Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল Solutions, College and University Answer Bank for B.A, B.com, M.Com B.sc, and Post Graduate Notes and Guide Available here, Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল Notes can be of great value to excel in the examination.
Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল
Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল Notes cover all the exercise questions in UGC Syllabus. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 2 অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
অসমীয়া ভাষাৰ মূল আৰু উদ্ভৱ কাল
অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস
অতি চমু প্ৰশ্নোওৰ |
১। অসমীয়া ভাষা ভাৰতৰ কোন অংশত প্রচলিত?
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত প্রচলিত।
২। অসমীয়া ভাষাটো সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে?
উত্তৰঃ সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে।
৩। ‘Assamese, its Formation and development’- গ্রন্থৰ ৰচক কোন?
উত্তৰঃ ‘Assamese, its Formation and development’-গ্রন্থৰ ৰচক হ’ল ড° বাণীকান্ত কাকতি।
৪। ভাষাগত দৃষ্টিকোণৰ পৰা অসমত কেইটা ভাষাগোষ্ঠীৰ ভাষা প্রচলন থকাৰ কথা ক’ব পাৰি আৰু কি কি?
উত্তৰঃ চাৰিটা। ভাষাকেইটা ক্রমে- ইণ্ডো-ইউৰোপীয়, চীন-তিব্বতীয়, অষ্ট্ৰিক আৰু দ্রাবিড়।
৫। অসমীয়া ভাষাৰ মূল কি?
উত্তৰঃ প্রাচ্য মাগধী।
৬। অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ কোন শাখা, উপশাখাৰ অন্তৰ্গত?
উত্তৰঃ ইণ্ডো-ঈৰাণীয় শাখাৰ আৰ্য উপশাখাৰ অন্তর্গত।
৭। আর্য শাখাৰ পৰা কোনবোৰ ভাষা নির্গত হৈছে?
উত্তৰঃ সংস্কৃত আৰু সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষাসমূহ।
৮। প্রাচীন ভাৰতীয় আর্য ভাষা বুলিলে কোন দুটা ভাষাক বুজায়?
উত্তৰঃ বৈদিক আৰু সংস্কৃত।
৯। আর্য শাখাৰ প্রাচীনতম নিদর্শন কি?
উত্তৰঃ বৈদিক সাহিত্য।
১০। বৈদিক যুগৰ বৈদিক সাহিত্যৰ ভাষাৰ উপৰিও মানুহৰ মুখত প্রচলিত কথিত ভাষাটোক ব্যাকৰণৰ সূতাৰে কোনে গাঁথিছিল?
উত্তৰঃ খ্রীষ্টপূর্ব পঞ্চম শতিকাত বৈয়াকৰণিক পানিণিয়ে। তেওঁ কথিত ভাষাটো ব্যাকৰণ খটুৱাই ‘সংস্কৃত’ নামেৰে নামকৰণ কৰিছিল।
১১। ‘অসমীয়া আৰু অসমৰ ভাষা’- গ্রন্থখনৰ লেখক কোন?
উত্তৰঃ বিশ্বজিৎ দাস।
১২। ‘অসমৰ ভাষা পৰিচয়’- ভাষাবিষয়ক গ্রন্থখনৰ বচক কোন?
উত্তৰঃ প্রমোদ চন্দ্ৰ ভট্টাচার্য।
১৩। প্রাচীন ভাৰতীয় আর্য-ভাষাৰ সময়সীমা কিমান?
উত্তৰঃ খ্রীষ্টপূর্ব দ্বাদশ শতিকাৰ পৰা খ্রীষ্টপূর্ব ষষ্ঠ শতিকালৈ।
১৪। মধ্য ভাৰতীয় আর্য ভাষাৰ সময়সীমা কিমান?
উত্তৰঃ খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত।
১৫। নব্য ভাৰতীয় আর্য ভাষাৰ সময়সীমা কিমান?
উত্তৰঃ খ্রীষ্টীয় দশম শতিকাৰ পৰা।
১৬। মধ্য ভাৰতীয় আর্য ভাষাৰ সাহিত্যৰ প্ৰথম চানেকি কি?
উত্তৰঃ পালি ভাষা।
১৭। “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ”- কাৰ উক্তি?
উত্তৰঃ হিউয়েন চাঙৰ (চীনা পৰিব্রাজক)।
১৮। অসমীয়া ভাষাটো মূলতঃ কেইটা প্রবাহৰ সমষ্টি?
উত্তৰঃ দুটা।
১৯। ‘আন-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছে। সেই কথা খাটাংকৈ একো ক’ব নোৱাৰি; সম্ভবতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ’। এই মন্তব্যটো কাৰ?
উত্তৰঃ ড° নাথান ব্রাউন।
২০। ভাবতলৈ অহা শেষ নৃ-গোষ্ঠীটো কি?
উত্তৰঃ নার্ডিক নৃগোষ্ঠী।
২১। কৃষি পদ্ধতিৰ আৱিষ্কাৰক কোন?
উত্তৰঃ কৃষি পদ্ধতিৰ আৱিষ্কাৰক হ’ল- বড়োসকল।
২২। অসমত গ্রাম্য সংস্কৃতিৰ প্ৰতিষ্ঠা কোনে কৰে?
উত্তৰঃ অসমত গ্রাম্য সংস্কৃতিৰ প্ৰতিষ্ঠা অষ্ট্ৰিকসকলে কৰে।
২৩। উত্তৰ-পূবৰ জনজাতীয় তিব্বতবর্মীয় ভাষাসমূহৰ একমাত্র কোনটো ভাষাৰ নিজস্ব লিপি আছে?
উত্তৰঃ উত্তৰ-পূবৰ জনজাতীয় তিব্বতবর্মীয় ভাষাসমূহৰ একমাত্র মেইটেই বা মণিপুৰী ভাষাৰ নিজস্ব লিপি আছে।
২৪। খাছীসকল মঙ্গোলীয় হয়নে?
উত্তৰঃ খাছীসকল মঙ্গোলীয় হয়।
২৫। অষ্ট্রিক ভাষা পৰিয়ালৰ অন্তৰ্গত, মোনখেমৰ শাখাৰ সম্পর্কিত মেঘালয়ৰ ভাষা বিধৰ নাম কি?
উত্তৰঃ অষ্ট্রিক ভাষা পৰিয়ালৰ অন্তৰ্গত, মোনখেমৰ শাখাৰ সম্পর্কিত মেঘালয়ৰ ভাষা বিধৰ নাম হ’ল খাছী।
২৬। ‘অসমৰ জনজাতি’ শীর্ষক গ্রন্থখনৰ সম্পাদক কোন?
উত্তৰঃ ‘অসমৰ জনজাতি’ শীর্ষক গ্রন্থখনৰ সম্পাদক প্রমোদ চন্দ্র ভট্টাচার্য।
২৭। মধ্য ভাৰতীয় আর্য স্তৰৰ কোনটো প্ৰকাৰৰ পৰা অসমীয়া, বঙলা, ওড়িয়া আদি পূর্ব ভাৰতৰ ভাষাসমূহৰ উদ্ভৱ হৈছিল?
উত্তৰঃ মাগধী অপভ্রংশৰ পৰা।
২৮। ব্রহ্মপুত্র উপত্যকালৈ প্ৰথমে প্ৰব্ৰজন কৰা বুলি অনুমান কৰা জনগোষ্ঠী কোনটো?
উত্তৰঃ আলপাইন।
২৯। ভাৰতবৰ্ষত জনজাতি’ শব্দটো কোনে সৃষ্টি কৰিছিল?
উত্তৰঃ ব্রিটিছসকলে।
৩০। ভীমকান্ত বৰুৱাৰ ‘অসমৰ ভাষা’ নামৰ গ্রন্থখন কোন চনত প্রকাশ পাইছিল?
উত্তৰঃ ১৯৯০ চনত।
৩১। ‘খাছী’ ভাষাৰ মূল উৎস কি?
উত্তৰঃ ‘খাছী’ ভাষাৰ মূল উৎস হ’ল- অষ্ট্রিক।
৩২। অসমীয়া ভাষাত মিছিং, দেউৰী আৰু নগা ভাষাৰ প্রভাৱ থকাৰ কথা কোন কেইগৰাকী গৱেষকে কৈছে?
উত্তৰঃ নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা আৰু নাহেন্দ্র পাদুন।
৩৩। চর্যাপদবোৰ কি পন্থাৰ গীত?
উত্তৰঃ বৌদ্ধ সহজযান পন্থাৰ ধৰ্মসাধনৰ গীত।
৩৪। অসমীয়া ভাষাৰ উপৰি আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদর্শন বুলি দাবী কৰে?
উত্তৰঃ বঙলা, উড়িয়া, মৈথিলী আৰু নেপালী।
৩৫। শ্রীকৃষ্ণ কীর্তনৰ ৰচক কোন?
উত্তৰঃ বড়ু চণ্ডীদাস।
৩৬। ৰাধাকৃষ্ণৰ লীলা বর্ণিত গ্রন্থখন কি?
উত্তৰঃ শ্রীকৃষ্ণ কীর্তন।
৩৭। কোনজন ব্যক্তিয়ে ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্রীকৃষ্ণ কীর্তনৰ, ভাষাত যে অসমীয়া ঠাঁচ যথার্থ ৰূপত বিদ্যমান সেই কথা উনুকিয়াই গৈছে?
উত্তৰঃ বাণীকান্ত কাকতিয়ে।
৩৮। ‘শ্রীকৃষ্ণ কীর্তন’ত প্রভাৱ পৰা গ্ৰন্থখন কি?
উত্তৰঃ গীতগোবিন্দ।
৩৯। চর্যাপদৰ পৰৱৰ্তী কালত অসমীয়া ভাষাৰ বিকশিত ৰূপটো ক’ত সংৰক্ষিত হৈছে।
উত্তৰঃ শ্রীকৃষ্ণ কীর্তনত।
৪০। বড চণ্ডীদাসৰ ‘বড’ শব্দটো অসমীয়া ‘বৰুৱা’ শব্দৰেই ৰূপান্তৰ বুলি কোনে মন্তব্য কৰিছে?
উত্তৰঃ সত্যেন্দ্রনাথ শর্মা।
৪১। ‘শ্রীকৃষ্ণ কীর্তন’ কিমান শতিকাত ৰচিত?
উত্তৰঃ চতুর্দশ শতিকাত।
৪২। ‘শূন্য পুৰাণ’ৰ ৰচক কোন?
উত্তৰঃ ৰামাই পণ্ডিত।
৪৩। ‘প্রত্ন-অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ’ কাৰ ৰচনা?
উত্তৰঃ উপেন্দ্রনাথ গোস্বামী।
৪৪। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ঘনতাই আৱৰি থকা গীত বুলিলে কোনখন পুথিক বুজা যায়?
উত্তৰঃ চর্যাপদক।
৪৫। “মগধৰ পৰা মাগধী প্রাকৃতে তিনি দিশলৈ গতি কৰিছে। দক্ষিনৰ পিনে ই উড়িয়া ভাষাত পৰিণত হৈছে। দক্ষিণ-পূবৰ পিনে ই প্রথমতে পশ্চিমে আৰু পিছত পূর্ব বঙলা আৰু পূবৰ পিনে প্রথমতে উত্তৰ বঙলা আৰু পিছত অসমীয়াৰ ৰূপ লৈছে। কথাষাৰ কাৰ উক্তি?
উত্তৰঃ গ্ৰিয়াৰ্ছনৰ।
৪৬। চৰিত পুথিৰ ভাষা কেনে ধৰণৰ?
উত্তৰঃ কথিত ভাষাৰ মার্জিত ৰূপ, উপমা, ৰূপক ফকৰা-যোজনা, খণ্ড-বাক্য, পদ পুথিৰ উদ্ধৃতি, চুটি চুটি বাক্যৰ প্রয়োগ, প্রত্যক্ষ উক্তিৰ চৰিত পুথিত ব্যৱহাৰ হোৱা দেখা যায়।
৪৭। অসমীয়া ভাষাৰ প্রাচীনত্বৰ আভাস দি চীনা পৰিব্রাজক হিউৱেন চাংঙে আগবঢ়োৱা মন্তব্যটো কি?
উত্তৰঃ অসমীয়া ভাষাৰ প্রাচীনত্বৰ আভাস দি চীনা পৰিব্রাজক হিউৱেন চাংঙে আগবঢ়োৱা মন্তব্যটো হ’ল- “Their (people of Kamrup) speech differed a little from that of Mid-India.”
৪৮। উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন ক’ত ক’ত পোবা যায়?
উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদর্শন তামৰ ফলি, চর্যাপদ আৰু শ্রীকৃষ্ণ কীর্তনৰ ভাষাত পোরা যায়।
৪৯। হিউৱেন চাঙ ক’ৰ ব্যক্তি আৰু কেতিয়া কামৰূপলৈ আহিছিল?
উত্তৰঃ হিউৱেন চাঙ চীন দেশৰ। তেওঁ খ্রীষ্ট্রীয় সপ্তম শতিকাত কামৰূপলৈ আহিছিল।
৫০। শুদ্ধটো লিখক – “অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে”- মন্তব্যটো কৰিছিল বাণীকান্ত কাকতি / বেণীমাধব বৰুবা।
উত্তৰঃ ড’ বাণীকান্ত কাকতি।
৫১। চর্যাপদৰ ভাষাত ব্যৱহৃত এটি ৰূপতত্বমূলক বৈশিষ্ট্য উল্লেখ কৰি তাৰ উদাহৰণ দিয়ক।
উত্তৰঃ স্বৰধ্বনি হ্রস্ব-দীর্ঘৰূপৰ মাজত পার্থক্যহীনতা।
যেনে- কামৰূপ > কামৰুপ।
৫২। শংকৰদেৱে বৰগীত আৰু অংকীয়া নাটসমূহত প্রয়োগ কৰা ভাষাটো কি?
উত্তৰঃ ব্রজাৱলী ভাষা।
৫৩। কাক অসমীয়া গদ্যসাহিত্যৰ জনক বুলি ব্যাখ্যা দিয়া হৈছে? তেওঁৰ সাহিত্য কীৰ্তি কি কি?
উত্তৰঃ ভট্টদেৱক, তেওঁৰ গ্রন্থ দুখন হ’ল- কথাভাগৱত আৰু কথাগীতা।
৫৪। কোনখন কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পাশ্চাত্যত জন্ম লাভ কৰা ৰমন্যাসবাদৰ পৰিপ্ৰকাশ ঘটে?
উত্তৰঃ জোনাকী কাকতৰ জৰিয়তে।
৫৫। অসমীয়া ভাষাৰ ইতিহাসক ৰমেশ পাঠকে কেইটা ভাগত ভাগ কৰিছে?
উত্তৰঃ চাৰিটা ভাগত ভাগ কৰিছে।
৫৬। তুংখুঙীয়া বুৰঞ্জী কিমান চনত ৰচনা কৰা হৈছিল?
উত্তৰঃ ১৪০৩ খ্রীষ্টাব্দত।
৫৭। গোপাল বৰুৱাই আহোম ভাষাত লিখা বুৰঞ্জী কিমান চনত সম্পাদনা কৰিছিল?
উত্তৰঃ ১৯৩০ চনত।
৫৮। শংকৰ চৰিতৰ ৰচক কোন?
উত্তৰঃ ৰামচৰণ ঠাকুৰ।
৫৯। চৰিত পুথিত প্রয়োগ হোৱা কেইটিমান সর্বনাম শব্দ উল্লেখ কৰা।
উত্তৰঃ মই, মোৰ, মঞ, আমি, তেঞে, তাৰাসৱ, এখেলৈ, সেইটে, তাৰে আদি।
৬০। পুৰণি অসম বুৰঞ্জী কাৰ সম্পাদনাত প্রকাশিত হয়?
উত্তৰঃ হেমচন্দ্র গোস্বামী।
৬১। সুকুমাৰ বৰকাথে প্রণয়ন কৰা ব্যৱহাৰিক জ্ঞান শাস্ত্রমূলক পুথি দুখনিৰ নাম উল্লেখ কৰা।
উত্তৰঃ হস্তীবিদ্যার্ণৱ আৰু ঘোঁৰা-নিদান।
৬২। ৰঘুনাথ মহন্তই ৰচনা কৰা কথা ৰামায়ণ নামৰ গ্ৰন্থখনত শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কাৰ প্রভার অনুভূত হয়?
উত্তৰঃ অপ্রমাদী কবি মাধৱ কন্দলীৰ।
৬৩। কথা ৰামায়ণৰ ৰচনাকাৰ কোন?
উত্তৰঃ ৰঘুনাথ মহন্ত।
৬৪। কথা ভক্তি ৰত্নাকৰৰ ৰচনাকাৰ কোন?
উত্তৰঃ গোপালচৰণ দ্বিজ।
৬৫। অপ্রমাদী কবি বুলি কাক জনা যায়?
উত্তৰঃ মাধৱ কন্দলীক।
৬৬। লীলাৱতী কাৰ ৰচিত শাস্ত্র?
উত্তৰঃ কবিৰত্ন দ্বিজ।
৬৭। নীতি লতাংকুৰ কাব দ্বাৰা ৰচিত?
উত্তৰঃ মধুমিশ্র বাগীশৰ।
৬৮। বকুল কায়স্থৰ শাস্ত্ৰখনৰ নাম কি?
উত্তৰঃ কিতাবৎ মঞ্জুৰী।
৬৯। চৰিত সাহিত্য মানে কি?
উত্তৰঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদের, হবিদেৱ, দামোদৰদেৱৰ জীবন চৰিত্ৰক কেন্দ্র কৰি সংশ্লিষ্ট শিষ্য-প্রশিষ্যৰে জীৱন বৃত্তান্তমূলক ৰচনা পুথিকেই চৰিত সাহিত্য বুলি জনা যায়।
৭০। বুৰঞ্জী পুথিসমূহ কেতিয়াৰ পৰা ৰচনা কৰাৰ প্ৰমাণ পোৱা যায়?
উত্তৰঃ সপ্তদশ শতিকাৰ পৰা।
৭১। আধুনিক অসমীয়া ভাষাৰ বিকাশক কেইটা ভাগত বিভক্ত কৰিব পাৰি?
উত্তৰঃ আধুনিক অসমীয়া ভাষাৰ বিকাশক তিনিটা ভাগত বিভক্ত কৰিব পাৰি।
৭২। অসমীয়া ভাষাৰ আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছে?
উত্তৰঃ অসমীয়া ভাষাত আধুনিক যুগৰ সূচনা হয় আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে ১৮১৩ চনত ‘বাইবেল পুথি’ অসমীয়াত প্ৰকাশ কৰাৰ পৰা। ১৯৪৬ চনত তেওঁলোকে প্রকাশ কৰা আলোচনী ‘অৰুণোদই’ৰ জৰিয়তে আধুনিক অসমীয়া ভাষাৰ বিকাশ হয়।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ |
১। গৌণ প্রাকৃত বা মধ্য ভাৰতীয় আর্য ভাষাক কেইটা স্তৰত ভগোৱা হৈছে আৰু ভাগ কেইটা কি কি?
উত্তৰঃ গৌণ প্রাকৃত বা মধ্য ভাৰতীয় আর্য ভাষাক তিনিটা স্তৰত ভগোৱা হৈছে। আৰু ভাগ কেইটা হ’ল-
(ক) প্রাচীন প্রাকৃত স্তৰ।
(খ) মধ্য প্রাকৃত স্তৰ। আৰু
(গ) অন্ত্য প্রাকৃত স্তৰ।
২। অসমীয়া ভাষাৰ বিকাশক ড’ বাণীকান্ত কাকতিয়ে কেইটা প্রধান ভাগত ভাগ কৰিছে আৰু ভাগকেইটা কি কি?
উত্তৰঃ অসমীয়া ভাষাৰ বিকাশ ড°বাণীকান্ত কাকতিয়ে তিটাটা ভাগত ভাগ কৰিছে। সেইবোৰ হ’ল-
(ক) প্রাচীন অসমীয়া।
(খ) মধ্য অসমীয়া।
(গ) আধুনিক অসমীয়া।
৩। ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক তিনিটা ভাগত ভাগ কৰা হৈছে-
(ক) প্রাচীন ভাৰতীয় আর্যভাষা।
(খ) মধ্য ভাৰতীয় আর্যভাষা।
(গ) নব্য ভাৰতীয় আর্যভাষা।
৪। বুৰঞ্জী গদ্যৰ কেইটিমান ৰূপতাত্ত্বিক বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বুৰঞ্জী গদ্যৰ কেইটিমান ৰূপতাত্ত্বিক বৈশিষ্ট্য হ’ল-
(ক) ‘পাচে’, ‘বোলে’, ‘পূর্বে’ আদি শব্দৰে বাক্যাৰম্ভ।
(খ) সমস্বৰ ব্যৱহাৰ হ্রাস কৰিবৰ বাবে বাক্য গাঁথনিত ই. ইও, এথেলৈ, এখেৰ, এখেক সিবোৰ, তোমাৰা, তৈৰ, তাৰ আদি নানা ৰূপৰ সৰ্বনামৰ প্ৰয়োগ।
(গ) আধুনিক অসমীয়া ভাষাত ন্যস্তাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে। পুৰণি অসমীয়া ভাষাত এনে ‘ন’ অপৰিৱর্তিত ৰূপত বহিছিল। বুৰঞ্জীত এইবোৰৰ সমীভৱন হৈছে। যেনে- নকৰোঁ নাযাওঁ, নি-দিয়ে, নো-সোধে।
(ঘ) বোৰ, -বিলাক, -হঁত, -হেঁত, -সকল, -ভোৰ, -সমস্ত আদি বহুবচনাত্মক প্রত্যয় বহুলভাৱে ব্যৱহাৰ হৈছে। যথা- সিবোৰ, বাপাহঁত, ইহেঁত, ইভোৰ, যিভোৰ, ডাঙ্গৰীয়াসকল ইত্যাদি।
৫। ড° বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাটোৰ উদ্ভৱ সম্পৰ্কত কি মন্তব্য কৰিছে লিখা।
উত্তৰঃ অসমীয়া ভাষাটোক সচৰাচৰ মাগধী অপভ্রংশৰ পৰা উদ্ভৱ হোৱা বুলি কৈ অহা হৈছে। ড° বাণীকান্ত কাকতিয়ে লিখিছে- “অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰ সৈতে সম্পর্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্রংশৰ উপভাষা।”
৬। অসমীয়া জাতি কেনেদৰে গঢ় লৈ উঠিছে?
উত্তৰঃ অষ্ট্রিক, মংগোলীয়, নর্ডিক আৰু দ্রাবিড় প্রভৃতি নৃ-গোষ্ঠীৰ সমন্বয় আৰু সমাহৰণৰ যোগেদি বৃহত্তৰ অসমীয়া জাতিয়ে বৈচিত্র্যপূর্ণ ৰূপত গঢ় লৈ উঠিছে।
৭। অসমীয়া ভাষাত অনা-আর্য উপাদান উভৈনদী হোৱাৰ সম্ভাৱ্য কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাত বিভিন্ন থলুৱা ভাষাৰ প্ৰভাৱ পৰাটো একো অস্বাভাৱিক নহয়। অসমীয়া ভাষাত অনা-আর্য উপাদান অসমীয়া ভাষাৰ সাগৰৰ মাজত থকা এটা দ্বীপৰ দৰে। ইয়াৰে চৌপাশে বিভিন্ন গোষ্ঠীৰ অনা-আর্য ভাষা। তদুপৰি অসমীয়া ভাষা কেৱল আর্য প্রজাতিয়ে ব্যৱহাৰ নকৰে, আর্য-অনার্য উভয়ে ইয়াক ব্যৱহাৰ কৰে। ডঃ নাথান ব্রাউনে মন্তব্য কৰিছে যে- ‘আর্য-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছিল, সেই কথা খাটাংকৈ একো ক’ব নোৱাৰি, সম্ভবতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ।’ উত্তৰ-পূব ভাৰতৰ অধিবাসীসকলৰ কোনোৱে প্রকৃততে ভূমিপুত্র নহয়। অসমৰ সুদীর্ঘ ইতিহাসৰ কোনোবা চাম আগতে আৰু কোনোবা এচাম পিছত আহিছে। তেওঁলোকৰ মাজত প্রজাতিগত সংমিশ্রণ ঘটি তেজৰ বিশুদ্ধতা আৰু আৰয়াবিক গঠনো হেৰুৱাইছে। (ডঃ ডি এন মজুমদাৰ, অসম গৌৰৱ, পূঃ ২৩) সংমিশ্ৰণৰ এই প্রক্রিয়া আহোমৰ দিনত সঘনে ঘটিছিল। তদুপৰি অসমত বিভিন্ন প্রজাতি একেলগে বাস কৰিব লগা হোৱাত স্বাভাৱিকতেই ভাবৰ আদান-প্রদানৰ বাবে উমৈহতীয়া ভাষা এটাৰ প্ৰয়োজন হৈছিল।
আনহাতে যদি নতুনকৈ অহা চামটো সংখ্যাৰ ফালৰ পৰা বুজন পৰিমাণৰ হয় আৰু প্ৰব্ৰজনৰ ন ন প্রবাহ চলি থাকে তেন্তে দ্বিভাষী অবস্থা এটাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমোৱাৰ পথ সুচল হয়।
(ক) অসমীয়া ভাষা অকল আর্য ভাষা-ভাষীসকলৰ ভাব প্রকাশৰ মাধ্যম নাছিল। অসমত প্রজাতিগতভাৱে সংমিশ্রণ ঘটা বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও ভাৱ-বিনিময়ৰ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলস্বৰূপে নিজৰ নিজৰ ভাষাৰ শব্দও তাত সোমাইছিল আৰু ফলস্বৰূপে অসমীয়া ভাষাত বহুতো আর্য-অনার্য ভাষাৰ শব্দৰ উপাদান সংমিশ্রণ হৈ পৰিছিল।
(খ) বহু শতিকা একেলগে বাস কৰাৰ ফলত অনা-আর্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাই পৰিছিল। অনা-আর্য নদীৰ নাম, ঠাইৰ নাম, মাছৰ নাম আদিৰ ব্যৱহাৰে এই কথাকেই সূচায়।
(গ) অসমত বসবাস কৰা বিভিন্ন ভাষী লোক সাংস্কৃতিকভাৱেই স্বয়ংসম্পূর্ণ নাছিল। কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত আন কোনোবা আছিল বোৱা-কটাত পাৰদর্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আর্য ভাষাৰ পৰা কিছু শব্দ সোমাই পৰিছিল।
(ঘ) আহোমৰ ৰাজত্বকালত প্রত্যেক প্ৰজাঘৰে একোজন পাইক ৰজাঘৰলৈ পঠাব লাগিছিল। এই পাইকবোৰ বিভিন্ন ভাষা-গোষ্ঠীৰ পৰা গৈ অসমীয়াতে ভাবৰ আদান-প্রদান কৰিব লগা হৈছিল। তেওঁলোকে তাত নতুন শব্দ গ্রহণ কৰিছিল আৰু নিজৰ ভাষাৰ শব্দও হয়তো এই উমৈহতীয়া ভাষাত সংযোজন কৰিছিল।
প্রজাতিগত মিশ্রণ আৰু বহু শতিকা একেলগে বাস কৰাৰ ফলত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমাই পৰিছিল। অসমৰ অনা-আর্য ভাষাবোৰৰ যে আর্য-অসমীয়াৰ অলেখ শব্দ গ্রহণ কৰিছিল এই বিষয়ে সন্দেহ নাই।
৮। অসমীয়া ভাষাই জন্মলগ্নৰে পৰা বৰ্তমানলৈকে কিদৰে পৰিৱৰ্তনৰ মাজেদি আহি বিকাশ লাভ কৰিছে, এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ অসমীয়া ভাষা ভাৰতৰ উত্তৰ-পূব প্রান্তত অৱস্থিত অসমৰ ভাষা। অসমৰ বিস্তৃত ব্রহ্মপুত্র উপত্যকাত এই ভাষাটো প্রধানকৈ কোৱা হয়। অসমৰ ওচৰে-পাজৰে থকা মেঘালয় নাগালেও আৰু অৰুণাচল প্ৰদেশতো অসমীয়া ভাষাৰ প্রচলন আছে। অৰুণাচলৰ বিভিন্ন ভাষা-ভাষীৰ মাজত পাৰস্পৰিক ভাব বিনিময়ৰ একমাত্র ভাষা হৈছে অসমীয়া। নাগালেণ্ডত অসমীয়াৰ এটা মিশ্রিত ৰূপ (নাগামিজ) সার্বজনীন ভাষাৰূপে ব্যৱহৃত হৈছে। ভাষাক সাধাৰণতে নৈৰ লগত তুলনা কৰা হয়। অসমীয়া ভাষাৰ প্রথম প্রকাশিত অভিধান-ৰচক মাইলছব্রনছনে পুথিখনৰ পাতনিত এইদৰে লিখিছিল- “অচমিয়া ভাষা ব্রহ্মপুত্র নদীৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিব।” এখন নৈৰ এটা মূল প্রৱাহ থাকে। তাত ঠায়ে ঠায়ে বহুতো উপনৈ আহি লগ লাগি মূল-প্ৰৱাহক পৰিপুষ্ট কৰে। কেতিয়াবা নৈৰ গতি আনফাল বয়। তেনেদৰে এটা ভাষাৰ মূল-প্রৱাহৰ লগত আন আন ভাষাৰ প্রভাৱ মিহলি হোৱাৰ ফলত ভাষাটোৱে সুকীয়া ৰূপ এটি লোৱা একো নতুন কথা নহয়। অসমীয়া ভাষাৰ উদ্ভৱৰ সময়ৰ আঁতিগুৰি বিচাৰি গ’লে সুন্দৰ প্ৰমাণ পোৱা যাব।
ভাৰতীয় আর্য ভাষাৰ বুৰঞ্জীক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়-
(ক) প্রাচীন ভাৰতীয় আর্য ভাষা।
(খ) মধ্য ভাৰতীয় আর্য ভাষা।
(গ) নব্য ভাবতীয় আর্য ভাষা।
প্রাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় খ্রীষ্টপূর্ব দ্বাদশ শতিকাৰ পৰা খ্রীষ্টপূর্ব ষষ্ঠ শতিকালৈ। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত। নব্য ভাৰতীয় আর্য ভাষাৰ সময় খ্ৰীষ্ট্রীয় দশম শতিকাৰ পৰা। মধ্য ভাৰতীয় আর্য ভাষাক আৰু তিখ্রীষ্টপূর্বনিটা স্তৰত বিভক্ত কৰা হয়। প্রথম স্তৰৰ সময় খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্রীষ্টীয় প্রথম শতিকালৈ। দ্বিতীয় স্তৰৰ সময় খ্রীষ্টীয় প্রথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ আৰু তৃতীয় স্তৰৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ। প্রথম স্তৰৰ প্ৰধান নিদর্শন পোৱা গৈছে অশোকৰ শিলালিপিত, খ্ৰীষ্টপূৰ্ৱ শতিকাৰ আন শিলালিপিত আৰু বৌদ্ধসকলৰ পালি গ্রন্থত। দ্বিতীয় স্তৰৰ নিদর্শন পোৱা যায় খ্রীষ্টীয় প্রথম তিনি শতিকাৰ শিলালিপিত, সাহিত্যিক প্রাকৃতত (মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী) আৰু বৌদ্ধ সংস্কৃতত। তৃতীয় স্তৰৰ নিদর্শন হৈছে অপভ্রংশ আৰু অপভ্ৰষ্টত।
অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অৰ্থত ব্যৱহৃত হৈছে। ইয়াৰ প্ৰয়োগ পোনপ্রথমে পতঞ্জলিৰ (খ্রীষ্টপূর্ব প্রথম শতিকা) মহাভাষ্যত পোৱা যায়। মার্কণ্ডেয়ই নাগৰ, ব্ৰাচড় আৰু উপনাগৰ এই তিনিবিধ অপভ্রংশৰ কথা কৈছে। পতঞ্জলিৰ মতে ‘সংস্কৃত শাস্ত্র জনাসকলৰ লেখ শুদ্ধ ভাষা’ আৰু অপভ্রংশ ‘শাস্ত্র নজনাবোৰৰ অশুদ্ধ ভাষা’। গ্রিয়ার্ছনকে আদি কৰি কিছুমান পণ্ডিতে মধ্য প্রাকৃতৰ শেষ স্তৰক অপভ্রংশ নাম দিছে। এই প্রাচীন অপভ্রংশৰ যি আৰ্বাচীন ৰূপটো আধুনিক ভাৰতীয় আর্যৰ জনক বা পূর্বাৱস্থা সিয়ে অপভ্রষ্ট বা অৱহটঠ অর্থাৎ আৰ্বাচীন অপভ্রংশ।
নব্য ভাৰতীয় আর্য ভাষাবোৰক কিছুমান প্ৰাকৃত বা সেইবোৰৰ পৰবৰ্তী অপভ্রংশৰ পৰা উদ্ভৱ হোবা ভাৱেও দেখুওৱা হয়; যেনে- মহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী; শৌৰসেনীৰ পৰা পশ্চিমা মেঘালয় হিন্দী, ৰাজস্থানী, গুজৰাটী, মাগধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া আৰু অসমীয়া, অর্ধমাগধীৰ পৰা পূৰ্বী হিন্দী, শৌৰসেনীৰ দ্বাৰা প্রভাৱিত পাহাৰী, পাঞ্জাৱী আদি।
ভাৰতৰ পূব দিশত থকা ভাষাবিলাকৰ ক্ষেত্ৰত মাগধী প্রাকৃত উল্লেখযোগ্য। মগধ অঞ্চলত পুথিখন কথাভাষাৰূপে প্রচলিত মাগধী প্রাকৃতৰ শকাৰী, চাণ্ডালী আৰু শাৱৰী তিনিটা প্রধান উপভাষা আছে। মৃচ্ছকটিকা নাটকত ৰজাৰ খুলশালীয়েক শকাৰৰ মুখৰ ভাষা শকাৰী। কালিদাসৰ অভিজ্ঞান শকুন্তলম্ নাটকতো মাগধী প্ৰাকৃতৰ প্ৰয়োগ আছে। ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্রাকৃতৰ নাটকক নিম্ন শ্রেণী লোকৰ মুখৰ ভাষা বুলি কৈ অর্দ্ধমাগধী আৰু অঞ্চলত শৌৰসেনী প্রাকৃতকেই সাহিত্যৰ ভাষা হিচাপে লোৱা হৈছিল বুলি মত প্রকাশ কৰিছে। তেওঁৰ মতে, সম্ভবতঃ সেই সময়ত শৌৰসেনীয়েই সেই অঞ্চলৰ শিষ্টসম্মত ভাষা আছিল।
ডঃ সুকুমাৰ সেনৰ মতে প্রাকৃত ভাষাটো প্রথমে উদীচ্য, মধ্যদেশীয় আৰু প্রাচ্য তিনিটা আঞ্চলিক ভাৰতীয় ৰূপত জীপ লৈ পৰৱৰ্তী কালছোৱাত পৈশাচিক, শৌৰসেনী, মহাৰাষ্ট্ৰী, অর্দ্ধমাগধী, মাগধী এই পাঁচোটা থলুৱা ৰূপ পৰিগ্ৰহণ কৰিছে। কালক্ৰমত এই প্রাকৃতসমূহেই সৰলীকৃত হৈ অপভ্রংশ স্তৰত উপনীত হ’লহি। ডঃ সুকুমাৰ সেনে উল্লেখ কৰা মতে খ্রীষ্টীয় অষ্টম শতিকাতেই মাগধী প্রাকৃতে পূব আৰু পশ্চিমত দুটা আঞ্চলিক ৰূপ লোৱাৰ পিছত খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা খ্রীষ্ট্রীয় দশম-একাদশ শতিকা মানত পূব মাগধীৰ পৰা উড়িয়া, বঙলা আৰু অসমীয়া আৰু পশ্চিম মাগধীৰ পৰা ভোজপুৰী মগহী, মৈথিলী ভাষাৰ উদ্ভৱ হয় বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে অপভ্রংশৰ শেষ স্তৰ অৱহট্ঠৰ পৰাই আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ উদ্ভৱ হৈছে।
অসমীয়া ভাষা সম্পর্কে চীনা পৰিভ্ৰমণকাৰী হিউৱেন চাঙে ৬৪৩ খৃঃত কামৰূপ ভ্রমণৰ কালছোৱাত লিখি থৈ যোৱা- “তেওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ সামান্য লৰ” কথাষাৰেই বোধহয় প্রথম ঐতিহাসিক উক্তি। এই মন্তব্যই অন্ততঃ এটা কথা প্রমাণ কৰে যে, সুদূৰ সপ্তম শতিকাৰ অসমীয়া ভাষাই সুকীয়া গঢ় ল’বলৈ আৰম্ভ কৰিছিল। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ কালছোৱাত কামৰূপৰ হিন্দু ৰজাসকলে সংস্কৃতত লিখোৱা ভূমিদান ফলিবোৰত ব্যৱহৃত অনা-সংস্কৃত শব্দ আৰু উচ্চাৰণানুগ বর্ণ বিন্যাসৰ ছেগা-চোৰোকা প্রয়োগেও উক্ত কথা কিছু দৃঢ় কৰে।
ওপৰৰ নীতিদীর্ঘ আলোচনাৰ পৰা এই সিদ্ধান্তলৈ আহিবলৈ অসুবিধা নহয় যে, খ্রীষ্টীয় এহেজাৰ বছৰৰ আশে-পাশে অন্যান্য নব্য ভাৰতীয় আর্য ভাষাসমূহৰ লগে লগে অসমীয়া ভাষাৰো উদ্ভৱ হৈছিল। সেয়ে হ’লেও খ্রীঃ ত্রয়োদশ-চতুদর্শ শতিকাত ৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত’ পুথিখনৰ পূৰ্বে নির্ভাঁজ অসমীয়াত ৰচিত কোনো লিখিত সাহিত্যৰ নিদর্শন পাবলৈ নাই। এই শতিকাৰ পূৰ্বকালৰ ভাষাৰ স্বৰূপ বুজিবলৈ শিলালিপি আৰু তাম্রলিপিসমূহ, বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চর্যাপদ আৰু বড়ু চণ্ডীদাসৰ শ্রীকৃষ্ণ কীর্তন ইত্যাদি লিখিত নথিৰ আশ্ৰয় ল’বলগীয়া হয়। সম্ভৱতঃ এই পৰিস্থিতিলৈ লক্ষ্য কৰিয়ে- ডঃ বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাৰ বিৱৰ্তনৰ ইতিহাসক তিনিটা স্পষ্ট যুগত ভাগ কৰিছে-
(ক) আদি যুগ।
(খ) মধ্য যুগ।
(গ) আধুনিক যুগ।
অৱশ্যে আদি যুগটোক তেওঁ প্রাগবৈষ্ণৱ আৰু বৈষ্ণৱ যুগ ৰূপে নাম কৰণ কৰাত বিষয়বস্তুৰ ফালৰ পৰা কিছু আসোঁৱাহ ৰৈ যোৱা যেন ধাৰণা হয়। প্রাগবৈষ্ণৱ হিচাপে চিহ্নিত যুগটোতো যিহেতু বৈষ্ণৱ ভাবাপন্ন সাহিত্যৰ সৃষ্টি বিৰল নহয়, এতেকে মহাপুৰুষ শংকৰদেৱৰ জন্মনচনটোকে মাইলব খুঁটি হিচাপে ধৰি প্রাশংকৰী আৰু শংকৰী যুগ ৰূপে নামকৰণ কৰিলে আলোচনা অধিক বিজ্ঞানসন্মত হ’ব বুলি ভাৱিবৰ অৱকাশ আছে।
সি যি কি নহওঁক, অসমীয়া ভাষাৰ জন্ম আৰু ইয়াৰ ভাষাগত বৈশিষ্ট্যলৈ লক্ষ্য কৰি এই আলোচনাত ইয়াৰ বিকাশৰ বুৰঞ্জীক নিন্মোক্ত যুগকেইটাত ভাগ কৰি লোৱা হৈছেঃ
(ক) প্রত্ন অসমীয়াঃ (খ্রীঃ ৯ ম-১০ ম শতিকাৰ পৰা খ্রীঃ ১৩শ -১৪শ শতিকালৈ)
(খ) প্রাচীন অসমীয়াঃ
(১) প্রাকশংকৰী যুগ (খ্রীঃ ১৩শ-১৪শ শতিকাৰ পৰা ১৫ শ শতিকালৈ)।
(২) শংকৰী যুগ (খ্রীঃ ১৫ শ শতিকাৰ পৰা ১৬ শ শতিকালৈ)।
(গ) মধ্য অসমীয়াঃ (খ্রীঃ ১৬ শ শতিকাৰ পৰা ১৮২৬ খ্রীঃলৈ)।
(ঘ) আধুনিক অসমীয়াঃ (১৮২৬ খৃঃৰ পৰা বৰ্তমানলৈ)।
উদ্ভৱ কালৰ অসমীয়া বা প্রত্ন অসমীয়া ৰূপে চিহ্নিত যুগটোৰ ভাষাগত বৈশিষ্ট্য সংৰক্ষিত হৈছে ৰজাঘৰীয়া ফলি আৰু চর্যাপদসমূহত। মন কৰিবলগীয়া যে, ৰজাঘৰীয়া ফলিসওয়া কেতবোৰ স্থানীয় শব্দ আৰু তৎকালীন ভাষাটোৰ ধ্বনিগত বৈশিষ্ট্যহে লক্ষ্য কৰা যায়। অসমীয়া ভাষাৰ স্বকীয়ত্বৰ চানেকি দিব পৰাকৈ ইয়াৰ ৰূপগত দিশটোৰ কোনো আভাস পোৱা সম্ভৱ নহয়। কাৰণ, এই ফলিবোৰ আছিল সংস্কৃতত ৰচিত। সম্ভৱতঃ তৎকালীনভাৱে লিখিত ভাষা বুলিলে সংস্কৃতকে বুজা গৈছিল; আনহাতে লোকসমাজে কথা কৈছিল প্রচলিত প্রাকৃত ঠাঁচত। ফলত কথিত ভাষাৰ উচ্চাৰণে সময়ে সময়ে লিখিত সংস্কৃত ভাষাত প্রভাৱ পেলাইছিল।
১৯১৬ চনত মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রীয়ে নেপালৰ ৰাজ-দৰবাৰ-গ্রন্থালয়ৰ পৰা সংগ্রহ দমীয়া ভাষায় কৰা চৰ্যাপদসমূহৰ প্রকাশে তৎকালীন পণ্ডিতসমাজৰ দৃষ্টি আকর্ষণ কৰে। শাস্ত্রীয়ে এইবোৰৰ ভাষা প্রাচীন বঙলা বুলি সিদ্ধান্ত কৰিলেও অসমীয়া, মৈথিলী আদি ভাষাৰো অনেক উপাদান ইয়াত মিহলি হৈ থকা লক্ষ্য কৰা যায়। বিশেষকৈ ইয়াৰ ব্যাকৰণগত দিশটো অসমীয়াৰ প্রতি অধিক ঢাল খোৱা।
তলত তাৰ নমুনা কেতবোৰ দাঙি ধৰা হ’ল-
(১) কাৰক বিভক্তিৰ মিল। যেনে-
কর্তা-এঃ কুম্ভীৰে খাঅ (চর্যা-২)
কর্ম-কঃ ঠাকুৰক পৰিনিবিতা (চর্যা-১২)
সম্বন্ধ পদ-বঃ হৰিণীৰ নিলঅ (চর্যা-৬)
অধিকৰণ-তঃ হাড়িত ভাত নাহি (চর্যা-৩৩)
(২) স্ত্রীবাচক প্রত্যয়-ঈ আৰু -নী। যেনে-
শিআলী, শবৰী, ডোম্বী, শুণ্ডিনী ইত্যাদি।
(৩) অসমাপিকা ক্রিয়াৰ -ই বিভক্তি। যেনে-
উঠি, মেলি, দেখি ইত্যাদি।
অসমীয়া ভাষাৰ প্রাচীন যুগটো খ্রীঃ ১৩ শ-১৪ শ শতিকাৰ পৰা ১৬ শ শতিকালৈ বিস্তৃত। এই যুগটোক দুটা উপভাগত ভাগ কৰা হৈছে-
১। প্রাকশংকৰী। আৰু
২। শংকৰী যুগ।
এই যুগৰ ভাষাগত বৈশিষ্ট্যসমূহে এই কথাকে স্পষ্টভাবে প্রমাণ কৰে যে, অসমীয়া ভাষা সুদূৰ ১৩-১৪ শ শতিকাতে উচ্চমানৰ সাহিত্য ৰচনাৰ উপযোগী বাহন হৈ উঠিছিল। এই যুগৰ সাহিত্য মূলতঃ অনুবাদমূলক হ’লেও, কবিকুলে ‘পখীসব উৰয় পখা অনুসাৰে। কবিসব নিবন্ধয় লোক ব্যৱহাৰে’ বীতি সাৰোগত কৰি দৈনন্দিন জীৱনত প্রচলিত লৌকিক ভাষা ব্যৱহাৰৰ দ্বাৰা তাক সুসমৃদ্ধ কৰাৰ আন্তৰিক চেষ্টা কৰিছিল। ভাষাৰ জতুৱা ভংগী, ক্রিয়াৰ বিভিন্ন কাল, সর্বনামৰ বিভিন্ন ৰূপ, পুৰুষৰ বিভিন্ন স্তৰ আদিৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ উল্লেখযোগ্য বৈশিষ্ট্য। অতীত আৰু ভবিষ্যৎ কালৰ ৰূপ- ‘ইল’ আৰু ‘ইব’ কর্তানুযায়ী প্রয়োগ কৰা হোৱা নাছিল। ক্রিয়া বিভক্তিৰ সলনি ‘হানি এৰে, কৰি এৰো’ আদি বিশেষ ধৰণৰ সংযোগাত্মক প্রত্যয়ৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। শ, ষ -ৰ ঠাইত স, খ, ষ-ৰ বিকল্প প্রয়োগ; ঈ আৰু ঊ -কাৰৰ অনুপস্থিতি; ছ-ৰ ঠাইত চ; য-ৰ ঠাইত – জ ইত্যাদি বৈশিষ্ট্যই এই কথাকে অধিক দৃঢ় কৰে।
পঞ্চদশ শতিকাৰ শেষৰ ফালে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক বিৰাট বৈষ্ণৱ সাহিত্য-সম্ভাৰৰ সৃষ্টিৰ পথ মুকলি কৰে। তেওঁৰ আদৰ্শৰে অনুপ্রাণিত হৈ মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, ভট্টদেৱ আদি কবি সাহিত্যিকে উচ্চস্তৰৰ সাহিত্য সৃষ্টি কৰে। ষোড়শ শতিকাৰ শেষভাগ পর্যন্ত বিস্তৃত এইছোৱা সময়ক অসমীয়া সাহিত্যৰ বুৰঞ্জীত শংকৰী যুগ হিচাপে চিহ্নিত কৰা হৈছে। এই যুগৰ ৰচনা-ৰীতিত কেতবোৰ নতুন বিশেষত্বয়ো দেখা দিছিল। যেনে-
(১) কঠিন যুক্তাক্ষৰ স্বৰভক্তিৰ সহায়ত সৰলীকৰণ।
(২) হ্রস্ব আৰু দীর্ঘস্বৰৰ পার্থক্যহীনতা আৰু হ্রস্বস্বৰৰ অধিক প্রৱণতা।
(৩) শ, ষ, স-ৰ যথেষ্ট প্রয়োগ।
(৪) দন্ত্য আৰু মূর্ধন্য বর্ণৰ প্রয়োগত প্রভেদহীনতা আৰু দম্ভা বৰ্ণৰ আধিক্য।
(৫) মই/মঞি, তই/তক্রি, তুমি তযু, তাহাক, তোহোৰ, তাহাৰ, আঙ্ক, তাহাঙ্ক, ইটো বিভিন্ন ৰূপৰ সর্বনাম শব্দৰ প্রয়োগ।
(৬) বহুবচনৰ চিন হিচাপে – মানে,—চয়,-গণ, লোক, জাক, – বিস্তৰ গুলা, বৃন্দ, ৰাশি আদিৰ প্রয়োগ।
(৭) শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত তাত্ত্বিক ব্যাখ্যাত ঘাইকৈ তৎসম আৰু কাহিনীৰ বর্ণনাত অদ্ভৱ শব্দৰ আধিক্য; আৰু স্ত্রী শূদ্র চণ্ডাল; অর্থাৎ তৃণমূলৰ মানুহে বুজাকৈ ভাষা-ৰূপৰ সৰলীকাৰণ।
(৮) এই যুগত বৈষ্ণৱ সাহিত্যৰ সমান্তৰালভাৱে চলিত অবৈষ্ণৱ সাহিত্যৰ, যেনে-যমকৰ দুর্গাবৰ, পীতাম্বৰ দ্বিজ, নাৰায়ণদেৱ আদিৰ পদ পুথিব উদ্দেশ্য মূলতঃ জনচিত্ত বিনোদন হোৱা বাবে এইবোৰৰ ভাষা যথেষ্ট ঘৰুৱা।
ষোড়শ শতিকাৰ পৰৱর্তী কালত অসমীয়া ভাষাত পদ্য সাহিত্যৰ সমান্তৰালভাৱে গদ্য সাহিত্যও ৰচিত হ’বলৈ ধৰে। এই যুগটোক অসমীয়া ভাষাৰ বিকাশৰ বুৰঞ্জীত মধ্যযুগ হিচাপে চিহ্নিত কৰা হৈছে। এই সময়ৰ ভাষাৰ নিদর্শন ঘাইকৈ সংৰক্ষিত হৈছে- সত্ৰসমূহৰ পৃষ্ঠপোষকাতত ৰচিত সাহিত্য আৰু বিশেষকৈ চৰিত পুথি। আহোম ৰজাঘৰৰ পোনপটীয়া অনুপ্ৰেৰণাত ৰচিত বুৰঞ্জী সাহিত্য আৰু বিবিধ প্রয়োজনত ৰচিত ব্যৱহাৰিক পুথিসমূহৰ মাজত। এই পুথিসমূহৰ মাজেৰে অসমীয়া ভাষাৰ কথিত আৰু সাহিত্যিক ৰূপৰ ব্যৱধান ভালেখিনি হ্রাস পায়। লিখিত ভাষা ক্রমাগতভাৱে কথিত ভাষাৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰে। প্রচলিত তৎসম তদ্ভৱ আৰু দেশী শব্দৰ উপৰি বিদেশী শব্দ, বিশেষকৈ পাৰ্চী-আৰবী মূলীয় শব্দৰ আমদানিয়ে অসমীয়া শব্দ-ভাণ্ডাৰ যথেষ্ট চহকী কৰি তুলিছে। চৰিত পুথিৰ ভাষাৰ ক্ষেত্ৰত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা হ’ল- সমসাময়িক অন্যান্য সাহিত্যৰ তুলনাত ইয়াৰ ভাষাত বিদেশী শব্দৰ প্রয়োগ নিতান্তই সীমিত। সত্রীয়া পৰিৱেশ আৰু ধৰ্মৰ প্ৰলেপ ইয়াৰ কাৰণ হ’ব পাৰে।
অসমীয়া সাহিত্যৰ আদি যুগ আৰু মধ্য যুগৰ গদ্য সাহিত্যৰ ভিতৰত প্রাচীন চৰিত পুথি। ভট্টদেৱৰ ‘কথাগীতা’ আৰু ‘কথা ভাগৱত’ আৰু আহোম যুগৰ বুৰঞ্জীতো পশ্চিমে অসমৰ উপভাষাৰ নিদর্শন স্পষ্ট। আহোম যুগৰ আন গদ্য ৰচনাৰ মাজতো এই উপভাষাৰ শব্দই বিশেষ স্থান লাভ কৰা দেখা যায়। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ সাহিত্যিকসকলৰ ৰচনাতো পশ্চিম অসমৰ উপভাষাৰ সুন্দৰ প্ৰয়োগ কৰা দেখা গৈছে। চৰিত পুথিসমূহৰ সমসাময়িকভাৱে আহোম ৰজাঘৰৰ পৃষ্ঠপোষকতাত যিবোৰ বুৰঞ্জী ৰচিত হৈছিল, সেইবোৰ অসমীয়া ভাষা- সাহিত্যৰ এক অনন্য পৰিগণিত হৈছে। ভাষাতত্ত্ববিদ গ্রীয়ার্ছনে ‘অসমীয়াসকলে নিজৰ বুৰঞ্জী সাহিত্যক লৈ গৌৰৱ কৰিব পাবে বুলি সঠিক মন্তব্যকে আগবঢ়াই গৈছে। দৈনন্দিন জীৱনৰ কথন-ভঙ্গীৰ সাৰ্থক প্রয়োগে বুৰঞ্জীসমূহৰ ভাষাক জনসাধাৰণৰ কাষ চপাই অনাত সহায় কৰিছে। ইয়াৰ গঠন-ৰীতি নিকপকপীয়া। অনাৱশ্যক শব্দ আৰু বর্ণনাৰ বাহুল্য ইয়াত অনুপস্থিত। ভাষা অনাড়ম্বৰ আৰু খাৰাং খাছ। ইয়াৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যবোৰ তলত দিয়া ধৰণে জুকিয়াই উলিয়াব পাৰি-
(১) চুটি চুটি বাক্যৰ ব্যৱহাৰ- যি বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণত বিশেষভাৱে সহায় কৰিছে।
(২) পাচে, বোলে, পূর্বতে আদি শব্দেৰে বাক্য আৰম্ভ কৰা হৈছে।
(৩) নামধাতু সাধিবলৈ -আ,-ইয়া,-উৱা প্রত্যয়ৰ সংযোগ।
(৪) ‘আছ’ ধাতুৰ অকলেই ৰূপ হৈছে; যেনে- ‘আছোঁতে’।
(৫) বহুবচনৰ চিন হিচাপে- বোৰ আৰু -হঁ প্ৰত্যয়ৰ প্ৰথম প্ৰয়োগ।
(৬) বাক্য দীঘল কৰিবলৈ কেইবাটাও অসমাপিকা ক্রিয়াৰ সহায় লোৱা হৈছে যদিও বক্তব্যৰ স্পষ্টতাত সি অসুবিধাৰ সৃষ্টি কৰা নাই।
(৭) কাৰক আৰু ক্রিয়া-বিভক্তিৰ প্রয়োগ আধুনিক অসমীয়াৰ সৈতে প্রায় একে।
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চুক্তি মর্মে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱাৰ পৰা অসমীয়া ভাষাৰ আধুনিক যুগটোৰ সূচনা হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মাই বাইবেল অনুবাদ কৰাৰে পৰা দৰাচলতে আধুনিক অসমীয়াৰ বীজ অঙ্কুৰিত হয়। মিছনেৰীসকলে গঢ় দিয়া ভাষাটো আছিল শিশুৰ থুনুক-থানাক মাতৰ দৰে। তদুপৰি, মিছনেৰীসকল ইংৰাজী ভাষী হোৱা হেতুকে লাহে লাহে অসমীয়া বাক্যৰীতিত ইংৰাজী বাক্যৰ গাঁথনিক প্রভাৱ পৰিবলৈ লয়। ইংৰাজী শব্দৰ সমার্থক ৰূপে নতুন নতুন অসমীয়া শব্দ সাজি উলিওৱাটো এই সময়ৰ ভাষাৰ অন্য এটা উল্লেখযোগ্য বিশেষত্ব।
ভাষাৰ সৈতে সমাজৰ সম্পৰ্ক নিকপকপীয়া। একেটা মুদ্রাৰ দুটা পিঠিৰ দৰে। সমাজ বিশেষৰ গতি-গোত্রৰ সন্ধান তাৰ ভাষা অধ্যয়ন কৰিলেই পোৱা যায়। উল্লিখিত লেখকসকলৰ উপৰি পৰৱৰ্তী সময়ত ত্রৈলোক্য নাথ গোস্বামী, তীর্থনাথ শর্মা, মহেশ্বৰ নেওগ, হীৰেণ গোঁহাই আদি বিশিষ্ট লেখকসকলৰ বৰঙণিৰে অসমীয়া ভাষাই যথেষ্ট পৰিপুষ্টি লাভ কৰিছে। তদুপৰি গোলোকচন্দ্র গোস্বামী আৰু ডপেন্দ্র নাথ গোস্বামীয়ে অসমীয়া ভাষাৰ গাঁথনিক দিশবোৰ আধুনিক ভাষাবিজ্ঞান- তত্ত্বৰ সহায়ত পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ইয়াৰ ভেটি আৰু অধিক সবল কৰি তুলিছে।
এইখিনিতে প্রাচীন অসমীয়া সাহিত্য, বুৰঞ্জী সাহিত্য, ‘অকণোদই’ আৰু আন সাহিত্য আদিত পোৱা আৰু কামৰূপ উপভাষাৰ বৈশিষ্ট্যৰূপে থকা সংস্কৃতৰ উষ্ম ধ্বনি (শ,ষ,স) ৰ ‘খ’ লৈ হোৱা সুকীয়া পৰিবৰ্তনৰ কথাটোও চাবলগীয়া। এই পৰিবর্তনটো আন প্ৰাকৃতত পোৱা নাযায়। শব্দৰ আৰম্ভণিতে নথকা সংস্কৃতৰ ঊষ্ম ধ্বনিবোৰ কামৰূপী উপভাষাত সাধাৰণতে ‘খ’ লৈ ৰূপান্তৰিক হয়; যেনে- আশা > আখা, দশা > দখা, নাশ > নাখ, গণেশ > গণেশ [তু. আদেখ (হে স.)], অসুৰ > ওখুৰ ইত্যাদি। সংস্কৃতৰ উষ্ম ধ্বনিবোৰৰ বিকাশৰ এই ধাৰাটোৱেও কামৰূপী প্ৰাকৃতৰ অৱস্থিতি আন এটা দিশ উদ্ভাসিত কৰে। ইয়াতে মৈথিলী ভাষাত ‘ষ’, ‘খ’ হোৱা লক্ষণটোও মন কৰিবলগীয়া; তু, বিষ > বিখ, দোষ > দোখ।
অসমীয়া ভাষাৰ সাম্প্রতিক ৰূপটো এনেকুৱাই। লিখিত ভাষাটোতো ই যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে। আনকি ভাষা সচেতনৰূপে জনাজাত লেখকসকলো অজ্ঞাতসাৰে এই ভাষাৰ প্ৰভাৱ আওতাত সোমাই পৰিছে। আধুনিক ভাষাবিজ্ঞানীসকলে লিখিততকৈ কথিত ভাষাৰ বিশ্লেষনৰ অধিক গুৰুত্ব দিয়ে। এই ফালৰ পৰা অসমীয়া ভাষাত অতি সাম্প্রতিক কালত সোমাই পৰা এই ভাষাগত উপাদানবোৰক ভাষাটোৰ নিজস্ব সম্পদবোৰ গণ্য কৰা হ’ব নে নাই সি এক মৌলিক প্রশ্ন। ‘ভাষাৰো এটা manner আছে। যিয়ে যি কয় সেয়ে শুদ্ধ কথাও মানি ল’বলৈ টান অৱশ্যে বিচাৰত ভাল-বেয়া, ভুল-শুদ্ধ সমাজে গ্রহণ কৰা নকৰাৰ ওপৰত নিৰ্ভৰশীল।’ ভাষাৰ বৈয়াকৰণিক আলোচনাৰ প্রসঙ্গত ব্রিটিছ ভাষাতাত্ত্বিক ফ্রেংক পামাৰে এনে উক্তিৰেই সমস্যাটোৰ সমাধান সূত্র আগবঢ়াইছে।
৯। অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কীয় কেইটা মত পোৱা যায়?
উত্তৰঃ অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কীয় কেইবাটাও মত পোৱা যায়। তাৰে ভিতৰত অসমীয়া ভাষাৰ উদ্ভৱ সম্পর্কে প্রথম মত দাঙি ধৰিছে- ভাষাবিদ ছাৰ জি, এ, গ্রীয়াৰ্ছন, ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়, ডঃ বাণীকান্ত কাকতি আদি পণ্ডিতসকলে।
গ্রীয়াৰ্ছন চাহাবৰ মতে- ‘মাগধী অপভ্রংশ পূব দিশত তিনিটা দিশেৰে বিয়পি পৰিছিল। উত্তৰ-পূবত উত্তৰ বাংলা আৰু অসমীয়া, দক্ষিণত উড়িয়া আৰু এই দুয়োটাৰে মাজত বাংলা ভাষা। এই তিনিওটা সুঁতিয়েই অব্যৱহৃত পূর্ব-স্তৰৰ (মাগধী অপভ্রংশ) সৈতে সম্পর্কিত আৰু এই কাৰণেই উত্তৰ বাংলাৰ কিছু বৈশিষ্ট্য বাংলাতকৈও উড়িয়াৰ সৈতেহে মিলে’।
ডঃ সুনীতি কুমাৰ চেটাজীয়ে গ্ৰীয়াৰ্ছনৰ মতৰ ওপৰত ভিত্তি কৰি মাগধী অপভ্রংশৰ প্রাচ্য – দিশ ৰূপটোক চাৰিটা ভাগত ভগাই সিবোৰৰ পৰা উদ্ভৱ হোৱা ভাষাসমূহৰ আঞ্চলিক ভেদ এনেদৰে দখুৱাইছেঃ
(ক) ৰাঢ়ঃ মান্য বাংলা আক উড়িয়া।
(খ) বাৰেন্দ্রঃ উত্তৰ-কেন্দ্রীয়-বাংলা।
(গ) কামৰূপীঃ উত্তৰ বাংলা আৰু কামৰূপী। আৰু
(ঘ) বংগঃ পূর্ব-বাংলা।
চেটার্জীয়ে গ্ৰীয়াৰ্ছনৰ মত সমৰ্থন কৰি কৈছে যে মাগধী প্রাকৃতৰ শেষ স্তৰটো মাগধী অপভ্রংশ বা মাগধী অপভ্রংশ বা মাগধী অৱহট্ঠ নির্দেশিত হৈছে। ইয়াৰে ওড্র ঠালটোৰ পৰা উড়িয়া, বঙ্গ ঠালটোৰ পৰা বঙলা আৰু কামৰূপী ঠালটোৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। এই মতৰ বৰ্তমান বির্তক হ’লেও সাধাৰণ অৰ্থত সমর্থন কৰিব পাৰি।
ডঃ বাণীকান্ত কাকতিয়ে লিখিছে যে- অসমীয়া ভাষা বাংলা ভাষাৰ পৰা ওলোৱা নাই নাইবা বাংলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বাংলাৰ সৈতে সম্পর্ক একা এটা সুকীয়া ভাষা। বাংলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্রংশৰ উপভাষা।
দ্বিতীয় মত আগবঢ়াইছে- ডিম্বেশ্বৰ নেওগ, বেণীমাধৱ বৰুৱা দেৱানন্দ ভৰালী আদিয়ে। বেণীমাধব বৰুৱাৰ মতে- অসমীয়া ভাষাৰ জন্ম মাগধী প্রাকৃতৰ পৰা হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰা হৈছে বুলি বেণীমাধব বৰুৱাই উল্লেখ কৰিছিল। ডঃ বৰুৱাৰ এই মন্তব্যৰ আধাৰত অধ্যয়ন কৰি ডিম্বেশ্বৰ নেওগ প্রায় নিশ্চিত হৈছিল যে অসমীয়া ভাষা মাগধী প্রাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে জন্ম হৈছে। বেণীমাধৱ বৰুৱাই তামৰ ফলিবোৰত দীর্ঘস্বৰৰ হ্রস্ব ৰূপ, সন্ধিৰ অনুপস্থিতি, সন্ধিৰ ক্ষেত্ৰত বিসর্গ লোপ আৰু ৰেফ বর্জন আদি উপাদান পোৱা যায় বুলি উল্লেখ কৰিছে।
এই মতক সমর্থন কৰা আন দুজন ব্যক্তিৰ কথা উল্লেখ কৰিব পাৰি। অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই ‘Assamese: Origin and Development’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ‘মাগধী প্রাকৃত অসমত প্রচলিত হোৱাৰ ৰাজনৈতিক আৰু সামাজিক কাৰণ নাই আৰু অসমত কামৰূপী প্রাকৃত’ নামেৰে নিজা প্রাকৃত এটাহে গঢ় লৈ উঠিছিল।” আন এজন পণ্ডিতে ডঃ উপেন্দ্র নাথ গোস্বামীয়ে “অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ” নামৰ গ্ৰন্থত কামৰূপী প্রাকৃতৰ কথাটো মানি ল’ব খোজে। তেওঁ ক’ব খোজে যে- ‘তামৰ ফলিবোৰত প্রাচীন কামৰূপত গঢ় লৈ উঠা প্রাকৃতৰ ভাষাৰ এটা নিদর্শন ৰক্ষিত হৈছে আৰু সেয়ে অসমীয়া ভাষাৰ প্রাচীনতা দাঙি ধৰা কামৰূপী প্রাকৃত।’
দেবানন্দ ভৰালীৰ মত অনুসৰি, অসমত বাস কৰা আৰ্যসকল বহিবৃত্তত পৰে আৰু সংস্কৃতীয়া যুগৰ (১০০০-২৫০০ খৃঃ পূঃ) আগতেই অসমত আর্য বসতি হৈছিল। ইয়াত সুকীয়া প্রাকৃতে আৰু গঢ় লৈছিল যাৰ নাম অসমীয়া প্রাকৃত। অসমীয়া প্রাকৃতক দুটা ভাগত ভগাব পাৰি- কামৰূপী প্রাকৃত আৰু সৌমাৰ প্রাকৃত। “কিন্তু ১২।১৩।১৪ শতিকাত বঙ্গদেশত ৰচা পুথিৰ ভাষা আৰু শংকৰী যুগৰ আৰু এতিয়াৰ অসমীয়া ভাষা পৰীক্ষা কৰি চালে আমি মাগধী প্রাকৃতৰ উপৰিও অন্য দুটা প্রাকৃত ভাষাৰ স্তৰ আগেয়ে থকাৰ প্ৰমাণ পাওঁহক। এটাক বুলিব পাবি ‘সৌমাৰ প্রাকৃত’; ই আগেয়ে আসাম আৰু বঙ্গদেশত চলিছিল; এতিয়া তাৰ বিশেষত্বখিনি উজনি অসমত পোৱা যায়। আনটো হৈছে ‘কামৰূপী প্রাকৃত’।” ই গোটেই কামৰূপত আৰু পশ্চিমে মাগধী। ভাষাৰ সীমা বিহাৰলৈকে (গোটেই বংগদেশতে) চলিছিল।
তেখেতে প্রমাণ হিচাপে ইণ্ডো জার্মান স্তৰৰ সৈতে অসমীয়া শব্দ কিছুমানৰ সাদৃশ্য দেখুৱাইছে। বতৰ-জার্মানী- Wetter, ইংৰাজী- Weather.
(ক) সৌমাৰ আৰু কামৰূপী প্রাকৃতত শ, ষ, স এই তিনিটা আখৰৰ উচ্চাৰণ হয়। মাগাধী প্রাকৃতত সিহঁতৰ উচ্চাৰণ ‘শ’ হয়।
(খ) চ, ছ, জ, ঝ এইকেইটা আখৰৰ উচ্চাৰণ মাগধী প্রাকৃতত খুব স্পষ্ট। কিন্তু চৌমাৰ আৰু কামৰূপীয়া প্রাকৃতত সিহঁতৰ উচ্চাৰণ কোমল ‘ছ’ আৰু ‘ঝ’ ৰ উচ্চাৰণ নাই।
এইদৰে কিছুমান বৈশিষ্ট্য দেখুৱাইছে। এই বৈশিষ্ট্যসমূহৰ পৰা ভৰালীয়ে অসমীয়া যে সুকীয়া প্রাকৃত সেয়া প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে।
পণ্ডিত গৱেষক কালিৰাম মেধিয়ে অসমীয়া ভাষাৰ উদ্ভৱত মাগধী প্রাকৃতৰ অস্তিত্ব স্বীকাৰ কৰাৰ লগতে অসমীয়া ভাষা প্রাচ্য আৰু পশ্চিমা অপভ্রংশৰ সংমিশ্রণত গঢ় লৈ উঠিছে বুলি মানি ল’ব খোজে আৰু লগতে অসমীয়া ভাষাত প্রাকবৈদিক উপাদানৰ কথাও উল্লেখ কৰিছে অসমীয়া ভাষাত প্রাকবৈদিক উপাদান হ’ল-
আতা গ্রীক- atta, লেটিন- atta
আল (ধৰা) লেটিন – alo, alumnus, almus.
উট (ভাহি যোৱা) লেটিন- Unda (ঢৌ)
গ্রীক-hudor (টৌ)
বৈদিক- udplu (পানী উটি যোৱা)
এইবোৰ দেখুৱাই মেধিয়ে মন্তব্য কৰিছে যে- এনে সাদৃশ্য আকস্মিক হ’ব পাৰে যদিও কিছুমন ক্ষেত্রত আকস্মিক বুলি ক’ব পৰা নাযাব।
কনকলাল বৰুৱাই- কামৰূপী ভাষাটো মূলতঃ পূব মৈথিলীৰ এটা ৰূপ বুলি কৈছে। অসমীয়া- ভাষাত থকা কিছুমান শব্দ পৈশাচী শাখাৰ ভাষাবোৰৰ লগত মিল আছে বুলি উল্লেখ কৰিছে লগতে বৰুৱাই অন্তৰংগ আৰু বহিৰংগ বিভাজন মানি লৈ এইদৰে মন্তব্য কৰিছে- বহিৰংগ শাখাৰ সকলোবোৰ ভাষাতে সংস্কৃতৰ উপৰি প্ৰলেপ সমানে পৰা নাছিল।
আন এটা মত আগবঢ়াইছে নাথান ব্রাউনে। তেওঁ অসমীয়া ভাষাটোত থকা অনা-আর্য ভাষাৰ’ প্রচুৰ উপাদানলে লক্ষ্য কৰি মত দাঙি ধৰে যে- ‘বর্তমান অধুনা লুপ্ত হোৱা থলুৱা ভাষাৰ লগত সংস্কৃত ভাষাৰ গঠনৰীতি জাপি দিয়াৰ ফলতেই অসমীয়া ভাষাৰ জন্ম হৈছে।’ (Whether it (Assamese) was itself a dialect of Sanskrit or whether it was formed by engrabting the sanskrit upon some original native stock now extinct is uncrtain, the letter, however is the more probable opinion)
উল্লিখিত মন্তব্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে- অধিকাংশ পণ্ডিতে ‘মাগধী প্রাকৃত কে অসমীয়া ভাষাৰ মূল বুলি মানি লৈছে। আনহাতে ফিসকলে অসমীয়া ভাষাৰ মূল কামৰূপী প্ৰাকৃত বুলি কৈছে তেওঁলোকে কিন্তু কামৰূপী প্রাকৃতৰ অস্তিত্ব আৰু বিশেষত্ব সর্ম্পকে তথ্যসহ বিশেষ যুক্তি আগবঢ়াব পৰা নাই। তদুপৰি অসমীয়া ভাষাৰ তদ্ভৱ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী প্রাকৃতৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাব পাৰি। এনে কাৰণতেই পণ্ডিতসকলে অসমীয়া ভাষাৰ জন্ম মাগধীৰ পৰাই হৈছে বুলি অভিমত প্রকাশ কৰিছে। এইখিনিতে মনত ৰাখিব লাগিব যে অসমীয়া ভাষাটো মূলতঃ মাগধীয় ভাষা বুলি কোৱা হৈছে যদিও ক্রমবিকাশৰ বিভিন্ন স্তৰত অসমীয়া ভাষাই বিভিন্ন থলুৱা উপাদান গ্রহণ কবিছে।
পণ্ডিতসকলে মন্তব্য কৰিছে যে, মগধকেন্দ্রিক প্রাচ্য উপভাষাই বিশাল জনজাতীয় লোকৰ মাজত বিকাশ লাভ কৰিছিল। এনে ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক পৰিবর্তনেৰে খ্রীষ্টাব্দ সপ্তম শতিকামানৰ পৰাই সুকীয়া ৰূপ পৰিগ্রহণ কৰে আৰু সম্ভৱতঃ দশম-একাদশ শতিকামানৰ ভিতৰত মাগধী প্রাকৃতব পূর্ব-মাগধী অপভ্রংশৰ পৰা নানা স্থানগত বৈশিষ্টাৰে অসমীয়া ভাষাই স্বতন্ত্র ৰূপত আত্মপ্রকাশ কৰিলে।
১০। অসমীয়া ভাষাৰ ইতিহাসক ড’ বাণীকান্ত কাকতিদেৱে কেইটা প্রধান ভাগত ভাগ কৰিছে। প্রত্যেকটো ভাগৰ বিষয়ে বহলাই আলোচনা আগবঢ়োৱা?
উত্তৰঃ অসমীয়া ভাষাৰ ইতিহাসক কাকতিদেৱে তিনিটা প্রধান ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হ’ল-
(ক) প্রাচীন অসমীয়াঃ এই কালছোবাক প্রাকবৈষ্ণৱ আৰু বৈষ্ণৱ- এই দুটা প্রধান ভাগত ভাগ কৰিব পাৰি। চতুদর্শ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ ভাগলৈকে এই কালছোবাৰ সময়সীমা নির্ধাৰণ কৰিব পাৰি।
(খ) মধ্য অসমীয়াঃ সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈকে, আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে মধ্য অসমীয়াৰ কালছোৱা পৰিব্যপ্ত।
(গ) আধুনিক অসমীয়াঃ ঊনবিংশ শতিকাৰ প্ৰাৰম্ভৰ পৰা বর্তমান কাললৈকে।
প্রাচীন অসমীয়াঃ খ্ৰীষ্টীয় চতুর্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষভাগলৈকে প্রাচীন অসমীয়া ভাষাৰ সময় নির্ধাৰণ কৰা হৈছে। অসমীয়া সাহিত্যৰ ইতিহাসত এই সময়খিনিক প্রাকশংকৰী আৰু শংকৰী এই দুটা প্রধান ভাগত ভাগ কৰা হৈছে। প্রাক্-শংকৰী যুগৰ ভাষাত যুক্তাক্ষৰৰ সৰলীকৰণ আৰু হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা দেখিবলৈ পোৱা যায়। স্বৰভক্তিৰ সহায়ত কঠিন শব্দ ভাঙি সৰল ৰূপত প্রকাশ কৰা হৈছে। ঠিক সেইদৰে দন্তমূলীয় বৰ্ণ বা আখৰৰ প্রয়োগ সর্বাধিক। প্রায় ক্ষেত্ৰতে ‘ণ’ ৰ ঠাইত ‘ন’ ৰ ব্যৱহাৰ হৈছে। প্রাকশংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত ‘গণ’, ‘সব’, ‘সকল’ আৰু ‘চয়’ ‘আদি বহু বচনাত্মক প্ৰত্যয় ব্যৱহাৰ হৈছে। যেনে- তাৰাগণ, আমিসৱ পাপীচয় ইত্যাদি। ‘-ঈ’ আৰু ‘-নী’ আদি স্ত্রী প্ৰত্যয়ৰ প্ৰয়োগ প্রাক্-শংকৰী যুগৰ ভাষাত দেখিবলৈ পোৱা যায়। এই কালছোৱাত অসমীয়া ভাষাত খণ্ডবাক্য আৰু জতুৱা ঠাঁচে নিজস্বৰূপ পৰিগ্রহণ কৰিছে।
আনহাতে পঞ্চদশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বৈষ্ণৱ ধর্ম প্রচাৰৰ উদ্দেশ্য নানা গীত, পদ, নাট, কাব্য আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰে। গুৰুজনাই ৰচনা কৰা বৰগীত আৰু অংকীয়া নাটসমূহত ব্ৰজাৱলী ভাষা প্রয়োগ কৰিছিল। শংকৰদেৱেই এই অংকীয়া নাটসমূহত এটি লয়যুক্ত গদ্যৰ প্রয়োগ কৰে, অসমীয়া সাহিত্যত গদ্য সৃষ্টিৰ এয়া প্রথম প্রয়াস। অৱশ্যে পৰৱৰ্তী সময়ত ভট্টদেৱৰ হাততহে গদ্যই পূর্ণতা লাভ কৰে। প্ৰাক্-শংকৰী যুগৰ অসমীয়াত প্রয়োগ হোৱা সংযোগ ৰূপ যেনে- হানি-এৰে (খোচে), কৰি এৰে, গুচাই-এৰে আদি ৰূপবোৰ এই কালত সম্পূৰ্ণৰূপে নাইকিয়া হৈছে। কিন্তু অন্য কিছুমান প্রতি সংযোজক ৰূপ দেখা যায়; যেনে- কহোঁ-কহুঁ দুয়োটাই অংকীয়া নাটবিলাকত স্পষ্টভাৱে প্রয়োগ হৈছে। তদুপৰি ভৱিষ্যৎ কাল বুজাবৰ বাবে ইল আৰু অতীত কাল বুজাবৰ বাবে – ইল প্রয়োগ লক্ষ্য কৰিবলগীয়া। আকৌ প্রথম পুৰুষত ভৱিষ্যৎ কালৰ পুৰুষসূচক-বো প্ৰত্যয়ৰ প্রয়োগ পৰম্পৰাগতভাৱে চলিয়েই আছে। – লাহা, -বাহা, -সা আদি পুৰুষবাচক সৰ্বনামৰ সম্প্ৰসাৰিত প্রত্যয়ৰ প্ৰয়োগ মন কৰিবলগীয়া। শংকৰদেৱৰ বৰগীত আৰু নাটবিলাক ব্রজাৱলি ভাষাত লিখা।
মধ্যযুগৰ অসমীয়াঃ মধ্যযুগৰ মূলতঃ অসমীয়া গদ্যসাহিত্যৰ বিকাশৰ যুগ। এই যুগতে অসমীয়া ভাষা সাহিত্যৰ এক নতুন ৰূপত প্রকাশি উঠিছিল। এই সময়ছোৱাত কথা-গুৰু চৰিত, কথা ৰামায়ণ, বুৰঞ্জী আৰু ব্যৱহাৰিক জ্ঞানৰ বহুতো পুথি মধ্যযুগত ৰচিত হৈছিল। সপ্তদশ শতিকাৰ আদিভাগতে আহোম ৰজাসকলৰ অনুপ্ৰেৰণাত বুৰঞ্জী সাহিত্যৰ সৃষ্টি হয় আৰু সত্ৰসমূহৰ আশ্রয়ত চৰিত সাহিত্যৰ বিকাশ হয়। প্রধানতঃ বুৰঞ্জী আৰু চৰিত সাহিত্যৰ যুগটোৱেই অসমীয়া ভাষাৰ বুৰঞ্জীৰ মধ্যযুগ আৰু ই সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰন্তলৈকে পৰিব্যাপ্ত এই সময়ৰ ভাষাৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল-
(ক) চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাঁচৰ। সত্ৰীয়া মার্জিত কথনভংগীত ৰচিত এই সাহিত্যৰাজিত জতুবা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নিভাঁজ অসমীয়া ভাষাৰ ৰূপ পৰিগ্রহণ কৰিছে।
(খ) বুৰঞ্জীসমূহৰ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এক গাম্ভীর্য লক্ষ্য কৰা যায়।
(গ) কথা ৰামায়ণ আৰু অন্যান্য গদ্যৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। প্রাচীন বৈশিষ্ট্যবোৰ ৰক্ষিত হোৱাৰ লগতে এই সময়ৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন বৈশিষ্ট্যৰে আগমন ঘটে।
সপ্তদশ শতিকাৰ শেষৰফালে ৰচিত ‘কথা-গুৰু-চৰিত’ৰ ভাষা অসমীয়া ভাষা অধ্যয়নৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। সাহিত্যৰ কেন্দ্রস্থল ৰজাঘৰৰ পৰা সত্ৰলৈ স্থানান্তৰিত কৰাত আৰু ধর্মীয় শাস্ত্রতকৈ বর্ণনীয় বিষয়বস্তু সলনি হোৱাত জনসাধাৰণৰ কথা ভঙ্গিমাই সাহিত্যত প্ৰৱেশৰ সুবিধা পাইছিল। ‘কথা-গুৰু-চৰিত’ৰ ভাষাই আচলতে সত্ৰীয়া পৰিৱেশত গঢ় লৈ উঠা বিশেষ ভাষা ৰূপ এটিৰহে প্রতিনিধিত্ব কৰে। একবচনৰ পৰিবর্তে বহুবচন প্রয়োগ, প্রত্যক্ষ উক্তিতকৈ পৰোক্ষ উক্তিৰ প্রাচুর্য, ধর্মীয় বিশ্বাসেবে সিক্ত খণ্ডবাক্যৰ প্রয়োগ, শাস্ত্রীয় পদৰ সঘন উদ্ধৃতি এইবোৰ চৰিত পুথিৰ ভাষাক এক অনন্য ৰূপ দিছে।
আধুনিক অসমীয়াত ব্যৱহৃত বিভক্তিৰ ৰূপৰ সৈতে একে। কিন্তু শ্রুতিধ্বনিৰ আগম বেছিভাগ ক্ষেত্রতে হোৱা নাই। অপাদান কাৰক সূচাবলৈ ‘এখেৰ পৰা’, ‘তেৰ পৰা’ৰ দৰে ৬ষ্ঠী পৰসৰ্গৰ ব্যৱহাৰ আছে, কিন্তু ‘তে’ৰ প্রয়োগ লক্ষণীয়। সম্ভাৱ্য ভূতকাল বুজাবলৈ-হঁতে, হন্তেৰ সমীভৱন হোৱা ৰূপো আছে। ‘কথা-গুৰু-চৰিত’ ভাষাত কামৰূপী উপভাষাৰ বৈশিষ্ট্যই অধিক। সত্রীয়া প্রকাশভংগী আৰু বৈষ্ণৱ ধর্মৰ প্রত্যক্ষ প্রভাৱে ইয়াক নিজস্ব বৈশিষ্ট্য দান কৰিছে মাথোন।
বৰদোৱা গুৰুচৰিত বা দেওধাই অসম বুৰঞ্জীত কৰিলে, ধৰিলে, মাৰিলে আদি ৰূপহে আছে। ‘কথা-গুৰু-চৰিত’ব ‘কৈলে’, ‘ধৈলে’ আদি ৰূপ কথিত ৰূপৰ চানেকি। শব্দ ৰূপৰ ক্ষেত্ৰত দেখা যায়- কথিত ৰূপৰ দৰেই সবল ৰূপ। বুৰঞ্জীৰ ভাষাত যেনেদৰে ৰজাঘৰীয়া গাম্ভীর্য চৰিত, আছে, তেনেদৰেই চৰিত পুথিত আছে পাহাৰী জুৰিৰ স্বাভাৱিক গতিশীলতা। বিদেশী শব্দৰ প্রয়োগ চৰিত পুথিৰ ভাষাত সীমিত।
অসমীয়া ভাষাৰ ইতিহাসত গোপালচৰণ দ্বিজৰ ‘কথা ৰত্নাকৰ’ আৰু ৰঘুনাথ মহন্তৰ ‘কথা ৰামায়ণ’ৰ সুকীয়া তাৎপর্য আছে। ভট্টদেৱৰ দৰে গোপালচৰণ দ্বিজেও প্ৰচুৰ তৎসম শব্দ ব্যৱহাৰ কৰিছে। প্রাচীন অসমীয়া যেনেকৈ পদ্যত চহকী, মধ্যযুগৰ অসমীয়া তেনেকৈ গদ্যত চহকী। কথিত বাক্যৰীতি প্ৰকাশৰ মাধ্যম হিচাপে এইছোৱা কালতে সু-প্রতিষ্ঠিত হয়।
আধুনিক অসমীয়াঃ ছশবছবীয়া আহোম ৰাজত্বৰ শেষৰ কেইদশকমানত অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাত সামাজিক, অর্থনৈতিক জীৱনলৈ অচলাৱস্থা আহি পৰিল। ঠিক তাৰ লগে লগে অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈও বিপর্যয় নামি আহে। আহোম ৰাজত্বৰ অন্তত (১৮২৬ খ্রীঃৰ ইয়াণ্ডাবু সন্ধিৰ পাছত) ৰাজনৈতিক উত্থান-পতনৰ বাবে অসমীয়া মানুহে ভাষা-সাহিত্য সংস্কৃতিৰ দিশত উদাসীন হৈ কটাবলগীয়া হৈছিল। তেনে সময়তে ১৮৩৬ চনত শাসনৰ সুবিধাৰ বাবে ইংৰাজ চৰকাৰে অসমত বাংলা ভাষাৰ প্ৰৱৰ্তন কৰিলে। পঢ়াশালী, আদালতৰ পৰা অসমীয়া ভাষা বিস্তাৰিত কৰি তাৰ ঠাইত বঙলা ভাষাৰ প্রৱর্তন কৰে। অসমীয়া ভাষাৰ এনে অন্ধকাৰাছন্ন সময়তে অসমলৈ অহা খ্রীষ্টান বেপ্তিষ্ট মিছনাৰীসকলৰ প্রচেষ্টাতে ১৮৪৬ চনত প্রথম মাহেকীয়া বার্তালোচনী অৰুনোদই প্রকাশ পায়। এই অৰুনোদই সংবাদ-পত্ৰৰ মাজেৰেই অসমীয়া ভাষা-সাহিত্যৰ ভেটি সুদৃঢ় হোৱাৰ উপৰি অসমীয়া সাহিত্যত আধুনিকতাৰ বীজ ৰোপন হ’ল; এক নতুন দিনৰ সূচনা হ’ল।
আমেৰিকাৰ বেপ্তিষ্ট মিছনাৰীসকলেই অসমীয়া ব্যাকৰণ, অসমীয়া অভিধান আদি প্রণয়ন কৰি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। তেওঁলোকে সাহিত্য ৰচনাৰ ক্ষেত্ৰত শিৱসাগৰ অঞ্চলত প্রচলিত অসমীয়া ভাষাটিকে ভিত্তি কৰি গ্রহণ কৰিছিল। মিছনেৰীসকলে প্রকাশ কৰা অসমীয়া ভাষাত হ্রস্ব দীর্ঘৰ পার্থক্য নোহোৱা হ’ল। শ, ষ, সব ঠাইত স, ‘ন’ আৰু ‘ণ’ ৰ ঠাইত ‘ণ’ ক, জ, ষ-ৰ ঠাইত জ আদিৰ প্রয়োগ এই ভাষাৰ বিশেষত্ব। তেওঁলোকে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা বৰ্ণবিন্যাস ৰীতি বা আখৰ-জোঁটনি আছিল ঘাইকৈ উচ্চাৰণ ভিত্তিক। পৰৱৰ্তী কালত হেমচন্দ্র, গুণাভিৰামৰ প্রচেষ্টাত আখৰ জোঁটনিৰ সংস্কাৰ সাধন হয়। অৰুণোদয়ৰ তৎসম তদ্ভৱ অর্ধ-তৎসম আদিৰ উপৰি বিবিধ ভাষাৰ শব্দৰ সমাহাৰ ঘটিছে। তদুপৰি প্রয়োজন সাপেক্ষে তেওঁলোকে কিছুমান নতুন অসমীয়া শব্দও সৃষ্টি কৰিছিল। এনেদৰেই অৰুনোদই বুকুত অসমীয়া ভাষাই আধুনিকতাব দিশলৈ ধাৱমান হয়।
হেমচন্দ্ৰ, গুণাভিৰামৰ প্ৰচেষ্টা তথা অৰুনোদই কাকতৰ জৰিয়তে নিৰ্মাণ হোৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেঁটিটোক অধিক সুদৃঢ় কৰিবৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা প্রমুখ্যে কেইবাজনো ব্যক্তি আগবাঢ়ি আহিল। তেওঁলোক ১৮৮৮ চনত কলকাতাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্রতিষ্ঠা কৰে। এই সভাৰ মুখপত্র ৰূপে জোনাকী প্রকাশ পায়।’ জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পাশ্চাত্যত জন্ম লাভ কৰা ৰমন্যাসবাদৰ পৰিপ্ৰকাশ ঘটে আৰু অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা প্রকাশিত হয়।
দ্বিতীয় মহাসমৰৰ (১৯৩৯) অবর্ণনীয় ধ্বংসলীলাই গোটেই বিশ্বতে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক দিশত নানা সমস্যাৰ সৃষ্টি কৰিলে। মহাযুদ্ধৰ এই দুৰৱস্থাৰ সময়তে, দুর্যোগৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যই নতুন উন্নতিৰ পথত খোজ পেলালে। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত প্রৱেশ ঘটা ৰোমাণ্টিক কবিতাৰ ঠাইত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি ৰখাটোৱেই সাম্প্রতিক কবিতাৰ ধৰ্ম হৈ পৰিল। এই সময়তে কবিতাৰ লগতে সাহিত্যৰ বিভিন্ন শাখাসমূহতো নতুন ভাৱধাৰাৰ সূচনা হয়।
১১। অসমীয়া ভাষাৰ জন্ম আৰু ক্রমবিকাশ সম্পর্কে এটি চমু নিবন্ধ যুগুত কৰা।
উত্তৰঃ অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্রাচীন ভাষা। ই আর্যগোষ্ঠীৰ ভাষা। প্রাচীন ভাৰতীয় আর্যভাষা বিশেষ ক্রমপৰিবর্তনৰ মাজেদি আহি খ্রীষ্টিয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ ধৰে। যিহেতু অসমত অনার্য গোষ্ঠীয়ে বসবাস কৰিছিল আর্যসকল অহাৰ আগেয়ে সেয়েহে ইয়াত বাস কৰা তিব্বতবর্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্রভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। গতিকে আদিম ভাষাৰ প্রভাৱত আর্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্রুতগতিত পৰিৱৰ্তিত হ’বলৈ ধৰিলে।
প্রাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আর্য ভাষাৰ প্রসাৰত বিশেষ গুৰুত্ব দিয়ে। ভাৰতীয় আর্য ভাষাৰ ইতিহাসক তিনিটা স্তৰত ভাগ কৰা হয়।
(ক) প্রাচীন ভাৰতীয় আর্যভাষা। (খ্রীষ্টপূর্বঃ ১২০০ ৰ পৰা খ্রীঃপূঃ ষষ্ঠ শতিকা)।
(খ) মধ্য ভাৰতীয় আর্যভাষা। (খ্রীঃপূঃ ষষ্ঠৰ পৰা খ্রীষ্টীয় দশম শতিকা)।
(গ) নব্য ভাবতীয় আর্যভাষা। (খ্রীঃ দশমৰ পৰা বৰ্তমান পর্যন্ত)।
বৈদিক আৰু সংস্কৃত ভাষাই প্রাচীন ভাৰতীয় আর্য ভাষা। পালি, প্রাকৃত আৰু অপভ্রংশই মধ্য ভাৰতীয় আর্যভাষা আৰু আধুনিক কথিত আর্যগোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নব্য আর্য ভাষা।
প্রাচীন ভাৰতীয় আর্যভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্রংশৰ মাজেদি আধুনিক ভাৰতীয় আর্যভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।
(ক) বৈদিক সংস্কৃত ভাষাৰ স্তৰঃ বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্রথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমার্জিত ৰূপ দান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যমৰূপে প্রসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্রতিষ্ঠিত হয়।
(খ) প্রাকৃত ভাষাঃ বৈদিক যুগৰ প্ৰচলিত কথিত আর্যভাষা ক্রমে পৰিৱৰ্তিত আৰু সৰল হৈ প্রাকৃত ভাষাৰূপে পৰিগণিত হয়। প্রাকৃতৰ স্তৰ ৰূপ তিনিটা-
(১) আদি প্রাকৃত।
(২) মধ্য প্রাকৃত।
(৩) অন্ত্য প্রাকৃত।
(১) অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্রিপিটক আদি বৌদ্ধ শাস্ত্রত আদি প্ৰাকৃতৰ নিদর্শন পোৱা যায়।
(২) সংস্কৃত নাটত ব্যৱহৃত হোৱা প্রাকৃত, হালৰ গাথা সপ্তশ্রয়ী, বাকপতিৰাজৰ গৌড়বহো, প্ৰবৰসেনৰ সেতুবন্ধন আৰু জৈন ধর্ম গ্রন্থত মধ্য প্রাকৃতৰ নিদর্শন পোৱা যায়।
(৩) অন্ত্য প্রাকৃত বুলিলে অপভ্রংশক বুজায়। অন্ত্য প্রাকৃতৰ সাহিত্যৰ নিদর্শন হ’ল বজ্জালগ্গ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অবার্চীন অপভ্রংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীর্তিলতা’ আৰু ‘কীর্তিপতাকা’ত অপভ্রংশৰ নিদর্শন পোৱা যায়।
প্রাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-
পূর্বাঞ্চলৰ – মাগধী।
মধ্যপ্রদেশৰ – শৌৰসেনী।
দক্ষিণ-পশ্চিমাঞ্চলৰ – মহাৰাষ্ট্ৰী।
উত্তৰ-পশ্চিমাঞ্চলৰ – পৈশাচী।
মাগধী প্রাকৃতৰ পৰা উদ্ভব হয় প্রাচ্য অপভ্রংশৰ। ভাষাতত্ত্ববিদ, পণ্ডিত ড’ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্রাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্রংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখাকেইটা হ’ল-
১। ৰাঢ়ঃ ইয়াৰ পৰা পশ্চিমবংগৰ উপভাষাৰ সৃষ্টি হয়।
২। বৰেন্দ্ৰঃ ইয়াৰ পৰা উত্তৰ মধ্যবংগৰ উপভাষাৰ সৃষ্টি হয়।
৩। বংগঃ ইয়াৰ পৰা পূর্ববংগৰ উপভাষাৰ সৃষ্টি হয়।
৪। কামৰূপঃ এই কামৰূপী প্রাচ্য অপভ্রংশৰ পৰাই অসমীয়া আৰু উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্রীষ্টীয় দশম শতিকাৰ মাজভাগৰপৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্রসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়তা লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।
প্রাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদর্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ভাষাৰ নিদর্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্রাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেণীমাধৱ বৰুৱাই এই প্রসংগত কোৱা এষাৰ কথা প্রণিধানযোগ্য- প্রাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখবোৰত প্ৰাকৃতৰ নিদর্শন আছে। সেইবোৰে খ্রীষ্টিয় ৬ষ্ঠ- ১২শ শতিকাত প্রচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পর্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ত্রুটি নকৰা সত্ত্বেও কিছুমান অপ্রচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ অসাৱধানতাৰ ভুল।
অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদর্শন দাঙি ধৰে চর্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদর্শনবোৰৰ নমুনা পোৱা যায়। ইয়াত অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দমালা আৰু বাক্য বিন্যাস আদি সকলো ক্ষেত্রতে চর্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পর্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, সৰু, উজুবাট, মিছা, নৈ আদি শব্দবোৰ চর্যাপদত হুবহু ৰূপত পোৱা যায়।
চর্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্রয়োদশ শতিকাৰ পূর্বাধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈকে আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্রথমতে পশ্চিম অসমত প্রৱেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপী ভাষা বোলে। চর্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদর্শন পোৱা যায় প্রাচীন অসমীয়া সাহিত্যত। এইক্ষেত্রত প্রথমে উল্লেখনীয় হ’ল মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্রী কৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পর্কই অসমীয়া ভাষাৰ পূর্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই অসম ৰাজ্যজুৰি কথিত আর্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰ বংগৰ উপৰি বিহাৰৰ পূর্ণিয়া জিলাও এই ৰাজ্যৰ অন্তর্ভুক্ত আছিল।
সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপ ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবর্তিত হ’ল। বর্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে ৰামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্রাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্রভাৱ স্পষ্ট। অসমৰ সামূহিক কার্য চলোৱাৰ বাহনৰূপে এই ভাষা প্রাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চর্চাৰ কেন্দ্র নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰপৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছুমাৰীৰ সহায় লাভ কৰি সাহিত্যিক মর্যাদা পায়।
বর্তমান গুৱাহাটী কেন্দ্রিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবর্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগতভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাজৰৰ উপভাষাৰ দ্বাৰাও প্রভাৱিত হৈছে। সাম্প্রতিক অসমীয়া ভাষা-পর্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্রকাশৰ বাহন। ইয়াৰ ভবিষ্যৎ নির্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্রয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্রীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতাৰ যোগেদিহে সম্ভৱপৰ হ’ব।
১২। উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন ক’ত ৰক্ষিত হৈছে, এটি আলোচনা যুগুত কৰা?
উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদর্শন প্রধানতঃ ৰক্ষিত হৈছে সেই সময়ৰ উৎকীর্ণ কৰা তামৰ ফলিসমূহত, চর্যাপদসমূহত, মিশ্র অসমীয়া ভাষাৰ নিদর্শনমূলক সাহিত্যৰ অন্তর্গত শ্রীকৃষ্ণ কীর্তন আৰু শূন্য পুৰাণৰ ভাষাত। তলত এই সাহিত্যৰাজিৰ ভাষাত কিদৰে অসমীয়া ভাষাৰ বৈশিষ্ট্য ৰক্ষিত হৈছে সেই বিষয়ে আলোচনা আগবঢ়োৱা হ’ল-
(ক) তামৰ ফলিৰ ভাষাঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দুৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্রাচীনতম ভাষাৰ প্রতিনিধিত্ব কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।
তামৰ ফলিসমূহত সেই সময়ৰ অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দ তথা বৈশিষ্ট্যমূলক নিদর্শন সংৰক্ষিত হৈ আছে। তামৰ ফলিৰ শব্দ আৰু অসমীয়া শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল-
তামৰ ফলিৰ শব্দৰূপ | আধুনিক শব্দৰূপ |
জটি | জৰী |
হাস্থি | হাতী |
টনি | ধনী |
পাকৰি | পাকৰি |
সুৱৰ্ণদাৰু | সোণাৰু |
ঠিক তেনেদৰে- অনিস সনি, কালিয়া কৈৱর্ত্ত আদি মানুহৰ নাম বুজোৱা শব্দ; দক্ষিণপাত আদি ঠাইৰ নাম বুজোৱা শব্দ; সোব্বড়ি (পুখুৰী), চম্যলা (জান), সিঙ্গড়ি (নদী)ৰ দৰে পুখুৰী নদীৰ নাম বুজোৱা শব্দ; অম্ব, আম্ব (আম), নাক্ক (নাক) ইত্যাদি শব্দৰ ব্যৱহাৰ দেখা গৈছিল।
তাম্রলিপিসমূহত পোৱা অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহ এনে ধৰণৰ-
(১) স্বৰধ্বনিৰ হ্রস্ব-দীর্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে- কামৰূপ > কামৰুপ, ঈশ্বৰ > ইশ্বৰ, ময়ূৰ > ময়ুৰ, স্বামী > স্বামি।
(২) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্রয়োগ। যেনে- পুষ্কৰিণী > পুষ্কৰিণী (স্বৰ, ব্যঞ্জন সমীভৱন), কর্ণসুৱর্ণ > কন্নসুরন্ন, সর্বা > সব্বা। (ব্যঞ্জন সমীভবন)।
(৩) ‘ৱ’ আৰু ‘ব’, ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ৰ’ ‘শ’, ‘ষ’, ‘স’ – ৰ এটাৰ ঠাইত আনটো প্রয়োগ হৈছে এনেদৰে; যেনে-
ৱ > ব = বীর্য > বীজজ
য > জ = যজুর্বেদী > যযুর্বেদী
ড় > ৰ = ক্রীড়ৎ > ক্রীৰৎ
শ, য > স = শনি > সনি
(৪) ‘ক্ষ’ ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে- ক্ষিতিমথ > খিমথ।
(৫) ‘ঔ’ৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ। যেনে- ধৌতেশ্বৰ > ধোতেশ্বৰ।
(৬) ‘ম’ৰ ঠাইত ‘ন’ আৰু ‘ল’ৰ ঠাইত ‘ন’ ধ্বনিৰ ব্যৱহাৰ। যেনে- যৌৱনম্ > যৌৱনন।
(৭) যুক্ত ব্যঞ্জনৰ লোপ। যেনে- তন্ত্র > তন্ত।
(৮) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনিৰ ব্যৱহাৰ। যেনে প্রান্ত > প্রান্ত।
(৯) মূর্ধন্য ধ্বনিৰ ঠাইত দন্ত্য ধ্বনিৰ ব্যৱহাৰ। যেনে বিষ্ণু> বিষনু।
তাম্রলিপিসমূহত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগতে ৰূপতাত্ত্বিক বিশেষত্বও ৰক্ষিত হোৱা দেখা গৈছে। তেনে এটি উল্লেখযোগ্য ৰূপতাত্ত্বিক বিশেষত্ব হ’ল- সপ্তম শতিকাৰ ভাস্কৰবৰ্মাৰ তামৰ ফলিত ‘কালিয়া’ শব্দ তথা নৱম শতিকাৰ বনমালদেৱৰ তামৰ ফলিত পোৱা ‘কুৱা’ (নৌকুৱা) শব্দই স্বার্থিক ‘আ’ প্রত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। উল্লেখযোগ্য যে ভাস্কৰবৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দটোতে অসমীয়া ভাষাৰ প্ৰথম ৰূপতাত্ত্বিক নিদর্শন ৰক্ষিত হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।
(খ) চর্যাপদৰ ভাষাঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাক্ষ্যস্বৰূপে আমি চর্যাপদসমূহত ব্যৱহৃত ভাষাটিৰ কথা বিবেচনা কৰিব পাৰো। চর্যাপদসমূহৰ ভাষাৰ লগত আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব আৰু বাক্যবিন্যাস প্রভৃতি সকলোতে ওচৰ সম্পৰ্ক ৰক্ষিত হৈছে। তাবে কেইটামান তলত উল্লেখ কৰা হ’ল-
(১) মান্য অসমীয়া ভাষাত স্বৰভক্তিৰ সহায়ত তৎসম শব্দবোৰ অর্ধ-তৎসম শব্দলৈ পৰিবর্তন হোৱাটো নিয়ম। চর্যাপদতো এনে পৰিবৰ্তনৰ নিয়ম মানি চলে। যেনে-
চর্যাপদ | অসমীয়া |
প্রাণ > পৰাণ | পৰাণ |
যত্ন > যতন | যত্ন / যতন |
(২) প্রাচীন ভাৰতীয় আর্যভাষাৰ উষ্মবর্ণ তিনিটা। যথা শ, ষ আৰু স। ই চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা গৈছে। যেনে- শবৰ, সবৰ, ষৰবালী ইত্যাদি।
(৩) প্রাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য, মূর্ধন্য ধ্বনিৰ পাৰ্থক্য মান্য অসমীয়াত লোপ পাইছে। তেনেদৰে চর্যাপদতো লোপ হোৱাৰ আভাস আছে। যেনে- মন, মণ।
(৪) স্বৰ পৰিৱৰ্তনৰ নিয়ম মতে, মান্য অসমীয়াত ওচৰা-ওচৰিকে দুটা ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চর্যাপদত এই ৰীতি বিদ্যমান। যেনে- চাকা > চকা, বাপা > বপা।
(৫) আধুনিক অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্রয়োগ চর্যাপদৰ ভাষাত দেখিবলৈ পোরা যায়। যেনে-
প্রথমা | এ | কুন্তীৰে খাঅ |
দ্বিতীয় | ক | ঠাকুৰক পৰিণিৱিত্তা |
তৃতীয় | ৰে | কুমাঁৰ চিজঅ |
চতুৰ্থী | লৈ | মেৰু শিখৰলই পঅণ পইসই |
ষষ্ঠী | ৰ | হৰিণীৰ নিলঅ |
সপ্তমী | ত | বাটত, হাড়ীত। |
(৬) অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ প্রয়োগ চর্যাপদতো দেখা যায়। যথা-
চর্যাপদ | আধুনিক অসমীয়া |
সৰবী | শৰবী |
শিয়ালী | শিয়ালী |
হৰিণী | হৰিণী |
(৭) আধুনিক অসমীয়া ভাষাৰ দৰে চৰ্যাপদৰ ভাষাত অতীত কাল বুজাবলৈ ‘-ইল’ আৰু ভবিষ্যৎ কাল বুজাবলৈ ‘-ইব’ প্রত্যয় যোগ হৈছে। যেনে-
চর্যাপদ | আধুনিক অসমীয়া |
কৰিব | কৰিব |
আছিলোঁ | আছিলোঁ |
(৮) বহুবচন বুজাবৰ বাবে ব্যৱহৃত ‘সকল’ শব্দৰ প্ৰয়োগ আধুনিক অসমীয়া আৰু চর্যাপদ উভয় ভাষাতে একেটা ৰূপতে প্রয়োগ হয়। যেনে-
মণ্ডল সঅল | চৰ্যাপদ |
মণ্ডল সকল | অসমীয়া |
উল্লেখযোগ্য যে চর্যাত ব্যৱহাৰ হোৱা বহু শব্দ আধুনিক অসমীয়াত পোৱা যায়। যেনে- ঘৰ, চকা, ঘৰিণী (গৃহিণী), চান্দ (চন্দ্র), আখি (অক্ষি), কাম, খেনাই, সোণ, ঘিউ, পোথী (পুস্তক) ইত্যাদি।
(গ) শ্রীকৃষ্ণ কীর্তনৰ ভাষাঃ চর্যাপদৰ পৰৱর্তী ৰচনা বড়ু চণ্ডীদাসৰ শ্রীকৃষ্ণ কীর্তন। শ্রীকৃষ্ণ কীর্তনৰ ভাষাত উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদর্শন দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে শ্রীকৃষ্ণ কীর্তনৰ ভাষাক বাঙালী পণ্ডিতসকলে বাংলা ভাষাৰ নিদর্শন বুলি কৈ আহিছে। ড° বাণীকান্ত কাকতিয়ে শ্রীকৃষ্ণ কীর্তনৰ ভাষা সন্দৰ্ভত মন্তব্য কৰিছে যে অসমীয়া আৰু বাংলা ভাষা স্পষ্টৰূপে পৃথক হৈ বিকাশ লাভ কৰাৰ পূৰ্বে দুয়োটা ভাষাৰ যিটো সাধাৰণ ৰূপ আছিল শ্রীকৃষ্ণ কীর্তনৰ মাজত সেই ৰূপটো প্রতিফলিত হৈছে। শ্রীকৃষ্ণ কীর্তনৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ তলত উল্লেখ কৰা হ’ল-
১। শব্দ বিভক্তি প্রয়োগৰ ক্ষেত্ৰত প্রথমা ‘-এ’ চতুর্থী ‘লাগি’ (অসঃ-লৈ), যষ্ঠ ‘-ৰ’ আৰু সপ্তমী ‘-ত’ৰ ব্যৱহাৰ হয়। তেনে- তোৰ মুখে, তা লাগি, সাধুৰ, হিয়াত ইত্যাদি।
২। নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ৰ ব্যৱহাৰ হয়। যেনে-
শ্রীকৃষ্ণ কীর্তন | আধুনিক অসমীয়া |
নপাওঁ | নাপাওঁ |
নহো | নইও |
৩। প্রাচীন অসমীয়াত অপাদান অৰ্থত ব্যৱহৃত ‘হন্তে’ৰ প্রয়োগ এই পুথিতো পোৱা যায়। যেনে-
আজি হস্তে – শ্রীকৃষ্ণ কীর্তন।
আজি হস্তে – পুৰণি অসমীয়া।
৪। উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ‘ওঁ’-ৰ ব্যৱহাৰ হৈছে। যেনে- জাওঁ (আধুনিক অসমীয়া-যাওঁ)
৫। শ্রীকৃষ্ণ কীর্তনৰ ভাষাতো মান্য অসমীয়া ভাষাৰ দৰে স্বৰভক্তিৰ জৰিয়তে তৎসম শব্দবোৰে অর্ধ-তৎসম ৰূপ লাভ কৰে। যেনে-
শ্রীকৃষ্ণ কীর্তন | অসমীয়া |
যতন | যতন |
পৰাণ | পৰাণ |
তপত | তপত |
৬। বহুবচন বুজাবলৈ ‘গণ’ ব্যৱহৃত হয়। যেনে-
পিকগণে – শ্রীকৃষ্ণ কীর্তন।
তাৰাগণে – পুৰণি অসমীয়া।
৭। আধুনিক অসমীয়া ভাষাৰ শব্দ আৰু শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাৰ শব্দৰ মাজত সাদৃশ্য আছে।
আধুনিক অসমীয়া | শ্রীকৃষ্ণ কীর্তনৰ ৰূপ |
কমলা | কমলা |
পাথৰ | পাথৰ |
বেজ | বেজ |
এইবোৰৰ উপৰি সেই সময়ছোৱাত ৰচিত বুলি বিবেচনা কৰা শূন্য পুৰাণতো উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদর্শন ৰক্ষিত হোৱা দেখা যায়। প্রসংগক্রমে উল্লেখযোগ্য যে এই পুথিখনৰ ৰচনাৰ সময়সীমা সম্পর্কে পণ্ডিতসকলৰ মাজত মতবিৰোধ থকা পৰিলক্ষিত হয়। ডিম্বেশ্বৰ নেওগৰ ভাষাৰে ক’ব পাৰি-
“ভাষামূলক বিচাৰ আৰু ঘাইকৈ অসমীয়া মন্ত্র সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা ‘শূন্য পুৰাণ’ৰ ৰচনা ত্রয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়।”
১৩। অসমীয়া ভাষাৰ সংস্কৃত ভাষাৰ কিমানখিনি উপাদান সোমাই পৰিছে উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ বেছিভাগ শব্দই সংস্কৃতমূলীয়। এই শব্দবোৰক তৎসম, অর্দ্ধ-তৎসম আৰু তদ্ভৱ-এই তিনিটা উপভাগত ভগাই আলোচনা কৰা হয়। ‘তৎসম’ মানে তাৰ অর্থাৎ সংস্কৃতৰ সমান। যিবোৰ শব্দ সংস্কৃতৰ পৰা লোৱা হৈছে আৰু অসমীয়াত অবিকৃত ৰূপত ব্যৱহৃত হয়, তেনে শব্দবোৰকে তৎসম শব্দ বোলে। অসমীয়া ভাষাত উচ্চাৰণৰ দিশৰ পৰা প্রকৃততে তৎসম শব্দ নাই, কাৰণ শব্দবোৰৰ উচ্চাৰণ সলনি হৈছে। সূর্য, চন্দ্র, আকাশ, গগণ আদি শব্দৰ উচ্চাৰণ অসমীয়াত সম্পূর্ণ বেলেগ। তথাপি উচ্চাৰণগত পার্থক্য সত্ত্বেও যিবোৰ শব্দ অসমীয়া ভাষাত মূলৰ দৰে অবিকৃত ৰূপত লিখা হয়, সেই শব্দবোৰক তৎসম শব্দ বুলি ধৰি লৈছে।
সাম্প্রতিক যুগত ব্যৱহাৰ কৰা সংস্কৃতমূলীয় শব্দ কিছুমান হ’ল- জনম, লগন, ভছম, অধৰম, পুইন, শকতি, ৰাইকহ, ৰহইছ, হবিষ ইত্যাদি সংস্কৃত শব্দৰ ব্যৱহাৰত সন্ধি প্ৰৱণত এই সময়ৰ উল্লেখযোগ্য বৈশিষ্ট্যপূর্ণ দিশ; যেনে- পশ্বাধম, সহাভিনয়, ফটুৰ, সচল, শোষণাভিপ্রায়, স্পষ্টোজ্জ্বল, তেজোদীপ্ত, হর্ষোন্মাদী, মহাদাহ্বান, একচ্ছত্রধিপতি।
অসমীয়া ভাষাৰ মূল হিচাপে পৰিগণিত সংস্কৃতমূলীয় শব্দবিলাকৰ অবিহনে অসমীয়া ভাষাৰ অস্তিত্ব আৰু স্থায়িত্ব কল্পনা কৰা কঠিন। লেখোঁতে ব্যৱহাৰ হোৱা সংস্কৃতৰে সৈতে একে যেন দেখা শব্দবোৰৰ প্ৰায় ভাগেই দেখাত তৎসম হ’লেও অসমীয়া উচ্চাৰণৰ কাৰণে অর্ধ-তৎসম ৰূপ লয়। আক্ষৰিক অর্থত অসমীয়া ভাষাত তৎসম শব্দ নাই। কিয়নো অসমীয়া ভাষাত সংস্কৃত শব্দবোৰৰ উচ্চাৰণ ৰক্ষিত হোৱা নাই। সেইবুলি সেই শব্দবোৰক তৎসম শব্দ নুবুলি নোৱাৰি। সেই শব্দবোৰ ভাষাৰ জন্মকালৰ পৰা এতিয়ালৈকে সংস্কৃতৰ ব্যাকৰণগত নীতি-নিয়ম (যেনে- বানান-পদ্ধতি, সন্ধি সমাস, ণ-ত্ব বিধি, ষ-ত্ব বিধি) অনুসৰি অসমীয়াত ব্যৱহৃত হৈ আছে। গতিকে সংস্কৃতৰ পৰা কোনো পৰিৱৰ্তন বা সলনি নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হ’ল তৎসম শব্দ। উদাহৰণস্বৰূপে – অশ, আকাশ, ইন্দ্র, ঈশ্বৰ, দুৰ্বাৰ কাল, কলা, ধর্ম, সূর্য, সাহিত্য, শিল্প, মন্ত্র, গতি ইত্যাদি।
তৎসম শব্দৰ দৰে আন কিছুমান শব্দ পোৱা যায় যিবোৰ শব্দ উচ্চাৰণৰ সামান্য বিকৃত হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এইবোৰ তৎসম শব্দৰ দৰে একে। কিন্তু কেতিয়াবা অৰ্থৰ পৰিৱর্তন হোৱা দেখা যায়। যেনে-
ধর্ম > ধৰম
ভক্ত > ভকত আদিত মূলৰ অৰ্থ একেদৰে আছে; কিন্তু আন কিছুমানৰ অৰ্থৰ সলনি হৈছে। যেনে-
ৰক্ত > ৰকত (তেজ)
মর্ম > মৰম (স্নেহ)
প্রীতি > পীৰিতি (প্রেম)
গতিকে, সংস্কৃতৰ পৰা উচ্চাৰণত সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হ’ল অর্দ্ধ-তৎসম শব্দ। এনে পৰিৱর্তনত বিশেষকৈ যুক্ত ব্যঞ্জনবোৰ সবল হয়। অর্থাৎ সংযুক্ত ধ্বনিবোৰ স্বৰধ্বনিৰ আগমনৰ যোগেদি সবল হোৱা দেখা যায়। তলত কেতবোৰ দিয়া হ’ল-
ভকতি < ভক্তি।
যতন < যত্ন।
ৰাইজ < ৰাজ্য।
সতি < সত্য।
মুকুতি < মুক্তি।
ধৰম < ধর্ম।
পদুম < পদ্ম।
অইন < অন্য।
মৰম < মর্ম।
কৰম < কর্ম।
ৰতন < ৰত্ন।
শুকুলা < শুক্লা।
চেনেহ < স্নেহ।
সৰগ < স্বর্গ।
কিৰপিন < কৃপন।
আন এক শ্ৰেণীৰ সংস্কৃত শব্দ যিবোৰ সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি অসমীয়াত সোমোৱা শব্দবোৰ নতুন ৰূপ লৈছে। এই শব্দবোৰ নৱ্য ভাৰতীয় আর্য ভাষাই উত্তৰাধিকাৰী সূত্রে লাভ কৰিছে। গতিকে পালি, প্রাকৃত আৰু অপভ্রংশ স্তৰৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়াত ব্যৱহৃত শব্দবোৰক তদ্ভৱ শব্দ বোলে।
অসমীয়া ভাষাত প্রচলিত সংস্কৃতমূলীয় শব্দবিলাকৰ বেছিভাগেই তদ্ভৱ শব্দ। এই শব্দসমূহ অর্ধ-তৎসম শব্দবিলাকৰ আগতেই অসমীয়াত সোমাইছে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেমান ঘৰুৱা শব্দ, শৰীৰৰ অংগ-প্রত্যংগ বুজোৱা শব্দ, গছ-গছনি বুজোৱা শব্দ, ফল-মূলৰ গছ বুজোৱা শব্দ, শাক-পাচলিবাচক শব্দ, ফুল-গছ-লতিকাৰ নাম, জীৱ-জন্তুৰ নাম, পোক-পৰুৱাৰ নাম, চৰাই-চিৰিকটিৰ নাম, মাছ পুঠিৰ নাম, দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ। দিন-মাহ আদিৰ নাম, সংখ্যাবাচক শব্দ, গুণবাচক বিশেষণ, সর্বনাম, ক্রিয়া, অব্যয় শব্দ আদি তদ্ভৱ শব্দৰ অন্তর্ভুক্ত।
তলত কেইটামান তদ্ভৱ শব্দ উল্লেখ কৰা হল-
সংস্কৃত | প্ৰাকৃত | তদ্ভৱ |
ঘৃত | ঘিঅ | ঘী, ঘিউ |
দক্ষিণ | দকখিন | দখিন |
জ্যোৎস্না | জোনহা | জোনাক |
অদ্য | অজ্জ | আজি |
ভ্ৰাত্ৰিকঃ | ভাইঅ | ভাই |
এইবিলাকৰ উপৰি গুণবাচক বিশেষণ শব্দ (সঁচা < সত্য, মিছা < মিথ্যা
ভাল < ভদ্র, ক’লা < কালক, হালিধী < হৰিদ্ৰ); সর্বনাম শব্দ (মই < ময়া, আমি < অস্মে, আপোন < আত্মম); অব্যয় শব্দ (যিহকে < যদাহি, তিয়কে < তদাহি, আৰু < অপৰ); ক্রিয়াবাচক শব্দ (কৰে < কৰোতি, খায় < খাদতি, শুনে < শৃণোতি, দিয়ে < দদাতি, হয় < ভৱতি, যায় < যাতি); সংখ্যাবাচক শব্দ কুৰি আৰু হাজাৰ বাদ দি বাকী সকলোবোৰ শব্দ আদি উল্লেখ কৰিব পাৰি।
উল্লেখযোগ্য যে সংস্কৃতৰ দন্ত্য ‘স’, মূর্ধন্য ‘য’ আৰু তালব্য ‘শ’ৰ উচ্চাৰণ অসমীয়াত সম্পূৰ্ণ বেলেগ; তাৰ ঠাইত কেৱল অঘোষ পশ্চ তালব্য উষ্ম ‘স’ – ৰ উচ্চাৰণ হয়। অৱশ্যে এই শব্দসমূহ লিখোঁতে সংস্কৃত বানানতেই লিখা হয় আৰু এনে শব্দৰ সন্ধি, সমাস, ণ-ত্ব বিধি, ষত্ব-বিধিৰ ক্ষেত্রত সংস্কৃত ব্যাকৰণৰ নীতি-নিয়মসমূহ মানি চলা হয়। সেয়ে উচ্চাৰণগত পার্থক্য থকা সত্ত্বেও এইবোৰ শব্দত সংস্কৃত শব্দৰ এটি সৰলীকৃত ৰূপহে দেখা পোৱা যায়।
অসমীয়া সম্বন্ধবাচক শব্দবোৰৰো মূল সংস্কৃত। ৰমেশ পাঠকে এখন তালিকা দিছে।
তলত তালিকাখন উল্লেখ কৰা হ’ল-
সংস্কৃত | প্ৰাকৃত | অসমীয়া |
বপ্ৰ | বাপ্পো | বাপ |
পিতৃ স্বশৃকা | পিউসীআ | পেহী |
মাতৃ স্বশৃকা | মাউসীআ | মাহী |
জামাতৃক | জামাউঅ | জোঁৱাই |
ধীদা / দুহিতা | জিআ | জীয়ৰী |
মামকঃ | মামও | মামা |
দেৱৰ | দিঅৰ | দেওৰ |
স্বশ্রূক | সাসু | শাহু |
ভগ্নী > ভগিনী | ভইনী | ভনী |
জেঠ | জেতুথো | জেঠা |
পতি | পঈ | পৈ |
আগতে উল্লেখ কৰি অহা হৈছে যে অসমীয়া ভাষাৰ কথিত ৰূপত ব্যৱহৃত গুপ্তাংগবাচক শব্দবোৰ সংস্কৃতৰ পৰা আহিছে। ৰমেশ পাঠকদেৱে উল্লেখ কৰা তালিকাখন প্রস্তুত কৰা হ’ল-
সংস্কৃত | অসমীয়া |
কক্ষতলী | কাষতলী |
হস্ত | হাত |
গুফ | গোঁফ |
বুকক | বুকু |
অষ্ঠিৱৎ | আঁঠু |
ইতিমধ্যে উল্লেখ কৰা তালিকাখনৰ উপৰিও পাঠ ডাঙৰীয়াই দৈনন্দিন জীৱনত ব্যৱহৃত আৰু কিছু শব্দব এখন তালিকাও উল্লেখ কৰি গৈছে। তলত উল্লেখ কৰা হ’ল-
অসমীয়া | প্ৰাকৃত | সংস্কৃত |
উজু | উজ্জু | ঋজু |
মুঠ | মুটঠি | মুষ্টি |
চতুৰ্থ | ডেউঠো | চতুর্থঃ |
মগু | মগগু | মদণ্ডঃ |
যখ | জকখো | যক্ষ |
পকা | পকক, পিকক | পককং |
উছাহ | উচ্ছাহো | উৎসাহ |
শুকান | সুক্কম, সুকখম | শুষকং |
জীণ | জীণনো | জীর্ণ, ইত্যাদি |
১৪। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে- এই ধাৰণাটো কিমান দূৰ শুদ্ধ আলোচনা কৰা।
উত্তৰঃ সাধাৰণতে আমাৰ ধাৰণা যে অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। দৰাচলতে এই ধাৰণা সর্বাংশে শুদ্ধ নহয়। ভাষা-বিচাৰৰ দৃষ্টিভংগীৰে চালে এই কথা ক’ব পাৰি যে সংস্কৃত ভাষা বৈদিক ভাষাৰ সমগোত্রীয় কথিত ভাষাৰ পৰিমার্জিত আৰু সাহিত্যিক ৰূপহে। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতি সাধনাৰ মাধ্যমৰূপে প্রসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যিক মাধ্যমৰূপে প্রতিষ্ঠিত হয়। পাণিনিৰ দৰে ব্যাকৰণে এই ভাষাক উপযুক্ত বৈজ্ঞানিক ভিত্তি আৰু সাহিত্য চর্চাৰ উপযোগী বুলি মর্যাদা প্রদান কৰে। কিন্তু এই ভাষাৰ ব্যাকৰণৰ কটকটীয়া বান্ধোনে চাৰিওফালে বেৰা দি তেওঁ বিকাশৰ পথো বহু পৰিমাণে ৰুদ্ধ কৰি দিয়ে বেদ আৰু ব্রাহ্মাণ গ্রন্থৰ ভাষাৰ লগত ঘনিষ্ট সম্বন্ধ থকা বৈদিক যুগৰ কথিত ভাষাবিশেষ বিভিন্ন আর্য অধ্যুষিত স্থানত তেতিয়া প্রচলিত আছিল। উত্তৰ-পশ্চিম অঞ্চলৰ এনে কথিত আর্যভাষাকেই ভেটি কৰি সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল। গতিকে সংস্কৃতৰ বাহিৰেও আর্য-সংস্কাৰযুক্ত জনসাধাৰণৰ মাজত দৈনন্দিন জীৱনযাত্রা নির্বাহৰ ক্ষেত্রত অসংস্কৃত কথিত আর্যভাষা প্রচলিত আছিল। বৈদিক যুগত প্রচলিত কথিত আর্য-ভাষাই ক্রমে পৰিৱৰ্তন লাভ কৰি আৰু সবল হৈ প্রাকৃত ভাষাৰূপে অভিহিত হয়। আভিজাত্য গর্বিত সংস্কৃত পণ্ডিতসকলে অৱজ্ঞাৰ দৃষ্টিৰে এই ভাষাসমূহক প্রাকৃত অর্থাৎ জনসাধাৰণৰ ভাষা বা অসংস্কৃত মূলভাষা (প্রকৃতি সম্বন্ধীয়) বুলি আখ্যা দিছে। জনসাধাৰণৰ মুখে মুখে এই প্রাকৃত ভাষাই আৰু সৰলতৰ হৈ অপভ্রংশত পৰিনত হয়। নাটক আৰু কাব্যত পোৱা বা সংৰক্ষিত হোৱা প্ৰাকৃত ভাষা সাহিত্যিক প্রাকৃতৰহে নিদর্শন। এনেধৰণৰ সাহিত্যিক প্রাকৃত (literary Prakrit) আধুনিক ভাৰতীয় ভাষাসমূহৰ উৎপত্তি বহু পাছলৈকে অর্থাৎ ষোড়শ শতাব্দী মানলৈকে অনুশীলন আৰু লিখিত হোৱাৰ উদাহৰণ যথেষ্ট পোৱা যায়। এই সাহিত্যিক প্রাকৃত কেইবিধৰ পটভূমিত যে একো একোটা কথিত প্রাকৃত আছিল সেই বিষয়ে সন্দেহ নাই। দৰাচলতে অশোকৰ শিলালিপিসমূহ আৰু খ্রীষ্টীয় দ্বিতীয় শতিকাৰ অনুশাসনৰ ভাষাহে কথিত প্রাকৃতৰ নিকটতম ৰূপ। পৰৱৰ্তী কাব্য-নাটকত যি প্রাকৃত ব্যৱহাৰ হৈছে সি ৰীতিবদ্ধ সাহিত্যিক প্রাকৃত।
প্রাকৃতৰ তিনিটা স্তৰ পণ্ডিতসকলে নির্দেশ কৰিছেঃ আদি প্রাকৃত, মধ্য প্রাকৃত, অন্ত্য প্রাকৃত।
পাৰিপাশ্চিক অৱস্থা আৰু জনসাধাৰণৰ উচ্চাৰণ বৈশিষ্ট্য অনুসৰি বিভিন্ন অঞ্চলৰ প্ৰাকৃত ভাষাই কিছু বিভিন্নতা লাভ কৰিছে। সাহিত্যিক নিদর্শনৰ ওপৰত কেৱল নিৰ্ভৰ কৰি এনে আঞ্চলিক প্রাকৃত ৪টা পোৱা যায়। পূর্বাঞ্চলৰ প্রাকৃতৰ নাম মাগধী, মধ্যদেশৰ প্ৰাকৃতৰ নাম শৌৰসেনী, দক্ষিণ-পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰী আৰু উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম পৈশাচী দিয়া হৈছে। মহাৰাষ্ট্ৰী প্রাকৃতক আদর্শ প্রাকৃত বুলি ধৰা হয়। প্রাকৃত কবিতা আৰু কাব্যৰ ভাষা মহাৰাষ্ট্ৰী। ‘গাহাসত্তসই’ অর্থাৎ ‘গাথাসপ্তশতী’, ‘সেতুবন্ধ’, ‘গৌড়বধ’ আদি প্রাকৃত কাব্য মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত। শৌৰসেনী প্রাকৃত সংস্কৃত নাটকৰ উচ্চ শ্রেণীৰ নাৰী আৰু সাধাৰণ পুৰুষৰ ভাষা। পৈশাচী প্রাকৃতৰ কোনো নিদর্শন বর্তমান নাই; কিন্তু এসময়ত এই প্রাকৃতত বৃহৎ গল্পগ্রন্থ গুণাঢ্যৰ ‘বৃহৎ কথা’ ৰচিত হৈছিল। পৰৱৰ্তী সংস্কৃত কাহিনীবোৰ- ‘কথাসৰিৎ সাগৰ’, ‘কথা মঞ্জুৰী’, ‘দশকুমাৰ চৰিত’, আদিৰ মূল গুণাঢ্যৰ ‘বৃহৎ কথা’ই বুলি নিশ্চিতভাৱে জানিব পাৰি। মাগধী প্রাকৃতত কোনো পুথি লিখাৰ প্ৰমাণ পোৱা নাযায়, সংস্কৃত নাটৰ অতি নিম্ন শ্ৰেণীৰ চৰিত্ৰৰ মুখত এই ভাষা দিছিল। ইয়াৰ বাহিৰেও জৈন অর্ধমাগধী নামৰ আন এটা প্রাকৃতৰ প্রয়োগ জৈন সাহিত্যত পোৱা যায়। মাগধী প্রাকৃতৰ পৰা উদ্ভৱ হোৱা প্রাচ্য অপভ্রংশৰ চাৰিটা শাখা ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰিছে-
১। ৰাঢ়, অর্থাৎ পশ্চিমবংগ (ইয়াৰ পৰা পশ্চিমবংগৰ উপভাষাৰ সৃষ্টি হৈছে)।
২। বৰেন্দ্র (ইয়াৰ পৰা উত্তৰ-মধ্য বংগৰ উপভাষা সৃষ্টি হৈছে)।
৩। বঙ্গ (পূৱ বঙ্গৰ উপভাষা সৃষ্টি হৈছে)।
৪। কামৰূপ।
এই কামৰূপী প্রাচ্য অপভ্রংশৰ পৰা অসমীয়া আৰু উত্তৰ-বঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ কথিত ভাষাৰ সৃষ্টি হৈছে। দৰাচলতে উত্তৰ-বঙ্গৰ উপভাষা আৰু অসমীয়াৰ মাজত কোনো প্রভেদ নাছিল। উত্তৰ-বঙ্গৰ জিলাকেইখন পুৰণি কালত সদায় কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ৰংপুৰ-কোচবিহাৰ অঞ্চল সময় বিশেষে অসমীয়া সাহিত্য চর্চাৰ কেন্দ্রস্থলো হৈছিল। কোচৰাজ্যৰ পতনৰ লগে লগে অর্থাৎ অষ্টাদশ শতিকাৰ পৰা ক্রমে উত্তৰ-বঙ্গ অঞ্চলৰ লগত অসমৰ সাংস্কৃতিক সম্বন্ধ হ্রাস হৈ আহিবলৈ ধৰে আৰু বঙালী ভাষাৰ প্রভাৱত পৰে। কোচবিহাৰ ৰংপুৰ অঞ্চল ব্রিটিছ ৰাজত্বত বঙ্গদেশৰ অন্তর্ভুক্ত হোৱাত কালক্রমে বঙ্গভাষা আৰু সাহিত্যৰ দ্বাৰা প্রভাৱান্বিত হয় আৰু অসমীয়া ভাষা-সাহিত্যৰ সংস্পৰ্শৰ দ্বাৰা ক্রমে আঁতৰি যায়।
১৫। অসমীয়া সাহিত্যৰ মধ্যযুগটোৰ সাহিত্যৰাজিত দেখা পোৱা কেইটামান বৈশিষ্ট্য উল্লেখ কৰক।
উত্তৰঃ মধ্যযুগৰ অসমীয়া ভাষাৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল-
(ক) চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাচঁৰ। সত্ৰীয়া মার্জিত কথনভংগীত ৰচিত এই সাহিত্য ৰাজিত জতুবা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নির্ভাঁজ অসমীয়া ভাষাৰ ৰূপ পৰি গ্রহণ কৰিছে।
(খ) বুৰঞ্জীসমূহৰ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এই গাম্ভীর্যতা লক্ষ্য কৰা যায়।
(গ) কথা ৰামায়ণ আৰু অন্যান্য গদ্যৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। প্রাচীন বৈশিষ্ট্যবোৰ ৰক্ষিত হোৱাৰ লগতে এই সময়ৰ অসমীয়া ভাষালৈ কেতবোৰ নতুন বৈশিষ্ট্যৰ আগমন ঘটে।
১৬। অসমীয়া ভাষাৰ ইতিহাসক ড° বাণীকান্ত কাকতিয়ে কেইটা ভাগত ভাগ কৰিছে?
উত্তৰঃ অসমীয়া ভাষাৰ ইতিহাসক ড° বাণীকান্ত কাকতিয়ে তিনিটা প্রধান ভাগত বিভক্ত কৰিছে। যেনে-
১। প্রাচীন অসমীয়া (চতুদর্শ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ ভাগলৈকে)।
২। মধ্য অসমীয়া (সপ্তদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ আদি ভাগ)।
৩। আধুনিক অসমীয়া (ঊনবিংশ শতিকাৰ প্ৰাৰম্ভৰ পৰা বৰ্তমানলৈকে)।
১৭। চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্যশৈলী কেনেধৰণৰ?
উত্তৰঃ চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাঁচৰ হয়। চৰিত পুথিসমূহৰ বিষয়বস্তুৰ মাজত নিহিত হৈ আছে জ্ঞানলব্ধ ভক্ত আৰু শিষ্যসকলৰ জীৱন বুৰঞ্জী। তেওঁলোকৰ লৌকিক, পৰম্পৰাগত গুৰুৰ মুখৰ পৰা বা ধর্মীয় শাস্ত্র অধ্যয়নৰ আৰু চৰ্চাৰ যোগেদি লাভ কৰা জ্ঞানগর্ভৰ পৰা নিঃসৃত হৈছে জতুৱা খণ্ডবাক্য, ফকৰা যোজনা, নীতিবচন, প্রবাদ বাক্য। এইবিলাকৰ সুপ্রয়োগে পুথিসমূহৰ গাম্ভীর্য বজাই ৰখাত আৰু ফুটাই তোলাত যথেষ্ট সহায় হৈছে। চৰিত পুথিসমূহৰ গদ্যৰ ভাষাত মাজে মাজে অনুপ্রাস, ৰূপক, উপমা, অতিশয়োক্তি আদি অলংকাৰ প্রয়োগে বিষয়বস্তু মনোৰম কৰি তোলাৰ লগতে পুথিসমূহৰ গদ্যৰ ভাষাক কাব্যধর্মী কৰি সাহিত্যিক সৌন্দর্য বৃদ্ধি কৰিছে। সত্রীয়া মার্জিত কথন ভংগীত ৰচিত এই সাহিত্যৰাজিৰ দুৰীয়া আৰু অনুৰূপ শব্দৰ ব্যৱহাৰে কথ্যভাষাৰ প্রকাশভঙ্গী সহজ-সৰল নির্ভাঁজ অসমীয়া কৰি তুলিছে আৰু গদ্যশৈলীৰ সৌন্দর্য বৰ্দ্ধনত সহায় কৰিছে।
১৮। উদ্ভৱকালৰ অসমীয়া ভাষা সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।
উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন হিচাপে তামৰ ফলিসমূহৰ ভাষা, চর্যাপদসমূহৰ ভাষা আৰু শ্রীকৃষ্ণ কীর্তনৰ ভাষাত ব্যৱহৃত ভাষাক বুজোৱা হয়। এই ভাষাসমূহ ভাষাতাত্ত্বিক বিশ্লেষণত ই যে অসমীয়া ভাষাৰ উদ্ভৱকালৰ ভাষা সেয়া স্পষ্টকৈ ওলাই পৰে।
তামৰ ফলিৰ ভাষাঃ খ্রীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ প্রাচীন কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ প্রদত্ত তাম্র ফলিসমূহৰ ভাষাই অসমীয়া প্রাচীনতম ভাষাৰ প্রতিনিধিত্ব কৰিছে। তামৰ ফলিসমূহত ব্যৱহৃত কিছুমান ঠাইত নাম, মানুহৰ নাম, গছ-গছনি আৰু অন্যান্য অসমীয়া শব্দই তদানীন্তন অসমীয়া ভাষাৰ নিদর্শন দাঙি ধৰে। উদাহৰণস্বৰূপে-
তাম্রলিপি | তামৰ ফলিৰ শব্দ | আধুনিক শব্দ ৰূপ |
বলবর্মাৰ ফলি (১০ম শতিকা) | সুৱৰ্ণদাৰু | সোণাৰু |
ধর্মপাল ফলি (১২শ শতিকা) | উড়িঅম্ম | উৰিয়াম |
ৰত্ন পাল (১১শ শতিকা) | জোল | জোল |
ইন্দ্রপাল (১১শ শতিকা) | মাকখিযান | মাখিজন বিল |
তামৰ লিপিসমূহত অসমীয়া ভাষাৰ ভালেমান ধ্বনিতাত্ত্বিক বৈশিষ্ট্যও সংৰক্ষিত হৈ আছে।
(ক) স্বৰধ্বনিৰ হ্রস্ব দীর্ঘ ৰূপৰ মাজত পাৰ্থক্যহীনতাঃ যেনে- ময়ূৰ > ময়ুৰ, ঈশ্বৰ > ইশ্বৰ, সুকৱি > সুকবী, কামৰূপ > কামৰুপ।
(খ) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্রয়োগ। যেনে- পুষ্কৰিণী > পুষ্কিবিণী, প্রদুন্ম > প্ৰদুন্ন, কর্ণসুৱর্ণ > কন্নসুৱন্ন।
(গ) ‘ক্ষ’ ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে- ক্ষিতিমথ > খিমথ।
(ঘ) ‘ৱ’ আৰু ‘ব’; ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ৰ’; শ, ষ, ‘স’-ৰ এটাৰ ঠাইত আনটোৰ প্রয়োগ ঘটিছে। যেনে –
ৱ > ব = বীর্য > বীজজ।
য > জ = যজুর্বেদী > যযুর্বেদী।
ড় > ব = ক্রীড়ং > ক্রীৰৎ।
শ, য > স = শনি > সনি, সকল > শকল, মখেযু > মখেসু।
চর্যাপদৰ ভাষাঃ চর্যাপদসমূহৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বমূলক, ৰূপতত্ত্বমূলক, শব্দতত্ত্বমূলক আৰু বাক্যবিন্যাস প্রভৃতি সকলো দিশৰে সম্পর্ক বক্ষা হোৱা বাবে ইয়াকো অসমীয়া ভাষাৰ উদ্ভৱকালৰ সাক্ষী হিচাপে ধবা হয়।
(ক) স্বৰ সমীভৱনৰ নিয়ম অনুসৰি, মান্য অসমীয়াত পিছত ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চর্যাপদতো এই ৰীতি পৰিলক্ষিত হয়। যেনে – চাকা > চকা, বাপা > বাপ ইত্যাদি।
(খ) প্রাচীন ভাৰতীয় আর্যভাষা শ, ষ, স উষ্ম বর্ণ তিনিটা চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা যায়। যেনে- শবৰ, সবৰ, যৰবালী ইত্যাদি।
(গ) প্রাচীন ভাৰতীয় আর্য ভাষাৰ থকা দন্ত্য, মূৰ্ধন্য ধ্বনি পার্থক্য অসমীয়াত লোপ পাইছে। তেনেদৰে চর্যাপদতো লোপ হোৱা চকুত পৰে। যেনে, মন, মণ।
(ঘ) চর্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বৰভক্তিৰ সহায়ত তৎসম শব্দবোৰ অর্ধ-তৎসম শব্দলৈ ৰূপান্তৰিত হোৱাটো নিয়ম।
চৰ্যাপদ | অসমীয়া |
প্রাণ > পৰাণ | পৰাণ |
যত্ন > যতন | যতন |
ৰূপতাত্ত্বিক সাদৃশ্যঃ
(ক) অসমীয়া ভাষাৰ প্ৰায় সকলোবোৰ শব্দ বিভক্তিৰ প্রয়োগ চর্যাপদৰ ভাষাটো দেখা যায়।
(খ) অসমীয়া স্ত্রী-প্রত্যয় ই আৰু অনীৰ প্ৰয়োগ চর্যাতো আছে। যেনে – সবৰী (চর্যা – ২৮) শবৰী (অস.) হৰিণী (চর্যা – ৬), অসমীয়া হৰিণী আদি।
(গ) চর্যাপদ আৰু অসমীয়া ভাষা দুয়োটাতে অতীতকাল বুজাবলৈ ‘হ’ল’ আৰু ভৱিষ্যৎকাল বুজাবলৈ ‘হ’ব’ প্রত্যয় যোগ কৰা হয়। যেনে- আচ্ছিলোঁ স্বমোহে (চর্যা, ০৫) আঁছিলো (অসমীয়া) কৰিব নিবাস (চর্যা, ৭) কৰিব (অসমীয়া)।
(ঘ) অসমীয়া ভাষাত বহুবচন বুজাবলৈ ব্যৱহাৰ কৰা ‘সকল’ শব্দৰ প্ৰয়োগ চর্যাতো দেখিবলৈ পোবা যায়। যেনে-
মণ্ডল সঅল – চর্যাপদ।
মণ্ডল সকল – অসমীয়া।
এইবোৰৰ ওপৰিও চৰ্যাত থকা অনেক শব্দৰ ব্যৱহাৰ প্রাচীন অসমীয়াতো হোৱা দেখা যায়। যেনে- ঘৰ, চকা, ঘৰিণী (গৃহিণী), চান্দ (চন্দ্র) আখি (আক্ষি), গঅণ (গগণ) ইত্যাদি।
শ্রীকৃষ্ণ কীর্তনৰ ভাষাঃ চর্যাপদৰ পৰৱৰ্তী ৰচনা বড়ু চণ্ডীদাসৰ শ্রীকৃষ্ণ কীর্তন। কীর্তনৰ ভাষাত অসমীয়া উদ্ভৱকালৰ ভাষাৰ নিদর্শন দেখা যায়। শ্রীকৃষ্ণ কীর্তন সম্পর্কে ড° বাণীকান্ত কাকতিয়ে কৰা মন্তব্য এনেকুৱা যে ‘অসমীয়া আৰু বঙলা ভাষা স্পষ্টৰূপে পৃথক হোৱাৰ পূর্বে দুয়োটা ভাষাৰ যিটো সাধাৰণ ৰূপ আছিল শ্রীকৃষ্ণ কীৰ্তনৰ মাজত সেই ৰূপটো প্রতিফলিত হৈছে’।
শ্রীকৃষ্ণ কীর্তনৰ ভাষাত আমি দেখিবলৈ পোৱা উল্লেখনীয় বৈশিষ্ট্যসমূহ হ’ল-
(ক) শব্দ বিভক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত শ্রীকৃষ্ণ কীৰ্তনৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্য আছে-
শ্রীকৃষ্ণ কীৰ্তন | অসমীয়া | |
প্রথমা- এ | তোৰ মুখে | তোৰ মুখে |
চতুর্থী লৈ (লাগি) | তা লাগি | তালৈ |
ষষ্ঠী-ৰ | সাধুৰ | সাউদৰ |
সপ্তমী- ত | হিয়াত, নাঅত | হিয়াত, নাৱত |
(খ) ক্ৰিয়াৰ আগত নিষেধাত্মক ‘ন’ ৰ প্রয়োগ দেখা যায়। যেনে-
কৃষ্ণ কীৰ্তন | অসমীয়া |
নহোঁ, নপাওঁ, নজানো | নহওঁ, নাপাওঁ, নাজানো |
(গ) উত্তম পুৰুষৰ বর্তমানকালৰ ক্ৰিয়াত ‘ওঁ’-ৰ ব্যৱহাৰ হৈছে। জাওঁ (কৃকী) যাওঁ (অসমীয়)।
(ঘ) প্রাচীন অসমীয়াত অপাদান কাৰক অৰ্থত ‘হন্তে’ৰ ব্যৱহাৰ শ্রীকৃষ্ণ কীর্তনতো আছিল। যেনে- আজি হন্তে (শ্রীকৃষ্ণ কীর্তন) আজি হন্তে (পুৰণি অসমীয়া)।
(ঙ) উভয়তে স্বৰভক্তিৰ জৰিয়তে তৎসম শব্দবোৰ অর্ধ-তৎসম ৰূপ লাভ কৰে। যেনে- জতন (কৃ.কী) যতন (অসমীয়া) পৰাণ (কৃ.কী) পৰাণ (অসমীয়া)।
(চ) বহুবচন বুজাবলৈ গণ ব্যবহাৰ হয়। যেনে- পিক গণে (কৃ.কী) তাৰাগণে (পুৰণি অস.)
(ছ) শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰটো কৃষ্ণ কীর্তনৰ অসমীয়া ভাষাৰ সাদৃশ্য আছে।
শ্রীকৃষ্ণকীর্তনৰ ৰূপ | অসমীয়া ৰূপ |
কমলা | কমলা |
শিআল | শিয়াল |
পাথৰ | পাথৰ |
ঘৰ | ঘৰ |
সিআন | সিআন |
ওপৰোক্ত বৈশিষ্ট্যবোৰৰ বাবে এই তিনিওবিধ ভাষাক অসমীয়া ভাষাৰ উদ্ভৱ কালৰ ভাষা হিচাপে চিহ্নিত করা হয়।
১৯। “মাগধী অপভ্রংশই অসমীয়া ভাষাৰ মূল” মন্তব্যটিন সার্থকতা নিৰূপণ কৰা।
উত্তৰঃ অসমীয়া ভাষাক ভাৰতীয় আর্যভাষাৰ এটি ঠাল হিচাপে ধৰা হয়। পূব ভাৰতৰ আর্যভাষাবোৰৰ ভিতৰত অসমীয়া ভাষ্য অন্যতম প্রধান ভাষা। ভাৰতীয় আর্যভাষাৰ দ্বিতীয় স্তৰ মধ্য ভাৰতীয় আর্যভাষাৰ অন্তর্গত মাগধী প্রাকৃতেই পূব ভাৰতীয় আর্যভাষাৰ জনক। মাগধী প্রাকৃত ভাৰতৰ পূৰ্বাঞ্চলৰ প্রাকৃত আছিল আৰু প্রাচীন মগধেই ইয়াৰ উৎপত্তি স্থান হিচাপে ভাষাবিদসকলে স্থিৰ কৰিছে, মাগধী প্রাকৃতৰ শেষ স্তৰ মাগধী অপভ্রংশৰ পৰাই অসমীয়া, উড়িয়া, বঙালী, মৈথলী, মগহী আৰু ভোজপুৰী ভাষাৰ উদ্ভৱ আৰু বিকাশ হৈছে। সুকীয়াকে মাগধী অপভ্রংশৰ কোনো নির্দশন পোবা নগলেও পূব-ভাৰতৰ ভাষাসমূহৰ প্রাচীনতম সাধাৰণ নিদর্শনৰ পৰা তাৰ স্বৰূপ নির্ণয় কৰি লোৱা হৈছে। মাগধী অপভ্রংশৰ তিনিটা ধাৰা আছিল-
(ক) প্রাচ্য বা পূর্ব মাগধী অপভ্রংশ – ইয়াৰ পৰা অসমীয়া, বাংলা আৰু ওড়িয়া ভাষাৰ উৎপত্তি হৈছে।
(খ) মধ্য মাগধী অপভ্রংশ – ইয়াৰ পৰা মৈথিলী আৰু মগহী ভাষাৰ উদ্ভৱ হৈছে।
(গ) পশ্চিম মাগধী অপভ্রংশ – ইয়াৰ পৰা ভোজপুৰী ভাষাৰ উৎপত্তি হৈছে।
অসমীয়া ভাষাৰ মূল মাগধী প্রাকৃত বুলি সকলো ভাষাতত্ত্ববিদে মানি ল’ব নোখোজে। মাগধী প্রাকৃতৰ সপক্ষে প্রামাণ্য যুক্তি আগবঢ়োৱাসকলৰ ভিতৰত ড° জর্জ আব্রাহাম গ্রীয়াৰ্চন, তাৰা পৰোৱালা, ড” সুনীতি কুমাৰ চেটাজী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুবা, ড° উপেন্দ্রনাথ গোস্বামী আদি অন্যতম। ড° ভীমকান্ত বৰুৱা, ড° গোলকচন্দ্র গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ আৰু অন্যান্য কেইবাগৰাকী ভাষাবিদে এই মতৰ পোষকতা কৰিছে। প্রখ্যাত ভাষাতত্ত্ববিদ গ্রীয়ার্জনে তেখেতৰ বিখ্যাত গ্রন্থ ‘The Linguistic Survey of India’ ত উল্লেখ কৰা মতে ভাৰতীয় আর্যভাষাৰ বৰ্হি বৃত্ত দলৰ অন্তৰ্গত পূর্ব শাখাৰ মাগধী অপভ্রংশৰ পৰাই ওড়িয়া, বিহাৰী, বাংলা ভাষাৰ লগতে অসমীয়া ভাষাৰ জন্ম হয়। তেওঁব মতে উত্তৰ বংগ আৰু অসমে নিজৰ ভাষা বংগদেশৰ পৰা পোৱা নাইবৰং পশ্চিমৰ পৰাহে পোনপটীয়াভাৱে পাইছে। ‘পশ্চিম’ শব্দৰ দ্বাৰা তেওঁ বিহাৰক বুজাইছে। গ্ৰীয়াৰ্চনৰ মতে মাগধী অপভ্রংশ পূৱ আৰু পশ্চিম তিনিটা সুতিৰে বিয়পি পৰিছিল-
“Magadha Apabhramsa, infact, may be considered as spreading our eastwards and southwards in three directions. To the north-east it developed in the Northern Bengali and Assamese, to the south in the Oriyya and between the two into Bengali.”
উল্লেখ কৰিবলগীয়া যে ‘Elements of the Science of Language’ গ্রন্থত টাৰাপৰোৱালায়ো অসমীয়া, বাংলা, ওড়িয়া, বিহাৰী আদি ভাষাৰ মূল সম্পর্কে আলোচনা কৰিবলৈ গৈ এই সকলোবোৰ ভাষা মাগধী প্রাকৃতৰ পৰা উদ্ভুত মত প্রকাশ কৰিছে।
ড° সুনীতি কুমাৰ চেটার্জী গ্ৰীয়াৰ্চনৰ ‘Linguistic Survey of India’ আৰু বঙলা উপভাষা অন্যান্য বিৱৰণৰ ওপৰত ভিত্তি কৰি পূর্ব-মাগধী প্রাকৃত আৰু অপভ্রংশক চাৰিটা ভাগত ভাগ কৰিছেঃ
(ক) বাড়।
(খ) বাৰেন্দ্র।
(গ) কামৰূপী। আৰু
(ঘ) বঙ্গ।
বাঢ় উপভাষাৰ পৰা পশ্চিমবঙ্গৰ ভাষা আৰু দক্ষিণ-পশ্চিমৰ উড়িয়া ভাষাৰ সৃষ্টি হৈছে বাৰেন্দ্ৰ উপভাষাৰ পৰা উত্তৰ-মধ্য-বঙ্গৰ ভাষা হৈছে। কামৰূপী উপভাষাৰ পৰা অসমীয়া আৰু উত্তৰ বঙ্গৰ ভাষাৰ উৎপত্তি হৈছে। বঙ্গ উপভাষাৰ পৰা পূর্বাবঙ্গৰ ভাষাৰ সৃষ্টি হৈছে।
ড° চেটার্জীয়েও মত প্রকাশ কৰিছে যে উত্তৰ বঙ্গ আৰু অসমৰ অসমীয়া ভাষা মূলতঃ একেই আছিল কিন্তু যোৱা দুটা শতিকাত উত্তৰবঙ্গৰ ভাষাত বঙালী ভাষাৰ প্ৰভাৱ পৰি সি বঙালীৰ উপভাষাৰ হিচাপে গণ্য হৈছে।
অসমীয়া, বঙালী আৰু ওড়িয়া ভাষা একে মূলৰ পৰা অহা হেতুকে পৰস্পৰৰ মাজত কিছুমান ক্ষেত্রত সাদৃশ্য আছে আৰু এনে সাদৃশ্য কিছুমানৰ কাৰণেই এসময়ত অসমীয়া আৰু ওড়িয়া ভাষাক বঙালী ভাষাব উপভাষা হিচাপে দেখুৱাৰ প্রচেষ্টা চলিছিল। কিন্তু বর্তমান প্রত্যেকটোৱেই একে মূলৰ পৰা আহি সুকীয়াকৈ গঢ় লোৱা ভাষা বুলি প্রমাণিত হৈছে।
খৃষ্টীয় দশম শতিকামানত অসমীয়া ভাষাই অন্যান্য নব্য-ভাৰতীয় আর্যভাষাৰ লগে লগে, মাগধী অপভ্রংশৰ পৰা ওলাই স্বকীয় ৰূপ গ্রহণ কৰিছে। কিন্তু অসমীয়া ভাষাই খৃষ্টীয় সপ্তম শতিকামানৰ পৰাই যে সুকীয়া ৰূপ লবলৈ আৰম্ভ কৰিছিল তাৰ আভাস চীনা পৰিব্রাজক হিউৱেন চাঙৰ মন্তব্যত পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত খ্রীঃ ৭ম শতিকাত হিউৱেন চাং প্রাচীন কামৰূপলৈ আহিছিল। হিউৱেন চাঙে এইদৰে লিখিছিল- ‘তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ আছিল’ (“their speech differed a little from that of Mid-India”)। ইয়াৰ পৰা অনুমান কৰি লব পাৰি যে খ্রীঃ ৭ম শতিকামানৰ পৰাই অসমীয়া ভাষাত সুকীয়া ৰূপ পৰিগ্রহ কবিবলে উপক্রম কৰিছিল, যদিও খ্রীঃ ১০ ম শতিকাত অসমীয়া ভাষাই সম্পূর্ণভাৱে স্বকীয় ৰূপ পৰিগ্রহ কৰে। ওপৰত উল্লেখিত মন্তব্যসমূহৰ বিশ্লেষণ কৰিলে দেখা যায়, অধিকাংশ পণ্ডিতে ‘মাগধী প্রাকৃতকৈ অসমীয়া ভাষাৰ মূল’ বুলি মানি লৈছে। কোনো কোনো পণ্ডিতৰ মতে অসমীয়া ভাষা মাগধী প্রাকৃতৰ পৰা বিকাশ হোৱা নাই, কামৰাপী প্রাকৃতৰ পৰাহে উদ্ভৱ হৈছে। কিন্তু তেওঁলোকে কামৰূপী প্রাকৃতৰ অস্তিত্ব আৰু বিশেষত্ব সম্পর্কে বিশেষ যুক্তি প্রদর্শন কৰিব পৰা নাই। তদুপৰি অসমীয়া ভাষাৰ তদ্ভৱ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী প্রাকৃতৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাব পাৰি। সেইবাবে ক’ব পাৰি ক্রমবিকাশৰ বিভিন্ন স্তৰত অসমীয়া ভাষাই থলুৱা উপাদান গ্রহণ কৰিলে ইয়াৰ মূল কিন্তু মাগধী অপভংশহে।
২০। “বুৰঞ্জীৰ ভাষা এক সমন্বয়ৰ ভাষা” কথাষাৰ আলোচনা কৰা?
উত্তৰঃ বুৰঞ্জীসমূহে অসমীয়া সাহিত্যৰ মধ্যযুগটোক ঐতিয্যময় কৰি তুলিছে। অসমৰ বুৰঞ্জীসমূহ আহোমসকলৰ অসমীয়া সাহিত্যলৈ বিশিষ্ট দান। বুৰঞ্জীৰ গদ্য জনজীৱনৰ ভাষাৰ ওচৰ চপা। ইয়াত কোনো কৃত্রিমতা নাই। মানুহৰ মুখৰ ভাষাৰ দৰে ইয়াৰ ভাষা সৰল। শব্দমালাৰ বৈশিষ্ট্যৰ ফালে মন কৰিলে মধ্যযুগৰ বুৰঞ্জীৰ ভাষাত বিভিন্ন ধৰণৰ শব্দৰ সংমিশ্রণ হোৱা দেখা যায়। তৎসম, তস্তুৱ, আৰবী-পার্চী, হিন্দী শব্দৰ উপৰি আহোম আৰু আন জনজাতীয় ভাষাৰ শব্দ বুৰঞ্জীত ব্যৱহাৰ হৈছে।
পোনতে আহোম ভাষাতহে বুৰঞ্জী লিখা হৈছিল। সম্ভৱতঃ সপ্তদশ একই শতিকাৰ শেষভাগৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা হয়। বর্তমানলৈকে ডেৰশতকৈও অধিক বুৰঞ্জী পুথি উদ্ধাৰ হৈছে। এতিয়ালৈকে প্রকাশিত বুৰঞ্জীসমূহৰ ভিতৰত পুৰণি অসমীয়া বুৰঞ্জী, তুংখুতীয়া বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী, অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, ত্রিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী, সদৰামিনৰ বুবঞ্জী আদি উল্লেখযোগ্য। বুৰঞ্জীৰ ভাষাত প্রাচীন অসমীয়া ভাষাৰ ৰূপ কিছুমান সংৰক্ষিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে- কহিলপ্ত, হুয়া, হইয়া, গৈল, হৈল ইত্যাদি। বুৰঞ্জীৰ ভাষাত পশ্চিম অসমৰ ভাষাৰ কথিত ৰূপো সংৰক্ষিত হৈ থকা দেখা যায়। যেনে- জন্মো, আঘণ (মাহ), বেলা (হ’ল), চপেকৰে (তৎক্ষণাৎ) দিছি, গেল, দামাল (দলং) ইত্যাদি। বুৰঞ্জীৰ ভাষাৰ পথে বাক্য-ৰীতি নিদর্শন হিচাপে তলত কেইটামান বাক্য দেখুওৱা হ’ল-
(ক) মহাৰাজাই শদিয়া নগৰলৈ গ’ল।
(খ) একে হাবিতে দুটা মতা বাঘ, হাতী নাথাকে। বুৰঞ্জীত সন্নিৱিষ্ট কিছুমান অন্য জন-জাতীয় ভাষাৰ শব্দ উদাহৰণ স্বৰূপে-
১। তৎসম শব্দঃ দধি, দুগ্ধ, দন্ত, পুত্র, ৰাত্ৰি, সর্প, দেবতা, জন্ম ইত্যাদি।
২। অর্ধ-তৎসম শব্দঃ শুকুলা, মুকুতা, জনম, কিৰিষি ইত্যাদি।
৩। তদ্ভৱ শব্দঃ হাতী, বামুণ, বর্চ্চা, কঁহাৰ ইত্যাদি।
৪। আৰবী-পার্চীঃ চৰ্দ্দাৰ ডৰ, গোলাম, নাবাব, খাজানা, ৰূপীয়া, ছফেদ, খাতিৰ, খুচি, মাল্লুম পয়দা ইত্যাদি।
৫। আহোম শব্দঃ খুনবাৱ, মাইহাং, চকলং ইত্যাদি।
গতিকে ক’ব পাৰি যে বুৰঞ্জীৰ ভাষা এক সমন্বয়ৰ ভাষা।
২১। অসমীয়া সাহিত্যলৈ মধ্যযুগৰ অসমীয়া ভাষা সাহিত্যৰ অৱদান সম্পর্কে এটি আলোচনা যুগুত কৰা।
উত্তৰঃ মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যক পল্লৱিত কৰি সমৃদ্ধ কৰিছিল গদ্য-পদ্য উভয়তে ৰচিত বিচিত্ৰ আৰু বর্ণাঢ্য সাহিত্যৰাজিয়ে। বিষয়বস্তু, ৰচনাৰীতি, গদ্যশৈলী আদি নতুন অভিলেখ সৃষ্টি কৰি মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্য আগবাঢ়ি গৈ আধুনিক অসমীয়া ভাষা সাহিত পৃষ্ঠভূমি তৈয়াৰ কৰিছে। এই যুগটোৰ অন্তৰ্গত সাহিত্যৰাজিৰ ভিতৰত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, ব্যৱহাৰিক জ্ঞান শাস্ত্রমূলক সাহিত্য, বিভিন্ন গীত-পদ আৰু বাক্য সাহিত্য, অংকীয়া নাট আৰু বিবিধ বিষয়ৰ অন্যান্য সাহিত্য উল্লেখযোগ্য। সপ্তদশ শতিকাৰ আদিভাগত চৰিত পুথি ৰচনা আৰম্ভ হয়। অষ্টাদশ শতিকাত ঐতিহাসিক গদ্য, চৰিত পুথি আৰু বংশাৱলীৰ গদ্য, ধর্মপুথিৰ গদ্য, ৰজাঘৰীয়া পেৰাকাকত, ভূমিদান আৰু নানা বিষয়ক গদ্যৰ আলমত সাহিত চর্চা হ’বলৈ লয়। এই যুগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যৰ চৰ্চা হোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান বিষয়ক পুথি ৰচনা হোৱাৰ উপৰি জ্যোতিষ চিকিৎসা আৰু নীতি বিষয়ক পুথিত ৰচিত হ’বলৈ লয়। মধ্যযুগৰ অসমীয়া ভাষা সাহিত্যৰ আলোচনাৰ সুবিধাৰ্থে এনেদৰে ভগাব পাৰো-
(ক) চৰিত সাহিত্যৰ ভাষা।
(খ) বুৰঞ্জী সাহিত্যৰ ভাষা।
(গ) অন্যান গদ্য সাহিত্যৰ ভাষা।
অসমীয়া সাহিত্যৰ ইতিহাসত গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি থকা সম্পদবিধেই হ’ল চৰিত সাহিত্য বা পৃথি। মহাপুৰুষ শ্রীমন্ত শংকবদেৱ, মাধবদেৱ হবিদেৱ, দামোদৰদেৱৰ জীৱন চৰিত্ৰক কেন্দ্ৰ কৰি সংশ্লিষ্ট শিষ্য-প্রশিষ্যৰে জীৱন বৃত্তান্তমূলক ৰচনা পুথিসমূহকে চৰিত পুথি বোলে। অসমীয়া সাহিত্যত বিশেষকৈ গদ্য সাহিত্যলৈও চৰিত পুথিসমূহে প্রভূত সমল আগবঢ়াই থৈ যোৱা বুলি অনুমান কৰিব পাৰি। এই যে অসমীয়া সাহিত্যৰ ভৰাঁলত নিয়াৰিকৈ সাঁচি ৰখা মুকুতা স্বৰূপ।
অসমীয়া সাহিত্য সংস্কৃতি আৰু ইতিহাসৰ লগত সত্ৰ নামঘৰৰ ভূমিকা অতি নিবিড়। অসমীয়া সাহিত্যৰ মধ্যযুগত বিশেষকৈ শংকৰ গুৰুৰ পৰৱৰ্তী কালছোৱাত চৰিত সাহিত্যই গা কৰি উঠে। মহাপুৰুষ শংকৰদেৱৰ লীলা-চৰিত্ৰক কেন্দ্ৰ কৰিয়েই অসমীয়া চৰিত পুথিৰ উদ্ভৱ হয়। অৱশ্যে পাছলৈ বিভিন্ন গুৰুৰ চৰিত্র বিষয়ক, যেনে- মাধৱদেৱ, দামোদৰদেৱ, হবিদেৱ, বৈকুণ্ঠনাথ প্রভৃতি শিষ্য-প্রশিষ্য সকলে অনেক চৰিত পুথি ৰচনা কৰি অসমীয়া চৰিত সাহিত্যক বিস্তৃত মর্যদাৰ আসনত বহুৱাইছে।
ইয়াত মহাপুৰুষসকলৰ জীৱনৰ কার্যাৱলী নাইবা দেশৰ বিভিন্ন অৱস্থাৰ কথা বর্ণিত হৈছে। মহাপুৰুষসকলৰ কার্যকলাপত ঐশ্বৰিক শক্তি, অলৌকিক মহিমা নিহিত হৈ থকা বুলি বর্ণনা কৰিছে। ইয়াত সন্তসকলৰ গোটেই জীৱনৰ কাৰ্যৱলীৰ উপৰি তেওঁলোকৰ পুৱাৰ পৰা গধূলিলৈ দৈনিক জীৱনৰ কাৰ্যৰ তালিকাও পোবা যায়। শ্রী বনামালীদেৱৰ চৰিতত-
‘প্রভাতে উঠি বনমালি সন্ত।
শীঘ্ৰে মুখ হস্ত পথালিলন্ত।।
দিলন্ত তৈল আনি নিজ দাসে।
হাতে লাঠি ধৰি উঠন্ত লাসে।।’
চৰিত পৃথিসমূহত সন্ত-মহন্তসকলৰ মিলন ধর্ম সম্পর্কীয় বাদ-বিসম্বাদ নাইবা ভ্ৰমণ প্ৰসংগৰো আভাস ইয়াৰ মাজেৰে লাভ কৰিব পৰা যায়। কাব্যৰ দৰে চৰিত পুথিকো উপযুক্ত ঠাইত পদ, দুলড়ী, ছবি, লেছাৰী, ঝুনা, ঝুমুৰী আদি ছন্দৰ প্রয়োগ ঘটিছে। সাধাৰণতে বর্ণনাৰ ক্ষেত্রত পদ বা দুলড়ী আৰু কৰুণ ৰসাত্মক বর্ণনাত ছবি বা লেছাৰী ছন্দৰ ব্যৱহাৰ দেখা যায়। যেনে- শ্ৰীবনমালীদেৱৰ চৰিতত বনমালী দেৱ আৰু গুৰুলীলাত ভট্টদেৱৰ তিৰোধানৰ বর্ণনাটো লেছাৰী ছন্দত আছে। গুৰুলীলাত দামোদৰদেৱৰ তিথি উৎসৱৰ বর্ণনাটো ঝুমুৰী ছন্দত দিয়া হৈছে। ইয়াৰ উপৰি উপমা, ৰূপক, ফকৰা-যোজনা, খণ্ডবাক্য, দৃষ্টান্ত, পদ-পুথিৰ উদ্ধৃতি আদিৰ ব্যৱহাৰে পুথিসমূহ ৰসাল কৰি তোলা হৈছে। পুথিসমূহত ব্যৱহৃত চুটি চুটি বাক্য আৰু প্রত্যক্ষ উক্তিৰ ব্যৱহাৰে নাটকীয় গুণ বৃদ্ধি কৰিছে। এই পৃথিসমূহ সাহিত্যিক গুণৰাজিৰে সমৃদ্ধ।
বুৰঞ্জীৰ ভাষাৰ শব্দ আৰু ধাতুৰূপবোৰ আধুনিক অসমীয়াৰ লগত মিলিলেও কোনো কোনো ক্ষেত্ৰত বুৰঞ্জীত আধুনিক অসমীয়া ভাষাত অপ্রচলিত ৰূপৰো প্রয়োগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে পঞ্চমী বিভক্তিৰ চিনৰূপে ব্যৱহৃত ‘হান্ত’ লৈ আঙুলিয়াব পৰা যায়। ‘পৰা’ পৰসৰ্গ বুৰঞ্জীত ‘পিচত’ অৰ্থত ব্যৱহাৰ কৰা হৈছে। তপছ আৰু যা (জা) ধাতু বুৰঞ্জীত অকলে ব্যৱহৃত হৈছে। যেনে- আছোতে। ‘নাপা’, গেচিল আদি ক্রিয়াপদৰ সংক্ষিপ্ত ৰূপবোৰ কথ্য ভাষাৰ আদৰ্শত প্রয়োগ কৰা হৈছে। বহুবচনাত্মক প্রত্যয় হিচাপে গণ আৰু বোৰ বুৰঞ্জীত সণ্ঢালনিভাৱে ব্যৱহৃত হৈছে। নেকি, নিকি আদি প্রশ্নবোধক ৰূপৰ প্রয়োগ বুৰঞ্জীত দেখা যায়। বুৰঞ্জীত ব্যৱহৃত যুৰীয়া শব্দ; যেনে- কোৰ, ডোল-ডাকুৰ, হাট-বাট, সত-সপত, খেলন-ভুলন, কৰ-কাটল, চাউল-কানি, বটা-প্রসাদ আদিয়ে তদানীন্তন কথা ভাষাৰ নমুনা দাঙি ধৰে অসমীয়া গদ্য সাহিত্যৰ সুদীর্ঘ পৰিক্ৰমাত অংকীয়া নাটৰ গদ্য, মন্ত্রপুথিৰ গদ্য আৰু ভট্টদেৱৰ কথা সাহিত্যৰ পাছতেই বুৰঞ্জীসমূহেই হ’ল উল্লেখযোগ্য পদ্য সাহিত্যৰ নিদর্শন।
চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ সমান্তৰালভাৱে মধ্যযুগত আৰু এবিধ বিশেষ সাহিত্য ৰচিত হ’বলৈ ধৰে, যিবিধ সাহিত্যিক ব্যৱহাৰিক জ্ঞান-শাস্ত্রমূলক সাহিত্য আখ্যা দিয়া হ হয়। অষ্টাদশ শতিকাত ব্যৱহাৰিক জ্ঞান শাস্ত্রৰ কেইবাখনো পুথি ৰচিত হোৱাৰ উপৰি ভালেমান গ্ৰন্থ অসমীয়ালৈ অনুদিতও হয়। তাৰ ভিতৰত জ্যোতিষ, নিদান, আয়ুর্বেদ শাস্ত্র, অংকৰ আৰ্যা নৃত্য-গীতৰ পুথি, গৃহ নির্মাণ আদি বিষয়ৰ পুথি পোৱা যায়। শব্দৰ ক্ষেত্রত তৎসম তদ্ভৱ আদি শব্দৰ উপৰি কামৰূপী উপভাষাৰ শব্দৰ প্রাধান্য মন কৰিবলগীয়া। বাক্যৰীতি সৰল, কোমল আৰু পোনপটীয়া মাজে মাজে সংস্কৃত বাক্যৰ প্রয়োগ। যুক্ত ব্যঞ্জনৰ প্রয়োগো ব্যৱহাৰিক সাহিত্যৰ এটি মন কৰিবলগীয়া দিশ। যেনে- ভাঙ্গৰ, ডিঙ্গি আদি।
২২। চৰিত পুথিৰ সাহিত্যিক মূল্য সম্পর্কে কিছু আভাস প্রস্তুত কৰা।
উত্তৰঃ সাহিত্যিক গুণ ৰাজিৰফালৰ পৰা চৰিত পুথিসমূহৰ মূল্য অসমীয়া সাহিত্যত অতি উচ্চ। কিয়নো বৈষ্ণৱ কাব্যৰ দৰে চৰিত পুথিতো আৰম্ভণি আৰু প্ৰতি অধ্যায়ৰ শেষত ভগৱানৰ এই স্তুতি আৰু গ্রন্থকাৰৰ সংক্ষিপ্ত পৰিচয় পোৱা যায়। প্ৰায়বোৰ অধ্যায় ‘ডাকি বোলা ৰাম ৰাম’ বা ডাক বোলা হৰি হৰি’ বুলি শেষ কৰিছে। কাব্যৰ দৰে চৰিত পুথিৰো উপযুক্ত ঠাইত পদ, দুলড়ী ছবি, লেছাৰী, ঝুনা, ঝুমুৰী আদি ছন্দৰ প্রয়োগ ঘটিছে। সাধাৰণতে বর্ণনাৰ ক্ষেত্রত পদ বা দুলড়ী আৰু কৰুণ ৰসাত্মক বর্ণনাত ছবি বা লেছাৰী ছন্দৰ ব্যৱহাৰ দেখা যায়। যেনে শ্ৰীবনমালীদেৱৰ চৰিতত বনমালীদের আৰু গুৰুলীলাত ভট্টদেৱৰ তিৰোধানৰ বর্ণনাটো লেছাৰী ছন্দত আছে। গুৰুলীলাত দামোদৰ দেৱৰ তিথি উৎসৱৰ বৰ্ণনাটো ঝুমুৰী ছন্দত দিয়া হৈছে।
সাহিত্যিক মূল্যৰ ফালৰ পৰা যিদৰে চৰিতপুথিসমূহ সমুজ্জল ঠিক সেইদৰে গদ্যৰ ফাল পৰাও অতুলনীয়। গদ্য সাহিত্যৰ ফালৰ পৰা কথা গুৰু চৰিত, বৰদোৱা চৰিত, সন্ত-সম্প্রদায় আদিৰ মূল্য অধিক। এইবোৰ অসমীয়া মধ্যযুগৰ গদ্য সাহিত্যৰ উৎকৃষ্ট নিদর্শন। চৰিত পুথিৰ গদ্য সমসাময়িক বুৰঞ্জীৰ গদ্য নাইবা ভট্টদেৱৰ গদ্য আৰু কথা ৰামায়ণৰ গদ্যতকৈ কিছু পৃথক হ’লেও কথিত ভাষাৰ এটি মার্জিত ৰূপ এই গদ্যত পোৱা যায়। এই গদ্য সত্রীয়া ভকতসকলৰ কথিত ভাষাক ভেটি কৰি ৰচিত। ইয়াৰ উপৰি উপমা, ৰূপক, ফকৰা-যোজনা, খণ্ডবাক্য দৃষ্টান্ত, পদ পুথিৰ উদ্ধৃতি আদিৰ ব্যৱহাৰে পুথিকেইখন বেছি ৰসাল কৰি তুলিছে। পুথিসমূহত ব্যৱহৃত চুটি চুটি বাক্য আৰু প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰে নাটকীয় গুণ বৃদ্ধি কৰিছে। আকৌ কেতিয়াবা একোটা চুটি বাক্যৰ যোগেদি গভীৰ অৰ্থব্যঞ্জক ভাৱ প্রকাশ কৰিছে। যেনে-
‘নিশ্চয়ে পাৰ অনিশ্চয়ে সংসাৰ।
ভাণ্ড পৰশি লৱণু থবা, শিষ্য পৰশি তত্ত্ব কবা।’
প্ৰত্যক্ষ্য উক্তিঃ ‘পত্নীয়ে বোলে, ক’ৰ লোকটি, কি লাগে, আতা বোলে, অথিত, কেওঁ কিছু নাই, লাল্টা, ফুৰিছো এনেকৈ; যাত পাওঁ তাতে থাকোঁ। বোলে আমাৰ বাৰীৰে থকা যক, অন্ন বস্ত্র দিম আমি। আতা বোলে, সজ পালে ৰঞ’।
ফকৰা-যোজনাৰ ব্যৱহাৰঃ গাও ভাই গাও, আনে খায় ডাব নাৰিকল মাধ এ খায় লাও।
ৰূপকৰ ব্যৱহাৰঃ কাঠৰ মালা ফাটে ফুটে মনৰ মালা কাহা চুটে?
উপমাঃ পৰম শ্রদ্ধায়ে ভক্তে সবে থাকে সুনি। গোসাঞি বনমালী কন্ত জেন শুকমণি।।
অনুপ্রাসঃ এদিন দিনটো ঘূৰি কণটো নাপালে।
এই চৰিত পুথিসমূহ সাহিত্যিক গুণৰাজিৰে সমৃদ্ধ। এই গুণবোৰৰ বাবেই চৰিত পুথিসমূহ অসমীয়া বৈষ্ণৱ সাহিত্যত এখনি বিশিষ্ট আসন দখল কৰিবলৈ সামর্থৱান হৈছে। চৰিতকাৰসকলৰ বুৰঞ্জী সম্পকীয় জ্ঞান নথকাত কোনো ঘটনাকে চালিজাৰি চোৱা নাই, য’তে ত’তে সুমুৱাই দিছে। ক’ৰ ঘটনা ক’ত সমাৱেশ কৰিব লাগে তালৈ চকু নিদিয়াৰ ফলত ঘটনাবোৰৰ ধাৰাবাহিকতা ৰক্ষা পৰা নাই। ফলত চৰিত পুথিৰ প্ৰায়বোৰ কথা শুনি শুনি লিখি অহা বাবে একেজন মহাপুৰুষৰ জন্ম-মৃত্যুৰ সময় নাইবা জীৱনৰ কাৰ্যাৱলীৰ কথা বিভিন্ন চৰিত পুথিত হয় বেলেগ বেলেগ দেখা যায়। যেনে- সৰহ ভাগ চৰিত পুথিত শংকৰদেৱৰ জন্ম আহিন মাহত বুলিছে, কিন্তু ৰামানন্দ দ্বিজৰ ‘শ্রীগুৰু চৰিত’ত ফাগুন বুলিহে ধৰিছে। এনে কিছু ত্রুটি-বিচ্যুতি সত্বেও চৰিতপুথিসমূহ অসমীয়া সাহিত্যৰ লগত মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতিব অমূল্য সম্পদ।
২৩। চৰিত পুথিক কিয় প্রকৃত জীৱনী সাহিত্য বুলিব নোৱাৰি?
উত্তৰঃ অসমীয়া চৰিতকাৰসকলে তেওঁলোকৰ গুৰুসকলক অৱতাৰী পুৰুষ হিচাপে মানি লৈছিল। সেইবাবে চৰিতকাৰসকলে চৰিতবোৰত সন্ত-মহন্তসকলৰ ব্যক্তিগত জীৱনৰ ওপৰত বিশেষ গুৰুত্ব নিদি তেওঁলোকৰ অলৌকিকতা আৰু অতি প্রাকৃত সম্পন্ন জীবনবৃত্তৰ ওপৰতহে গুৰুত্ব দি এই পুথিসমূহ ৰচনা কৰিছিল। সেয়েহে আধুনিক জীবনীৰ সংজ্ঞাৰ বিচাৰৰ জোখ-মাপত চৰিতকাৰসকল দোষমুক্ত হ’ব পৰা নাই। কিয়নো জীৱনী সাহিত্যত চৰিতকাৰে কোনো ব্যক্তিৰ চৰিত্ৰক মুখ্য হিচাপে গ্রহণ কৰি লয় যদিও চৰিত্ৰটিৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। ‘মুনীনাঞ্চ মতিভ্রম’ অর্থাৎ মহান লোকৰো ভুল হয়। গতিকে জীৱনী লিখকে যিমান শ্রেষ্ঠ গুণসম্পন্ন ব্যক্তিৰ জীৱনী নিলিখক কিয় নিশ্চয় সেই চৰিত্রটিৰ দোষৰো বৰ্ণনা কৰিব লাগিব। আধুনিক জীৱনী লেখকসকলে ব্যক্তিৰ দোষ, গুণ উভয় দিশক চৰিত সাহিত্যত প্রকট কৰি দেখুৱায়। কিন্তু বৈষ্ণৱ চৰিতকাৰৰ চৰিতত এনে কথা প্রযোজ্য নহয়। সেইবাবে তেওঁলোকৰ চৰিত পুথি সমূহক প্রকৃত জীৱনী কাব্য বুলি আখ্যা দিব পৰা নাযায়। কাৰণ শ্রদ্ধা ভক্তিত মূৰ দোৱাই বৈষ্ণৱ গুৰৰ চৰিত্র বর্ণনা কৰিবলৈ যোৱাত চৰিতকাৰসকলে গুৰুসকলৰ গাত মাথোন ঐশ্বৰিক গুণ সন্নিৱিষ্ট হৈ থকাহে দেখিবলৈ পালে। সেয়েহে আলৌকিকতাৰে চৰিত্রসমূহ মহিমামণ্ডিত কৰি ভক্ত সমাজৰ আগত গুৰুৰ মাহাত্ম্য প্রকাশ কৰিবলৈ যোৱাৰ বাবে চাৰিত পুথিসমূহ আধুনিক জীৱনী কাব্যৰ শাৰীলৈ উন্নীত হ’ব নোৱাৰিলে।
ইউৰোপৰ মধ্যযুগৰ বেছিভাগ জীৱনীৰেই নায়ক আছিল খ্রীষ্টধর্মৰ সন্তসকল। এই সন্তসকলক আলৌকিক অতিৰঞ্জিত গুণাগুণ এই কাহিনীসমূহত বর্ণোৱা হৈছিল। সেইবাবে মধ্য যুগৰ ইউৰোপত ৰচিত এই জীৱনীবোৰক প্রকৃত জীৱন চৰিত নুবুলি হেগিওগ্রাফী বুলিহে অভিহিত কৰা হৈছিল। সেই দিশৰ পৰা চাবলৈ গ’লে অসমৰ চৰিত পুথিসমূহ যিহেতু গুৰুসকলৰ মহিমা প্রকাশ কৰিবৰ বাবে ঠায়ে ঠায়ে আলৌকিক ঘটনা আৰু ঐশ্বৰিক কার্যাকলাপ গুৰুসকলৰ চৰিত্ৰত আৰোপ কৰা হৈছে সেইবাবে চৰিতপুথিসমূহক প্রকৃত জীৱনী সাহিত্য নুবুলি হেগিওগ্রাফী বুলি কোৱাহে উচিত হ’ব। কিন্তু অসমীয়া সাহিত্যত জীৱনী সাহিত্যৰ প্রাচীন ৰূপ বৈষৱ সাহিত্যৰ অন্তর্গত চৰিত পুথিসমূহৰ মাজেৰে লাভ কৰিব পৰা যায়।
২৪। অৰুনোদয় স্তৰৰ অসমীয়া ভাষা সম্পৰ্কে এটি চমু আলোচনা আবঢ়াওক।
উত্তৰঃ ‘অৰুণোদই’ (পিছত অৰুণোদয়) নামৰ মাহেকীয়া আলোচনীখনৰ সৃষ্টিৰ জৰিয়তে মিছনেৰীসকলে অসমীয়া জাতিক এটা নতুন দান দিলে। এই আলোচনীখন শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা ১৮৪৬ চনৰ জানুৱাৰীৰ পৰা প্রথম প্রকাশ পায় আৰু তাৰ যোগেদি অসমীয়া ভাষা-সাহিত্যৰ আকাশত নৱাৰুণৰ প্রৱেশ ঘটে। এই কাকতৰ প্ৰথম সম্পাদক আছিল ৰেভাৰেণ্ড ড° নাথান ব্রাউন। এই অৰুণোদইৰ বুকুতে অসমীয়া সাহিত্যই আধুনিকতাৰ দিশলৈ ধাৱমান হয়। এই আলোচনীখনে অসমীয়াৰ মাজত দেশ বিদেশৰ জ্ঞানৰ বাট মুকলি কৰে। খ্ৰীষ্টীয় ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই দুকুৰি পাছ বছৰ কালছোৱাক এই ‘অৰুণোদয় যুগ’ বুলি সমালোচকসকলে অভিহিত কৰিছে। এই কালছোৱাত সামাজিক, ৰাজনৈতিক পশ্চাটপদ আৰু ভাষিক প্রত্যাহ্বানৰ মাজতো ড° নাথান ব্রাউন, অ. টি. কট্ৰৰ, মাইলচ ব্রন্সন, এ.কে. গার্ণী আদি কেইজনমান বিদেশী পণ্ডিত চিন্তাবিদ আৰু আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ দৰে দূৰদর্শী স্বাধীন মনৰ অসমীয়া লোকৰ অহোপুৰুষার্থত মৃতপ্রায় আধুনিক অসমীয়া ভাষাই পুনৰ ঠন ধৰি উঠে।
প্রথম অৱস্থাত অৰুণোদই কাকত আলোচনী আৰু সংবাদপত্র এই দুটা খণ্ডত প্রকাশিত হৈছিল। বাঙলা ভাষাৰ প্ৰচলনৰ ফলত নিজ ঘৰতে পৰ হোৱা অসমীয়া ভাষাক নিজৰ প্রাপ্য মর্যদা প্রদান কৰাত অৰুণোদয় বার্তালোচনীয়ে বিশেষ ভূমিকা পালন কৰে।
অৰুণোদই আলোচনীৰ সংস্পৰ্শত থকা মিছনেৰীসকলে অসমীয়া ভাষা শিকিবলৈ যৎপৰোনাস্তি চেষ্টা চলালেও তেওঁলোকৰ ৰচনাত অসমীয়া জতুৱা ঠাচঁটোৰ সলনি ইংৰাজী ভাষাৰ ঠাঁচটোহে প্রতিফলন ঘটিছিল। সেইবাবেই তেওঁলোকৰ ৰচনাবোৰত চকুত পৰিছিল কিছুমান আচহুৱা ধৰণৰ বাক্যৰীতিৰ। যেনে- ‘পৰমার্থিক মানুহ হৈ ভয় নকৰিবা।’ তেওঁৰ বিৰোধে আচৰা হৈ তেওঁ দিন নিয়াইছিল ‘ইত্যাদি’। মিছনেৰীসকলৰ বর্ণবিন্যাস পদ্ধতি আছিল উচ্চাৰণ ভিত্তিক, মূলানুগ নাছিল। অৰুণোদই’ কাকত অসমীয়া বর্ণমালাত থকা আখৰৰ ব্যৱহাৰ আছিল যদিও যিটো আখৰ যেনেদৰে লিখিব লাগিছিল সেইমতে লিখিব পৰা নাছিল।
আনহাতে মিছনেৰীসকলেই অসমীয়া ভাষাত চেমি ক’লন, ক’মা প্রশ্নবোধক চিন আদি যতি চিনৰ প্রৱর্তন কৰে।
ধ্বনিতত্ত্বৰ দিশৰ পৰা ‘অৰুণোদই’ গদ্যত ভালেমান পৰম্পৰাগত ভাষিক বৈশিষ্ট্য লক্ষ্য কৰা যায়, যিবোৰ আহোম যুগৰ লগতে প্ৰাক্ আহোম যুগৰ ভাষিক পৰম্পৰাৰ সৈতে সম্পর্কিতঃ
য > খঃ বৰখিছিল, বৰখুন।
ক্ষ > খঃ নখেত্র, খেমা।
শ > খঃ মানিখা (মাজনিশা), দেখাধিকাৰ (দেশাধিকাৰ)।
স > হঃ সর্বগ্রাহ।
জ > ঝঃ মাঝ (মাজ) ঝাল (জাল)।
অৰুণোদয় স্তৰৰ ভাষাৰ ৰূপতাত্ত্বিক দিশটো কিছুমান পার্থক্য পৰিলক্ষিত হয়।
(ক) পূর্ণভূতকালৰ ক্রিয়া বিভক্তি ইচ-ইল-এ-কাকতি ফৰিঙ্গবোৰ উজাই গৈচিলে।
(খ) ভূতকালৰ ক্ৰিয়া বিভক্তি-(ই) লেঃ আগৰকালত কিমান সুখ আচিলে আৰু এতিয়া… হৈছে।
(গ) নিজ সর্বনামৰ ঠাইত ‘আপুনি’ৰ প্রয়োগ – মানুহে আপুনি আপুনি জানিব পাবে।
(ঘ) নির্দিষ্টতাবাচক প্রত্যয়ঃ
১। টে / টঃ মানুহটে ক’লে, গৰুটেৰে হ’লে ওচৰ দিনটো বন কৰাব পাৰে।
২।খনৰ ঠাইত টাঃ এটা কিতাপ লিখিছে।
৩। ‘জনী’ৰ ঠাইত টোঃ মাইকীটো আনিবলৈ আজ্ঞা কৰোক।
(ঙ) দ্বিতীয়া বিভক্তিৰ ঠাইত সপ্তমীৰ ব্যৱহাৰঃ ৰজাত ক’লে। আইত সোধক। ইত্যাদি।
(চ) সর্বনাম শব্দৰ সুকীয়া ৰূপঃ আমাৰ সকলৰ।
(ছ) সুকীয়া নামধাতুৰ সৃষ্টিঃ প্রকাশিব নোআৰি।
(জ) সুকীয়া ক্রিয়া ৰূপৰ ব্যৱহাৰঃ আন কোনো মানুহ সেই নাইকিছিল (নাছিল)।
(ঝ) বহুবচনৰ প্রত্যয়ৰ বিশিষ্ট প্রয়োগঃ লৰাসকল, পত্ৰসকল, পুথিসকল, গুণসকল।
(ঞ) অনির্দিষ্টতাবাচক প্রতায়ঃ চাৰেকঃ ভকত চাৰেক, দিনচাৰেক, ইটাডোখৰ চাৰেক ইত্যাদি।
অৰুণোদয় স্তৰৰ শব্দমালাত ব্যৱহৃত শব্দ ভাণ্ডাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে তাত তৎসহ অর্থ-তৎসম, তদ্ভৱ, দেশী (ভাৰতীয় হিন্দী, বাংলা ইত্যাদি) বিদেশী (ইংৰাজী, পার্চী, আৰবী পর্তুগীজ ইত্যাদি বিবিধ শব্দই ঠাই পাইছিল। তদুপৰি ঠায়ে ঠায়ে প্রয়োজন অনুসৰি অন্য ভাষাৰ পৰা শব্দ ধাৰ নকৰি কিছুমান নতুন শব্দৰ সৃষ্টি কৰা হৈছিল। যেনে- শিল-পানী (বৰফ) নাগমাটি (কয়লা), প্রদিপ দল (লাইট হাউচ), পুথিশালি (লাইব্ৰেৰী), মহাগৰ (চীনৰ প্ৰাচীৰ), বেজঘৰ (ডাক্তৰখানা), ভাপৰ নাও (ষ্টিম কেট), পেৰেঙ্গনি (ক্রছ), বিজুলী ডাক (টেলিগ্রাম), মহাদর্শন (একজিভিচন), ভাপৰ বথ (ৰেলগাড়ী) ইত্যাদি।
পর্তুগীজ ভাষাৰ পাদুৰি, গীর্জা ইত্যাদি শব্দৰ উপৰি পশ্চিম অসমৰ উপভাষাৰ বহুতো শব্দ অৰুণোদয়ৰ কাকতত দেখিবলৈ পোৱা গৈছিল।
২৫। জোনাকী স্তৰৰ অসমীয়া ভাষা সম্পর্কে এটি প্রবন্ধ যুণ্ডত কৰক।
উত্তৰঃ ‘অৰুণোদই’ কাকতৰ যোগেদি অসমীয়া ভাষা স্কুল-আদালতত পুনৰ প্রতিষ্ঠা হ’ল যদিও হেমচন্দ্র, গুণাভিৰাম আৰু সহযোগীসকলে যি ভাষা সাহিত্যৰ ভেটি নির্মাণ কৰিলে তাত মন্দিৰ নিৰ্মাণ কৰিবলৈ এদল নতুন পাশ্চাত্য শিক্ষিত ডেকা আগবাঢ়ি আহিল। ভাষা সাহিতাক টনকিয়াল আৰু জাতিক আত্মচেতন কৰিবলৈ শিক্ষিত ডেকাজন কর্মক্ষেত্রত নামি পৰিল। কলিকতাত থকা অসমীয়া ছাত্ৰসকলৰ ‘টি পার্টি’ নামৰ এখন সম্মিলনেই হ’ল ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ (অ.ভা.উ.সা)ৰ সৃষ্টিৰ গুৰি। এই সভাই (১৮৮৮ চন) হ’ল এক প্রবল সাহিত্যিক আন্দোলনৰ মূল। সভাৰ কাৰ্যপন্থা হিচাপে তেওঁলোকে কিছুমান গঠনমূলক কাম হাতত লৈছিল। তাৰ কিছুমান হ’ল-
(ক) পুৰণি পুথি সংগ্রহ আৰু প্রকাশ।
(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন।
(গ) অশুদ্ধ ব্যাকৰণ আৰু বাক্য বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বর্ণবিন্যাস।
(ঘ) সংস্কৃত বা আন ভাষাৰ ভাল পৃথিৰ অনুবাদকৰণ।
(ঙ) অসমৰ সামাজিক আৰু ধার্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্রহ আৰু বুৰঞ্জী প্রণয়ন।
(চ) সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ।
এইবোৰ উদ্দেশ্য সাধনৰ বাবেই ১৮৮৯ চনত অ.ভা.উ.সা. সভাৰ মুখপত্র হিচাপে মাহেকীয়া আলোচনী জোনাকীৰ জন্ম হয়। জোনাকী কাকতৰ প্রথম সম্পাদক আছিল চন্দ্রকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সংখ্যাত চন্দ্রকুমাৰ আগৰৱালাই ‘আত্মকথা’ত নিজ উদ্দেশ্য বাখ্যা কৰি লিখিছে- এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেও যদি নিজে নিজেও যত্নৰ ফিৰিঙতিৰ পোহৰত বাট পাওঁ তেন্তে আমাৰ শক্তিৰ মিছা ব্যয় হোরা নাই বুলি ভাবিম।
জোনাকীয়ে সচেতনভাৱে এক সাহিত্যিক আন্দোলনৰ গঢ় দি তুলিলে। ভাষাৰ নির্ভুল সম্ভৱপৰ উচ্চতম আধুনিক মান নির্ণয়ৰ যত্নত সাহিত্যিক শৈলী সমৃদ্ধ হৈ উঠিল। পাশ্চাত্যৰ প্রভাৱ মুক্তভাৱে গ্রহণ কৰি বঙলা সাহিত্যৰ বৰেণ্যসকলব আদর্শও আগত ৰাখি আধুনিক অসমীয়া সাহিত্যৰ ভাবধাৰা আৰু সাহিত্যিক ৰূপ অসমীয়াত সমাৱেশ কৰিলে। উপন্যাস, ছেক্সপিয়েৰৰ অনুবাদ লগতে আধুনিক নাটক আদিৰ বা ৰোমান্টিক নাটক, প্রহসন, আধুনিক চুটিগল্প, বুৰঞ্জীমূলক আৰু সমালোচনামূলক প্ৰৱন্ধ আদিয়ে গৌৰৱময়ভাবে অসমীয়া সাহিত্যত প্রৱেশ কৰি নিজৰ স্থান অধিকাৰ কৰিলে।
জোনাকী স্তৰৰ ভাষাত মূলতঃ দুটা প্রবাহ লক্ষ্য কৰা যায়, এটা পদ্মনাথ গোহাঞিবৰুৱাৰ পৰম্পৰাবাদী আৰু আনটো লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিৱর্তনকামী ভাষা। বেজবৰুৱাব ভাষাত প্রবাহমানতা বিদ্যমান। তেওঁ শব্দচয়নৰ ক্ষেত্রত আচৰিত ধৰণে উদাৰতা অৱলম্বন কৰাৰ লগতে একেবাৰে ঘৰুৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ সকলো নিজৰ ৰচনাত প্রয়োগ কৰিছে। এনে প্রয়োগে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত সহায় কৰিছে।
ভাষাৰ প্রকাশিকা শক্তিৰ বৃদ্ধিৰ বাবে বেজবৰুৱাই নিজৰ পিনৰ পৰাও কিছুমান শব্দ সজাইছিল। যথা- নিপনীয়া, গাখীৰ, বুদ্ধিয়ে বিজুলীয়ালে, লগৰিয়ানী ইত্যাদি। প্রয়োজন সাপেক্ষে ঠাই বিশেষে ইংৰাজী ভাষাৰ শব্দ কিছুমান প্রতিশব্দ হিচাপে নতুন শব্দ সৃষ্টি কৰিছে। যেনে- অঙ্কবিদ্যা (Mathematics), অপ্রীতিকৰ (Unpleasant), চুপ (silence), কল্পিত (supposed), বিজুলীডাক (telegram) ইত্যাদি। কেতিয়াবা আকৌ ইংৰাজী শব্দটোকে লিপ্যন্তৰ কৰি প্ৰয়োগ কৰিছে, যেনে- ৰোমাণ্টিক (romantic), ফেশান (fashion), চেক (cheque) ইত্যাদি।
বেজবৰুৱাৰ ৰচনাত বৈষ্ণৱ সাহিত্যৰ পৰা লোক সাহিত্যলৈ, ফকৰা যোজনা, প্রবাদ প্রবচনৰ পৰা জতুবা ঠাচলৈ, হাস্য-ব্যঙ্গৰ পৰা অলঙ্কাৰযুক্ত ৰচনালৈ, তত্ত্বৰ পৰা তথ্যলৈ সকলোবোৰ এক স্বকীয় ৰীতিত প্রকাশক্ষম হৈ উঠিছে।
পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষাত বিদেশী ভাঁজ নপৰা নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগত গুৰুত্ব দিছিল। যেনে- অনতি পলমে, তদুত্তৰত, শেহান্তৰত, ইতি সময়ত, হাত জোকাৰণি (handshake), আগভেটোৱা চিঠি (forwanding letter), ৰাইজীয়া মত (public opinion) ইত্যাদি।
জোনাকী স্তৰত বেজবৰুৱাৰ পিছত অসমীয়া ভাষাৰ সমৃদ্ধি আৰু বিকাশ সাধনত অৰিহনা যোগোৱা আন কেইজনমান ভাষা সাহিত্যৰ পূজাৰী হ’ল- বেনুধৰ শর্মা, অতুলচন্দ্ৰ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু সত্যনাথ বৰা। বেণুধৰ শৰ্মাৰ ৰচনাত শব্দ প্রয়োগৰ স্বকীয় ৰূপ বিদ্যমান।
বেণুধৰ শৰ্মাৰ পাছতেই বেজবৰুৱাৰ পদাঙ্ক অনুসৰণ কৰি অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত অৰিহণা যোগোৱা আন গৰাকী বিশিষ্ট লিখক হৈছে অতুল চন্দ্ৰ হাজৰিকা। তেওঁৰ ৰচনাত ঘৰোৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ, সংযুক্ত শব্দ, প্রতিধ্বন্যাত্মক শব্দ, জনজাতীয় ভাষাৰ শব্দ, সৃষ্টশব্দ আদি সকলোবোৰকে উপযুক্ত স্থানত ব্যৱহাৰ কৰিছে।
অসমীয়া ভাষা পৰিপুষ্টি সাধনত অৰিহণা যোগোৱা আন গৰাকী হ’ল অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁৰ ভাষা “তীব্র তেজালৰ উপৰিও সৈন্যৰ পদ বিক্ষেপৰ দৰে কঠিন, নির্ভীক আৰু অতি সঞ্চাৰণশীল। তেখেতৰ ভাষা প্ৰাণৰ, তেখেতৰ ভাষা স্পষ্টবাদিতাৰ আদর্শ।
নির্ভাঁজ অসমীয়া ভাষাত বস্তুনিষ্ঠ আধুনিক গদ্যক বিশিষ্ট আর্টৰূপে প্রতিষ্ঠা কৰোঁতাসকলৰ ভিতৰত সত্যনাথ বৰাৰ কৃতকার্যতা সর্বাধিক। এইদৰে এই সকলোৰে নেৰা-নেপেবা যুটীয়া প্রচেষ্টাত, তেওঁলোকৰ বিবিধ ৰচনাৱলীৰ মাজেদি জোনাকী স্তৰত অসমীয়া ভাষাই নতুন ৰূপত মান্য ভাষাৰূপে প্রতিষ্ঠা লাভ কৰে।
২৬। যুদ্ধোত্তৰ যুগত অসমীয়া ভাষাৰ ক্ষেত্ৰলৈ হোৱা পৰিৱর্তন সম্পর্কে এটি চমুটোকা লিখক।
উত্তৰঃ ১৯৩৯-৪৫ চনৰ দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱী জুৰি যি ধ্বংসলীলাৰ সৃষ্টি কৰিলে আৰু লগতে ৰাজনৈতিক আৰু সামাজিক দিশত আমুল পৰিৱর্তন আনিলে। অসমতো তাৰ প্রভাৱ নপৰাকৈ নাথাকিল। আর্থিক দুৰাৱস্থা, মূল্যবৃদ্ধি, খাদ্যবস্তুৰ নাটনি, চোৰাং বজাৰ আদিয়ে জনসাধাৰণক জুৰুলা কৰাৰ লগতে শৈক্ষিক আৰু সাংস্কৃতিক বিকাশ ধ্বংসমুখী কৰি তুলিলে।
দেশৰ এনে দুর্যোগপূর্ণ অৱস্থাৰ মাজতে অসমীয় ভাষা সাহিত্যই নতুন পথেৰে খোজ দিলে। সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ কবিতাই নতুন সাজ পিন্ধিলে। জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ খিড়িকী খুলি ৰখা সাম্প্রতিক কবিৰ ধৰ্ম্মই হৈ পৰিল।
যুদ্ধ অৱসানৰ ঠিক পিছৰ পৰাই অসমীয়া উপন্যাসলৈও নৱযৌবন আহিল। সমাজৰ, নগৰৰ আৰু গাওঁৰ নানান সমস্যাই উপন্যাসিকৰ চিত্ত ব্যাকুল কৰি তুলিলে আৰু তাৰ প্রতিফলন ঘটিল তেওঁলোকৰ উপন্যাসত। এনেদৰে চুটিগল্প আৰু নাটকৰ ক্ষেত্ৰতো নতুনত্বই দেখা দিলে।
ভবানন্দ দত্ত, অমূল্য বকবা, হেম বৰুৱা, কেশৱ মহন্ত আদিৰ হাতত আধুনিক অসমীয়া কবিতাই নতুন গতি লাভ কৰিলে। নতুন কবিসকলে যেনেকৈ ন ন উপমা, চিত্রকল্প আদিৰ সৃষ্টি কৰিলে, তেনেকৈ বহুতো শব্দৰ আমদানিও কৰিলে। কবিতাৰ লগতে উপন্যাস, গল্প, জীৱনী সকলোতে নতুন প্রকাশ ভংগীৰ উদ্ভৱ হ’ল।
যুদ্ধোত্তৰ যুগত অসমীয়া সাহিত্যৰ মাজেদি প্রতিফলিত হোৱা অসমীয়া ভাষাটোত মনোভাৱক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ চেষ্টা পৰিলক্ষিত হয়। ইয়াৰ বাবে নতুন নতুন সংযুক্ত শব্দৰ সৃষ্টি হ’ল। এনে কিছুমান হ’ল অশনি গর্ভ, কেঁচা-পোহৰ, আঙুৰ ওঠ, কেচা-গাভৰু, তুহিন স্পর্শ, সময়-দৈত্য, হিয়া হালধী, ঝাউ-আম-নিম-বন, কলি শগুণ ইত্যাদি।
বিশ্লেষণাত্মক নতুন প্রয়োগ কিছুমানেও দেখা দিলেঃ কাজলবুলীয়া (চকু), আবেলি আবেলি (গোন্ধ), দুৰন্ত (দুপৰ) ৰাবীন্দ্রিক (হাত), ৰুটিনীয়া (শ্রম), সৰীসৃপ (কামনা) পর্বতব টিং চুমা (টৌ) সর্পিল, স্বপ্নিল, ফেনিল, স্বপ্নালু ইত্যাদি। ঠায়ে ঠায়ে ইংৰাজী বিশেষণ শব্দকো বিশেষণৰূপে ব্যৱহাৰ কৰা হ’লঃ ব্রাউন (চকু)।
কিছুমান আলংকাৰিক আৰু নতুন প্রয়োগ ঘটিলঃ এমুঠি হাঁহি, তোমাৰ আঙুলিৰ শিখা যেন ৰঙা, চকুৰ চেকুৰ, বিজুলীৰ জিলিক, মেঘৰ মোহনা, জাগৰ বাতি, ৰ’দৰ নিমজ আঙুলি, (তেওঁৰ) অজান্তে ইত্যাদি।
যুদ্ধোত্তৰ কালত ভৌতিক আৰু বৌদ্ধিক দিশত হোৱা পৰিৱৰ্তনৰ ফলত অসমীয়াত ভালেমান দেশী-বিদেশী শব্দ ব্যৱহাৰ হ’বলৈ ধৰিলে। উদাহৰণস্বৰূপে কমৰেড, কাৰাভান, কেৱল ফুটপাথ, ডাষ্টবিন, লেম্প-পোষ্ট, নেশানেল হাইবে (যুদ্ধ জড়িত শব্দ আমদানিকৃত শব্দ) এয়াৰ ড্রম, ক্রেন, এৰোপ্লেন, মিলিটাৰী, ছাইৰেণ, ছেলটাৰ ইত্যাদি। নতুন ভাৱধাৰা প্ৰকাশৰ বাবে কিছুমান ইংৰাজী খণ্ডবাক্য অসমীয়া অনুবাদ কৰি ব্যৱহাৰ কৰিলে যেনে- বোধজ্ঞানহীন শিশু (mentally retarded children), বুদ্ধি পৰীক্ষাৰ মাপকাঠি (intelligent test), শাব্দিক প্রতিশব্দ (verbal image) ইত্যাদি।
স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমীয়া চিন্তাচৰ্চাৰ বৃদ্ধি, ভাষা আইন, শিক্ষাৰ মাধ্যমৰ সলনি আদিয়ে পাৰিভাষিক শব্দৰ ব্যৱহাৰ বঢ়াই তুলিলে আৰু তাৰ ফলত অসমীয়া ভাষালৈ প্রচুৰ পৰিমাণৰ তৎসম শব্দৰ আমদানি হ’ল। যেনে উপায়ুক্ত, প্রবক্তা, অধিবক্তা, ন্যায়ালয়, ন্যায়াধীশ, অধিগ্রহণ, সচিবালয়, পৌৰ নিগম, অধিকর্তা, পঞ্জীয়ক, ৰাজ্যপাল আদি আৰু তৎসম শব্দ- প্রগলতা প্রৌঢ়া, প্রমত্তা, ভগ্ন, ভ্রুকুটি, সন্ধ্যা, স্ফীতোদৰ, ক্লেদময়, কৃষ্ণ, স্ফীতোদৰ স্থানু ইত্যাদি।
যুদ্ধোত্তৰ যুগৰ সময়ছোৱাত অসমীয়া ভাষাটোৰ প্রকাশিকা শক্তি যথেষ্টৰূপে বৃদ্ধি হ’ল। ভাষাটোলৈ বহুতো বিদেশী আমদানি ঘটিল। তৎসম শব্দৰো বহুল ব্যৱহাৰ চলিল। ভাষাটোৱে পূৰ্বৰ পৰম্পৰা পৰিহাৰ কৰি নৱ ৰূপ ধাৰণ কৰিলে। মুঠৰ ওপৰত যুদ্ধোত্তৰ যুগৰ ভাষাই অসমীয়া ভাষাৰ উজ্জ্বল ভবিষ্যতৰ আগজাননী দিলে।