ পঞ্চমৰ পৰা সপ্তম অষ্টম শতিকাৰ ভিতৰত সংকলিত হৈছিল। ষষ্ঠ শতিকাৰ সেতুবন্ধ মহাকাব্যৰ ৰচক প্ৰবৰসেন, সপ্তম শতিকাৰ গউড়বহো কাব্যৰ ৰচক বপ্পইৰাঅ বা বাকপতিৰাজ আদি কবিৰ কবিতা গাহাসত্তসইৰ স্থানভুক্ত হোৱাটোৱেও তেনে ধাৰণাকে দৃঢ় কৰে। কিন্তু সেয়ে হলেও, শ্রদ্ধাজনিত কাৰণত সংগ্ৰাহক হিচাপে হাল নৃপতিৰ নামেই কাব্য সংকলনটিৰ সৈতে জড়িত হৈ থাকিল৷ ইয়াৰ পৰা অনুমান কৰিবলৈ টান নহয় যে গাহাসত্তসইৰ সংকলন কার্য খ্ৰীষ্টিয় প্রথম-দ্বিতীয় শতিকামানত আৰম্ভ হৈ সপ্তম-অষ্টম শতিকামানত সমাপ্ত হৈছিল। সাতশ গাথা অন্তর্ভুক্ত হৈছিল বাবে ইয়াক ‘সত্তসই’ (সপ্তশতী) ৰূপে নামাকৰণ কৰা হ’ল।

মুঠতে, খ্রীষ্টীয় প্রথম-দ্বিতীয় শতিকাৰ কবি নৃপতি হালে সমসাময়িক অন্যান্য কবিৰ লগতে নিজেও লোক-জীৱনত মৌখিকভাৱে প্রচলিত বিভিন্ন প্রেমমূলক গাথাক পৰিশীলিত আৰু পৰিমার্জিত কৰি সিবোৰৰ একত্ৰীকৰণৰ উদ্যোগ হাতত লৈছিল। পৰৱৰ্তী কেইবা শতিকা জুৰি সেই সংকলন কাৰ্য চলিছিল আৰু তাত নতুন নতুন কবিৰ বিভিন্ন গাথাই স্থান লাভ কৰিছিল। অৱশেষত ক’ব পাৰি যে গাহাসত্তাইৰ সংকলনৰ কাম খ্ৰীষ্টীয় প্রথম-দ্বিতীয় শতিকাত ” আৰম্ভ হৈ সপ্তম-অষ্টম শতিকামান সমাপ্ত হৈছিল।

৩। গাহাসত্তসইৰ বিষয়বস্তু সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ অসমৰ বিহুগীতবোৰত যিদৰে লোক জীৱনৰ ঐহিক প্ৰেমৰ প্ৰতিফলন লক্ষ্য কৰা যায়, তেনেদৰে গাহাসওসইৰ গাথাসমূহতো সেই সময়ৰ লোক জীৱনৰ ইন্দ্ৰিয়গ্রাহ্য সুস্থ প্ৰেমৰ প্রতিছবি লক্ষ্য কৰিব পাৰি। লোকমুখৰ পৰা সংগ্ৰহ কৰি নতুন ৰূপ দিয়া হেতুকে ইয়াৰ গাথাসমূহে উৎকৃষ্ট কাব্যৰ মৰ্যদা লাভ কৰিবলৈ সমৰ্থ হৈছে।

সাধাৰণতে কোৱা হয় “প্রাকৃতজনৰ ঐহিক প্রেমানুভূতিৰে উষ্ণ উত্তাপেৰে গাতহাসত্তসই প্রাণময়”। সংকলনটিৰ মাজেৰে প্ৰকাশ পোৱা উদ্দাম, গতিশীল তথা চিৰন্তন পাৰ্থিৱ প্ৰেমৰ চিত্ৰসমূহে সৰ্বকালৰ সৰ্বজনৰ হৃদয় আলোড়িত কৰিব পৰা হেতুকে ভাৰতীয় কাব্য সাহিত্যত আজিও ইয়াৰ স্থান অম্লান হৈ আছে।

লোক জীৱনৰ প্ৰেম অকৃত্রিম, উন্মুক্ত। ইয়াৰ গতি অবাৰিত আৰু স্বচ্ছল। এই প্রেমে জাতি কুল, বৈধ-অবৈধ আদিৰ বন্ধন মানি নচলে। মান-অভিমান, বিৰহ, মিলন আদি চিৰন্তন আবেগ অনুভূতি এনে প্ৰেমৰ নিত্য সহচৰ। বৈদগ্ধপূৰ্ণ প্ৰকাশ চাতুৰ্যৰ সলনি নিতান্ত সহজ-সৰল অনাড়ম্বৰ ভাষাৰ মাধ্যমেৰে ইয়াৰ প্রকাশ ঘটে। তাৰ মাজেৰেই ফুটি উঠে ঐহিক প্ৰেমৰ স্বাভাৱিক উজ্জ্বল ৰূপ। সাধাৰণজনৰ আদিম প্ৰেমৰ এনে অনুভূতিৰ অতীতৰে পৰা গাথাৰ ৰূপত প্রকাশিত হৈ আহিছে। ভাৰতীয় পৰম্পৰাও তাৰ ব্যতিক্ৰম নহয়। এই দেশৰ লোক জীৱনৰ প্রেমানুভূতিয়েও সাধাৰণজনৰ মুখৰ ভাষাৰে গাধাৰ ৰূপত প্ৰকাশৰ বাট বিচাৰি পাইছিল। ইন্দ্রিয়গ্রাহ্য লৌকিক প্রেমানুভূতিৰে সমুজ্জল এনে’ কৌটি কৌটি’ গাথাৰ মাজৰ পৰা সংগৃহীত সাতশ গাথাৰ একত্র সংকলনেই হ’ল গাহাসওসই। এই সংকলনটিত সন্নিবিষ্ট প্ৰতিটো গাথাৰ মাজেৰে স্বাভাৱিক আৰু বন্ধনহীন আন্তৰিক প্ৰেমৰ আকুল আকুতি, তন্ময়তা, ব্যাকুলতা আদি সুপ্রকাশ ঘটিছে। এইবোৰত অলংকাৰৰ বাহুল্য পাবলৈ নাই যদিও লোক জীৱনৰ স্বভাৱোক্তিদে প্ৰতিটো গাথা সৌন্দর্যময়। সংকলনটিৰ প্ৰায়ভাগ গাথাত স্বীয় (স্বকীয়া) আৰু অন্যা (পৰকীয়া) ― এইদুই ধৰণৰ নাৰী হৃদয়ৰ অভিমান, অভিলাষ, উদ্বেগ, বিৰহ, মিলন, শংকা, ব্যাকুলতা আদি প্ৰেমৰ বিভিন্ন অভিব্যক্তি অতিশয় মর্মস্পর্শীভাৱে প্ৰকাশিত হৈছে। সেয়ে হ’লেও, পৰকীয়া নায়িকাৰ বেদনা আৰু ব্যাকুলতাই সৰহভাগ গাথাকে প্রাণৱন্ত কৰি তুলিছে। তাৰ মাজত আকৌ সম্ভোগ ৰহিতা বিপ্রলম্ভা নায়িকাৰ বিৰহৰ দুখ অধিক মর্মস্পর্শী ৰূপত প্ৰতিভাত হৈছে। ভাৰতীয় অলংকাৰ শাস্ত্ৰত বৰ্ণিত অভিসাৰিকা, বাসকসজ্জিকা, উৎকণ্ঠিতা, বিপ্রলম্ভা, খণ্ডিতা, মানিনী, কলহান্তৰিতা, প্রোষিতভর্তিকা, স্বাধীনভর্তিকা আদি নায়িকাৰ ৰূপ গাথাসমূহৰ মাজেৰে ব্যঞ্জিত হোৱাটো মন কৰিবলগীয়া। কাম-পীড়িতা নায়িকাই প্রিয়জনৰ সৈতে মিলন কামনাৰে ব্যাকুল মনেৰে যাত্ৰা কৰা, প্রিয়-মিলনৰ বাবে নানা বেশ-ভূষাৰে নিজকে সজাই তোলা, ৰাতিৰ শেষ প্ৰহৰতো প্রিয়জনৰ সৈতে মিলনৰ আকাংক্ষাৰে বিৰহী হৈ উঠা, কাজিয়াৰ হেতু প্রিয়জনৰ পৰা আঁতৰত অৱস্থান কৰা আদি বিবিধ ভাবৰ উন্মুক্ত প্রকাশে তাৰেই সাক্ষ্য বহন কৰে । নাৰীৰ কোমলতা আৰু কাৰুণ্য— এইদুই অভিব্যক্তিৰ সহৱস্থানে ইয়াৰ গাথাসমূহক অকৃত্রিম সৌন্দর্য দান কৰিছে। অহেতুক বাগড়ম্বৰৰ পৰিৱর্তে গীত-কবিতাৰ তন্ময় ভাবৰ স্বাভাৱিক কোমলতা প্ৰতিটো গাথাৰে এক বিশেষ বৈশিষ্ট্য।

চাৰিওকাষৰ প্ৰকৃতি জগতক প্ৰেমৰ উদ্দীপন বিভাৱ হিচাপে প্ৰয়োগ কৰিব পৰা সংকলনটিত সন্নিবিষ্ট গাথাসমূহৰ আন এক বিশেষত্ব। প্রকৃতিৰ বিভিন্ন ৰূপক প্ৰেমৰ ব্যঞ্জনাৰূপে কিম্বা প্রতিচিত্ৰৰূপে প্রয়োগ কৰাৰ উদাহৰণ প্ৰায়বোৰ গাথাৰ মাজত পোৱা যায়। গাহাসত্তসইৰ সৰহভাগ গাথাতে প্রতীক আৰু কাব্যপোযোগী চিত্ৰকল্পৰ সুপ্রয়োগ লক্ষ্য কৰিব পাৰি। সহজ সৰল ভাষাৰে সাধাৰণজনৰ চিৰ পৰিচিত সুখ-দুখ, বিৰহ-বেদনা সম্বলিত গ্ৰাম্য জীৱনৰ নিটোল ছবি অংকন কৰিব পৰাটো সংকলনটিৰ গাথাসমূহৰ আন এক উল্লেখনীয় বিশেষত্ব। মুঠতে, লোক-জীৱনৰ নিৰ্মল প্ৰেমৰ স্নিগ্ধতা, মিলনৰ সুখানুভূতি, বিৰহৰ যন্ত্ৰণা আদিৰ প্ৰতিফলন গাহাসত্তসই নামৰ এই কাব্য সংকলনটিৰ প্ৰতিটো গাথাৰ মাজেৰে উপলব্ধি কৰিব পৰা যায়। প্ৰতিটো গাথা দুটাকৈ চৰণেৰে সজ্জিত। তাৰ মাজতে সোমাই আছে একো একোটা গভীৰ অর্থব্যঞ্জক ভাব। কোনোৱে মন্তব্য কৰাৰ দৰে ব্যক্তিগত অনুভূতিৰ সংগীতময় প্রকাশেই যদি লিৰিক বা গীতি কবিতা হয়’, তেন্তে এই সংকলনটিৰ প্ৰতিটো গাথা একোটাহঁত সার্থক গীতি কবিতা।

৪। গাহাসত্তসই কি ভাষাত ৰচিত? সেই ভাষাৰ ভাষাগত বৈশিষ্ট্য আলোচনা কৰা। 

উত্তৰঃ নৃপতি হালৰ সংকলিত গাহাসত্তসই অপভ্রংশ প্রভাৱিত মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত। মহাৰাষ্ট্ৰীয় প্রাকৃতত স্বৰৰ প্ৰাধান্য অধিক আৰু ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ আপেক্ষিকভাবে তাকৰ। ব্যবহৃত ব্যঞ্জনকেইটাও স্বৰৰ ওপৰত ভাঁহি থকা যেন লাগে। সেই হেতুকে এইবিধ প্রাকৃত গীত আৰু কবিতাৰ উপযোগী বাহন হিচাপে স্বীকৃত হৈছিল। সংস্কৃত নাট্যকাৰসকলে সেইবাবে নাটকৰ গীত আৰু কবিতাত মহাৰাষ্ট্ৰী প্ৰাকৃত প্রয়োগ কৰিছিল।

গাহাসত্তসইত ব্যৱহৃত মহাৰাষ্ট্ৰী প্ৰাকৃতৰ ভাষাগত বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) স্বৰমধ্যস্থিত অল্পপ্রাণ ব্যঞ্জনৰ লোপ হোৱাৰ প্ৰৱণতা, যেনে— সকল > সঅল, গগণ > গঅন। অৱশ্যে স্বৰমধ্যগত হ’লেও ব প্ৰায়ে ৰক্ষিত হোৱা দেখা যায়, যেনে— কুলবধু > কুলবহু।

(খ) স্বৰৰ মাজত থকা মহাপ্ৰাণ ধ্বনিৰ ‘হ’ লৈ পৰিৱৰ্তন, যেনে – কথং > কধং > কহং।

(গ) শ, ষ > স, যেনে— বিশেষয়তি > বিসেসই।

(ঘ) ঋ> অ, হ, উ যেনে— অমৃতময় > অমঅমঅ, অমৃতম > অমিতাং, পৃষ্ঠম্‌ > পুটঠিং। 

(ঙ) ন, য >ণ, জ, যেনে— বিশেষয়তি > বিসেসই।

(চ) ঐ > এ, ই, যেনে— দৈৱেন > দেৱবেন, সৈন্ধৱ > সিন্ধৱ ।

(ছ) সৌমিত্র > সোমিত্তি।

(জ) পদান্ত ব্যঞ্জনৰ লোপ আৰু অন্ত্য ম্‌ ৰ ঠাইত অনুস্বাৰৰ ব্যৱহাৰ, যেনে— হৃদয়ম >হিঅঅং।

(ঝ) ব্যঞ্জন ধ্বনিৰ তাকৰীয়া ব্যৱহাৰ।

(ঞ) ক্রিয়া বিশেষণীয় প্রত্যয় ‘আহি’ৰ জৰিয়তে অপাদান কাৰকৰ একবচনৰ পদ গঠন, যেনে— দূৰাৎ > দূৰাহি, মুখাৎ > মুহাহি।

(ট) ত্ম >প্প যেনে— আত্মন > অপ্প।

(ঠ) সংস্কৃত পুংলিংগ শব্দ মহাৰাষ্ট্ৰী প্ৰাকৃতত স্ত্রীলিংগ বা ক্লীৱলিংগৰূপে প্রয়োগ।

(ড) উআহ, ছেআহিং, জুৰমু, হলহল আদি দেশী শব্দৰ ব্যৱহাৰ ইত্যাদি।

(ঢ) অপভ্রংশৰ বৈশিষ্ট্য, যেনে— সহ, তহ, তিএ, এহি আদি শব্দ তথা এক স্বৰৰ ঠাইত।আন এক স্বৰৰ প্ৰয়োগ।

গাহাসত্তসই কাব্য সংকলনটিত মহাৰাষ্ট্ৰী প্ৰাকৃতৰ এই আটাইবোৰ বৈশিষ্ট্য প্রতিফলন ঘটা পৰিলক্ষিত হয়।

(ঙ) অপভ্রংশঃ সন্দেশ ৰাসক

(প্ৰথম চাৰিটা শ্লোক)

অতি চমু প্রশ্নোত্তৰঃ

১। সন্দেশ ৰাসক’ৰ ৰচক কোন?

উত্তৰঃ কবি অদ্দহমান বা আব্দুল ৰহমান।

২। ‘সন্দেশ ৰাসক ‘ৰ ৰচনা কাল কেতিয়া বুলি ধৰা হয়?

উত্তৰঃ আনুমানিক খ্ৰীষ্টীয় দ্বাদশ অথবা ত্রয়োদশ শতিকা।

৩। ‘সন্দেশ ৰাসক’ কাব্যখনৰ আধাৰ কি? 

উত্তৰঃ ‘সন্দেশ ৰাসক’ এখনি লোক জীৱন আধাৰিত প্ৰেমমূলক কাব্য।

৪। ‘সন্দেশ ৰাসক’ কাব্যখন কি ভাষাত ৰচিত? 

উত্তৰঃ ‘সন্দেশ ৰাসক’কাব্যখন অর্বাচীন অপভ্রংশ বা অৱহটঠ ভাষাত ৰচিত।

৫। ‘সন্দেশ ৰাসক’ কাব্যখনত কবিয়ে কি কি ছন্দ প্ৰয়োগ কৰিছে? 

উত্তৰঃ ‘সন্দেশ ৰাসক’ কাব্যখনত কবিয়ে ঘাইকৈ ‘ৰাসক’ ছন্দৰ ব্যৱহাৰ কৰিছে আৰু আৱশ্যকবোধে দোহা, চউপইন আদি ছন্দৰ প্ৰয়োগ কৰিছে।

৬। আব্দুল ৰহমানৰ ‘সন্দেশ ৰাসক কাব্যখনত কোন সাহিত্যৰ আদৰ্শৰ অনুসৰণ লক্ষ কৰিব পাৰি? 

উত্তৰঃ ভাৰতীয় ধ্রুপদী সাহিত্যৰ আদৰ্শ অনুসৰণ লক্ষ্য কৰিব পাৰি।

৭। ‘সন্দেশ ৰাসক’কাব্যখনক কি কাব্য হিচাপে জনা যায়?

উত্তৰঃ দূত-কাব্য।

৮। কবি আব্দুল ৰহমানৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মীৰসেন।

৯। সন্দেশ ৰাসক ‘ৰ ভাষাৰ ৰূপ কি আছিল? 

উত্তৰঃ সন্দেশ ৰাসক’ৰ ভাষা শৌৰসেনী অপভ্ৰংশৰ অর্বাচীন ৰূপ বা পশ্চিমা অবহটঠ।

১০। ‘সন্দেশ ৰাসক’ কাব্যখনিত কবিয়ে কি ৰসৰ প্ৰয়োগ কৰিছে? 

উত্তৰঃ আদি বা শৃংগাৰ ৰসৰ প্ৰয়োগ কৰিছে।

১১। ‘সন্দেশ ৰাসক’ কাব্যখনত মুঠ কেই প্ৰকাৰৰ ছন্দৰ প্ৰয়োগ ঘটিছে? 

উত্তৰঃ ২২ প্ৰকাৰৰ।

১২। সন্দেশ ৰাসক ‘ত মুঠ কেইটা গাথাৰ মাজেৰে কাহিনীয়ে গতি লাভ কৰিছে? 

উত্তৰঃ ২২৩ টা।

১৩। কেইখনমান দূত কাব্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ ‘মেঘদূতম’, ‘পৱনদূত’, হংসদূত’ আৰু ‘উদ্ধৱদূত’ বা উদ্ধৱ সন্দেশ’। 

১৪। ‘মেঘদূতম’দূত-কাব্যৰ ৰচক কোন?

উত্তৰঃ কালিদাস। 

১৫। ‘পৱনদূত’দূত-কাব্যৰ ৰচক কোন?

উত্তৰঃ ধোয়ী।

১৬। ‘হংসদূত’দূত-কাব্যৰ ৰচক কোন? 

উত্তৰঃ ৰূপ গোস্বামী।

১৭। ‘উদ্বৱদূত’ কাব্যৰ ৰচক কোন?

উত্তৰঃ ৰূপ গোস্বামী।

১৮। ‘অপভ্রংশ’শব্দৰ উল্লেখ পোনপ্ৰথমে ক’ত পোৱা গৈছিল? 

উত্তৰঃ আনুমানিক খ্ৰীঃ পূঃ দ্বিতীয় শতিকাৰ পতঞ্জলিৰ ‘মহাভাষ্য’ত ‘অপভ্ৰংশ’শব্দটোৰ সৰ্বপ্ৰথম উল্লেখ পোৱা যায়।

১৯। ‘পউম চৰিঅ’ কাৰ ৰচনা?

উত্তৰঃ জৈন কবি বিমলাসুৰিৰ।

২০। অপভ্ৰংশৰ বিকাশৰ ওপৰত ভিত্তি কৰি অপভ্ৰংশক কেইভাগত ভাগ কৰা হৈছে?

উত্তৰঃ অপভ্রংশৰ বিকাশৰ ওপৰত ভিত্তি কৰি অপভ্রংশক দুটা ভাগত ভাগ কৰা হৈছে। যেনে―

(ক) প্রাচীন অপভ্রংশ।

(খ) অর্বাচীন অপভ্রংশ বা অবহটঠ।

২১। পণ্ডিতসকলে ‘সন্দেশ ৰাসক’ কাব্যখনি কোন অঞ্চলত ৰচনা কৰা হৈছিল বুলি অনুমান কৰিছিল? 

উত্তৰঃ পণ্ডিতসকলে ‘সন্দেশ ৰাসক’ কাব্যখনি গুজৰাট অঞ্চলত ৰচিত হৈছিল বুলি।

২২। জৈন ৰাস কি?

উত্তৰঃ জৈন ৰাস মূলতঃ জৈন ধৰ্মৰ আদৰ্শৰ দ্বাৰা পৰিচালিত। নৈতিকতা আৰু আধ্যাত্বিত মনোভাৱৰ প্ৰকাশ ইয়াৰ প্ৰধান বিশেষত্ব।

২৩। ‘সন্দেশ ৰাসক’কাব্যখনি কেইটা ভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ ‘সন্দেশ ৰাসক’ কাব্যখনি তিনিটা ভাগত ভাগ কৰা হৈছে আৰু প্ৰতিটো ভাগৰে নাম দিয়া হৈছে ‘প্রক্ৰম’।

চমু প্রশ্নোত্তৰঃ 

১। সন্দেশ ৰাসকৰ মূল বিষয়বস্তু কি?

উত্তৰঃ প্ৰবাসগতা স্বামীৰ অপেক্ষাত বিৰহ-বেদনাৰে জৰ্জৰিতা এগৰাকী মহিলাই জনৈক পথিকৰ জৰিয়তে নিজৰ মনৰ কথা স্বামীলৈ প্ৰেৰণ কৰাৰ বিষয়বস্তু লৈ কাব্যখন ৰচিত হৈছে।

২। ‘সন্দেশ ৰাসকৰ স্ৰষ্টা কবি আব্দুল ৰহমানৰ পূৰ্বপুৰুষ কোন অঞ্চলৰ বাসিন্দা আছিল? 

উত্তৰঃ ‘সন্দেশ ৰাসক’ৰ স্ৰষ্টা কবি আব্দুল ৰহমানৰ পূৰ্বপুৰুষ সিন্ধু-মূলতান অঞ্চলৰ বাসিন্দা আছিল। কিন্তু, পৰৱৰ্তী সময়ত বিশেষ কাৰণবশতঃ এই কবিগৰাকীয়ে মূল বাসভূমি এৰি গুজৰাট অঞ্চলত বসবাস কৰিবলৈ লৈছিল।

৩। ‘সন্দেশ ৰাসক’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ ‘সংনেহ’ (সংস্কৃত সন্দেশ)ৰ অৰ্থ হৈছে ‘সন্দেশ’ বা ‘বাৰ্তা প্ৰেৰণ আৰু ‘ৰাসউ’ (সংস্কৃত ৰাসক) ৰ অৰ্থ হ’ল এবিধ গীতি কাব্যৰ ছন্দৰ নাম। যি লোক জীৱনৰ শৃংগাৰাত্মক প্ৰেমমূলক কাহিনীক বুজায়।

৪। ভাৰতীয় সাহিত্যত ‘ৰাস’ সাহিত্যক কেই ভাগত ভাগ কৰা হৈছে আৰু কি কি? 

উত্তৰঃ বিশেষজ্ঞসকলে ‘ৰাস’ সাহিত্যিক দুটা ভাগত ভগাইছে। সেইকেইটা হ’ল- জৈন ৰাস আৰু লোক-ৰাস।

৫। লোক-ৰাস কি?

উত্তৰঃ লোক-ৰাসত ঘাইকৈ বীৰ আৰু শৃংগাৰ বসে প্রাধান্য লাভ কৰা পৰিলক্ষিত হয়। ইয়াৰ বিষয়বস্তু ইতিহাস অথবা লৌকিক প্রেম সম্বলিত ঘটনাৰ পৰা আহৰিত হ’ব পাৰে।

৬। ‘ৰাস’ আৰু ‘ৰাসকৰ’ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা। 

উত্তৰঃ ‘ৰাস’ আৰু ‘ৰাসা’ হৈছে আৱেগ সম্বলিত বীৰগাথা অথবা বর্ণনাধর্মী দীঘল কবিতা। আনহাতে, ‘ৰাসক’ হৈছে নাৰীৰ সুখ-দুখ, বিৰহ-ব্যথাৰে পৰিপুষ্ট লোক জীৱনৰ পৰা আহৰিত গাথা।

৭। ৰাসক কাব্যৰ ছন্দসজ্জা কেনেধৰণৰ?

উত্তৰঃ ৰাসক কাব্যৰ ছন্দসজ্জা কিছু সুকীয়া প্ৰকৃতিৰ। এই ছন্দৰ বৈশিষ্ট্যবোৰ এনেধৰণৰ —

(ক) চাৰিটাকৈ চৰণ মিলি একোটা ৰাসক ছন্দ হয়।

(খ) প্ৰতিটো চৰণৰ মাত্ৰা সংখ্যা ২১।

(গ) প্ৰত্যেক চৰণৰ অন্তিম মাত্রালঘু হয়।

(ঘ) প্রথম-দ্বিতীয় আৰু তৃতীয়-চতুর্থ চৰণৰ অন্ত্য মিল থাকে।

৮। ‘ৰাসক’ কাব্য কি?

উত্তৰঃ ‘ৰাসক’ হৈছে নাৰীৰ সুখ-দুখ, বিৰহ-ব্যথাৰে পৰিপুষ্ট লোক জীৱনৰ পৰা আহৰিত গাথা। ‘ৰাসক’ বা কাহিনী প্ৰায়ে কবি কল্পিত আৰু এইবোৰৰ প্ৰধান ৰস আদি বা শৃংগাৰ। তদুপৰি ৰাসক কাব্যৰ ছন্দসজ্জাৰ এক স্বকীয়ত্ব আছে; সেই ছন্দৰ জৰিয়তে এই কাব্যই গীতিময়তা লাভ কৰে।

ৰাসক কাৰ্য্যৰ ছন্দসজ্জা কিছু সুকীয়া প্ৰকৃতিৰ। এই ছন্দ বৈশিষ্ট্য হ’ল—

(ক) চাৰিটাকৈ চৰণ মিলি একোটা ৰাসক ছন্দ সম্পূর্ণ হয়।

(খ) প্ৰতিটো চৰণৰ মাত্ৰা সংখ্যা ২১।

(গ) প্রত্যেক চৰণৰ অন্তিম মাত্ৰালঘু হয়। 

(ঘ) প্রথম-দ্বিতীয় আৰু তৃতীয়-চতুর্থ চৰণৰ অন্ত্যমিল থাকে।

‘ৰাসক’ শব্দই পোনতে যে নাৰীসকলৰ দ্বাৰা পৰিবেশিত বিভিন্ন তাল-লয়যুক্ত নৃত্য-গীতৰ এক বিশেষ অনুষ্ঠানক বুজাইছিল, সেই কথা স্পষ্ট। পৰৱৰ্তী সময়ত শব্দটোৱে ছন্দসজ্জাৰে ৰচিত এক শ্ৰেণীৰ লয় বিশিষ্ট গীতি-কাব্যক বুজাবলৈ লয়।

৯। ‘সন্দেশ ৰাসক’ৰ প্ৰতিটো খণ্ডৰ জৰিয়তে কবিয়ে ইয়াৰ বিষয়বস্তুক কিদৰে উপস্থাপন কৰিছে?

উত্তৰঃ সন্দেশ ৰাসক ‘ৰ প্ৰতিটো খণ্ডৰ নাম দিয়া হৈছে ‘প্রক্ৰম’। ইয়াৰ ‘প্ৰথম প্ৰক্রম ও কাব্যৰ প্ৰস্তাৱনা, কবিৰ পৰিচয় আৰু আত্ম-লঘিমা ব্যক্ত কৰা হৈছে।

‘দ্বিতীয় প্রক্ৰম’ত কাব্যৰ মূল কাহিনী আৰম্ভ হৈছে। ইয়াত বিৰহিনী নায়িকাৰ বিৰহ-বেদনা, নায়িকাৰ দ্বাৰা বাটেৰে গৈ থকা জনৈক পথিকক প্রবাসত থকা স্বামীৰ ওচৰলৈ তেওঁৰ বিৰহ যন্ত্ৰণাৰ বাতৰি লৈ যাবলৈ কাতৰ অনুৰোধ, বাটৰুৱাৰ দ্বাৰা নায়িকাৰ ৰূপ-লাৱণ্যৰ প্ৰশংসা আৰু সাম্বপৰ নগৰ সৌন্দৰ্যৰ বিৱৰণ দিয়া হৈছে।

‘তৃতীয় প্রক্রম’ত আছে ষড় ঋতুৰ প্ৰতিটোতে ঘটা নায়িকাৰ দুখ-বেদনাৰ মর্মস্পর্শী বর্ণনা। ঠিক তেনে সময়তে নায়কৰ হঠাৎ ঘটা প্ৰত্যাৱৰ্তনৰ ফলত নায়িকাৰ মনত সৃষ্টি হোৱা আৱেগ-বিহবল আনন্দদায়ক পৰিস্থিতিৰ মাজেৰে কাব্যৰ সামৰণি পৰিছে।

১০। অপভ্ৰংশৰ পৰিচয় বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাকৃত ভাষাৰ বিৱৰ্তনৰ শেষ স্তৰ অপভ্রংশ ভাষা আৰু সাহিত্যৰ দ্বাৰা চিহ্নিত কৰা হৈছে, অর্থাৎ সাহিত্যিক প্ৰাকৃত আৰু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ উদ্ভৱৰ মধ্যৱর্তী স্তৰকেই কোৱা হয় অপভ্রংশ স্তৰ। এই স্তৰৰ আনুমানিক স্থিতিকাল খ্রীষ্টাব্দ ষষ্ঠ শতাব্দীৰ পৰা খ্রীষ্টাব্দ দশম শতাব্দী পর্যন্ত।

গ্ৰীয়েচৰ্ণ, পিশ্চেল, সুনীতিকুমাৰ চট্টোপাধ্যায়, উলনাৰ, সুকুমাৰ সেন প্রভৃতি বিদ্বজ্জনে প্রাকৃত ভাষাৰ বিকাশৰ শেষ উপস্তৰক এনেদৰে ‘অপভ্রংশ’ বুলি আখ্যা দিছে আৰু ইয়াৰ পাছৰ পৰাই আধুনিক ভাৰতীয় আর্যভাষাসমূহৰ জন্মলগ্ন সূচিত হয়। এইসকল পণ্ডিতৰ মতে প্ৰত্যেক সাহিত্যিক প্রাকৃতেই কালক্ৰমত সৰলতৰ ৰূপ পৰিগ্ৰহ কৰিছিল আৰু এই সৰলতৰ ৰূপটোৱেই ‘অপভ্রংশ’।

আনুমানিক খ্ৰীঃ পুঃ দ্বিতীয় শতিকাৰ পতঞ্জলিৰ মহাভাষ্য’ত ‘অপভ্রংশ’ শব্দটোৰ সৰ্বপ্ৰথম উল্লেখ পোৱা যায়, অৱশ্যে তেওঁ ‘অপভ্রংশ’ শব্দৰ দ্বাৰা কোনো ভাষা— বিশেষ নিৰ্দেশ কৰা নাছিল, বৰং শব্দটোৰ দ্বাৰা অ-পালনীয় বা সংস্কৃত আদর্শ-ভ্ৰষ্ট অপশব্দক বুজাইছিল। খ্ৰীষ্টীয় ষষ্ঠ শতাব্দীৰ পৰা অপভ্রংশ বিকাশৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভাগ কৰা হৈছে—

(ক) প্রাচীন অপভ্রংশ।

(খ) অর্বাচীন অপভ্রংশ বা অৱহটত।

সাহিত্যিক প্ৰাকৃতৰ পৰিৱৰ্তিত ৰূপটো প্রাচীন অপভ্রংশ বুলি গণ্য কৰা হয় আৰু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ উদ্ভৱৰ পূৰ্ব ৰূপটো অর্বাচীন অপভ্রংশ বুলি ধৰা হয়।

১১। ভাৰতীয় দূতকাব্যৰ পৰস্পৰত সন্দেশ ৰাসক ‘ৰ স্থান- আলোচনা কৰা। 

উত্তৰঃ দূত-কাব্যত বিৰহ বেদনাৰে জৰ্জৰিত কোনো প্রেমিক বা প্রেমিকাই কোনো বিশেষ মাধ্যমেৰে নিজৰ প্ৰিয়জনলৈ হৃদয়ৰ বাতৰি পঠিয়াবলৈ কাতৰ অনুৰোধ জনোৱাৰ মৰ্মন্তুদ বিৱৰণ থাকে। সেই মাধ্যম কোনো মানুহ বা আন কোনো অচেতন পদাৰ্থ হ’ব পাৰে। সংস্কৃত সাহিত্যত মহাকবি কালিদাসে তেওঁৰ অমৰ সৃষ্টি ‘মেঘদূতম’ৰ জৰিয়তে এইবিধ কাব্যৰ এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল। ‘মেঘদূতম’ত কালিদাসে দেৱদিন নামৰ জনৈক নিৰ্বাসিত যক্ষৰ বিৰহ-বেদনাৰ বতৰা আহাৰৰ কলীয়া ডাৱৰৰ মাধ্যমেৰে প্ৰেয়সীলৈ প্ৰেৰণ কৰাৰ অভিনৱ চিন্তাক কাব্যিক ৰূপ প্ৰদান কৰিছে। দ্বাদশ শতিকাৰ ৰূপ গোস্বামীৰ ‘হংসদূত’ আৰু ‘উদ্ধৱদূত’ বা উদ্ধৱ সন্দেশ” এই বিষয়ৰ উল্লেখযোগ্য দূত কাব্য।

আনুমানিক খ্রীষ্টীয় দ্বাদশ-ত্রয়োদশ শতিকাৰ সময়ছোৱাত আব্দুল ৰহমানে অবহট্ঠ ভাষাত ৰচনা কৰা সন্দেশ ৰাসক নামৰ কাব্যখনিক এখনি সার্থক দূত কাব্য আখ্যা দিব পাৰি। দূত কাব্যৰ প্ৰায় আটাইবোৰ বৈশিষ্ট্য কাব্যখনিৰ মাজেৰে প্ৰতিফলিত হৈছে, বিশেষকৈ কবি কল্পিত প্রেম কাহিনী, নায়ক বা নায়িকাৰ বিৰহ ব্যথাৰ ‘সন্দেশ’ বা বাৰ্তা প্রিয়জনলৈ প্ৰেৰণৰ প্ৰতিচ্ছবি এই কাব্যখনৰ মাজেৰে সুন্দৰকৈ প্ৰতিফলিত হৈছে। এনে কাৰণতে ‘সন্দেশ ৰাসক’ক ভাৰতীয় দূত কাব্যৰ শেহতীয়া প্ৰতিনিধি আখ্যা দিয়া হৈছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ‘সন্দেশ ৰাসক’ কাব্যৰ ৰচক কোন? তেওঁৰ পৰিচয় দি কাব্যখনিৰ ৰচনাকাল সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ‘সন্দেশ ৰাসক’ বা ‘সংনেহ ৰাসউ’ নামৰ দূত কাব্যখনিৰ ৰচকগৰাকীৰ নাম হৈছে অন্দহমান বা আব্দুল ৰহমান। প্রাচীন কালৰ প্ৰায়ভাগ ভাৰতীয় কবিৰ দৰে এইগৰাকী কবিৰো জীৱন তথা সময়ৰ উল্লেখ ইতিহাসৰ পাতত পাবলৈ নাই। কাব্যখনৰ ভাষা আৰু ‘ৰাসক’ সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ আঁত ধৰি এইগৰাকী কবিৰ সময় খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ শেষভাগ অথবা ত্ৰয়োদশ শতিকাৰ আদিভাগ বুলি অনুমান কৰা হৈছিল। সন্দেশ ৰাসকৰ প্ৰথম প্রক্ৰমত কবিয়ে নিজৰ পৰিচয় এনেদৰে ব্যক্ত কৰিছে—

পচ্চাএসি পহুও পূৱবপসিদ্ধে। স মিচ্ছদেসো যি। 

তহ ৱিসএ সংভূত্ত আৰদ্দো মীৰসেণসস।।

তহ তপও কুলকমলো পাইঅ কৱবেসু গীয় বিসয়েসু।

অদ্দহমাপপসিদ্ধো সংণেহৰাসয়ং ৰইয়ং।।

অর্থাৎ, পশ্চিম দেশত পুৰণি কালৰে পৰা অতিশয় প্রসিদ্ধ যি ম্লেছদেশ আছে, তাতে মীৰসেন নামেৰে এজন তাঁতীৰ জন্ম হৈছিল। তেওঁৰেই পুত্র অব্দহমান (আব্দুল বা আব্দুৰ ৰহমান) যিজন কুল-কমল স্বৰূপ আৰু প্ৰাকৃত কাব্য আৰু গীতৰ বিষয়ত অতিশয় প্রসিদ্ধ, তেৱেঁই সন্দেশ বাসক ৰচনা কৰিছে।

জানিব পৰা যায় যে পাৰস্যৰ মুছলমানসকলে ৭১২ খ্রীষ্টাব্দত তৎকালীন ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তৰৰ (সম্প্ৰতি পাকিস্তানৰ অন্তৰ্গত) ব্ৰাহ্মণৰাজ ডাহিৰক পৰাস্ত কৰি সিন্ধু আৰু মূলতান পোন প্ৰথমবাৰৰ বাবে মুছলমান সাম্রাজ্য স্থাপন কৰিছিল। এই মুছলমানসকলক সেই অঞ্চলৰ স্থানীয় লোকসকলে ‘ম্লেছ’ আখ্যা দিছিল আৰু তেওঁলোকে অধিকাৰ কৰা ঠাইসমূহক ‘ম্লেছদেশ বুলিছিল। কবি আব্দুল ৰহমানৰ পিতৃ মীৰসেনৰ এনে ‘মিচ্ছদেস’ বা ‘ম্লেচ্ছদেশ’ তে জন্ম হৈছিল আৰু এই দেশ সম্ভৱতঃ আছিল সিন্ধু উপত্যকা অঞ্চলৰ মূলতান। পৰৱৰ্তী কোনো এক সময়ত কবি আব্দুল ৰহমানে অতীতৰ বাসস্থান এৰি বৰ্তমান গুজৰাটৰ অন্তৰ্গত সৌৰাষ্ট্ৰ কচ্ছ অঞ্চলত নতুনকৈ বসবাস কৰিবলৈ গৈছিল। সন্দেশ ৰাসকৰ ভাষা আৰু বর্ণিত বিষয়েও এই কথা প্ৰমাণ কৰে যে কবি আব্দুল ৰহমান প্রাচীন পশ্চিমা ৰাজস্থানী অর্থাৎ মাৰোৱাৰী গুজৰাটী ভাষিক এলেকাৰ কোনো এঠাইৰ লোক আছিল।

কাব্যখনিৰ প্ৰথম সংগ্রাহক তথা সম্পাদক জিন বিজয়ে কাব্যখনত উল্লেখ থকা ঠাইৰ নাম সমূহৰ আধাৰতে কবি আব্দুল ৰহমানক ভাৰতবৰ্ষৰ পশ্চিম সীমান্তৰ লোক আছিল বুলি উল্লেখ কৰিছে। বিখ্যাত গণ্ডিত ৰাহুল সাংকৃত্যায়নেও আব্দুল ৰহমান মূলতান অঞ্চলৰ বাসিন্দা আছিল বুলি মত প্ৰকাশ কৰে। কিন্তু, সেয়ে হ’লেও কাব্যখনিত কবিয়ে নিজে উল্লেখ কৰি থৈ যোৱা পৰিচয়, কাব্যৰ ভাষা আৰু ৰচনাশৈলীয়ে আব্দুল ৰহমানক বর্তমান গুজৰাট অঞ্চলৰ নাইবা আন কথাত মাৰোৱাৰী-গুজৰাট ভাষা প্ৰধান অঞ্চলৰ লোক আছিল বুলি প্ৰতিপন্ন কৰে।

গুজৰাটী ভাষাত পূৰ্বৰে পৰাই কেতবোৰ লোকধর্মী কাব্য ৰচিত হোৱাৰ প্ৰমাণ পোৱা যায়। এইবোৰৰ ভিতৰত ‘ৰাসক’ কাব্য অন্যতম। নাৰী মনৰ প্ৰকাশক এইবিধ জনপ্রিয় কাব্য গুজৰাটীৰ নিজস্ব সম্পদ। ‘সন্দেশ ৰাসক’ৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি এই গ্ৰন্থকো ৰাসক শ্ৰেণীৰ কাব্য আধ্যা দিয়া হৈছে। উল্লেখনীয় যে এই কাব্যখনিত এগৰাকী নাৰীৰ মানসিক অৱস্থাৰ প্ৰতিচ্ছবি অতিশয় মর্মস্পর্শীভাৱে চিত্ৰিত হৈছে। কবি আব্দুল ৰহমানক গুজৰাট অঞ্চলৰ লোক বুলি অনুমান কৰাৰ ইও অন্যতম কাৰণ।

গতিকে এনেবোৰ কাৰণৰ দ্বাৰা ক’ব পাৰি যে ‘সন্দেশ ৰাসক’ৰ স্ৰষ্টা কবি আব্দুল ৰহমানৰ পূর্ব-পুৰুষ আছিল সিন্ধু মূলতান অঞ্চলৰ বাসিন্দা। কিন্তু পৰৱৰ্তী সময়ত কিবা বিশেষ কাৰণবশতঃ এই কবিগৰাকীয়ে মূল বাসভূমি এৰি গুজৰাট অঞ্চলত বসতি কৰিবলৈ লয়। তাতে তেওঁ স্থানীয় ভাষা আৰু সাহিত্যৰ ঐতিহ্যৰ সৈতে গভীৰভাৱে পৰিচিত হয় আৰু তেনে পৰম্পৰাক আধাৰ হিচাপে লৈ কাব্যখনি ৰচনা কৰে। সন্দেশ ৰাসকত পৰিলক্ষিত হোৱা প্রাচীন ভাৰতীয় কাব্য পৰম্পৰাৰ অনুসৰণ, ইছলাম ধৰ্মৰ প্রভাৱহীনতা, বহিঃ প্রভাৱহীন স্থানীয় লোকভাষাৰ লগে লগে তৎকালীন সাহিত্যত ব্যৱহৃত ভাষাৰ যথাৰ্থ ব্যৱহাৰ আদি বৈশিষ্ট্যই। তেনে ধাৰণাকে দৃঢ় কৰে।

সন্দেশ ৰাসকৰ ৰচনা কালঃ অন্যান্য পুৰণি সাহিত্যৰ দৰে সন্দেশ ৰাসকৰো ৰচনা কাল সম্পর্কে কোনো উল্লেখ পাবলৈ নাই। গতিকে ইয়াৰো ৰচনাৰ সময় অন্য কোনো উল্লেখ বা তথ্যৰ ভিত্তিত নির্ণয় কৰি ল’বলগীয়া হয়। কাব্যখনিৰ নামাকৰণত থকা ‘ৰাসক’ শব্দৰ উল্লেখ আৰু অৱহট্ঠ ভাষাত ৰচিত সাহিত্যৰ সময় নিৰ্ণয় কৰিব পাৰিলে এই কাব্যখনিৰ ৰচনা কালৰ নিৰ্ণয় সহজ হৈ উঠিব।

পণ্ডিতসকলে অনুমান কৰিছে যে অৱহট্ঠ সাহিত্যৰ ৰচনা আৰু ‘ৰাসক’ সাহিত্যৰ উদ্ভৱ প্রায় সমসাময়িকভাৱে হৈছিল আৰু এই কাৰ্য সংঘটিত হৈছিল খ্রীষ্টীয় একাদশ-দ্বাদশ শতিকামানৰ পৰা। গতিকে সন্দেশ ৰাসক কাব্যখনি দ্বাদশ শতিকাৰ অন্তিম ভাগ ত্ৰয়োদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰি ল’ব পাৰি। কাব্যখনিৰ এখনি ভাষ্য লক্ষ্মীচন্দ্ৰ নামৰ টীকাকাৰ এগৰাকীয়ে ১৪৬৫ খ্ৰীষ্টাব্দত যুগুতাই উলিয়াইছিল বুলি জানিব পৰা যায়। সাধাৰণতে সৰ্বসাধাৰণৰ বাবে দুর্বোধ্যৰূপে পৰিগণিত গ্ৰন্থৰহে টীকা বা ভাষ্য ৰচনাৰ আৱশ্যকতা থাকে। প্ৰাচীন ভাৰতীয় ভাষাত ৰচিত প্ৰায়ভাগ গ্ৰন্থৰ পৰৱৰ্তী সময়ত হোৱা টীকা ভাষ্যবোৰ সেই কথাৰ প্ৰমাণ দাঙি ধৰে। সন্দেশ ৰাসক কাব্যও তাৰ ব্যতিক্ৰম নহয়। কাব্যখনিত বর্ণিত বিষয়বস্তুৱে কবি তথা কাব্যৰ সময় দ্বাদশ-ত্ৰয়োদশ শতিকা বুলি অনুমান কৰাত অৰিহণা যোগায়।

২। সন্দেশ ৰাসকৰ বিষয়বস্তুৰ আভাস দাঙি ধৰি ইয়াৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰা। 

উত্তৰঃ আব্দুল ৰহমানৰ সন্দেশ ৰাসক ভাৰতীয় দূত-কাব্য পৰম্পৰাৰ এক উল্লেখযোগ্য নিদর্শন। ই মূলতঃ এখনি প্রেমমূলক কাব্য। মুঠ তিনিটা প্রক্ৰমত বিভক্ত কাব্যখনিৰ মাজেৰে ব্যৱসায়জনিত কাৰণত ঘৰৰ পৰা আঁতৰত থকা প্ৰবাসগত স্বামীৰ বিৰহত দৈহিক মানসিক দুয়ো প্ৰকাৰৰ যন্ত্ৰণাৰে জীৱন কটোৱা এগৰাকী সুন্দৰী ৰমণীৰ বিৰহ-ব্যথা অতিশয় মর্মস্পর্শীভাৱে তুলি ধৰা হৈছে। ইয়াৰে ‘প্ৰথম প্ৰক্ৰম’ত কাব্যৰ প্ৰস্তাৱনা, কবিৰ স্বকীয় পৰিচয়, কাব্য ৰচনাৰ উদ্দেশ্য আৰু ৰচকৰ আত্মলঘিমা ব্যক্ত কৰা হৈছে। ‘দ্বিতীয় প্রক্ৰমত’ বিৰহিনী নায়িকাৰ বিৰহ-বেদনা, নায়িকাৰ দ্বাৰা বাটেৰে গৈ থকা জনৈক পথিকক প্ৰবাসত থকা স্বামীৰ ওচৰলৈ তেওঁৰ বিৰহ-যন্ত্ৰণাৰ বাতৰি লৈ যাবলৈ কৰা কাতৰ অনুৰোধ, বাটৰুৱাৰ দ্বাৰা নায়িকাৰ দৈহিক ৰূপ লাৱণ্যৰ প্ৰশংসা আৰু সাম্বপুৰ নগৰৰ মনোমোহা সৌন্দৰ্যৰ বিৱৰণ দিয়া হৈছে। তৃতীয় প্রক্ৰমত আছে ছয় ঋতুৰ বিৱৰণ আৰু ঋতুভেদে নায়িকাই ভোগ কৰা দুখ-বেদনাৰ মর্মস্পর্শী বর্ণনা।

ঠিক তেনে সময়তে নায়ক হঠাৎ ঘৰলৈ উভতি অহাত নায়িকাৰ মনত সৃষ্টি হোৱা আনন্দদায়ক পৰিস্থিতিৰ মাজেৰে কাব্যখনিৰ সামৰণি মৰা হৈছে। ২২ প্ৰকাৰ বিবিধ ছন্দৰ ব্যৱহাৰেৰে মুঠ ২২৩ টা গাথাৰ মাজেৰে কবিয়ে বিৰহিনী নায়িকাৰ বিৰহ-বেদনা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে।

বিজয়নগৰ নিবাসী এগৰাকী সুন্দৰী নাৰীয়ে ব্যৱসায় সংক্রান্তত বিদেশলৈ যোৱা স্বামীৰ বিৰহত কাতৰ হৈ উৎকণ্ঠাৰে বাটলৈ চাই থাকোতে হঠাৎ মাটিত ভৰি লগা-নলগাকৈ উৰি যোৱাৰ দৰে তীব্র বেগেৰে গৈ থকা এগৰাকী পথিকক দেখা পালে। তেওঁ ক্ষীপ্ৰ বেগেৰে পথিকৰ ওচৰ চাপি পথিকজন ক’ৰ পৰা আহিছে, ক’লৈ যাব সুধিলে। পথিকে ক’লে যে তেওঁ সাম্বপুৰৰ পৰা আহিছে আৰু খম্ভাতলৈ যাব। পথিকৰ কথা শুনি সেই ৰমনীগৰাকীৰ মন উগুল-থুগুল হৈ পৰিল। কাৰণ তেওঁৰ স্বামী ব্যৱসায় সংক্রান্তত খম্ভাততে আছেগৈ। তেওঁ বাটৰুৱাজনক তেওঁৰ বিৰহ-বেদনাৰ খবৰ বা ‘সন্দেশ’ স্বামীৰ ওচৰলৈ কঢ়িয়াই লৈ যাবলৈ কাতৰ অনুৰোধ জনালে। স্বামী অবিহনে দেহ-মনত সৃষ্টি হোৱা বিৰহজনিত দুখৰ কথা, স্বামীৰ অনুপস্থিতিত পাৰ কৰা সম্ভোগবিহীন দিনবোৰৰ কথা তেওঁ পথিকৰ আগত বিৱৰি ক’লে। বিৰহিনী নাৰীগৰাকীৰ চকুত লোতক দেখি পথিকে সহানুভূতিৰে তেওঁক স্বামীয়ে এৰি যোৱা কিমান দিন হ’ল সুধিলে। নাৰীগৰাকীয়ে ক’লে যে তেওঁৰ স্বামী যোৱাৰ সময়টো গ্ৰীষ্ম কাল আছিল। এতিয়া বসন্ত কাল। গতিকে এটা বছৰ পাৰ হ’ল। তেওঁৰ সহ্যাতীত পৰিস্থিতিৰ মাজেৰে গ্ৰীষ্ম ঋতু পাৰ কৰিলে। উদ্বিগ্নতাৰ মাজত বৰ্ষা ঋতুও পাৰ হ’ল। শৰৎ আৰু হেমন্ত ঋতু তেওঁ দুখৰ মাজেৰেই পাৰ কৰিলে এতিয়া বসন্ত ঋতুৰ আগমনৰ লগে লগে তেওঁ আগতকৈও অধীৰ হৈ পৰিছে। অশোক আৰু চজিনা ফুলে তেওঁৰ দুখ বঢ়াই তুলিছে, ময়ূৰীৰ নৃত্যই সেই দুখৰ মাত্ৰা আৰু অধিক বৃদ্ধি কৰিছে, অসহ্য হৈ উঠিছে কুলি চৰাইৰ মাত, পচোৱাৰ শীতল বাই তেওঁৰ দেহৰ পোৰণি শাঁত পেলাব পৰা নাই, কিংশুক ফুলবোৰ যেন ফুল নহয়, ঘন ক’লা তেজ, উত্তেজক বসন্ত ঋতুৱে বুকুৰ ভিতৰত কামনাৰ জুই জ্বলাইছে আৰু তেওঁক প্ৰিয় মিলনৰ বাবে কাতৰ কৰি তুলিছে। তাৰ লগে লগে তেওঁ এই কথাও সোঁৱৰাই দিছে যাতে কথাবোৰ কওঁতে কিছু সতর্কতা অৱলম্বন কৰে আৰু গিৰীয়েকৰ খং নুঠাকৈ সহজভাৱে বুজাই কয়।

কাব্যখনিত কবিয়ে কাব্যৰ নায়িকাগৰাকীৰ বিৰহ ব্যথা, সন্দেশ প্ৰেৰণ আৰু তাৰ অনুষংগ হিচাপে নৈসর্গিক জগতৰ চিত্ৰ অতিশয় দক্ষতাৰে অংকণ কৰিছে। প্ৰকৃতি জগতৰ পৰা আহৰণ কৰা উপমাদিৰ প্ৰয়োগেৰে কবিয়ে নায়িকাৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ বিৱৰণ দিছে। ইয়াত প্ৰকৃতিৰ সকলো ছবি হৈ পৰিছে উদ্দীপন বিভাৱ, নায়িকাৰ হৃদয়ানুভূতিৰ ব্যঞ্জনা। আকৌ গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত— এই ছয় ঋতুৰ বৰ্ণনাৰ সৈতে কবিয়ে নিসৰ্গৰ বুকুৰ পৰা বুটলি অনা উপমাৰ যি সংযোগ ঘটাইছে, সেইবোৰে নায়িকাৰ হৃদয়াবেগ যথাৰ্থ ৰূপত তুলি ধৰিবলৈ সমৰ্থ হৈছে।

তৎকালীন কথ্য ভাষাত সোমাই পৰা বিভিন্ন দেশী শব্দৰ ব্যৱহাৰ কাব্যখনিৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। কাব্যখনিত ব্যৱহৃত তেনে কেতবোৰ শব্দ হ’ল― পজ্জই, খিসিঅ, সিহনা, ঝসুৰ, তুৰক্কি, ৰেংহতি, চল্লহি, চিক্কণৰউ ইত্যাদি। একেদৰে কবিয়ে বিষয়বস্তুৰ সৈতে খাপ খাই পৰা লোক-জীৱনত প্ৰচলিত বাক্যৰীতিও দক্ষতাৰে প্ৰয়োগ কৰিছে। এনে বৈশিষ্ট্যই। কাব্যখনিত সাধাৰণ পাঠকৰ ওচৰ চপাই নিয়াত যথেষ্ট সহায় কৰিছে। উদাহৰণ হিচাপে তলৰ পংক্তি দুটালৈ আঙুলিয়াব পাৰি―

‘ঠাহি-ঠাহি ণিমিসদধু সুথিৰু অৱহাৰি মনু।’

তউ পংথিউ কণয়ংগি তথ বোলাবিয়উ।

কহি জাইসি হিব পতিয় কহঁব তুই আইয়উ।।’

উপমাৰ সাৰ্থক প্রয়োগ, অনুপ্ৰাসৰ ঝংকাৰ আৰু চিত্রধর্মী বর্ণনাই কাব্যখনিক সৌন্দর্য দান কৰিছে। তলৰ পংক্তিকেইটাই তাৰ প্ৰমাণ দাঙি ধৰিব—

‘বিৰহাণনি সংবিঅ সসই দীহ কৰসাহ তোড়ই’

‘তহ মংহৰ চল্লংতিয় চণচলৰমণভৰি।

ছুৰৱি খিসিয় বসণাৱলি কিংকিণিবৱ পাসৰি।।’

কবি আব্দুল ৰহমানৰ আত্ম-লঘিমা অতিশয় প্রশংসনীয়। তেওঁ বিদ্বানজনক সম্বোধন কৰি লিখিছে যে তেওঁৰ পূবৱৰ্তী সুপ্রসিদ্ধ কবিসকলে সুললিত ছন্দসজ্জাৰে সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰি থৈ গৈছে। সেই কবিতা বাদ দি তেওঁৰ দৰে অজ্ঞানীজনে ৰচনা কৰা ‘ললিয়হীন’ (লালিত্যহীন), ‘কুকুবিত্ত’ (কুকবিতা বা অকবিতা)ক কোনেও প্রশংসা নকৰে। এনে কথাৰ মাজেৰে কবিৰ বিনয়ী ভাব অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। এই ভাব স্পষ্ট কৰিবলৈ তথা তেনে হোৱাৰ পাছতো তেওঁ কাব্য-ৰচনাত হাত দিয়াৰ যিবোৰ কাৰণ দৰ্শাইছে সেইবোৰৰ মাজত কবিৰ দৃষ্টিৰ সূক্ষ্মতা, উপমা প্ৰয়োগৰ দক্ষতা, পৰিচিত সাধাৰণ বস্তুক ভাবৰ উপযোগী কৰি তুলিব পৰা ক্ষমতা আদি বৈশিষ্ট্য সুন্দৰকৈ ফুটি উঠিছে। তেওঁৰ ধাৰণা অনুসাৰে যাৰ মাজত কাব্যিক প্রতিভা বিদ্যমান, তেওঁ কাব্য চৰ্চা কৰা আৱশ্যক। কুলিৰ মাত শুৱলা হ’ল বুলি কাউৰীয়ে নামাতিবনে, স্বৰ্গৰ নন্দন বনত পাৰিজাত ফুলাৰ বাবে সাধাৰণ ফুলে পাতি নেমেলিবনে আদি বিভিন্ন উপমাযুক্ত প্রশ্নেৰে তেওঁ নিজৰ প্ৰতিভাক অৱমূল্যায়ন কৰিও, একে সময়তে কম প্ৰতিভাসম্পন্ন লোকৰো যে কাব্য চৰ্চাৰ অধিকাৰ আছে, সেই কথা দৃঢ়তাৰে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। কবিৰ ভাষাৰে কাব্যখন অনুৰাগীসকলৰ বাবে ৰতিগৃহ স্বৰূপ, সমকামীসকলৰ চিত্ত হৰণকাৰী, মদনৰ মাহাত্ম্য প্রকাশক, বিৰহিনীৰ বাবে কামদেৱ সদৃশ আৰু ৰসগ্ৰাহীসকলৰ বাবে ৰস উদ্রেককাৰী। এনেধৰণৰ বহল আলোচনাৰে কাব্যখনিৰ বিষয়বস্তু আৰু কাব্যিক সৌন্দৰ্যৰ বৰ্ণনা কৰা হৈছে।

৩। ‘সন্দেশ ৰাসক’ৰ দ্বিতীয় প্রক্ৰমৰ প্ৰথম চাৰিটা শ্লোকৰ অসমীয়া অনুবাদ দাঙি ধ‍ৰা।

উত্তৰঃ অর্বাচীন অপভ্রংশ বা অবহটঠ ভাষাত আব্দুল ৰহমানে ৰচনা কৰা ‘সন্দেশ ৰাসক’ নামৰ কাব্যখনিৰ দ্বিতীয় প্রক্ৰমৰ একাদিক্রমে ১ ৰ পৰা ৫ লৈ মুঠ পাঁচটা গাথা অন্তর্ভুক্ত হৈছে। ইয়াৰে প্ৰথম চাৰিটা শ্লোকৰ অসমীয়া অনুবাদ দাঙি ধৰা হ’ল—

১ নং গাথাৰ মূল পাঠঃ

বিজয়ণয়ৰহু কাবি বৰৰমণি, 

উত্তংগথিৰথোৰথণি, বিৰুডলক্কি, ধয়ৰটঠপউহৰি।

দীণাণণি পহুণিহই জলপৱাহ পৱহংতি দীহৰি।। 

বিবহগগিহি কণয়ংগিতণু তহ সামলিমপৱণ্ণু। 

ণজ্জই ৰাহি বিড়ংবিঅউ তাৰাহিবই সউন্নু।

অসমীয়া অনুবাদঃ বিজয়নগৰত উন্নত পয়োধৰা, ৰাজহংসগামিনী, ভ্ৰমৰীৰ দৰে ক্ষীণ কঁকাল আৰু বিশিষ্টা মহিলা আছিল। বাটৰ ফালে চাই চাই তেওঁৰ মুখমণ্ডল মলিন হৈ পৰিছিল আৰু ফুটা অবিৰাম গতিৰে তেওঁৰ দুচকুৰে চকুলো বৈ আছিল। ৰাহুৱে পূর্ণচন্দ্ৰক গ্ৰাস কৰাৰ দৰে বিৰহৰ জুইত দগ্ধ হৈ তেওঁৰ সোণ বৰণীয়া দেহা শ্যাম বৰণীয়া হৈ পৰিছিল।

২ নং গাথাৰ মূল পাঠঃ

ফুসই লোয়ণ ৰুৱই দুকখত্ত,

ধম্মিল্লপমুক্কমুহ বিজ্জংভই অণু অংশু মোড়ই। 

বিৰহাণলি সংতবিঅ, সসই দীহ কৰসাহ তোড়ই।।

ইম মুগ্ধহ বিলৱংতিয়হ মহি চলণেহি ছিহংতু।

অদ্ধুড্ডীপউ তিণি পহিউ পাহি জোয়উ পৱহংতু।।

অসমীয়া অনুবাদঃ তেওঁ দুখত আতুৰ হৈ কান্দি আছিল আৰু চকুলো মচিছিল, চুলিকোচা মুকলি হৈ মুখমণ্ডলত সিঁচৰিত হৈ পৰিছিল, বাৰে বাৰে হামিয়াইছিল, কোমল শৰীৰটোত এঙামুৰি দি আছিল। বিৰহৰ জুইত দেই পুৰি হুমুনিয়াহ কাঢ়িছিল আৰু আঙুলিবোৰ মোটোকাই আছিল। এনেদৰে সেই সুন্দৰীয়ে বিলাপ কৰি থাকোঁতে বাটেৰে জনৈক পথিকক ভৰিৰে মাত্ৰ মাটি স্পর্শ কৰি আধা উৰি যোৱাৰ দৰে গৈ থকা দেখিবলৈ পালে।

৩ নং গাথাৰ মূল পাঠঃ

তং জি পহিয় পিকখেৱিণু পিঅউক্কংখিৰিয়।

মংথৰায় সৰলাইবি উত্তাৱলি চলিয়। 

তহ মণহৰ চল্লংতিয় চংচলৰণভৰি।

ছড়ৱি থিসিয় ৰসণাৱলি কিংকিণিৰৱ পসৰি। 

অসমীয়া অনুবাদঃ সেই পথিকজনক দেখি স্বামীৰ বাবে উৎকণ্ঠিতা ৰমণী গৰাকীয়ে ধীৰ গতি এৰি পোনে-পোনে উত্ৰাৱল হৈ আগুৱাই গ’ল, তেওঁৰ মনোহৰ পৰিত গমনত চঞ্চল নিতম্বৰ ‘পৰা কিংকিনীযুক্ত মেখলা খহি পৰিল আৰু তাৰ শব্দ বিয়পি পৰিল।

৪ নং গাথাৰ মূল পাঠঃ

তংজং মেহল ঠৱই গংঠি ণিটঠুৰ সুহয়। 

তুডিয় তাৱ থুলাৱলি পৱসৰহাৰলয়। 

তা তিৱি কিৱি সংবৰিৱি চইৱি কিৱি সংচৰিঅ। 

ণেৱৰ চৰল বিলগিৱি তহ পহি পংখডিয়।

অসমীয়া অনুবাদঃ সেই সুন্দৰীয়ে যেতিয়া মেখেলাখন পুনৰ টানকৈ বান্ধি ল’লে, তেতিয়া আকৌ ডাঙৰ-ডাঙৰ মুকুতা খচিত ডিঙিৰ ‘নতুন হাৰডাল ছিগি পৰিল। সেইবোৰৰ কিছুমান বুটলি, কিছুমান এৰি থৈ বেগৰে গমন কৰোঁতে নূপুৰত ভৰি জোঁট-পোট খাই বাটতে তেওঁ পৰি গ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top