Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

Join Telegram channel

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 4 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(চ) দন্ত্যমূলীয় বৰ্ণ বা আখৰৰ প্রয়োগ সর্বাধিক। প্রায় ক্ষেত্ৰতেই ‘ণ’ৰ ঠাইত ‘ন’ৰ ব্যৱহাৰ হৈছে।

(ছ) এই সময়ত বিভিন্ন ধৰণৰ বিশেষ্য শব্দৰ প্ৰয়োগ ঘটিছিল। উদাহৰণস্বৰূপে – ৰাম, পুত্ৰ, গৌতম, ৰাজহংস, বাঘিনীস চক্রবাক, নেপুৰ, ভেৰী, পাণ্ডুস, পিম্পৰা ইত্যাদি।

(জ) এই সময়ৰ ভাষাত ক্রিয়াবিশেষণৰ প্ৰয়োগ মন কৰিবলগীয়া। কাল নির্দেশক, স্থান নিৰ্দেশক আৰু লক্ষণবাচক ক্রিয়াবিশেষণৰ বিভিন্ন প্রয়োগ দেখা পোৱা গৈছিল। যেনে— এহিমতে, তৈসানি, তেখনে, সচকিত, জিমতে, ইহাতে ইত্যাদি।

(ঝ) ব্যক্তিবাচক, সম্বন্ধবাচক, প্রশ্নবাচক, নিশ্চয়তাবাচক, নির্দেশক আদি বিভিন্ন সর্বনামৰ প্রয়োগ হৈছিল। যেনে— আমি, আমিসব, আপুনি, তোহো, সি, তাই, তাহাৰ, ইহা সেই, সেহি কমন, কেঅ, কোন, যাহাৰ ইত্যাদি।

(ঞ) মুখ্য আৰু গৌণ ধাতুৰ প্ৰয়োগেৰে সকৰ্মক, অকৰ্মক, সমাপিকা, অসমাপিকা, নাস্তার্থক, অনিয়মিত, সহায়কাৰী, ধ্বন্যাত্মক, যৌগিক, কৃদন্ত আদি ক্ৰিয়াৰ প্ৰয়োগ ঘটিছিল।

(ট) প্ৰাক্‌-শংকৰী যুগৰ সাহিত্যৰ ভাষাৰ শব্দৰ ক্ষেত্ৰত তৎসম শব্দৰ লগতে অর্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। তাৰ লগেত দেশী, বিদেশী আদি বিভিন্ন শব্দ ৰূপৰ প্ৰয়োগ ঘটা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে — গীত, নৃত্য, বদল, চুত, দোকান, মনোহৰ, নতি, তাৰা, ওকণি, ৰজনী, ৰাতি ইত্যাদি।

(ঠ) প্রাক্‌-শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণৰ ‘গণ’, ‘সব’, ‘সকল’ আৰু ‘চয়’ আদি বহুবচনাত্মক প্রত্যয় ব্যৱহাৰ হৈছে। যেনে— তাৰাগণ, আমিসৱ, পাপীচয় ইত্যাদি।

(ড) ‘-ঈ’ আৰু ‘-নী’আদি স্ত্রীবাচক প্ৰত্যয়ৰ প্ৰয়োগ প্ৰাক্‌-শংকৰী যুগৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে— তৰুণী, সৰ্পীনী, বাঘিনী, পিশাচিনী, সুকোমলী ইত্যাদি।

(ঢ) খান, খনি, জুৰি, গোট, গুটি, জন, জনা আদি নির্দিষ্টতাবাচক প্রত্যয়ৰ প্ৰয়োগ এই  সময়ৰ সাহিত্যত দেখা পোৱা গৈছিল। যেনে– ৰথখান, দুইগোট, পাদুকাজুৰি, চৈধ্যগুটি, অগ্নিকুণ্ড, সেইজনা ইত্যাদি।

(ণ) এই সময়ৰ সাহিত্যত শূন্য বিভক্তিৰ প্ৰয়োগ দেখা পোৱা গৈছিল।

৭। শংকৰী যুগৰ ভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ প্ৰাচীন অসমীয়া ভাষাৰ দুটা প্ৰধান ভাগৰ দ্বিতীয়টো হৈছে শংকৰী যুগ। পঞ্চদশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নানা গীত, পদ, নাট, কাব্য আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰে। গুৰুজনাই ৰচনা কৰা বৰগীত আৰু অংকীয়া নাটসমূহত ব্ৰজাৱলী ভাষা প্রয়োগ কৰিছিল। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ আছিল শংকৰী যুগৰ অন্যতম শ্রেষ্ঠ সাহিত্যিক। মাধৱদেৱও নিজৰ নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শংকৰী যুগৰ অন্যান্য কবিসকলৰ ভিতৰত অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী আৰু পাঁচালী কবিসকল পীতাম্বৰ, দুর্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱৰ নাম উল্লেখযোগ্য। 

এই সাহিত্যিকসকলৰ ৰচনাৰাজিৰ ভাষাত প্ৰাচীন অসমীয়া ভাষাৰ নিদর্শন সংৰক্ষিত হৈ আছে। মন কৰিবলগীয়া বৈশিষ্ট্য যে শংকৰী যুগৰ কবিসকলে প্ৰাক্‌-শংকৰী কবিসকলৰ পৰা অসমীয়া ভাষাৰ এটি নির্দিষ্ট সাহিত্যিক ৰূপ আৰু ছন্দৰ আদৰ্শ লাভ কৰিছিল। শংকৰদেৱ প্ৰমুখ্যে অন্যান্য বৈষ্ণৱ কবিসকলে সেই সাহিত্যিক ৰূপক অধিক মনোগ্ৰাহী কৰি নতুন নতুন ছন্দ প্রয়োগেৰে বিবিধ শ্ৰেণীৰ সাহিত্য প্ৰকাশৰ ক্ষেত্ৰ মুকলি কৰিছিল। অৱশ্যে বৈষ্ণৱ কবিসকলতকৈ পাঁচালী কবিসকলৰ ৰচনাত লৌকিক উপাদান বেছি আছিল।

শংকৰী যুগৰ ভাষাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ দাঙি ধৰা হ’ল—

(ক) যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা প্রাক্-শংকৰী যুগৰ দৰে শংকৰী যুগৰ সাহিত্যৰাজীৰ উল্লেখযোগ্য বৈশিষ্ট্য।

(খ) স্বৰসংগতি – অ> ও–ভোমৰা (ভ্ৰমৰ), অ > আ—আগু (অগ্র), ই> এ—বেল (বিল্ব), উ>ও—আমোল্য (অমূল্য), স্বৰভক্তি— বর্ণ > বৰণ, কৃষি > কিৰিষি, স্বৰলোপ— ভিতৰ (অভ্যন্তৰ), সমীভৱন — অপাৰ (আপাৰ) ৰ আদিৰ সহায়ত কঠিন শব্দ ভাঙি সৰল ৰূপত প্ৰকাশ কৰা হৈছে। 

(গ) দন্ত্য আৰু মূর্ধন্য বর্ণ বা আখৰৰ মাজত পাৰ্থক্যহীনতা এই সময়ৰ ভাষাৰ প্ৰণিধানযোগ্য বৈশিষ্ট্য।

(ঘ) শ, ষ, স-ৰ  অভেদ ব্যৱহাৰ। পদৰ মাজত বা শেষত থকা ‘ষ’ বা ‘শ’ কেতিয়াবা ‘খ’ ৰূপেও ব্যৱহৃত হয়। যেনে— শোনিত > সোনিত, দোষ > দোস।

(ঙ) অনুকাৰ শব্দ, উপসর্গ, পাঁচনি ক্রিয়া, নিষেধবাচক ক্রিয়া, অসমাপিকা ক্রিয়া, সমাপিকা ক্ৰিয়া আদিৰ ব্যৱহাৰ দেখা গৈছে।

(চ) শংকৰী যুগৰ সাহিত্যত প্ৰথমা- এ, দ্বিতীয়া- ক, তৃতীয়া- ই, এ, চতুর্থী- তে, ইতে, ষষ্ঠী-ৰ আৰু সপ্তমী -এ, -ই আদি শব্দ বিভক্তি ৰক্ষিত হোৱা দেখা গৈছে। যেনে— সত্ৰাজিতে, ক্ষত্রিয়ক, ঘোড়াই সহিতে পেলাইলা মাৰি, যাকেৰি নাহিকে উপাম, কান্দিতে লাগিল, হামুসৱ তাহেৰ প্ৰাৰ্থনা ভংগ কয়লো, চাবি দিকি দৃষ্টি ভৰি ইত্যাদি।

(ছ) অধ্যায় শব্দৰ প্ৰয়োগ ঘটিছে। যেনে— অতযে, অবহু ইত্যাদি। 

(জ) -লোক, -পাল, -সব, -গণ, বৃন্দ আদিৰে বহুবচনৰ ৰূপ কৰা হৈছে।

(ঝ) কুচি, খান, খানি, গাছ, গাছি, গুটি, গোট, টা, ধাৰ আদি বিভিন্ন নিৰ্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ হোৱা দেখা যায়। যেনে— এক কুচি, ধ্বজাখান, ৰথখানি, খেৰগাছ, এক গাছি খেৰ, দুগুটি, একগোট, দশোটা, মালাধাৰ আদি।

৮। ভট্টদেৱৰ ভাষাৰ বৈশিষ্ট্য কেনেকুৱা আছিল? আলোচনা কৰা।

উত্তৰঃ শংকৰদেৱৰ হাততে অংকীয়া নাটৰ সূত্ৰধাৰী বচনত অসমীয়া গদ্য সাহিত্য অংকুৰিত হৈছিল যদিও কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ হাততহে প্ৰকৃত অৰ্থত অসমীয়া গদ্য সাহিত্যই জন্ম লাভ কৰে। সেয়ে তেওঁক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ইতিহাসত ভট্টদেৱৰ গীতা আৰু ভাগৱতৰ অসমীয়া গদ্য অনুবাদ বিশেষ উল্লেখযোগ্য। সূদুৰ ষোড়শ শতিকাতে গীতা আৰু ভাগৱতৰ দৰে দুখন বিখ্যাত সংস্কৃত গ্রন্থ অসমীয়া ভাষাত গদ্যকাৰে অনুবাদ কৰাৰ কাৰণে ভট্টদেৱৰ কৃতিত্ব বিশেষভাবে প্রকাশ পাইছিল আৰু লগতে নব্য ভাৰতীয় আর্যভাষাসমূহৰ মাজত অসমীয়া ভাষাৰ ভেঁটি সুদৃঢ় হৈ পৰিছিল। তেওঁৰ গদ্যত ব্যৱহৃত ভাষাটো ভট্টদেৱৰ ভাষাৰূপে প্রতিষ্ঠিত হৈছে। ভট্টদেৱৰ বাক্য গঠন প্ৰণালী সংস্কৃতৰ দ্বাৰা প্ৰভাৱান্বিত আৰু সংস্কৃত ব্যাকৰণ অনুসৃত। তৎসম আৰু তদ্ভৱ শব্দ অধিক ব্যৱহৃত হোৱাও পৰিলক্ষিত হৈছে। ভট্টদেৱৰ ভাষাৰ বিশেষত্বসমূহ হৈছে—

(ক) সংযোজক অব্যয় হিচাপে যেমনে, তেমনে, তেখনে আদি শব্দ ৰূপৰ প্রয়োগ।

(খ) সর্বনাম পদৰ ৰূপ – মই, মোৰা, আমি, মঞিও, আক, তোৰা, তুমি, আৰা ইত্যাদি ব্যৱহৃত হৈছে।

(গ) সাধাৰণতে যেবে, তেবে যি, সি, যদি, বোলে আদি ৰূপৰ জৰিয়তে বক্তব্য আৰম্ভ কৰা হৈছে।

(ঘ) নির্দষ্টতাবাচক প্রত্যয় প্রয়োগ হৈছে। যেনে— গোট—গদাগোট, টা—সাতটা।

(ঙ) নঞর্থক ‘ন’ ক্ৰিয়াৰ আগত অপৰিৱৰ্তিত ৰূপত বহিছে।

(চ) ভট্টদেৱৰ গদ্যভাষাত আধুনিক অসমীয়া দৰে সাতোটা কাৰক আৰু ছটা বিভক্তি দেখা যায়। 

(ছ) বহুবচনাত্মক প্রত্যয় সব, ৰা, গুলা, গণ, সকল আদিৰ ব্যৱহাৰ হৈছে। যেনে— সভাসদসব, তোৰা, কতোগুলা, তোৰাগণ, সকল, দেৱগণো ইত্যাদি।

(জ) কালৰ ক্ৰিয়াৰূপ এনেদৰে ব্যৱহৃত হৈছে—

কালব্যবহৃত ৰূপ
বর্তমান কালকৰোঁ, কৰে, ধাৰে, পাবে, কৰন্ত
ভূত কাল বা অতীত কালগৈলা, হৈল, গুচিল, পাইলো
ভবিষ্যৎ কালহৈবা, পাইবো, হৈবো, হৈব্‌

(ঝ) ক্রিয়া বিশেষণৰ ৰূপ — একলাই, সদায় নাইকা আদিৰ ব্যৱহাৰ।

(ঞ) সংযুক্ত ধাতুৰূপৰ ব্যৱহাৰ আছে। যেনে— বাদ্যকৰ, ধ্বনিকৰ, শব্দকৰ, জোৰা দি ইত্যাদি।

গতিকে ক’ব পাৰি ভট্টদেৱৰ ভাষাৰ জৰিয়তেই অসমীয়া ভাষাৰ এটি ব্যাকৰণগত সুনির্দিষ্ট ৰূপ প্রকাশিত হৈছে।

৯। প্ৰাচীন অসমীয়া স্তৰৰ পাঁচালী সাহিত্যৰাজিৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ কেনেধৰণৰ?

উত্তৰঃ প্ৰাচীন অসমীয়া ভাষাৰ স্তৰৰ সময়ছোৱাত পাঁচালী সাহিত্যৰাজি ৰচিত হৈছিল। সেই সাহিত্যৰাজিৰ মাজতো কিছুমান বিশেষ ভাষাতাত্ত্বিক বৈশিষ্ট্য ৰক্ষিত হৈছিল। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল—

(ক) হ্রস্ব-দীর্ঘৰ মাজত কোনো পার্থক্য দেখা নাযায়। ই, ঈ, উ, ঊ-ৰ পার্থক্যহীন প্রয়োগ কৰা দেখা যায়। 

(খ) পাঁচালী সাহিত্যত সততে দেখা পোৱা কিছুমান ধ্বনিগত পৰিৱৰ্তন—

অ> আঃ অনুপামা < অনুপম

অ> উঃ ভ্ৰমৰ < ভ্ৰমৰ

অ > ওঃ লোকোপতি < লোকাপতি

আ> অঃ কটাঅক্ষে < কটাক্ষ

ই > এঃ খেতিতলে < ক্ষিতিতলে

ব> ভঃ বিবাহ < বিভা

ল > ৰঃ অংগুৰি < অংগুলি।

(গ) পাঁচালী সাহিত্যত ব্যৱহৃত কেইটামান বহুবচনাত্মক প্রত্যয় হ’ল – আৱলী (পত্ৰাৱলী), গন (দ্বাৰিগন), চয় (সুখচয়), দল (কুৰংগদল)।

(ঘ) -ই/-ঈ, নী/-ইনি / -ইনী আৰু -আ স্ত্রী প্রত্যয় পাঁচালী সাহিত্যত প্রয়োগ হৈছে। যেনে— ইঃ দাসি, ঈঃ ব্রাহ্মনী, -নীঃ পক্ষিত্রী, ইনঃ জক্ষিনি।

(ঙ) পাঁচালী সাহিত্যত তৎসম শব্দ (অনল, আদিত্য), অর্ধ-তৎসম (কৰম, যতন), তদ্ভৱ শব্দ (ঘৰ, সাত) ৰ উপৰি বিভিন্ন আৰ্যভিন্ন ভাষাৰ শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে। বিশেষকৈ অষ্ট্ৰিক ভাষাৰ শব্দ, দ্রাবিড় ভাষাৰ শব্দ, তিব্বতবর্মী ভাষাৰ শব্দ আৰু মূল চিনাক্ত নোহোৱা শব্দৰ প্ৰয়োগ বেছি। উদাহৰণস্বৰূপে – আচাঢ়ি, চুম্বন, মালা ইত্যাদি।

১০। মধ্যযুগীয়া অসমীয়া ভাষা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যক পল্লৱিত কৰি সমৃদ্ধ কৰিছিল গদ্য-পদ্য উভয়তে ৰচিত বিচিত্ৰ আৰু বৰ্ণাঢ্য সাহিত্যৰাজিয়ে। দৰাচলতে, “বিষয়বস্তু, ৰচনাৰীতি, গদ্যশৈলী আদি নতুন অভিলেখ সৃষ্টি কৰি মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্য আগবাঢ়ি গৈ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ জন্মৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছে”।

অসমীয়া সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাত মধ্যযুগৰ সাহিত্যৰাজিৰ গুৰুত্ব সুকীয়া ধৰণৰ। মধ্যযুগটোৰ অন্তৰ্গত সাহিত্যৰাজিৰ ভিতৰত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, ব্যৱহাৰিক জ্ঞান শাস্ত্ৰমূলক সাহিত্য, বিভিন্ন গীত-পদ আৰু কাব্য-সাহিত্য, অংকীয়া নাট আৰু বিবিধ বিষয়ৰ অন্যান্য সাহিত্য উল্লেখযোগ্য। এই সকলো শ্ৰেণীৰ সাহিত্যৰ ভিতৰত চৰিত্ৰ সাহিত্য আৰু বুৰঞ্জী সাহিত্যই সমান্তৰালভাৱে দুটি সুকীয়া ধাৰাৰ সৃষ্টি কৰি মধ্যযুগটোক সমৃদ্ধ কৰি তুলিছে। সপ্তদশ শতিকাৰ আদিভাগত চৰিত্ৰপুথি আৰু বংশাৱলীৰ গদ্য, ধৰ্মপুথিৰ গদ্য, ৰজাঘৰীয়া পেৰাকাকত, ভূমিদান আৰু নানা বিষয়ক গদ্যৰ আলমত সাহিত্য চৰ্চা হ’বলৈ লয়। এই যুগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যৰ চৰ্চা হোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান বিষয়ক পুথি ৰচনা হোৱাৰ উপৰি জ্যোতিষ চিকিৎসা আৰু নীতি বিষয়ক পুথিও ৰচিত হ’বলৈ লয়। এই সময়ৰ ৰচিত সাহিত্যৰ মন কৰিবলগীয়া দিশটো হ’ল পূৰ্বৰ পদ্যধৰ্মী ৰচনাশৈলীৰ বিপৰীতে কথিত ভাষাক সাহিত্য ৰচনাত ব্যৱহাৰ কৰা দিশ। মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ আলোচনাৰ শ্ৰেণীবিভাজন তলত কৰি দেখুওৱা হ’ল—

(ক) চৰিত্ৰ সাহিত্যৰ ভাষা।

(খ) বুৰঞ্জী সাহিত্যৰ ভাষা।

(গ) অন্যান্য গদ্য সাহিত্যৰ ভাষা (ব্যৱহাৰিক জ্ঞান শাস্ত্রমূলক সাহিত্যৰ ভাষা, বিবিধ বিষয়ক সাহিত্যৰ ভাষা, অংকীয়া নাটৰ ভাষা আৰু অন্যান্য সাহিত্যৰ ভাষা এই বিভাগত অন্তৰ্ভুক্ত কৰা হৈছে)।

এই সময়ৰ ভাষাৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল—

(ক) চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাচৰ। সত্ৰীয়া মাৰ্জিত কথন ভংগীত ৰচিত এই সাহিত্যৰাজিত জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নিভাঁজ অসমীয়া ভাষাৰ ৰূপ পৰিগ্ৰহণ কৰিছে।

(খ) বুৰঞ্জীসমূহৰ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এক গাম্ভীর্য লক্ষ্য কৰা যায়। 

(গ) কথা ৰামায়ণ আৰু অন্যান্য গদ্যৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। প্রাচীন বৈশিষ্ট্যবোৰ ৰক্ষিত হোৱাৰ লগতে এই সময়ৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন বৈশিষ্ট্যৰ আগমন ঘটে।

(ঘ) ইয়াৰ উপৰি ভাষাগত দিশতো মধ্যযুগীয়া অসমীয়া ভাষাৰ কেতবোৰ বিশেষত্ব দেখা পোৱা গ’ল।

১১। চৰিত সাহিত্য মানে কি? চৰিত সাহিত্যৰ ভাষাগত বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ যুগনায়ক শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱকে প্ৰমুখ্য কৰি অন্যান্য বৈষ্ণৱ ধর্ম প্ৰচাৰকসকলৰ জীৱন চৰিত্ৰ মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ এক অপূর্ব সাহিত্যকর্ম। ষোড়শ শতিকাৰ শেষ ভাগৰ পৰাই ৰচিত হ’বলৈ আৰম্ভ কৰা চৰিত সাহিত্যই ইয়াৰ পূৰ্ণ বিকাশৰ ৰূপ লাভ কৰে অষ্টাদশ শতিকাত অসমীয়া ভাষা-সাহিত্যৰ ক্ৰমবিকাশ ধাৰাত গদ্য-পদ্য উভয়তে ৰচিত চৰিত পুথিসমূহৰ সাহিত্যিক গুৰুত্ব লগতে ভাষাতাত্ত্বিক গুৰুত্বও মন কৰিবলগীয়া।

গদ্য আৰু পদ্যত ৰচিত পুথিসমূহৰ ভিতৰত প্ৰধান চৰিত পুথিসমূহ হ’ল― ৰামচৰণ ঠাকুৰৰ শংকৰ চৰিত, দৈত্যাৰি ঠাকুৰৰ শংকৰদেৱ-মাধৱদেৱ চৰিত, ভূষণ দ্বিজৰ শংকৰ চৰিত, ৰামানন্দ দ্বিজৰ গুৰুচৰিত, ৰামৰায়ৰ গুৰুলীলা ইত্যাদি।

চৰিত পুথিসমূহত মহাপুৰুষ দুজনা আৰু সন্ত-মহন্তসকলৰ জীৱন আৰু সমসাময়িক সময় সম্পর্কে আভাস পোৱা যায়। চৰিত পুথিৰ ভাষা ভট্টদেৱৰ ভাষা আৰু বুৰঞ্জীত ভাষা পৰা পৃথক। ইয়াত কথিত ভাষাৰ এটা পৰিমাৰ্জিত ৰূপ পোৱা যায়। ইয়াৰ ভাষা সত্ৰীয়া ভকত সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ভিত্তিত প্ৰতিষ্ঠিত। মধ্যযুগীয়া অসমৰ সমাজ আৰু সাংস্কৃতিক দিশৰ বহু গুৰুত্বপূৰ্ণ দিশ চৰিত পুথিসমূহত উন্মোচিত হৈছে। চৰিত পুথিসমূহৰ ভিতৰত কথা-গুৰু চৰিতৰ ভাষাক সমালোচকসকলে সমন্বয়ৰ ভাষা হিচাপে অভিহিত কৰিছে। ইয়াৰ পুৰণি অসমীয়া, উজনি আৰু নামনি অসমৰ অসমীয়া ভাষাৰ এক সুন্দৰ সংমিশ্ৰণ ঘটিছে। তদুপৰি দেশী, বিদেশী ভাষাৰ শব্দৰ ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে।

কথিত ভাষাত মাৰ্জিত ৰূপ, উপমা, ৰূপক, ফকৰা-যোজনা, খণ্ড-বাক্য, পদ-পুথিৰ উদ্ধৃটি, চুটি চুটি বাক্যৰ প্ৰয়োগ, প্রত্যক্ষ উক্তিৰ ব্যৱহাৰ আদিয়ে চৰিত পুথিৰ ভাষাক পৰিশীলিত ৰূপত তুলি ধৰিছে। চৰিত পুথিৰ ভাষাই সত্ৰীয়া পৰিৱেশত গঢ় লৈ উঠা বিশেষ ভাষা ৰূপ এটিৰ প্রতিনিধিত্ব কৰে। জনসাধাৰণৰ স্বাভাৱিক কাব্য-ভংগিমাতকৈ এই পুথিৰ ভাষা সামান্য পৰিমাৰ্জিত।

চৰিত পুথিৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ হ’ল—

ধ্বনিগতঃ (ক) চৰিত পুথিত একবচনৰ পৰিৱৰ্তে বহুবচনত প্ৰয়োগ, প্রত্যক্ষ উক্তিতকৈ পৰোক্ষ উক্তিৰ প্ৰাচুৰ্য, ধৰ্মীয় বিশ্বাসেৰে সিক্ত খণ্ডবাক্যৰ প্ৰয়োগ, শাস্ত্রীয় পদৰ সঘন উদ্ধৃতি প্রয়োগ দেখা যায়।

(খ) অপিনিহিতি, বর্ণ বিপর্যয়, অঘোষীভৱন, অল্পপ্রাণীভৱন, স্বৰভক্তি আদিৰ প্ৰয়োগ গদ্যত ৰচনা কৰা চৰিত্ৰসমূহত বিশেষভাৱে পৰিলক্ষিত হয়।

(গ) চৰিত পুথিৰ ভাষাত ‘চ’, ‘ছ’, ‘শ’, ‘ষ’, ‘স’, ‘ত’, ‘ট’, ‘জ’, ‘য’, ‘ঝ’-ৰ উচ্চাৰণৰ পার্থক্যহীনতা। যেনে—হাটি / হাতি, হাজো / হাযো, ওজা / ওঝা, পাচে । পাছে আদি ৷ 

ৰূপগতঃ (ক) লিংগঃ -ই, -অনী আদি স্ত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ, যথা— বুৰা / বুৰি, দাস / দাসী, বৰা / বৰানি আদি।

(খ) সম্বন্ধবাচক শব্দঃ পিতা / মাতা, পো / বহাৰি, দাদা / বউ আদি সম্বন্ধবাচক শব্দৰ প্রয়োগো চৰিত পুথিত পোৱা যায়।

(গ) বহুবচনাত্মক প্রত্যয়ঃ চৰিত পুথিত পোৱা বহু বচনাত্মক প্ৰত্যয়বোৰ হ’ল— ভোৰ, -হান, -সব, -গণ (জিভাৰ সাৰাহান, বাপুসব, মুনিগণ)।

(ঘ) সর্বনাম শব্দঃ মই, মোৰ, মঞ, আমি, তেঞে, তাৰাসৱ, এখেলৈ, সেইটে, তাৰে আদি সর্বনাম শব্দৰ প্ৰয়োগ চৰিত পুথিত প্ৰচুৰ।

(ঙ) ক্ৰিয়াৰ প্ৰয়োগৰ ক্ষেত্ৰতো চৰিত পুথিৰ বৈশিষ্ট্য মন কৰিবলগীয়া। সাম্ভাব্য অতীত কালৰ ক্ষেত্ৰত পুৰণি অসমীয়াত প্ৰয়োগ হোৱা ‘হন্তে’ প্রত্যয়ৰ ঠাইত ইয়াত ‘হঁতে’ৰ প্ৰয়োগ কৰা দেখা যায়। যেনে— চালহঁতে / চালেহতে ইত্যাদি। ন্যস্তাৰ্থক ক্ৰিয়াৰ প্ৰয়োগত বিশেষভাৱে নুৱাৰি, নজৱা, নমানে আদি।

শব্দগতঃ চৰিত পুথিৰ ভাষাশৈলীত কৃত্ৰিমতাৰ বিপৰীতে কথিত ভাষাৰ প্ৰয়োগ ঘটিছে। কথাই কথাই প্রবাদ-পটন্তৰ, ফকৰা-যোজনা ব্যৱহাৰ কৰাটো লোকভাষাৰ মাজত প্ৰচলিত কথ্য ভাষাৰ আন এক বৈশিষ্ট্য। চৰিত সাহিত্যৰ গদ্যৰীতিত লোক জীৱনৰ অভিজ্ঞতালব্ধ ব্যঞ্জনাধর্মী ভাষাৰূপৰ প্ৰয়োগৰ প্ৰচুৰ উদাহৰণ পোৱা যায়। ছন্দোবদ্ধ ফকৰা, দৃষ্টান্ত, উপমা আদি দৈনন্দিন কথ্য ভাষাত যি ৰূপত পোৱা যায়, তেনে ৰূপেই ব্যৱহাৰ হৈছে। যেনে—’ ৰজাৰ হেংদান পাত্ৰৰ কি, বাপু সূৰ্যক কুহলিএ ঢকাদি অগ্নিক ভস্মে ঢকাদি ঢাকিছিল। বিভিন্ন প্ৰকাৰৰ যুৰীয়া শব্দৰ ব্যৱহাৰ কথা-চৰিতৰ আন এক বৈশিষ্ট্য। যেনে— ফুল-পাত, শৌচ-সুধি, মাছ-গাখীৰ, জাল-জকাই, খুজি-বাডি, বিস্ময়-বিশ্রুতি, ঘাটৰ বাটৰ ইত্যাদি। আকৌ তৎসম, তদ্ভৱ, অর্ধ তৎসম, আর্যভিন্ন শব্দ, কামৰূপী শব্দ লগতে দুই-এক বিদেশী শব্দৰ প্ৰয়োগ চৰিত পুথিত দেখিবলৈ পোৱা যায়।

গতিকে দেখা যায় যে, মধ্যযুগৰ অসমীয়া সাহিত্য ক্ষেত্ৰলৈ চৰিত পুথিসমূহৰ ভাষাই এনেদৰেই বৰঙণি আগবঢ়াই আহিছে।

১২। বুৰঞ্জী সাহিত্যৰ ভাষিক বৈশিষ্ট্যসমূহ ফঁহিয়াই আলোচনা কৰা।

উত্তৰঃ চৰিত সাহিত্যৰ সমান্তৰালভাৱে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বিকাশ লাভ কৰা আন এক শ্ৰেণীৰ সাহিত্য হ’ল বুৰঞ্জী সাহিত্য। বুৰঞ্জীসমূহে অসমীয়া সাহিত্যৰ মধ্যযুগটোক ঐশ্বর্যময় কৰি তুলিছে। অসমৰ বুৰঞ্জীসমূহ আহোমসকলৰ সাহিত্যলৈ বিশিষ্ট দান। বুৰঞ্জী ভাষাত ৰজাঘৰীয়া গাম্ভীৰ্য আৰু শালীনতা স্পষ্টভাৱে অনুভূত হয়। প্ৰথমাৱস্থাত বুৰঞ্জীসমূহত আহোম ভাষাতে লিখা হৈছিল যদিও সপ্তদশ শতিকাৰ পৰা অসমীয়াতো লিখা নিয়ম প্রচলন কৰা হয়। এই বুৰঞ্জীসমূহো চৰিত সাহিত্যৰ দৰে গদ্য-পদ্য উভয়ৰে ৰচিত। তাৰ ভিতৰত গদ্যত ৰচনা কৰা বুৰঞ্জীসমূহৰ অসমীয়া ভাষা ক্ৰমবিকাশৰ ধাৰাত বিশিষ্ট স্থান আছে। গদ্যত ৰচিত বুৰঞ্জীসমূহৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ হ’ল—

(ক) বুৰঞ্জী গদ্যত ‘য়’ আৰু ‘ৱ’শ্রুতিধ্বনিৰ আগম পৰিলক্ষিত নহয়। যেনে— ঘৰিণীএকৰ, জীএক, দিএ নোআৰো ইত্যাদি।

(খ) সমস্বৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে বাক্য গাঁথনিত ই, ইও, এথেলৈ, এখেৰ, এখেক, সিবোৰ, তৈৰ, তাৰ আদি নানা ৰূপৰ সৰ্বনামৰ প্ৰয়োগ।

(গ) আধুনিক অসমীয়া ভাষাত ন্যস্তার্থক ‘ন’ক্ৰিয়াৰ আগত বহে। পুৰণি অসমীয়া ভাষাত এনে ‘ন’অপৰিৱৰ্তিত ৰূপত বহিছিল। বুৰঞ্জীত এইবোৰৰ সমীভৱন হৈছে। যেনে— নকৰোঁ, নাযাওঁ, নি-দিয়ে, নো-সোধে।

(ঘ) – বোৰ, -বিলাক, -হঁত, -হেঁত, -সকল, -সমস্ত আদি বহুবচনাত্মক প্রত্যয় বহুলভাবে ব্যৱহাৰ হৈছে। যেনে— সিবোৰ, বাপাহঁত, ইহেঁত ইত্যাদি।

(ঙ) -খন, -খান, -জন, -জনী, -টা, -টি, -টো, ডাল ইত্যাদি নির্দিষ্টতাবাচক প্রত্যয় ব্যৱহাৰ কৰা হৈছে। যেনে— লৰাটি, দৰাটো, তিনিজনা, কাপোৰ এযোৰ ইত্যাদি। 

(চ) বুৰঞ্জীৰ ভাষাত প্ৰাচীন অসমীয়া ভাষাৰ ৰূপ কিছুমান সংৰক্ষিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে- কলিহন্ত, বোলন্ত, কৈক, কৈত, তেবেসে, দিয়া, হয়া, পাতিলেক ইত্যাদি।

(ছ) বুৰঞ্জী ভাষাত পশ্চিম অসমৰ ভাষাৰ কথিত ৰূপো সংৰক্ষিত হৈ থকা দেখা যায়। যেনে— জন্মো, আঘণ (মাহ), বেলা (হ’ল), চপকৰে (তৎক্ষণাৎ) ইত্যাদি।

(জ) শব্দমালাৰ বৈশিষ্ট্যৰ ফালে মন কৰিলে মধ্যযুগৰ বুৰঞ্জীৰ ভাষাত বিভিন্ন ধৰণৰ শব্দ সংমিশ্ৰণ হোৱা দেখা যায়। তৎসম, অর্ধ-তৎসম, তদ্ভৱ, আৰবী-পাৰ্চী, হিন্দী শব্দৰ উপৰি আহোম আৰু আন জনজাতীয় ভাষাৰ শব্দ বুৰঞ্জীত ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে— 

তৎসমঃ দধি, দুগ্ধ, পুত্ৰ, ৰাতি, সৰ্গ, সর্প, দেৱতা, জন্ম, বৈদ্য আদি।

অর্ধ-তৎসমঃ শুকিলা / শুকুলা, মুকুতা, কিৰিষি, বৰিষণ, জনম ইত্যাদি।

তদ্ভৱঃ হাতী, দাঁত, বামুন, কলিতা, বৰ্চ্চা, কঁহাৰ ইত্যাদি।

আৰবী-পাৰ্চীঃ চৰ্দ্দাৰ, ডৰ, আদামি, গোলাম, খুব, নাবাব, ছফেদ, খতিৰ, খুচি, মাল্লুম ইত্যাদি। আহোম শব্দ : খুনবাৱ, মাইহাং, চকলং ইত্যাদি। 

(ঝ) মান, চেৰেক, চাৰিয়েক আদি অনির্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ বুৰঞ্জী ভাষাত পৰিলক্ষিত হয়। যেনে— দিন, চাৰিয়েক এহাতমান ইত্যাদি।

(ঞ) বুৰঞ্জীত ঠায়ে ঠায়ে কেতবোৰ অতি সারগর্ভ কথাৰ সন্নিবেশ পোৱা যায়। এনে কথাই লেখকৰ বুদ্ধিমত্তা আৰু চিন্তাৰ স্বাক্ষৰ বহন কৰাৰ লগতে বুৰঞ্জীৰ গদ্যকো মৰ্যাদা আৰু গাম্ভীর্য লাভত সহায় কৰিছে। এনে ব্যৱহাৰৰ উদাহৰণ হৈছে— “ কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান”।

১৩। মধ্যযুগৰ অসমীয়া ভাষাৰ অন্যান্য ভাষাৰ ভাষাগত বৈশিষ্ট্যসমূহ কেনেধৰণৰ আছিল লিখা।

উত্তৰঃ চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ সমান্তৰালভাৱে মধ্যযুগত আৰু এবিধ বিশেষ সাহিত্য ৰচিত হ’বলৈ ধৰে, যিবিধ সাহিত্যিক ব্যৱহাৰিক জ্ঞান-শাস্ত্রমূলক সাহিত্য আখ্যা দিয়া হয়। অষ্টাদশ শতিকাৰ ব্যৱহাৰিক জ্ঞান শাস্ত্ৰৰ কেইবাখনো পুথি ৰচিত হোৱাৰ উপৰি ভালেমান গ্ৰন্থ অসমীয়ালৈ অনুদিত হয়। তাৰ ভিতৰত জ্যোতিষ, নিদান, আয়ুৰ্বেদ শাস্ত্ৰ, অংকৰ আৰ্যা, নৃত্য-গীতৰ পুথি, গৃহ নিৰ্মাণ আদি বিষয়ৰ পুথি পোৱা যায়। এইবিধ সাহিত্য ও গদ্য আৰু পদ্য উভয়তে ৰচিত। ব্যৱহাৰিক জ্ঞান শাস্ত্রমূলক সাহিত্যৰ অন্তৰ্গত উল্লেখযোগ্য গ্রন্থসমূহ হ’ল— সুকুমাৰ বৰকাথৰ, হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰানিদান, কবিৰাজ চক্ৰৱৰ্তীৰ ভাস্বতী, অনন্ত আচাৰ্যৰ আনন্দ লহৰী, কবিৰত্ন দ্বিজৰ লীলাৱতী, বকুল কায়স্থৰ কিতাবৎ মঞ্জৰী আদি।

এই ব্যৱহাৰিক সাহিত্যসমূহৰ ভাষাগত বৈশিষ্ট্যসমূহ এনেদৰে দেখুৱাব পৰা যায়-

(ক) বুৰঞ্জীত ধ্বনিতত্ত্বৰ ক্ষেত্ৰত স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ প্ৰয়োগত দেখা পোৱা বিশেষত্ববোৰ হ’ল—

নৰিয়া > নুৱৰিয়া (অ> উ ) — হস্তীবিদ্যার্ণৱ

ক’লা > কলা (অ’> অ) – হস্তীবিদ্যার্ণৱ

হতুৱাই > হতুৱা এ (ই> এ) — নীতি লতাঅঙ্কুৰ

এজোপা > এঝোপা (জ>ঝ) — হস্তীবিদ্যার্ণৱ, নীতি লতাঅঙ্কুৰ

কাষত > কাখত (ষ > খ) – নীতি লতাংকুৰ

(খ) যুক্ত ব্যঞ্জনৰ প্রয়োগো ব্যৱহাৰিক সাহিত্যৰ এটি মন কৰিবলগীয়া দিশ। উদাহৰণস্বৰূপে—টাঙ্গন, ডিঙ্গি আদি।

(গ) ৰূপতাত্ত্বিক দিশতো ক্রিয়া, শব্দবিভক্তি আৰু কাৰক, বচন, সর্বনাম, লিঙ্গ, নির্দিষ্টতাবাচক প্রত্যয় আদিৰ বুৰঞ্জীৰ ভাষাৰ লগত ভালেমান মিল পোৱা যায়।

(ঘ) তঞি মোতে, মই, আম্ৰা, সিহঁত, মোক, আমি, সি, তাক, তুমি, আপোনি আদি সর্বনাম প্রয়োগ ঘটা দেখা যায়।

(ঙ) খন, টো, টা, গচ, মহা, জোৰ আদি নির্দিষ্টতাবাচক প্রত্যয়, অনেক, কিছু, বহুত আদি অনির্দিষ্টতাবাচক প্রত্যয়ৰ প্ৰয়োগ হোৱা দেখা যায়।

(চ) শব্দৰ ক্ষেত্ৰত তৎসম, তদ্ভৱ আদি শব্দৰ উপৰি কামৰূপী উপভাষাৰ শব্দৰ প্ৰাধান্য মন কৰিবলগীয়া।

(ছ)বাক্যৰীতিৰ ক্ষেত্ৰত সৰল, কোমল আৰু পোনপটীয়া বাক্যৰ প্ৰয়োগৰ লগতে মাজে মাজে সংস্কৃত বাক্যৰ প্রয়োগো লক্ষ্য কৰা যায়।

১৪। আধুনিক অসমীয়া ভাষা বিকাশৰ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ জাতি এটাৰ জাতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ পৰিব্যাপ্তি আৰু গভীৰতাই সেই 

জাতিৰ ইতিহাস হৈ ৰয়। উন্নবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা অসমীয়া সমাজত ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ দ্ৰুত পৰিৱৰ্তন সূচিত হয়।

দুশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ কেইদশকমানত অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাত সামাজিক, অর্থনৈতিক জীৱনলৈ অচলাৱস্থা আহি পৰিল। ঠিক তাৰ লগে লগে অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰখনলৈও বিপর্যয় নামি আহে। আহোম ৰাজত্বৰ অন্তত (১৮২৬ খ্ৰীঃৰ ইয়াণ্ডাবু সন্ধিৰ পাছত) ৰাজনৈতিক উত্থান-পতনৰ বাবে অসমীয়া মানুহে ভাষা-সাহিত্য-সংস্কৃতিৰ দিশত উদাসীন হৈ কটাবলগীয়া হৈছিল। তেনে সময়তে ১৮৩৬ চনত শাসনৰ সুবিধাৰ বাবে ইংৰাজ চৰকাৰে অসমত বাংলা ভাষাৰ প্ৰচলন কৰিলে। পঢ়াশালি, আদালতৰ পৰা অসমীয়া ভাষা বিতাৰিত কৰি তাৰ ঠাইত বাংলা ভাষা বহুৱালে। অসমীয়া ভাষাৰ এনে অন্ধকাৰাচ্ছন্ন সময়তে অসমলৈ আমেৰিকাৰ বেপ্তিষ্ট মিছন সমাজৰ শুভাগমন ঘটে। তেওঁলোকৰ প্ৰচেষ্টাতে ১৮৪৬ চনত প্ৰথম মাহেকীয়া বাৰ্তালোচনী অৰুণোদই প্রকাশ পায়। এই অৰুণোদই সংবাদ পত্ৰৰ মাজেৰেই অসমীয়া ভাষা-সাহিত্যৰ ভেঁটি সুদৃঢ় হোৱাৰ উপৰি অসমীয়া সাহিত্যত আধুনিকতাৰ বীজ ৰোপণ হ’ল, এক নতুন যুগৰ সূচনা হ’ল। আনন্দৰাম ঢেকিয়াল ফুকন আদি সচেতন ব্যক্তি আৰু মিছনেৰীসকলৰ প্ৰচেষ্টাত ১৮৭৩ চনত অসমৰ স্কুল, আদালতত অসমীয়া ভাষাৰ পুনবার্সন হয়।

আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলেই অসমীয়া ব্যাকৰণ, অভিধান আদি প্ৰণয়ন কৰি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। তেওঁলোকে সাহিত্য ৰচনাৰ ক্ষেত্ৰত শিৱসাগৰ অঞ্চলত প্রচলিত অসমীয়া ভাষাটিকে ভিত্তি হিচাপে গ্ৰহণ কৰিছিল। তেওঁলোকে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা বর্ণবিন্যাস ৰীতি বা আখৰ-জোঁটনি আছিল ঘাইকৈ উচ্চাৰণভিত্তিক। পৰৱৰ্তীকালত হেমচন্দ্র গুণাভিৰামৰ প্ৰচেষ্টাত এই আখৰ-জোঁটনিৰ সংস্কাৰ সাধন হয়। অৰুণোদয়ৰ ভাষাত তৎসম, তত্ত্বৱ, অর্ধ-তৎসম আদিৰ উপৰি বিবিধ ভাষাৰ শব্দৰ সমাহাৰ ঘটিছে। তদুপৰি প্ৰয়োজন সাপেক্ষে তেওঁলোকে কিছুমান নতুন অসমীয়া শব্দও সৃষ্টি কৰিছিল। এনেদৰেই অৰুণোদইৰ বুকুতে অসমীয়া ভাষাই আধুনিকতাৰ দিশলৈ ধাৱমান হয়।

হেমচন্দ্ৰ-গুণাভিৰামৰ প্ৰচেষ্টা তথা অৰুণোদই কাকতৰ জৰিয়তে নিৰ্মাণ হোৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেঁটিটোক অধিক সুদৃঢ় কৰিবৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে কেইবাজনো ব্যক্তি আগবাঢ়ি আহিল । তেওঁলোকে ১৮৮৮ চনত কলকাতাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্রতিষ্ঠা কৰে। এই সভাৰ (অঃভাঃউঃসাঃ) মুখপাত্র হিচাপে জোনাকী কাকতখন ১৮৮৯ চনত প্ৰকাশ পায়। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ এক নতুন ধাৰা প্রবাহিত হয়। তদুপৰি চুটিগল্প আৰু উপন্যাসে অসমীয়া ভাষাত ৰচিত হ’বলৈ ধৰে। জোনাকী তথা সমসাময়িক কেইবাখনো কাকত-আলোচনীক কেন্দ্ৰ কৰি এই সময়তে অসমীয়া ভাষাত বিপুল সাহিত্যৰাজিৰ সৃষ্টি হয়। সুসংহত বাক্য গঠনৰ ৰীতি, কবিতাৰ বিবিধ ছন্দ ৰীতি, লোকসাহিত্যৰ অলংকাৰস্বৰূপ ফকৰা-যোজনা, প্রবাদ-প্রবচন, জতুৱা ঠাঁচ আদিৰ প্ৰয়োগৰ ফলত অসমীয়া ভাষালৈ নতুন প্রাণ আহিল, ভাষার প্রকাশিকা শক্তি বৃদ্ধি পালে। ক্রমান্বয়ে অৰুণোদইত ব্যবহৃত ভাষাশৈলীৰ পৰিৱৰ্তন ঘটি অসমীয়া ভাষাই সাহিত্য উপযোগী নতুন ৰূপ পৰিগ্ৰহ কৰে।

দ্বিতীয় মহাসমৰৰ (১৯৩৯) অবর্ণনীয়া ধ্বংসলীলা গোটেই বিশ্বতে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক দিশত নানা সমস্যাৰ সৃষ্টি কৰিলে। সমাজত নৈতিকতাৰ অপমৃত্যু ঘটিল আৰু মূল্যবোধৰ চৰম অৱক্ষয় আৰম্ভ হ’ল। মহাযুদ্ধৰ এই দুৰৱস্থাৰ সময়তে, দুৰ্যোগৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যই নতুন উন্নতিৰ পথত খোজ পেলালে। যুদ্ধৰ পৰৱৰ্তী কালত অসমীয়া কবিতাৰ ক্ষেত্ৰত নতুনত্বৰ সংযোজন ঘটিল। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত প্রবেশ ঘটা ৰোমান্টিক কবিতাৰ ঠাইত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ খিৰিকী খুলি ৰখাটোৱেই সাম্প্রতিক কবিসকলৰ ধৰ্ম হৈ পৰিল। এই সময়ছোৱাতে কবিতাৰ লগতে সাহিত্যৰ বিভিন্ন শাখাসমূহতো নতুন ভাৱধাৰাৰ সূচনা হয়। সাহিত্যই বাস্তৱমুখী দৃষ্টিভংগীৰে সমাজৰ বিবিধ সমস্যাকে মুক্তভাৱে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ভাষা অধিক বাস্তৱধৰ্মী হৈ পৰিল। পূৰ্বে প্ৰচলিত মানচিত্ৰৰ ঠাইত নতুন নতুন চিত্রকল্প তথা প্ৰতীকৰ ব্যৱহাৰেৰে অসমীয়া ভাষা জীপাল হৈ পৰে। তদুপৰি বিভিন্ন ভাষাৰ পৰা অহা নতুন নতুন শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী আৰু অধিক ব্যঞ্জনাময় কৰি তোলে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া ভাষাৰো প্ৰকাশক্ষমতা ক্রমান্বয়ে বৃদ্ধি পায়।

১৫। ‘অৰুণোদই’ পাতত দেখা পোৱা বিভিন্ন ধ্বনি পৰিবৰ্তনসমূহ উল্লেখ কৰা।

অথবা

‘অৰুণোদই’ ভাষাৰ ভাষাগত বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷

উত্তৰঃ অৰুণোদইৰ পাততে অসমীয়া ভাষাই আধুনিকতাৰ দিশলৈ ধাৱমান হয়। পশ্চিমৰ বিজ্ঞানমুখী সভ্যতা আৰু ভাৱধাৰাৰে পুষ্ট নতুন দৃষ্টিভংগীৰ প্ৰকাশ ঘটে এই অৰুণোদই বার্তালোচনীৰ যোগেদি খ্ৰীষ্টীয় ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই বিস্তৃত দুকুৰি পাঁচ বছৰ কালছোৱাকে ‘অৰুণোদয় যুগ’ বুলি সমালোচকসকলে অভিহিত কৰিছে। এই কালছোৱাত সামাজিক, ৰাজনৈতিক পশ্চাদপট আৰু ভাষিক প্ৰত্যাহ্বানৰ মাজতো ড° নাথান ব্ৰাউন, অলিভাৰ টি. কট্টৰ, মাইলচ ব্ৰন্সন, এ. কে. গাৰ্ণী আদি কেইজনমান বিদেশী পণ্ডিত চিন্তাবিদ আৰু আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ দৰে দূৰদৰ্শী স্বাধীন মনৰ অসমীয়া লোকৰ আহোপুৰুষাৰ্থত আধুনিক অসমীয়া ভাষাই পুণৰ প্ৰাণ পাই উঠে।

১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদই প্ৰকাশ হৈ ওলায়। ইয়াৰ প্ৰথম সম্পাদক আছিল ৰেভাৰেণ্ড ড° নাথান ব্রাউন। ১৮৪৬ চনলৈকে অৰুণোদই ক্ৰমে আলোচনী আৰু সংবাদ-পত্ৰ এই দুটা খণ্ডত প্ৰকাশ হৈছিল। পৰৱৰ্তী কালত সংবাদ-পত্র অংশ উঠাই দিয়া হয়। ভাষা-সাহিত্যৰ পথ-প্রদর্শক হিচাপে অৰুণোদইৰ বিশেষ স্থান অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী অধ্যায়ৰূপে জিলিকি থাকিব। অসমীয়া সমাজে দেশ-বিদেশক জ্ঞান-ভাণ্ডাৰৰ সম্ভেদ দি এখন বিশাল জগতৰ লগত পৰিচয় কৰাৰ উপৰি বাংলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি অসমীয়া ভাষাক প্ৰাপ্য মর্যাদা প্রদান কৰাত অৰুণোদই বার্তালোচনীয় বিশেষ ভূমিকা পালন কৰিছিল।

অৰুণোদই বার্তালোচনীয়ে অসমীয়া ভাষাত ধর্ম, বিজ্ঞান, শিক্ষা, বাণিজ্য, বুৰঞ্জী, ভূগোল, নীতিশিক্ষা, নাৰী বিষয়ক প্ৰৱন্ধ, আখ্যান, কাহিনী আদি সাহিত্য ৰচনাৰ বাট মুকলি কৰি অসমীয়া ভাষাত নতুন নতুন বিষয়ৰ সংযোজন কৰে। এই সময়খিনিতে আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা প্ৰভৃতি লেখকসকলৰ সৃষ্ট সাহিত্যৰাজিত অসমীয়া ভাষাই এক নব্য ৰূপ লাভ কৰিবলৈ লয়।

অৰুণোদই বার্তালোচনীত একান্তভাৱে লাগি থকা মিছনেৰীসকলে যত্ন কৰি অসমীয়া ভাষা শিকিছিল যদিও অসমীয়া জতুৱা ঠাঁচটো সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পৰা নাছিল। আনহাতে, মিছনেৰীসকলে অসমীয়া ভাষাত কমা, চেমিকলন, প্রশ্নবোধক চিন আদি যতি চিনৰ প্ৰৱৰ্তন কৰে। অৰুণোদয় যুগৰ ভাষাত আহোম যুগৰ ভাষাৰ উপৰি তাৰ পূৰ্বৱর্তী ভাষাৰো প্ৰভাৱ সংৰক্ষিত হৈ আছে।

অৰুণোদই স্তৰৰ ভাষাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) বিভিন্ন ধ্বনি পৰিৱৰ্তন এই সময়ৰ সাহিত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য বুলি সমালোচকসকলে ঠাৱৰ কৰে। যেনে—

ষ > খঃ বৰখিছিল, বৰখুন ।

ক্ষ> খঃ নখেত্র, খেমা।

জ> ঝঃ মাঝ (মাজ), ঝাল (জাল)।

(খ) পূৰ্ণ ভূত কালৰ ক্ৰিয়া বিভক্তি -ইচ -ইল- এ প্রয়োগ। 

(গ) দ্বিতীয়া বিভক্তিৰ ঠাইত সপ্তমী বিভক্তিৰ ব্যৱহাৰ। যেনে— ৰজাত ক’লে, আইত সোধক।

(ঘ) বহুবচনৰ প্ৰত্যয়ৰ বিশিষ্ট প্রয়োগ — লৰাসকল, পত্ৰসকল, পুঁথিসকল ইত্যাদি। 

(ঙ) অনির্দিষ্টতাবাচক প্ৰত্যয় প্রয়োগ-চাৰেক-ভকতচাৰেক, দিনচাৰেক ইত্যাদি।

(চ) অৰুণোদয় যুগত তৎসম, তদ্ভৱ, অর্ধ-তৎসম, হিন্দী, আৰবী, পাৰ্চী, পর্তুগীজ, ইংৰাজী ইত্যাদি বিবিধ ভাষাৰ শব্দৰ সমাহাৰ ঘটিছে। তদুপৰি কিছুমান নতুন অসমীয়া শব্দ সৃষ্টি কৰিও ব্যৱহাৰ কৰিছিল। যেনে- শিলপানী (বৰফ), লতাপনিয়ল (আঙুৰ), নাগমাটি (কয়াল), ঘাম কাল (গ্ৰীষ্ম), ভাপৰ ৰথ (ৰেলগাড়ী), দেসাধিকাৰ (প্ৰেছিডেন্ট), ৰাজমেল (পার্লিয়ামেন্ট), অফিচ, কলেজ, প্রাইজ, গিলাচ ইত্যাদি।

মন কৰিবলগীয়া যে মিছনেৰীসকলে আমাৰ ভাষাক এটা নতুন সুৰ শিকাই থৈ গ’ল। পাশ্চাত্য সাহিত্যৰ নিজা সৃষ্টি আৰু মিছনেৰীসকলে সাত সাগৰ তেৰ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰক শিকাই দিলেহি ‘বর্তমান যুগৰ ভাৰতবৰ্ষৰ আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো য’তে টোকৰ মৰা যায় ত’তেই এই বিলাতী সুৰটো শুনিবলৈ পোৱা যায়’। সেই বাবেই হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে— “তুমি সেই সুৰটিৰ স্বভাৱ নুবুজিব পাৰা, কিন্তু শংকৰদেৱক মাতা, মাধৱদেৱক মাতি অনা তেওঁলোকে ততালিকে বুজাই দিব যে এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ”। আন কথাত ক’বলৈ হ’লে মিছনেৰীসকলৰ লেখাৰ যোগেদিয়েই পাশ্চাত্য ভাবধাৰাই অসমীয়া ভাষাত প্ৰৱেশ কৰে।

১৬। জোনাকী স্তৰৰ অসমীয়া ভাষা সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।

উত্তৰঃ অৰুণোদই কাকতৰ সহায়ত অসমীয়া ভাষাই স্কুল-আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰাৰ পিছত হেমচন্দ্ৰ-গুণাভিৰাম আৰু তেওঁলোকৰ সহযোগীসকলে গঢ়ি যোৱা ভেঁটি টনকিয়াল কৰি তুলিবৰ বাবে কেইজনমান প্রবাসী অসমীয়া ছাত্রই ১৮৮৮ চনত কলিকতাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অঃভাঃউঃসাঃ) প্রতিষ্ঠা কৰি কিছুমান গঠনমূলক কাম হাতত লয়। তাৰ ভিতৰত উল্লেখযোগ্য কেতবোৰ হ’ল—

(ক) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ ৷

(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন।

(গ) অশুদ্ধ ব্যাকৰণ আৰু বাক্য-বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ প্রচলন।

(ঘ) সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথিৰ অনুবাদকৰণ। 

(ঙ) অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন।

(চ) সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ ইত্যাদি।

এই উদ্দেশ্যসমূহ কার্যত ৰূপায়ণ কৰিবৰ বাবে ১৮৮৯ চনত অঃ ভাঃ উঃ সাঃ সভাৰ মুখপত্র হিচাপে জোনকী নামৰ কাকতখনি মাহেকীয়াকৈ প্ৰকাশ কৰিবলৈ লয়। জোনাকী প্ৰকাশৰ লগত বিশেষভাৱে জড়িত আছিল তিনিগৰাকী ব্যক্তি চন্দ্রকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিগৰাকীক সেয়ে একেলগে ‘জোনাকী ত্রিমূর্তি বুলিও কোৱা হয়। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতৰ যোগেদি অসমীয়া সাহিত্যত এক নব্য জোৱাৰৰ সূচনা হয়, যাৰ ফলস্বৰূপে এক নতুন সাহিত্যিক শৈলীয়ে আত্মপ্ৰকাশ কৰে। 

এনেদৰে ইংৰাজী সাহিত্যৰ যোগেদি অসমত প্ৰতিষ্ঠা হোৱা নতুন সাহিত্যিক অভিব্যক্তি পুৱবর্তী সাহিত্যিক পৰম্পৰাৰ পৰা সম্পূৰ্ণ সুকীয়া ৰূপত অসমীয়া সাহিত্যলৈ ভুমুকি মাৰে। এই সময়ৰ সাহিত্য চৰ্চাত মনোনিৱেশ কৰা অসমীয়া লোকসকলে ইংৰাজী সাহিত্যৰ লগতে বাংলা সাহিত্য গভীৰভাৱে অধ্যয়ন কৰি তাৰ আৰ্হিত সাহিত্য ৰচনা কৰিবলৈ লয়। ইংৰাজী ৰোমান্টিক সাহিত্যৰ দ্বাৰা এইসকল সাহিত্যিক অনুপ্রাণিত হৈছিল আৰু বঙ্গ সাহিত্যৰ আৰ্হিৰে বিভিন্ন ভাবাদর্শক অসমীয়াত ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল।

১৮৮৯ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১৯৪০ খ্রীষ্টাব্দলৈ এই অর্ধশতাব্দী কাল জোনাকীৰ নৱতম সাহিত্যিক আন্দোলনৰ নেতৃত্ব বহন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। পৰৱৰ্তী সময়ত বাঁহী সম্পাদনাৰেও জোনাকীৰ ধাৰাটোক তেওঁ আগবঢ়াই নিছিল। সেইকাৰণে এই কালছোৱাক ‘জোনাকী যুগ’ অথবা ‘বেজবৰুৱাৰ যুগ’ বুলি কোৱা হয়।

জোনাকী স্তৰৰ ভাষাত প্ৰধানকৈ দুটা প্রবাহ লক্ষ্য কৰা যায়, এটা পদ্মনাথ গোহাঞিবৰুৱা পৰম্পৰাবাদী আনটো লক্ষ্মীনাথ বেজবৰুৱাৰ গতিশীল ভাষা। বেজবৰুৱাৰ বিবিধ ৰচনাৰাজিত শব্দচয়নৰ ক্ষেত্ৰত আচৰিত ধৰণে উদাৰতা অৱলম্বন কৰা দেখা যায়। জাতে পাতে ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ সকলো নিজৰ ৰচনাত প্রয়োগ কৰিছে। এনেধৰণৰ প্ৰয়োগে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত বিশেষভাৱে সহায় কৰিছে। ভাষাৰ প্ৰকাশিকা শক্তি বৃদ্ধিৰ বাবে বেজবৰুৱাই নিজা ধৰণে ভালেমান শব্দ সৃষ্টি কৰি লৈছিল, যেনে— নিপনীয়া গাখীৰ, লগৰিয়ানী, চয়তানীজনী, বুদ্ধিয়ে বিজুলীয়ালে ইত্যাদি। ঠিক একেদৰে, তেওঁৰ ৰচনাৰ অনেক ঠাইত ইংৰাজী ভাষাৰ শব্দ কিছুমানৰ প্ৰতিশব্দ হিচাপে নতুন শব্দ সৃষ্টি কৰি প্ৰয়োগ কৰা দেখা যায়। যেনে- অঙ্কবিদ্যা (Mathematics), ধাৰা (Section), বিজুলী ডাক (Telegram) ইত্যাদি।

কেতিয়াবা প্রতিশব্দৰ অৱশ্যকতা অনুভৱ নকৰি ইংৰাজী শব্দটোক লিপ্যন্তৰ কৰি প্ৰযোগ কৰা দেখা পোৱা যায়, যথা— ৰোমান্টিক (Romantic), ফেশ্যন (Fashion) ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত বৈষ্ণৱ সাহিত্যৰ পৰা লোকসাহিত্যলৈ, ফকৰা-যোজনা, প্রবাদ-প্রবচনৰ পৰা জতুৱা ঠাঁচলৈ, হাস্য-ব্যঙ্গৰ পৰা অলংকাৰযুক্ত ৰচনালৈ তত্ত্বৰ পৰা তথ্যলৈ সকলো এক স্বকীয় ৰীতিত প্ৰকাশক্ষম হৈ উঠিছে।

পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষাত বিদেশী ভাষাৰ ভাঁজ নপৰাকৈ গঢ় দিবলৈ প্ৰয়াস কৰা দেখা যায়। তেওঁৰ নীতিশিক্ষা প্রভৃতি পঢ়াশলীয়া পুথিয়ে এই বিষয়ত আনকো অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ জীৱনৰ ব্ৰত আছিল “অসমীয়া ভাষা আৰু সাহিত্য পৰিপুষ্ট কৰা, অসমীয়া সমাজক কিতাপ কিনি পঢ়িবলৈ শিকোৱা, বৰঙণি সোধাই বাতৰি কাকত পঢ়া অভ্যাস অর্জন কৰোৱা আৰু নিৰক্ষৰক অক্ষৰী কৰোৱা”। বেজবৰুৱাৰ লেখীয়াকৈ গোহাঞিবৰুৱাৰ ৰচনাতো ভালেমান নিভাজ অসমীয়া শব্দৰ প্ৰয়োগ লক্ষ্য কৰা যায়। যেনে— অনতিপলমে, ইতিক্ষণত, তদুত্তৰত, স্বৰপকৈ, শেহান্তত, ইতিসময়ত, বাজে-বাজে, হাতজোকাৰণি, ৰাইজীয়া মত ইত্যাদি। বেজবৰুৱাৰ পদাংক অনুসৰণ কৰি বেণুধৰ শৰ্মা, অতুলচন্দ্ৰ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা আদিয়ে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত বিশেষভাৱে বৰঙণি আগবঢ়ায়। বেণুধৰ শৰ্মাৰ ৰচনাত এক বিশিষ্ট শৈলীৰ প্ৰয়োগ লক্ষ্য কৰা যায়। তেওঁৰ ভাষাত শব্দ প্ৰয়োগৰ নিজস্ব ৰূপ বিদ্যমান।

বেণুধৰ শৰ্মাৰ পাছতেই বেজবৰুৱাৰ আৰ্হি অনুসৰণ কৰি অসমীয়া ভাষাৰ উন্নতি সাধনত অৰিহণা যোগোৱা আনগৰাকী বিশিষ্ট লেখক হৈছে অতুলচন্দ্ৰ হাজৰিকা। হাজৰিকাৰ ভাষাত অসমীয়া ভাষা “অসমীয়া ৰাইজৰ প্ৰাণৰ ভাষা, ই একেদিনে পাবত গজা নাই। অসমৰ মাজ বুকুৱেদি বৈ যোৱা বৰ লুইতখনৰ সমান গভীৰ, প্ৰশান্ত আৰু প্ৰাচীন এই অসমীয়া ভাষা”। বেজবৰুৱাৰ লেখীয়াকৈ শব্দ-চয়নৰ ক্ষেত্ৰত হাজৰিকাই উদাৰ পন্থা অবলম্বন কৰিছিল। তেওঁৰ ৰচনাত ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ, সংযুক্ত শব্দ, প্রতিধ্বন্যাত্মক শব্দ, জনজাতীয় ভাষাৰ শব্দ, সৃষ্ট শব্দ আদি সকলো উপযুক্ত স্থানত ব্যৱহাৰ কৰিছে।

অসমীয়া ভাষাৰ সংবর্ধনত অৰিহণা যোগোৱা আন এগৰাকী বিশিষ্ট সাহিত্যিক হ’ল অম্বিকাগিৰি ৰায়চৌধুৰী। ৰায়চৌধুৰীৰ ভাষা “তীব্ৰ-তেজালৰ উপৰিও সৈন্যৰ পদ বিক্ষেপৰ দৰে কঠিন, নিৰ্ভীক আৰু অতি সঞ্চৰণশীল। তেখেতৰ ভাষা প্ৰাণৰ, তেখেতৰ ভাষা স্পষ্টবাদিতাৰ আদৰ্শ”। তৎসম শব্দৰ প্ৰাচুৰ্য ৰায়চৌধুৰীৰ ভাষাৰ এটি মন কৰিবলগীয়া দিশ। তেওঁৰ ৰচনাত সংযুক্ত শব্দৰ প্ৰচুৰ প্ৰয়োগ ঘটিছে।

নিভাঁজ অসমীয়া ভাষাক বস্তুনিষ্ঠ আধুনিক গদ্য বিশিষ্ট আৰ্টৰূপত প্ৰতিষ্ঠা কৰোতাসকলৰ ভিতৰত সত্যনাথ বৰাৰ কৃতকার্যতা সৰ্বাধিক। তেওঁৰ ৰচনাত বেকনৰ আৰ্হি বিদ্যমান। তেওঁৰ গদ্যৰ চানেকি এনেধৰণৰ— “শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ। তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই” ইত্যাদি।

এনেদৰেই বেজবৰুৱাকে প্ৰমুখ্য কৰি বেণুধৰ শৰ্মা, পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা প্ৰভৃতি সাহিত্যিকসকলৰ যোগেদি অসমীয়া ভাষাই বিবিধ ৰচনাৰ মাজেদি নতুন ৰূপত মান্য ভাষা ৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। তদুপৰি জোনাকী যুগটোৱেই অসমীয়া সাহিত্যলৈ নতুন ভাৱধাৰাৰ উপৰি সাহিত্যৰ নতুন নতুন ধাৰাও কঢ়িয়াই আনিলে। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ব্যঙ্গৰচনা আৰু নানাবিধ সাহিত্যসকলো দিশতো এক নতুন উদ্যমতা সাহিত্যধাৰা সৃষ্টি হ’ল। অসমীয়া সাহিত্যত ৰোমন্টিকতাৰ আগমন ঘটিল। অৰুণোদয় যুগত অসমীয়া সাহিত্যত প্ৰৱেশ কৰা এই ঠালসমূহে জোনাকী যুগত অধিক প্রস্ফুটিত হৈ উঠে। তাৰ লগে লগে অসমীয়া ভাষাই নিজৰ প্ৰকাশিকা শক্তিৰ বিকাশ সাধন কৰিবলৈ ধৰিলে। অসমীয়া সাহিত্যৰ লগতে অসমীয়া ভাষাটোৱেও আধুনিক ৰূপ লাভ কৰিলে।

১৭। যুদ্ধোত্তৰ যুগত অসমীয়া ক্ষেত্ৰত হোৱা পৰিৱৰ্তন সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ দ্বিতীয় মহাসমৰে সমগ্ৰ বিশ্বজুৰি যি ধ্বংসৰ বিভীষিকা নমাই আনি ৰাজনৈতিক আৰু সামাজিক দিশত আমুল পৰিৱৰ্তনৰ সূচনা কৰিছিল তাৰ প্ৰভাৱ আহি অসমতো পৰিছিলহি । জনসাধাৰণৰ আৰ্থিক দুৰৱস্থা, মূল্য বৃদ্ধি, খাদ্যবস্তুৰ নাটনি, চোৰাং বজাৰ আদিয়ে শৈক্ষিক আৰু সাংস্কৃতিক বিকাশ ধ্বংসমুখী কৰি তুলিলে। সমাজত নৈতিকতাৰ অপমৃত্যু আৰু মূল্যবোধৰ চৰম অৱক্ষয় ঘটিলে। দেশৰ এনে দুর্যোগপূর্ণ অৱস্থাত অসমীয়া ভাষা সাহিত্যয়ো নতুন বাটেৰে আগবাঢ়িবলৈ ধৰিলে। মহাযুদ্ধৰ পৰৱৰ্তী কালছোৱাত অসমীয়া ভাষাৰ প্ৰকাশভংগীৰ দিশত, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা হ’ল। জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি ৰখাটোৱেই সাম্প্রতিক কবিতাৰ ধৰ্ম হৈ পৰিল। এই সময়ৰ সাহিত্যত ৰোমান্টিক ভাৱধাৰাৰ প্ৰভাৱ ক্ৰমে কমি আহিল। তাৰ পৰিৱৰ্তে বাস্তৱবাদী দৃষ্টিভংগীয়ে সাহিত্যিকসকলৰ দৃষ্টি আকৰ্ষণ কৰিলে। 

সেয়েহে ৰোমান্টিক সাহিত্যৰ তুলনাত যুদ্ধোত্তৰ সাহিত্যৰ আদর্শ, দৃষ্টিভংগী আৰু প্ৰকাশ ৰীতিৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয়। অৱশ্যে দুই এক লেখকৰ ৰচনাত তেতিয়াও ৰোমাণ্টিক সুৰৰ প্ৰবাহ বৈ থকা দেখা পোৱা যায়। মহাযুদ্ধৰ শেষৰ পৰাই অসমীয়া উপন্যাস সাহিত্যতো নতুনত্বৰ সূচনা হয়। পূর্বৰ ৰোমান্টিক দৃষ্টিভংগীৰ পৰিবৰ্ত্তে বাস্তবমুখী দৃষ্টিভংগীৰে লেখকসকলক বিশেষভাৱে আকৰ্ষিত কৰিলে। সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি সচেতন হৈ লেখকসকলে গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ বিবিধ চিত্র-অংকনেৰে পাঠকৰ চিত্ত আকৰ্ষিত কৰিলে। চুটিগল্প আৰু নাটকতো নতুনত্ব পৰিলক্ষিত হ’ল।

জয়ন্তী কাকতৰ পুনৰ প্ৰকাশে পুৰণি আৰু নতুন কাব্যধাৰাৰ মাজত সংযোগ বিচ্ছিন্ন কৰি কবিতাৰ ক্ষেত্ৰত এক নতুন ভংগী স্থাপন কৰিলে। ভৱানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা, কেশৱ মহন্ত আদিৰ হাতত আধুনিক অসমীয়া কবিতাই নতুন গতি লাভ কৰিলে। নতুন কবিসকলে যেনেকৈ ন ন উপমা, চিত্রকল্প সৃষ্টি কৰিছে, তেনেকৈ শব্দ ভাণ্ডাৰৰো আমদানি কৰিছে। আগৰ চাম কবিয়ে ব্যৱহাৰ নকৰা বহুতো সংস্কৃত শব্দই অসমীয়া কবিতাত প্ৰৱেশৰ অধিকাৰ পাইছে, ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয়ে শব্দ মালায়ো অসমীয়া সাহিত্যত স্থান লাভ কৰি অসমীয়া ভাষাৰ শব্দভাণ্ডাৰৰ শ্ৰীবৃদ্ধি ঘটালে।

জয়ন্তীৰ পাততে সমসাময়িক ভাৱ অনুভূতিক নতুন ৰূপত প্ৰকাশ কৰি কবিতাৰ গঢ় আৰু ছন্দৰূপে পৰিৱৰ্তনৰ পথত আগবাঢ়ে। জয়ন্তীত আৰম্ভ হোৱা পৰিৱৰ্তনৰ সামগ্রিক বিকাশ ঘটে ৰামধেনুত। কেৱল কবিতাতে নহয় গল্পৰ বিষয়বস্তু, আংগিক আৰু প্ৰকাশভংগীৰ লগতে উপন্যাস, নাটক আৰু জীৱনীৰ আংগিকৰো যথেষ্ট পৰিৱৰ্তন সাধন হয়।

যুদ্ধোত্তৰ কালছোৱাত মনৰ ভাৱক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ ভালেমান নতুন সংযুক্ত শব্দৰ সৃষ্টি হয়। এনে সংযুক্ত শব্দৰ ভিতৰত অশনি গৰ্ভ, আঙুৰ ওঁঠ, কালি-শগুল, কেঁচা-পোহৰ, কুঁৱলী-সনা, কামনা-ৰঙীন, দেহা-গংগা, মৰম-মুকুতা, ৰামধেনু ছেগ, সময়- দৈত্য ইত্যাদি উল্লেখযোগ্য। বিশেষণাত্মক নতুন প্রয়োগ কিছুমানেও দেখা দিয়ে — আবেলি আবেলি (গোন্ধ), কাজল বুলীয়া (চকু), কোমল (পুৱা), তির্যক (চকু), তামৰঙী (আকাশ), দুৰন্ত (দুপৰ) ইত্যাদি।

ইংৰাজী বিশেষণ শব্দকো বিশেষণৰূপে ব্যৱহাৰ কৰা হ’ল। যেনে— ব্রাউন (চকু)। কিছুমান আলংকাৰিক আৰু নতুন প্রয়োগো ঘটিল — এমুঠি হাঁহি, অশৃংখল, অজান্তে, ৰ’দৰ নিমজ আঙুলি ইত্যাদি।

বৌদ্ধিক পৰিৱৰ্তনৰ ফলস্বৰূপে যুদ্ধোত্তৰ কালছোৱাত অসমীয়া ভাষাতো ভালেমান দেশী বিদেশী শব্দৰ প্ৰয়োগ ঘটা লক্ষ্য কৰা যায়। ইয়াৰে কিছুমান হুবহু বিদেশী ৰূপতে লিপ্যন্তৰ কৰি আৰু কিছুমান অসমীয়া ভাষালৈ ভাঙনি কৰি ব্যৱহাৰ কৰা হয়। বৌদ্ধিক চিন্তা-চৰ্চাৰ লগতে চৰকাৰী ভাষা আইন আৰু শিক্ষাৰ মাধ্যমৰ সালসলনিয়ে অসমীয়া ভাষাৰ পৰিভাষিক শব্দৰ প্রয়োগ ঘটা লক্ষ্য কৰা যায়। ইয়াৰে কিছুমান হুবহু বিদেশী ৰূপতে লিপ্যন্তৰ কৰি আৰু কিছুমান অসমীয়া ভাষালৈ ভাঙনি কৰি ব্যৱহাৰ কৰা হয়। বৌদ্ধিক চিন্তা-চৰ্চাৰ লগতে চৰকাৰী ভাষা আইন আৰু শিক্ষাৰ মাধ্যমৰ সালসলনিয়ে অসমীয়া ভাষাত পাৰিভাষিক শব্দৰ প্ৰয়োগ যথেষ্ট পৰিমাণে বঢ়াই তুলিলে আৰু ফলস্বৰূপে অসমীয়া ভাষালৈ বিবিধ শব্দ সম্ভাৰৰ আগমন ঘটিল। এনে শব্দৰ ভিতৰত উপাযুক্ত, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অধিবক্তা, ন্যায়ালয়, ন্যায়াধীশ, কার্যালয়, অধ্যক্ষ- কৰ্মচাৰী, বিধায়ক, বিধেয়ক, প্রশাসন আদি শব্দ উল্লেখ কৰিব পাৰি। যুদ্ধোত্তৰ যুগৰ ভালেমান প্রতিভাৱান লেখকে আৱশ্যক অনুসৰি বিদেশী ভাষাৰ শব্দ প্রয়োগ কৰিলেও সেইবোৰ নিজৰ ভাষাৰ সৈতে এনেদৰে জীপ নিয়াইছে যে পঢ়িলে ক’তো খোকোজা নালাগে।

যুদ্ধোত্তৰ সময়ছোৱাত অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পায়। বিদেশী আৰু তৎসম শব্দৰ ব্যৱহাৰো বাঢ়ে। মুঠৰ ওপৰত এই সময়ছোৱাত অসমীয়া ভাষাই সকলো দিশত যথেষ্ট সমৃদ্ধি লাভ কৰে আৰু অধিক ব্যঞ্জনাময় হৈ পৰে।

১৮। জোনাকী যুগৰ ভাষা আৰু অৰুণোদয় যুগৰ ভাষাৰ মাজত এটি তুলনামূলক আলোচনা কৰা।

উত্তৰঃ অৰুণোদই কাকতৰ সহায়ত অসমীয়া ভাষাই স্কুল-আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰাৰ পিছত হেমচন্দ্ৰ-গুণাভিৰাম আৰু তেওঁলোকৰ সহযোগীসকলে গঢ়ি যোৱা ভেঁটি টনকিয়াল কৰি তুলিবৰ বাবে কেইজনমান প্রবাসী অসমীয়া ছাত্রই ১৮৮৮ চনত কলিকতাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অঃভাঃউঃসাঃ) প্রতিষ্ঠা কৰি কিছুমান গঠনমূলক কাম হাতত লয়। তাৰ ভিতৰত উল্লেখযোগ্য কেতবোৰ হ’ল—

(ক) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ ৷

(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন।

(গ) অশুদ্ধ ব্যাকৰণ আৰু বাক্য-বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ প্রচলন।

(ঘ) সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথিৰ অনুবাদকৰণ। 

(ঙ) অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন।

(চ) সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ ইত্যাদি।

এই উদ্দেশ্যসমূহ কার্যত ৰূপায়ণ কৰিবৰ বাবে ১৮৮৯ চনত অঃ ভাঃ উঃ সাঃ সভাৰ মুখপত্র হিচাপে জোনকী নামৰ কাকতখনি মাহেকীয়াকৈ প্ৰকাশ কৰিবলৈ লয়। জোনাকী প্ৰকাশৰ লগত বিশেষভাৱে জড়িত আছিল তিনিগৰাকী ব্যক্তি চন্দ্রকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিগৰাকীক সেয়ে একেলগে ‘জোনাকী ত্রিমূর্তি বুলিও কোৱা হয়। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতৰ যোগেদি অসমীয়া সাহিত্যত এক নব্য জোৱাৰৰ সূচনা হয়, যাৰ ফলস্বৰূপে এক নতুন সাহিত্যিক শৈলীয়ে আত্মপ্ৰকাশ কৰে। এনেদৰে ইংৰাজী সাহিত্যৰ যোগেদি অসমত প্ৰতিষ্ঠা হোৱা নতুন সাহিত্যিক অভিব্যক্তি পুৱবর্তী সাহিত্যিক পৰম্পৰাৰ পৰা সম্পূৰ্ণ সুকীয়া ৰূপত অসমীয়া সাহিত্যলৈ ভুমুকি মাৰে। 

এই সময়ৰ সাহিত্য চৰ্চাত মনোনিৱেশ কৰা অসমীয়া লোকসকলে ইংৰাজী সাহিত্যৰ লগতে বাংলা সাহিত্য গভীৰভাৱে অধ্যয়ন কৰি তাৰ আৰ্হিত সাহিত্য ৰচনা কৰিবলৈ লয়। ইংৰাজী ৰোমান্টিক সাহিত্যৰ দ্বাৰা এইসকল সাহিত্যিক অনুপ্রাণিত হৈছিল আৰু বঙ্গ সাহিত্যৰ আৰ্হিৰে বিভিন্ন ভাবাদর্শক অসমীয়াত ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল।

১৮৮৯ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১৯৪০ খ্রীষ্টাব্দলৈ এই অর্ধশতাব্দী কাল জোনাকীৰ নৱতম সাহিত্যিক আন্দোলনৰ নেতৃত্ব বহন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। পৰৱৰ্তী সময়ত বাঁহী সম্পাদনাৰেও জোনাকীৰ ধাৰাটোক তেওঁ আগবঢ়াই নিছিল। সেইকাৰণে এই কালছোৱাক ‘জোনাকী যুগ’ অথবা ‘বেজবৰুৱাৰ যুগ’ বুলি কোৱা হয়।

জোনাকী স্তৰৰ ভাষাত প্ৰধানকৈ দুটা প্রবাহ লক্ষ্য কৰা যায়, এটা পদ্মনাথ গোহাঞিবৰুৱা পৰম্পৰাবাদী আনটো লক্ষ্মীনাথ বেজবৰুৱাৰ গতিশীল ভাষা। বেজবৰুৱাৰ বিবিধ ৰচনাৰাজিত শব্দচয়নৰ ক্ষেত্ৰত আচৰিত ধৰণে উদাৰতা অৱলম্বন কৰা দেখা যায়। জাতে পাতে ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ সকলো নিজৰ ৰচনাত প্রয়োগ কৰিছে। এনেধৰণৰ প্ৰয়োগে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত বিশেষভাৱে সহায় কৰিছে। ভাষাৰ প্ৰকাশিকা শক্তি বৃদ্ধিৰ বাবে বেজবৰুৱাই নিজা ধৰণে ভালেমান শব্দ সৃষ্টি কৰি লৈছিল, যেনে— নিপনীয়া গাখীৰ, লগৰিয়ানী, চয়তানীজনী, বুদ্ধিয়ে বিজুলীয়ালে ইত্যাদি।

ঠিক একেদৰে, তেওঁৰ ৰচনাৰ অনেক ঠাইত ইংৰাজী ভাষাৰ শব্দ কিছুমানৰ প্ৰতিশব্দ হিচাপে নতুন শব্দ সৃষ্টি কৰি প্ৰয়োগ কৰা দেখা যায়। যেনে- অঙ্কবিদ্যা (Mathematics), ধাৰা (Section), বিজুলী ডাক (Telegram) ইত্যাদি। কেতিয়াবা প্রতিশব্দৰ অৱশ্যকতা অনুভৱ নকৰি ইংৰাজী শব্দটোক লিপ্যন্তৰ কৰি প্ৰযোগ কৰা দেখা পোৱা যায়, যথা— ৰোমান্টিক (Romantic), ফেশ্যন (Fashion) ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত বৈষ্ণৱ সাহিত্যৰ পৰা লোকসাহিত্যলৈ, ফকৰা-যোজনা, প্রবাদ-প্রবচনৰ পৰা জতুৱা ঠাঁচলৈ, হাস্য-ব্যঙ্গৰ পৰা অলংকাৰযুক্ত ৰচনালৈ তত্ত্বৰ পৰা তথ্যলৈ সকলো এক স্বকীয় ৰীতিত প্ৰকাশক্ষম হৈ উঠিছে।

পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষাত বিদেশী ভাষাৰ ভাঁজ নপৰাকৈ গঢ় দিবলৈ প্ৰয়াস কৰা দেখা যায়। তেওঁৰ নীতিশিক্ষা প্রভৃতি পঢ়াশলীয়া পুথিয়ে এই বিষয়ত আনকো অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ জীৱনৰ ব্ৰত আছিল “অসমীয়া ভাষা আৰু সাহিত্য পৰিপুষ্ট কৰা, অসমীয়া সমাজক কিতাপ কিনি পঢ়িবলৈ শিকোৱা, বৰঙণি সোধাই বাতৰি কাকত পঢ়া অভ্যাস অর্জন কৰোৱা আৰু নিৰক্ষৰক অক্ষৰী কৰোৱা”। বেজবৰুৱাৰ লেখীয়াকৈ গোহাঞিবৰুৱাৰ ৰচনাতো ভালেমান নিভাজ অসমীয়া শব্দৰ প্ৰয়োগ লক্ষ্য কৰা যায়। যেনে— অনতিপলমে, ইতিক্ষণত, তদুত্তৰত, স্বৰপকৈ, শেহান্তত, ইতিসময়ত, বাজে-বাজে, হাতজোকাৰণি, ৰাইজীয়া মত ইত্যাদি । বেজবৰুৱাৰ পদাংক অনুসৰণ কৰি বেণুধৰ শৰ্মা, অতুলচন্দ্ৰ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা আদিয়ে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত বিশেষভাৱে বৰঙণি আগবঢ়ায়। বেণুধৰ শৰ্মাৰ ৰচনাত এক বিশিষ্ট শৈলীৰ প্ৰয়োগ লক্ষ্য কৰা যায়। তেওঁৰ ভাষাত শব্দ প্ৰয়োগৰ নিজস্ব ৰূপ বিদ্যমান।

বেণুধৰ শৰ্মাৰ পাছতেই বেজবৰুৱাৰ আৰ্হি অনুসৰণ কৰি অসমীয়া ভাষাৰ উন্নতি সাধনত অৰিহণা যোগোৱা আনগৰাকী বিশিষ্ট লেখক হৈছে অতুলচন্দ্ৰ হাজৰিকা। হাজৰিকাৰ ভাষাত অসমীয়া ভাষা “অসমীয়া ৰাইজৰ প্ৰাণৰ ভাষা, ই একেদিনে পাবত গজা নাই। অসমৰ মাজ বুকুৱেদি বৈ যোৱা বৰ লুইতখনৰ সমান গভীৰ, প্ৰশান্ত আৰু প্ৰাচীন এই অসমীয়া ভাষা”। বেজবৰুৱাৰ লেখীয়াকৈ শব্দ-চয়নৰ ক্ষেত্ৰত হাজৰিকাই উদাৰ পন্থা অবলম্বন কৰিছিল। তেওঁৰ ৰচনাত ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ, সংযুক্ত শব্দ, প্রতিধ্বন্যাত্মক শব্দ, জনজাতীয় ভাষাৰ শব্দ, সৃষ্ট শব্দ আদি সকলো উপযুক্ত স্থানত ব্যৱহাৰ কৰিছে।

অসমীয়া ভাষাৰ সংবর্ধনত অৰিহণা যোগোৱা আন এগৰাকী বিশিষ্ট সাহিত্যিক হ’ল অম্বিকাগিৰি ৰায়চৌধুৰী। ৰায়চৌধুৰীৰ ভাষা “তীব্ৰ-তেজালৰ উপৰিও সৈন্যৰ পদ বিক্ষেপৰ দৰে কঠিন, নিৰ্ভীক আৰু অতি সঞ্চৰণশীল। তেখেতৰ ভাষা প্ৰাণৰ, তেখেতৰ ভাষা স্পষ্টবাদিতাৰ আদৰ্শ”। তৎসম শব্দৰ প্ৰাচুৰ্য ৰায়চৌধুৰীৰ ভাষাৰ এটি মন কৰিবলগীয়া দিশ। তেওঁৰ ৰচনাত সংযুক্ত শব্দৰ প্ৰচুৰ প্ৰয়োগ ঘটিছে।

নিভাঁজ অসমীয়া ভাষাক বস্তুনিষ্ঠ আধুনিক গদ্য বিশিষ্ট আৰ্টৰূপত প্ৰতিষ্ঠা কৰোতাসকলৰ ভিতৰত সত্যনাথ বৰাৰ কৃতকার্যতা সৰ্বাধিক। তেওঁৰ ৰচনাত বেকনৰ আৰ্হি বিদ্যমান। তেওঁৰ গদ্যৰ চানেকি এনেধৰণৰ— “শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ। তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই” ইত্যাদি।

এনেদৰেই বেজবৰুৱাকে প্ৰমুখ্য কৰি বেণুধৰ শৰ্মা, পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা প্ৰভৃতি সাহিত্যিকসকলৰ যোগেদি অসমীয়া ভাষাই বিবিধ ৰচনাৰ মাজেদি নতুন ৰূপত মান্য ভাষা ৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। তদুপৰি জোনাকী যুগটোৱেই অসমীয়া সাহিত্যলৈ নতুন ভাৱধাৰাৰ উপৰি সাহিত্যৰ নতুন নতুন ধাৰাও কঢ়িয়াই আনিলে। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ব্যঙ্গৰচনা আৰু নানাবিধ সাহিত্যসকলো দিশতো এক নতুন উদ্যমতা সাহিত্যধাৰা সৃষ্টি হ’ল। অসমীয়া সাহিত্যত ৰোমন্টিকতাৰ আগমন ঘটিল। অৰুণোদয় যুগত অসমীয়া সাহিত্যত প্ৰৱেশ কৰা এই ঠালসমূহে জোনাকী যুগত অধিক প্রস্ফুটিত হৈ উঠে। তাৰ লগে লগে অসমীয়া ভাষাই নিজৰ প্ৰকাশিকা শক্তিৰ বিকাশ সাধন কৰিবলৈ ধৰিলে। অসমীয়া সাহিত্যৰ লগতে অসমীয়া ভাষাটোৱেও আধুনিক ৰূপ লাভ কৰিলে।

অৰুণোদইৰ পাততে অসমীয়া ভাষাই আধুনিকতাৰ দিশলৈ ধাৱমান হয়। পশ্চিমৰ বিজ্ঞানমুখী সভ্যতা আৰু ভাৱধাৰাৰে পুষ্ট নতুন দৃষ্টিভংগীৰ প্ৰকাশ ঘটে এই অৰুণোদই বার্তালোচনীৰ যোগেদি খ্ৰীষ্টীয় ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই বিস্তৃত দুকুৰি পাঁচ বছৰ কালছোৱাকে ‘অৰুণোদয় যুগ’ বুলি সমালোচকসকলে অভিহিত কৰিছে। এই কালছোৱাত সামাজিক, ৰাজনৈতিক পশ্চাদপট আৰু ভাষিক প্ৰত্যাহ্বানৰ মাজতো ড° নাথান ব্ৰাউন, অলিভাৰ টি. কট্টৰ, মাইলচ ব্ৰন্সন, এ. কে. গাৰ্ণী আদি কেইজনমান বিদেশী পণ্ডিত চিন্তাবিদ আৰু আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ দৰে দূৰদৰ্শী স্বাধীন মনৰ অসমীয়া লোকৰ আহোপুৰুষাৰ্থত আধুনিক অসমীয়া ভাষাই পুণৰ প্ৰাণ পাই উঠে।

১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদই প্ৰকাশ হৈ ওলায়। ইয়াৰ প্ৰথম সম্পাদক আছিল ৰেভাৰেণ্ড ড° নাথান ব্রাউন। ১৮৪৬ চনলৈকে অৰুণোদই ক্ৰমে আলোচনী আৰু সংবাদ-পত্ৰ এই দুটা খণ্ডত প্ৰকাশ হৈছিল। পৰৱৰ্তী কালত সংবাদ-পত্র অংশ উঠাই দিয়া হয়। ভাষা-সাহিত্যৰ পথ-প্রদর্শক হিচাপে অৰুণোদইৰ বিশেষ স্থান অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী অধ্যায়ৰূপে জিলিকি থাকিব। অসমীয়া সমাজে দেশ-বিদেশক জ্ঞান-ভাণ্ডাৰৰ সম্ভেদ দি এখন বিশাল জগতৰ লগত পৰিচয় কৰাৰ উপৰি বাংলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি অসমীয়া ভাষাক প্ৰাপ্য মর্যাদা প্রদান কৰাত অৰুণোদই বার্তালোচনীয় বিশেষ ভূমিকা পালন কৰিছিল।

অৰুণোদই বার্তালোচনীয়ে অসমীয়া ভাষাত ধর্ম, বিজ্ঞান, শিক্ষা, বাণিজ্য, বুৰঞ্জী, ভূগোল, নীতিশিক্ষা, নাৰী বিষয়ক প্ৰৱন্ধ, আখ্যান, কাহিনী আদি সাহিত্য ৰচনাৰ বাট মুকলি কৰি অসমীয়া ভাষাত নতুন নতুন বিষয়ৰ সংযোজন কৰে। এই সময়খিনিতে আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা প্ৰভৃতি লেখকসকলৰ সৃষ্ট সাহিত্যৰাজিত অসমীয়া ভাষাই এক নব্য ৰূপ লাভ কৰিবলৈ লয়।

অৰুণোদই বার্তালোচনীত একান্তভাৱে লাগি থকা মিছনেৰীসকলে যত্ন কৰি অসমীয়া ভাষা শিকিছিল যদিও অসমীয়া জতুৱা ঠাঁচটো সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পৰা নাছিল। আনহাতে, মিছনেৰীসকলে অসমীয়া ভাষাত কমা, চেমিকলন, প্রশ্নবোধক চিন আদি যতি চিনৰ প্ৰৱৰ্তন কৰে। অৰুণোদয় যুগৰ ভাষাত আহোম যুগৰ ভাষাৰ উপৰি তাৰ পূৰ্বৱর্তী ভাষাৰো প্ৰভাৱ সংৰক্ষিত হৈ আছে।

অৰুণোদই স্তৰৰ ভাষাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) বিভিন্ন ধ্বনি পৰিৱৰ্তন এই সময়ৰ সাহিত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য বুলি সমালোচকসকলে ঠাৱৰ কৰে। যেনে—

ষ > খঃ বৰখিছিল, বৰখুন ।

ক্ষ> খঃ নখেত্র, খেমা।

জ> ঝঃ মাঝ (মাজ), ঝাল (জাল)।

(খ) পূৰ্ণ ভূত কালৰ ক্ৰিয়া বিভক্তি -ইচ -ইল- এ প্রয়োগ। 

(গ) দ্বিতীয়া বিভক্তিৰ ঠাইত সপ্তমী বিভক্তিৰ ব্যৱহাৰ। যেনে— ৰজাত ক’লে, আইত সোধক।

(ঘ) বহুবচনৰ প্ৰত্যয়ৰ বিশিষ্ট প্রয়োগ — লৰাসকল, পত্ৰসকল, পুঁথিসকল ইত্যাদি। 

(ঙ) অনির্দিষ্টতাবাচক প্ৰত্যয় প্রয়োগ-চাৰেক-ভকতচাৰেক, দিনচাৰেক ইত্যাদি।

(চ) অৰুণোদয় যুগত তৎসম, তদ্ভৱ, অর্ধ-তৎসম, হিন্দী, আৰবী, পাৰ্চী, পর্তুগীজ, ইংৰাজী ইত্যাদি বিবিধ ভাষাৰ শব্দৰ সমাহাৰ ঘটিছে। তদুপৰি কিছুমান নতুন অসমীয়া শব্দ সৃষ্টি কৰিও ব্যৱহাৰ কৰিছিল। যেনে- শিলপানী (বৰফ), লতাপনিয়ল (আঙুৰ), নাগমাটি (কয়াল), ঘাম কাল (গ্ৰীষ্ম), ভাপৰ ৰথ (ৰেলগাড়ী), দেসাধিকাৰ (প্ৰেছিডেন্ট), ৰাজমেল (পার্লিয়ামেন্ট), অফিচ, কলেজ, প্রাইজ, গিলাচ ইত্যাদি।

মন কৰিবলগীয়া যে মিছনেৰীসকলে আমাৰ ভাষাক এটা নতুন সুৰ শিকাই থৈ গ’ল। পাশ্চাত্য সাহিত্যৰ নিজা সৃষ্টি আৰু মিছনেৰীসকলে সাত সাগৰ তেৰ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰক শিকাই দিলেহি ‘বর্তমান যুগৰ ভাৰতবৰ্ষৰ আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো য’তে টোকৰ মৰা যায় ত’তেই এই বিলাতী সুৰটো শুনিবলৈ পোৱা যায়’। সেই বাবেই হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে— “তুমি সেই সুৰটিৰ স্বভাৱ নুবুজিব পাৰা, কিন্তু শংকৰদেৱক মাতা, মাধৱদেৱক মাতি অনা তেওঁলোকে ততালিকে বুজাই দিব যে এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ”। আন কথাত ক’বলৈ হ’লে মিছনেৰীসকলৰ লেখাৰ যোগেদিয়েই পাশ্চাত্য ভাবধাৰাই অসমীয়া ভাষাত প্ৰৱেশ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top