Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ Solutions, College and University Answer Bank for B.A, B.com, M.Com B.sc, and Post Graduate Notes and Guide Available here, Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ Notes can be of great value to excel in the examination.

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ

Join Telegram channel

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ Notes cover all the exercise questions in UGC Syllabus. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 3 অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়াৰ ভাষাৰ ইতিহাসৰ বিভিন্ন স্তৰ-উপস্তৰ

অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস

অতি চমু প্ৰশ্নোওৰ

১। ভাষাৰ মূল কি?

উত্তৰঃ ধ্বনি।

২। ধ্বনিবিজ্ঞানৰ বিষয়বস্তু কি? 

উত্তৰঃ মানৱ বাগমন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতং বিবৰণ ধ্বনিবিজ্ঞানৰ বিষয়বস্তু। 

৩। ধ্বনিৰ উচ্চাৰণৰ বিশেষত্ব অনুসৰি কি নিৰ্ণয় কৰা হয়?

উত্তৰঃ ধ্বনিৰ প্ৰকাৰ আৰু পৰিভাষা। 

৪।ধ্বনিবিজ্ঞানৰ শাখা কেইটা আৰু কিকি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ তিনিটা, উৎপাদন সংবহন আক গ্রহণ।

৫। ধ্বনিৰ উচ্চাৰক যন্ত্ৰটো কি?

উত্তৰঃ বাগিন্দ্রীয়।

৬। ধ্বনিতত্ত্ব কি?

উত্তৰঃ কোনো এটা ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ প্রণালীবদ্ধ আলোচনাই সেই ভাষাৰ ধ্বনিতত্ত্ব। যেনে – অসমীয়া ধ্বনিতত্ত্ব, বাংলা ধ্বনিতত্ত্ব।

৭। “বাগ্ধ্বনিৰ প্ৰণালীবদ্ধ লিওনার্ড ব্লুমফিল্ডে ধ্বনিতত্ত্ব বা কার্যকাৰী ধ্বনিবিজ্ঞানৰ ধাৰা।” -কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ লিওনার্ড ব্লুমফিল্ডে।

৮। বর্ণবিজ্ঞান কি?

উত্তৰঃ বর্ণবিজ্ঞান ভাষাবিজ্ঞানৰ অন্তর্গত এটা ভাগ। ই হৈছে ভাষা বিশেষত উচ্চাৰিত ধ্বনিসমূহৰ প্রকৃতি আৰু প্রায়োগিক বিশ্লেষণৰ এক প্রণালীবদ্ধ প্রক্রিয়া। 

৯। বর্ণবিজ্ঞানৰ প্রধান কাম কি? 

উত্তৰঃ ভাষা বিশেষত উচ্চাৰিত ধ্বনিসমূহক বিশিষ্ট আৰু অবিশিষ্ট হিচাপে চিনাক্ত কৰি বর্ণ আৰু উপধ্বনি নির্ণয় কৰাই হৈছে বর্ণবিজ্ঞানৰ প্রধান কাম। 

১০। বর্ণ কি?

উত্তৰঃ ‘বর্ণ’ হৈছে কিছুমান সদৃশ ধ্বনিৰ একোটা গোট। 

১১। ভাষা মৌলিক সামগ্রী কি?

 উত্তৰঃ ধ্বনি। 

১২। ‘উপধ্বনি’ মানে কি?

উত্তৰঃ উপধ্বনি বুলিলে ভাষাত উচ্চাৰিত অবিশিষ্ট ধ্বনিসমূহক বুজায়।

১৩। ধ্বনি কিহৰ দ্বাৰা উচ্চাৰিত হয়?

উত্তৰঃ বাগিন্দ্রীয়ৰ দ্বাৰা। 

১৪। ধ্বনিৰ গোট কি?

উত্তৰঃ বর্ণ।

১৫। ভাষা এটাৰ ক্ষুদ্রতম অর্থবহ গোটটো কি?

উত্তৰঃ আকৃতি বা ৰূপ। 

১৬। ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক কি?

উত্তৰঃ প্রাকৃতি।

 ১৭। বাক্যতত্ত্বৰ ইংৰাজী প্রতিশব্দ কি?

 উত্তৰঃ ‘Syntax’।

১৮। অর্থতত্ত্বৰ ইংৰাজী প্রতিশব্দ কি? 

উত্তৰঃ ‘Semantics’.

১৯। ভাষাবিজ্ঞানৰ মূলভেঁটি কি? 

উত্তৰঃ ধ্বনিবিজ্ঞান। 

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। যোগ্যতা বুলিলে কি বুজা? 

উত্তৰঃ বাক্যত যি কোনো পদৰ লগত যি কোনো পদ লগ লগাব নোৱাৰি। পদৰ যোগ্যতা অনুসৰিহে বাক্যত পদসমূহ সংস্থাপন কৰা হয়। বাক্যত ব্যৱহাৰ কৰা পদসমূহৰ যোগ্যতাৰ ক্ষেত্রত সাধাৰণতে দুটা কথালৈ মন কৰা হয়-

(ক) অর্থগত যোগ্যতা।

(খ) ৰূপগত যোগ্যতা। 

২। ধ্বনিবিজ্ঞানত বাধ্বনিসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি? আলোচনা কৰা।

উত্তৰঃ ধ্বনিবিজ্ঞানত বাধ্বনিসমূহক ৩ টা দিশৰ পৰা বিশ্লেষণ কৰা হয়। যেনে- উৎপাদন, সংবহন আৰু গ্রহণ। এই তিনিটা বিশেষ দৃষ্টিকোণৰ আধাৰত ধ্বনিবিজ্ঞানৰ অধ্যয়নৰ প্রকৃতি বা স্বৰূপলৈ লক্ষ্য ৰাখি তিনিটা শাখাত ভাগ কৰা হৈছে। যেনে-

(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান।

(খ) তৰংগ ধ্বনিবিজ্ঞান।

(গ) শ্রবণাত্মক ধ্বনিবিজ্ঞান।

(ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞানঃ বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ উচ্চাৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিশ্লেষণ উচ্চাৰণাত্মক ধ্বনিবিজ্ঞানত কৰা হয়। তদুপৰি ধ্বনিবিজ্ঞানৰ এই শাখাত ধ্বনিৰ উচ্চাৰণত সহায় কৰা বাগন্ত্ৰত ব্যৱহৃত বিভিন্ন অঙ্গ যেনে- ওঁঠ, জিভা, তালু, হাওঁফাওঁ আদি সম্পর্কে বিস্তৃতভাৱে অধ্যয়ন চলোৱা হয়। বহিগামী বায়ু প্রবাহৰ সহায়ত বাগিন্দ্রিয়ই কেনেদৰে ধ্বনি সৃষ্টি কৰে, ধ্বনিসমূহৰ উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিসমূহৰ শ্রেণীবিভাজন আদি সম্পর্কেও ধ্বনিবিজ্ঞানৰ এই শাখাত আলোচনা কৰা হয়। ভাষাত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ সাধাৰণ ভাষাবিজ্ঞানত বিশ্লেষণৰ বাবে এই উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান অতি আৱশ্যকীয়। 

(খ) তৰংগ ধ্বনিবিজ্ঞানঃ বাগধ্বনিসমূহ উচ্চাৰণ কৰোঁতে সন্মুখৰ বায়ুমণ্ডলত সৃষ্টি হোবা তৰংগ সম্পর্কে ধ্বনিবিজ্ঞানৰ এই শাখাত আলোচনা কৰা হয়। বক্তাৰ পৰা শ্ৰোতাৰ কাণলৈ সংক্রমিত হোৱা বায়ু প্রবাহৰ তৰংগ দৈর্ঘ্য অর্থাৎ উঠা-নমা গতি আৰু তাৰ বিস্তৃতি, তৰংগ পৰিসৰ, ধ্বনি দৈর্ঘ্য, ধ্বনি প্ৰাৱল্যৰ আলোচনাক সামৰি লয়। ধ্বনিৰ এই বৈশিষ্ট্যসমূহ সম্পর্কে ১৮৩০ ত প্রথমে উইলিচয়ে উল্লেখ কৰিছিল যদিও ১৮৪৫ ত স্পেকট্টগ্রাফ আৱিষ্কাৰ হোৱাৰ পাছতহে ধ্বনিসমূহৰ বিশ্লেষণ আৰু দৃশ্যমান কৰা সম্ভৱ হ’ল। বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰণ কৰা ধ্বনিসমূহৰ বিশ্লেষণ আৰু সংৰক্ষণৰ বাবে ধ্বনিবিজ্ঞানীয়ে যন্ত্র আক কম্পিউটাৰ প্ৰগ্ৰেমৰ সহায় লয়। সমসাময়িকভাৱে ডিজিটেল চিগনেলসমূহৰো উন্নতি হ’ল। ধ্বনিবিজ্ঞানীৰ এই শাখাত ধ্বনিৰ বিভিন্ন গুণ সম্পর্কে অধ্যয়ন কৰোঁতে নানাবিধ যন্ত্রপাতি-কাইমোগ্রাফ, ফ’নগ্রাফ, পেলেটোগ্রাফ, স্পেক্টোগ্রাফ আদিৰ লোৱা হয়। তৰংগ বিজ্ঞানীৰ পিতৃপুৰুষ ৰাউচ্চেল্টে ধ্বনিসমূহৰ আলোচনাত কাইম’গ্রাফ ব্যৱহাৰ কৰে। কাইম’গ্রাফৰ সহায়ত ধ্বনি কোনো এটা ভাষাৰ প্রাৱল্য, দীর্ঘত্ব, সুৰাঘাত, অনুনাসিকতা, ঘোষত্ব আদিৰ সম্পৰ্কে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আলোচনা কৰা হয়। এডিচনে ১৮৭৭ ত ফনগ্রাফ আৱিষ্কাৰ কৰে। ফনগ্রাফে ধ্বনিসমূহৰ সংৰক্ষণত সহায় কৰে। এডিচনৰ এই আৱিষ্কাৰে ধ্বনিসমূহৰ উচ্চাৰণ যে বাৰে বাৰে শুনিব আৰু তৰংগ বিশ্লেষণ কৰিব পাৰি তাক প্ৰমাণ কৰিবলৈ সক্ষম হয়। বর্তমান তৰংগ ধ্বনি বিজ্ঞানৰ আলোচনাক সাংবহনিক ধ্বনিবিজ্ঞানৰ বুলিও কোৱা হয়। ধ্বনিবিজ্ঞানৰ এই শাখাটে পদার্থবিজ্ঞান আৰু ধ্বনিবিজ্ঞানৰ মাজৰ এক অৱস্থা। সেয়ে ধ্বনিবিজ্ঞানৰ এই শাখাক প্রায়োগিক ধ্বনিবিজ্ঞান নাইবা যান্ত্রিক ধ্বনিবিজ্ঞান অভিহিত কৰিব পাৰি।

(গ) শ্রৱণাত্মক ধ্বনিবিজ্ঞানঃ ধ্বনিবিজ্ঞানৰ এই শাখাত বাগধ্বনিৰ শাৰীৰিক গুণ সম্পর্কে অধ্যয়ন কৰা হয়। বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহে বায়ুমণ্ডলৰ মাজেদি গৈ শ্রোতাৰ কর্ণকোহৰত প্রৱেশ কৰে, তেতিয়া শ্রৱণকেন্দ্র অর্থাৎ স্নায়ুকোষত কম্পন উঠে আৰু ইয়াৰ পাছতে মগজুৱে সংবাদ গ্রহণ কৰে। বক্তাৰ মুখৰ পৰা নিৰ্গত হোৱা ধ্বনিসমূহে বায়ুমণ্ডলৰ মাজেদি গৈ শ্রোতাৰ কৰ্ণকোহৰত স্পর্শ কৰাৰ পাছত সংবাদ গ্রহণলৈকে হোৱা ক্রিয়া আৰু প্রতিক্রিয়া সম্পর্কে অধ্যয়ন শ্রৱণাত্মক ধ্বনিবিজ্ঞানৰ সহায়ত কৰা হয়। শ্রৱণাত্মক ধ্বনিবিজ্ঞানৰ সূচনা হয় দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰা। এই শাখাৰ ধ্বনিবিজ্ঞানে ধ্বনিৰ অধ্যয়নৰ নির্ভুল আৰু সূক্ষ্মাতিসূক্ষ্ম বিৱৰণ দাঙি ধৰিব পাৰে বুলি ভবা হয় যদিও ভাষাবিজ্ঞানীসকল বৰ আগ্রহী নহয়। আনহাতে, ধ্বনিৰ এনে ধৰণৰ অধ্যয়নক ভাষাতত্ত্ববিদসকলে ধ্বনিবিজ্ঞানৰ অন্তর্গত কৰি ল’ব নিবিচাৰে, যিহেতু এই শ্রবণাত্মক ধ্বনিবিজ্ঞানে স্বৰ আৰু ব্যঞ্জনৰ ক্ষেত্ৰত এটা ভাল সিদ্ধান্ত দিব নোৱাৰে বুলি তেওঁলোকে ভাবে।

৩। বর্ণবিজ্ঞান বুলিলে কি বুজা? আলোচনা কৰা। 

উত্তৰঃ বর্ণবিজ্ঞান ভাষাবিজ্ঞানৰ অন্তর্গত এটা ভাগ। ই হৈছে ভাষা বিশেষত উচ্চাৰিত ধ্বনিসমূহৰ প্রকৃতি আৰু প্রায়োগিক বিশ্লেষণৰ এক প্রণালীবদ্ধ প্রক্রিয়া। ভাষাত উচ্চাৰিত সকলোবোৰ ধ্বনিৰ প্রকৃতি আৰু প্রায়োগিক বৈশিষ্ট্য একে নহয়। কিছুমান ধ্বনিৰ উচ্চাৰণ অতি স্পষ্ট। এনে স্পষ্ট আৰু সমগোত্রীয় ধ্বনিসমূহৰ প্রয়োগ বিশ্লেষণ কৰা হয়। সেই ধ্বনিবোৰক একে পৰিৱেশত এটাৰ ঠাইত অন্য এটা প্রয়োগ কৰিলে অর্থাৎ ধ্বনিযুক্ত হোৱাৰ পাছত ৰূপসমূহে ভিন্ন অর্থ প্রকাশ কৰে। অভিন্ন পৰিৱেশত ব্যৱহাৰ হোৱা ধ্বনিৰ উচ্চাৰণৰ পার্থক্য মাতৃভাষীৰ কাণত বাজি উঠে তেতিয়া সেই ধ্বনিসমূহক গোটত বিভক্ত কৰি বর্ণ, বুলি চিনাক্ত কৰা হয়। 

অসমীয়া ভাষাৰ পাল, ফাল, মাল আদি ৰূপৰ প্ৰত্যেকৰে প, ফ, ম ধ্বনিৰ বাহিৰে পিছৰ ‘আল’ অংশ একে। ‘আল’ অংশৰ লগত প, ফ, ম এই ধ্বনি তিনিটা সংযোগ কৰাৰ পাছত প্রত্যেকটো ৰূপৰে ভিন্নতা আহিছে আৰু অৰ্থৰ পাৰ্থক্য ঘটিছে। গতিকে অসমীয়া ভাষাত প, ফ, ম, এই তিনিটা প্রত্যেকেই একোটি বর্ণ। অভিন্ন পৰিৱেশত প, ফ, ম এই তিনিটা ধ্বনিৰ মাজত বিৰোধ ঘটিছে। আনহাতে, একোটা ধ্বনি পৰিবেশ ভেদে সুকীয়া ধৰণে উচ্চাৰিত হ’ব পাৰে।

অসমীয়া ভাষাত ‘পাপ’ আৰু ‘মাপ’ এই শব্দ দুটাত ‘প’ ধ্বনি দুটাৰ উচ্চাৰণ সুকীয়া হয়। প্রথমটোৰ উচ্চাৰণ মুক্ত আৰু দ্বিতীয়টোৰ উচ্চাৰণ বন্ধ। প্রথমটো ‘প’ ধ্বনি উচ্চাৰণ কৰোঁতে ওঁঠ দুটা লগ লাগিছে, কিন্তু পিছৰ ‘প’ ধ্বনি উচ্চাৰণ কৰোঁতে ওঁঠ দুটা সম্পূর্ণ লগ লগা নাই, মাত্ৰ ওচৰ চাপিছে। গতিকে সূক্ষ্মভাৱে পর্যৱেক্ষণ কৰিলে, ধ্বনি দুটাৰ উচ্চাৰণ সুকীয়া যদিও এটাৰ ঠাইত আনটোক বহুৱাব নোৱাৰি। তদুপৰি ইহঁতৰ উচ্চাৰণৰ পাৰ্থক্য মাতৃভাষীৰ কাণত বাজি নুঠে। আনহাতে, ইহঁতৰ প্ৰয়োগৰ স্থান সুনির্দিষ্ট আৰু প্ৰয়োগৰ কোনো বিৰোধ নাই। উচ্চাৰণৰ সূক্ষ্ম পার্থক্য থাকিলেও এনে বিবোধ নথকা ভিন্ন দুটাক এটা ধ্বনিগোটত বিভক্ত কৰি ‘বর্ণ’ বুলি চিনাক্ত কৰা হয়।

বর্ণ আৰু উপধ্বনিৰ নির্বাচন প্রণালীয়েই বর্ণ বিজ্ঞানৰ মূল বিষয়। সাধাৰণতে ধ্বনিৰ পৰিৱেশ, প্রয়োগ, প্রকৃতি আৰু গুণ আদিৰ বিচাৰ কৰি প্রণালীবদ্ধ ভাৱে বর্ণ আৰু উপধ্বনিৰ নিৰ্ণয় কৰা হয়। বর্ণবিজ্ঞানত ধ্বনি প্রয়োগৰ আলোচনাই বিশেষ ভূমিকা গ্রহণ কৰে। ইয়াত ধ্বনি প্রয়োগৰ প্রকৃতি নিৰ্ণয়ৰ জৰিয়তে ভাষাৰ গঠন বা ৰূপৰ চানেকী সম্পর্কে জানিব পাৰি। কোনো এটা কথিত ভাষাব বা অলিখিত ভাষাৰ লিপি নির্ধাৰণৰ ক্ষেত্ৰতো বর্ণবিজ্ঞানৰ ভূমিকা আছে। 

8। ধ্বনিৰ প্রয়োগ কেইপ্ৰকাৰৰ আৰু কি কি? আলোচনা কৰা।

উত্তৰঃ ধ্বনিৰ প্রয়োগ দুই প্রকাৰৰ-

(ক) বিৰোধী বা প্রতীপ প্রয়োগ।

(খ) অবিৰোধী বা অপ্রতীপ প্রয়োগ।

(ক) বিৰোধী বা প্রতীপ প্রয়োগঃ অভিন্ন পৰিৱেশত ধ্বনিৰ প্ৰয়োগ হ’লে তাক বিৰোধী বা প্রতীপ প্রয়োগ বোলা হয়। ধ্বনিৰ প্ৰয়োগ অভিন্ন কিন্তু আলোচ্য ধ্বনি সমষ্টি ভিন্ন আৰু এই ভিন্ন ধ্বনিয়ে শব্দৰ অৰ্থ সলনি কৰে, তেনে ধ্বনিৰ বিৰোধ আছে বুলি ক’ব লাগিব। বিৰোধ থকা ধ্বনি সমষ্টিকে ‘বর্ণ’ বোলা হয়। অসমীয়া ভাষাৰ ব্যঞ্জনৰ অভিন্ন পৰিৱেশত ভিন্ন ধ্বনিৰ মাজত হোৱা বিৰোধৰ উদাহৰণ দাঙি ধৰা হৈছে-

বৰ্ণ আদ্য অৱস্থানত বিৰোধ
/ ক /ক – আলকাল 
/ খ /খ – আলখাল
/ গ / গ – আলগাল
/ ঘ /ঘ – আলঘাল 
/ ত / ত – আলতাল
/ থ /থ – আলথাল
/ দ /দ – আলদাল
/ ধ /ধ – আলধাল
/ ন /ন – আলনাল
/ প /প – আলপাল
/ ফ /ফ – আলফাল
/ ব / ব – আলবাল
/ ভ /ভ – আলভাল
/ ম /ম – আলমাল
/ য /য – আল জাল
/ স /স – আলচাল
/ ষ / ষ – আলসাল
/ হ /হ – আখ হাল
/ ৰ /ৰ – ৰাখৰাখ
/ ল /ল – আস লাখ

ওপৰত ২০ টা ব্যঞ্জনবর্ণৰ আদ্য অৱস্থানত বিৰোধ পোৱা গৈছে। অসমীয়াত য়, ৱ, ঙ এই তিনিটাৰ বাহিৰে সকলোবোৰ ব্যঞ্জনবর্ণৰে আদ্য অৱস্থানত অভিন্ন পৰিৱেশত বিৰোধ পোৱা যায়। ইয়াত ক, খ, গ, ঘ, প, ফ, ব, ভ, ম, য আদিৰ পিছৰ ধ্বনিবোৰ একে; আগত একো ধ্বনি নাই। কেৱল অভিন্ন পৰিৱেশৰ পিছৰ ধ্বনি সমষ্টিৰ লগত ক, খ, গ, প, ফ, ব, ভ, ম সংযোগ কৰাত প্রত্যেকটো শব্দই সুকীয়া সুকীয়া অর্থ বহন কৰিছে। গতিকে অভিন্ন পৰিৱেশত ঘটা সকলো ধ্বনিয়েই ‘বর্ণ’ বুলি বিবেচিত হ’ব।

কেতিয়াবা আকৌ সদৃশ পৰিৱেশৰো ধ্বনিৰ বিৰোধ ঘটিব পাৰে। অসমীয়া ক, খ, গ, ঘ ধ্বনিৰ মধ্য অৱস্থানত পৰিৱেশ মিল থকা শব্দ। যেনে-

/ ক / অৰ‘আকৰ’
/ খ / অৰ‘আখৰ’
/ গ / অৰ‘আগৰ’
/ ঘ /বা ‘বাঘৰ’

ওপৰৰ শব্দকেইটা মধ্য অৱস্থানত ব্যৱহৃত ক, খ, গ, ধ্বনিৰ পৰিৱেশ অভিন্ন। কিন্তু ‘ঘ’ ধ্বনিৰ আগত ‘আ’ আছে যদিও ‘ব’ এটা অতিৰিক্ত ধ্বনি হিচাপে পোৱা গৈছে। যদিও এই অতিৰিক্ত ধ্বনিটোৱে আলোচ্য ধ্বনিৰ ওপৰত কোনো প্রভাৱ পেলাব পৰা নাই, তেনেহ’লে ক, খ, গ অভিন্ন পৰিৱেশৰ সৈতে ‘ঘ’ৰ সদৃশ পৰিৱেশত বিৰোধী প্রয়োগ ঘটিছে। গতিকে সদৃশ পৰিৱেশত ক, খ, গ, ঘ এই চাৰিটা বিশিষ্ট ধ্বনি বা বর্ণ বুলি বিবেচিত হ’ব।

(খ) ধ্বনিৰ অবিৰোধী বা অপ্রতীপ প্রয়োগঃ ভাষা বিশেষৰ কিছুমান ধ্বনি অভিন্ন বা সদৃশ পৰিৱেশত বিৰোধ নহয়, এনে প্রয়োগ নোহোৱা ধ্বনিবোৰক অবিৰোধী প্রয়োগ বোলা হয়। ধ্বনিৰ অবিৰোধী প্রয়োগ দুই প্রকাৰ। যেনে-

১। পৰিপূৰক প্রয়োগ।

২।  মুক্ত বিকল্প প্রয়োগ বা অয়ত বিকল্প প্রয়োগ। 

১। পৰিপূৰক প্রয়োগঃ ধ্বনিৰ উচ্চাৰণৰ গাঢ় মিল থকা কিছুমান ধ্বনিৰ মাজত বিৰোধ নঘটে। আনহাতে, ইহঁতৰ প্ৰয়োগৰ স্থানো নির্দিষ্ট। সাধাৰণতে এনে গুণ বিশিষ্ট দুটা ধ্বনিৰ অৱস্থানত যদি এটা প্রয়োগ হয় আনটো মধ্য বা শেষ অৱস্থানতহে প্রয়োগ হ’ব। এই ধ্বনি দুই সদায় ইটোৰ পৰা সিটো আঁতৰি থাকে। ধ্বনিৰ এনে প্রয়োগকে পৰিপূৰক প্রয়োগ বোলে। অসমীয়া ভাষাত প, ফ, ব, ভ ধ্বনিৰ আদি, মধ্য অবস্থানত অভিন্ন পৰিৱেশত বিৰোধ ঘটে। যেনে-

বৰ্ণ আদি অৱস্থানমধ্য অৱস্থান
/ প /প – আত এ – প – আল
/ ফ /ফ – আতএ – ফ – আল
/ ব /ব – আতএ – ব – আৰ 
/ ভ /ভ – আতএ – ভ – আৰ 

ওপৰৰ উদাহৰণৰ পৰা বুজা যায় যে প, ফ, ব, ভ ধ্বনিৰ অভিন্ন পৰিৱেশত বিৰোধ ঘটিছে। সেয়ে প, ফ, ব, ভ প্রত্যেকেই বিশিষ্ট ধ্বনি বা বর্ণ।

কিন্তু প, ফ, ভ ধ্বনিৰ ধ্বনিগত গাঢ় মিল থকা প, ফ, ভ এই ধ্বনি কেইটা পোৱা যায়। যেনে –

বৰ্ণ আদি অৱস্থান অন্ত্য অৱস্থান
/ প /প – আপপ – আপ
/ ফ / ফ – আলল – আফ 
/ ভ /ভ – আলল – আভ 

ওপৰৰ প, ফ, ভ এই ধ্বনিকেইটা অন্ত্য অৱস্থানতহে প্রয়োগ পোৱা গৈছে। আনহাতে, প, ফ, ভ ধ্বনিৰ প্রয়োগ আদি আৰু মধ্য অৱস্থানত পোৱা যায়। যেনে- প-আপ, ফ-আল, ভ-আল। 

২। মুক্ত বিকল্প প্রয়োগ বা অয়ত বিকল্প প্রয়োগঃ আলোচ্য ভাষা বিশেষত ধ্বনিগত সাদৃশ্য থকা কিছুমান ধ্বনিৰ প্ৰয়োগৰ অৱস্থান বিশেষে উচ্চাৰণৰ সালসলনি ঘটে, অৱশ্যে উচ্চাৰণৰ সালসলনি ঘটিলেও শব্দবোৰ পৃথক বুলি ভবা নহয়। ধ্বনিৰ এনে প্রয়োগকে মুক্ত বিকল্প প্রয়োগ বোলা হয়। অসমীয়া ভাষা ব্যৱহাৰ কৰা কোনো সম্প্রদায়ৰ মাজত ‘খ’ আৰু ‘ষ’ এই ধ্বনি দুটাৰ উচ্চাৰণ শব্দৰ আদি, মধা, অন্ত্য অৱস্থানত মুক্ত বিকল্প প্রয়োগ শুনিবলৈ পোৱা যায়। কেতিয়াবা কোমল ‘খ’ ৰ উচ্চাৰণ কঠিন ‘ষ’ ৰ দৰে আৰু কঠিন ‘ষ’ ৰ উচ্চাৰণ কোমল ‘খ’ ৰ দৰে হয়। যেনে- খুটা, খৰম, আখৰ, অসুৰ, ভাষা, বিষ, বৰষুণ ইত্যাদি শব্দৰ উচ্চাৰণত মুক্ত বিকল্প প্রয়োগ ঘটে। কিন্তু অসমীয়া ভাষাৰ ই এক উচ্চাৰণৰ বৈশিষ্ট্যহে। উচ্চাৰণৰ সালসলনি হ’লেও ‘বৰষুণ’ শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটা নাই। তেনেহ’লে ‘খ’ আৰু ‘ষ’ ধ্বনিক এটা বৰ্ণৰ গোট বুলি ধৰা হয়। এই বর্ণগোটৰ দুটা উপধ্বনি হৈছে- [খ] আৰু [য]।

৫। অর্থ কোনেকৈ সাধিত হয়? আলোচনা কৰা।

উত্তৰঃ আমি কথা কওঁতে মুখেৰে কিছুমান ধ্বনি উচ্চাৰণ কৰোঁ, ধ্বনি সমষ্টি মিলাই শব্দ আৰু শব্দগুচ্ছ সৃষ্টি কৰা হয় আৰু শব্দগুচ্ছৰ সহায়ত বাক্য সৃষ্টি কৰা হয় আৰু এই বাক্যৰ সহায়তেই মনৰ ভাৱ প্রকাশ কৰা হয়। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা বাক্যৰ অন্তৰালত তিনিটা কথা অন্তৰ্নিহিত হৈ আছে। এটা হৈছে, উচ্চাৰিত ধ্বনি গুচ্ছ বা শব্দ অর্থাৎ বক্তব্য, দ্বিতীয়টো হৈছে, যিটো বিষয়ে কোৱা হৈছে অর্থাৎ বিষয় আৰু তৃতীয়টো হৈছে, বক্তব্য আৰু বিষয়ৰ মাজৰ সম্পৰ্ক গঢ়ি তোলা ভাৱ বা ধাৰণা অর্থাৎ অর্থ। বক্তব্য, বিষয় আৰু ধাৰণা এই তিনিটাৰ সহসম্বন্ধ উলমান- এ দেখুওৱা ত্রিভুজৰ সহায়ত দেখুৱাব পাৰি –

উলমানে ত্রিভূজৰ সহায়ত দাঙি ধৰা বিশ্লেষণ; চচ্যুৰে ভাষাবিজ্ঞানত আগবঢ়োবা অর্থ বিশ্লেষণৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল। চচ্যুৰে ভাষাবিজ্ঞানৰ আলোচনাত চিহ্নক ভাষাৰ প্রাথমিক উপাদন বুলি কৈছে। কোনো বস্তুৰ নির্দেশক শব্দ বা ধ্বনি কেই ‘চিহ্ন’ বুলি কৈছে। ভাবৰ আদান-প্রদানৰ বাবে মানুহে ধ্বনিযুক্ত শব্দ উচ্চাৰণ কৰে। প্ৰতিটো শব্দৰ স্বাভাৱিকতে দুটা ভাগ থাকে, এটা হৈছে শ্রব্যৰূপ আৰু আনটো হৈছে তাৰ অন্তনিহিত অর্থ। গতিকে ভাষা বৈজ্ঞানিক মনস্তাত্বিক সত্তা দুটা, এটা হৈছে- ‘ধ্বনি নির্দেশক’ আৰু আনটো হৈছে ‘ধাৰণা’। ধ্বনি নির্দেশক হৈছে ‘চিহ্নক’ আৰু ধাৰণাই হৈছেঃ ‘চিহ্নিত’। প্রথম প্ৰকাৰে যাৰ বিষয়ে কৈছে তাৰ শ্রব্য ৰূপ আৰু দ্বিতীয় প্ৰকাৰে যাৰ বিষয়ে কোৱা হৈছে তাৰ ধাৰণা দিয়ে, অর্থাৎ যাক বুজোৱা হৈছে তাৰ অর্থ জ্ঞাপন কৰে। চিহ্ন, চিহ্নক আৰু চিহ্নিতৰ মাজত এটা সম্বন্ধ আছে। চু্চ্যৰৰ চিহ্নৰ উপাদান চিহ্নক আৰু চিহ্নিতৰ সম্বন্ধ বৃত্তৰ পৰিধিৰ দ্বাৰা দেখুৱাব পাৰি-

উদাহৰণৰ সহায়ত এনেদৰে বুজাব পাৰি যে, বক্তাই উচ্চাৰণ কৰা আৰু শ্রোতাই শুনা ‘কুকুৰ’ শব্দটোৰ ‘ক + উ + ক + উ + ৰ’ এক ধ্বনি সমষ্টি হৈছে, চিহ্ন। এই ধ্বনি সমষ্টি বক্তাই উচ্চাৰণ কৰাৰ লগে লগে শ্ৰোতাৰ কৰ্ণকোহৰত প্ৰতিধ্বনিত হয় আৰু লগে লগে শ্রোতাৰ মনত এটা চাৰিঠেঙীয়া জন্তু বিশেষৰ ধাৰণা আনি দিয়ে। এই ধাৰণাৰ পিছফালে ‘কুকুৰ’ নামৰ এটা জীৱন্ত প্রাণী লুকাই আছে। যি ধাৰণা আনি দিয়ে, সিয়ে চিহ্নক, ইয়াত হাতী, ঘোঁৰা, গৰু, মেকুৰী আদিক বুজোৱা নাই। ‘কুকুৰ’ নামৰ চাৰিঠেঙীয়া ঘৰচীয়া জীৱ বিশেষকহে বুজাইছে, এই ধাৰণা মনৰ মাজত খোপৰি পুতি যি বোধ উৎপন্ন কৰে, অৰ্থাৎ যি বিশেষ অর্থ বোধ কৰোৱায়, সিয়ে চিহ্নিত। ‘মোৰ এটা কুকুৰ আছে’ এই বাক্যটোত ব্যৱহৃত ‘কুকুৰ’ শব্দটো বক্তাই উচ্চাৰণ কৰা মুহূর্তত ‘কুকুৰ’ শব্দটোৱে বুজোৱা বিশেষ কুকুৰটো সম্পর্কে শ্রোতাৰ জ্ঞান নাথাকিলেও ‘কুকুৰ’ সম্পর্কে পূর্বজ্ঞান বা প্রাক্ ধাৰণাৰ আধাৰত বক্তাৰ মনৰ ভাব শ্রোতাই বুজি পাইছে আৰু বক্তাইও প্রাক্ ধাৰণাৰ আধাৰতেই মনৰ ভাব শ্রোতাৰ আগত ব্যক্ত কৰিব পাৰি।  

৬। অর্থতত্ত্ব বিচাৰৰ দিশসমূহ কি? 

উত্তৰঃ বৰ্হিজগতৰ বস্তু, ক্রিয়া আৰু অৱস্থাৰ লগত ভাষাৰ সম্পর্ক স্থাপন কৰাই হৈছে, অৰ্থৰ প্রধান কাম। অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণেই হৈছে, ‘অর্থতত্ত্ব’।

অর্থতত্ত্বৰ আলোচনাত অৰ্থৰ কাৰ্যৰ চাৰিটা দিশ চালি জাৰি চোৱা হয় –

(ক) বাক্যৰ গঠন ঠিক মতে হৈছেনে নাই তাৰ ধাৰণা দিয়ে (Make reference to the systatic structure in a precise way)।

(খ) প্রত্যেক শব্দৰ অৰ্থ প্রণালীবদ্ধভাৱে দেখুৱাই দিয়ে (Systematically represent the meaning of the single word)।

(গ) শব্দৰ অৰ্থ গঠন কেনেকৈ হয়, তাক দেখুৱাই দিয়ে আৰু বাক্যৰ লগত শব্দ আৰু অৰ্থৰ সহসম্বন্ধৰ ব্যাখ্যা দাঙি ধৰে (Show how the structure of the meaning of words and the syntactic relations interest in order to constitute the interpretation of sentence)।

(ঘ) ভাব বা বিষয়ৰ লগত ব্যাখ্যাৰ সংগতি স্থাপন হৈছেনে নাই অর্থতত্ত্বই বিচাৰ কৰে (It must indicate how these interpretations are related to the things spoken about)।

৭। অর্থ পৰিৱৰ্তনৰ কাৰণসমূহ আলোচনা কৰা। 

উত্তৰঃ শব্দৰ অৰ্থ পৰিৱর্তনৰ ইতিহাস অধ্যয়ন সঁচাকৈয়ে আমোদজনক। সময়ৰ গতিত বিভিন্নজনৰ মুখ বাগৰি আহোঁতে ভাষা এটাৰ আমূল পৰিৱৰ্তন হয়। কিন্তু এই পৰিৱর্তন কিয় হয়, কেনেকৈ হয় ইয়াক কম কথাৰে বুজাব নোৱাৰি। বিশেষকৈ শব্দৰ অর্থ পৰিৱর্তন বিভিন্ন কাৰণত সাধিত হ’ব পাৰে। মানুহৰ মনোবৈজ্ঞানিক জগতখনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক, ভৌগোলিক, ভৌতিক আদি বহু পৰিৱেশৰ লগত এই কাৰণসমূহ জড়িত। বিশেষকৈ যুগৰ পৰিৱৰ্তনৰ লগতে সামাজিক ৰীতি-নীতিৰ পৰিৱৰ্তন, অন্যান্য ভাষা-ভাষীৰ প্রভাৱ, মানুহৰ ৰুচিবোধ, নম্রতা প্রদর্শন, সংস্কাৰ, আলংকাৰিক প্রয়োগ আদি অর্থ পৰিৱৰ্তনৰ কিছুমান কাৰণৰ কথা ভাষাবিজ্ঞানীসকলে উল্লেখ কৰিছে।

তলত সম্ভাব্য কাৰণ কেইটামানৰ আলোচনা দাঙি ধৰা হৈছে- 

(ক) আলংকাৰিক প্ৰয়োগঃ মানুহে ভাষা কওঁতে বা লিখোতে শুৱলা হ’বৰ বাবে অলংকাৰ প্রয়োগ কৰে। অলংকাৰ প্রয়োগে শব্দৰ অর্থৰ পৰিৱৰ্তন ঘটায়। বহু ক্ষেত্রত দেখা যায় যে, অলংকাৰ প্ৰয়োগৰ ফলত যি পৰিৱৰ্তিত অৰ্থৰ সূচনা কৰে সেই অৰ্থৰ লগত মূল শব্দৰ অৰ্থৰ কোনো সম্পর্ক বিচাৰি পোৱা নাযায়। প্রাচীন আলংকাৰিকসকলৰ প্রাচীন সাহিত্যৰাজিত অলংকাৰ প্রয়োগ ৰীতিসন্মত আছিল। তেওঁলোকৰ দৰে বৰ্তমানৰ সাহিত্যিকসকলেও লেখনিত অলংকাৰ প্ৰয়োগ কৰি আহিছে। তদুপৰি, কথা-বতৰা কওঁতে অর্থাৎ কথিত ৰূপটো অলংকাৰ প্রয়োগ কৰে। যেনে- “তেওঁৰ মুখখন একেবাৰে লাওপাত-কচুপাত”, তেওঁ গপতে গংগাটোপ হৈ আছে’ আদি খণ্ডবাক্য প্রয়োগ কৰে। প্রথম বাক্যটোত মুখখন চোকা অর্থতহে লাওপাত কচুপাত শব্দ দুটা প্রয়োগ কৰিছে। দ্বিতীয় বাক্যত মানুহজন গপত গংগাটোপৰ দৰে ওফন্দি আছে, অর্থাৎ স্বভাৱৰ কথা কোৱা হৈছে। গোটেই ঘৰখন ‘কাহপৰি জীণ’ গৈছে, ইয়াত ঘৰখনৰ নির্জনতাৰ কথাহে কোৱা হৈছে। তদুপৰি, চকুচৰহা, চকু লগা, চকু পৰা, চকু মুদা, চকু দিয়া আদি শব্দই আক্ষৰিক অর্থ প্রকাশ নকৰি একোটা বিশেষ ব্যঞ্জনা অর্থহে প্রকাশ কৰে। অসমীয় ভাষাৰ এই জতুৱা খণ্ডবাক্যবোৰে ভাষাটোৰ প্রকাশিকা শক্তি বৃদ্ধি কৰে। বিভিন্ন সাহিত্যিকদ লেখনিত এনেধৰণৰ জতুৱা খণ্ড বাক্যৰ প্রয়োগ দেখা যায়। কঁকাল পৰা, গা লৰিল, গাটঙা, বুকুত কুঠাৰ মৰা, হৰি নিয়া, গাত লোৱা, কাণ সৰালি মৰা, গাই বাই ফুৰা, চকুত ধুলি মৰা এই খণ্ডবাক্যবোৰৰ প্ৰয়োগ শব্দৰ প্রচলিত অৰ্থতকৈ বিশেষ অর্থ প্রকাশ কৰে। আলংকাৰিক প্রয়োগে ভাষাৰ প্রকাশিকা শক্তি বৃদ্ধিত অৰিহণা যোগায়। তদুপৰি, মানুহৰ মনৰ সৌন্দৰ্যৰ প্ৰতিফলনো ঘটায়।

(খ) পৰিৱেশৰ প্রভাৱঃ মানুহে জীৱিকাৰ পথ বিচাৰি এঠাইৰ পৰা অন্য এঠাইলৈ প্রব্রজন কৰে। ফলত স্থান পৰিৱৰ্তনৰ লগে লগে সমাজ জীৱনৰো পৰিৱর্তন ঘটে। সমাজ পৰিৱৰ্তনৰ লগে লগে দৈনন্দিন জীৱনৰ ৰীতি-নীতি, চাল-চলন, আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, পিন্ধা-উৰা, বস্তু-বাহানি আদিত আমূল পৰিৱর্তনে দেখা দিয়ে। এনে পৰিৱৰ্তনৰ ফলত পুৰণি শব্দৰ ঠাইত নতুন শব্দৰ আগমণ হয়। আনহাতে, কিছুমান শব্দৰ পুৰণি অর্থ লোপ পায় আৰু তাত নতুন অর্থ আৰোপ কৰা হয়। যেনে- ‘কাপ-মৈলাম’ শব্দই লিখাৰ সঁজুলিক বুজাইছিল, কিন্তু বর্তমান ‘কাপ’ শব্দই শিয়লা অর্থাৎ পানীয় বস্তু খাবলৈ ব্যৱহাৰ কৰা পাত্ৰক বুজোৱা হ’ল। বৈদিক সংস্কৃতত বেদৰ স্তুতিগীতবোৰত ‘উষ্ট্র’ শব্দটোৱে ম’হবা মেথোন বুজাইছিল, পাছলৈ এই ‘উষ্ট্র’ শব্দৰ পৰা সৃষ্টি হোৱা ‘উট’ শব্দই মৰুভূমি অঞ্চলত মানুহে অহা-যোৱাৰ বাহন হিচাপে ব্যৱহাৰ কৰা এবিধ জন্তুক বুজোৱা হ’ল। মানুহৰ প্ৰব্ৰজনৰ কাৰণেই শব্দৰ অৰ্থৰ পৰিৱৰ্তন হৈছে বুলিব পাৰি।

আনহাতে, ধর্মীয় আৰু সামাজিক পৰিৱেশত একোটা শব্দই মূল অর্থতকৈ অধিক অর্থ প্রকাশ কৰিব পাৰে। যেনে- ইংৰাজী ‘Father’ শব্দৰ অৰ্থ অসমীয়া ভাষাত ‘দেউতা’। কিন্তু খ্রীষ্টান ধর্মীয় পৰিৱেশত ধর্মযাজকজনক ‘Father’ বোলা হয়, আনকি খ্রীষ্টান শিক্ষানুষ্ঠানসমূহত ছাত্র-ছাত্রীসকলে অনুষ্ঠানৰ মুৰব্বীজনক ‘Father’ বুলেয়ে সম্বোধন কৰে। ঠিক তেনেদৰে ‘Sister’ শব্দৰ অৰ্থ হৈছে ‘বাই বা ভনী’ কিন্তু পৰিৱেশৰ পৰিৱর্তনৰ লগে লগে চিকিৎসালয়ৰ নাৰ্ছগৰাকীক ‘Sister’ বুলি কোৱা হয়। শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীগৰাকীক ‘বাইদেউ’ বুলি সম্বোধন কৰা হয়। তদুপৰি বিভিন্ন অফিচ আদালতত কাম কৰা মহিলাক ‘বাইদেউ’ / ‘ভনী’ বা ‘Sister’ বুলি সম্বোধন কৰ হয়। বর্তমান অসমীয়া সমাজত ইংৰাজী ‘Uncle’ আৰু ‘aunt’ বুলি সম্বোধন কৰে।

সমাজৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান শব্দৰ অৰ্থৰ উন্নতি হয়। বৰফুক’শত্রু’ন, বৰগোঁহাই, বৰদলৈ, ডেকাফুকন আদি শব্দই আহোম যুগৰ বিশেষ বিষয়বাবৰ অধিকাৰী বিষয়াক বুজাইছিল। বর্তমান সেইবোৰ শব্দ উপাধি হিচাপে ব্যৱহাৰ কৰা হয়। ‘বাহাদুৰ’ শব্দই সাহসী, বীৰ, কর্মপটুতা, দক্ষ আদি লোকক সম্বোধন কৰা এটা শব্দৰূপে ব্যৱহাৰ হ’বলৈ ধৰিলে। ‘অসুৰ’ শব্দই প্রথমে দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু পিছলৈ ‘অসুৰ’ শব্দই দৈত্য দানৱক বুজাবলৈ ধৰিলে।

সমাজৰ ভৌতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ ফলত শব্দৰ অৰ্থৰ সলনি হয়। পিতৃতন্ত্র সমাজ থাকোঁতে সংস্কৃত ‘শ্বশুৰ’ আৰু ‘শ্বশ্রূ’ শব্দ দুটাই ক্রমে স্বামীৰ মাক আৰু দেউতাকক বুজাইছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সেইখন সমাজ পিতৃ-প্রধান আছিল, কিন্তু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে সেই একে শব্দ দুটাই বর্তমান পত্নীৰ মাক আৰু দেউতাককো বুজাবলৈ ধৰিলে। সংস্কৃত ‘দুহিতা’ শব্দ দোহন কৰা বা দান দিয়া লোকৰ ক্ষেত্ৰতহে ব্যৱহাৰ হৈছিল। বর্তমান ‘দুহিতা’ শব্দৰপৰা সৃষ্টি হোৱা ‘জীয়াৰী’ শব্দই ‘কন্যা বুজাবলৈ ধৰিলে। ‘কাপোৰ’ শব্দই পূৰ্বতে কপাহৰপৰা তৈয়াৰী কাপোৰক বুজাইছিল, বৰ্তমান কপাহৰ পৰা তৈয়াৰী বস্তুৰ উপৰি পাট আৰু মুগাৰ কাপোৰকো সামৰি ল’লে। 

(গ) সামাজিক সংস্কাৰঃ সামাজিক সংস্কাৰৰ কাৰণেও কিছুমান শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে। যিহেতু কিছুমান শব্দ সমাজত মুকলিমূৰীয়াকৈ কোৱাতো দোষণীয় বুলি ধৰা হয়। আনহাতে, অন্ধবিশ্বাস জড়িত হৈ থকা কিছুমান শব্দ ৰাতি ব্যৱহাৰ নকৰে। তেনে অন্ধবিশ্বাস জড়িত থকা কিছুমান বস্তু দোকানীয়ে ৰাতি বিক্রি নকৰে, কিন্তু সেই বস্তুসমূহৰ নাম যদি তাৰ পৰিৱৰ্তিত নামেৰে কোৱা হয়, তেতিয়া দোকানীয়ে সেই বস্তু বিক্রি কৰে। এনেধৰণৰ শব্দ কিছুমান হ’ল – ‘হালধিৰ পৰিৱর্তে ‘ৰংগুৰি’, ‘বেজিৰ পৰিৱর্তে শিঙা’, ‘চূণ’ৰ পৰিৱৰ্তে ‘বগা’ ইত্যাদি। আনকি ৰাতি বিষাক্ত বা ভয়াবহ জীৱ-জন্তুৰ নাম নলয়, তাৰ পৰিৱৰ্তে সুকীয়া শব্দ ব্যৱহাৰ কৰে। যেনে- ‘সাপ’ৰ পৰিৱৰ্তে ‘দীঘল’ বা ‘লেজু’, ভূতৰ পৰিৱৰ্তে দেৱতা ইত্যাদি। বোমাৰ আজাৰৰ ক্ষেত্ৰটো লোকবিশ্বাস জড়িত হৈ আছে, ডাঙৰ বেমাৰৰ নাম নলয় আৰু কেতিয়াবা বেমাৰক বেলেগ নাম দিয়ে, বসন্ত ৰোগক আই, শীতলা, ফুল আদি বুলি কয়, গছত ভূত থকাৰ পৰিৱর্তে দেৱতা আছে বুলিহে কয়। সমাজত প্রচলিত এই শব্দবোৰৰ মাজত অৰ্থৰ পৰিৱৰ্তনত কোনো বৈজ্ঞানিক যুক্তি বিচাৰি পোৱা নাযায়। শব্দৰ এনে অর্থৰ পৰিৱর্তনক অন্ধবিশ্বাস বা কুসংস্কাৰ ফল বুলিয়েই ধৰিব পাৰি, এনেবিলাক কথাৰ আলোচনা সমাজ-ভাষা (Socia Linguistic) বিজ্ঞানৰ অন্তৰ্গত বিষয়।

(ঘ) সুভাষণঃ মানুহে সমাজত কথা কওঁতে বা কোনো এটা বিষয় ব্যক্ত কৰোঁতে পোনপটীয়াকৈ নকৈ শুনিবলৈ শুৱলা হোৱাকৈ প্রকাশ কৰে। মৃত্যুৰ বাতৰি সকলো লোকৰ বাবে বৰ দুখজনক, এই দুখজনক বাতৰি প্রকাশ কৰোঁতে মৰিল বুলি নকৈ মৃত্যু হ’ল, ঢুকাল পৰলোকলৈ গতি কৰিলে দেৱলোকলৈ গতি কৰিলে ইহলীলা সম্বৰণ কৰিলে, স্বর্গগামী হল, নশ্বৰ দেহ ত্যাগ কৰিলে, ইহজগতৰ পৰা বিদায় ললে, ইহসংসাৰ ত্যাগ কৰিলে, কালে হৰি নিলে, যমে কাঢ়ি নিলে, লোকান্তৰ হ’ল চকু মুদিলে হাড় পেলালে, মহানিন্দ্রা, অনন্ত শয়ন আদি খণ্ড বাক্যসমূহ প্রয়োগ কৰে। আজিকালি ঘৰত কাম কৰা ল’ৰাক চাকৰ বা চাকৰণী বুলি নকয়, বনকৰা ল’ৰা বা ছোৱালী বুলিহে কয়, জোতা তৈয়াৰ কৰা মুচি কাপোৰ চিলোৱা দৰ্জী আৰু চুলিকটা নাপিত আদিক বৃত্তিগত নামেৰে চিনাকী নিদি ‘মিস্ত্রী’ বুলি কোৱা হয়। ঠিক তেনেদৰে ৰাস্তা-পদুলি চাফা কৰা, পায়খানা চাফা কৰা লোকক ‘মেথৰ’ বুলি নকৈ ছুইপাৰ, জামাদাৰ বুলিহে কোৱা হয়।

(ঙ) নম্রতা প্রদর্শনঃ মানুহে কথা কওঁতে বিনম্রতা প্রদর্শন কৰে, বিনম্রতা প্রদর্শনৰ বাবেও শব্দৰ অৰ্থৰ পৰিৱর্তন হ’ব পাৰে, বহুতো লোকে বিনয় ভাবত ‘মহ’ৰ পৰিৱর্তে আমি ব্যৱহাৰ কৰে। নিজৰ ঘৰটো স্থায়ী আৰু সুন্দৰ হ’লেও দৰিদ্ৰৰ ভগাপঁজা বা পর্ণকুটিৰ বুলিহে কয়, বিয়া বা শ্রাদ্ধ আদিৰ নিমন্ত্রণী চিঠিত দৰিদ্ৰৰ ভগাপঁজাত অকমান পদ ধূলা পেলালে পৰম কৃতাৰ্থ হম বুলি ব্যক্ত কৰি নিমন্ত্রণী পত্র আগবঢ়ায়। ভকতীয়া সমাজত ভাত খালেনে বুলি নকৈ ‘প্রসাদ ললেনে’, অন্নমুঠি ধৰিলেনে বুলি কয়। বিনম্র স্বভাৱৰ বাবেই বহুতো নাৰীয়ে স্বামী, শাহু-শহুৰৰ নাম নলয়, ৰজাৰ আগত প্ৰজাই নিজকে বন্দী বুলি কয়, গুৰুৰ আগত শিষ্যই ‘দাস’ বুলি কৈ নম্রতা প্রকাশ কৰে। প্রাচীন অসমীয়া ভাষাত ‘মই’ৰ ঠাইত আমি ব্যৱহাৰ কৰা উদাহৰণ বহু পোৱা যায়, যেনে- হেন জানি নাম ৰাধা আমাক কেলে মহাৰাজা আমাৰ গৃহে আছে, (গুৰুচৰিতকথা)।

(চ) ভাবাৱেগঃ সাধাৰণতে মানুহে কোনো ভাব অন্য এজনৰ আগত ব্যক্ত কৰোঁতে সেই ভাব বা কথাটোৰ প্রকৃত স্বৰূপ দাঙি ধৰিবলৈ যাওঁতে কিছুমান অনুভূতি প্রকাশ শব্দ প্রয়োগ কৰে। মনৰ উৎফুল্লতা অনুভূতিৰ আতিশয্যৰ পৰাও শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে। ক্রোধ, ভয়, আনন্দ, বিৰক্তি আদি ভাব প্রকাশক ভয়ংকৰ, প্রচণ্ড, বিৰাট, বিয়াগোম, প্রকাণ্ড আদি শব্দই মূল অর্থতকৈ অতিৰঞ্জিত অর্থ প্রকাশ কৰে। যেনে- বিৰাট আয়োজন সভা, বিৰাট জনসমাৱেশ, বিয়াগোম হাতী, প্রকাণ্ড গছ, প্রৱল বাণপানী, প্রচণ্ড ধুমুহা ভয়ানক সাপ, ভয়ংকৰ গর্জন আদি, তদুপৰি মাৰাত্মক অপৰাধ, অসম্ভৱ কথা, অদ্ভুত দৃশ্য, অদ্ভুত আচৰণ আদি শব্দ শুনিবলৈ যিমান ভয়ানক কিন্তু ব্যৱহাৰিক ক্ষেত্রত সিমান ভয়ানক নহয়। তেনেকৈ ইংৰাজী ভাষাতো Terrible Horrible আদি এনে ভাব প্রকাশক শব্দ পোৱা যায়।

(ছ) অজ্ঞতা বা অসাৱধানতাঃ কিছুমান মূল শব্দৰ প্ৰকৃত অর্থ নজনাৰ বাবেও শব্দৰ নানা ধৰণৰ অপপ্রয়োগ ঘটে আৰু অৰ্থৰ পৰিৱর্তন সাধন কৰে। অভজ্ঞতাৰ বাবে কেতিয়াবা মূল শব্দৰ অৰ্থৰ উন্নতি ঘটে আৰু কেতিয়াবা অৱনতি ঘটে। সংস্কৃত ‘সহবাস’ মানে একেলগে বাস কৰা অর্থ বুজাইছিল, কিন্তু বর্তমান স্বামী-স্ত্রীৰূপে বাস কৰা আৰু ৰতিক্রিয়াক বুজায়। ‘অৱদান’ শব্দৰ অৰ্থ আছিল আত্ম ত্যাগৰ জৰিয়তে কোনো মহৎ কাম সাধন কৰা, কিন্তু এতিয়া যিকোনো দান বা সৰু-সুৰা কার্যকো অৱদান বুলি ক’বলৈ ধৰিলে। 

সংস্কৃতত ‘মুগ্ধ’ শব্দই মূর্খ অর্থ সূচাইছিল, কিন্তু বর্তমান ‘মুগ্ধ’ শব্দৰ উন্নতি ঘটি ‘মোহিত’ অর্থহে প্রকাশ কৰে। ‘নাস্তিক’ শব্দই ভগৱানৰ অস্তিত্ব স্বীকাৰ নকৰা লোকক বুজাইছিল, বর্তমান সমাজত ৰীতি-নীতি নমনা যিকোনো লোককে ‘নাস্তিক’ বুলি ক’বলৈ ধৰিলে। ‘পাষাণ্ড’ শব্দই অশোকৰ দিনত এটা ধর্ম সম্প্রদায়ক ‘নাস্তিক’ বুলি ক’বলৈ ধৰিলে। ‘পাষাণ্ড’ শব্দই অশোকৰ দিনত এটা ধর্ম বুজাইছিল, কিন্তু এই শব্দৰ প্রয়োগৰ অজ্ঞতাৰ বাবে অর্থৰ অৱনতি ঘটি দুষ্ট দগাবাজ আদি অর্থতহে ব্যৱহৃত হয়।

(জ) শব্দৰ অৰ্থত এটা তত্ত্বৰ প্ৰমুখতাঃ  কিছুমান শব্দৰ অৰ্থ তত্ত্বক প্রাধান্য দি অর্থ নির্ধাৰণ কৰা হয়। যেনেঃ ৰঙাটুপি বুলিলে পুলিচক, গান্ধীটুপি বুলিলে কংগ্রেছীলোকক বুজায়। ঠিক তেনেদৰে জৱহৰ কোট, বয়কট, এটলাচ আদি শব্দৰ অর্থ এটা তত্ত্বৰ আধাৰত প্রতিষ্ঠিত। তদুপৰি, কোনো ব্যক্তিক বিশেষণ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়, এই শব্দবোৰৰ অৰ্থৰ বোধ জন্মাত একোটা তত্ত্বৰ আধাৰত বিচাৰ কৰা হয়। যেনে- ধর্ম-যুধিষ্ঠিৰ, ঘৰ বিভীষণ, ব্রহ্মশাপ ইত্যাদি।

(ঝ) শব্দৰ গৌণ অৰ্থৰ প্ৰমুখতাঃ সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছুমান শব্দৰ মুখ্য অৰ্থৰ ঠাইত গৌণ অর্থকহে প্রাধান্য দিয়া হয়। ‘সিন্ধু’ শব্দৰ অৰ্থ আছিল সাগৰ, সমুদ্র, সিন্ধু প্রদেশৰ অধিবাসী। কিন্তু পাছলৈ ‘সিন্ধু’ শব্দৰ পৰা সৃষ্ঠ ‘হিন্দু’ শব্দই কেৱল সিন্ধু প্রদেশত বাস কৰা জাতিক বুজাবলৈ ধৰিলে। সিন্ধু প্রদেশত সোমাই যৱনসকলে ‘সিন্ধু’ উচ্চাৰণ কৰিব নোৱাৰি সেই ঠাইৰ অধিবাসীক ‘হিন্দু’ বুলিছিল। কিন্তু এই হিন্দু শব্দই কলা ৰঙাকো বুজাইছিল। কিন্তু সময়ৰ গতিত অৰ্থৰ পৰিৱৰ্তন ঘটিল। ‘অক্ষ’ শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে- নষ্ট নোহোৱা ইয়াৰ পৰাই ব্রহ্মা, আত্মা, মোক্ষ আদি শব্দৰ উৎপত্তি হৈছে। বর্তমান ‘অক্ষ’ শব্দৰ পৰা সৃষ্ট ‘আখৰ’ শব্দই ‘বর্ণ বা হৰফক’ বুজাবলৈ ধৰিলে ইয়াত গৌণ অর্থইহে প্রাধান্য পালে।

(ঞ) একাধিক শব্দৰ পৰিবর্তে এটা শব্দঃ ভাষাত ব্যবহৃত কিছুমান শব্দ বিশেষ অর্থ প্রকাশক ৰূপে ব্যৱহাৰ কৰা হয়। ৰে’ল বা ছিৰিৰ ওপৰত চলা গাড়ীক ৰে’লগাড়ী বুলি কোৱা হয়, ঠিক তেনেদৰে ভৰিৰে চলোৱা দুচকীয়া যানক বাইচাইকেল বুলি কোৱা হয়। মটৰ অর্থাৎ শক্তি উৎপাদক যন্ত্ৰৰ সহায়ত চলা যানক মটৰগাড়ী বোলা হয়। বর্তমান ৰে’লগাড়ীৰ সলনি ৰে’ল, বাইচাইকেলৰ সলনি চাইকেল আৰু মটৰগাড়ীৰ সলনি মটৰ ব্যৱহাৰ কৰে। বর্তমান ‘কাৰ’ শব্দৰ বহল প্রচলন হ’বলৈ ধৰিছে। 

(ট) সাদৃশ্যঃ শব্দৰ অর্থ পৰিৱৰ্তনৰ এটা কাৰণ হৈছে সাদৃশ্য। প্রত্যেক ভাষাৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ সাদৃশ্য লক্ষ্য কৰা যায়। ই ভাষাৰ ভিতৰুৰ ধাৰ। প্রত্যেক ভাষাৰ শব্দৰ গঠনত এক বিশেষ নিয়ম মানি চলা দেখা যায়। অৱশ্যে কেতিয়াবা এই নিয়মৰ ব্যতিক্রম পৰিলক্ষিত হয়। অসমীয়া ভাষাত শিশুৰে প্রথম ভাষা শিকোঁতে কিছুমান শব্দৰ সাদৃশ্যত কিছুমান শব্দ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, ✓খা ধাতুৰ পৰা খালে, ঠিক তেনেদৰে ✓যা ধাতুৰ পৰা ফালে, পা ধাতুৰ পৰা পাৰে, কিন্তু ‘নোৱাৰা’ অৰ্থত ‘নাপাৰে’ প্রয়োগ কৰে। অসমীয়া ভাষাত ডাঙৰেও ইংৰাজী ভাষাৰ শব্দৰ লগত অসমীয়া প্রত্যয় সংযোগ কৰি শব্দ সৃষ্টি কৰে। যেনে-কলিতা- কলিতানী, বৰুৱা-বৰুৱানীৰ সাদৃশ্যত মেম – নী = মেমনী, মাষ্টৰ + নী মাষ্টৰণী আদি শব্দ গঠন কৰে। এনেদৰে সৃষ্ট শব্দবোৰৰ অর্থৰ পৰিৱর্তন হয়। ইংৰাজী ভাষাৰ হেড মাষ্টৰৰ সাদৃশ্যত হেডপণ্ডিত ব্যৱহাৰ কৰা হয়।

(ঠ) লোক-ব্যুৎপত্তিঃ কিছুমান বিদেশী শব্দ সৰ্বসাধাৰণৰ মাজত প্ৰচলিত হৈ পৰাৰ পাছত শব্দবোৰৰ মূল অর্থ সম্বন্ধে থকা জ্ঞানৰ অভাৱৰ হেতুকে সেই শব্দবোৰৰ অৰ্থ সম্পর্কে নিজা ধাৰণা কৰি লয় আৰু ধাৰণা মতে শব্দৰ অৰ্থ ব্যাখ্যা কৰে। ইংৰাজী ভাষাৰ ‘Armchair’ শব্দটো অসমীয়াত ‘আৰামী চকী’ বুলি কোৱা হয়। ‘arm ‘শব্দৰ লগত আৰাম শব্দৰ সাদৃশ্য মিলাই অসমীয়াত ‘আৰামী’ (য’ত বহিলে আৰাম পোৱা যায়) অর্থ প্রকাশ কৰিয়েই ‘আৰামী চকী’ কৰা হৈছে। ইংৰাজী ‘Safety pin’ নিৰাপদ পিনেই নহয় দেখাত চেপেটাও, সেইবাবে অসমীয়া লোকে ইয়াক ‘চেপ্তি পিন’ বুলি কবলৈ ধৰিলে। ইংৰাজী ‘glass’ শব্দই কাঁচক বুজাইছিল, কিন্তু অসমীয়া ভাষাত ‘glass’ শব্দৰ ৰূপান্তৰ ঘটি ‘গিলাচ’ শব্দ হ’ল আৰু ই পানী খোৱা ‘পাত্র’কহেবুজাবলৈ ধৰিলে। ইংৰাজী ‘Campblel’ চাহাব হৈছে কম্বল চাহাব, ‘Puncture’ শদৰ অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতিৰ সাঁচত ‘পমচাৰ’ কৰা হৈছে, ঠিক সেইদৰে ভাব শব্দৰ পৰাই লোক-বুৎপত্তি হেতু অভাৱ শব্দৰ সৃষ্টি হৈছে। সর্বসাধাৰণ লোকে বিদেশী শব্দক দেশী শব্দৰ অনুৰূপত গঢ়ি তুলি নতুন অর্থ আৱিষ্কাৰ কৰাকে লোক-বুৎপত্তি বুলি কোৱা হয়।

কোনো এটা ভাষাত শব্দৰ অৰ্থ পৰিৱৰ্তনৰ কাৰণ অধ্যয়ন কৰিবলৈ হ’লে সেই ভাষা প্রচলিত সমাজৰ ৰীতি-নীতি, সামাজিক ইতিহাস আদি সম্পর্কে জ্ঞান থকা আৱশ্যক। যিহেতু ভাষাৰ পৰিৱৰ্তনত ভৌগোলিক, সামাজিক পৰিবেশে যথেষ্ট ভূমিকা পালন কৰে। 

৮। বাক্য আৰু অৰ্থতত্ত সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ প্রাচীন ভাৰতীয় আলংকাৰিকসকলে শব্দৰ অর্থ নিৰূপণত শব্দৰ তিনি শক্তিৰ কথা কৈছে- অভিধা, লক্ষণা, ব্যঞ্জনা। প্রাচীন বৈয়াকৰণিকাসকলেও শব্দৰ এই তিনি শক্তিৰ ওপৰত নির্ভৰ কৰিয়েই শব্দৰ অর্থবিশ্লেষণ কৰিছে। আধুনিক অর্থতত্ত্ববিদসকলেও বাক্যত ব্যবহৃত অর্থ নিৰূপণত শব্দৰ দুই শক্তিৰ কথা উল্লেখ কৰিছে- বাহ্যিক অর্থ (External meaning) আৰু অভিধা অর্থ (Internal Meaning)। নোৱম চমস্কিৰ ‘ৰূপান্তৰ সৃজন ব্যাকৰণ’ৰ সহায়ত বাক্যৰ অভিধা অৰ্থ আৰু বক্তাৰ বাছনিক অর্থ নিৰূপণ কৰিব পাৰি। বক্তাৰ কোৱা কথাৰ প্রকৃত অর্থ উদ্‌ঘাটন কৰিবলৈ হ’লে বক্তাৰ বাছনিক অভিপ্রায় জানিব লাগিব। বক্তাই এনে কিছুমান বাক্য প্রয়োগ কৰে বা ব্যক্ত কৰে সেইবোৰ ওপৰা-উপৰিকৈ চালে যিটো অর্থ প্রকাশ কৰা যেন লাগে, ই বহু সময়ত সেই অর্থ প্রকাশৰ বিপৰীতে সম্পূর্ণ সুকীয়া অর্থহে প্রকাশ কৰে। যেনে-

(ক) গৰম লগা নাইনে? 

(খ) ভোক লগা নাইনে?

(গ) আলহী থাকিব নহয়? / আলহী যাব নহয়? 

এই বাক্যকেইটা ওপৰে ওপৰে চালে প্রশ্ন কৰা যেন লাগে, কিন্তু বক্তাৰ গৰম উঠিছে বা ভোক লাগিছে কাৰণেহে শ্রোতাক মৃদু অনুৰোধত কথাটো অসুবিধা হোৱাৰ বাবে আওপকীয়াকৈ প্রশ্নৰ সহায়ত আলহীৰ মনোভাব জানিবলৈ বিচাৰিছে। 

(ক) আমাক বিহুৰ কাপোৰ নিদিলে হ’ব নেকি? 

(খ) বিয়া খাবলৈ নগ’লে আমি এৰিম নেকি? 

ওপৰৰ বাক্য দুটাত প্রশ্ন কৰা নাই বা অনুৰোধ কৰা নাই। ইয়াত বক্তাই বিহুৰ কাপোৰ দিব লাগিব, বিয়া খাবলৈ যাব লাগিব আদি বাধ্যতামূলক ভাবহে প্রকাশ কৰিছে।

সুৰ লহৰ, বিৰাম আদিয়েও বাক্যৰ শব্দই ভিন ভিন সুৰযুক্ত একোটা শব্দই ভিন ভিন অর্থ প্রকাশ কৰিব পাৰে। যেনে- 

(ক) গৰুটো আহিল নে? 

(খ) ল’ৰাটো আহিল নে? 

ওপৰৰ বাক্য দুটাৰ প্ৰথম বাক্যত বক্তাই ‘জন্তু বিশেষ’ৰ কথা কৈছে, কিন্তু দ্বিতীয় বাক্যত গালিৰ সুৰত বক্তাইল’ৰাটো আহিল নে নাই সুধিছে।

ভিন্‌ ভিন্‌ পৰিস্থিতিত ভিন্ ভিন্‌ সুৰত একোটা বাক্যই ভিন্‌ ভিন্‌ অর্থ বহন কৰিব পাৰে। যেনে –

(ক) তুমি ওলাই যোৱা। (সাধাবণ ভাব)

(খ) তুমি ওলাই যোৱা? (প্রশ্নসূচক)

(গ) তুমি ওলাই যোৱা। (আদেশসূচক)

(ঘ) তুমি ওলাই যোবা। (অনুৰোধ)

 বাক্যৰ গঠন পদ্ধতিৰ কিছু সাল-সলনি হ’লেও অর্থৰ পৰিৱর্তন ঘটিব পাৰে। তলত তেনে বাক্যৰ উদাহৰণ দাঙি ধৰা হ’ল-

(ক) সি পাৰলৈ গ’ল।

(খ) সি পাৰলৈ গ’ল।

(গ) সি পাৰলৈ গল। 

ওপৰৰ বাক্য তিনিটাৰ ধ্বনি একে, কিন্তু বাক্যত ব্যৱহৃত ৰূপসমূহৰ গঠন পদ্ধতিৰ সলনি হৈছে কাৰণে প্রত্যেকটো বাক্যই একোটা সুকীয়া অর্থ প্রকাশ কৰিছে। প্রথম বাক্যই পাৰ চৰাই লৈ যোৱাৰ কথা কৈছে। দ্বিতীয় বাক্যই নদীৰ পাৰলৈ যোৱাৰ কথা আৰু তৃতীয় বাক্যই। নদীৰ সিটো পাৰলৈ যোৱাৰ কথা কৈছে।

ভাষাত ব্যৱহৃত কিছুমান শব্দই বাক্যত বহি একাধিক প্রসংগত ভিন ভিন অর্থ সূচনা বন্ধি পাৰে। যেনে- 

(ক) মই যাম বাৰু। 

(খ) তেওঁ বাৰু পাইছেনে?

(গ) তেওঁ বাৰুকৈয়ে দুখ পালে।

ওপৰৰ বাক্য তিনিটাৰ প্ৰথমটোৱে সন্মতিসূচক, দ্বিতীয়টোৱে আৰোগ্য লাভৰ কথা আৰু তৃতীয়টোৱে বেছিকৈ বা যথেষ্ট দুখ পোৱাৰ কথা আদি বেলেগ বেলেগ অর্থ প্রকাশ কৰিছে।

কেতিয়াবা কিছুমান বাক্যৰ বাহ্যিক গঠন আৰু আভ্যন্তৰীণ গঠনৰ মাজত ভেদ ঠাৱৰ কৰা টান হৈ পৰে। তেনেধৰণৰ বাক্যৰ প্ৰকৃত অর্থ নিৰূপণত বাক্যত ব্যবহৃত শব্দবোৰৰ প্রকৃতি বিশ্লেষ কৰিব লাগিব। ‘ৰূপান্তৰ সৃজন ব্যাকৰণ’ৰ সহায়তহে এইটো সম্ভৱ। যেনে-

 (ক) ল’ৰাটোৱে খাব পৰা হৈছে। 

(খ) ল’ৰাটো খাব পৰা হৈছে। 

এনেধৰণৰ বাক্যত উপৰুৱা দৃষ্টিকোণৰ পৰা দুটা অর্থ নিহিত হৈ আছে। প্রথম বাক্যটোৰ অ হ’ব-

(গ) ল’ৰাটোৱে উপার্জন কৰিব পৰা হৈছে আৰু দ্বিতীয় বাক্যটোৰ অর্থ হ’ব –

(ঘ) ল’ৰাটো ডাঙৰ হৈছে, নিজে লৈ খাব পৰা হৈছে। 

আন এটা উদাহৰণ-

(ক) তাই তালৈ গ’ল। 

এই বাক্যটোৱে দুটা অর্থ সূচাইছে। এটা অর্থ হৈছে-

(খ) তাই সেই ঠাইলৈ গ’ল। আনটো অর্থ হৈছে- 

(গ) তাই তালৈ (কোনো এজন মানুহলৈ) গ’ল। 

থোৰতে ক’ব পাৰি যে, শব্দ আৰু বাক্যৰ প্রকৃত অর্থ নিৰূপণ কৰিবলৈ হ’লে অর্থতত্ত্ববিদসকলে ইহঁতৰ প্রয়োগাত্মক ব্যৱহাৰৰ দিশত গুৰুত্ব দিব লাগে। 

৯। বাক্যৰ উপাদান বুলিলে কি বুজা?

উত্তৰঃ বাক্যৰ গঠনকে প্রকাৰান্তৰে ভাষাৰ গঠন বুলি ক’ব পাৰি। বাক্য ৰচনা কৰা হয় পদ সমষ্টিৰে আৰু এই পদ সমষ্টিয়েই হৈছে বাক্য স্তৰৰ নিম্নতম গোট। ধ্বনিতাত্ত্বিক স্তৰত ধ্বনি, বর্ণ, উপধ্বনি আৰু অক্ষৰ এই বিষয়সমূহ আলোচনা কৰা হয়। ৰূপতাত্ত্বিক স্তৰত -আকৃতি, প্রাকৃতি, উপাকৃতি আদিব সূক্ষ্ম বিচাৰ কৰাৰ উপৰি প্ৰাকৃতিৰ পৰা সৃষ্ট শব্দ আৰু পদ সম্পর্কেও আলোচনা কৰা হয়। বাক্যতাত্ত্বিক স্তৰত – বাক্যৰ স্তৰৰ নিম্নতম গোট অর্থাৎ শব্দসমূহৰ সুসংগঠনত বাক্য সৃষ্টি সম্পর্কে আলোচনা কৰা হয়। অর্থতত্ত্বব স্তৰত শব্দৰ অর্থ বিশ্লেষণ আৰু সম্পূর্ণ ভাৱ প্রকাশক একোটা বাক্যৰ অৰ্থ বিচাৰ কৰা হয়। উল্লিখিত সকলো উপাদানেৰে বাক্য এটা গঠিত হয় আৰু প্রত্যেক উপাদানৰে একোটা সহসম্বন্ধ আছে। তলত ৰেখা চিত্ৰৰ সহায়ত ধ্বনি, ৰূপ, বাক্য আৰু অর্থৰ সহসম্বন্ধ দেখুওৱা হৈছে –

একাধিক পদৰ সুসংগঠনত বাক্য সৃষ্টি হয় যদিও বাক্য গঠনত আৰু কিছুমান উপাদানে ক্রিয়া কৰে। পদ গঠনৰ উপৰি বাক্য গঠনত সুৰ লহৰ এবিধ অপৰিহার্য অংগ। সুৰ লহৰৰ সহায়ত এটা নিশ্চয়বাচক বাক্য প্রশ্ন সূচক বাক্যলৈ ৰূপান্তৰ কৰিব পাৰি। 

(ক) তুমি ভাত খালা। (নিশ্চয়বাচক) 

(খ) তুমি ভাত খালা? (প্রশ্নসূচক)

ইয়াৰ পিছৰ বাক্যটোত ‘ভাত’ শব্দটো উচ্চাৰণ কৰোঁতে সুৰ-লহৰ অকস্মাতে অর্ধগামী হৈছে আৰু ‘খালা’ বুলি কওঁতে সুৰ নিম্নগামী হৈ এটা দীর্ঘ বিৰামৰ সূচনা কৰিছে। মাতৃ ভাষীয়ে অন্তৰানুভূতিৰ সহায়ত বাক্য দুয়োটাৰে অর্থ সুকীয়া সুকীয়াকৈ বুজি লয়। 

১০। ধ্বনি বুলিলে কি বুজা? ধ্বনিৰ কেনেকৈ সৃষ্টি হয়? বিশিষ্ট ধ্বনি কাক বোলে?

উত্তৰঃ বাগেন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা নিম্নতম শ্রুয়মাণ সংকেতবোৰক ধ্বনি বোলা হয়। অর্থাৎ উচ্চাৰিত ধ্বনিৰ সমষ্টিয়ে শব্দ সৃষ্টি কৰে আৰু শব্দসজ্জাৰ সহায়ত বাক্য সৃষ্টি কৰা হয়। হাওঁফাওঁৰ পৰা নিৰ্গত হোৱা বহির্গামী বায়ু প্রবাহে বাগিন্দ্ৰিয়ৰ বিভিন্ন স্থানত আংশিক বা সম্পূর্ণৰূপে বাধাপ্রাপ্ত হৈ এনে ধ্বনিৰ সৃষ্টি কৰে। 

যিবোৰ ধ্বনিৰ উচ্চাৰণ স্পষ্ট, বক্তা বা শ্রোতাৰ কাণত বাজি উঠে সেইবোৰক বিশিষ্ট ধ্বনি বোলে। উদাহৰণ হিচাবে ক’ব পাৰি –

 কাল = ক – আ – ল

 খাল = খ – আ – ল 

১১। স্বৰধ্বনি বুলিলে কি বুজা? অসমীয়া স্বৰধ্বনিৰ তালিকা এখন কৰি সিবোৰৰ সৈতে থকা আখৰৰ পাৰ্থক্যবোৰ ফঁহিয়াই দেখুৱাওক।

উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা বাহিৰলৈ অহা বায়ু প্রবাহে স্বৰতন্ত্রীৰ বাহিৰে মুখ বিৱৰণৰ আন কোনো ঠাইতে বাধাপ্রাপ্ত নহয় আৰু জিভাৰ অৱস্থান আৰু ওঠৰ আকৃতিৰে বায়ু প্রবাহ নিয়ন্ত্রণ কৰা হয় সেইবোৰ ধ্বনিকেই স্বৰধ্বনি বোলা হয়।

অসমীয়া ভাষাত স্বৰ ধ্বনি কেইটা হ’ল অ, আ, ই, ঈ, উ, ঊ, এ, ঐ, ও, ঔ।

স্বৰধ্বনিৰ উচ্চাৰণত মুখবিৱৰৰ জিভা আৰু ওঁঠ দুয়োটাৰে সংকোচন আৰু প্ৰসাৰণ ঘটে। জিভাৰ অংশ অনুযায়ী সিহঁতক তিনিতা ভাগত ভগাব পাৰি সেইকেইটা হ’ল- 

(ক) সন্মুখ।

(খ) কেন্দ্রীয়। আৰু 

(গ) পশ্চ।

জিভাৰ আগভাগ ওপৰলৈ উঠাৰ ফলত সৃষ্টি হোৱা ধ্বনিক সন্মুখ স্বৰ ধ্বনি, জিভাৰ মাজ অংশ ওপৰলৈ উঠাৰ ফলত সৃষ্টি হোৱা ধ্বনিক কেন্দ্রীয় স্বৰধ্বনি আৰু জিভাৰ পিছ অংশ ওপৰলৈ দাং খোৱাৰ ফলত সৃষ্টি হোৱা ধ্বনিক পশ্চ স্বৰধ্বনি বোলা হয়।

জিভাৰ উচ্চতা অনুযায়ী স্বৰধ্বনিক উচ্চ, উচ্চমধ্য, নিম্নমধ্য আৰু নিম্ন এই চাৰিটা ভাগত ভগাব পাৰি। আকৌ ওঁঠ দুটাৰ আকৃতিৰ সংকোচন আৰু প্ৰসাৰণ অনুসৰি স্বৰধ্বনিৰ ভাগ দুটা-বিবৃতৌষ্ঠ্য আৰু সংবৃতৌষ্ঠ্য। সন্মুখ আৰু কেন্দ্রীয় স্বৰৰ উচ্চাৰণত ওঁঠ দুটা মেল যায় বাবে ইহঁতক বিবৃতৌষ্ঠা আৰু পশ্চ স্বৰধ্বনিৰ উচ্চাৰণত ওঁঠ দুটা গোলাকাৰ হয় বাবে ইয়াক সংবৃতৌষ্ঠা ধ্বনি বোলা হয়। 

১২। স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কাক বোলে? অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? জিভাৰ অংশ, উচ্চতা আৰু ওঁঠৰ আকৃতি অনুযায়ী অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰৰ এখন তালিকা যুগুত কৰা। এই বিশিষ্ট স্বৰধ্বনিকেইটা লিখিবলৈ অসমীয়াত কি কি আখৰ ব্যৱহাৰ কৰা হয়, তাক একাদিক্রমে লিখি দেখুওৱা। 

উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা বাহিৰলৈ অহা বায়ু প্রবাহে স্বৰতন্ত্রীৰ বাহিৰে মুখবিৰৰ আন কোনো ঠাইতে বাধাপ্রাপ্ত নহয় আৰু জিভাৰ অৱস্থান আৰু ওঁঠৰ আকৃতিৰে বায়ু প্রবাহ নিয়ন্ত্ৰণ কৰা হয় সেইবোৰ ধ্বনিকেই স্বৰধ্বনি বোলে।

হাওঁফাওঁৰ পৰা অহা বতাহ মুখৰ ভিতৰত সম্পূর্ণ বা আংশিক ৰূপে বাধা পাই উচ্চাৰিত হোৱা ধ্বনিয়েই ব্যঞ্জন ধ্বনি। 

অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি হ’ল আঠটো সেইকেইটা হ’ল- অ, আ, ই, উ, এ, ঐ, অ’ ও। 

জিভাৰ অংশ, জিভাৰ উচ্চতা আৰু ওঁঠৰ আকৃতি অনুসৰি বিশিষ্ট স্বৰধ্বনি সমূহৰ তালিকাখন যুগত কৰা হ’ল-

ওঁঠৰ আকৃতি অনুসৰিবিবৃতৌষ্ঠ্যসংবৃতৌষ্ঠ্য
জিভাৰজিভাৰ অংশ অনুসৰিসন্মুখ/প্ৰান্তীয়কেন্দ্ৰীয়পশ্চ/মূলীয়
উচ্চতাউচ্চউ 
অনুসৰিউচ্চ মধ্য বা মধ্যসমএ’
নিম্ন মধ্য বা মধ্য ভাগএ অ’
নিম্ন আ 

বিশিষ্ট স্বৰধ্বনি কেইটা লিখিবলৈ অসমীয়াত নিম্মোলেখিত আখৰবোৰ ব্যৱহাৰ কৰা হয়- 

বিশিষ্ট স্বৰধ্বনিঅসমীয়া আখৰ
/ অ /
/ আ /আ (া)
/ ই /ই, ঈ (ি,ী)
/ উ /উ, ঊ (ু, ূ)
/ এ / এ (ৈ-)
/ এ’ / এ ( ে-)
/ অ’ /অ (’)
/ ও /ও‌ (ো)

১৩। ব্যঞ্জনধ্বনি কাক বোলে? অসমীয়া বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু ধৰণ অনুসাৰে সিবোৰৰ এখন তালিকা প্রস্তুত কৰক। এই বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা লিখিবলৈ অসমীয়াত কি কি আখৰ ব্যৱহাৰ কৰা হয়, একাদিক্রমে লিখক।

উত্তৰঃ বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ আনটো ভাগ হ’ল ব্যাঞ্জনধ্বনি। হাওঁফাওঁৰ পৰা অহা বতাহ মুখৰ ভিতৰত সম্পূর্ণ বা আংশিক ৰূপে বাধা নাই উচ্চাৰিত হোৱা ধ্বনিয়েই ব্যঞ্জন ধ্বনি।

অসমীয়াত বিশিষ্ট ধ্বনি হ’ল তেইশ (২৩) টা। সেইকেইটা হ’লঃ

ক, খ, গ, ঘ, ঙ, চ, জ, ত, থ, দ, ধ, ন 

প, ফ, ব, ভ, ম, ৰ, ল, স, হ, ৱ, য় 

উচ্চাৰণৰ স্থান আৰু ধৰণ অনুসৰি অসমীয়া বিশিষ্ট ব্যাঞ্জন ধ্বনি কেইটা তলত উল্লেখ কৰা তালিকা অনুসৰি দেখুৱাব পাৰি। জিভাৰ অংশ, জিভাৰ উচ্চতা আৰু ওঠৰ আকৃতি অনুসন্ধ বিশিষ্ট ব্যাঞ্জন ধ্বনি সমূহ হ’ল-

অসমীয়া বিশিষ্ট ব্যঞ্জন ধ্বনিৰসমূহক অসমীয়া বিভিন্ন আখৰেৰে তলত দিয়া ধৰণে ব্যৱহাৰ কৰা হয়-

বিশিষ্ট ব্যঞ্জন ধ্বনিপ্ৰতিধিনিত্ব কৰা অসমীয়া আখৰ 
| ক |
| খ |খ, ক্ষ (= কষ)
| গ |
| ঘ |
| ঙ |ঙ, ং
| চ |চ, জ, (শ, ষ, স)
| জ | জ, ঝ, য, হ্য
| ত |ত, ট, ৎ
| থ |থ, ঠ
| দ |দ, ড
| ধ |ধ, ঢ
| ন |ন, ণ
| প |
| ফ |
| ব |
| ভ |
| ম |
| ৰ |
| ল |
| স | শ, ষ, স
| হ |হ, ঃ
| ৱ |
| য় |য়

১৪। ৰূপতত্ত্ব বুলিলে কি বুজায়? ভাষা একোটাত প্রয়োগ হৈ থকা প্রাকৃতি বা ৰূপবোৰক কি কি শ্ৰেণীত ভগাব পাৰি বহলাই আলোচনা কৰা।

উত্তৰঃ ভাষাৰ শব্দ গঠন প্রক্রিয়াৰ শৃংখলাবদ্ধ বিৱৰণেই হ’ল ৰূপতত্ব। ৰূপতত্ব হ’ল ভাষা বিজ্ঞানৰ অন্তর্গত এটি বিশেষ বিষয়। ভাষাৰ ধ্বনিতত্ত্ব আৰু বাক্যতত্ত্বৰ মাজত ই সংযোগ সেতুৰ দৰে কাম কৰে।

ভাষা একোটাত প্রয়োগ হৈ থকা প্রকৃতি বা ৰূপবোৰক দুটা শ্রেণীত ভগোরা হৈছে। সেই ভাগ দুটা হ’ল- 

(ক) মুক্তৰূপ বা মুক্ত প্রকৃতি। 

(ঘ) বদ্ধৰূপ বা বদ্ধ প্রকৃতি। 

মুক্ত প্রকৃতিবোৰ স্বাধীন অর্থ প্রকাশক একোটাহঁত গুটিয়া শব্দ। ইহঁতৰ উচ্চাৰণৰ লগে লগে আমাৰ মানসপটত একো একোটা অর্থ স্পষ্ট হৈ উঠে, যেনে- মানুহ, গৰু, ঘৰ ইত্যাদি। অর্থাৎ যিবোৰ ৰূপে স্বতন্ত্রভাৱে কাৰো লগত সংযুক্ত নোহোৱাকৈ অর্থ প্রকাশ কৰিব পাৰে সেইবোৰৰ নাম মুক্তৰূপ। আনহাতে যিবোৰে স্বাধীনভাৱে অর্থ প্রকাশ কৰিব নোৱাৰে। সেইবোৰ  আন কোনোবা ৰূপৰ লগত সংযুক্ত হ’লেহে অর্থ বিশিষ্ট হয়। 

উদাহৰণস্বৰূপে – মানুহজন, গৰুবোৰ, ঘৰটো আদি। ইয়াৰ জন, বোৰ, টো, আদিৰ একো অর্থ নাই। ইহঁতে যথাক্রমে ‘মানুহ’, ‘গৰু’ আৰু ‘ঘৰ’ এই মুক্তৰূপ কেইটাৰ লগ লাগিহে অৰ্থ প্রকাশ কৰিব পাৰিছে। গতিকে যিবোৰ ৰূপে স্বাধীনভাৱে অর্থ প্রকাশ কৰিব নোৱাৰে, আন কোনো ৰূপৰ সৈতে লগ লাগিহে অর্থ দিব পাৰে তেনে ৰূপক বদ্ধৰূপ বোলা হয়। 

মুক্তৰূপবোৰক দুটা ভাগত ভগোৱা হৈছে। সেই দুটা হ’ল শব্দগত আৰু কার্যগত। সাধাৰণতে ভাষাৰ বিশেষ্য, বিশেষণ, ক্রিয়া আদিক শব্দগত শ্রেণীৰ আৰু সংযোজক, অব্যয় আদিক কার্যগত শ্ৰেণীৰ মুক্তৰূপ বুলি ধৰা হয়।

বদ্ধৰূপবোৰকো দুই ভাগত ভগোৱা হৈছে- সাধনাত্মক আৰু ৰূপাত্মক।  সাধনাত্মক বদ্ধৰূপবোৰৰ সহায়ত শব্দমূল বা ধাতুমুলৰ পৰা ভিন ভিন অর্থসূচক নতুন নতুন শব্দ গঠন কৰিব পাৰি; যেনেঃ খেত + ই = খেতি, খেত + ই + অক = খেতিয়ক। বাজ + আনা = বাজনা আদি।   

ইয়াৰ বিপৰীতে ৰূপাত্মক বদ্ধ ৰূপবোৰে শব্দৰ ব্যাকৰণগত কার্য্য নিস্পন্ন কৰে বা আন কথাত সাধাৰণভাবে ব্যাৱহাৰ হৈ থকা শব্দ সমূহক পদলৈ ৰূপান্তৰিত কৰি বাক্যত যি বোৰৰ স্থান নিৰ্দেশ কৰে। সাধনাত্মক বদ্ধ প্রকৃতিবোৰ প্রত্যয় আৰু ৰূপাত্মক বদ্ধ প্রকৃতিবোৰ বিভক্তি ৰূপে জনাজাত। ৰূপ বা প্ৰকৃতিৰ উল্লেখিত ভাগবোৰ ৰেখাচিত্ৰৰ সহায়ত এনেদৰে দেখুৱাব পাৰি –

পৰম্পৰাগত ব্যাকৰণত মুক্তৰূপক প্রতিপাদিত আৰু ধাতু আৰু বন্ধৰূপত বিভক্তি আৰু প্ৰত্যয় ৰূপে আলোচনা করা হয়।

১৫। অসমীয়া ভাষাৰ পদৰ শ্ৰেণীবিভাগ কৰি সিবোৰৰ চমু পৰিচয় দিয়া।

উত্তৰঃ অসমীয়া ভাষাত বাক্যৰ গাঠনিক ব্যৱহাৰ হোৱা পদসমূহক দুটা শ্রেণীত ভগোবা হৈছে –

(ক) বাক্যতাত্ত্বিক। আৰু 

(খ) ৰূপতাত্ত্বিক। 

(ক) বাক্যতাত্ত্বিক পদঃ বিশেষ্য, বিশেষণ, সর্বনাম, ক্রিয়া, ক্রিয়া বিশেষণ, অব্যয় আদি পদ তাত্ত্বিক পদৰ ভিতৰত অন্তর্ভুক্ত।

(খ) ৰূপতাত্ত্বিক পদঃ পদৰ গঠনৰ আধাৰত, অর্থাৎ শব্দৰ ৰূপ, বিভক্তি আৰু বিভক্তিৰ সংগোযোগৰ ভিত্তিত যি শ্রেণী বিভাজন কৰা হয়, সেয়াই ৰূপতাত্ত্বিক পদ।

 ৰূপতাত্ত্বিক পদসমূহক আকৌ দুভাগত ভাগ কৰা হৈছে- 

(১) সব্যয় পদ। 

(২) অব্যয় পদ। 

যিবোৰ পদত বিভিন্ন বিভক্তিৰ সংযোগ ঘটে সেইবোৰক সব্যয় পদ বোলে। 

আনহাতে যিবোৰ পদত বিভক্তিৰ সংযোগ নঘটে সেইবোৰক অব্যয় পদ বোলে।

সব্যয় পদবোৰক দুই ভাগত ভগোরা হৈছে- 

(১) নাম পদ। আৰু 

 (২) ক্রিয়া পদ। 

নাম পদসমূহৰ দুটা ভাগঃ

(ক) সাধাৰণ নাম পদ। আৰু

(খ) সম্বন্ধবাচক নাম পদ।

সাধাৰণ নাম পদ হ’ল, বিভিন্ন ক্ষেত্রত বুজোৱা নামবোৰ যেনে বিশেষ্য পদ আৰু সর্বনাম পদবোৰ। অনহাতে জন্মসূত্রে, বৈবাহিক সূত্রে, আৰু সামাজিক ভাবে স্থাপিত সম্বন্ধৰ ভিত্তিত পোৱা, দেউতা, মা, ভাই, ভনী, খুৰা, মামা, শহুৰ, শাহু, তাবৈ, আমৈ, আদি পদবোৰ হ’ল সম্বন্ধ বাচক পদ। 

ভাষাতাত্ত্বিকসকলে অসমীয়া ভাষাৰ সর্বনাম পদবোৰক বিভিন্ন ভাগত ভগাইছে যেনেঃ ব্যক্তিবাচক, নির্দেশক, সম্বন্ধসূচক, প্রশ্নসূচক, আত্মবাচক, সমষ্টিবাচক আৰু অনির্দিষ্টসূচক সর্বনাম পদ।

১৬। অসমীয়া ভাষাত কেইটা আৰু কি কি কাৰক পোৱা যায়? অসমীয়া কাৰক আৰু শব্দ -বিভক্তিৰ সম্পর্ক দেখুৱাই এটি চমু আলোচনা প্রস্তুত কৰা। 

উত্তৰঃ অসমীয়া ভাষাত কাৰক সাতটা পোরা যায়, সেইকেইটা হ’ল-

(ক) কর্তা।

(খ) কর্ম।

(গ) কৰণ।

(ঘ) নিমিত্ত।

(ঙ) অপাদান।

(চ) সম্বন্ধ পদ। আৰু

(ছ) অধিকৰণ কাবক।

অসমীয়া ভাষাত কর্ম আৰু সম্প্রদান কাৰকৰ কোনো ভেদ ৰখা নহয়। অর্থাৎ ‘সম্প্রদান কাৰকৰ কাম অসমীয়াত কৰ্ম, কাৰকৰ বিভক্তিয়ে সম্পাদন কৰে।’ কাৰণ কাৰকৰ স্বতন্ত্র বিভক্তি আছে যদিও সম্বন্ধ পদৰ-অৰ / ৰ বিভক্তিৰ পিছত দ্বাৰা, হতুৱাই আদি অনুপদ বহুৱাইও ইয়াৰ অর্থ প্রকাশ কৰা হয়। অসমীয়াত অপাদান কাৰক আছে কিন্তু তাৰ স্বতন্ত্র বিভক্তি নাই। গতিকে সম্বন্ধ পদৰ অৰ / ৰ পিছত পৰা অনুপদ বহুৱাই অপাদান কাৰকৰ কাৰ্য্য সম্পাদন কৰা হয়। এটা কাৰকৰ বিভক্তিৰ আন এটা কাৰকৰ অর্থ প্রকাশ কৰিব পৰাটো অসমীয়া কাৰকৰ এক উল্লেখযোগ্য বৈশিষ্ট্য।

তলত কাৰক বিভক্তি আৰু শব্দ বিভক্তিৰ সম্পর্ক দেখুৱাই এখন তালিকা প্রস্তুত কৰা-

কাৰক শব্দ বিভক্তি 
কৰ্তা– এ, – ০ / – এ, – ই, – ০
কৰণ – এৰে, / – ৰে
নিমিত্ত– অলৈ / – লৈ
অপাদান
সম্বন্ধপদ– অৰ / – ৰ
অধিকৰণ– অত / – ত

১৭। বাক্যতত্ব বুলিলে কি বুজা যায়? বাক্যতত্ত্বৰ আলোচনাত কোনবোৰ দিশ বিশ্লেষণ কৰা হয় আলোচনা কৰা।

 উত্তৰঃ বাক্যতত্ব বুলিলে ইয়াকে বুজা যায় যে ভাষাৰ ‘বাক্যতত্ত্ব’ হ’ল বাক্যৰ গাঁথনিৰ সুক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ। 

বাক্যতত্ত্বৰ আলোচনাত তলত উল্লেখ কৰা দিশবোৰ আলোচনা কৰা হয়-

(ক) ভাষাৰ শব্দসজ্জা।

(খ) বাক্যৰ বিভিন্ন গাঁথনি।

(গ) বাক্যৰ প্ৰকাৰ।

(ঘ) বাক্যৰ ৰূপান্তৰ।

(ঙ) বাক্যৰ অন্তর্নিহিত সুৰ। আৰু

(চ) বাক্যাংশ আদি দিশবোৰ। 

বাক্য বচিত হয় পদেৰে। এই পদেই বাক্য স্তৰৰ নিম্নতম ক্ষুদ্র একক বা গোট বিশেষ। এনেধৰণৰ এক বা একাধিক পদৰ সুসংগঠনত বাক্যৰ সৃষ্টি হয়। সেয়েহে পদৰ গাঁঠনি বা বাক্যৰীতি বুলিলে বাক্যৰ অন্তৰ্গত পদবোৰৰ প্ৰয়োগৰ ৰীতিকে বুজা যায় আৰু বাক্যৰ গঠনকে প্রকাৰান্তৰে ভাষাৰ গঠন বুলি ক’ব পাৰি। 

ধ্বনি, বর্ণ, উপধ্বনি আৰু অক্ষৰ এই বিষয়সমূহ আলোচনা কৰা হয়; ৰূপতাত্বিক স্তৰত আকৃতি, প্রাকৃতি, উপাকৃতি আদিৰ সূক্ষ্ম বিচাৰ কৰাৰ উপৰি প্ৰাকৃতিৰ পৰা সৃষ্টি হোৱা শব্দ আৰু পদৰ বিষয়েও আলোচনা কৰা হয়। বাক্যতাত্ত্বিক স্তৰত বাক্যৰ নিম্নতম গোট অর্থাৎ পদসমূহৰ সু-সংগঠনত বাক্যৰ সৃষ্টি সম্পর্কে আলোচনা কৰা হয়। অৰ্থতত্বৰ স্তৰত আকৌ শব্দৰ অর্থ বিশ্লেষণ আৰু সম্পূর্ণ ভাব প্রকাশক একোটা বাক্যৰ অৰ্থ বিচাৰ কৰা হয়। উল্লিখিত সকলে উপাদানেৰে বাক্য এটা গঠিত হয় আৰু প্রত্যেক উপাদানেৰে একোটা সহ সম্বন্ধ আছে।

১৮। বাক্য গঠন প্রক্রিয়াত পদৰ আকাংক্ষা, যোগ্যতা আৰু আসক্তিৰ গুৰুত্ব কিমান? অসমীয়া ভাষাৰ উদাহৰণসহ বর্ণনা কৰা। 

উত্তৰঃ বাক্যৰ গঠনত পদেই মূল সামগ্রী। পদবোৰ যেনি- তেনি লগ লাগিলেই বাক্য গঠন নহয়। বাক্য গঠনত পদৰ আকাংক্ষা, যোগ্যতা আৰু আসক্তিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। সেইবোৰ উদাহৰণসহ আলোচনা কৰা হ’ল- 

পদৰ আকাংক্ষাঃ বাক্যৰ যোগেদি মনৰ ভাব প্রকাশ কৰিবলৈ লওঁতে বাক্যৰ মাজত অন্তনিহিত হৈ থকা আৱশ্যকীয় পদসমূহ ব্যৱহাৰ কৰিবলৈ বক্তাৰ আকাংক্ষা জাগিব লাগিব। ঠিক সেইদৰে বক্তাৰ মনৰ ভাব শুনিবলৈও শ্রোতাৰ আকাংক্ষা জন্মিব লাগিব। বাক্য গঠনত পদৰ উপৰি আৰু এবিধ অপৰিহাৰ্য অংগ হৈছে সুৰ-লহৰ। সুৰ-লহৰে পদ বা পদ সমষ্টিৰে নির্মিত বাক্য, খণ্ডবাক্য, গর্ভবাক্য বা বাক্যাংশৰ সীমা নির্ণয় কৰি দেখুৱায়। সেয়েহে কেৱল সমাপিকা ক্রিয়াপদেহে বাক্য শেষ হোৱা নুবুজায়। তদুপৰি বাক্য এটাই সাধাৰণ বিবৃতি বুজাইছে নে অনুজ্ঞা অর্থ প্রকাশ কৰিছে, তাক সুৰ লহৰৰ পৰাহে জানিব পাৰি। অর্থাৎ সুৰ লহৰৰ পৰাহে শ্রোতাৰ বাক্য শ্রৱণৰ আকাংক্ষা পূর্ণ হয়।

সাধাৰণতে বিৰাম চিহ্ন বা চিহ্নৰ দ্বাৰা সুৰ-লহৰ সূচিত হয়। সুৰ লহৰৰ সহায়ত এটা নিশ্চয়সূচক বাক্য প্রশ্নসূচক বাক্যলৈ ৰূপান্তৰ কৰিব পাৰি। যেনেঃ 

(ক) সি কিতাপখন পঢ়িলে। (নিশ্চয়বাচক বাক্য) 

(খ) সি কিতাপখন পড়িলে? (প্রশ্নসূচক বাক্য) 

পদৰ যোগ্যতাঃ বাক্যত যিকোনো পদৰ লগত যিকোনো পদ লগ লগাব নোৱাৰি। পদৰ যোগ্যতা অনুসৰিহে বাক্যত পদসমূহ সংস্থাপন কৰা হয়। পদৰ যোগ্যতা নিৰ্ভৰ কৰে দুটা কথাৰ ওপৰত – 

(১) অর্থগত যোগ্যতা। আৰু

(২) ৰূপগত যোগ্যতা।

(১) অর্থগত যোগ্যতাঃ বাক্যত ব্যৱহৃত পদৰ অৰ্থৰ সংগতি থাকিব লাগিব। প্রত্যেক ভাষাতে বিশেষ্যপদ অনুসৰি ক্ৰিয়া পদসমূহৰ ৰূপ নির্দিষ্ট। যেনেঃ “আমি পানী পিওঁ কিন্তু ভাত খাওঁ।” 

(২) ৰূপগত যোগ্যতাঃ বাক্যত ব্যৱহৃত পদবোৰৰ ৰূপসমূহৰ মাজত সংগতি স্থাপন হ’ব লাগে। যেনেঃ সিহঁতে পথাৰত খেলি আছে। 

ৰূপগত যোগ্যতাক দুই ভাগত ভগোৱা হৈছে- 

(১) ৰূপাত্মক যোগ্যতা। আৰু 

(২) সাধনগত যোগ্যতা।

(১) ৰূপাত্মক যোগ্যতাঃ পদৰ লগত পদৰ শুদ্ধ সংগতি স্থাপন কৰিব পৰা গুণকে পদৰ ৰূপাত্মক যোগ্যতা বোলে। যেনেঃ চৰাইবোৰ আকাশত উৰি আছে। ছোৱালীবোৰে পুখুৰীত সাতুঁৰি আছে। 

(২) সাধনগত যোগ্যতাঃ লিংগ আৰু বচনবোৰৰ প্রত্যয়বোৰ শব্দ সাধনৰ প্রত্যয়। শব্দৰ সাধন ভুল হ’লেও পদৰ ৰূপগত যোগ্যতা নোহোৱা হয়। যেনেঃ

ভুলশুদ্ধ
ভুল তিৰোতাজনী কন্যাতিৰোতা জনী কাণী
তেখেতলোকৰ দাবীতেখেতসকলৰ দাবী আদি

পদৰ আসক্তিঃ আসক্তি শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে ওচৰতে বহা বা লগালগিকৈ থকা অৱস্থা অর্থাৎ নিকটতা। অর্থগত আৰু ৰূপগত যোগ্যতা থকা পদবোৰ বাক্যত যথোপযুক্ত ক্ৰমত যথাসম্ভৱ ওচৰা-ওচৰিকৈ সজোৱা হয়; পদবোৰৰ এনে অৱস্থাকে পদৰ আসক্তি বোলে। যেনেঃ

 ল’ৰাবোৰে খেলিছে,   

তেখেত মোৰ দেউতা। 

১৯। জটিল বাক্য কাক বোলে? যৌগিক বাক্যৰ লগত ইয়াৰ পাৰ্থক্য কি? জটিল বাক্য প্রকাৰভেদ উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ অধীন গর্ভবাক্যযুক্ত বাক্যক জটিল বাক্য বোলে। অর্থব দৃষ্টিকোণৰ পৰা সাধাৰণতে জটিল বাক্যত এটা প্রধান বাক্য থাকে আৰু এই প্রধান বাক্যটো এটা অপ্রধান বাক্যৰ ওপৰত নির্ভৰশীল হৈ থাকে। 

জটিল বাক্যৰ উদাহৰণ-

(ক) কিহৰ পৰা মানুহৰ কৃপনালি জন্মে তাক ঠাৱৰকৈ কোৱা টান।”

(খ) যদি গা ভালে থাকে, ফুৰিবলৈ যাম।

(গ) ৰামে ক’লে যে এইবাৰ পৰীক্ষাৰ ফলাফল ভাল হ’ব। 

আনহাতে যুগ্ম বা যৌগিক বাক্য হ’ল- দুই বা তাতোধিক সৰল বাক্য কোনো সংযোজক বা বিয়োজক অব্যয়ৰ সহায়ত লগ লগাই বাক্য গঠন কৰা হয়। তলৰ বাক্য কেইটা ফঁহিয়াইম বুজিব পাৰি –

(১) মা আহিল।

(২) তেওঁ বাইদেউক বহুত বুজালে।

(৩) তাই নামানিলে।

এই বাক্যকেইটা সংযোগ বা যুগ্ম বাক্য কৰিলে হ’ব ‘মা আহিল আৰু তেওঁ বাইদেউক বহুত বুজালে কিন্তু তাই নামানিলে।’

সৰল বাক্যবোৰক কিন্তু, যদি, আৰু, তেন্তে, তথাপি, অথবা, নাইবা, আদিৰে যুগ্ম বা জোৰ লগাই যৌগিক বাক্য কৰা হয়।

জটিল বাক্যৰ প্ৰকাৰভেদঃ জটিল বাক্যক তিনিটা উপভাগত ভগাব পাৰি-

(১) বিশেষণীয় উপবাক্য। 

(২) ক্রিয়া বিশেষণীয় উপবাক্য।

(৩) বিশেষ্য উপবাক্য। 

(১) বিশেষণীয় উপবাক্যঃ কেতিয়াবা জটিল বাক্যৰ কোনো এটা উপবাক্যই প্রধান বাক্যৰ কোনো এটা শব্দৰ বিষয়ে সবিশেষ বর্ণনা কৰে। যেনেঃ “মই এটা কবিতা পঢ়িলো যিটো মই কেতিয়াও পাহৰিব নোৱাৰো।” 

(২) ক্রিয়া বিশেষণীয় উপবাক্যঃ কেতিয়াবা মুখ্য বাক্যত থকা কোনো ক্রিয়া বিশেষণৰ বিষয়ে অধিক স্পষ্টকৈ কবৰ বাবে একোটা উপবাক্যৰ সংযোগ কৰা হয়। যেনেঃ “তাই ইমান খৰকৈ কথা কয় যে একো বুজিবই নোৱাৰি।”

(৩) বিশেষ্য উপবাক্যঃ পৰিপুৰকৰ কাম কৰা উপবাক্যক বিশেষ্য উপবাক্য বোলে। কেতিয়াবা জটিল বাক্যত থকা কোনো উপবাক্যই প্রধান বাক্যত থাকিবলগীয়া অথচ উহ্য থকা কোনো বিশেষ্যৰ ঠাই পুৰণ কৰে। যেনেঃ “সি জানে যে আজিকালি চাকৰি পোৰাটো টান।”

২০। অর্থতত্ত্ব বুলিলে কি বুজা? অর্থতত্ত্বৰ ব্যুৎপত্তিগত অর্থ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অর্থবিজ্ঞান বা অর্থতত্ত্ব ভাষা-বিজ্ঞান অধ্যয়নৰ এটা গুৰুত্বপূর্ণ স্তৰ। ভাষাৰ মৌলিক উপাদান ধ্বনি, ৰূপ, বাক্য আৰু অর্থৰ তাত্ত্বিক আৰু প্রণালীবদ্ধ আলোচনাই হৈছে ভাষা-বিজ্ঞান। গতিকে অর্থবিজ্ঞানৰ আলোচনা অবিহনে ভাষা-বিজ্ঞানৰ আলোচনা আধৰুৱা। ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ আলোচনাত যিদৰে ভাষাত প্রয়োগ হোৱা ধ্বনি, ৰূপ, বাক্যৰ অন্তর্গত দিশসমূহ তাত্ত্বিক আৰু প্রায়োগিক ক্ষেত্রত পুঙ্খানুপুঙ্খ বিশ্লেষণ কৰি প্রণালীবদ্ধ অধ্যয়ন কৰা হয়, ঠিক সেইদৰে অৰ্থতত্বৰ আলোচনাতে মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অর্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্রসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়। 

ইয়াকে কৰিবলৈ যাওঁতে ভাষাবিজ্ঞানীসকলে অৰ্থৰ অৰ্থ, ভাব বিনিময়ৰ বিভিন্ন প্রণালীসমূহ সামৰি লয়। দৰাচলতে ক’বলৈ গ’লে অর্থৰ অবিহনে ভাষাৰ অন্যান্য উপাদানে ভাব প্রকাশ কৰিব নোৱাৰে। ভাবৰ সূচনা কৰে কেৱল অৰ্থই। অৰ্থৰ প্রধান কাম হৈছে – কোনো বস্তু বা বিষয় সম্পর্কে শব্দৰ জৰিয়তে বোধ জন্মোৱা, আমাৰ চাৰিওফালৰ বস্তুৰ প্রতি জ্ঞান আৰু ধাৰণা উপলব্ধি কৰোৱা, অভিজ্ঞতালব্ধ জ্ঞান আৰু মনোবৈজ্ঞানিক দিশৰ ব্যাখ্যা দাঙি ধৰা। উদাহৰণস্বৰূপে – অসমীয়া ভাষাত সাধাৰণতে অর্থ বুলি ক’লে মানুহে ব্যক্ত কৰা কোনো শব্দ, বাক্য অথবা বহলভাৱে ভাষাই যি ভাব বহন কৰে তাকে বুজা যায়; কিন্তু অন্য এটা অর্থত অসমীয়া ভাষাত অর্থ শব্দই টকা-পইচা, ধন-সম্পত্তি আদিকো বুজায়।

ইংৰাজী Sementics শব্দৰ অসমীয়া প্রতিশব্দ হিচাপে অর্থতত্ত্ব, অর্থবিজ্ঞান, শব্দার্থতত্ত্ব শব্দার্থবিজ্ঞান, বাগতত্ত্ব আদি ভিন্‌ ভিন্‌ পৰিভাষা ভাষাবিজ্ঞানৰ অধ্যয়নত ব্যৱহাৰ কৰা হয়। গ্রীক ভাষাৰ বিশেষ্যৰূপ ‘Sema’ ৰ অৰ্থ হৈছে sign or signal। ইয়াৰ ক্রিয়াৰূপ ‘Semains’ যাৰ অৰ্থ হৈছে – Signal (সংকেত), ‘mean’ (অর্থ), ‘signify (ধাৰণা)। Semantics শব্দটোৰ অৰ্থ অতি ব্যাপক। ই কথা বা উক্তি (Speech) আৰু ভাষা (Language) উভয়কে সামৰি লয়। The Shorter Oxford Dictionary – এ শব্দৰ অর্থ এনেদৰে ব্যাখ্যা কৰিছে – চিনাক্তকৰণৰ লগত সম্বন্ধ অর্থাৎ অর্থৰ সম্পর্ক। গতিকে অর্থতত্ত্ব হৈছে ভাষা-বিজ্ঞানৰ এনে এটা দিশ; যিয়ে বক্তব্য আৰু বিষয়ৰ লগত সম্পর্ক গঢ়ি তুলি দুয়োটাৰে মাজত এটা ধাৰণা জন্মায়। এক কথাত ক’বলৈ গ’লে, আমাৰ চাৰিওফালৰ পাৰিপাশ্বির্কক জগতখনৰ লগত শব্দ আৰু অর্থই চিহ্ন আৰু প্রতীকৰূপে কাম কৰে আৰু ভাষাৰ গাঁথনিক ৰূপৰ বাহ্যিক জগতৰ লগত সম্পর্ক বিচাৰ আৰু তাৰ দ্বাৰা কিদৰে ভাব বিনিময় হয় তাৰ বিশ্লেষণেই হ’ল অর্থবিজ্ঞান কে মূল উদ্দেশ্য।

২১। উপভাষাৰ সৃষ্টি কেনেকৈ হয়? অসমীয়া ভাষাৰ উপভাষা সৃষ্টিৰ প্ৰধান কাৰণসমূহ  বিশ্লেষণ কৰি এটি চমু প্রবন্ধ যুগুত কৰা।

উত্তৰঃ কোনো ভৌগোলিক পৰিৱেষ্টনৰ ভাষা এটাব বিভিন্ন অঞ্চলত সৃষ্টি হোৱা সুকীয়। ৰূপেই হ’ল সেই ভাষাটোৰ উপভাষা। উপভাষাৰ সৃষ্টিৰ মূল কাৰণ হৈছে মানুহৰ মাজত আহ-যাহ বা যোগাযোগৰ অভাৱ। নানা কাৰণত দুটা অঞ্চলৰ মানুহৰ মাজত যোগাযোগৰ অভাৱ ঘটিব পাৰে। কেতিয়াবা প্রাকৃতিক বাধায়ো যোগাযোগৰ সৃষ্টিত অসুবিধা জন্মাই উপভাষা সৃষ্টিত সহায় কৰিব পাৰে। অৱশ্যে প্রাকৃতিক বাধাতকৈ সামাজিক বাধাহে উপভাষা সৃষ্টিৰ কাৰণে বেছি প্রভাৱশালী। 

অসমীয়া ভাষাটো মগধীয় ৰূপৰ পৰা ৰূপান্তৰিত হৈ পশ্চিম পিনেদি অসমত সোমায় আৰু অসমৰ নামনি-অঞ্চলতে সুকীয়া অসমীয়া ভাষাৰূপে গঢ় লয়। পিছত ভাষাটো ক্রমে উজনি-অঞ্চলত বিয়পি পৰে। ১২২৮ চনত আহোম সকলে অসমৰ পূব অঞ্চল অধিকাৰ কৰি শিৱসাগৰ জিলাত ৰাজধানী স্থাপন কৰে। লাহে লাহে তেওঁলোকৰ ৰাজ্য বাঢ়ি গৈ কামৰূপৰ সীম পায়হি। গতিকে উজনি অসমখন এক শাসনৰ অধীন হয় আৰু তাৰ ভাষাটোৱে এটা বিশেষ গঢ় লয়। নামনি অসমখন হ’লে ১৬৮২ চনলৈকে ৰাজনৈতিক পিনৰ পৰা সম্পূর্ণ বেলেগতভাৱে আছিল আৰু অতি প্রাচীন কালৰ পৰা এই অঞ্চল বিভিন্ন সময়ত বিভিন্ন ৰজাৰ অধীনয় আছিল। ৰাজধানীও একে ঠাইত নাছিল। তদুপৰি বিদেশীসকলে বিশেষকৈ মুছলমানসকলে ১২০৫ চনৰ পৰা ১৬৮২ চনলৈকে বহুবাৰ আক্ৰমণ কৰিছিল। ১৬৮২ চনত নামনি অসমখন আহোম ৰাজ্যৰ ভিতৰুৱা হ’লেও বহুতো কাৰণত এটা শাস্তিৰ বাতাবৰণৰ সৃষ্টি হোৱাত বাধা পৰিছিল। দুয়ো অঞ্চলৰ ভিতৰত যাতায়াতৰ অসুবিধা, কোনো ডাঙৰ মেলা বা কোনো ডাঙৰ ধার্মিক উৎসৱ-পর্ব আদিৰ অভাৱ, বিয়া-বাৰুৰ প্রচলন নথকা আদি কাৰণত উজনি আৰু নামনি অঞ্চলৰ লোকসকলৰ মাজত মিলা-মিচাৰ সুবিধা হোৱা নাছিল। সেই হেতুকে নামনি অঞ্চলৰ ভাষাটোৱে এটা সুকীয়া সাঁচ ল’বলৈ সুচল পালে। অর্থাৎ অসমীয়া ভাষাটোৰ প্ৰধানকৈ দুটা আঞ্চলিক ৰূপ বা উপভাষা পোৱা গ’লঃ এটা পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম-অঞ্চলৰ বা নামনিৰ উপভাষা।

বর্তমানৰ অসমীয়া মান্য ভাষাটো পূব অঞ্চলৰ উপভাষা অর্থাৎ শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা। এই উপভাষাটোরে সোঁতৰ শতিকাৰ পৰা প্রাধান্য লাভ কৰিবলৈ উপক্ৰম কৰে। নামনি অসমত কোচ-ৰাজ্য ধ্বংস হোৱাত আহোম ৰজাসকলৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা অঞ্চল সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। লগে লগে এই অঞ্চলৰ লোকসকলে সাহিত্য সেৱাৰো সুযোগ পায়। 

আহোম সকলৰ ছশবছৰীয়া ৰাজত্বৰ অন্ত পৰাত অসম দেশখন ইংৰাজৰ হাতলৈ যায় আৰু ১৮৩৬ চনত আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে আহি শিৱসাগৰ অঞ্চলকে নিজৰ কাৰ্যৰ কেন্দ্রস্থল হিচাপে লয়। তেওঁলোকে সেই অঞ্চলৰ উপভাষা শিকি তাত কিতাপ-পত্র ৰচনা কৰিবলৈ আৰম্ভ কৰে। ১৮৪৬ চনত প্রথম মাহেকীয়া কাকত ‘অৰুণোদয়’ তেওঁলোকেই চলায়। তাৰ পিছত অসমীয়া ব্যাকৰণ আৰু অভিধান ছপা কৰে। এনেকৈয়ে উজনি অঞ্চলৰ উপভাষাটোৱে অসমত মান্য ভাষা হিচাপে মর্যাদা লাভ কৰে।

সোতৰ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি-অঞ্চলতে সাহিত্য কলাৰ কেন্দ্র গঢ়ি  উঠিছিল। কবি আৰু লেখকসকলো এই অঞ্চলৰ পৰাই ওলাইছিল আৰু এই অঞ্চলৰ ভাষাৰো মর্যাদা বাঢ়িছিল। সাংস্কৃতিক প্রাধান্য পোৱা উপভাষাটো আকৌ উপভাষাৰূপেই দেখা দিছে। গতিকে ভাষা আৰু উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল সাংস্কৃতিক কেন্দ্রৰ সালসলনি; কোনো ভাষাৰ নিজৰ গুণ বা দোষ, শুদ্ধতা বা অশুদ্ধতা নহয়। কোনো ভাষাৰ গঠন, বিকাশ, আৰু ভাঙনৰ গতি-বিধি ভাষাৰ লগত সম্বন্ধ নথকা বাহিৰা ঐতিহাসিক কাৰণৰ দ্বাৰা, বিশেষকৈ সভ্যতাৰ গতি-বিধিৰ দ্বাৰা নিৰূপিত হয়।

২২। অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰৰ বিভিন্ন উৎস সম্বন্ধে বহলাই আলোচনা কৰা।

উত্তৰঃ আন নব্য ভাৰতীয় আর্য-ভাষাৰ নিচিনা অসমীয়া ভাষাৰো শব্দ-মালাৰ মূল বা উৎস প্রধানকৈছটাঃ  তৎসম, আৰু অর্ধ তৎসম, তদ্ভৱ, দেশী, ভাৰতৰ আন ভাষাৰ শব্দ, ইউৰোপীয় আৰু আন ভাষাৰ শব্দ, আৰু অনার্য ভাষাৰ শব্দ। যিবোৰ শব্দ সংস্কৃতৰ পৰা অৱিকৃতভাৱে আহিছে সেইবোৰ তৎসম আৰু সাধাৰণ ধ্বনি পৰিৱর্তন হৈ অহা শব্দবোৰ অর্ধতৎসম। সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি বিকশিত হৈ অহা শব্দবোৰ তদ্ভৱ। যিবোৰ শব্দৰ মূল সংস্কৃত নাইবা আন কোনো ভাষাৰ পৰা নির্ধাৰণ কৰিব পৰা নহয়, অথচ নব্য ভাৰতীয় আর্য-ভাষাবোৰত সচৰাচৰ পোৱা যায়, সেইবোৰ শব্দই দেশী শব্দ। তৎসম শব্দৰ ভিতৰত ধর্ম, পিতা, ঈশ্বৰ আদি শব্দবোৰ পৰে। আনহাতে ভকতি < ভক্তি, মৰম <  মর্ম, যতন < যত্ন আদি অর্ধ তৎসম শব্দ। 

অসমীয়া ভাষাটো প্রধানতঃ প্রাচীন ভাৰতীয় আর্য ভাষাৰ পৰা মধ্য ভাৰতীয় আর্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা হেতুকে তদ্ভবৱ শব্দৰ সংখ্যা বেছি হৈছে। 

আমি তদ্ভৱ শব্দৰ উদাহৰণঃ কলহ < কলশ, ঘৰ < গৃহ, জুই < দ্যুতি, ভৰি < ভৰিত্র, চকু < চক্ষু, নাক < নক্র, দাঁত < দন্ত, এক < এক, দুই < দ্বি, শ < শত, বাঘ < ব্যাঘ্র, গৰু < গো-ৰূপ, মাছ < মৎস্য, কাচ < কচ্ছপ, জোন < জ্যোৎস্না, গছ < গচ্ছ, নৈ < নদী, সোঁত < স্রোত, ভাল < ভদ্র, সচাঁ < সত্য, মিছা < মিথ্যা, দীঘল < দীর্ঘ+ল, খায় < খাদতি ইত্যাদি।

দেশী শব্দৰ কিছুমান হ’লঃ খাৰু, লাড়ু, তেঁতেলী, খিৰিকী, গাজ, জোপা, টুপী, ঢোল, পেট, ভীৰ ইত্যাদি।

ভাৰতীয় আন ভাষাৰ শব্দঃ ভাৰতীয় আন ভাষাৰ পৰা অহা শব্দৰ ভিতৰত আন নব্য ভাৰতীয় আর্য ভাষাৰ পৰা অহা আৰু হিন্দুস্থানীৰ মাজেদি আৰৱী, পাৰছী, আৰু তুর্কী ভাষাব পৰা অহা শব্দবোৰ পৰে। উকীল, আদালত, দৰ্খাস্ত, দলিল, খাজনা, মোকর্দমা, হাকিম আদি আইন বা শাসন বিষয়ক শব্দবোৰ আৰবী, পাৰছী আৰু তুর্কী ভাষাৰ। পাৰছীৰ পৰা অহা কিছুমান শব্দ তিল হ’লঃ ৰুমাল, কাগজ, খৰচ, খোৰাক, খিছমিছ, গোলাপ, চান্দা, জেদ, জেদী, দর্জা, দোকান, পিয়লা, বকছিছ, মছলা, মম, মেতৰ মোজা, লেকাম আদি। আৰবীৰ পৰা লোৱা শব্দ কেইটামান হ’ল- আফিং, আছল, কাজিয়া, কলম, কিস্তি, খবৰ, খাতিৰ, গৰজ, ছখ, ছৌখিন, ছৰবত, চাবোন দোৱাত, নকল, বদল, মস্কিল, লেফাফা, লেপ, হজম, হাজিৰা আদি। তুর্কী ভাষাৰ পৰা অহা শব্দ হ’ল- কেঁচী, জেপ, কাবু, লাছ ইত্যাদি।

আন ভাবতীয় আর্য ভাষাৰ পৰা অহা শব্দৰ ভিতৰত বঙলা ভাষাৰ পৰা অহা শব্দ হ’ল-ৰসগোল্লা ভেজাল; হিন্দীৰ-সস্তা, ঠিক, ঠিকা, কেঁচা, ডকাইত, মিহী, গুজৰাটীৰ-হৰতাল ইত্যাদি।

ইউৰোপীয় আৰু আন ভাষাৰ শব্দঃ অসমীয়া ভাষাত ইউৰোপীয় বিশেষকৈ ইংৰাজী আৰু অসমীয়া শব্দ কিছুমানো ব্যৱহাৰ হৈ আহিছে। এইক্ষেত্ৰত অৱশ্যে ইংৰাজী ভাষাৰ শব্দই আটাইতকৈ বেছি। অসমত ইংৰাজসকলৰ ৰাজত্ব আৰু ইংৰাজসকলৰ প্ৰতি অসমীয়া লোকৰ উচ্চ মনোভাৱ আদিৰ বাবেই ইংৰাজী ভাষাৰ শব্দ অধিক পৰিমাণে পোৱা গৈছে। ইংৰাজী ভাষাৰ শব্দবোৰৰ কিছুমান শিক্ষাবিষয়ক, কিছুমান সভ্যতা, সংস্কৃতি আৰু সাজপাৰমূলক আৰু কিছুমান ব্যৱসায়-বাণিজ্য আদি ভালেমান বিষয়ৰ লগত জড়িত। খেলবিষয়ক কিছুমান শব্দও ইংৰাজী ভাষাৰ পৰা অসমীয়াত প্রৱেশ কৰিছে। উদাহৰণস্বৰূপে অফিচ, ফর্ম, ফাইল, ডিৰেক্টৰ জেইল, পুলিছ, চিয়াৰ, বেঞ্চ, টেবিল, ফুটবল, ভলীবল, ইনজেকচন, ডাক্তৰ, কলেৰা, মেলেৰিয়া, বেংক, চেক, নোট ইত্যাদি বহুতো শব্দ ইংৰাজীৰ পৰা পোনে পোনে অসমীয়া ভাষাই গ্রহণ কৰিছে। 

বিভিন্ন ভাষা-ভাষী সংমিশ্ৰণৰ ফলত অসমীয়া ভাষাত পর্তুগীজ শব্দ কিছুমানো সোমাইছে। যেনে- আচাৰ, অনাচাৰ, আলকাট্ৰা, আলনাৰী, ইষ্ট্ৰী, ইংৰাজ, ওলণ্ডাজ, খ্ৰীষ্টিয়, গির্জা, গুদাম, আদি শব্দ পর্তুগীজ ভাষাৰ। সেইদৰে ফৰাচী ভাষাৰ কার্তিজ, কুপন, ওলণ্ডাজৰ ইছক্রুপ, ছিৰ্তন ইর্তন, ৰহিত্তন, ইষ্কাপন, জাপানীৰ ৰিক্‌ছা, হাৰাকিৰি আদি শব্দও অসমীয়া ভাষাত সোমাইছে। 

অনাৰ্য ভাষাৰ শব্দঃ অসমীয়াত অনার্য ভাষাৰ শব্দ বহুতো আছে। অনার্য ভাষাৰ ভিতৰত অষ্ট্রিক ভাষা পৰিয়ালৰ আৰু চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষাৰ শব্দই প্রধান। অষ্ট্রক ভাষা গোষ্ঠীৰ খাচিৰ পৰা অহা শব্দ কিছুমান হ’ল-কাবৌ, খং, হেনো, জহা; কোল-মুণ্ডাৰ পৰা অহাঃ এৰা, লাটুম, উবুৰিয়া, মুগা, ডঙুৱা; ছাওতালীৰ পৰা অহাঃ ঢোপ, ঢুমা, গোহাৰি, পহাৰ, গোঙোৰা, মালয়ৰ পৰা অহাঃ বগা, বুটল, চেলাউৰি, চেঙা, সাঁফৰ, ডিহি, গাহৰি, হোলোঙা, জেং, মৈদাম, নাহৰফুটুকী, সোলা, উঁই, সিজু ইত্যাদি। 

অষ্ট্ৰিক ভাষাৰ আন আন শব্দসমূহ হ’লঃ গণ্ডা, কুৰি, পোন; প্রাগজ্যোতিষপুৰ কামৰূপ, কামাখ্যা, হাৰুপেশ্বৰ, কামতা, চামতা, বকতা, চাপত-গ্রাম, ধৰমতুল; দিহিং, দিবং, দিচাং, তিলাও ইত্যাদি। 

তিব্বত-বর্মীয় বড়ো ভাষাৰ পৰা অহা শব্দ কিছুমান এনেধৰণৰঃ চেলেক্, ৰেপ্, আগচ্, গচক্, চেপ্, খাম বান্ধ, গবা মাৰ্, বিৰ দি; হাফলু, জখলা, জোং, হেঙাৰ, হাওঁ-ফাওঁ, লফা, ডাউক আদি। স্থানৱাচক শব্দৰ ভিতৰত হাজো, হাকমা, বিহামপুৰ, দিছপুৰ আদি শব্দবোৰ বড়ো ভাষাৰ। টাই আহোম ভাষাৰ পৰা অহা কিছুমান শব্দ হ’লঃ জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, ডোঙা, টুপ, লিকচৌ, চকলং, চাওডাং, হাজৰিকা, শইকীয়া, বৰুৱা, স্বর্গদেৱ, চাংমাই, জেঙা, জাঙুৰ, টং, টাপলি, টিপা, তিঁয়হ, থুনুপাক, ফেঁহু, লিগিৰী, হেংডাল ইত্যাদি। স্থানবাচক আহোম শব্দ কিছুমান হ’ল- টিয়ক, তিপাম, টিংখাং, মাকুম, নাজিৰা, চৰাইদেউ, টংলা, টিহু, খোৱাং, নামৰূপ ইত্যাদি। 

ধন্যাত্মক শব্দঃ অসমীয়া শব্দ-মালাৰ এক বুজন অংশ অধিকাৰ কৰিছে ধন্যাত্মক শব্দবোৰে। এই শব্দবোৰক তিনিটা ভাগত ভগাব পাৰিঃ

(ক) টন-টন, দপ-দপ, ধপ-ধপ, ফুচ-ফুচ।

(খ) কক-বক, কেও-মেও, লট-পট, লৰ-ফৰ।

(গ) আমন-জিমন, চুচুক-চামাক, টুলুং-ভুটুং।

২৩। অসমীয়া ভাষাৰ ধাতুসমূহক কি কি ভাগত ভাগ কৰিব পাৰি। প্ৰত্যেক বিধৰ বিষয়ে বহলাই আলোচনা কৰা। 

উত্তৰঃ অসমীয়া ভাষাৰ ধাতুসমূহক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰিー

১। মুখ্য ধাতু।

২। গৌণ ধাতু। আৰু

৩। অনার্য আৰু আন ভাষাৰ পৰা ধাতু।

১। মুখ্য ধাতুঃ মুখ্য ধাতু বুলি কলে সংস্কৃতৰ পৰা অসমীয়ালৈ পোনপটীয়াভাৱে অহা ধাতুবোৰৰ কথা ক’বলগীয়াহ হয়। সংস্কৃতৰ পৰা অহা ধাতুবোৰক আকৌ তিনিটা ভাগত ভগাব পাৰি- 

(ক) সাধাৰণ ধাতু।

 (খ) উপসর্গযুক্ত ধাতু। আৰু

 (গ) পাঁচনি ধাতু।

(ক) সাধাৰণ ধাতুঃ কৰ্ (সং কৰোতি), কান্দ্ (সং ক্ৰন্দতি), খা (সং খাদতি), খেল্ (সং খেলতি), গা (সং গায়তি), যা (সং যাতি), বুজ (সং বুধ্যতে), ল (সং লভাতে), জান্ (সং জানাতি), দি (সং দীয়তে), নাচ্ (সং নৃত্যতে), নি (সং নয়তি), পঢ়্ (সং পঠতি) ইত্যাদি।

(খ) উপসর্গযুক্ত ধাতুঃ উজা (সং উৎ-যাতি), উঠ্ (সং উৎ তিষ্ঠতি) ওপজ (সং উৎ-পদ্যতে), চম্ভাল্ (সং সম্ভৰতি), পাহৰ্‌ (সং প্রস্মৰতি), পা (সং প্রাপ্নোতি)।

(গ) সংস্কৃতৰ পাঁচনী ক্ৰিয়াৰ পৰা হোৱা ধাতুঃ চাৰ্ (সং চাৰয়তি), ফাল্ (সং স্ফাটয়তি) বক্ (সং বল্কয়তি), ৰো্ (সং ৰোপয়তি), থ্ (সং স্থাপয়তি)।

২। গৌণ ধাতুঃ গৌণ ধাতু কেইবা প্রকাৰৰো হ’ব পাৰে, যেনে-

(ক) পাঁচনি ধাতু।

(খ) নাম ধাতু।

(গ) সংযুক্ত ধাতু।

(ঘ) প্রত্যয়ান্ত ধাতু।

(ঙ) ধ্বন্যাত্মক ধাতু।

তলত প্রত্যেকৰে আলোচনা কৰা হ’ল- 

(ক) পাঁচনি ধাতুঃ আনক পাঁচি কোনো কাম কৰোৱা বুজাবলৈ মুখ্য ধাতু বা নাম ধাতুৰ পাছত-আ, -ওৱা আৰু -উৱা প্রত্যয় যোগ দিলে আন এবিধ ধাতুৰ সৃষ্টি হয়। ইয়াৰ নাম পাঁচনি ধাতু। ক্রিয়া বিভক্তিবোৰ পাঁচনি ধাতুৰ পাছত লগ লাগে। যেনে- খা-আ-ওঁ (খুৱাওঁ), পঢ়া-উৱা (পঢ়ুৱা), কৰ্-ওৱা (কৰোৱা), ধো-আ (ধুৱা), নাচ্-উৱা (নচুৱা), হাঁহ্-উৱা (হঁহুবা), দেখ -উৱা (দেখুৱা), বহু-উৱা (বহুৱা) ইত্যাদি। 

(খ) নামধাতুঃ বিশেষ্য আৰু বিশেষণৰ শব্দৰ পাছত-আ, -ইয়া, -উৱা প্রত্যয় লগ লগাই কিছুমান ধাতু সজাব পাৰি। এনে ধাতুবোৰক নাম ধাতু বোলে। ক্রিয়া-বিভক্তি এইবোৰেৰ পাছত যোগ দিব লাগে, যেনে- তপত-আ, (তপতা), ভুকু-আ (ভুকুৱা), গোৰ-ইয়া (গুৰিয়া)  টাঙোন-ইয়া (টঙনিয়া), আগ-উৱা (আগুৱা) ইত্যাদি। 

(গ) সংযুক্ত ধাতুঃ কিছুমান ধাতু

১। বিশেষ্য বা বিশেষণ শব্দ।

২। ক্রিয়াৰ অসমাপিকা ৰূপ।

৩। ক্ৰিয়াৰ ভবিষ্যৎ কালৰ তৃতীয় পুৰুষৰ ৰূপ।

৪। ক্ৰিয়াৰ ভূতকালিক কৃদন্ত ৰূপ। আৰু  

৫। তুমুনন্ত ক্রিয়া ৰূপৰ পাছত লগ লাগি বিভিন্ন অর্থ প্রকাশ কৰে। এনেধৰণৰ ধাতুবোৰক সংযুক্ত ধাতু বোলা হৈছে। 

তলত প্রত্যেকৰে উদাহৰণ দিয়া হ’ল

১। জমা কৰ্, নাম কৰ্, আগ-বাঢ়্, খোজ কাঢ়্, জুই ধৰ্, কাষ চাপ্, মাৰ খা, হাক দি, আৰম্ভ কৰ্ শেষ কৰ্ ইত্যাদি। খাই পেলা, পেলাই দি, পৰি যা, লৈ যা, বহি থাক্, ৰাখি থ, উঠি যা, বাগৰি পৰ্, ইত্যাদি। 

২।  খাই পেলা, পেলাই দি, পৰি যা, লৈ যা, বহি থাক্, ৰাখি থ, উঠি যা, বাগৰি পৰ্‌  ইত্যাদি।

৩।  খাব পাৰ্‌, ক’ব পাৰ্‌, বহিব পাৰ্‌, যাব খোজ্ ইত্যাদি।

৪। ধৰা পৰ্‌, অহা যোৱা কৰ্‌, খোৱা কৰ্‌, ইত্যাদি। 

৫।  খাবলৈ ধৰ, পঢ়িবলৈ এৰ্‌, যাবলৈ পাহৰ আদি। 

(ঘ) প্রত্যয়ান্ত ধাতুঃ কিছুমান ধাতুৰ মূল বিচাৰি চালে যিবোৰ শব্দৰ পৰা সেই ধাতুবোৰ ওলাইছে যেন লাগে সেইবোৰৰ পাছতো আৰু কিছুমান ৰূপ সংযুক্ত হৈছে বুলি ক’ব পাৰি। এনে ধাতুবোৰক প্রত্যয়ান্ত ধাতু নাম দিয়া হৈছে। এইবোৰ হৈছে- থমক্, থেকেচ্, মোহাৰ্‌, ওন্দোলা, ৰমলিয়া, থেৰেহ্ আদি।

(ঙ) ধ্বন্যাত্মক ধাতুঃ কিছুমান ধ্বনি সংযোগ উচ্চাৰণ কৰাৰ লগে লগে একোটা অর্থ প্রকাশিত হয়, এনে শব্দবোৰ বিশ্লেষণ কৰিলে এটা শব্দমূল পোৱা যায়। তাৰ পাছত বিভিন্ন প্রত্যয় লগ লগাই বিভিন্ন আন শব্দ সজাব পাৰি। এনে শব্দ-মূলবোৰৰ কিছুমানৰ পাছত ‘আ’ প্রত্যয় লগ লগাই একোটা ধাতু-ৰূপ পাব পাৰি। এনে ধাতুবোৰ ধ্বন্যাত্মক ধাতু। যেনে- কে’ক-আ (কেকা) দেদা, ফোঁপা, বেবা, দপদপা, ধৰফৰা, ফুচফুচা ইত্যাদি।

৩। অনার্য আৰু আন ভাষাৰ পৰা অহা ধাতুঃ এই ধাতুবোৰ বড়ো নাইবা আন অনার্য ভাষাৰ পৰা অসমীয়ালৈ আহিছে। বড়ো ভাষাৰ পৰা অহা ধাতু-চেলেক্, জিৰা, গচক্, ভেঁকুৰ, চেকুৰ, গবা মাৰ্‌, বিৰ্‌ দি, থলামুৰি মাৰ্‌, আদি। কিছুমান আৰবী ভাষাৰ পৰা অহা ধাতু আছে, যেনে-বদল্, জম্, খামোচ্ আদি। 

২৪। চর্যাপদৰ ভাষা আৰু শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। 

উত্তৰঃ চর্যাপদৰ ভাষা আৰু শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাৰ মাজৰ পাৰ্থক্যবোৰ হ’ল- 

(ক) চর্যাপদত বহুবচন বুজাবৰ বাবে ‘সকল’ শব্দৰ প্রয়োগ হয়। যেনে- মণ্ডল সকল-চর্যাপদ আনহাতে শ্রীকৃষ্ণ কীৰ্ত্তনৰ ভাষাত বহুবচন বুজাবলৈ গণ ব্যৱহৃত হয়। যেনে- পিকগণে-শ্রীকৃষ্ণ কীর্তন।

(খ) নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত ‘ন’ৰ ব্যৱহাৰ হয়। যেনে- নপাওঁ, নহোঁ আন ফালে চর্যাপদত অতীত কাল বুজাবলৈ ইল আৰু ভবিষ্যৎ কাল বুজাবলৈ ‘ইব’ প্রত্যয় যোগ কৰা হৈছে। যেনে- কৰিব, আছিলোঁ। ইয়াৰ বিপৰীতে শ্রীকৃষ্ণ কীর্তনৰ উত্তম পুৰুষৰ বর্তমান কালৰ ক্ৰিয়াৰ ‘ওঁ’ৰ ব্যৱহাৰ হৈছে। যেনে- জাওঁ। 

(গ) অপাদান অর্থত ব্যৱহৃত ‘হন্তে’ৰ প্রয়োগ শ্রীকৃষ্ণ কীর্তনত পোৱা যায়। যেনে- আজি হন্তে হোৱাৰ বিপৰীতে চর্যাপদত অসমীয়া স্ত্রী প্রত্যয় ‘ই’ আৰু ‘অনী’ৰ ব্যৱহাৰো পোৱা যায়। যেনে- সবৰী, শিয়ালী। 

২৫। মধ্যযুগীয় অসমীয়া ভাষাৰ ভাষাগত বৈশিষ্ট্য নির্ণয় কৰি এটা চমু আলোচনা আগবঢ়োৱা। 

উত্তৰঃ মধ্যযুগীয় অসমীয়া সাহিত্যৰ ভাষা সেই সময়ৰ কথিত অসমীয়া ভাষাৰ ওপৰত সম্পূর্ণভাৱে  প্রতিষ্ঠিত নহয়। ই কথিত ভাষাৰ আধাৰত গঢ়ি উঠা এটি কৃত্রিম সাহিত্যিক ঠাঁচ। জতুৱা ঠাঁচ, কথিত ৰূপত প্রচলিত বিশিষ্ট অর্থযুক্ত শব্দ ৰূপৰ প্রয়োগ, বচনৰ প্রয়োগ নববৈষ্ণৱ সাহিত্যৰ এক উল্লেখযোগ্য বিশেষত্ব। তৎসম, অর্ধতৎসম, তদ্ভৱ, দেশজ আদি শব্দৰ প্রয়োগো সেই সময়ৰ কবি-সাহিত্যিকসকলৰ ভাষাৰ আন এটি উল্লেখযোগ্য দিশ। এই যুগৰ কবিসকলে কলাচিত্র, প্রতীক, কবি-প্রসিদ্ধি আৰু অলংকাৰৰ প্ৰয়োগ কৰিছিল। ছন্দ আদিৰ প্রয়োগে এই ক্ষেত্রত পোৱা যায়। দুলড়ী, ছবি, ঝুমুৰ ছন্দৰ বাহিৰেও দীর্ঘ ত্রিপদী অথবা লেচাৰী, কুসুমমালা আৰু ঝুনা বা একাৱলী ছন্দৰ প্রয়োগ হোৱা দেখা যায়। চৰিত সাহিত্যবোৰত ব্যৱহৃত গদ্য ভকতীয়া ঠাঁচৰ। সত্ৰীয়া মার্জিত কথনভংগীত ৰচিত এই সাহিত্য ৰাজিত জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ ফলত গদ্যই নিভাঁজ অসমীয়া ভাষাৰ ৰূপ পৰিগ্ৰহণ কৰিছে। বুৰঞ্জীসমূহ ৰচনাত ব্যৱহৃত ভাষাটো আছিল সহজ-সৰল, অনাড়ম্বৰ আৰু কথিত ভাষাৰ ওচৰ চপা। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত এই সাহিত্যৰাজিত এক গাম্ভীর্য লক্ষ্য কৰা হয়। ইয়াৰ ভাষাগত বৈশিষ্ট্যসমূহ হ’ল- 

(ক) কথিত ভাষাৰ মার্জিত ৰূপ, উপমা, ৰূপক, ফকৰা-যোজনা, খণ্ড বাক্য, পদ পুথিৰ উদ্ধৃতি। 

(খ) চুটি চুটি বাক্যৰ প্রয়োগ, প্রত্যক্ষ উক্তিৰ ব্যৱহাৰ। 

(গ) দেশী আৰু বিদেশী ভাষাৰ শব্দও ব্যৱহাৰ। 

(ঘ) সত্ৰীয়া পৰিৱেশিত বিশেষ ভাষা ৰূপৰ প্রয়োগ।

(ঙ) একবচনৰ পৰিৱৰ্তে বহুবচনৰ প্রয়োগ।

(চ) প্রত্যক্ষ উক্তিতকৈ পৰোক্ষ উক্তিৰ প্রাচুর্য।

(ছ) ধর্মীয় বিশ্বাসেৰে সিক্ত খণ্ড বাক্যৰ প্রয়োগ, শাস্ত্রীয় পদৰ সঘন উদ্ধৃতি।

(জ) অপিনিহিত, বর্ণবিপর্যয়, অঘোষীভৱন, অল্পপ্রাণীভৱন, স্বৰভক্তি আদিৰ প্রয়োগ।

(ঝ) ক্ৰিয়াৰ প্রয়োগ। কৃত্রিমতাৰ বিপৰীতে কথিত ভাষাৰ প্রয়োগ ঘটিছে।

(ঞ) নির্দেশক, আজ্ঞাসূচক, প্রশ্নসূচক, বিবৃতিমূলক আদি বিবিধ প্ৰকাৰৰ বাক্যৰীতিৰ ব্যৱহাব।

(ট) চ, ছ, শ, ষ, স, ত, ট, জ, য, ঝ, ৰ উচ্চাৰণৰ পার্থক্যৰ ধ্বনিগত বিশেষত্ব। 

(ঠ) ক্রিয়াপদত মধ্যৱর্তী ‘ৰ’ লোপ পোৱা।

(ড) সমস্বৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে বাক্য গাঁথনিত ই, ইও, এথেলৈ, এখেৰ, এখেক, সিবোৰ, তোমাৰা, তৈৰ, তাৰ আদি নানা ৰূপৰ সৰ্বনামৰ প্ৰয়োগ।

(ঢ) শব্দমালাৰ বৈশিষ্ট্যৰ ফালে মন কৰিলে মধ্যযুগৰ বুৰঞ্জীৰ ভাষাত বিভিন্ন ধৰণৰ শব্দৰ সংমিশ্রণ হোৱা দেখা যায়। তৎসম, অর্ধ-সৎসম, তদ্ভৱ, আৰবী-পার্চী, হিন্দী শব্দৰ উপৰি আহোম, জনজাতীয় ভাষাৰ শব্দ ব্যৱহাৰ।

(ণ) জনজীৱনৰ ভাষা ইয়াত কৃত্রিমতা নাই। সৰল বা বস্তুনিষ্ঠ হ’লেও আকৌ ইয়াৰ ভাষাত সাহিত্যিক সৌন্দর্য আৰু মাধুর্য বিদ্যমান। 

(ত) নিম্ন স্বৰধ্বনিৰ ঠাইত উচ্চ স্বৰধ্বনিৰ প্রয়োগ- ভুৰ / ভোৰ (মোৰ), গাটখুৱা / হাটখোৱা, তামুল (তামোল) ইত্যাদি। 

২৬। বুৰঞ্জীৰ ভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তবঃ তলত বুৰঞ্জীৰ ভাষাৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা হ’ল-

(ক) বিভিন্ন ধ্বনি পৰিৱৰ্তন মধ্য যুগৰ সাহিত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য বুলি সমালোচকসকলে ঠাৱৰ কৰে।

 ক্ষ > খঃ দখিন, পৰীখিত।

স > খঃ প্রখন (প্রসন্ন)।

স > হঃ বহতি (বসতি)।

(খ) সমস্বৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে বাক্য গাঁথনিত ই, ইও, এখেৰ, এখেক, সিবোৰ আদি নানা ৰূপৰ সৰ্বনামৰ প্রয়োগ।

(গ) নিম্ন স্বৰধ্বনিৰ ঠাইত উচ্চ স্বৰধ্বনিৰ প্রয়োগ- ভূৰ/ভোৰ (বোৰ), গাটখুৱা/ হাটখোৱা, তামুল (তামোল) ইত্যাদি। 

(ঘ) পাচে, বোলে, পূর্বে আদি শব্দৰে বক্যাৰম্ভ। যেনে- পাছে পূজাৰ অন্তত ৰাজা আহি কামদেৱৰ মূৰ্তিক সেৱা কৰি সোণৰ নাল দিয়া মোটেৰে কামদেৱৰ গালৈ পানী মাৰিলে। 

(ঙ) বোৰ, বিলাক, হঁত, হেঁত, সকল, ভোৰ আদি বহুবচনাত্মক প্রত্যয় বহলভাৱে ব্যৱহাৰ হৈছে। যেনে- বাপাহঁত, ইভোৰ, যিভোৰ, ডাঙ্গৰীয়াসকল ইত্যাদি।

(চ) মান, চেৰেক, চাৰিয়েক আদি অনির্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ। যেনে- দিন, এহাতমান।

(ছ) বুৰঞ্জীৰ ভাষাত পশ্চিম অসমৰ ভাষাৰ কথিত ৰূপ সংৰক্ষিত হৈ থকা দেখা যায়। যেনে- আঘণ (মাহ), বেলা (হ’ল), দামাল (দলং) ইত্যাদি। 

(জ) বুৰঞ্জীৰ ভাষাত প্রাচীন অসমীয়া ভাষাৰ ৰূপ কিছুমান সংৰক্ষিত হোৱা দেখা যায়। যেনে- কহিলন্ত, বোলন্ত, হুয়া, হইয়া ইত্যাদি।

(ঝ) বুৰঞ্জীত ঠায়ে ঠায়ে কেতবোৰ অতি সাৰগৰ্ভ কথাৰ সন্নিৱেশ পোৱা যায়। এনে কথাই লেখকৰ বুদ্ধিমত্তা আৰু চিন্তাৰ স্বাক্ষৰ বহন কৰাৰ লগতে বুৰঞ্জীৰ গদ্যকো মর্যদা আৰু গাম্ভীর্য লাভত সহায় কৰিছে। যেনে- কেঁচা বৰলক জোকালে গা সাৰিবলৈ টান।

(ঞ) বুৰঞ্জীৰ ভাষাৰ বাক্য-ৰীতিৰ নিদর্শন হিচাপে তলৰ কেইটিমান বাক্য দেখুওৱা হ’ল-

(i) মহাৰাজাই শদিয়া নগৰলৈ গ’ল।

(ii) একে পাটতে দুটা ৰজাও নাথাকে।

(iii) লাউ তল যাব, শিল উপঙ্গিব, কোৱা বগা হ’ব, বগা কলা হ’ব আৰু ব্রহ্মহ্মপুত্রে উভত্তি গতি কৰিব, তেৱে কি মোৰ কবুল ছাৰিবে? ইত্যাদি।

(ট) বুৰঞ্জীত গদ্যত কথোপকথনৰ যথেষ্ট প্রয়োগ আছে। দীর্ঘ পৰিসৰৰ কথাবস্তু বহু সময়ত কথোপকথনৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে। প্রত্যক্ষ উক্তিযুক্ত এনে কথোপকথনৰ বাবে স্থান বিশেষে গদ্যই নাটকীয় গুণ অর্জন কৰিছে। বুৰঞ্জীত উভৈনদীকৈ থকা এনে কথোপকথনৰ উদাহৰণ হ’ল – পাছে ঘনশ্যাম বৰঠাকুৰে বুলিলে, বোলে-  ‘আমাৰ তিনিৰ ভিতৰত যেমতে ভেদ নহয় সেইৰূপে কৰাৰ কবুল কৰিব লাগে, তেবেসে চিতৱ সংশয় গুছে।’ 

(ঠ) বুৰঞ্জীৰ গদ্য জনজীৱনৰ ভাষাৰ ওচৰ চপা। ইয়াত অহেতুক কৃত্রিমতা নাই। মানুষৰ যুগ্মৰ ভাষাৰ দৰে ইয়াৰ ভাষা সৰল। আনহাতে সৰল বা বস্তুনিষ্ঠ হ’লেও আকৌ ইয়াৰ ভাষাত সাহিত্যিক সৌন্দর্য আৰু মাধুর্য বিদ্যমান। এনে সাহিত্যিক সৌন্দর্যপূর্ণ ভাষাৰ নিৰ্দশন হৈছে- “সিটো ওৰেষা ৰাজা হয় জগন্নাথৰ সেৱক, তথাচো মোৰ সমান নহয়। আৰ হবিদাস, তঞি ফিৰি কহ বাই, মোৰ বেটী সুধর্মা যেনাই তেনাই সাধ্বী ৰূপৱতী নুই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top