Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয় Solutions, College and University Answer Bank for B.A, B.com, M.Com B.sc, and Post Graduate Notes and Guide Available here, Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয় Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয় Notes can be of great value to excel in the examination.
Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয়
Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 1 অসমীয়া ভাষাৰ সাধাৰণ পৰিচয় Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
অসমীয়া ভাষাৰ সাধাৰণ পৰিচয়
অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস
অতি চমু প্ৰশ্নোওৰ |
১। অসমীয়া ভাষাৰ উপভাষা কেইটা আৰু কি কি?
উত্তৰঃ অসমীয়া ভাষাৰ উপভাষা দুটা-
১। উজনি উপভাষা। আৰু
২। নামনি উপভাষা।
২। কোনটো উপভাষাক মান্য ভাষা বুলি কোৱা হয়?
উত্তৰঃ উজনি উপভাষাক মান্য ভাষা বুলি কোৱা হয়।
৩। বৰ্তমান অসমৰ মান্য ভাষাটো কোন অঞ্চলত ভাষাৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰঃ বৰ্তমান অসমৰ মান্য ভাষাটো শিৱসাগৰ অঞ্চলত ভাষাৰ ওপৰত প্ৰতিষ্ঠিত।
৪। গ্ৰিয়াৰ্ছন চাহাবে গোৱালপৰীয়া উপভাষাৰ ৰূপটোক কি বুলি কৈছে?
উত্তৰঃ গ্ৰিয়াৰ্ছন চাহাবে গোৱালপৰীয়া উপভাষাৰ ৰূপটোক ৰাজবংশী ভাষা বুলি কৈছে।
৫। কামৰূপী উপভাষাৰ কোনটো স্থানীয় ৰূপত ‘ঝ’ ধ্বনিৰ ব্যৱহাৰ আছে?
উত্তৰঃ কামৰূপী উপভাষাৰ দক্ষিণ কামৰূপী ঔপভাষিক ৰূপত ‘ঝ’ ধ্বনিৰ ব্যৱহাৰ আছে।
৬। নামনি অসমৰ উপভাষাক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ নামনি অসমৰ উপভাষাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে-
১। কামৰূপী উপভাষা। আৰু
২। গোৱালপৰীয়া উপভাষা।
৭। উজনি আৰু নামনি অঞ্চলৰ উপভাষাত শ্বাসঘাত কোন অক্ষৰত পৰে?
উত্তৰঃ উজনি অঞ্চলৰ উপভাষাত শ্বাসঘাত শব্দৰ উপধা অক্ষৰত পৰে আৰু নামনি অঞ্চলৰ উপভাষাত শ্বাসঘাত শব্দৰ আদি অক্ষৰত পৰে।
৮। ড° বাণীকান্ত কাকতিয়ে অসমীয়াৰ ভাষাৰ উপভাষাক কি কি ভাগত ভাগ কৰিছে?
উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে অসমীয়াৰ ভাষাৰ উপভাষাক দুটা ভাগত ভাগ কৰিছে-
১। পূৱ অসমৰ ভাষা। আৰু
২। পশ্চিম অসমৰ ভাষা।
৯। কামৰূপী উপভাষাৰ স্থানীয় ৰূপ দুটাৰ নাম কি কি?
উত্তৰঃ কামৰূপী উপভাষাৰ স্থানীয় ৰূপ দুটাৰ নাম হ’ল-
১। উত্তৰ কামৰূপী। আৰু
২। দক্ষিণ কামৰূপী।
১০। গোৱালপৰীয়া উপভাষাৰ প্ৰধান আঞ্চলিক ৰূপ দুটা কি কি?
উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ প্ৰধান আঞ্চলিক ৰূপ দুটা হ’ল-
১। পূৱ গোৱালপৰীয়া। আৰু
২। পশ্চিম গোৱালপৰীয়া।
১১। ব্ৰিটিছ অহাৰ আগতে অসমৰ শিক্ষাৰ কেন্দ্ৰস্থল কি আছিল?
উত্তৰঃ ব্ৰিটিছ অহাৰ আগতে অসমৰ শিক্ষাৰ কেন্দ্ৰস্থল ‘নামনি অসম’ আছিল।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোওৰ |
১। কামৰূপী উপভাষাৰ দুটা ধ্বনিগত বৈশিষ্ট্য লিখা।
উত্তৰঃ কামৰূপী উপভাষাৰ ধ্বনিগত বৈশিষ্ট্য দুটা হ’ল-
১। কামৰূপী উপভাষাত ‘আ’ ধ্বনি ওচৰা-ওচৰিকৈ থাকিব পাৰে। মান্য ভাষাৰ ‘অ’ ধ্বনি কামৰূপীত ‘আ’ হয়। যেনে- ৰজা > ৰাজা, টকা > তাকা।
২। মান্য অসমীয়া শব্দৰ ‘ন’ ধ্বনি কামৰূপীত ‘ল’ হয়। যেনে – নোম > লোম, নেজ > লেজ আদি।
২। কামৰূপী উপভাষাৰ দুটা ৰূপগত বৈশিষ্ট্য লিখা।
উত্তৰঃ কামৰূপী উপভাষাৰ ৰূপগত বৈশিষ্ট্য দুটা হ’ল-
১। কামৰূপী উপভাষাত একবচন বুজাবলৈ- তো তু, -খান, -পাত, -খোৰ আদি প্ৰত্যয় আৰু বহুবচন বুজাবলৈ-গিলা,-গিলাক আদি প্ৰত্যয় যোগ কৰা হয়। যেনে- মানুহতু, মানুহগিলাক আদি।
২। কামৰূপী উপভাষাত নিমিত্তাৰ্থক অৰ্থত-লেগি, -লাগি, -কেলি আদি প্ৰত্যয় যোগ কৰা হয়। যেনে-নিবাকলেগি (নিবলৈ)।
৩। গোৱালপৰীয়া উপভাষাৰ দুটা ধবনিগত বৈশিষ্ট্য লিখা।
উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ ধ্বনিগত বৈশিষ্ট্য দুটা হ’ল-
১। মান্য অসমীয়াৰ ‘ঔ’ ধ্বনি গোৱালপৰীয়া উপভাষাত ‘ঐ’ হয়। যেনে-গৌৰৱ > গৈৰৱ, যৌৱন > যৈৱন আদি।
২। মান্য ভাষাৰ অল্পপ্ৰাণ ধ্বনি গোৱালপৰীয়া উপভাষাত মহাপ্ৰাণ ধ্বনি হয়। যেনে- ভোক > ভোখ।
৪। গোৱালপৰীয়া উপভাষাৰ দুটা ৰূপগত বৈশিষ্ট্য লিখা।
উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ ৰূপগত বৈশিষ্ট্য দুটা হ’ল-
১। গোৱালপৰীয়া উপভাষাত একবচন বুজাবলৈ -টা, -কোনো, -হাত আদি প্ৰত্যয় আৰু বহুবচন বুজাবলৈ -গুলা, -গুলান, -হৰ আদি প্ৰত্যয় যোগ কৰা হয়। যেনে- চেঙৰাগুলা (ল’ৰাবোৰ)।
২। নঞাৰ্থক বুজাবলৈ গোৱালপৰীয়া উপভাষাত মূলৰূপৰ লগত ‘না’ যোগ হয়। যেনে- নাদেঙ (নিদিওঁ), নাকৰে (নকৰে) আদি।
৫। কামৰূপী উপভাষাৰ স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা আৰু কি কি লিখা।
উত্তৰঃ কামৰূপী উপভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা ৭ টা আৰু বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা ২১ টা।
স্বৰধ্বনিঃ অ, আ, ই, উ, এ, এ’, ও
ব্যঞ্জনধ্বনিঃ ক, খ, গ, ঘ, ঙ, চ, জ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, স, হ
৬। গোৱালপৰীয়া উপভাষাৰ স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ সংখ্যা কেইটা আৰু কি কি লিখা।
উত্তৰঃ গোৱালপৰীয়া উপভাষাৰ স্বৰধ্বনি সংখ্যা ৭ টা আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা ২৯ টা।
স্বৰধ্বনিঃ অ, আ, ই, উ, এ, এ’, ও
ব্যঞ্জনধ্বনিঃ ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ট, ঠ, ড, ড়, ঢ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, শ, স, হ
৭। উপভাষা কাক বোলে? উপভাষা সৃষ্টিৰ কাৰণ কি?
উত্তৰঃ কোনো ভৌগোলিক পৰিবেষ্টনৰ ভাষা এটা বিস্তৃত অঞ্চল বিয়পি পৰাৰ পাছত দেখা যায় যে কিছুমান ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভৌগোলিক কাৰণত সেই ভাষা সম্প্ৰদায়টোৰ এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ সঘনে মিলা-মিচা হৈ নাথাকিলে এটা সময়ত সেই ভাষাটোৰ কিছুমান ক্ষেত্ৰীয় ৰূপৰ সৃষ্টি হয়। ফলত এই ক্ষেত্ৰীয় ৰূপসমূহৰ এটাৰ লগত আন এটাৰ পাৰ্থক্য পৰিলক্ষিত হয়। এনেদৰে সৃষ্টি হোৱা ক্ষেত্ৰীয়সমূহকে সেই ভাষাটোৰ উপভাষা বোলে।
উপভাষাৰ সৃষ্টিৰ মূল কাৰণ হ’ল- ভৌগোলিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক। ভৌগোলিক কাৰণসমূহৰ ভিতৰত এটা বৃহৎ অঞ্চলৰ মাজত ডাঙৰ নৈ, পাহাৰ-পৰ্বত আদি থাকিলে দুটা অঞ্চলৰ মানুহেৰ মাজত যোগাযোগ সাধাৰণতে কমি যায় আৰু তাৰ ফলতে দুটা অঞ্চলৰ একে ভাষা কোৱা মানুহৰ ভাষাৰ মাজত পাৰ্থক্য দেখা যায়। আকৌ এটা ভাষা কোৱা মানুহৰ এটি বৃহৎ অঞ্চল বিভিন্ন ৰাজনৈতিক গোটৰ অধীন হ’লেও ভাষাটোৰ মাজত সুকীয়া বৈশিষ্ট্য দেখা যায়। এই ক্ষেত্ৰত অসমৰ কথাকে ক’ব পাৰি। কাৰণ অসমৰ উজনি অঞ্চল প্ৰায় ছয়শ বছৰ কাল আহোমৰ শাসনৰ তলত থকা বাবে উজনি ভাষাই এক ৰূপ লৈছে আৰু আনফালে নামনি অসমৰ ভাষাই অন্য এটা ৰূপ লৈছে।
উপভাষা সৃষ্টিৰ ক্ষেত্ৰত থকা ভৌগোলিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বাহ্যিক কাৰণ। আচলতে এটা বিস্তৃত অঞ্চলত প্ৰচলিত এটা ভাষা কোৱা মানুহৰ মাজত পাৰস্পৰিক মিলা-মিচা ই ভাৱৰ সঘন আদান-প্ৰদানৰ অভাৱত উপভাষাৰ সৃষ্টি হয়।
৮। অসমীয়া ভাষাৰ উপভাষাসমূহৰ বিভাগ সম্পৰ্কে থকা মতসমূহ উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ উপভাষাত প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি- উজনিৰ উপভাষা আৰু নামনিৰ উপভাষা। উজনিৰ উপভাষাটো শিৱসাগৰ অঞ্চলৰ ভাষাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে আৰু উজনিৰ উপভাষাটোকে মান্য ভাষা বুলি কোৱা হয়। অসমীয়া ভাষাত উপভাষা সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। অসমীয়া ভাষাৰ গৱেষণাৰ বাটকটীয়া ড° বাণীকান্ত কাকতিয়ে অসমীয়াৰ ভাষাৰ উপভাষাক দুটা ভাগত ভাগ কৰিছে-পূৱ অসমৰ ভাষা আৰু পশ্চিম অসমৰ ভাষা। ড° বাণীকান্ত কাকতিয়ে শদিয়াৰ পৰা গুৱাহাটীলৈ চলা ভাষাটোক পূৱ অসমৰ ভাষা আৰু কামৰূপ তথা গোৱালপাৰাত চলা ভাষাটোক পশ্চিম অসমৰ ভাষা বুলি কোৱা কৈছে। তেখেতে পূৱ অসমৰ আৰু পশ্চিম অসমৰ আঞ্চলিক উপভাষাসমূহৰ একোটা ৰূপৰ চানেকি দাঙি ধৰিছে। এই অঞ্চলসমূহ হ’ল- শিৱসাগৰ, পাতিদৰং, ধৰ্মপূৰ, বজালী, পলাশবাৰী,বৰপেটা আৰু শালকোছা।
ভাষাবিদ ড° ৰমেশ পাঠকে অসমীয়া ভাষাৰ উপভাষাক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিছে- উজনি , কামৰূপী আৰু গোৱালপৰীয়া। ৰেখা চিত্ৰৰ সহয়ক অসমীয়া ভাষাৰ উপভাষাক তলত দিয়া ধৰণে দেখুৱাব পাৰি-
তদুপৰি ড° উপেন্দ্ৰনাথ গোস্বামী, ড°গোলকচন্দ্ৰ গোস্বামী আদি ভাষাবিদেও অসমীয়া ভাষাৰ উপভাষাৰ সম্পৰ্কে গৱেষণা তথা অধ্যয়ন কৰিছে। ড°গোলকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ উপভাষাক তিনিটা ভাগত ভাগ কৰিছে। মুঠতে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে আৰু তাৰ ৰূপবোৰক লৈ সম্প্ৰতি ভাষাবিদসকলৰ মাজত মতভেদ দেখা যায়।
৯। কামৰূপী উপভাষাত অপিনিহিতিৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ লিখা।
উত্তৰঃ কোনো শব্দৰ পৰৱৰ্তী অক্ষৰৰ ব্যঞ্জন ধ্বনিৰ পাছত থকা ই বা উ স্বৰধ্বনি পূৰ্বৱৰ্তী অক্ষৰলৈ আহি উচ্চাৰিত হোৱা পদ্ধতিকে অপিনিহিতি বোলা হয়। অপিনিহিতি একপ্ৰকাৰৰ ধ্বনি বিপৰ্যয়। অসমীয়া ভাষাৰ ‘য়’ যুক্ত ব্যঞ্জন ধ্বনি অপিনিহিতিৰ কাৰণে ব্যঞ্জনৰ আগত ‘ই’ ৰূপে উচ্চাৰিত হয় আৰু পূৰ্বৱৰ্তী অক্ষৰৰ লগত যুক্ত হয়। যেনে- অন্য > অইন, ৰাজ্য > ৰাইজ, সত্য > সইত, বাক্য > বাইক।
কামৰূপী উপভাষাত অপিনিহিতিৰ উদাহৰণ প্ৰচুৰ পৰিমাণে দেখা যায়। কামৰূপী উপভাষাত কিছুমান শব্দ মান্য অসমীয়া ভাষাৰ দৰে অপিনিহিতি হোৱা দেখা যায় যদিও দুটাতকৈ অধিক অক্ষৰযুক্ত শব্দৰ পৰৱৰ্তী অক্ষৰৰ পিছত থকা ই বা উ ধ্বনি পূৰ্বৱৰ্তী অক্ষৰলৈ আহি স্বৰ ধ্বনিৰ লগত যুক্ত হৈ দ্বি-স্বৰ বা ত্ৰিস্বৰ ধ্বনিত পৰিণত হয়। এনে হোৱাৰ ফলত কেতিয়াবা অক্ষৰ হ্ৰাস পায়। অৱশ্যে দক্ষিণ কামৰূপীতকৈ উত্তৰ কামৰূপীত আপিনিহিতিৰ প্ৰয়োগ বেছি। যেনে-
মান্য অসমীয়া | কামৰূপী উপভাষা |
কাজিয়া | কাইজা / কাইজে |
শূণ্য | সুইন / সুইনে |
পনীয়া | পাইনা / পাইনে |
ধনীয়া | ধইনা / ধইনে |
নাৰিকল | নাইৰকল |
১০। অসমীয়া ভাষাৰ উপভাষা কেইটা আৰু কি কি? প্ৰতিবিধৰে চমুকৈ আলোচনা কৰা।
উত্তৰঃ কোনো এক ভৌগোলিক পৰিবেষ্টনৰ ভাষা এটা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পাছত কিছুমান ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি কাৰণত সেই ভাষা সম্প্ৰদায়টোৰ এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ সঘন মিলা-মিচা হৈ নাথাকিলে এটা সময়ত সেই ভাষাটোৰ কিছুমান ক্ষেত্ৰীয় ৰূপৰ সৃষ্টি হয়। সেই ৰূপবোৰকে উপভাষা বোলে।
অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা। সেই দুটা হ’ল- উজনি অসমৰ উপভাষা। আৰু নামনি অসমৰ উপভাষা।
আকৌ নামনি অসমৰ উপভাষাক দুটা প্ৰদান ভাগত ভাগ কৰা হৈছে- কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষা।
১। উজনি উপভাষাঃ অসমীয়া ভাষাৰ এটি প্ৰদান উপভাষা হ’ল উজনি উপভাষা। এই উপভাষাটোক প্ৰধানকৈ শিৱসাগৰীয়া আৰু নগঞা নামেৰে দুটা স্থানীয় ৰূপত ভাগ কৰিব পাৰি। বৰ্তমান অসমৰ মান্যভাষাটো উজনি উপভাষাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই মান্য ভাষাটো শিৱসাগৰ অঞ্চলৰ কথিত ৰূপৰ ওপৰত গঢ় লোৱা। কিন্তু ব্ৰিটিছসকল অসমলৈ অহাৰ আগতে নামনি অসম শিক্ষা আৰু সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল আছিল। মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ শিষ্য কবিসকলে নামনি অসমতে সাহিত্য চৰ্চা কৰিছিল। সপ্তদশ শতিকাৰ পৰা আহোম ৰাজসভাতো সাহিত্য চৰ্চা হ’বলৈ ধৰে যদিও নামনি অসমৰ প্ৰভাৱ কমা নাছিল। ১৮৩৬ চনত আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে শিৱসাগৰক কেন্দ্ৰস্থল হিচাপে লৈ শিৱসাগৰৰ কথিত ভাষাটো শিকি, সেই ভাষাতে সাহিত্য চৰ্চা কৰিবলৈ ধৰিলে। পাছত অসমৰ সামূহিক কাম-কাজ চলাবৰ বাবে উজনিৰ ভাষাটোকে মান্য ভাষা হিচাপে স্বীকৃতি হয়।
অসমীয়া ভাষাৰ শ্বাসঘাতৰ আলোচনাৰ প্ৰসঙ্গত ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে যে মান্য ভাষাত শ্বাসঘাত উপধা অক্ষৰত পৰে। মান্যভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা ৮ টা আৰু সেই কেইটা হ’ল- ই, এ, এ’, আ, অ, উ আৰু ও। মান্য ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা ২১ টা আৰু সেই কেইটা হ’ল- প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ, ঙ, ৰ, চ, জ, ল, স, হ।
২। নামনি উপভাষাঃ
কামৰূপী উপভাষাঃ নামনি অসমৰ এটি অন্যতম উপভাষা হ’ল কামৰূপী উপভাষা। অবিভক্ত কামৰূপ জিলাত প্ৰচলিত এই কামৰূপী উপভাষাক ভাগত ভাগ কৰা হৈছে- উত্তৰ কামৰূপী আৰু দক্ষিণ কামৰূপী। উত্তৰ কমৰূপী ভাগটো নলবাৰী, বৰপেটা, পাতিদৰং আদি অঞ্চলত প্ৰচলিত আৰু দক্ষিণ কামৰূপী ভাগটো গুৱাহাটী, পলাশবাৰী, ছয়গাঁও আদি অঞ্চলত প্ৰচলিত। কামৰূপী উপভাষাৰ স্বৰধ্বনি ৭টা আৰু সেইকেইটা হ’ল- অ, আ, ই, উ, এ, এ’, ও।
কামৰূপী উপভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি ১১টা আৰু সেইকেইটা হ’ল- প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, য, ম, ন, ঙ, ল, ৰ, চ, জ, স, হ।
ড° বাণীকান্ত কাকতিৰ মতে কামৰূপী ভাষাত শ্বাসঘাত আদি অক্ষৰত পৰে। যেনে- আমৰা, কমলা, কুকৰা আদি। অপিনিহিতি কামৰূপী ভাষাৰ এক বিশিষ্ট নিয়ম। অৱশ্যে উত্তৰ কামৰূপীত অপিনিহিতি প্ৰয়োগ বেছি। যেনে- কাজিয়া > কাইজা, জুলীয়া > জুইলে, লক্ষ > লৈখ আদি।
গোৱালপৰীয়া উপভাষাঃ নামনিৰ অসমৰ আন এটা উপভাষা হ’ল গোৱালপৰীয়া উপভাষা। এই উপভাষাটোক স্থানীয় মানুহে ৰাজবংশী আৰু দেশী নামেৰেও বুজায়। এই উপভাষাটোৰ দুটা প্ৰদান ভাগ হ’ল- পূৱ গোৱালপৰীয়া আৰু পশ্চিম গোৱালপৰীয়া। পূৱ গোৱালপৰীয়াৰ দুটা আঞ্চলিক ৰূপ হ’ল- অভয়াপুৰী আৰু দুধনৈ। ঠিক সেইদৰে পশ্চিম গোৱালপৰীয়াৰ আঞ্চলিক ৰূপ হ’ল- গৌৰীপুৰ আৰু শালকোছীয়া। গোৱালপৰীয়া উপভাষাৰ স্বৰধ্বনি ৭ টা আৰু সেই কেইটা হ’ল- ই, এ, এ’, আ, অ, ও, আৰু উ। ঠিক তেনেদৰে বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা ২৯ টা আৰু সেইকেইটা হ’ল- প, ফ, ব, ভ, ত, থ, দ, ধ, ট, ঠ, ড, ঢ, ক, খ, গ, ঘ, চ, ছ, জ, ঝ, ম, ন, ঙ, ৰ, শ, হ, ৱ, য়। কামৰূপীৰ উপভাষাৰ দৰে গোৱালপৰীয়া উপভাষাটো শ্বাসঘাত শব্দৰ আদি অক্ষৰত পৰে। আৰু মান্য অসমীয়া ভাষাত নথকা ‘ঝ’ ধ্বনি গোৱালপৰীয়া ভাষাত আছে। যেনে- জলা > ঝাল, জাক > ঝাক বোজা > বোঝা আদি।
১১। কামৰূপী উপভাষাৰ শ্বাসঘাত সম্পৰ্কে লিখা।
উত্তৰঃ শব্দ এটা একাধিক ধ্বনিৰ সমষ্টি আৰু সেই শব্দটো উচ্চাৰণ কৰোঁতে কিছুমান ধ্বনিত যুগৰ দিয়া হয়। এই জোৰ দিয়া ধ্বনিটো উচ্চাৰণ কৰোঁতে বায়ু অধিক বেগেৰে বাহিৰলৈ ওলাই আহে। ধ্বনি উচ্চাৰণৰত বায়ু প্ৰৱাহৰ এনেধৰণৰ প্ৰাধান্যকে শ্বাসঘাত বোলে। অসমীয়া ভাষাৰ শ্বাসঘাতৰ ক্ষেত্ৰত ড° বাণীকান্ত কাকতিৰয়ে উল্লেখ কৰিছে যে উজনি অসমৰ উপভাষাত শ্বাসঘাত শব্দৰ উপধা অক্ষৰত পৰে। আৰু নামনিৰ অসমৰ উপভাষাত শ্বাসঘাত শব্দৰ আদি অক্ষৰত পৰে।
কামৰূপী উপভাষাৰ স্থানীয় ৰূপসমূহত শ্বাসঘাত সাধাৰণতে শব্দৰ প্ৰথম নাইবা দ্বিতীয় অক্ষৰত পাৰে আৰু ই স্থানীয় ৰূপসমূহৰ উমৈহতীয়া ধ্বনিতগত বৈশিষ্ট্য। নামনি অসমত আদি অক্ষৰৰ শ্বাসঘাতৰ উৎস সাধাৰণতে ভোটবৰ্মী ভাষা বুলি কোৱা হয়। যদিও কোনো কোনো পণ্ডিতৰ মতে ই দ্ৰাবিড়ীয় ভাষাৰ প্ৰভাৱ বুলি ক’ব খোজে। যেনে-
মান্য অসমীয়া | কামৰূপী উপভাষা |
কোমোৰা | কুমৰা |
কুকুৰা | কুকৰা |
অমৰা | আমৰা |
উঘালে | উঘলে |
শালিকা | শালকা |
১২। মান্য ভাষা আৰু কামৰূপী উপভাষাৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা।
উত্তৰঃ অবিভক্ত কামৰূপৰ উপভাষা বা কামৰূপী উপভাষা অসমীয়া ভাষাৰ এটি প্ৰদান উপভাষা। কামৰূপী উপভাষা আৰু উজনি অঞ্চলৰ ভাষা বা মান্য ভাষাৰ মাজত বিভিন্নধৰণৰ পাৰ্থক্য পৰিলক্ষিত হয়। এই পাৰ্থক্যসমূহ সাধাৰণতে ধ্বনিগত, ৰূপগত, আৰু শব্দগত দিশত দেখিবলৈ পোৱা যায়। সেইবোৰ তলত আলোচনা কৰা হ’ল-
ধ্বনিগতঃ
১। কামৰূপী উপভাষাৰ স্বৰধ্বনি ৭টা আৰু সেইকেইটা হ’ল- অ, আ, ই, উ, এ, এ’, ও।
আনহাতে মান্য ভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা ৮ টা আৰু সেইকেইটা হ’ল- ই, এ, এ’, আ, অ, অ’, ও, উ। ইয়াৰ উপৰিও কামৰূপী উপভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা ২১ টা আৰু সেই কেইটা হ’ল- প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ, ম, ন, ঙ, ল, ৰ, চ, জ, স, হ।
২। মান্য ভাষাত সাধাৰণতে ওচৰা-ওচৰিকৈ দুটা ‘আ’ ধ্বনি নাথাকে। কিন্তু কামৰূপীত ‘আ’ ধ্বনি ওচৰা-ওচৰিকৈ থাকিব পাৰে। মান্য অসমীয়াৰ ‘অ’ ধ্বনি কামৰূপীত ‘আ’ লৈ পৰিৱৰ্তন হয়। যেনে-
মান্য | কামৰূপী |
ৰজা | ৰাজা |
টকা | তাকা |
তলা | তালা |
কণা | কানা |
৩। মান্য অসমীয়াত শব্দৰ আদি অক্ষৰত থকা এ / এ’ ধ্বনি কামৰূপী উপভাষাত ‘আ’ ধ্বনিলৈ পৰিৱৰ্তন হয়। যেনে-
মান্য | কামৰূপী |
এন্ধাৰ | আন্ধাৰ |
এলান্ধু | আন্ধু |
এঙাৰ | আঙৰা |
এজাৰ | আজাৰ |
৪। মান্য অসমীয়াৰ কোনো শব্দৰ শেষৰ ‘ই’ ধ্বনি কামৰূপীত আ / এ হয়। যেনে-
মান্য | কামৰূপী |
ছাতি | চতা / চাতা |
ঢাৰি | ধৰা / ধাৰা |
বালি | বালা |
ভাজি | ভাজা |
৫। মান্য অসমীয়াৰ কোনো কোনো শব্দৰ ‘ন’ ধ্বনিৰ ঠাইত কামৰূপীত ‘ল’ ধ্বনি হয়। যেনে-
মান্য | কামৰূপী |
নোম | লোম / লুম |
নাঙঠ | লাঙটা / লেঙতা |
নেজ | লেজ |
৬। মান্য অসমীয়াত বা উজনি অঞ্চলৰ ভাষাৰ শব্দত শ্বাসঘাত শব্দৰ উপধা অক্ষৰত পৰে আৰু কামৰূপীত শ্বাসঘাত আদি অক্ষৰত পৰে। যেনে-
মান্য | কামৰূপী |
কোমোৰা | কুমৰা |
অমৰা | আমৰা |
কুকুৰা | কুকৰা |
মকৰা | মাকৰা |
৭। কেতিয়াবা মান্য অসমীয়াৰ ‘ৰ’ ধ্বনি কামৰূপীত ‘ল’ ধ্বনিলৈ পৰিৱৰ্তন হয়। যেনে- শৰীৰ / সৰিল।
৮। মান্য অসমীয়াৰ দ্বিঅক্ষৰ যুক্ত শব্দৰ শেষৰ অক্ষৰৰ ‘অ’ কামৰূপী উপভাষাত ‘আ’ লৈ ৰূপান্তৰ হয়। যেন –
মান্য | কামৰূপী |
কদম | কদাম |
কৰত | কৰাত |
বতৰ | বতাৰ |
পাৰ | পাৰা |
ৰুপগতঃ
(ক) মান্য অসমীয়া বা উজনি অসমৰ ভাষাত ব্যৱহৃত কিছুমান বিশেষ্য শব্দ কামৰূপী উপভাষাত অন্য ৰূপত ব্যৱহাৰ হয়। যেনে- গামোচা > মোচকা, ল’ৰা > আপা আদি।
(খ) মান্য ভাষাত বহুবচন বুজাবলৈ- বোৰ, -বিলাক, -সকল, -লোক, -বৃদ্ধ আদি প্ৰত্যয় যোগ কৰা হয়। যেনে- মানুহবোৰ, কলমবিলাক, তিৰোতাসকল, শিক্ষকবৃদ্ধ আদি। আনহাতে কামৰূপী উপভাষাত বহুবচন বুজাবলৈ-গিলা -গিলাক, -সোপা, -মখা, -সকাল আদি প্ৰত্যয় ব্যৱহাৰ কৰা হয়। যেনে- মানুহগিলা, বস্তুগিলাক, কলমসোপা, আপামখা আদি।
(গ) মান্য ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে- টা, -খন, -জন, -জনা, গৰাকী আদিৰ যোগ কৰা হয়। যেনে- কলমটো, কিতাপখন, মানুহজন, মহিলাগৰাকী আদি। কিন্তু কামৰূপী উপভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে-তো / তু, -খান, -পাত, -আখা, -খোৰ আদিৰ যোগ কৰা হয়। যেনে- মানুহতো, আপাটো, কলাআখা, চাতিখোৰ আদি।
(ঘ) মান্য অসমীয়াত নিমিত্তাৰ্থক বিভক্তি ‘লৈ’ যোগ কৰি তুমুনন্ত অৰ্থ প্ৰকাশ কৰে। আনহাতে কামৰূপী উপভাষাত-লেগি, -লাগি, -কেলি আদি যোগ কৰা হয়। যেনে-
মান্য | কামৰূপী |
নিবলৈ | নিবাকলেগি / নিবাককেলি |
খাবলৈ | খাবাকলেগি |
কবলৈ | কবাকলেগি / কবাকগেলি |
শব্দগতঃ মান্য অসমীয়া বা উজনি অঞ্চলৰ আৰু কামৰূপী উপভাষাৰ মাজত শব্দগত পাৰ্থক্যও পৰিলক্ষিত হয়। এই পাৰ্থক্য উজনি আৰু কামৰূপী উপভাষাৰ মাজত ফল-ফুল, জীৱ-জন্তু, বাচন-বৰ্তন, সম্বন্ধবাচক শব্দ, বিয়া-বাৰু আদিৰ ক্ষেত্ৰত দেখা যায়। যেনে-
মান্য | কামৰূপী |
নেমুটেঙা | তুইল্লাটেঙা |
ককা | আতা |
টোপনি | ঘুমতি |
সন্তান | ছলি |
১৩। কামৰূপী উপভাষাৰ স্থানীয় ৰূপ বা উপভাষাসমূহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ নামনি অসমৰ এটা অন্যতম উপভাষা হ’ল কামৰূপী উপভাষা। যিদৰে উপভাষা সমূহৰ সৰু সৰু কেইবাটাও স্থানীয় ৰূপ বা ক্ষেত্ৰীয় ৰূপ থাকে, ঠিক তেনেদৰে কামৰূপী উপভাষাৰো স্থানীয় ৰূপ আছে। এই স্থানীয় ৰূপসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে-উত্তৰ কামৰূপী আৰু দক্ষিণ কামৰূপী। এই উত্তৰ কামৰূপী স্থানীয় ৰূপটিক নলবৰীয়া, পাতিদৰঙীয়া, বৰপেটীয়া, বৰণগৰীয়া, আদি ক্ষুদ্ৰ ক্ষুদ্ৰ স্থানীয় ৰূপত ভাগত ভাগ কৰিব পাৰি আৰু দক্ষিণ কামৰূপী স্থানীয় ৰূপটিক পলাশবৰীয়া, ছয়গঞা, ডিমৰীয়া আদি ক্ষুদ্ৰ ক্ষুদ্ৰ স্থানীয় ৰূপত ভাগ কৰিব পাৰি। এই স্থানীয় ৰূপসমূহৰ ভাষিক বৈশিষ্ট্যসমূহৰ লগত মান্য ভাষাৰ কিছু পাৰ্থক্য পৰিলক্ষিত হয়।
এই বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল-
ধ্বনিগতঃ
১। মান্য ভাষা বা উজনিৰ উপভাষাত ‘ঝ’ ধ্বনিটো বিশিষ্ট ধ্বনি নহয়। ঠিক সেইদৰে উত্তৰ কামৰূপী ৰূপত ‘ঝ’ ধ্বনি নাই। কিন্তু দক্ষিণ কামৰূপীত ‘ঝ’ ধ্বনিয়ে বিশিষ্ট ধ্বনিৰ মৰ্যদা পাইছে। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
জলকীয়া | ঝলা / ঝালা | জলা / জালা |
কৰ্কৰা ভাত | ঝকৰাভাত | জকৰাভাত |
জালুক | ঝালুক | জালুক |
২। মান্য অসমীয়া আৰু উত্তৰ কামৰূপী ৰূপত ‘ঙ’ ধ্বনিৰ ব্যবহাৰ আছে। কিন্তু দক্ষিণ কামৰূপীত ‘ঙ’ৰ সলনি ‘উ’ / ৱ ধ্বনি হিচাপে ব্যৱহাৰ হয় আৰু উচ্চাৰণ অনুনাসিক হয়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
টেঙা | তেঁৱা | তেঙা |
বেঙা | বেঁবা | ভেঙা |
ভাং | ভাঁউ | ভাং |
৩। মান্য অসমীয়াৰ আদ্য স্থানত থকা ‘ও’ ধ্বনি উত্তৰ কামৰূপীত অ / অঁ / আ ধ্বনি হয় আৰু দক্ষিণ কামৰূপীত ‘ও’ হয়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
গোৱৰ | গোবাৰ /গোবৰ | গবৰ / গবাৰ |
মটৰ | মোতৰ / মোতা়ন | মতৰ / মতাৰ |
৪। মান্য অসমীয়া কিছুমান শব্দৰ মধ্য স্থানত থকা ‘অ’ ধ্বনি দক্ষিণ কামৰূপীত ‘আ’ হয় আৰু উত্তৰ কামৰূপীত লোপ পায়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
অমৰা | আমাৰা | আমৰা |
মকৰা | মাকাৰা | মাকৰ |
আজলা | আজালা | অজলা |
৫। মান্য অসমীয়া ‘ঐ’ আৰু ‘ঔ’ ধ্বনি দক্ষিণ কামৰূপী আৰু উত্তৰ কামৰূপীত ‘উই’, ‘অই’, ‘এ’, ‘আ’, আৰু ‘অ’ হিচাপে উচ্চাৰিত হয়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
জাকৈ | ঝাখা | জাখে |
আখৈ | আখা | আখে |
থৈলা | থুইলে | থইলে |
৬। মান্য অসমীয়া আৰু উত্তৰ কামৰূপীৰ ‘অনুস্বাৰ’ (ং) ধ্বনি দক্ষিণ কামৰূপীত ‘উঁ’ লৈ পৰিবৰ্তন হয়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
খং | খউঁ | খং |
ঠেং | থেউঁ | থেং |
৭। মান্য অসমীয়া আৰু দক্ষিণ অসমীয়াৰ মধ্য বা আদ্য স্থানত থকা ‘অ’ ধ্বনি উত্তৰ কামৰূপীত ‘ও’ লৈ পৰিবৰ্তন হয়। যেনে-
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
ল’ৰা-ছোৱালী | চলি | চোলি |
তলত | তলত | তলোত |
ঘৰত | ঘৰত | ঘৰোত |
ৰূপগতঃ
১। মান্য অসমীয়া একবচন বুজাবলৈ- টো, -জন, -জনী, -খন আদি প্ৰত্যয় যোগ কৰা হয়। যেনে- কলমটো, মানুহজন, ছোৱালীজনী, কিতাপখন, আদি। কিন্তু উত্তৰ কামৰূপীত -তো / -তু, -খান, -পাত আদিৰ যোগ হয়। যেনে-মনুহতু, তিৰিতো (মানুহ গৰাকী), কৰচপাত (হেতাখন), কতেৰীখান (কটাৰীখন) আদি। আকৌ দক্ষিণ কামৰূপীত -তা, -খান, -খিনি, -আখা আদি যোগ হয়। যেনে- মানহুতা( মানুহজন), ইখান ( এইখন), নুনখিনি (লোণফেৰা) আদি।
২। মান্য অসমীয়া বহুবচন বুজাবলৈ -বোৰ, -বিলাক, -সকল, -হঁত, -সকল আদি প্ৰত্যয় যোগ হয়। আনহাতে উত্তৰ কামৰূপীত -গিলা, -গিলে, -সকাল, -হাত আদি যোগ হয় আৰু দক্ষিণ কামৰূপী -গেলা, -গিলাক, -হাঁত, -সামৰা আদি যোগ কৰা হয়।
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
মানুহবিলাক | মানহুগিলাক | মানুহগিলে |
ল’ৰাসকল | চলিসামৰা | চোলিসকাল |
গৰুহঁত | গৰুহঁত | গৰুহাত |
৩। শব্দবিভক্তিঃ
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
ক’লৈ যোৱা | কোক জা | ক’ক জা |
ক’ৰ পৰা | কোৰ ফেৰে | কোৰ পেৰে |
ঘৰলৈ | ঘৰোকলেগি | ঘৰোকগেলি |
৪। পুৰুষবাচক সৰ্বনামঃ
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
মই | মোই | মই |
তই | তোই | তই |
৫। কালবাচক ক্ৰিয়া বিশেষণঃ
মান্য | দক্ষিণ কামৰূপী | উত্তৰ কামৰূপী |
এতিয়া | ইত্থান | এথেন / ইতেন |
কেতিয়া | কিথান | কেইতা / কিতে |
যেতিয়া | জিথান | জেইতা / জিতে |
১৪। গোৱালপৰীয়া উপভাষাৰ ভাষিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ অসমৰ একেবাৰে পশ্চিম অঞ্চলৰ উপভাষাটোৰ নাম গোৱালপৰীয়া উপভাষা। এই উপভাষা কোৱা লোকসকল প্ৰধানকৈ গোৱালপাৰা জিলাত আছিল বাবে ই গোৱাপৰীয়া নামে জনাজাত।অৱশ্যে এই উপভাষাৰ ৰাজবংশী, ৰংপুৰী, আৰু দেশী নামেৰেও জনাজাত। গোৱালপৰীয়া উপভাষাৰ দুটা প্ৰধান আঞ্চলিক ৰূপ হ’ল- পূৱ গোৱালপৰীয়া আৰু পশ্চিম গোৱালপৰীয়া। এই দুটা আঞ্চলিক ৰূপৰ আকৌ কিছুমান সৰু সৰু ক্ষেত্ৰীয় ৰূপ আছে। গোৱালপৰীয়া উপভাষাৰ আৰু মান্য অসমীয়া বা উজনি উপভাষাৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। তলত গোৱালপৰীয়া উপভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-
ধ্বনিগত বৈশিষ্ট্যঃ
১। মান্য অসমীয়াত বিশিষ্ট স্বৰ ধ্বনি সংখ্যা আঠটা আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা ২১ টা। আনহাতে গোৱালপৰীয়া উপভাষাত বিশিষ্ট স্বৰধ্বনি সংখ্যা ৭ টা ব্যঞ্জন ধ্বনিৰ সংখ্যা ২৯ টা।
স্বৰধ্বনিঃ অ, আ, ই, উ, এ’, এ, ও।
ব্যঞ্জনধ্বনিঃ ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ট, ঠ, ড, ড়, ঢ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, শ, স, হ।
২। মান্য অসমীয়া এটা শব্দত ওচৰা-ওচৰিকৈ দুটা ‘আ’ ধ্বনিৰ ব্যৱহাৰ নহয়। কিন্তু গোৱালপৰীয়া উপভাষাত ব্যৱহাৰ হয়। যেনে-
মান্য | গোৱালপৰীয়া |
মদাৰ | মাদাৰ |
তৰা | তাৰা |
টকা | টাকা |
৩। মান্য অসমীয়াৰ শব্দৰ আদিত থকা ‘ঔ’ ধ্বনি, গোৱালপৰীয়া উপভাষাত ‘ঐ’ ধ্বনি লৈ পৰিবৰ্তন হয়। যেনে-
মান্য | গোৱালপৰীয়া |
গৌৰৱ | গৌৰৱ |
যৌৱন | যৈৱন |
৪। উচ্চাৰণৰ সুবিধাৰ বাবে মান্য অসমীয়া কিছুমান শব্দত গোৱালপৰীয়া উপভাষাত স্বৰধ্বনিৰ আগমন হোৱা দেখা যায়। যেনে-
মান্য | গোৱালপৰীয়া |
সোণ | সোণা |
ৰূপ | ৰূপা |
তাম | তামা |
৫। মান্য অসমীয়া অল্পপ্ৰাণ ধ্বনি গোৱালপৰীয়া উপভাষাত মহাপ্ৰাণ ধ্বনিলৈ পৰিৱৰ্তন হয়। যেনে- ভোক > ভোখ।
৬। মান্য অসমীয়া বিপৰীতে গোৱালপৰীয়া উপভাষাত ‘ঝ’ ধ্বনিটো বিশিষ্ট ধ্বনিৰ মৰ্যদা লাভ কৰা দেখা যায়। যেনে-
মান্য | গোৱালপৰীয়া |
জলা | ঝাল |
জাক | ঝাক |
বোজা | বুঝা |
৭। মান্য অসমীয়া ‘ৰ’ ধ্বনি গোৱালপৰীয়াত ‘ল’ ধ্বনিলৈ পৰিৱৰ্তন হয়। যেনে-
মান্য | গোৱালপৰীয়া |
সোণাৰু | শোনালু |
শৰীৰ | শৰিল |
৮। গোৱালপৰীয়া উপভাষাত ৰ-কাৰ যুক্ত ধ্বনি ‘ৰ’ বা ৰেফ যুক্ত হৈ ব্যৱহাৰ হয়। যেনে- প্ৰথম > পৰথম, প্ৰকাশ > পৰকাশ।
ৰূপগত বৈশিষ্ট্যঃ
১। মান্য অসমীয়াত বহুবচন বুজাবলৈ -বোৰ, -বিলাক, -হঁত আদি যোগ কৰা হয়। আনহাতে গোৱালপৰীয়া উপভাষাত বহুবচন বুজাবলৈ -গুলা / -গুলান, -গিলা, -হৰ / -ঘৰ আদিৰ যোগ কৰা হয়। যেনে-
মান্য | গোৱালপৰীয়া |
ল’ৰাবোৰ | চেঙৰাগুলা |
মানুহবিলাক | মানশিগুলান |
অনিলহঁত | অনিলহৰ |
২। মান্য অসমীয়াত নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে -টা, -জন, -খন, -খিনি আদি যোগ কৰা হয়। আনহাতে গোৱালপৰীয়া উপভাষাত -টা, -কোনো, -খান, -হাতা আদিৰ যোগ কৰা হয়। যেনে-
মান্য | গোৱালপৰীয়া |
গিলাচটো | গিলাসটা |
এইখিনি | এইকোনা |
কাপোৰখন | কাপুৰখান |
৩। মান্য অসমীয়াত নাস্ত্যাৰ্থ বুজাবলৈ ‘ন’ যোগ কৰা হয় আৰু ‘ন’টো মূলৰূপৰ লগত সমীভূত হয়। কিন্তু গোৱালপৰীয়া উপভাষাত ‘না’ যোগ হয়। যেনে-
মান্য | গোৱালপৰীয়া |
নিদিওঁ | নাদেঙ |
নকৰে | নাকৰে |
নিদিব | নাদিবে |
৪। শব্দ বিভক্তিৰ ক্ষেত্ৰত গোৱালপৰীয়া উপভাষাৰ বিশেষ বৈশিষ্ট্য আছে। যেনে-
মান্য | গোৱালপৰীয়া |
গৰীৱে | গোৰুয়ে |
গৰুৰ দ্বাৰা | গোৰুৰ দ্বাৰা |
গৰুলৈ | গোৰুক নাগি |
শব্দগত বৈশিষ্ট্যঃ গোৱালপৰীয়া উপভাষা শব্দ সম্ভাৰত চহকী। মান্য অসমীয়াৰ লগত গোৱালপৰীয়া উপভাষাৰ শব্দগত পাৰ্থক্য আছে। অৱশ্যে অঞ্চলভেদে তাৰ ভিন্নতা দেখা যায়।
১। সমন্ধবাচক শব্দঃ
মান্য | গোৱালপৰীয়া |
দেউতা | বাপ / বাবা |
খুৰা | কাকা |
আইতা | আবু / আবো |
২। সংখ্যাবাচক শব্দঃ
মান্য | গোৱালপৰীয়া |
এক | এ’ক |
চাৰি | চাইৰ |
ছয় | ছই / সই |
৩। বিধিৰ শব্দঃ
মান্য | গোৱালপৰীয়া |
টোপনি | নিন |
গাত | গাড়া |
গছ | গাস |
যুহলা | জুইহাল |
১৫। উজনি অসমত ভাষা বা মান্য ভাষা, কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ ভাষিক বৈশিষ্ট্যসমূহৰ তুলনামূলক আলোচনা আগবঢ়োৱা।
উত্তৰঃ অসমীয়া ভাষাটোৰ প্ৰধান উপভাষা দুটা। সেইয়া হ’ল উজনি উপভাষা আৰু নামনিৰ উপভাষা। নামনিৰ উপভাষাক আকৌ কামৰূপী উপভাষাত আৰু গোৱালপৰীয়া উপভাষা নামেৰে দুটা উপভাষাত ভাগ কৰা হৈছে। এইবোৰৰ আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰূপ আছে। এই আঞ্চলিক ৰূপবোৰ মাজত কিছুমান পাৰ্থক্য দেখা পোৱা যায়। উজনি উপভাষাটোকে অসমৰ মান্য ভাষা হিচাপে ব্যৱহাৰ হৈ আহিছে। এই উজনিৰ উপভাষা, কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষা ভাষিক বৈশিষ্ট্যবোৰৰ পাৰ্থক্য আছে তলত তিনিওটা উপভাষাৰ বৈশিষ্ট্যসমূহৰ তুলনামূলক আলোচনা কৰা হ’ল-
ধ্বনিতাত্ত্বিক বৈশিষ্ট্যঃ
১। মান্য ভাষাত এটা শব্দত ওচৰা-ওচৰিকৈ ‘আ’ ধ্বনি নাথাকে। কিন্তু কামৰূপী আৰু গোৱালপৰীয়া উপভাষাত থাকে। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
কণা | কানা | কাণা |
চকা | চাকা | চাকা |
টকা | তাকা | টাকা |
২। মান্য অসমীয়াত শব্দৰ শেষত থকা ‘ই’ গোৱালপৰীয়া আৰু কামৰূপীত ‘আ’ হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
বালি | বালা | বালা |
ছাতি | চাতা | ছাতা |
গুৰি | গুৰা | গুড়া |
৩। মান্য অসমীয়া বা উজনি উপভাষাৰ অল্পপ্ৰাণ ধ্বনি কামৰূপী আৰু গোৱালপৰীয়া উপভাষাত মহাপ্ৰাণ হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
ভোক | ভুখ / ভোখ | ভোখ |
৪। উজনি উপভাষাৰ শব্দৰ শেষৰ ‘ঐ’ কেতিয়াবা কামৰূপীত ‘এ’ হয় আৰু গোৱালপৰীয়াত ‘আই’ হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
গৰৈ | গৰে | গৰাই |
তাৱৈ | তাৱে | তাৱাই |
মিঠৈ | মিঠে | মিঠাই |
৫। মান্য অসমীয়াত শ্বাসঘাত শব্দৰ শেষৰ আগৰ অক্ষৰত পৰে। কিন্তু কামৰূপী আৰু গোৱালপৰীয়া উপভাষাত শ্বাসঘাত আদি অক্ষৰত পৰে। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
কেঁকোৰা | কাকৰা | কাকৰা |
কমলা | কমলা | কমলা |
মকৰা | মাকৰা | মাকৰা |
৬। মান্য অসমীয়াত ‘ঝ’ ধ্বনি বিশিষ্ট ধ্বনি হিচাপে উচ্চাৰিত নহয় যদিও কামৰূপী আৰু গোৱালপৰীয়া উপভাষাত ‘ঝ’ ধ্বনিটো বিশিষ্ট ধ্বনি হিচাপে উচ্চাৰিত হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
জালুক | ঝালুক | |
জল | ঝাল | |
জলা | ঝালা | |
জাক | ঝাক |
ৰূপতাত্ত্বিক বৈশিষ্ট্যঃ
১। একবচন বুজাবলৈ মান্য ভাষাত -টা, -জন, -জনী, -খন, -মুঠা আদি প্ৰত্যয় যোগ কৰা হয়। আনহাতে কামৰূপীত একবচন বুজাবলৈ -তো, -তু, -মুথা, -খান, -আখা আদি ব্যৱহাৰ কৰা হয় আৰু গোৱালপৰীয়া উপভাষাত -টা, -মুটা, -ঝাক, -খান আদি প্ৰত্যয় যোগ কৰা হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
হাঁহটো | হাহটো | হাশটা |
শাকমূঠা | সাকমূ্থা | সাকমুটা |
কিতাপখন | কিতাপখান | বোইখান |
২। বহুবচন বুজাবলৈ মান্য ভাষাত -বোৰ, -বিলাক, -সকল, -হঁত, -লোক আদি প্ৰত্যয় যোগ কৰা হয়। আনহাতে কামৰূপীত -গিলা, -গিলে, -গিলাক, -হাত, – সকাল আদি যোগ ব্যৱহাৰ কৰা হয় আৰু গোৱালপৰীয়াত -গুলা, -গুলান, -হৰ, -ৰা আদি প্ৰত্যয় যোগ কৰা হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
ল’ৰাবোৰ | চলিগিলা | চেঙৰাগুলা |
মানুহবিলাক | মানহুগিলাক | মানশিগুলাক |
কুকুৰহঁত | কুকুৰহাত | কুকুৰহৰ |
৩। মান্য অসমীয়া। আৰু কামৰূপীত ক্ৰিয়াৰ নাস্ত্যাৰ্থক ৰূপৰ লগত ‘ন’ যোগ হয়। আনহাতে গোৱালপৰীয়া ‘না’ যোগ হয়। যেনে-
মান্য | কামৰূপী | গোৱালপৰীয়া |
নপৰে | নপৰে | না-পৰে |
নেদেখোঁ | নেদখো | নাদেখুঙ |
নাখাওঁ | নাখাং | নাখাঙ |
৪। কাৰক বিভক্তিঃ
মান্য | কামৰূপী | গোৱালপৰীয়া |
গৰুলৈ | গৰুকলেগি | গোৰুকনাগি |
গৰুৰ দ্বাৰা | গৰুইদি | গোৰোৰ দ্বাৰা |
হাঁহেৰে | হাহেদি | হাশেদি |
৫। শব্দমালাঃ
মান্য | কামৰূপী | গোৱালপৰীয়া |
ফিৰ-ফিৰীয়া | ফিৰ-ফিৰা | ফুৰ-ফুৰা |
মলমালীয়া | মল-মইলা | মল-মলা |
দেউতা | পিতা / পিতি | বাবা |
জোঁৱাই | জাঙে / জাউঙে | জামাই |
তামোল | তামুল | গুৱা |
বেঙেনা | বাঙনা | বেইগন |
১৬। কামৰূপী উপভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ ৰূপতত্ত্বত ভাষাৰ ৰূপ সম্পৰ্কে আলোচনা কৰা হয়। শব্দ বা পদবোৰৰ মাজত এক প্ৰকাৰৰ আভ্যন্তৰীণ সম্পৰ্ক থাকে আৰু এই শব্দ গঠনৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ আলোচনাই হ’ল ৰূপতত্ত্ব। শব্দ, পদ, বচন, লিঙ্গ, বিভক্তি, কাৰক, প্ৰত্যয় আদিৰ সংযোগত অসমীয়া ভাষাত ৰূপ গঠন সাধিত হৈছে। অৱশ্যে এই ৰূপাবোৰ সংযোগ প্ৰণালী সকলো ভাষাতে প্ৰায় একে যদিও ৰূপ সমূহ ভাষা বিশেষে বেলেগ বেলেগ হয়। অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক গঠন অতি বৈচিত্ৰ্যপূৰ্ণ। কামৰূপী উপভাষাটো অসমীয়া ভাষাৰ এটি প্ৰদান উপভাষা আৰু সেই ফালৰ পৰা কামৰূপী উপভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষন কৰাটো অতি দৰকাৰী।
তলত কামৰূপী উপভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যসমূহ দিয়া হ’ল-
১। বচনঃ মান্য অসমীয়া ভাষাত এক বচন বুজাবলৈ -টো, -জন, -জনী, -খন, -ডাল আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বহুবচন বুজাবলৈ -বোৰ, -বিলাক, -হঁত, -সকল, -লোক,-জাক আদি বহুবচনাত্মক প্ৰত্যয় যোগ কৰা হয়। কামৰূপী উপভাষাত – তো / -তু, -খান, -খোৰ / -খৰ, – আখা, – চিললা আদি। নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু বহুবচন বুজাবলৈ -গিলা, -ইগলা, -হাত, -সকাল, -মাখা আদি বহুবচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। যেনে-
মান্য ভাষা | কামৰূপী |
মানুহজন | মানুহতু |
কামটো | কলমতু |
কিতাপখন | কিতাপখান |
কাগজখিলা | কাগজচিললা |
মানুহবিলাক | মানুহগিলা, মানুহগিলাক |
কুকুৰহঁত | কুকুৰহাত |
২। লিঙ্গঃ মান্য ভাষাৰ দৰে কামৰূপী ভাষাতো লিঙ্গ নিৰূপণ কৰিবলৈ তিনিটা উপায় অৱলম্বন কৰা হয়। সেইকেইটা হ’ল-
১। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বাচক শব্দবোৰ ব্যৱহাৰ কৰি।
২। মতা-মাইকীসূচক শব্দ মূল শব্দৰ আগত ব্যৱহাৰ কৰি। আৰু
৩। কিছুমান স্ত্ৰীলিঙ্গবাচক প্ৰত্যয় ব্যৱহাৰ কৰি।
১। বিভিন্ন পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বাচক শব্দ ব্যৱহাৰ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
মৰদ (পুৰুষ) | তিৰি (মহিলা) |
আতা (ককা) | আবু (আইতা) |
পিতা (দেউতা) | আই (মা) |
তাৱে (তাৱৈ) | আমে (আমৌ) |
২। মূল শব্দৰ আগত মতা-মাইকী শব্দৰ প্ৰয়োগ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
মাতা হাঁহ ( মতা হাঁহ) | মাতি হাঁহ (মাতি হাঁহ) |
পাথা চাগাল (মতা ছাগলী) | পাথি চাগাল (মাইকী ছাগলী) |
মতা ঘৰা (মতা ঘোঁৰা) | মাইকী ঘৰা মাইকী ঘোঁৰা) |
৩। বিভিন্ন স্ত্ৰী প্ৰত্যয় সংযোগ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
-ৰি প্ৰত্যয়ঃ কালা (কলা) | কালেৰি (আছে কালৰী) |
-নি প্ৰত্যয়ঃ চুৰ (চোৰ) | চুন্নি (চোৰুণী) |
-এনি প্ৰত্যয়ঃ কোলতা (কলিতা) | কোলতেনি |
৩। ক্ৰিয়াৰ নঞর্থক ৰূপঃ মান্য অসমীয়াৰ দৰে কামৰূপী উপভাষাতো ক্ৰিয়াৰ ৰূপৰ আগত ‘ন’ পূৰ্ৱ প্ৰত্যয় যোগ হয়। এই ‘ন’ সাধাৰণতে ক্ৰিয়া ৰূপৰ আদিত স্বৰৰ লগত সমীভূত হয়। যেনে-
মান্য ভাষা | কামৰূপী |
নকওঁ | নকঙ |
নাপায় | নাপে |
নালাগে | নালগে |
নামাৰে | নামৰে |
নেদেখো | নেদখো |
৪। তুমুনন্ত ক্ৰিয়াৰূপঃ মান্য অসমীয়াত – লৈ, বিভক্তি লগ-লগাই তুমুনন্ত অৰ্থ প্ৰকাশ কৰা হয়। কিন্তু কামৰূপী উপভাষাত -বাক, -ইবা, -বাৰ, – বা যোগ কৰি তাৰ পাছত -লাগি, -কেলি আদি যোগ কৰা হয়। যেনে-
মান্যভাষা | কামৰূপী |
নিবলৈ | নিবা / নিবাৰ লেগি / নিবাককেলি |
খাবলৈ | খাবা / খাবাকলেগি / খাবাক কেলি |
ক’বলৈ | কবাকলেগি |
কৰিবলৈ | কোৰবা |
পঢ়িবলৈ | পৰহিবা |
৫। নামপদঃ অসমীয়া ভাষাত নামপদ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে –
১। বিশেষ্য।
২। বিশেষণ। আৰু
৩। সৰ্বনাম।
১। বিশেষ্য শব্দঃ মান্য অসমীয়াত ব্যৱহাৰ নোহোৱা কিছুমান পৃথক বিশেষ্য শব্দ কামৰূপী উপভাষাৰ স্থানীয় ৰূপত পোৱা যায়। যেনে- কাইতা (বেঁকা), খাদা (পাচি), মোকচা (গামোচা), কথেলি (হেতা), কেৰুন্দ (কেৰেলুৱা), কাথি (পিৰালি), গলি (গোহালি) আদি।
২। বিশেষণ শব্দঃ মান্য অসমীয়াত বিশেষণৰ তাৰতম্য বুজাবলৈ সপ্তমী বিভক্তিত – ‘ত’, বা -.‘অত’যোগ কৰি তাৰ পাছত ‘- কৈ’ যোগ দিয়া হয়। যেনে – ‘ৰামতকৈ হৰি ডাঙৰ’। কিন্তু কামৰূপী উপভাষাত স্থানীয় ৰূপসমূহত ‘-কৈ’ – ৰ সলনি ‘কে’, ‘কোৰি’, ‘থাকি’, ‘চাই’, আদি। যেনে – ৰামোতকৈ হৰি ডাঙৰ (ৰামতকৈ হৰি ডাঙৰ), তাতকোৰি মই সৰু (তাতকৈ মই সৰু), সীতাত থাকি গীতা থোউগা (সীতাতকৈ গীতা ধুনীয়া) আদি।
৩। সৰ্বনাম শব্দঃ সৰ্বনাম পদে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হৈ কাৰ্য সম্পাদনা কৰে। মান্য অসমীয়াৰ দৰে কামৰূপী উপভাষাতো শব্দবোৰে বচন, লিংগ, পুৰুষ আৰু মৰ্যদা অনুসৰি ভিন ভিন ৰূপ গ্ৰহণ কৰে। যদিও স্থানীয় ৰূপসমূহত ব্যৱহাৰ হোৱা সৰ্বনামসমূহৰ নিজা বৈশিষ্ট্য আছে। যেনে-
উত্তম পুৰুষৰ | একবচনঃ | মই / মোই কি কৰিম? |
বহুবচনঃ | আমি চব লগ হৈ জা। | |
মধ্য পুৰুষৰ | একবচনঃ | তই / তোই কোৰাবাদে কামতু। |
বহুবচনঃ | তুমি আহুন / তুহুন জাবিনে? |
৬। কাৰক আৰু বিভক্তিঃ অসমীয়াত কাৰকৰ ভাৱ প্ৰকাশ কৰিবলৈ অৰ্থাৎ বাক্যত শব্দক ক্ৰিয়াৰ লগত সঙ্গতি স্থাপন কৰিবলৈ ছয়বিধ বিভক্তি ব্যৱহাৰ কৰা হয়। কাৰক আৰু বিভক্তিৰ ক্ষেত্ৰত মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। মান্য অসমীয়াৰ লগত কাৰক বাচক ৰূপ সমূহৰ অৰ্থগত প্ৰভেদ নাই। মাত্ৰ ৰূপ গঠনহে সুকীয়া হয়। যেনে-
মান্য ভাষা | কামৰূপী |
১। কৰ্তাকাৰকঃ হৰিয়ে মাতিছে। | হৰিয়ে মাতিচে। |
২। কৰ্মকাৰকঃ হৰিয়ে জীৱনক কোবাইছে। | হৰিয়ে জিবনক কো। |
৩। কাৰণকাৰকঃ মই কাটাৰীৰে তামোল কাটিছোঁ। | মই কতাৰিৰে তামূল কাতচু। |
৪। নিমিত্তকাৰকঃ অলপ বজাৰলৈ যাওঁ। | অলপ বজাৰক লাগি জাউ। |
৫। অপাদানকাৰকঃ পুখুৰীৰ পৰা মাছ আনিছোঁ। | পোখৰি পে মাচ আনচু। |
৬। অধিকৰণকাৰকঃ আকাশত তৰা আছে। | আকাশত তাৰা আচে। |
৭। ক্ৰিয়াপদঃ বাক্যৰ প্ৰধান পদ হ’ল ক্ৰিয়াপদ। ধাতুৰ লগত ক্ৰিয়া বিভক্তি যোগ হৈ ক্ৰিয়াপদ গঠন হয়। মান্য অসমীয়াৰ দৰে কামৰূপী উপভাষাতো ক্ৰিয়াৰ ভাৱ দুটা-নিৰ্দেশক ভাৱ আৰু অনুজ্ঞা ভাৱ। মান্য অসমীয়াত ব্যৱহাৰ হোৱা ক্ৰিয়া বিভক্তিৰ কিছুমান ক্ষেত্ৰত মাত্ৰ ধ্বনিগত পৰিবৰ্তন হৈ কামৰূপী উপভাষাত পাঁচটা কাল আৰু দশাৰ ক্ৰিয়া ৰূপে গঠন হয়। উপভাষাত স্বৰান্ত আৰু ব্যঞ্জনান্ত উভয়বিধ ধাতু আছে। স্বৰান্ত ধাতুৰ আকৌ অ-কাৰান্ত, ই-কাৰান্ত আৰু উ-কাৰান্ত ধাতু আছে। বিভক্তি যুক্ত হ’লে স্বৰান্ত ব্যঞ্জনান্ত অনুসাৰে ধাতুবোৰৰ ৰূপ বেলেগ বেলেগ হয়। আকৌ কোনো কোনো কালৰ পুৰুষত বিভক্তি যোগ নোহোৱাকৈ অকল ধাতুৰটোৱে ব্যৱহাৰ হয়।
১৭। কামৰূপী উপভাষা আৰু মান্যভাষাৰ শব্দগত পাৰ্থক্যসমূহ লিখা।
উত্তৰঃ কামৰূপী উপভাষা আৰু মান্যভাষাৰ মাজত ধ্বনিগত, ৰূপগত, দিশত যিদৰে পাৰ্থক্য পৰিলক্ষিত হয়, ঠিক সেইদৰে শব্দগত দিশতো মান্য ভাষা আৰু কামৰূপী ভাষাৰ মাজত পাৰ্থক্য আছে। এই শব্দগত পাৰ্থক্যসমূহ প্ৰধানকৈ ঘৰুৱা শব্দ, সম্বন্ধবাচক শব্দ, ফল-মূলবাচক, ফুল, চৰাই আদি শব্দৰ ক্ষেত্ৰত দেখা যায়। এই পাৰ্থক্যসমূহ তলত দিয়া হ’ল-
১। ঘৰুৱা শব্দঃ
মান্য অসমীয়া | কামৰূপী |
চোতাল | চলত |
বৰষুণ | বইৰহান |
পথাৰ | পাথাৰ |
পিৰালি | কাথি |
২। সম্বন্ধবাচক শব্দঃ
মান্য অসমীয়া | কামৰূপী |
নবৌ | বৌ |
বোৱাৰী | ব’ৰি |
ল’ৰা | আপা |
ছোৱালী | আপী |
গিৰিয়েক | লালক |
ঘৈনিয়েক | ঘৈন্নাক / মাইহ্নাক |
৩। ফল-মূলঃ
মান্য অসমীয়া | কামৰূপী |
জলকীয়া | ভজলুক |
অমিতা | মইদফল |
মধুৰী আম | সোফৰাম / সোইফৰাম |
জলফাই | জলপে |
৪। ফুলঃ
মান্য অসমীয়া | কামৰূপী |
নাৰ্জী | গেন্ধে, গেন্ধা |
৫। চৰাইঃ
মান্য অসমীয়া | কামৰূপী |
কপৌ | কুপ্তি |
পইতাচ’ৰা | তেলভৌৰকা |
শৰালি | শল্লি |
ঘনচিৰিকা | চোকা |
১৮। কামৰূপী উপভাষাৰ বাক্যগত বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ অসমীয়া ভাষাৰ ঔপভাষিক ৰূপসমূহৰ বাক্য গাঁথনি মান্য অসমীয়াৰ দৰে একে যদিও এই গাঁথনি সকলো সময়তে ৰক্ষিত নহয়। দৰাচলতে কথিত ৰূপত ভাৱৰ আদান-প্ৰদান কৰোঁতে কোনো নিৰ্দিষ্ট ধৰা-বন্ধা নিয়ম অনুসৰণ কৰা নহয়। সেয়ে বাক্যসমূহত কেতিয়াবা কৰ্তা আৰু কৰ্মৰ মাজত ক্ৰম অব্যাহত নাথাকে। কিছুমান বাক্যত কেতিয়াবা ক্ৰিয়াটো বাক্যৰ আগত বহিব পাৰে আৰু কেতিয়াবা বাক্যৰ শেষত বহিব পাৰে। সাধাৰণতে ক্ৰিয়া বিশেষণৰ স্থান আগত হয়। কিন্তু ঔপভাষিক ৰূপসমূহত ক্ৰিয়া বিশেষণ কেতিয়াবা কৰ্তাৰ আগত, কেতিয়াবা কৰ্মৰ আগত বা পাছত আৰু কেতিয়াবা ক্ৰিয়াৰ পাছতো ব্যৱহাৰ হয়। গতিকে কামৰূপী উপভাষাৰ বাক্যৰ গঠনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। ইয়াৰে কিছুমান মান্য ভাষাৰ লগত মিল আছে আৰু কিছুমান মান্য লগত মিল নাই।
১। ক্ৰিয়াপদ সাধাৰণতে বিধেয়খণ্ডৰ শেষত থাকে যদিও কেতিয়াবা বিধেয়খণ্ডৰ আৰু কেতিয়াবা উদ্দেশ্যখণ্ডৰ একেবাৰে আগতো ব্যৱহাৰ হ’ব পাৰে।
যেনে- “নকৰু জা আমি কামতু” (আমি কামটো নকৰোঁ)।
২। সাধাৰণতে কৰ্তা আৰু ক্ৰিয়াপদৰ মাজত কৰ্মপদে অৱস্থান কৰে। যেনে- সি কাম কৰি আচে (সি কাম কৰি আছে)। কিন্তু কেতিয়াবা কথা প্ৰসঙ্গত কৰ্মপদ কৰ্তাৰ আগত বা ক্ৰিয়াৰ পদৰ পাছত বাক্যৰ একেবাৰে শেষত প্ৰয়োগ হয়।
যেনে- “হৰিক বাদমাচ চলি বোলি গাঁউৰ চোবে কয়” (হৰিক বাদমাচ ল’ৰা বুলি গাঁৱৰ সকলোৱে কয়)।
৩। দক্ষিণ কামৰূপী ঔপিভাষিক ৰূপত কথন ভঙ্গীৰ ক্ষেত্ৰত কিছু বৈশিষ্ট্য দেখা যায়। এনে বৈশিষ্ট্যত বাক্যৰ মাজে মাজে ‘দে’ আৰু মান্য অসমীয়াৰ ‘তেনেহ’লে’ শব্দৰ সলনি ‘নেতে’ ব্যৱহাৰ কৰা দেখা যায়।
যেনে- “তই নেতে তাক লাগি যাবি” (তুমি তেতিয়াহ’লে তালৈ যাবা)।
৪। মান্য অসমীয়াৰ এজন মানুহক সম্বোধন কৰাৰ ক্ষেত্ৰত ‘হেৰ’, ‘হেৰা’, ‘হেৰৌ’ আদিৰ ঠাইত কামৰূপী উপভাষাত এ বা ঐ ব্যৱহাৰ কৰা দেখা যায়।
যেনে- “এ দাহাঁৰ মাই, কি কচ্চা?” (হেৰ’ ডাঙৰ ছোৱালী, কি কৰিছ?)।
“ঐ হৰি, কথাতা সুনি জাচুন” (হেৰৌ হৰি, কথাটো শুনি যাচোন)।
৫। কামৰূপী উপভাষাৰ স্থানীয় ৰূপ উত্তৰ কামৰূপীত বাক্যৰ মাজত ‘তে’, ‘বাৰু’ আদি শব্দৰ ব্যৱহাৰ হয়।
যেনে- ‘তই আইভি দে’ (তই আহিবি)।
‘তই যাবি বাৰু’ (তই যাবি)।
৬। ইয়াৰ উপৰিও কামৰূপী উপভাষাত সম্বোনাৰ্থে বাক্যৰ আৰম্ভণি বা শেষত ‘অ’ বা ‘অই’ ব্যৱহাৰ কৰা হয়।
যেনে- ‘আ’ বাপা, অলপ ইফালে আহচুন ( হেৰ’ বোপাই, অলপ ইফালে আহচোন)।
১৯। গোৱালপৰীয়া ৰূপতাত্ত্বিক বৈশিষ্ট্য সম্পৰ্কে এটি প্ৰৱন্ধ যুগুত কৰা।
উত্তৰঃ অসমীয়া উপভাষাত এটি অন্যতম উপভাষা হ’ল গোৱালপৰীয়া উপভাষা। এই উপভাষাটোৰ ধ্বনি, ৰূপ, বাক্য আদি সকলো দিশতে নিজস্ব বৈশিষ্ট্য আছে। ভাষাবৈজ্ঞানিক দিশৰ পৰা ভাষা অধ্যয়নৰ অন্যতম অঙ্গ হৈছে ৰূপতত্ত্ব। ৰূপতত্ত্বত ভাষা এটাৰ উচ্চাৰিত কি ধ্বনি বা ধ্বনি সংযোগৰ ফলত কেনেদৰে এটা অর্থ পূর্ণ ৰূপৰ সৃষ্টি হয়। ৰূপ গঠনত প্রকৃতি, প্রত্যয় আদিৰ স্থান কি; লিঙ্গ, বচন, পুৰুষ, কাল আদিৰ বিষয়ে ৰূপতত্ত্বত আলোচনা কৰা হয়। গতিকে ভাষা এটাৰ ৰূপতত্ত্বৰ আলোচনা কৰাটো অতি প্রয়োজন।
তলত গোৱালপৰীয়া উপভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-
(ক) বচনঃ গোৱালপৰীয়া উপভাষাত বচন দুই প্ৰকাৰৰ-একবচন আৰু বহুবচন। বচন নিৰপেক্ষ ৰূপৰ পাছত কেতবোৰ প্রত্যয় সংযোগ কৰি বচন নিৰূপণ কৰা হয়। গোৱালপৰীয়া উপভাষাত একবচন বুজাবলৈ-টা, -কোনা, -চকা,-খান, -টুকোৰা, -টুকা আদি নির্দিষ্টতাবাচক প্রত্যয় সংযোগ কৰা হয়। যেনে-
মান্য ভাষা | গোৱালপৰীয়া |
মানুহটো | মানুশটা |
ধুতিখন | ধুতিখান |
এইখিনি | এইকোনা |
মাছ টুকৰা | মাছটোকৰা |
পানীটুপি | পানিটুকা |
আকৌ বহুবচন বুজাবলৈ -গুলা / -গুলে / -গুলান, -গিলা, -ঘৰ আদি প্ৰয়োগ কৰি বহুবচন কৰা হয়। যেনে-
মান্য ভাষা | গোৱালপৰী়য়া |
ল’ৰাবোৰ | চেঙৰাগুলা / চেঙৰাগুলে |
কিতাপ বিলাক | বোইগুলান |
কোনবোৰ | কুনগিলা |
অনিলহঁত | অনিলঘৰ |
(খ) লিঙ্গঃ মান্য ভাষাৰ দৰে গোৱালপৰীয়া উপভাষাতো তিনিটা উপায়েৰে লিঙ্গ নিৰ্ণয় কৰা হয়। সেইবোৰ হ’ল-
১। পুংলিঙ্গ-স্ত্ৰীলিঙ্গবাচক শব্দ ব্যৱহাৰ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
জুআন (ডেকা) | গাবুৰ (গাভৰু) |
বাবা (দেউতা) | মাও (মা) |
বলদ (বলধ) | গাই (গাই) |
দাদা (ককাইদেউ) | বৌদি (নবৌ) |
২। শব্দৰ আগত মাত্ৰা (মতা), মাত্ৰি (মাইকী) শব্দ ব্যৱহাৰ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
মাত্ৰা কাউআ (মতা কাউৰী) | মাত্ৰি কাউআ (মাইকী কাউৰী) |
মাত্ৰা গোৰু (মতা গৰু) | মাত্ৰি গোৰো (মাইকী গৰু) |
মাত্ৰা হাশ ( মতা হাঁহ) | মাত্ৰি হাশ ( মাইকী হাঁহ) |
মাত্ৰা শিআল (মতা শিয়াল) | মাত্ৰি শিআল (মাইকী শিয়াল) |
৩। ভিন ভিন স্ত্ৰী প্ৰত্যয় সংযোগ কৰি-
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ | |
-ঈ প্ৰত্যয়ঃ | বেটা (পো) | বেটি (জী) |
চেঙৰা (ল’ৰা) | চেঙৰি (ছোৱালী) | |
-নি প্ৰত্যয়ঃ | মাশটাৰ (মাষ্টাৰ) | মাশটাৰনি (মাষ্টৰনী) |
ভূত (ভুত) | ভুতনি (ভুতনী) | |
-ইনি প্ৰত্যয়ঃ | বাগ (বাঘ) | বাগিনি (বাঘিনী) |
-আনি প্ৰত্যয়ঃ | চাকোৰ (চাকৰ) | চাকোৰাণী (চকৰনি) |
(গ) ক্রিয়াৰ নঞার্থক ৰূপঃ মান্য অসমীয়া আৰু নামনি অসমৰ প্রায়বোৰ ঔপভাষিক ৰূপত নঞার্থক বুজাবলৈ ক্রিয়াৰ সদার্থত ৰূপটোৰ আগত ‘ন’ যোগ কৰা হয়। তদুপৰি এই ‘ন’ মূল ক্রিয়া ৰূপটোৰ স্বৰধ্বনিৰ সৈতে সমীভূত হয়। কিন্তু গোৱালপৰীয়া উপভাষাত অপৰিৱর্তনীয়ভাৱে ‘না’ অংশ যোগ হয়। যেনে-
না + দেঙ = নাদেঙ (নিদিওঁ)
না + পাঙ = নাপাঙ (নাপাওঁ)
না + কৰে = নাকৰে (নকৰে)
না + দিবে = নাদিবে (নিদিব)
না + শুনে = নুশুনে (নুশুনে)
(ঘ) তুমুনন্ত ক্রিয়াৰূপঃ মান্য ভাষাত নিমিত্তার্থক বিভক্তি ‘-লৈ’ লগ লগাই তুমুনন্ত অৰ্থ প্রকাশ কৰা হয়। গোৱালপৰীয়া উপভাষাতো তুমুনন্ত অর্থ প্রকাশ কৰিবলৈ -‘ৰ’ যোগ কৰা হয়। যেনে-
গোৱালপৰীয়া | মান্য ভাষা |
খাবাৰ | খাবলৈ |
কবাৰ | ক’বলৈ |
নিবাৰ | নিবলৈ |
শুনিৰ | শুনিবলৈ |
দেখিৰ | চাবলৈ |
(ঙ) বিশেষণঃ গোৱালপৰীয়া উপভাষার প্রয়োগ হোৱা কেতবোৰ বিশেষণ শব্দ হ’ল- আলসিয়া (এলেহুয়া), ওসাৰ (বহল), কতখান (কিমানপৰ), কেমন (কেনেকুৱা), জেমন (যেনেকুৱা), তাজা (সতেজ), বয়া (বেয়া), ভাৱলা (অজলা), লালা (ৰঙা), খাটা (চুটি), কলা (ক’লা) আদি।
মান্য অসমীয়াত তুলনা কৰিবলৈ সপ্তমীৰ -ত বিভক্তিৰ পাছত ‘কৈ’ যোগ কৰি বিশেষণৰ তুলনা কৰা হয়। কিন্তু গোৱালপৰীয়া উপভাষাত সপ্তমীক ‘ত’ বিভক্তি প্ৰয়োগ নহয়। তাৰ পৰিৱৰ্তে ষষ্ঠীৰ ‘ৰ’ হে প্রয়োগ হয়। তদুপৰি মান্য অসমীয়াৰ ‘-কৈ’ৰ পৰিৱর্তে থাকি, ছাই / ছাইতে আদিৰ প্রয়োগ হয়। যেনে-
ৰামৰ থাকি হৰি উচা (ৰামতকৈ হৰি ওখ)
মধুৰ ছাই জদু ভাল (মধুতকৈ যদু ভাল)
(চ) কাৰক আৰু শব্দবিভক্তিঃ গোৱালপৰীয়া উপভাষাত কাৰকৰ বিভক্তি মাত্র চাৰিটা। সেইকেইটা হ’ল- প্রথমা-এ, দ্বিতীয়-ক, ষষ্ঠী-ৰ আৰু সপ্তমী-ত। এই চাৰিটা শব্দ বিভক্তিৰ জৰিয়তে কর্তা, কর্ম, কাৰণ, নিমিত্ত, অপাদান, সম্বন্ধপদ আৰু অধিকৰণৰ অৰ্থ প্রকাশ কৰা হয়। অৱশ্যে কাৰণৰ অৰ্থ প্রকাশত কেতিয়াবা দ্বিতীয়াৰ -ক বিভক্তিৰ পিছত ‘দিআ’ আৰু কেতিয়াবা ষষ্ঠী-ৰ বিভক্তিৰ পিছত ‘দাৰা’, নিমিত্তৰ অর্থ প্রকাশত দ্বিতীয়বাৰ-ক বিভক্তিৰ পাছত ‘নাগি’, আকৌ কেতিয়াবা ষষ্ঠীৰ-ৰ বিভক্তিৰ পিছত ‘জোইননে’ আৰু অপাদানৰ ভাৱ প্রকাশকৰ ক্ষেত্ৰত ষষ্ঠী -ৰ বিভক্তিৰ পিছত ‘থাকি’ অথবা ‘থাকিবা’ পৰসৰ্গ লগ লাগে। গতিকে মান্য অসমীয়াৰ দৰেই গোৱালপৰীয়া উপভাষাতো শব্দ বিভক্তি আৰু শব্দ বিভক্তিৰ পিছত পৰসৰ্গ লগ-লগাই কাৰকৰ অৰ্থ প্রকাশ কৰা হয়। যেনে-
গোৱালপৰীয়া | মান্য | ||
কর্তা | -এ | গোৰুয়ে | গৰুৱে |
কর্ম | -ক | গোৰুক | গৰুক |
কৰণ | -ক দিআ | গোৰুক দিআ | গৰুৰ দ্বাৰা |
-ৰ দাৰা | গোৰুৰ দাৰা | গৰুৰ দ্বাৰা | |
নিমিত্ত | -ক নাগি | গোৰুক নাগি | গৰুলৈ |
-ৰ জোইননে | গোৰুৰ জোইননে | গৰুৰ কাৰণে |
(ছ) অব্যয় পদঃ মান্য অসমীয়াৰ দৰে গোৱালপৰীয়া উপভাষাতো কেতবোৰ অব্যয় পদৰ ব্যৱহাৰ দেখা যায়। যেনে-
আৰঃ তই আৰ মুই (তই অথবা মই)
বাঃ তুই বা মুই জাইাম (তই অথবা মই যাম)
কিন্তুঃ তুই কোইলে কিন্তু উৱাই শুনবে (তই ক’লে কিন্তু সি শুনিব)।
২০। গোৱালপৰীয়া উপভাষাৰ শব্দভাণ্ডাৰ সম্পৰ্কে এটি আলোচনা যুগুত কৰা।
উত্তৰঃ গোৱালপৰীয়া উপভাষা অসমীয়াৰ এটি বৈচিত্র্যপূর্ণ ঔপভাষিক ৰূপ। এই উপভাষাটো গঠনৰ ক্ষেত্ৰত ৰাজনৈতিক, ভৌগোলিক আৰু সাংস্কৃতিক কাৰকে বিশেষ ভূমিকা গ্রহণ কৰিছে। এনেবোৰ কাৰকৰ প্ৰভাৱৰ ফলতেই গোৱালপাৰা উপভাষাৰ শব্দভাণ্ডাৰত বৈচিত্র্যৰ সৃষ্টি হৈছে। এই উপভাষাৰ শব্দভাণ্ডাৰে অসমীয়া ভাষাটোকো চহকী কৰি তুলিছে।
গোৱালপৰীয়া উপভাষাৰ শব্দ সম্ভাবৰ বিশেষ বৈচিত্র্য আছে। তিব্বতবর্মী ভাষাৰ লোক এই অঞ্চলত বেছি আছে বাবেই তিব্বতবর্মীয় বড়ো, ৰাভা, তিৱা আদি ভাষাৰ শব্দ প্ৰচুৰ পৰিমাণে প্রয়োগ হৈছে। এই শব্দসম্ভাৰত থকা শব্দবোৰ প্রয়োগৰ ক্ষেত্রত অঞ্চলভেদে ভিন্নতা দেখা যায়। তলত গোৱালপৰীয়া উপভাষা আৰু মান্য ভাষাৰ শব্দভাণ্ডাৰৰ তুলনামূলক আলোচনা আগবঢ়োৱা হ’ল-
(ক) সম্বন্ধবাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
দেউতা / পিতা | বাপ / বাব |
খুৰা | ককা |
আইতা | আবু |
ভনী | বৈনি |
তাৱৈ | তাৱাই |
পেহা | পিশা |
পেহী | পিশি |
(খ) জীৱ-জন্তুবাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
গৰু | গোৰু |
ছাগলী | সাগল |
শিয়াল | শিআল |
বাঘ | বাগ |
গাহৰি | শুআৰ |
ষাঁড় | শাড় |
(গ) চৰাই-চিৰিকটি আৰু পোক-পৰুৱাবাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
কাউৰী | কাওআ |
পৰুৱা | পিপৰা |
উৰহ | ওৰোশ |
কপৌ | যুগু |
হাঁহ | হাশ |
বগলী | বগা |
ভাটৌ | টিআ |
(ঘ) গছ-গছনি, ফল-মূল, শাক-পাচলি বাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
সোণাৰু | শোনালু |
কোমোৰা | কুমৰা |
জলফাই | জলপাই |
বেঙেনা | বাইগন |
মদাৰ | মাদাৰ |
নাৰ্জী | গেন্দা |
কঁঠাল | কঁঠাল / কঠোল |
(ঙ) মাছ-কাছঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
মিছা মাছ | ইসলা মাছ |
গৰৈ | গৰাই |
ৰৌ | ৰুই |
শ’ল | শৈল / শৌল |
কাৱৈ | কোই / কৈ |
(চ) শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
চকু | চোক / সুকু |
চিঙি | গলা |
মূৰ | মাথা |
ভৰি | ঠেং |
কঁকাল | কোমৰ |
নোম | লোম |
(ছ) কাপোৰ-কানিবাচক, বৰ্তনবাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
কেৰাহি | কৰাই |
কলহ | কোলশি |
ঘটি | ঘোটি |
মৈদা | বৌটি |
গামোচা | গামসা |
কাপোৰ | কাপুৰ |
(জ) বিবিধ বিষয়ক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
এন্ধাৰ | আন্ধাৰ |
তৰা | তাৰা |
বালি | বালা |
জাপি | ঝাপি |
নিমখ | নুন |
টোপনি | নিন |
লো | লোহা |
(ঝ) সংখ্যা বাচক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
এক | এ’ক |
চাৰি | চাইৰ |
পাঁচ | পাস |
আঠ | আট |
ন | নই |
দহ | দশ |
সাত | শাত |
(ঞ) ধবন্যাত্মক শব্দঃ
মান্য অসমীয়া | গোৱালপৰীয়া |
ফিৰ-ফিৰীয়া | ফুৰ-ফুৰা / ফিৰ ফিৰা |
মলমলীয়া | মল-মলা / মল-মাইলা |
সেৰসেৰীয়া | শেৰ-শেৰা |
আউল-বাউল | আউল-বাউল |
ওপৰৰ আলোচনাত সম্বন্ধবাচক শব্দ, জীৱ-জন্তু, চৰাই-চিৰিকটি বুজোৱা শব্দ, গছ-গছনি, ফল-মূল, শাক-পাচলি বুজোৱা শব্দ; মাছ-কাছ বুজোৱা শব্দ; শৰীৰৰ অঙ্গ-প্রত্যঙ্গ বাচক শব্দ; কাপোৰ কানি, বাচন-বর্তন বুজোৱা শব্দ আৰু বিবিধ শব্দ আদি ভাগত মান্য অসমীয়া আৰু গোৱালপৰীয় উপভাষাৰ শব্দসম্ভাৰৰ এটি তুলনামূলক আলোচনা কৰাব প্রযত্ন কৰা হয়। এইবোৰ শব্দৰ উপৰিও সংখ্যাবাচক শব্দ, ধ্বন্যাত্মক শব্দৰ ক্ষেত্রতো মান্য অসমীয়া আৰু গোৱালপৰীয়া উপভাষাৰ শব্দ সম্ভাৰৰ বৈচিত্র্য দেখা যায়।
২১। অসমৰ ভাষাভিত্তিক জনগাঁথনি সম্পর্কে লিখা।
উত্তৰঃ সর্বমুঠ ২,২৪,১৪,৩২২ জন লোকে বাস কৰা ৭৮৪,৩৮০ বর্গ কি. মি. মাটিকালিৰে। আগুৰা ৰাজনৈতিক অসম প্রদেশখন ঘাইকৈ অসমীয়া লোকৰ বাসভূমি যদিও গোটেই অসম জুৰি অসমীয়া ভাষাৰ প্রচলন নাই। ই ঘাইকৈ অসমৰ ব্রহ্মপুত্র উপত্যকাতহে প্রচলিত আৰু ইয়াৰ চৌকাষে ভিন্ ভিন্ মূলীয় ভাষাসমূহে ইয়াক আগুৰি ৰাখিছে। অসমত সম্প্রতি আধাতকৈ কম জনসংখ্যাৰ লোকৰ মাজতহে এই ভাষাটোৰ প্রচলন আছে। (১৯৯১ চনৰ লোকপিয়লর তি তথ্য অনুযায়ী মাত্র ১,২৯,৫৮,০৮৮ জন অসমীয়া ভাষী লোক। ইয়াৰে অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১২,৮৪১,৭৪৪ জন)। অসমত সংবিধানৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত ১৮ টা ভাষাৰ উপৰিও আৰু ৬৮ টা অস্বীকৃতিপ্রাপ্ত ভাষাৰ প্ৰচলন আছে। অন্যান্য ভাষাসমূহৰ ভিতৰত অসমত তিব্বত-বর্মীয় ভাষাৰ সংখ্যাই সর্বাধিক (প্রায় ৪৪ টা)। অসমৰ ক্ষেত্রতে নহয় ভাৰতবৰ্ষতে তিব্বত-বর্মীয় ভাষাৰ সংখ্যাই সর্বাধিক (মুঠ ১৬৭ টাৰ ভিতৰত ৯৩ টাই তিব্বত-বর্মীয় মূলৰ ভাষা)।
অসমৰ উত্তৰ-পূৱ ফালে হ্রছ’ (অকা), আদি (আবৰ), নিছি (ডফলা), মিছিমি, মোনপা, খামতি, টাংচা, নক্টে, চিংফৌ (দোৱনীয়া), মেইথেই (মণিপুৰী) আৰু বিভিন্ন নগা ভাষা (আটাইবিলাকে তিব্বত-বর্মীয়) প্রচলিত। দক্ষিণ-পশ্চিম ফালে ককবৰক (ত্রিপুৰী), খাচী (জয়ন্তীয়া), গাৰো, কুকি (থাদো), মিজো (লুচাই) প্রচলিত। ৰাজ্যখনৰ ভিতৰ ভাগতে আকৌ কেতবোৰ আর্যভাষা আৰু জনজাতীয় ভাষাৰ পৰিমণ্ডলত অসমীয়া ভাষা প্রবর্তি আছে। এইসমূহৰ ভিতৰত বাংলা ভাষাই বিশেষকৈ দক্ষিণ শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা আৰু পশ্চিমে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সর্বাধিক অংশ আগুৰি আছে। আন এটা ভাৰতীয় আর্য ভাষা, নেপালীৰো উত্তৰ অসমৰ কিছু কিছু অংশত প্রচলন আছে।
ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ভূটান আৰু অৰুণাচলৰ দক্ষিণফালৰ প্ৰায়বোৰ অংশ এফালে কোকৰাঝাৰ জিলাৰ পৰা আনফালে মঙ্গলদৈ জিলালৈকে (বর্তমানব বড়োলেও স্বায়ত্ব শাসিত পৰিষদ এলেকাত সামৰি) বড়ো ভাষা বিস্তৃত হৈ আছে। সীমামূৰীয়া কেউখন ৰাজ্যৰ দৰে কম বেছি পৰিমাণে অসমৰ ভৈয়ামৰ আটাইকেইখন জিলা আৰু পাহাৰৰ কাৰ্বি আংলং জিলাতো বড়ো ভাষাৰ প্রচলন আছে।
মধ্য অসমৰ ব্ৰহ্মাপুত্ৰৰ দক্ষিণপাৰে নগাঁও, মৰিগাঁও, কামৰূপৰ দক্ষিণ পূব অঞ্চল, কার্বি আংলং জিলা আদি মেঘালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলে তিৱাসকলৰ আদিভূমি; যি বর্তমান লালুং স্বায়ত্ব শাসিত অঞ্চল হিচাপে চিহ্নিত হৈছে।
অৱশ্যে কম-বেছি পৰিমাণে সীমামূৰীয়া ৰাজ্যত প্রচলিত জনজাতীয় ভাষাবিলাকৰো অসমৰ কোনো কোনো অঞ্চলত প্রচলন নথকা নহয়। তেনে ভাষাসমূহৰ ভিতৰত গাৰো অন্যতম। মেঘালয়ৰ গাৰোপাহাৰ অঞ্চলতে কেন্দ্রীভূত যদিও নামনি অসমৰ ৰাভাৰ প্রতিবেশী হিচাপে আৰু কাৰ্বি আংলঙতো গাৰো ভাষী লোকৰ বসতি আছে। অসমত গাৰোভাষী লোকৰ সংখ্যা ১,১৪,৭৭৯ জন (১৯৯১ চনৰ লোকপিয়ল অনুযায়ী)। অসমৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু অবিভক্ত কাছাৰত তিব্বত-বর্মী কুকি-চীন শাখাৰ প্রায় আটাইকেইটা ভাষাৰে প্রচলন আছে।
তিব্বত-বর্মীয় ভাষা পৰিয়ালৰ উপৰিও অসমত আৰু দুটি পৰিয়ালৰ ভাষা প্রাচীন কালৰে প্রচলিত আছে। সেই দুটা হ’ল অষ্ট্র’-এছিয়াটিক আৰু শ্যাম-চীনীয়।
আনহাতে চাহশ্রমিক হিচাপে আগমন ঘটা আৰু পৰৱর্তী কালত অসমৰ চাহ-বাগিছাসমূহৰ ওচৰে-পাজৰে পতিত মাটিত স্থায়ীভাৱে বসবাস কৰা বেছিভাগ লোকেই অষ্ট্ৰিক মূলৰ কোল- মুণ্ডা ভাষা-ভাষী। অসমত এই শ্রেণীৰ লোকৰ সংখ্যা কিন্তু নিচেই সামান্য নহয়। উদাহৰণ- চাওতালী (১,৩৫, ৯০৫), মুণ্ডা (৭৫,৪২০), মুণ্ডাৰি (১৪,২২৩), কুৰুখ / ওৰাং (৫৪,২০২), খৰিয়া (৫,৯৫৫), শৱৰ (২,৯২৭), ভূমিজ (৮৭১), হো (৬৭৯), কোড়া (৭৩), ভীলি (৩৭), কিছান (১,১৩৬) ইত্যাদি।
অসমত ব্যৱসায়-বাণিজ্য, কৃষি-উদ্যোগ, শিক্ষা-প্রশাসন ইত্যাদিত নিয়োজিত ভাৰতৰ তথা ভাৰতৰ চৌকাষে থকা ৰাষ্ট্ৰৰ পৰা বিভিন্ন সময়ত বিভিন্ন ভাষা-ভাষী লোকৰ আগমন প্রাক-স্বাধীনতা কালৰ পৰা বৰ্তমানলৈকে নিৰৱচ্ছিন্ন গতিৰে হৈয়ে আছে। এওঁলোকৰ বেছিভাগৰে নগৰীয়া অঞ্চলতে বসতিস্থল। অতি কমসংখ্যক লোকেহে চৰ-চাপৰি বা পাহাৰীয়া খাচ মাটিত ভোগ দখল কৰি আছে। এওঁলোকৰ ভিতৰত আর্যমূলীয় ভাষা-ভাষীৰ সংখ্যাই সর্বাধিক। ১৯৯১ চনৰ লোকপিয়লত অসমত আৰবী (৪৯৭ জন), ইংৰাজী (৪৬১ জন) আৰু সংস্কৃত (৭ জন) এই তিনিটা শাস্ত্রীয় ভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰা লোকো পোৱা গৈছে।
২২। অসমীয়া উপভাষা আৰু আঞ্চলিক বা নৃগোষ্ঠীয় ৰূপ সম্পর্কে লিখা।
উত্তৰঃ অসমীয়া ভাষাত এতিয়ালৈকে ভৌগোলিকভাৱে কৰা বিভাজনৰ ওপৰত ভিত্তি কবি প্রধান চাৰিটা ঔপভাষিক ক্ষেত্র চিনাক্ত কৰা হৈছে। ড° কাকতিয়ে পোনপ্ৰথমবাৰ অসমীয়া ভাষাক দুটা প্রধান আৰু এটা অপ্রধান ভাগত ভগাইছিল। সেয়া পূব অসমৰ বা উজনি অসমৰ
উপভাষা (মান্য) আৰু পশ্চিম অসমৰ বা নামনি অসমৰ উপভাষা। নামনি অসমৰ উপভাষাক আকৌ কামৰূপ অঞ্চল আৰু গোৱালপাৰা অঞ্চল (ৰাজবংশী উপভাষাৰ সৈতে সংমিশ্রিত) এই দুটা উপবিভাগত ভগাইছিল। প্রসঙ্গক্রমে ড° কাকতিয়ে দীর্ঘকাল জুৰি একেটা শক্তিশালী ৰাজকীয় আবেষ্টনিত থকা বাবে উজনি ভাষাত সমৰূপতা পোৱা গ’লেও নামনিৰ ভাষাত এনে সমৰূপতাৰ অভাৱ দেখা যায় বুলি এক গুৰুত্বপূর্ণ মন্তব্য দি গৈছিল। এই মন্তব্যৰ ওপৰতে ভেজা দি ড° উপেন্দ্রনাথ গোস্বামীয়ে অসমীয়াৰ অন্যতম উপভাষা কামৰূপীৰ ওপৰত বিশ্লেষণাত্মক অধ্যয়ন চলায় আৰু ইয়াৰ তিনিটা প্রধান আঞ্চলিক উপভাষাৰ ক্ষেত্ৰ আৰু কেবাটাও অপ্রধান ক্ষেত্র চিহ্নিত কৰিবলৈ সক্ষম হয়। সেইকেইটা-পশ্চিম বা বৰপেটা অঞ্চল, মধ্য বা নলবাৰী অঞ্চল আৰু দক্ষিণ বা পলাশবাৰী-ছয়গাঁও অঞ্চল। তেওঁ কামৰূপী উপভাষা-ক্ষেত্ৰৰ ভিতৰতে মঙ্গলদৈ অঞ্চলৰ স্থানীয় উপভাষাকো সামৰি লৈছিল। সেইদৰে ৰামদিয়া, বামুন্দি, লাহ, শ্রীহাটী, শুৱালকুচি অঞ্চলৰ স্থানীয় ৰূপ সম্বন্ধেও উল্লেখ কৰি গৈছে।
সেইদৰে ড° গোলোকচন্দ্র গোস্বামীয়ে উজনি অসমৰ ভাষাৰে আৰু দুটা উপৰূপ অর্থাৎ পূবৰ আৰু মধ্য অসমৰ (গুৱাহাটীৰ পৰা নগাঁওলৈকে) উপভাষা হিচাপে চিহ্নিত কৰিছে। ইতিমধ্যে মধ্য অসম ঔপভাষিক ৰূপ সম্পর্কে গৱেষণাও হৈ গৈছে আৰু ই এটা স্বতন্ত্রৰ উপভাষা হোৱাৰ মৰ্যাদা লাভ কৰিছে।
এই প্রধান চাৰিটা ঔপভাষিক ক্ষেত্ৰৰ উপৰিও অসমীয়াত আৰু কেতবোৰ ঔপনিবেশিক বা প্রবসুৱা ৰূপ চিনাক্ত কৰা হৈছে। ড° উপেন্দ্ৰনাথ গোস্বামী, ড° প্রমোদচন্দ্র ভট্টাচার্য প্রমুখ্যে সাতে ভাষাবিদে কাছাৰ অঞ্চলত প্রচলিত ভাৰতীয় আর্য-ভাষাক কাছাৰীয় বা দেৱান উপভাষা হিচাপে মর্যাদা দিব বিচাৰে। সেইসূত্রে সেই অঞ্চলতে প্রচলিত বিষ্ণুপুৰীয়া বা মায়াং ভাষাক অসমীয়াৰ এটা নৃগোষ্ঠীয় উপভাষা হিচাপে চিহ্নিত কৰিব পাৰি। ইতিমধ্য অসমীয়াৰ এনে কিছুমান নৃগোষ্ঠীয় উপভাষা চিহ্নিত হৈছে। সেইসমূহৰ ভিতৰত ৰাভাসকলৰ মাজত সমাদৃত ৰাভামিজ বা ৰাভা-অসমীয়া, মিছিংসকলৰ মাজত প্রচলিত মিছিং-অসমীয়া, দেউৰীসকলৰ মুখে মুখে বাগৰি অহা দেউৰী-অসমীয়া আৰু আহোমসকলৰ দ্বাৰা কথিত আহোম-অসমীয়া অন্যতম। নৃগোষ্ঠীয় উপভাষা মাত্রে বিশেষ জনগোষ্ঠীৰ দ্বাৰা কথি মাতৃভাষাৰ আধাৰত গঢ় লোৱা ৰূপ অর্থাৎ ক্রেওলীয় ৰূপৰ হয়। সেই সূত্রে নামনি অসম আৰু উত্তৰবঙ্গত প্রচলিত ৰাজবংশী বা দেশী ভাষাও নৃগোষ্ঠীয় উপভাষাৰে নামান্তৰ মাথোন। অসমত এইদৰে সোণোৱাল কছাৰী, তিৱা, হাজং আদি জনগোষ্ঠীৰ মাতৃভাষা, চৰ অঞ্চলৰ মৈমনসিঙীয়া মুছলমানৰ কথিত ভাষা- ভাটীয়া (চৰুৱা), চাহবাগিচাৰ বনুৱাসকলৰ মাজত প্রচলিত ভাষা- বাগানীয়া (সাদানী বা সাদবি) ইত্যাদি একো একোটা নৃগোষ্ঠীয় উপভাষা। অৱশ্যে অসম-নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত প্রচলিত নাগামিজ আৰু অসম-অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত প্রচলিত নেফামিজ বা অৰুণাচলী ভাষাক নৃগোষ্ঠীয় ভাষাৰ মর্যাদা দিব পৰা যায় নে নাযায় সিও এটা বিতৰ্কৰ বিষয়। কিয়নো এই দুটা ভাষা কোনো জনগোষ্ঠীৰে মাতৃভাষা নহয়, ই মাথো হাটে-বজাৰে অর্থাৎ ঘৰুৱা পৰিৱেশৰ বাহিৰত ব্যৱহাৰ কৰা (সংযোগী) কৃত্রিত ভাষাহে।
২৩। সার্বজনীন অসমীয়া ভাষাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমীয়াৰ বিভিন্ন আঞ্চলিক আৰু ঔপনিৱেশিক ৰূপসমূহৰ লগতে নৃগোষ্ঠীয় ৰূপৰ স্বকীয়তা বর্তি থকা উত্তৰ-পূৰ্বাঞ্চলত এক ধৰণৰ উমৈহতীয়া ভাৱ-বিনিময় কৰিব পৰা সৰবৰহী সার্বজনীন ভাষাৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। তেনে প্রয়োজনীয়তা একমাত্র অসমীয়া ভাষাইহে পূৰণ কৰিব পৰা দক্ষতা আছে। কিয়নো “অষ্ট্রিক গোষ্ঠীৰ অষ্ট্র-এচিয়াটিক আৰু চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভালেমান সৰু-ডাঙৰ ক্ষেত্ৰত কথিত ভাষাৰ মাজত সহ-অৱস্থান কবি উমলি জামলি অসমীয়া ভাষাটোৱে আজি প্রায় সহস্র বর্ষ ধৰি বিকাশৰ পথত অগ্রসৰ হৈছে।
ফলত ভাষাবিলাকৰ মাজত সমাজত আদান-প্রদান ঘটিছে, ভাষা-ভাষীসকলৰ সাংস্কৃতিক বিষয়তো গুৰুত্বপূৰ্ণ সংমিশ্ৰণ ঘটিছে। …….. ভাৰতৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী চহৰ আৰু আহ-যাহ কৰিবলৈকো পথ বুলিবলৈ একেটাই, অসমখন দীঘে দীঘে নাইবা পথালিকৈয়ে চেৰাই নগ লৈই নহয়, তাতে অসমীয়া ভাষাটোও আনবোৰ ভাষাৰ দৰে বহুলাংশে সৰল, আকৌ ভালেমান কথাত উদাৰ। ফলত জনজাতীয় কিম্বা পাহাৰ অঞ্চলৰ ভাষা-ভাষীসকলেও নিজৰ প্রয়োজনতে ভাষাটো জানিবলৈ অসুবিধা নাপায়। এইবোৰ ভাষাৰ উপাদানো ভাষাটোত আছে। সাতে-পাঁচে লগ লাগি অসমীয়া ভাষাটো এই বৃহৎ পূর্বাঞ্চলৰে ই আচলতে এটা শক্তিশালী সংযোগী ভাষাৰ মৰ্যাদা লাভ কৰিছে” (ড° সত্যেন্দ্ৰনাৰায়ণ গোস্বামীঃ অসমীয়া ভাষাত অষ্ট্ৰিকৰ অৱদান)।
২৪। অসমৰ নৃগোষ্ঠীয় উপভাষাসমূহৰ পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া ভাষা অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত সার্বজনীন ভাষাৰূপে স্বীকৃতি লাভ কৰিছে। প্রত্যেক জনগোষ্ঠীৰে নিজস্ব ভাষা আছে যদিও অন্যান্য জনগোষ্ঠীসমূহৰ লগত সততে অসমীয়া ভাষাৰেহে মনৰ ভাৱ আদান-প্রদান কৰে। তেওঁলোকে ব্যৱহাৰ কৰা অসমীয়া ভাষাত তেওঁলোকৰ নিজস্ব ভাষাৰ বৈশিষ্ট্য বিশেষকৈ কথনভংগীয়ে বিশেষ প্রভাৱ পেলালে। ফলত প্রত্যেক জনগোষ্ঠীৰ কথিত অসমীয়া ভাষাটো বিশেষ বৈশিষ্ট্যপূর্ণ হৈ পৰিল। অসমৰ কেইটামান প্রধান নৃগোষ্ঠীয় উপভাষাৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
ৰাজবংশী (দেশী) ভাষাঃ অসমৰ দক্ষিণ পশ্চিম, পশ্চিমবঙ্গৰ উত্তৰ-পূব আৰু বাংলাদেশৰ উত্তৰ-পূব দিশ সামৰি বসবাস কৰি অহা ৰাজবংশী অর্থাৎ কোচ-ক্ষত্ৰীয় ৰাজবংশীসকলৰ কথিত ভাষাৰ নামেই ৰাজবংশী’। স্থানীয় লোকে নিজকে ‘দেশী মানষি’ বুলি চিনাকি দিয়ে আৰু সেইসূত্রে তেওঁলোকৰ কথিত ভাষা ‘দেশী ভাষা’। পণ্ডিতসকলে এই ভাষাটোৰ বিস্তৃতিলৈ চাই বাংলাৰ উত্তৰ বাংলা নতুবা অসমীয়াৰ গোৱালপৰীয়া উপভাষা হিচাপে ইয়াক অন্তর্ভুক্ত কৰিছে যদিও ব্যুৎপত্তিৰ ফালৰ পৰা ই এটা নৃগোষ্ঠীয় উপভাষাহে। কোচ ৰজা নৰনাৰায়ণৰ দিনলৈকে পূর্ণ বিকশিত হোৱা এই ভাষাই সাহিত্যৰ ভাষা হিচাপেও স্বীকৃতি লাভ কৰিছিল আৰু কোচবিহাৰ অঞ্চলসমূহ জনসাধাৰণে (জাতি-ধর্ম-বর্ণ নির্বিশেষে) ইয়াক গ্রহণ কৰিছিল। প্রাচীন অসমীয়া কবিসকলে এই ভাষাতে কাব্য-চর্চা কৰিছিল আৰু সেইসূত্রে শ্রীকৃষ্ণ কীর্তন বা মাধর ব কন্দলীৰ ৰামায়ণ এই ভাষাৰ প্রাচীন নিদর্শন হিচাপে ল’ব পাৰি।
হাজংসকলৰ ভাষাঃ ভাষাতাত্ত্বিক শ্ৰেণী বিভাজনত হাজং ভাষা সম্বন্ধে Linguistic Sur-vey of India আদি গ্রন্থ নিমাত যদিও নৃতাত্ত্বিক আৰু সমাজতাত্ত্বিক দিশত হাজং জনগোষ্ঠী যে তিব্বত-বর্মীয় ভাষাগোষ্ঠীৰ মংগোলীয় মূলৰ লোক আছিল নিসন্দেহ। ড° সুনীতি কুমাৰ চেটার্জীয়ে “কিৰাত জন কৃতি”ত দক্ষিণ গাৰোপাহাৰৰ উত্তৰ মৈমনসিং অঞ্চলত বিস্তৃতি লাভ কৰা বড়োমূলীয় জাতি বুলি অভিহিত কৰিছে আৰু তেওঁলোকক Semi Bengalised Haijong Tribe বুলি আখ্যা দিছে। আনকি তেখেতৰ গৱেষণা গ্রন্থত হাজংসকলে কোৱা ভাষাক বাংলা ভাষাৰ এটা স্থানীয় উপভাষা Western vanga বা মৈমনসিং উপভাষা হিচাপে উল্লেখ কৰিছে।
ড° কাকতিয়ে অসমীয়াৰ আৰ্যভিন্ন উপাদান শীর্ষক আলোচনাত এই ভাষাটো উত্থাপন কৰিছে আৰু প্ৰকাৰন্তৰে এই ভাষাটো Haijong sub-dialect of Bengali হৈও অ’ত-ত’ত তিব্বত-বর্মীয় জতুৱা ঠাঁচ-খণ্ডবাক্যৰ ৰেহ থকা জনজাতীয় ভাষাৰ ৰূপেৰে পৰিপুষ্ট বুলি অভিমত ব্যক্ত কৰিছে। তেওঁ হাজং ভাষা আৰু নব্য হিন্দুভূত বড়ো ৰজাৰ পৃষ্ঠপোষকতা পোৱা প্ৰাকশংকৰী যুগৰ তিনিওগৰাকী অসমীয়া কবিব কাব্যৰ ভাষাৰ মাজত বহুক্ষেত্ৰত সাদৃশ্য বিচাৰি পাইছে। তাৰ ভিতৰত অতীতকালীন কৃদন্ত বা প্রত্যয়ৰ প্রয়োগ দুয়োটা নৃত ভাষাতে ব্যতিক্রমহীনভাবে আছে বুলি দেখুৱাইছে। ইয়াৰোপৰি দূৰৱর্তী নির্দেশক সর্বনাম উপস্থিতি, দ্বিতীয় পুরুষ তুচ্ছাৰ্থত তোৰ-গো আদিত – গো স্বাৰ্থিক প্রত্যয়ৰ প্রয়োগ-ৰা / ডা আদি নির্দিষ্টতাবাচক প্রত্যয়ৰ প্রয়োগ, -মি-মিনি আদি অধিকৰণ কাৰকত প্রয়োগ ইত্যাদিৰে ই বৈশিষ্ট্যপূৰ্ণ।
সোণোৱাল কছাৰী কথিত ভাষাঃ মংগোলীয় মূলৰ তিব্বত-বৰ্মী ভাষা-ভাষী বড়ো কছাৰীসকলৰ নিকটাত্মীয় জনগোষ্ঠীটোয়ে হ’ল সোণোৱাল কছাৰী। এওঁলোক প্রাচীন কৌণ্ডিল্য নগৰক কেন্দ্ৰ কৰি “হালালী” (উজ্জ্বল মাটি) ৰাজ্যত বাস কৰিছিল। সোণ কমোৱা শদিয়াল কছাৰীসকলে বৈষ্ণৱ ধর্ম গ্রহণ কৰি সোণোৱাল উপাধি গ্রহণ কৰে। এওঁলোক ডিব্রুগড়, লক্ষীমপুৰ আৰু শিৱসাগৰ জিলাত সংখ্যাগৰিষ্ঠভাৱে বসবাস কৰি আহিছে। ১৯৭১ চনব লোকগণনা অনুযায়ী এওঁলোকৰ সংখ্যা- ১,৯৮,৬১৯ জন। এওঁলোক মূলতঃ তিব্বত বর্মীয় ভাষী আছিল। এওঁলোকৰ ভাষা দেউৰী-চুতীয়া ভাষাৰ সৈতে মিল আছিল। বর্তমান এক এই ভাষা বিলুপ্ত হৈছে। তেওঁলোকে অসমীয়া ভাষাৰ এটা নৃগোষ্ঠীয় উপভাষাত কথা-বতৰা পাতে।
সোণোৱাল কছাৰী সমাজত নিজৰ ভাষা নাই যদিও স্থানীয় ব্যক্তি, সমাজ আৰু অঞ্চল অনুসৰি থলুৱা অসমীয়া উপভাষা বা নিজস্ব ভঙ্গীৰো ব্যাপক প্রচলন নোহোৱা নহয়। সোণোৱা কছাৰীৰ মাত-কথা বৰ ৰসাল। দ্বিৰুক্তিবাচক শব্দৰ প্রয়োগ তুলনামূলভাৱে বেছি। সততে ব্যৱহাৰ কৰা ফকৰা-যোজনা, ঘৰুৱা শব্দ বৰ অর্থপূর্ণ আৰু দৈনন্দিন জীবনৰ লগত সম্পর্কিত।
মিছিংসকলৰ কথিত অসমীয়াঃ বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত মিছিংসকলৰ যি অৱদান তাৰ তুলনাত বৰ অসমীয়া সংস্কৃতিৰ এটি অংগস্বৰূপে সার্বজনীন অসমীয়া ভাষাক আকোঁৱালী লৈ ইয়াৰ পৰিপুষ্টি সাধনতো মিছিংসকলৰ অৱদান কোনো গুণে কম নহয়। কেইবাটাও খেল আৰু গোত্ৰত বিভক্ত মিছিংসকলে মূল টানি বর্গৰ অন্যান্য সমগোষ্ঠীয় হ্রছ’ (অকা), আদি (আবৰ), মিছিমি, নিছি (ডফলা) সকলে ঠাহ খাই থকা তাহানিৰ উত্তৰ-পূব সীমান্ত অঞ্চলৰ (নেফা) পৰা চামে চামে বুৰঞ্জীয়ে ঢুকি পোৱা কাললৈকে নামি আহি উজনি অসমৰ ব্ৰহ্মপুত্র উপত্যকাৰ দুই পাৰে আৰু বৃহত্তৰ নদীদ্বীপ মাজুলীক কেন্দ্ৰ কৰি সংখ্যাগৰিষ্ঠভাৱে বসবাস কৰি আহিছে।
ৰাভামিজঃ অসমীয়াৰ অন্যতম নৃগোষ্ঠীয় উপভাষা (Creole): অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা ৰাভাসকলৰ ৰাভা ভাষা পাহৰি পেলোৱা পাতি, দাহৰি, টোটলা, বিটলীয়া, হানা আদি ফৈদৰ দৈনন্দিন জীৱন-নির্বাহত ব্যৱহৃত ক্রেওলীয় ৰূপৰ আৰু ৰাভা মাতৃভাষী-ৰংদানি, মায়তৰি আৰু কোচা ফৈদৰ মাজত সমাদৃত লোক-সাহিত্যৰ পিজিন ৰূপত অসমীয়াৰ এক নিজস্ব বৈশিষ্ট্য আছে। ইয়েই সময়ত ৰাভামিজ নামৰ অসমীয়াৰ অন্যতম নৃগোষ্ঠীয় উপভাষা হিচাপে ঠন ধৰি উঠিছে। ৰাভামিজৰ মূল ভিত্তি অসমীয়া ভাষা অর্থাৎ ইয়াৰ প্রাচীন লিখিত (সাহিত্যিক) আৰু অৰ্বাচীন কথিত (আঞ্চলিক) ৰূপ। কিন্তু ইয়াৰ ধ্বনি, ৰূপ আৰু শব্দৰ লগতে বাক্যৰ দিশত ৰাভা ভাষাৰ বিশেষ প্রভাৱ মন কৰিবলগীয়া।
দৰাচলতে ৰাভামিজ হ’ল ৰাভা (মাতৃভাষী আৰু অনামাতৃভাষী) সম্প্রদায়ে ব্যৱহাৰ কৰা এটা নিজস্ব কথনভংগীৰ (বিশিষ্ট স্বাদৰ) গোৱালপৰীয়া উপভাষাৰ অন্তৰ্গত সুকীয়া উপভাষা। ইয়াৰ সমাজ-ভাষাতাত্ত্বিক চর্চাই অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশৰ দিশত কিছু নতুন দিগন্ত মুকলি কৰিব পাৰে।
আহোমসকলৰ অসমীয়াঃ ১২২৮ খ্রীষ্টাব্দত অসমলৈ আগমন ঘটা আহোমসকলে পূর্বতে টাইমূলীয় ভাষাৰে দৈনন্দিন জীৱনত বাক-বিনিময় কৰাৰ উপৰিও মোহন-বাইলুং-দেওধাইসকলৰ দ্বাৰা বুৰঞ্জী পুথি আদি প্রণয়নো কৰিছিল। লাহে লাহে বৈবাহিক আৰু সাংস্কৃতিকসূত্রে স্থানীয় লোকৰ সৈতে আৰু ৰাজনৈতিক সূত্রে বিভিন্ন ভাষা-ভাষী লোকৰ সৈতে আদান-প্রদানৰ ফলত এক উমৈহতীয়া অসমীয়া ভাষাই গঢ় লৈ উঠে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত (সপ্তদশ শতিকাৰ মধ্যভাগ) অসমীয়া ভাষাই ৰাজকীয় মর্যাদা লাভ কৰে।
অসমীয়া মাতৃভাষী আহোম বা চুতীয়াসকলৰ লগতে টাই খামতি, টাই ফাকে (ফাকিয়াল), টাই তুৰুং, টাই আইতন আদি বৌদ্ধ ধর্মী (তাও পন্থী) মান-টাই ভাষা-ভাষীসকলৰ কথিত অসমীয়া ৰূপত এনে বহু নৃগোষ্ঠীয় ভাষা-উপাদান সোমাই আছে- যিবোৰ সম্পূৰ্ণৰূপে অধ্যয়ন আৰু চিনাক্তকৰণ হোৱাহি নাই। মধ্যযুগৰ অসমীয়া ভাষাত বিশেষকৈ বুৰঞ্জীৰ ভাষাত বৰ্তমানৰ খামতি প্ৰভৃতি সংৰক্ষণশীল লোকৰ পিজিন অসমীয়াৰ সৈতে সাদৃশ্য থকা ধ্বনি-ৰীতিৰে উদ্ভৱ আৰু সাধিত হোৱা শব্দ সম্ভাৰেৰে উভৈনদী হৈ আছে।
কাছাৰীয় বা দেবান বা চিলেটিয়া উপভাষাঃ অবিভক্ত কাছাৰ জিলাৰ লগতে তাহানিৰ শ্রীহট্ট (Sylhet), চট্টগ্রাম (Chittagong) আৰু ত্ৰিপুৰাকে সামৰি যি ভাষা প্রচলিত তাক ড° সুনীতি কুমাৰ চেটার্জীয়ে বাংলা ভাষাৰ বঙ্গ উপভাষাৰ পূৰ্বী বা দক্ষিণ-পূব বঙ্গ বুলি অভিহিত কৰিছে। এই শাখাৰ ভালেখিনি ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বৈশিষ্ট্য অন্যান্য শাখাৰ বাবে অচিনাকি। নৃতাত্ত্বিক কাৰণতে বিশেষকৈ কোল-মুণ্ডা আৰু বড়োমূলীয় ভাষাৰ প্রভাৱতে এই খুবসম্ভব হ’বলৈ পাইছে। ১৯১৩ চনতে প্রকাশ পোৱা Notes on the Sylhetee Dialect নামৰ সৰু পুথিত অসমৰ স্বনামধন্য প্রশাসনিক বিষয়া বেণুধৰ ৰাজখোৱাই চিলেটীয়া অর্থাৎ কাছাৰীয় ভাষাটো অসমত প্রচলিত কামৰূপী ভাষাৰ সৈতে অতি নিকট সম্পর্কীয় বুলি একপ্রকাবে দাবীয়ে কৰিছিল।
বিষ্ণুপুৰীয়া (মায়াং) ভাষাঃ বিষ্ণুপুৰীয়া বা বিষ্ণুপ্রিয়া-মণিপুৰী ভাষা সম্পর্কে বিতর্কৰ ওৰ নাই। এই ভাষ্য সম্প্রদায়ৰ লোকসকল মূলতঃ মংগোলীয় আৰু তিব্বত-বর্মীয় মেইতেই ভাষী মণিপুৰীসকলৰ নিকট সম্পৰ্কীয়। মণিপুৰী লোকসকলে এই ভাষা সম্প্রদায়ৰ লোকসকলক মায়াং অর্থাৎ মণিপুৰৰ বাহিৰৰ পৰা অহা লোক বুলি কয়। গ্রীয়েৰছনে মায়াং বা বিষ্ণুপুৰীয়াক তিব্বত-বর্মীয় ভাষাৰ সৈতে সংমিশ্রিত হোৱা অসমীয়াৰ এটা উপভাষা বুলি দেখুৱাইছে। ১৯৯১ চনৰ লোকপিয়ল অনুযায়ী অসমত বিষ্ণুপুৰীয়া ভাষী লোকৰ সংখ্যা ৩৯,৩৭০ জন। বর্তমান অসমৰ প্রাথমিক বিদ্যালয়ত এই ভাষাৰে শিক্ষাদানৰ ব্যৱস্থা লোৱা হৈছে।
এই ভাষাৰ দুটা উপভাষা আছে- ৰাজাৰগাঙ আৰু মাদৈগাঙ। শব্দসম্ভাৰৰ দিশত মাদৈগাঙত মেইতেই ভাষাৰ (তিব্বত-বর্মীয়) আৰু ৰাজাৰগাঙত বাংলা আৰু অসমীয়া (আর্য) প্রভাৱ সুস্পষ্ট।
বাগানীয়া/সাদানি/চাদৰিঃ চাহ জনগোষ্ঠীৰ কথিত ভাষাঃ বৃটিছসকলৰ অসম আগমনৰ লগে লগে প্রব্রজিত হৈ অসমৰ জনগাঁথনিত সাংঘাতিক প্রভাৱ পেলাবলৈ সক্ষম হোৱা অসমৰ ইংৰাজী অন্যতম শ্রমিক সম্প্রদায় হৈছে চাহ মজদুৰ বা চাহ-জনগোষ্ঠী। এই চাহ-মজদুৰসকল মূলতঃ কোল-মুণ্ডা-ভাষী যদিও দ্রাবিড় আৰু অন্যান্য উপভাষা-ভাষীৰ লোকেৰে এওঁলোকৰ সমাজখন গঢ়া। সমীক্ষাৰ পৰা গম পোৱা গৈছে যে প্রায় আশীৰ ওচৰা-উচৰি ফৈদ বা উপগোষ্ঠীৰে চাহ জনগোষ্ঠী গঠিত। এওঁলোক বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যা, মধ্যপ্রদেশ, তামিলনাডু আদি প্রদেশৰ পৰা আহি একেলগে কুলী লাইনত বসতি কৰি, একেজন চৰ্দাৰ, বাবু বা চাহাবৰ তলত কাম কৰিবলগীয়া হোৱাত তাহানিতে একধৰণৰ উমৈহতীয়া সার্বজনীন ভাষা lingua franca ৰ সূত্রপাত হৈছিল, কালক্রমে গোটেই অসমৰ প্রায় আঠশৰো অধিক চাহ-বাগিচাৰ বনুৱাসকলৰ মাজত বিভিন্ন ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক কাৰণত বৃহত্তৰ অসমীয়া জাতি গঠন- প্রক্রিয়াত সক্রিয় ভূমিকা লোৱাৰ পৰিৱেশ গা কৰি উঠে আৰু অসমৰ সুজলা মাটিত সুৱলা ভাষাৰ পটভূমিত একেধৰণৰ মিশ্রিত ভাষা গঢ় লৈ উঠে। সেইভাষাকে বৃটিছসকলে ‘কুলিবাত’ আৰু কোনো কোনোবে ‘বাগানীয়া অসমীয়া’ বুলি নামকৰণ কৰিছিল। কিন্তু চাহ-জনগোষ্ঠীয়ে নিজৰ মাজত জনপ্রিয় এই ভাষাটোক ‘চাহ বাগিছাৰ বা চাহ-জনগোষ্ঠীৰ অসমীয়া ভাষা’ বুলি পৰিচয় দি ভাল পায়।
২৫। সংযোগী ভাষা সম্পর্কে বহলাই আলোচনা কৰা।
উত্তৰঃ বহুভাষিক উত্তৰ-পূর্বাঞ্চলত ‘বাটে পোৱালী মেলা’-ৰ দৰে ভাষাও পোৱালী মেলে বুলিব পাৰি। ইয়াত একোটা ভাষাৰ স্থান-কাল-পাত্র ভেদে যেনেকৈ বিভিন্ন উপভাষা-ৰূপ-ব্যক্তিভাষা পোৱা গৈছে তদ্রূপ দুই বা ততোধিক ভাষাৰ উপাদানেৰে একোটা মিশ্রিত ভাষা (ক্রেওল বা পিজিন) নিতে নৱ ৰূপেৰে উদ্ভাৱন হৈ একাধিক জনগোষ্ঠীৰ মাজত সংযোগী ভাষা হিচাপে প্রচলন হৈ আহিছে। এইবিলাকৰ কিছুমান সম্পূর্ণ ব্যক্তিগত আৰু সাময়িক পৰ্যায়ৰ যাৰ কোনো স্থায়িত্ব নাই। কিন্তু বেছিভাগৰে একোটা বৃহৎ অঞ্চল আৰু সমাজ সামৰি প্ৰয়োজনৰ তাগিদাত সৃষ্টি হোৱা বাবে স্থায়িত্বৰ লগতে ভাষা হিচাপে মর্যাদাও লাভ কৰিছে। অসমত এনে কেইটামান মিশ্রিত সংযোগী ভাষাৰ ভিতৰত উজনি অসমৰ অসমীয়া ভাষা ৰূপৰ আধাৰত প্রতিৱেশী ৰাজ্য দুখনৰ জনসমষ্টিৰ মাজত বিশেষকৈ জনজাতীয় লোকৰ সমাজত প্রচলিত অন্যতম দুটা ভাষাৰ ভিতৰত নাগালেণ্ডৰ নাগামিজ আৰু অৰুণাচলৰ (তাহানিৰ NEFA) নেফামিজ।
নাগামিজ অসমীয়াৰ অন্যতম মিশ্রিত ভাষা (Pidgin): নাগালেণ্ডত প্রচলিত ২৩ টাৰো বেছি সম্প্ৰদায়ৰ সহজে বুজিব নোৱাৰা ভাষিক পৰিস্থিতিত গঢ় লোৱা আন্তঃভাষিক যোগাযোগৰ মাধ্যম হিচাপে অসমীয়াৰ আধাৰত নাগামিজ বা নাগা-পিজিনৰ জন্ম। নাগালেণ্ডৰ অন্যতম থলুৱা ভাষা-ভাষী আংগামী, চেমা, লোথা, আও, ৰেংমা, চাখেছাং (চোক্রি + খেঝা + ছাংটাম-পোচুৰি), চাংটাম, কন্যাক, চাং, ফোম, য়িমচুংগেৰ, খিয়ামঙান, জেলিয়াং (জেমি + লিয়াংমেই), কুকি-চিৰু ৰোংমেই, কাচাৰি, মাকৱাৰে, তিৰখিৰ, চীন আৰু মাওসকলৰ মাজত শিক্ষাৰ মাধ্যম ইংৰাজী যদিও হাতে-বজাৰে, ৰাজহুৱা ঠাইত একমাত্র নাগামিজৰ মাধ্যমেদিহে ইজনে-সিজনে মনৰ ভাব স্বাচ্ছন্দ্যৰে ব্যক্ত কৰিব পাৰে।
নাগালেণ্ডত গঢ় লোৱা প্রধান তিনিটা ভাষাগত জখন সংস্পর্শৰ বাবে অর্থাৎ ভিন ভিন্ নগাভাষীৰ মাজত, নগাভাষী আৰু অনগাভাষীৰ মাজত তাই নতুবা ভিন ভিন্ অনগাভাষীৰ মাজত এই ভাষাই একমাত্র সংযোগী ভাষাৰ ভূমিকা পালন কৰি আহিছে। নাগালেণ্ডগুক ব্রিটিছ ভাৰতে বা স্বাধীন ভাৰতে শাসন কৰাৰ বহু পূৰ্বৰে পৰা নগা ভাষাৰ জতুৱা-ঠাঁচেৰে ভাষান্তৰিত হৈ অসমীয়া এটা ভগ্ন ৰূপত ইয়াৰ আত্মপ্রকাশ ঘটিছিল। বুলি পণ্ডিতসকলৰ ধাৰণা। ড” ভীমকান্ত বৰুৱাৰ মতে- ‘যদিও নাগামিজৰ ব্যাকৰণ আদি ৰচনা হৈছে একমাত্র কথোপকথনতে সীমাৱদ্ধ বাবে ইয়াৰ বহুতো আঞ্চলিক পার্থক্য আৰু ৰূপৰ অসমতা চকুত পৰে।’
নেফামিজ/অৰুণাচলী অসমীয়াঃ অৰুণাচল প্রদেশত থকা ডেৰ কুৰিৰো ওপৰৰ তিব্বত-বর্মীয়, হিমালয়ী আৰু টাই-খামতি ভাষা-গোষ্ঠীৰ লোকে নিজৰ মাতৃভাষাৰ ওপৰঞ্চি ভৈয়ামৰ অসমীয়া লোকৰ সৈতে ভাৱ-বিনিময় কৰোঁতে এই ভাষাৰ সৃষ্টি হয় বুলি পণ্ডিতসকলে ক’ব বিচাৰে। তাহানিতে এই ভাষাই সংযোগী ভাষাৰ lingua franca মর্যাদা লাভ কৰিছিল যদিও বর্তমান ইয়াৰ স্থান হিন্দী ভাষাই লৈছে। ই কোনোটোহঁত জনগোষ্ঠীৰে মাতৃভাষা নহয় বাবে ইয়াৰ নিজস্ব ব্যাকৰণ ৰূপ বা স্থিতি সুদৃঢ় নহয়। সেইবাবে ই নাগামিজৰ দৰে অসমীয়াৰ পিজিন বা জার্গনহে, ক্রেওল নহয়। উজনি অসমৰ ক্রেওল স্বৰূপ সোণোৱাল কছাৰীৰ কথিত অসমীয়া আহোম-অসমীয়া আৰু বিশেষকৈ অসমীয়াৰ আন এটা পিজিন নাগামিজৰ লগত ইয়াৰ সাদৃশ আছে।
থাকিলেও স্বকীয় বৈশিষ্ট্যও আছে। তেনে কিছুমান স্বকীয় ৰূপৰ ভিতৰত-
(ক) নাগামিজৰ দৰে উচ্চ স্বৰৰ প্রাধান্য নেফামিজত পোৱা নাযায়।
(খ) বহুবচনবাচক প্রত্যয়ৰ ভিতৰতবোৰ,-খান আদিৰ প্রয়োগ নাই; মাত্র বিলাক প্রত্যয়ৰ বহুল প্রয়োগ আছে।
(গ) নাগামিজ দৰে অন্যান্যত প্রয়োগ হোৱা সম্বন্ধ কাৰকৰ পৰসৰ্গ ‘লাগা’ নেফামিজত অনুপস্থিত।
(ঘ) কৰণ আৰু অধিকৰণ কাৰকৰ ৰূপৰ মাজত পাৰ্থক্যহীনতা।
(ঙ) নির্দিষ্টতাবাচক- ঢৌ প্রত্যয়ৰ বহুল প্রয়োগ।
(চ) নাগামিজৰ দৰে নেফামিজতো বাক্যত ক্রিয়াৰ প্রয়োগ বাধ্যতামূলক; কিন্তু ৰূপৰ পার্থক্য আছে (নাগামিজত ‘আছে’ কিন্তু নেফামিজত ‘হ’ বা ‘হয়’)।
(ছ) দুয়োটাতে জোৰ বুজোৱা ৰূপ ‘ভী’ তু. হিন্দী ‘ভী’ৰ প্রয়োগ আছে। সেইদৰে বৈপৰীত্যসূচক প্রত্যয় ‘তথাপি’ৰ সমতুল্য নাগামিজত ‘কিন্তু’ আনহাতে নেফামিজত ‘ত’,।
(জ) দুয়োটাতে সাহিত্যিক শৈলীৰ অথবা জীণ নোযোৱা তৎসম শব্দৰ প্রয়োগ কমি গৈছে, তাৰ পৰিৱৰ্তে সহজ-সৰল লোক-ভাষা স্তৰৰ ব্যাখ্যাসূচক শব্দৰ প্ৰয়োগ বাঢ়িছে। নেফামিজত বিদেশী ঋণকৃত শব্দৰ ব্যৱহাৰ নাগামিজতকৈ তুলনামূলভাৱে কিছু কম।
নাগামিজ ভাষাত নিজা বৈয়াকৰণিক সমল আছে আৰু এই ভাষাৰে বিভিন্ন পুথি-পত্র ৰচিত হৈ আহিছে। কিন্তু নেফামিজত ৰচিত হোৱা পুথি-পত্র নাই বুলিবই পাৰি। নাগামিজ ভাষা সম্পর্কে ইতিমধ্যে যথেষ্ট চিন্তা-চৰ্চা আৰু গৱেষণা হৈছে কিন্তু নেফামিজ ভাষা সম্বন্ধে ভালদৰে অধ্যয়ন হোৱাই নাই। যাৰ ফলত ব্যৱহাৰিক ক্ষেত্ৰতে নহয় বিদ্যায়তনিক দিশতো এই ভাষা ক্রমান্বয়ে অনাদৃত হৈ আহিব ধৰিছে।