Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Question Answer can be of great value to excel in the examination.
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ)
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 3 সংস্কৃত-পালি-প্রাকৃত ভাষাৰ তুলনা (স্বৰ আৰু ব্যঞ্জন, শব্দৰূপ, ধাতুৰূপ) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
১। সংস্কৃত শব্দ বিভক্তিসমূহৰ এখন তালিকা প্ৰস্তুত কৰি তাক আলোচনা কৰি পালি-প্রাকৃত-অপভ্ৰশত সেইবোৰ ৰক্ষিত হৈছে নে নাই লিখা।
উত্তৰঃ শব্দৰ ৰূপ সাধন প্ৰক্ৰিয়াত শব্দৰ সৈতে যিবোৰ ভাষিক চিহ্ন সংযোগ ঘটে সেইবোৰক শব্দ বিভক্তি বোলা হয়। বিভক্তিযুক্ত শব্দমূল বা প্রতিপাদিকক পদ বোলা হয় আৰু পদৰ মৰ্যাদা লাভ কৰাৰ পিছতহে তেনে শব্দ বাক্যত ব্যৱহাৰ হ’ব পাৰে। এইফালৰ পৰা শব্দ ৰূপত বিভক্তিৰ ভূমিকাই প্রধান।
বিভক্তি হ’ল এক বা একাধিক ধ্বনিৰে গঠিত একোটাহঁত ক্ষুদ্র ক্ষুদ্র ৰূপ বা প্রাকৃতি। এই ৰূপবোৰ প্ৰাকৃতি বা মূল (ধাতু) ৰ লগত নাইবা শব্দমূল বা প্রাতিপাদিকৰ পিছত বহি বাক্যত প্রয়োগ হোৱা বিভিন্ন পদৰ মাজত সংগতি স্থাপন কৰি বাক্য অৰ্থপূৰ্ণ কৰি তোলে। প্রকৃতি বা মূলৰ পিছত লগ লগা বিভক্তিবোৰ ক্ৰিয়া বিভক্তি বা আৰু শব্দমূল বা প্রাতিপাদিকৰ পিছত সংযোগ হোৱা বিভক্তিবোৰ কাৰক বিভক্তি বা শব্দ বিভক্তি। প্রাতিপাদিকৰ পিছত যোগ হোৱা বিভক্তিক নাম বিভক্তি বা কাৰক বিভক্তি বা শব্দ বিভক্তি বোলা হয় যদিও সংস্কৃতত এনে বিভক্তিক ‘সুপ্ বিভক্তি’ আখ্যা দিয়া হৈছে। বিভক্তিসমূহৰ প্ৰথমটোৰ আদি বৰ্ণ সু আৰু শেষৰটোৰ অন্তিম বর্ণ প্ হোৱা হেতুকে এইবোৰক ‘সুপ্ বিভক্তি’ বোলে।
সংস্কৃতত সম্বন্ধপদক ধৰিলে কাৰকৰ সংখ্যা সাতটা আৰু বচনৰ সংখ্যা তিনিটা। গতিকে সাতোটা কাৰক আৰু প্ৰতিটোৰে তিনিটাকৈ বচনত সুপ্ বিভক্তিৰ সংখ্যা মুঠ একৈশটা। এই বিভক্তিবোৰে এহাতে কাৰকৰ ভাব প্ৰকাশ কৰে আৰু আনহাতে বচন বা সংখ্যাৰ ধাৰণা দিয়ে।
তলত এখন তালিকা দাঙি ধৰা হ’লঃ
কোনো কোনো ব্যাকৰণবিদে সম্বোধন পদ বিভক্তিক ভিন্নৰূপে ধৰি বিভক্তিৰ সংখ্যা আঠোটা কৰিব বিচাৰে। কিন্তু সম্বোধনত যিহেতু প্রথমা বিভক্তি বিশেষৰূপে প্রয়োগ হয়, সেইবাবে তাক সুকীয়াৰূপে গণ্য কৰা নহয় ৷ মন কৰিবলগীয়া যে প্ৰয়োগৰ সময়ত বিভক্তিবোৰত থকা উ, জ, শ, ট, ঙ আৰু প্ সদায়ে লোপ পায়, ‘স’ বিসৰ্গলৈ ৰূপান্তৰিত হয়। তলত সংস্কৃত অকাৰান্ত ‘নৰ’ শব্দৰ প্ৰথমা বিভক্তিত তিনিওটা বচনত হোৱা ৰূপ উদাহৰণ দাঙি ধৰা হ’ল—
আকৌ শব্দমূল বা প্রাতিপাদিকটোৰ আকৃতি অনুযায়ী কেতবোৰ বিভক্তিয়ে সুকীয়া ৰূপো লয়। সংস্কৃত ব্যাকৰণ মতে, ‘অতো ভিসঃ ঐস্’, অর্থাৎ অ-কাৰান্ত পুংলিংগ আৰু স্ত্রীলিংগ সূচক শব্দমূলৰ পিছত তৃতীয়াৰ বহুবচনত ভিস্ বিভক্তি ঐস্ (ঐঃ) হয়, যেনে— নৰ + ভিস্ = নৰৈঃ, বৃক্ষ + তিস্ – বৃক্ষৈঃ ইত্যাদি। তেনেদৰে ‘টা-ঙসি-ঙসামিনাৎ স্যাঃ অর্থাৎ অ-কাৰান্ত
পুংলিংগ আৰু ক্লীৱলিংগবাচক প্রাতিপাদিকৰ পিছত তৃতীয় একবচনৰ-টা, পঞ্চমীৰ-ঙ সি আৰু ষষ্ঠীৰ একবচনৰ ঙস্ যথাক্রমে-এন, -আ আৰু -স্য হয়, যেনে— নৰ + টা = নৰেণ, বৃক্ষ + ঙসি = বৃক্ষাৎ ইত্যাদি।
২। সংস্কৃতত কি কি লিংগ পোৱা যায়? পালি-প্রাকৃতত সংস্কৃতৰ আটাইকেইটা লিংগ ৰক্ষিত হৈছে নে নাই উদাহৰণসহ ফঁহিয়াই দেখুওৱা।
উত্তৰঃ সংস্কৃত ভাষাত লিংগ নিৰ্ণয়ৰ প্ৰক্ৰিয়া অতিশয় জটিল। কাৰণ একেটা শব্দ বিভক্তিয়ে লিংগ অনুসাৰে ভিন্ ভিন্ নাম শব্দকে ভিন্ ভিন্ ৰূপ প্ৰদান কৰে। সাধাৰণতে ভাষাটোত তিনি প্ৰকাৰৰ লিংগ আছে পুংলিংগ, স্ত্রীলিংগ আৰু ক্লীৱলিংগ। আন কিছুমান ভাষাৰ দৰে সংস্কৃতত অর্থলৈ লক্ষ্য কৰি, অৰ্থাৎ শব্দটোৱে পুৰুষ, স্ত্রী নে জড় পদার্থ বুজাইছে তালৈ চাই লিংগ নিৰূপণ কৰা নহয়। তাৰ সলনি ভাষাটোত কেতিয়াবা অৰ্থৰ ভিত্তিত, কেতিয়াবা যোগ হোৱা প্রত্যয়ৰ ভিত্তিত আৰু কেতিয়াবা শব্দৰ আকৃতি বা গঠন অনুযায়ী লিংগ নির্ণয় কৰা হয়। আনকি একোটাহঁত নাম শব্দৰ প্ৰতিশব্দবোৰৰ বা সমানার্থক শব্দবোৰৰো ভিন্ ভিন্ লিংগ হ’ব পাৰে। উদাহৰণস্বৰূপে— ‘মাতৃ’শব্দ পুংলিংগ, কিন্তু একেই স্ত্রীবাচক ‘ধাতু’শব্দ ক্লীৱলিংগ। সংস্কৃত ‘ভাৰ্যা’, ‘দাৰ’ আৰু ‘কলত্ৰ’ শব্দই তিৰোতাক বুজায়, কিন্তু লিংগৰ ফালৰ পৰা অকল ‘ভার্যা’ শব্দহে স্ত্রীলিংগ, বাকী ‘দাৰ’ আৰু ‘কলত্ৰ’ যথাক্রমে পুংলিংগ আৰু ক্লীৱলিংগ।
একে অৰ্থ বুজাবলৈ অৰ্থ, আকৃতি আৰু প্ৰত্যয়ৰ সংযোগ অনুযায়ী তিনিটা সুকীয়া শব্দৰ ব্যৱহাৰ সংস্কৃত লিংগৰ অন্যতম বিশেষ বৈশিষ্ট্য। মুঠতে সংস্কৃতৰ লিংগ নহয়, বৰং ব্যাকৰণ ভিত্তিকহে। ব্যাকৰণৰ নিয়মৰ আধাৰত প্ৰয়োগ বৈশিষ্ট্যৰ জৰিয়তেহে সংস্কৃতত লিংগ নিৰূপণ কৰা হয়। সংস্কৃত ব্যাকৰণত পুংলিংগ, স্ত্রীলিংগ আৰু ক্লীৱলিংগ শব্দ সম্বন্ধ বিশেষ নীতি-নির্দেশনা দিয়া আছে। এনে নিদের্শনাৰ মূল আধাৰ হৈছে তিনিটা — শব্দৰ অৰ্থ, শব্দৰ গঠন বা আকৃতি আৰু শব্দটোত যোগ হোৱা প্রত্যয়।
শব্দৰ অৰ্থ দেৱতা বুজোৱা (সুৰ, ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ আদি), সূর্য বুজোৱা (সূর্য, ৰবি, ভাস্কৰ আদি), মেঘ বুজোৱা (মেঘ, জলধৰ আদি) শব্দবোৰক পুংলিংগসূচক শব্দ বুলি ধৰা হয়। তেনেদৰে ভূবাচক (ভূ, ধৰিত্ৰী আদি), নদীবাচক (নদী, সৰিৎ), নিশাবাচক (নিশা, ৰাত্রি, যামিনী), লতাবাচক – (লতা, ৱল্লী আদি) শব্দ স্ত্রীলিংগ। আকৌ, মুখ, নয়ন, লৌহ, মাংস, বস্ত্র, অন্নবাচক, নক্ষত্রবাচক শব্দবোৰ অৰ্থৰ ফালৰ পৰা ক্লীৱলিংগ।
গঠন বা আকৃতি অনুযায়ী শব্দৰ শেষত ক, ষ, ণ, ভ, ম, ৰ থকা শব্দবোৰ (কাক, তুষ, পাষাণ, সোম, হৰ আদি) পুংলিংগ সূচক। আনহাতে, আ-কাৰান্ত, উ-কাৰান্ত, ঈ-কাৰান্ত শব্দবোৰ সাধাৰণতে স্ত্রীলিংগবাচক। তদুপৰি বিংশতিৰ পৰা নৱতি পর্যন্ত সংখ্যাবাচক শব্দবোৰ আৰু প্রতিপদ, দ্বিতীয়া আদি তিথিবাচক শব্দবোৰো স্ত্রীলিংগসূচক। সাধাৰণতে শত, সহস্র, অযুত, লক্ষ, নিযুত আদি শব্দ ক্লীৱলিংগ। আকৌ অস্, ইস্ আৰু অন্ ভাগান্ত শব্দবোৰ ক্লীৱলিংগ। তেনেদৰে অন্ত্য ম্-কাৰ যুক্ত শব্দবোৰ (কাৰণম্, তৃণম্, শৰীৰম, শৰণম্, আদি) ক্লীৱলিংগ।
শব্দৰ শেষত যোগ হোৱা প্রত্যয় অনুসাৰে ঘঞ্ (নাশ, পাছ আদি), অল্ (ভৱ, গ্রহ, দ্রোহ আদি), ণঙ্ (যত্ন, প্রশ্ন, যজ্ঞ আদি) আৰু ইমন্ (মহিমা, নীলিমা আদি) প্রত্যয়ান্ত শব্দবোৰ পুংলিংগ। আকৌ সংস্কৃত স্ত্রী প্রত্যয় আপ, ঙষি, ঙীপ যুক্ত শব্দবোৰ (অজা, অশ্বা, কর্ত্রী, ৰাজ্ঞী আদি) সদায়ে স্ত্রীলিংগসূচক। সেয়ে হ’লেও, ক্তিন্ প্রত্যয়ান্ত শব্দ মুক্তি, প্রীতি, গতি আদি, ভাৱবাচ্যৰ ক্বিপ্ প্রত্যয়ান্ত শৰু আপত্, বিপত্ আদি; তল প্রত্যায়ান্ত শব্দ শুক্লতা, পটুতা, নম্রতা আদিও স্ত্রীলিংগৰ ভিতৰৱা শব্দ। একেদৰে ভাৱবাচ্যৰ ক্ত প্রত্যয়ান্ত শব্দবোৰ (হসিতম্, পতম), তব্য, অনীয়, ণাৎ, প্রত্যয়ান্ত শব্দবোৰ (গন্তৱাম, গময়ীয়ম, নেয়ম, দেয়ম্ আদি) ক্লীৱলিংগ।
সংস্কৃত তিনিওটা লিংগ পালি-প্রাকৃত-অপভ্ৰংশত ৰক্ষিত হ’ল যদিও সংস্কৃতৰ ব্যাকৰণগত লিংগৰ বৈশিষ্ট্য এই স্তৰত লোপ পালে। সংস্কৃতত অর্থানুযায়ী শব্দৰ গঠন বা আকৃতি অনুযায়ী আৰু সংযোগ হোৱা প্ৰত্যয় অনুযায়ী লিংগ নির্ণয়ৰ যি নিয়ম আছিল, সেই নিয়ম পালি-প্রাকৃত অপভ্রংশত বহুলাংশে ৰক্ষিত হয় যদিও সিবোৰৰ ভালেমান পৰিৱৰ্তনো ঘটিল। তাৰ ঠাইত লিংগ নির্ণয়ৰ কিছুমান নতুন নিয়মে দেখা দিলে। পুংলিংগবাচক শব্দত স্ত্রী প্রত্যয় সংযোগ কৰি স্ত্রীলিংগ কৰা আৰু অনুস্বাৰ যোগ দি ক্লীৱলিংগবাচক শব্দ গঠন কৰাৰ নিয়ম প্রচলিত হ’ল।পালি-প্রাকৃত-অপভ্ৰংশত সংস্কৃতৰ পুংলিংগ শব্দ ক্লীৱলিংগ হ’ল। তেনেদৰে ক্লীৱলিংগবাচক শব্দ পুংলিংগ হ’ল। উদাহৰণস্বৰূপে, ‘অগ্নি’শব্দ সংস্কৃতত পুংলিংগ, কিন্তু প্ৰাকৃতত ক্লীৱলিংগ। আকৌ ‘বৃক্ষ’সংস্কৃতত ক্লীৱলিংগ শব্দ, কিন্তু প্ৰাকৃতত ই’ব্ৰছা’ বা ‘ৰুক্ষ’ হৈ পুংলিংগলৈ পৰিৱৰ্তিত হ’ল।
সংস্কৃতত তিনিওটা লিংগৰ ৰূপ সুকীয়া সুকীয়া। কিন্তু পালি-প্রাকৃত-অপভ্ৰংশত পুংলিংগ আৰু ক্লীৱলিংগ শব্দৰ ৰূপ কৰ্তা আৰু কৰ্ম কাৰকৰ বাহিৰে সকলোতে একে হ’ল। গতিকে সংস্কৃতৰ লিংগভিত্তিক শব্দৰূপৰ বৈচিত্ৰ্য পালি-প্রাকৃত-অপভ্ৰংশত সৰলীকৃত হৈ মুখ্যতঃ পুংলিংগ আৰু স্ত্রীলিংগ এই দুই প্রকাৰৰ লিংগত পৰিণত হ’ল।
৩। কাৰক কি? সংস্কৃতত কাৰক কেইবিধ? এইবোৰত কি কি বিভক্তি লগ লাগে বুজাই লিখা। পালি-প্ৰাকৃতত সংস্কৃতত কাৰকৰ কেনেধৰণৰ পৰিৱৰ্তন সাধিত হৈছে বিচাৰ কৰা।
উত্তৰঃ ক্ৰিয়াৰ সৈতে বিভক্তিযুক্ত নামশব্দৰ সম্বন্ধ বা অন্বয় সাধনকে কাৰক বোলে। আন কথাত বাক্যত ব্যৱহাৰ হওঁতে বিভক্তিযুক্ত নামশব্দৰ ক্রিয়াপদৰ সৈতে যি সম্বন্ধ স্থাপিত হয়। তাৰ নামেই কাৰক।
সংস্কৃত ব্যাকৰণত ‘ক্রিয়ান্বায়ি কাৰকম্’ বুলি কাৰকৰ যি সংজ্ঞা দিয়া হৈছে তাৰ পৰা বুজা যায় যে ক্ৰিয়াৰ সৈতে সম্পৰ্ক ঘটা পদবোৰৰহে কাৰকৰ মৰ্যাদা আছে, ক্ৰিয়াৰ বাহিৰে অন্য পদৰ লগত সম্বন্ধ বুজোৱা শব্দক (পদক) কাৰক বোলা নহয়। সেয়া হ’লেও, প্রচলিত সংস্কৃত ব্যাকৰণবোৰত শব্দৰূপৰ প্ৰসঙ্গত সম্বন্ধপদ আৰু সম্বোধন পদকো কাৰক আখ্যা দি মুঠ আঠোটা কাৰকৰ আলোচনা কৰা হৈছে। কিন্তু সূত্ৰ অনুসাৰে ক্ৰিয়াৰ সৈতে নামপদৰ সম্পৰ্ক নঘটা হেতুকে সম্বন্ধপদ আৰু সম্বোধন পদতো ক্ৰিয়াৰ সৈতে নামপদৰ পোনপটীয়া সম্পর্ক নঘটে। সম্বন্ধ পদত ষষ্ঠী বিভক্তিৰ চিন লগ লাগে। আকৌ সম্বোধন পদৰো সম্বন্ধ পদৰ দৰে তিনিটা বচন অনুযায়ী ৰূপ হয়। অৱশ্যে সম্বোধন পদৰ বাবে সংস্কৃতত কোনো সুকীয়া বিভক্তি নাই, প্ৰথমাৰ দ্বিবচন আৰু বহুবচনৰ বিভক্তিয়ে সম্বোধনতো ব্যৱহাৰ হয়। মাত্র একবচনত কোনো কোনো শব্দৰ সুকীয়া আকাৰ লক্ষ্য কৰা যায়। এইফালৰ পৰা সম্বোধন পদ বিভক্তিক প্ৰথমা বিভক্তিৰে এক বিশেষ ৰূপ বুলিব পাৰি।
সংস্কৃত ভাষাত যথাৰ্থ কাৰক ছটা— কৰ্তা, কৰ্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ। আনহাতে বিভক্তিৰ সংখ্যা সাতোটা — প্রথমা, দ্বিতীয়া, তৃতীয়া, চতুর্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। কাৰোবাৰ লগত সম্বন্ধ বুজাবলৈ অথবা দুটা নামশব্দৰ পাৰস্পৰিক সম্বন্ধৰ অৰ্থ জ্ঞাপন কৰিবলৈ সম্বন্ধ পদ হয় আৰু সম্বন্ধ পদত ষষ্ঠী বিভক্তি যোগ হয়। কিন্তু সম্বন্ধ পদৰ সৈতে ক্রিয়াপদৰ সম্পৰ্ক নঘটে বাবে তাক কাৰক বুলি ধৰা নহয়। সম্বন্ধ কাৰকৰূপে গণ্য কৰিলে কাৰকৰ সংখ্যা হয় সাতোটা।
যি প্রধানভাৱে কোনো কাম কৰে বা যিয়ে ক্রিয়া সম্পাদন কৰে সি কৰ্তা কাৰক আৰু কৰ্তা কাৰকত প্ৰথমা বিভক্তি লগ লাগে। কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰি পূৰ্ণতা লাভ কৰে, তাৰ নাম কৰ্ম কাৰক, কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। কৰ্তাই যাৰ দ্বাৰা বা যিহৰ সহায়ত ক্ৰিয়া সম্পাদন কৰে তাৰ নামকৰণ কাৰক, এই কাৰকত তৃতীয়া বিভক্তি যোগ হয়। কোনো বস্তুৰ স্বত্ব ত্যাগ কৰি কাৰোবাক দান কৰা বুজালে সম্প্ৰদান কাৰক হয়, সম্প্রদান কাৰকত চতুর্থী বিভক্তি যোগ হয়। যাৰ পৰা পৃথক, বিশ্লেষ, আৰম্ভ, উৎপন্ন হয়, তাৰ নাম অপাদান কাৰক। অপাদান কাৰকত পঞ্চমী বিভক্তিৰ সংযোগ ঘটে। স্থান, কাল, পাত্ৰ আদি যিহৰ আধাৰত ক্ৰিয়া সম্পাদিত হয়, তাৰ নাম অধিকৰণ কাৰক, অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। কাৰোবাৰ সৈতে সম্বন্ধ বুজাবলৈ বা দুটা নাম শব্দৰ লগত পাৰস্পৰিক সম্পৰ্ক বুজোৱাক সম্বন্ধ পদ বোলে। সেইবাবে সম্বন্ধ পদক কাৰকৰ শাৰীত ধৰা নহয়। কিন্তু এই পদ বুজাবলৈ ষষ্ঠী বিভক্তিৰ প্ৰয়োগ হয়।
তলত অ-কাৰান্ত ‘গজ’শব্দত কাৰক অনুসাৰে যোগ হোৱা শব্দ বিভক্তিৰ প্ৰয়োগৰ তালিকা দাঙি ধৰা হ’ল—
একোটা বিভক্তিৰে ভিন ভিন্ন কাৰকৰ অৰ্থ প্ৰকাশ কৰাটো পালি-প্রাকৃত-অপভ্ৰংশৰ শব্দৰূপৰ আন এক বিশেষত্ব। উদাহৰণস্বৰূপে – এই স্তৰত সম্প্ৰদান কাৰক আৰু সম্বন্ধ পদৰ এক বচনৰ বিভক্তিৰ পাৰ্থক্য নোহোৱা হ’ল। সেইদৰে কাৰণ আৰু অপাদান কাৰকৰ বহুবচনত বিভক্তিৰ ভিন্নতা লোপ পালে। আকৌ স্ত্রীলিংগবাচক বিশেষ্য শব্দৰ একবচনত কৰণৰ পৰা অধিকৰণ কাৰক পর্যন্ত একে বিভক্তি যোগ হ’বলৈ ল’লে। অপভ্রংশ স্তৰত এই বৈশিষ্ট্য অধিক প্ৰকট হৈ দেখা দিলে। প্ৰাকৃত স্তৰত সি একাকাৰ হৈ এটা কাৰকৰ দৰে হ’ল আৰু বিভক্তিহীনতা বা শূন্য বিভক্তি এই কাৰকৰ ঘাই বৈশিষ্ট্য হৈ পৰিল। কাৰণ কাৰক অধিকৰণ কাৰকৰ পাৰ্থক্য বিলুপ্ত হ’ল। এনেদৰে বিভিন্ন কাৰক একাকাৰ হৈ পৰাৰ ফলত অপভ্রংশ স্তৰত কাৰকৰ মুখ্য শ্ৰেণী মাত্ৰ তিনিটাহে পোৱা গ’ল — কর্তা, কর্ম, কৰণ-অধিকৰণ আৰু সম্প্রদান-অপাদান- সম্বন্ধ। অপভ্রংশ স্তৰত দেখা দিয়া কাৰকত এনে বৈশিষ্ট্যৰ পৰাই নব্য ভাৰতীয় আর্যভাষাসমূহত নতুন কাৰক পদ্ধতি গঢ় লৈ উঠিল।
৪। সংস্কৃত শব্দ বিভক্তিক কিয় সুপ্ বিভক্তি বোলা হয়? সংস্কৃত সুপ্ত বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ বিভক্তি হ’ল এক বা একাধিক ধ্বনিৰে গঠিত একোটাহঁত ক্ষুদ্র ক্ষুদ্র বা প্রকৃতি। এই ৰূপবোৰ প্ৰাকৃতি বা মূল (ধাতু) ৰ লগত নাহবা শব্দমূল বা প্রাতিপাদিকৰ পিছত বহি বাক্যত প্ৰয়োগ হোৱা বিভিন্ন পদৰ মাজত সংগতি স্থাপন কৰি বাক্য অৰ্থপূৰ্ণ কৰি তোলে।
প্রকৃতি বা মূলৰ পিছত লগ লগা বিভক্তিবোৰ ক্ৰিয়া বিভক্তি বা আৰু শব্দমূল বা প্রাতিপাদিকৰ পিছত সংযোগ হোৱা বিভক্তিবোৰ কাৰক বিভক্তি বা শব্দ বিভক্তি। প্রাতিপাদিকৰ পিছত যোগ হোৱা বিভক্তিক নাম বিভক্তি বা কাৰক বিভক্তি বা শব্দ বিভক্তি বোলা হয় যদিও সংস্কৃতত এনে বিভক্তিক ‘সুপ্ বিভক্তি’ আখ্যা দিয়া হৈছে। বিভক্তিসমূহৰ প্ৰথমটো আদি বৰ্ণ সু আৰু শেষৰটোৰ অন্তিম বর্ণ প্ হোৱা হেতুকে এইবোৰক ‘সুপ্ বিভক্তি’ বোলে।
সংস্কৃতত সম্বন্ধপদক ধৰিলে কাৰকৰ সংখ্যা সাতটা আৰু বচনৰ সংখ্যা তিনিটা। গতিকে সাতোটা কাৰক আৰু প্ৰতিটোৰে তিনিটাকৈ বচনত সুপ্ বিভক্তিৰ সংখ্যা মুঠ একৈশটা। এই বিভক্তিবোৰে এহাতে কাৰকৰ ভাব প্ৰকাশ কৰে আৰু আনহাতে বচন বা সংখ্যাৰ ধাৰণা দিয়ে।
তলত এখন তালিকা দাঙি ধৰা হ’লঃ
৫। সংস্কৃত শব্দৰূপৰ বৈচিত্ৰ্য পালি-প্রাকৃত-অপভ্রংশ কেনেদৰে পৰিবৰ্তন হৈছে?
উত্তৰঃ সংস্কৃত ভাষাৰ শব্দৰূপৰ যি জটিলতা আছিল পালি-প্রাকৃত-অপভ্ৰংশত সেই জটিলতা হ্রাস হৈ ভালেখিনি সৰল হৈ পৰিছে। তলত সেইসমূহ উল্লেখ কৰা হ’ল―
(ক) সংস্কৃতৰ বিভিন্ন পদ বিভক্তি পালি-প্রাকৃত-অপভ্রংশত সলনি হৈ একাকাৰ হৈ পৰিল।
(খ) সংস্কৃতত কাৰক আৰু বচন অনুসাৰে যিবোৰ শব্দ বিভক্তিৰ প্ৰয়োগ হৈছিল সেইবোৰৰ কোনো বিকল্প ৰূপ পোৱা নাযায়। পালি-প্রাকৃত অপভ্রংশত বিকল্প বিভক্তিৰ প্ৰয়োগ হয়, বিশেষকৈ অপভ্রংশ স্তৰত এনে বিকল্প বিভক্তিৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পালে।
(গ) সংস্কৃত ভাষাত কাৰকৰ অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত কোনো অনুসৰ্গৰ প্ৰয়োগ পাবলৈ নাই। পালি-প্রাকৃতত কিন্তু নতুন বিভক্তিৰ উপৰি অনুসৰ্গৰ জৰিয়তে কাৰকৰ অৰ্থ প্ৰকাশ কৰাৰ ৰীতিৰ আৱিৰ্ভাব ঘটিল।
(ঘ) সংস্কৃতত বচন তিনিটা হ’ল- একবচন, দ্বিবাচন আৰু বহুবচন। পালি-প্রাকৃত অপভ্ৰংশত দ্বিবচন লুপ্ত হ’ল আৰু তাৰ ঠাইত বহুবচনৰ ব্যৱহাৰ হ’বলৈ ল’লে।
(ঙ) সংস্কৃতৰ লিংগভেদে হোৱা ভিন্ ভিন্ শব্দৰপৰ জটিলতা নোহোৱা হৈ পালি-প্রাকৃত অপভ্ৰংশত প্রায় সকলো শব্দ পুংলিংগৰ দৰে ৰূপ হ’বলৈ ল’লে।
(চ) পালি-প্ৰাকৃতত সকলো শব্দ অ-কাৰান্তৰ দৰে ৰূপ হ’বলৈ লোৱাত গঠন আৰু আকৃতি।অনুসাৰে হোৱা সংস্কৃতীয়া শব্দৰূপৰ বৈচিত্র্য লোপ পালে।
(ছ) বিভক্তিৰ একাকাৰৰ প্ৰৱণতাৰ ফলত পালি-প্ৰাকৃত অপভ্ৰংশত কাৰকেও প্রায় ক্ষেত্রতে সমৰূপতা লাভ কৰিলে।
(জ) পালি-প্রাকৃত-অপভ্ৰংশত বিকল্প বিভক্তিৰ প্ৰয়োগৰ ফলত একেই পদ ভিন্ন ভিন্ন ৰূপত প্রয়োগ হ’ল।
(ঝ) প্ৰাকৃতৰ অন্তিম স্তৰত তথা অপভ্রংশ স্তৰত কাৰকৰ অৰ্থ প্ৰকাশত অনুসর্গৰ প্ৰয়োগ বৃদ্ধি পালে আৰু বিভক্তিহীনতা বা শূন্য বিভক্তিৰ প্ৰয়োগ হ’বলৈ ল’লে।
(গ) ধাতুৰূপ
অতি চমু প্রশ্নোত্তৰঃ
১। ধাতু কাক বোলে?
উত্তৰঃ ক্ৰিয়াৰ মূলক ধাতু বোলে।
২। সংস্কৃত তিঙ বিভক্তিৰ কেইটা পুৰুষ পোৱা যায়?
উত্তৰঃ সংস্কৃতৰ তিঙ বিভক্তিৰ তিনিটাকৈ পুৰুষ পোৱা যায়— প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ।
৩। “অস্মদ্” মানে কি?
উত্তৰঃ ‘অস্মদ্’শব্দই উত্তম পুৰুষক বুজায়।
৪। ‘সুষ্মদ্’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘সুষ্মদ্’ শব্দই মধ্যম পুৰুষক বুজায়।
৫। সংস্কৃতত সৰ্বমুঠ কেইটা ল-কাৰ পোৱা যায়?
উত্তৰঃ সংস্কৃতত সৰ্বমুঠ দহটা ল-কাৰ পোৱা যায়। (কাল বা সময় বুজাবলৈ ছয়টা আৰু ভাৱ প্ৰকাশ কৰিবলৈ চাৰিটা)।
৬। সংস্কৃত ল-কাৰসমূহক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত। যেনে— কালজ্ঞাপক আৰু ভাবজ্ঞাপক।
৭। সংস্কৃত তিঙ্ বিভক্তিবোৰক কিয় ল-কাৰ বোলা হৈছিল?
উত্তৰঃ সংস্কৃতৰ তিঙ্ বিভক্তিবোৰৰ প্ৰতিটোৰ সৈতে ‘ল’ থকাৰ কাৰণে তিঙ্ বিভক্তিবোৰক ‘ল’ কাৰ বুলি কোৱা হৈছে।
৮। ধাতুৰ বৈবিধৰ ওপৰত ভিত্তি কৰি সংস্কৃত ধাতুৰূপক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ তিনি ভাগত ভাগ কৰা হৈছে। যেনে- পৰস্মৈপদী, আত্মনেপদী আৰু উভয়পদী।
৯। সংস্কৃতৰ ‘গণ’ ধাতুবোৰক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে। যেনে— অ-বিকৰণযুক্ত শ্ৰেণী, অ-ভিন্ন বিকৰণযুক্ত শ্রেণী।
১০। পালি ভাষাত পুৰুষ কেইটা?
উত্তৰঃ তিনিটা। প্ৰথম, মধ্যম আৰু উত্তম পুৰুষ।
১১। প্রাকৃত ভাষাত ধাতুৰ কেইটা গণ পোৱা গৈছে?
উত্তৰঃ প্ৰাকৃত ভাষাত ধাতুৰ তিনিটা গণ পোৱা গৈছে। যেনে— অ-গণ, এ-গণ আৰু অন্যান্য গণ।
১২। সংস্কৃতৰ গৌণ ধাতুৰূপত ক্রিয়াপদবোৰৰ কেইটা ৰূপ পোৱা যায় আৰু কি কি?
উত্তৰঃ দুটা। সমাপিকা আৰু অসমাপিকা।
১৩। সমাপিকা ক্ৰিয়াৰ গৌণ ধাতবোৰ কি কি?
উত্তৰঃ সনত্ত বা ইচ্ছার্থক, য়ঙন্ত, ণিজন্ত ধাতু, নামধাতু আৰু কৰ্মবাচ্য।
১৪। অসমাপিকা ক্ৰিয়াৰ গৌণ ধাতুবোৰ কি কি?
উত্তৰঃ তুমুণন্ত বা নিমিত্তাৰ্থক অসমাপিকা, কৃদন্ত আৰু পূর্বকালিক অসমাপিকা।
চমু প্রশ্নোত্তৰঃ
১। ধাতুৰূপ কাক বোলে?
উত্তৰঃ শব্দৰ মূল বা আন কথাত ধাতু শব্দত ক্রিয়া বিভক্তি সংযোগ ঘটি বিভিন্ন বচন, পুৰুষ, কাল আৰু ভাৱ অনুসাৰে ৰূপ হৈ কোনো কাৰ্য কৰা বা হোৱাৰ অৰ্থ নিৰূপক কৰাকে ধাতুৰূপ বোলা হয়।
২। সংস্কৃতত ধাতুৰূপক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ সংস্কৃতত ধাতুৰাপক দুটা ভাগত ভাগ কৰিছে। যেনে— মুখ্য ধাতুৰূপ আৰু সাধিত বা গৌণ ধাতুৰূপ।
৩। সংস্কৃতত ক্রিয়াপদ কিদৰে গঠন কৰা হয়?
উত্তৰঃ সংস্কৃতত ক্রিয়াপদ দুইধৰণে গঠন কৰা হয়। যেনে—
(ক) দাতুৰ পিছত তিঙ বিভক্তি যোগ কৰি।
(খ) ধাতুৰ পিছত-ক্তৱতু, -ক্ত, ত্বাচ-ল্যপ্, শতৃ, শানচ্ আদি কৃৎ প্রত্যয় সংযোগ কৰি।
৪। কাল অনুসৰি সংস্কৃত তিঙ বিভক্তিক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ কাল অনুসৰি সংস্কৃত ভাষাত তিঙ বিভক্তিক ছটা ভাগত ভাগ কৰা হৈছে। যেনে— লট্ লঙ্, লুঙ্, লিট্ লৃট, লুট।
৫। ভাৱ অনুসৰি সংস্কৃত টিঙ বিভক্তিক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ ভাৱ অনুসৰি সংস্কৃত তি বিভক্তিক চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে— লোট, লুঙ্, বিধিলিঙ্, আশীলিঙ্
৬। সংস্কৃত ল-কাৰসমূহৰ কাম কি?
উত্তৰঃ ল-কাৰসমূহ একে সময়তে সময় জ্ঞাপক আৰু ভাৱ জ্ঞাপক। অর্থাৎ ল-কাৰবোৰে এহাতে কোনো কাম কৰা বা হোৱাৰ সময়ৰ আভাস দিয়ে আৰু আন্তুহাতে বক্তাৰ মানসিক ভংগী, যথা আদেশ, অনুৰোধ, আশীর্বাদ আদি ভাব প্রকাশ কৰে। এইফালৰ পৰা ল-কাৰবোৰে ব্যাকৰণৰ ধাৰণাত একেলগে কাল আৰু ভাৱৰ অৰ্থ প্ৰকাশ কৰে।
৭। সংস্কৃতত ‘গণ’ বুলিলে কি বুজা?
উত্তৰঃ সংস্কৃত ভাষাত ধাতু শব্দবোৰত তিঙ্ বিভক্তি যোগ হোৱাৰ লগে লগে ধাতুবোৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনৰ ধৰণৰ প্ৰতি লক্ষ্য ৰাখি এটা শৃংখলা আনিবৰ বাবে সংস্কৃতৰ আটাইবোৰ ধাতুক একোটাহঁত শ্ৰেণীত বিভক্ত কৰা হৈছে। এনে একোটা শ্রেণীক ‘গণ’ বোলা হৈছে।
৮। সংস্কৃত ‘গণ’ ৰ মুঠ সংখ্যা কেইটা আৰু কি কি?
উত্তৰঃ সংস্কৃত ‘গণ’ ৰ মুঠ সংখ্যা দহটা। যেনে— ভ্বাদি, অদাদি, হবাদি। জুহোত্যাদি, দিৱাদি, স্বাদি, তুদাদি, ৰুথাদি, তনাদি, ক্র্যাদি আৰু চুৰাদি।
৯। অ-বিকৰণযুক্ত শ্রেণী কি?
উত্তৰঃ যিবোৰ গণৰ ধাতুৰ ৰূপ সাধনত ধাতু আৰু বিভক্তিৰ মাজত ‘অ’ বিকৰণ হিচাপে যোগ হয় বা আন কথাত অ-বিকৰণৰ আগম হয়, সেইবোৰক অ-বিকৰণযুক্ত শ্ৰেণীত ধৰা হয়। ভ্বাদি, তুদাদি, দিৱাদি,চপৰাদি গণ অ-বিকৰণযুক্ত অন্তর্গত।
১০। অ-ভিন্ন বিকৰণ শ্ৰেণী কি?
উত্তৰঃ যিবোৰত অ-ৰ বাহিৰে অন্য শ্বৰ বা ব্যঞ্জনৰ আগম হয়, সেইবোৰক অ-ভিন্ন বিবৰণযুক্ত শ্ৰেণী আখ্যা দিয়া হৈছে। অদাদি, হবাদী, ৰুধাদি, ক্র্যাদি, স্বাদি, তনাদি গণ অ-ভিন্ন বিকৰণ শ্ৰেণীৰ অন্তৰ্গত।
১১। বিকৰণ অনুযায়ী অ-বিকৰণযুক্ত শ্ৰেণীৰ ধাতুক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে –
(ক) শ্বাসাঘাতযুক্ত অ-শ্রেণী।
(খ) শ্বাসাঘাতবিহীন অ-শ্রেণী।
(গ) য়-শ্রেণী।
(ঘ) অয়-শ্রেণী।
১২। অ-ভিন্ন বিকৰণ শ্ৰেণীৰ ধাতুক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে। যেনে—
(ক) ধাতু শ্রেণী।
(খ) দ্বিত্ব আৰু দ্বিৰুক্ত শ্ৰেণী।
(গ) মধ্যৱর্তী নাসিক্য শ্ৰেণী।
(ঘ) না-শ্রেণী।
(ঙ) নু-শ্রেণী।
(চ) উ-শ্রেণী।
১৩। পালি ভাষাত ধাতুৰ কেইটা গণ পোৱা গৈছে আৰু কি কি?
উত্তৰঃ সাতোটা। যেনে— ভূৱদি (ভ্বাদি), ৰুধদি (ৰুধাদি), দিৱদি (দিৱাদি), সনদি (স্বাদি), কিয়দি (ক্র্যাদি), তনদি (তনাদি), চুৰনি (চুৰাদি)।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। ধাতু আৰু ধাতুৰূপ কি? সংস্কৃত ধাতুবোৰক প্ৰধানকৈ কেইভাগত ভাগ কৰা হৈছে, আলোচনা কৰা।
উত্তৰঃ ক্ৰিয়াৰ মুলকে ধাতু বোলা হয়। অর্থাৎ শব্দৰ মূল বা আন কথাত ধাতু শব্দত ক্রিয়া বিভক্তিৰ সংযোগ ঘটি বিভিন্ন বচন, পুৰুষ, কাল আৰু ভাব অনুসাৰে ৰূপ হৈ কোনো কাৰ্য কৰা বা হোৱাৰ অৰ্থ নিৰূপণ কৰাকে ধাতুৰূপ বোলা হয়। আন কথাত ক’বলৈ গ’লে ধাতু শব্দত ক্রিয়া বিভক্তি যোগ হৈ ক্ৰিয়া শব্দৰ ৰূপ সৃষ্টি আৰু সিবোৰৰ ব্যৱহাৰ নিৰ্দেশ কৰাই হৈছে ‘ধাতুৰূপ’।
ধাতু শব্দত বিভক্তিৰ সংযোগৰ ধৰণলৈ লক্ষ্য কৰি সংস্কৃত ধাতুৰূপক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে— মুখ্য ধাতুৰূপ (Primary conjugation) আৰু সাধিত বা গৌণ ধাতুৰূপ (Secondary conjugation)। সংস্কৃতত সাধাৰণতে দুই ধৰণে ক্রিয়াপদ গঠন কৰা হয়—
(ক) ধাতুৰ পিছত তিঙ বিভক্তি যোগ কৰি। আৰু
(খ) ধাতুৰ পিছত -ক্তৱতু “ক্ত,-ত্বাচ, ল্যপ, শতৃ- শানচ্ আদি কৃৎ প্রত্যয় সংযোগ কৰি।
ইয়াৰে প্ৰথমটোক মুখ্য ধাতু আৰু দ্বিতীয়টোক গৌণ ধাতু বোলা হয়। এই দুই প্ৰকাৰৰ ধাতুৰূপৰ ভিতৰত তিঙ্ বিভক্তিয়ে প্রধান। তিঙ্ বিভক্তিসমূহকে সংস্কৃতত ক্রিয়া বিভক্তি আখ্যা দিয়া গৈছে। উল্লেখনীয় যে তিঙ্ বিভক্তিৰ প্ৰথমটো ‘তি’ আৰু শেষৰটো ‘মহিঙ্’। গতিকে প্ৰথমৰ ‘তি’ আৰু শেষৰ ‘মহিঙ্’ – ৰ, ঙ্-ক লৈ দুয়োটা মিলাই তিঙ বা আন কথাত ক্রিয়া বিভক্তি সংযোগিত হৈ একোটাহঁত সমাপিকা ক্রিয়া (Finite verb) গঠিত হয়। ধাতুৰ পিছত ক্তৱতু, -ক্ত, – ত্বাচ – ল্যপ্, শতৃ- শানচ্ আদি কৃৎ প্রত্যয় যোগ হৈ কোনো কোনো ক্ষেত্ৰত সমাপিকা ক্ৰিয়াৰ ৰূপ ল’লেও, প্রায় ক্ষেত্রতে এই প্রত্যয়বোৰৰ সংযোগত কৃদন্ত অসমাপিকাৰ ৰূপ লোৱা দেখা যায়। এনে ৰূপ সাধাৰণতে বিশেষণৰূপে প্রয়োগ হয়। সেইবাবে সংস্কৃতত তিঙ বিভক্তিকহে প্রকৃত ক্রিয়া বিভক্তিৰ মৰ্যাদা দিয়া হয়।
২৷ সংস্কৃত ধাতুবোৰক কেইটা গণত বিভক্ত কৰা হৈছে? এই গণ বিভাজনৰ মূল ভিত্তি কি?
উত্তৰঃ সংস্কৃত ভাষাত ধাতুশব্দবোৰত তিঙ বিভক্তি যোগ হোৱাৰ লগে লগে ধাতুবোৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনৰ ধৰণৰ প্ৰতি লক্ষ্য ৰাখি এটা শৃংখলা আনিবৰ বাবে সংস্কৃতৰ আটাইবোৰ ধাতুক একোটাহঁত শ্রেণী বিভক্ত কৰা হৈছে। এনে একোটা শ্ৰেণীক ‘গণ’ বোলা হৈছে। সংস্কৃতত এনে ‘গণ’ ৰ সংখ্যা মুঠ দহটা। সেয়ে ইয়াক ‘দশগণ’ ৰূপে অভিহিত কৰা হয়। সংস্কৃতৰ ‘দশগণ’ সম্পৰ্কীয় সূত্রটি এনেধৰণৰ —
ভ্বাদ্যদাদী জুহোত্যাদিৰ্দিৱাদিঃ স্বদিৰেৱচ।
তুদাদিশ্চ কধাদিশ্চ তন-ক্র্যাদি-চুৰাদয়ঃ।
অর্থাৎ, সংস্কৃত ধাতুবোধ ভ্বাদি, অদাদী, হবাদি বা জুহোত্যাদি, দিৱাদি, স্বাদি, তুদাদি, ৰুধাদি, তনাদি, ক্র্যাদি আৰু চুৰাদি এই দহোটা গণত বিভক্ত।
সংস্কৃতত একো একোটা ধাতুৰ সৈতে সেই ধাতুৰ দৰে ৰূপ লোৱা আন আন ধাতুক সেই শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি প্ৰথম ধাতুটোৰ নাম অনুসৰি গণৰ নামাকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে— ‘ভূ’ ধাতুকে ধৰি দা, ধৃ, পঠ্, ভাষ্, কৃষ্, হস্, লভ্, শুভ্, অট্ আদি যিবোৰ ধাতুৰ ৰূপ কৰোঁতে একে ধৰণৰ পৰিৱৰ্তন হয়, সেইবাবে এনে একে ধৰণৰ ৰূপ হোৱা ধাতুবোৰক প্ৰথম ধাতু “ভূ’-ৰ নামানুসাৰে ভ্বাদি-গণীয়ৰূপে নামাকৰণ কৰা হৈছে। আকৌ অদ্’ ধাতুকে ধৰি ৱচ্, হন্, দ্বিষ, মৃজ্ আদি একেধৰণে ৰূপ হোৱা ধাতুবোৰ অদাদি-গণীয়। তেনেদৰে হবাদি গণীয়ৰ প্ৰথম ধাতু হু, দিৱাদি-গণীয়ৰ দিৱ, স্বাদি-গণীয়ৰ সু, তুদাৰিৰ তু, ৰুধাদিৰ ৰুধ, তনাদিৰ তন্, ক্র্যাদিৰ ক্ৰী আৰু চুৰাদিৰ চুৰ ধাতু।
‘গণ’ বিভাজনৰ মূল ভিত্তিঃ সংস্কৃত ধাতুৰ গণ বিভাজন ঘাইকৈ প্ৰতিটো ধাতুৰ ৰূপ কৰোঁতে যোগ হোৱা বিশেষ বিশেষ ‘বিকৰণ’ৰ ওপৰত আধাৰিত। সংস্কৃতৰ এই দহটা গণ অন্তর্ভুক্ত ধাতুবোৰৰ ৰূপ সাধন প্ৰক্ৰিয়াত বিশেষকৈ লট, লোট, লঙ আৰু বিধিলিঙত বিভক্তিৰ সংযোগ ঘটিলে ধাতু আৰু ভিন্ন বিভক্তিৰ মাজত একোটা বিশেষ বৰ্ণৰ আগম হয়। ইয়াৰ ফলত নতুন ক্রিয়ামূলৰ সৃষ্টি হয়। এনেদৰে আগম হোৱা বৰ্ণক বিকৰণ বোলা হয়। মুঠতে ক’ব পাৰি যে ধাতুৰ গণ বিভাজনৰ মূল ভিত্তি হৈছে বিকৰণ। দৰাচলতে বিকৰণ হৈছে এবিধ অর্থহীন প্রত্যয়। ধাতুৰ পিছত যোগ হৈ ই কোনো নতুন অর্থ প্রকাশ নকৰে। মাত্ৰ ধাতু আৰু তিঙ বিভক্তিৰ মাজত সোমাই এটা সমাপিকা ক্রিয়াপদ গঠন হোৱাত সহায় কৰে। উদাহৰণস্বৰূপে – √ ৰুধ ধাতুৰ লট -ৰ পৰস্মৈপদীত ৰূপ কৰিলে প্ৰথম পুৰুষ একবচনত হয় ‘ৰুনদ্ধি’। অর্থাৎ ধাতু আৰু বিভক্তিৰ মাজলৈ এটা ‘ন’ৰ আগম হৈছে। সেইদৰে √ চুৰাদি-গণীয় ধাতুৰ ৰূপ কৰিলে ধাতু আৰু তিঙ বিভক্তিৰ মাজত ‘অয়’ বিকৰণৰ আগম হয়, যেনে– চোৰয়তি, তনাদি-গণীয় ধাতুৰ অন্তত ‘উ’ বা ‘অ’ৰ আগম হয়, ক্র্যাদি-গণীয় ধাতুৰ অন্তত ‘না’ আগম হয়। এনেদৰে মূল ধাতুৰ গঠনৰ ওপৰত ভিত্তি কৰি সংস্কৃত ভাষাৰ ধাতুবোৰক দহটা গণত বিভক্ত কৰা হৈছে।
৩। সংস্কৃতৰ তিঙ বিভক্তিবোৰক কিয় ল-কাৰ বোলা হয়? সংস্কৃতৰ ল-কাৰ সমূহৰ বিৱৰণ দাঙি ধৰা। পালি প্ৰাকৃত সংস্কৃতৰ আটাইকেইটা ল-কাৰ ৰক্ষিত হৈছে নে নাই তালিকা সহ বৰ্ণনা কৰা।
উত্তৰঃ কাল আৰু ভাব অনুসৰি সংস্কৃতত ধাতুৰ পিছত তিঙ বিভক্তি যোগ হয়। এই বিভক্তিবোৰক কাল অনুসৰি ছটা আৰু ভাৱ অনুসৰি চাৰিটা, সৰ্বমুঠ দহোটা ভাগত ভগোৱা হৈছে।
কাল অনুসৰিঃ কাল অনুসৰি সংস্কৃত ভাষাত ব্যৱহাৰ হোৱা তিঙ বিভক্তিৰ ছটা ভাগ এনেধৰণৰ ―
(ক) লট্ (বর্তমান বা নির্দেশক বর্তমান, Present or Present Indicative)
(খ) লঙ্ (অনদ্যতন অতীত, Past Perfect)
(গ) লুঙ্ (লুঙ্- সামান্য অতীত, Past Aorist)
(ঘ) লিট্ (পৰোক্ষ অতীত, Past Perfect)
(ঙ) লৃট্ (ভৱিষ্যৎ বা নির্দেশক ভৱিষ্যৎ, Future or Future Indicative)
(চ) লুট্ (অদন্যতম ভবিষ্যৎ, Future Perfect or Periphrastic Future)
ভাব অনুসৰিঃ ভাব অনুসৰি ব্যৱহাৰ হোৱা তিঙ বিভক্তিবোৰৰ চাৰিটা ভাগ নিম্নোক্ত ধৰাণ—
(ক) লোট্ (অনুজ্ঞা, Imperative)।
(খ) লুঙ্ (সম্ভাব্য, Conditional)।
(গ) বিধিলিঙ্ (বিধি বা উচিৎ অর্থ প্রকাশক, Optative)।
(ঘ) আশীর্লিঙ্ (আশীর্বাদসূচক, Benedictive)।
বিধিলিঙ্ আৰু আশীর্লিঙ্ -ৰ ‘বিধি’ আৰু ‘আশী’ অংশ দুটা বাদ দি দুয়োটাক একেলগে ‘লিঙ্’ বুলিও কোৱা হয়। ওপৰত উল্লেখ কৰা সংস্কৃতৰ তিঙ্ বিভক্তিবোৰৰ প্ৰতিটোৰে সৈতে ‘ল’ থকা কাৰণে এইবোৰক ‘ল’-কাৰ বুলি কোৱা হৈছে। অর্থাৎ, সংস্কৃতত ‘ল’-কাৰ মানেই তিঙ্ বিভক্তি। এই ল-কাৰবোৰ একে সময়তে সময় জ্ঞাপক আৰু ভাব জ্ঞাপক। অর্থাৎ ল-কাৰবোৰে এহাতে কোনো কাম কৰা বা হোৱাৰ সময়ৰ আভাস দিয়ে আৰু আনহাতে বক্তাৰ মানসিক ভঙ্গী, যথা আদেশ, অনুৰোধ, আশীৰ্বাদ আদি ভাব প্রকাশ কৰে।
সংস্কৃতৰ ‘ল’- কাৰসমূহঃ সংস্কৃত ভাষাত সময় বা কাল বুজাবলৈ ছটা আৰু ভাব প্রকাশ কৰিবলৈ চাৰিটা, অর্থাৎ সৰ্বমুঠ দহোটা ল-কাৰ আছে। এই দহোটা ল-কাৰৰ বিষয়ে তলত একোটাকৈ বিৱৰণ দাঙি ধৰা হৈছে।
কালজ্ঞাপক ল-কাৰঃ
(ক) লট্ঃ বর্তমান কালৰ ধাৰণা দিবলৈ লট্ বিভক্তিৰ প্ৰয়োগ হয়, যথা— ‘ৰাজা প্রজাঃ পালয়তি’। তদুপৰি ই অনির্দিষ্ট ভাবো বুজায়। আকৌ ইতিহাস আদিত থকা অতীতৰ কথা বুজাবলৈও ‘লট’ প্ৰয়োগ হয়, যেনে— অন্তি তএ ব্রহ্মদত্ত নাম ব্রাহ্মণঃ”। “যাৱৎ’ আৰু ‘পূজা’ শব্দৰ যোগত ভৱিষ্যত বুজাবলৈকো লট্ ব্যৱহাৰ কৰা হয়।
(খ) লঙ্,লুঙ্ আৰু লিট্: অতীত কালৰ ভেদ প্ৰকাশ কৰিবলৈ সংস্কৃতত লঙ্, লুঙ্ আৰু লিট্— এই তিনিটা ল-কাৰ প্ৰয়োগ কাৰ হয়। কথাখিনি এনেদৰে ব্যাখ্যা কৰিব পাৰি—
১। ‘অনদ্যতনে লঙ্’, অর্থাৎ অনদ্যতনে অতীত কালত বা আন কথাত বক্তাই কথাষাৰ কোৱাৰ সময়ৰ পৰা কিছু আগতে ঘটি যোৱা ঘটনাৰ বিৱৰণ দিবলৈ লঙ্ বিভক্তিৰ প্ৰয়োগ হয়।
২। ‘ভূত— সামান্যে লুঙ্’, সামান্য অতীত কাল, অর্থাৎ যি ঘটনা আজিৰ ভিতৰতে ঘটি গৈছে তাক বুজাবৰ বাবে ধাতুৰ পিছত লুঙ্ বিভক্তি সংযোগ কৰা হয়।
৩। ‘ পৰোক্ষে লিট্’, অর্থাৎ যি ঘটনা বহুদিন পূর্বে ঘটি গৈছে, বক্তাই নিজ চকুৰে সেই ঘটনা দেখা নাই, তেনে অতীত বুজাবলৈ ধাতুৰ পিছত লিট্ বিভক্তিৰ প্ৰয়োগ হয়। বক্তাৰ অগোচৰত বহুকাল পূর্বে ঘটা ঘটনা হোৱা হেতুকে ইয়াক ‘পৰোক্ষ অতীত’ আখ্যা দিয়া হৈছে।
বৈদিক ভাষাত লঙ্, লুঙ্, লিট্ এই অতীত কালকেইটাৰ মাজত অর্থগত পাৰ্থক্য ৰক্ষিত হৈছিল, যেনে— ‘স অগচ্ছৎ’ (লঙ্), ‘স অগমৎ’ (লুঙ্), ‘স জগাম’ (লিট)। কিন্তু সংস্কৃতত সেই পার্থক্য লোপ পাই প্রকৃত অতীত বুজোৱা ভাগটোহে ৰ’ল। ‘লিট্ৰ প্ৰয়োগ বৈদিকতহে পোৱা যায়। সংস্কৃতত তাৰ ঠাইত অতীত কৃদন্তৰ -‘ক্ত’ প্রত্যয়ৰ জৰিয়তে ধাতুৰূপ হৈ সম্পন্ন অতীতৰ অৰ্থ প্ৰকাশ কৰিবলৈ ল’লে।
(গ) লৃট্ আৰু লুট্ঃ ধাতুৰ পিছত সাধাৰণ ভবিষ্যৎ বুজাবলৈ অথবা ‘আগলৈ হ’ব — এনে ভাব প্রকাশ কৰিবলৈ লুট্ বিভক্তিৰ প্ৰয়োগ হয়। ভৱিষ্যৎ কাল বুজাবলৈ বৰ্তমান কালৰ দৰে বিভক্তি নাই বাবে ধাতুৰ পিছত স্য-ৰ আগম হয় আৰু তাৰ পিছত বৰ্তমান কালৰ বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে, √ ভূ ধাতুৰ লৃট্-ৰ তিনিওটা বচনত আৰু তিনিওটা পুৰুষত পৰস্মৈপদী ৰূপ এনেধৰণৰ হ’বঃ ভৱিষ্যতি, ভৱিষ্যতঃ, ভৱিষ্যন্তি, ভৱিষ্যসি, ভৱিস্যথঃ, ভৱিষ্যথ, ভৱিষ্যামি, ভৱিষ্যাবঃ, ভৱিষ্যাসঃ। কেতিয়াবা আকৌ ধাতু আৰু বিভক্তিৰ মাজত ‘ই’-ৰ আগম ঘটে, যেনে- √ গম্ + ই + স্য + তি = গমিস্যাতি,√ ভু + ই + স্য + তি = ভৱিষ্যতি ইত্যাদি। ‘অনদ্যতনে লুট্’ অর্থাৎ, ‘আজিৰ পিছত যি ঘটনা হ’ব’ তেনে ঘটনাৰ সময় বুজাবলৈ লুট্ বিভক্তিৰ প্ৰয়োগ হয়। সংস্কৃতত লুট্-ৰ প্ৰয়োগ নিতান্তই সীমিত। ভৱিষ্যৎ কাল বুজাবলৈ সাধাৰণতে লুট্ বিভক্তিহে যোগ হয়।
ভাবজ্ঞাপক ল-কাৰঃ
(ক) লোট্: আদেশ, অনুৰোধ, প্ৰাৰ্থনা, উপদেশ আদি অর্থ বুজাবৰ বাবে লোট্ বিভক্তিৰ প্রয়োগ হয়। ইয়াৰ ব্যৱহাৰ ঘাইকৈ মধ্যম পুৰুষত হয়।
(খ) লুঙ্ঃ ‘এটা ক্রিয়া সম্পাদন হোৱাৰ সময়তে আন এটা ক্ৰিয়া হোৱা সম্ভৱ আছিল’, অর্থাৎ একেটা বাক্যতে এটা ক্ৰিয়াৰ কাম সমাধা হোৱাৰ লগত আন এটা ক্ৰিয়াৰ ফল প্ৰাপ্তিৰ পাৰস্পৰিক সম্পৰ্ক থাকিলে তেনে অর্থ প্রকাশ কৰিবলৈ অতীত আৰু ভৱিষ্যৎ কালত লৃঙ বিভক্তিৰ সংযোগ ঘটে। বৈদিকত ইয়াৰ প্ৰয়োগ পোৱা গ’লেও সংস্কৃতত ইয়াৰ ব্যৱহাৰ নিচেই কম।
(গ) লিঙ্ঃ লিঙ্ বিভক্তিৰ দুটা ভাগ—
১। বিধিলিঙঃ বিধি অর্থাৎ নিয়ম, প্রার্থনা, নিমন্ত্রণ, শক্তি, সামর্থ্য, প্রশ্ন আদি অর্থ প্রকাশ কৰিবলৈ ধাতুৰ পিছত বিধিলিঙ্ বিভক্তি যোগ হয়।
২। আশীলিঙ্ঃ আশীৰ্বাদ অৰ্থ প্ৰকাশ কৰিবলৈ ধাতুৰ পিছত আশীলিঙ্ বিভক্তি প্রয়োগ কৰা হয়।
উল্লেখনীয় যে লোট্, বিধিলিঙ্ আৰু আশীলিঙ্ প্রায় একে পৰ্যায়ৰ ভাবজ্ঞাপক ল-কাৰ। মাত্র এইবোৰৰ বিভক্তিবোৰহে কিছু সুকীয়া।
ওপৰত উল্লেখ কৰা দহ প্ৰকাৰৰ তিঙ্ বিভক্তি আকৌ পৰস্মৈপদ আৰু আত্মনেপদ এই দুটা ভাগত বিভক্ত। এই দুয়োৰে প্ৰতিটোৰে আকৌ একবচন, দ্বিবচন আৰু বহুবচন— এই তিনিটা বচনত ৰূপ লয়। সেইদৰে প্ৰতিটোৰে তিনিটাকৈ পুৰুষ– প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ আছে। গতিকে পৰস্মৈপদ নটা আৰু আত্মনেপদ নটা মিলি মুঠ ওঠৰটা আকৃতি আছে। মুঠ দহোটা ল-কাৰত পৰস্মৈপদ নব্বৈটা আৰু সমসংখ্যক ন-কাৰত আত্মনেপদ নব্বৈটা মিলি সংস্কৃতত সৰ্বমুঠ ক্রিয়া বিভক্তি বা তিঙ্ বিভক্তিৰ সংখ্যা এশ আশীটা। তলত দহ প্ৰকাৰৰ ল-কাৰ বা তিঙ্ বিভক্তিৰ চানেকি হিচাপে লট্-ৰ পৰস্মৈপদী আৰু আত্মনেপদী বিভক্তিবোৰ তালিকা কৰি দেখুওৱা হ’ল—
পালি ভাষাৰ ল-কাৰঃ কাল আৰু ভাব প্রকাশক সংস্কৃতৰ দহোটা ল-কাৰৰ আঠোটা পালিত সংৰক্ষিত হৈছে। সংস্কৃতিৰ লট্, লিট্ লঙ্, লুঙ্ আৰু লৃট্ এই কাল প্রকাশক ল-কাৰকেইটা পালিত যথাক্রমে বৰ্ত্তমানা, পৰোকখ, হিযযতনী, অযযতনী আৰু ভৱিসসন্তি নামেৰে পোৱা যায়। তেনেদৰে লোট, লৃঙ আৰু বিধিলিঙ্— এই ভাৱ প্ৰকাশক ল-কাৰ কেইটা পালিত পঞ্চমী, কালাতিপত্তি আৰু সপ্তমীৰূপে ৰক্ষিত হৈছে। সংস্কৃতৰ কাল প্রকাশক লুট্ আৰু ভাব প্রকাশক আশীলিঙ্ পালিত লুপ্ত হৈছে। লিট্ থাকিলেও তাৰ ব্যৱহাৰ তেনেই কম। সাধাৰণ অতীত কাল বুজোৱা লঙ্ আৰু লুঙ্ -ৰ ভিতৰত লুঙ্ -ৰ ব্যৱহাৰ নিচেই সামান্য। পালিত পোৱা আঠোটা ল-কাৰৰ তিঙ্ বিভক্তিবোৰ সংস্কৃতৰ দৰে পালিতো পৰস্মৈপদ (পৰসস্পদ) আৰু আত্মনেপদ (অত্তনোপদ) হিচাপে ব্যৱহাৰ হৈছিল। অৱশ্যে আত্মনেপদৰ ব্যৱহাৰ তেনেই সীমিত। সংস্কৃতত কর্মভাববাচ্যত আত্মনেপদ হয়, পালিত কিন্তু তেনে ক্ষেত্ৰত আত্মনেপদ আৰু পৰৰ্ম্মৈপদ দুয়োটাই হ’ব পাৰে। আকৌ সংস্কৃতত কেতবোৰ ধাতু অকল পৰস্মৈপদী বা আত্মনেপদী হিচাপে প্রয়োগ হৈছিল। পালিত কিন্তু যিকোনো ধাতু উভয়পদী হিচাপে ৰূপ হোৱা দেখা যায়। উদাহৰণস্বৰূপে সংস্কৃতৰ পৰস্মৈপদী √ ভূ ধাতু পালিত পৰস্মৈপদী আৰু আত্মনেপদ দুয়োটা ৰূপতে পোৱা যায়, যথা ভৱতি আৰু ভৱতো সেইদৰে √ বুধ ধাতু –বুজঝতি আৰু বুজঝতে ৷
পালিত আঠোটা ল-কাৰ বুজাবলৈ ব্যৱহাৰ হোৱা তিঙ্ বিভক্তিবোৰ সংস্কৃতৰ সৈতে একে। অৱশ্যে পালিলৈ আহোতে এনে বিভক্তিৰ কেতবোৰ ধ্বনিগত পৰিৱর্তন লক্ষ্য কৰিব পাৰি। তলৰ তালিকাখনত পালি ভাষাৰ লট্ (বত্তমানা) ৰ পৰস্মৈপদী আৰু আত্মনেপদী বিভক্তিবোৰ দেখুওৱা হৈছে—
লট্ — বৰ্ত্তমানা
প্রাকৃত ভাষাৰ ল— কাৰঃ প্ৰাকৃতিত কাল প্রকাশক ল-কাৰ থাকিল মাত্ৰ দুটা লট্ (বর্তমান) আৰু লৃট্ (ভৱিষ্যৎ)। অতীত কালৰ ভেদ বুজোৱা লঙ্, লিট্ আৰু লুঙ্ লুপ্ত হ’ল। তাৰ ঠাইত প্রাকৃতত -ত (-ক্ত) -প্রত্যয়ান্ত নিষ্ঠান্তপদ অতীত কালৰ অৰ্থত সমাপিকা ক্রিয়াৰূপে ব্যৱহাৰ হ’ল। ই কেতিয়াবা সহায়ক ক্রিয়াযুক্ত আৰু কেতিয়াবা সহায়ক ক্রীয়াহীন কৃদন্তৰূপেও ব্যবহৃত হ’ল। পালিত লঙ্, লিট্, লুঙ্-ৰ প্ৰয়োগত সংস্কৃতৰ দৰেই পাৰ্থক্য ৰক্ষিত হৈছিল। আনকি বৈদিকৰ দৰে পালিত লঙ্-লুঙ্ -ৰ আগত অ-কাৰৰ আগম হৈছিল আৰু বৈদিকৰ দৰে লুঙ্ -ৰ প্ৰথম পুৰুষৰ একবচনত ‘ই’ বিভক্তি যোগ হোৱা বৈশিষ্ট্যও পালিত হোৱা দেখা পোৱা হৈছিল। কিন্তু প্রাকৃতত তেনে বৈশিষ্ট্য ৰক্ষিত হোৱাৰ উদাহৰণ পাবলৈ নাই। কোনো কোনো ধাতুত -ঈ, -অ যোগ হোৱা দেখা গ’লেও, সেয়া অতীত কালৰ কৃদন্ত প্ৰত্যয়ৰ পৰিৱৰ্তিত ৰূপহে। অৰ্থাৎ প্ৰাকৃতত সংস্কৃত অতীত কালসূচক তিঙ্ বিভক্তিৰ প্ৰয়োগৰ সলনি কৃৎপ্রত্যয়ৰ ব্যৱহাৰৰ দ্বাৰাহে অতীত কাল বুজোৱা নতুন ৰীতি প্রতিষ্ঠিত হ’ল।
প্রাকৃতত ভাৱ-প্ৰকাশক ল-কাৰ থাকিল মাত্ৰ দুটা— লোট্ আৰু বিধিলিঙ্। অৱশ্যে বিধিলিঙ্ ৰ প্ৰয়োগ নিতান্তই সীমিত। প্রাকৃতত কাল-প্রকাশক দুটা আৰু ভাৱ প্ৰকাশক দুটা-মুঠ চাৰিটা ন-কাৰ বুজাবলৈ একবচন আৰু বহুবচনত যিবোৰ তিঙ্ বিভক্তি ব্যৱহাৰ কৰা হৈছে, সেইবোৰৰ সৰহভাগেই সংস্কৃত তিঙ্ বিভক্তিৰ ধ্বনিগত পৰিৱৰ্তনৰ পৰিণতি স্বৰূপে গঢ় লৈ উঠিছে। তলত অধ্যয়নৰ সুবিধাৰ বাবে প্ৰাকৃত তিঙ্ বিভক্তিৰ তালিকা হিচাপে লট্-পৰস্মৈপদীৰ অন্তৰ্গত বিভক্তিকেইটাৰ তালিকা এখন দাঙি ধৰা হৈছে।
৪। সংস্কৃত ধাতুৰ গণসমূহক কি কি শ্ৰেণীত ভগোৱা হৈছে, আলোচনা কৰা।
উত্তৰঃ সংস্কৃতৰ দহটা ‘গণ’ৰ অন্তৰ্গত ধাতুৰ সৈতে যোগ হোৱা তিঙ্ বিভক্তিৰ মাজত যি বৰ্গৰ আগম হয় বা বিকৰণ সংযুক্ত হয় তাৰ ভিত্তিত সংস্কৃত ধাতুবোৰক বহুলভাৱে দুটা ভাগত ভগোৱা হৈছে—
(ক) অ — বিকৰণযুক্ত শ্রেণী।
(খ) অ — ভিন্ন বিকৰণযুক্ত শ্রেণী।
যিবোৰ গণৰ ধাতুৰ ৰূপ সাধনত ধাতু আৰু বিভক্তিৰ মাজত ‘অ’ বিকৰণ হিচাপে যোগ হয় বা আন কথাত ‘অ’ বিকৰণ আগম হয়, সেইবোৰক অ-বিকৰণ যুক্ত শ্ৰেণীত ধৰা হয়। আনহাতে, যিবোৰত অ-ৰ বাহিৰে আন স্বৰ বা ব্যঞ্জনৰ আগম হয় সেইবোৰক অ-ভিন্ন বিকৰণযুক্ত শ্ৰেণী আখ্যা দিয়া হৈছে। ভ্বাদি, তুদাদি, দিৱাদি, চুৰাদি গণ অ-বিকৰণযুক্ত শ্ৰেণীৰ অন্তৰ্গত, আনহাতে, অদাদি, হবাদি, ৰুধাদি, ক্র্যাদি, স্বাদি, তনাদি গণ অ- ভিন্ন বিকৰণ শ্ৰেণীৰ অন্তৰ্গত।
বিকৰণৰ বৈশিষ্ট্য অনুযায়ী দুয়োটা শ্ৰেণীৰ ধাতুবোৰক ভিন্ ভিন্ নামেৰে কেতবোৰ উপভাগত ভাগ কৰিব পৰা যায়।
(ক) অ-বিকৰণযুক্ত শ্ৰেণীঃ এই শ্ৰেণীক বিকৰণ অনুযায়ী চাৰিটা ভাগত ভাগ কৰা হৈছে—
১। শ্বাসাঘাতযুক্ত অ-শ্রেণী।
২। শ্বাসাঘাতবিহীন অ-শ্রেণী।
৩। য়- শ্রেণী।
৪। অয়- শ্রেণী।
১। শ্বাসাঘাতযুক্ত অ-শ্রেণীঃ তুদদিগণীয় যেনে— √ তুদ, √ দিশ্, √ মৃশ্, √ মুচ্, √ লিখ্ আদি ধাতু শ্বাসাঘাতযুক্ত অ-শ্রেণী অন্তর্ভুক্ত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত শ্বাসাঘাত যুক্ত অ-বিকৰণ সংযুক্ত হয়, যেনে— √ তুদ্ + তি (লট্) = তুর্দতি,√ দিশ্ + তি = দিৰ্শতি, √ মৃশ্ + তি = মৃশতি ইত্যাদি।
২। শ্বাসাঘাতবিহীন অ-শ্রেণীঃ ভ্বাদিগণীয় ধাতুবোৰ এই শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰিলে ধাতু আৰু বিভক্তিৰ মাজৰ অ-বিকৰণ লগ লাগে। কিন্তু তুদাদিগণীয় ধাতুৰূপৰ দৰে এই অ শ্বাসাঘাতযুক্ত নহয়। এনে ধাতুৰূপৰ শ্বাসাঘাত বিকৰণটোৰ ওপৰত নপৰি ধাতু অক্ষৰত পৰে। সেইবাবে এই শ্ৰেণীৰ ধাতুক শ্বাসাঘাতবিহীন অ-শ্রেণী আখ্যা দিয়া হৈছে। বিকৰণ যোগ হোৱাৰ লগে লগে ধাতুৰ অন্ত্যস্বৰৰ গুণ হোৱাটো এই শ্ৰেণীৰ ধাতুৰ প্রধান বৈশিষ্ট্য, যেনে— √ ভূ + তি (লট্) = ভৱতি।
৩। য়- শ্রেণীঃ দিৱাদিগণীয় √ দিৱ, √ নৃত্, √ ৱিদ্, √ অস্, √ পদ্ আদি ধাতু য় শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুবোৰৰ ৰূপ সাধন প্ৰক্ৰিয়াত ধাতু আৰু বিভক্তিৰ মাজত শ্বাসাঘাত বিহীন ‘য়’ বিকৰণ সংযুক্ত হয়।
৪। অয়-শ্রেণীঃ চুৰাদিগণীয় ধাতু, যেনে— √ চুৰ, √ পুজ্, √ অৰ্চ, √ কথ, √ গণ, √ ৰচ, √ তড়, √ ৰূপ্ আদি ধাতুৰ ৰূপ কৰিলে ধাতু আৰু বিভক্তিৰ মাজত ‘অয়’ বিকৰণ যোগ হয়। এই ধাতুৰূপৰ শ্বাসাঘাত বিকৰণটোৰ আদি অক্ষৰত পৰে আৰু স্বৰৰ গুণ বৃদ্ধি হয়। ‘অয়’ বিকৰণ যোগ হয় বাবে এই শ্রেণী ধাতুক ‘অয়’ বিকৰণযুক্ত ধাতু আখ্যা দিয়া হৈছে।
(খ) অ-ভিন্ন বিকৰণযুক্ত শ্ৰেণীঃ এই শ্ৰেণী ধাতুৰূপত শ্বাসাঘাতৰ স্থান সুনির্দিষ্ট নহয়। বিকৰণ লগ লগা বা নলগাৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণীৰ ধাতুক মুঠ ছটা ভাগত ভাগ কৰা হৈছেঃ
১। ধাতু শ্ৰেণী।
২। দ্বিত্ব বা দ্বিৰুক্ত শ্রেণী।
৩। মধ্যৱর্তী নাসিক্য শ্রেণী।
৪। না-শ্রেণী।
৫। নু-শ্ৰেণী। আৰু
৬। উ-শ্রেণী।
১। ধাতু শ্ৰেণীঃ অদাদিগণীয় ধাতু, যেনে— √ অদ্, √ অস্, √ হন্, √ দুহ, √ ৱিচ্, √ ৱচ্ আদি এই শ্ৰেণীত পৰে। এই শ্ৰেণীৰ ধাতুৰ ৰূপ সাধনত ধাতুৰ লগত তিঙ্ বিভক্তি পোনপটিয়াকৈ যোগ হয়, মাজত কোনো বিকৰণৰ আগম নহয়, যেনে— √ অস্ + তি = অস্তি।
আকৌ এই শ্ৰেণীৰ কেতবোৰ ধাতুৰ ৰূপ কৰোঁতে ধাতুৰ আদি অক্ষৰৰ স্বৰ অপৰিৱৰ্তিত থাকে, আনহাতে আন কিছুমানৰ পৰিৱৰ্তন হয়, যেনে— √ অস্ + তি = অস্তি, কিন্তু √ ৱিদ্ + তি = ৱেতি।
২। দ্বিত্ব বা দ্বিৰুক্ত শ্ৰেণীঃ হবাদি বা জুহোত্যোদিগণীয় ধাতুবোৰ যেনে— √ হা, √ দা, ধা, √ মা, √ ভৃ, √ ভী আদি লট্, লোট্, লঙ্ আৰু বিধিলিঙ্— এই চাৰিটা ল- কাৰৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত কোনো বিকৰণৰ সংযোগ নঘটে, তাৰ সলনি মূল ধাতুটো দ্বিত্ব বা দ্বিৰুক্ত হয়। ধাতুৰ ব্যঞ্জন দ্বিৰক্ত হয় বাবে এই শ্ৰেণীৰ ধাতুক দ্বিত্ব বা দ্বিৰুক্ত শ্রেণী আখ্যা দিয়া হৈছে।
৩। মধ্যৱর্তী নাসিক্য শ্রেণীঃ ৰুধাদিগণীয় √ ৰুধ, √ ভিদ্, √ ছিদ্, √ ভুজ, √ যুজ আদি ধাতু এই শ্ৰেণীৰ ভিতৰুৱা। এনে ধাতুৰ ৰূপ কৰিলে ধাতুটোৰ মাজত এটা নাসিক্য ব্যঞ্জন সোমাই পৰে আৰু ধাতুটোৰ অন্তিম ব্যঞ্জনৰ পাছত ‘অ’ এটাৰ আগম ঘটে, তাৰ পিছতহে বিভক্তি লগ লাগে, যেনে— √ ৰু > ৰুণধ্ + অ + তি = ৰুণদ্ধি। নাসিক্য ব্যঞ্জনটো তালব্য, মূর্ধন্য নে দন্ত্য হ’ব, সেয়া নিৰ্ভৰ কৰে ধাতুটোৰ শেষত থকা ধ্বনিগুণৰ ওপৰত। ধাতুৰ মাজত নাসিক্য ব্যঞ্জনৰ আগম হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ‘মধ্যবর্তী নাসিক্য শ্ৰেণী’ বোলা হৈছে। আগম হোৱা নাসিক্য ব্যঞ্জনটো ঘাইকৈ ন বা ণ হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ন শ্রেণীও বোলা হয়।
৪। না-শ্রেণীঃ ক্র্যাদিগণীয় √ জ্ঞা, √ অশ্, √ গ্রন্থ, √ ক্লিশ, √ ক্ষুভ্ আদি ধাতুৰ ৰূপ কৰিলে ধাতুৰ শেষত ‘না’ বিকৰণ যোগ হয়, যেনে— √ ক্রী + না + তি = ক্রীণাতি, জ্ঞা + না + তি = জানাতি ইত্যাদি। ধাতুৰ পিছত যোগ হোৱা বিভক্তিৰ আকৃতি অনুযায়ী ‘না’বিকৰণটো ‘ন’ বা ‘নী’ লৈ ৰূপান্তৰিত হয়। ধাতু আৰু বিভক্তিৰ মাজত ‘না’ যোগ হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ‘না শ্ৰেণী’ ৰূপে অভিহিত কৰা হৈছে।
৫। নু-শ্রেণীঃ স্বাদিগণীয় √ আপ্, √ অশ্, √ সাধ্, √, শ্ৰু √ দু, √ ধু, √ চি, √ ক্ষি আদি ধাতু এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত ‘নু’ বিকৰণৰ আগম হয়, যেনে— আপ্ + নু = আপ্নতি। কোনো কোনো ক্ষেত্ৰত ‘নু’ বিকৰণ ‘নো বা ‘ন’ হয়, যেনে— √ শ্ৰু + নু + তি = শৃণোতি, √ সু + নু + তি = সুণোতি ইত্যাদি। ‘নু’ বিকৰণ যোগ হয় বাবে এই শ্ৰেণীৰ ধাতুক ‘নু-শ্ৰেণী’ আখ্যা দিয়া হৈছে।
৬। উ-শ্রেণীঃ √ তন্, √ কু, √ মন্, √ ক্ষিণ, √ মৃণ আদি তনাদিগণীয় ধাতুবোৰ এই শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত ‘উ’ বিকৰণ সংযোগ ঘটে, যেনে— √ কৃ + উ + তি = কৰোতি, তন্ + উ + তি = তনোতি ইত্যাদি। ‘উ’ বিকৰণ যোগ হয় বাবে এই শ্ৰেণীৰ ধাতুক ‘উ’ শ্ৰেণীৰ ধাতু বোলা হয়।
গতিকে ক’ব পাৰি যে, সামগ্রিকভাৱে বিভিন্ন বিকৰণ সংযোগ ঘটালে লক্ষ্য কৰি দহোটা গণৰ অন্তৰ্গত ধাতুবোৰক উল্লিখিত ধৰণে শ্ৰেণীভুক্ত কৰি এটা শৃংখলাৰ মাজলৈ অনা হৈছে।
৫। পালি প্ৰাকৃতত সংস্কৃত গণ বিভাজনসমূহৰ পৰিৱৰ্তন কিদৰে সাধন হৈছে? আলোচনা কৰা।
উত্তৰঃ পালি ভাষাৰ গণ বিভাজনঃ সংস্কৃত ধাতুৰ দহটা গণৰ ভিতৰত পালিত মাত্ৰ সাতটা গণ পোৱা গৈছে— ভূৱদি (ভ্বাদি), ৰুধদি (ৰুধাদি), দিৱদি (দিৱাদি), সদি (স্বাদি), কিয়দি (ক্র্যাদি), তনদি (তনাদি) আৰু চুৰদি (চুৰাদি)। লোপ পোৱা অদাদি, তুদাদি আৰু হবাদিগণীয় ধাতুবোৰ পালিত ভ্বাদিগণীয়ৰ দৰে ৰূপ হ’ল। তদুপৰি পালিত ৰক্ষিত সাতোটা গণৰ প্ৰতিটোৱেই যে সংস্কৃতৰ দৰে সম্পূৰ্ণ একে ৰূপত ৰূপ হৈছিল তেনে নহয়। তিঙ্ বিভক্তিৰ সংযোগৰ পিছত ক্রিয়াপদবোৰৰ বিবিধ প্ৰকাৰৰ ধ্বনিগত পৰিৱৰ্তন ঘটিছিল। উদাহৰণস্বৰূপে—চুৰদিগণীয়√ চুৰ ধাতু সংস্কৃতত ৰূপ কৰিলে প্ৰথম পুৰুষৰ একবচনত হয় ‘চোৰয়তি’। কিন্তু পালিত হয় ‘চুৰেই’।
পালি ভাষাৰ ধাতুৰ গণ-বিভাজন সুনির্দিষ্ট নহয়। দেখাত যদিও পালিত সাতোটা গণ পোৱা যায়, প্রকৃত বিচাৰত কিন্তু ধ্বনিগত পৰিৱৰ্তনৰ হেতু কেতিয়াবা নিৰ্দিষ্ট গণৰ অন্তৰ্গত ধাতুৰ দৰে ৰূপ নহৈ ভিন্ন ধৰণেও ৰূপ হৈছিল। অৰ্থাৎ পালিত ধাতুৰ যি গণ বিভাজন পোৱা যায় যি সংস্কৃতৰ দৰে নিকপকপীয় নহয়, বৰং ভালেমান ক্ষেত্ৰত ই শিথিল।
প্রাকৃত ভাষাৰ গণ বিভাজনঃ সংস্কৃত ধাতুৰ মুঠ দহোটা গণৰ ভিতৰত সাতোটা গণ পালি ভাষাত ৰক্ষিত হৈছে। প্ৰাকৃতত কিন্তু সংস্কৃতৰ গণ-বিভাজনৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। এই স্তৰত প্ৰকৃতপক্ষে দুটা গণহে ৰক্ষিত হৈছে—(ক) অ-গণ। আৰু (খ) এ-গণ। অৱশ্যে এই দুই গণৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা ধাতুবোৰক (গ) অন্যান্য গণ আখ্যা দি সুকীয়া ভাগ এটা কৰি লোৱা হৈছে। এইফালৰ পৰা প্ৰাকৃত ধাতুৰ গণ-সংখ্যা তিনিটা বুলিব পাৰি। প্ৰাকৃত ধাতুক অ গণ, এ-গণ এনেদৰে ভাগ কৰিলেও, প্রায় আটাইবোৰ ধাতুৰ ক্ষেত্ৰতে শ্বাসাঘাতবিহীন অ-শ্ৰেণীৰ ভ্বাদিগণীয় ধাতুৰ দৰে বা আন কথাত √ ভু ধাতুৰ দৰে ৰূপ হোৱাৰ বিশেষ প্ৰৱণতাই দেখা দিয়ে৷ ইয়াৰ ঘাই কাৰণ দুটা— (ক) গণ-ৰ সংখ্যা অধিক হোৱাত তাক সৰলতাৰ অৱস্থানলৈ আনি একীকৰণ কৰাৰ প্ৰৱণতা, (খ) সংস্কৃত ধাতু আৰু বিকৰণৰ সমীভৱন ঘটি নতুন ক্রিয়ামূল গঠন হোৱা। ইয়াৰ পৰিণতিকল্পে এনেদৰে নতুনকৈ সৃষ্টি হোৱা ক্রিয়ামূলবোৰ ভ্বাদিগণীয়ৰ দৰে ৰূপ হ’বলৈ লৈছিল। উদাহৰণস্বৰূপে সংস্কৃত √ নৃত্, ধাতু দিৱাদিগণীয়, কিন্তু প্রাকৃতত তাৰ ৰূপ সংস্কৃতৰ দৰে নৃত্যতি নহৈ ভ্বাদিগণীয় √ ভূ ধাতুৰ ৰূপ ‘ভৱতি’ ৰ সাদৃশ্যত ‘নচ্চই’ হৈছে।
তলত প্ৰাকৃত গণ বিভাজনৰ ভাগসমূহ আলোচনা কৰা হ’ল—
(ক) অ-গণঃ সংস্কৃত শ্বাসাঘাতবিহীন অ-শ্রেণী বা ভ্বদাগণীয়, শ্বাসাঘাতযুক্ত অ-শ্রেণী বা তুদাদিগণীয়, য়- শ্রেণী বা দিৱাদিগণীয়, ন- শ্রেণী অর্থাৎ ৰুধাদিগণীয়, না- শ্ৰেণী বা ক্র্যাদিগণীয়, নু / উ- শ্রেণী বা স্বাদিগণীয় আৰু তনাদিগণীয় এই আটাইবোৰ ধাতু প্রাকৃতত অ- শ্ৰেণীৰ ভ্বাদিগণীয়ৰ দৰে ৰূপ লৈছিল, যেনে— ভৱতি > হোই, শুষ্য > সুস্, কৰোতি > কৰই, ক্রীণাতি > কিণই, তশ্লোতি > তচ্ছই, মৃদনাতি > মড্ডই ইত্যাদি।
(খ) এ-গণঃ সাধাৰণতে চুৰাদিগণীয় ধাতু, নিজন্ত ধাতু আৰু দুই এটা নামধাতু প্ৰাকৃতৰ এ- গণীয় ধাতুৰ ভিতৰত পৰে। মন কৰিবলগীয়া যে সংস্কৃতৰ চুৰাদিগণীয় ধাতুৰ ‘অয়’ প্রাকৃতত ‘এ’ হৈছে, যেনে— চোৰয়তি > চোৰেই, হাসয়তি > হাসেই, কথয়তি > কহেই (কধেদি-শৌ) ইত্যাদি। ভ্বাদি, দিবাদি আৰু ক্র্যাদিগণীয় কেতবোৰ ধাতুও প্রাকৃতৰ এ- গণৰ দৰে ৰূপ হোৱা দেখা যায়, যেনে— পঠতি > পঠেই, পশ্যতি > পেচ্ছেই, ক্রিণাতি > কিণেই ইত্যাদি।
(গ) অন্যান্য গণঃ সংস্কৃতৰ দ্বিত্ব শ্ৰেণীৰ হবাদিগণীয় ধাতুবোৰ আৰু অ / এ-গণৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা ধাতুবোৰক লৈ ‘অন্যান্য গণ’ নামেৰে এটা সুকীয়া শ্ৰেণী কৰা হৈছে। সংস্কৃতৰ দ্বিত্ব শ্ৰেণীৰ ধাতুবোৰৰ ধ্বনিগত পৰিৱর্তন সত্বেও প্রাকৃতত দ্বিত্ব ৰূপ ৰক্ষিত হোৱাৰ আভাস আছে যদিও, শেষলৈ দ্বিত্ব ৰূপ ৰক্ষিত হোৱা নাই, যেনে— √ স্থা ধাতুৰ ৰূপ তিষ্ঠি + তি = তিষ্ঠতি ৷ প্ৰাকৃতত চিটঠদি বা চিখদি আৰু অপভ্ৰংশত হৈছে ‘থাহি’। এনেদৰে ব্যতিক্ৰম ৰূপ লোৱা ধাতুবোৰক লৈ প্ৰাকৃতত অন্যান্য গণৰ ধাৰণা কৰা হৈছে।
এনেদৰে বিচাৰ কৰিলে দেখা যায় প্রাকৃতত সংস্কৃত ধাতুৰূপৰ গণ বিভাজনৰ বৈশিষ্ট্য ভালেখিনি হ্ৰাস পাইছে। নামত অ-গণ, এ- গণ আৰু অন্যান্য গণ থাকিলে যদিও, নাইবা আন কথাত ভ্বাদিগণীয় তুদাদিগণীয় আৰু চুৰাদিগণীয় ধাতু থাকিল যদিও অৱশেষত সেইবোৰো ভ্বাদিগণীয়ৰ দৰে ৰূপ ল’বলৈ ধৰিলে। এই কথাই এইটোকে প্রমাণ কৰে যে সংস্কৃতৰ গণ বিভাজন প্রাকৃতত প্রায় নাইকিয়া হৈ পৰিল।
৬। সংস্কৃত ধাতুৰ গণ বিভাজনৰ সৈতে পালি প্ৰাকৃত ধাতুৰ গণ বিভাজনৰ তুলনা কৰি দেখুওৱা।
উত্তৰঃ সংস্কৃতৰ দহটা ‘গণ’ৰ অন্তৰ্গত ধাতুৰ সৈতে যোগ হোৱা তিঙ্ বিভক্তিৰ মাজত যি বৰ্গৰ আগম হয় বা বিকৰণ সংযুক্ত হয় তাৰ ভিত্তিত সংস্কৃত ধাতুবোৰক বহুলভাৱে দুটা ভাগত ভগোৱা হৈছে—
(ক) অ— বিকৰণযুক্ত শ্রেণী।
(খ) অ— ভিন্ন বিকৰণযুক্ত শ্রেণী।
যিবোৰ গণৰ ধাতুৰ ৰূপ সাধনত ধাতু আৰু বিভক্তিৰ মাজত ‘অ’ বিকৰণ হিচাপে যোগ হয় বা আন কথাত ‘অ’ বিকৰণ আগম হয়, সেইবোৰক অ-বিকৰণ যুক্ত শ্ৰেণীত ধৰা হয়। আনহাতে, যিবোৰত অ-ৰ বাহিৰে আন স্বৰ বা ব্যঞ্জনৰ আগম হয় সেইবোৰক অ-ভিন্ন বিকৰণযুক্ত শ্রেণী আখ্যা দিয়া হৈছে। ভ্বাদি, তুদাদি, দিৱাদি, চুৰাদি গণ অ- বিকৰণযুক্ত শ্ৰেণীৰ অন্তৰ্গত, আনহাতে, অদাদি, হবাদি, ৰুধাদি, ক্র্যাদি, স্বাদি, তনাদি গণ অ-ভিন্ন বিকৰণ শ্ৰেণীৰ অন্তৰ্গত।
বিকৰণৰ বৈশিষ্ট্য অনুযায়ী দুয়োটা শ্ৰেণীৰ ধাতুবোৰক ভিন্ ভিন্ নামেৰে কেতবোৰ উপভাগত ভাগ কৰিব পৰা যায়।
(ক) অ-বিকৰণযুক্ত শ্ৰেণীঃ এই শ্ৰেণীক বিকৰণ অনুযায়ী চাৰিটা ভাগত ভাগ কৰা হৈছে—
১। শ্বাসাঘাতযুক্ত অ-শ্রেণী।
২) শ্বাসাঘাতবিহীন অ-শ্রেণী।
৩। য়- শ্রেণী।
৪। অয়- শ্রেণী।
১। শ্বাসাঘাতযুক্ত অ-শ্রেণীঃ তুদদিগণীয় যেনে— √ তুদ্, √ দিশ্, √ মৃশ, √ মুচ্, √ লিখ্ আদি ধাতু শ্বাসাঘাতযুক্ত অ-শ্রেণী অন্তর্ভুক্ত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত শ্বাসাঘাত যুক্ত অ-বিকৰণ সংযুক্ত হয়, যেনে— √ তুদ্ + তি (লট্) = তুর্দতি,√ দিশ্ + তি = দিৰ্শতি, √মৃশ্ + তি = মৃশতি ইত্যাদি।
২। শ্বাসাঘাতবিহীন অ-শ্রেণীঃ ভ্বাদিগণীয় ধাতুবোৰ এই শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰিলে ধাতু আৰু বিভক্তিৰ মাজৰ অ-বিকৰণ লগ লাগে। কিন্তু তুদাদিগণীয় ধাতুৰূপৰ দৰে এই অ শ্বাসাঘাতযুক্ত নহয়। এনে ধাতুৰূপৰ শ্বাসাঘাত বিকৰণটোৰ ওপৰত নপৰি ধাতু অক্ষৰত পৰে। সেইবাবে এই শ্ৰেণীৰ ধাতুক শ্বাসাঘাতবিহীন অ-শ্রেণী আখ্যা দিয়া হৈছে। বিকৰণ যোগ হোৱাৰ লগে লগে ধাতুৰ অন্ত্যস্বৰৰ গুণ হোৱাটো এই শ্ৰেণীৰ ধাতুৰ প্রধান বৈশিষ্ট্য, যেনে— √ ভূ + তি (লট্) = ভৱতি।
৩। য়- শ্রেণীঃ দিৱাদিগণীয় √ দিৱ, √ নৃত্, √ ৱিদ্, √ অস্, √ পদ্ আদি ধাতু য় শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুবোৰৰ ৰূপ সাধন প্ৰক্ৰিয়াত ধাতু আৰু বিভক্তিৰ মাজত শ্বাসাঘাত বিহীন ‘য়’ বিকৰণ সংযুক্ত হয়।
৪। অয়-শ্রেণীঃ চুৰাদিগণীয় ধাতু, যেনে— √ চুৰ, √ পুজ, √ অৰ্চ, √ কথ, √ গণ, √ ৰচ, √ তড়, √ ৰূপ্ আদি ধাতুৰ ৰূপ কৰিলে ধাতু আৰু বিভক্তিৰ মাজত ‘অয়’ বিকৰণ যোগ হয়। এই ধাতুৰূপৰ শ্বাসাঘাত বিকৰণটোৰ আদি অক্ষৰত পৰে আৰু স্বৰৰ গুণ বৃদ্ধি হয়। ‘অয়’ বিকৰণ যোগ হয় বাবে এই শ্রেণী ধাতুক ‘অয়’ বিকৰণযুক্ত ধাতু আখ্যা দিয়া হৈছে।
(খ) অ-ভিন্ন বিকৰণযুক্ত শ্ৰেণীঃ এই শ্ৰেণী ধাতুৰূপত শ্বাসাঘাতৰ স্থান সুনির্দিষ্ট নহয়। বিকৰণ লগ লগা বা নলগাৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণীৰ ধাতুক মুঠ ছটা ভাগত ভাগ কৰা হৈছেঃ
১। ধাতু শ্ৰেণী।
২। দ্বিত্ব বা দ্বিৰুক্ত শ্রেণী।
৩। মধ্যৱর্তী নাসিক্য শ্রেণী।
৪। না-শ্রেণী।
৫। নু-শ্ৰেণী। আৰু
৬। উ-শ্রেণী।
১। ধাতু শ্ৰেণীঃ অদাদিগণীয় ধাতু, যেনে— √ অদ্, √ অস্, √ হন্, √ দুহ, √ ৱিচ্, √ৱচ্ আদি এই শ্ৰেণীত পৰে। এই শ্ৰেণীৰ ধাতুৰ ৰূপ সাধনত ধাতুৰ লগত তিঙ্ বিভক্তি পোনপটিয়াকৈ যোগ হয়, মাজত কোনো বিকৰণৰ আগম নহয়, যেনে— √ অস্ + তি = অস্তি।
আকৌ এই শ্ৰেণীৰ কেতবোৰ ধাতুৰ ৰূপ কৰোঁতে ধাতুৰ আদি অক্ষৰৰ স্বৰ অপৰিৱৰ্তিত থাকে, আনহাতে আন কিছুমানৰ পৰিৱৰ্তন হয়, যেনে— √ অস্ + তি = অস্তি, কিন্তু √ ৱিদ্ + তি = ৱেতি।
২। দ্বিত্ব বা দ্বিৰুক্ত শ্ৰেণীঃ হবাদি বা জুহোত্যোদিগণীয় ধাতুবোৰ যেনে— √ হা, √ দা, ধা, √ মা, √ ভৃ, √ ভী আদি লট্, লোট্, লঙ্ আৰু বিধিলিঙ্— এই চাৰিটা ল-কাৰৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত কোনো বিকৰণৰ সংযোগ নঘটে, তাৰ সলনি মূল ধাতুটো দ্বিত্ব বা দ্বিৰুক্ত হয়। ধাতুৰ ব্যঞ্জন দ্বিৰক্ত হয় বাবে এই শ্ৰেণীৰ ধাতুক দ্বিত্ব বা দ্বিৰুক্ত শ্রেণী আখ্যা দিয়া হৈছে।
৩। মধ্যৱর্তী নাসিক্য শ্রেণীঃ ৰুধাদিগণীয় √ ৰুধ, √ ভিদ্, √ ছিদ্, √ ভুজ, √ যুজ আদি ধাতু এই শ্ৰেণীৰ ভিতৰুৱা। এনে ধাতুৰ ৰূপ কৰিলে ধাতুটোৰ মাজত এটা নাসিক্য ব্যঞ্জন সোমাই পৰে আৰু ধাতুটোৰ অন্তিম ব্যঞ্জনৰ পাছত ‘অ’ এটাৰ আগম ঘটে, তাৰ পিছতহে বিভক্তি লগ লাগে, যেনে— √ ৰু > ৰুণধ্ + অ + তি = ৰুণদ্ধি। নাসিক্য ব্যঞ্জনটো তালব্য, মূর্ধন্য নে দন্ত্য হ’ব, সেয়া নিৰ্ভৰ কৰে ধাতুটোৰ শেষত থকা ধ্বনিগুণৰ ওপৰত। ধাতুৰ মাজত নাসিক্য ব্যঞ্জনৰ আগম হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ‘মধ্যবর্তী নাসিক্য শ্ৰেণী’ বোলা হৈছে। আগম হোৱা নাসিক্য ব্যঞ্জনটো ঘাইকৈ ন বা ণ হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ন শ্রেণীও বোলা হয়।
৪। না-শ্রেণীঃ ক্র্যাদিগণীয় √ জ্ঞা, √ অশ্, √ গ্রন্থ, √ ক্লিশ, √ ক্ষুভ্ আদি ধাতুৰ ৰূপ কৰিলে ধাতুৰ শেষত ‘না’ বিকৰণ যোগ হয়, যেনে— √ ক্রী + না + তি = ক্রীণাতি, জ্ঞা + না + তি = জানাতি ইত্যাদি। ধাতুৰ পিছত যোগ হোৱা বিভক্তিৰ আকৃতি অনুযায়ী ‘না’বিকৰণটো ‘ন’ বা ‘নী’ লৈ ৰূপান্তৰিত হয়। ধাতু আৰু বিভক্তিৰ মাজত ‘না’ যোগ হোৱা হেতুকে এই শ্ৰেণীৰ ধাতুক ‘না শ্ৰেণী’ ৰূপে অভিহিত কৰা হৈছে।
৫। নু-শ্রেণীঃ স্বাদিগণীয় √ আপ্, √ অশ্, √ সাধ্, √, শ্ৰু √ দু, √ ধু, √ চি, √ ক্ষি আদি ধাতু এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত ‘নু’ বিকৰণৰ আগম হয়, যেনে— আপ্ + নু = আপ্নতি। কোনো কোনো ক্ষেত্ৰত ‘নু’ বিকৰণ ‘নো বা ‘ন’ হয়, যেনে— √ শ্ৰু + নু + তি = শৃণোতি, √ সু + নু + তি = সুণোতি ইত্যাদি। ‘নু’ বিকৰণ যোগ হয় বাবে এই শ্ৰেণীৰ ধাতুক ‘নু-শ্ৰেণী’ আখ্যা দিয়া হৈছে।
৬। উ-শ্রেণীঃ √ তন্, √ কু, √ মন্, √ ক্ষিণ, √ মৃণ আদি তনাদিগণীয় ধাতুবোৰ এই শ্ৰেণীৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতুৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত ‘উ’ বিকৰণ সংযোগ ঘটে, যেনে— √ কৃ + উ + তি = কৰোতি, তন্ + উ + তি = তনোতি ইত্যাদি। ‘উ’ বিকৰণ যোগ হয় বাবে এই শ্ৰেণীৰ ধাতুক ‘উ’ শ্ৰেণীৰ ধাতু বোলা হয়।
গতিকে ক’ব পাৰি যে, সামগ্রিকভাৱে বিভিন্ন বিকৰণ সংযোগ ঘটালে লক্ষ্য কৰি দহোটা গণৰ অন্তৰ্গত ধাতুবোৰক উল্লিখিত ধৰণে শ্ৰেণীভুক্ত কৰি এটা শৃংখলাৰ মাজলৈ অনা হৈছে।
পালি ভাষাৰ গণ বিভাজনঃ সংস্কৃত ধাতুৰ দহটা গণৰ ভিতৰত পালিত মাত্ৰ সাতটা গণ পোৱা গৈছে— ভূৱদি (ভ্বাদি), ৰুধদি (ৰুধাদি), দিৱদি (দিৱাদি), সদি (স্বাদি), কিয়দি (ক্র্যাদি), তনদি (তনাদি) আৰু চুৰদি (চুৰাদি)। লোপ পোৱা অদাদি, তুদাদি আৰু হবাদিগণীয় ধাতুবোৰ পালিত ভ্বাদিগণীয়ৰ দৰে ৰূপ হ’ল। তদুপৰি পালিত ৰক্ষিত সাতোটা গণৰ প্ৰতিটোৱেই যে সংস্কৃতৰ দৰে সম্পূৰ্ণ একে ৰূপত ৰূপ হৈছিল তেনে নহয়।
পালি ভাষাৰ ধাতুৰ গণ-বিভাজন সুনির্দিষ্ট নহয়। দেখাত যদিও পালিত সাতোটা গণ পোৱা যায়, প্রকৃত বিচাৰত কিন্তু ধ্বনিগত পৰিৱৰ্তনৰ হেতু কেতিয়াবা নিৰ্দিষ্ট গণৰ অন্তৰ্গত ধাতুৰ দৰে ৰূপ নহৈ ভিন্ন ধৰণেও ৰূপ হৈছিল। অৰ্থাৎ পালিত ধাতুৰ যি গণ বিভাজন পোৱা যায় যি সংস্কৃতৰ দৰে নিকপকপীয় নহয়, বৰং ভালেমান ক্ষেত্ৰত ই শিথিল।
প্রাকৃত ভাষাৰ গণ বিভাজনঃ সংস্কৃত ধাতুৰ মুঠ দহোটা গণৰ ভিতৰত সাতোটা গণ পালি ভাষাত ৰক্ষিত হৈছে। প্ৰাকৃতত কিন্তু সংস্কৃতৰ গণ-বিভাজনৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। এই স্তৰত প্ৰকৃতপক্ষে দুটা গণহে ৰক্ষিত হৈছে— (ক) অ-গণ আৰু (খ) এ-গণ। অৱশ্যে এই দুই গণৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা ধাতুবোৰক (গ) অন্যান্য গণ আখ্যা দি সুকীয়া ভাগ এটা কৰি লোৱা হৈছে। এইফালৰ পৰা প্ৰাকৃত ধাতুৰ গণ-সংখ্যা তিনিটা বুলিব পাৰি। প্ৰাকৃত ধাতুক অ গণ, এ-গণ এনেদৰে ভাগ কৰিলেও, প্রায় আটাইবোৰ ধাতুৰ ক্ষেত্ৰতে শ্বাসাঘাতবিহীন অ-শ্ৰেণীৰ ভ্বাদিগণীয় ধাতুৰ দৰে বা আন কথাত √ ভু ধাতুৰ দৰে ৰূপ হোৱাৰ বিশেষ প্ৰৱণতাই দেখা দিয়ে৷ ইয়াৰ ঘাই কাৰণ দুটা— (ক) গণ-ৰ সংখ্যা অধিক হোৱাত তাক সৰলতাৰ অৱস্থানলৈ আনি একীকৰণ কৰাৰ প্ৰৱণতা, (খ) সংস্কৃত ধাতু আৰু বিকৰণৰ সমীভৱন ঘটি নতুন ক্রিয়ামূল গঠন হোৱা। ইয়াৰ পৰিণতিকল্পে এনেদৰে নতুনকৈ সৃষ্টি হোৱা ক্রিয়ামূলবোৰ ভ্বাদিগণীয়ৰ দৰে ৰূপ হ’বলৈ লৈছিল। উদাহৰণস্বৰূপে সংস্কৃত √ নৃত্, ধাতু দিৱাদিগণীয়, কিন্তু প্রাকৃতত তাৰ ৰূপ সংস্কৃতৰ দৰে নৃত্যতি নহৈ ভ্বাদিগণীয় √ ভূ ধাতুৰ ৰূপ ‘ভৱতি’ ৰ সাদৃশ্যত ‘নচ্চই’ হৈছে।
তলত প্ৰাকৃত গণ বিভাজনৰ ভাগসমূহ আলোচনা কৰা হ’ল—
(ক) অ-গণঃ সংস্কৃত শ্বাসাঘাতবিহীন অ-শ্রেণী বা ভ্বদাগণীয়, শ্বাসাঘাতযুক্ত অ-শ্রেণী বা তুদাদিগণীয়, য়- শ্রেণী বা দিৱাদিগণীয়, ন- শ্রেণী অর্থাৎ ৰুধাদিগণীয়, না- শ্ৰেণী বা ক্র্যাদিগণীয়, নু / উ- শ্রেণী বা স্বাদিগণীয় আৰু তনাদিগণীয় এই আটাইবোৰ ধাতু প্রাকৃতত অ- শ্ৰেণীৰ ভ্বাদিগণীয়ৰ দৰে ৰূপ লৈছিল, যেনে— ভৱতি > হোই, শুষ্য > সুস্, কৰোতি > কৰই, ক্রীণাতি > কিণই, তশ্লোতি > তচ্ছই, মৃদনাতি > মড্ডই ইত্যাদি।
(খ) এ-গণঃ সাধাৰণতে চুৰাদিগণীয় ধাতু, নিজন্ত ধাতু আৰু দুই এটা নামধাতু প্ৰাকৃতৰ এ- গণীয় ধাতুৰ ভিতৰত পৰে। মন কৰিবলগীয়া যে সংস্কৃতৰ চুৰাদিগণীয় ধাতুৰ ‘অয়’ প্রাকৃতত ‘এ’ হৈছে, যেনে— চোৰয়তি > চোৰেই, হাসয়তি > হাসেই, কথয়তি > কহেই (কধেদি-শৌ) ইত্যাদি। ভ্বাদি, দিবাদি আৰু ক্র্যাদিগণীয় কেতবোৰ ধাতুও প্রাকৃতৰ এ- গণৰ দৰে ৰূপ হোৱা দেখা যায়, যেনে— পঠতি > পঠেই, পশ্যতি > পেচ্ছেই, ক্রিণাতি > কিণেই ইত্যাদি।
(গ) অন্যান্য গণঃ সংস্কৃতৰ দ্বিত্ব শ্ৰেণীৰ হবাদিগণীয় ধাতুবোৰ আৰু অ / এ-গণৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা ধাতুবোৰক লৈ ‘অন্যান্য গণ’ নামেৰে এটা সুকীয়া শ্ৰেণী কৰা হৈছে। সংস্কৃতৰ দ্বিত্ব শ্ৰেণীৰ ধাতুবোৰৰ ধ্বনিগত পৰিৱর্তন সত্বেও প্রাকৃতত দ্বিত্ব ৰূপ ৰক্ষিত হোৱাৰ আভাস আছে যদিও, শেষলৈ দ্বিত্ব ৰূপ ৰক্ষিত হোৱা নাই, যেনে— √ স্থা ধাতুৰ ৰূপ তিষ্ঠি + তি = তিষ্ঠতি। প্ৰাকৃতত চিটঠদি বা চিখদি আৰু অপভ্ৰংশত হৈছে ‘থাহি’। এনেদৰে ব্যতিক্ৰম ৰূপ লোৱা ধাতুবোৰক লৈ প্ৰাকৃতত অন্যান্য গণৰ ধাৰণা কৰা হৈছে।
এনেদৰে বিচাৰ কৰিলে দেখা যায় প্রাকৃতত সংস্কৃত ধাতুৰূপৰ গণ বিভাজনৰ বৈশিষ্ট্য ভালেখিনি হ্ৰাস পাইছে। নামত অ-গণ, এ- গণ আৰু অন্যান্য গণ থাকিলে যদিও, নাইবা আন কথাত ভ্বাদিগণীয় তুদাদিগণীয় আৰু চুৰাদিগণীয় ধাতু থাকিল যদিও অৱশেষত সেইবোৰো ভ্বাদিগণীয়ৰ দৰে ৰূপ ল’বলৈ ধৰিলে। এই কথাই এইটোকে প্রমাণ কৰে যে সংস্কৃতৰ গণ বিভাজন প্রাকৃতত প্রায় নাইকিয়া হৈ পৰিল।
৭। সংস্কৃতত কিমান প্ৰকাৰৰ সাধিত ধাতু পোৱা যায়? সংস্কৃতৰ সনন্ত, য়ঙন্ত, পালি প্রাকৃতত কেনেধৰণে পৰিৱৰ্তন হৈছে উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ মূল ধাতুৰ লগত কেতবোৰ বিশেষ প্রত্যয় লগ লাগি নতুনকৈ উৎপত্তি হোৱা ধাতুৰ পাছত তিঙ্ বিভক্তি অনুসাৰে তেনে ধাতুৰ ৰূপ কৰাকে গৌণ ধাতুৰূপ বোলা হৈছে। আন কথাত সাধিত ধাতুৰ ৰূপ সাধন প্ৰক্ৰিয়াৰ নাম গৌণ ধাতুৰূপ।
সংস্কৃতত গৌণ ধাতুৰূপত ক্রিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা এই দুয়োটা ৰূপত পোৱা যায়। সমাপিতা ক্রিয়া হিচাপে পাব পৰা ধাতুবোৰ হৈছে— সনন্ত বা ইচ্ছার্থক, য়ঙন্ত, ণিজন্ত ধাতু, নাম ধাতু আৰু কৰ্মবাচ্য। আনহাতে অসমাপিকা ক্রিয়া হিচাপে পোৱা গৌণ ধাতুবোৰ হৈছে— তুমুনন্ত বা নিমিত্তাৰ্থক অসমাপিকা, কৃদন্ত আৰু পূর্বকালিক অসমাপিকা।
সংস্কৃতৰ সনন্ত ধাতুঃ ইচ্ছা কৰা’ অৰ্থ প্ৰকাশ কৰিবলৈ সংস্কৃতত ধাতুৰ শেষত ‘সন্’প্ৰত্যয় যোগ কৰা হয়। ‘সন্’-ৰ ন্ লোপ পায়, কেৱল স্ অৱশিষ্ট থাকে। এইবিধ ধাতুৰ গঠন বৈশিষ্ট্য হ’ল―
(ক) সন্ প্রত্যয় যোগ হ’লে ধাতুটোৰ অভ্যাস বা দ্বিত্ব হয়, যেনে— √ পা + স্ (সন্) + তি (লট্) = পিপাসতি, তেনেদৰেই পিঠ-পিপঠিষতি, √জীৱ্-জিজীৱিষতি, √ জ্ঞা-জিজ্ঞাসতে ইত্যাদি।
(খ) ধাতুৰ অন্ত্যস্বৰ দীর্ঘ হয়।
(গ) ধাতুটো ঋ-কাৰান্ত হ’লে ঋ-ৰ ঠাইত ই হয়, যেনে— √ তৃ – তিতীর্ষতি।
পালি-প্ৰাকৃতত সনন্ত ধাতুঃ পালি-প্ৰাকৃতত সুকীয়া সনন্ত ধাতু পোৱা নাযায়। সংস্কৃত সনন্ত ধাতুবোৰেই সামান্য পৰিৱৰ্তিত ৰূপত পালি-প্রাকৃতত ব্যৱহাৰ হৈছে। তদুপৰি পালিত এই ঋতুৰ যৎসামান্য ব্যৱহাৰ পোৱা গ’লেও, প্ৰাকৃততে প্ৰায় নাই বুলিব পাৰি। পালিত কেইটামান সনন্ত ঋতু হৈছে—
√ ভুজ্ – বুভুকখতি
√ পা – পিপাসতি, পিৱাসতি
√ সু (শ্রু) – সুসসুসতি
√ দা – দিচ্ছতি ইত্যাদি।
পালি-প্ৰাকৃতত এই ধাতুৰ গঠনত ধাতু মূলৰ অন্তিম বৰ্ণটো স, চ, খ, চ্ছ, কখ লৈ পৰিৱৰ্তিত হয়। প্রাকৃতত স্বমধ্যস্থিত স্পর্শ ব্যঞ্জন লোপ পোৱা হেতুকে সামান্য সংখ্যক যিকেইটা সনন্ত ধাতু পোৱা গৈছে সেইবোৰ এনেদৰে ৰক্ষিত হৈছে— দিচ্ছতি (পা) > দিচ্ছই (প্ৰা), পিৱাসতি (পা) > পিৱাসই (প্রা), জগুপ্সতে (সং) > জিগুচ্ছতি (পা), জুগুচ্ছই (প্রা), জুগুচ্ছেদি (শৌ, প্রা) ইত্যাদি।
সংস্কৃত য়ঙন্ত ধাতুঃ পুনঃ পুনঃ আৰু অতিশয় অৰ্থ প্ৰকাশ কৰিবলৈ সংস্কৃতত ধাতুৰ পাছত ‘য়ঙ্’প্রত্যয় সংযোগ কৰা হয়। এই ‘য়ঙ’ প্রত্যয়ৰ ‘ঙ্’ লোপ পায় আৰু মাত্র ‘য়’বর্তি থাকে। সংস্কৃতৰ য়ঙন্ত ধাতুবোৰ সাধাৰণতে আত্মনেপদী হয়।
এই ধাতুৰ পৰা উৎপন্ন হোৱা ক্ৰিয়াৰূপবোৰৰো বৈশিষ্ট্য সনন্ত ধাতুৰ দৰে। সনন্ত ধাতুত যিদৰে ‘সন্’ যোগ হোৱাৰ লগে লগে ধাতু দ্বিত্ব হয়, তেনেদৰে য়ঙন্ত ধাতুৰ ৰূপ কৰোঁতেও ‘য়ঙ্’ যোগ হোৱাৰ পাছৰ ধাতু দ্বিত্ব হয়। তদুপৰি ধাতুৰ আদি অক্ষত থকা স্বৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনো হয়, যেনে— √পঠ + য়ঙ + তে = পপঠ্যতে, √ জল্ + য়ঙ + তে = জাজ্বল্যতে, √ লুপ্ + য়ঙ্ + তে = লোলুপ্যতে, √ ৰুদ্ + য়ঙ্ + তে = ৰোৰুদ্যতে ইত্যাদি।
পালি প্রাকৃততে য়ঙন্ত ধাতুঃ সনন্ত ধাতু দৰে য়ঙন্ত ধাতুৰ সংখ্যাও পালি-প্ৰাকৃতত নিচেই তাকৰ। তদুপৰি পালি-প্ৰাকৃতত এই ধাতুৰো নিজস্ব ৰূপ নাই। সংস্কৃতত গঠন হোৱা য়ঙন্ত ক্ৰিয়াৰূপবোৰেই সামান্য ধ্বনিগত পৰিৱৰ্তন হৈ পালি-প্ৰাকৃতত ব্যৱহাৰ হৈছে। উল্লেখনীয় যে পালিত য়ঙন্ত ধাতুবোৰ সংস্কৃতৰ দৰে আত্মনেপদী নহৈ পৰস্মৈপদী হয় আৰু য়-ৰ ঠাইত অ হয়, যেনে— জাজ্বল্যঙে > দাদল্লতে, লালপ্যতে > লালপ্পতি, চঞ্চল্যতে > চঞ্চলতি ইত্যাদি। প্রাকৃত ভাষাবোৰৰ ভিতৰত অকল অৰ্ধ মাগধীৰ য়ঙন্ত ধাতুৰ দুই এটা ৰূপ পোৱা যায় আৰু তেনে ধাতুৰ গঠন বৈশিষ্ট্য পালিৰ সৈতে একে। অন্যান্য প্রাকৃতত য়ঙন্ত ধাতুৰ উদাহৰণ বিৰল।
৮। সংস্কৃত নিজন্ত বা পাচনি ধাতু কাক বোলে? এই ণিজন্ত ধাতুবোৰ পালি-প্রাকৃতত কিমান দূৰ ৰক্ষিত হৈছে, উপযুক্ত উদাহৰণেৰে বুজাই লিখা।
উত্তৰঃ আনৰ দ্বাৰা কোনো কাৰ্য কৰোৱা বুজাবলৈ বা প্ৰেৰণা অৰ্থ বুজাবলৈ ধাতুৰ পিছত “ণিচ্’প্রত্যয় সংযোগ কৰি যি ধাতু গঠন কৰা হয়, সেইবোৰকে ণিজন্ত ধাতু বোলা হৈছে (নিচ্ + অন্ত = ণিজন্ত )। ধাতুৰ সৈতে যুক্ত হোৱাৰ লগে লগে ‘নিচ’ প্ৰত্যয়ৰ ‘ন’ আৰু ‘চ’ দুয়োটাই লুপ্ত হয় আৰু কেৱল ‘ই’ টোহে যোগ হয়। ণিজন্ত ধাতুবোৰ উভয়পদী, এই ধাতুৰ ৰূপ কৰিলে ‘নিচ্’-ৰ ঠাইত ‘অয়’ আদেশ হয়, যেনে— √দৃশ + নিচ্ (অয়) + তি (লট্) = দর্শয়তি। আকৌ ‘ন’ আৰু ‘চ’ লোপ পোৱাৰ পিছত বাকী থকা ‘ই’- টো ধাতুৰ অন্ত্যস্বৰৰ সৈতে লগ লাগে আৰু এই ‘ই’-ৰ গুণ, বৃদ্ধি আৰু সন্ধি হয়, যেনে— √পচ্ + নিচ্ (আয়) + তি (লট্) = পাচয়তি ইত্যাদি। ধাতুটো আ – কাৰান্ত হ’লে ‘অয়’-ৰ ঠাইত ‘পয়’ হয় আৰু ‘আপয়’ ৰূপে প্রয়োগ হয়, যেনে— √ জ্ঞা + নিচ্ (পয়) + তি (লট্) = জ্ঞাপয়তি ইত্যাদি। কেতবোৰ বিশেষ ধাতুৰ পাছত ‘নিচ্’ যোগ হ’লে ন্-ৰ আগম হৈ ‘অয়’‘নয়’ হয়, যেনে— √ ধু + নিচ্ + তি (লট্) = ধূনয়তি ইত্যাদি।
পালি-প্রাকৃতত ণিজন্ত ধাতুঃ পালি-প্রাকৃতত ণিজন্ত ধাতুৰূপৰ কোনো স্বতন্ত্র বৈশিষ্ট্য পোৱা নাযায়। সংস্কৃতত ‘অয়’ আৰু ‘পয়’ বিকৰণৰ সংযোগত সৃষ্টি হোৱা কেতবোৰ ধাতু পালিত একেধৰণে ৰক্ষিত হৈছে। আ-কাৰান্ত ধাতুত সংস্কৃতৰ দৰেই পালিত ‘পয়’ বিকৰণ ‘আপয়’ হয়। এই বিকৰণৰ সংযোগৰ ফলত ধাতু স্বৰৰ গুণ-বৃদ্ধিও হয়। আকৌ কিছুমান ধাতুত ধ্বনিগত পৰিৱৰ্তনৰ ফলত অয় > এ আৰু পয় / আপয় > পে আপে হোৱাও লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে
অয়ঃ √গম + অয় + তি (লট্) = গময়তি
√পচ্ + অয় + তি (লট্) = পাচয়তি
আপয়ঃ √ হা + আপয় + তি (লট্) = হাপয়তি
√ কা+ আপয় + তি (লট্) – কাৰাপয়তি
অয় এঃ √গম্ + এ+ তি (লট্) = গমেতি
আপেঃ √ কৰ + আগে + তি (লট্) – কাৰোপেতি, ইত্যাদি
পালি ভাষাত ‘অয়’ আৰু ‘পয়’ / ‘আপয়’ বিকৰণযুক্ত ণিজন্ত ধাতুৰ প্ৰয়োগ নিচেই তাকৰ। তাৰ পৰিৱৰ্তে ধ্বনিগত পৰিবৰ্তনৰ ফলত সৃষ্টি হোৱা ‘এ’ আৰু ‘পে’ / ‘আপে’ বিকৰণযুক্ত ধাতুৰ বহুল ব্যৱহাৰ লক্ষ্য কৰা যায়। সাধাৰণতে এনে ধাতুৰ ৰূপে এ-গণীয় ধাতুৰূপৰ বিধি অনুসন কৰে, যেনে—
√ হস্ঃ হাসয়তি > হাসেতি
√মাৰঃ মাৰয়তি > মাৰেতি
√ জ্ঞাঃ জ্ঞাপয়তি > আণাপেতি
√ স্থাঃ স্থাপয়তি > উৎপত্তি ইত্যাদি।
পালিৰ তুলনাত প্ৰাকৃতত ণিজন্ত ধাতুৰ গঠন আৰু অধিক সৰলীকৃত হৈছে। প্ৰাকৃতত ‘অয়’ আৰু ‘পয়’ বিকৰণৰ ব্যৱহাৰ সমূলি পাবলৈ নাই। সংস্কৃত দ্বাক্ষৰ ধ্বনি ‘অ’ প্ৰাকৃতত ‘এ’ লৈ পৰিৱৰ্তিত হোৱা হেতুকে ‘অয়’ আৰু ‘পয়’ যথাক্রমে ‘এ’ আৰু ‘ৱে’ / ‘আৱে’ৰূপে সংযোগ হয় আৰু ধাতুত থকা স্বৰৰ বৃদ্ধি হয়, যেনে—
√ কৰ্ + অয়+ তি (লট) = কাৰয়তি > কাৰেই
√ আজ্ঞা + পয় + তি (লট্) = আজ্ঞাপয়তি > আণৱেই / আণৱেদি
√স্থা + পয় + তি (লট্) = স্থাপয়তি > ঠৱেই ইত্যাদি।
৯। সংস্কৃত নাম ধাতুৰ সৈতে পালি-প্ৰাকৃত নামধাতুৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ নামপদ, অর্থাৎ বিশেষ আৰু বিশেষণ শব্দ ধাতুৰূপে ব্যৱহাৰ হ’লে তাক নামধাতু বোলা হয়। নামধাতু মৌলিক বা মুখ্য ধাতু নহয়, বৰং ই সাধিত বা গৌণ ধাতুৰ অন্তৰ্গত। এই শ্ৰেণীৰ ধাতু আন ধাতুৰ দৰে মূল ধাতুৰ পৰা উদ্ভৱ নহৈ বিশেষ্যৰ পৰা গঠন কৰা হয়। সংস্কৃতত বিশেষ্য আৰু বিশেষণ পদৰ পাছত কেইটামান বিশেষ প্রত্যয় যোগ দি নামধাতু গঠন কৰা হয়। এই প্রত্যয়কেইটা হৈছে ‘কাম্য’, ‘ক্যচ্’ আৰু ‘ক্যঙ্’। এই তিনিটা প্ৰত্যয় ইচ্ছা, বুভুক্ষা, পিপাসা, আচৰণ আদি অৰ্থত নামপদৰ পাছত সংযুক্ত হৈ ধাতুৰূপে প্রয়োগ হয়। নামপদত যোগ হোৱাৰ পাছত ‘ক্যচ্’ আৰু ‘ক্যঙ্’-ৰ ‘য়’ মাত্ৰ অৱশিষ্ট থাকে। সংস্কৃতত এই তিনিটা প্রত্যয়ৰ সংযোগত গঠিত সকলো নামধাতু ভ্বাদিগণীয় ধাতুৰ দৰে ৰূপ হয়, যেনে—
কাম্যঃ পুত্রঃ কাম্য +তি (লট্, পৰস্মৈপদী) = পুত্রকাম্যতি
ক্যচ্ (য়): পুত্রঃ ক্যচ্ + তি (লট, পৰস্মৈপদী) পুত্রীয়তি
ক্যঙ্ (য়): ৰাজন্ + ক্যঙ্ + তে (লট, আত্মনেপদী) = ৰাজায়তে ইত্যাদি।
কোনো কোনো ক্ষেত্ৰত আচৰণ অৰ্থ বুজাবলৈ নামশব্দৰ পাছত ক্কিপ্ প্রত্যয় সংযোগ কৰি নামধাতু গঠন কৰাৰ নিয়মো সংস্কৃত ভাষাত বিৰল নহয়। এনে ক্ষেত্ৰত ক্কিপ্ প্রত্যয় সম্পূৰ্ণৰূপে লোপ পায়, যেনে―
পুত্রঃ + ক্কিপ্ + তি (লট্) = পুত্রতি
শিষ্যঃ + কিপ্ + তি (লট্) = শিষ্যতি ইত্যাদি ৷
পালি-প্রাকৃতত নামধাতুঃ নামধাতু গঠনৰ ক্ষেত্ৰত পালি-প্ৰাকৃতৰ নিজস্ব কোনো বৈশিষ্ট্য পাবলৈ নাই। সংস্কৃতৰ ক্যচ্ আৰু ক্যঙ্ প্রত্যয়ৰ পৰা অহা ‘য়’ টোৱেই ধ্বনিগত পৰিৱৰ্তনৰ মাজেৰে আহি পালি-প্ৰাকৃতত প্ৰয়োগ হোৱা দেখা যায়। পালিত নামপদৰ পাছত যোগ হৈ নামধাতু গঠন কৰা প্ৰত্যয়কেইটা হৈছে– আয়, -আয়, -ইয় আৰু -ঈয়। এই প্রত্যয়কেইটা মূল ‘য়’ প্রত্যয়ৰ পৰা উদ্ধৃত। অৱশ্যে পালি ভাষাত নামধাতু গঠন কৰিবলৈ সৰ্বাধিক ব্যৱহৃত প্রত্যয়টো হৈছে— ‘আয়’। ণিজন্ত ধাতুৰ দৰে কেতিয়াবা ধ্বনিগত পৰিৱৰ্তনৰ ফলত ‘অয়’ প্রত্যয় ‘এ’ ৰূপেও প্রয়োগ হোৱা দেখা যায়। তলত উদাহৰণসহ দাঙি দৰা হ’ল—
অয়ঃ পমাণ + অয় + তি (লট্) = পমাণয়তি
আয়ঃ চিৰ + আয় + তি (লট্) = চিৰায়তি
ধূম + আয় + তি (লট্) = ধূমায়তি
ইয়ঃ বিবাদ + ইয়+ তি (লট্) = বিবাদিয়তি
ঈয়ঃ পুত্ত + ঈয় + তি (লট্) = পুত্তীয়তি
ধন + ঈয় + তি (লট্) = ধনীয়তি
এঃ সমাধান + এ+ তি (লট্) = সমাধানেতি, ইত্যাদি।
কেতিয়াবা পালিৰ ণিজন্তৰ দৰে ‘আপে’ (<আপয়) প্ৰত্যয়ৰ যোগতো নামধাতুৰ গঠন হয়, যেনে— সুখাপেতি, দুখাপেতি ইত্যাদি। আকৌ কেতিয়াবা কোনো প্ৰকাৰৰ বিকৰণ যোগ নোহোৱাকৈ নামপদক নামধাতুৰূপে ব্যৱহাৰ কৰা নিয়মো পালিত লক্ষ্য কৰা যায়, যেনে— অত্রিচ্ছা—অত্রিচ্ছতি, উসসুকক – উসসুককতি আদ ৷
প্ৰাকৃতত আঅ (< আয়) আৰু ৱে / আৱে (< আপয়) প্রত্যয় নামপদত যোগ হৈ নামধাতু গঠিত হয়। উল্লেখনীয় যে পালিৰ দৰে প্ৰাকৃততো নামধাতুৰ গঠন প্ৰক্ৰিয়াত ণিজন্ত ধাতুৰ সৈতে বিশেষ কোনো পার্থক্য পোৱা নাযায়। ধূমাই, সুহাঅই, সুহাঅদি (শৌ), সদ্দাৰেমি, বেঢ়াৱেই আদি তাৰ প্ৰকৃষ্ট উদাহৰণ। প্রাকৃতত কেতিয়াবা নামশব্দত কোনো বিকৰণ বা প্রত্যয় সংযোগ অবিহনেও তেনে নামপদ নামধাতুৰূপে ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়, যেনে— দুকখামি, সুহামি, মিসসই ইত্যাদি।
১০। সংস্কৃতত তুমুণন্ত ক্রিয়াপদ কেনেদৰে গঠিত হয়? সংস্কৃতৰ তুমুণন্ত ক্রিয়াপদসমূহ পালি প্ৰাকৃতত কেনেদৰে পৰিৱৰ্তিত হৈছে?
উত্তৰঃ সংস্কৃতত তুমুণন্ত ক্ৰিয়াঃ সংস্কৃত ভাষাত নিমিত্ত, ইচ্ছা আদি অৰ্থ প্ৰকাশ কৰিবলৈ ক্ৰিয়াবোধক ধাতুমূলৰ পিছত তুমুন্ প্রত্যয় সংযোগ কৰি তুমুণন্ত বা নিমিত্তার্থক অসমাপিকা ক্ৰিয়া গঠন কৰা হয়। তুমুন্ প্রত্যয়ৰ ‘উ’ আৰু ‘ন’ লোপ পায় আৰু মাত্র ‘তুম্’ থাকে, যেনে—
√ গম্ + তুমুন্ = গন্ত্তম্
√ নৃত্ + তুমুন = নৰ্ত্তিতুম্
√ শ্ৰু + তুমুন্ = শ্রোতুম্
√ পা + তুমুন্ = পাতুম্, ইত্যাদি।
পালি-প্ৰাকৃতত তুমুণন্ত ক্ৰিয়াঃ পালি-প্রাকৃতত সংস্কৃত ‘তুমুন্’ (তুম্) প্রত্যয় সামান্য ধ্বনিগত পৰিৱৰ্তন হৈ প্ৰয়োগ হৈছে। তদুপৰি কেইটামান নতুন ৰূপো সৃষ্টি হৈছে। পালি ভাষাত সংস্কৃতৰ ‘তুমুন’ প্রত্যয়ৰ তুম্’ পৰিৱৰ্তিত হৈ ‘তুং’ হৈছে। তদুপৰি বৈদিক ভাষাৰ— তৱে, তৱৈ, -ত্বায়ে, ত্বায়ৰ পৰা হোৱা -তৱে, -তুয়ে, -তায়ে প্রত্যয় ধাতুত যোগ হোৱা দেখা গৈছে, যেনে—
তুংঃ কত্তুং, কাতুং (√কৃ > কৰ্)
দাতুং (√দা)।
তৱেঃ গন্তৱে (√ গম্)
কাতৱে (√ কৃ > কৰ্)
দাতৱে (√ দা), ইত্যাদি।
তুয়েঃ মৰিত্বয়ে (√ মৃ > মৰ্)
তায়েঃ খাদিতায়ে (√খাদ) ইত্যাদি।
সংস্কৃত তুমুন্ (তুম্) প্রত্যয় ভিন্ ভিন্ প্রাকৃততে ভিন্ ভিন্ ধৰণে ধ্বনিগত পৰিৱৰ্তন হৈ প্রয়োগ হোৱা দেখা যায়। শৌৰসেনী আৰু মাগধী প্ৰাকৃতত তুম্ প্রত্যয় স্বৰমধ্যস্থিত ‘দ’ -কাৰৰ (ত > দ) অৱস্থিতিৰ ফলত দুং হৈছে, আনহাতে মহাৰাষ্ট্ৰী প্ৰাকৃতত স্বৰমধ্যৱতী স্পর্শ ব্যঞ্জনৰ লোপৰ ফলত তুং > উং হৈছে। আকৌ অৰ্ধ মাগধীত হৈছে ইওয়ে / -ওয়ে। এই প্রত্যয় কেতিয়াবা মূল ধাতুৰ লগত আৰু কেতিয়াবা বৰ্তমান কালৰ লট্ – ৰ লগত যুক্ত হোৱা দেখা গৈছে, যেনে—
শৌৰসেনী / মাগধীঃ কাদুং, কৰিদুং (কৃ + তুম্), ঠাদুং (স্থা + তুম্)
মহাৰাষ্ট্ৰীঃ কাউং (কৃ + তুম্), সোউং (শ্রু + তুম্)
অর্ধ মাগধীঃ গচ্ছিত্তয়ে (গম্ + তুম) ইত্যাদি।
অৱশ্যে বৈদিক ভাষাৰ পৰা উদ্ভুত তৱে, তুয়ে, তায়ে আদি প্রত্যয় পালিত ৰক্ষিত হোৱা দেখা গ’লেও, প্ৰাকৃতত এই প্রত্যয়কেইটা সম্পূৰ্ণৰূপে লোপ পাইছে।