Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Join Telegram channel

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

ASSAMESE

ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা

(ক) অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কীয় মত

অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া ভাষা ভাৰতৰ কোন অংশত প্ৰচলিত?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত।

২। অসমীয়া ভাষাটো সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে?

উত্তৰঃ সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে।

৩। ‘Assamese its Formation and development’ – গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ ড° বাণীকান্ত কাকতি।

৪। ভাষাগত দৃষ্টিকোণৰ পৰা অসমত কেইটা ভাষাগোষ্ঠীৰ ভাষা প্রচলন থকাৰ কথ ক’ব পাৰি আৰু কি কি? 

উত্তৰঃ চাৰিটা। ভাষাকেইটা ক্রমে— ইণ্ডো-ইউৰোপীয়, চীন-তিব্বতীয়, অষ্ট্ৰিক আৰু দ্রাবিড়।

৫। অসমীয়া ভাষাৰ মূল কি?

উত্তৰঃ প্ৰাচ্যমাগধী।

৬। অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ কোন শাখা, উপশাখাৰ অন্তৰ্গত? 

উত্তৰঃ ইণ্ডো-ঈৰাণীয় শাখাৰ আৰ্য উপশাখাৰ অন্তৰ্গত।

৭। আৰ্য শাখাৰ পৰা কোনবোৰ ভাষা নিৰ্গত হৈছে?

উত্তৰঃ সংস্কৃত আৰু সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষাসমূহ ।

৮। প্ৰাচীন ভাৰতীয় আর্য ভাষা বুলিলে কোন দুটা ভাষাক বুজায়?

উত্তৰঃ বৈদিক আৰু সংস্কৃত।

৯। আর্য শাখাৰ প্ৰাচীনতম নিদর্শন কি?

উত্তৰঃ বৈদিক সাহিত্য।

১০। বৈদিক যুগৰ বৈদিক সাহিত্যৰ ভাষাৰ উপৰিও মানুহৰ মুখত প্ৰচলিত কথিত ভাষাটোক ব্যাকৰণৰ সূতাৰে কোনে গাথিছিল? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত বৈয়াকৰণিক পানিণিয়ে। তেওঁ কথিত ভাষাটো ব্যাকৰণ খটুৱাই ‘সংস্কৃত’ নামেৰে নামকৰণ কৰিছিল। 

১১। ‘অসমীয়া আৰু অসমৰ ভাষা’— গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ বিশ্বজিৎ দাস।

১২। ‘অসমৰ ভাষা পৰিচয়’– ভাষাবিষয়ক গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰঃ প্ৰমোদ চন্দ্ৰ ভট্টাচার্য।

১৩। প্রাচীন ভাৰতীয় আৰ্য-ভাষাৰ সময় সীমা কিমান?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব দ্বাদশ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকালৈ।

১৪। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় সীমা কিমান?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত।

১৫। নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় সীমা কিমান? 

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা।

১৬। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সাহিত্যৰ প্ৰথম চানেকি কি?

উত্তৰঃ পালি ভাষা।

১৭। “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ”। কাৰ উক্তি?

উত্তৰঃ হিউয়েন চাঙৰ (চীনা পৰিব্ৰাজক)।

১৮। অসমীয়া ভাষাটো মূলতঃ কেইটা প্ৰৱাহৰ সমষ্টি?

উত্তৰঃ দুটা।

১৯। ‘ আন-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছে। সেই কথা খাটাংকৈ একো ক’ব নোৱাৰি; সম্ভৱতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ’। এই মন্তব্যটো কাৰ?

উত্তৰঃ ডঃ নাথান ব্রাউন।

২০৷ ভাৰতলৈ অহা শেষ নৃ-গোষ্ঠীটো কি?

উত্তৰঃ নাৰ্ডিক নৃগোষ্ঠী।

২১। কৃষি পদ্ধতিৰ আৱিষ্কাৰক কোন?

উত্তৰঃ বড়োসকল।

২২। অসমত গ্রাম্য সংস্কৃতিৰ প্ৰতিষ্ঠা কোনে কৰে?

উত্তৰঃ অষ্ট্ৰিকসকলে।

২৩। উত্তৰ-পূবৰ জনজাতীয় তিব্বতবর্মীয় ভাষাসমূহৰ একমাত্ৰ কোনটো ভাষাৰ নিজস্ব লিপি আছে?

উত্তৰঃ মেইটেই বা মণিপুৰী ভাষাৰ।

২৪। খাছীসকল মঙ্গোলীয় হয়নে?

উত্তৰঃ হয়।

২৫। অষ্ট্ৰিক ভাষা পৰিয়ালৰ অন্তৰ্গত, মোনখেমৰ শাখাৰ সম্পর্কিত মেঘালয়ৰ ভাষা বিধৰ নাম কি?

উত্তৰঃ খাছী।

২৬। ‘অসমৰ জনজাতি’ শীৰ্ষক গ্ৰন্থখনৰ সম্পাদক কোন?

উত্তৰঃ প্রমোদ চন্দ্ৰ ভট্টাচার্য।

২৭। মধ্য ভাৰতীয় আৰ্য স্তৰৰ কোনটো প্ৰকাৰৰ পৰা অসমীয়া, বঙলা, ওড়িয়া আদি পূর্ব ভাৰতৰ ভাষাসমূহৰ উদ্ভৱ হৈছিল? 

উত্তৰঃ মাগধী অপভ্রংশৰ পৰা।

২৮। ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰথমে প্ৰব্ৰজন কৰা বুলি অনুমান কৰা জনগোষ্ঠী কোনটো? 

উত্তৰঃ আলপাইন।

২৯। ভাৰতবৰ্ষত ‘জনজাতি’ শব্দটো কোনে সৃষ্টি কৰিছিল?

উত্তৰঃ ব্ৰিটিছসকলে।

৩০। ভীমকান্ত বৰুৱাৰ ‘অসমৰ ভাষা’ নামৰ গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ১৯৯০ চনত।

৩১। ‘খাছী’ ভাষাৰ মূল উৎস কি?

উত্তৰঃ অষ্ট্ৰিক।

৩২। অসমীয়া ভাষাত মিছিং, দেউৰী আৰু নগা ভাষাৰ প্ৰভাৱ থকাৰ কথা কোন কেইগৰাকী গবেষকে কৈছে?

উত্তৰঃ নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা আৰু নাহেন্দ্ৰ পাদুন। 

৩৩। শ্রীকৃষ্ণ কীর্তনখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ বসন্ত ৰঞ্জন ৰায়ে।

৩৪। চর্যাপদবোৰ কি পন্থাৰ গীত?

উত্তৰঃ বৌদ্ধ সহজযান পন্থাৰ ধৰ্মসাধনৰ গীত।

৩৫ । অসমীয়া ভাষাৰ উপৰি আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে?

উত্তৰঃ বঙলা, উড়িয়া, মৈথিলী আৰু নেপালী।

৩৬। শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচক কোন? 

উত্তৰঃ বড়ু চণ্ডীদাস।

৩৭। ৰাধাকৃষ্ণ লীলা বর্ণিত গ্ৰন্থখন কি? 

উত্তৰঃ শ্রীকৃষ্ণ কীর্তন।

৩৮। কোনজন ব্যক্তিয়ে ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্রীকৃষ্ণ কীৰ্ত্তন ভাষাত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা উনুকিয়াই গৈছে?

উত্তৰঃ বাণীকান্ত কাকতিয়ে।

৩৯। ‘শ্ৰীকৃষ্ণ কীর্তন’ত প্ৰভাৱ পৰা গ্ৰন্থখন কি? 

উত্তৰঃ গীতগোবিন্দ।

৪০। চর্যাপদৰ পৰৱৰ্তী কালত অসমীয়া ভাষাৰ বিকশিত ৰূপটো ক’ত সংৰক্ষিত হৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণ কীর্তনত।

৪১। বড্চণ্ডী দাসৰ ‘বড’ শব্দটো অসমীয়া বৰুৱা’ শব্দৰেই ৰূপান্তৰ বুলি কোনে মন্তব্য কৰিছে?

উত্তৰঃ সত্যেন্দ্ৰনাথ শৰ্মা।

৪২। ‘শ্রীকৃষ্ণ কীর্তন’ কিমান শতিকাত ৰচিত?

উত্তৰঃ চতুৰ্দশ শতিকাত।

৪৩। ‘শূন্য পুৰাণ’ৰ ৰচক কোন?

উত্তৰঃ ৰামাই পণ্ডিত। 

৪৪। ‘প্রত্ন-অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ’ কাৰ ৰচনা?

উত্তৰঃ উপেন্দ্রনাথ গোস্বামী।

৪৫। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ কোনটো ঘনতাই আৱৰি থকা গীত বুলিলে কোনখন পুঁথিক বুজা যায়?

উত্তৰঃ চর্যাপদক।

৪৬। “মগধৰ পৰা মাগধী প্রাকৃতে তিনি দিশলৈ গতি কৰিছে। দক্ষিণৰ পিনে ই উড়িয়া ভাষাত পৰিণত হৈছে। দক্ষিণ-পূবৰ পিনে ই প্ৰথমতে পশ্চিমে আৰু পিছত পূর্ব বঙলা আৰু পূবৰ পিনে প্ৰথমতে উত্তৰ বঙলা আৰু পিছত অসমীয়াৰ ৰূপ লৈছে”। কথাষাৰ কাৰ উক্তি?

উত্তৰঃ গ্ৰীয়াৰ্ছন।

চমু প্রশ্নোত্তৰঃ

১। গৌণ প্রাকৃত বা মধ্য ভাৰতীয় আর্য ভাষাক কেইটা স্তৰত ভগোৱা হৈছে আৰু ভাগ কেইটা কি কি?

উত্তৰঃ তিনিটা। স্তৰকেইটা ক্রমে—

(ক) প্রাচীন প্রাকৃত স্তৰ।

(খ) মধ্য প্রাকৃত স্তৰ।

(গ) অন্ত্য প্রাকৃত স্তৰ।

২। অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে কেইটা প্ৰধান ভাগত ভাগ কৰিছে আৰু ভাগকেইটা কি কি?

উত্তৰঃ অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে। সেইবোৰ হ’ল—

(ক) প্রাচীন অসমীয়া।

(খ) মধ্য অসমীয়া।

(গ) আধুনিক অসমীয়া।

৩। ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ তিনিটা―

(ক) প্রাচীন ভাৰতীয় আর্যভাষা।

(খ) মধ্য ভাৰতীয় আর্যভাষা।

(গ) নব্য ভাৰতীয় আর্যভাষা।

৪। ড° বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাটোৰ উদ্ভৱ সম্পৰ্কত কি মন্তব্য কৰিছে লিখা?

উত্তৰঃ অসমীয়া ভাষাটোক সচৰাচৰ মাগধী অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা বুলি কৈ অহা হৈছে। ড° বাণীকান্ত কাকতিয়ে লিখিছে— “অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰ সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্রংশৰ উপভাষা।”

৫। অসমীয়া জাতিয়ে কেনেদৰে গঢ় লৈ উঠিছে?

উত্তৰঃ অষ্ট্ৰিক, মংগোলীয়, নর্ডিক আৰু দ্রাবিড় প্রভৃতি নৃ-গোষ্ঠীৰ সমন্বয় আৰু সমাহৰণৰ যোগেদি বৃহত্তৰ অসমীয়া জাতিয়ে বৈচিত্ৰপূৰ্ণ ৰূপত গঢ় লৈ উঠিছে।

ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। অসমীয়া ভাষাত অনা-আর্য উপাদান উভৈনদী হোৱাৰ সম্ভাৱ্য কাৰণ উল্লেখ কৰা? 

উত্তৰঃ অসমীয়া ভাষাত বিভিন্ন থলুৱা ভাষাৰ প্ৰভাৱ পৰাটো একো অস্বাভাৱিক নহয়। অসমীয়া ভাষাত অনা-আর্য উপাদান অসমীয়া ভাষাৰ সাগৰৰ মাজত থকা এটা দ্বীপৰ দৰে। ইয়াৰে চৌপাশে বিভিন্ন গোষ্ঠীৰ অনা-আর্য ভাষা। তদুপৰি অসমীয়া ভাষা কেৱল আর্য প্রজাতিয়ে ব্যৱহাৰ নকৰে, আৰ্য-অনার্য উভয়ে ইয়াক ব্যৱহাৰ কৰে। ডঃ নাথান ব্ৰাউনে মন্তব্য কৰিছে যে— ‘আর্য-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছিল, সেই কথা খাটাংকৈ একো ক’ব নোৱাৰি, সম্ভৱতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ।’ উত্তৰ-পূব ভাৰতৰ অধিবাসীসকলৰ কোনোৱে প্ৰকৃততে ভূমিপুত্ৰ নহয়। অসমৰ সুদীর্ঘ ইতিহাসৰ কোনোবা চাম আগতে আৰু কোনোবা এচাম পিছত আহিছে। তেওঁলোকৰ মাজত প্ৰজাতিগত সংমিশ্রণ ঘটি তেজৰ বিশুদ্ধতা আৰু আৰয়াবিক গঠনো হেৰুৱাইছে। (ডঃ ডি এন মজুমদাৰ, অসম গৌৰৱ পৃঃ ২৩) সংমিশ্ৰণৰ এই প্ৰক্ৰিয়া আহোমৰ দিনত সঘনে ঘটিছিল। তদুপৰি অসমত বিভিন্ন প্ৰজাতি একেলগে বাস কৰিব লগা হোৱাত স্বাভাৱিকতেই ভাবৰ আদান-প্রদানৰ বাবে উমৈহীয়া ভাষা এটাৰ প্ৰয়োজন হৈছিল।

আনহাতে যদি নতুনকৈ অহা চামটো সংখ্যাৰ ফালৰ পৰা বুজন পৰিমাণৰ হয় আৰু প্ৰব্ৰজনৰ ন ন প্রৱাহ চলি থাকে তেন্তে দ্বিভাষী অৱস্থা এটাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমোৱাৰ পথ সুচল হয়।

(ক) অসমীয়া ভাষা অকল আর্য ভাষা-ভাষীসকলৰ ভাব প্ৰকাশৰ মাধ্যম নাছিল। অসমত প্রজাতিগত ভাৱে সংমিশ্রণ ঘটা বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও ভাৱ-বিনিময়ৰ মাধ্যম ৰূপে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলস্বৰূপে নিজৰ নিজৰ ভাষাৰ শব্দও তাত সোমাইছিল আৰু ফলস্বৰূপে অসমীয়া ভাষাত বহুতো আর্য-অনার্য ভাষাৰ শব্দৰ উপাদান সংমিশ্ৰণ হৈ পৰিছিল।

(খ) বহু শতিকা একেলগে বাস কৰাৰ ফলত অনা-আৰ্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাই পৰিছিল। অনা-আৰ্য নদীৰ নাম, ঠাইৰ নাম, মাছৰ নাম আদিৰ ব্যৱহাৰে এই কথাকেই সুচায়।

(গ) অসমত বসবাস কৰা বিভিন্ন ভাষী লোক সাংস্কৃতিকভাৱেই স্বয়ংসম্পূর্ণ নাছিল। কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত আন কোনোৱা আছিল বোৱা-কটাত পাৰদৰ্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আৰ্য ভাষাৰ পৰা কিছু শব্দ সোমাই পৰিছিল।

(ঘ) আহোমৰ ৰাজত্বকালত প্রত্যেক প্রজাঘৰে একোজন পাইক ৰজাঘৰলৈ পঠাব লাগিছিল। এই পাইকবোৰ বিভিন্ন ভাষা-গোষ্ঠীৰ পৰা গৈ অসমীয়াতে ভাবৰ আদান-প্ৰদান কৰিব লগা হৈছিল। তেওঁলোকে তাত নতুন শব্দ গ্ৰহণ কৰিছিল আৰু নিজৰ ভাষাৰ শব্দও হয়তো এই উমৈহতীয়া ভাষাত সংযোজন কৰিছিল।

(ঙ) প্রজাতিগত মিশ্ৰণ আৰু বহু শতিকা একেলগে বাস কৰাৰ ফলত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমাই পৰিছিল। অসমৰ অনা-আর্য ভাষাবোৰৰ যে আৰ্য-অসমীয়াৰ অলেখ শব্দ গ্ৰহণ কৰিছিল এই বিষয়ে সন্দেহ নাই।

২। অসমীয়া ভাষাই জন্মলগ্নৰে পৰা বৰ্তমানলৈকে কিদৰে পৰিৱৰ্তনৰ মাজেদি আহি বিকাশ লাভ কৰিছে, এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া ভাষা ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসমৰ ভাষা। অসমৰ বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকাত এই ভাষাটো প্ৰধানকৈ কোৱা হয়। অসমৰ ওচৰে-পাজৰে থকা মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো অসমীয়া ভাষাৰ প্ৰচলন আছে। অৰুণাচলৰ বিভিন্ন ভাষা-ভাষীৰ মাজত পাৰস্পৰিক ভাৱ বিনিময়ৰ একমাত্ৰ ভাষা হৈছে অসমীয়া। নাগালেণ্ডত অসমীয়াৰ এটা মিশ্ৰিত ৰূপ (নাগামিজ) সার্বজনীন ভাষাৰূপে ব্যৱহাত হৈছে। ভাষাক সাধাৰণতে নৈৰ লগত তুলনা কৰা হয়। অসমীয়া ভাষাৰ প্ৰথম প্ৰকাশিত অভিধান-ৰচক মাইলছ ব্ৰনছনে পুথিখনৰ পাতনিত এইদৰে লিখিছিল— “অচমিয়া ভাষা ব্ৰহ্মপুত্ৰ নদীৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিব।” এখন নৈৰ এটা মূল প্রৱাহ থাকে। তাত ঠায়ে ঠায়ে বহুতো উপনৈ আহি লগ লাগি মূল-প্রৱাহক পৰিপুষ্ট কৰে। কেতিয়াবা নৈৰ গতি আনফালে বয়। তেনেদৰে এটা ভাষাৰ মূল-প্ৰৱাহৰ লগত আন আন ভাষাৰ প্ৰভাৱ মিহলি হোৱাৰ ফলত ভাষাটোৱে সুকীয়া ৰূপ এটি লোৱা একো নতুন কথা নহয়। অসমীয়া ভাষাৰ উদ্ভৱৰ সময়ৰ আঁতিগুৰি বিচাৰি গ’লে সুন্দৰ প্ৰমাণ পোৱা যাব।

ভাৰতীয় আৰ্য ভাষাৰ বুৰঞ্জীক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়।

(ক) প্রাচীন ভাৰতীয় আর্য ভাষা।

(খ) মধ্য ভাৰতীয় আর্য ভাষা।

(গ) নব্য ভাৰতীয় আর্য ভাষা।

প্রাচীন ভাৰতীয় আর্য ভাষাৰ সময় খ্রীষ্টপূর্ব দ্বাদশ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকালৈ। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত। নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় খ্ৰীষ্টীয় দশম শতিকাৰ পৰা। মধ্য ভাৰতীয় আর্য ভাষাক আৰু তিনিটা স্তৰত বিভক্ত কৰা হয়। প্রথম স্তৰৰ সময় খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় প্রথম শতিকালৈ। দ্বিতীয় স্তৰৰ সময় খ্রীষ্টীয় প্ৰথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ আৰু তৃতীয় স্তৰৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ। প্ৰথম স্তৰৰ প্ৰধান নিদর্শন পোৱা গৈছে অশোকৰ শিলালিপিত, খ্রীষ্টপূৰ্ব শতিকাৰ আন শিলালিপিত আৰু বৌদ্ধসকলৰ পালি গ্ৰন্থত। দ্বিতীয় স্তৰৰ নিদৰ্শন পোৱা যায় খ্ৰীষ্টীয় প্রথম তিনি শতিকাৰ শিলালিপিত, সাহিত্যিক প্ৰাকৃতত (মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী) আৰু বৌদ্ধ সংস্কৃতত। তৃতীয় স্তৰৰ নিদৰ্শন হৈছে অপভ্ৰংশ আৰু অপভ্রষ্টত।

অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অৰ্থত ব্যৱহৃত হৈছে। ইয়াৰ প্ৰয়োগ পোনপ্ৰথমে পতঞ্জলিৰ (খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকা) মহাভাষ্য পোৱা যায়। মার্কণ্ডেয়ই নাগৰ, ব্ৰাচড় আৰু উপনাগৰ এই তিনিবিধ অপভ্ৰংশৰ কথা কৈছে। পতঞ্জলিৰ মতে ‘সংস্কৃত শাস্ত্ৰ জনা সকলৰ শুদ্ধ ভাষা” আৰু অপভ্ৰংশ ‘শাস্ত্ৰ নজনাবোৰৰ অশুদ্ধ ভাষা’। গ্ৰিয়াছনকে আদি কৰি কিছুমান পণ্ডিতে মধ্য প্ৰাকৃতৰ শেষ স্তৰক অপভ্রংশ নাম দিছে। এই প্রাচীন অপভ্ৰংশৰ যি অবাৰ্চীন ৰূপটো আধুনিক ভাৰতীয় আর্যৰ জনক বা পূর্বাৱস্থা সিয়ে অপভ্রষ্ট বা অবহট্ঠ অর্থাৎ অবাৰ্চীন অপভ্রংশ।

নব্য ভাৰতীয় আৰ্য ভাষাবোৰক কিছুমান প্রাকৃত বা সেইবোৰৰ পৰৱৰ্তী অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা ভাৱেও দেখুওৱা হয়; যেনে— মহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী; শৌৰসেনীৰ পৰা পশ্চিমা হিন্দী, ৰাজস্থানী, গুজৰাটী, মাগধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া আৰু অসমীয়া; অর্ধমাগধীৰ পৰা পূৰ্বী হিন্দী, শৌৰসেনীৰ দ্বাৰা প্ৰভাৱিত পাহাৰী, পাঞ্জাৱী আদি।

ভাৰতৰ পূব দিশত থকা ভাষাবিলাকৰ ক্ষেত্ৰত মাগধী প্রাকৃত উল্লেখযোগ্য। মগধ অঞ্চলত কথাভাষাৰূপে প্রচলিত মাগধী প্ৰাকৃতৰ শকাৰী, চাণ্ডালী আৰু শাৱৰী তিনিটা প্ৰধান উপভাষা আছে। মৃচ্ছকটিকা নাটকত ৰজাৰ খুলশালীয়েক শকাৰৰ মুখৰ ভাষা শকাৰী। কালিদাসৰ অভিজ্ঞান শকুন্তলম্ নাটকতো মাগধী প্ৰাকৃতৰ প্ৰয়োগ আছে। ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ নাটকক নিম্ন শ্রেণী লোকৰ মুখৰ ভাষা বুলি কৈ অৰ্দ্ধমাগধী আৰু মাগধী অঞ্চলত শৌৰসেনী প্ৰাকৃতকেই সাহিত্যৰ ভাষা হিচাপে লোৱা হৈছিল বুলি মত প্ৰকাশ কৰিছে। তেওঁৰ মতে, সম্ভৱতঃ সেই সময়ত শৌৰসেনীয়েই সেই অঞ্চলৰ শিষ্ট সন্মত ভাষা আছিল।

ডঃ সুকুমাৰ সেনৰ মতে প্ৰাকৃত ভাষাটো প্ৰথমে উদীচ্য, মধ্যদেশীয় আৰু প্ৰাচ্য তিনিটা আঞ্চলিক ৰূপত জীপ লৈ পৰৱৰ্তী কালছোৱাত পৈশাচিক, শৌৰসেনী, মহাৰাষ্ট্ৰী, অৰ্দ্ধমাগধী, মাগধী এই পাঁচোটা থলুৱা ৰূপ পৰিগ্ৰহণ কৰিছে। কালক্ৰমত এই প্রাকৃতসমূহেই সৰলীকৃত হৈ অপভ্রংশ স্তৰত উপনীত হ’লহি। ডঃ সুকুমাৰ সেনে উল্লেখ কৰা মতে খ্ৰীষ্টীয় অষ্টম শতিকাতেই মাগধী প্রকৃতে পূব আৰু পশ্চিমত দুটা আঞ্চলিক ৰূপ লোৱাৰ পিছত খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত পূব মাগধীৰ পৰা উড়িয়া, বঙলা আৰু অসমীয়া আৰু পশ্চিম মাগধীৰ পৰা ভোজপুৰী, মগহী, মৈথিলী ভাষাৰ উদ্ভৱ হয় বুলি উল্লেখ কৰিছে। 

উল্লেখযোগ্য যে অপভ্ৰংশৰ শেষ স্তৰ অৱহট্ঠৰ পৰাই আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ উদ্ভৱ হৈছে।

অসমীয়া ভাষা সম্পর্কে চীনা পৰিভ্ৰমণকাৰী হিউৱেন চাঙে ৬৪৩ খৃষ্টাব্দত কামৰূপ ভ্ৰমণৰ কালছোৱাত লিখি থৈ যোৱা— “তেওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ সামান্য লৰ” কথাষাৰেই বোধহয় প্রথম ঐতিহাসিক উক্তি। এই মন্তব্যই অন্ততঃ এটা কথা প্ৰমাণ কৰে যে, সুদূৰ সপ্তম শতিকাৰ অসমীয়া ভাষাই সুকীয়া গঢ় ল’বলৈ আৰম্ভ কৰিছিল। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ কালছোৱাত কামৰূপৰ হিন্দু ৰজাসকলে সংস্কৃতত লিখোৱা ভূমিদান ফলিবোৰত ব্যৱহাত অনা-সংস্কৃত শব্দ আৰু উচ্চাৰণানুগ বৰ্ণ বিন্যাসৰ ছেগা-চোৰোকা প্রয়োগেও উক্ত কথা কিছু দৃঢ় কৰে।

ওপৰৰ নীতিদীর্ঘ আলোচনাৰ পৰা এই সিদ্ধান্তলৈ আহিবলৈ অসুবিধা নহয় যে, খ্ৰীষ্টীয় এহেজাৰ বছৰৰ আশে-পাশে অন্যান্য নব্য ভাৰতীয় আর্য ভাষাসমূহৰ লগে লগে অসমীয়া ভাষাৰো উদ্ভৱ হৈছিল। সেয়ে হ’লেও খ্রীঃ ত্ৰয়োদশ-চতুদর্শ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ পুথিখনৰ পূৰ্বে নিভাঁজ অসমীয়াত ৰচিত কোনো লিখিত সাহিত্যৰ নিদৰ্শন পাবলৈ নাই। এই শতিকাৰ পূৰ্বকালৰ ভাষাৰ স্বৰূপ বুজিবলৈ শিলালিপি আৰু তাম্ৰলিপিসমূহ, বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাপদ আৰু বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন ইত্যাদি লিখিত নথিৰ আশ্ৰয় ল’বলগীয়া হয়। সম্ভৱতঃ এই পৰিস্থিতিলৈ লক্ষ্য কৰিয়ে— ডঃ বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাৰ বিৱৰ্তনৰ ইতিহাসক তিনিটা স্পষ্ট যুগত ভাগ কৰিছে—

(ক) আদি যুগ।

(খ) মধ্য যুগ।

(গ) আধুনিক যুগ।

অৱশ্যে আদি যুগটোক তেওঁ প্ৰাগবৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰূপে নামকৰণ কৰাত বিষয়বস্তুৰ ফালৰ পৰা কিছু আসোঁৱাহ ৰৈ যোৱা যেন ধাৰণা হয়। প্রাগবৈষ্ণৱ হিচাপে চিহ্নিত যুগটোতো যিহেতু বৈষ্ণৱ ভাবাপন্ন সাহিত্যৰ সৃষ্টি বিৰল নহয়, এতেকে মহাপুৰুষ শংকৰদেৱৰ জন্ম চনটোকে মাইলৰ খুঁটি হিচাপে ধৰি প্ৰাক্‌ শংকৰী আৰু শংকৰী যুগৰূপে নামকৰণ কৰিলে আলোচনা অধিক বিজ্ঞানসন্মত হ’ব বুলি ভাৱিবৰ অৱকাশ আছে।

সি যি কি নহওক, অসমীয়া ভাষাৰ জন্ম আৰু ইয়াৰ ভাষাগত বৈশিষ্টালৈ লক্ষ্য কৰি এই আলোচনাত ইয়াৰ বিকাশৰ বুৰঞ্জীক নিন্মোক্ত যুগকেইটাত ভাগ কৰি লোৱা হৈছেঃ

(ক) প্রত্ন অসমীয়াঃ (খ্রীঃ ৯ম-১০ম শতিকাৰ পৰা খ্ৰীঃ ১৩শ ১৪শ শতিকালৈ)

(খ) প্রাচীন অসমীয়াঃ

১। প্রাকশংকৰী যুগ (খ্রীঃ ১৩শ-১৪শ শতিকাৰ পৰা ১৫শ শতিকালৈ)

২। শংকৰী যুগ (খ্রীঃ ১৫শ শতিকাৰ পৰা ১৬শ শতিকালৈ) 

গ। মধ্য অসমীয়াঃ (খ্ৰীঃ ১৬শ শতিকাৰ পৰা ১৮২৬ খ্ৰীঃলৈ)

ঘ। আধুনিক অসমীয়াঃ (১৮২৬ খৃঃৰ পৰা বৰ্তমানলৈ)।

উদ্ভৱ কালৰ অসমীয়া বা প্রত্ন অসমীয়া ৰূপে চিহ্নিত যুগটোৰ ভাষাগত বৈশিষ্ট্য সংৰক্ষিত হৈছে ৰজাঘৰীয়া ফলি আৰু চৰ্যাপদসমূহত। মন কৰিবলগীয়া যে, ৰজাঘৰীয়া ফলিসমূহত কেতবোৰ স্থানীয় শব্দ আৰু তৎকালীন ভাষাটোৰ ধ্বনিগত বৈশিষ্ট্যহে লক্ষ্য কৰা যায়। অসমীয়া ভাষাৰ স্বকীয়ত্বৰ চানেকি দিব পৰাকৈ ইয়াৰ ৰূপগত দিশটোৰ কোনো আভাস পোৱা সম্ভৱ নহয়। কাৰণ, এই ফলিবোৰ আছিল সংস্কৃতত ৰচিত। সম্ভৱতঃ তৎকালীনভাৱে লিখিত ভাষা বুলিলে সংস্কৃতকে বুজা গৈছিল; আনহাতে লোকসমাজে কথা কৈছিল প্রচলিত প্রাকৃত ঠাঁচত। ফলত কথিত ভাষাৰ উচ্চাৰণে সময়ে সময়ে লিখিত সংস্কৃত ভাষাত প্ৰভাৱ পেলাইছিল।

১৯১৬ চনত মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রীয়ে নেপালৰ ৰাজ-দৰবাৰ-গ্ৰন্থালয়ৰ পৰা সংগ্ৰহ কৰা চৰ্যাপদসমূহৰ প্ৰকাশে তৎকালীন পণ্ডিতসমাজৰ দৃষ্টি আকৰ্ষণ কৰে। শাস্ত্ৰীয়ে এইবোৰৰ ভাষা প্রাচীন বঙলা বুলি সিদ্ধান্ত কৰিলেও অসমীয়া, মৈথিলী আদি ভাষাৰো অনেক উপাদান ইয়াত মিহলি হৈ থকা লক্ষ্য কৰা যায়। বিশেষকৈ ইয়াৰ ব্যাকৰণগত দিশটো অসমীয়াৰ প্ৰতি অধিক ঢাল খোৱা।

তলত তাৰ নমুনা কেতবোৰ দাঙি ধৰা হ’ল— 

১। কাৰক বিভক্তিৰ মিল। যেনে—

কৰ্তা-এঃ কুম্ভীৰে খাঅ (চর্যা-২) 

কৰ্ম-কঃ ঠাকুৰক পৰিনিবিতা (চর্যা-১২) 

সম্বন্ধ পদ-ৰঃ হৰিণীৰ নিলঅ (চর্যা-৬) 

অধিকৰণ-তঃ হাড়িত ভাত নাহি (চর্যা-৩৩)

২। স্ত্রীবাচক প্রত্যয় -ঈ আৰু -নী। যেনে— 

শিআলী, শবৰী, ডোম্বী, শুণ্ডিনী ইত্যাদি।

৩। অসমাপিকা ক্ৰিয়াৰ-ই বিভক্তি। যেনে— 

উঠি, মেলি, দেখি ইত্যাদি।

অসমীয়া ভাষাৰ প্ৰাচীন যুগটো খ্ৰীঃ ১৩শ- ১৪শ শতিকাৰ পৰা ১৬ শ শতিকালৈ বিস্তৃত। এই যুগটোক দুটা উপভাগত ভাগ কৰা হৈছে—

১। প্রাকৃশংকৰী। আৰু

২। শংকৰী যুগ।

এই যুগৰ ভাষাগত বৈশিষ্ট্যসমূহে এই কথাকে স্পষ্টভাৱে প্ৰমাণ কৰে যে, অসমীয়া ভাষা সুদূৰ ১৩-১৪ শ শতিকাতে উচ্চমানৰ সাহিত্য ৰচনাৰ উপযোগী বাহন হৈ উঠিছিল। এই যুগৰ সাহিত্য মূলতঃ অনুবাদমূলক হ’লেও, কবিকুলে ‘পখীসব উৰয় পখা অনুসাৰে। কবিসব নিবন্ধয় লোক ব্যৱহাৰে’ ৰীতি সাৰোগত কৰি দৈনন্দিন জীৱনত প্ৰচলিত লৌকিক ভাষা ব্যৱহাৰৰ দ্বাৰা তাক সুসমৃদ্ধ কৰাৰ আন্তৰিক চেষ্টা কৰিছিল। ভাষাৰ জতুৱা ভংগী, ক্ৰিয়াৰ বিভিন্ন কাল, সর্বনামৰ বিভিন্ন ৰূপ, পুৰুষৰ বিভিন্ন স্তৰ আদিৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ উল্লেখযোগ্য বৈশিষ্ট্য। অতীত আৰু ভৱিষ্যৎ কালৰ ৰূপ — ‘ইল’ আৰু ‘ইব’ কৰ্তানুযায়ী প্ৰয়োগ কৰা হোৱা নাছিল। ক্ৰিয়া বিভক্তিৰ সলনি ‘হানি এৰে, কৰি এৰো’ আদি বিশেষ ধৰণৰ সংযোগাত্মক প্রত্যয়ৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। শ, ষ, ― ৰ ঠাইত স, খ, ষ―ৰ বিকল্প প্রয়োগ; ঈ আৰু ঊ— কাৰৰ অনুপস্থিতি; ছ—ৰ ঠাইত চ; য—ৰ ঠাইত — জ ইত্যাদি বৈশিষ্ট্যই এই কথাকে অধিক দৃঢ় কৰে।

পঞ্চদশ শতিকাৰ শেষৰ ফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক বিৰাট বৈষ্ণৱ সাহিত্য-সম্ভাৰৰ সৃষ্টিৰ পথ মুকলি কৰে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, ভট্টদেৱ আদি কবি সাহিত্যিকে উচ্চস্তৰৰ সাহিত্য সৃষ্টি কৰে। ষোড়শ শতিকাৰ শেষভাগ পর্যন্ত বিস্তৃত এইছোৱা সময়ক অসমীয়া সাহিত্যৰ বুৰঞ্জীত শংকৰী যুগ হিচাপে চিহ্নিত কৰা হৈছে। এই যুগৰ ৰচনা-ৰীতিত কেতবোৰ নতুন বিশেষত্বয়ো দেখা দিছিল। যেনে―

১। কঠিন যুক্তাক্ষৰ স্বৰভক্তিৰ সহায়ত সৰলীকৰণ।

২। হ্রস্ব আৰু দীর্ঘস্বৰৰ পাৰ্থক্যহীনতা আৰু হ্রস্বস্বৰৰ অধিক প্রৱণতা।

৩। শ,ষ,স―ৰ যথেষ্ট প্রয়োগ।

৪। দন্ত্য আৰু মূর্ধন্য বর্ণৰ প্ৰয়োগত প্রভেদহীনতা আৰু দন্ত্য বৰ্ণৰ আধিক্য। 

৫। মই / মঞি, তই/তঞি, তুমি তযু, তাহাক, তোহোৰ, তাহাৰ, আঙ্ক, তাহাঙ্ক, ইটো আদি বিভিন্ন ৰূপৰ সৰ্বনাম শব্দৰ প্ৰয়োগ।

৬। বহুবচনৰ চিন হিচাপে মানে, চয়,― গণ, — লোক, ― জাক, ― বিস্তৰ ― গুলা, —বৃন্দ, ― ৰাশি আদিৰ প্ৰয়োগ।

৭। শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত তাত্ত্বিক ব্যাখ্যাত ঘাইকৈ তৎসম আৰু কাহিনীৰ বৰ্ণনাত তদ্ভৱ শব্দৰ আধিক্য; আৰু স্ত্রী শূদ্ৰ চণ্ডাল; অর্থাৎ তৃণমূলৰ মানুহে বুজাকৈ ভাষা-ৰূপৰ সৰলীকৰণ।

৮। এই যুগত বৈষ্ণৱ সাহিত্যৰ সমান্তৰালভাৱে চলিত অবৈষ্ণৱ সাহিত্যৰ, যেনে— যমকৰ, দুর্গাবৰ, পীতাম্বৰ দ্বিজ, নাৰায়ণদেৱ আদিৰ পদ পুথিৰ উদ্দেশ্য মূলতঃ জনচিত্ত বিনোদন হোৱা বাবে এইবোৰৰ ভাষা যথেষ্ট ঘৰুৱা।

ষোড়শ শতিকাৰ পৰৱৰ্তী কালত অসমীয়া ভাষাত পদ্য সাহিত্যৰ সমান্তৰালভাৱে গদ্য সাহিত্যও ৰচিত হ’বলৈ ধৰে। এই যুগটোক অসমীয়া ভাষাৰ বিকাশৰ বুৰঞ্জীত মধ্যযুগ হিচাপে চিহ্নিত কৰা হৈছে। এই সময়ৰ ভাষাৰ নিদৰ্শন ঘাইকৈ সংৰক্ষিত হৈছে— সত্ৰসমূহৰ পৃষ্ঠপোষকতাত ৰচিত সাহিত্য আৰু বিশেষকৈ চৰিত পুথি। আহোম ৰজাঘৰৰ পোনপটীয়া অনুপ্ৰেৰণাত ৰচিত বুৰঞ্জী সাহিত্য আৰু বিবিধ প্ৰয়োজনত ৰচিত ব্যৱহাৰিক পুথিসমূহৰ মাজত। এই পুথিসমূহৰ মাজেৰে অসমীয়া ভাষাৰ কথিত আৰু সাহিত্যিক ৰূপৰ ব্যৱধান ভালেখিনি হ্রাস পায়। লিখিত ভাষা ক্রমাগতভাৱে কথিত ভাষাৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰে। প্ৰচলিত তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ উপৰি বিদেশী শব্দ, বিশেষকৈ পাৰ্চী-আৰবী মূলীয় শব্দৰ আমদানিয়ে অসমীয়া শব্দ-ভাণ্ডাৰ যথেষ্ট চহকী কৰি তুলিছে। চৰিত পুথিৰ ভাষাৰ ক্ষেত্ৰত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা হ’ল— সমসাময়িক অন্যান্য সাহিত্যৰ তুলনাত ইয়াৰ ভাষাত বিদেশী শব্দৰ প্রয়োগ নিতান্তই সীমিত। সত্ৰীয়া পৰিবেশ আৰু ধৰ্মৰ প্ৰলেপ ইয়াৰ কাৰণ হ’ব পাৰে।

অসমীয়া সাহিত্যৰ আদি যুগ আৰু মধ্য যুগৰ গদ্য সাহিত্যৰ ভিতৰত প্রাচীন চৰিত পুথি। ভট্টদেৱৰ ‘কথাগীতা’ আৰু ‘কথা ভাগৱত’ আৰু আহোম যুগৰ বুৰঞ্জীতো পশ্চিমে অসমৰ উপভাষাৰ নিদর্শন স্পষ্ট। আহোম যুগৰ আন গদ্য ৰচনাৰ মাজতো এই উপভাষাৰ শব্দই বিশেষ স্থান লাভ কৰা দেখা যায়। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ সাহিত্যিকসকলৰ ৰচনাতো পশ্চিম অসমৰ উপভাষাৰ সুন্দৰ প্ৰয়োগ কৰা দেখা গৈছে। চৰিত পুথিসমূহৰ সমসাময়িকভাৱে আহোম ৰজাঘৰৰ পৃষ্ঠপোষকতাত যিবোৰ বুৰঞ্জী ৰচিত হৈছিল, সেইবোৰ অসমীয়া ভাষা-সাহিত্যৰ এক অনন্য পৰিগণিত হৈছে। ভাষাতত্ত্ববিদ গ্ৰীয়াৰ্ছনে ‘অসমীয়াসকলে নিজৰ বুৰঞ্জী সাহিত্যক লৈ গৌৰৱ কৰিব পাৰে বুলি সঠিক মন্তব্যকে আগবঢ়াই গৈছে। দৈনন্দিন জীৱনৰ কথন-ভঙ্গীৰ সাৰ্থক প্রয়োগে বুৰঞ্জীসমূহৰ ভাষাক জনসাধাৰণৰ কাষ চপাই অনাত সহায় কৰিছে।

ইয়াৰ গঠন-ৰীতি নিকপকপীয়া। অনাৱশ্যক শব্দ আৰু বৰ্ণনাৰ বাহুল্য ইয়াত অনুপস্থিত। ভাষা অনাড়ম্বৰ আৰু খাৰাংগাছ। ইয়াৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যবোৰ তলত দিয়া ধৰণে জুকিয়াই উলিয়াব পাৰি—

১। চুটি চুটি বাক্যৰ ব্যৱহাৰ ―যি বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণত বিশেষভাৱে সহায় কৰিছে। 

২। পাচে, বোলে, পূৰ্বতে আদি শব্দেৰে বাক্য আৰম্ভ কৰা হৈছে।

৩। নামধাতু সাধিবলৈ — আ, – ইয়া, – উৱা প্ৰত্যয়ৰ সংযোগ।

৪। ‘আছ’ ধাতুৰ অকলেই ৰূপ হৈছে, যেনে— ‘আছোঁতে’।

৫। বহুবচনৰ চিন হিচাপে― বোৰ আৰু – হঁত প্রত্যয়ৰ প্ৰথম প্ৰয়োগ।

৬। বাক্য দীঘল কৰিবলৈ কেইবাটাও অসমাপিকা ক্ৰিয়াৰ সহায় লোৱা হৈছে যদিও বক্তব্যৰ স্পষ্টতাত সি অসুবিধাৰ সৃষ্টি কৰা নাই।

৭। কাৰক আৰু ক্ৰিয়া-বিভক্তিৰ প্ৰয়োগ আধুনিক অসমীয়াৰ সৈতে প্ৰায় একে।

১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চুক্তি মৰ্মে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱাৰ পৰা অসমীয়া ভাষাৰ আধুনিক যুগটোৰ সূচনা হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মাই বাইবেল অনুবাদ কৰাৰে পৰা দৰাচলতে আধুনিক অসমীয়াৰ বীজ অঙ্কুৰিত হয়। মিছনেৰীসকলে গঢ় দিয়া ভাষাটো আছিল শিশুৰ থুনুক-থানাক মাতৰ দৰে। তদুপৰি, মিছনেৰীসকল ইংৰাজী ভাষী হোৱা হেতুকে লাহে লাহে অসমীয়া বাক্যৰীতিত ইংৰাজী বাক্যৰ গাঁথনিক প্ৰভাৱ পৰিবলৈ লয়। ইংৰাজী শব্দৰ সমাৰ্থক ৰূপে নতুন নতুন অসমীয়া শব্দ সাজি উলিওৱাটো এই সময়ৰ ভাষাৰ ‘অন্য এটা উল্লেখযোগ্য বিশেষত্ব।

ভাষাৰ সৈতে সমাজৰ সম্পর্ক নিকপকপীয়া। একেটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। সমাজ বিশেষৰ গতি-গোত্ৰৰ সন্ধান তাৰ ভাষা অধ্যয়ন কৰিলেই পোৱা যায়। উল্লিখিত লেখকসকলৰ উপৰি পৰৱৰ্তী সময়ত ত্ৰৈলোক্য নাথ গোস্বামী, তীৰ্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, হীৰেণ গোঁহাই আদি বিশিষ্ট লেখকসকলৰ বৰঙণিৰে অসমীয়া ভাষাই যথেষ্ট পৰিপুষ্টি লাভ কৰিছে। তদুপৰি গোলোকচন্দ্র গোস্বামী আৰু উপেন্দ্ৰ নাথ গোস্বামীয়ে অসমীয়া ভাষাৰ গাঁথনিক দিশবোৰ আধুনিক ভাষাবিজ্ঞান— তত্ত্বৰ সহায়ত পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ইয়াৰ ভেটি আৰু অধিক সবল কৰি তুলিছে।

এইখিনিতে প্রাচীন অসমীয়া সাহিত্য, বুৰঞ্জী সাহিত্য, ‘অৰুনোদই’ আৰু আন সাহিত্য আদিত পোৱা আৰু কামৰূপ উপভাষাৰ বৈশিষ্ট্যৰূপে থকা সংস্কৃত উষ্ম ধ্বনি (শ, ষ, স) ৰ ‘খ’ লৈ হোৱা সুকীয়া পৰিবৰ্তনৰ কথাটোও চাবলগীয়া। এই পৰিৱৰ্তনটো আন প্ৰাকৃতত পোৱা নাযায়। শব্দৰ আৰম্ভণিতে নথকা সংস্কৃত উষ্ম ধ্বনিবোৰ কামৰূপী উপভাষাত সাধাৰণতে ‘খ’ লৈ ৰূপান্তৰিক হয়; যেনে— আশা > আখা, দশা > দখা, নাশ > নাখ, গণেশ > গনেখ [তু. আদেখ (হে.স.)], অসুৰ> অখুৰ ইত্যাদি। সংস্কৃত উষ্ম ধ্বনিবোৰৰ বিকাশৰ এই ধাৰাটোৱেও কামৰূপী প্ৰাকৃতৰ অৱস্থিতি আন এটা দিশ উদ্ভাসিত কৰে। ইয়াতে মৈথিলী ভাষাত ‘ষ’, ‘খ’ হোৱা লক্ষণটোও মন কৰিবলগীয়া, তু, বিষ্ > বিখ, দোষ > দোখ।

অসমীয়া ভাষাৰ সাম্প্ৰতিক ৰূপটো এনেকুৱাই। লিখিত ভাষাটোতো ই যথেষ্ট পৰিমাণে প্রভাৱ পেলাইছে। আনকি ভাষা সচেতনৰূপে জনাজাত লেখকসকলো অজ্ঞাতসাৰে এই ভাষাৰ প্রভাৱৰ আওতাত সোমাই পৰিছে। আধুনিক ভাষাবিজ্ঞানীসকলে লিখিততকৈ কথিত ভাষাৰ বিশ্লেষণৰ অধিক গুৰুত্ব দিয়ে। এই ফালৰ পৰা অসমীয়া ভাষাত অতি সাম্প্ৰতিক কালত সোমাই পৰা এই ভাষাগত উপাদানবোৰক ভাষাটোৰ নিজস্ব সম্পদবোৰ গণ্য কৰা হ’ব নে নাই সি এক মৌলিক প্রশ্ন। ‘ভাষাৰো এটা manner আছে। যেয়ে যি কয় সেয়ে শুদ্ধ কথাও মানি ল’বলৈ টান। অৱশ্যে বিচাৰত ভাল-বেয়া, ভুল-শুদ্ধ সমাজে গ্ৰহণ কৰা নকৰাৰ ওপৰত নিৰ্ভৰশীল।’ ভাষাৰ বৈয়াকৰণিক আলোচনাৰ প্ৰসঙ্গত ব্ৰিটিছ ভাষাতাত্ত্বিক ফ্ৰেংক পামাৰে এনে উক্তিৰেই সমস্যাটোৰ সমাধান সূত্ৰ আগবঢ়াইছে।

৩। অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কীয় কেইটা মত পোৱা যায়?

উত্তৰঃ অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় কেইবাটাও মত পোৱা যায়। তাৰে ভিতৰত অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে প্ৰথম মত দাঙি ধৰিছে— ভাষাবিদ ছাৰ জি, এ, গ্ৰীয়াৰ্ছন, ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়, ডঃ বাণীকান্ত কাকতি আদি পণ্ডিতসকলে।

গ্ৰীয়াৰ্ছন চাহাবৰ মতে— ‘মাগধী অপভ্রংশ পূব দিশত তিনিটা দিশেৰে বিয়পি পৰিছিল। উত্তৰ পূবত উত্তৰ বাংলা আৰু অসমীয়া, দক্ষিণত উড়িয়া আৰু এই দুয়োটাৰে মাজত বাংলা ভাষা। এই তিনিওটা সুঁতিয়েই অব্যৱহৃত পূর্ব-স্তৰৰ (মাগধী অপভ্ৰংশ) সৈতে সম্পর্কিত আৰু এই কাৰণেই উত্তৰ বাংলাৰ কিছু বৈশিষ্ট্য বাংলাতকৈও উড়িয়াৰ সৈতেহে মিলে।

ডঃ সুনীতি কুমাৰ চেটার্জীয়ে খ্ৰীয়াৰ্জনৰ মতৰ ওপৰত ভিত্তি কৰি মাগধী অপভ্ৰংশৰ প্ৰাচ্য ৰূপটোক চাৰিটা ভাগত ভগাই সিবোৰৰ পৰা উদ্ভৱ হোৱা ভাষাসমূহৰ আঞ্চলিক ভেদ এনেদৰে দেখুৱাইছেঃ

(ক) ৰাঢ়ঃ মান্য বাংলা আৰু উড়িয়া।

(খ) বাৰেন্দ্ৰঃ উত্তৰ-কেন্দ্ৰীয়-বাংলা।

(গ) কামৰূপীঃ উত্তৰ বাংলা আৰু কামৰূপী। আৰু

(ঘ) বংগঃ পূর্ব-বাংলা।

চেটার্জীয়ে গ্ৰীয়াৰ্ছনৰ মত সমৰ্থন কৰি কৈছে যে মাগধী প্ৰাকৃতৰ শেষ স্তৰটো মাগধী অপভ্রংশ বা মাগধী অপভ্রংশ বা মাগধী অবহট্ঠ নির্দেশিত হৈছে। ইয়াৰে ওড্ৰ ঠালটোৰ পৰা উড়িয়া, বঙ্গ ঠালটোৰ পৰা বঙলা আৰু কামৰূপী ঠালটোৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। এই মত বর্তমান বিতৰ্ক হ’লেও সাধাৰণ সমৰ্থন কৰিব পাৰি।

ডঃ বাণীকান্ত কাকতিয়ে লিখিছে যে— অসমীয়া ভাষা বাংলা ভাষাৰ পৰা ওলোৱা নাই নাইবা ই বাংলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বাংলাৰ সৈতে সম্পর্ক থকা এটা সুকীয়া ভাষা। বাংলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্ৰংশৰ উপভাষা।

দ্বিতীয় মত আগবঢ়াইছে— ডিম্বেশ্বৰ নেওগ, বেণীমাধৱ বৰুৱা দেৱানন্দ ভৰালী আদিয়ে। বেণীমাধৱ বৰুৱাৰ মতে— অসমীয়া ভাষাৰ জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰা হৈছে বুলি বেণীমাধৱ বৰুৱাই উল্লেখ কৰিছিল। ডঃ বৰুৱাৰ এই মন্তব্যৰ আধাৰত অধ্যয়ন কৰি ডিম্বেশ্বৰ নেওগ প্ৰায় নিশ্চিত হৈছিল যে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে জন্ম হৈছে। বেণীমাধৱ বৰুৱাই তামৰ ফলিবোৰত দীর্ঘস্বৰৰ হ্ৰস্ব ৰূপ, সন্ধিৰ অনুপস্থিতি, সন্ধিৰ ক্ষেত্ৰত বিসর্গ লোপ আৰু ৰেফ বৰ্জন আদি উপাদান পোৱা যায় বুলি উল্লেখ কৰিছে।

এই মতক সমৰ্থন কৰা আন দুজন ব্যক্তিৰ কথা উল্লেখ কৰিব পাৰি। অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই ‘Assamese Origin and Development’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, “মাগধী প্রাকৃত অসমত প্রচলিত হোৱাৰ ৰাজনৈতিক আৰু সামাজিক কাৰণ নাই আৰু অসমত “কামৰূপী প্ৰাকৃত’ নামেৰে নিজা প্ৰাকৃত এটাহে গঢ় লৈ উঠিছিল।” আন এজন পণ্ডিতে ডঃ উপেন্দ্র নাথ গোস্বামীয়ে “অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ” নামৰ গ্ৰন্থত কামৰূপী প্ৰাকৃতৰ কথাটো মানি ল’ব খোজে। তেওঁ ক’ব খোজে যে— ‘তামৰ ফলিবোৰত প্ৰাচীন কামৰূপত গঢ় লৈ উঠা প্ৰাকৃতৰ ভাষাৰ এটা নিদৰ্শন ৰক্ষিত হৈছে আৰু সেয়ে অসমীয়া ভাষাৰ প্রাচীনতা দাঙি ধৰা কামৰূপী প্ৰাকৃত।”

দেবানন্দ ভৰালীৰ মত অনুসৰি, অসমত বাস কৰা আৰ্যসকল বহিবৃত্তত পৰে আৰু সংস্কৃতীয়া যুগৰ (১০০০-২৫০০ খৃঃ পূঃ) আগতেই অসমত আৰ্য বসতি হৈছিল। ইয়াত সুকীয়া প্ৰাকৃতে গঢ় লৈছিল যাৰ নাম অসমীয়া প্ৰাকৃত। অসমীয়া প্ৰাকৃতক দুটা ভাগত ভগাব পাৰি— কামৰূপী প্রাকৃত আৰু সৌমাৰ প্ৰাকৃত। “কিন্তু ১২।১৩।১৪ শতিকাত বঙ্গদেশত ৰচা পুথিৰ ভাষা আৰু

শংকৰী যুগৰ আৰু এতিয়াৰ অসমীয়া ভাষা পৰীক্ষা কৰি চালে আমি মাগধী প্ৰাকৃতৰ উপৰিও অন্য দুটা প্রাকৃত ভাষাৰ স্তৰ আগেয়ে থকাৰ প্ৰমাণ পাওঁহক। এটাক বুলিব পাৰি ‘সৌমাৰ প্রাকৃত; ই আগেয়ে আসাম আৰু বঙ্গদেশত চলিছিল; এতিয়া তাৰ বিশেষত্বখিনি উজনি অসমত পোৱা যায়। আনটো হৈছে ‘কামৰূপী প্ৰাকৃত’।”ই গোটেই কামৰূপত আৰু পশ্চিমে মাগধী ভাষাৰ সীমা বিহাৰলৈকে (গোটেই বংগদেশতে) চলিছিল।

তেখেতে প্ৰমাণ হিচাপে ইণ্ডো জার্মান স্তৰৰ সৈতে অসমীয়া শব্দ কিছুমানৰ সাদৃশ্য দেখুৱাইছে। বতৰ-জার্মানী — Wetter, ইংৰাজী — Weather

(ক) সৌমাৰ আৰু কামৰূপী প্ৰাকৃতত শ, ষ, স এই তিনিটা আখৰৰ উচ্চাৰণ হয়। মাগধী প্রাকৃতত সিহঁতৰ উচ্চাৰণ ‘শ’ হয়।

(খ) চ, ছ, জ, ঝ এইকেইটা আখৰৰ উচ্চাৰণ মাগধী প্ৰাকৃতত খুব স্পষ্ট। কিন্তু সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত সিহঁতৰ উচ্চাৰণ কোমল ‘ছ’ আৰু ‘ঝ’ৰ উচ্চাৰণ নাই। 

এইদৰে কিছুমান বৈশিষ্ট্য দেখুৱাইছে। এই বৈশিষ্ট্যসমূহৰ পৰা ভৰালীয়ে অসমীয়া যে সুকীয়া প্রাকৃত সেয়া প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে।

পণ্ডিত গৱেষক কালিৰাম মেধিয়ে অসমীয়া ভাষাৰ উদ্ভৱত মাগধী প্ৰাকৃতৰ অস্তিত্ব স্বীকাৰ কৰাৰ লগতে অসমীয়া ভাষা প্রাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে বুলি মানি ল’ব খোজে আৰু লগতে অসমীয়া ভাষাত প্ৰাকবৈদিক উপাদানৰ কথাও উল্লেখ কৰিছে। অসমীয়া ভাষাত প্ৰাকবৈদিক উপাদান হ’ল—

আতা গ্রীক— atta, লেটিন — atta

আল (ধৰা) লেটিন — alo, alumnus, almus.

উট (ভাহি যোৱা) লেটিন — Unda (টৌ)

গ্রীক — hudor (ঢৌ)

বৈদিক udplu (পানী উটি যোৱা)

এইবোৰ দেখুৱাই মেধিয়ে মন্তব্য কৰিছে যে― এনে সাদৃশ্য আকস্মিক হ’ব পাৰে যদিও কিছুমান ক্ষেত্ৰত আকস্মিক বুলি ক’ব পৰা নাযাব।

কনকলাল বৰুৱাই— কামৰূপী ভাষাটো মূলতঃ পূব মৈথিলীৰ এটা ৰূপ বুলি কৈছে। অসমীয়া ভাষাত থকা কিছুমান শব্দ পৈশাচী শাখাৰ ভাষাবোৰৰ লগত মিল আছে বুলি উল্লেখ কৰিছে। লগতে বৰুৱাই অন্তৰংগ আৰু বহিৰংগ বিভাজন মানি লৈ এইদৰে মন্তব্য কৰিছে— বহিৰংগ শাখাৰ সকলোবোৰ ভাষাতে সংস্কৃতৰ উপৰি প্ৰলেপ সমানে পৰা নাছিল।

আন এটা মত আগবঢ়াইছে নাথান ব্ৰাউনে। তেওঁ অসমীয়া ভাষাটোত থকা অনা-আৰ্য ভাষাৰ প্ৰচুৰ উপাদানলৈ লক্ষ্য কৰি মত দাঙি ধৰে যে— ‘বর্তমান অধুনা লুপ্ত হোৱা থলুৱা ভাষাৰ লগত সংস্কৃত ভাষাৰ গঠনৰীতি জাপি দিয়াৰ ফলতেই অসমীয়া ভাষাৰ জন্ম হৈছে। (‘Whether it (Assamese) was itself a dialect of Sanskrit or whether it was formed by engrabting the sanskrit upon some original native stock now extinct is uncrtain, the letter, however is the more probable opinion.’)

উল্লিখিত মন্তব্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে— অধিকাংশ পণ্ডিতে ‘মাগধী প্রাকৃত’ কে অসমীয়া ভাষাৰ মূল বুলি মানি লৈছে। আনহাতে যিসকলে অসমীয়া ভাষাৰ মূল কামৰূপী প্রাকৃত বুলি কৈছে তেওঁলোকে কিন্তু কামৰূপী প্ৰাকৃতৰ অস্তিত্ব আৰু বিশেষত্ব সম্পর্কে তথ্যসহ বিশেষ যুক্তি আগবঢ়াব পৰা নাই। তদুপৰি অসমীয়া ভাষাৰ তদ্ভৱ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী প্ৰাকৃতৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাব পাৰি। এনে কাৰণতেই পণ্ডিতসকলে অসমীয়া ভাষাৰ জন্ম মাগধীৰ পৰাই হৈছে বুলি অভিমত প্ৰকাশ কৰিছে। এইখিনিতে মনত ৰাখিব লাগিব যে অসমীয়া ভাষাটো মূলতঃ মাগধীয় ভাষা বুলি কোৱা হৈছে যদিও ক্রমবিকাশৰ বিভিন্ন স্তৰত অসমীয়া ভাষাই বিভিন্ন থলুৱা উপাদান গ্রহণ কৰিছে।

 পণ্ডিতসকলে মন্তব্য কৰিছে যে, মগধকেন্দ্ৰিক প্রাচ্য উপভাষাই বিশাল জনজাতীয় লোকৰ মাজত বিকাশ লাভ কৰিছিল। এনে ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক পৰিৱর্তনেৰে খ্ৰীষ্টাব্দ সপ্তম শতিকামানৰ পৰাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰে আৰু সম্ভৱতঃ দশম-একাদশ শতিকামানৰ ভিতৰত মাগধী প্ৰাকৃতৰ পূৰ্ব-মাগধী অপভ্ৰংশৰ পৰা নানা স্থানগত বৈশিষ্ট্যৰে অসমীয়া ভাষাই স্বতন্ত্ৰ ৰূপত আত্মপ্ৰকাশ কৰিলে। 

৪। অসমীয়া ভাষাৰ ইতিহাসক ডঃ বাণীকান্ত কাকতিদেৱে কেইটা প্ৰধান ভাগত ভাগ কৰিছে। প্ৰত্যেকটো ভাগৰ বিষয়ে বহলাই আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া ভাষাৰ ইতিহাসক কাকতিদেৱে তিনিটা প্রধান ভাগত ভাগ কৰিছে। সেই ভাগ কেইটা হ’ল―

(ক) প্রাচীন অসমীয়াঃ এই কালছোৱাক প্রাকৃবৈষ্ণৱ আৰু বৈষ্ণৱ এই দুটা প্রধান ভাগত ভাগ কৰিব পাৰি। চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ ভাগলৈকে এই কালছোৱাৰ সময়সীমা নির্ধাৰণ কৰিব পাৰি।

(খ) মধ্য অসমীয়াঃ সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈকে। আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে মধ্য অসমীয়াৰ কালছোৱা পৰিব্যপ্ত।

(গ) আধনিক অসমীয়াঃ ঊনবিংশ শতিকাৰ প্ৰাৰম্ভৰ পৰা বৰ্তমান কাললৈকে। 

প্রাচীন অসমীয়াঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষভাগলৈকে প্রাচীন অসমীয়া ভাষাৰ সময় নির্ধাৰণ কৰা হৈছে। অসমীয়া সাহিত্যৰ ইতিহাসত এই সময়খিনিক প্রাক্‌শংকৰী আৰু শংকৰী এই দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। প্ৰাক্‌-শংকৰী যুগৰ ভাষাত যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা দেখিবলৈ পোৱা যায়। শ্বৰ কৰাভক্তিৰ সহায়ত কঠিন শব্দ ভাঙি সৰল ৰূপত প্ৰকাশ কৰা হৈছে। ঠিক সেইদৰে দন্তমূলীয় বর্ণ বা আখৰৰ প্ৰয়োগ সর্বাধিক। প্রায় ক্ষেত্ৰতে ‘ণ’ ৰ ঠাইত ‘ন’ ৰ ব্যৱহাৰ হৈছে। প্ৰাকৃশংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত ‘গণ’, ‘সব’, ‘সকল’ আৰু ‘চয়’ আদি বহুবচনাত্মক প্রত্যয় ব্যৱহাৰ হৈছে। যেনে— তাৰাগণ, আমিসৱ, পাপীচয় ইত্যাদি। ‘-ঈ’ আৰু ‘-নী’ আদি স্ত্রী প্রত্যয় প্রয়োগ প্রাক্-শংকৰী যুগৰ ভাষাত দেখিবলৈ পোৱা যায়। এই কালছোৱাত অসমীয়া ভাষাৰ খণ্ডবাক্য আৰু জতুৱা ঠাঁচ নিজস্বৰূপ পৰিগ্ৰহণ কৰিছে।

আনহাতে পঞ্চদশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য নানা গীত, পদ, নাট, কাব্য আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰে। গুৰুজনাই ৰচনা কৰা বৰগীত আৰু অংকীয়া নাটসমূহত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছিল। শংকৰদেৱেই অংকীয়া নাটসমূহত এটি লয়যুক্ত গদ্যৰ প্ৰয়োগ কৰে, অসমীয়া সাহিত্যত গদ্য সৃষ্টিৰ এয়া প্রথম প্রয়াস। অৱশ্যে পৰৱৰ্তী সময়ত ভট্টদেৱৰ হাততহে গদ্যই পূর্ণতা লাভ কৰে। প্ৰাক্- শংকৰী যুগৰ অসমীয়াত প্রয়োগ হোৱা সংযোগ ৰূপ যেনে— হানি-এৰে (খোচে), কৰি-এৰে, গুচাই -এৰে আদি ৰূপবোৰ এই কালত সম্পূৰ্ণৰূপে নাইকিয়া হৈছে। কিন্তু অন্য কিছুমান সংযোজক ৰূপ দেখা যায়, যেনে— কহো-কহু দুয়োটাই অংকীয়া নাটবিলাকত স্পষ্টভাবে প্রয়োগ হৈছে। তদুপৰি ভৱিষ্যৎ কাল বুজাবৰ বাবে হ’ব আৰু অতীত কাল বুজাবৰ বাবে-ইল প্রয়োগ লক্ষ্য কৰিবলগীয়া। আকৌ প্ৰথম পুৰুষত ভৱিষ্যৎ কালৰ পুৰুষসূচক-বো প্রত্যয়ৰ প্রয়োগ পৰম্পৰাগতভাৱে চলিয়েই আছে। -লাহা, -বাহা, -সা আদি পুৰুষবাচক সর্বনামৰ সম্প্ৰসাৰিত প্ৰত্যয়ৰ প্ৰয়োগ মন কৰিবলগীয়া। শংকৰদেৱৰ বৰগীত আৰু নাট্যবিলাক ব্ৰজাৱলী ভাষাত লিখা।

মধ্যযুগৰ অসমীয়াঃ মধ্যযুগৰ মূলতঃ অসমীয়া গদ্যসাহিত্যৰ বিকাশৰ যুগ। এই যুগতে অসমীয়া ভাষা সাহিত্যৰ এক নতুন ৰূপত প্ৰকাশি উঠিছিল। এই সময়ছোৱাত কথা-গুৰু চৰিত, কথা ৰামায়ণ, বুৰঞ্জী আৰু ব্যৱহাৰিক জ্ঞানৰ বহুতো পুথি মধ্যযুগত ৰচিত হৈছিল। সপ্তদশ শতিকাৰ আদিভাগতে আহোম ৰজাসকলৰ অনুপ্ৰেৰণাত বুৰঞ্জী সাহিত্যৰ সৃষ্টি হয় আৰু সত্ৰসমূহৰ আশ্ৰয়ত চৰিত সাহিত্যৰ বিকাশ হয়। প্রধানতঃ বুৰঞ্জী আৰু চৰিত সাহিত্যৰ যুগটোৱেই অসমীয়া ভাষাৰ বুৰঞ্জীৰ মধ্যযুগ আৰু ই সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে পৰিব্যাপ্ত এই সময়ৰ ভাষাৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল―

(ক) চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাঁচৰ। সত্ৰীয়া মাৰ্জিত কখনভংগীত ৰচিত এই সাহিত্যৰাজিত জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নিভাজ অসমীয়া ভাষাৰ ৰূপ পৰিগ্ৰহণ কৰিছে।

(খ) বুৰঞ্জীসমূহৰ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এক গাম্ভীর্য লক্ষ্য কৰা যায়।

(গ) কথা ৰামায়ণ আৰু অন্যান্য গদ্যৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। প্রাচীন বৈশিষ্ট্যবোৰ ৰক্ষিত হোৱাৰ লগতে এই সময়ৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন বৈশিষ্ট্যৰে আগমন ঘটে।

সপ্তদশ শতিকাৰ শেষৰফালে ৰচিত ‘কথা-গুৰ-চৰিত’ৰ ভাষা অসমীয়া ভাষা অধ্যয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সাহিত্যৰ কেন্দ্ৰস্থল ৰজাঘৰৰ পৰা সত্ৰলৈ স্থানান্তৰিত কৰাত আৰু ধৰ্মীয় শাস্ত্ৰতকৈ বর্ণনীয় বিষয়বস্তু সলনি হোৱাত জনসাধাৰণৰ কথা ভঙ্গিমাই সাহিত্যত প্ৰৱেশৰ সুবিধা পাইছিল। ‘কথা-গুৰু-চৰিত’ৰ ভাষাই আচলতে সত্ৰীয়া পৰিবেশত গঢ় লৈ উঠা বিশেষ ভাষা ৰূপ এটিৰহে প্ৰতিনিধিত্ব কৰে। একবচনৰ পৰিৱৰ্তে বহুবচন প্রয়োগ, প্রত্যক্ষ উক্তিতকৈ পৰোক্ষ উক্তিৰ প্ৰাচুৰ্য, ধৰ্মীয় বিশ্বাসেৰে সিক্ত খণ্ডবাক্যৰ প্ৰয়োগ, শাস্ত্রীয় পদৰ সঘন উদ্ধৃতি এইবোৰ চৰিত পুথিৰ ভাষাক এক অনন্য ৰূপ দিছে।

আধুনিক অসমীয়াত ব্যৱহৃত বিভক্তিৰ ৰূপৰ সৈতে একে। কিন্তু শ্ৰুতিধ্বনিৰ আগম বেছিভাগ ক্ষেত্ৰতে হোৱা নাই । অপাদান কাৰক সুচাবলৈ ‘এখেৰ পৰা’, ‘তেৰ পৰা’ৰ দৰে ৬ ষ্ঠী পৰসৰ্গৰ ব্যৱহাৰ আছে, কিন্তু ‘তে’ৰ প্ৰয়োগ লক্ষণীয়। সম্ভাব্য ভূতকাল বুজাবলৈ — ইতে, হন্তেৰ সমীভৱন হোৱা ৰূপো আছে। ‘কথা-গুৰু চৰিত’ ভাষাত কামৰূপী উপভাষাৰ বৈশিষ্ট্যই অধিক। সত্ৰীয়া প্রকাশভংগী আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰত্যক্ষ প্রভাৱে ইয়াক নিজস্ব বৈশিষ্ট্য দান কৰিছে মাথোঁন।

বৰদোৱা গুৰুচৰিত বা দেওধাই অসম বুৰঞ্জীত কৰিলে, ধৰিলে, মাৰিলে আদি ৰূপহে আছে। ‘কথা-গুৰু-চৰিত’ৰ ‘কৈলে’, ‘ধৈলে’ আদি ৰূপ কথিত ৰূপৰ চানেকি। শব্দ ৰূপৰ ক্ষেত্ৰত দেখা যায়— কথিত ৰূপৰ দৰেই সৰল ৰূপ। বুৰঞ্জীৰ ভাষাত যেনেদৰে ৰজাঘৰীয়া গাম্ভীর্য আছে, তেনেদৰেই চৰিত পুথিত আছে পাহাৰী জুৰিৰ স্বাভাৱিক গতিশীলতা। বিদেশী শব্দৰ প্রয়োগ চৰিত পুথিৰ ভাষাত সীমিত।

অসমীয়া ভাষাৰ ইতিহাসত গোপালচৰণ দ্বিজৰ ‘কথা ৰত্নাকৰ’ আৰু ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ’ৰ সুকীয়া তাৎপর্য আছে। ভট্টদেৱৰ দৰে গোপালচৰণ দ্বিজেও প্ৰচুৰ তৎসম শব্দ ব্যৱহাৰ কৰিছে। প্ৰাচীন অসমীয়া যেনেকৈ পদত চহকী, মধ্যযুগৰ অসমীয়া তেনেকৈ গদ্যত চহকী। কথিত বাক্যৰীতি প্ৰকাশৰ মাধ্যম হিচাপে এইছোৱা কালতে সু-প্রতিষ্ঠিত হয়।

আধুনিক অসমীয়াঃ ছশবছৰীয়া আহোম ৰাজত্বৰ শেষৰ কেইদশকমানত অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাত সামাজিক, অর্থনৈতিক জীৱনলৈ অচলাৱস্থা আহি পৰিল। ঠিক তাৰ লগে লগে অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈও বিপর্যয় নামি আহে। আহোম ৰাজত্বৰ অন্তত (১৮২৬ খ্ৰীঃৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ৰাজনৈতিক উত্থান-পতনৰ বাবে অসমীয়া মানুহে ভাষা-সাহিত্য সংস্কৃতিৰ দিশত উদাসীন হৈ কটাবলগীয়া হৈছিল। তেনে সময়তে ১৮৩৬ চনত শাসনৰ সুবিধাৰ বাবে ইংৰাজ চৰকাৰে অসমত বাংলা ভাষাৰ প্ৰৱৰ্তন কৰিলে। পঢ়াশালি, আদালতৰ পৰা অসমীয়া ভাষা বিস্তাৰিত কৰি তাৰ ঠাইত বঙলা ভাষাৰ প্ৰৱৰ্তন কৰে। অসমীয়া ভাষাৰ এনে অন্ধকাৰাছন্ন সময়তে অসমলৈ অহা খ্ৰীষ্টান বেপ্তিষ্ট মিছনাৰীসকলৰ প্ৰচেষ্টাতে ১৮৪৬ চনত প্ৰথম মাহেকীয়া বাৰ্তালোচনী আৰুনোদই প্ৰকাশ পায়। এই অৰুনোদই সংবাদ পত্ৰৰ মাজেৰেই অসমীয়া ভাষা-সাহিত্যৰ ভেটি সুদৃঢ় হোৱাৰ উপৰি অসমীয়া সাহিত্যত আধুনিকতাৰ বীজ ৰোপন হ’ল; এক নতুন দিনৰ সূচনা হ’ল।

আমেৰিকাৰ বেপ্তিষ্ট মিছনাৰীসকলেই অসমীয়া ব্যাকৰণ, অসমীয়া অভিধান আদি প্ৰণয়ন কৰি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। তেওঁলোকে সাহিত্য ৰচনাৰ ক্ষেত্ৰত শিৱসাগৰ অঞ্চলত প্ৰচলিত অসমীয়া ভাষাটিকে ভিত্তি কৰি গ্ৰহণ কৰিছিল। 

মিছনেৰীসকলে প্ৰকাশ কৰা অসমীয়া ভাষাত হ্ৰস্ব দীর্ঘৰ পাৰ্থক্য নোহোৱা হ’ল। শ, ষ, সৰ ঠাইত স, ‘ন’ আৰু ‘ণ’ৰ ঠাইত ‘ণ’ ক, জ, য-ৰ ঠাইত জ আদিৰ প্ৰয়োগ এই ভাষাৰ বিশেষত্ব। তেওঁলোকে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা বর্ণবিন্যাস ৰীতি বা আখৰ-জোঁটনি আছিল ঘাইকৈ উচ্চাৰণ ভিত্তিক। পৰৱৰ্তী কালত হেমচন্দ্র, গুণাভিৰামৰ প্ৰচেষ্টাত আখৰ জোটনিৰ সংস্কাৰ সাধন হয়। অৰুনোদয়ৰ তৎসম তদ্ভৱ, অর্ধ-তৎসম আদিৰ উপৰি বিবিধ ভাষাৰ শব্দৰ সমাহাৰ ঘটিছে। তদুপৰি প্ৰয়োজন সাপেক্ষে তেওঁলোকে কিছুমান নতুন অসমীয়া শব্দও সৃষ্টি কৰিছিল। এনেদৰেই অৰুনোদয়ৰ বুকুত অসমীয়া ভাষাই আধুনিকতাৰ দিশলৈ ধাৱমান হয়।

হেমচন্দ্ৰ, গুণাভিৰামৰ প্ৰচেষ্টা তথা অৰুণোদই কাকতৰ জৰিয়তে নিৰ্মাণ হোৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেটিটোক অধিক সুদৃঢ় কৰিবৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে কেইবাজনো ব্যক্তি আগবাঢ়ি আহিল। তেওঁলোক ১৮৮৮ চনত কলকাতাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্রতিষ্ঠা কৰে। এই সভাৰ মুখপত্ৰ ৰূপে জোনাকী প্রকাশ পায়। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পাশ্চাত্যত জন্ম লাভ কৰা ৰমন্যাসবাদৰ পৰিপ্ৰকাশ ঘটে আৰু অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা প্রকাশিত হয়।

দ্বিতীয় মহাসমৰৰ (১৯৩৯) অবর্ণনীয় ধ্বংসলীলাই গোটেই বিশ্বতে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত নানা সমস্যাৰ সৃষ্টি কৰিলে। মহাযুদ্ধৰ এই দুৰৱস্থাৰ সময়তে, দুৰ্যোগৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যই নতুন উন্নতিৰ পথত খোজ পেলালে। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত প্ৰৱেশ ঘটা ৰোমাণ্টিক কবিতাৰ ঠাইত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি ৰখাটোৱেই সাম্প্রতিক কবিতাৰ ধৰ্ম হৈ পৰিল। এই সময়তে কবিতাৰ লগতে সাহিত্যৰ বিভিন্ন শাখাসমূহতো নতুন ভাৱধাৰীৰ সূচনা হয়।

৫। অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পর্কে এটি চমু নিবন্ধ যুগুত কৰা। 

উত্তৰঃ অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্রাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। প্রাচীন ভাৰতীয় আর্যভাষা বিশেষ ক্রমপৰিৱৰ্তনৰ মাজেদি আহি খ্রীষ্টিয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ ধৰে। যিহেতু অসমত অনার্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে সেয়েহে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। গতিকে আদিম ভাষাৰ প্ৰভাৱত আর্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্রুতগতিত পৰিৱৰ্তিত হ’বলৈ ধৰিলে।

প্রাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। ভাৰতীয় আৰ্য ভাষাৰ ইতিহাসক তিনিটা স্তৰত ভাগ কৰা হয়।

(ক) প্ৰাচীন ভাৰতীয় আর্যভাষা। (খ্রীষ্টপূর্বঃ ১২০০ৰ পৰা খ্ৰীঃপূঃ ষষ্ঠ শতিকা)।

(খ) মধ্য ভাৰতীয় আর্যভাষা। (খ্রীঃপূঃ ষষ্ঠৰ পৰা খ্ৰীষ্টীয় দশম শতিকা)।

(গ) নব্য ভাৰতীয় আর্যভাষা। (গ্ৰীঃ দশমৰ পৰা বৰ্তমান পৰ্যন্ত)।

বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি, প্ৰাকৃত আৰু অপভ্রংশই মধ্য ভাৰতীয় আৰ্যভাষা আৰু আধুনিক কথিত আৰ্যগোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নব্য আৰ্য ভাষা।

প্রাচীন ভাৰতীয় আর্যভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্রংশৰ মাজেদি আধুনিক ভাৰতীয় আর্যভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।

(ক) বৈদিক সংস্কৃত ভাষাৰ স্তৰঃ বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যমৰূপে প্রসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্রতিষ্ঠিত হয়।

(খ) প্রাকৃত ভাষাঃ বৈদিক যুগৰ প্ৰচলিত কথিত আর্যভাষা ক্ৰমে পৰিৱৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষাৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা―

১। আদি প্ৰাকৃত।

২। মধ্য প্রাকৃত।

৩। অন্ত্য প্রাকৃত।

১। অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্রিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদর্শন পোৱা যায়।

২। সংস্কৃত নাটত ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰয়ী, বাকপতিৰাজৰ গৌড়বহো, প্ৰবৰসেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

৩। অন্ত্য প্ৰাকৃত বুলিলে অপভ্রংশক বুজায়। অন্য প্রাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজ্জালগ্গ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অবাৰ্চীন অপভ্রংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীর্তিলতা’ আৰু ‘কীর্তিপতাকা’ত অপভ্রংশৰ নিদর্শন পোৱা যায়। প্রাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল—

পূৰ্বাঞ্চলৰ — মাগধী

মধ্যপ্ৰদেশৰ — শৌৰসেনী

দক্ষিণ-পশ্চিমাঞ্চলৰ — মহাৰাষ্ট্ৰী 

উত্তৰ-পশ্চিমাঞ্চলৰ— পৈশাচী।

মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্রাচ্য অপভ্রংশৰ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখাকেইটা হ’ল—

১। ৰাঢ়ঃ ইয়াৰ পৰা পশ্চিমবংগৰ উপভাষাৰ সৃষ্টি হয়।

২। বৰেন্দ্ৰঃ ইয়াৰ পৰা উত্তৰ মধ্যবংগৰ উপভাষাৰ সৃষ্টি হয়।

৩। বংগঃ ইয়াৰ পৰা পূৰ্ববংগৰ উপভাষাৰ সৃষ্টি হয়। 

৪। কামৰূপঃ এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।

অসমীয়া ভাষাই খ্রীষ্টীয় দশম শতিকাৰ মাজভাগৰপৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্রসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়তা লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।

প্রাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদর্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ভাষাৰ নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হলেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ডঃ বেণীমাধৱ বৰুৱাই এই প্ৰসংগত কোৱা এষাৰ কথা প্রণিধানযোগ্য— প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্টিয় ৬ষ্ঠ – ১২শ শতিকাত প্রচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পর্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ত্ৰুটি নকৰা সত্ত্বেও কিছুমান অপ্রচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ অসাৱধানতাৰ ভুল।

অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদর্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদর্শনবোৰৰ নমুনা পোৱা যায়। ইয়াত অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দমালা আৰু বাক্য বিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, সৰু, উজুবাট, মিছা, নৈ আদি শব্দবোৰ চর্যাপদত হুবহু ৰূপত পোৱা যায়।

চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈকে আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰৱেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপী ভাষা বোলে। চর্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্রাচীন অসমীয়া সাহিত্যত। এইক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্রী কৃষ্ণ কীৰ্ত্তনৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই অসম ৰাজ্যজুৰি কথিত আর্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰ বংগৰ উপৰি বিহাৰৰ পূর্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।

সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপ ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্রাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট। অসমৰ সামূহিক কার্য চলোৱাৰ বাহনৰূপে এই ভাষা প্রাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰপৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছুমাৰীৰ সহায় লাভ কৰি সাহিত্যিক মর্যাদা পায়।

বর্তমান গুৱাহাটী কেন্দ্রিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগতভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ পাজৰৰ উপভাষাৰ দ্বাৰাও প্রভাৱিত হৈছে। সাম্প্ৰতিক অসমীয়া ভাষা -ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

৬। উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদর্শন ক’ত ৰক্ষিত হৈছে, এটি আলোচনা যুগুত কৰা? 

উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্রধানতঃ ৰক্ষিত হৈছে সেই সময়ৰ উৎকীৰ্ণ কৰা তামৰ ফলিসমূহত, চর্যাপদসমূহত, মিশ্ৰ অসমীয়া ভাষাৰ নিদৰ্শনমূলক সাহিত্যৰ অন্তৰ্গত শ্রীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণৰ ভাষাত । তলত এই সাহিত্যৰাজিৰ ভাষাত কিদৰে অসমীয়া ভাষাৰ বৈশিষ্ট্য ৰক্ষিত হৈছে সেই বিষয়ে আলোচনা আগবঢ়োৱা হ’ল—

(ক) তামৰ ফলিৰ ভাষাঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দুৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্ৰাচীনতম ভাষাৰ প্ৰতিনিধিত্ব কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

তামৰ ফলিসমূহত সেই সময়ৰ অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দ তথা বৈশিষ্ট্যমূলক নিদর্শন সংৰক্ষিত হৈ আছে। তামৰ ফলিৰ শব্দ আৰু অসমীয়া শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল—

তামৰ ফলিৰ শব্দৰূপআধুনিক শব্দৰূপ
জটিজৰী
হস্থিহাতী
টনিধনী
পাকৰিপাকৰি
সুৱৰ্ণদাৰুসোণাৰু

ঠিক তেনেদৰে— অনিস সনি, কালিয়া কৈৱৰ্ত্ত আদি মানুহৰ নাম বুজোৱা শব্দ; দক্ষিণপাত আদি ঠাইৰ নাম বুজোৱা শব্দ; সোব্বড়ি (পুখুৰী), চম্যলা (জান), সিঙ্গড়ি (নদী)ৰ দৰে পুখুৰী নদীৰ নাম বুজোৱা শব্দ; অম্ব, আম্ব (আম), নাক্ক (নাক) ইত্যাদি শব্দৰ ব্যৱহাৰ দেখা গৈছিল। তাম্রলিপিসমূহত পোৱা অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহ এনে ধৰণৰ—

(১) স্বৰধ্বনিৰ হ্ৰস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে— কামৰূপ > কামৰুপ, ঈশ্বৰ > ইশ্বৰ, ময়ূৰ > ময়ূৰ, স্বামী > স্বামি।

(২) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্ৰয়োগ। যেনে— পুষ্কৰিণী > পুষ্কিৰিণী (স্বৰ সমীভৱন), কর্ণসুৱর্ণ > কন্নসৱন্ন, সর্বা > সব্বা।(ব্যঞ্জন সমীভৱন)।

(৩) ‘ৱ’ আৰু ‘ব’, ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ব’, ‘শ’, ‘ষ’, ‘স’—ৰ এটাৰ ঠাইত আনটো প্রয়োগ হৈছে এনেদৰে; যেনে—

ৱ > ব = ৱীর্য > বীজজ

য > জ = যজুর্বেদী > যযুর্বেদী 

ড় > ৰ = ক্রীড়ৎ > ক্রীৰৎ

শ, ষ > স – শনি > সনি

(৪) ‘ক্ষ’ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে— ক্ষিতিমধ > খিমথ

 (৫) ‘ঔ’ৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ। যেনে— ধৌতেশ্বৰ > ধোতেশ্বৰ।

(৬) ”ম’ৰ ঠাইত ‘ন’ আৰু ‘ল’ৰ ঠাইত ‘ন’ ধ্বনিৰ ব্যৱহাৰ। যেনে— যৌবনম্ > যৌৱনন।

(৭) যুক্ত ব্যঞ্জনৰ লোপ। যেনে— তন্ত্র > তন্ত।

(৮) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনিৰ ব্যৱহাৰ। যেনে প্রান্ত > প্রানঠ।

(৯) মূর্ধন্য ধ্বনিৰ ঠাইত দন্ত্য ধ্বনিৰ ব্যৱহাৰ যেনে বিষ্ণু > বিষনু। 

তাম্রলিপিসমূহত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগতে ৰূপতাত্ত্বিক বিশেষত্বও ৰক্ষিত হোৱা দেখা গৈছে। তেনে এটি উল্লেখযোগ্য ৰূপতাত্ত্বিক বিশেষত্ব হ’ল- সপ্তম শতিকাৰ ভাস্কৰবৰ্মাৰ তামৰ ফলিত ‘কালিয়া’ শব্দ তথা নৱম শতিকাৰ বনমালদেৱৰ তামৰ ফলিত পোৱা ‘কুৱা’ (নৌকুৱা) শব্দই স্বাৰ্থিক ‘আ’ প্রত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। উল্লেখযোগ্য যে ভাস্কৰবৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দটোতে অসমীয়া ভাষাৰ প্ৰথম ৰূপতাত্ত্বিক নিদৰ্শন ৰক্ষিত হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

(খ) চৰ্যাপদৰ ভাষাঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাক্ষ্যস্বৰূপে আমি চর্যাপদসমূহত ব্যৱহৃত ভাষাটিৰ কথা বিবেচনা কৰিব পাৰো। চর্যাপদসমূহৰ ভাষাৰ লগত আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব আৰু বাক্যবিন্যাস প্রভৃতি সকলোতে ওচৰ সম্পৰ্ক ৰক্ষিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল—

(১) মান্য অসমীয়া ভাষাত স্বৰভক্তিৰ সহায়ত তৎসম শব্দবোৰ অর্ধ-তৎসম শব্দলৈ পৰিবর্তন হোৱাটো নিয়ম। চর্যাপদতো এনে পৰিবৰ্তনৰ নিয়ম মানি চলে। যেনে—

চর্যাপদঅসমীয়া
প্ৰাণ > পৰাণপৰাণ
যত্ন > যতনযত্ন/যতন

(২) প্ৰাচীন ভাৰতীয় আর্যভাষাৰ উষ্মবর্ণ তিনিটা। যথা শ, ষ আৰু স। ই চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা গৈছে। যেনে— শবৰ, সবৰ, ষৰবালী ইত্যাদি।

(৩) প্রাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য, মূর্ধন্য ধ্বনিৰ পাৰ্থক্য মান্য অসমীয়াত লোপ পাইছে। তেনেদৰে চর্যাপদতো লোপ হোৱাৰ আভাস আছে। যেনে— মন, মণ। 

(৪) স্বৰ পৰিবৰ্তনৰ নিয়ম মতে, মান্য অসমীয়াত ওচৰা-ওচৰিকৈ দুটা ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চর্যাপদত এই ৰীতি বিদ্যমান। যেনে— চাকা > চকা, বাপা > বপা।

(৫) আধুনিক অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্ৰয়োগ চৰ্যাপদৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে—

প্রথমা–একুম্ভীৰে খাঅ
দ্বিতীয়–কঠাকুৰক পৰিণিৱিত্তা
তৃতীয়া–ৰেকুমাঁৰ চিজঅ
চতুর্থী–লৈমেৰু শিখৰলই পঅণ প‍ইসই
ষষ্ঠী–ৰহৰিণীৰ নিলঅ
সপ্তমী–তবাটত, হাড়ীত

(৬) অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ প্ৰয়োগ চর্যাপদতো দেখা যায়। যথা—

চর্যাপদআধুনিক অসমীয়া
সবৰীশবৰী
শিয়ালীশিয়ালী
হৰিণীহৰিণী

(৭) আধুনিক অসমীয়া ভাষাৰ দৰে চৰ্যাপদৰ ভাষাত অতীত কাল বুজাবলৈ ‘-ইল’ আৰু ভৱি ভৱিষ্যৎ কাল বুজাবলৈ ‘-ইব’ প্রত্যয় যোগ হৈছে। যেনে—

চর্যাপদআধুনিক অসমীয়া
কৰিবকৰিব
আছিলোঁআছিলোঁ

(৮) বহুবচন বুজাবৰ বাবে ব্যৱহৃত ‘সকল’ শব্দৰ প্ৰয়োগ আধুনিক অসমীয়া আৰু চৰ্যাপদ উভয় ভাষাতে একেটা ৰূপতে প্রয়োগ হয়। যেনে—

মণ্ডল সঅল― চর্যাপদ

মণ্ডল সকল ― অসমীয়া

উল্লেখযোগ্য যে চৰ্যাত ব্যৱহাৰ হোৱা বহু শব্দ আধুনিক অসমীয়াত পোৱা যায়। যেনে ঘৰ, চকা, ঘৰিণী (গৃহিণী), চান্দ (চন্দ্র), আখি (অক্ষি), কাম, খেনাই, সোণ, ঘিউ, পোথী (পুস্তক) ইত্যাদি।

(গ) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাঃ চৰ্যাপদৰ পৰৱৰ্তী ৰচনা বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক বাঙালী পণ্ডিতসকলে বাংলা ভাষাৰ নিদৰ্শন বুলি কৈ আহিছে। ডঃ বাণীকান্ত কাকতিয়ে শ্রীকৃষ্ণ কীৰ্তনৰ ভাষা সন্দৰ্ভত মন্তব্য কৰিছে যে অসমীয়া আৰু বাংলা ভাষা স্পষ্টৰূপে পৃথক হৈ বিকাশ লাভ কৰাৰ পূৰ্বে দুয়োটা ভাষাৰ যিটো সাধাৰণ ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ মাজত সেই ৰূপটো প্ৰতিফলিত হৈছে। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ তলত উল্লেখ কৰা হ’ল—

(১) শব্দ বিভক্তি প্রয়োগৰ ক্ষেত্ৰত প্ৰথমা ‘এ’ চতুর্থী ‘লাগি’ (অসঃ-লৈ), ষষ্ঠ ‘– ৰ’ আৰু সপ্তমী ‘ত’ৰ ব্যৱহাৰ হয়। তেনে — তোৰ মুখে, তা লাগি, সাধুৰ, হিয়াত ইত্যাদি।

(২) নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ ৰ ব্যৱহাৰ হয়। যেনে—

শ্রীকৃষ্ণ কীর্তনআধুনিক অসমীয়া
নাপাওঁনাপাওঁ
নহোঁনহওঁ

(৩) প্রাচীন অসমীয়াত অপাদান অৰ্থত ব্যৱহৃত ‘হন্তে’ৰ প্ৰয়োগ এই পুথিতো পোৱা যায়। যেনে—

আজি হন্তে – শ্রীকৃষ্ণ কীর্তন

আজি হন্তে – পুৰণি অসমীয়া 

(৪) উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ‘ওঁ’-ৰ ব্যৱহাৰ হৈছে। যেনে— জাওঁ (আধুনিক অসমীয়া— যাওঁ)।

(৫) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতো মান্য অসমীয়া ভাষাৰ দৰে স্বৰভক্তিৰ জৰিয়তে তৎসম শব্দবোৰে অৰ্ধ-তৎসম ৰূপ লাভ কৰে। যেনে—

শ্রীকৃষ্ণ কীর্তনঅসমীয়া
জতনযতন
পৰাণপৰাণ
তপততপত

(৬) বহুবচন বুজাবলৈ ‘গণ’ ব্যবহৃত হয়। যেনে—

পিকগণে— শ্রীকৃষ্ণ কীর্তন 

তাৰাগণে— পুৰণি অসমীয়া

(৭) আধুনিক অসমীয়া ভাষাৰ শব্দ আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ শব্দৰ মাজত সাদৃশ্য আছে।

আধুনিক অসমীয়াশ্ৰীকৃষ্ণ কীৰ্ত্তনৰ ৰূপ
কমলাকমলা
পাথৰপাথৰ
বেজবেজ

এইবোৰৰ উপৰি সেই সময়ছোৱাত ৰচিত বুলি বিবেচনা কৰা শূন্য পুৰাণতো উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন ৰক্ষিত হোৱা দেখা যায়। প্ৰসংগক্রমে উল্লেখযোগ্য যে এই পুথিখনৰ ৰচনাৰ সময়সীমা সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতবিৰোধ থকা পৰিলক্ষিত হয়। ডিম্বেশ্বৰ নেওগৰ ভাষাৰে ক’ব পাৰি―

“ভাষামূলক বিচাৰ আৰু ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা শূন্য পুৰাণ’ৰ ৰচনা ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়।”

৭। অসমীয়া ভাষাত অন্যান্য প্ৰাকৃতৰ উপাদান কিদৰে ৰক্ষিত হৈছে, আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাত শৌৰসেনী, অর্ধমাগধী, পৈশাচী আৰু মহাৰাষ্ট্ৰী উপাদানো নথকা নহয়। আধুনিক ভাৰতীয় আর্যভাষাৰ পূৰ্বী-হিন্দী শাখাৰ অৱধী, বঘেলী আৰু ছত্তিশগড়ী ভাষা এই অর্ধমাগধী প্ৰাকৃতৰ লগত সম্পর্কযুক্ত বুলি সিদ্ধান্ত কৰা হৈছে। অসমীয়া ভাষাটো ‘শৌৰসেনী আৰু মাগধী অপভ্ৰংশৰ মিশ্ৰণ বুলি কালিৰাম মেধিয়ে লিখিছে। সংস্কৃত ‘ক্ষ’ শৌৰসেনীত ‘খ’ আৰু ‘কখ্’ হৈছে। অশোকৰ অনুশাসনৰ প্ৰাচ্য-মধ্যৰ উপভাষাতো ক্ষ> কখ্ হৈছে। অসমীয়া ভাষাত সংস্কৃত ‘ক্ষ’ৰ ‘খ’ আৰু কখ’ লৈ পৰিৱৰ্তন হোৱা উদাহৰণ আছে; যেনে— ক্ষিতিমথ > খিমথ (ৰত্নপালৰ তামৰ ফলি); মাকিখযান (ইন্দ্ৰপালৰ তামৰ ফলি); সং. ক্ষীণ > অসমীয়া খীণ, সংস্কৃতত মক্ষিকা > অসমীয়াত মাখী, দক্ষিণ (সংস্কৃত) > দোক্‌খিন। দোখিন (কামৰূপী), | ভাষাত নিদর্শন পোৱা যায়।

অর্ধমাগধী ভাষাৰ উপাদানঃ

(ক) অর্ধমাগধী সম্ভৱত মাগধীৰ প্ৰতিবেশী ভাষা বুলি আৰু মাগধী কিছু লক্ষনযুক্ত বুলি এই প্রাকৃতৰ নাম ‘অর্ধ-মাগধী’ হয়। অৱশ্যে ইয়াত মাগধীৰ লগতে শৌৰসেনীৰো লক্ষণ আছে; উদাহৰণস্বৰূপে— ‘ৰ’ আৰু ‘ল’ দুয়োটা আছে। বিসর্গযুক্ত পদান্ত অ-কাৰ’ ‘এ’ আৰু ‘ও’ দুয়োটা হয়। ষ,শ নাই, কেৱল ‘স’ৰ প্ৰয়োগ আছে। মাগধীৰ সৈতে ইয়াৰ প্ৰধান বৈসাদৃশ এই যে ‘ৰ’ আৰু ‘স’ৰ প্ৰয়োগ হৈছে।

(খ) ‘ৰ ‘ আৰু ‘ল’ দুই ধ্বনিৰ ব্যৱহাৰ ৰক্ষিত হৈছে অৰ্থাৎ মাগধীৰ দৰে ‘ৰ’ ধ্বনি ‘ল’ লৈ পৰিৱৰ্তন হোৱাও দেখা যায়। আনহাতে মহাৰাষ্ট্ৰী শৌৰসেনীৰ দৰে কোনো পৰিৱৰ্তন নোহোৱাকৈও ‘ৰ’ৰ ব্যৱহাৰ হোৱা দেখা যায়। যেনে— দাৰুণ > দাৰুণ, দালুণ; পূৰ্বঃ > পূৰবো ।

(গ) সংস্কৃতৰ শব্দৰ শেষত থকা বিসৰ্গৰ ‘ও’ ৰূপে হোৱা পৰিৱৰ্তনক অর্ধমাগধী উপাদানৰূপে ধৰা হয়। তামৰ ফলিৰ ভাষা আৰু কামৰূপী উপভাষাত ইয়াৰ নিদৰ্শন আছেঃ সংস্কৃত ভার্গৱঃ > ভগগৱো (নিধনপুৰ তামৰ ফলি), সংস্কৃত ধর্মঃ > ধর্মো (কামৰূপী)। 

(ঘ) ‘ণ’ আৰু ‘ন’ দুইটাৰে ব্যৱহাৰ আছে। নদী (কামৰূপী) > ণঈ, অনিল> অণিল অনিল।

(ঙ) অর্ধমাগধীত সংস্কৃত চ-> ত হয়, যেনে— চিকিৎসা > তেইচ্ছা; (কামৰূপী) তিকিচ্ছা।

(চ) নির্মিতার্থক ক্রিয়া গঠনত ‘-তুম্’> ‘ওএ’ বা ‘ত্তু’, ‘-ইওএ’ যেনে— কৃত্বা > ওঅএ বা কত্তু; শ্ৰুতা > সুণিওএ, বা সুণিত্তু (মহাৰাষ্ট্ৰীত -উং শৌৰসেনী-মাগধীত—দুং’)।

ঠিক তেনেদৰে ‘কৰ্ণ’ শব্দটোৰ আচল সংস্কৃতীয়া ৰূপ ‘শ্ৰৱণ’। গ্ৰীক্, লেটিনৰ লগত উচ্চাৰণ মিলা অসমীয়া শব্দৰ উদাহৰণ তলত কিছু দিয়া হ’ল- লেটিন আদি কিছুমান ইউৰোপীয় ভাষাত য’ত ‘ক’ হয়— সংস্কৃতত সেই ঠাইত ‘প’ হয়। যেনে- সং = ‘পচ্’ ইং = কুক্‌ (cook) = লেটিন ‘Coquere’। অসমীয়াত সংস্কৃত ‘প’ ৰ ঠাইত ‘ক’ হোৱা দেখা যায়। যেনে সং- ‘ক্ষেত্রপৰ্পটি’ = অং- ‘শেত ক- পৰা’; সং- ‘পূৰ্ব্বা’ = অং- ‘কুৰুৱা’ (বতাহ), সং- ‘পৰ্য্যঙ্কন=অং-‘কৰঙ্গন’। (সংস্কৃত ভাষাতো তেনে পৰিৱৰ্তন হোৱা দেখি; যেনে সং- ‘পক্ষ’ আৰু ‘কক্ষ’)

শব্দৰ মধ্যৱৰ্তী-ন্ত- কেতিয়াবা শৌৰসেনীত ন্দ- হয়। (সংস্কৃত-হন্ত > হন্দ)। তামৰ ফলিৰ ভাষাত ইয়াৰ নিদৰ্শন আছে, যেনে— অনন্ত > অনন্দ (নিধনপুৰৰ তামৰ ফলি)। কেতিয়াবা শৌৰসেনী আৰু মহাৰাষ্ট্ৰীত -দ-> -ল- হয়; যেনে— বিজজুলিআ < বিদ্যুতিকা, তু. অস. বিজুলী। মহাৰাষ্ট্ৰী আৰু অৰ্ধমাগধীত সংস্কৃত ষ > ছ হয়; যেনে— ষট্ > ছ; তু. গোৱা ছই। মহাৰাষ্ট্ৰী প্ৰাকৃতত ‘ঙ’- আৰু শব্দৰ মাজত থকা উষ্ম ধ্বনিৰ ‘হ’লৈ পৰিৱৰ্তন হয়। তামৰ আলিৰ ভাষা, কামৰূপী উপভাষা আৰু অসমীয়া মান্যভাষাত এই লক্ষণ বিদ্যমান। – উদাহৰণস্বৰূপে – সংস্কৃত – ভৱতি > হোই (মাহা), হোই (কামৰূপী), হই (হয়) মান্য অসমীয়া [ তু. শুভঙ্কৰ > সুহংকৰ তামৰ ফলি]। সংস্কৃত— আকাশ > আকাহ (কামৰূপী), ৰস > ৰহ কামৰূপী) তু. মা. অসমীয়াত ৰহঘৰা; বিষ > বিহ, ভিক্ষু > ভিকহু, আশুসিদ্ধি > আহুদি। তেনেকৈ সংস্কৃত— কাংস্য > কাহ, সংস্কৃত— হংস > হাঁহ, তু. গোৱা, হাশ। সংস্কৃত— আত্মন > মাহা. অপ্‌পা, তু. অসমীয়া — আপোন। অসমীয়া ভাষাত সংস্কৃত উষ্ম ধ্বনিৰ ‘চ’ৰূপে হোৱা পৰিৱৰ্তনৰ উদাহৰণো আছে; যেনে— সর্ব > সব্ব > চোব/ চোপ, চপা (কামৰূপী) [তু. চপাৰাতি]। সংস্কৃত স্নেহ> সনেহ (চেনেহ)> চেনহ চেনাহ (কামৰূপী) চেনেহ (মান্য অসমীয়া)। ‘সংস্কৃতত স্নানং – > পালিত সিনানং (চিনানং)> কামৰূপীত চিলান হয়। সংস্কৃতত ‘ঘ’ৰ ‘খ’ লৈ হোৱা পৰিৱৰ্তনক পৈশাচী প্ৰাকৃতৰ এটা বৈশিষ্ট্যৰূপে ধৰা হয়; যেনে— সংস্কৃত ধর্ম > প- খম্ম, তু. সং- ঘৃণ্টিকা > অসমীয়াত খুটি হয়। (গৰু আৰু ম’হৰ)। স্বৰমধ্যৱর্তী ঘোষ ব্যঞ্জনৰ অঘোষীভৱন; গগন > গকন; ৰাজা > ৰাচা। পৈশাচীত ণ > ন হয় । যেনে— তৰুণী, > তলুনী; নগৰ > নকৰ। মাগধীৰ বৈশিষ্ট্য ৰক্ষিত পৈশাচী প্ৰাকৃতৰ এটি গুৰুত্বপূর্ণ বৈশিষ্ট্য। কোনো কোনো ক্ষেত্ৰত ‘ৰ’ ধ্বনি ‘ল’ত পৰিৱৰ্তন হৈছে আৰু মাগধীৰ দৰে জ্ঞ, ন্য, ণ্য > ঞঞ, যেনে— তৰুণী > তলুনী; বিজ্ঞাতঃ > বিঞঞাতো; কন্যা > কঞঞা। শ, ষ >স; যেনে— বিষম > বিসম; শীল > সিল।

৮। অসমীয়া ভাষাৰ সংস্কৃত ভাষাৰ কিমানখিনি উপাদান সোমাই পৰিছে উল্লেখ কৰা ৷ 

উত্তৰঃ অসমীয়া ভাষাৰ বেছিভাগ শব্দই সংস্কৃতমূলীয়। এই শব্দবোৰক তৎসম, অৰ্দ্ধ-তৎসম আৰু তদ্ভৱ এই তিনিটা উপভাগত ভগাই আলোচনা কৰা হয়। ‘তৎসম’ মানে তাৰ অৰ্থাৎ সংস্কৃতৰ সমান। যিবোৰ শব্দ সংস্কৃতৰ পৰা লোৱা হৈছে আৰু অসমীয়াত অবিকৃত ৰূপত ব্যৱহৃত হয়, তেনে শব্দবোৰকে তৎসম শব্দ বোলে। অসমীয়া ভাষাত উচ্চাৰণৰ দিশৰ পৰা প্ৰকৃততে তৎসম শব্দ নাই, কাৰণ শব্দবোৰৰ উচ্চাৰণ সলনি হৈছে। সূর্য, চন্দ্ৰ, আকাশ, গগণ আদি শব্দৰ উচ্চাৰণ অসমীয়াত সম্পূর্ণ বেলেগ। তথাপি উচ্চাৰণগত পার্থক্য সত্ত্বেও যিবোৰ শব্দ অসমীয়া ভাষাত মূলৰ দৰে অবিকৃত ৰূপত লিখা হয়, সেই শব্দবোৰক তৎসম শব্দ বুলি ধৰি লৈছে।

সাম্প্রতিক যুগত ব্যৱহাৰ কৰা সংস্কৃতমূলীয় শব্দ কিছুমান হ’ল— জনম, লগন, ভছম, অধৰম পুইন, শকতি, ৰাইকহ, ৰহইছ, হৰিষ ইত্যাদি সংস্কৃত শব্দৰ ব্যৱহাৰত সন্ধি প্ৰৱণত এই সময়ৰ উল্লেখযোগ্য বৈশিষ্ট্যপূর্ণ দিশ; যেনে — পশ্বাধম, সহাভিনয়, ফটুৰ, সচল, শোষণাভিপ্রায়, স্পষ্টোজ্জ্বল, তেজোদীপ্ত, হর্ষোন্মাদী, মহাদাহবান, একচ্ছত্রধিপতি।

অসমীয়া ভাষাৰ মূল হিচাপে পৰিগণিত সংস্কৃতমূলীয় শব্দবিলাকৰ অবিহনে অসমীয়া ভাষাৰ অস্তিত্ব আৰু স্থায়িত্ব কল্পনা কৰা কঠিন। লেখোঁতে ব্যৱহাৰ হোৱা সংস্কৃতৰে সৈতে একে যেন দেখা শব্দবোৰৰ প্ৰায় ভাগেই দেখাত তৎসম হ’লেও অসমীয়া উচ্চাৰণৰ কাৰণে অর্ধ-তৎসম ৰূপ লয়। আক্ষৰিক অৰ্থত অসমীয়া ভাষাত তৎসম শব্দ নাই। কিয়নো অসমীয়া ভাষাত সংস্কৃত শব্দবোৰৰ উচ্চাৰণ ৰক্ষিত হোৱা নাই। সেইবুলি সেই শব্দবোৰক তৎসম শব্দ নুবুলি নোৱাৰি। সেই শব্দবোৰ ভাষাৰ জন্মকালৰ পৰা এতিয়ালৈকে সংস্কৃতৰ ব্যাকৰণগত নীতি- নিয়ম (যেনে— বানান-পদ্ধতি, সন্ধি সমাস, ণ-ত্ব বিধি, ষ-ত্ব বিধি) অনুসৰি অসমীয়া ব্যৱহৃত হৈ আছে। গতিকে সংস্কৃতৰ পৰা কোনো পৰিৱর্তন বা সলনি নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হ’ল তৎসম শব্দ। উদাহৰণস্বৰূপে – অশ, আকাশ, ইন্দ্র, ঈশ্বৰ দুৰ্বাৰ কাল, কলা, ধৰ্ম, সূর্য, সাহিত্য, শিল্প, মন্ত্র, গতি ইত্যাদি। 

তৎসম শব্দৰ দৰে আন কিছুমান শব্দ পোৱা যায় যিবোৰ শব্দ উচ্চাৰণৰ সামান্য বিকৃত হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এইবোৰ তৎসম শব্দৰ দৰে একে। কিন্তু কেতিয়াবা অর্থ পৰিৱৰ্তন হোৱা দেখা যায়। যেনে―

ধর্ম > ধৰম

ভক্ত > ভকত আদিত মূলৰ অৰ্থ একেদৰে আছে, কিন্তু আন কিছুমানৰ অৰ্থৰ সলনি হৈছে। যেনে—

ৰক্ত > ৰকত (তেজ)

মর্ম > মৰম (স্নেহ)

প্রীতি > পীৰিতি (প্রেম)

গতিকে, সংস্কৃতৰ পৰা উচ্চাৰণত সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হল অৰ্দ্ধ-তৎসম শব্দ। এনে পৰিৱৰ্তনত বিশেষকৈ যুক্ত ব্যঞ্জনবোৰ সৰল হয়। অর্থাৎ ধ্বনিবোৰ স্বৰধ্বনিৰ আগমনৰ যোগেদি সৰল হোৱা দেখা যায়। তলত কেতবোৰ হ’ল―

ভকতি < ভক্তি,

যতন < যত্ন,

ৰাইজ < ৰাজ্যে

সতি < সত্য

মুকুতি < মুক্তি,

ধৰম < ধর্ম,

পদুম < পদ্ম,

অইন < অন্য,

মৰম < মৰ্ম,

কৰম < কৰ্ম,

ৰতন < ৰত্ন,

শুকুলা < শুক্লা

চেনেহ < স্নেহ

সৰগ < স্বৰ্গ

কিৰপিন < কৃপন

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top