Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

Join Telegram channel

Table of Contents

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 2 ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতীয় আর্যভাষাৰ বিভিন্ন স্তৰৰ নিৰ্বাচিত পাঠ

ASSAMESE

ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা

(ক) সংস্কৃত : নীতিশতক শ্লোক

(নির্বাচিত পাঠ ৪)

অতি চমু আৰু চমু প্রশ্নোত্তৰঃ

১। শতককাব্য কাক বোলে?

উত্তৰঃ অতি কম পৰিসৰত অধিক সাৰগৰ্ভ আৰু নীতিব্যঞ্জক বিষয়বস্তু সম্বলিত কাব্যকে শতককাব্য বোলে।

২। কোনবোৰ বিষয়ৰ ওপৰত শতককাব্য ৰচিত হৈছে? 

উত্তৰঃ ধৰ্ম, নীতি, শৃংগাৰ আৰু বৈৰাগ্য— এইবোৰ বিষয়ৰ ওপত শতককাব্য ৰচিত হৈছে।

৩। বৈৰাগ্য শতকৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ বৈৰাগ্য শতকৰ প্ৰধান বিষয়বস্তু হ’ল— জীৱনৰ ক্ষণিকতা, বিষয়ভোগৰ প্ৰতি আশক্তিশূণ্য আদি।

৪। শতককাব্যৰ উদ্দেশ্য কি?

উত্তৰঃ কম কথাতে বেছি ভাব প্ৰকাশ কৰি পাঠকক ৰসাভিভূত কৰাই শতককাব্যৰ উদ্দেশ্য।

৫। শতককাব্যসমূহ কেইটা ভাগত বিভক্ত? 

উত্তৰঃ শতককাব্যসমূহ তিনিটা ভাগত বিভক্ত–

(ক) শৃংগাৰমূলক।

(খ) নীতিমূলক।

(গ) বৈৰাগ্যমূলক।

৬। শতকত্রয় কি?

উত্তৰঃ ভর্তৃহৰিৰ তিনি প্ৰসিদ্ধ শতকক ‘শতকত্রয়’ বোলা হয়।

৭। নীতিশতক শ্লোক’, (নিৰ্বাচিত পাঠ ৪) ৰ মূল কথাখিনি কি? 

উত্তৰঃ ‘নীতিশতক শ্লোক’, (নিৰ্বাচিত পাঠ ৪) ৰ মূল কথাখিনি হ’ল— “যি বিচাৰে সেয়া প্রাপ্ত কৰা বা সৃষ্টি কৰাত আৰু প্ৰযুক্তিবিদ্যাৰ সফলতাবোৰত সকলো সত্তাৰ মাজত কোনো ক্ষমা নোপোৱাকৈ ক্রেষ্ট-জুৱেলৰ দৰে মানৱ জাতি শীৰ্ষত আছে”।

৮। শতককাব্যৰ উৎস কি? এই কাব্য কেইটা ভাগত বিভক্ত আৰু কি কি লিখা। 

উত্তৰঃ ঋগ্বেদৰ পাতত থকা ঊষা সূক্ত বা সূর্য সূক্তসমূহতে প্রথম শতককাব্যৰ চানেকি দেখা যায়। বেদৰ একক মন্ত্ৰ অথবা কিছুমান মন্ত্র সম্বলিত সূক্তক লঘুকাব্যৰ লগত মিলাব পাৰি। ঋগ্বেদৰ অক্ষসূক্ত (১০,৩৪) ভিক্ষুসুক্ত (১০/১১৭), সংজ্ঞানসূক্ত (১০-৭১-৭২) আদিত শতককাব্যৰ ধ্বনি শুনিবলৈ পোৱা যায়। তেনেদৰে উপনিষদ সাহিত্যও নীতিসমৃদ্ধ। কল্পসূত্ৰৰ অন্তৰ্গত, ধর্মসূত্র, পাছৰ যুগৰ স্মৃতিসমূহ, পুৰুষাৰ্থ চতুষ্টয় সাধনৰ বাবে বিহিত ধর্মনীতি, সমাজনীতি, ৰাজনীতি আদিত নীতি, বৈৰাগ্য আদিৰ প্ৰবচনসমূহ দেখা যায়। ৰামায়ণ, মহাভাৰত, পুৰাণ আদিতো নীতিগর্ভ শতককাব্যসম্ভাৰ সোমাই আছে। মহাভাৰতৰ শান্তিপৰ্ব আৰু অনুশাসনপর্ব দুটাক শতককাব্যৰ আধাৰ বুলিব পাৰি। 

শতককাব্যসমূহ সাধাৰণতে তিনিটা ভাগত বিভক্ত—

(ক) শৃঙ্গাৰমূলক।

(খ) নীতিমূলক।

(গ) বৈৰাগ্যমূলক।

এই শতককাব্যসমূহত বৈচিত্র্যপূর্ণ সমাহাৰ দেখা যায়। যেনে— সাংসাৰিক লোভ-মোহ, অভিমান, অহংকাৰ, মোহ আদিৰ পৰা হ’ব পৰা দুৰ্গতি, জীৱনৰ ক্ষণস্থায়িত্ব, নাৰীৰ মোহনীয় চৰিত্ৰ আৰু ৰূপৰ প্ৰলোভনৰ প্ৰতি সতর্কতা, আসক্তিহীনতা, বৈৰাগ্যৰ পৰা সুবিধা, শম-দমাদিৰ পৰা হোৱা লাভ, সৎসঙ্গৰ পৰা হোৱা লাভ, অসৎসঙ্গৰ পৰা হোৱা ক্ষতি, বিদ্যাৰ মহত্ব, বিদ্বানৰ মহত্ব আদি শতককাব্যৰ বিষয়বস্তু।

৯। শতকত্রয়ৰ বিষয়ে লিখা।

উত্তৰঃ শতকত্ৰয়ৰ বিষয়ে তলত বহলাই লিখা―

(ক) নীতিশতকঃ নীতিশতকত কবি ভৰ্ত্তৃহৰিয়ে উদাত্ত গুণ গ্ৰহণ কৰিবলৈ আগ্ৰহ দেখুৱাইছে। যিবোৰৰ অনুশীলন সমগ্ৰ মানৱ সমাজৰেই মঙ্গলকাৰক। এই শতকখনৰ এশটা শ্লোক দহটা পদ্ধতিত ভাগ কৰি তাৰ অনুশীলন  লোকসমাজত দাঙি ধৰিছে। মঙ্গলাচৰণৰ পাছত ক্ৰমে ―

১। মূর্খপদ্ধতি (২-১০)।

২। বিদ্বৎপদ্ধতি (১১-২০)।

৩। মান শৌর্য্য পদ্ধতি (২১-৩০)।

৪। অর্থপদ্ধতি (৩১-৪০)।

৫। দুর্জন পদ্ধতি (৪১-৫০)।

৬। সজ্জন পদ্ধতি (৫১-৬০)।

৭। পৰোপকাৰ পদ্ধতি (৬১-৭০)।

৮। ধৈর্যপদ্ধতি (৭১-৮০)।

৯। দৈৱপদ্ধতি (৮১-৯০)।

১০। কর্মপদ্ধতি (১১-১০০)।

ভৰ্ত্তৃহৰিয়ে কালিদাস, শূদ্রক আদিৰ গ্ৰন্থৰ পৰাও শ্লোকসমূহ সংগ্ৰহ কৰিছে। নীতিশতকৰ শ্লোকসমূহ অতিশয় জনপ্রিয়। শ্লোকসমূহৰ মাজত কবিৰ সুষ্ঠনীতি তথা মানবচৰিত্ৰ সমীক্ষণৰ ছাপ দেখা যায়।

(খ) শৃঙ্গাৰশতকঃ এই শতকখন বিষয়ানুসৰি পাঁচটা ভাগত বিভক্ত।

১। স্ত্রীপ্রশংসা (১- ২০)।

২। সম্ভোগবর্ণন (২১-৪০)।

৩। কামিনীনিন্দা ( ৪১-৬০)।

৪। সুবিক্ত দুৰ্বিৰক্ত পদ্ধতি (৬১-৮০)।

৫) ঋতুবর্ণন (৮১-১০০)।

ইয়াত এশটা শ্লোকৰ মাজেৰে কবিজনে নাৰী প্ৰকৃতিৰ উপলব্ধি, কামুক ব্যক্তিৰ স্বৰূপোদ্ঘাটন,পৰিণতি আদি আঙুলিয়াই দেখুৱাইছে।

(গ) বৈৰাগ্যশতকঃ বৈৰাগ্যশতক’ হৈছে ভৰ্ত্তৃহৰিয়ে তৃতীয় শতক। বিষয়ানুসৰি ইয়াৰ শতশ্লোক দহটা ভাগত বিভক্ত ―

১। তৃষ্ণাদূষণম (১-১০)।

২। বিষয় পৰিত্যাগ বিড়ম্বনা (১১-২০)।

৩। খাঞ্চাদৈন্যদূষণম (২১-৩০)।

৪। ভোগাস্থৈর্য্য বর্ণনম্ (৩১-৪০)।

৫। কালমহিমানুবর্ণনম (৪১-৫০)।

৬। যতিনৃপতি সংবাদবর্ণনম্ (৫১-৬০)।

৭) মনঃ সম্বোধন নিয়মনম (৬১-৭০)।

৮) নিত্যানিত্য বস্তুবিচাৰঃ (৭১-৮০)।

৯) শিৱাৰ্চনম (৮১-৯০)। আৰু

১০। অবধূতচর্যা (৯১-১০০)।

ইয়াৰ প্ৰতিটো শ্লোক অনুভূতিপ্রবণ। ইয়াৰ বিষয়বস্তুলৈ লক্ষ্য কৰিলে দেখা যায় যে ভৰ্ত্তৃহৰিয়ে এজন অদ্বৈতবাদী কবি আছিল আৰু অদ্বৈত ধাৰণাক ফলৱৰ্তী কৰিবলৈ তেওঁ বৈৰাগ্যপথৰ প্ৰশংসা পৰক শতক ৰচনা কৰিছে।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

১। ‘শতক কাব্য’ কাক বোলে ? শতক কাব্যৰ লক্ষণ আৰু উদ্দেশ্য সম্পর্কে লিখা। 

উত্তৰঃ অতি কম পৰিসৰতে অধিক সাৰগর্ভ আৰু নীতিব্যঞ্জক বিষয়বস্তু সম্বলিত কাব্যকে শতককাব্য বোলা হয়। শতক’ শব্দৰ অৰ্থ এশ’। শতক বা এশটা শ্লোকত ব্যৱহাৰিক জীৱনত সততে কামত অহা, গভীৰ অর্থপ্রকাশক শ্লোকৰ সমষ্টিয়েই হৈছে শতককাব্য।

শতককাব্য হৈছে একপ্ৰকাৰৰ গীতিকাব্য। ই স্বয়ং সম্পূর্ণ মুক্তক শ্ৰেণীৰ চতুষষ্পদী কবিতা। সংস্কৃত গীতি কবিতাত ভালেমান শতককাব্য পোৱা যায়। শতককাব্যসমূহত ত্রিবৰ্গৰ ( ধর্ম অর্থ, কাম) বিষয়েই আলোচনা আগবঢ়াইছে। মানৱ জীৱনে এই ত্রিবর্গ সাধনতেই পৰিপূর্ণতা লাভ কৰে। ধৰ্ম, নীতি, শৃঙ্গাৰ আৰু বৈৰাগ্য এই সকলো বিষয়ৰ ওপৰত শতককাব্য ৰচিত হৈছে। অতীৱ উৎকণ্ঠাপূর্ণ আৱেগপ্রৱণ কাব্যই শতককাব্য।

অতিশয় আৱেগ-অনুভূতিপূৰ্ণ আৰু সংবেদনশীল ভাৱযুক্ত অথচ মাধুর্যময় কবিতাকে শতককাব্য বোলা হয়। শতককাব্য একপ্ৰকাৰ গীতিকবিতা। শতককাব্য সংস্কৃত সাহিত্যৰ এক পৰম ৰমণীয় অঙ্গস্বৰূপ। এই কাব্যসমূহ মুক্তক শ্ৰেণীৰ। অৰ্থাৎ বাহ্য উপকৰণৰ পৰা মুক্ত হৈ স্বয়ং ৰসযুক্ত হোৱাটোৱেই মুক্তকৰ লক্ষ্য। ইয়াৰ ৰসপানত পাঠকৰ হৃদয় আনন্দত আপ্লুত হয়। আলঙ্কাৰিক আনন্দৰ্দ্ধনে মুক্তক সম্বন্ধে এইদৰে কৈছে—

‘মুক্তকেষু হি প্ৰৱন্ধেষু হৱ ৰসৱন্ধাভিনিবেশিনঃ কবয়ো দৃশ্যন্তে। ভৰ্ত্তৃহৰিৰ ‘শতকত্ৰয় আৰু অমৰুক’ৰ ‘অমৰুশতক’ মুক্তকৰ উত্তম উদাহৰণ। এনে কাব্য শৃঙ্গাৰ ৰসাত্মক নীতি বা উপদেশাত্মক আৰু বৈৰাগ্য ভাৱমিশ্রিত। 

শতককাব্যৰ লক্ষণবোৰ তলত উল্লেখ কৰা হ’লঃ শতককাব্যক লঘুকাব্য বোলে। মুক্তক শ্লোক, শতককাব্য, খণ্ডকাব্য, স্তোত্রকাব্য প্রভৃতি লঘুকাব্যৰ অন্তৰ্ভুক্ত। গীতি কবিতাৰ দৰেই স্বয়ংসম্পূর্ণ ক্ষুদ্ৰাকাৰৰ একক কবিতা। এই শতককাব্যসমূহ শৃঙ্গাৰাত্মক আৰু ভক্তিভাবনাপূর্ণ হয়। সুখ-দুঃখ, আশা-নিৰাশা আদিৰ পৰা যি বৈৰাগ্য ওপজে সেই বিষয়সমূহক অৱলম্বন কৰিও শতককাব্য ৰচিত হয়। জীৱনৰ ক্ষণিকতা, বিষয়ভোগৰ প্রতি আসক্তিশূন্য আদিয়েই বৈৰাগ্য শতকৰ প্ৰধান বিষয়বস্তু। উৎকণ্ঠাবিৰচিতং পদং গেয়ং’ বুলি ইয়াৰ লক্ষণ নিৰূপিত হৈছে।

শতককাব্য ৰচনাৰ উদ্দেশ্যসমূহ এনেধৰণৰঃ সংস্কৃত সাহিত্যত দৃশ্য আৰু শ্ৰৱ্য এই দুয়োবিধ ৰচনাৰ মাজত শ্ৰৱ্যকাব্যক তিনিটা ভাগত ভাগ কৰা হৈছে। গদ্য, পদ্য আৰু মিশ্র। শতককাব্য পদ্যকাব্যৰ অন্তৰ্গত। শতককাব্যসমূহ গীতিধর্মী। কম কথাতে বেছি ভাৱ প্রকাশ কৰি পাঠকক ৰসাভিভূত কৰাই হৈছে শতককাব্যৰ উদ্দেশ্য। ইয়াৰ দ্বাৰা মানুহে বাহ্য বিষয়মুখী হ’লেও অন্তর্মুখী চেতনাত একাত্ম হৈ পৰে। শতককাব্যত মধুৰ পদাবলীৰ লগত সঙ্গীতময় ছন্দৰ প্ৰয়োগ কৰা হয়। শৃঙ্গাৰ, নীতি, বৈৰাগ্য তথা প্রাকৃতিক দৃশ্যৰাজিৰ বহুল বর্ণনা শতক কাব্যত সন্নিবেশ কৰা থাকে। শতককাব্যত ৰমণীৰ সৌন্দৰ্য যিমান সুন্দৰ স্বাভাৱিক ৰূপত পোৱা যায়, আন সাহিত্যত দুর্লভ। শৃঙ্গাৰৰ ভিন্ ভিন্ অৱস্থাৰ মাৰ্মিক চিত্ৰণ প্ৰকাশ কৰা শতককাব্যৰ প্ৰধান উদ্দেশ্য। মূলতঃ হৃদয়ৰ ৰাগাত্মক ৰচনাক ছন্দোবদ্ধ ৰূপত প্ৰকাশ কৰোৱাটোৱেই শতককাব্যৰ মূল উদ্দেশ্য।

২। সংস্কৃত সাহিত্যত ৰচিত বিভিন্ন শতককাব্যৰ বিষয়ে লিখা। 

উত্তৰঃ সংস্কৃত সাহিত্যত ৰচিত বিভিন্ন শতককাব্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল— 

(ক) অমৰুশতকঃ অমৰুশতক নামৰ শতককাব্যখন অমৰু বা অমৰুক নামৰ কবিৰ দ্বাৰা ৰচনা বুলি প্রসিদ্ধি আছে। অমৰু অষ্টম শতাব্দীৰ পূৰ্বৰ কবিৰ কিম্বদন্তী অনুসাৰে জনা যায় যে— মণ্ডনমিশ্ৰৰ পত্নী ভাৰতীৰ সৈতে বিচাৰত প্ৰবৃত্ত শঙ্কৰাচাৰ্য ৰতিশাস্ত্রবিষয়ক প্ৰশ্নৰ উত্তৰ দানত অসমৰ্থ হোৱাত শাস্ত্ৰজ্ঞান লাভ কৰিবলৈ নর্মদাৰ তীৰলৈ যায়। তাতে তেওঁ যোগৰ বলত দেহটো শিষ্যসকলক সংৰক্ষণ কৰিবলৈ দি ইতিমধ্যে মৃত কাশ্মীৰৰ ৰজা অমৰুকৰ পত্নীসকলেৰে সৈতে শৃঙ্গাৰ কেলি কৰি পুনঃনিজ দেহত প্ৰৱেশ কৰে। এনেদৰে লব্ধজ্ঞানেৰে শতশ্লোকত অমৰুক কাব্য ৰচনা কৰিছিল। পৰৱৰ্তীকালত এইখন ‘অমৰুশতক’ নামেৰে প্ৰসিদ্ধি লাভ কৰে।

‘অমৰুশতক’ৰ শ্লোকবোৰ মনোহৰ। ইয়াৰ ভাৱ-ভাষা, ছন্দ, অলংকাৰ সকলো দিশতে মনোহাৰিত্ব বিদ্যমান। দীর্ঘসমাসবদ্ধ পদ ব্যৱহাৰ কৰিছে। শার্দুলবিক্ৰীড়িত ছন্দত ৰচিত কাব্যখনৰ প্ৰধান ৰস শৃঙ্গাৰ।

‘অমৰুশতক’ৰ চাৰিটা আঞ্চলিক সংস্কৰণত শ্লোকসংখ্যা ৯৬ ৰ পৰা ১১৫ টা পর্যন্ত দেখা যায়। অষ্টম শতিকাত বামনে অমৰুশতকৰ তিনিটা শ্লোক উদ্ধৃত কৰিছিল। খ্ৰীষ্টাব্দ ৮৫০ ত আনন্দবৰ্দ্ধনে অমৰুক প্রথিতযশা কবিৰূপে উল্লেখ কৰিছিল। ‘অমৰুশতক’ খ্ৰীষ্টাব্দ ৭ম শতিকাৰ শেষভাগত ৰচিত হয় বুলি আনন্দবৰ্দ্ধনে উল্লেখ কৰিছে।

(খ) শতকত্রয়ঃ “শতকত্ৰয়’ ভৰ্ত্তৃহৰিয়ে ৰচনা কৰে। তেওঁ শৃঙ্গাৰ, নীতি আৰু বৈৰাগ্যশতক ৰচনা কৰে।

শতকত্ৰয়ৰ উপৰিও ৰাৱণবধ বা ভট্টিকাব্য আৰু ‘বাক্যপদীয়’ ৰচনা কৰে। ভৰ্ত্তৃহৰিয়ে শৃঙ্গাৰ, নীতি আৰু বৈৰাগ্য শতকত্রয়ৰ আদিতে ক্রমে কামদেৱ, ব্রহ্মা আৰু শিৱৰ স্তুতি কৰিছে। নীতিশতকৰ আদি শ্লোকে তেওঁক এজন অদ্বৈতবাদী ৰূপেহে চিনাকি দিয়ে।

(গ) শান্তিশতকঃ ভর্তৃহৰিৰ শতকত্ৰয়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰৱৰ্ত্তী কালত অনেক কবিয়ে শতককাব্য ৰচনা কৰিছে। ইয়াৰ ভিতৰত সিলহনৰ ‘শান্তিশতক’ অন্যতম। তেওঁ ভৰ্ত্তৃহৰিৰ বৈৰাগ্যশতককে ধৰি অন্য বহুতৰ ওচৰত ঋণবদ্ধ হ’লেও কাব্যখনিৰ অনেক খিনি মৌলিক। কাব্যখনত ঐহিক সুখৰ প্ৰতি আকৰ্ষিত হৈ পৰমার্থিক আনন্দৰ প্ৰতি দেখুওৱা অৱজ্ঞা, শেষত ভগৱদ্ভানাৰ দ্বাৰা পৰম শান্তি সেই কথা প্রকাশ পাইছে। সিলহন দ্বাদশ শতিকাৰ কবি। ১২০৫ খ্ৰীষ্টাব্দত ৰচিত সদুক্তিকর্ণামৃতত তেওঁৰ শ্লোকৰ উদ্ধৃতি পোৱা যায়।

(ঘ) দৃষ্টান্তশতকঃ কুসুমদেৱৰ ৰচিত ‘দৃষ্টান্তশতক’ এখন অনুপম শতককাব্য। ভর্তৃহৰিৰ নীতিশতকৰ দৰে ইয়াৰ প্ৰতিটো শ্লোকৰ প্ৰথমাৰ্দ্ধত ত একোটি নীতিৰ কথা কৈ দ্বিতীয়াৰ্দ্ধত তাৰ দৃষ্টান্ত কবিয়ে তুলি ধৰিছে। বল্লভদেৱৰ সুভাষিতাৱলীত তেওঁৰ শ্লোকৰ উদ্ধৃতি পোৱালৈ চাই তেওঁ পঞ্চদশ শতিকাতকৈ বেছি পিছৰ হ’ব নালাগে।

(ঙ) ভল্লটশতকঃ কাশ্মীৰি কবি ভল্লটে ‘ভল্লটশতক’ ৰচনা কৰে। এই শতকত শ্লোকসংখ্যা এশৰো কম। আনন্দবৰ্দ্ধনে ‘ধ্বন্যালোক’ত ‘ভল্লটশতক’ৰ শ্লোক উদ্ধৃত কৰিছে। ভল্লটশতক মুক্তক শ্লোকসমূহত ন্যায়-নীতি, আদর্শ আৰু নানান বিদগ্ধ ভাৱনা প্ৰকাশিত হৈছে। ভাৱ আৰু ভাষাৰ প্ৰাচুৰ্য, অলঙ্কাৰৰ মাধুৰ্য, প্রসাদগুণ প্রভৃতি বৈচিত্র্য তথা ভল্লটৰ স্বকীয় বৈশিষ্ট্য বিদ্যমান যাৰ বাবে তেওঁ প্রাচীন বিদগ্ধ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

শতককাব্যৰ ভিতৰত শৃঙ্গাৰাশ্ৰিত ৰচনাই অধিক।

(চ) শৃঙ্গাৰশতকঃ জনাৰ্দ্দনভট্টৰ ‘শৃঙ্গাৰশতক’ত মুঠ ১০১ টা শ্লোক পোৱা যায়। ৰচনাকাল অনুমানিক ১৩০০ শতাব্দী। ৰচনাশৈলী আড়ম্বৰপূৰ্ণ আৰু অলঙ্কাৰমণ্ডিত। শ্লোকসমূহত কবিৰ পাণ্ডিত্যৰ পৰিচয় পোৱা যায়।

(ছ) শৃঙ্গাৰশতকঃ নৰহৰিৰ ৰচিত ‘শৃঙ্গাৰশতক’ত ১১৫ টা শ্লোক পোৱা যায়। কবিৰ ৰচনাপদ্ধতি কৃত্ৰিম আৰু ভাৱ গতানুগতিক। শৃঙ্গাৰৰ মাধুৰ্য আৰু ৰতিৰ বৈচিত্ৰ্য পৰিৱেশন কৰাই তেওঁৰ মুখ্য উদ্দেশ্য।

(জ) ৰোমাৱলীশতকঃ ৰসিকৰঞ্জনৰ ‘ৰোমাৱলীশতক’ এখন শৃঙ্গাৰকাব্য। ১৩০ টা শ্লোকত শৃংগাৰ আৰু বৈৰাগ্য উভয় ভাৱধাৰা প্ৰকাশ কৰিছে। গ্ৰন্থৰ সমাপ্তিত কবিয়ে দ্ব্যর্থক শ্লোক ৰচনাৰ কথা নিজেই উল্লেখ কৰিছে। ৰচনাৰীতি অনাড়ম্বৰ হ’লেও সর্বত্রতে মাধুৰ্য আৰু সাৱলীল বাগভঙ্গী প্রকাশিত হৈছে।

(ঝ) ৰোমাৱলীশতকঃ বিশ্বেশৰ পণ্ডিত নামৰ এজন কবিয়ে ১০০ টা শ্লোকত সুন্দৰী নাৰীৰ ৰোমাৱলীৰ বৰ্ণনা কৰিছে। উপমা আৰু উৎপ্রেক্ষা অলঙ্কাৰৰ সহায়ত সহজ-সৰল ভাষাত নাৰী সৌন্দৰ্যৰ মনোৰম বৰ্ণনাত এইজন কবি অতিশয় নিপুণ।

(ঞ) সুন্দৰীশতকঃ উৎপ্রেক্ষাবল্লভৰ ৰচিত ‘সুন্দৰীশতক’ নামৰ শতককাব্যত ১১১ টা শ্লোকত সুন্দৰীৰমণীৰ অঙ্গ-প্রত্যঙ্গ, ৰূপ-লাৱণ্যৰ বৰ্ণনা কৰিছে। কবিৰ প্ৰকৃত নাম গোকুল। ৰচনা নৈপুণ্যৰ বাবে তেওঁ উৎপ্রেক্ষাবল্লভ আখ্যা লাভ কৰিছে। কবিয়ে গ্ৰন্থত উল্লেখ কৰিছে যে তেওঁৰ পৃষ্ঠপোষক ৰজা মদন-মহীপালৰ অনুৰোধত এই কাব্য ৰচনা কৰিছে।

(ট) জগন্নাথৰ অন্যাপদেশ-শতক, নীলকন্ঠৰ অন্যাপদেশ- শতক আৰু মধুসুদনে ‘অন্যাপদেশ-শতক’ একে নামৰ তিনিখন শতক কাব্য ৰচনা কৰে।

(ঠ) সূৰ্যশতকঃ সুৰ্যশতক’ ৰচনা কৰে ময়ূৰৰ্ভট্ট নামৰ কবিয়ে। ময়ূৰভট্ট আৰু বাণ শ্ৰীহৰ্ষৰ ৰাজসভাৰ কবি। কোনো কাৰণবশতঃ ময়ূৰভট্টৰ কুষ্ঠৰোগ হোৱাত, ৰোগ নিবাৰণৰ কাৰনে স্ৰগ্ধৰা ছন্দত সূর্যদেৱতাৰ স্তৱ ৰচনা কৰে। স্ৰগ্ধৰা ছন্দত লিখা কাব্যৰ ভিতৰত এইখনেই প্রথম কবিয়ে সূর্যদেৱতাৰ ভিন্ ভিন্ অঙ্গ, ৰথ, ঘোঁৰা আদি সাধনৰ বৰ্ণনাত পূৰ্ণৰূপে সফল হৈছে।

(ড) চণ্ডীশতকঃ বাণভট্ট ময়ূৰভট্টৰ সমকালীন কবি। এওঁ ‘চণ্ডীশতক’ নামৰ স্ৰগ্ধৰা ছন্দ ভগৱতী দুৰ্গাক স্তুতি কৰি লিখা এখন প্রশস্তি কাব্য। চণ্ডীশতকত কবিয়ে দীঘল দীঘল সমাস অনুপ্রাস, উৎপ্রেক্ষা আদি অলঙ্কাৰৰ ব্যৱহাৰ কৰি ৰচনাশৈলী চমৎকাৰ কৰি তুলিছে।

(খ) অশোকৰ অনুশাসন

(গিৰ্ণাৰ — ১, কালচী – ১)

অতি চমু প্রশ্নোত্তৰঃ

১। পৃথিৱীৰ সৰ্ব বৃহৎ ভাষা পৰিয়ালটোৰ নাম কি? 

উত্তৰঃ ইণ্ডো-ইউৰোপীয় ভাষা।

২। ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ প্ৰধান শাখা কেইটা?

উত্তৰঃ নটা।

৩। ইণ্ডো-ইৰাণীয় ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?

উত্তৰঃ ইণ্ডা-ইউৰোপীয়।

৪। ভাৰতীয় আর্য ভাষা কি?

উত্তৰঃ ভাৰতত প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা ইণ্ডো-ইউৰোপীয় পৰিয়ালৰ ভাষাবোৰকে ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয়।

৫। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল? 

উত্তৰঃ আনুমানিক খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা।

৬। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল? 

উত্তৰঃ আনুমানিক খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকা।

৭। আধুনিক ভাৰতীয় আৰ্য ভাষাৰ সময় কেতিয়ালৈকে আছিল? 

উত্তৰঃ আনুমানিক খ্ৰীষ্টীয় দশম শতিকাৰ পৰা বৰ্তমানলৈকে।

৮। মধ্য ভাৰতীয় আর্য ভাষাক কি নামেৰে জনা যায়?

উত্তৰঃ প্ৰাকৃত।

৯। আদি প্ৰাকৃতৰ নিদর্শনসমূহ কি কি?

উত্তৰঃ ত্রিপিটকৰ অন্তর্গত ধৰ্ম্মপদ।

১০। পৈশাচী’ প্রাকৃতে কোনটো ৰূপৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছে?

উত্তৰঃ উত্তৰ-পশ্চিমা আঞ্চলিক ৰূপৰ পৰা।

১১। পশ্চিমা আঞ্চলিক ৰূপটো কোন অঞ্চলত প্ৰচলিত আছিল? 

উত্তৰঃ পশ্চিমা আঞ্চলিক ৰূপটো প্ৰাচীন সৌৰাষ্ট্ৰ বা বৰ্তমানৰ গুজৰাট ৰাজস্থান অঞ্চলত প্রচলিত আছিল।

১২। ‘শৌৰসেনী’ প্ৰাকৃতৰ উদ্ভৱ কোনটো আঞ্চলিক ৰূপৰ দ্বাৰা হৈছিল? 

উত্তৰঃ পশ্চিমা আঞ্চলিক ৰূপৰ দ্বাৰা হৈছিল।

১৩। দক্ষিণী আঞ্চলিক ৰূপটো ক’ত প্ৰচলিত আছিল? 

উত্তৰঃ বিদর্ভ-মহাৰাষ্ট্ৰত প্ৰচলিত আছিল।

১৪। দক্ষিণী আঞ্চলিক ৰূপটোৰ পৰা কোনবিধ প্ৰাকৃতৰ উদ্ভৱ হৈছিল?

উত্তৰঃ ‘মহাৰাষ্ট্ৰী’ প্ৰাকৃতৰ।

১৫। প্রাচ্য-মধ্যা আঞ্চলিক ৰূপটো কোন অঞ্চলত প্ৰচলিত আছিল?

উত্তৰঃ প্রাচীন অৱন্তী, শূৰসেন, কুৰু, পাঞ্চাল আদি (বৰ্তমানৰ দিল্লী, মিৰাট, মথুৰা প্ৰভৃতি অঞ্চল) সৰস্বতী নদীৰ পৰা গংগা যমুনা উপত্যকা পর্যন্ত পশ্চিম ভাৰতৰ মধ্য অঞ্চলত প্ৰচলিত আছিল। 

১৬। প্রাচ্য-মধ্যা আঞ্চলিক ৰূপৰ পৰা কি প্ৰাকৃতৰ উদ্ভৱ হৈছে?

উত্তৰঃ অর্ধমাগধী প্ৰাকৃতৰ।

১৭। প্রাচ্য আঞ্চলিত ৰূপটো ক’ত প্ৰচলন আছিল?

উত্তৰঃ প্রাচীন মগধ-কোশল অঞ্চলত বা বৰ্তমানৰ অযোধ্যা-সাকেতকে ধৰি বিহাৰ পৰ্যন্ত ভাৰতৰ পূৱ অঞ্চলত প্ৰচলিত আছিল।

১৮। প্রাচ্য আঞ্চলিক ৰূপৰ পৰা কি প্ৰাকৃতৰ উদ্ভৱ হৈছিল? 

উত্তৰঃ মাগধী প্ৰাকৃতৰ।

১৯। ‘প্রকৃত’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মূল’।

২০৷ অন্ত্য স্তৰ বা অপভ্ৰংশ আৰু অবহটঠৰ স্তৰক গ্ৰীয়াৰচনে কি বুলি আখ্যা দিছে?

উত্তৰঃ ‘Late Prakrit’।

২১। প্রাচীন অপভ্রংশ কি?

উত্তৰঃ সাহিত্যিক প্ৰাকৃতৰ পৰিৱৰ্তিত ৰূপটোক প্রাচীন অপভ্রংশ বোলে।

২২। অৱহটঠ কাক বোলে?

উত্তৰঃ আধুনিক ভাৰতীয় আৰ্য ভাষাৰ উদ্ভৱৰ পূৰ্বৰূপটোক অর্বাচীন অপভ্রংশ বা অৱহটঠ বোলা হয়। 

২৩। সম্রাট অশোক কেতিয়া মগধৰ ৰাজপাটত উঠে?

উত্তৰঃ আনুমানিক খ্ৰীষ্টপূর্ব ২৭৪ত।

২৪। অশোকে কিতা কলিংগ ৰাজ্য আক্ৰমণ কৰিছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২৬২ ত।

২৫। অশোকৰ অনুশাসনসমূহক কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছিল? 

উত্তৰঃ প্ৰাপ্তিস্থান আৰু পৰিৱেশনৰ ওপৰত ভিত্তি কৰি।

২৬। স্তম্ভানুশাসনত কেই প্ৰকাৰৰ স্তম্ভ পোৱা যায়?

উত্তৰঃ দুই প্ৰকাৰৰ। যেনে— লিপিহীন স্তম্ভ, লিপিযুক্ত স্তম্ভ।

২৭। গুহানুশাসন লিপিৰ সংখ্যা কিমান?

উত্তৰঃ মাত্র তিনিখন।

২৮। অশোকৰ অনুশাসনৰ ভিতৰত কোন কেইখন অনুশাসনক খৰোষ্ঠী লিপিত খোদিত কৰোৱা হৈছিল?

উত্তৰঃ শাহঝঝগঢ়ী আৰু মানসেহৰাত অনুশাসন কেইখন খৰোষ্ঠী লিপিত খোদিত কৰোৱা হৈছিল।

২৯। ধংমলিপী কি?

উত্তৰঃ ‘ধংমলিপী’ হ’ল অশোকে খোদিত কৰোৱা অনুশাসনসমূহ। অনুশাসনসমূহত নীতিমূলক পদেশ বাণী অথবা ধৰ্মাদেশৰ উল্লেখ থকা বাবে এইবোৰক ধৰ্মলিপি বোলা হয়।

৩০। কালচী ৰক আদেশ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আলেকজেণ্ডাৰ কানিংহামে।

৩১। কালচী অনুশাসন অনুযায়ী প্রাচ্য-মধ্য উপভাষাৰ এটা বিশেষত্ব লিখা। 

উত্তৰঃ কালচী অনুশাসন অনুযায়ী প্রাচ্য-মধ্য উপভাষাৰ এটা বিশেষত্ব হ’ল— ‘ৰ’ ধ্বনি নিয়মিতভাৱে ‘ল’ত পৰিৱর্তন হয়।

চমু প্রশ্নোত্তৰঃ

১। সাহিত্যিক অপভ্রংশৰ তিনিটা উপভাষা কি কি?

উত্তৰঃ (ক) নাগৰক।

(খ) ব্ৰাচড়ক।

(গ) উপনাগৰক।

২। ইণ্ডো-ইৰানীয় ভাষাৰ উপশাখা কেইটা আৰু কি কি?

উত্তৰঃ ইণ্ডো-ইৰাপীয় ভাষাৰ উপশাখা তিনিটা। সেইকেইটা হ’ল― ইৰাণীয় আর্য, দৰ্দীয় আর্য আৰু ভাৰতীয় আর্য।

৩। ভাৰতীয় আর্য ভাষাক কেইটা স্তৰত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ ভাৰতীয় আৰ্য ভাষাক তিনিটা স্তৰত ভাগ কৰিছে। সেইকেইটা হ’ল―

(ক) প্রাচীন ভাৰতীয় আর্য ভাষা।

(খ) মধ্য ভাৰতীয় আর্য ভাষা।

(গ) আধুনিক ভাৰতীয় আর্য ভাষা।

৪। মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰঃ মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰক তিনিটা ভাগত ভগোৱা হৈছে—

(ক) আদি স্তৰ বা আদি প্ৰাকৃত।

(খ) মধ্য স্তৰ বা সাহিত্যিক প্রাকৃত।

(গ) অন্ত্য স্তৰ বা অপভ্রংশ।

৫। বৈদিক যুগৰ কথিত ৰূপটোৱে কেইটা আঞ্চলিক ৰূপত আত্মপ্ৰকাশ কৰে?

উত্তৰঃ বৈদিক যুগৰ কথিত ৰূপটোৱে পাঁচটা আঞ্চলিক ৰূপত আত্মপ্ৰকাশ কৰিছে। সেইকেইটা হ’ল―

(ক) উত্তৰ-পশ্চিমা।

(খ) পশ্চিমা।

(গ) দক্ষিণী।

(ঘ) প্রাচ্য-মধ্যা।

(ঙ) প্রাচ্যা।

৬।সুকুমাৰ সেনে অপভ্রংশ বা অৱহটঠ স্তৰটোক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে। যেনে—

(ক) প্রাচীন অপভ্রংশ।

(খ) অর্বাচীন অপভ্রংশ বা অবহটঠ।

৭। সমগ্ৰ বিশ্বৰ কোন দুগৰাকী শাসকৰ লগত অশোকৰ শাসনৰ তুলনা কৰিব পৰা যায়? 

উত্তৰঃ প্ৰথমজন হ’ল— খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ শেষৰ সম্ৰাট কনষ্টেনটাইন আৰু দ্বিতীয়জন হ’ল- চার্লমেন।

৮। অশোকৰ অনুশাসনক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি? 

উত্তৰঃ অশোকৰ অনুশাসনক চাৰিটা ভাগত ভাগ কৰা হৈছে—

(ক) বৃহৎ শিলানুশাসন বা শিলানুশাসন।

(খ) ক্ষুদ্র শিলানুশাসন।

(গ) স্তম্ভানুশাসন।

(ঘ) গুহালিপি।

৯।অশোকৰ অনুশাসনমালাৰ বৈশিষ্ট্য কেনে আছিল?

উত্তৰঃ অশোকৰ অনুশাসনমালাৰ অন্যতম লক্ষণীয় বৈশিষ্ট্য হ’ল― উত্তৰ-পশ্চিম আৰু পশ্চিমা আঞ্চলিক ৰূপ দুটাৰ ভাষা প্রাচীনধর্মী অর্থাৎ প্রাচীন স্তৰৰ বৈদিক — সংস্কৃতৰ ওচৰ চপা। প্রাচ্য-মধ্যা আৰু প্ৰাচ্যা আঞ্চলিক ৰূপ দুটা বেছি সৰলগামী। 

দ্বিতীয়তে, এই অঞ্চলত বৌদ্ধ ধৰ্মৰ লীলাভূমি আৰু লগতে বিভিন্ন আর্যভিন্ন ভাষাৰ বাসভূমি হোৱা বাবে আৰ্যভিন্ন ভাষাৰ অভাৱ এই অঞ্চলত পৰিছিল।

১০। কালচী কিহৰ বাবে বিখ্যাত?

উত্তৰঃ কালচী চহৰ ইয়াৰ ঐতিহ্যৰ গুৰুত্বৰ বাবে জনাজাত। বিখ্যাত মৌর্য সম্রাট, অশোকৰ শিলালিপিবোৰ শিলৰ আদেশ হিচাপে কালচীত আছে। ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে কিয়নো ই হৈছে উত্তৰ ভাৰতত অৱস্থিত একমাত্র অশোকৰ আদেশ। এই আদেশবোৰত ব্যৱহৃত ভাষা হৈছে পালি।

১১। কালচী কোনে আৰিষ্কাৰ কৰিছিল?

উত্তৰঃ কালচীত অশোবৰ কিছুমান আটাইতকৈ গুৰুত্বপূর্ণ আদেশ আছে। কালচীৰ শিলালিপিত ১ ৰ পৰা ১৪ লৈকে সকলো মেজৰ ৰক এডিক্ট আছে। ১৮৫০ চনত আলেকজেণ্ডাৰ কানিংহামৰ দ্বাৰা উত্তৰ ভাৰতৰ উত্তৰাখণ্ডৰ কালচী নামৰ এখন গাঁৱত এইবোৰ আৱিষ্কাৰ কৰা হৈছে।

১২। কালচী নদী ক’ত আছে?

উত্তৰঃ টন আৰু যমুনা নদীৰ সঙ্গমস্থলত অবস্থিত, কালচী হৈছে পাওন্টা চাহিবৰ ওচৰৰ এক কম পৰিচিত গাঁও। যুৱ আৰু উদ্যমী যমুনাই দুন উপত্যকাৰ জৌনচাৰ-বাৱাৰ অঞ্চলৰ পাহাৰ পৰা ওলাই আহে আৰু মহান ভাৰতীয় সমভূমিত ইয়াৰ ভ্ৰমণ অব্যাহত ৰাখে।

১৩। কালচীৰ শিলালিপিৰ ওপৰত এটা চমুটোকা লিখা। 

উত্তৰঃ কালচীৰ শিলৰ আদেশবোৰ অশোকৰ বহুতো শিলালিপিৰ ভিতৰত আছে, প্ৰথমটো হৈছে কান্দাহাৰৰ দ্বিভাষিক শিলালিপি, গ্রীক আৰু আৰামিকত লিখা, তেওঁৰ শাসনকালৰ ১০ বছৰত। অশোকৰ আন শিলালিপিসমূহ অশোকৰ কান্দাহাৰ গ্ৰীক আদেশবাদৰ বাহিৰে ভাৰতীয় ভাষাত (প্ৰাকৃতৰ বিভিন্ন ৰূপ) আছে, আৰু কেৱল প্ৰায় ৩ ৰ পৰা ৪ বছৰ পিছত আৰু তেওঁ ৰাজ্যাভিষেকৰ ২৭ বছৰ পিছলৈকে প্ৰকাশিত হৈছিল।

উত্তৰ-পশ্চিম ভাৰতত স্থাপন কৰা কালচী আদেশবোৰ গ্রেকো-বেক্টিয়ান ৰাজ্য আৰু ইয়াৰ ৰাজধানী আই খানুমৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হেলেনিষ্ঠিক পৃথিৱীৰ ওচৰত অৱস্থিত আছিল। শিলালিপিবোৰ এটা কঠিন কোৱাৰ্টজ শিলৰ ওপৰত লিখা হৈছিল। শিলটোৰ মুখ্য মুখমণ্ডল (পূব মুখ) ১ ৰ পৰা ১২ আৰু এডিক্ট ১৩ ৰ প্ৰথম অংশ থাকে। সোঁফালে (উত্তৰ মুখ) হৈছে ব্রাহ্মী গজতামা শব্দৰ সৈতে হাতীৰ অংকন, অনিশ্চিত অৰ্থৰ, সম্ভৱতঃ “সর্বোচ্চ হাতী বাওঁফালে (দক্ষিণ মুখ) হৈছে মুখ্য মুখত আৰম্ভ হোৱা শিলালিপিৰ ধাৰাবাহিকতা।

এই অন্তিম আদেশ, এডিক্ট নং ১৩, বিশেষভাবে গুৰুত্বপূর্ণ যে ইয়াত সেই সময়ৰ মুখ্য হেলেনিষ্টিক ৰজাসকলৰ কথা উল্লেখ কৰা হৈছে, লগতে তেওঁলোকৰ সঠিক ভৌগোলিক অৱস্থানৰ বিষয়ে উল্লেখ কৰা হৈছে, যিয়ে সূচায় যে অশোকৰ সেই সময়ৰ গ্ৰীক পৃথিৱীৰ বিষয়ে যথেষ্ট ভাল বুজা বুজি আছিল। এই শিলালিপিটোৱেই ২৬০ ৰ পৰা ২৩০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত অশোকৰ ৰাজত্বকালক এক নির্দিষ্ট নিখুঁততাৰে তাৰিখ দিয়াটো সম্ভৱ কৰি তুলিছিল।

এডিক্ট ১৩ত বিশেষকৈ হেলেনিষ্ঠিক যুগৰ সমসাময়িক শাসকসকলক বুজায়, যিসকলে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বিজয়ৰ উত্তৰাধিকাৰী আছিল। ধৰ্ম্মৰ দ্বাৰা বিজয় কৰাটো হৈছে ঈশ্বৰৰ প্রিয়জনে সৰ্বশ্ৰেষ্ঠ বিজয় বুলি গণ্য কৰে আৰু ইয়াৰ পৰা ৬০০ টা লীগত জয় লাভ কৰা হৈছিল, য’ত ৰজা এন্টিওচোচে ৰাজত্ব কৰে আৰু তাৰ বাহিৰেও চাৰিজন ৰজা টলেমি, এন্টিগোনোছ, মাগাছ আৰু আলেকজেণ্ডাৰ, একেদৰে দক্ষিণত, য’ত চোল, পাণ্ডিয়া আৰু তাম্ৰপৰ্ণী বাস কৰে।

১৪৷ ধৌলী আৰু জৌগড় অনুযায়ী প্ৰাচ্যাৰ নিজস্ব বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰাচ্যা আৰু প্ৰাচ্যা-মধ্যা উপভাষাৰ মাজত সাদৃশ্য অনেক। দুই উপভাষাত ধ্বনিগত পৰিৱৰ্তনসমূহ প্ৰায় সমপৰ্যায়ৰ আৰু ৰূপতাত্ত্বিক দিশতো দুই-চাৰিটা পাৰ্থক্যৰ বাহিৰে মিল প্রচুৰ। ভৌগোলিক ব্যৱধান দুই উপভাষাৰ মাজত বিশেষ নথকাৰ কাৰণে এনে সাদৃশ্য থকা বুলি ক’ব পাৰি। ‘ৰ’- ধ্বনি ‘ল’- ত পৰিণত হোৱা, ন, ণ-ৰ মাজত ‘ন’ ৰক্ষিত হোৱা, ‘ক্ষ’ ‘খ’ ত পৰিণত হোৱা, বিসর্গযুক্ত পদান্ত ‘অ’ নিয়মিতভাৱে ‘এ’ হোৱা, সংযুক্ত ব্যঞ্জনসমূহ সমীভূত হৈ একক ব্যঞ্জনত পৰিণত হোৱা আদি প্ৰাচ্য-মধ্যাৰ বৈশিষ্ট্যসমূহ প্ৰাচ্যাৰো বৈশিষ্ট্য।

ধৌলী আৰু জৌগড় অনুযায়ী প্ৰাচ্যাৰ নিজস্ব বৈশিষ্ট্যৰ ভিতৰত উল্লেখযোগ্য হ’ল—

(ক) প্রাচ্য-মধ্যাত শ,ষ-ৰ অস্তিত্ব দেখা পোৱা গ’লেও প্রাচ্যাত কেৱল ‘স’ হে দেখা পোৱা যায়। যেনে— মনুষ্য > মনুস, দশ > দস, শুশ্রষা > সুসূসা ইত্যাদি।

(খ) পদমধ্যস্থিত একক অঘোষ ‘ক’ ঘোষ ‘গ’ ত পৰিণত আৰু ই-কাৰ যুক্ত ‘ত’ ‘চ’ত পৰিণত হোৱা অর্থাৎ তালবীভূত হোৱা প্ৰাচ্যাৰ অন্যতম বৈশিষ্ট্য, যেনে- লোক > লোগ, তিষ্ঠ> চিঠ ইত্যাদি।

(গ) উত্তম পুৰুষ সর্বনামৰ প্ৰথমাৰ একবচনত ‘হকং’ ব্যৱহাৰ এই উপভাষাৰ নিজস্ব বৈশিষ্ট্য, (সংস্কৃত ‘অহম’, অন্য উপভাষাত পোৱা যায় ‘অহং’ বা ‘অং)। 

(ঘ) ই-কাৰান্ত শব্দ চতুর্থীৰ একবচনত অন্য উপভাষাত ‘-য়া’ ব্যৱহাৰ পোৱা যায় যদিও প্রাচ্যাত ‘এ’ ব্যৱহাৰ হৈছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। মধ্য ভাৰতীয় আর্য ভাষাক কেইটা আৰু কি কি স্তৰত ভাগ কৰা হৈছে? প্ৰতিটো ভাগৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ মধ্য ভাৰতীয় আৰ্য ভাষাক ‘প্রকৃত’ নামেৰে জনা যায়। প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ কথিত ৰূপটোৰ পৰিৱৰ্তনৰ ফলস্বৰূপেই ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন প্রাকৃত ভাষাৰ সৃষ্টি হয়। এই স্তৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ লৌকিক কথা ৰূপৰ বিৱৰ্তিত ৰূপ মাথোন। প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ লোক সমাজত প্ৰচলিত কথ্য ৰূপটো সময়ৰ লগে লগে পৰিৱৰ্তন হ’বলৈ ধৰে। বহুকাল ধৰি প্ৰচলিত হৈ অহা ভাষাটোৱে ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ দিশত পৰিৱৰ্তন দেখা দিলে আৰু এটা সুকীয়া ৰূপত আত্মপ্রকাশ কৰিলে। পণ্ডিতসকলে এই পৰিৱৰ্তনৰ সময় আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা আৰু এই স্তৰৰ শেষ সময় আনুমানিক খ্রীষ্টিয় দশম শতিকা বুলি ঠাৱৰ কৰিছে।

প্রায় এহেজাৰ পাঁচশ বছৰ বিয়পা (খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকা) এই মধ্য ভাৰতীয় আৰ্য ভাষাৰ যুগটোক পণ্ডিতসকলে তিনিটা ভাগত ভাগ কৰিছে আৰু এই বিভাজন প্রধানতঃ ভাষাগত পৰিবৰ্তনক লক্ষ্য কৰি কৰা হৈছে। সেইকেইটা বিভাজন হ’ল—

(ক) আদি স্তৰ বা প্ৰাচীন প্রাকৃত (আনুমানিক খ্রীঃ ৬ ষষ্ঠ— খ্ৰীঃ ১ ম শতিকা): এই স্তৰৰ নিদর্শনসমূহহ’ল—

১। সম্রাট অশোকৰ অনুশাসনসমূহ (অশোকৰ সময় আনুমানিক খ্রীষ্টপূর্ব ২৭৪-২৩২ শতিকা)।

২। মধ্য ভাৰতৰ যোগীমাৰা গুহাৰ শিলালিপিসমূহ (খ্ৰীষ্টপূর্ব দ্বিতীয় শতিকা)।

৩। উৰিষ্যাৰ হাথিগুম্ফা গুহাত খোদিত শিলালিপি (খ্রীষ্টপূর্ব প্রথম শতিকা)। 

৪। গোৱালিয়ৰ বেস নগৰৰ গৰুড় স্তম্ভলিপি (সময়ঃ খ্ৰীষ্টপূর্ব দ্বিতীয় শতিকা)।

৫। বৌদ্ধ হীনযান সম্প্ৰদায়ৰ ‘পালি’ ভাষা (খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্রথম শতিকা)।

৬। বৌদ্ধ মহাযান সম্প্রদায়ৰ মিশ্র প্রাকৃত বা বৌদ্ধ সংস্কৃত ভাষা (খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতিকা)।

(খ) মধ্য স্তৰ বা সাহিত্যিক প্ৰাকৃতৰ স্তৰ (আনুমানিক খ্রীঃ ১ম — খ্রীঃ ৬ষ্ঠ শতিকা): মধ্য স্তৰৰ ভাষাবোৰ প্ৰধানকৈ সাহিত্যত ব্যৱহাৰ হৈছিল। কাব্য ৰচনাত ব্যৱহৃত মহাৰাষ্ট্ৰীয় প্রাকৃত, সংস্কৃত নাটকত ব্যৱহৃত মাগধী, শৌৰসেনী আদি বিভিন্ন প্রাকৃত, ‘বৃহৎ কথা” নামৰ গ্ৰন্থত ব্যৱহৃত পৈশাচী প্ৰাকৃত আৰু জৈন ধর্মগ্রন্থসমূহত ব্যৱহৃত জৈন মহাৰাষ্ট্ৰী, জৈন শৌৰসেনী, অর্ধমাগধী আদি ভাষা আৰু ইয়াৰ উপভাষাবোৰ সাহিত্যিক প্ৰাকৃতৰ স্তৰভুক্ত।

মধ্য-প্রাকৃত স্তৰৰ নিদর্শনসমূহ হ’ল—

১। অশ্বঘোষৰ প্ৰাচীন সংস্কৃত নাটৰ (শাৰীপুত্ৰ প্ৰকৰণৰ প্ৰাকৃতাংশ খ্ৰীষ্টীয় প্রথম শতিকা)। 

২। ভাৰতৰ নাট্যশাস্ত্ৰৰ ‘ধ্রুবা’ গীতসমূহ (খ্রীষ্টীয় তৃতীয় শতিকা)।

৩। ভাস-কালিদাসৰ পৰৱৰ্তী সংস্কৃত নাট্যকাৰসকলৰ নাটকত ব্যৱহৃত প্ৰাকৃতাংশ।

৪। অর্থ মাগধীত ৰচিত জৈন ধর্মশাস্ত্রসমূহ।

৫। মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত কাব্য পুথিসমূহ।

(গ) অন্ত্য স্তৰ বা অপভ্রংশ আৰু অবহটঠৰ স্তৰ (আনুমানিক খ্ৰীঃ ৬ষ্ঠ — খ্রীঃ ১০ম শতিকা): এই স্তৰটোক গ্ৰীয়াৰচনে ‘Late Prakrit’ বুলি আখ্যা দিছে। আকৌ ভাৰতীয় ব্যাকৰণবিদসকল ইয়াক অপভ্রংশ বুলি অভিহিত কৰিছে। খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ পিছৰ ভাৰতীয় ব্যাকৰণবিদসকলে সাহিত্যিক অপভ্ৰংশৰ বিষয়ে আলোচনা কৰোতে ইয়াৰ তিনিটা প্ৰধান উপভাষাৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল—

১। নাগৰক।

২। ব্ৰাচড়ক। আৰু

৩। উপনাগৰক।

গ্ৰীয়াৰচনে প্ৰত্যেকটো প্ৰাকৃতৰে পৰিৱৰ্তিত একোটাকৈ অপভ্রংশ থকা বুলি উল্লেখ কৰিছে। যেনে— শৌৰসেনী অপভ্রংশ, মাগধী অপভ্ৰংশ আদি। সুকুমাৰ সেনে আকৌ এই স্তৰটোকে প্রাচীন অপভ্রংশ আৰু অর্বাচীন অপভ্রংশ বা অবহট্ঠ নামে দুটি ভাগত ভাগ কৰিছে। সাহিত্যিক প্ৰাকৃতৰ পৰিৱৰ্তিত ৰূপটোক প্রাচীন অপভ্রংশ আৰু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ উদ্ভৱৰ পূর্বৰূপটোক অর্বাচীন অপভ্রংশ আৰু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ উদ্ভৱৰ পূৰ্বৰূপটোক অর্বাচীন অপভ্রংশ বা অবহট্ঠ বোলা হৈছে। অপভ্ৰংশত ৰচিত সাহিত্যৰ ধাৰা খ্ৰীষ্টীয় পঞ্চদশ শতিকা মানলৈকে চলি আছিল। এই স্তৰৰ সাহিত্যিক নিদর্শনসমূহ হ’ল—

১। জৈন ধৰ্মাৱলম্বীসকলৰ পৃষ্ঠপোষকতাৰ ৰচিত অলেখ অপভ্রংশ সাহিত্য। 

২। জৈন, শৈৱ, নাম, বৌদ্ধ সহজমান — বজ্রযান পন্থাৰ সাধকসকলৰ দ্বাৰা অৱহটঠ বা অর্বাচীন অপভ্রংশত ৰচনা কৰা নিজ নিজ ধৰ্ম সাধনৰ গীত পদ।

৩। ধর্মীয় আদর্শ বহির্ভূত অন্যান্য কাব্য।

২। অশোকৰ অনুশাসন বুলিলে কি বুজায় আলোচনা কৰা।

উত্তৰঃ মগধাধিপতি মহামতি অশোক নীতি ধৰ্মৰ শাসন প্ৰৱৰ্তনৰ প্ৰেৰণাৰে শিলাখণ্ড অথবা স্তম্ভৰ বুকুত খোদিত কৰোৱা বাণী বা উক্তিসমূহকে অশোকৰ অনুশাসন বোলা হয়। মৌর্য বংশীয় সম্রাট অশোক পিতাক বিন্দুসাৰৰ উত্তৰাধিকাৰী হিচাপে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হয়। এই সাম্ৰাজৰ আফগানিস্তানৰ পৰা দাক্ষিণাত্যৰ শেষ প্রান্তৰলৈকে বিয়পি আছিল। বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ লগেত অপ্রতিহত ক্ষমতা আৰু সামৰিক শক্তিৰ অধিকাৰী হৈছিল সম্রাট অশোক। বিশ্বৰ ৰাজনৈতিক ইতিহাসৰ সাম্ৰাজ্যবাদী শাসকসকলৰ পৰা অশোকো ব্যতিক্রম নাছিল।

আনুমানিক খ্রীষ্টপূর্ব ২৭৪ ত সম্রাট অশোক মগধৰ ৰাজপাটত উঠে। ইয়াৰ চাৰি বছৰৰ পিছত অর্থাৎ খ্রীষ্টপূর্ব ২৭০ ত তেওঁৰ অভিষেক উৎসৱ অনুষ্ঠিত হয়। অভিষেকৰ অষ্টম বছৰত খ্রীষ্টপূর্ব ২৬২ কলিংগ ৰাজ্য আক্ৰমণ কৰি জয় কৰে। কলিংগ আক্ৰমণৰ এই ঐতিহাসিক ঘটনাটো অশোকৰ জীৱন সন্ধিকাল আৰু অনুশাসনসমূহ সৃষ্টিৰ অন্তৰালত এই ঐতিহাসিক ঘটনাটো জড়িত হৈ আছে। অশোকে এই কলিংগ ৰাজ্য আক্ৰমণ কৰাৰ কাৰণ হ’ল তেওঁৰ সীমান্তৱৰ্তী আৰু সাম্ৰাজ্যৰ ভিতৰুৱা ৰাজ্যসমূহৰ লগত মৈত্রী সম্বন্ধ ৰক্ষা কৰি তেওঁ সাম্ৰাজ্যবাদী চৰিত্ৰ অক্ষত ৰখা। কিন্তু তেওঁৰ ৰাজধানীৰ কাষৰে সৰু ৰাজ্য কলিংগৰ লগত বন্ধুত্ব স্থাপন কৰিব পৰা নাছিল। আনকি কলিংগই ৰাজ্যই বিন্দুসাৰৰ দিনৰে পৰা মগধৰ সম্ৰাটৰ বশ্যতা স্বীকাৰ কৰা নাছিল। অশোকে তেওঁৰ ৰাজ্যৰ নিচেই কাষতে তেনে এখন স্বাধীন ৰাজ্য থকাটো সহ্য কৰিব পৰা নাছিল। দ্বিতীয়তে অশোকৰ সাম্ৰাজ্যৰ দক্ষিণ ভাৰতৰ লগত জল আৰু স্থলপথৰ সংযোগ কলিংগৰ মাজেদিয়েই কৰিব লগা হৈছিল। কলিংগৰ বিৰুদ্ধে হোৱা যুদ্ধত অশোকে কলিংগক প্রায় ধ্বংস কৰি পেলাইছিল। যুদ্ধত এক লাখ লোকৰ মৃত্যু হৈছিল, এক লাখ পঞ্চাশ হাজাৰ লোকক বন্দী কৰা হৈছিল। যুদ্ধৰ এনে ভয়াবহ পৰিণাম দেখি অশোকৰ মনত মৰ্মন্ত্তদ বেদনাৰ উদয় হৈছিল। তেওঁৰ মন ভাৰাক্ৰান্ত হৈ পৰে। এই ‘কলিংগ যুদ্ধ’ অশোকৰ জীৱনৰ প্ৰথম আৰু শেষ যুদ্ধ। তেওঁ ভৱিষ্যতে যুদ্ধ নকৰে বুলি প্রতিজ্ঞা কৰে। কলিংগ যুদ্ধৰ নৰ-ধ্বংস যজ্ঞৰ স্মৃতি তেওঁৰ মনত বহন কৰিবলৈ প্ৰায় আঢ়ৈ বছৰ কাল। শেষত এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে বুদ্ধদেৱৰ পৰৱৰ্তী ষষ্ঠ ধর্মগুৰু উপগুপ্তৰ ওচৰত দীক্ষা লয়।

তেওঁ বুদ্ধদেৱে প্ৰচাৰ কৰি যোৱা প্ৰেম, কৰুণা, অহিংসা আৰু মৈত্ৰীৰ ভাৱধাৰাৰে আত্মশুদ্ধি বাট বিচাৰি লয়। অশোকে বুজি পালে যে কেৱল অস্ত্ৰেৰে মানুহৰ মন জয় কৰিব নোৱাৰি অন্তৰে কৰা জয় ক্ষন্তেকীয়া। মানুহৰ মন জয় কৰিব লাগিব দয়া, ক্ষমা, প্রেম আদি মানৱীয় প্ৰমূল্যৰে আৰু এই জয়েই হৈছে স্থায়ী জয়। অশোকে কলিংগ যুদ্ধৰ ভয়াবহ স্মৃতিক বুদ্ধৰ কুশল কর্ম, মৈত্রী ভাৱনা, কৰুনা, অহিংসা আনি কল্যাণকামী আদর্শেৰে মচি পেলাবলৈ যত্ন কৰিছিল। সাম্ৰাজ্যৰ সাধাৰণ লোকক আৰু তেওঁৰ সাম্ৰাজ্যৰ দাতিকাষৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণকো সৎ-শুদ্ধ, পৰিশীলিত জীৱনবোধত অভিষিক্ত কৰিবলৈ বিচাৰিছিল। কাৰণ ভবিষ্যতে যাতে মানৱ সমাজ যুদ্ধ জয়ৰ নৃশংসতাৰ ওপৰত অথবা ক্ষমতা শাসনত প্ৰতিষ্ঠিত নহয়। মানৱ সমাজ প্রতিষ্ঠিত হ’ব নীতি আৰু ধৰ্মৰ শাসনৰ ওপৰত। এনেবোৰ উদ্দেশ্যৰে অশোকে তেওঁৰ সাম্ৰাজ্যৰ সীমান্তৱৰ্তী স্থানসমূহত পাহাৰৰ বুকুত, ডাঙৰ শিলৰ ওপৰত, সাম্ৰাজ্যৰ মধ্যৱর্তী প্রধান স্থানসমূহত, সৰু শিলাখণ্ডৰ ওপৰত, প্রধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম্ভ প্রতিষ্ঠা কৰি তাৰ বুকুত জনসাধাৰণৰ কৰিবলগীয়া আৰু পালন কৰিবলগীয়া নীতি আৰু আদর্শমূলক নানা কথা খোদিত কৰাইছিল। নীতি ধৰ্মৰ শাসন প্ৰৱৰ্তনৰ প্ৰেৰণাৰে খোদিত কৰোৱা অশোকৰ এই বাণী বা উক্তিসমূহকেই অশোকৰ অনুশাসন বোলা হয়। অশোকে খোদিত কৰোৱা সকলোবোৰ লিপিয়েই অনুশাসনমূলক নাছিল। তথাপি, অশোকে খোদিত কৰোৱা অধিকাংশ লিপিতে জনসাধাৰণে কৰিব লগা আৰু পালন কৰিব লগা কর্তব্যৰ ঘোষণা বা সকীয়নি থকাৰ কাৰণে আটাইবোৰ লিপিকে অনুশাসন বোলা হয়।

৩। অশোকৰ অনুশানমালাক কেইটা আৰু কি কি শ্ৰেণীত ভাগ কৰা হৈছে? প্ৰতিটো বিষয়ে আলোচনা কৰা। 

উত্তৰঃ অশোকৰ অনুশাসনৰ প্ৰাপ্তিস্থান আৰু পৰিৱেশনৰ প্ৰতি লক্ষ্য কৰি অশোকৰ অনুশাসনমূলক চাৰিটা ভাগত ভাগ কৰা হৈছে— 

(ক) বৃহৎ শিল্পানুশাসন বা শিলানুশাসন।

(খ) ক্ষুদ্র শিলানুশাসন।

(গ) স্তন্তানুশাসন।

(ঘ) গুহালিপি।

(ক) বৃহৎ শিলানুশাসন ( Rock Edicts): অশোকে তেওঁৰ সাম্ৰাজ্যৰ সীমান্তৱর্তী অঞ্চলসমূহত পাহাৰৰ ডাঙৰ শিলৰ বুকুত এই শ্ৰেণীৰ অনুশাসনসমূহ খোদিত কৰাইছিল। পাহাৰৰ বুকুৰ বৃহৎ শিলত খোদিত কৰোৱা বাবে আন ক্ষুদ্র শিলাখণ্ডৰ অনুশাসনৰ পৰা পৃথক কৰিবলৈ ‘বৃহৎ শিলানুশাসন’ নামকৰণ কৰা হৈছিল। এই শ্ৰেণীৰ অনুশাসন খোদিত কৰোৱাৰ উদ্দেশ্য হ’ল অশোকৰ ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণে আৰু প্ৰতিবেশী ৰাজ্যৰ প্রজায়ো যাতে অশোকৰ আদৰ্শ আৰু ঘোষণা অনুধাৱন কৰিব পাৰে। বৃহৎ শিলানুশাসনসমূহৰ প্ৰাপ্তিস্থানবোৰ হ’ল―

১। উত্তৰ-পশ্চিম সীমান্তৰ হাজাৰ জিলাৰ মানসেহৰা আৰু পেছোৱাৰৰ ওচৰৰ শাহবাঝগঢ়ী।

২। পশ্চিম সীমান্তৰ আৰৱ সাগৰৰ তীৰৰ মহাৰাষ্ট্ৰৰ থানে জিলাৰ সোপৰা আৰু গুজৰাটৰ জুনাগড় অঞ্চলৰ গিৰনাৰ।

৩। উত্তৰ সীমান্তৰ উত্তৰ প্ৰদেশৰ ডেৰাডুন জিলাৰ মৌচুমীৰ ওচৰৰ কালছী।

৪। দক্ষিণৰ অন্ধ্ৰপ্ৰদেশৰ য়েৰাৰগুড়ি। 

৫। দক্ষিণ-পূর্ব সীমান্তৰ বংগোপসাগৰৰ পাৰৰ বৰ্তমান ওডিচা প্ৰদেশৰ পুৰী আৰু গজ্ঞাম জিলাৰ ক্ৰমে ধৌলী আৰু জৌগড়।

বৃহৎ শিল্পানুশাসনসমূহ মুঠ চৈধ্যখন সৰু-ডাঙৰ লিপিৰ সমষ্টি। বৃহৎ শিল্পানুশাসনসমূহৰ বিষয়বস্তু হ’ল― জীৱ হত্যা বাৰণ কৰা, সামাজিক উৎসৱাদি নিষিদ্ধকৰণ, চিকিৎসা আদি জনহিতকৰ কাৰ্যৰ ব্যৱস্থা কৰা, সাধু ব্যৱহাৰেৰে ধৰ্ম গুৰুৰ উৎকৰ্ষ সাধন কৰা, ধৰ্ম ৰক্ষাৰ্থে বিবিধ শ্ৰেণীৰ বিষয়া নিয়োগ কৰা, আন ধৰ্মৰ প্ৰতি সহিষ্ণু হোৱা, সমাজৰ সকলো সম্প্ৰদায়ৰ জনসাধাৰণৰ লগত শান্তিপূর্ণ সহ অবস্থানেৰে হটিদয়তা স্থাপন কৰা। 

(খ) ক্ষুদ্র শিলানুশাসন (Small Rock Edicts): এই শ্ৰেণীৰ শিলানুশাসনসমূহ অশোকৰ সাম্ৰাজ্যৰ মধ্যভাগ আৰু দক্ষিণ অংশত প্ৰধানকৈ পোৱা গৈছে। জনসাধাৰণৰ সহজে দৃষ্টিগোচৰ হোৱা তীর্থস্থান বা ধর্মস্থান, উদ্যান বা বেছি জনসমাগম হোৱা ঠাইত এটা শিল নির্বাচন কৰি তাৰ বুকুত খোদিত কৰা হৈছিল। লিপিসমূহ আকাৰত সৰু বাবেই বৃহৎ শিলানুশাসনসমূহ পৰা পৃথককৈ দেখুৱাবলৈ ‘ক্ষুদ্র’ নামকৰণ কৰা হৈছে।

এইসমূহৰ প্ৰাপ্তিৰ স্থান হ’ল―ৰাজস্থানৰ বিৰাট, হায়দৰাবাদৰ গৱীমৰ্ব, মসকী, পাল্কী,গুণ্ডু, য়েৰৰাগুৰি ৰাজুল মণ্ডগিৰি আৰু বিন্ধ্য প্ৰদেশৰ গুজাৰৰা, মধ্যপ্ৰদেশৰ ৰূপনাথ, বিহাৰৰ চাছাৰাম কৰ্ণাটকৰ বঙ্গগিৰি জাটিৱগ ৰামেশ্বৰ সিদ্ধপুৰ।

ক্ষুদ্ৰ শিলানুশাসনসমূহৰ বিষয় হ’ল এনেধৰণৰঃ ১ নং ক্ষুদ্র অনুশাসন বিষয়বস্তু— অশোক বুদ্ধৰ উপাসক হোৱা, সংঘত অন্তৰ্ভুক্ত হোৱা, ধর্মাচাৰণ ক্ষুদ্ৰ আৰু মহৎ (ৰজা-ৰাণী) সকলে শ্ৰেণীৰ লোকৰ কাৰণে অবাৰিত বুলি কোৱা।

২ নং ক্ষুদ্র অনুশাসনৰ বিষয়বস্তু— পিতৃ-মাতৃক সেবা শুশ্রূষা কৰা, সকলো প্ৰাণীৰ প্ৰাণ ৰক্ষার্থে দৃঢ় সংকল্প হোৱা, সত্য কথা কোৱা, ধৰ্ম গুণৰ উৎকৰ্ষ সাধন কৰা ইত্যাদি।

(গ) স্তম্ভানুশাসন (Pillar Edicts): সম্রাট অশোকে শিলৰ একোটা স্তম্ভ নিৰ্মাণ কৰি তাৰ বুকুত জনসাধাৰণৰ কৰণীয় আৰু পালনীয় নানা আদর্শমূলক কথা খোদিত কৰোৱাইছিল।

শিলৰ স্তম্ভবোৰৰ শীৰ্ষস্থানত বিভিন্ন বৌদ্ধ প্রতীক প্ৰতিষ্ঠা কৰাই ‘ধর্ম’ বিজয় ঘোষণা কৰিছিল। এইধৰণৰ স্তম্ভ নিৰ্মাণ অশোকৰ এক উদ্ভাৱনা। বিষয়বস্তু অনুসৰি স্তম্ভানুশাসনক পাঁচটা ভাগত ভগাব পাৰি―

১। সাতখন একে জাতীয় অনুশাসন।

২। সংঘভেদ অনুশাসন। 

৩। সম্রাজ্ঞীৰ অনুশাসন।

৪। লুম্বিনী স্তম্ভলিপি।

৫। নিগালী সাগৰ স্তম্ভলিপি।

এই স্তম্ভানুশাসন সাম্ৰাজ্যৰ মধ্যভাগৰ প্ৰধান স্থানসমূহত প্ৰতিষ্ঠা কৰা হৈছিল। লিপিহীন স্তম্ভ আৰু লিপিযুক্ত স্তম্ভ — এই দুই প্ৰকাৰৰ স্তম্ভ পোৱা যায়।

(ঘ) গুহালিপি (Cave Inscription): সম্রাট অশোকে পাহাৰৰ বুকুত অৱস্থিত গুহাৰ মুখৰ শিলত কেতবোৰ লিপি খোদিত কৰাইছিল। এইবোৰত জনসাধাৰণে কৰণীয় বা পালনীয় কোনো নির্দেশনা নাই। এইবোৰ কিছুমান ঘটনাৰ স্মাৰকহে মাথো।

বিহাৰৰ গয়া জিলাৰ কৰাবৰ পাহাৰৰ বুকুত কেইটামান গুহাৰ সন্মুখৰ শিলত এই লিপি খোদিত কৰোৱা হৈছিল। 

গুহানুশাসনৰ সংখ্যা মাত্ৰ তিনিখন। লিপি কেইখন তেনেই সৰু।

এই লিপি কেইখনত পোৱা যায় যে সম্রাট অশোকে ‘আজীৱক’ নামৰ ধর্মসম্প্ৰদায়ৰ সন্ন্যাসীসকলক এই গুহাকেইটা উৎসর্গ কৰিছিল।

সৰু লিপি হ’লেও এই লিপি তিনিখনৰ তাৎপৰ্য আছে, কিয়নো ইয়াৰ মাজেদি অশোকৰ ধৰ্মীয় সহিষ্ণুতা আৰু অন্য ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ উদাৰ মনোভাৱৰ পৰিচয় পাব পাৰি।

৪। অশোকৰ অনুশাসনৰ ভাষাগত বৈশিষ্ট্যবোৰ আলোচনা কৰা। 

উত্তৰঃ অশোকৰ অনুশাসনসমূহ ভাষাৰ দৃষ্টিৰেও অধিক গুৰুত্বপূর্ণ। আধুনিক ভাৰতীয় আর্য ভাষাৰ ক্ৰমবিকাশ অশোকৰ অনুশাসনৰ ভাষাৰ মাজেদি অনুধাৱন কৰিব পাৰি। সম্রাট অশোকে তেওঁৰ অনুশাসনসমূহ তৎকালীন সমাজত প্ৰচলিত প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰিৱৰ্তিত ৰূপটোত লিখাইছিল। ভাৰতীয় আর্য ভাষাৰ মধ্যস্তৰ বিৱর্তন আনুমানিক খ্রীষ্টপূর্ব ষষ্ঠ শতিকা বুলি ধৰা হয় যদিও খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা অশোকৰ সময়লৈ কোনো লিখিত নিদর্শন পোৱা নগৈছিল। অশোকৰ অনুশাসনেই হ’ল মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম লিখিত নিদর্শন। অশোকৰ সময়ৰ আগেয়েই ভাৰতীয় আর্য ভাষাই পৰিবৰ্তনৰ গতি প্ৰবাহৰ ফলত পাঁচটা আঞ্চলিক ৰূপত আত্মপ্রকাশ কৰিছিল। সেইকেইটা হ’ল—

(ক) উত্তৰ পশ্চিমা।

(খ) পশ্চিমা।

(গ) দক্ষিণী।

(ঘ) মধ্যদেশীয় বা প্রাচ্য-মধ্যা।

(ঙ) প্রাচ্যা।

অশোকৰ অনুশাসনৰ অন্যতম লক্ষণীয় বৈশিষ্ট্য হ’ল যে উত্তৰ-পশ্চিমা আৰু পশ্চিমা আঞ্চলিক ৰূপ দুটাৰ ভাষা অধিক প্রাচীন ধর্মী অর্থাৎ প্রাচীন স্তৰৰ বৈদিক সংস্কৃতৰ ওচৰ চপা। প্রাচ্য-মধ্যা আৰু প্ৰাচ্যা আঞ্চলিক ৰূপ দুটা বেছি সৰলগামী। এই দুই আঞ্চলিক ৰূপৰ ভাষাত পৰিৱৰ্তন অধিক হোৱাৰ কাৰণ পূৱ আৰু মধ্য অঞ্চলক ব্ৰাহ্মণ্য সংস্কৃতিয়ে বেছি প্ৰভাৱান্বিত কৰিব পৰা নাই, দ্বিতীয়তে এই অঞ্চল বৌদ্ধ-জৈন ধৰ্মৰ লীলাভূমি আৰু লগতে বিভিন্ন আৰ্যভিন্ন ভাষাৰ বানভূমি হোৱা বাবে আৰ্যভিন্ন ভাষাৰ প্রভাৱ এই আঞ্চলিক ৰূপত পৰিছিল। অশোকৰ অনুশাসনত দেখা দিয়া আঞ্চলিক ৰূপৰ পৰা এই কথা অনুমান কৰিব পাৰি যে খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পূর্বেই ভাৰতীয় আর্য ভাষাই পৰিৱৰ্তনৰ গতি প্রবাহত বিভিন্ন উপভাষিক বৈচিত্ৰ্য্যৰে ভাৰতৰ বিভিন্ন অঞ্চলত আত্মপ্রকাশ কৰিছিল আৰু পৰৱৰ্তী কালত সাহিত্যিক প্রাকৃতবোৰৰ উদ্ভৱ হৈছিল। তলত অশোকৰ অনুশাসনৰ কেতবোৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

অশোকৰ অনুশাসনৰ সকলোতে প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ অৰ্থ-ব্যঞ্জন কেইটাৰ বিলুপ্তি ঘটিল। এই অর্ধ-ব্যঞ্জনকেইটা হ’ল― ঋ, ঋ্,৯, ৯৯। ঋ ধ্বনিটো অৱশ্যে অ, ই, ঔ বা ৰ ধ্বনিটো পৰিবৰ্তন হ’ল।

উদাহৰণঃ ঋ > অ; মৃগঃ > মগো (১ নং গিৰনাৰ)

ঋ > ই; মৃগ > ম্ৰিগে (মানসেহৰা)

বৃক্ষাঃ > ব্ৰচা

যৌগিক স্বৰ ঐ > এ আৰু ঔ > ও হৈছে।

উদাহৰণঃ ঐ > এ; কৰ্ময়ে > ক্রংময়ে (শাহবাঝগঢ়ী)

ঔ ৰ ঠাইত কেতিয়াবা ই অথবা এ-ৰ প্ৰয়োগ লক্ষ্য কৰা যায়। 

যেনে— দ্বৌ > দুবি, দ্বৌ > দুৱে (ধৌলী, জৌগঢ়)

অয় আৰু অৱ-ৰ কোনো কোনো আঞ্চলিক ৰূপত থাকি গৈছে আৰু কেতবোৰ আঞ্চলিক ৰূপত ক্রমে এ আৰু ও হৈছে। যেনে—

আজ্ঞাপয় > অণপয়

ভৱতি > ভৱতি, হোতি

পদান্ত অঃ > ও অথবা এ হৈছে

যেনে— সঃ > সো

সঃ > সো, সে

সংযুক্ত ব্যঞ্জনৰ পূৰ্বৱৰ্তী দীর্ঘস্বৰ হ্ৰস্থ হোৱাৰ প্ৰৱণতাই দেখা দিছে।

উদাহৰণঃ কীৰ্ত্তি > কিট্টি

কীৰ্ত্তি > কিতী

ক্ষ > খ,ছ হোৱা দেখা যায়।

উদাহৰণঃ ক্ষুদ্র > খুদ, খুদ্ৰ

স্বৰমধ্যস্থিত অঘোষ ব্যঞ্জন সঘোষ ব্যঞ্জনলৈ ৰূপান্তৰিত হৈছে। যেনে— লোক > লোগ ঋ-ৰ প্ৰভাৱত দ্বন্ত্যবৰ্ণ মুধন্যভৱন হোৱাৰ লক্ষণ দেখা যায়। উদাহৰণ – কর্তব্য > কটব পদান্ত ব্যঞ্জন লোপ পোৱাৰ প্ৰৱণতা দেখা যায়। উদাহৰণঃ স্যাৎ > সিয়, সিয়া 

শ, ষ, স ৰ  পার্থক্য উত্তৰ-পশ্চিমা আঞ্চলিক ৰূপত ৰক্ষা কৰা হৈছে। যেনে— প্ৰিঅদ্ৰশি, পশ্চিমাত কেৱল, ‘স’ হে ব্যৱহাৰ হয়। অৱশ্যে প্ৰাচ্য-মধ্যাত ‘শ’ৰ ব্যৱহাৰ আছে।

‘ৰ’ যুক্ত আৰু ‘স’ যুক্ত ব্যঞ্জন অপৰিৱৰ্তিতভাৱে ৰক্ষিত হোৱাৰ উপৰিও অন্যান্য সংযুক্ত ব্যঞ্জনৰো বিশেষ পৰিৱৰ্তন হোৱা নাই। যেনে— ক্রম, অগ্র, পুত্র। 

ৰেফ্ যুক্ত সংযুক্তবোৰ লুপ্ত বা লুপ্ত নোহোৱাকৈ আছে। যেনে— সর্ব > সব, সর্বত্র > সর্বত্র, সর্ব> সব্ৰ।

অশোকৰ অনুশাসনত এনেবোৰ উমৈহতীয়া বৈশিষ্ট্য থকাৰ উপৰিও প্ৰতিটো আঞ্চলিক ৰূপৰে কেতবোৰ নিজা নিজা বৈশিষ্ট্য থকা দেখা যায়। তথাপি বৃহৎ শিলানুশাসনসমূহৰ ভাষাকহে ভাষাতাত্ত্বিক বিশ্লেষণৰ আধাৰ হিচাপে লোৱা হয়, কাৰণ এই অনুশাসনবোৰৰ মাজত সীমান্তৱৰ্তী অঞ্চলসমূহৰ ভাষিক ৰূপৰ প্ৰতিফলন বেছিকৈ লক্ষ্য কৰা যায়। যিবোৰ আঞ্চলিক ভাষা বৈশিষ্ট্যই অনুশাসনসমূহত আত্মপ্ৰকাশ কৰিছিল তাৰ অধিকাংশই পৰৱৰ্তী পালি-প্ৰাকৃত স্তৰত সাধাৰণ বৈশিষ্ট্য হিচাপে বৰ্তি থাকিল।

৫। অশোকৰ ১ নং আৰু ২ নং গিৰনাৰ অনুশাসনৰ অসমীয়া ভাঙনি উল্লেখ কৰা। 

উত্তৰঃ অশোকৰ ১ নং গিৰনাৰ অনুশাসনৰ মূল পাঠঃ ইয়ং ধংম লিপী দেৱানংপ্রিয়েন প্রিয়দসিনা ৰাঞা লেখাপিতা। ইধ ন কিংচি জীবং আৰভিতপা প্রজুহিতব্যং। ন চ সমাজো কর্তব্যে। বহুকং হি দোসং সমাজমহি পসতি দেৱান প্ৰিয়ো প্ৰিয়কসি ৰাজা।

অস্তি পি তু একসা সমাজো সাধুমতা দেৱানংপ্ৰিয়স প্রিয়দসিনো ৰাঞো।

পুৰা মহানসম্‌হি দেৱানংপ্ৰিয়ম প্রিয়দসিনো ৰাঞো অনুদিৱসং বহুনি প্রাণ সত-সহস্ৰানি আৰভিসু সুপাযায়। সে অজ য়দা অয়ং ধংম লিপি লিখিতা, তী এৱ প্ৰাণা আৰ্ভৰে সুপাযায় দ্বো মোৰা, একো মগো, সো পি মগো ন ধ্রুৱো। এতে পি ত্ৰী প্ৰাণা পছা ন আৰভিসৰে।

অসমীয়া ভাঙনিঃ এই ধৰ্মলিপি দেৱতাসকলৰ প্ৰিয় প্রিয়দর্শী ৰজাৰ দ্বাৰা লিখোৱা হৈছে। ইয়াত কোনো জীৱ বলি দিয়া উচিত নহয়। কোনো সমাজ অর্থাৎ মেলা উৎসৱাদিও অনুষ্ঠিত কৰা নহয়। প্রিয়দর্শী ৰজাই মেলা উৎসৱাদিত বহুতো দোষ দেখিবলৈ পাইছে। অৱশ্যে এনে একোবিধ মেলা উৎসৱ আছে, যাক প্রিয়দর্শী ৰজাই ভাল বুলিয়েই ভাৱে। আগতে দেৱতাসকলৰ প্রিয় প্রিয়দর্শী ৰজাৰ ৰন্ধনশালত ব্যঞ্জনৰ বাবে প্ৰতিদিনে বহু শত সহস্ৰ প্ৰাণী বধ কৰা হৈছিল। এতিয়া এই ধর্মলিপি লিখোৱাৰ সময়ত মাত্ৰ তিনিটা প্ৰাণীহে বধ কৰা হয়— দুটা ম’ৰা আৰু এটা মৃগ; মৃগটো সদায়ে বধ কৰা নহয়। পাচলৈ এই তিনিটা প্ৰাণীও বধ কৰা নহ’ব।

অশোকৰ ২ নং গিৰনাৰ অনুশাসনৰ মূল পাঠঃ ‘সর্বত ৱিজিতম্‌হিদেৱানংপ্রিয়স প্রিয়দসিনো ৰাঞো এৱমপি প্ৰচংতেসু যথা চোড়া পাডা সতিয়পুতো কেতলপুতো আ তংবপংণী অংতিয়কো যোন ৰাজা যে ৱা পি তস অংতিয়কম সামীপ। ৰাজানো সৱত্ৰ দেৱানং প্রিয়ম প্রিয়সিনো ৰাঞো দ্বে চিকীছ কতা-মানুস-চিকীছা চ, পসু চিকীছা চ। মূলানি চ ফলানি চ যত যত নাস্তিস সৰ্বত্ৰ হাৰাপিতানি চ ৰোপাপিতনি চ। পংথেসু, কৃপা, চ খানাপিতা, ব্ৰছা চ ৰোপাপিতা পৰিভোগায় পসু মূনুসানং।

অসমীয়া অনুবাদঃ দেৱতাসকলৰ প্ৰিয় প্রিয়দর্শী ৰজাৰ দ্বাৰা বিজিত ৰাজ্যৰ সকলোতে আৰু সীমান্তৱর্তী চোল, পাণ্ডা, সতিয়পুত্ৰ, কেৰলপুত্ৰৰ ৰাজ্যৰ পৰা তাম্ৰপৰ্ণী ৰাজ্য পর্যন্ত, যৱনৰাজ অন্তিয়কৰ ৰাজ্য আৰু অন্তিয়কৰ ৰাজ্যৰ সমীপৱৰ্তী আন ৰাজ্যবোৰৰো সকলোতে ৰজা প্রিয়দর্শীয়ে দুই প্রকাৰৰ চিকিৎসাৰ ব্যৱস্থা— কৰিছে মানুহৰ চিকিৎসা আৰু পশু চিকিৎসা মানুহ আৰু পশুৰ উপযোগী ঔষধ যি যি ঠাইত নাই, সেই সকলো ঠাইলৈ সলোৱা হৈছে আৰু ৰোৱা হৈছে। মূল আৰু ফলসমূহ (অর্থাৎ ঔষধি গছ আৰু গুটিসমূহ) যি যি ঠাইত নাই সকলো ঠাইলৈ আনোৱা হৈছে আৰু ৰোৱা হৈছে। পশু আৰু মানুহৰ উপভোগৰ কাৰণে পথত কুঁৱা খন্দোৱা হৈছে আৰু গছ ৰোৱা হৈছে।

৬। কালচী অনুশাসন অনুযায়ী প্রাচ্যা-মধ্যা উপভাষাৰ প্ৰধান বিশেষত্বসমূহ উল্লেখ কৰা।

উত্তৰঃ কালচী অনুশাসন অনুযায়ী প্রাচ্য-মধ্যা উপভাষাৰ প্ৰধান বিশেষত্বসমূহ হ’ল— 

(ক) ৰ-ধ্বনি নিয়মিতভাৱে ‘ল’-ত পৰিবর্তন হয়, যেনে- ৰাজ্ঞা > লাজিনা, কৰোতি > কলেতি ইত্যাদি।

(খ) উষ্মধ্বনিৰ ভিতৰত ‘স’-ৰ ব্যৱহাৰেই অধিক যদিও শ ষ-ৰ ব্যৱহাৰো লক্ষ্য কৰা যায় আৰু এই ক্ষেত্ৰত উত্তৰ-পশ্চিমা উপভাষাৰ লগত মিল আছে। অৱশ্যে শ, ষ-ৰ ব্যৱহাৰ উত্তৰ পশ্চিমাৰ দৰে নিয়মীয়া নহয় আৰু শব্দৰ বানানৰো পাৰ্থক্য ৰক্ষা কৰা নাই, মাত্ৰ ব্যৱহাৰ হৈছে। সেই কাৰণে একেটা শব্দ ‘স’ বা ‘ষ’ বা ‘শ’ যুক্ত হৈ ব্যৱহাৰ হোৱা দেখা গৈছে, যেনে— দ্বাদশ > দুৱাডশ, দুৱাডশ, মনুষ্য > মনুশ, মনুষ, মনুস। অধিকাংশ ক্ষেত্ৰতে স-ৰ ব্যবহাৰহে হৈছে, যেনে— দর্শন > দসন, দশ > দস ইত্যাদি। এনে সত্ত্বেও প্রাচ্য বা পশ্চিমা উপভাষাত ব্যৱহাৰ নথকা শ, ষ-ৰ ব্যৱহাৰ হোৱাতো এই উপভাষাৰ অন্যতম বৈশিষ্ট্য বুলি গণ্য কৰিব পাৰি। 

(গ) ণ আৰু ন-ৰ ভিতৰত কেৱল ন’ ৰক্ষিত হৈছে।

(ঘ) ক্ষ–’খ’ত পৰিবৰ্তন হৈছে, যেনে— মোক্ষ > মোখ, ক্ষুদ্র > খুদ।

(ঙ) ৰ আৰু স-যুক্ত ব্যঞ্জনসমূহ সমীভূত হৈ একক ব্যঞ্জনত পৰিণত হৈছে, যেনে— প্রজা > পজ, ব্রাহ্মণ > বংভন, ক্রম > কম, হস্তি > হথি, অষ্ট > অঠ ইত্যাদি।

অন্যান্য সংযুক্তবোৰ বিভিন্ন ধৰণেৰে পৰিবৰ্তন হৈছে, যেনে— জ্ঞা > ন, ঙভ ঙচ ন, ন্য > অনুস্বাৰ অথবা ন, যেনে- ৰাজ্ঞা > লাজিনা, ব্রহ্মাণ > বংভন, পঞ্চ > পংচ, ব্যঞ্জন > বিয়াংজন, হিৰণ্য > হিংলন ইত্যাদি।

(চ) বিসর্গযুক্ত পদান্ত ‘অ’ এ-কাৰত পৰিণত হৈছে, কিন্তু বিসর্গহীন পদান্ত ‘অ’ ‘আ’ হৈছে, যেনে— জনঃ > জনে, কিন্তু অথ > অথা, পদমধ্যৱর্তী ও-কাৰ কেতিয়াবা এ-কাৰত পৰিণত হোৱা দেখা যায়, যেনে— কৰোতি > কলেতি।

(ছ) ই-ৰ প্ৰভাৱত তালব্যীভূত ৰূপ অর্থাৎ য়-ৰ আগম এই উপভাষাৰ অন্যতম বৈশিষ্ট্য, যেনে— কলিংগ > কলিগ্য, স্থিতক > ঠিতিকা, জ্ঞাতিক > নাতিক্য ইত্যাদি। 

(জ) অদিস্থিত একক ‘ভ’হ’-ত পৰিণত হৈছে, যেনে— ভৱতি > হোতি।

ধ্বনিগত পৰিৱৰ্তন যিমান সেই অনুপাতে ৰূপগত পৰিৱৰ্তন লক্ষ্য কৰা নাযায়, অন্যান্য উপভাষাৰ দৰেই ৰূপগত পৰিৱৰ্তন হৈছে। তথাপিতো শব্দৰূপৰ ক্ষেত্ৰত অ-কাৰান্ত পুংলিংগৰ একবচনত ‘এ’, সপ্তমীৰ পুংলিংগৰ একবচনত ‘-সি’ আদি উত্তৰ-পশ্চিমা বা পশ্চিমা উপভাষাত নোপোৱা দুই-এটা বৈশিষ্ট্য আছে, অৱশ্যে এইবোৰৰ ক্ষেত্ৰত প্ৰাচ্য-মধ্যা আৰু প্ৰাচ্যা সমধর্মী।

(গ) পালিঃ অপপমাদ বগ্গ ১-৫

(ধম্মপদ)

অতি চমু প্রশ্নোত্তৰঃ

১। পালিৰ উৎপত্তি ক’ত?

উত্তৰঃ প্ৰাচীনতম প্ৰাকৃতৰ পৰা।

২। পালি ভাষা আৰু সাহিত্যৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? 

উত্তৰঃ বৌদ্ধমত হীনযান পন্থৰ থেৰবাদী বা স্থবিৰবাদীসকলৰ পৃষ্ঠপোষকতা আৰু চৰ্চাৰ জৰিয়তে পালি ভাষা আৰু সাহিত্যৰ বিকাশ সাধন হৈছিল।

৩। পালি কোনসকল লোকৰ ভাষা বুলি কোৱা হয়? 

উত্তৰঃ হীনযান বৌদ্ধাৱলম্বীসকলৰ ধৰ্মশাস্ত্ৰৰ ভাষা বুলিব পাৰি।

৪। পালি ভাষাৰ উৎপত্তিৰ সময় কিমান? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দ্বিতীয় শতাব্দী পর্যন্ত। 

৫। পালি ভাষাত ৰচিত প্রাচীনতম গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ‘ধৰ্ম্মপদ’। 

৬। বৌদ্ধ ধৰ্মৰ দ্বিতীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ ত্রিপিটকৰ মুণ্ডপিতকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ অন্যতম দ্বিতীয় গ্রন্থ।

৭। বৌদ্ধ ধৰ্মৰ গ্ৰন্থ খুদ্দক নিকায়ৰ বিষয়বস্তু কেইটা বগগত বিভক্ত? 

উত্তৰঃ ২৬ (চাব্বিশ) টা বগগত বিভক্ত। 

৮। ধম্মপদ গ্রন্থখনিত মুঠ কিমান গাথা অন্তর্ভুক্ত?

উত্তৰঃ ৪২৩ টা গাখা।

৯। ‘ধম্মপদ’ কোন গ্ৰন্থৰ অন্তৰ্গত?

উত্তৰঃ ধৰ্ম্মপদ পালি ভাষাত ৰচিত গ্ৰন্থ ত্রিপিটকৰ’ অন্তর্গত।

১০। ধৰ্ম্মপদৰ তৃতীয়টো বগ্‌গৰ নাম কি?

উত্তৰঃ চিত্তবগগ।

১১। ‘ধৰ্ম্মপদৰ’ ষষ্ঠ বগ্‌গৰ নাম কি?

উত্তৰঃ পণ্ডিত বগগ।

১২। ত্রিপিটক কি?

উত্তৰঃ বৌদ্ধসকলৰ মূল ধর্মশাস্ত্ৰৰ ‘বিনয়’, ‘সুত্ত’ আৰু ‘অভিধম্ম’— এই তিনিখন পিটকৰ সমষ্টিক একেলগে ‘ত্রিপিটক’ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top