Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Question Answer can be of great value to excel in the examination.
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা
ASSAMESE
ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা
অতি চমু প্রশ্নোত্তৰঃ
১। ‘নর্দিক’ শব্দটোৱে কোনটো জনগোষ্ঠীক বুজায়?
উত্তৰঃ আর্য।
২। ড° বাণীকান্ত কাকতিয়ে ‘কামৰূপ’ শব্দটো কোন ভাষাৰ পৰা অহা বুলি ঠাৱৰ কৰিছে?
উত্তৰঃ অষ্ট্ৰিক।
৩। ‘অসমীয়া জতিৰ ইতিবৃত্ত’ পুথিখনৰ সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ ভুবনমোহন দাস।
৪। ‘গৌৰৱময় অসম’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ ৰাজমোহন নাথ।
৫। ‘পৱিত্ৰ অসম’ কাৰ ৰচনা?
উত্তৰঃ মহেশ্বৰ নেওগ।
৬। সংস্কৃত তালব্য স্পর্শ ব্যঞ্জনসমূহ অসমীয়াত কি ধ্বনি ৰূপে উচ্চাৰিত হয়?
উত্তৰঃ দন্ত্যমূলীয় উষ্মৰূপে।
৭। “অষ্টাধায়ী” কেইটা অধ্যায়ত বিভক্ত?
উত্তৰঃ আঠটা অধ্যায়ত।
৮। চাৰিবেদৰ ভিতৰত সর্বপ্রাচীন বেদ কোনখন?
উত্তৰঃ ঋকবেদ।
৯। “অষ্টাধায়ীৰ ৰচক কোন?
উত্তৰঃ পাণিনি।
১০। ‘প্রাকৃত প্রকাশ’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ প্ৰাকৃত বৈয়াকৰণিক বৰৰুচিয়ে।
১১। প্রাকৃত বৈয়াকৰণিকসকলে সাহিত্যিক প্ৰাকৃতৰ কোনটো প্ৰাকৃতক শ্ৰেষ্ঠ আখ্যা দিছে?
উত্তৰঃ মহাৰাষ্ট্ৰী প্রাকৃতক।
১২। ভাৰতীয় আর্যভাষাৰ প্ৰাচীনতম সাহিত্যিক ৰূপ কি ভাষাত পোৱা যায়?
উত্তৰঃ বৈদিক (ঋক বেদৰ ভাষাত)।
১৩। মহাৰাষ্ট্ৰীয় প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা মহাৰাষ্ট্ৰী অপভ্ৰংশৰ কোনটো ভাষাৰ উদ্ভৱ হৈছে?
উত্তৰঃ মাৰাঠী ভাষাৰ।
১৪। মাৰাঠী ভাষাৰ প্ৰাচীনতম গ্রন্থ কি?
উত্তৰঃ জ্ঞানদেৱৰ ‘জ্ঞানেশ্বৰী’ (১২৯১)।
১৫। ‘স্ক্রীস্ত পুৰাণ’ কিমান চনত ছপা হৈ ওলায়?
উত্তৰঃ ১৬১৬ চনত।
১৬। স্ক্ৰীস্ত পুৰাণ’ কোনে লিখিছিল?
উত্তৰঃ গোৱাৰ ইংৰাজী পাদুৰী ষ্টিভেনছে।
১৭। ‘মুখাবৰোধ উক্তিক’ কি বিষয়ক গ্রন্থ?
উত্তৰঃ সংস্কৃত ব্যাকৰণ বিষয়ক।
১৮। বাংলা সাহিত্যৰ প্ৰাচীন নিদর্শন কি?
উত্তৰঃ মংগল কাব্য, বৈষ্ণব পদাৱলী আদি।
১৯। উড়িয়া ভাষা কোন ঠাইত প্রচলিত।
উত্তৰঃ উৰিষ্যাত।
২০। অপভ্রংশ শব্দটোৰ প্ৰয়োগ পোন প্ৰথমে ক’ত পোৱা যায়।
উত্তৰঃ পতঞ্জলিৰ ‘মহাভাষ্যত (খ্রীঃ পূর্ব প্রথম শতিকা)।
২১। ‘সংস্কৃত শাস্ত্র জনাসকলৰ শুদ্ধ ভাষা’ বুলি কোনে মন্তব্য কৰিছে?
উত্তৰঃ পতঞ্জলিয়ে।
২২। মাগধী ভাষাত প্ৰধানকৈ কোনটো ধ্বনিৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে দেখা যায়?
উত্তৰঃ মাগধী ভাষা প্ৰধানকৈ ‘ল’ ধ্বনিযুক্ত। সময়ত পৰিৱৰ্তন লভি ‘ৰ’ ধ্বনি অন্তর্ভুক্ত কৰে।
২৩। অশোকৰ অনুশাসনৰ ভাষাক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ চাৰিটা।
২৪। কোনজন পণ্ডিতে ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীক ‘আর্য’ নামকৰণৰ পোষকতা কৰিছিল?
উত্তৰঃ প্ৰাচ্যতত্ত্ববিদ মেক্সমূলাৰে।
২৫। ‘প্রাকৃত’ অভিধাৰ প্ৰথম উল্লেখ ক’ত পোৱা যায়?
উত্তৰঃ আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতাব্দীৰ ভৰতৰ ‘নাট্যশাস্ত্ৰত।
২৬। ‘ছান্দস’ শব্দৰ অৰ্থ কি?
উত্তৰঃ অক্ষমূলক (Syllable) ছন্দ-বৈশিষ্ট্যৰ কাৰণে সাহিত্যিক বৈদিকক ‘ছান্দস’ বোলা হয়।
২৭। ‘প্রাকৃত সর্বস্ব’ কাৰ ৰচনা?
উত্তৰঃ মার্কণ্ডেয় কবীন্দ্রৰ।
২৮। ‘সংস্কৃততেই প্রকৃতি আৰু তাৰ পৰা প্ৰাকৃত হৈছে।’— কোনে মত পোষণ কৰিছিল?
উত্তৰঃ কবি আৰু বৈয়াকৰণ মার্কণ্ডেয় কবীন্দ্রই।
২৯। ‘অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ’ ভাষা বিষয়ক এই গ্রন্থখন কোনে লিখিছিল?
উত্তৰঃ ড° উপেন্দ্র নাথ গোস্বামী।
৩০। ‘দেৱভাষা’ বুলি কোনটো ভাষাক কোৱা হয়?
উত্তৰঃ বেদৰ ভাষাক।
৩১। Language of North east India’ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ দীপাংকৰ মৰল।
৩২। অসমীয়াত ‘ছ’ আৰু ‘ঝ’ ৰ উচ্চাৰণ এতিয়া আছেনে?
উত্তৰঃ অসমীয়াত ‘ছ’ আৰু ‘ঝ’ ৰ উচ্চাৰণ নাই।
৩৩। অসমীয়াত মহাপ্রাণ বর্ণক কেনেদৰে উচ্চাৰণ কৰা হয়?
উত্তৰঃ অল্পপ্রাণ কৰি। যেনে— ‘মুৰ শিতান’ (শিৰস্থান), ‘জিবা’ (জিভা, জিহ্বা)।
৩৪। অসমীয়া ভাষাৰ এটা প্ৰধান লক্ষণ উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ এটা প্ৰধান লক্ষণ হ’ল যুক্ত বৰ্ণ আৰু কৰ্কশতাৰ অভাৱ।
৩৫। অসমীয়াত বঙালী অনুকৰণত সোমোৱা দুটা শব্দ লিখা।
উত্তৰঃ মধুৰতাৰ ঠাইত মাধুৰ্য আৰু গভীৰতাৰ ঠাইত গাম্ভীর্য।
৩৬। গুৱাহাটীৰ ‘নীলাচল’ শব্দৰ উদ্ভৱ কোনটো ভাষাৰ পৰা হোৱা বুলি অনুমান কৰা হয়।
উত্তৰঃ গুৱাহাটীৰ ‘নীলাচল’ শব্দৰ প্ৰথমছোৱা ‘নীল’ (ওখ) দ্রাবিড়ী শব্দৰ পৰা হোৱা সম্ভৱ।
৩৭। সংস্কৃত ‘পম’ (lotus or Sunflower)ৰ অসমীয়াৰ ৰূপান্তৰ কি?
উত্তৰঃ পদুম।
৩৮। ‘পদুম’ শব্দটো ক’ৰ পৰা অহা বুলি অনুমান কৰা হয়?
উত্তৰঃ ‘পদুম’শব্দটো দ্রাবিড়ী ‘পদ্দ’ (Sun) শব্দৰ ৰূপান্তৰ।
৩৯। ‘সৰু নৈ’ অৰ্থত ‘জুৰি’ শব্দটো মূলত কোন ভাষাৰ?
উত্তৰঃ দ্ৰাৱিড়ী।
৪০। অসমীয়া ভাষাত প্রচলিত মেঠোন (বন গৰু) শব্দটো কোন শব্দৰ পৰা আহিছে।
উত্তৰঃ ‘মেঠোন’ শব্দটো নগা ‘মিঠু’ শব্দৰ পৰা আহিছে।
৪১। কছাৰী ভাষাৰ পৰা অসমীয়ালৈ অহা শব্দ লিখা।
উত্তৰঃ হাবি (Forest), হাফলু (anthill)।
৪২। বড়ো বর্গীয় দেউৰী শব্দৰ উল্লেখ কৰা।
উত্তৰঃ কেটেঙা, কটৰা।
৪৩। অসমীয়া ভাষাত যৌগিক ক্রিয়া থকা কোনবোৰ উপাদান মিছিং ভাষাৰ পৰা আহিছে বুলি কোৱা হয়?
উত্তৰঃ যৌগিক ক্রিয়া লোৱা < লা, গবামাৰ < গংগাব, চেপ < চেপামাৰ চাৱগাব আদি মিছিং ভাষাৰ পৰা আহিছে।
৪৪। ধ্বনিতত্ত্বৰ ক্ষেত্ৰত সংস্কৃতৰ ‘স’ ধ্বনিৰ ইৰাণীত কোনটো বৈশিষ্ট্য ৰক্ষিত হৈছে?
উত্তৰঃ সংস্কৃত ‘স’ ধ্বনিৰ ইৰাণী ‘হ’ লৈ পৰিৱৰ্তন হৈছে। যেনে— বৈদিক / সংস্কৃত — অসুৰ > অহুৰ।
৪৫। নাগালেণ্ডত অসমীয়াৰ এটা মিশ্ৰিত ৰূপ সাৰ্বজনীন ভাষাৰূপে ব্যৱহৃত হৈছে। ভাষাটো কি?
উত্তৰঃ নাগামিজ।
৪৬। আক্ষৰিক অৰ্থত অসমীয়াত তৎসম শব্দ আছে নে?
উত্তৰঃ নাই।
৪৭। সংস্কৃতৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ আৰু তালব্য ‘শ’ ৰ উচ্চাৰণ অসমীয়াত আছেনে?
উত্তৰঃ নাই।
৪৮। সংস্কৃতৰ ‘স’, ‘ষ’, ‘শ’ ৰ ঠাইত কি ধ্বনি উচ্চাৰণ কৰা হয়?
উত্তৰঃ কেৱল অঘোষ পশ্চতালব্য উষ্ম ‘স’ ৰ উচ্চাৰণ হয়।
৪৯। ‘অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা ওলাইছে। সেইকাৰণে ইয়াৰ সৰহভাগ শব্দ সংস্কৃত মূলজ’।― কথাষাৰক সঁচা বুলিব পাৰিনে?
উত্তৰঃ পাৰি।
৫০। অসমীয়া ভাষাত – আই, -এৰ/এৰা, এক পৰপ্ৰত্যয় যোগ কৰি সম্বন্ধবাচক শব্দৰ ৰূপ সাধন বৈশিষ্ট্য কোনটো ভাষাৰ প্ৰভাৱত হোৱা বুলি গ্ৰীয়াৰ্ছন চাহাবে যুক্তি দিব বিচাৰে?
উত্তৰঃ তিব্বতবর্মীয় ভাষাসমূহৰ বিশেষকৈ বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি যুক্তি দিব বিচাৰে।
৫১। বয়সৰ সৰু ডাঙৰ ভেদ কৰা পৃথক শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত অসমীয়া ভাষাত কাৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ তিব্বতীয় ভাষাৰ প্ৰভাৱ।
৫২। ড° প্রমোদচন্দ্র ভট্টাচাৰ্যই ‘অসম’ শব্দৰ উৎপত্তি ক’ৰ পৰা হোৱা বুলি মন্তব্য কৰিছে?
উত্তৰঃ ড° প্রমোদচন্দ্ৰ ভট্টাচাৰ্যৰ মতে প্ৰাচীন বৰো নাম hakham (hasam) পোৰা মাটি > akham (asam)। ইয়াৰে প্ৰত্ন-বড়ো-গাৰো ৰূপ *hakham/ *hasam/akhamৰ পৰাই অসম শব্দৰ উৎপত্তি হৈছে।
৫৩। তিব্বতবর্মীয় ভাষাত অসমখনক কি নামেৰে নামকৰণ কৰা হয়?
উত্তৰঃ আছাম / হাছাম নামেৰে।
চমু প্ৰশ্নোত্তৰঃ
১। অসমত বসবাস কৰা মাতৃসূত্রীয় জনগোষ্ঠী দুটাৰ নাম লিখা।
উত্তৰঃ খাচী, গাৰো।
২। প্রাচীন অসম সম্পর্কে জানিব পৰা দুখন প্রামান্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ কালিকা পুৰাণ আৰু যোগিনীতন্ত্র।
৩। অপভ্রংশ সাহিত্যক প্ৰধানকৈ কেইটা আঞ্চলিক ৰূপত ভাগ কৰিব পাৰি আৰু ভাগকেইটা কি কি?
উত্তৰঃ তিনিটা। ভাগ তিনিটা ক্রমান্বয়ো— পূব, পশ্চিম আৰু দক্ষিণৰ অপভ্রংশ।
৪। ২০০১ চনৰ সমীক্ষা অনুসৰি ইণ্ডো-ইউৰোপীয় গোষ্ঠীৰ ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত অসমত ১২টা ভাষাৰ প্ৰচলন আছে। ভাষাকেইটা কি কি?
উত্তৰঃ অসমীয়া, বাংলা, নেপালী, হিন্দী, উড়িয়া, বিষ্ণুপুৰীয়া, পঞ্জাৱী, গুজৰাটী, উর্দু, মাৰাঠী, সিন্ধী আৰু কোংকিণী ভাষা।
৫। সাহিত্যিক প্রাকৃত কেইটা আৰু কি কি?
উত্তৰঃ পাঁচটা। সেইকেইটা হ’ল – মহাৰাষ্ট্ৰী, শৌৰসেনী, পৈশাচী, মাগধী আৰু অৰ্ধমাগধী।
৬। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰৰ সাহিত্যিৰ অন্তৰ্গত বৈদিক সাহিত্য কেইটা ভাগত বিভক্ত আৰু কি কি?
উত্তৰঃ তিনিটা। সেইয়া হ’ল –
(ক) বেদ বা সংহিতা।
(খ) ব্রাহ্মণ।
(গ) আৰণ্যক উপনিষদ।
৭। ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ তিনিটা ভাগত ভগোৱা হৈছে। ভাগকেইটা হ’ল–
(ক) প্রাচীন ভাৰতীয় আর্যভাষা।
(খ) মধ্য ভাৰতীয় আর্যভাষা।
(গ) নব্য ভাৰতীয় আর্যভাষা।
৮। আধুনিক ভাৰতীয় আৰ্যভাষাবোৰক কেইটা ভাগত বিভক্ত কৰি দেখুৱাব পাৰি আৰু কি কি?
উত্তৰঃ সাতটা ভাগত। বিভাগবোৰ হ’ল–
(ক) উত্তৰ-পশ্চিমা শাখা।
(খ) দক্ষিণী শাখা।
(গ) মধ্য শাখা।
(ঘ) মধ্য-পূৰ্বী শাখা।
(ঙ) পূর্বী শাখা।
(চ) হিমালয়ী শাখা।
(ছ) বিদেশী শাখা।
৯। পাণিনীয়ে কোন ভাষাৰ ৰূপ নিৰ্দিষ্ট কৰি দিছিল?
উত্তৰঃ প্ৰথম বেদ লিখা ভাষা উদীচ্যক আৰ্হি হিচাপে লৈ মধ্যদেশীয় শিক্ষিত ব্যক্তিসকলৰ দ্বাৰা ব্যৱহৃত আর্যভাষাৰ এটা শুদ্ধ শিষ্টৰূপ পাণিনীয়ে তেওঁৰ ব্যাকৰণ বিধিবদ্ধ কৰে আৰু এটা সুনির্দিষ্ট মান নিৰূপিত কৰি দিয়ে। পাণিনীৰ দ্বাৰা মাৰ্জিত এই শিষ্টভাষাৰ নামেই সংস্কৃতভাষা।
১০। G. A. Griersonয়ে আধুনিক ভাৰতীয় আর্যভাষাক কেইটা ভাগত শ্রেণীবিভাগ কৰিছে আৰু কি কি?
উত্তৰঃ দুটা—
(ক) অন্তৰংগ শ্রেণী বিভাগ।
(খ) বহিৰংগ শ্রেণী বিভাগ।
১১। প্রাকৃত ভাষাৰ সাহিত্যৰাজিক কেইটা বহল ভাগত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ প্ৰাকৃত ভাষাৰ সাহিত্যৰাজিক দুটা ভাগত ভাগ কৰিছে। সেই ভাগ দুটা হ’ল—
(ক) জৈন ধর্ম সাহিত্য।
(খ) ধর্ম নিৰপেক্ষ ৰস সাহিত্য।
১২। অসমীয়াত আৰবী ভাষাৰ পৰা সোমোৱা দুটা উপাদানৰ উদাহৰণ দিয়া।
উত্তৰঃ কছাৰী, জামিন।
১৩। দ্রাৱিড়ীয় ভাষাৰ পৰা অসমীয়া ভাষাত সোমোৱা আৰু ৰূপ পৰিৱৰ্তন লাভ কৰি নতুন ৰূপত প্ৰকাশ পোৱা দুটা শব্দ লিখা।
উত্তৰঃ ‘কর্পাস’(কপাহ)ৰ আধুনিক কাপোৰ।
‘নীৰ’ৰ আধুনিক পানী।
১৪। আব্দুছ ছাত্তাৰৰ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’ গ্ৰন্থত অসমৰ গ্ৰাম্য ভাষাত সঘনাই ব্যৱহৃত জাঠি কোৱা (খেমাখা/খেমাখা) শব্দটো কোনটো ভাষাৰ পৰা অহা বুলি ক’ব বিচাৰে?
উত্তৰঃ অসমৰ গ্ৰাম্য ভাষাত সঘনাই ব্যৱহৃত খেমাখা/খেমাখা (জাঠি কোৱা) শব্দটো ফাৰ্চী খোআম-খোআ > খামাখা-ৰ পৰা অহা বুলি ক’ব বিচাৰে।
১৫। অসমত এতিয়াও প্রচলন থকা তিব্বতীয় ভাষাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ‘খোজ’ (ভৰিৰ তলুৱাৰ সাঁচ বা চলন), ‘বান’ (খুৰা অৰ্থত যেনে— বান বাটি, বান কাঁহী)।
১৬। আহোম ভাষাৰ উপাদান অসমীয়া ভাষাত সীমিত যদিও বৰ্তমানলৈকে প্ৰচলন থকা দুটা শব্দগত উপাদানৰ উল্লেখ কৰা।
উত্তৰঃ বানবাতি, বেঙা।
১৭৷ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক অসমীয়া শব্দৰ ভিতৰত অৰ্ধতৎসম আৰু তদ্ভৱৰ উদাহৰণ দিয়া।
উত্তৰঃ অংগ প্রত্যংগবাচক ― নাক, কান, ভৰি চকু।
সংখ্যাবাচক — এক, দুই, শ ।
১৮। প্রাচীন অসমীয়া সাহিত্যত পশ্চিম অসমৰ বৰ্তমানত ব্যৱহাৰ হোৱা অনেক শব্দ বিভিন্ন লেখকৰ ৰচনাত সোমাই আছে। দুটা উদাহৰণ দিয়া।
উত্তৰঃ গল (ডিঙি), বৰ (দৰা)।
১৯। আর্য-ভিন্ন ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাত পৰিলক্ষিত হোৱা দুটা ধ্বনিতাত্ত্বিক পৰিঘটনা লিখা।
উত্তৰঃ স্বৰ-সংগতি (Vowel Harmony) আৰু অভিশ্রুতি (Vowel mutation)।
২০। অসমীয়া ভাষাত সংস্কৃতত উচ্চাৰণ হোৱা ‘প’ ধ্বনিৰ সলনি কি ধ্বনি উচ্চাৰণ কৰা হয়?
উত্তৰঃ ইউৰোপীয় কিছুমান ভাষাৰ দৰে অসমীয়াতো ‘প’ ৰ ঠাইত ‘ক’ ধ্বনি উচ্চাৰণ কৰা হয়। যেনে—
সংস্কৃত | অসমীয়া |
পূৰ্ব্বা | কুৰুৱা (বতাহ) |
২১। ১২শ শতাব্দীত অসমীয়া শব্দৰ আকৃতি সাম্প্ৰতিক অসমীয়াত কি ৰূপে হৈছে? তলৰ শব্দবিলাকৰ সাম্প্রতিক ৰূপৰোৰ নিৰূপণ কৰা।
জেঠি, থোট, ফড়িঙ্গ।
উত্তৰঃ
১২শ শতাব্দীৰ অসমীয়া শব্দৰ আকৃতি | সম্প্ৰীতিক ৰূপ |
জেঠি | জেঠী |
থোট | ঠোঁট |
ফড়িঙ্গ | ফৰিং |
২২। ভাৰতীয় আর্যভাষা কাক বোলে?
উত্তৰঃ আনুমানিক খ্ৰীঃপূঃ পোন্ধৰ শতিকামানত ইৰাণ-পাৰস্যৰ পৰা যিসকল লোকে একো একোটা দলত ভাগ হৈ উত্তৰ-পশ্চিম চুকেদি আহি ভাৰতত প্ৰৱেশ কৰিছিল, সেইসকলকেই “ভাৰতীয় আৰ্য আৰু সেইসকলৰ ভাষাটোক ‘ভাৰতীয় আর্যভাষা” বোলে।
২৩। ‘সাহিত্যিক প্রাকৃত’ বুলিলে কি বুজা? ই কেইবিধ আৰু কি কি?
উত্তৰঃ খ্ৰীষ্টীয় তৃতীয় শতাব্দীমানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত প্ৰকৃতবোৰে অঞ্চলবিশেষে বিশেষ আঞ্চলিক নামেৰে পৰিচিত হয়। নিৰ্দিষ্ট নিজস্ব বৈশিষ্ট্যৰে গঢ় লৈ উঠা এই প্রাকৃতবোৰৰ এটা সাধুৰূপত লাহে লাহে সাহিত্য সৃষ্টি হ’বলৈ ধৰে। সাহিত্যবিদ সৃষ্টি হোৱাৰ কাৰণে বিভিন্ন নামেৰে গঢ় লৈ উঠা প্ৰাকৃতবোৰক ‘সাহিত্যিক প্রাকৃত’ বুলি কোৱা হয়। এই সাহিত্যিক প্রাকৃত প্রধানতঃ পাঁচোটা—
(ক) মহাৰাষ্ট্ৰীয়।
(খ) শৌৰসেনী।
(গ) মাগধী।
(ঘ) অৰ্দ্ধমাগধী। আৰু
(ঙ) পৈশাচী।
২৪। চমুটোকা লিখাঃ
(ক) খোটানী প্রাকৃত,
(খ) পউম চৰিঅ’
(গ) সেতুবন্ধ বা ৰাৱণবহো,
(ঘ) গাথাসপ্তশতী বা গাহাসওসঈ,
(ঙ) গউডৱহো
উত্তৰঃ (ক) খোটানী প্ৰাকৃতঃ মধ্য এছিয়াৰ খোটানৰ পৰা খৰোষ্ঠী লিপিত প্ৰাকৃতত ৰচনা কৰা ‘ধৰ্ম্মপদ’ৰ অংশ বিশেষ উদ্ধাৰ কৰা হৈছে। ফৰাচী পৰিব্ৰাজক M. Dutreuil de Rhins য়ে ১৮৯২ খ্ৰীষ্টাব্দত এই প্রাকৃত ধম্মপদ আবিষ্কাৰ কৰিছিল আৰু সেয়েহে এই গ্ৰন্থক Dutreuil de Rhins Manuscripts নামেৰেও জনা যায়। এই গ্রন্থক প্রাকৃততে ‘খোটানী প্ৰাকৃত’ বুলি ক’ব পাৰি। অৱশ্যে খৰোষ্ঠী লিপিত পোৱাৰ কাৰণে এই ধম্মপদক ‘খৰোষ্ঠী ধম্মপদ’ বুলিও কোৱা হয় আৰু লগতে খোটানত আৱিষ্কাৰ কৰাৰ কাৰণে ‘খোটানী ধম্মপদ’ নামেৰেও অভিহিত কৰা হয় ৷ খ্ৰীষ্টপূৰ্ব এশৰ পৰা খ্ৰীষ্টাব্দ এশৰ ভিতৰত এই ধম্মপদ ৰচনা কৰা হয় বুলি অনুমান কৰা হয়।
প্রাচীন খোটান ৰাজ্য ভাৰত আৰু চীনদেশৰ পৰা নিৰ্বাসিত লোকসকলৰ দ্বাৰা যুগ্মভাৱে প্রতিষ্ঠিত ৰাজ্য আছিল বুলি তিব্বতীসূত্ৰৰ পৰা সুপ্রসিদ্ধ ইতিহাসবিদ্ ৰোমিলা থাপাৰে মত প্ৰকাশ কৰিছে। ইৰাণ বা প্রাচীন পাৰস্যৰ নীতিকাষৰীয়া অঞ্চল বুলি ইয়াত বহু সংখ্যক ইৰাণীয় বা প্রাচীন পাৰছীয় ভাষা কোৱা লোকৰো সমাবেশ ঘটিছিল। ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ প্রাক্তন সঞ্চালক এম. এন. দেশ পাণ্ডেই লেখা ‘প্রাচীন ভাৰতৰ বাণিজ্যিক পথ’ শীর্ষক প্রবন্ধ এটিৰ জৰিয়তে জনা যায় যে অশোকৰ অনুশাসন থকা উত্তৰ-পশ্চিম অঞ্চলৰ মানুহেৰা আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ মাজেদি এটা বাণিজ্যিক পথ মধ্য এছিয়ালৈ গৈছিল। মানছেহৰা অনুশাসনৰ ভাষাৰ লগত প্ৰাচ্য উপভাষাৰ বহু সাদৃশ্য আছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ব্ৰাহ্মাণবাদীসকলৰ ক্ৰমবৰ্দ্ধমান বিদ্বেষৰ কাৰণে ভাৰতৰ পূব অঞ্চলৰ বহুতো বৌদ্ধ ভিক্ষু নিৰাপদ আশ্ৰয়ৰ বাবে উত্তৰ পশ্চিম ভাৰত পাৰস্যৰ আকিমেনিড সাম্ৰাজ্যৰ অন্তৰ্গত হৈ পৰিছিল আৰু ইয়াৰ পাৰছীয় ভাষা সংস্কৃতিৰ প্ৰভাৱেৰে এই অঞ্চল ভাৰতৰ অন্য অঞ্চলৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল। গতিকে এই অঞ্চলত বহু বৌদ্ধ ভিক্ষু আহি বসবাস কৰিবলৈ লৈছিল আৰু শাস্ত্ৰাদি চৰ্চা কৰিছিল। ইয়াৰ পৰাই হয়তো কিছু সংখ্যকে মানছেহৰা শ্ৰীনগৰৰ মাজেদি যোৱা বাণিজ্যিক পথেদি বৌদ্ধ ধৰ্ম চৰ্চাৰ অন্যতম পীঠস্থান হৈ উঠা খোটানত উপস্থিত হৈছিলগৈ। ভাৰতৰ পৰাই হয়তো ভিক্ষুসকলে নানা বৌদ্ধ পশ্চিমা উপভাষাৰ মাধ্যমত শাস্ত্র আদিৰ চৰ্চা অব্যাহত ৰাখিছিল; ইয়াৰ ফলত ভাষাটো ক্ৰমাৎ বিয়পি পৰিছিল। এই কাৰণেই ঘোটানত পোৱা ধৰ্ম্মপদত উত্তৰ পশ্চিম অঞ্চলৰ লিপি আৰু ভাষাৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।
(খ) পউম চৰিঅঃ ভাৰতীয় জীৱনত চিৰপৰিচিত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীকো জৈনসকলে পৰিৱৰ্তন সাধন কৰি পৰিৱেশ আৰু বিশ্বাসকো জৈনমতে পৰিৱেশন কৰি জৈন ৰামায়ণ আৰু মহাভাৰত সৃষ্টি কৰিছিল। মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচনা কৰা ৰামায়ণ মূলক এনে প্রাচীন কাব্য হ’ল অনুমানিক খ্ৰীষ্টীয়, তৃতীয় শতাব্দীমানৰ কবি বিমল সৰিৰ ‘পটম চৰিঅ’ (পম চৰিত) ১১৮ টা পৰ্বত (১-৩৫ পর্যন্ত সৰ্গসমূহৰ নাম ‘উদ্দেশ্য’ (উদ্দেশ্য) আৰু পৰৱৰ্তী সর্গসমূহৰ নাম (পব্বং বা পৰ্ব) প্রায় ৯০০০ প্ৰথাৰে ৰামায়ণৰ কাহিনীক জৈন মতেৰে বৰ্ণনা কৰা হৈছে আৰু সেই কাৰণে এই কাব্যক ‘জৈন ৰামায়ণ’ বা প্রাকৃত ৰামায়ণ বুলিও কোৱা হয়। ইয়াৰ চৰিত্ৰ চিত্ৰণ, পৰিৱেশন বিশ্বাস সকলো জৈন মত অনুগামী। পউম (পম) আখ্যানে ৰামক বুজোৱা হৈছে। ৰাৱণক জৈন উপাসক হিচাপে উজ্জ্বলভাবে অংকন কৰা হৈছে যদিও নিজ কর্ম ফলৰ কাৰণে ‘পউম’ বা ৰামৰ দ্বাৰা তেওঁ নিধন হৈছে আৰু শেষত ৰামেও জৈন মত গ্ৰহণ কৰা বুলি বৰ্ণনা কৰা হৈছে। জৈনমত অনুসাৰে জগত সৃষ্টিৰ কাহিনী বৰ্ণনা কৰি ধৰ্মতত্ত্ব প্ৰচাৰ কৰাই কাব্যখনৰ সৃষ্টিৰ মূল প্ৰেৰণা। কাব্যখন মহাবীৰ প্ৰধান শিষ্য (গায়মৰ গীতম) উক্তিৰূপে ৰচিত, গৌতমে মহাবীৰৰ উপদেশ ৰূপে (সনিয়কক শ্ৰেণীক অৰ্থাৎ বিশ্বাসৰ) এই পম চৰিত বিকৃত কৰিছে।
(গ) সেতুবন্ধ বা ৰাৱণৱহোঃ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত কবি প্ৰবৰসেনৰ ‘সেতুবন্ধ বা “ৰাৱণৱহো” (অন্য এক প্রাকৃত নাম ‘দহমুহবাহো’) প্রাকৃত মহাকাব্যৰ ভিতৰত শ্ৰেষ্ঠ। এই কাব্য যে এটা সময়ত সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ উঠিছিল তাৰ প্ৰমাণ পূব-পশ্চিম-উত্তৰ-দক্ষিণ সকলো অঞ্চলতে প্রাপ্ত এই গ্ৰছৰ বিভিন্ন পাঠ আৰু বিভিন্ন সংস্কৃত টীকা-গ্রন্থসমূহে দিব পাৰে। ভাৰতৰ বাহিৰত, বিশেষকৈ দক্ষিণ-পূব এছিয়াতো এই গ্রন্থ যে জনপ্রিয় হৈছিল সেই কথা কম্বোডিয়াৰ নৱম শতিকাৰ মাজভাগৰ ৰজা যশোবর্মনৰ শিলালিপিত ‘সেতুবন্ধ’ৰ নিৰ্মাতা প্ৰবৰসেনৰ উল্লেখৰ পৰা বুজিব পৰা যায়।
১৫টা ‘অচ্ছাসঅ’ (আশ্বাস) বা সৰ্গত বিভক্ত কৰি কাব্যখনৰ মাজেদি সীতা অন্বেষণৰ সেতু নির্মাণ, ৰাৱণ বধ, সীতা উদ্ধাৰ পৰ্যন্ত ৰামায়ণৰ এই কাহিনীভাগ কবিয়ে অতি নিপুণভাৱে বৰ্ণনা কৰিছে। কাহিনীভাগ যদিও ৰামায়ণৰ পৰা আহৰণ কৰা আৰু মূলতঃ ধর্মীয়, অন্যান্য ৰামায়ণমূলক কাব্যৰ দৰে কোনো বিশিষ্ট ধৰ্মৰ তত্ত্ব বা আদর্শ প্ৰচাৰ কৰা কাব্যখনৰ উদ্দেশ্য নাছিল, বৰং সাগৰৰ ওপৰত সেতু নির্মাণক কেন্দ্র বিন্দু হিচাপে লৈ তাৰ মাজেদি মানবীয় বুদ্ধি, কৌশল আৰু দৃঢ়তাৰ বিজয় ঘোষণা কৰি অশুভ শক্তিৰ পৰাজয় দেখুৱাই কাব্যৰস পান কৰোৱাহে প্ৰধান উদ্দেশ্য আছিল।
সেয়েহে কাব্যখনত সীতাহৰণৰ পৰা ৰাৱণবধ পর্যন্ত ৰামায়ণৰ ঘটনা বর্ণনা কৰিলেও সেতু নির্মাণৰ উদ্যম বা প্ৰচেষ্টাক প্ৰধান হিচাপে লৈছে আৰু পোন্ধৰটা সৰ্গৰ কাব্যখনৰ প্ৰথম আঠটা সৰ্গজুৰি সাগৰ অভিমুখে ৰামৰ সেনাবাহিনী যোৱাৰ পৰা সেতু নিৰ্মাণৰ কথা বৰ্ণনা কৰা হৈছে। মাজতে ৰামৰ মায়া ছিন্নমুণ্ড দেখি সীতাৰ মৰ্মস্তুদ বেদনা কৰুণ ৰসসিক্ত কৰি বৰ্ণনা কৰি কাব্যৰ ৰস ঘনীভূত কৰিবলৈ বিচৰা হৈছে যদিও ৰাৱণ বধ আৰু সীতা উদ্ধাৰৰ কথা মাত্ৰ শেষৰ চাৰিটা অধ্যায়তহে সামৰিছে। এনেদৰে কবিৰ নিপুণ উদ্ভাবনা শক্তি আৰু কাব্যময় বৰ্ণনাৰ গুণত ৰামায়ণৰ পৰিচিত কাহিনীও নতুন বসযুক্ত হৈ উঠিছে।
(ঘ) গাথাসপ্তশতী বা গাহাসত্তসঈঃ প্রাকৃতত ৰচনা কৰা সাহিত্য সম্ভাৰৰ ভিতৰত ৰজা হালৰ দ্বাৰা সংগৃহীত বুলি জনা ‘গাহাসত্তসঈ’ নামৰ গীত কবিতাৰ সংকলনখানি সর্বোত্তম বুলি অভিহিত কৰিব পাৰি। প্ৰাকৃতত ৰচনা কৰা গাথা বা কবিতাৰেই ই এক মনোৰম সংকলন নহয়, ভাৰতীয় লোকায়ত জীৱনৰ সুৰসম্বলিত গীতি কবিতাৰো সর্বপ্রাচীন সার্থক সংগ্রহ, আভিজাত্য সুলভ মনোবৃত্তিৰে বৈদগ্ধ্যপূর্ণ ৰচনাশৈলীত গুৰুত্ব আৰোপ কৰি উচ্চতম জীবনবোধ প্রতিফলিত কৰা বিশাল সংস্কৃত সাহিত্যত পূৰ্ণ পয়োভৰৰ কালতে লোকজীৱনত স্পন্দিত হোৱা চিৰন্তন ভাৱ অনুভূতি এনেদৰে সংগৃহীত হোৱাৰ প্ৰচেষ্টা নিঃসন্দেহে গুৰুত্বপূর্ণ কৃতিত্বৰ পৰিচায়ক।
সাতবাহন বংশীয় ৰজা হালে ভাৰতীয় লোক জীৱনত অতি প্রাচীন কালৰে পৰা মুখে মুখে প্ৰচলিত হৈ থকা ‘কোটি কোটি গাথা’ৰ মাজৰ পৰা সাতশ গাথা বা কবিতা সংগ্ৰহ কৰি সাতটা শতকত বিভক্ত কৰি সংকলন কৰিছিল কাৰণেই এই গাথা সংকলনক ‘গাহাসত্তসঈ’ বুলি কোৱা হৈছে।
‘গাধাসত্তসঈ’ মুখ্যতঃ প্রেমমূলক গাথা বা কবিতাৰ সংগ্ৰহ। সেয়েহে ইয়াৰ গাথাসমূহৰ মূল সুৰ হ’ল প্ৰেমঃ লোকজীৱনৰ প্ৰেম। প্ৰেমৰ পৰা জন্ম হোৱা মান-অভিমান, শংকা-ব্যাকুলতা, প্রিয়জনৰ সৈতে মিলনৰ আকাংক্ষা, প্রিয়জনক নোপোৱাৰ সীমাহীন ক্রন্দন ইত্যাদি প্ৰেমৰ সার্বিক ৰূপৰ বিচিত্ৰ ভাৱ ইয়াৰ অধিকাংশ কবিতাৰ মাজত ফুটি উঠিছে। সেয়েহে ক’ব পাৰি প্রাকৃতজনৰ ঐহিক প্রেমানুভূতিৰ উষ্ণ উত্তাপেৰে ‘গাহাসত্তসঈ’ৰ মূল কাব্য জীৱন প্রাণময় আৰু উদ্দাম গতিশীলতাৰে স্পন্দনময়। লৌকিক প্ৰেমৰ অকৃত্রিম অনুভূতিৰ প্ৰকাশক হিচাপে ইয়াৰ কবিতাসমূহে সৰ্বকালৰ সৰ্ব মানুহৰ হৃদয়ানুভূতিৰ চিৰন্তন পার্থিব সুৰ বহন কৰিছে। প্ৰেমৰ এই চিৰন্তন বা শাশ্বত সুৰ সম্বলিত কাৰণেই ভাৰতীয় সাহিত্যৰ গাহাসত্তসঈৰ মূল্য অপৰিসীম।
গাথাসমূহৰ অধিকাংশতে নাৰীহৃদয়ৰ অনুভূতি প্ৰকাশ হোৱাক এক উল্লেখযোগ্য বৈশিষ্ট্য বুলি ক’ব পাৰি। অৱশ্যে এনে কিছুমান গাথা আছে যিবোৰ উপদেশমূলক। এনে উপদেশমূলক গাথাসমূহো প্রেম আধাৰিত বুলি ক’ব পাৰি। নাৰী হৃদয়ৰ প্ৰেমৰ বিভিন্ন ভাব, অভিসাৰ, অভিলাস, উদ্বেগ, বিপদ, মিলন, শংকা আদি মর্মস্পর্শীভাবে প্রকাশিত হৈছে।
(ঙ) গউডৱহোঃ কনৌজৰাজ যশোবর্মনৰ সভাকবি বাকপতিৰাজৰ প্ৰকৃত নাম ‘বল্পইৰাঅ’ দ্বাৰা ৰচিত ‘গউডৱহো’ অন্য এক প্রসিদ্ধ প্রাকৃত মহাকাব্য। যশোবর্মনে ৭৫৩ খ্রীষ্টাব্দ পর্যন্ত ৰাজত্ব কৰিছিল আৰু কাব্যখন বাকপতিৰাজে ৭৫০ খ্ৰীষ্টাব্দত ৰচনা কৰিছিল বুলি অনুমান কৰা হৈছে। যশোবর্মনৰ দ্বাৰা গৌড় বিজয় আৰু গৌড়ৰজাৰ নিধন কাৰ্য্যৰ কৰ্ণনীয় বিষয়। দেখাত কাব্যখন ঐতিহাসিক যেন লাগিলেও ইতিহাসৰ উপাদান অতি নগণ্য; কাৰণ যি গৌড়ৰাজক তেওঁ জয় কৰিছিল তেওঁৰ নামৰ কোনো উল্লেখ নাই।
প্রকৃততে ই এখন ৰাজপ্রশস্তিমূলক কাব্য। কাৰণ কবিয়ে আৰম্ভণিতে বিষ্ণুসদৃশ যশোবর্মনৰ গুণ-গৰিমা অলংকাৰাহুল আড়ম্বৰপূর্ণ ভাষাৰে বৰ্ণনা কৰিছে, তাৰ পাছতহে যশোবর্মনৰ দিগ্বিজয়ৰ বৰ্ণনা কৰিছে।
কাব্যখনৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই সৰ্গ বন্ধ কাব্য নহয়; কাব্যৰ বিষয়-বিন্যাসো প্রচলিত মহাকাব্যৰ পৰা সুকীয়া। ১২০৯টা শ্লোকৰ ভিতৰত প্ৰথম ৬১টা শ্লোকত ২১ জন দেৱতাৰ বন্দনা, তাৰ পাছত ৩৭টা শ্লোকত মহাকবিৰ লক্ষণ, সামান্য কবিৰ আৰু কবীন্দ্ৰৰ ভেদ, প্রাকৃত ভাষাৰ ভূয়সী প্রশংসা ইত্যাদি। সমগ্র কাব্যখনিৰ কেইটামান শ্লোকতহে যশোবর্মনৰ দিগ্বিজয় প্ৰসংগত মগধনাথ আৰু গৌড়াধিপতিৰ পৰাজয় বিবৃত কৰিছে। সেয়েহে ঐতিহাসিক চৰিত্ৰ সন্নিধিষ্ট থকা সত্বেও ঐতিহাসিক কাব্য হৈ উঠা নাই বৰং প্রশস্তিমূলক কাব্যহে হৈ উঠিছে।
সংস্কৃত কাব্যৰীতি অনুসৰণ কৰিবলৈ গৈ অলংকাৰ বহুলতা অথবা দীর্ঘ সমাসবদ্ধ পদৰ দ্বাৰা | কাব্যখন কৃত্ৰিমধৰ্মী হৈ উঠিলেও সাধাৰণতে সংস্কৃত কাব্যত দুর্লভ গ্রাম্যজীৱনৰ কিছুমান সজীৱ চিত্র এই কাব্যৰ ভিতৰত দেখিবলৈ পোৱা যায়। তদুপৰি প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাতো কবিয়ে পাৰদৰ্শিতা দেখুৱাব পাৰিছে।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। প্রাচীন ভাৰতীয় আর্যভাষাৰ অন্যতম স্তৰ সংস্কৃতৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ নিৰূপন কৰা।
উত্তৰঃ সংস্কৃত ভাষা পৃথিৱীৰ ভিতৰতে প্ৰাচীন সাহিত্যৰ অন্যতম শ্রেষ্ঠ আৰু সৌন্দর্যভাষা বুলি অভিহিত কৰা হৈছে। অৱশ্যে বৈদিক সংস্কৃত দুয়ো ভাষা মিলিয়ে সামগ্রিকভাৱে ভাৰতীয় আর্যভাষাৰ প্ৰাচীন স্তৰক ঐশ্বর্যশালী কৰি তুলিছে। অসমীয়া ভাষাৰ ক্ষেত্ৰত প্ৰাচীনত্বৰ আঁত বিচাৰি পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ বিস্তাৰিত হৈ থকা তামৰ ফলিৰ সংস্কৃত ভাষাৰ মাজত সোমাই থকা কথিত ৰূপ যথেষ্ট পোৱা যায়। এই ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দৰ ক্ষেত্ৰত দেখা যায়। ধ্বনিতত্ত্বৰ ক্ষেত্ৰত, হ্ৰস্বস্বৰৰ দীৰ্ঘীকৰণ, দীর্ঘস্বৰৰ হস্বীকৰণ, ঋ কাৰ অ, ই, উ, ৰি হিচাপে প্ৰয়োগ, সম্প্ৰসাৰণ লোপা, আগম, বিকল্প ধ্বনিৰ প্রয়োগ ইত্যাদি পোৱা যায়।
(ক) ‘/’ যুক্ত ধ্বনি ‘/’ লোপ হৈ ন্বিত হোৱা দেখা যায়।
যেনে— সুবর্ণ > সুৱন্ন; বীর্য > বীয্য ইত্যাদি।
(খ) স্বৰৰ হ্ৰস্বত্ব দেখা যায়।
যেনে— ব্রামঃ>ক্রম
(গ) স্বৰৰ দীর্ঘত্ব দেখা যায়।
যেনে— ভুৱন > ভূৱন, ধৃতিস্বামী > ধৃতীস্বামী
অসমীয়া ভাষাৰ ক্ষেত্ৰত তামৰ ফলিবোৰৰ ভাষাই এনে এটা স্তৰৰ ইংগিত দিয়ে। তামৰ ফলিবোৰেই অসমৰ প্ৰাচীনতম সাহিত্যিক নিদর্শন। ইপিনে অসমৰ লেখন-কাৰ্যৰ প্ৰথম নিদর্শন হৈছে অসমৰ প্ৰাচীনতম শিলা-লিপিৰূপে পোৱা পঞ্চম শতিকাৰ উমাঞ্চল আৰু নগাজৰী খনিকৰ গাঁৱৰ শিলা-লিপি। শিলালিপি আৰু তামৰ ফলিবোৰৰ অৱস্থিতিয়ে প্রাচীন অসমত পঞ্চম শতিকাৰে পৰা সংস্কৃত ভাষাৰ প্ৰচলন আৰু ইয়াৰ চৰ্চাৰ দিশটো স্পষ্ট কৰি তোলে। ইয়াৰ পৰা প্ৰাচীন অসমৰ ভাষা সংস্কৃত আছিল বুলি আমি সিদ্ধান্ত ল’ব নোৱাৰোঁ। সংস্কৃত ভাষাটো নিশ্চয় এক শ্ৰেণী লোকৰ মাজত আৱদ্ধ আছিল আৰু জনসাধাৰণৰ মাজত আন ভাষা চলিছিল। কিন্তু সংস্কৃত ভাষাটোৰ প্ৰভাৱ জনসাধাৰণৰ ভাষাৰ ওপৰতো নপৰাকৈ থকা নাছিল। বড়ো আৰু আন জনজাতীয় ভাষাতো তেনে দৃষ্টান্ত পোৱা গৈছে। এই শব্দবোৰত সংস্কৃত শব্দবোৰে বিশেষধৰণে বিকাশ লাভ কৰিছে। উদাহৰণঃ
বড়ো | সংস্কৃত |
---|---|
আচ্চাৰ | আচৰ (ণ) |
উচু | উৎসৱ |
অসমীয়া ভাষাৰ লগত সংস্কৃত ভাষাৰ সম্বন্ধৰ প্ৰমাণস্বৰূপে উল্লেখ কৰিব পাৰি অসমীয়া শব্দসম্ভাৱ। মুঠ অসমীয়া শব্দভাণ্ডাৰৰ তিনি চতুর্থাংশই সংস্কৃত (তৎসম) কিম্বা সংস্কৃতমূলীয় তদ্ভৱ। অসমীয়া ভাষাৰ মূল বান্ধটো ৰক্ষা কৰাৰ ক্ষেত্ৰত এই শব্দ সম্ভাৰৰ গুৰুত্ব অপৰিসীম। এই ভাষাত নতুনকৈ পাৰিভাষিক শব্দ কিছুমান নিৰ্মাণ কৰিবৰ নিমিত্তেও সংস্কৃত উপসৰ্গকেইটাৰ সহায় নল’লেই নহয়। বর্তমান সময়ত অসমীয়া ভাষাৰ শব্দবিলাকৰ অক্ষনবিন্যাসত যি বিসংগতি ঘটা দেখিবলৈ পাঁও, তাৰ মূলতে আছে সংস্কৃত জ্ঞানৰ অভাৱ। সমকালীন অসমীয়া ভাষাটো এটা সমৃদ্ধ ভাষা। ইয়াৰ দুটা ৰূপ সততে পৰিলক্ষিত হয়। তাবে এটা হ’ল অনানুষ্ঠানিক অথবা ঘৰুৱা ৰূপটো। এই ঘৰৱা ৰূপটো সাধাৰণতে কথা-বতৰা পাতোতে আমি ব্যৱহাৰ কৰোঁহক। যেনে— মই দাম কৰিলোঁ, মই গ্ৰহণ কৰিলোঁ, মই ভক্ষণ কৰিলোঁ ইত্যাদি। লক্ষণীয়ভাবে এই দ্বিতীয় বিধৰ প্ৰকাশভংগীয়েই অসমীয়া ভাষাৰ আনুষ্ঠানিক প্ৰকাশভংগী। সভাই-সমিতিয়ে অথবা বাতৰি কাকতত সংবাদ পৰিৱেশন কৰোঁতে উল্লিখিত দ্বিতীয় ৰূপটোৱেই প্রাধান্য লাভ কৰি আহিছে। উদাহৰণস্বৰূপে কোনো সংবাদ শীৰ্ষত ‘সাপৰ খোটত ডেকাৰ মৰণ’ বুলি লিখা দেখা নাযায়, তাৰ পৰিৱর্তে লিখা হয়― ‘সৰ্পৰ দংশনত যুৱকৰ মৃত্যু।’ এই দ্বিতীয়টো শৈলীত এশ শতাংশ শব্দই সংস্কৃত। আনহাতে প্ৰথমটো শৈলীত গোটেইবোৰ শব্দই তত্ত্বৱ অথবা ঘৰুৱা। এনে দুটা ৰূপৰ যুগপৎ অৱস্থিতিয়ে অসমীয়াক এটা সমৃদ্ধ ভাষা কৰি তুলিছে।
২। প্রাকৃত বুলিলে কি বুজা? এই প্রাকৃতবিলাকৰ লগত আধুনিক ভাৰতীয় ভাষাবোৰৰ সম্বন্ধ নিৰূপণ কৰিব পাৰিনে? এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ ভাৰতীয় আর্যভাষাৰ দ্বিতীয়টো স্তৰ মধ্য ভাৰতীয় আর্যভাষাক প্ৰাকৃত বুলি অভিহিত কৰিব পাৰি। এই পর্যন্ত বিভিন্ন পণ্ডিতে ভিন ভিন মন্তব্য আগবঢ়াইছে। এই মতৰ ভিতৰত প্ৰথমতে ‘প্রকৃতি’ৰ পৰা উদ্ভৱ হোৱা যি ভাষা সিয়ে ‘প্রাকৃত’, ‘প্রাকৃতি’ৰ অৰ্থ ‘মূল’ (Basic); এই প্রকৃতিক মূল হ’ল সংস্কৃত ভাষা আৰু সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষাই ‘প্রাকৃত ভাষা’। দ্বিতীয়তে, ‘প্রকৃতি’ৰ অর্থ ‘নিসর্গ’ বা ‘স্বাভাৱিক’ (Natural); গতিকে স্বভাৱজাত ভাষাই প্রাকৃত অর্থাৎ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ যি নৈসর্গিক বা স্বাভাৱিক ভাষা সিয়ে প্রাকৃত ভাষা। তৃতীয়তে ‘প্রাকৃত’ শব্দৰ অৰ্থ ‘সামান্য’ বা ‘সাধাৰণ’ (Common), সাধাৰণলোকৰ যি স্বাচ্ছন্দ ভাষা-নীতি বা বাক্-ব্যৱহাৰ দিয়ে প্রাকৃত ‘প্রাকৃত-জনানাং ভাষা প্ৰাকৃতম’।
প্ৰকৃততে, ব্যাকৰণ আদিৰ দ্বাৰা সংস্কাৰ প্ৰাপ্ত নোহোৱা প্ৰাকৃতজনৰ বা সাধাৰণ জনগণৰ যি স্বচ্ছন্দ বা স্বাভাৱিক ভাষা সিয়ে প্রাকৃত।
ভাৰতীয় আর্যভাষাই প্রাচীন ৰূপৰ পৰা আনুমানিক খ্ৰীষ্টপূর্ব ষষ্ঠ শতাব্দীমানত পৰিৱৰ্তিত ৰূপত আত্মপ্ৰকাশ কৰি সুকীয়া ভাষা হিচাপে আত্মপ্ৰতিষ্ঠা হয় আৰু ক্ৰম পৰিৱৰ্তিত ৰূপত ইয়াৰ পৰিব্যপ্তিৰ কাল খ্রীষ্টীয় দশম শতাব্দীমান পর্যন্ত। আর্য জনসমাজত প্ৰচলিত লৌকিক বা কথা ৰূপটো জনসাধাৰণৰ নিত্যদিনৰ বাক-ব্যৱহাৰত পৰিবৰ্তনৰ স্বাভাবিক গতি প্রবাহেৰ অগ্ৰসৰ হৈ থাকিবলৈ ধৰে আৰু খ্রীষ্টপূর্ব ষষ্ঠ শতাব্দীমানত ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বত এনে উল্লেখযোগ্য পৰিৱৰ্তনেৰে আত্ম প্ৰকাশ কৰিলে যে প্ৰাচীন ভাৰতীয় আর্যভাষাৰ পৰা ভালেখিনি বেলেগ হৈ পৰিল আৰু তাৰ ফলস্বৰূপে ভাৰতীয় আর্য ভাষাই যি সুকীয়া ৰূপ পৰিগ্ৰহ কৰিলে তাকেই ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ দ্বিতীয় মধ্যস্তৰ হিচাপে ‘মধ্যভাৰতীয় আর্যভাষা’ নামকৰণ কৰা হৈছে। ভাৰতীয় সমাজ জীৱনৰ সৰ্বপ্ৰথম নৱজাগৰণৰ সময়। ব্ৰাহ্মণ্য ধৰ্মৰ যাগ-যজ্ঞৰ বহুলতা, ক্রিয়া-কাণ্ডৰ প্ৰাধান্যই কেইবাশতক জুৰি ধৰ্মীয় চিন্তা-চৰ্চাক মুষ্টিমেয় এক শ্রেণীৰ বিশেষ অধিকাৰৰ বস্তু যেন কৰি তুলিছিল আৰু ইয়াৰ ফলত জাতি-বৰ্ণৰ বিভেদেবে সামাজিক সংকীর্ণতা সৃষ্টি হৈ সৰ্বাত্মক ঘৃণাভাৱ ধৰ্মৰ অংগ হিচাপে দেখা দিছিল। এই সময়তে বুদ্ধদেৱৰ নেতৃত্বত আৰু ঋষভ-পৰ্শনাথ-মহাবীৰকে ধৰি চৌব্বিশজন তীৰ্থ শংকৰৰ নেতৃত্বত ধৰ্মৰ ক্ষেত্ৰত উদাৰ চেতনাৰে এক স্বাধীন চিন্তাৰ দুৱাৰ মুকলি হৈছিল আৰু ধৰ্মৰ জৰিয়তে এক সমাজ বিপ্লৱৰ সূচনা হৈছিল। ‘প্রাকৃত’ অভিধাৰ প্ৰথম উল্লেখ পোৱা যায় আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতাব্দীৰ ভৰতৰ ‘নাট্যশাস্ত্ৰত আৰু খ্ৰীষ্টীয় সপ্তম শতাব্দীৰ দণ্ডীয়ে তেওঁৰ ‘কাব্যাদর্শত’ সাহিত্যিক-ভাষাৰূপে প্রাকৃতক স্বতন্ত্র মর্যাদা প্রদান কৰে। অৱশ্যে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীৰ পতঞ্জলিয়ে তেওঁৰ ‘মহাভাষ্য ত অপাণিণীয়-অপশব্দৰ অৰ্থত (‘ভুয়াংসোহপশদ্বা ………’) ‘অপভ্রংশ’ বুলি যি উল্লেখ কৰিছে তাৰ ভিতৰত প্ৰকৃততে সি সাধাৰণ লোকৰ কথ্য-প্ৰয়োগ বা সংস্কৃত-আদর্শ বিচ্যুৎ লৌকিক কথা-ৰীতিক বা প্রাকৃতকে বুজাইছে। ‘গো’ শব্দৰ যি তিনিটা ‘গোণী’, ‘গোতা’, ‘গোপোতালিকা’ অপশব্দৰ উল্লেখ তাৰ ভিতৰত ‘গোণী’ অশোকৰ শিলালিপিত অর্ধ-মাগধী আৰু মাগধীত বিভিন্ন ৰূপত পোৱা গৈছে। এনে উদাহৰণে স্পষ্ট কৰি দিয়ে যে লৌকিক ৰূপত বৈদিকৰ যি সৰলতৰ ৰূপ সিয়ে প্ৰাকৃত আৰু বহু আগৰে পৰা পৰিৱৰ্তন হৈ হৈ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীমানত এক নিৰ্দিষ্ট ৰূপত আত্মপ্রকাশ কৰি ‘প্রাকৃত’ নামেৰে সুখ্যাত হয়।
খ্ৰীষ্টীয় তৃতীয় শতাব্দীমানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত প্ৰাকৃতবোৰে অঞ্চল বিশেষে বিশেষ আঞ্চলিক বৈশিষ্ট্যৰে গঢ় লৈ নির্দিষ্ট হৈ উঠে আৰু বিভিন্ন আঞ্চলিক নামেৰে পৰিচিত হয়। সাহিত্যাদি সৃষ্টি হোৱাৰ কাৰণে বিভিন্ন নামেৰে গঢ় লৈ উঠা প্রাকৃতবোৰক ‘সাহিত্যিক প্রাকৃত’ বুলি কোৱা হয়। এই সাহিত্যিক প্ৰাকৃতৰ ৰূপটো গঢ়ি উঠিছিল সংস্কৃত ভাষাৰ আদৰ্শত। এই সাহিত্যিক প্রাকৃত প্রধানত পাঁচটা পোৱা যায়। সেইকেইটা হৈছে— মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অৰ্দ্ধমাগধী আৰু পৈশাচী।
অৱশ্যে প্রাচীন বৈয়াকনিকসকলে তেওঁলোকৰ ব্যাকৰণসমূহত সাহিত্যিক প্রাকৃত হিচাপে ভিন ভিন নামৰ উল্লেখ দেখা যায়। কিন্তু প্রাচীন বৈয়াকনিকসকলে ভিন ভিন আঞ্চলিক প্ৰাকৃতৰ আলোচনা কৰিছিল যদিও প্রকৃতপক্ষে সাহিত্যিক প্রাকৃত হিচাপে প্রতিষ্ঠিত হৈছিল উত্তৰ-পশ্চিম ভাৰতত পৈশাচী, দক্ষিণ-পশ্চিম বা পশ্চিমত মহাৰাষ্ট্ৰী, মধ্য অঞ্চলত শৌৰসেনী আৰু পূব অঞ্চলত মাগধী আৰু অৰ্দ্ধমাগধী। পৈশাচী বুলি উত্তৰ-পশ্চিমে অঞ্চলৰ প্ৰাকৃতক সাহিত্যিক মর্যাদা দিয়া হৈছে যদিও ইয়াৰ সাহিত্যিক নিদর্শন পোৱা নাযায়। একমাত্র বৈয়াকনিকসকলৰ উল্লেখ আৰু নিদর্শনেই ইয়াৰ একমাত্র ভিত্তি।
উল্লিখিত প্রধান সাহিত্যিক প্ৰাকৃত কেইটাৰ ভিতৰত মহাৰাষ্ট্ৰীক আদর্শ বা মানবিশিষ্ট প্রাকৃত বুলি গণ্য কৰা হৈছিল আৰু ইয়াৰ তুলনাত আন প্ৰাকৃতসমূহৰ লক্ষণ বিচাৰ কৰা হৈছিল। কিন্তু সাহিত্যিক প্ৰাকৃত বুলি কোৱা এই প্রাকৃতসমূহ সংস্কৃত ব্যাকৰণৰ আদৰ্শ অনুসৃত হোৱাৰ কাৰণে এইবোৰক কৃত্রিম সাহিত্যিক ভাষা বা বিবর্তনহীন সংৰক্ষণশীল ভাষা বুলিহে ক’ব পাৰি। অৱশ্যে এইবিলাকৰ কাব্য ধর্মাশ্রিত লৌকিক ভিত্তি নাছিল অথবা প্রত্যেকৰে আঞ্চলিক বৈশিষ্ট্য ৰক্ষিত হোৱা নাছিল এনে নহয়। কিন্তু সংস্কৃতজ্ঞ প্রাকৃত বৈয়াকনিকসকলে প্ৰাকৃতৰ সাহিত্যিক ভাবাদর্শ লৌকিক ৰূপৰ পৰাই সংস্কৃত ব্যাকৰণৰ আদৰ্শৰে পৰিমাৰ্জিত কৰি গঢ়ি তুলি শিষ্ট জনোচিত ৰূপ নির্দিষ্ট কৰিছিল আৰু ইয়াৰ ফলতেই সাহিত্যিক প্ৰাকৃতসমূহৰ লোকাশ্রয়ী গুণ বা কাব্যধর্মী গুণ হেৰাই কৃত্রিম সাধুভাষাৰ ৰূপত আত্মপ্রকাশ কৰিলে। ৰীতিধর্মী হৈ উঠাৰ বাবেই ভাস, কালিদাসৰ পৰা শূদ্রক, বিশাখা দত্ত, ভট্টনাৰায়ণ পর্যন্ত পাঁচশ ছশ বছৰ ধৰি সংস্কৃত নাটসমূহত প্রয়োগ হোৱা যি প্ৰাকৃত পোৱা যায় সেইবোৰ সংস্কৃতানুগ, বিবর্তনহীন, স্থিৰ আদৰ্শৰ সাহিত্যব ভাষা আৰু এই কাৰণে এইবিলাক সহজেই সংস্কৃতত অনুবাদ কৰিব পাৰি। এনে হোৱাৰ কাৰণ – অশোক প্ৰাকৃতৰ কথ্যধৰ্মীতো গুণৰ লগত অথবা বৰ্হিভাৰতীয় গান্ধাৰী প্ৰাকৃতৰ কথ্যৰূপৰ লগত এইবোৰৰ মিল বিচৰা একপ্ৰকাৰ কঠিন কাম হৈ পৰে। তদুপৰি এনে কৃত্রিম বা ৰীতিধর্মী হৈ উঠাৰ কাৰণে আধুনিক ভাৰতীয় আর্যভাষাবিলাকৰ লগত বিশেষ বিশেষ সাহিত্যিক প্ৰাকৃতৰ সম্বন্ধ বিচাৰি উলিওৱা টান হৈ পৰে।
এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে প্রাকৃত ভাষা জনসাধাৰণৰ মুখৰ ভাষাই আছিল যদিও পৰৱৰ্তী কালত এই ভাষাৰ যি ৰূপটো সাহিত্যত ব্যৱহাৰ হোৱা হিচাপে পোৱা যায় সেই ৰূপটো জনসাধাৰণৰ মুখৰ ভাষা নহয়। সেইটো সংস্কৃত আদর্শানুগ আৰু সংস্কৃতৰ দৰেই কৃত্ৰিম । সাহিত্যত ব্যৱহাৰৰ বাবে ই ‘সাহিত্যিক’ ৰূপ আৰু এইকাৰণে যথার্থভাৱেই ‘সাহিত্যিক’— ‘প্রাকৃত’ (hiterary Prakrit) বুলি অভিহিত কৰা হৈছে।
৩। ভাৰতীয় আর্যভাষাৰ ভাষাগত বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ স্থান আৰু কালগত ব্যবধানে ‘ভাৰতীয় আৰ্য’ ভাষাৰ মাজত যিবোৰ ভাষাগত বৈশিষ্ট্যৰ সৃষ্টি কৰিলে, সেইবোৰ তলত উল্লেখ কৰা হ’ল—
(ক) ভাৰতীয় আর্যভাষাত মূর্ধণ্য ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ এটি উল্লেখনীয় বৈশিষ্ট্য।
(খ) ভাৰতীয় আর্যভাষাত স্পৃষ্ট মহাপ্রাণ ব্যঞ্জন (খ, ছ, থ, ফ, য, ঝ, ধ, ভ ) ৰ প্রয়োগ যথেষ্ট।
(গ) শ, স, ষ— এই তিনি শিস ধ্বনি আৰু ‘হ’ ধ্বনিৰ বহুল ব্যৱহাৰ ভাৰতীয় আর্যভাষাৰ অন্যতম বৈশিষ্ট্য।
(ঘ) ভাৰতীয় আর্যভাষাত বৰ্গৰ চতুৰ্থ বৰ্ণ ব্যৱহৃত হয়। যেনে— সং-ধাৰয়ৎ।
(ঙ) ভাৰতীয় আর্যভাষাত অপনিহিতিৰ ব্যৱহাৰ ব্যাপকভাৱে দেখা নাযায়।
(চ) ইৰাণীয় ভাষাৰ কেতবোৰ স্বৰধ্বনি ভাৰতীয় আর্যভাষাত ‘অ’ বা ‘আ’ হয়।
(ছ) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ ‘আই’ আৰু ‘অউ’, ভাৰতীয় আর্যভাষাতে যথাক্রমে ‘এ’ আৰু ‘ও’ লৈ পৰিৱর্তিত হয়।
(জ) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ অতি হ্ৰস্ব স্বৰ ‘অ'(s) আৰু হ্রস্ব ‘এ’ (e) ‘ও’ (০) প্রাচীন ভাৰতীয় আর্যভাষাত লুপ্ত পাইছে। মূলৰ ‘৯’ (লি) ধ্বনিৰ ব্যৱহাৰো কমি আহিছে।
(ঝ) ইৰাণীয় ভাষাত ‘ল’ৰ ব্যৱহাৰ নাই, ভাৰতীয় আৰ্যত ‘ল’ৰ প্ৰয়োগ আছে। ইৰাণীয় ‘ল’ৰ ঠাইত ‘ৰ’ হয়।
(ঞ) স্ব ধ্বনিৰ গুণ-বৃদ্ধি-সম্প্ৰসাৰণ, এই ভাষাৰ অন্য এটা বিশেষ গুণ।
(ট) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ তিনিটা বচন (এক বচন, দ্বি বচন, বহুবচন) তিনিলিংগ (পুংলিংগ, স্ত্রীলিংগ, ক্লীৱ লিংগ) ভাৰতীয় আর্য ভাষাতো ব্যৱহৃত হৈছিল। এই ভাষাত লিংগভেদ আছিল ব্যাকৰণগত বিষয়।
(ঠ) বিভিন্ন কাৰকৰ বাবে শব্দত বিভিন্ন বিভক্তি যুক্ত হৈছিল। সেইবাবে এই ভাষাত শব্দৰূপ আছিল বৈচিত্র্যপূর্ণ।
(ড) এই ভাষাত ধাতুৰ লগত কৃৎ আৰু শব্দৰ লগত তদ্ধিত প্রত্যয় যোগ কৰি নানান শব্দ গঠন কৰা হৈছিল।
(ঢ) ভাৰতীয় আর্য ভাষাত বাক্যৰ পদ বিন্যাসৰ কোনো নিৰ্দিষ্ট নিয়মৰ আৱশ্যক হোৱা নাছিল।
৪। ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক কেইটা ভাগত ভাগ কৰা হৈছে? প্রাচীন ভাৰতীয় আর্যভাষাৰ ভাষাগত বৈশিষ্ট্যসমূহ বিচাৰ কৰা।
উত্তৰঃ খ্ৰীঃপূঃ পোন্ধৰ শতিকাৰ পৰা সাম্প্ৰতিক কাললৈকে এই দীর্ঘকালৰ ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক বিৱৰ্তনৰ ৰীতি প্রকৃতি অনুসৰি তিনিটা ভাগত বিভক্ত কৰা হৈছেঃ
(ক) প্রাচীন ভাৰতীয় আর্য (Old Indo Aryan-O.I.A)
(খ) মধ্য ভাৰতীয় আর্য (Middle Indo Aryan M.I.A)
(গ) নব্য ভাৰতীয় আর্য (New Indo Aryan – N.I.A)
আনুমানিক খ্রীঃপূঃ পোছৰশ শতিকাৰ পৰা খ্ৰীঃপূঃ ষষ্ঠ শতিকালৈকে বিস্তৃত কালছোৱাই হ’ল প্রাচীন ভাৰতীয় আর্যভাষাৰ কাল। হিন্দুসকলৰ পৱিত্র ধর্ম গ্রন্থ ‘বেদ সমূহত এই যুগৰ ভাষাৰ নিদর্শন পোৱা যায়। বেদ চাৰিখন — ঋক, সাম, যজুঃ, আৰু অৰ্থব বেদ। প্রতিখন বেদৰে আকৌ সংহিতা, ব্ৰাহ্মণ, উপনিষদ আৰু আৰণ্যক এই চাৰিটাকৈ অংশ আছে। এইবোৰৰ ভিতৰত ঋক্ সংহিতাই প্রাচীনতম। ইয়াৰ ভাষাই প্রাচীন ভাৰতীয় আর্যভাষাৰ অবিকৃত নিদর্শন। শুক্ সংহিতাৰ পিছত ৰচিত আন আন সংহিতা, ব্ৰাহ্মণ, উপনিষদ আৰু আৰণ্যক আদিৰ ভাষাত ভাষা বিৱৰ্তনৰ আভাস সুস্পষ্ট। পৰিৱর্তনশীলতা জীৱন্ত ভাষাৰ স্বাভাৱিক ধর্ম। প্রাচীন ভাৰতীয় আর্যভাষাও মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহাত ইয়াৰ ভাষাগত পৰিৱৰ্তন ঘটিল। এনে পৰিৱৰ্তনক ব্ৰাহ্মণ্য সংস্কৃতিৰ প্ৰবক্তা দেৱ ভাষাৰ বিকৃতি বুলি ধাৰণা কৰি তাক ৰোধ কৰাৰ উদ্দেশ্যে ব্যাকৰণ ৰচনা কৰিবলৈ আৰম্ভ কৰিলে। এই ব্যাকৰণৰ নিয়মেৰে শৃংখলিত ভাষাটোক সংস্কৃত বা লৌকিক সংস্কৃত (Classical Sanskrit) বোলা হয়। মহামুনি পাণিনি ৰচিত ‘অষ্টাধায়ী’ বোলা বিখ্যাত ব্যাকৰণখনেই এই ভাষাৰ নিদর্শন দাঙি ধৰে। কোৱা প্রয়োজন যে এই ভাষাটোৱে সমাজৰ অভিজাত শ্ৰেণীৰ ভাৱ বিনিময়ৰ মাধ্যম আৰু সাহিত্যৰ ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। বৈদিক ভাষা আছিল জনসাধাৰণৰ কথিত ভাষাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ভাষা। সেয়ে, বৈদিক ভাষাৰ লগত তদানীন্তন জনসাধাৰণৰ কথিত ভাষাৰ সম্পৰ্ক আছিল নিবিড়। আনহাতে লৌকিক সংস্কৃতৰ ভাষা গঢ় লৈ উঠিছিল পাণিনিৰ ‘অষ্টাধায়ী’ৰ সূত্ৰৰ আধাৰত। খ্ৰীঃ পূঃ ৫ শতিকাৰ পৰা খ্ৰীঃপূঃ ১০ম শতিকাৰ ভিতৰত এই ভাষাটোৱে সমৃদ্ধি লাভ কৰে। এই কাৰণে, লৌকিক সংস্কৃত ভাষাক প্রাচীন ভাৰতীয় আর্যভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু বহল অৰ্থত প্ৰাচীন ভাৰতীয় আর্যভাষা বুলিলে আমি ‘বৈদিক’ আৰু ‘লৌকিক সংস্কৃত — উভয় ভাষাকে বুজো।
প্ৰাচীন ভাৰতীয় আর্যভাষাৰ ভাষাগত বৈশিষ্ট্য কেতবোৰ তলত উল্লেখ কৰা হ’ল—
(ক) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ অতি হ্ৰস্বস্বৰ ‘অ’ (১) আৰু হ্রস্ব ‘এ’ (e), ‘ও’ (o) প্রাচীন ভাৰতীয় আর্যভাষাত লুপ্ত হৈছে। মূলৰ ‘৯’ ধ্বনিৰ ব্যৱহাৰো কমি আহিছে।
(খ) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ ‘আই’ আৰু ‘অউ’ প্ৰাচীন ভাৰতীয় আর্য ভাষাত যথাক্রমে ‘এ’ আৰু ‘ও’ লৈ পৰিৱৰ্তিত হৈছে।
(গ) মূল ইণ্ডো-ইউৰোপীয় ভাষাত নথকা মূর্ধণ্য ধ্বনিৰ ব্যৱহাৰ প্ৰাচীন ভাৰতীয় আর্যভাষাৰ বিশেষ বৈশিষ্ট্য।
(ঘ) সম্ভৱ স্থলত সন্ধি, প্ৰাচীন ভাৰতীয় আর্যভাষাত অপৰিহাৰ্য আছিল। বৈদিক ভাষাত স্বৰৰ প্ৰয়োগ বাধ্যতামূলক আছিল। এই স্বৰ তিনিপ্ৰকাৰৰ – উদাত্ত, আনুদাত্ত আৰু স্বৰিত।
(ঙ) প্রাচীন ভাৰতীয় আর্যভাষাত প্ৰতিটো ব্যঞ্জন বৰ্গৰে একোটা নাসিক্য ধ্বনি (ঙ, ঞ, ণ, ম,ন) বর্তমান।
(চ) শ, স, ষ এই তিনি শিশ ফানি আৰু ‘হ’ ধ্বনিৰ বহুল ব্যৱহাৰ প্ৰাচীন ভাৰতীয় আর্যভাষাৰ অন্যতম বৈশিষ্ট্য।
(ছ) যুক্ত ব্যঞ্জনৰ ব্যৱহাৰ, প্ৰাচীন ভাৰতীয় আর্যভাষাত যথেষ্ট।
(জ) স্বৰধ্বনিৰ গুণ-বৃদ্ধি-সম্প্ৰসাৰণ, এই ভাষাৰ অন্য এটা বিশেষ গুণ।
(ঝ) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ তিনিটা বচন (একবচন, দ্বিবচন, বহুবচন), তিনি লিংগ (পুংলিংগ, স্ত্রীলিংগ, ক্লীৱ লিংগ) প্রাচীন ভাৰতীয় আর্য ভাষাতো ব্যৱহৃত হৈছিল। এই ভাষাত লিংগভেদ আছিল ব্যাকৰণগত বিষয়।
(ঞ) মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ দৰে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাতো কাৰক আছিল আঠ প্ৰকাৰৰ। যেনে— কর্তা, কর্ম, কৰণ, সম্প্রদান, অপাদান, সম্বন্ধ পদ, অধিকৰণ কাৰক আৰু সম্বোধন পদ।
(ট) বিভিন্ন কাৰকৰ বাবে শব্দত বিভিন্ন বিভক্তি যুক্ত হৈছিল। সেইবাবে এই ভাষাত শব্দৰূপ আছিল বৈচিত্র্যপূর্ণ।
(ঠ) প্রাচীন ভাৰতীয় আর্যভাষাত ক্ৰিয়াৰূপো আছিল বৈচিত্র্যপূর্ণ। এই ভাষাত পুৰুষ আছিল তিনিটা (উত্তম, মধ্যম, নাম), পদ দুটা (আত্মনেপদ আৰু পৰস্মৈপদ) আৰু বাচ্য দুটা (কর্তৃ, কর্ম-ভাব বাচ্য)। পুৰুষ অনুসৰি ক্ৰিয়াপদৰো সলনি হৈছিল।
(ড) প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ ছন্দ আছিল অক্ষমূলক।
(ঢ) প্রাচীন ভাৰতীয় আর্য ভাষাত বাক্যৰ পদ বিন্যাসৰ কোনো নিৰ্দিষ্ট নিয়মৰ আৱশ্যক হোৱা নাছিল।
(ণ) এই ভাষাত ধাতুৰ লগত কৃৎ আৰু শব্দৰ লগত তদ্ধিত প্রত্যয় যোগ কৰি নানান শব্দ গঠন কৰা হৈছিল।
(ত) প্ৰাচীন ভাৰতীয় আর্যভাষাত ক্ৰিয়াৰ ভাৱ (Mood) আছিল পাঁচটা। সেইকেইটা হ’ল— অভিপ্রায় (লোট), নির্বন্ধ, নির্দেশক, সম্ভাৱক (বিধিলিঙ), অনুজ্ঞা (লোট)।
(থ) প্রাচীন ভাৰতীয় আৰ্য ভাষাত ক্ৰিয়াৰ কাল আছিল পাঁচ প্ৰকাৰৰ। যেনে— লট (Present), লঙ (Imperfect), লৃট (Future), লিট (Perfect) আৰু লুঙ ( Aorist )। এইবোৰৰ ভিতৰত লঙ, লুঙ আৰু লিট অতীত কালৰেই প্ৰকাৰ ভেদ মাথোন। আৰু সামান্য অতীত কালৰহে ভাৱ অনুসৰি ভিন ভিন ৰূপ হয়।
৫। মধ্য ভাৰতীয় আর্যভাষাৰ স্তৰ হিচাপে মাগধী প্ৰাকৃতৰ বিষয়ে উল্লেখ কৰি অসমীয়া ভাষাত ইয়াৰ উপাদানসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ মাগধী প্ৰাকৃত আছিল ভাৰতৰ পূব অঞ্চলৰ প্ৰাকৃত। প্রাচীন মগধক (দক্ষিণ বিহাৰ) কেন্দ্ৰ কৰি কথ্যপ্ৰাকৃতৰ যি প্ৰাচ্য-উপভাষাৰ বিকাশ হৈছিল তাৰ পৰাই এই সাহিত্যিক প্ৰাকৃত গঢ় লৈ উঠে বুলি অনুমান কৰা হৈছে। মাগধীৰ সর্বপ্রাচীন স্পষ্ট নিদর্শন জোগীমাৰা গুহাত খোদিত ‘শুতনুকা’ প্রত্নলিপিত পোৱা যায়। খ্রীষ্টীয় প্রথম শতিকাৰ অশ্বঘোষৰ ‘সাৰিপুজ প্ৰকৰণত ইয়াৰ প্ৰাচীনতম সাহিত্যিক ৰূপটো বিধৃত হৈছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। সংস্কৃত নাটকত এই প্রাকৃতক অশিক্ষিত, অনভিজাত লোকৰ ভাষা হিচাপে ব্যৱহাৰ কৰা দেখা যায়। কালিদাস, শূদ্রক, বিশাখাদত্ত আদি নাট্যকাৰসকলে সাধাৰণ জীৱনৰ বৈচিত্ৰ্য ফুটাই তুলিবৰ বাবে আৰু কিছু পৰিমাণে হাস্যকৌতুক ফুটাই তুলিবৰ কাৰণে এই প্রাকৃতক তেওঁলোকৰ নাটকত ব্যৱহাৰ কৰিছিল। প্ৰাকৃত বৈয়াকৰণ পুৰুষোত্তম, মার্কণ্ডেয় আদিয়ে ‘শাকাৰী’, ‘চাণ্ডালী’, ‘শাৱৰী’, ‘টকী’ বা ‘ঢকী’ আদি কেইবাটাও এই প্ৰাকৃতৰ বিভাষা বা উপভাষাৰ কথা উল্লেখ কৰিছে। শাকাৰী, শাৰীক মাগধীৰ ‘বিশেষ প্ৰকাৰ’ বুলি আৰু চাণ্ডালীক ‘মাগধীৰ বিকৃত ৰূপ বুলি উল্লেখ কৰা হৈছে।
প্রাচীন মগধেই মাগধীৰ কেন্দ্ৰভূমি আছিল যদিও পূব ভাৰতৰ এক বিস্তৃত অঞ্চল ব্যাপি এই প্রাকৃতৰ কথা-ৰূপ প্ৰচলিত আছিল আৰু এই কথা ৰূপৰ বিৱৰ্তনেই আধুনিক ভাৰতীয় ‘মগধীয়ে ভাষাগুচ্ছ’অর্থাৎ পশ্চিমৰ ফালে ভোজপুৰী-মগহী-মৈথিলী আৰু পূৱৰ ফালে ওড়িআ-বাংলা অসমীয়া এই ভাষাকেইটাৰ উদ্ভৱ আৰু বিকাশ হয় বুলি সিদ্ধান্ত কৰা হৈছে।
অন্য প্রাকৃতৰ তুলনাত মাগধীৰ ধ্বনি-পৰিৱৰ্তন, শব্দ-সাধনৰ প্ৰক্ৰিয়া আদি বহু পৰিমাণে সুকীয়া প্ৰকৃতিৰ। এনে সুকীয়া প্ৰকৃতিয়ে এই প্রাকৃতক ধ্বনিতত্ত্বৰ দিশত স্বতন্ত্ৰ কৰি তুলিছে। ইয়াৰ মূলতে বিভিন্ন আর্য-বহির্ভূত ভাষাৰ প্রভাৱ বুলি অনুমান কৰা হৈছে। I.J.S Taraporewala ই মন্তব্য কৰিছে “The reason of the striking Phonetic Variation in Magadhi seems to be close contact with the Non-Aryan languages.” পূৱ ভাৰতৰ আৰ্য-বহির্ভূত কোল, দ্রাবিড়, তিব্বতবর্মী আদি ভাষাৰ প্ৰভাৱত অথবা এইসকলে আর্য ভাষা গ্ৰহণ কৰাৰ ফলত মাগধীত ধ্বনি পৰিৱৰ্তনে বেলেগ ৰূপ লৈছিল বুলি অনুমান। কৰিব পাৰি।
মাগধীৰ সাধাৰণ লক্ষণ কিছুমান আদর্শ বুলি বিবেচিত মহাৰাষ্ট্ৰীতকৈ শৌৰসেনীৰ লগতহে সাদৃশ্য দেখা যায়; উদাহৰণস্বৰূপে— মাগধীত শৌৰসেনীৰ দৰে স্বমধ্যৱৰ্তী দ, ধ কোনো পৰিৱৰ্তন নোহোৱাকৈ ৰক্ষিত হৈছে। বৰুচিয়ে মাগধী শৌৰসেনীৰ মূলগত সাদৃশ্য লক্ষ্য কৰি ‘প্রকৃতি : শৌৰসেনী’ অর্থাৎ শৌৰসেনীয়েই মাগধীৰ মূল বুলি উল্লেখ কৰিছিল। হেমচন্দ্রই মাগধীৰ লক্ষণ নিৰ্দেশত ‘শেষং শৌৰসেনীৱৎ’ বুলি মন্তব্য কৰিছিল।
অসমীয়া ভাষাটোক মূলতঃ মগধীয় ভাষা বুলি উল্লেখ কৰাৰ লগে লগে অসমীয়া ভাষাৰ মগধীয় আন আন ভাষা বা মগধ অঞ্চলত প্ৰচলিত আন প্ৰাকৃত আদিৰে সৈতে সম্বন্ধ থকা কথাটোও অন্তর্ভুক্ত হয়। অসমীয়া ভাষা আৰু ইয়াৰ উপভাষাবোৰত মাগধী প্ৰাকৃতৰ বহুতো নিদর্শন সংৰক্ষিত হৈছে। মাগধী প্ৰাকৃতৰ লক্ষণবোৰৰ ভিতৰত এইবোৰ বিশেষভাৱে উল্লেখযোগ্য―
(ক) সংস্কৃত ‘শ, ষ, স’ ধ্বনিৰ ‘শ’ লৈ।
(খ) ‘ৰ’ ধ্বনিৰ ‘ল’ লৈ।
(গ) ‘জ’ ধ্বনি ‘য’লৈ।
(ঘ) বিসর্গযুক্ত পদান্ত অ> এ।
(ঙ) ‘ন্য’ ধ্বনিৰ ‘ঞ ঞ’ লৈ পৰিৱৰ্তন।
(চ) অপিনিহিতিৰ অৱস্থিতি।
(ছ) স্বার্থিক আ প্রত্যয়ৰ বহুল ব্যৱহাৰ।
(জ) শব্দ-বিভক্তিৰ বিলুপ্তি।
(ঝ) চতুৰ্থীৰ ঠাইত দ্বিতীয়া বা সপ্তমীৰ প্ৰয়োগ আদি।
উদাহৰণঃ ধ্বনিগত বৈশিষ্ট্যঃ
(ক) মান্য অসমীয়া ভাষাত শব্দৰ আৰম্ভণিতে সংস্কৃত ‘শ, ষ, স’ এই উষ্ম ধ্বনিকেইটা অসংযুক্ত হ’লে ‘স’ ৰূপে উচ্চাৰিত হয়। শব্দৰ আন ঠাইত সিহঁতৰ সাধাৰণতে ‘স’ ৰূপে উচ্চাৰিত হয়। শব্দৰ আন ঠাইত সিহঁতৰ উচ্চাৰণ সাধাৰণতে ‘স’ৰ দৰেই হয়। কিছুমান শব্দত ‘হ’ আৰু ‘খ’ ৰূপেও শুনা যায়। গোৱালপৰীয়া ‘দেশী ভাষাত হ’লে এই ধ্বনিকেইটাৰ তালব্য “শ” ৰূপে উচ্চাৰণ হোৱাৰ উদাহৰণ আছে, যেনে— দশ, মানুশ, শাপ (সৰ্প), মৈশ (মহিষ), শেশা (শশ)।
(খ) ৰ’ ধ্বনি ‘ল’ত পৰিৱৰ্তন হয়। যেনে— শৰীল (কামৰূপী), (তু. বুৰঞ্জী শৰীল), লাই (ৰাজিকা), চকল (চক্র > চক > চলক)।
(গ) “জ” ধ্বনি ‘য’ত পৰিৱর্তন হয়। যেনে— যজুর্বেদী >যযুর্বেদী (ইন্দ্ৰপালৰ তামৰ ফলি)
(ঘ) প্রথমতঃ প্রথমতে (অশোকৰ অনুশাসনৰ প্ৰাচ্য-মধ্য উপভাষাতো এই বৈশিষ্ট্য আছে)।
(ঙ) পদমধ্যস্থিত একক ত, থ যথাক্রমে দ, ধ-ত পৰিৱর্তন; যেনে— পুচ্ছিতঃ > পশ্চিদে; জীৱিতম > যীৱেদে; কথয় > কধেহি ইত্যাদি।
(চ) সংযুক্ত ব্যঞ্জন ব্যৱহাৰৰ ক্ষেত্ৰত তিনিটা ধাৰা লক্ষ্য কৰা যায়;
১। স্বাভাৱিক নিয়মেৰে সমীভূত হয়; যেনে—
র্জ,র্য,দ্য > যয; জ্ঞ,ঞ্জ, ণ্য, ন্য > ঞ,ঞঃ
অর্জুন > অযযুণ; অকার্য > অকযয়;
অদ্য > অযয; বিদ্যা > বিযযা;
অঞ্জলি > অঞঞলি; প্রজ্ঞা > পঞঞা; পূণ্যে > পুঞঞ;
কন্যক > কঞঞকা ইত্যাদি।
২। সমীভৱন নোহোৱাকৈ ৰক্ষিত হয়; যেনে—
হস্তিস্কন্ধং, হতঃ + অস্মি > হদেস্মি; স্ফুৰতি > স্ফুলন্তি;
পশ্চাৎ> পশ্চা ইত্যাদি।
৩। অনিয়মিতভাৱে পৰিৱর্তন হয় বা নতুন নিয়মেৰে সমীভৱন হয়; যেনে—
চ্ছ> শ্চঃ গচ্ছতি > গশ্চদি;
ৰ্থ > স্তঃ বিক্রয়ার্থম > বিকঅস্তং;
স্থ > স্তঃ উপস্থিত > উপস্থিদ;
তৃ > ষ্টঃ ভর্তৃক > ভষ্টকে;
ক্ষ > স্ক, শকঃ প্রেক্ষতে > পেষ্কদি; পেশকদি ইত্যাদি।
(ছ) চকা, ঢাকা (কামৰূপী), কণা, সনা (কামৰূপী) ৰু পা (কামৰূপী)
(জ) সত্য> সোইত্তো, সইত্ত; সং সাধুক > সাউদ, ৰাজ্য > ৰাইজ।
(ঝ) বিশেষভাৱে নুবুজালে অসমীয়াত দ্বিতীয়া বিভক্তি ‘ক’ যোগ নহয়; যেনে— মাহনু মানুহ মাৰে। অকর্মক ক্ৰিয়াৰ কৰ্তাৰ পিছতো সচৰাচৰ প্ৰথমা ‘এ’ বিভক্তি যোগ নহয়; যেনে— ৰাম যায়।
(ঞ) ক’ক যাহ। ক’ত যাহ (কামৰূপী), [ তুংখুঙীয়া বুৰঞ্জী চক্ৰানকাৰ ঠাইত মানুহ পঠালে। পাছে কিংলঙ্গে এই কথা ৰজাদেৱত কলে]। চতুৰ্থী আৰু দ্বিতীয়া বিভক্তি একে লগ হোৱাৰ এটা সুন্দৰ নিদৰ্শন হৈছে অসমীয়া ভাষাত সম্প্ৰদান কাৰকৰ অনুপস্থিতি। কাৰোবাক কোনো এটা বস্তু দিয়াটোৱে সম্প্ৰদান কাৰকৰ উপস্থিতি। সম্প্ৰদান কাৰকত সংস্কৃতত চতুর্থী বিভক্তি হয়; যেনে— দৰিদ্ৰায় ধনং দদাতি। অসমীয়াত কিন্তু সম্প্ৰদান কাৰক নাই। কাৰোবাক কোনো এটা বস্তু দিয়া অৰ্থত কৰ্ম কাৰকহে হয়; যেনে— ভিখাৰীক চাউল দিছে। অসমীয়াত অৱশ্যে প্রতি, অভিমুখ, নিমিত্ত আদি অৰ্থত ক্ৰিয়াৰ লগত কিছুমান শব্দৰ সম্পৰ্ক ঘটে। এইটোক নিমিত্ত কাৰক বোলা হৈছে। নিমিত্ত কাৰকত চতুর্থী বিভক্তি হয়; যেনে— ডাঙৰলৈ ভক্তিভাৱ ৰাখিবা (প্ৰতি), তেওঁ শিৱসাগৰলৈ গ’ল (অভিমুখ), এইটো তোমালৈ আনিছোঁ (নিমিত্ত)।
ৰূপগত বৈশিষ্ট্যঃ
(ক) অ-কাৰান্ত বিসর্গ (অঃ) ‘এ’ কাৰ হয়; যেনে— নৰঃ > ণলে; এষঃ > এশে।
(খ) সম্বোধনত অ-কাৰান্ত শব্দ আ-কাৰান্ত হয়; যেনে— হে পুৰুষ > হে পুলিশা।
(গ) স্বাৰ্থিক ‘ক’ প্রত্যয়ৰ বহুল প্ৰয়োগ মাগধীৰ লক্ষণীয় বৈশিষ্ট্য; যেনে— ভর্তৃকাঃ > ভষ্টকে।
(ঘ) সর্বনামৰ ‘অস্মদ’ শব্দৰ প্ৰথমাৰ একবচনত ‘হকে’, ‘হগে’, ‘অহকে’ (সং-অহম) তিনিটা ৰূপ পোৱা যায়।
ধাতুৰূপগতঃ
(ক) কৃ, গম, মৃ ধাতুৰ পাছৰ ‘ক্ত’ প্রত্যয়ৰ ঠাইত ‘ড’ হয়। যেনে— কৃতঃ > কড়ে; গতঃ > গড়ে; মৃতঃ > মডে।
৬। বৈদিক তথা সংস্কৃত ভাষাৰ লগত অসমীয়া ভাষাৰ কোন কোন ক্ষেত্ৰত মিল থকা পৰিলক্ষিত হয় আৰু সংস্কৃতৰ পৰা অসমীয়ালৈ কেনেকৈ শব্দৰ পৰিৱৰ্তন হয় এটি আলোচনা যুগুত কৰা।
উত্তৰঃ সংস্কৃত (লৌকিক) ভাষা আৰম্ভ হোৱাৰ আগতে ইণ্ডো-জার্মান যুগৰে পৰা আহি বহা আৰ্যবিলাকৰ আৰু বহিৰ্বৃত্তৰ আৰ্যবিলাকৰ যি ভাষা ভাৰতবৰ্ষত চলিছিল তাক আদি প্ৰাকৃত বোলে। বৈদিক ভাষাও এটা আদি প্রাকৃত এই কাল ১৫০০ খৃষ্ট পূৰ্ব্বাদৰ সমকালীন। সাহিত্যৰ বলত এই ভাষা প্ৰিয় হোৱাৰ লগে লগে সকলো প্রাদেশিক ভাষাতে সংস্কৃত শব্দাদি চলিবলৈ ধৰিলে। সেইবিলাক ভাষাৰ লগত আগৰে পৰা সংস্কৃতৰ বহুত মিল (একে আর্য ভাষাৰ নাতি বুলি) অৱশ্যে আছিল। অসমীয়া ভাষাতো সেই দেখি সংস্কৃতৰ আগত চলা বৈদিক ভাষাৰ লগতো অসমীয়াৰ কিছু মিল দেখা যায়। যেনে— অং-উপশব্দ ‘জনী’ (cf ঘৈণীয়েকজনী, মানুহজনী) আগেয়ে বেদত ‘পত্নী’ অৰ্থত ব্যৱহাৰ কৰা হৈছিল। আবেষ্টিক ভাষাতো সেই অৰ্থতে চলিছিল। বেদৰ মৰ্যাদাসূচক ‘আ’ (cf আধেহি, আউক্ত, আধবতে) অসমীয়াতো সন্মানীয় ব্যক্তিলৈ বুলি দ্বিতীয় পুৰুষত (আৰু পুৰণি অসমীয়াত তৃতীয় পুৰুষতো) সদায় ব্যৱহাৰ কৰা হয়, যেনে— ‘আঁহা’, ‘আহিলা’, ‘আহিবা’, ‘তুষ্ট হুয়া সূৰ্য্যে স্যমস্তক তাঙ্ক দিলা” — শঙ্কৰ। বেদৰ ‘সত্ৰ’ শব্দ (Session, লালিকৈ হোৱা যজ্ঞৰ কাল) অসমীয়াত ‘সত্য’ (যেনে, বৰষুণৰ সতা = লালি বৰষুণ) স্বৰূপে আছে।
লৌকিক সংস্কৃতৰ বহল প্ৰচাৰ হোৱাৰ লগে লগে সেই ভাষাৰ প্রভাৱ সকলো প্ৰদেশৰে প্ৰাকৃত ভাষাত পৰিলে। কিন্তু সেই বুলি সংস্কৃতৰ লগত সেই প্রাকৃতবিলাকৰ কিছুমান শব্দ আকৃতিত মিলে কাৰণেই সেই আটাইবিলাক শব্দ যে সংস্কৃতৰ পৰা নামিছে সেইটো নহয়। আচলতে জীৱন-যাপন কৰাত সাধাৰণতে যিবিলাক শব্দ সদায় লাগি থাকে তেনেবিলাক শব্দ নিশ্চয় আগৰপৰা প্ৰাকৃত ভাষাবিলাকত চলি আছিল। কিন্তু সংস্কৃতৰ প্ৰভাৱ পৰাত তেনে ঘৰুৱা শব্দবিলাকৰো বহুত তল পৰি সেইবিলাকৰ ঠাইত সংস্কৃত শব্দ হ’ল, বিশেষকৈ অন্তৰ্গতত আৰু পাছলৈ বঙ্গদেশৰ লেখা আৰু তাৰ পৰা সৰকি কোৱা ভাষাতো। কিন্তু অসমত এমুৰীয়া ঠাই বুলিয়েই কেনে শব্দবিলাক বৰকৈ তল পৰা নাই, যেনে— সংস্কৃত ‘অগ্নি’, হিন্দী— ‘আগ’, বাংলা— ‘আগুন’, অসমীয়া ‘জুই’। কিন্তু যিবিলাক শব্দ সংক্ষিপ্ত ভাব (abstract idea) যুক্ত বা ওখ ভাবাপন্ন তেনে শব্দবিলাককহে সংস্কৃতৰ পৰা অহা বুলি ধৰিব লাগে। প্রথম শ্ৰেণীৰো যিবিলাক সংস্কৃত শব্দ বেলেগ বেলেগ প্রাকৃত ভাষাত সোমাইছে সেইবিলাকো সেই প্ৰাকৃতৰ নিজ ধাতু অনুসৰি বেলেগ বেলেগ ৰূপে পৰিৱৰ্তিত হৈছে। এতেকে তলত অসমীয়া আৰু সংস্কৃতীয়া শব্দবিলাকৰ দুটা ৰূপ দেখুওৱা হৈছে আৰু তাৰ দ্বাৰাই সংস্কৃতৰ পৰা অসমীয়ালৈ কেনেকৈ শব্দৰ পৰিৱৰ্তন হয় তাকে দেখুওৱা হৈছে।
১। সংস্কৃতত য’ত যুক্ত বর্ণ, অসমীয়াত সি ভাগি দুটা হয় (স্বৰভক্তি)। যেনে―
সংস্কৃত | অসমীয়া |
বর্ণ | বৰণ |
ধৰ্ম্ম | ধৰম (এতিয়া সংস্কৃতৰ প্ৰভাৱ পৰাত ‘ধৰ্ম্ম’ চলিছে) |
তপ্ত | তপত |
সত্য | সইত |
স্বাদ | সোৱাদ |
শত্রু | শত্রু |
এই দুটা ৰূপৰ (এটা যুক্তাক্ষৰৰ আনটো অযুক্তাক্ষৰৰ) কোনটো আগৰ আৰু কোনটো পিছৰ কোৱা টান। ‘স্বাদ’তকৈ ‘সোৱাদ’ অর্থাৎ সু (ভাল) + অদ (ভক্ষণ) শব্দহে আগ হোৱা স্বাভাৱিক।
২। সংস্কৃত শব্দৰ মাজত থকা দ,ধ,জ অসমীয়াত ‘জ’ হয়; যেনে—
সংস্কৃত | অসমীয়া |
বৈদ্য | বেজ |
সিদ্ধ | সিজা |
মধ্য | মাজ |
শুধ | শুদ্ধ |
অদ্য | আজি |
সন্ধ্যা | সাঁজ |