Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Question Answer can be of great value to excel in the examination.
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা
Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২। মধ্য স্বৰধ্বনিঃ শব্দৰ মাজত থকা প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ স্বৰধ্বনিবোৰ সচৰাচৰ মান্য অসমীয়াত ৰক্ষিত হৈছে। কেতিয়াবা সিহঁতৰ আন স্বৰ ধ্বনিলৈ ৰূপান্তৰিত হোৱাও দেখা যায়। উদাহৰণঃ
-অ-ঃ আঁহত (অশ্বত্থ)
আঁতৰ (অন্তৰ)
গাগল (গৰ্গৰ > গগগল)
-আ-ঃ ককাঁল (কঙ্কাল)
কপাহ (কর্পাস)
গমাৰী (গম্ভাৰী)
পৰিয়াল (পৰিৱাৰ > পৰিয়াৰ)
কেতিয়াবা আ- > অ-ঃ নিয়ৰ, নীয়ৰ (নীহাৰ) তু. কাম নিয়াৰ
পুৰণি (পুৰাণ) তু. কাম. কুঁৱাৰ
-ই-ঃ ডালিম (ডাডিম্ব)
শালিকা (শাৰিকা)
কেতিয়াবা-হ- > -অ-ঃ পিছল (পিচ্ছিল)
বিহলঙনী (বিষলভিঘনী)
বলধ (বলিৱর্দ)
-উ-ঃ কুকুৰা (কুক্কুটক > কুক্কুঢ়অ > কুক্কুৰঅ > কুক্কুৰা)
শামুক (শম্বুক)
কেতিয়াবা-উ / -উ- > অ-ঃ উৰল (উদুখল)
আঙুঠি (অঙ্গুঠ)
-উ- > -ই-ঃ মুনিহ (মনুষ্য > মনিষ > মুনিষ)
-এ- > -অ-ঃ কুৱলী (কুহেলিকা)
চৰ (চপেট > চপট > চঅৰ)
(৩) সন্নিহিত স্বৰ ধ্বনিঃ কেতিয়াবা কোনো শব্দত ওচৰৰ ব্যঞ্জন ধ্বনি লোপ হোৱা কাৰণে দুটা স্বৰধ্বনি ওচৰ চাপে আৰু তেনে ক্ষেত্ৰত দুটা ওচৰা-ওচৰিকৈ থকা স্বৰ ধ্বনিৰ অসমীয়ালৈ তিনিধৰণে পৰিৱৰ্তন হোৱা দেখা যায়ঃ
১। কেতিয়াবা দুয়োটা স্বৰধ্বনি লগলাগি একেটা দ্বি-স্বৰধ্বনিত পৰিণত হয়।
২। কেতিয়াবা স্বৰধ্বনি দুটাৰ সংকোচন ঘটি এটা নতুন স্বৰ-ধ্বনিৰ সৃষ্টি হয়।
৩। কেতিয়াবা স্বৰধ্বনি দুটাৰ মাজলৈ শ্ৰুতি ধ্বনিৰ আগম হয়।
তলত আটাইকেইটা উদাহৰণ দাঙি ধৰা হ’ল―
১। ছৈ (ছদি > ছই), দৈ (দধি > দহি > দই), নৈ (নদী > নঈ > নই), মৌ (মধু > মহু > মউ)
২। কল (কদল > কঅল), কন্ধ (কবন্ধ > কঅন্ধ), আকণ (অর্কপূর্ণ > অক্ক অন্ন), ধূনা (ধূপন > ধুঅন) ইত্যাদি।
৩। কুঁৱলী (কুহেলিকা > কুহলিআ > কুঅলিআ), কুৱা (কূপ-), শিয়াল (শৃগাল > শিআল)
৪। স্বৰধ্বনিৰ আন পৰিৱৰ্তনঃ অভিশ্রুতি, স্বৰ-সঙ্গতি আৰু স্বৰ সমীভৱন প্ৰক্ৰিয়াৰ দ্বাৰাও প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ শব্দৰ স্বৰধ্বনিৰ অসমীয়ালৈ পৰিৱৰ্তন ঘটিছে।
তলত প্ৰত্যেকৰে উদাহৰণ দাঙি ধৰা হ’ল—
(ক) অভিশ্রুতিঃ ম’হ (মহিষ > মইহ > ম’হ) তু. কাম. মুইহ (মহিম > মইম > মইস > মুইহ); তু. গোৱা, মইষ > মইশ > মৈশ।
ৰ’দ (ৰৌদ্ৰ > ৰউদদ)
দেৱালী (দীপালিকা)
নেজ (লঞ্জ > লেঞ্জ > লেজ) তু. কাম. লেজ।
(খ) স্বৰ সঙ্গতিঃ কুঁহি (কোষ)
ধেনু (ধনু)
নেউল (নকুল)।
(গ) স্বৰ সমীভৱনঃ বিৰিণা (বিৰণ)
কুৰুৱা (কুৰৱ)
মেখেলা (মেখলা)।
৫। ব্যঞ্জন ধ্বনিৰ পৰিৱৰ্তনঃ লেখোঁতে সংস্কৃতৰ বৰ্ণ মালাৰ অনুকৰণত সংস্কৃতৰ ব্যঞ্জন ধ্বনিবোৰ ব্যৱহাৰ কৰিলেও অসমীয়াত সেইবোৰৰ ধ্বনি গুণ ৰক্ষিত হোৱা নাই। চমুকৈ ক’বলৈ গ’লে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ব্যঞ্জন ধ্বনিবোৰ কিছুমান অসমীয়া মান্য ভাষাত একধৰণে আৰু উপভাষাত আন ধৰণে পৰিৱৰ্তন হোৱা দেখা যায়। উদাহৰণস্বৰূপে সংস্কৃত কণ্ঠ্য ক, খ, গ, ঘ, ঙ আৰু হ ধ্বনি অসমীয়া ভাষাৰ মান্য ৰূপ আৰু উপভাষাৰ ৰূপ সকলোতে একেধৰণে উচ্চাৰিত হৈছে। সংস্কৃতৰ তালব্য ধ্বনিৰ চ, ছ, জ, ঝ, ঞ, য, শ ধ্বনিৰ চ ছ জ, ঝ, শ ধ্বনি মান্যভাষা আৰু কামৰূপী উপভাষাত নাইকীয়া হৈছে, কিন্তু গোৱালপৰীয়া দেশী ভাষাত সেইবোৰৰ উচ্চাৰণ তালব্যৰূপে ৰক্ষিত হৈছে। সংস্কৃত তালব্য চ, ছ, জ, ঝ ধ্বনিৰ মান্যভাষা আৰু কামৰূপী উপভাষাত দন্ত্যমূলীয় চ, ছ আৰু ‘ঝ’ত পৰিণত হৈছে। দেশী ভাষাতো ‘ঞ’ আৰু “য’ৰ মান্যভাষা আৰু কামৰূপী উপভাষাৰ নিচিনাই পৰিৱৰ্তন ঘটিছে। (যন্ত্র > জতৰ, যদি > জদি, পুঞ্জি > পুনজি > পুজি)। সংস্কৃতৰ মূর্ধন্য ট, ঠ, ড, ঢ ধ্বনিৰ মান্য অসমীয়া আৰু কামৰূপী উপভাষাত দন্ত্যমূলীয় ধ্বনিৰূপে উচ্চাৰিত হয়; কিন্তু দেশীভাষাত সিহঁতৰ মূৰ্ধন্য উচ্চাৰণ ৰক্ষিত হৈছে। ‘ণ’ৰ ব্যৱহাৰ অৱশ্যে নাই। দেশীভাষাত ৰ’ৰ ব্যৱহাৰ মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ সৈতে একে। ইয়াতো ‘ষ’ ৰ ব্যৱহাৰ নোহোৱা হৈছে। কোনো কোনো ক্ষেত্ৰত য > শ; যেনে, যণ্ড > শাড়, বৃষ > ব্রিশ। সংস্কৃতৰ ঔষ্ঠ্য ‘ৱ’ৰ অসমীয়া মান্যভাষা আৰু উপভাষাত ‘ব’ আৰু ‘উ’ ৰূপে উচ্চাৰিত হোৱা দেখা গৈছে, যেনে— দেৱ > দেব, দেউ, ৱেদ > বেদ, ৱেত্র > বেত। *
১৪। প্রাচীন ভাৰতীয় আর্যভাষা আৰু মধ্যভাৰতীয় আৰ্যভাষাই অসমীয়া ভাষাক কিদৰে পৰিপূৰ্ণ কৰাত সহায় কৰিছে, এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ প্ৰাচীন ভাৰতীয় আর্যভাষাৰ স্বৰ আৰু ব্যঞ্জনধ্বনিসমূহৰ অসমীয়া ভাষালৈ কেনেদৰে বিকাশ ঘটিছে তাৰ বিস্তৃত আলোচনা ডঃ বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। অসমীয়া ভাষাত প্রাচীন ভাৰতীয় আৰু মধ্যভাৰতীয় আৰ্য-ভাষাৰ স্বৰ আৰু ব্যঞ্জন ধ্বনিবোৰৰ বিকাশৰ নিৰ্দেশ তলত দাঙি ধৰা হ’ল―
স্বৰ-ধ্বনিৰ বিকশঃ
১। অন্ত্য স্বৰ-ধ্বনিঃ
(ক) প্রাচীন ভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য স্বৰ-ধ্বনিবোৰ সাধাৰণভাৱে ক’বলৈ গ’লে অসমীয়াত লোপ পাইছেঃ উদাহৰণঃ
―অঃ আঁচল (অঞ্চল)
উলাহ (উল্লাস)
খেৰ (খেট)
ভেল ‘ভূৰ’ (ভেল)
শোল ‘মাছ-বিশেষ’ (শকুল)
― আঃ ঘিন (ঘৃণা)
শিল (শিলা)
লাল (লালা)
লাজ (লজ্জা)
বান (বন্যা)
― ইঃ আঙুল (আঙ্গুলি)
তৰোৱাল (তৰৱাৰি)
সত্তৰ (সপ্ততি)
দিঠক (দৃষ্টি > দিট্ঠি > দিঠ)
মুঠ (মুষ্টি)
কিন্তু ৰাতি (ৰাত্ৰি), গাঁথি (গ্রন্থি), তিনি (ত্রীণি), তাৰি (চত্বাৰি)
― উঃ আঁহ (অংশু)
জাম (জম্মু)
হিঙ (হিঙ্গু)
পেঙ-আ > পেঙা (পঙ্গু)
(খ) মধ্যভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য সংযুক্ত আৰু অসংযুক্ত স্বৰধ্বনি কেতবোৰ বিকাশ তলত দিয়া ধৰণে হোৱা দেখা যায়ঃ
― আঅ > আঃ গুৱা (গুৱাক)
ওজা (উপাধ্যায়)
ঘা (ঘাত > ঘাঅ)
গা (গাত্র > গীত > গাঅ)
― আআ > আঃ ছাঁ (ছায়া > ছাআ > ছা)
― ইঅ / – ঈঅ > ―ই / ঈঃ কাতি (কাৰ্ত্তিক> কাৰ্ত্তিঅ)
ননী (নৱনীত > নৱনীঅ)
― ইআ < -ইকা > ঈঃ কুঁৱলী (কুহেলিকা)
শেৱালী (শেফালিকা)
বাৰী (বাটিকা)
উঅ / -ঊঅ > উ / -ঊঃ শিহু ( শিশুক)
কেঁচু (কিঞ্চিলুক > * কিষ্ণুক)
ঊলু (উলুপ)
― এঅ > -এওঃ ছেও (ছেদ > ছঅ)
খেও (ক্ষেপ > খো)
― ওঅ > ওঃ পো (পোত)
লো (লোতক পু. অস. লোহ > লোঅ)
লো (লোহ)
― এ > – ইঃ সি (সঃ> শে> সে)
যি (যঃ > যে)
আমি (অস্মে > অমে্হ > অম্হি)
তুমি (তুস্মে > তুম্হে > তুমহি)
আজি (অদ্য > অদ্যে > অচ্ছে > অজ্জে > অজ্জি)
(গ) প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য ‘অ’ স্বৰধ্বনিৰ কোনো কোনো ক্ষেত্ৰত লোপ নহয়। উদাহৰণঃ
১। অন্ত্য ‘অ’ৰ আগত দুটা বা অধিক সংযুক্ত ব্যঞ্জন-ধ্বনি থাকিলে সেই ‘অ’ৰ লোপ নহয়, যেনে— চন্দ্র, সূর্য, ধর্ম, কৃষ্ণ, মূর্খ, বাক্য।
২। আন কিছুমান শব্দতো অন্ত্য ‘অ’ৰ লোপ নঘটে, যেনে— মূঢ় (মুঢ়), গাঢ় (গাঢ়), পেয়, দেয়, বিধেয়, মৃগ, মৌন, তৈল, শৈল ইত্যাদি।
(ঘ) প্রাচীন ভাৰতীয় আৰ্য-ভাষাৰ শব্দৰ শেষত থকা -অপ, অৱ, আৰু মধ্য ভাৰতীয় আৰ্য-ভাষাৰ শব্দৰ শেষত থকা -অৱ, -অহ, অসমীয়াত ‘অ’লৈ ৰূপান্তৰিত হোৱাও দেখা যায়। উদাহৰণঃ
কাছ (কচ্ছপ)
পল (পলৱ)
শ (শৱ)
পাৰ (পাৰাৱত > পাৰৱঅ > পাৰৱ)
ভাদ (ভাদ্রপদ > ভদ্দৱঅ > ভাদৱ)
বাৰ (দ্বাদশ > বাৰহ)
গাধ (গর্দভ > গদ্দহ > গাদ)
এঘাৰ (একাদশ > এগাৰহ; এগাৰ)
(ঙ) শব্দৰ আদি বা আদি অক্ষৰত থকা ‘আ, ই, উ, এ, ও’ ধ্বনিবোৰ অসমীয়াত সচৰাচৰ ৰক্ষিত হৈছে। উদাহৰণঃ
আ-ঃ আলি (আলি) ‘আলি-বাট’
আৰী ‘মাছ বিশেষ’ (আটিক)
কাহ (কাস)
বাওঁ (বাম
ভাও (ভাৱ)
ই- / ঈ-ঃ নিয়ৰ, নীয়ৰ (নীহাৰ) তু.কাম.নিয়াৰ
গিল (গিলতি)
খীণ (ক্ষীণ)
খীলা (কীলক)
তীখা (তীক্ষ্ণ)
উ- / ঊ-ঃ গুৱা (গুৱাক)
ছুৰী (ক্ষুৰিকা > ছুৰিকা > ছুৰিআ)
ভুঁই (ভূমি)
উকা (উল্কা)
উগুল (উদগুৰ্ণ)
উদ (উদ্ৰ)
শুদা (শুদ্ধ)
এ-ঃ এৰা ‘গছ-বিশেষ’ (এৰশু)
কেৰা (কেকৰ)
খেৰ (লেপ)
বেত (বেত্র )
ভেড়া (ভেডৰ > ভেডেড > ভেড > ভেড়)
ও-ঃ ওল (ওল)
কোঁহ (কোশ)
গোট (গোত্র)
খোৰা (খোৰ)
(চ) শব্দৰ আদি বা আদি অক্ষৰত থকা স্বৰ-ধ্বনিবোৰৰ আন কিছুমান পৰিৱৰ্তনো হোৱা দেখা যায়। তলৰ উদাহৰণবোৰে তাৰ প্ৰমাণ দাঙি ধৰে―
ঐ > এ-ঃ বেজ (বৈদ্য > বেজ্জ)
তেল (তৈল > তেল্ল)
জেঠ (জ্যৈষ্ঠ > জেটঠ)
ই- / ঈ- > এঃ বেল (বিল্ব > বেল্ল)
হেঙুল (হিংগুল)
এন্দুৰ (ইন্দুৰ)
উ- / ঊ- > ওঃ কোদাল (কুদ্দাল) তু. কাম.কদাল
গোঁফ (গুমফ)
মোল (মূল্য)
ঔ- > ও-ঃ সোণ (সৌৱৰ্ণ)
সোন্দা (সৌগন্ধ)
অপ- / অৱ- > ওঃ ওহাৰ (অপহাৰ > ওসাৰ)
থোক (স্তৱক > থৱক্ক)
লোণ (লৱণ)
ওৰ ‘শেষ’ (অৱৰ)
২। মধ্য স্বৰধ্বনিঃ শব্দৰ মাজত থকা প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ স্বৰধ্বনিবোৰ সচৰাচৰ মান্য অসমীয়াত ৰক্ষিত হৈছে। কেতিয়াবা সিহঁতৰ আন স্বৰ ধ্বনিলৈ ৰূপান্তৰিত হোৱাও দেখা যায়। উদাহৰণঃ
-অ-ঃ আঁহত (অশ্বত্থ)
আঁতৰ (অন্তৰ)
গাগল (গৰ্গৰ > গগগ্ল)
-আ-ঃ ককাঁল (কঙ্কাল)
কপাহ (কর্পাস)
গমাৰী (গম্ভাৰী)
পৰিয়াল (পৰিৱাৰ > পৰিয়াৰ)
কেতিয়াবা আ- > অ-ঃ নিয়ৰ, নীয়ৰ (নীহাৰ) তু. কাম নিয়াৰ
পুৰণি (পুৰাণ) তু. কাম. কুঁৱাৰ
-ই-ঃ ডালিম (ডাডিম্ব)
শালিকা (শাৰিকা)
কেতিয়াবা -হ- > -অ-ঃ পিছল (পিচ্ছিল)
বিহলঙনী (বিষলভিঘনী)
বলধ (বলিৱর্দ)
-উ-ঃ কুকুৰা (কুক্কুটক > কুক্কুঢ়অ > কুক্কুৰঅ > কুক্কুৰা)
শামুক (শম্বুক)
কেতিয়াবা -উ / -উ- > -অ-ঃ উৰল (উদুখল)
আঙুঠি (অঙ্গুঠ)
-উ- > -ই-ঃ মুনিহ (মনুষ্য > মনিষ> মুনিষ)
-এ- > -অ-ঃ কুৱলী (কুহেলিকা)
চৰ (চপেট > চপট > চঅৰ)
৩। সন্নিহিত স্বৰ ধ্বনিঃ কেতিয়াবা কোনো শব্দত ওচৰৰ ব্যঞ্জন ধ্বনি লোপ হোৱা কাৰণে দুটা স্বৰধ্বনি ওচৰ চাপে আৰু তেনে ক্ষেত্ৰত দুটা ওচৰা-ওচৰিকৈ থকা স্বৰ ধ্বনিৰ অসমীয়ালৈ তিনিধৰণে পৰিৱৰ্তন হোৱা দেখা যায়ঃ
১। কেতিয়াবা দুয়োটা স্বৰধ্বনি লগলাগি একেটা দ্বি-স্বৰধ্বনিত পৰিণত হয়।
২। কেতিয়াবা স্বৰধ্বনি দুটাৰ সংকোচন ঘটি এটা নতুন স্বৰ-ধ্বনিৰ সৃষ্টি হয়।
৩। কেতিয়াবা স্বৰধ্বনি দুটাৰ মাজলৈ শ্ৰুতি ধ্বনিৰ আগম হয়।
তলত আটাইকেইটা উদাহৰণ দাঙি ধৰা হ’ল―
১। ছৈ (ছদি > ছই), দৈ (দধি > দহি > দই), নৈ (নদী > নঈ > নই), মৌ (মধু > মহু > মউ)।
২। কল (কদল > কঅল), কন্ধ (কবন্ধ > কঅন্ধ), আকণ (অর্কপূর্ণ > অক্ক অন্ন), ধূনা (ধূপন > ধুঅন) ইত্যাদি।
৩। কুঁৱলী (কুহেলিকা > কুহলিআ > কুঅলিআ), কুৱা (কূপ), শিয়াল (শৃগাল > শিআল)
৪। স্বৰধ্বনিৰ আন পৰিৱৰ্তনঃ অভিশ্রুতি, স্বৰ-সঙ্গতি আৰু স্বৰ সমীভৱন প্ৰক্ৰিয়াৰ দ্বাৰাও প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ শব্দৰ স্বৰধ্বনিৰ অসমীয়ালৈ পৰিৱৰ্তন ঘটিছে।
তলত প্ৰত্যেকৰে উদাহৰণ দাঙি ধৰা হ’ল—
(ক) অভিশ্রুতিঃ ম’হ (মহিষ > মইহ > ম’হ) তু. কাম. মুইহ (মহিম > মইম > মইস > মুইহ); তু. গোৱা, মইষ > মইশ > মৈশ।
ৰ’দ (ৰৌদ্ৰ > ৰউদ্দ)
দেৱালী (দীপালিকা)
নেজ (লঞ্জ > লেঞ্জ > লেজ) তু. কাম, লেজ।
(খ) স্বৰ সঙ্গতিঃ কুঁহি (কোষ)
ধেনু (ধনু)
নেউল (নকুল)।
(গ) স্বৰ সমীভৱনঃ বিৰিণা (বিৰণ)
কুৰুৱা (কুৰৱ)
মেখেলা (মেখলা)।
৫। ব্যঞ্জন ধ্বনিৰ পৰিৱৰ্তনঃ লেখোঁতে সংস্কৃতৰ বৰ্ণ মালাৰ অনুকৰণত সংস্কৃত ব্যঞ্জন ধ্বনিবোৰ ব্যৱহাৰ কৰিলেও অসমীয়াত সেইবোৰৰ ধ্বনি গুণ ৰক্ষিত হোৱা নাই। চমুকৈ ক’বলৈ গ’লে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ব্যঞ্জন ধ্বনিবোৰ কিছুমান অসমীয়া মান্য ভাষাত একধৰণে আৰু উপভাষাত আন ধৰণে পৰিৱৰ্তন হোৱা দেখা যায়। উদাহৰণস্বৰূপে সংস্কৃত কণ্ঠ্য ক, খ, গ, ঘ, ঙ আৰু হ ধ্বনি অসমীয়া ভাষাৰ মান্য ৰূপ আৰু উপভাষাৰ ৰূপ সকলোতে একেধৰণে উচ্চাৰিত হৈছে। সংস্কৃতৰ তালব্য ধ্বনিৰ চ, ছ, জ, ঝ, ঞ, য, শ ধ্বনিৰ চ, ছ, জ, ঝ, শ ধ্বনি মান্যভাষা আৰু কামৰূপী উপভাষাত নাইকীয়া হৈছে, কিন্তু গোৱালপৰীয়া দেশী ভাষাত সেইবোৰৰ উচ্চাৰণ তালব্যৰূপে ৰক্ষিত হৈছে। সংস্কৃত তালব্য চ, ছ, জ, ঝ ধ্বনিৰ মান্যভাষা আৰু কামৰূপী উপভাষাত দন্ত্যমূলীয় চ, ছ আৰু ‘ঝ’ত পৰিণত হৈছে। দেশী ভাষাতো ‘ঞ’ আৰু “য’ৰ মান্যভাষা আৰু কামৰূপী উপভাষাৰ নিচিনাই পৰিৱৰ্তন ঘটিছে। (যন্ত্র > জতৰ, যদি > জদি, পুঞ্জি > পুনজি > পুজি)। সংস্কৃতৰ মূর্ধন্য ট, ঠ, ড, ঢ ধ্বনিৰ মান্য অসমীয়া আৰু কামৰূপী উপভাষাত দন্ত্যমূলীয় ধ্বনিৰূপে উচ্চাৰিত হয়; কিন্তু দেশীভাষাত সিহঁতৰ মূৰ্ধন্য উচ্চাৰণ ৰক্ষিত হৈছে। ‘ণ’ৰ ব্যৱহাৰ অৱশ্যে নাই। দেশীভাষাত ৰ’ৰ ব্যৱহাৰ মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ সৈতে একে। ইয়াতো ‘ষ’ ৰ ব্যৱহাৰ নোহোৱা হৈছে। কোনো কোনো ক্ষেত্ৰত ষ > শ; যেনে, ষশু > শাড়, বৃষ > ব্রিশ। সংস্কৃতৰ ঔষ্ঠ্য ‘ৱ’ৰ অসমীয়া মান্যভাষা আৰু উপভাষাত ‘ব’ আৰু ‘উ’ ৰূপে উচ্চাৰিত হোৱা দেখা গৈছে, যেনে— দেৱ > দেব, দেউ, ৱেদ > বেদ, ৱেত্র > বেত। *
১৫। ‘সাহিত্যিক প্ৰাকৃত’ৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ সাহিত্যিক প্ৰাকৃতৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) মহাৰাষ্ট্ৰী প্ৰাকৃতঃ সাহিত্যিক প্ৰাকৃতসমূহৰ ভিতৰত মহাৰাষ্ট্ৰী প্ৰাকৃতক শ্ৰেষ্ঠ বুলি কৰা হৈছিল আৰু আদর্শ বা মানবিশিষ্ট প্ৰাকৃত বুলি ইয়াৰ তুলনাত আন প্রাকৃতসমূহৰ বৈশিষ্ট্য বিচাৰ কৰা হৈছিল। ইয়াৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট্যসমূহ হ’ল—
ধ্বনিগত বৈশিষ্ট্যঃ
১। প্রাচীন ভাৰতীয় আর্যভাষাৰ স্বৰমধ্যৱর্তী একক ক, গ, চ, জ, ত, দ, প, ব ব্যঞ্জন লোপ মহাৰাষ্ট্ৰীৰ এক প্ৰধান বৈশিষ্ট্য। যেনে— লোক > লোঅ, ৰজনী > ৰঅনী, হৃদয় > হিঅঅ।
২। স্বৰৰ মধ্যৱর্তী একক মহাপ্রাণ ব্যঞ্জনৰ অর্থাৎ গ, ঘ, থ, ধ, ফ, ভ আদি ‘হ’ লৈ পৰিৱৰ্তন হয়। যেনে— সখী > সহী, মেঘ > মেহ, পথিক > পহিঅ।
৩। প্রাচীন ভাৰতীয় আর্য ভাষাৰ ‘ন’ অধিকাংশতে ‘ণ’ত পৰিণত হয়। যেনে— ৰজনী > ৰঅণী ইত্যাদি।
৪। শ, ষ, স এই তিনিটা উষ্ম ধ্বনিৰ ঠাইত কেৱল ‘স’ৰ ব্যৱহাৰ। যেনে— শাখা > সাহা, শীর্ষ > সীস ইত্যাদি।
৫। স্বৰমধ্যৱৰ্তী শ, ষ, স-ৰ ‘হ’ত পৰিৱৰ্তন। যেনে— দশ > দহ; দিৱস > দিঅহ ইত্যাদি।
ৰূপগত বৈশিষ্ট্যঃ
১। পঞ্চমীৰ একবচনত ‘-আও’ আৰু ‘-আহি’ বিভক্তিৰ ব্যৱহাৰ হয়। যেনে— পুত্তাও; (আন প্রাকৃতত ‘পুত্তা’) দুৰাহি।
২। সপ্তমীৰ একবচনত সর্বনামৰ বিভক্তি ‘-স্মিন্’ মহাৰাষ্ট্ৰীত ‘স্মি’ হয়। যেনে— পুত্রাস্মিন > পুত্তস্মি।
ধাতুৰূপগত বৈশিষ্ট্যঃ
১। কৰ্মবাচ্যৰ প্ৰত্যয় ‘-য়’ > ‘-ইজ্জ’; যেনে— গম্যতে > গমিজ্জই; সূচ্যতে > সুইজ্জই।
২। অসমাপিকাৰ ‘-ত্ত্বাচ’ > ‘-উন, ঊন’ হয়। যেনে— দৃষ্টা > দটঠুণ।
৩। ধাতুৰ কিছুমান বিশেষ ৰূপৰ ব্যৱহাৰ এই প্ৰাকৃতৰ অন্যতম বৈশিষ্ট্য। যেনে— কুণোতি > কুণই।
(খ) শৌৰসেনী প্ৰাকৃতঃ প্রাচীন শূৰসেন দেশৰ নাম অনুসৰি পশ্চিম ভাৰতৰ মধ্যদেশত প্ৰচলিত প্ৰাকৃতক ‘শৌৰসেনী’ প্ৰাকৃত বুলি অভিহিত কৰা হৈছিল। ইয়াৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট্য হ’ল―
১। প্ৰাচীন ভাৰতীয় আর্যভাষাৰ স্বৰ মধ্যৱৰ্তী ‘ত’, ‘থ’ যথাক্রমে ‘দ’ আৰু ‘ধ’ ত পৰিৱৰ্তন হোৱা শৌৰসেনী প্ৰাকৃতৰ এক প্ৰধান বৈশিষ্ট্য। মহাৰাষ্ট্ৰীত এনে অৱস্থানত ‘ত’ৰ লোপ হয় আৰু ‘ধ’-ৰ ‘হ’ত পৰিণত হয়। যেনে—
কৃত > কদ
প্রাকৃত > পাউদ
মনোৰথ > মণোৰধ।
২। ক্ষ > কখ হয়। যেনে— ইক্ষু > ইকখু।
৩। সংস্কৃতৰ ‘ৰ্য’-ৰ ঠাইত ‘জ্জ’, ‘যয’ দুইটাই লক্ষ্য কৰা যায়। যেনে— আর্য > অজ্জ, অযয।
৪। সংস্কৃতৰ কিছুমান শব্দ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱহাৰ হয়। যেনে―
ইধ > ইধ
মম > মম।
শব্দৰূপগত বৈশিষ্ট্যঃ
১। সপ্তমীৰ একবচনৰ বিভক্তি ‘-স্মিন্’ > ম্হি; কেতিয়াবা ‘-সসিং’ বিকল্পে হোৱা দেখা যায়। যেনে— সৱস্মিন্ > সব্ৱমহি; সব্ৱস্সিং।
২। সর্বনাম ‘অষ্মদ’ শব্দৰ প্ৰথমাৰ বহুবচন বিকল্পে ‘বঅং’ হয়। যেনে— বয়ম্ > বঅং ৷
ধাতুৰূপগত বৈশিষ্ট্যঃ
১। কৰ্মবাচ্যৰ -য > ঈঅ; যেনে— গম্যতে > গমীয়দি ৷
২। অসমাপিকা -ত্ত্বাচ > -ইঅ হয়। যেনে— কৃত্বা > কৰিঅ।
৩। নিমিত্তাৰ্থক ক্ৰিয়াৰ -তুম্ > দুং হয়। যেনে— কৃ + তুম > কাদুং।
(গ) মাগধী প্ৰাকৃতঃ মাগধী আছিল ভাৰতৰ পূৱ অঞ্চলৰ প্ৰাকৃত। প্রাচীন মাগধী কৰি কথ্য প্ৰাকৃতৰ যি প্ৰাচ্য উপভাষাৰ বিকাশ হৈছিল তাৰ পৰাই এই সাহিত্যিক প্রাকৃত উঠে বুলি অনুমান কৰা হৈছে।
ধ্বনিতাত্ত্বিক বৈশিষ্ট্যঃ
১। প্ৰাচীন ভাৰতীয় আর্যভাষাৰ শ, ষ, স শিশধ্বনি তিনিটাৰ ভিতৰত মাগধী ব্যৱহাৰ হয়। যেনে— দিৱস > দিঅশ; পুৰুষ > পুলিশ।
২। ‘ৰ’ ধ্বনি ‘ল’ত পৰিৱৰ্তন হয়। যেনে— ৰাজ্ঞা > লঞঞা; ঈশ্বৰ > ঈশলে।
৩। “জ” ধ্বনি ‘য’ত পৰিৱৰ্তন হয়। যেনে— জীৱিত > যীৱিদ; জানাতি > যাণাদি ।
৪। পদমধ্যস্থিত একক ত, থ যথাক্রমে দ, ধ-ত পৰিৱৰ্তন হয়। যেনে— পুচ্ছিতঃ > পুশ্চিদে; কথয় > কধেহি।
৫। সংযুক্ত ব্যঞ্জনসমূহ স্বাভাৱিক নিয়মেৰে সমীভূত হয়। যেনে ― ৰ্জ , ৰ্য, দ্য > যয;জ্ঞ, ঞ্জ, ণ্য, ন্য > ঞঞ— অর্জুন > অযযুণ; অদ্য > অযয; কন্যক > কঞঞকা ।
৬। সমীভৱন নোহোৱাকৈ সংযুক্ত ব্যঞ্জন ৰক্ষিত হয়। যেনে— হস্তিস্কন্ধং, হতঃ + অস্মি > হদেস্মি; স্ফুৰতি > স্ফুলন্তি।
৭। অনিয়মিতভাৱে পৰিৱৰ্তন হয়। যেনে—
চ্ছ > শ্চঃ গচ্ছতি > গশ্চদি;
র্থ > স্তঃ বিক্রয়ার্থম > বিকঅস্তং
স্থ> স্তঃ উপস্থিত > উপস্তিদ।
শব্দৰূপগত বৈশিষ্ট্যঃ
১। অ-কাৰান্ত বিসর্গ (অঃ) ‘এ’-কাৰ হয়। যেনে— নৰঃ > ণলে; এষঃ > এশে।
২। সম্বোধনত অ-কাৰান্ত শব্দ আ-কাৰান্ত হয়। যেনে— হে পুৰুষ > হে পুলিশা ৷
৩। ষষ্ঠীৰ একবচনত ‘স্য’ ‘শশ’ হোৱাৰ উপৰিও কেতিয়াবা ‘-আহ’ বিভক্তি যুক্ত হয়। যেনে— পুৰুষস্য > পুলিশশ্শ।
৪। স্বাৰ্থিক ‘-ক’ প্রত্যয়ৰ বহুল প্ৰয়োগ মাগধীৰ লক্ষণীয় বৈশিষ্ট্য; ভতৃকাঃ > ভষ্টকে।
৫। সর্বনামৰ ‘অস্মদ” শব্দৰ প্ৰথমাৰ একবচনত ‘হকে’, ‘অহকে’ (সং-‘অহম’) তিনিটা ৰূপ পোৱা যায়।
ধাতুৰূপগত বৈশিষ্ট্যঃ
১। কৃ, গম, মৃ ধাতুৰ পাছৰ ‘ক্ত’ প্রত্যয়ৰ ঠাইত -‘ড’ হয়; যেনে— কৃতঃ > কড়ে; গতঃ > গডে।
২। অসমাপিকাৰ ‘ত্ত্বাচ’ প্রত্যয়ৰ ঠাইত ‘উণ’, ‘দুণ’ হোৱাৰ উপৰি কেতিয়াবা ‘-দানি’ হোৱা দেখা যায়। যেনে— কৃত্বা > কৰিদানি ।
(ঘ) অর্ধ-মাগধীঃ প্রাচীন শূৰসেন আৰু মগধৰ মধ্যৱৰ্তী প্ৰাচীন কৌশল অঞ্চলৰ কথ্য প্ৰকৃতৰ ওপৰত ভিত্তি কৰি অৰ্ধ-মাগধী সাহিত্যিক প্ৰাকৃতৰ উদ্ভৱ হয়।
ধ্বনিগত বৈশিষ্ট্যঃ
১। ৰ’ আৰু ‘ল’ দুই ধ্বনিৰ ব্যৱহাৰ ৰক্ষিত হৈছে অৰ্থাৎ মাগধীৰ দৰে ‘ৰ’ ধ্বনি ‘ল’ লৈ পৰিৱৰ্তন হোৱাও দেখা যায়। আকৌ কোনো পৰিৱৰ্তন নোহোৱাকৈও ‘ৰ’ ৰ ব্যবহাৰ হোৱা দেখা যায়। যেনে— দাৰুণ > দাৰুণ, দালুণ।
২। স্ব মধ্যৱৰ্তী লুপ্ত ব্যঞ্জনৰ ঠাইত ‘য়’ শ্ৰুতিৰ আগম এই প্রাকৃতৰ উল্লেখযোগ্য বৈশিষ্ট্য। যেনে— সকল > সয়ল, জীৱিত > জীৱিয়।
৩। মূর্ধন্যীভৱন অন্যান্য প্রাকৃতৰ তুলনাত এই প্রাকৃতত প্ৰচুৰ পৰিমাণে দেখা যায়। যেনে― ঔষধ > ওসচ, দংশ > ডসই।
৪। ‘ণ’ আৰু ‘ন’ দুইটাৰে ব্যৱহাৰ আছে। যেনে— নদী > ণঈ, নঈ।
৫। সংযুক্ত ব্যঞ্জন স্ম > ংস হয়। যেনে— অস্মিন্ > অংসি।
শব্দৰূপগত বৈশিষ্ট্যঃ
১। অ-কাৰান্ত বিসৰ্গ (-অঃ) যুক্ত শব্দ ‘এ’ আৰু ‘ও’ দুই ধৰণেৰে পৰিৱৰ্তন হয়। যেনে— জনঃ > জণে, জণো; পূর্বঃ > পূৰবো।
ধাতুৰূপগত বৈশিষ্ট্যঃ
১। সপ্তমীৰ একবচনৰ বিভক্তি ‘-স্মিন্’>’-ংসি’ হয়। যেনে— লোকস্মিন্ > লোগংসি।
২। নিমিত্তার্থক ক্রিয়া গঠনত ‘-তুম’ > ‘-ওএ’ বা ‘-ওু’, ‘-ইওএ’ বা ‘-ওু’ হয় যেনে― কৃত্বা > কওএ বা কত্ব।
৩। অসমাপিকাৰ বিবিধ ৰূপ পোৱা যায়। যেনে— সংস্কৃত-ত্বা > ত্তা, -চ্চা, -ইওা, -ইআ।
৪। অতীত কালৰ বচনত ‘-ইংসু’ প্রত্যয়ৰ ব্যৱহাৰ আৰু পালিৰ দৰে শানচ্ জাত-মান। -আন প্রত্যয়ৰ ব্যৱহাৰ অৰ্ধ-মাগধীৰ অন্যতম বৈশিষ্ট্য।
(ঙ) পৈশাচীঃ উত্তৰ পশ্চিমা কথ্য প্ৰাকৃতৰ ভিত্তিত পৈশাচী নামৰ সাহিত্যিক প্ৰাকৃতে গঢ় লৈছিল বুলি অনুমান কৰা হৈছে।
ধ্বনিতাত্ত্বিক বৈশিষ্ট্যঃ
১। স্বৰৰ মধ্যৱৰ্তী ঘোষ ব্যঞ্জনৰ অঘোষীভৱন হয়। যেনে— গগণ > গকণ, শাৰক > সাৰগ ইত্যাদি।
২। স্বৰৰ মধ্যৱৰ্তী একক অল্পপ্রাণ ব্যঞ্জনৰ আলোপ আৰু মহাপ্ৰাণৰ ‘হ’ ধ্বনি পৰিৱৰ্তনহীনতা। যেনে— নগৰ > নকৰ, মেঘ > মেঘ।
৩। ‘ত’ৰ অৱস্থিতি আৰু ‘দ’ৰ ‘ত’ত পৰিৱৰ্তন। যেনে— প্রদেশ > পতেস, ভগৱতী > ফকৱর্তী ইত্যাদি।
৪। ণ > ন, হয়। তৰুণী > তলুনী, নগৰ > নগৰ ইত্যাদি।
৫। শ, ষ > স হয়। যেনে— বিষম > বিসম, শীল > সিল।
৬। মাগধীৰ বৈশিষ্ট্য ৰক্ষিত এই প্ৰাকৃতৰ এক লক্ষণীয় বৈশিষ্ট্য। কোনো কোনো ক্ষেত্ৰত ‘ৰ’ ধ্বনি ‘ল ‘ত পৰিৱৰ্তন হৈছে আৰু মাগধীৰ দৰে জ্ঞ, ন্য, ণ্য > ঞঞ হয়। যেনে— তৰুণী > তলুনী, বিজ্ঞাতঃ > বিঞ্ঞতো ইত্যাদি।
৭। সংযুক্ত ব্যঞ্জন স্বৰভক্তিৰে সৰলতা প্রাপ্ত হয়। যেনে— ভাৰ্য্যা > ভাৰিয়া, স্থান > সনান ইত্যাদি।
শব্দৰূপগত বৈশিষ্ট্যঃ
১। বিসর্গযুক্ত অ-কাৰান্ত শব্দ ‘-ও’ কাৰত পৰিণত হৈছে যদিও শব্দৰূপত বিকল্প প্ৰয়োগৰ আধিক্য দেখা যায়। তদুপৰি কিছুমান শব্দৰ বিশেষ পৰিৱৰ্তনো লক্ষণীয়; যেনে— কার্য > কচ্চ; ইৱ > দিৱ; হৃদয় > হিঅঅকং।
২। কর্মবাচ্যৰ -য > -যয্; যেনে— গীয্তে > গিযয্তে।
৩। অসমাপিকাৰ -ক্তা > -তুন; যেনে— কৃত্বা > কাতুন।
১৬। অৱহট্ঠ বুলিলে কি বুজা? এই ভাষাৰ বৈশিষ্ট্যসমূহ কি কি? উল্লেখ কৰা ৷
উত্তৰঃ প্রাকৃত ভাষাৰ বিৱৰ্তনৰ শেষ স্তৰ অপভ্রংশ ভাষা আৰু সাহিত্যৰ দ্বাৰা চিহ্নিত কৰা হৈছে। অৰ্থাৎ সাহিত্যিক প্ৰাকৃত আৰু আধুনিক ভাৰতীয় আর্যভাষাৰ উদ্ভৱৰ মধ্যৱৰ্তী স্তৰকেই কোৱা হয় অপভ্ৰংশৰ স্তৰ। এই স্তৰৰ আনুমানিক স্থিতিকাল খৃষ্টাব্দ ষষ্ঠ শতাব্দীৰ পৰা খৃষ্টাব্দ দশম শতাব্দী পর্যন্ত। খ্রীষ্টাব্দ ষষ্ঠ শতাব্দীৰ পৰা অপভ্ৰংশৰ বিকাশৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগ কৰা হৈছে। প্রাচীন অপভ্রংশ আৰু অর্বাচীন অপভ্রংশ বা অৱহট্ঠ। সাহিত্যিক পৰিৱৰ্তিত ৰূপটো প্রাচীন অপভ্রংশ বুলি গণ্য কৰা হয়। আৰু আধুনিক ভাৰতীয় আর্য ভাষাৰ উদ্ভৱৰ পূৰ্ব ৰূপটো অৱহট্ঠ বুলি ধৰা হয়। ডঃ সুকুমাৰ সেনে ‘ভাষাৰ ইতিবৃত্ত’ গ্ৰন্থত উল্লেখ কৰি কৈছে যে মধ্যভাৰতীয় আৰ্যৰ যি সার্বজনীন ৰূপটো অশিষ্ট লোক সাহিত্যৰ বাহক হৈ উঠিছিল। সিয়েই অপভ্রংশ আৰু ই অপভ্ৰংশৰ যি অর্বাচীন ৰূপটো আধুনিক ভাৰতীয় আৰ্যৰ জনক অর্থাৎ অব্যৱহৃত পূৰ্ব্বৱস্থা সিয়েই অপভ্রষ্ট বা অৱহট্ঠ অর্থাৎ অর্বাচীন অপভ্রংশ।
অৱহট্ঠ প্ৰথম অৱস্থাত লৌকিকেই আছিল যদিও ইয়াৰ মাধ্যমেৰে জৈন বৌদ্ধ আৰু শৈৱনাথ সম্প্ৰদায়ে সাহিত্যাদি সৃষ্টি কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত ই প্রাচীন অপভ্রংশ ৰূপ অনুসূত হৈ পৰে। তথাপিতো প্রাচীন অপভ্রংশতকৈ অৱহট্ঠৰ কথ্যধর্মী গুণ বা লৌকিক উপাদান যথেষ্ট বেছি।
অৱহট্ঠ ভাষাৰ কিছুমান নিজস্ব বৈশিষ্ট্য দেখা যায়। সেইসমূহৰ বিষয়ে তলত উল্লেখ হ’ল―
১। এক স্বৰৰ পৰিৱৰ্তে অন্য এক স্বৰৰ ব্যৱহাৰ অৱহট্ঠত দেখা যায়। যেনে― এক > ইকু, ৰাহু > ৰাহি, নাম > নামু ইত্যাদি।
২। অন্তস্থিত দীর্ঘস্বৰবোৰ-হ্রস্বস্বৰত পৰিণত হয়। যেনে— কমলা > কমল ইত্যাদি।
৩। স্বৰ সংকোচন পদান্ত ‘ম’ৰ ঠাইত ‘ং’ বা ‘ৱ’ হোৱা দেখা যায়। তদুপৰি অপভ্ৰংশত থকা সংযুক্ত ‘ৰ’ লোপ, পদান্ত ‘ই’ নাসিক্য হয়।
৪। অ-কাৰান্ত শব্দৰ প্ৰথম একবচনত ‘উ’ত বহুলতা, বিভক্তিহীন কাৰকৰ প্ৰয়োগ অৱহটত বৈশিষ্ট্য।
৫। ষষ্ঠীৰ একবচনত ‘হ’ বিভক্তি হয়। যেনে— মুগ্ধায়াঃ > মুগ্ধহ, বিজয়নগৰস বিজয়নয়ৰস্য ইত্যাদি।
৬। বিভক্তিৰ ‘ম’ কাৰৰ লোপ অথবা বিভক্তিহীন ইয়াৰ অন্যতম লক্ষণ। যেনে- নগৰম > গয়ৰ।
৭। একোটা শব্দ দুই তিনিটা ৰূপত ব্যৱহাৰ হোৱা অৱহট্ঠৰ প্ৰধান বৈশিষ্ট্য। এনে ব্যৱহাৰে ভাষাটোক কাব্যধর্মী গুণ প্ৰকাশ কৰিছে।
৮। যৌগিক ক্ৰিয়া আৰু যৌগিক কৰ্মবাচ্যৰ ব্যৱহাৰ অবহট্ঠত দেখা পোৱা যায়।
৯। তব্য প্রত্যয়ান্ত শব্দ সম্ভাৰক আৰু ভৱিষ্যতৰ অৰ্থত ব্যৱহাৰ হয়।
১০। অসমাপিকা ৰূপ গঠনত ই প্ৰত্যয়ৰ ব্যৱহাৰ পুৰুষবাচক সর্বনাম ‘তিনি’, ‘জিনি’ৰ প্ৰয়োগ ‘কিম’, ‘জিন’, ‘তিম’ আদিৰ সৰ্বনামীৰ প্ৰয়োগ অৱহট্ঠৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য।
১৭৷ অসমীয়া ভাষাৰ লগত অৱহট্ঠ স্তৰৰ সম্বন্ধ নিৰূপণ কৰা।
অথবা
অৱহট্ঠৰ কোনবোৰ বৈশিষ্ট্য অসমীয়াত ৰক্ষিত হৈছে?
উত্তৰঃ প্রাপ্ত সাহিত্যৰ ভাষা-বৈশিষ্ট্য লক্ষ্য কৰি অৱহট্ঠৰ দুটা স্তৰ পোৱা যায়ঃ
(ক)প্ৰাচীন অৱহট্ঠ বা অপভ্রংশ অনুসৃত অৱহট্ঠ। আৰু
(খ) লৌকিক অৱহট্ঠ বা ‘দেশী’।
অৱহট্ঠত সাহিত্য সৃষ্টি হোৱাৰ কালছোৱাত জনসাধাৰণৰ মাজত কথ্যৰূপ এটা প্রচলিত হৈ আছিল, এই কথ্যৰূপটো আছিল সৰল। এই ৰূপটোকে ক’ব পাৰি লৌকিক অৱহট্ঠ বা ‘দেশী’ (বিদ্যাপতিৰ ভাষাত ‘দেসিল বঅণা’)। ইয়েই প্রকৃততে ‘প্রত্ন নব্য ভাৰতীয় আর্য বা আধুনিক ভাৰতীয় আর্যভাষাসমূহৰ ‘উপক্ৰম পৰ্ব”। এই সময়ৰ ভাষাৰ বৈশিষ্ট্য হ’ল — অৱহট্ঠৰ ৰূপৰ লগত ‘প্রত্ন নব্য-ভাৰতীয় আর্যভাষাৰ ‘ৰূপৰ মিশ্ৰণ’ অর্থাৎ ভাষা অৱহট্ঠ যদিও তাত স্থানীয় উদ্গম্যমান নব্য আর্যভাষাৰ ছাপ পৰিছিল। এনে সংমিশ্রিত সাহিত্যিক ৰূপ বিধৃত হোৱা দেখা যায়। ৰাজস্থানৰ ‘ডিংগল সাহিত্য’ত, গুজৰাটৰ ‘পিংগল সাহিত্য’ত, মধ্যদেশৰ চান্দ্ বৰ্দাঈৰ ‘পৃথ্বীৰাজ ৰাসৌ’, পূব ভাৰতৰ ‘প্ৰাকৃত পৈংগল’ আৰু ‘চর্যাপদ’ৰ মাজত।
পণ্ডিত হৰপ্রসাদ শাস্ত্রীয়ে নেপালৰ পৰা উদ্ধাৰ কৰি অনা ‘দোহাকোষ’, ‘চর্যাপদ’, ‘ডাকার্ণৱ’ এই তিনিখন গ্ৰন্থৰ ভিতৰত ‘দোহাকোষ’ত সন্নিৱিষ্ট সৰহপাদ, কাহ্নপাদ, তিল্লোপাদৰ দোহাবিলাক অৱহট্ঠৰ প্ৰাচীন ৰূপৰ নিদৰ্শন। আনহাতে এইসকল সিদ্ধাচাৰ্যৰে ‘চর্যাপদ’ৰ দোহাত অৱহট্ঠ ৰূপৰ লগত প্রত্ন নব্য-আর্যভাষাৰ মিশ্রণ ঘটা দেখা যায়। অর্থাৎ ধৰ্মচৰ্চাৰ কাৰণে সিদ্ধাচাৰ্যসকলে এফালে অপভ্ৰংশৰ ছায়ানুগ প্রাচীন অৱহট্ঠত ৰচনা কাৰ্য কৰিছিল আৰু আনফালে প্রত্ন-নব্য-আর্যভাষাৰ ৰূপ সংমিশ্ৰণ কৰি ৰচনা কাৰ্য কৰিছিল। সিদ্ধাচাৰ্যসকলে ‘দোহাকোষ’ত যি ধৰ্ম-সাধনৰ কথা বিবৃত কৰিছে ‘চর্যাপদ’তো সেই সাধনাৰ কথাকে বিকৃত কৰিছে, মাত্র চর্যাপদত নব্য-ভাৰতীয় আর্যভাষাৰ উদ্ভৱপৰ্বৰ ছাপ পৰিছে।
এনেদৰে ‘চর্যাপদ’ৰ ভাষাও লৌকিক অৱহট্ঠৰ অন্যতম নিদর্শন, অর্থাৎ পূব-ভাৰতৰ আর্যভাষাৰ প্ৰত্নৰূপৰ লগত অৱহট্ঠৰ মিশ্রণ ঘটিছে। উদাহৰণস্বৰূপে চৰ্যাপদৰ দোহাৰ অন্যতম ৰচয়িতা আর্যদেৱৰ ৰচনাত উড়িয়াৰ বৈশিষ্ট্য, যেনে— অধিকৰণত ‘-ৰে’, অতীতকালত ‘থিল’ প্রত্যয়ৰ ব্যৱহাৰ ইত্যাদি। শান্তিদেৱৰ দোহাত মৈথিলীৰ বৈশিষ্ট্য যেনে— অতীতকালত -‘অল’, ভৱিষ্যতকালত ‘-অব’, বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ‘-অথি’ প্রত্যয়ৰ ব্যৱহাৰ, কাহ্ন, সৰহ, ভুসুকুপাদৰ দোহাত কৰ্মত ‘-ক’, অধিকৰণত ‘-ত’ ষষ্ঠীৰ ‘-ৰ’, ‘-অৰ’ আদি বাংলা, অসমীয়াৰ বৈশিষ্ট্য ৰক্ষিত হৈছে।
অৱহট্ঠৰ ৰূপতত্ত্বগত বহু বৈশিষ্ট্য অসমীয়া ভাষাত ৰক্ষিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে—
(ক) অৱহট্ঠৰ বিশিষ্ট স্ত্রী প্রত্যয় ‘ঈ’ ‘ই’; অসমীয়াতো ‘ঈ’, ‘স্ত্রী’ প্রত্যয় হিচাপে ব্যৱহাৰ হয়।
(খ) ‘লোক’ অৱহট্ঠৰ বহুবচনৰ প্ৰত্যয়; অসমীয়াতো ৰক্ষিত।
(গ) কাৰক বিভক্তিৰ ঠাইত অনুপদৰ ব্যৱহাৰ ৰীতি আৰু বিভক্তিৰ পৰা স্বতন্ত্ৰ হৈ অৱস্থান কৰা বৈশিষ্ট্য অসমীয়াতো ৰক্ষিত।
(ঘ) যৌগিক ক্ৰিয়াৰ ব্যৱহাৰ অৱহট্ঠৰ এক নতুন বৈশিষ্ট্য। যেনে— বিসাম কৰু, ভক্তি কৰু, কৃ ধাতুৰ যোগত এনে যৌগিক ক্ৰিয়াৰ (Compound Verb) ব্যৱহাৰ দেখা যায়। অসমীয়াতো যৌগিক ক্ৰিয়াৰ প্ৰচলন যথেষ্ট আছে।
(ঙ) অৱহট্ঠৰ সমমাত্ৰিক আৰু অন্ত্যমিল ছন্দসজ্জাই নব্য ভাৰতীয় আৰ্যৰ ছন্দ সজ্জাত ব্যাপক প্রভাৱ পেলাইছিল। অৱহট্ঠৰ বিশিষ্টতম ছন্দ আছিল ‘চউপঈ’; অসমীয়াৰ পয়াৰ ছন্দ ইয়াৰ পৰাই উদ্ভৱ।
(চ) বিভক্তিহীন বা লুপ্ত বিভক্তিৰ পদৰ ব্যৱহাৰ অৱহট্ঠৰ এক প্ৰকাৰ ৰীতিসন্মত হৈ উঠিছিল। কৰ্তা-কৰ্মৰ বিভক্তি লুপ্ত হৈ একে আকাৰেৰে পদ প্ৰয়োগ হোৱা ৰীতি অৱহট্ঠৰ মাজেদিয়েই অসমীয়ালৈ আহিছে। অসমীয়াত মুখ্য কর্ম যেতিয়া অনির্দিষ্ট হয় বা জাতিবাচক বা জড়বস্তু হয়, তেতিয়া কৰ্মকাৰকত কোনো বিভক্তি যোগ নহয়।
(ছ) সংস্কৃতৰ ‘য়’ যুক্ত কৰ্মবাচ্য পদ প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তিত হৈ ‘-ইঅ’ ‘ঈঅ’ ৰূপে অৱহট্ঠ পর্যন্ত প্ৰচলন আছিল। ইয়াৰ প্ৰভাৱেৰে বাংলা, উড়িয়া আৰু অসমীয়া আদিৰ প্ৰাচীন স্তৰলৈকে -ই, ইয়া, -ইয় ৰূপত ব্যৱহাৰ হৈ আছিল। আধুনিক অসমীয়াত এইবোৰৰ প্ৰয়োগ নাই যদিও কৰ্মবাচ্যৰ ক্ৰিয়া তৃতীয়া পুৰুষৰ হ’লে দেখ্, শুন্, বুজ্, পাৰ্ আদি কেইটামান সীমিত ধাতুৰ পাছত ‘-ই’ যোগ কৰি কৰ্মবাচ্যৰ ক্ৰিয়াৰ ৰূপ ব্যৱহাৰ কৰা হয়।
আধুনিক ভাষাবোৰৰ উদ্ভৱৰ পাছতো অৱহট্ঠৰ প্ৰভাৱ বা জনপ্রিয়তা যথেষ্ট আছিল। পঞ্চদশ শতাব্দীৰ মৈথিলী কবি বিদ্যাপতিয়ে অৱহট্ঠৰ মাধ্যমেৰে কাব্য ৰচনা কৰাৰ প্ৰেৰণা পোৱাই ইয়াৰ উৎকৃষ্ট প্রমাণ।
১৮। সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যত পৰিলক্ষিত হোৱা আৰ্য-আৰ্যভিন্ন উপাদানসমূহ ফাঁহিয়াই দেখুওৱা।
উত্তৰঃ ১৯৪০ চনৰ পাছৰ পৰা অসমীয়া জাতীয় জীৱনলৈ অলেখ দুৰ্যোগ আৰু বিপর্যয় নামি আহে। এই সকলোবোৰ দুৰ্যোগ আৰু সুযোগৰ মাজত বিশেষকৈ অসমীয়া ভাষা আৰু সাহিত্যই নতুন পথেৰে খোজ দিলে। সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ কবিতাই নতুন সাজ পিন্ধিলে। জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি ৰখা সাম্প্রতিক কবিতাৰ ধৰ্মই হৈ পৰিল। ঠিক সেইদৰে অসমীয়া উপন্যাসৰ ক্ষেত্ৰতো যেন নবযৌৱন আহিল। এতিয়া উপন্যাস সমাজমুখী হ’ল। সমাজৰ, নগৰৰ আৰু গাঁৱৰ নানা সমস্যাই উপন্যাসিকৰ চিত্ত ব্যাপৃত কৰিলে।
এই সময়ত অসমীয়া সাহিত্যৰ মাজেদি প্ৰতিফলিত হোৱা অসমীয়া ভাষাটোত মনোভাৱক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ চেষ্টা পৰিলক্ষিত হয়। এইক্ষেত্ৰত নতুন নতুন সংযুক্ত শব্দৰ প্ৰয়োগৰ বৃদ্ধিৰ কথা মন কৰিবলগীয়া। সংযুক্ত শব্দৰ কিছুমান এনেধৰণৰ― অশনি-গর্ভ, বিহু পথাৰ, তুহিন-স্পর্শ, কুঁৱলী-সনা, মৃত্যু-মিলন, মৃত্যু-শান্ত, সময়-দৈত্য, মৰম-মিলন, জুই-পোহৰ, কামনা-ৰঙীন, মৰম-মুকুতা, জীৱন-বহী ইত্যাদি।
বিশেষাত্মক নতুন প্রয়োগ কিছুমানেও দেখা দিলে― আবেলি-আবেলি (গোন্ধ), কাজলবুলীয়া (চকু), অশান্ত (কান্দোন), তীক্ষ্ণ (মেঘ), পূবালি (বতাহ), তামৰঙী (আকাশ), সৰীসৃপ (কামনা), সর্পিল, স্বপ্নালু, স্বপ্নিল, ৰুটিনীয়া (শ্রম), কোমল (পুৱা), চিনাকী (গোন্ধ) ইত্যাদি।
কিছুমান আলংকাৰিক আৰু নতুন প্রয়োগো ঘটিল― এমুঠি হাঁহি, মেঘৰ মোহনা, অশৃঙ্খল, (তেওঁৰ অজান্তে), দ্রুত ভৰিৰ (শব্দ), বিজুলিৰ জিলিক ইত্যাদি।
অসমৰ ভৌতিক আৰু বৌদ্ধিক দিশত হোৱা পৰিৱৰ্তনৰ ফলত অসমীয়া ভাষাত ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ, সংযুক্ত শব্দ, প্রতিধন্যাত্মক শব্দ, জনজাতীয় ভাষাৰ শব্দ, সৃষ্ট শব্দ আদি নানা শব্দৰ ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিলে। উদাহৰণস্বৰূপে কমৰেড, কাৰাভান, কেৰল, ডাষ্টবিন, ফুট-পাথ, চোৰাহী, হাইৱে, লাউড-স্পিকাৰ ইত্যাদি। নতুন তদ্ধিত প্রত্যয় আৰু পূৰ্বৰ তদ্ধিত প্রত্যয়ৰ সহায়ত নতুন শব্দ কিছুমানৰো সৃষ্টি হ’ল— বোমা-আৰু > বোমাৰু (বিমান), পইছা-ৱালা, আদি। অসমীয়া ভাষা-সাহিত্যত প্ৰচুৰ পৰিমাণে তৎসম শব্দৰ আমদানি হ’ল। যেনে— উপায়ুক্ত, অনুমোদন, ৰোপন, উপভোগ, নিৱাস, আৱাসিক, অশ্ব-শক্তি, ইপিনে অসমীয়া কবি-সাহিত্যিকসকলেও তৎসম শব্দৰ ব্যৱহাৰ বঢ়াই তুলিলে। তলত সেইবোৰৰ কিছুমান উল্লেখ কৰা হ’ল— পাণ্ডুৰ, ক্লেদময়, কুটিল, অনাৱিল, স্থানু, নিৰন্ন, প্রমত্তা, প্রৌঢ়া, প্রগল্ভা ইত্যাদি।
ইয়াৰ উপৰি মুষ্টিমেয় প্রতিভাৱান লোকৰ ৰচনাত জীণ যোৱা অসমীয়া ভাষাৰ ব্যৱহাৰো নোহোৱাকৈ থকা নাই। তলত তাৰ এটা চানেকি দিয়া হ’ল— “এনেকুৱা এটা অশ্বস্তিকৰ অসহ্য গৰম উঠিছিল যে নিজকে জীয়াই জীয়াই তাপত সিদ্ধ হোৱা যেন লাগিছিল। ঘামত গোটেই দেহটো লুটুৰি-পুটুৰি হৈ পৰিছিল। সেই সময়ত বিহুলী পাঙ্খাৰ বতাহ লৈ বিছনাত দীঘল দি এঘুমটি শোৱাতকৈ বেছি ভাল লগা কাম আন একোৱেই নিশ্চয় হ’ব নোৱাৰিলেহেঁতেন।”
সংস্কৃত শব্দৰ ব্যৱহাৰ যেনে— আত্মাভিমান, তেজোদীপ্ত, স্পষ্টোজ্জবল, গর্বাভিমান, হর্ষোন্মাদী ইত্যাদি দেখা যায়। জনজাতীয় শব্দ— ধোৱা চাং, তুলাপাত, লাওপানী, আটোমটোকাৰী, চিফুং, বাঁহী, জোকাৰ, ফণিয়া, টোপনি, নৃপতি, চুঁচি-মাজি, মুদৈ, এলা-পেচা, পেন্থকনা, নাগ-ঘাটি, ডিঙি, গল, আতা, আবু, চালপীৰা, শেতেলী, লাপুং, আটাহ, বৰে পুৱা, হোটোৰ, টাঙোন, টোকোন, হেহোঁ-নেহোঁ ইত্যাদি অসমীয়া ভাষা-সাহিত্যৰ এটি উল্লেখযোগ্য উপাদান পৰিলক্ষিত হয়।
অসমীয়া ভাষাৰ বৈশিষ্ট্যসূচক নির্দিষ্টতাবাচক প্রত্যয়ৰ বহুল ব্যৱহাৰ এই যুগৰ ভাষাৰ অন্যতম বৈশিষ্ট্য। উদাহৰণ— পোনাকণ, চুলিকোছা।
জুইকুৰা, এচাব কোৰ, এহালিচা পাতনি, গাভৰুজনী, গৰুজন, ফুলপাহ, পানৈযুৰি, কেৰুযোৰ, এইসোল।
অসমীয়া ভাষাটোৰ, অসমীয়া মান্য ভাষাটোৰ প্ৰকৃতস্বৰূপ, ইয়াৰ গঠন পদ্ধতি আদিৰ বিষয়ে সম্যক দৃষ্টি নৰখাকৈয়ে সাহিত্য-ৰচনাত প্ৰবৃত্ত হোৱাৰ ফলত অসমীয়া ভাষাত এক প্ৰকাৰ অনুশাসনহীনতাই দেখা দিছিল। তলত সেইবোৰ উল্লেখ কৰা হ’ল— ধোঁৱাৰ মাজেৰে, স্বপ্নৰে (উতলা), মূৰত আকাশ ভাগি পৰিল, বৰষুণ এৰিব ধৰিছে। কিছুমান শব্দ গঠন পদ্ধতিৰ দৃষ্টিৰে ভুল যদিও কাগজে-পত্ৰই আনকি খ্যাত লেখক কিছুমানৰ ৰচনাতো সেইবোৰ চলি আছে, যেনে– তাৰোপৰি, উপৰোক্ত, উল্লেখিত, নোৱাৰা (কাম), ওতঃপ্ৰোত আদি। কিছুমান শব্দ মূলগতভাৱে অশুদ্ধ হোৱা সত্ত্বেও সেইবোৰ বহুতেই ব্যৱহাৰ কৰে; যেনে, মহত্ব, সত্ত্বেও, নামকৰণ, উনৈশ আদি। বহুতো ক্ষেত্ৰত অসমীয়া শব্দ থকা সত্ত্বেও আন ভাষাৰ শব্দৰ ব্যৱহাৰ কৰা দেখা যায়; যেনে – ‘তেতিয়াৰ কালৰ’, ‘স্বগীয়’, আদি শব্দৰ ঠাইত ব্যৱহাৰ কৰা হয় ‘তদানীন্তন’, ‘প্রয়াত’ আদি। প্রতি শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসমীয়া ভাষা আৰু সংস্কৃত ভাষাৰ সাধাৰণ জ্ঞানৰ অভাৱ বহুতো ক্ষেত্ৰত পৰিলক্ষিত হয়, যেনে– ‘গেষ্টহাউছ’ৰ প্ৰতিশব্দ কৰা হৈছে ‘অতিথি-গৃহ’। তাতকৈ ‘অতিথি-শালা’টো বেছি ভাল, তাতোকৈ ঘৰুৱা অসমীয়া শব্দ। ‘আলহী’ ঘৰ ৰখাহেঁতেন একো বেয়া নহ’লহেঁতেন। তেনেকৈ ‘ফাইনেল ইয়াৰৰ প্রতিশব্দ ‘চূড়ান্ত বৰ্ষ’ ৰূপে দেখা গৈছে। এনে ধৰণৰ আৰু অনেক প্রয়োগৰ উল্লেখ কৰিব পাৰি। এই সংক্ৰান্তত অসমীয়া শিক্ষিত লোকসকলে অযথাভাৱে ইংৰাজী শব্দৰ ব্যৱহাৰ কৰাও দেখা যায়। যেনে – ‘আজি বতৰটো ভাল নহয়’, ‘আজি বৰষুণ হ’ব’ আদি সাধাৰণ বাক্যক ‘আজি ওৱেডাৰটো ভাল নহয়’। ‘আজি ৰেইন হ’ব’এনে ধৰণে কোৱা লোকো আছে।
এই প্রসঙ্গতে ড° মহেন্দ্ৰ বৰাই উল্লেখ কৰা কথাকেইটামানো যথেষ্ট গুৰুত্বপূর্ণঃ
(ক) অসমীয়া ভাষাৰ অগ্ৰগতিৰ পথত আটাইতকৈ ডাঙৰ হেঙাৰখন পুতি লৈছো আমি নিজে। আমাৰ এচাম মানুহৰ মনত বিশেষকৈ নগৰকেইখনৰ মানুহৰ মনত নিজৰ ল’ৰা-ছোৱালীক হাফ-ছাহাব নাইবা হাফ-মেম কৰাত অসুস্থ আকাংক্ষা এটাই বাহ লৈছেহি।
(খ) আমাৰ বহুতেই (অসমীয়া লেখক) যেনে তেনে লেখক হৈ যোৱাৰ পাৰ-পত্ৰ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ সৰহভাগেই শব্দৰ বিন্যাসত ক্ৰমৰ বেমেজালি সৃষ্টি কৰিয়েই কবি হৈ পৰাৰ সহজ বাট বিচাৰি পাইছে । … কবি হোৱাৰ অথবা অন্য যিকোনো এটা সাহিত্য-ৰূপৰ সাধক হৈ পৰাৰ বাবে আটাইতকৈ আৱশ্যকীয় বস্তুটো হ’ল, আপোন প্রতিভাক সঠিকভাৱে চিহ্নিত কৰিব পৰাৰ সামৰ্থ। তাৰ পাছত লাগিব, ক্ষান্তিহীন অনলস সাধনা। (অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ)।
অসমীয়া ভাষাৰ প্ৰগতি আৰু ভৱিষ্যতৰ বিকাশত বাধা আদিৰ বিষয়ে এটি সুন্দৰ চিন্তা আগবঢ়াইছে শ্ৰী নিবাৰণ বৰাই। তলত তাৰ কিছু অংশ দিয়া হ’ল – আজি অসমীয়া ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ ভেঁটি সুদৃঢ়। স্কুল, কলেজ, বিশ্ববিদ্যালয়, বাতৰি কাকত, আলোচনী, বেলিছবি, মঞ্চাভিনয়, গৱেষণাপত্রকে ধৰি বিভিন্ন গ্রন্থসমূহ, গল্প-সাহিত্য, উপন্যাস কবিতা আদিৰে আজি আমি পুষ্ট। কথিত ভাষাৰ গঢ় দিয়ে জনসাধাৰণহে। লিখিত ভাষাৰ গঢ় দিয়ে পণ্ডিত-ওজাসকলে। বড়ো, কাৰ্বি, মিচিঙেই নহয়, পৰ্বতৰ নগা ৰাইজে, আদি ৰাইজে অসমীয়া ভাষা কোৱাৰ ফল যি যি উপাদান ৰৈ গ’ল, শুনিবলৈও যেন আমি কোৱাতকৈ শুৱলা। মিহিংজনে যেতিয়া সোধে ‘গাভৰু আনিলেনে নাই’? বাক্যটো ‘বিয়া কৰালেনে নাই’ বাক্যটোতকৈ অধিক ভাৱাৰ্থব্যঞ্জক, শুনিবলৈ শুৱলা ভাষা। তদৰুপ ‘নাগা মিজ’ আৰু ‘নেফামিজ’। বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ উপন্যাস ‘ইয়াৰুইঙ্গম’ যথার্থতেই এখন মূল্যবান পুস্তক। সম্পূর্ণ নগা ভূমিৰ পটভূমিতেই লিখা। কিন্তু নাগামিজক সম্মান দিয়া নহ’ল। ছৈয়দ আব্দুল মালিকে চাহ-বাগিছাৰ পটভূমিত লিখা উপন্যাসত চাহ-বনুৱাৰ ভাষা ইমান পৰিমাণে সন্নিৱিষ্ট নহ’ল। আজিৰ কিছু কিছু নৱপ্ৰজন্মৰ লিখকে চাহ নিৱনুৱাৰ মাত-কথা গল্প নাটকত ঠাই দিছে। ‘স্বর্গীয়’ লেখিছিলোঁ। আজিকালি ‘প্রয়াত’ লিখো। আমি দিনে দিনে ভাষাটোক যেন কঠিনৰ পৰা কঠিন কৰি আঁনিছো। আগতে স্বৰ্গদেউজন ‘প্রয়াত’ হলে ‘হানি হ’ল’ বুলিছিলোঁ। প্রিয়জনৰ বিয়োগত ‘চকুৰ আঁৰ হ’ল’ বুলিছিল। আজিও অৱশ্যে গ্রাম্য সমাজত প্ৰচলন আছে।
অসমীয়া ভাষা অকল নগৰমুখীয়েই হোৱা নাই, পশ্চিমমুখীও হৈছে; ‘টিউব-ৱেল’ৰ অসমীয়া শব্দ ‘নলী নাদ’। চাহ-বাগিচাৰ বনুৱাই বোলে ‘পাতাল-কুঁৱা’। কিমান ওচৰ চাপি আহিছে চাহ সমাজখন। অসমীয়া ভাষা চাহ বাগিচাৰ বনুৱাৰ ল’ৰা-ছোৱালীয়ে পঢ়িব যদি চাহ বাগিচাৰ পটভূমিত চাহ বনুৱাৰ মুখৰ কথাৰ সানমিহলি ভাষাত উপন্যাস-গল্প আদি লিখা হয়। ন-অসমীয়া সমাজখনৰ বাস্তৱ পৰিস্থিতিৰ পটভূমিত তেওঁলোকৰ কথা ন-অসমীয়া ভাষাৰ সানমিহলি অসমীয়া ভাষাত লেখা হ’ব লাগে। সাহিত্যিকসকলে সেই দাবী পূৰণ কৰিব পৰা নাই।
তেনেদৰেই বীৰেন ভট্টাচাৰ্যৰ আনখন উপন্যাস ‘প্রতিপদ’ ডিগবৈৰ ধৰ্মঘটৰ ওপৰত লিখা। কিন্তু ডিবগৈৰ হিন্দীমিশ্ৰিত অসমীয়া ভাষাৰ আভাস তাত নাই। তেওঁৰ ইয়াৰুইঙ্গমত প্রতিফলিত নাংখুল নগা সমাজখনঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনজাতীয় সমাজৰে এক অবিচ্ছেদ্য অংগ হ’ল ‘ডেকাচাং’ আৰু ‘গাভৰু চাং’ ৰ ব্যৱস্থা। এই ডেকা চাং আৰু গাভৰু চাঙত ক্ৰমে বিবাহিতা ডেকা-গাভৰুবিলাক থকাটো জনজাতীয় সমাজৰ এক অলিখিত নিয়ম কিন্তু, কিছু সীমাৱদ্ধতাৰ মাজেৰে ডেকা চাঙলৈ গাভৰু বা গাভৰু চাওঁলৈ ডেকাও অহা-যোৱা কৰিব পাৰে।
বৰ্তমান সময়ত অসমীয়া ভাষাৰ বিশ্লেষণে অসমীয়া ভাষাটোৰ প্ৰকাশিকা শক্তি যথেষ্টৰূপে বৃদ্ধি পোৱা কথা স্পষ্টৰূপে দাঙি ধৰে। এই সময়ছোৱাত মনোভাৱক চমুকৈ প্ৰকাশ কৰাৰ ক্ষমতা অৰ্জন কৰিলে।
সাম্প্ৰতিক সময়ৰ অন্য এগৰাকী ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি ৰ ‘নাংফা’ উপন্যাসত আহোম অর্থাৎ টাই আহোমৰ ভাষাৰ ব্যৱহাৰ হৈছে। তৃতীয় পুৰুষত বর্ণিত উপন্যাসখনত বুৰঞ্জীৰ পটভূমি ধৰি ৰখাত লেখিকাই প্লাট, বাইলুপ্ত, আপুতিয়েক, চকলং, বঙহৰদেউ আদি শব্দ, কুৱৰীদেউ, কোৱৰদেউ আদি সম্বোধনবোৰে বিশেষভাৱে সহায় কৰিছে।
অসমীয়া ভাষাত এক প্ৰকাৰ অনুশাসনহীনতা বৃদ্ধি পায়। তাৰ মাজতো কিছুমান প্রতিভাশালী লেখকৰ হাতত অসমীয়া ভাষাই পৰিপুষ্ট ৰূপ ল’বলৈ সক্ষম হয়। মুঠৰ ওপৰত সাম্প্রতিক যুগৰ অসমীয়া ভাষাই ভৱিষ্যতৰ অসমীয়া ভাষাৰ এক উজ্জ্বল ৰূপৰ প্ৰতিষ্ঠাৰ আগাজাননী দিয়ে।
১৯। অসমীয়া ভাষাৰ মূল প্ৰৱাহৰ লগত সময় সাপেক্ষে আৰ্য আৰু অনাৰ্য শাখাৰ কোনবোৰ উপাদানে প্ৰভাৱ বিস্তাৰ কৰিছে? উল্লেখ কৰা।
উত্তৰঃ কামৰূপ ভাষাৰ প্ৰৱাহটোৱে অকল উজনি অসমকে নহয়, অসমৰ পশ্চিম অঞ্চল প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম অঞ্চলকো সিক্ত কৰি তুলিছে। ভোজপুৰী ভাষাত প্ৰাচীন আৰু বৰ্তমান অসমীয়াৰ মান্য ভাষাৰে সৈতে শব্দগত সাদৃশ্য সংৰক্ষিত হৈছে। (ধৰম, জনম, মুকুতি, মুৰুখ, দুৱাৰ আদি)। দেৱানন্দ ভৰালীয়ে উল্লেখ কৰা ‘কামৰূপীয়া প্ৰাকৃত আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ দ্বাৰা অসমীয়া ভাষাৰ এই দুয়োটা প্রবাহকে বুজোৱা হৈছে। ভৰালীৰ ভাষাত ‘কামৰূপী’ আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ মাজত বিভিন্নতা কম। ‘সৌমাৰ প্ৰাকৃত’ত দুটা ‘আ’ আগা-পিছাকৈ নবহে। ‘কামৰূপী’ত সি স্বাভাৱিকঃ ৰাজা > ৰজা, মাৰা > মৰা। কিছুমান শব্দত ‘কামৰূপী প্ৰকৃত’ৰ ‘ল’ৰ ঠাইত ‘সৌমাৰ প্ৰাকৃত’ত ‘ন’ হোৱা দেখি; যেনেঃ লেঞ্জ > নেজ। ….এই ‘কামৰূপীয়া’ আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ কিছুমান শব্দ তল পৰিল। বাকীবোৰ আজিলৈকে আছে। তাতে নতুন যুগৰ বিশেষত্ব যোগ হৈ আৰু সংস্কৃতৰ প্ৰভাৱ পৰি আধুনিক অসমীয়া হৈছে যদিও, ‘কামৰূপীয়া’ আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ বিশেষত্বখিনি অসমীয়া দীঘে ভাষাত দীঘে-বাণিয়ে সোমাই আছে।
অসমত বসবাস কৰা চাহ বাগিচাৰ বনুৱাসকলৰ ভাষাটোৰ কথাও চাবলগীয়া। অসমত থকা আটাইবোৰ ‘কোল-গোষ্ঠীৰ লোক অসমত চাহ বাগান খোলাৰ পিছত বাগানৰ বনুৱাৰূপে চালানী হৈ অহা। আজিকালি অসমত থকা সকলো চাহ বাগিচাৰ বনুৱা আৰু থলুৱা কোল লোকে সুন্দৰকৈ অসমীয়া ক’ব পাৰে। সকলোবিলাক ল’ৰা-ছোৱালী অসমীয়া স্কুলত পঢ়ে, কোনো কঠিন ভাবৰ শব্দকে অসমীয়া শব্দ দি প্ৰকাশ কৰে। ঘৰত কথা-বার্তা হওঁতে এটা সানমিহলি ভাষাত কথা পাতে। অসমৰ জলবায়ুৱে বনুৱা জীৱনৰ গীত-মাত, কথা-বাৰ্তাৰ ভংগী সকলোতে নতুন সুৰ দিলে। ফলস্বৰূপে তেওঁলোকৰ গীত-মাতৰ পৰা বহুতো উপাদান অসমীয়া ভাষাত সোমাই পৰিল। চাহ বাগিচাৰ বনুৱাসকলৰ গীত-মাতৰ ভিতৰত উল্লেখযোগ্য গীত হৈছে কুমুৰ গীত। এই গীতবোৰৰ ভাষাই অসমীয়া ভাষাৰ দুয়োটা প্রবাহ সামৰি থোৱাৰ উপৰি প্ৰাচীন অসমীয়াৰ ৰূপো সংৰক্ষণ কৰিছে যিবোৰ সাম্প্রতিক সময়লৈকে প্রচলিত।
উদাহৰণঃ ৰাঙা (ৰঙা), কাঁচা (কেঁচা), ইন্দুৰ (এন্দুৰ), ছাতা (ছাতি), গামচা (গামোছা), গোলা (দোকান), মাগ (খোজ), বৰিষ (বছৰ), ভেল (হ’ল), হেট (তেল), বৰিষণ (বৰষুণ), ঘুমা (শোৱা), ছাৰ (এৰ), ঝুলি (মোনা), কাঞা (কেঞা), সাৰা (গোটেই), ডুইযে (বুৰমাৰি), ভাল কৰি (ভালকৈ), হেম্লা (হেম্বেলিয়া), ভিজ (তিত্), নাগৰ (প্রিয়),আজু (আজি), মছলা (মছলা), গাছ (গছ), ঝিঙ্গা (জিকা), ভাটাৰ (গিৰী), ডাক (মাত), চফৰা (ল’ৰা), কাঁটা (কাঁইট), পাৱ (ভৰি), ডালিম, গোসাঁই ইত্যাদি পৰিৱৰ্তনৰ মাজেৰে আহি অসমীয়াত সোমাই পৰিছে।
অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়া ভাষাত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি গভীৰ ফলকাৰক যেন লাগে। অসমীয়াৰ আটাইতকৈ বৈশিষ্ট্যপূর্ণ লক্ষণ হৈছে সম্বন্ধবাচক বিশেষ্যৰ পাছত প্রত্যয় যোগকৰণ। যাৰে সৈতে সম্বন্ধ দেখুওৱা হয়, তেওঁৰ মৰ্যাদা আৰু বয়সৰ খলপ অনুযায়ী সম্বন্ধ দেখুৱাবলৈ নির্দিষ্ট শব্দও আছে। কোলাৰীয় ভাষাত এই আটাইকেইটা বিশেষত্ব দেখা যায়; এই বিশেষত্ববোৰ অসমীয়া ভাষাত কোলাৰীয় ভাষাৰ পৰাই ধাৰ কৰা হৈছে।
কাল (বা মুণ্ডাৰী) ৰ লগত সম্পর্কিত শব্দঃ আটা, উতনুৱা, সেৰেকা, এৰা, ভঙুৱা, মুঠন, লেহেম, লুকমা, হুতা, হুঁকৰি, জুঁৰি ইত্যাদি।
তদুপৰি অতি সাম্প্রতিক বিভিন্ন কবিতা, উপন্যাস, গল্প আৰু নানা ধৰণৰ সংস্কৃতিমূলক প্ৰবন্ধৰ মাজেদি বিশেষ বিশেষ জনগোষ্ঠীৰ সংস্কৃতিমূলক শব্দ কিছুমান জনপ্ৰিয় হৈছে। জনগোষ্ঠী বিশেষৰ তেনেকুৱা শব্দবোৰ সেই জনগোষ্ঠী বিষয়ক অসমীয়া গীত, এলবাম, চুটি ছবি, দীর্ঘ সংবাদ মাধ্যম আদিৰ যোগেদিও অধিক জনপ্ৰিয় হৈছে।
ইয়াৰ উপৰিও মূল সংস্কৃত বা আন ভাষাত বিচাৰি নোপোৱা কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ সৈতে মিল থকা বড়ো ভাষাৰ পৰা বহু শব্দ অসমীয়াত সোমাইছে বুলি উপেন্দ্রনাথ গোস্বামীয়ে মত প্ৰকাশ কৰিছে। তেনেকুৱা কেতবোৰ শব্দ তলত দিয়া হ’ল―
আগুৰি (আগুৰ), আঙবাঙ (এবিধ বন), আথা (এঠা), খথিয়া (কঠীয়া) কামৰূপীত – কৈথা, খৰম (খৰম), কামৰূপীত – খৰাম, খলমৌ (এবিধ শাক কামৰূপীত – কলমৌ, খচি (ধান কটা কাচি) কামৰূপী – কাচি, ইত্যাদি।
মিচিং ভাষাৰ শব্দ অইনিতম < অইনিঃতম (মিছিঙৰ এটা লোকগীত), অগৰংবগৰং (বেবেৰিবাং কথা) অফলা ছিগা < অপলাচিগা (শিৱসাগৰৰ দিচাং মুখৰ এখন মিচিং গাওঁ), অকাজান < অঙকাক জান (ধেমাজিৰ এখন ঠাঁই) ইত্যাদি।
কেতবোৰ যুৰীয়া শব্দৰ প্ৰথম শব্দ, যেনে – মিৰি (+নৈ), চিৰকি (+নৈ), চিকাং (+ঠন), কঃব (+চাপৰি), চিমেন চৃমুন (+ চাপৰি), চিলা (+ পথাৰ), লিকা (+ বালি) আদি।
উল্লিখিত অনা-আৰ্য উৎসৰ শব্দবোৰৰ উপৰিও তামিল আৰু তেলেগু ভাষাৰ দুটানমান শব্দ উল্লেখ কৰিব পাৰি―
(ক) তামিল শব্দঃ কুলি (কুল্লিক্কাৰণ), নিচা (নিছা) আদি।
(খ) তেলেগু শব্দঃ আবু (আৱব)।
শ্রী সান্যালে উত্তৰ-বংগৰ উপভাষাৰ সৈতে কামৰূপী উপভাষাৰ শব্দমূলক সাদৃশ্যসমূহো উল্লেখ কৰিছে―
উত্তৰ-ৰংগৰ উপভাষা | কামৰূপী উপভাষা |
গাছা | গাচা |
কুলা | কুলা |
ৰুআ | ৰুআ |
হাইসলি | হাঁইহলি |
বোটিদাও | বোথি তু গো. বোটি |
ৰূপতত্ত্বৰ ফালৰ পৰা চালেও উত্তৰ-বংগৰ উপভাষা আৰু কামৰূপী উপভাষাৰ মাজত যথেষ্ট মিল দেখা যায়। উদাহৰণস্বৰূপেঃ স্ত্রীবাচক ‘ই, নি’ প্রত্যয়; সৰ্বনামৰ ৰূপ কিছুমান; তুমুনন্ত ইবাৰ-প্ৰত্যয়; শব্দবিভক্তিৰ সংযোগত ব্যঞ্জনান্ত প্রকৃতিৰ তির্যক ও-কাৰান্ত ৰূপ আদিৰ সাদৃশ্য দেখা যায়।
২০। জনজাতীয় ভাষাৰ কোনবোৰ বৈশিষ্ট্যই বৰ্তমান সময়ত অসমীয়া ভাষাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰাত সহায় কৰিছে? আলোচনা কৰা।
উত্তৰঃ অসমীয়া ভাষাত অনা-আর্যৰ উপাদান উভৈনদী। গতিকে অসমীয়া ভাষাটোৰ ওপৰত এই ভাষাবোৰৰ প্ৰভাৱ ভালকৈয়ে পৰিল। তাৰ ফলত অসমীয়া ভাষাটোৱে এটা সুকীয় ৰূপ গ্ৰহণ কৰিলে। অসমীয়া ভাষাৰ সুকীয়া ৰূপৰ কথা ক’লে প্ৰধানকৈ ধ্বনিতত্ব আৰু ৰূপতত্ত্বৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান বিশেষত্বৰ কথাই ক’ব লাগিব। ধ্বনিতত্ত্বৰ পিনৰ পৰা চালে অসমীয়া ভাষাত কেইটামান কথা স্পষ্টৰূপে দেখা যায়। সংস্কৃতত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ পাৰ্থক্য আছে। কিন্তু অসমীয়া মধ্যভাষা আৰু কামৰূপী উপভাষাত এই দুয়োবিধ ধ্বনিৰ ঠাইত দন্ত্যমূলীয় ধ্বনিহে শুনা যায়। সংস্কৃতৰ তালব্য ধ্বনি সেইদৰে অসমীয়া মান্য আৰু কামৰূপীত দন্ত্যমূলীয় ধ্বনিত পৰিণত হৈছে (অসমৰ গোৱালপৰীয়া ‘দেশী ভাষা’ত দন্ত্য-মূর্ধন্য ধ্বনিৰ পাৰ্থক্য ৰক্ষিত হৈছে আৰু ধ্বনিৰো ব্যৱহাৰ আছে)। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত সংস্কৃত উষ্মধ্বনিবোৰ অসংযুক্ত হ’লে সচৰাচৰ ‘স’ ৰূপে উচ্চাৰিত হয়। (গোৱালপৰীয়া ‘দেশী-ভাষা’ত এই ধ্বনি নাই)। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দেখা এই বৈশিষ্ট্যবোৰত তিব্বতবর্মীয় ভাষাৰ প্ৰভাৱ আছে।
“অসমীয়া ভাষাত দ্রাৱিড় ভাষাৰ মূর্ধন্য ধ্বনিৰ উচ্চাৰণত বাধা প্ৰদান কৰা প্ৰভাৱৰ ভিতৰত তিব্বতবর্মীয় প্রভাৱ আছে। সংস্কৃতত শব্দটো আছিল ‘যোটক’। কামৰূপী উপভাষাত শব্দটো ‘ঘৰা’ আৰু মান্য ভাষাত হ’ল ‘ঘোঁৰা’। ইয়াৰ নাম স্বতঃ অনুনাসিকীভৱন। এই প্রক্রিয়াটোক তিব্বতবর্মীয় ভাষাৰ প্রভাৱ বুলি স্বীকাৰ কৰা হৈছে।
শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয়। প্ৰথমতে, অসমীয়াত নির্দিষ্টকৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্রত্যয়বোৰৰ কথা ক’বলগীয়া। যেনে – হাতখন, কানখন, মানুহটো, আঙুলিটো। এই বৈশিষ্ট্যত চীন-তিব্বতীয়ৰ প্ৰভাৱ পৰিলক্ষিত হয়।
দেউৰী- চুতীয়াত যোগ হোৱা নির্দিষ্টতাবাচক প্রত্যয়ৰ কথা মন কৰিব পাৰি। যেনে―
দেউৰী-চুতীয়া | অসমীয়া |
পেমচু-হাচ্চা | এখিলা পাণ |
য়োগি-কুজা | এখন কটাৰী |
টাই ভাষাতো এই বৈশিষ্ট্য আছে―
টাই | অসমীয়া |
নুক-ট্য | চৰাইটো |
ফাছিপ-ফুল | কাপোৰ দহখন |
ডিমাছা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় কিছুমান এনে ধৰণৰ―
ডিমাছা | অসমীয়া |
চেমখাইছা | লোণকণ |
চিনি খাইচা | চেনিকণ |
কাৰ্বি ভাষাত পোৱা যায়―
কাৰ্বি | অসমীয়া |
ৱ | এজম |
কাৱে-এপুম | তামোল এটা |
মিছিং ভাষাত কণী, আলু আদিৰ এটা বুজাবলৈ ‘আপৃ’ টকা আদিৰ ক্ষেত্ৰত এটকা বুজাবলৈ ‘আবাৰ্’, ‘কাগজ’ আদিৰ ক্ষেত্ৰত এখিলা বুজাবলৈ ‘আবৰ্’, ‘বাঁহ-বেত’আদিৰ ক্ষেত্ৰত এডাল বুজাবলৈ ‘আমৃংক’, এঘৰ বুজাবলৈ কংক আদি প্ৰত্যয়ৰ সংযোগ ঘটোৱা হয়। ৰাভা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় হ’ল ‘বে’; যেনে― কায়বে (মানুহজন), পান যে (গছডাল)।
গাৰো ভা যাঃ
গাৰো | অসমীয়া |
কিতাপ-কিং-ছা | কিতাপ এখন |
মান্দে-চাক-ছা | মানুহ এজন |
প্ৰতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ আন এটা বৈশিষ্ট্য; যেনে – ভাত-চাত, চেনি-তেনি। দেউৰী-চুতীয়া ভাষাতো এই নিয়ম আছে; যেনে –
অসমীয়া | দেউৰী (চুতীয়া) |
চিঙ-পিঙ | নিমখ-চিমখ |
গে’পা-চেপা | পাচি-চাচি |
কাৰ্বি ভাষাত এই শ্রেণীৰ শব্দবোৰ এনেকুৱাঃ
কাৰ্বি | অসমীয়া |
অক-আক | মাছ-চাছ |
ছক -ছাক | ধান-চান |
লাং-লুং | পানী-দুনী |
বড়ো ভাষাতঃ
বড়ো | অসমীয়া |
হিমজাৱ-চিমজাৱ | মাইকী-চাইকী |
মকৱ-চকৱ | গৰু-চৰু |
মঞ বা নাস্তি অর্থ বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যর্থক ৰূপ ‘ন’ যোগ হয় আৰু ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰধ্বনিৰ সমীভৱন হয়। যেনে― নমৰে, নামাৰে / নেমাৰে, নুশুনে ইত্যাদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো সম্পূৰ্ণৰূপে চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ় লৈ উঠা। এইক্ষেত্ৰত বড়ো, গাৰো, ৰাভা, টাই, নগা আদি ভাষাৰ বৈশিষ্ট্যবোৰলৈ আঙুলিয়াব পাৰি― চীন-তিব্বতীয় ভাষাত নাস্ত্যর্থক ৰূপ দুই ধৰণৰ এবিধ সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক আৰু আনবিধ অনুজ্ঞাসূচক নাস্ত্যর্থক ৰূপ। বড়ো-কছাৰী ভাষাত অনুজ্ঞাসূচক নাস্ত্যর্থক ৰূপ হ’ল দা, যেনে― দা-থাঙ ‘নাযাবা’ আৰু সাধাৰণ ৰূপৰ নাস্ত্যর্থক ৰূপ হ’ল আ; যেনে – ‘আঙহা ফয়চা গয়া’ (মোৰ পইচা নাই)। গাৰো ডিমাছা আৰু দেউৰী ভাষাত অনুজ্ঞাসূচক নাস্ত্যর্থক ৰূপ হ’ল দা– যেনে -গাৰো দা-স্ত (থুই নেপেলাবা), ডিমাছা – দাথাং (নাযাবা), দাদাং (নকৰিবা), দেউৰী-দাহা (নাখাবা)। ৰাভা ভাষাত অনুজ্ঞাসূচক নাস্ত্যর্থক ৰূপ হ’ল টা – যেনে -টা-ৰেং (নাখাবা), টা-খাৰ (নকৰিবা), টা-টং (নাথাকিবা)।
অসমীয়া ভাষাৰ বোৰ, বিলাক এই বহুবচনৰ প্ৰত্যয় দুটাৰ মূল চীন-তিব্বতীয় ভাষাঃ বিলাক শব্দ মিচিমি কা-ফ্লাক সকলো শব্দৰ পৰা ওলোৱাটো সম্ভৱ। কা-ফ্লাক মিজু-মিচিমি ভাষাৰ বহুবচনৰ প্ৰত্যয় বা চিন । এনে অনুমান কৰিব পাৰি যে গাৰো ‘ফিলাক’ আৰু মিচিমি ‘কা-ফ্লাক’ একে শব্দ। ‘বোৰ’ প্রত্যয় বড়ো-কছাৰী ‘ফোৰ’ প্রত্যয়ৰ পৰা অহা। বড়োঃ মানসি-ফোৰ (মানুহবোৰ) নো-ফোৰ (ঘৰবোৰ)। কথা-গুৰু চৰিতত ‘ভোৰ’ পোৱা যায়। যেনে- সৰুভোৰ, বুৰঞ্জীত বোৰ (ইবোৰেও), ভোৰ (ইভোৰে), বিলাক (ই বেলোকে) আদিৰ ব্যৱহাৰ কৰা যায় ৷
অসমীয়া ভাষাটো প্ৰধানকৈ পৰ-প্ৰত্যয় প্রধান ভাষা। কিন্তু দুই-এঠাইত মধ্য প্রত্যয়ৰ ব্যৱহাৰ আছে, যেনে – কিতাপ, কিতাপখন, কিতাপকেইখন; মানুহ, মানুহজন, মানুকেইজন, মানুহকেইবা-জন; মানুহ, মানুহবোৰ, মানুহ কেতবোৰ। অসমীয়া ভাষাত মধ্য প্রত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা ক’বই লাগিব। দেউৰীঃ হা-ম্ (খাম), হা-চ্চি-ন (বাৰে বাৰে খাই থাকিম) অসমীয়া ভাষাৰ মধ্য প্রত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনজাতীয় ভাষাৰ প্রভাৱৰ কথা ক’বই লাগিব। অসমীয়া ভাষাৰ পেখম, লেহেম, লোধোমা আদি শব্দৰ মা-মা অংশ, ধেপেচা, ৰঙচুৱা আদি শব্দৰ চা/ চু বড়ো ভাষাৰ পৰা অহা। দোয়-চা (সৰু নৈ); নো-চা (সৰু ঘৰ, জুপুৰী)। দুই এঠাইৰ বাহিৰে অসমীয়াত সচৰাচৰ বিশেষ্য শব্দটো স্ত্ৰী-লিংগৰ হ’লেও বিশেষণ শব্দটো স্ত্রী লিংগৰ নহয়; যেনে – ভাল ল’ৰা, ভাল ছোৱালী। ইয়াত তিব্বতবর্মীয় ভাষাৰ কথা কোৱা হৈছে।