Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ)

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ)

Join Telegram channel

Table of Contents

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ)

ASSAMESE

ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা

(ক) স্বৰ আৰু ব্যঞ্জন

অতি চমু প্রশ্নোত্তৰঃ

১। পালি-প্ৰাকৃতত ৰক্ষিত স্বৰধ্বনিৰ ভিতৰত মাত্ৰাৰ ফালৰ পৰা হ্ৰস্ব স্বৰধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ মাত্ৰাৰ ফালৰ পৰা হ্রস্ব স্বৰধ্বনিকেইটা হ’ল— অ ই উ।

২। পালি-প্ৰাকৃতত ৰক্ষিত স্বৰধ্বনিৰ ভিতৰত মাত্ৰাৰ ফালৰ দীৰ্ঘ স্বৰধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ মাত্ৰাৰ ফালৰ পৰা দীর্ঘ স্বৰধ্বনিকেইটা হ’ল— আ ঈ ঊ।

৩। সংস্কৃত ভাষাত গুণ বা গুণিত স্বৰ কেইটা আৰু কি কি? 

উত্তৰঃ সংস্কৃত ভাষাত গুণ বা গুণিত স্বৰ পাঁচটা। যেনে— অ এ ও অৰ অল্।

৪। সংস্কৃত স্বৰধ্বনিত হ্রস্ব স্বৰবোৰৰ মাত্ৰা কেইটা? হ্ৰস্ব স্বৰসমূহ কি কি? 

উত্তৰঃ সংস্কৃত স্বৰধ্বনিত হ্রস্ব স্বৰবোৰত এক মাত্রা থাকে। সেইসমূহ হ’ল – হ্রস্বঃ অ ই উ ঋ ৯ এ ঐ।

৫। পালি-প্ৰাকৃতত ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা?

উত্তৰঃ আঠাইশটা।

৬। সংস্কৃতৰ কোনকেইটা ব্যঞ্জন ধ্বনি বা বর্ণ পালি প্ৰাকৃতত ৰক্ষিত হোৱা নাই? 

উত্তৰঃ ন ণ আৰু শ স ষ।

৭। সংস্কৃতত সংযুক্ত ব্যঞ্জন বর্ণক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ তিনিটা। যেনে— আদি, মধ্য আৰু অন্ত্য।

৮। সন্ধি কি?

উত্তৰঃ ওচৰা-ওচৰিকৈ থকা দুটা ভিন্ন অর্থবিশিষ্ট শব্দৰ প্ৰথমটোৰ অন্তিম জানি আৰু দ্বিতীয়টোৰ প্রথম ধ্বনিৰ মিলন বা সংযোগেই সন্ধি।

৯। বহিঃসন্ধি কি?

উত্তৰঃ বহিঃসন্ধি হ’ল দুটা ভিন্ন অর্থযুক্ত শব্দৰ সন্ধি। এনে সন্ধিত শব্দ দুটা মিলি এটা ভিন্ন অর্থবিশিষ্ট শব্দত পৰিণত হয়।

১০। অন্তসৰ্ন্ধি কি?

উত্তৰঃ অন্তসন্ধি হ’ল ধাতু বা শব্দৰ লগত প্ৰত্যয় বা বিভক্তিৰ সংযোগত যি সন্ধি হয় তাৰ নাম অন্তসৰ্ন্ধি। 

১১। বহিঃসন্ধিৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ বহিঃসন্ধিৰ ভাগ তিনিটা। যেনে- স্বৰবহিঃসন্ধি, ব্যঞ্জন বহিঃসন্ধি, বিসর্গ বহিঃসন্ধি।

১২। অন্তসৰ্ন্ধি ভাগ কেইটা আৰু কি কি? 

উত্তৰঃ অন্তসন্ধিৰ ভাগ দুটা। যেনে— স্বৰ অন্তসৰ্ন্ধি আৰু ব্যঞ্জন অন্তসৰ্ন্ধি ।

১৩। প্রগত সমীভৱন কি?

উত্তৰঃ পূর্ববর্তী ধ্বনিৰ প্ৰভাৱত পৰৱৰ্তী ধ্বনিয়ে সমৰূপতা লাভ কৰিলে প্রগত সমীভৱন হয়।

১৪। পৰাগত সমীভৱন কি?

উত্তৰঃ পৰৱৰ্তী ধ্বনিৰ প্রভাৱত পূর্বৱর্তী ধ্বনিয়ে পৰিৱর্তন লাভ কৰিলে পৰাগত সমীভৱন হয়।

১৫। পাৰস্পৰিক সমীভৱন কি?

উত্তৰঃ পৰস্পৰৰ প্ৰভাৱত দুয়োটা ধ্বনি পৰিবৰ্তিত হ’লে তাক পাৰস্পৰিক সমীভৱন বোলা হয়।

১৬। পালি ভাষাৰ বহিঃসন্ধি কেইটা কি কি?

উত্তৰঃ স্বৰ বহিঃসন্ধি, মিশ্ৰ বা বমিসসিক সন্ধি আৰু অনুস্বাৰ বা নিগৃহীত সন্ধি।

১৭। পালিৰ অন্তসৰ্ন্ধি কেইটা আৰু কি কি?

উত্তৰঃ স্বৰ অন্তসৰ্ন্ধি, মিশ্ৰ বা বমিসসিক অন্তসৰ্ন্ধি আৰু অক্ষৰ অন্তসৰ্ন্ধি।

১৮। প্রাকৃত সন্ধিক কেই ভাগত ভগাব পাৰি?

উত্তৰঃ প্ৰাকৃত সন্ধিক দুই ভাগত ভগাব পাৰি। যেনে— বহিঃসন্ধি আৰু অন্তসৰ্ন্ধি। 

১৯। প্রাকৃত ভাষাৰ বহিঃসন্ধি কেইটা আৰু কি কি?

উত্তৰঃ প্ৰাকৃত ভাষাৰ বহিঃসন্ধি দুটা। যেনে—

(ক) স্বৰ বহিঃসন্ধি আৰু মিশ্ৰ বহিঃসন্ধি। 

২০। প্রাকৃত ভাষাৰ স্বৰ বহিঃসন্ধিৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ প্ৰাকৃত ভাষাৰ স্বৰ বহিঃসন্ধি দুটা। যেনে—

(ক) সংস্কৃত-নিয়মানুগ স্বৰসন্ধি।

(খ) সংস্কৃত- নিয়ম বহির্ভূত স্বৰসন্ধি।

২১। প্ৰাকৃতৰ অন্তসৰ্ন্ধি কেইটা আৰু কি কি? 

উত্তৰঃ প্ৰাকৃতৰ অন্তসন্ধি দুটা। যেনে— স্বৰ অন্তসন্ধি আৰু মিশ্ৰ অন্তসন্ধি।

চমু প্রশ্নোত্তৰঃ

১। সংস্কৃত ভাষাত স্বৰধ্বনিৰ সংখ্যা কেইটা আৰু কি কি? 

উত্তৰঃ সংস্কৃত ভাষাত স্বৰধ্বনিৰ সংখ্যা চৈধ্যটা। সেইকেইটা হ’ল- অ, আ, ই, ঈ, উ, ঊ, ঋ, ৯, ৯৯, এ, ও, ঐ, আৰু ঔ।

২। সংস্কৃত স্বৰধ্বনি সবৰ্ণ বৰ্ণ কোণবোৰ? সংজ্ঞাসহ উদাহৰণ দিয়া।

উত্তৰঃ একে উচ্চাৰণ স্থানৰ পৰা সমশক্তিৰে উচ্চাৰিত ধ্বনি বা বৰ্ণবোৰক সবৰ্ণ বোলা হয়। যেনে— অ আ ই ঈ।

৩। সংস্কৃত স্বৰধ্বনিত অসবর্ণ ধ্বনি কোনবোৰ? সংজ্ঞা সহ উদাহৰণ দিয়া।

উত্তৰঃ ভিন্ন উচ্চাৰণৰ স্থানৰ পৰা উচ্চাৰিত ধ্বনিবোৰ অসবর্ণ বোলা হয়। যেনে— অ ই উ আদি।

৪। নাসিক্য ৰূপৰ ফালৰ পৰা সংস্কৃত স্বৰধ্বনিবোৰক কেইভাগত ভগাব পাৰি আৰু কি কি? 

উত্তৰঃ নাসিক্য ৰূপৰ ফালৰ পৰা সংস্কৃত স্বৰধ্বনিবোৰৰ দুটা ভাগ পোৱা যায়। যেনে— অনুনাসিক আৰু অননুনাসিক বা সাধাৰণ। 

৫। সংস্কৃত স্বৰধ্বনিসমূহক মাত্ৰা বা দৈৰ্ঘৰ ফালৰ পৰা কেইভাগত ভাগ কৰা হৈছে আৰু সেইবোৰ কি কি? 

উত্তৰঃ মাত্ৰা আৰু দৈৰ্ঘৰ ফালৰ পৰা সংস্কৃত স্বৰধ্বনিক দুটা ভাগত ভাগ কৰা হৈছে— হ্ৰস্ব আৰু দীর্ঘ।

৬। সংস্কৃত স্বৰধ্বনিৰ দীৰ্ঘ স্বৰৰ মাত্ৰা কেইটা? দীর্ঘস্বৰসমূহ উল্লেখ কৰা। 

উত্তৰঃ সংস্কৃত স্বৰধ্বনিৰ দীৰ্ঘ স্বৰৰ মাত্ৰা দুটা। সেইসমূহ হ’ল— দীর্ঘঃ আ ঈ ঊ ঋ ত্র ও।

৭। ভাৰতীয় আর্য ভাষাক কেইভাগত ভাগ কৰিছে আৰু কি কি? 

উত্তৰঃ ভাৰতীয় আর্য ভাষাক তিনিটা ভাগত ভাগ কৰিছে। যেনে— আদি, মধ্য আৰু অন্ত্য।

৮। সংস্কৃতৰ তেৰটা স্বৰধ্বনিৰ ভিতৰত পালি-প্ৰাকৃত-অপভ্ৰংশত কেইটা ৰক্ষিত হৈছে আৰু কি কি? 

উত্তৰঃ সংস্কৃতৰ তেৰটা স্বৰধ্বনিৰ ভিতৰত পালি-প্রাকৃত অপভ্ৰংশত আঠটা স্বৰধ্বনিহে ৰক্ষিত হৈছে। সেইকেইটা হ’ল— অ আ ই ঈ উ উ এ ও।

৯। স্বৰৰ বৃদ্ধি বুলিলে কি বুজা? 

উত্তৰঃ অ-ৰ ঠাইত আ, ই / ঈ-ৰ ঠাইত ঐ, উ / ঊ-ৰ ঠাইত ঔ, ঋ / ৠ-ৰ ঠাইত আৰ আৰু ৯-ৰ ঠাইত আল্ হোৱাকে স্বৰৰ বৃদ্ধি আখ্যা দিয়া হয়। প্রকৃতপক্ষে গুণ স্বৰৰ আগত এটা অ স্বৰ বর্ধন হিচাপে যোগ হোৱাকে বৃদ্ধি স্বৰ বোলা হয়।

১০। স্বৰৰ সম্প্ৰসাৰণ কাক বোলে?

উত্তৰঃ মূল শব্দ বা ধাতুৰ স্বৰৰ গুণগত পৰিৱৰ্তনৰ ক্ষয়িত ৰূপক সম্প্ৰসাৰণ আখ্যা দিয়া হৈছে। সাধাৰণতে মূল শব্দ বা ধাতুৰ প্ৰত্যয় যোগ হ’লে শব্দ বা ধাতুত থকা য়, ৱ, ৰ, ল যথাক্রমে ই, উ, ঋ, ৯ হয়, তেতিয়া তাক স্বৰৰ সম্প্ৰসাৰিত ক্রম বা সম্প্ৰসাৰণ বোলা হয়।

১১। স্বৰৰ গুণ কাক বোলে?

উত্তৰঃ সংস্কৃত ভাষাত গুণ বা গুণিত স্বৰ পাঁচটা— অ এ ও অৰ অল্। অ অবিকৃতভাৱে থাকি গ’লে ই ঈ > এ উ, উ > ও, ঋ > জ অৰ আৰু ৯ > অল্ হোৱাকে স্বৰৰ গুণ আখ্যা দিয়া হয়। সাধাৰণতে স্বৰৰ গুণ বুলিলে এই পাঁচটা স্বৰৰ আগত ‘অ’ এটা যোগ হোৱা বুজায়। আৱশ্যক অনুযায়ী ই ঈ-ৰ ঠাইত এ, উ, ঊ-ৰ ঠাইত ও, ঋ, ৠ-ৰ ঠাইত অৰ আৰু ৯-ৰ ঠাইত অল হৈ স্বৰবৰ্ণৰ পৰিৱৰ্তন হোৱাকে গুণ বুলি কোৱা হয়।

১২। পালি-প্রাকৃত-অপভ্রংশত সংস্কৃতৰ দ্বি-স্বৰৰ পৰিৱৰ্তন কিদৰে সাধন হয় উল্লেখ কৰা। 

উত্তৰঃ সংস্কৃতৰ যৌগিক বা দ্বিস্বৰ ধ্বনিৰ পালি প্ৰাকৃত অপভ্ৰংশত তলত দিয়া ধৰণে পৰিৱৰ্তিত হৈছে—

ঐ > এঃ শৈল, ৱৈৰ > সেল, ৱেৰ (পা, প্রা)

ঐ > অইঃ চৈত্র > চইও (পা, প্রা), কৈতৱ > কইঅৱ (প্ৰা), ৱৈৰী > ৱইৰি (অপ)

ঔ > ওঃ যৌৱন > যোব্বন (পা), জোব্বণ (প্রা)

ঔ > অউঃ যৌৱন > জউঅণ (প্রা)

ঐ আৰু ও-ৰ পিছত সংযুক্ত ব্যঞ্জন থাকিলে যথাক্রমে ঐ > ই, ঈ আৰু ঔ > উ হয়, যেনে— সৈন্ধৱ > সিন্ধৱ (পা, প্রা), ধৈযৰ্ম > ধীৰং (পা, প্রা), মৌক্তিকম্ > মুক্তিকং (পা), মুত্তিঅং (প্রা), মুক্তিদং (শৌ)। মন কৰিবলগীয়া যে পালিত ঔ কেতিয়াবা অ, আ ৰূপেও প্রয়োগ হৈছে। যেনে— গৌৰৱম্ > গাৰৱং (পা), সৌম্য > সন্ম (পা)।

সংস্কৃতৰ দ্ব্যক্ষৰ ধ্বনি অয় আৰু অৱ পালি ভাষাত কাশ্চিৎ ৰক্ষিত হৈছে যদিও প্ৰায় ক্ষেত্রতে যথাক্রমে এ আৰু ও লৈ পৰিৱৰ্তিত হৈছে। প্ৰাকৃত অপভ্রংশতো এ আৰু ও ৰূপেই পোৱা গৈছে, যেনে—

অয় > এঃ জয়তি > জয়তি, জেতি (পা) জেই (প্রা), নয়তি > নেতি (পা), নেদি, নেই (প্রা), অৱ > ওঃ লৱনম্ > লোপং, ভৱতি > ভৱতি, ভোতি (পা), ভোতি, ভোদি, ভোই, হোই, (প্রা, অপ)।

৯, ঋ আৰু দ্বিস্বৰ ধ্বনিকেইটাক বাদ দি বাকী যি আঠটা স্বৰ পালি-প্রাকৃত-অপভ্ৰংশত অৱশিষ্ট থাকিল সেইকেইটাও প্ৰায়ে বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তনৰ মাজেৰে ব্যৱহাৰ হয়। শ্বাসাঘাত, স্বৰ সংগতি, ধ্বনি-বিপর্যয়, অপিনিহিত, সমীভৱন, মাত্রা, স্বৰ-সংকোচন ইত্যাদি কাৰণত পালি প্ৰাকৃত-অপভ্রংশ ভাষাত এটা স্বৰৰ ঠাইত আন এটা স্বৰৰ ব্যৱহাৰে এক বিশেষ ধ্বনিগত বৈশিষ্ট্যৰূপে দেখা যায়। যেনে—

অ > আ; অলকা > আলকা (পা) 

সমৃদ্ধি > সামিদ্ধী (প্রা)

আ > অ; লাসিকা > লসিকা (পা)

যথা > জহ (প্রা)

অ > ই; চন্দ্ৰমা > চন্দিমা (পা)

পক্ক > পিক্ক (প্রা) ইত্যাদি।

১৩। সংস্কৃত ভাষাত ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা আৰু কি কি?

উত্তৰঃ সংস্কৃত ভাষাত ব্যঞ্জন ধ্বনিৰ সংখ্যা তেত্রিশটা। যেনে— ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, য়।

১৪। সংস্কৃতৰ সংযুক্ত ব্যঞ্জন বর্ণবোৰ পালি-প্ৰাকৃত কি কি প্ৰক্ৰিয়াৰে পৰিৱৰ্তন হৈ প্ৰয়োগ হৈছে?

উত্তৰঃ পালি-প্ৰাকৃতত সংস্কৃতৰ সংযুক্ত ব্যঞ্জন বর্ণবোৰ সমীভৱন, ধ্বনি বিপর্যয় আৰু সম্প্ৰসাৰণ, অপিনিহিতি, স্বৰভক্তি বা বিপ্রকৰ্য আদি প্ৰক্ৰিয়াৰে পৰিৱৰ্তন হৈ প্ৰয়োগ হৈছে।

১৫। সংস্কৃতত সন্ধিক কেইভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ সংস্কৃতত সন্ধিক তিনি ভাগত ভাগ কৰিছে। যেনে— স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসর্গসন্ধি।

১৬। পালি-প্রাকৃত-অপভ্রংশ স্তৰত সন্ধিক কেইভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ পালি-প্ৰাকৃত-অপভ্রংশ স্তৰত সন্ধিক তিনিটা ভাগত ভগাব পাৰি। যেনে—

(ক) স্বৰসন্ধি।

(খ) মিশ্র বা বমিসসক সন্ধি। আৰু

(গ) অনুস্বাৰ বা নিগগহীত সন্ধি ৷

১৭। বৰ্ণ মিলনৰ প্ৰকৃতি অনুসৰি পণ্ডিতসকলে সন্ধিক কেইভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ বৰ্ণ মিলনৰ প্ৰকৃতি অনুসৰি পণ্ডিতসকলে সন্ধিক দুটা ভাগত ভাগ কৰিছে। যেনে— বহিঃসন্ধি আৰু অন্তৰ্সন্ধি ।

১৮। বহিঃসন্ধি আৰু অন্তৰ্সন্ধিৰ মাজত পাৰ্থক্য দাঙি ধৰা ৷ 

উত্তৰঃ বহিঃসন্ধি হ’ল দুটা ভিন্ন অর্থযুক্ত শব্দৰ সন্ধি। আনহাতে, ধাতু বা শব্দৰ লগত প্রত্যয় বা বিভক্তিৰ সংযোগত যি সন্ধি হয় তাৰ নাম অন্তঃৰ্সন্ধি।

বহিঃসন্ধিয়ে দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ বাহ্যিক মিল দেখুৱায়।

আনহাতে, অন্তৰ্সন্ধিয়ে ধাতু বা শব্দৰ শেষ বৰ্ণৰ প্ৰত্যয় আৰু বিভক্তিৰ আদি বৰ্ণৰ মিলন হওঁতে ঘটা আভ্যন্তৰীণ পৰিৱৰ্তনটো দেখুৱায়।

বহিঃসন্ধিত শব্দ দুটা লগ লাগোতে আদি আৰু শেষ বৰ্ণৰ যি বাহ্যিক পৰিৱৰ্তন ঘটে, সেই পৰিৱৰ্তনটো প্ৰত্যক্ষ কৰা যায়। কিন্তু অন্তৰ্সন্ধিৰ ধাতু বা শব্দৰ লগত লগ লগা প্রত্যয় বা বিভক্তি স্পষ্ট হৈ নাথাকে, শব্দ বা ধাতুৰ লগত প্রত্যয় বা বিভক্তি এনেদৰে মিলি যায় যে ভাষাটোৰ সন্ধিৰ নিয়ম নাজানিলে চিনি উলিওৱা দুৰূহ হৈ পৰে।

১৯। সমীভৱন প্ৰক্ৰিয়া কি?

উত্তৰঃ দুটা ভিন্ন ধ্বনি ওচৰা-ওচৰিকৈ থাকিলে এটাৰ প্ৰভাৱত আনটোৱে সমৰূপতা লাভ কৰাকে সমীভৱন বোলে। পূৰ্বৱর্তী ধ্বনিৰ প্ৰভাৱত পৰৱৰ্তী ধ্বনিয়ে সমৰূপতা লাভ কৰিলে প্রগত সমীভবন, পৰৱৰ্তী ধ্বনিৰ প্ৰভাৱত পূর্বৱর্তী ধ্বনিয়ে পৰিৱর্তন লাভ কৰিলে পৰাগত সমীভৱন আৰু পৰস্পৰৰ প্ৰভাৱত দুয়োটা ধ্বনি পৰিৱৰ্তিত হ’লে তাক পাৰস্পৰিক সমীভৱন বোলা হয়। আনকি ওচৰা-ওচৰিকৈ থকা দুটা ধ্বনিৰ এটা সঘোষ আনটো অঘোষ হ’লে দুয়োটা সঘোষ বা দুয়োটা অঘোষ হোৱাকে সমীভৱন বোলা হয়। আকৌ এটা দন্ত্যা আনটো মূর্ধন্য বা তালব্য হ’লে দুয়োটা দন্ত্য বা দুয়োটা মূর্ধন্য অথবা দুয়োটা তালব্য হোৱা প্রক্রিয়াকো সমীভৱন বুলিয়েই ধৰা হয়।

২০। সংস্কৃত শব্দৰ আদি অৱস্থানত থকা সংযুক্ত ব্যঞ্জন পালি প্ৰাকৃতত কেইটা প্ৰক্ৰিয়াৰে পৰিৱৰ্তিত হৈছে?

উত্তৰঃ সংস্কৃত শব্দৰ আদি অৱস্থানত থকা সংযুক্ত ব্যঞ্জন, পালি প্রাকৃতত ঘাইকৈ তিনিটা প্ৰক্ৰিয়াৰে পৰিৱৰ্তিত হৈছে। যেনে—

(ক) সংযুক্ত ব্যঞ্জনৰ যিকোনো এটাৰ, সাধাৰণতে প্ৰথমটো লোপ পায়।

(খ) সংযুক্ত ব্যঞ্জনৰ আগত এটি স্বৰৰ আগম হয়।

(গ) স্বৰভক্তিৰ দ্বাৰা সংযুক্ত ব্যঞ্জন একক ব্যঞ্জনলৈ অপান্তৰিত হয়।

২১। পালি-প্রাকৃতত সংস্কৃতৰ সন্ধিৰ বাহুল্য আৰু জটিলতা হ্ৰাস পোৱাৰ কাৰণ কি?

উত্তৰঃ পালি-প্ৰাকৃতত সংস্কৃতৰ সন্ধিৰ বাহুল্য আৰু জটিলতা হ্ৰাস পোৱাৰ কাৰণ হ’ল— 

(ক) সংস্কৃত ভাষাত সন্ধিৰ জটিলতা ঘাইকৈ ব্যঞ্জন সন্ধিত লক্ষ্য কৰা যায়। কিন্তু, পালি- প্রাকৃত স্তৰত পদান্ত ব্যঞ্জন লোপ পোৱাৰ ফলত ব্যঞ্জন সন্ধিৰ জটিলতা সমুলি নাইকিয়া হ’ল।

(খ) সংস্কৃতৰ শব্দৰ মাজৰ সংযুক্ত ব্যঞ্জন পালি-প্রাকৃতত সমীভৱণ, স্বৰভক্তি আদি প্ৰক্ৰিয়াৰে সৰল হৈ পৰাত সন্ধিৰ আৱশ্যকতা প্রায় নোহোৱাৰ দৰে হ’ল।

(গ) পালি-প্ৰাকৃত স্তৰত বিসৰ্গৰ প্ৰয়োগ লোপ পোৱাত সংস্কৃতৰ বিসর্গযুক্ত শব্দবোৰ বিসৰ্গৰ পিছৰ ব্যঞ্জনৰ সৈতে সমীভূত হৈ ব্যৱহাৰ হ’ল। ইয়াৰ ফলত বিসর্গ সন্ধি নোহোৱা হ’ল।

(ঘ) পালি-প্ৰাকৃতত পদ মধ্যৱৰ্তী ব্যঞ্জন লোপ হোৱাৰ ফলত সেই ব্যঞ্জনৰ সৈতে যুক্ত হৈ থকা স্বৰবোৰ উদ্বৃত্ত স্বৰ ৰূপে থাকি গ’ল যদিও উদ্বৃত্ত স্বৰৰ মাজত সন্ধি নোহোৱাৰ ফলত ওচৰা-ওচৰিকৈ কেইবাটাও স্বৰ একেলগে থাকি গ’ল, যেনে— ৰাজযুক্ত > লাঅউও (মা), আগত > আঅঅ, বিয়োজিত > বিওইঅ আদি। অৱশ্যে অপভ্রংশ স্তৰত এনে উদ্বৃত্ত স্বৰ লগ লগা বা সংকোচন হোৱা লক্ষ্য কৰা যায়, যেনে— অন্ধকাৰ > অন্ধআৰ > অন্ধাৰ, কলহকাৰিণী > কলহআৰিণী > কলহাৰিণী ইত্যাদি।

মুঠতে পালি-প্ৰাকৃত স্তৰত সংস্কৃতৰ নিয়মসিদ্ধ সন্ধি কিঞ্চিৎ পৰিমাণ দেখা গ’লেও, প্রায় ক্ষেত্রতে নিয়ম বহির্ভূত বা স্বকীয় নিয়মসিদ্ধ সন্ধিৰ প্ৰাধান্যহে অধিক পৰিমাণে পোৱা যায়।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। সংস্কৃত স্বৰধ্বনিৰ গুণ-বৃদ্ধি সম্প্ৰসাৰণ সম্পৰ্কে আলোচনা কৰি পালি-প্ৰাকৃতত সেইবোৰ কিমান দূৰ ৰক্ষিত হৈছে আলোচনা কৰা।

উত্তৰঃ সংস্কৃত ভাষাত মূল শব্দ বা ধাতুত প্রত্যয় বা বিভক্তি সংযোগ কৰি নতুন শব্দ নিৰ্মাণ কৰোঁতে সুৰাঘাত বা শ্বাসাঘাতৰ স্থান পৰিৱৰ্তনৰ ফলত তেনে শব্দ বা ধাতুত থকা অ ই ঈ, উ ঊ, ঋ, ৯ – এই সৰল স্বৰকেইটাৰ গুণগত পৰিৱৰ্তন ঘটে। সংস্কৃত ব্যাকৰণবিদসকলে স্বৰৰ এনে গুণগত পৰিৱৰ্তনৰ তিনিটা ক্রম লক্ষ্য কৰিছে— গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ ৷ উদাহৰণস্বৰূপে— কৃ ধাতুৰ পৰা যথাক্ৰমে কৰণ, কাৰণ আৰু কৃত এই তিনিটা ভিন্ন ৰূপৰ সৃষ্টি হৈছে। কৃ ধাতুৰ পৰা সৃষ্টি হোৱা তিনিটা শব্দৰ অৰ্থগত ভিন্নতা আছে। এনেদৰে পৰিৱৰ্তিত হোৱা ধাতু বা শব্দমূলৰ নাইবা ধাতু বা শব্দকুলৰ সৈতে যোগ হোৱা প্ৰত্যয় তথা বিভক্তিৰ মূল স্বৰধ্বনি প্রথম ক্ৰমত অবিকৃত থাকে বা একে ধৰণৰ অন্য ধ্বনিলৈ পৰিৱৰ্তিত হয়, দ্বিতীয় ক্ৰমত সেই স্বৰধ্বনি দীর্ঘ হয় আৰু তৃতীয় ক্ৰমত সেই ধ্বনি লোপ পায় বা ক্ষয়িত হয়। এই ক্রম তিনিটাই হ’ল— গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ। ওপৰৰ কৃ ধাতুৰ উদাহৰণটোত একে মূলৰ পৰা উৎপন্ন হোৱা সত্ত্বেও প্রথমটো ঋ স্বৰ ‘অৱ’ হৈছে, দ্বিতীয়টোত ‘আৰ’ হৈছে আৰু তৃতীয়টোত ঋ অবিকৃত ৰূপত ৰৈ গৈছে। সংস্কৃত ব্যাকৰণবিদসকলৰ মতে ইয়াৰে প্ৰথমটো গুণ, দ্বিতীয়টো বৃদ্ধি আৰু তৃতীয়টো সম্প্ৰসাৰণ। 

স্বৰধ্বনিৰ এনে গুণ, বৃদ্ধি, সম্প্ৰসাৰণ মূলতঃ শ্বাসাঘাতৰ স্থান পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল। ধাতু বা শব্দমূলৰ লগত প্ৰত্যয় বা বিভক্তি সংযোগ ঘটি নতুন শব্দ গঠিত হোৱাৰ ফলত শ্বাসাঘাতৰ স্থান সলনি হয়। এনে নতুন শব্দত শ্বাসাঘাত শব্দ বা ধাতুৰ স্বৰত নাইবা প্রত্যয় বা বিভক্তিৰ স্বৰত পাৰিব পাৰে। শ্বাসাঘাতৰ স্থান সলনি হোৱাৰ ফলত স্বৰৰ গুণগত পৰিৱৰ্তন ঘটে। ধাতু আৰু শব্দমূলৰ উপৰি সংস্কৃত ভাষাৰ স্বৰসন্ধিৰ ক্ষেত্ৰতো এনে গুণ-বৃদ্ধি ঘটা দেখিবলৈ পোৱা যায়।

গুণঃ সংস্কৃত ভাষাৰ গুণ বা গুণিত স্বৰ পাঁচোটা অ এ ও অৰ অল। অ অবিকৃতভাৱে থাকি গ’লে, ই ঈ > এ ঔ, উ >ও, ঋ > জ অৰু আৰু ৯ > অল্‌ হোৱাকে স্বৰৰ গুণ আখ্যা দিয়া হয়। সাধাৰণতে, স্বৰৰ গুণ বুলিলে উল্লেখিত স্বৰৰ আগত ‘অ’ এটা যোগ হোৱা বুজায়। অর্থাৎ অ + ই / ঈ = এ, অ + উ / ঊ = ও, অ + ঋ = অৰ, অ + ৯ = অল্‌ এনেদৰে স্বৰ গুণিত হয়। নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ — এই উদাহৰণটোত নৰ শব্দৰ অৰ লগত ইন্দ্ৰ শব্দৰ ই যোগ হৈ অ + ই = এ হৈছে। এই এ মূল স্বৰ নহয়, বৰং অ + ই-ৰ সংযোগত হোৱা গুণিত স্বৰহে। অৱশ্যে সংস্কৃত ব্যাকৰণত ‘অ’ এটা যোগ হোৱা নিয়মৰ উল্লেখ নাই। আৱশ্যক অনুযায়ী ই ঈ ৰ ঠাইত এ, উ ঊ-ৰ ঠাইত ও, ঋ ৠ-ৰ ঠাইত অৰু আৰু ৯-ৰ ঠাইত অল্‌ হৈ স্বৰবৰ্ণৰ পৰিৱৰ্তন হোৱাকে গুণ বুলি কোৱা হৈছে। সাধাৰণতে স্বৰসন্ধি আৰু ধাতুত কৃৎ প্রত্যয় সংযোজিত হ’লে অন্ত্য বা উপধা অক্ষৰৰ স্বৰত এনে পৰিৱৰ্তন দেখা যায়। উদাহৰণস্বৰূপে—

অ> অঃ দহ+ ক্ত দগ্ধ।

গম্ + তব্য = গন্তব্য।

ই> এঃ তৱ + ইচ্ছা = তৱেচ্ছা।

উ> ওঃ চন্দ্ৰ + উদয়ঃ- চন্দ্রোদয়।

ঋ > অৰ্ঃ কৃ + অনট্ = কৰণ।

সাধাৰণতে, সন্ধিৰ ফলত বা শব্দ বা ধাতু ৰূপৰ ফলত শ্বাসাঘাতৰ যি স্থানচ্যুতি ঘটে তাৰ পৰিণতি কল্পে স্বৰৰ এনে পৰিবৰ্তন সংঘটিত হয়। গুণিত স্বৰক সবল স্বৰ বোলা হয়।

বৃদ্ধিঃ অৰ ঠাইত আ, ই / ঈ-ৰ ঠাইত ঐ উ / ঊ-ৰ ঠাইত ঔ, ঋ / ৠ-ৰ ঠাইত আৰু আৰু ৯-ৰ ঠাইত আল্‌ হোৱাকে স্বৰৰ বৃদ্ধি আখ্যা দিয়া হয়। অর্থাৎ গুণিত স্বৰৰ দৰে বৃদ্ধি স্বৰৰ সংখ্যাও পাঁচটা। প্রকৃতপক্ষে গুণ স্বৰৰ আগত এটা অ স্বৰ বৰ্ধন হিচাপে যোগ হোৱাকে বৃদ্ধি স্বৰ বোলা হয়, (অ+ অ = আ, অ + এ = ঐ, অ + ও = ঔ, অ + অৰ্ = অৰ্ আৰু অ + অল্ = অল্)। তলত বৃদ্ধি স্বৰৰ উদাহৰণ দাঙি ধৰা হ’ল—

অ > আঃ পদ + ঘঞ = পাদ

ই > ঐ শিৱ + ষ্ণ ( ষ্ণ বা ষণ) = শৈৱ

উ > ঔঃ স্তু + তি = স্তৌতি

ঋ > আৰ্ঃ কৃ + ন্যৎ = কার্য

স্বৰৰ গুণ যিদৰে আৱশ্যক অনুসাৰে হয়, একেদৰে বৃদ্ধিও আৱশ্যক অনুসাৰেই হয়। স্বৰৰ বৃদ্ধিৰো প্ৰধান কাৰণ শ্বাসাঘাতৰ স্থান পৰিৱৰ্তন।

সম্প্ৰসাৰণঃ মূল শব্দ বা ধাতুৰ স্বৰৰ গুণগত পৰিৱৰ্তনৰ ক্ষয়িত ৰূপক সম্প্ৰসাৰণ আখ্যা দিয়া হৈছে। সাধাৰণতে মূল শব্দ বা ধাতুত প্রত্যয় যোগ হ’লে শব্দ বা ধাতুত থকা য়, ৱ, ৰ, ল যথাক্রমে ই, উ, ঋ, ৯ হয় তেতিয়া তাক স্বৰৰ সম্প্ৰসাৰিত ক্রম বা সম্প্ৰসাৰণ বোলা হয়। যেনে—

য় > ইঃ যজ্ + ক্তিন – ইষ্টিঃ

ৱ > ঔঃ ৱচ্‌ + ক্ত = উক্ত

ৰ > ঋঃ প্ৰচ্ছ + ক্ত = পৃষ্টঃ। ল> ৯ হোৱাৰ উদাহৰণ পোৱা নাযায় ।

পালি-প্ৰাকৃতত স্বৰৰ গুণ-বৃদ্ধি আৰু সম্প্ৰসাৰণঃ সংস্কৃতৰ কেতবোৰ বিশেষ ধাতুৰূপত হোৱা স্বৰৰ গুণ আৰু বৃদ্ধি ৰক্ষিত হোৱাৰ বাহিৰে পালি-প্রাকৃতত সাধাৰণভাৱে স্বৰৰ গুণ বৃদ্ধি নাই বুলিব পাৰি। কিন্তু, সম্প্ৰসাৰণ এই স্তৰৰ ভাষাৰ এক বিশেষ বৈশিষ্ট্য। পালি, প্ৰাকৃত স্তৰত সংস্কৃতৰ বৰ্তমান কালৰ ধাতুৰূপৰ গুণিত স্বৰ আৰু ণিজন্ত ধাতুৰূপৰ বৃদ্ধি স্তৰ কিছু পৰিমাণে ৰক্ষিত হৈছে, যেনে—

সং হসতি (√ হস্ + তি) > হসতি (পা), হসই (প্রা)

সং চলতি (√ চল্ + তি) > চলই (পা, প্রা)।

এই দুয়োটা উদাহৰণৰ আৰম্ভণিৰ ‘অ’ (হ + অ, চ + অ) গুণিত স্বৰ আৰু ই পালি-প্ৰাকৃত স্তৰত সংৰক্ষিত হৈছে।

সম্প্ৰসাৰিত ক্ৰমঃ মধ্য ভাৰতীয় আর্যভাষাত সম্প্ৰসাৰিত ক্ৰমৰ বহুল ব্যৱহাৰ লক্ষ্য কৰিব পাৰি। এই স্তৰৰ ভাষাত সংস্কৃতত ঋ আৰু ৯ লুপ্ত হোৱাত তাৰ পৰা ৰ আৰু ল হোৱা নিয়মো লোপ পায়। ইয়াত মাত্ৰ য় আৰু ৱ ক্ৰমে ই / ঈ আৰু উ / ঊ হোৱা নিয়ম ৰক্ষিত হ’ল। তাৰ বাহিৰেও সংস্কৃতৰ দ্ব্যক্ষৰ ধ্বনি অয় আৰু অৱ পালি-প্ৰাকৃতত ক্ষয়িত হৈ ক্ৰমে এ আৰু ও হ’ল। উদাহৰণস্বৰূপে—

য় > ই / ঈঃ ব্যতিক্রম > বীতিক্কম (পা)

তির্যক > তিৰিক্‌খ (প্রা)

ব্যতিহাৰ > বীতিহাৰ (পা)

ব্যঞ্জন > বিঅন (প্রা)

ৱ > উ / উনঃশ্বন > সূন (পা), সূণ (প্রা

দ্বিতীয় > দুতিয় (পা)

দ্বাদশ > দুৱাদস (প্রা)

অয় > এঃ জয়তি > জেতি (পা), জেই (প্রা)

অৱ > ওঃ ভৱতি > ভোতি, হোতি (পা), হোই (প্রা)।

২। সংস্কৃতত স্বৰধ্বনিৰ সংখ্যা কেইটা আৰু কি কি? পালি-প্ৰাকৃতত সেইবোৰৰ কিমানটা ৰক্ষিত হৈছে? দুখন তালিকা প্ৰস্তুত কৰি সংস্কৃত আৰু পালি-প্ৰাকৃতৰ স্বৰধ্বনিৰ তুলনা দাঙি ধৰা।

উত্তৰঃ সংস্কৃত ভাষাত স্বৰধ্বনিৰ সংখ্যা আছিল চৈধ্যটা। সেইকেইটা হৈছে— অ, আ, ই, ঈ, উ, ঊ, ঋ, ৠ, ৯, ৯৯, এ, ও, ঐ আৰু ঔ। এইবোৰৰ ভিতৰত ৯৯ ৰ ব্যৱহাৰ ধ্ৰুপদী সংস্কৃতত লোপ পাইছিল। আনহাতে, ৯ টো একমাত্র ‘ক্ ৯প’ ধাতুত পোৱা গৈছে। তেনেদৰে ৠ ধ্বনিও সংস্কৃতত বিশেষ ধাতুৰ শেষত আৰু কেতবোৰ শব্দ গঠন তথা শব্দৰূপত প্ৰয়োগ হোৱা দেখা যায়। ৯ ৰ প্ৰয়োগ সমূলি পোৱা নাযায় বাবে সংস্কৃত স্বৰধ্বনিৰ সংখ্যা তেৰটা বুলি ধৰাহে উচিত হয়। সংস্কৃত ব্যাকৰণবিদসকলে ৯ টো মাত্র হ্রস্ব-দীর্ঘৰ সামঞ্জস্য ৰক্ষা কৰিবৰ বাবেহে বর্ণমালাত স্থান দিয়া যেন লাগে। সংস্কৃতৰ প্ৰতিটো স্বৰেই একোটা বিশিষ্ট ধ্বনি বা বর্ণ । কাৰণ এই বৰ্ণবোৰৰ লিখিত ৰূপ আৰু উচ্চাৰণৰ কোনো পার্থক্য নাই।

ধ্বনিগুণ, মাত্রা, ওঁঠ আৰু জিভাৰ কলন আৰু উৎস অনুসাৰে সংস্কৃতৰ স্বৰধ্বনিসমূহক তলত দিয়া ধৰণে শ্রেণীবিভাগ কৰিব পাৰি―

ঐতিহাসিক দৃষ্টিকোণৰ পৰা —

(ক) সৰল বা বিশুদ্ধ স্বৰঃ অ, আ, ই, ঈ, উ, ঊ।

(খ) দ্বিস্বৰ বা যৌগিক স্বৰঃ বিশুদ্ধ দ্বিস্বৰ— ঐ, ঔ আৰু একক যেন লগা দ্বিস্বৰ — এ, ও।

(গ) কম্পিত বা তৰল স্বৰঃ ঋ, ৠ, ৯।

মাত্ৰা বা দৈৰ্ঘৰ ফালৰ পৰা —

(ক) হ্রস্বঃ অ, ই, ঔ, ঋ, ৯, ঐ, ঔ। 

(খ) দীর্ঘঃ আ, ঈ, ঊ, ৠ, এ, ও।

হ্রস্ব স্বৰবোৰত এক মাত্ৰা আৰু দীর্ঘ স্বৰবোৰত দুই মাত্রা থাকে।

স্বৰধ্বনিৰ উচ্চাৰণত বায়ু প্রবাহ মুখ বিৱৰৰ কোনো স্থানত সম্পূৰ্ণৰূপে বাধাপ্রাপ্ত নহয়। মাত্র কেতবোৰ স্তৰৰ উচ্চাৰণত উচ্চাৰণ-কৰণ উচ্চাৰণ-স্থানৰ ওচৰ চাপি যায়। সেয়েহে

স্বৰধ্বনিবোৰক অনিয়ত ধ্বনিৰ আখ্যা দিয়া হৈছে। যি উচ্চাৰণ স্থানৰ কাষচাপে সেই স্থান অনুসাৰে স্বৰধ্বনিবোৰক তলত দিয়া ধৰণে শ্রেণীবিভাগ কৰা হৈছে—

কণ্ঠ্যঃ অ, আ।

তালব্যঃ ই, ঈ ।

ঔষ্ঠ্যঃ ঔ, ঊ।

মূর্ধন্যঃ ঋ, ৠ ।

দন্ত্যঃ ৯। 

কণ্ঠ্য তালব্যঃ এ, ঐ।

কণ্ঠোষ্ঠ্যঃ ও, ঔ।

একে উচ্চাৰণ-স্থানৰ পৰা সমশক্তিৰে উচ্চাৰিত ধ্বনি বা বৰ্ণবোৰক সবৰ্ণ বোলা হয়। যেনে— অ, আ, ই, ঈ। আনহাতে, ভিন্ন উচ্চাৰণ-স্থানৰ পৰা উচ্চাৰিত ধ্বনিবোৰ অসবর্ণ, যেনে— অ, ই, উ ইত্যাদি।

সংস্কৃত স্বৰবোৰৰ প্ৰতিটোৰে একোটা নাসিক্য ৰূপো পোৱা যায়। এইফালৰ পৰা স্বৰধ্বনিবোৰৰ দুটা ভাগ পোৱা যায়— অনুনাসিক আৰু অননুনাসিক বা সাধাৰণ।

সাম্প্ৰতিক কালৰ ভাষা বিজ্ঞানীসকলে ওঁঠৰ সঞ্চালন আৰু জিভাৰ অংশ তথা কলন অনুযায়ী স্বৰধ্বনিৰ যি ভাগ কৰিছে, সেই অনুসাৰে সংস্কৃতৰ সৰল আৰু দ্বি-স্বৰবোৰক তলত দিয়া ধৰণে তালিকাভুক্ত কৰি দেখুৱাব পাৰি —

পালি প্ৰাকৃতৰ স্বৰধ্বনিঃ মধ্য ভাৰতীয় আর্যভাষাক পণ্ডিতসকলে তিনিটা সুস্পষ্ট স্তৰত ভাগ কৰিছেঃ আদি, মধ্য আৰু অন্ত্য। ইয়াৰে আদি স্তৰটোক প্ৰতিনিধিত্ব কৰিছে যথাক্রমে প্রাকৃত আৰু অপভ্রংশ ভাষাই।

পালি-প্রাকৃত ভাষাৰ স্বৰধ্বনিৰ উৎস হৈছে সংস্কৃত ভাষাৰ স্বৰধ্বনি। সংস্কৃতত চৈধ্যতা স্বৰধ্বনিৰ উল্লেখ থাকিলেও, প্রায়োগিকভাৱে তেৰটা স্বৰধ্বনিহে পোৱা গৈছে। এই তেৰটা স্বৰধ্বনিৰ পালি-প্রাকৃত অপভ্ৰংশত মাত্ৰ আঠোটাহে ৰক্ষিত হৈছে। এই আঠোটা স্বৰ হৈছে— অ, আ, ই, ঈ, উ, ঊ, এ, ও। ইয়াৰে মাত্ৰাৰ ফালৰ পৰা অ ই উ হ্রস্ব আৰু আ ঈ ঊ দীর্ঘ ধ্বনি। আকৌ এ ও সংবৃত্ত হিচাপে উচ্চাৰিত হ’লে হ্ৰস্বৰূপে আৰু বিবৃত হ’লে দীর্ঘৰূপে উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুসাৰে অ আ কণ্ঠ্য, এ কণ্ঠ্য তালব্য আৰু ও কণ্ঠোষ্ঠ্য। ওঁঠৰ সঞ্চালন আৰু জিভাৰ কলন অনুসাৰে পালি-প্রাকৃত অপভ্ৰংশৰ স্বৰধ্বনিসমূহক তলত দিয়া ধৰণে দেখুৱাব পাৰি।

সংস্কৃত ৠ পালি-প্ৰাকৃত-অপভ্ৰংশত সম্পূৰ্ণৰূপে লোপ পাইছে। আনহাতে ঋ ৯ আৰু যৌগিক বা বিশ্বৰ ঐ ঔ অন্য স্বৰধ্বনিলৈ পৰিৱৰ্তন হৈছে। ঋ কেতিয়াবা ৰ-ও হৈছে। তলত তাৰ আভাস দাঙি ধৰা হ’ল—

সংস্কৃত ঋ ধ্বনিৰ পালি-প্রাকৃতত হোৱা পৰিৱৰ্তন— 

ঋ > অঃ কৃত > কৃত (পালি); কট, কঅ (প্রাকৃত)

ঋ > ইঃ ঋষি > ইসি, তৃণ > তিন (পা), ইসি, তিন (প্রা)

ঋ> উঃ ঋজু > উজু (পা, প্রা)

ঋ> এঃ গৃহ > গেহ (পা, প্রা)

ঋ> ৰঃ বৃহন্ত > ব্রহা, ব্রহন্ত (পা); বৃক্ষ > ব্ৰচ্ছ (প্রা)

ঋ > ৰিঃ ঋদ্ধি > ৰিদ্ধি (পা, প্রা), ঋণং > ৰিণং (প্রা)

ঋ > ৰুঃ বৃক্ষ > ৰুকখ (পা)

৯ > উঃ কৃ৯প্ত > কুত্ত (পা), ৯ > ইলিঃ কিলিও (প্রা)

কৃ৯প্ত কেতিয়াবা পালি-প্ৰাকৃতত কপ্প হৈছে।

৩। সংস্কৃত ব্যঞ্জন ধ্বনিসমূহৰ তালিকা প্রস্তুত কৰি আলোচনা দাঙি ধৰা। 

উত্তৰঃ সংস্কৃত ভাষাত প্ৰধান ব্যঞ্জনধ্বনিৰ সংখ্যা তেত্রিশটা। সেইকেইটা হৈছে— ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ। সংস্কৃতত ইয়াৰ প্ৰতিটোৱেই একোটা বিশিষ্ট ধ্বনি বা বর্ণ। আন কথাত সংস্কৃতত উচ্চাৰিত ধ্বনি আৰু বৰ্ণ বা আখৰৰ মাজত কোনো পার্থক্য নাই। এই প্রধান ব্যঞ্জনকেইটাৰ উপৰি সংস্কৃতত আৰু কেইটামান ব্যঞ্জনৰ প্ৰয়োগ আছে। সেইকেইটা হৈছে অনুস্বাৰ (ং) বিসর্গ (ঃ), চন্দ্ৰবিন্দু  (ँ), ড়, ঢ়, ক্ষ আৰু ৎ। সংস্কৃত ব্যাকৰণবিদসকলে অনুস্বাৰ আৰু বিসৰ্গক ‘অযোগৱাহ বর্ণ আখ্যা দিছে। ইহঁত অযোগ, অর্থাৎ বর্ণমালাত উল্লেখ নাই, কিন্তু ৱাহ, অর্থাৎ ব্যৱহাৰ আছে। সাধাৰণতে অন্ত্য ম্-ৰ সলনি অনুস্বাৰ (ং) আৰু অন্ত্য স্ বা ৰ্-ৰ সলনি বিসর্গ (ঃ) ৰ প্ৰয়োগ হোৱা দেখা যায়। একোটা বৰ্ণৰ উচ্চাৰণ অনুনাসিক গুণসম্পন্ন কৰিবলৈ চন্দ্ৰবিন্দু (ँ) ব্যৱহাৰ কৰা হয়।

সংস্কৃত ভাষাৰ লিখিত ৰূপত ড় ঢ় ক্ষ ৎ ৰ ব্যৱহাৰ দেখা গ’লেও, ইহঁত বিশিষ্ট ব্যঞ্জন ধ্বনি নহয়। মূর্ধন্য স্পর্শ ড আৰু ঢ ধ্বনি দুটা স্বৰৰ মাজত ব্যৱহাৰ হ’লে সিহঁত ড় আৰু ঢ় ৰূপে উচ্চাৰিত হয়। ক্ষ প্ৰকৃততে ক্ আৰু ষ্-ৰ সংযুক্ত ৰূপহে।ৎ টোক ত-ৰ খণ্ড ৰূপ বুলি বা হলন্ত ৰূপ বুলি গণ্য কৰা হয়। মুঠতে পাণিনি প্ৰমুখ্যে সংস্কৃত ব্যাকৰণবিদসকলে উল্লেখ নকৰা অথচ ভাষাটোত ব্যৱহাৰ হৈ থকা এই ধ্বনিকেইটাৰ বাহিৰে বাকী তেত্রিশটা ব্যঞ্জন ধ্বনি বা বর্ণক উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুসাৰে ছটাকৈ ভাগত শ্রেণীবিভাগ কৰিব পাৰিঃ উচ্চাৰণৰ স্থান অনুসাৰেঃ ঔষ্ঠ্য, দন্ত্য, মূর্ধন্য, তালব্য, কণ্ঠ্য, বা পশ্চ তালব্য আৰু কণ্ঠনালীয়। উচ্চাৰণৰ ধৰণ অনুসাৰেঃ স্পৰ্শ, নাসিক্য, উষ্ম, পার্শ্বিক, কম্পিত আৰু অৰ্ধ ব্যঞ্জন।

তলত সংস্কৃত ব্যঞ্জন ধ্বনিবোৰ স্থান আৰু ধৰণ অনুসাৰে তালিকা কৰি দেখুওৱা হ’ল—

ঐতিহাসিক দিশৰ পৰা অথবা মূল উৎসৰ ওপৰত ভিত্তি কৰি সংস্কৃতৰ ব্যঞ্জন ধ্বনিবোৰক দুটা বহল ভাগত ভগোৱা হৈছে। এই ভাগ দুটা হৈছে— মুখ্য ব্যঞ্জন ধ্বনি আৰু গৌণ ব্যঞ্জন ধ্বনি। যিবোৰ ব্যঞ্জন ধ্বনি মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ পৰা কোনোধৰণৰ পৰিবৰ্তন নোহোৱাকৈ সংস্কৃত ভাষালৈ আহিছে সেইবোৰ মুখ্য ব্যঞ্জন ধ্বনি। ক বৰ্গৰ পাঁচটা, ত বৰ্গৰ পাঁচটা, প বৰ্গৰ পাঁচটা আৰু ল, স, য়, ৱ এই ধ্বনিকেইটা মুখ্য ধ্বনি। আনহাতে, যিবোৰ ধ্বনি মূল ইণ্ডো- ইউৰোপীয়ৰ পৰা পোনে পোনে নাহি ধ্বনিগত পৰিৱর্তনৰ মাজেৰে সংস্কৃতত নতুনকৈ গঢ় লৈছে অথবা আন কোনো ভিন্ন উৎসৰ পৰা আহি সংস্কৃতত ব্যৱহাৰ হৈছে, সেইবোৰ গৌণ ব্যঞ্জন ধ্বনি। সংস্কৃতৰ তালব্য চ বৰ্গৰ ধ্বনিকেইটা, মূর্ধন্য বর্ণৰ ধ্বনিকেইটা, তালব্য উষ্ম শ, মূর্ধন্য উষ্ম ষ আৰু কণ্ঠনালীয় উষ্ম হ ধ্বনিক গৌণ ধ্বনি বোলা হৈছে।

৪। পালি-প্ৰাকৃত আৰু অপভ্ৰংশৰ ব্যঞ্জনধ্বনিৰ তালিকা সহ আলোচনা কৰা।

উত্তৰঃ পালি ভাষা আৰু অশোকৰ অনুশাসনত প্ৰয়োগ হোৱা ভাষাৰ পৰা অপভ্রংশ স্তৰৰ ভাষাৰূপলৈ লক্ষ্য কৰিলে দেখা যায়। এই সুদীর্ঘ পৰিক্ৰমাত প্ৰাচীন ভাৰতীয় আর্যভাষাৰ বা আন কথাত সংস্কৃত ভাষাৰ ন ণ আৰু শ স ষ – এই পাঁচটা ধ্বনিৰ বাহিৰে বাকী আঠাইশটা ব্যঞ্জন পালি-প্রাকৃত অপভ্রংশ স্তৰত প্ৰায় একে ধৰণে ৰক্ষিত হৈছিল। অশোক অনুশাসন আৰু পালি কিছু প্রাচীন স্তৰৰ হোৱা হেতুকে এই দুই ভাষাৰূপত সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য দুয়োটা নাসিক্য ব্যঞ্জন (ন আৰু ণ) পোৱা গৈছে। কিন্তু পৈশাচী আৰু অৰ্ধ মাগধীৰ বাহিৰে বাকীকেইটা প্রাকৃতত অকল ণ-ৰ প্ৰয়োগ পোৱা গৈছে। অশোকৰ অনুশাসন শ ষ স — এই তিনিওটা উষ্ম ধ্বনি এৰা ধৰাকৈ ব্যৱহাৰ হৈছিল। কিন্তু, মাগধীৰ বাহিৰে আন প্ৰাকৃত আৰু পালিত অকল স ৰ প্ৰয়োগ পোৱা যায়। আনহাতে মাগধীত শ-ৰ ব্যৱহাৰ পোৱা গৈছে। উচ্চাৰণৰ স্থান আৰু ধৰণ অনুসৰি পালি-প্ৰাকৃত ব্যঞ্জন ধ্বনিসমূহক এনেদৰে তালিকাভুক্ত কৰিব পাৰ—

৫। সংস্কৃতৰ সংযুক্ত ব্যঞ্জন ধ্বনিসমূহ পালি-প্রাকৃত ভাষাত কি কি প্রক্ৰিয়াৰ জৰিয়তে কেনেদৰে পৰিৱৰ্তিত হৈছে, আলোচনা কৰা।

উত্তৰঃ সংস্কৃত ভাষাত বিবিধ প্ৰকাৰৰ সংযুক্ত ব্যঞ্জনৰ ব্যৱহাৰ আছে। এনে ব্যঞ্জনৰ সংখ্যা তিনিকুৰিৰো অধিক। শব্দৰ আদি, মধ্য আৰু অন্ত্য— এই তিনিওটা অৱস্থানতে এই সংযুক্ত ব্যঞ্জনবোৰৰ প্ৰয়োগ পোৱা যায়। পালি-প্রাকৃত-অপভ্রংশত সংস্কৃতৰ এই সংযুক্ত ব্যঞ্জনবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে পৰিবৰ্তনৰ মাজেৰে আহি প্ৰয়োগ হৈছে। পৰিবৰ্তনৰ এনে প্ৰক্ৰিয়াবোৰৰ ভিতৰত সমীভৱন, বিষমীভৱন, ধ্বনিবিপর্যয়, লোপ সম্প্ৰসাৰণ, অপিনিহিতি, স্বৰভক্তি বা বিপ্ৰকর্য আদি উল্লেখযোগ্য। এইবোৰৰ ভিতৰতো আকৌ পালি-প্রাকৃত স্তৰত সমীভৱনে সংযুক্ত ব্যঞ্জনৰ পৰিৱৰ্তনত ব্যাপক ভুমিকা লৈছে।

(ক) আদি অৱস্থানৰ সংযুক্ত ব্যঞ্জনঃ সংস্কৃত শব্দৰ আদি অৱস্থানত থকা সংযুক্ত ব্যঞ্জন খালি-প্রাকৃত-অপভ্রংশত ঘাইকৈ তিনিটা প্ৰক্ৰিয়াৰে পৰিৱৰ্তিত হৈছিল—

১। সংযুক্ত ব্যঞ্জনৰ যিকোনো এটাৰ সাধাৰণতে লোপ পায়। 

২। সংযুক্ত ব্যঞ্জনৰ আগত এটি স্বৰৰ আগম হয়।

৩। স্বৰভক্তিৰ দ্বাৰা সংযুক্ত ব্যঞ্জন একক ব্যঞ্জনলৈ ৰূপান্তৰিত হয়।

লোপৰ ফলত হোৱা পৰিৱৰ্তনঃ

জ্ঞ > ঞঃ জ্ঞাতি > ঞাতি (পা)

স্থ > থঃ স্থূল > থুল (পা, প্রা) 

শ্ৰ > সঃ শ্রেষ্ঠ > সেটঠ (পা, প্রা)

আগমনৰ ফলত হোৱা পৰিৱৰ্তনঃ আদি অৱস্থানত থকা সংযুক্ত ব্যঞ্জনৰ আগত স্বৰধ্বনি সংযোগ হোৱাকে আগম বা আদি স্বৰাগম বোলা হয়। পালি-প্রাকৃতত আগমৰ ফলত হোৱা পৰিৱৰ্তন বৰ বেছি পোৱা নাযায়। এই ক্ষেত্ৰত সংস্কৃত ‘স্ত্রী’ শব্দটোৰ পৰিৱৰ্তন হৈ পালি-প্রাকৃত-অপভ্রংশ স্তৰত ‘ইত্থী’ ৰূপত পোৱা যায়।

স্বভক্তিৰ ফলত হোৱা পৰিবৰ্তনঃ সংযুক্ত ব্যঞ্জনৰ মাজত একোটা স্বৰধ্বনি সোমাই তাক ভাঙি একক ব্যঞ্জনত পৰিণত কৰা হেতুকে এই প্রক্রিয়াক মধ্য স্বৰগমো বোলা হয়। পালি- প্রকৃতত তাৰ উদাহৰণ কেতবোৰ হ’ল—

ম্লান > মিলান (পা), মিলাণ (প্রা)

ক্লেশ > কিলেস (পা, প্রা)

স্নেহ > সিনেহ (পা, প্রা)

ক্লিন্ন > কিলিন্ন (পা)

(খ) সমীভৱনৰ ফলত হোৱা পৰিৱৰ্তনঃ পালি-প্রাকৃত অপভ্রংশত সংযুক্ত ব্যঞ্জন সমীভৱনৰ উদাহৰণ আপেক্ষিকভাবে তাকৰ আদি সংযুক্ত ব্যঞ্জনৰ এটা লোপ হোৱাটোৱেই তাৰ ঘাই কাৰণ। যেনে—

স্ন > ণহঃ স্নান> ণহান (পা, প্রা)

স্থ> টঠঃ স্থিত > ট্‌বিঅ (প্রা)

মধ্য অৱস্থানৰ সংযুক্ত ব্যঞ্জনঃ সংস্কৃতৰ প্ৰায়ভাগ পদ মধ্যস্থিত সংযুক্ত ব্যঞ্জন ধ্বনি পালি- প্রাকৃতত সাধাৰণতে সমীভৱন প্ৰক্ৰিয়াৰে পৰিৱৰ্তিত হৈছিল। সমীভৱনৰ উপৰি বিষমীভৱন, ধ্বনি বিপর্যয়, স্বৰভক্তি বা মধ্য স্বৰাগম, অপিনিহিতি আদি প্ৰক্ৰিয়াৰেও মধ্য অৱস্থানৰ সংযুক্ত ব্যঞ্জনৰ পৰিৱৰ্তন সাধিত হৈছিল। তলত সেইসমূহ বিশ্লেষণ কৰি দেখুওৱা হ’ল।

সমীভৱনৰ ফলত হোৱা পৰিৱৰ্তনঃ

ক্ষ > কখঃ লক্ষণ > লকখণ (পা, প্রা)

ন্ম >ন্মঃ উন্মত্ত > উন্মত্ত (পা, প্রা)

শ্চ > চ্ছঃ নিশ্চল > নিচ্ছল (পা, প্রা)

দ্য > জ্জঃ প্রদ্যুম্ন > পজ্জুণ্ণ (পা, প্রা)

স্ত > ত্তঃ দুস্তৰ > দুত্তৰ (পা, প্রা)

ধ্বনি-বিপর্যয়ৰ ফলত হোৱা পৰিৱৰ্তনঃ উচ্চাৰণৰ সুবিধাৰ বাবে ধ্বনিৰ পাৰস্পৰিক স্থান পৰিৱৰ্তনৰ নাম ধ্বনি বিপর্যয়। পালি-প্রাকৃতত তাৰ উদাহৰণ, যেনে—

হব> বহঃ আহবান > আবহান (পা)

শ্ম > মহঃ কাশ্মীৰ > কমহীৰ (পা, প্ৰা)

(গ) অন্ত্য অৱস্থানৰ সংযুক্ত ব্যঞ্জনঃ সংস্কৃতৰ পদৰ অন্তত থকা সংযুক্ত ব্যঞ্জনবোৰ পালি-প্রাকৃত-অপভ্রংশ স্তৰত সাধাৰণতে সমীভৱন, স্বৰভক্তি আদি প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱৰ্তিত হৈছিল। অৱশ্যে অপভ্রংশ স্তৰত সমীভৱনৰ ফলত হোৱা ব্যঞ্জনৰ দ্বিত্ব ৰূপৰ এটা লোপ পাই একক ব্যঞ্জনত পৰিণত হৈছিল। ইয়াৰ ফলত ক্ষতিপূৰণমূলক বা পৰিপূৰক দীৰ্ঘীকৰণ হৈ পূর্বৱর্তী হ্ৰস্বস্বৰ দীৰ্ঘ হৈছিল।

সমীভৱনৰ ফলত হোৱা পৰিৱৰ্তনঃ

জ্ঞ > ঞঞ, ণঃ প্রজ্ঞা > পঞ্ঞা (পা), আজ্ঞা > আপা (প্রা)

ক্ষ> চ্ছঃ অক্ষি > অচ্ছি (পা, প্রা)

র্ম > ম্মঃ কর্ম > কম্ম (পা, প্রা), কাম (অপ)

ত্য > চ্চঃ সত্য > সচ্চ (পা, প্রা)

 থ্য > চ্ছঃ পথ্য > পচ্ছ (পা, প্রা)

ম্ন > ম্মঃ নিম্ন > নিম্ম (পা, প্রা

ধ্বনি বিপর্যয়ৰ ফলত হোৱা পৰিৱৰ্তনঃ

হৱ > ৱভঃ জিহ্ৱা > জিৱহা (পা, প্রা)

ক্ষ্ণ > ণহঃ তীক্ষ্ণ > তীণহ (পা, প্রা)

র্ঘ > হৰঃ দীর্ঘ > দিহৰ (প্ৰা

স্ন > ণহঃ জোৎস্না > জোণহা (প্রা)

উল্লেখনীয় যে সংযুক্ত ব্যঞ্জনৰ ধ্বনি বিপর্যয়ৰ ফলত হোৱা পৰিৱৰ্তনত সংস্কৃতৰ শ, ষ, স – এই উষ্ম ধ্বনিকেইটা লৈ ৰূপান্তৰিত হৈছিল।

৬। সন্ধি কাক বোলে? সংস্কৃতত সন্ধি কেই প্ৰকাৰৰ? প্ৰতিটো ভাগৰে আলোচনা দাঙি ধৰা। 

উত্তৰঃ সন্ধি শব্দটোৰ সাধাৰণ অৰ্থ হ’ল মিলন, সংযোগ, লগ লগা বা লগ লাগি থকা। ‘সন্ধিৰ বাঁহ বুদ্ধিৰে কটা’ বা ‘ইয়াণ্ডাবু সন্ধি’ আদি শব্দগুচ্ছই তেনে অর্থকে বহন কৰে। সংস্কৃত ভাষাত সন্ধি মানে হ’ল ওচৰা-ওচৰিকৈ থকা দুটা ভিন্ন অর্থবিশিষ্ট শব্দৰ প্ৰথমটোৰ অন্তিম ধ্বনি আৰু দ্বিতীয়টোৰ প্ৰথম ধ্বনিৰ মিলন বা সংযোগ। অর্থাৎ, ওচৰা-ওচৰিকৈ থকা দুটা সম্পূর্ণ ভিন্ন অৰ্থযুক্ত শব্দৰ প্ৰথমটোৰ শেষ আৰু দ্বিতীয়টোৰ আদি ধ্বনি একেলগে উচ্চাৰিত হোৱাৰ ফলত ধ্বনি দুটাৰ গুণগত পৰিৱৰ্তন হৈ যি মিলন বা সংযোগ সংঘটিত হয় তাকে সন্ধি বুলিব পাৰি, যেনে— গজ + ইন্দ্র = গজেন্দ্র, জগৎ+ নাথ = জগন্নাথ।

সন্ধি সংস্কৃত ভাষাৰ এক অপৰিহার্য প্রক্রিয়া। এই ভাষাত সন্নিহিত দুটা বৰ্ণৰ মাজত য’তেই সম্ভব তাতেই সন্ধি হৈছিল। নতুন পদ-গঠনত উপসর্গ আৰু ধাতুৰ সংযোগত, প্রত্যয়-বিভক্তি আদি সংযোগত সংস্কৃতত অপৰিহাৰ্যভাৱে সন্ধিৰ প্ৰয়োগ হৈছিল।

সন্নিহিত ধ্বনিৰ ধ্বনি-গুণৰ ওপৰত নিৰ্ভৰ কৰি সংস্কৃত ব্যাকৰণবিদসকলে সংস্কৃত সন্ধিক তিনি ভাগ কৰিছে — স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসর্গসন্ধি। স্বৰৰ সৈতে স্বৰৰ মিলনক স্বৰসন্ধি, স্বৰৰ সৈতে ব্যঞ্জনৰ তথা ব্যঞ্জনৰ সৈতে ব্যঞ্জনৰ মিলনক ব্যঞ্জন সন্ধি আৰু বিসৰ্গৰ সৈতে স্বৰ বা ব্যঞ্জনৰ মিলনক ব্যঞ্জন সন্ধি আৰু বিসৰ্গৰ সৈতে স্বৰ বা ব্যঞ্জনৰ মিলনক বিসর্গ সন্ধি আখ্যা দিয়া হৈছে। প্ৰকৃতপক্ষে বিসর্গ সন্ধি ব্যঞ্জন সন্ধিৰে ভিতৰুৱা। এই তিনিওবিধ সন্ধিক বৰ্ণৰ মিলনৰ প্ৰকৃতি (Nature of combination) অনুসৰি পাশ্চাত্য পণ্ডিতসকলে দেখুওৱা ভাগ দুটা এনেধৰণৰ — বহিঃসন্ধি আৰু অন্তঃসন্ধি।

স্বৰ বহিঃসন্ধিত শব্দ দুটাৰ প্ৰথমটোৰ শেষ স্বৰ আৰু দ্বিতীয়টোৰ আদি স্বৰৰ মিলন হয়। যেনে—

অ + অ = আঃ দেৱ + অসুৰ = দেৱাসুৰ।

আ + আ = আঃ বিদ্যা + আলয় = বিদ্যালয়।

ই + আ = ্যাঃ ইতি + আদি = ইত্যাদি। 

ই + এ = ে-্যঃ প্রতি + এক = প্রত্যেক।

সংস্কৃতত স্বৰ বহিঃসন্ধিৰ কেতবোৰ নিৰ্দিষ্ট নিয়ম আছে। উদাহৰণস্বৰূপে – অ বা আ -ৰ পিছত ই বা ঈ থাকিলে দুয়ো মিলি এ হয়, যেনে— নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ। তেনেদৰে ই-ৰ পিছত আ বা এ থাকিলে যথাক্ৰমো ্যা বা ে-্য হয়। ওপৰৰ ইতি + আদি = ইত্যাদি আৰু প্ৰতি + এক = প্রত্যেক তাৰ উৎকৃষ্ট উদাহৰণ।

ব্যঞ্জন বহিঃসন্ধিঃ ব্যঞ্জন বহিঃসন্ধিত প্রথম শব্দৰ শেষ অৱস্থানৰ ব্যঞ্জন আৰু দ্বিতীয় শব্দৰ আদি অৱস্থানৰ স্বৰ বা ব্যঞ্জনৰ মিলন হয়, যেনে—

ক্ + অ = গঃ দিক্‌ + অন্ত = দিগন্ত।

ও + ঔ = দুঃ তৎ + উপৰি = তদুপৰি। 

ক্ + ব = গ্বঃ দিক্ + বিজয় = দিগ্বিজয়।

ক্ + দ গদঃ বাক্ + দত্তা = বাগদত্তা।

ৎ + ন = ন্নঃ জগৎ + নাথ জগন্নাথ।

সংস্কৃত ভাষাত স্বৰ সন্ধিৰ দৰে ব্যঞ্জন সন্ধিৰো ভালেমান নিয়ম আছে। উদাহৰণস্বৰূপে— সন্ধি হোৱা শব্দ দুটাৰ প্ৰথমটোৰ শেষত বৰ্গৰ প্ৰথম ধ্বনি আৰু দ্বিতীয়টোৰ আদিত বৰ্গৰ পঞ্চম ধ্বনি থাকিলে প্রথমটোত থকা বৰ্গৰ প্ৰথম ধ্বনি সেই বৰ্গৰ পঞ্চম ধ্বনিলৈ পৰিৱৰ্তিত হয়। ‘জগন্নাথ’ শব্দটো তেনে সন্ধিৰ পৰিণতি। তেনেদৰে প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ বৰ্গৰ প্ৰথম ধ্বনি আৰু দ্বিতীয়টো শব্দৰ আদি ধ্বনি বৰ্গৰ তৃতীয় ধ্বনি হ’লৈ বৰ্গৰ প্ৰথম ধ্বনি আৰু দ্বিতীয়টো শব্দৰ আদি ধ্বনি বৰ্গৰ তৃতীয় ধ্বনি হ’লে বৰ্গৰ প্ৰথম ধ্বনি একে বর্গৰ তৃতীয় ধ্বনিলৈ ৰূপান্তৰিত হয়।

বিসর্গ বহিঃসন্ধিঃ বিসর্গ সন্ধিত শব্দ দুটাৰ প্ৰথমটোৰ শেষত থকা বিসর্গ যদিও স্বৰৰ সৈতে সংযুক্ত হয়, তথাপি ইয়াৰ সন্ধিগত প্ৰক্ৰিয়াৰ সৈতে ব্যঞ্জন সন্ধিৰ মিল লক্ষণীয়। এনে কাৰণতে সংস্কৃতত বিসর্গ সন্ধি ব্যঞ্জন সন্ধিৰ ভিতৰুৱা বুলি ধৰা হয়।

অন্তসন্ধিৰ শ্ৰেণীবিভাগঃ মূল শব্দ বা ধাতুৰ লগত যোগ হৈ পৰিৱৰ্তিত হোৱা অন্তসন্ধিৰ প্রধান ভাগ দুটা— স্বৰ অন্তসন্ধি আৰু ব্যঞ্জন অন্তসন্ধি ৷ সাধাৰণতে, শব্দ বা ধাতুৰ শেষত থকা বিসৰ্গৰ লগত প্রত্যয় বা বিভক্তিৰ আদি স্বৰ বা আদি ব্যঞ্জনৰ সন্ধি হোৱাৰ উদাহৰণ বিৰল। অন্তসন্ধিৰ শব্দবোৰৰ আভ্যন্তৰীণ পৰিৱৰ্তন ঘটে। যেনে—

স্বৰ অন্তসন্ধিঃ এই প্ৰকাৰৰ সন্ধিত শব্দ বা ধাতুৰ শেষত থকা স্বৰ আৰু প্ৰত্যয় বা বিভক্তিৰ আদি স্বৰৰ মিলন হয়, যেনে—

নৌ + ইক = নাৱিক।

পো + অন = পৱন ইত্যাদি।

ব্যঞ্জন অন্তসন্ধিঃ এইবিধ সন্ধিত শব্দ বা ধাতুৰ শেষত থকা ব্যঞ্জন আৰু প্ৰত্যয় বা বিভক্তিৰ আদিত থকা ব্যঞ্জন সংযুক্ত হয়, যেনে— 

এইবিধ সন্ধিত শব্দ বা ধাতুৰ শেষত থকা ব্যঞ্জন আৰু প্ৰত্যয় বা বিভক্তিৰ আদিত থকা ব্যঞ্জন সংযুক্ত হয়, যেনে—

হৃষ্ + ত = হৃষ্ট।

অদ্‌ + ন = অন্ন।

যুজ্‌ + ক্ত = যুক্ত।

দিশ্ + সু – দিক্ষু ইত্যাদি

৭। পালি প্ৰাকৃত ভাষাত কেই প্ৰকাৰৰ সন্ধি পোৱা যায়? প্ৰতিটো ভাগৰে বিস্তৃত আলোচনা আগবঢ়োৱা।

উত্তৰঃ সংস্কৃতত সন্ধি অপৰিহাৰ্য আছিল। গদ্য-পদ্য সকলো লেখাতে সন্ধিয়ে এক প্রধান ভূমিকা গ্ৰহণ কৰিছিল পালি ভাষাত গদ্যত সন্ধি প্রায় নাই বুলিব পাৰি। কিন্তু, গাথা বা পদ্যত কিছু পৰিমাণে সন্ধিৰ প্ৰয়োগ লক্ষ্য কৰিব পাৰি। সংস্কৃতৰ স্বৰ, ব্যঞ্জন আৰু বিসর্গ সন্ধিৰ ঠাইত পালি-প্ৰাকৃতত মাত্ৰ স্বৰ সন্ধিহে ৰক্ষিত হৈছে। পালি-প্ৰাকৃতত শব্দৰ অন্ত্য অৱস্থানত অনুস্বাৰৰ বাহিৰে আন ব্যঞ্জন নাই বুলিলেও হয়। সেই হেতুকে এই স্তৰৰ ভাষাত ব্যঞ্জন আৰু বিসর্গ সন্ধি লুপ্ত হৈ তাৰ ঠাইত মিশ্ৰ বা বমিসসক সন্ধি আৰু অনুস্বাৰ বা নিগগহীত সন্ধি গঢ় লৈ উঠিছে। এইফালৰ পৰা পালি-প্ৰাকৃত-অপভ্রংশ স্তৰৰ সন্ধিক তিনিটা ভাগত ভগাব পাৰি— স্বৰসন্ধি, মিশ্র বা বমিসসক সন্ধি আৰু অনুস্বাৰ বা নিগগহীত সন্ধি। আকৌ সংস্কৃত সন্ধিৰ দৰে সন্ধি হোৱা বৰ্ণৰ প্ৰকৃতিলৈ লক্ষ্য কৰি পালি প্ৰাকৃতৰ সন্ধিকো বহুলভাৱে বহিঃসন্ধি আৰু অন্তঃসন্ধি— এই দুটা ভাগত ভগাই আলোচনা কৰিব পাৰি। তলত প্ৰতিটোৰে উদাহৰণসহ আলোচনা কৰা হল—

পালি ভাষাৰ সন্ধিঃ পালি বহিঃসন্ধি তিনি প্ৰকাৰৰ — স্বৰ বহিঃসন্ধি, মিশ্র বা বমিসসক সন্ধি আৰু অনুস্বাৰ বা নিগগহীত সন্ধি। পালি ভাষা প্ৰাকৃততকৈ প্ৰাচীন স্তৰৰ হোৱা হেতুকে সংস্কৃতৰ ভালেমান বৈশিষ্ট্য ৰক্ষিত হৈছে।

পালিত প্রথম শেষ স্বৰ আৰু পৰৱৰ্তী শব্দৰ আদি স্বৰৰ মাজত সন্ধি হ’লে সন্ধিসিদ্ধ শব্দত তলত দিয়া ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে। 

(ক) কেতিয়াবা পৰৱৰ্তী স্বৰ লুপ্ত হয়, যেনে— ছায়া + ইৱ = ছায়াৱ, সো + ইমং = সোমং ইত্যাদি।

(খ) কেতিয়াবা পূবৱৰ্তী স্বৰ লোপ হয়, যেনে— মে + অত্থি = মুত্থি, নৰ + ইন্দ = ণৰিন্দ ইত্যাদি।

(গ) কেতিয়াবা দুয়োটাৰে লোপ হোৱাও দেখা যায়, এনে ক্ষেত্ৰত কেতিয়াবা পূৰ্বৱৰ্তী স্বৰ দীর্ঘ হয়, যেনে— দেৱ + ইতি – দেৱাতি ইত্যাদি।

(ঘ) কেতিয়াবা সন্ধি হোৱা দুই স্বৰৰ মাজলৈ ত, দ, ন, ব, ম, য, ৰ, ল- ৰ আগম হয়, যেনে— অজ্জ + অগ্‌গে = অজ্জতগ্‌গে, ৰাজা + ইৱ = ৰাজাৰিৱ ইত্যাদি।

মিশ্র বা বমিসসক সন্ধিঃ এই সন্ধিত শব্দ দুটাৰ প্ৰথমটোৰ শেষ স্বৰ আৰু দ্বিতীয়টোৰ আদি ব্যঞ্জনৰ মিলন হয় আৰু পালি ভাষাৰ নিয়মানুসাৰে সিবোৰৰ ধ্বনিগত পৰিৱৰ্তন হয়, যেনে—

অনু + থূলানি = অনুংথূলানি।

দু + ৰকখং = দূৰকখং। 

মুনি + চৰে = মুনীচৰে।

অনুস্বাৰ বা নিগগহীত সন্ধিঃ অনুস্বাৰৰ পিছত স্বৰ বা ব্যঞ্জন থাকিলে দুয়ো মিলি যি সন্ধি হয়, তাৰ নাম অনুস্বাৰ বা নিগগহীত সন্ধি। এনে সন্ধিত শব্দ দুটাৰ প্ৰথমটোৰ শেষত থকা অনুস্বাৰ আৰু দ্বিতীয়টোৰ আদিতে থকা স্বৰ বা ব্যঞ্জনৰ মিলন হয়। এইবিধ সন্ধিক মিশ্র সন্ধি ৰূপেও আলোচনা কৰা হয়। যেনে—

কায়ং + ইমং = কায়মিমং।

ধনং + এৱ = ধনমেৱ।

সং + যতো = সঞঞতো।

পালি ভাষাৰ অন্তসৰ্ন্ধিঃ পালি ভাষাৰ অন্তসৰ্ন্ধিক স্বৰ, মিশ্ৰ আৰু অক্ষৰ এই তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। তলত প্ৰতিটোৰে উদাহৰণ দাঙি ধৰা হৈছে—

স্বৰ অন্তসৰ্ন্ধিঃ শব্দ বা ধাতুৰ অন্ত্য অৱস্থানৰ স্বৰ আৰু সেই শব্দ বা ধাতুৰ সৈতে সংযুক্ত প্রত্যয়ক বিভক্তিৰ আদি স্বৰৰ মাজত হোৱা সন্ধিয়ে হ’ল স্বৰ অন্তসৰ্ন্ধি । তলত তেনে সন্ধিৰ উদাহৰণ দাঙি ধৰা হৈছে—

অপপমাদ + এন = অপপমাদেন

দম + এন = দমেন

পুত্ত + এন = পুত্তেন ইত্যাদি।

মিশ্র বা বমিসসক অন্তসৰ্ন্ধিঃ শব্দ বা ধাতুৰ শেষ স্বৰ আৰু তাৰ সৈতে সংযুক্ত প্রত্যয় বা বিভক্তিৰ আদি ব্যঞ্জনৰ সৈতে হোৱা সন্ধিকে মিশ্র বা বমিসসক অন্তসৰ্ন্ধি বোলা হয়। পালি ভাষাত এনে সন্ধি তেনেই সীমিত। সাধাৰণতে শব্দ বা ধাতুৰ লগত প্রত্যয় বা বিভক্তি যোগ হওঁতে যি দুটা ধ্বনিৰ সন্ধি হয় সিহঁতৰ গুণগত পৰিৱৰ্তন নহয়, বৰং শব্দ বা ধাতুৰ সৈতে প্রত্যয় বা বিভক্তি স্বাভৱিকতে লগ লাগে। পালিত মিশ্ৰ অন্তৰ্সন্ধিৰ পৰিমাণ কম হোৱাৰ এইটোৱেই মূল কাৰণ। যেনে—

ভূত + সু = ভূতেসু।

ৰাজ + ম্‌হি = ৰাজম্‌হি।

অক্ষৰ অন্তসৰ্ন্ধিঃ পালি ভাষাৰ অক্ষৰ অন্তসৰ্ন্ধি হৈছে বিভিন্ন ধ্বনি পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰে সংঘটিত হোৱা শব্দৰ অভ্যন্তৰীণ ধ্বনি পৰিৱৰ্তন। সংস্কৃতৰ দুটা ভিন্ন গুণসম্পন্ন অথবা একে গুণবিশিষ্ট ধ্বনি পালি ভাষালৈ আহোতে বিভিন্ন প্ৰক্ৰিয়াৰে যি পৰিৱৰ্তন সাধিত হৈছে সেয়াই অক্ষৰ অন্তসৰ্ন্ধি। অনিয়মিত শব্দ সন্ধিৰ হেতুকে পালি বহিঃসন্ধিৰ জটিলতা অনেক গুণে কমি গৈছে। কিন্তু, অক্ষৰ অন্তৰ্সন্ধিৰ প্ৰাচুৰ্য যথেষ্ট বৃদ্ধি পাইছে। যেনে—

অগ্নি > অগ্‌গি, পুষ্প > পুপফ, অপ্রমাদ > অপপমাদ (সমীভৱন)

ক্লেশ > কিলেস, ম্লান > মিলাণ, শ্লাঘা > সিলাঘা, ক্লিন্ন > কিলিন্ন (স্বৰভক্তি)

জিহবা > জিৱহা, কাশ্মীৰ > কম্‌হীৰ, প্রশ্ন > পণহ (ধ্বনি বিপর্যয়)

 দুর্বচ > দুববচ (সাদৃশ্য)

ওপৰৰ উদাহৰণবোৰৰ পৰা এই কথা স্পষ্ট হয় যে ধ্বনি পৰিৱৰ্তনৰ বিভিন্ন প্রক্রিয়াই পালি ভাষাত শব্দৰ অভ্যন্তৰীণ পৰিৱৰ্তন ঘটাই অক্ষৰ অন্তসৰ্ন্ধি সৃষ্টি কৰিছে। ইয়াৰ ফলত পালি সন্ধি প্ৰকৰণ কিছু সুকীয়া প্ৰকৃতিৰ হৈ পৰিছে।

প্রাকৃত সন্ধিঃ প্ৰাকৃত স্তৰত সন্ধি পালিতকৈ অধিক সৰল হৈছে। দুই স্বৰৰ মধ্যৱৰ্তী অল্পপ্রাণ ধ্বনিবোৰ লোপ পোৱাৰ ফলত প্রাকৃতত সন্ধিৰ ব্যৱহাৰ প্ৰায় নাইকিয়া হৈছে। বিশেষকৈ বহিঃসন্ধি এই স্তৰৰ ভাষাত প্ৰায় নোহোৱাৰ দৰে। মাত্র সংস্কৃতৰ সন্ধিসিদ্ধ যিবোৰ শব্দ প্রাকৃত স্তৰলৈ আহিছে, সেই শব্দবোৰত বহিঃসন্ধি কিছু পৰিৱৰ্তিত ৰূপত ৰক্ষিত হৈছে।

পালিৰ দৰে প্ৰাকৃত ভাষাত প্ৰয়োগ হোৱা সন্ধিকো বহিঃসন্ধি আৰু অন্তসৰ্ন্ধি— এই দুই ভাগত ভগাব পাৰি। আকৌ এই দুয়োপ্ৰকাৰৰ সন্ধিক স্বৰসন্ধি আৰু মিশ্রসন্ধি এই দুভাগত ভগাই আলোচনা কৰিব পাৰি।

স্বৰ বহিঃসন্ধিঃ প্রাকৃত ভাষাত সংস্কৃত নিয়মানুগ আৰু সংস্কৃত নিয়ম বহির্ভূত— এই দুইপ্ৰকাৰৰ স্বৰসন্ধি প্রত্যক্ষ কৰা যায়। যেনে—

সংস্কৃত নিয়মানুগ স্বৰসন্ধিঃ

অ + অ = আঃ দকখিণ + অণিল = দকখিণাণিল।

অ + আ = আঃ দীণ + আণণি – দী ণাণণি।

অ + ই = এঃ ন + ইচ্ছই ণেচ্ছই; ৰাঅ + ইসি = ৰাএসি। 

অ + উ = ওঃ পণহ + উত্তৰং = পণহোত্তৰং ইত্যাদি।

সংস্কৃত-নিয়ম বহির্ভূত স্বৰসন্ধিঃ

নৰ + ইন্দ্ৰঃ নৰিন্দ্ৰ 

গঅ + ইন্দঃ গইন্দ

পও + অন্তৰিঅঃ পত্তন্তৰিঅ ইত্যাদি।

মিশ্র বহিঃসন্ধিঃ পালিৰ দৰে প্ৰাকৃততো প্ৰথম শব্দৰ শেষত ম থাকিলে আৰু দ্বিতীয় শব্দৰ আদিত স্বৰবৰ্ণ থাকিলে সেই স্বৰ কেতিয়াবা ম-ৰ লগত মিলি যায় অথবা অনুস্থাৰলৈ পৰিৱৰ্তিত হয়। প্রাকৃতত অনুস্বাৰ সন্ধিকো মিশ্ৰ সন্ধিৰ ভিতৰত ধৰা হয়। যেনে—

একং + একং = একমেকং

 দিস + চক্কং =  দিসাঅক্কং

নি + কলঙ্কা = নিক্কলঙ্কা ইত্যাদি।

স্বৰ অন্তসন্ধিঃ পালি-প্রাকৃত ভাষাত সংস্কৃতৰ স্বমধ্যৱর্তী ব্যঞ্জন লোপ হোৱাৰ ফলত স্বৰ সংযুক্তি যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত প্ৰকৃত স্বৰ অন্তসন্ধি সামান্য পৰিমাণেহে পোৱা যায় শব্দৰ মাজৰ ব্যঞ্জন লোপ হোৱাৰ ফলত ৰৈ যোৱা উদ্বৃত্ত স্বৰৰ মাজত সন্ধি নোহোৱাটো তাৰ ঘাই কাৰণ। যেনে—

বঅণ + এণ = বঅণেণ

মহুৰ + এন = মহুৰেণ।

মিশ্র অন্তসৰ্ন্ধিঃ প্ৰাকৃতত স্বৰ অন্তসন্ধিতকৈ মিশ্র অন্তসৰ্ন্ধি প্রয়োগ আপেক্ষিকভাৱে কিছু বেছি। প্রত্যয় বা বিভক্তিবোৰৰ আদি বর্ণ ব্যঞ্জন হোৱাটোৱেই তাৰ ঘাই কাৰণ। যেনে—

কণ্ণ + হি = কণ্ণেহি।

ভূ + তব্য = হোঅবব

অগগি + সু = অগ্‌গীসু।

অক্ষৰ সন্ধিঃ প্ৰাকৃতত পালিৰ দৰেই অক্ষৰ সন্ধিৰ প্ৰয়োগ যথেষ্ট। সেইবোৰৰ কিছুমান এনেধৰণৰ — অদ্য > অজ্জ, মধ্য > মজঝ, পুষ্প > পুপ্‌ফ, লক্ষণ > লক্‌খণ ইত্যাদি।

(খ) শব্দৰূপ

অতি চমু প্রশ্নোত্তৰঃ

১। শব্দ বিভক্তি কাক বোলে?

উত্তৰঃ শব্দৰ ৰূপ সাধন প্ৰক্ৰিয়াত শব্দৰ সৈতে যিবোৰ ভাষিক চিহ্ন সংযোগ ঘটে সেইবোৰক শব্দ বিভক্তি বোলা হয়।

২। শব্দ-বিভক্তিক সংস্কৃতত কি বুলি জনা যায়? 

উত্তৰঃ সুপ্ বিভক্তি।

৩। সংস্কৃত শব্দ বিভক্তিক কিয় সুপ্ বিভক্তি খোলা হয়?

উত্তৰঃ বিভক্তিসমূহৰ প্ৰথমটোৰ আদি বৰ্ণ সু আৰু শেষৰটোৰ অন্তিম বর্ণ প্ হোৱা হেতুকে ‘সুপ্ বিভক্তি’ বোলা হয়।

৪। সংস্কৃতৰ সুপ্ বিভক্তিৰ সংযোগ ক’ত ঘটে?

উত্তৰঃ সংস্কৃত ভাষাত কাৰক আৰু বচনৰ নিৰ্ণয়ত সুপ্ বিভক্তিৰ সংযোগ ঘটে ৷

৫। সংস্কৃতত কাৰকৰ সংখ্যা কেইটা?

উত্তৰঃ সাতটা।

৬। সংস্কৃতৰ কাৰকসমূহ কি?

উত্তৰঃ কৰ্তা (প্রথমা), কৰ্ম (দ্বিতীয়া), কৰণ (তৃতীয়া), সম্প্রদান (চতুর্থী), অপাদান (পঞ্চমী), সম্বন্ধ (ষষ্ঠী) আৰু অধিকৰণ (সপ্তমী)।

৭। সংস্কৃতৰ বচন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সংস্কৃতত বচন তিনি প্ৰকাৰৰ। যেনে— একবচন, দ্বিবচন আৰু বহুবচন। 

৮। সংস্কৃতৰ সুপ্ বিভক্তিৰ মুঠ সংখ্যা কেইটা?

উত্তৰঃ একৈশটা।

৯। সংস্কৃত ভাষাত লিংগ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সংস্কৃতত লিংগ তিনি প্ৰকাৰৰ। যেনে— পুংলিংগ, স্ত্রীলিংগ, ক্লীৱলিংগ।

১০। সংস্কৃতৰ লিংগ নির্ণয় প্রক্রিয়াক কেইভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ তিনিভাগত। যেনে— শব্দৰ অৰ্থ, শব্দৰ গঠন বা আকৃতি আৰু শব্দটোত যোগ হোৱা প্রত্যয়।

১১| সংস্কৃতত বিভক্তি সংখ্যা কিমান?

উত্তৰঃ সাতটা।

১২। সম্বন্ধ পদ কাক বোলে?

উত্তৰঃ কাৰোবাৰ সৈতে সম্বন্ধ বুজাবলৈ বা দুটা নাম শব্দৰ লগত পাৰস্পৰিক সম্পৰ্ক বুজোৱাক সম্বন্ধ পদ বোলে।

১৩। সম্বন্ধ পদক কাৰকৰ শাৰীত কিয় ধৰা নহয়?

উত্তৰঃ সম্বন্ধ পদৰ ক্ৰিয়াৰ সৈতে সম্পৰ্ক নাথাকে। সেইবাবে এই পদক কাৰকৰ শাৰীত ধৰা নহয়।

১৪। সম্বন্ধ পদক বুজাবলৈ কি বিভক্তিৰ প্ৰয়োগ কৰা হয়?

উত্তৰঃ ষষ্ঠী বিভক্তি।

১৫। সংস্কৃত নামশব্দক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ সংস্কৃত নামশব্দক দুটা ভাগত ভাগ কৰা হৈছে। যেনে— বিশেষ্য শব্দৰূপ আৰু সৰ্বনাম শব্দৰূপ।

১৬। পালি-প্রাকৃতত বচন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ। যেনে— একবচন আৰু বহুবচন।

১৭। পালি-প্রাকৃত-অপভ্ৰংশত লিংগ কেইপ্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ দুই প্ৰকাৰৰ। যেনে- পুংলিংগ আৰু স্ত্ৰীলিংগ।

চমু প্রশ্নোত্তৰঃ 

১। সংস্কৃতৰ লিংগ নির্ণয়ৰ প্ৰক্ৰিয়াক কিয় ব্যাকৰণগত আখ্যা দিয়া হৈছে? 

উত্তৰঃ একে অৰ্থ বুজাবলৈ অৰ্থ, আকৃতি আৰু প্ৰত্যয়ৰ সংযোগ অনুযায়ী তিনিটা সুকীয়া শব্দৰ ব্যৱহাৰ সংস্কৃত লিংগৰ অন্যতম বৈশিষ্ট্য। সংস্কৃত লিংগ অর্থভিত্তিক নহয়, বৰং ব্যাকৰণভিত্তিকহে। এনে কাৰণত সংস্কৃতৰ লিংগ নির্ণয়ৰ প্ৰক্ৰিয়াক ব্যাকৰণগত আখ্যা দিয়া।

২। কাৰক কাক বোলে?

উত্তৰঃ ক্ৰিয়াৰ সৈতে বিভক্তিযুক্ত নামশব্দৰ সম্বন্ধ বা অন্বয় সাধনকে কাৰক বোলা হয়। আন কথাত, বাক্যত ব্যৱহাৰ হওঁতে বিভক্তিযুক্ত নামশব্দৰ ক্ৰিয়াপদৰ সৈতে যি সম্বন্ধ স্থাপিত হয় তাৰ নামেই কাৰক।

৩। সংস্কৃত ভাষাত যথাৰ্থ কাৰক কেইটা আৰু কি কি? 

উত্তৰঃ সংস্কৃত ভাষাত যথাৰ্থ কাৰক ছয়টা। যেনে— কর্তা, কর্ম, কৰণ, সম্প্রদান, অপাদান আৰু অধিকৰণ।

৪। স্বৰান্ত শব্দৰূপ কোনবোৰ?

উত্তৰঃ শব্দৰ অন্তত স্বৰধ্বনি থকা শব্দবোৰ স্বৰান্ত শ্রেণীৰ শব্দ। যেনে- নৰ, মুনি, লতা, নদী, সাধু ইত্যাদি।

৫। বিশেষ্য শব্দৰূপৰ ভিত্তিত ব্যঞ্জনান্ত শব্দৰূপক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে। যেনে—

(ক) পৰিৱৰ্তনীয়। আৰু

(খ) অপৰিৱৰ্তনীয়।

৬। পৰিৱৰ্তনীয় ব্যঞ্জনান্ত শব্দ কি? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ শব্দত শব্দৰূপৰ বিভক্তি যোগ হ’লে প্রাতিপাদিকৰ আভ্যন্তৰীণ পৰিৱৰ্তন ঘটে। সেইবোৰ পৰিৱৰ্তনীয় শব্দ। যেনে- শ্রেয়স্, ৱিদ্বস্ আদি।

৭। অপৰিৱৰ্তনীয় ব্যঞ্জনান্ত শব্দ কি? উদাহৰণ দিয়া। 

উত্তৰঃ যিবোৰ শব্দৰ ৰূপ কৰোঁতে প্রাতিপাদিক কোনো আভ্যন্তৰীণ পৰিৱৰ্তন সাধন নহয় সেইবোৰ অপৰিৱৰ্তনীয় ব্যঞ্জনান্ত শব্দ। যেনে- নিশ, দিশ, বণিজ আদি।

৮। পালি-প্ৰাকৃত অপভ্ৰংশৰ শব্দৰূপত সংস্কৃত শব্দৰূপ কিমান ৰক্ষিত হৈছে? 

উত্তৰঃ পালি-প্ৰাকৃত অপভ্রংশ স্তৰত শব্দৰূপ সংস্কৃতৰ তুলনাত অনেক গুণে সৰল। শব্দৰ অন্ত্য ধ্বনি অনুযায়ী সংস্কৃত শব্দৰূপক দুটা ভাগত ভগোৱা হয় — স্বৰান্ত আৰু ব্যঞ্জনান্ত। কিন্তু পদান্ত ব্যঞ্জনৰ লোপৰ ফলত পালি-প্ৰাকৃত-অপভ্ৰংশত প্ৰায় সকলো শব্দই স্বৰান্ত হৈ পৰিল। 

ঋ ঐ আৰু ঔ ভিন্ন স্বৰলৈ ৰূপান্তৰিত হোৱাৰ ফলত তেনে শব্দৰ সংস্কৃতীয়া শব্দৰূপৰ বৈশিষ্ট্য সমূলি লোপ পালে। গতিকে পালি-প্রাকৃত-অপভ্রংশ স্তৰত অকল স্বৰান্ত শব্দৰূপহে ৰক্ষিত হৈছে। পালি-প্ৰাকৃতৰ স্তৰত প্ৰায় ক্ষেত্ৰতে শব্দৰূপ অ-কাৰান্ত শব্দৰূপৰ অনুগামী হ’ল। আনকি অন্ত্য ব্যঞ্জনৰ লোপৰ ফলত সংস্কৃতৰ ব্যঞ্জনান্ত লোপৰ ফলত সংস্কৃতৰ ব্যঞ্জনান্ত শব্দবোৰো এই স্তৰত স্বৰান্ত হৈ দেখা দিলে। যেনে— ৰাজন > ৰাজা, ৰাআ; সংস্কৃতত অ-কাৰান্ত শব্দৰূপ আন শব্দৰ তুলনাত বেছি আৰু বহু পৰিমাণে সৰল।

৯। বিশেষ্য শব্দৰূপক কেনেধৰণে শ্রেণীবিভাগ কৰা হৈছে?

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top