Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ Solutions, College and University Answer Bank for B.A, B.com, M.Com B.sc, and Post Graduate Notes and Guide Available here, Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ Notes can be of great value to excel in the examination.

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ

Join Telegram channel

Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ Notes cover all the exercise questions in UGC Syllabus. Axamiya Bhakha Aru Lipir Porichoymulok Itihakh Unit 4 অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া লিপিৰ মূল, উদ্ভৱ আৰু ক্ৰমবিকাশ

অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস

অতি চমু প্ৰশ্নোওৰ

১। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা দুটা কি কি?

উত্তৰঃ ব্রাহ্মী লিপি আৰু খৰোষ্ঠী লিপি।

২। কোন লিপিৰ মাধ্যমেৰে অসমীয়া লিপিয়ে নিজ স্বকীয়তা প্রতিপন্ন কৰিছিল?

 উত্তৰঃ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিৰ মাধ্যমেৰে। 

৩। কামৰূপী লিপিৰ সময়সীমা কিমান? 

উত্তৰঃ খ্রীষ্টীয় চতুর্থ-পঞ্চম শতিকাৰ পৰা ত্রয়োদশ শতিকা। 

8। মধ্যযুগীয় লিপিৰ সময়সীমা কিমান?

উত্তৰঃ খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ পাছৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগ।

৫। আধুনিক লিপিৰ সময়সীমা কিমান? 

উত্তৰঃ ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈ।

৬। মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদর্শন কি?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা তুৰুস্ক-ক্ষয়ৰ শিলৰ ফলি।

৭। কানাই বৰশী বোৱা শিলৰ ফলি কেতিয়া খোদিত হৈছিল। 

উত্তৰঃ খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্রথমার্ধত।

৮। মধ্যযুগীয় অসমীয়া লিপিৰ প্ৰধান শৈলী বা বীতি কেইটা? 

উত্তৰঃ তিনিটা।

৯। ধর্মপুস্তকৰ অনুবাদক কোন? 

উত্তৰঃ আত্মাৰাম শর্মা।

১০। সন্তাট অশোকৰ শাসনত কেই প্রকাৰৰ লিপিৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ চাৰি প্রকাৰৰ লিপিৰ ব্যৱহাৰ হৈছিল। 

১১। সুৰেন্দ্রে বর্মাৰ লিপিখনৰ নাম কি? 

উত্তৰঃ উমাচল লিপি।

১২। নগাজৰী খনিকৰ গাঁৱৰ লিপি ক’ত উদ্ধাৰ হৈছিল?

উত্তৰঃ গোলাঘাটৰ সৰুপথাৰৰ ওচৰৰ নগাজৰী খনিকৰ গাঁৱত। 

১৩। সুৰেন্দ্র বর্মা উমাচল শৈললিপিৰ মুঠ অক্ষৰ সংখ্যা কিমান?

উত্তৰঃ ৩৩টা।

১৪। ডুবি তাম্রশাসন ফলিখনত মুঠতে কিমান তাম্রফলক আছিল?

উত্তৰঃ ৬ খনি।

১৫। কাইথেলী লিপি কি? 

উত্তৰঃ পৃথি ৰচনা, নকল তথা হিচাপ-পত্র ৰাখিবৰ কাৰণে কায়স্থসকলে ব্যৱহাৰ কৰা লিপিত্রে হ’ল কাইথেলী লিপি। 

১৬। লিপি মানে কি?

উত্তৰঃ লিপি মানে আখব।

১৭। কোনখন লিপিক ভাৰতীয় লিপিৰ জননী বুলি ক’ব পাৰি? 

উত্তৰঃ ব্রাহ্মী লিপিক ভাৰতীয় লিপিৰ জননী বুলি ক’ব পাৰি। 

১৮। কাইথেলী লিপিৰ আন এটা নাম কি?

উত্তৰঃ কাইথেলী লিপিৰ আন এটা নাম হ’ল- ‘লহকৰী’। 

১৯। অসমীয়া আখৰত লিখা প্ৰথমখন শিলৰ ফলিৰ নাম কি?

উত্তৰঃ অসমীয়া আখৰত লিখা প্রথমখন শিলৰ ফলিৰ নাম হ’ল- ‘কানাই-ববশী-বোর শিলৰ তুৰন্ত-ক্ষয়ৰ ফলি’।

 ২০। কি লিপিৰ আখৰেৰে অধিকাংশ বুৰঞ্জী পুথি লিখা হৈছিল? 

উত্তৰঃ গড়গঞা লিপিৰ আখৰেৰে অধিকাংশ বুৰঞ্জীপুথি লিখা হৈছিল।

২১। কাইথেলী লিপিত লিখা এখন পুথিৰ নাম লিখা। 

উত্তৰ কাইথেলী লিপিত লিখা এখন পুথিৰ নাম হ’ল- ‘হস্তীবিদ্যার্ণৱ‘। 

২২। বর্তমানলৈ প্রাপ্ত কোনখন লিপিক অসমীয়া লিপিৰ প্রাচীনতম নিদর্শন বুলি কোৱা হয়? 

উত্তৰঃ ‘নগাজৰী খনিকৰ গাওঁ প্রস্তুৰ খণ্ড’ লিপিখনেই অসমীয়া লিপিৰ প্রাচীনতম নিদর্শন বুলি কোৱা হয়।

২৩। ড° উপেন্দ্র নাথ গোস্বামীয়ে অসমীয়া লিপিৰ ইতিহাসক কেইটা ভাগ কৰিছে? 

উত্তৰঃ ড° উপেন্দ্র নাথ গোস্বামীয়ে অসমীয়া লিপিৰ ইতিহাসক তিনিটা ভাগত ভাগ কৰিছে। 

২৪। লিপিৰ উদ্ভৱৰ ক্ষেত্ৰত থকা মত দুটা কি কি?

উত্তৰঃ লিপিৰ উদ্ভৱৰ ক্ষেত্ৰত থকা মত দুটা হ’ল-

(ক) কুটিল লিপিৰ পৰাই অসমীয়া লিপিৰ উদ্ভৱ হৈছে।

(খ) গুপ্তকালীন ব্রাহ্মীলিপিৰ উত্তৰ ভাৰতীয় পূর্বী শাখাৰ পৰা অসমীয়া লিপি উদ্ভৱ হৈছে।

২৫। অশোকৰ অনুশাসনত ব্যৱহৃত লিপি দুই প্রকাৰৰ নাম লিখা।

উত্তৰঃ অশোকৰ অনুশাসনত ব্যৱহৃত লিপি দুই প্ৰকাৰৰ নাম হ’ল- ব্রাহ্মী লিপি আক খৰোষ্ঠী লিপি। 

২৬। মধ্যযুগীয় অসমীয়া লিপিসমূহক কেইটা আৰু কি কি ভাগ কৰা হৈছে? 

উত্তৰঃ মধ্যযুগীয় অসমীয়া লিপিক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল- 

(ক) গড়গঞা লিপি।

(খ) বামুণীয়া লিপি। আৰু

(গ) কাইথেলী বা লহকৰী লিপি।

২৭। কানাই বৰশীবোৱা শিলৰ ফলিখন কোনে, কেতিয়া উদ্ধাৰ কৰিছিল? 

উত্তৰঃ কানাই বৰশীবোৱা শিলৰ ফলিখন সোণাৰাম চৌধুৰীয়ে ১৯১৮ চনত উত্তৰ গুৱাহাটীত উদ্ধাৰ কৰিছিল। 

২৮। দুখন প্রাচীন কামৰূপী লিপিৰ নাম লিখা। 

উত্তৰঃ প্রাচীন কামৰূপী লিপি দুখন হ’ল-

(ক) নগাজৰী খনিকৰ গাঁওৰ প্ৰস্তৰ খণ্ডলিপি।

(খ) সুৰেন্দ্ৰবৰ্মাৰ উমাচল লিপি। 

২৯। ব্রাহ্মী লিপিৰ ভাগ দুটা কি কি?

উত্তৰঃ ব্রাহ্মী লিপিৰ ভাগ দুটা হ’ল- উত্তৰ ব্ৰাহ্মী আৰু দক্ষিণ ব্রাহ্মী।

৩০। ভাৰতীয়সকলৰ মতে ব্রাহ্মী লিপিৰ সৃষ্টিকর্তা কোন? 

উত্তৰঃ ভাৰতবাসীৰ মতে স্বয়ং ব্রহ্মাই হৈছে ব্রাহ্মী লিপিৰ সৃষ্টিকর্তা।

৩১। ব্রাহ্মীলিপিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ব্রাহ্মীলিপিৰ দুটা বৈশিষ্ট্য হ’ল- 

(ক) এই লিপি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল।

(খ) এই লিপিত দীর্ঘস্বৰ আৰু সংযুক্ত ব্যঞ্জন বিদ্যমান। 

৩২। খৰোষ্ঠী লিপিৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ খৰোষ্ঠী লিপিৰ দুটা বৈশিষ্ট্য হ’ল- 

(ক) এই লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। 

(খ) এই লিপিত সংযুক্ত ব্যঞ্জনৰ সংখ্যা কম।

৩৩। খৰোষ্ঠী লিপিৰ নিদর্শন কোন ঠাইত পোৱা গৈছিল? 

উত্তৰঃ মানসেহেৰা আৰু শ্বাহবাজগড়ীত খৰোষ্ঠী লিপিৰ নিদর্শন পোৱা গৈছে।

৩৪। গুপ্তলিপিৰ ভাষিক বৈশিষ্ট্য দুটা লিখা। 

উত্তৰঃ গুপ্তলিপিৰ ভাষিক বৈশিষ্ট্য দুটা হ’ল-

(ক) এই লিপিৰ আখৰৰ শেষ অংশ টানি আনি উ-কাৰন্ত কৰা দেখা যায়।

(খ) এই লিপিত সংযুক্ত ব্যঞ্জন বুজাবলৈ হসন্ত চিহ্ন (্) ব্যৱহাৰ কৰা হৈছিল। 

৩৫। নগাজৰী খনিকৰ গাঁওৰ প্ৰস্তৰ খণ্ড লিপিখন কোনে, ক’ৰ পৰা উদ্ধাৰ কৰিছিল?

উত্তৰঃ নগাজৰী খনিকৰ গাঁওৰ প্ৰস্তৰ খণ্ড লিপিখন ১৯৭২ চনত নগাজৰী খনিকৰ গাঁৱৰ বাসিন্দা স্বর্গীয় লিডুৰাম শইকীয়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে।

৩৬। কানাই বৰশী বোৱা লিপিখনত কি ঐতিহাসিক বতৰা দিয়া হৈছে? 

উত্তৰঃ কানাই বৰশী বোৱা শিলালিপিখনত তুৰস্ক সেনা ধ্বংস হোৱাৰ বতৰা দিয়া হৈছে।

৩৭। পণ্ডিতসকলে লিপিৰ গঢ় অনুযায়ী লিপিক কি কি ভাগত ভাগ কৰিছে? 

উত্তৰঃ পণ্ডিতসকলে লিপিৰ গঢ় অনুযায়ী ছয়টা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল- চিত্রলিপি, প্রতীকাত্মক লিপি, সূত্র লিপি, ভাৱমূলক লিপি, ভাৱধ্বনি মূলক লিপি আৰু ধ্বনিমূলক লিপি।

৩৮। লিপিৰ লেখন সামগ্ৰীবোৰ কি কি? 

উত্তৰঃ লিপিৰ লেখন সামগ্ৰীবোৰ হ’ল- শিল, তাম, ৰূপ, কাঁহ, সাঁচিপাত, তুলাপাত, ভূর্জপাত, কাপোৰ, মহী, লেখনী, কুটনী আদি।

৩৯। দুখন মধ্যযুগীয়া লিপিৰ নাম লিখা। 

উত্তৰঃ দুখন মধ্যযুগীয়া লিপি হ’ল- কানাই বৰশীবোৱা তুৰষ্ক ক্ষয়ৰ শিলৰ ফলি আৰু আমবাৰী শিলালিপি।

৪০। সর্বেশ্বৰ কটকীৰ মতে অসমীয়া লিপি কোন লিপিৰ পৰা উদ্ভৱ হৈছে? 

উত্তৰঃ সর্বেশ্বৰ কটকীৰ মতে অসমীয়া লিপি কুটিল লিপিৰ পৰা উদ্ভৱ হৈছে। 

৪১। অসমীয়া প্রথম ছপা পুথিখনৰ নাম কি?

উত্তৰঃ অসমীয়া প্রথম ছপাপুথিখনৰ নাম হ’ল- ‘ধর্মপুস্তক’।

৪২। মহী কি আৰু মহী প্রস্তুত কেনেকৈ কৰা হয়? 

উত্তৰঃ মহী মানে হ’ল চিয়াঁহী। মহী প্রস্তুত কৰিবলৈ শিলিখা, এলান্ধু, বৰা চাউল, কেহৰাজৰ ৰস, আম-জাম আদিৰ ছাল লোৰ কেৰাহীত সিজাই সেই ৰসখিনি মাটিৰ চৰুত ভৰাই নিয়ৰত থৈ দিয়ে। তাৰ পাছত চৰুটোৰ বাহিৰত যি ৰস নিগৰি ওলাব সেইখিনিয়ে মহী।

৪৩। কুটিল লিপিৰ আখৰৰ শৈলী কেনেকুৱা আছিল? 

উত্তৰঃ কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাঁওফালে ঘোৰ খোৱা আৰু স্বৰৰ মাত্রাসমূহ বেকাবেকি আছিল। ইয়াৰ উপৰিও এই লিপিৰ আখবোৰৰ বেছি ভাগতে মূৰটো ‘V’ আকৃতিৰ দৰে। 

৪৪। কাইথেলী লিপিৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ কাইথেলী লিপিৰ আখৰ লতা আকৃতিৰ আৰু অক্ষৰৰ সংখ্যা বেছি। ইয়াৰ উপৰিও এই লিপিৰ আখৰৰ কোণবোৰ সুস্পষ্ট।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ

১। অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্রমবিকাশ সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।

 উত্তৰঃ অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত। সেইকাৰণে অসমীয়া লিপিৰ উৎপত্তি আলোচনা কৰিবলৈ যাওঁতে ভাৰতীয় লিপিৰ ইতিহাস থূলমূলকৈ আলোচনা কৰিব লগা হয়। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ উন্নত নাগৰিক সভ্যতা আৱিষ্কৃত হোৱাৰ আগলৈকে খৃষ্টপূর্ব তৃতীয় শতিকাৰ সম্রাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্যৱহৃত মৌর্যলিপিকে ভাৰতীয় লিপিৰ প্রাচীনতম নিদর্শন বুলি ধৰা হৈছিল। কিন্তু সিন্ধু সভ্যতাৰ আৱিষ্কাৰ আৰু তাত ব্যৱহৃত হোৱা লিপিয়ে ভাৰতীয় লিপিৰ ইতিহাস খৃষ্টপূর্ব তিনি হেজাৰ বছৰৰ আগলৈ উজুৱাই নিয়ে। অৱশ্যে সিন্ধু সভ্যতাৰ আৱিষ্কাৰ আৰু তাত ব্যৱহৃত হোৱা লিপিৰ লগত পৰৱৰ্তী ভাৰতীয় লিপিৰ কিবা সম্পর্ক আছেনে নাই সেই বিষয়ে স্থিৰ সিদ্ধান্তত এতিয়ালৈকে কোনো উপনীত হ’ব পৰা নাই।

 অশোকৰ দিনৰ পৰা ভাৰতীয় লিপিৰ এক ধাৰাবাহিক বুৰঞ্জী পোৱা যায়। এই বুৰঞ্জী আৰম্ভ হৈছে অশোকৰ শিলালিপিত ব্যৱহৃত ব্রাহ্মী লিপিৰ পৰা। গতিকে ব্ৰাহ্মীক ভাৰতীয় লিপিৰ আদি জননী বুলিব পাৰি। ব্রাহ্মী বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল ব্রাহ্মী লিপিৰ ওপৰত শিৰোৰেখা বা মাত্ৰা নাছিল, আখৰবোৰ থিয় আৰু সৰল আকৃতিৰ। কালক্ৰমত ব্রাহ্মীৰ পৰিৱৰ্তন হ’ল, খ্রীষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্রাহ্মী কুষাণ লিপিত পৰিণত হ’ল। খ্ৰীষ্টীয় দ্বিতীয়-তৃতীয় শকিতাত কুষাণ যুগৰ লিপিয়ে কিছু বিকাশ লাভ কৰি কৌশাম্বী লিখন ৰীতিৰ মাজেদি সৰকি গুপ্তলিপিলৈ ৰূপান্তৰিত হয়। গুপ্তলিপিৰ উত্তৰ, দক্ষিণ, পূর্ব, পশ্চিম ইত্যাদি আঞ্চলিক ৰূপৰ বিকাশ ঘটে। গুপ্ত লিপিয়ে ষষ্ঠ-সপ্তম শতাব্দীত পৰিৱৰ্তিত ‘সিদ্ধ মাতৃকা’ লিপি নামত প্রসিদ্ধি লাভ কৰে। সম্রাট হর্ষবর্ধনৰ পিছত সিদ্ধ মাতৃকা লিপিৰ সাৰদা, শ্রীহৰ্ষ আৰু কুটিল এই তিনিটা আঞ্চলিক ৰূপৰ বিকাশ ঘটে। কুটিল লিপিৰ পৰা পূর্ব ভাৰতৰ লিপিসমূহ যেনে- অসমীয়া, বঙলা, উৰীয়া, মৈথিলী ইত্যাদিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়।

কামৰূপী তথা অসমীয়া লিপিৰ বুৰঞ্জী প্রায় পোন্ধৰশ বছৰীয়া পুৰণি। পঞ্চম-ষষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, খনিকৰ গাঁৱৰ নগাজুৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন তাম্রশাসন, শিলালিপি, ভূমিদান লিপি, মন্দিৰৰ গাত্রলিপি, পুৰণি সাঁচিপতীয়া পুথি এই সকলোবোৰত বিভিন্ন সময়ৰ যি লিপি সংৰক্ষিত হৈছে তাৰ পৰা কামৰূপী লিপিৰ ক্রমবিৱর্তন অনুধাৱন কৰা যায়। এই ক্রমবিৱৰ্তনৰ স্পষ্ট স্তৰ তিনিটা।

সেইকেইটা হ’ল-

(ক) খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাত পৰে বর্মন বংশ, শালস্তম্ভ বংশ আৰু ব্ৰহ্মপাল বংশৰ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ। 

(খ) খৃষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতাব্দীলৈকে দ্বিতীয় স্তৰ। ১২০৬ খৃষ্টাব্দত উৎকীর্ণ হোৱা কানাই বৰশী বোৱা শিলালিপিৰ পৰা আহোম কোঁচ ৰাজত্বত ৰচিত হোৱা বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি, ভূমিদানৰ তামৰ ফলি মন্দিৰৰ গাত কটা উৎকীর্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিৱর্তন দেখা যায়। ইংৰাজ ৰাজত্বৰ লগে লগে যন্ত্রত আখৰ ছপাৰ উদ্দেশ্যে মিছনেৰীসকলে বংগদেশৰ শ্ৰীৰামপুৰত, পুৰণি সাঁচিপতীয়া পুথিৰ আখৰৰ আর্হিত ছপাৰ আখৰ নাকাটি সেই সময়ৰ বঙলা আখৰৰ আৰ্হিত ছপাৰ কাৰণে অসমীয়া আখৰ কাটি লয়। অৱশ্যে বঙলা আৰু অসমীয়া লিপিৰ প্রভেদ চকুত লগা বিধৰ নাছিল; হুবহু একেও নাছিল। দুয়ো ভাষাৰ লিপিৰ সাদৃশ্যলৈ লক্ষ্য ৰাখি মিছনেৰীসকলে বঙলা আখৰকে অসমীয়া আখৰৰূপে চলাই দিয়ে। পাছত অৱশ্যে ৰ আৰু ৱ আখৰ দুটা পৃথকভাৱে অসমীয়া আখৰৰ বৈশিষ্ট্যৰূপে সংযোগ কৰা হয়। এই কাৰণেই পুৰণি সাঁচিপতীয়া পুথিৰ আখৰৰ লগত বর্তমান ছপা আখৰৰ কিছু ব্যৱধান লক্ষ্য কৰা যায়। 

পঞ্চম শতিকাৰ সুৰেন্দ্ৰ বৰ্মাৰ দিনৰ উমাচল শিলালিপিৰ পৰা দ্বাদশ শতিকাৰ ধৰ্মপালৰ শাসনাৱলীলৈকে ব্যৱহাৰ হোৱা লিপি কৌশাম্বী গুপ্ত লিপিৰে এক বিভিন্ন অভিব্যক্তি। কিন্তু সপ্তম শকিতাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত লিপিৰ কিছু পৰিৱর্তন নোহোৱাকৈ থকা নাই। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত কামৰূপী লিপিয়ে কেনেধৰণে বিকাশ লাভ কৰিলে তাৰ চমু ইতিহাস তলত দিয়া হ’ল- 

অসমৰ লিপি সম্পর্কে আলোচনাত পঞ্চম-ষষ্ঠ শতিকাত উৎকীর্ণ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি, ভূতি বৰ্মাৰ বৰগংগা লিপি আৰু খনিকৰ গাঁৱৰ নগাজুৰি লিপিৰ কথা প্রথমেই উল্লেখ কৰিব লাগিব। উমাচল লিপিৰ সৰহখিনি আখৰেই ব্রাহ্মী লিপিৰ ওচৰ চপা, কিন্তু দুই চাৰিটা আখৰত অসমীয়া লিপিৰ আদি ৰূপৰ আভাস স্পষ্ট হৈ ধৰা দিছে। উদাহৰণস্বৰূপে ম, স, ৱ আখৰ তিনিটা লৈ এই প্রসংগত আঙুলিয়াব পাৰি। সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ শাসনৰ লিপিত আৰু কিছু পৰিৱৰ্তনৰ সূচনা হয়। অষ্টম শতাব্দীৰ কোনো তাম্রশাসন বা শিলালিপি আৱিষ্কৃত হোৱা নাই। গতিকে সেই শতাব্দীৰ হৰ্জৰবৰ্মাৰ হায়ুংথাল তাম্রশাসন আৰু বনমালবৰ্মাৰ পৰ্বতীয়া তাম্রলিপিৰ আখৰে পৰৱৰ্তী স্তৰ সূচনা কৰে। 

দশম শতাব্দীত তৃতীয় বলবৰ্মাৰ কেবাখনো শাসন এতিয়ালৈকে উদ্ধাৰ হৈছে; এই শাসন কেইখনত ণ আৰু ল-ৰ প্রভেদ বৰ বেছি দেখা নাযায়। একাদশ শতিকাৰ ৰত্নপালৰ বৰগাঁও আৰু শুৱালকুছি তাম্রশাসন আৰু ইন্দ্রপালনৰ গুৱাকুছি শাসন উল্লেখযোগ্য। 

দ্বাদশ শতিকাৰ কেবাখনো শাসন লিপি পোৱা গৈছে- ধর্মপালৰ পুষ্পভদ্রা লিপি, জয়পালৰ শিলিমপুৰ শাসন, বৈদ্যদেৱৰ কামৌলি শাসন আৰু বল্লভ দেৱৰ শাসন এই প্রসংগত উল্লেখযোগ্য। ধর্মপালৰ খনামুখী আৰু শুভংকৰ পাটক লিপিও এই সময়ৰে। এই গোটেই কেইখন তামৰ ফলিত অ আৰু আ-ই আধুনিক ৰূপ পৰিগ্ৰহ কৰিছে যদিও ইখনৰ লগত সিখনৰ সামান্য প্রভেদ দেখা যায়।

ত্রয়োদশ শতিকাৰ প্ৰাৰম্ভতে কানাই বৰশী বোৱা শিলালিপি পাওঁ। তাত আগ্ৰবোৰে প্ৰায় মধ্য যুগৰ আখৰৰ স্তৰত প্রৱেশ কৰা দেখা পাওঁ। ইয়াৰ আখৰৰ লগত চর্যাপদৰ আখৰৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। কানাই বৰশী বোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদর্শন দেখা যায়, আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্রকট হৈ পৰিছে। ষোড়শ শতিকাৰ নৰনাৰায়ণৰ কামাখ্যা মন্দিৰৰ লিপিত সাঁচিপতীয়া পুথিৰ আখৰৰ হুবহু প্রতিৰূপ পাওঁ। প্রকৃতাতে অসমীয়া লিপিয়ে পৰিপূর্ণ আধুনিক ৰূপ পায় ষোড়শ-সপ্তদশ শতিকাত। 

চতুর্দশ-পঞ্চদশ শতিকামানৰ পৰা সাঁচিপাতত নানা ধৰণৰ পুথি লিখা কাম প্রৱলভাৱে প্রচলন হ’বলৈ ধৰে। কালক্ৰমত একেটা লিপিৰে তিনিটা লিখন ভংগী দেখা পাওঁ। স্বর্গীয় হেমচন্দ্ৰ গোস্বামীয়ে এই তিনিটা ৰীতিক ক্রমে বামুণীয়া, গড়গঞা আৰু কাইথেলী বা লহকৰীয়া আখ্যা দিছে। বামুণীৰা আখৰ সাধাৰণতে সংস্কৃত পুথি লিখোঁতে আৰু ব্রাহ্মণ লিপিকাৰে ব্যৱহাৰ কৰিছিল। বামুণীয়া লিখন ৰীতিত সংস্কৃত বানান পদ্ধতি অনুসৰণ কৰা দেখা যায়। কায়থেলী বা লহকৰী লিপি হিচাপ-পত্র কৰোঁতে, আর্যপুথি লিখোঁতে কায়স্থসকলে ব্যৱহাৰ কৰিছিল। অসমীয়া আখৰৰ তৃতীয় লিখন ভংগী হ’ল গড়গঞা। আহোম ৰাজধানীক কেন্দ্র কৰি উজনিত এই লিপিভংগীৰ প্রচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা। বুৰঞ্জীবোৰত সাধাৰণতে এই ভংগী ব্যৱহৃত হোৱা দেখা যায়, অৱশ্যে পদপুথি আদিতো ইয়াৰ ব্যৱহাৰ কম নাছিল। দৰাচলতে কায়থেলী, বামুণীয়া আৰু গড়গঞাৰ শ্রেণীভেদ উপৰুৱা। এই তিনিটাক স্বতন্ত্ৰ লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখনভংগীহে বুলি কোৱা অধিক সংগত।

খ্রীষ্টীয় ঊনবিংশ শতাব্দীৰ প্রথমার্ধৰে পৰা ছপা পুথিত ব্যৱহাৰ কৰা লিপিক আধুনিক অসমীয় লিপি ৰূপে সাব্যস্ত কৰা হৈছে। বেপ্টিষ্ট মিছনেৰীসকলক আধুনিক অসমীয়া লিপিৰ জনক বুলিব পাৰি। ছপা আখৰৰ প্রচলনৰ পিছৰে পৰা অসমীয়া লিপিৰ ভিন্ন গঢ় প্রায় এক হৈ পৰিল।   

২। কানাইবৰণী বোৱা আৰু চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিৰ বিষয়ে এটি চমু আলোচন আগবঢ়োবা।

উত্তৰঃ কানাই বৰশী বোৱা শিলৰ ফলিঃ এই ফলিখন ইংৰাজী ১৯১৮ চনত উদ্ধাৰ হয়। সম্পূর্ণ অসমীয়া আখৰত লিখা এইখনি বর্তমানলৈকে আৱিষ্কৃত প্রথম ফলি। ইয়াৰ আখৰ লগত চৰ্যাপদৰ লিপিৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। কানাই বৰশী বোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্রথম নিদর্শন দেখা যায়। আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্রকট হৈ পৰিছে। কানাই বৰশী বোৱা লিপিত আখৰবোৰে প্রায় মধ্যযুগৰ আখৰৰ স্তৰত প্রৱেশ কৰা দেখা পাওঁ। এই লিপিৰ লগত ভাস্কৰ বৰ্মাৰ ডুবি বা নিধনপুৰ শাসনৰ আখৰ তুলনা কৰিলেই অসমীয়া লিপিৰ বিৱৰ্তনৰ গতিধাৰা স্পষ্টভাৱে ধৰা পৰে।

চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিঃ চামধৰা গড়ব ৰণজয়ৰ শিলৰ ফলি দুখন। শৈল স্তন্তু এটাৰ বহল ফালটোত এখন আৰু ঠেক ফালটোত আনখন ফলি উৎকীর্ণ হৈছে। তৃতীয়খনি ফলি ভোমোৰাগুৰিব এটা প্রকাণ্ড গ্রেনাইট শিলত খোদিত আছিল। কলীয়া ভোমোৰা দলং নিৰ্মাণৰ সময়ত উক্ত ফলিখনি কাটি আন ঠাইত সংস্থাপন কৰা হৈছে। এই লিপিখনিৰ শাৰীৰ সংখ্যা ছয়। প্রথম ফলি দুখনিৰ পাঠ জয়জয়তে পণ্ডিত হেমচন্দ্র গোস্বামীয়ে প্রকাশ কৰিছিল। 

৩। চমুটোকা লিখাঃ

(ক) খৰোষ্ঠী লিপি।

উত্তৰঃ অতি প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত লিপিব প্রচলন আছিল। খ্ৰীষ্টজন্মৰ বহু বছৰ পূৰ্বৰে পৰা এই দেশৰ লেখন কলাই স্বাধীনভাৱে বিকাশৰ সুযোগ পায়। ভাৰতীয় লিপিৰ ক্রমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে প্রাচীন ভাৰতীয় লিপিমালাই প্রধানত দুটা শাখাৰ মাজেৰে বিকাশ লাভ কৰিছে। সেয়া হৈছে- খৰোষ্ঠী লিপি আৰু ব্রাহ্মী লিপি। সম্রাট অশোকৰ খৰোষ্ঠী, আৰমীয়, গ্রীক আৰু ব্রাহ্মী লিপিৰ ভিতৰত খৰোষ্ঠী অন্যতম। পাকিস্তানৰ মানসেহৰা আৰু শহবাজগচী নামে ঠাইত খৰোষ্ঠী লিপিত লিখা চৈধ্যখনি ধর্মলিপি উদ্ধাৰ হৈছে। খৰোষ্ঠী লিপিয়ে হ’ল বৰ্তমানলৈ উদ্ধাৰ হোৱা লিপিসমূহৰ মাজত প্রাচীন। এই লিপিক খৰোষ্ঠী বোলাৰ কেইবাটাও কাৰণ আছে। সেয়া হ’ল- 

গাধৰ ছালত এই লিপি লিখাৰ আৰম্ভণি হয় বাবে গাধৰ ছাল অর্থাৎ ‘খৰপৃষ্ঠী’ৰপৰা খৰোষ্ঠী হৈছে। 

গাধ বা ‘খৰ’ ওঁঠৰ নিচিনা হোৱাৰ বাবে (খৰ+ওষ্ঠ+ঈ) ইয়াৰ নাম খৰোষ্ঠী। 

হিব্রু ভাষাত ‘খৰোশেথ’ নামৰ এটি শব্দ আছে। শব্দটিৰ অৰ্থ খোদাই কৰা বা লিখা। 

খৰোষ্ঠী লিপিৰ উৎপত্তি সম্বন্ধে মতভেদ থকা দেখা যায়। কিছুসংখ্যক পণ্ডিতে ইয়াক শুদ্ধ ভাৰতীয় লিপি বুলি খ’ব খোজে যদিও কিছুসংখ্যকে কিন্তু এই কথাৰ বিৰোধিতা কৰে। পুৰালিপিতত্ত্ববিদ বুহলৰ, টেলৰ, জোচেফ হলেভী আদিৰ মতে ‘খৰোষ্ঠী’ আৰামীয় লিপিৰ সৈতে ঘনিষ্ঠভাৱে সম্পর্কিত। অনুমান কৰা হৈছে যে খ্রীষ্টপূর্ব পঞ্চম শতিকামানতে এই লিপিয়ে বিকাশ লাভ কৰে। 

(খ) কুটিল লিপি।

উত্তৰঃ তিনিশ পঞ্চাশ খ্ৰীষ্টাব্দৰ পাছত ব্রাহ্মী লিপি স্পষ্টৰূপে দুটা ভাগত বিভক্ত হয়। উত্তৰ ব্রাহ্মী লিপি আৰু দক্ষিণ ব্রাহ্মী লিপি। উত্তৰ ব্ৰাহ্মীৰ প্ৰসাৰ মুখ্যতঃ উত্তৰ ভাৰতত আৰু দক্ষিণ ব্রাহ্মীৰ প্ৰসাৰ দক্ষিণ ভাৰতত হয়। উত্তৰ ভাৰতৰ লিপিৰ দুটা প্রধান লিপিৰ এটা হ’ল গুপ্ত-লিপি আৰু আনটো কুটিল লিপি। গুপ্ত লিপিয়ে ষষ্ঠ-সপ্তম শতাব্দীত পৰিৱৰ্তিত ‘সিদ্ধ মাতৃকা’ লিপি নামত প্রসিদ্ধি লাভ কৰে। সম্রাট হর্ষবর্ধনৰ পিছত সিদ্ধ মাতৃকা লিপিৰ সাৰদা, শ্রীহর্ষ আৰু কুটিল এই তিনিটা আঞ্চলিক ৰূপৰ বিকাশ ঘটে। খ্ৰীষ্টাব্দৰ তৃতীয় শতাব্দীৰ পৰা নৱম শতাব্দীৰ ভিতৰত গুপ্ত লিপিয়ে ‘কুটিল লিপি’ বা কুটিলাক্ষৰ নাম পায়। কুটিল লিপিৰ পৰা পূর্ব ভাৰতৰ লিপিসমূহ যেনে- অসমীয়া আৰু আন আন প্রাচ্য লিপি বঙলা, উৰীয়া, মৈথিলী ইত্যাদিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়; আনকি নেপালৰ নেৱাবী লিপিও কুটিল পৰাই উদ্ভৱ হৈছে। 

কুটিল লিপি লম্ব ৰেখাৰ নিম্নাংশ বাওঁফালে ঘোৰ খাইছিল আৰু স্বৰৰ মাত্রাসমূহঃ বেঁকা বেঁকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম, য, য আৰু স – ৰ শিৰো ৰেখা দ্বিধা বিভক্ত হোৱাৰ উপৰিও প্রতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ শিৰ পাতি লোৱা দেখা যায়। ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ-ভাৰতত প্রচলিত লিপিক (ই গুপ্তলিপিৰ পৰিৱর্তিত ৰূপ) কুটিল লিপি বুলি ধৰা হৈছে। ইয়াৰ আখৰ আৰু বিশেষকৈ মাত্ৰাবোৰ কুটিল আকৃতি হোৱা কাৰণে এই নাম দিয়া হৈছে বুলি ধৰা হয়। লিপিৰ আখৰবোৰৰ এই বেছি ভাগতে মুৰৰো ‘V’ ৰ নিচিনা হয়? স্বৰৰ মাত্ৰাবোৰ বেছি আঁকা-বেঁকা আৰু দীঘল। কুটিল লিপিৰ বিকাশৰ ধাৰা বুজিবলৈ নিম্নোক্ত বংগদেশৰ অনুশাসন কেইখিনিৰ মূল্য অপৰিসীম।

(ক) ধর্মপালৰ খালিমপুৰ শাসন আৰু বোধগয়া মূর্তি লিপি।

(খ) দেৱপাল আৰু নাৰায়ণপালৰ অনুশাসন। 

(গ) তৃতীয় গোপাল মন্দ অনুশাসন। 

লিপিতত্ত্বৰ ফালৰ পৰা পূর্ব ভাৰতত প্রায় আটাইবোৰ শিলালিপি বা তাম্র শাসনৰ লিপিক প্রাচ্যলিপি বা কুটিল লিপিৰ প্রতিভূ বুলিব পাৰি। কুটিল লিপিৰ পৰা প্রাচীন নাগৰী আৰু শাৰদা লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। উত্তৰ-ভাৰতত নৱম শতিকাৰ শেষৰ পৰা প্ৰাচীন নাগৰী লিপিৰ প্ৰচলন হয়। মোড়ী মহাৰাষ্ট্ৰ পুৰণি লিপি। ৰাজস্থান, উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ আদি ঠাইত মহাজনী লিপিৰ প্ৰচলন আছে। প্রধানকৈ বিহাৰৰ কায়স্থসকলৰ মাজত প্রচলিত লিপি কৈথী। নেপালৰ নেৱাৰী ভাষাৰ লিপি হৈছে নেৱাৰী। মৈথিলী, উড়িয়া, বঙলা আৰু অসমীয়া পূব-ভাৰতৰ কেইটিমান উল্লেখযোগ্য লিপি। এই আটাইবোৰ লিপিয়ে উত্তৰ ব্রাহ্মীৰ লগত সম্পর্ক থকা।

অসমীয়া লিপিটো পূর্ব ভাৰতৰ এটা লেখত ল’বলগীয়া লিপি। বহু শতিকা জুৰি চলা চিন্তা-চর্চাৰ এক দীঘলীয়া ইতিহাসক সামৰি অসমীয়া লিপিটোৱে বর্তমানৰ ৰূপ পাইছে। অসমীয়া লিপিটোক ভাৰতৰ প্রাচীন লিপি ব্রাহ্মীৰ পৰিৱর্তিত ৰূপ কুটিল লিপিৰ পৰা জন্ম বুলি ক’বলৈ বিচৰা হৈছে। অসমীয়া লিপিৰ বিষয়ে লেখা ‘অসমীয়া প্রাচীন লিপি’ নামৰ পুথিখনত সর্বেশ্বৰ কটকীয়ে এইদৰে লেখিছে- “ব্রাহ্মী লিপি প্রথম, কুশান লিপি দ্বিতীয়, গুপ্ত লিপি তৃতীয় আৰু এই গুপ্ত লিপিৰ পূব ভাৰতীয় কুটিল লিপি চতুর্থ আৰু এই কুটিল লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্রণ ঘটি ঘটা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিয়ে পূব ভাৰতীয় ভাষাৰ বংশ-লতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি। এনেদৰেই কুটিল লিপিৰ পৰা অসমীয়া আৰু আন আন প্রাচ্য লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। 

(গ) মধ্যযুগীয় অসমীয়া লিপি।

উত্তৰঃ অসমীয়া লিপি অসমৰ শিলালেখ আৰু তামৰ ফলিবোৰত ব্যৱহৃত লিপিৰ বিকাশ প্ৰাপ্ত এটা ৰূপ। অসমীয়া লিপিৰ ক্রমবিকাশৰ ধাৰাটোক প্রধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। এই তিনিটা ভাগৰ ভিতৰত মধ্যযুগীয় অসমীয়া লিপি অন্যতম। এই লিপিৰ সময়সীমা খ্ৰীষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ। খ্রীষ্টীয় ত্রয়োদশ প্রথমার্ধত খোদিত উত্তৰ গুৱাহাটীৰ ‘কানাই বৰশীবোৱা তুৰুষ্ক ক্ষয়ৰ শিলৰফলি’ৰ আখৰক মধ্যযুগীয় অসমীয়া লিপিৰ প্রথম নিদর্শন ৰূপে সাব্যস্ত কৰিব পাৰি। এই শতাব্দীৰে অন্যান্য লিপিৰ উদাহৰণ হৈছে- আমবাৰী শিলালিপি, চর্যাগীতিকোষ আৰু দোহাকোষপঞ্জিৰ লিপি আদি। পৰৱর্তী ষোড়শ শতাব্দীৰ নিদর্শনসমূহ ৰক্ষিত হৈছে- কামাখ্যা মন্দিৰৰ শিলৰ ফলি, মহাৰাজ নৰনাৰায়ণৰ মুদ্রাৰ লিপি, হয়গ্রীৱ মাধৱ শিলৰ ফলি ইত্যাদিত। খ্রীষ্টীয় ষোড়শ-অষ্টদশ শতাব্দীৰ সময়ছোৱাত অসমত বহুলভাৱে দুবিধ লিপিৰ প্ৰচলন আছিল। তাৰে এবিধৰ নাম টাই বা আহোম লিপি; ইয়াক ‘অসমাক্ষৰ’ বুলিও কোৱা হয়। আনবিধ পুৰণি অসমীয়া। ইয়াক ‘হেন্দুৱান’ বা ‘হিন্দুঅক্ষৰ’ ৰূপেও জনা গৈছিল। মধ্যযুগীয় অসমীয়া লিপিক গড়গঞা, কাইথেলী আৰু বামুণীয়া এইকেইটা ভাগত বিভাজিত কৰা দেখা যায়। প্রকৃততে এই তিনিটা ভাগ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা প্রধান ৰীতি বা শৈলী। 

(ঘ) চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি।

উত্তৰঃ প্রধানত চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি এখন নহয়, দুখন। তেজপুৰ নগৰৰ পৰা প্রায় ৮ কিলোমিটাৰমান পূবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত, ভৰলী আৰু ব্রহ্মপুত্রৰ সংগমস্থলৰ কাষৰ চামধৰা আৰু ভোমোৰাগুৰি পাহাৰত আহোম স্বৰ্গদেউ প্রতাপসিংহ বা স্বৰ্গনাৰায়ণদেৱৰ ৰণজয়নৰ মুঠ তিনিখন শিলালেখ আছে। ইয়াৰে দুখন ‘চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি’ আৰু আনখন ‘ভণ্ডাৰী গোসাঁইৰ গড় নির্মাণৰ শিলৰ ফলি’। এটা শৈলস্তম্ভৰ দুটা ফালত চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি দুখন উৎকীর্ণ হৈছে। পণ্ডিত হেমচন্দ্র গোস্বামীয়ে প্রথমতে শিলালেখ দুখনৰ পাঠ উদ্ধাৰ কৰি সেই সময়ৰ আলোচনীত প্রকাশ কৰিছিল। গোস্বামীদেৱৰ মতে ফলিত উল্লেখ থকা ৰণখন হৈছে চৈয়দ বাবাকৰৰ অধীনৰ মোগল সৈন্যৰ লগত ভৰলীমুখত হোৱা আহোমৰ যুদ্ধ। এই যুদ্ধত আহোমসকল জয়ী হৈছিল। ফলি দুখনৰ সময় খ্ৰীষ্টীয় সপ্তদশ শতিকা। 

(ঙ) কানাই বৰশী বোবা শিলৰ তুৰস্ক-ক্ষয়ৰ ফলি।

উত্তৰঃ সম্পূর্ণ অসমীয়া আখৰৰ বৰ্তমানলৈকে আৱিষ্কৃত প্রথমখন ফলি হ’ল খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলি। এই ফলিখনে উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত ৰংমহলৰ পূৱ-দক্ষিণ কোণত থকা কানাই বৰশী বোৱা শিলাখণ্ডত খোদিত ১৯১৮ চনত এজন সন্ন্যাসীয়ে কানাই বৰশী বোৱা শিলৰ কাষৰ হাবি কটাই মুকলি কৰোঁতে ফলিখনি উদ্ধাৰ হয়। সোণাৰাম চৌধুৰীয়ে ফলিখনিৰ কথা প্রথমে সদৰি কৰে। তেওঁ অসম উপত্যকা বিভাগৰ কমিছনাৰ কর্ণেল পি. আৰ. টি. গর্ডনক ফলিখনিৰ কথা জানিবলৈ দিয়ে। গর্ডনে সবিশেষ বুজ লৈ কামৰূপ অনুসন্ধান সমিতিৰ ১৯১৯ খ্রীষ্টাব্দৰ বছৰেকীয়া অধিৱেশনত ‘A Rock Inscription’ শিৰোনামত এটি প্রবন্ধ পাঠ কৰে। পাছৰ কালত এইখনি ফলিৰ বিষয়ে ভালেমান আলোচনা হৈছে। তাৰ ভিতৰত পদ্মনাথ ভট্টাচার্যই Indian Historical Quarterity (December, 1927) আৰু কামৰূপ শাসনাৱলীৰ ভূমিকাত কৰা আলোচনা, কনকলাল বৰুৱাই Early History of Kamrupa গ্রন্থ, সোণাৰাম চৌধুৰীয়ে ‘ৰংমহল’ শীর্ষক প্রবন্ধ, সর্বেশ্বৰ কটকীয়ে ‘অসমৰ শিলৰ ফলি’ নামৰ প্ৰবন্ধ আৰু মহেশ্বৰ নেওগে প্রাচ্য-শাসনাৱলীত কৰা আলোচনা বিশেষভাৱে উল্লেখযোগ্য। কানাই বৰশী বোৱা শিলাখণ্ডত এটি শ্লোক খোদিত হৈছে।

মুঠ তিনিটা শাৰীত সম্পূর্ণ হোলা এই ফলিখনিৰ পাঠ হ’ল-

 শাক ১১১৭

 শাকে তুৰগ-যুগ্মেশে মধুমাস-ত্রয়োদশে। 

কামৰূপ সমাগত্য তুৰুঙ্কঃ ক্ষয়মাযযু।।

শ্লোকটিৰ অৰ্থ- ১১১৭ শকৰ চ’ত মাহৰ ১৩ দিনৰ দিনা কামৰূপলৈ আহি তুৰস্কসকল ধ্বংসপ্রাপ্ত হয়।

(চ) ভাস্কৰৱৰ্মাৰ ডুবি তাম্ৰাশাসন।

উত্তৰঃ পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি সমূহৰ ভিতৰ ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসন অন্যতম। এই তাম্রশাসনখনৰ সময়সীমা খ্রীঃ সপ্তম শতাব্দীৰ। এই ফলিখনিত ছয়খন তাম্রফলক আছিল যদিও উদ্ধাৰৰ কালতে অন্তিম ফলকখনি নষ্ট হয়। হস্ত অংকিত আঙঠিৰে বন্ধা তাম্রশাসনখনিৰ প্ৰথম ফলকখনিৰ ভিতৰৰ ফালে আৰু বাকীকেইখনি ফলকৰ দুয়োফালে লিখা। মুঠ শাৰীৰ সংখ্যা ১১৭, ইয়াত ৭৬ টা শ্লোক আছে; অৱশিষ্ট অংশ গদ্যত লিখা। ৰজা ভূর্তিৱৰ্মাই প্রদান কৰা চনদখনি মচ খাই যোৱাৰ ফলত কুমাৰ ভাস্কৰৱৰ্মাই এই তাম্রশাসনখনি একে উদ্দেশ্যে ইতিপূর্বে প্রদান কৰা ব্রাহ্মণসকললৈ প্ৰদান কৰিছিল (ডুবি তাম্রশাসন, শ্লোক ৭৬) প্রাগজ্যোতিষৰ পৰা প্ৰদান কৰা এই শাসনখনি সপ্তম শতাব্দীৰ আদিকালৰ সম্পদ।

(ছ) ব্রাহ্মী লিপি।

উত্তৰঃ খৃষ্টপূর্ব তৃতীয় শতিকাৰ সম্রাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্যৱহৃত মৌর্য লিপিৰ পৰা ভাৰতীয় লিপিৰ এক ধাৰাবাহিক বুৰঞ্জী পোৱা যায়। গতিকে অশোকৰ শিলালিপিত ব্যৱহৃত এই ব্রাহ্মী লিপিকে ভাৰতীয় লিপিৰ আদি জননী বুলিব পাৰি। ব্রাহ্মীৰ সমসাময়িক আন এক প্রকাৰ লিপি হ’ল খৰোষ্ঠী। ব্রাহ্মী বাঁওফাল পৰা সোঁফাললৈ আৰু খৰোষ্ঠী সোঁফালৰ পৰা বাঁওফাললৈ লিখা হৈছিল।

ব্রাহ্মী লিপি আকৃতিত সৰল, পৈণত আৰু সৌষ্ঠৱশীল লিপি। সম্রাট অশোকৰ সময়ৰ কেবাশ বছৰৰ আগৰ পৰাই ব্রাহ্মীয়ে ৰূপ পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ব্রাহ্মীলিপি ভাৰতৰ স্বকীয় সৃষ্টি। ব্রাহ্মীলিপিৰ ওপৰত শিৰোৰেখা বা মাত্রা নাছিল, আখৰবোৰ থিয় আৰু সৰল আকৃতিৰ। কালক্ৰমত ব্রাহ্মীৰ পৰিৱর্তন হ’ল; খৃষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্রাহ্মী কুষাণ লিপিত পৰিণত হ’ল।

 (জ) উমাচল শিলালিপি।

উত্তৰঃ খৃষ্টীয় পঞ্চম শতিকাৰ সুৰেন্দ্র বর্মাৰ উমাচল লিপিৰ সৰহখিনি আখৰেই ব্রাহ্মীলিপিৰ ওচৰ চপা, কিন্তু দুই চাৰিটা আখৰত অসমীয়া লিপিৰ আদি ৰূপৰ আভাস স্পষ্ট হৈ ধৰা দিছে। উদাহৰণস্বৰূপে ম স ৱ আখৰ তিনিটালৈ এই প্রসংগত আঙুলিয়াব পাৰি। মাত্ৰ চাৰিটা শাৰীত সম্পূর্ণ হোৱা ফলিখনৰ পাঠ এনেধৰণৰ-

(ক) মহাৰাজাধিৰাজ শ্রী।

(খ) সুৰেন্দ্র বর্মণা কৃতম।

(গ) ভগবতঃ বলভদ্র।

(ঘ) স্বামিনায় উদংয় গুহং।

লিপিখনিৰ মুঠ অক্ষৰ সংখ্যা ৩৩।

নীলাচল পাহাৰৰ উত্তৰ-পূব কোণত অৱস্থিত উমাচলৰ ভগৱান বলভদ্রৰ পূজা সেৱাৰ অর্থে নির্মিত গুহা মন্দিৰৰ শৈললেখ খনিকে উমাচল লিপি বুলি জনা যায়।

 (ঝ) বামুণীয়া লিপি।

 উত্তৰঃ সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা কৰা টোলবোৰেক কেন্দ্র কৰি পুথি-পাঁজি নকল কৰাৰ যি ৰীতিয়ে মধ্যযুগীয় অসমত গা কৰি উঠিছিল, সেয়ে বামুণীয়া লিপি শৈলীৰূপে পৰিচিত। বামুণীয়া এটি জাতিগত নাম। সমগ্র উত্তৰ ভাৰতত প্রচলিত স্মৃতি, দর্শন, সাহিত্য, ব্যাকৰণ, জ্যোতিষ প্রভৃতি গ্রন্থ নকল কৰোঁতে মূল পুথিৰ দেৱনাগৰী ওৰফে অসমীয়া ব্রাহ্মণ লিপিকৰসকলক প্রভাবান্বিত কৰাৰ ফলত তেওঁলোকে নকল কৰা পুথিত নাগৰী প্রভাৱ পতিত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। উদাহৰণস্বৰূপে অ, আ সাধাৰণতে দেৱনাগৰী গঢ়ৰ, দ আখৰো দেৱনাগৰীৰ কাষ চপা, ঠ-ৰ ওপৰৰ টিকনিডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমিফালে টিকনি এডাল আগবাঢ়ি যায়। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত শ্রীধৰ স্বামীকৃত শ্রীমদ্ভাগৱত গীতাৰ ‘সুবোধিনী টিকা’ বামুণীয়া শৈলীৰ নিদর্শন।

(ঞ) কাইথেলী লিপি।

উত্তৰঃ কাইথেলী আখৰ সাধাৰণতে কায়স্থসকলে হিচাপ-পত্র আৰু অন্যান্য বৈষয়িক গ্রন্থ লিখোঁতে ব্যৱহাৰ কৰিছিল। এই শ্ৰেণীৰ লিপিভংগী লহকৰী নামেও জনা যায়। কিতাবৎ মঞ্জৰী, হস্তীবিদ্যার্ণৱ শুভঙ্কৰী আৰু আন কায়থেলী বিদ্যাৰ পুথি আদি কায়স্থ পণ্ডিতৰ গ্ৰন্থ এই লিপিত লিখিত হৈছিল। এই লিপিভংগীত আখৰৰ ওপৰৰ টিকনিডাল (উ, ট, ঠ ইত্যাদিত) আৰু তলৰ ৰেখা বা ডাঁৰ ডালত সোঁফালৰ লম্ব ডাঁৰ ডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰ স্পষ্ট শব্দবোৰ সাধাৰণতে একে লানিতে লিখি যোৱা হয়।

(ট) কুটিলাক্ষৰ।

উত্তৰঃ খৃষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্রাহ্মী কুষাণ লিপিত পৰিণত হয়। কণিষ্ক, হুবিষ্ক আদি ৰজাসকলৰ শিলালিপি মোহৰ লিপিত পোৱা লিপিকে কুষাণ লিপি বোলা হয়। 

কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাওঁফালে ঘোৰ খাইছিল আৰু স্বৰ মাত্রাসমূহ অধিক বেকাবেকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম, য়, ষ আৰু স-ৰ শিৰোৰখা দ্বিধা বিভক্ত হোৱাৰ উপৰি প্ৰতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ ৰেখা শিৰ পাতি লোবা দেখা যায়। এই কুটিল লিপিৰ পৰা পূর্ব ভাৰতৰ লিপিসমূহ, যেনে- মৈথিলী, অসমীয়া, বঙলা আৰু উৰীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়। নেপালৰ নেৱাৰী লিপিও কুটিল লিপিৰ পৰাই উদ্ভৱ।

(ঠ) গছতল শিলালিপি।

উত্তৰঃ আজিৰ পৰা কেবা দশক পূর্বে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ডবকাৰ পৰা প্ৰায় চাৰি কিল ‘মিটাৰ পশ্চিমত অৱস্থিত গছতল নামে ঠাইত থকা শিৱ মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা ২৪ শাৰী লিপি খোদিত এটি অষ্টকোণী শৈলস্তম্ভ উদ্ধাৰ কৰি আনি অসম ৰাজ্যিক সংগ্রহালয়ত জমা দিছিল। ড° প্রতাপচন্দ্র চৌধুৰীয়ে শৈললেখখনিৰ পাঠোদ্ধাৰ কৰি জনায় যে স্তম্ভলিপিৰ ভাষা সংস্কৃত নহয় ব্রজবুলি মিশ্রিত অসমীয়াহে। কাশীনাথ দীক্ষিতে ইয়াৰ প্রথম তিনি শাৰীমান পাঠ পঢ়ি জনায় যে স্তম্ভলেখখনিৰ ভাষা সংস্কৃত আৰু তাত বিশ্বসুন্দৰ দেৱৰ কথা কোৱা হৈছে।

(ড) নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপ।

উত্তৰঃ ইংৰাজী ১৯৭২ চনত গোলাঘাটৰ সৰু পথাৰ অঞ্চলৰ খনিকৰ গাঁও নিবাসী স্বর্গীয় লুডুৰাম শইকীয়াৰ ঘৰত ড° মোহিনী কুমাৰ শইকীয়াই এই লিপিখন উদ্ধাৰ কৰিছিল। নগাজৰী খনিকৰ গাঁও প্রস্তৰ লিপিৰ ওপৰ আৰু তলফালৰ উপৰি সোঁফালটোও ভাগি গৈছে। সেই প্রস্তৰ খণ্ডত খোদিত লিপিখনিও অসম্পূর্ণ। বর্তমান অৱস্থাৰ লিপিখনিৰ পাঁচটা শাৰী দেখা যায়। ড° মুকুন্দ মাধৱ শৰ্মাই লিপিখনিৰ বৈশিষ্ট্য আৰু সময় সন্দৰ্ভত কৈছে – “উমাচল শিলালিপি আৰু বৰগংগা শিলালিপিৰ সৈতে এই লিপিৰ যথেষ্ট সাদৃশ্য আছে। তথাপি ব আৰু ৱ আখৰৰ পাৰ্থক্য ৰখালৈ চাই ইয়াক সংস্কৃত ভাষাত লিখিত এতিয়ালৈকে আৱিস্কৃত অসমৰ প্রাচীনতম লিপি বুলি ভাবিবৰ অবকাশ আছে।” নগাজৰী খনিকৰ গাঁও প্রস্তৰ লিপিৰ সৈতে সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলেখৰ চ, ম, মা, সু, ৰা, হা প্রভৃতি অক্ষৰ হুবহু মিলি যায়।

(ঢ) আমবাৰী শিলালিপি।

উত্তৰঃ বর্তমান শতাব্দীৰ ষাঠিৰ দশকতে গুৱাহাটীৰ আমবাৰীত টেক্সটাইল ইনষ্টিটিউটৰ ভেঁটি খান্দোতে এজন শ্রমিকে এচলা শিলত খোদিত এই লিপিখন পাইছিল। বর্তমানে এই শিলালিপিখনি অসম ৰাজ্যিক সংগ্রহালয়ত সংৰক্ষিত। ফলিৰ আখৰসমূহত উত্তৰ ভাৰতীয় ব্রাহ্মী, দেৱনাগৰী আৰু পুৰণি অসমীয়া অক্ষৰৰ ত্রিবেণী সংগম সাধিত হৈছে। ফলিখনিত মুঠতে ছয় শাৰী লেখা – আদিত্য-সম-শ্রীসমুদ্র পাল / ৰাজ্যে। প্রবল সবাসিক / সত্র সগুণকৃয়া সন্ধাসীন / বোলে দান পুঞন সজ / যোগীহাটী / সক ঈশ বাণ চক্র / মূঢ় ভণতি।’ অন্তৰংগ প্ৰমাণৰ পৰা গম পোৱা যায় যে শিলালিপিখন ১২৩২ খ্রীষ্টাব্দৰ।

(ণ) গড়গঞা লিপি।

উত্তৰঃ গড়গঞা লিপি বুলিলে মধ্যযুগীয়া অসমীয়া লিপিৰ এটা ভাগকেই বুজা যায়। আহোম ৰজাৰ ৰাজধানী গড়গাঁওক কেন্দ্ৰ কৰি গঢ়ি উঠা অসমীয়া লেখন ৰীতিয়েই আছিল গড়গঞা লিপি। আহোম যুগত ৰচিত অধিকাংশ বুৰঞ্জী পুথিয়েই গড়গঞা লিপিৰে  লিখা হৈছিল। আহোম ৰজাসকলে ‘লেখাৰু’ নামে এটা লেখ লিপিকাৰ হিচাপে নিযুক্তি দিছিল। সেই ‘লেখাৰু’ খেলৰ লোকসকলে উপযুক্ত কলা-কৌশল আহৰণ কৰি লিখিছিল বাবে গড়গঞা  লিপিৰ আখৰবোৰ ধুনীয়া আৰু একে গঢ়ৰ হৈছিল। এই লিপিৰ কেইটামান সংযুক্তাক্ষৰ আৰু ঠ, ন, ল আদি কেইটামান বৰ্ণৰ বাহিৰে বাকীবোৰ অসমীয়া বৰ্ণৰ গঢ়, আধুনিক অসমীয়া লিপিৰ আৰ্হিৰ সৈতে মিলি যোৱা দেখা যায়।

8। ত্রয়োদশ শতিকাৰ পৰা উনবিংশ শতিকালৈ অসমীয়া লিপিৰ ধাৰা সম্পর্কে আলোচনা কৰা।

 উত্তৰঃ কামৰূপী তথা অসমীয়া লিপিৰ বুৰঞ্জী প্রায় পোন্ধৰশ বছৰীয়া পুৰণি পঞ্চম-ষষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, খনিকৰ গাঁৱৰ নগাজুৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন তাম্রশাসন, শিলালিপি, ভূমিদান লিপি, মন্দিৰৰ গাত্রলিপি, পুৰণি সাঁচিপতীয়া পুথি এই সকলোবোৰত বিভিন্ন সময়ৰ যি লিপি সংৰক্ষিত হৈছে তাৰ পৰা কামৰূপী লিপিৰ ক্রমবিৱর্তন অনুধাৱন কৰা যায়। এই ক্রমবিবৱৰ্তনৰ স্পষ্ট স্তৰ তিনিটা আমাৰ চকুত পৰে।

(ক) খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকাৰপৰা দ্বাদশ শতিকাৰ শেষলৈকে। এই সময়ছোৱাত পৰে বর্মন বংশ, শালস্তম্ভৰ বংশ আৰু ব্ৰহ্মাপালৰ বংশৰ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ।

(খ) খৃষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে দ্বিতীয় স্তৰ। ১২০৬ খৃঃত উৎকীর্ণ হোৱা কানাই বৰশী বোৱা শিলালিপিৰ পৰা আহোম কোঁচ ৰাজত্বত ৰচিত হোৱা বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি, ভূমিদানৰ তামৰ ফলি, মন্দিৰৰ গাত কটা উৎকীর্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিৱর্তন দেখা যায়।

(গ) মিছনেৰীসকলে যন্ত্রত আখৰ চুপাৰ উদ্দেশ্যে বঙলা আখৰৰ আর্হিত কাটি লোৱা অসমীয়া আখৰেই অসমীয়া লিপিৰ তৃতীয় স্তৰ। পাছত অৱশ্যে ৰ আৰু ৱ আখৰ দুটা পৃথকভাৱে অসমীয়া আখৰৰ বৈশিষ্ট্যৰূপে সংযোগ হয়।

ত্রয়োদশ শতিকাৰ প্ৰাৰন্ততে কানাই বৰশী বোৱা শিলালিপি পাওঁ। তাত আখৰবোৰ প্ৰায় মধ্য যুগৰ আখৰৰ স্তৰত প্ৰৱেশ কৰা দেখা যায়। ইয়াৰ আখৰৰ লগত চৰ্যাপদৰ লিপিৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। ত্রয়োদশ শতিকাৰ প্ৰাৰম্ভৰ কানাই বৰশী বোৱা শিলালিপিৰ আখৰৰ লগত ভাস্কৰ বর্মাৰ ডুবি বা নিধনপুৰ শাসনৰ আখৰ তুলনা কৰিলেই বিৱর্তনৰ গতিধাৰা স্পষ্টভাৱে ধৰা পৰে। কানাই বৰশী বোৱা লিপিয়ে বহু পৰিমাণে আধুনিক গঢ় লৈছে।

কানাই বৰশী বোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্রথম নিদর্শন দেখা যায়; আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্রকট হৈ পৰিছে। পুৰুষোত্তম দাসৰ ৰাতৈকুছি তামৰ ফলি আৰু ৰজা মাধৱদেৱৰ নীলাচল তামৰ ফলি আদিৰ লিপিত আধুনিকতাৰ গতি ক্ষীপ্রতৰ হোৱা দেখা যায়। ষোড়শ শতিকাৰ নৰনাৰায়ণৰ কামাখ্যা মন্দিৰৰ লিপিত সাঁচিপতীয়া পুথিৰ আখৰৰ হুবহু প্রতিৰূপ পাওঁ। প্রকৃততে অসমীয়া লিপিয়ে পৰিপূর্ণ আধুনিক ৰূপ পায় যৌড়শ সপ্তদশ শতিকাত।

চতুর্দশ-পঞ্চদশ শতিকামানৰ পৰা সাঁচিপাতত নানাধৰণৰ পুথি লিখা কাম প্রৱলভাৱে প্রচলন হ’ব ধৰে। কালক্রমত একেটা লিপিৰে তিনিটা লিখনৰীতি দেখা পাওঁ। হেমচন্দ্র গোস্বামীয়ে এই তিনিটা ৰীতিক ক্রমে বামুণীয়া, গড়গঞা আৰু কাইথেলী বা লহকৰীয়া আখ্যা দিছে। প্রকৃততে এই তিনি প্ৰকাৰৰ লিপিৰীতিৰ কোনো মৌলিক প্রভেদ নাই, লিপিকাৰৰ স্থান আৰু ঐতিহ্য অনুসৰি আখৰৰ পাকত সামান্য প্রভেদ দেখা যায়। বামুণীয়া আখৰ সাধাৰণতে সংস্কৃত পুথি লিখোঁতে আৰু ব্রাহ্মণ লিপিকাৰে ব্যৱহাৰ কৰিছিল। এই লিপিকাৰ অ, আ, দ, ম, ট, ই আদি দুই চাৰি আখৰ নাগৰী লিপিৰ লগত সাদৃশ্য দেখা যায়। তদুপৰি বামুণীয়া লিখনৰীতিত সংস্কৃত বানান পদ্ধতি অনুসৰণ কৰা দেখা যায় আৰু বিশেষকৈ সংস্কৃত পুথি নকল কৰোঁতে লিখোঁতে এই ৰীতি অনুসৰণ কৰিছিল। কায়থেলী লিপি বা লহকৰী লিপি হিচাপ-পত্র কৰোঁতে আর্যপুথি লিখোঁতে কায়স্থসকলে ব্যৱহাৰ কৰিছিল। কিতাবৎ মঞ্জৰী, হস্তীবিদ্যার্ণৱ শুভঙ্কণী আৰু আন কাইথেলী বিদ্যাৰ পুথি আদি কায়স্থ পণ্ডিতৰ গ্রন্থ এই লিপিত লিখিত হৈছিল। কায়থেলী আখৰ সাধাৰণতে কায়স্থসকলে হিচাপ-পত্র আৰু অন্যান্য বৈষয়িক গ্রন্থ লিখোঁতে ব্যৱহাৰ কৰিছিল, পাছলৈ অন্যান্য গ্রন্থ লিখোঁতেও ব্যৱহাৰ হ’বলৈ ধৰে। এই শ্ৰেণীৰ লিপিভংগী ‘লহকৰী’ নামেও জনা যায়। এই লিপিভংগীত আখৰৰ ওপৰৰ টিকনিডাল আৰু তলৰ ৰেখা বা ডাঁৰ ডালত সোঁফালৰ লম্ব ডাঁৰ ডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰ স্পষ্ট। শব্দবোৰ সাধাৰণতে একে লানিতে লিখি যোৱা হয়, পৰিচ্ছিন্নভাৱে পৃথক কৰি দেখুওৱা নহয়। অসমীয়া আখৰৰ তৃতীয় লিখন ভংগী হ’ল গড়গঞা। আহোম ৰাজধানীক কেন্দ্র কৰি উজনিত এই লিপিভংগীৰ প্রচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা। বুৰঞ্জীবোৰত সাধাৰণতে এই ভংগী ব্যৱহৃত হোৱা দেখা যায়; অৱশ্যে পদ পুথিতো ইয়াৰ ব্যৱহাৰ কম নাছিল। ইয়াৰ অ, আ, ই, ঈ প্রায় আধুনিক গঢ়ৰ। তদুপৰি আখৰৰ কোণ আৰু বক্রৰেখা স্পষ্টৰূপে পৰিচিহ্নিত। দৰাচলতে কায়থেলী বামুখীয়া আৰু গড়গঞা শ্রেণীভেদ উপৰুৱা। এই তিনিটাক স্বতন্ত্র লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখন ভংগীহে বুলি কোরা অধিক সংগত। পঞ্চদশ শতিকাৰ আগৰছোৱাত ব আৰু ৱ – ৰ প্রভেদ প্রায় নাছিল বুলিলেও হয়। কিন্তু পঞ্চদশ শতিকাৰ শেষৰ পৰা ব আৰু ৱ সম্পূর্ণ পৃথক গঢ়ত পাঁও। আগৰছোৱা কালত ৰ আখৰো ব-ৰ দৰেই আছিল। ‘পেটকটা’ৰ অৱশ্যে আমি বড়ু চণ্ডীদাসৰ ‘শ্রীকৃষ্ণ কীর্তন’ত দেখা পাওঁ। কামাখ্যা দেৱালয়ৰ নৰনাৰায়ণৰ ফলিত ৰ, ব, ৱ পৃথক ৰূপত দেখা যায়। ড় আখৰটো প্রথমে পঞ্চদশ শতিকাৰ মাধৱদেৱৰ নীলাচল লিপিত প্রয়োগ হোৱা দেখা পাওঁ। 

মার্কিন মিছনেৰীসকলে বংগদেশৰ শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছত প্রথমে অসমীয়া পুথি ছপাব লগা হোৱাত বঙলা আখৰতে অসমীয়া পুথি ছপায়। ৰ আৰু ৱ এই দুটা আখৰ পাছত প্ৰৱর্তন কৰে। সকলোবোৰ পুৰণি অসমীয়া আখৰ এই কাৰণে ছপা পৃথিত প্রকাশ নাপালে।

৫। কুটিল লিপিৰ পৰা অসমীয়া আৰু আন আন প্রাচ্য লিপিৰ উদ্ভৱৰ বুৰঞ্জী দিবৰ যত্ন কৰা।

উত্তৰঃ তিনিশ পঞ্চাশ খ্রীষ্টাব্দৰ পাছত ব্রাহ্মী লিপি স্পষ্টৰূপে দুটা ভাগত বিভক্ত হয়- উত্তৰ ব্রাহ্মী লিপি আৰু দক্ষিণ ব্রাহ্মী লিপি। উত্তৰ ব্ৰাহ্মীৰ প্ৰসাৰ মুখ্যতঃ উত্তৰ ভাৰতত আৰু দক্ষিণ ব্রাহ্মীৰ প্ৰসাৰ দক্ষিণ ভাৰতত হয়। উত্তৰ ভাৰতৰ লিপিৰ দুটা প্রধান লিপিৰ এটা হ’ল গুপ্ত-লিপি আৰু আনটো কুটিল-লিপি। গুপ্ত-লিপিয়ে ষষ্ঠ-সপ্তম শতাব্দীত পৰিৱর্তিত ‘সিদ্ধ মাতৃকা’ লিপি নামত প্রসিদ্ধি লাভ কৰে। সম্রাট হর্ষবর্ধনৰ পিছত সিদ্ধ মাতৃকা লিপিৰ সাৰদা, শ্রীহর্ষ আৰু কুটিল এই তিনিটা আঞ্চলিক ৰূপৰ বিকাশ ঘটে। খ্রীষ্টাব্দৰ তৃতীয় শতাব্দীৰ পৰা নৱম শতাব্দীৰ ভিতৰত গুপ্ত লিপিয়ে ‘কুটিল লিপি’ বা কুটিলাক্ষৰ নাম পায়। কুটিল লিপিৰ পৰা পূর্ব ভাৰতৰ লিপিসমূহ যেনে- অসমীয়া আৰু আন আন প্রাচ্য লিপি বঙলা, উৰীয়া, মৈথিলী ইত্যাদিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়, আনকি নেপালৰ নেৱাৰী লিপিও কুটিল লিপিৰ পৰাই উদ্ভৱ হৈছে। 

কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাওঁফালে ঘোৰ খাইছিল আৰু স্বৰ মাত্রাসমূহ অধিক বেঁকা বেঁকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম, য়, ষ আৰু স-ৰ শিৰোৰেখা দ্বিধা বিভক্ত হোৱাৰ উপৰিও প্ৰতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ ৰেখা শিৰ পাতি লোৱা দেখা যায়। ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ-ভাৰতত প্রচলিত লিপিক (ই গুপ্ত লিপিৰ পৰিৱৰ্তিত ৰূপ) কুটিল-লিপি বুলি ধৰা হৈছে। ইয়াৰ আখৰ আৰু বিশেষকৈ মাত্ৰবোৰ কুটিল আকৃতি হোৱা কাৰণে এই নাম দিয়া হৈছে বুলি ধৰা হয়। এই লিপিৰ আখৰবোৰৰ বেছি ভাগতে মুখৰো ‘V’ ৰ নিচিনা হয়। স্বৰৰ মাত্ৰাবোৰ বেছি আঁকা-বেঁকা আৰু দীঘল। কুটিল লিপিৰ বিকাশৰ ধাৰা বুজিবলৈ নিম্নোক্ত বংগদেশৰ অনুশাসন কেইখনিৰ মূল্য অপৰিসীম।

(ক) ধর্মপালৰ খালিমপুৰ শাসন আৰু বোধগয়া মূর্তি লিপি।

(খ) দেৱপাল আৰু নাৰায়ণপালৰ অনুশাসন।

(গ) তৃতীয় গোপাল মন্দ অনুশাসন।

লিপিতত্বৰ ফালৰ পৰা পূর্ব ভাৰতত প্রায় আটাইবোৰ শিলালিপি বা তাম্র শাসনৰ লিপিক প্রাচ্যলিপি বা কুটিল লিপিৰ প্রতিভূ বুলিব পাৰি। কুটিল লিপিৰ পৰা প্রাচীন নাগৰী আৰু শাৰদা লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। উত্তৰ ভাৰতত নৱম শতিকাৰ শেষৰ পৰা প্ৰাচীন নাগৰী লিপিৰ প্ৰচলন হয়। মোড়ী মহাৰাষ্ট্র পুৰণি লিপি। ৰাজস্থান, উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ আদি ঠাইত মহাজনী লিপিৰ প্রচলন আছে। প্রধানকৈ বিহাৰৰ কায়স্থসকলৰ মাজত প্ৰচলিত লিপি কৈথী। নেপালৰ নেৱাৰী ভাষাৰ লিপি হৈছে নেৱাৰী। মৈথিলী, উড়িয়া, বঙলা আৰু অসমীয়া পূব ভাৰতৰ কেইটিমান উল্লেখযোগ্য লিপি। এই আটাইবোৰ লিপিয়ে উত্তৰ ব্ৰাহ্মীৰ লগত সম্পর্ক থকা।

অসমীয়া লিপিটো পূর্ব ভাৰতৰ এটা লেখত ল’বলগীয়া লিপি। বহু শতিকা জুৰি চলা চিন্তা – চৰ্চাৰ এক দীঘলীয়া ইতিহাসক সামৰি অসমীয়া লিপিটোৱে বর্তমানৰ ৰূপ পাইছে। অসমীয়া লিপিটোক ভাৰতৰ প্ৰাচীন লিপি ব্রাহ্মীৰ পৰিৱৰ্তিত ৰূপ কুটিল-লিপিৰ পৰা জন্ম বুলি ক’বলৈ বিচৰা হৈছে। অসমীয়া লিপিৰ বিষয়ে লেখা ‘অসমীয়া প্রাচীন লিপি’ নামৰ পুথিখনত সর্বেশ্বৰ কটকীয়ে এইদৰে লিখিছে- “ব্রাহ্মীলিপি প্রথম, কুশানলিপি দ্বিতীয়, গুপ্তলিপি তৃতীয় আৰু এই গুপ্তলিপিৰ পূব ভাৰতীয় কুটিললিপি চতুৰ্থ আৰু এই কুটিললিপিৰ পৰিৱর্তন আৰু সংমিশ্রণ ঘটি ঘটা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিয়ে পূব ভাৰতীয় ভাষাৰ বংশ-লতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি। এনেদৰেই কুটিল লিপিৰ পৰা অসমীয়া আৰু আন আন প্রাচ্য লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। 

৬। অসমীয়া লিপিৰ যুগ বিভাজন সম্পর্কে এক আলোচনা যুগুত কৰা।

উত্তৰঃ খ্রীষ্টীয় পঞ্চম শতিকাৰ সাম্প্ৰতিক কাললৈকে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাটোক বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণেৰে ভাগ কৰিছে। সেইসকলৰ ভিতৰত সর্বেশ্বৰ কটকী, বিশ্বেশ্বৰ হাজৰিকা, ৰামচৰণ ঠাকুৰীয়া, নাৰায়ণ দাস, উপন্দ্রেনাথ গোস্বামী আদি অন্যতম। বিশ্বেশ্বৰ হাজৰিকাৰ মতে অসমীয়া লিপিৰ বিকাশৰ স্তৰ ছয়টা। সেই কেইটা হ’ল-

(ক) প্রাচীন কামৰূপী লিপি (৫ম শতিকাৰ পৰা ৮ম শতিকালৈ)।

(খ) নৱ্য কামৰূপী লিপি (৯ম শতিকাৰ পৰা ১১ শতিকাৰ ১ ম চাৰি দশকলৈ)।

(গ) প্রাক্ অসমীয়া লিপি (১১ শ শতিকাৰ ৬ দশকৰ পৰা ১২শ শতিকালৈ)। 

(ঘ) প্রাচীন অসমীয়া লিপি (১৩ শ শতিকাৰ পৰা ১৪ শ শতিকালৈ)।

(ঙ) মধ্যযুগীয় অসমীয়া লিপি (১৫ শ শতিকাৰ পৰা ১৯ শ শতিকাৰ ১ ম চাৰি দশকলৈ)।

(চ) আধুনিক অসমীয়া লিপি (১৯ শ শতিকাৰ ৬ দশকৰ পৰা বর্তমানলৈ)। 

ইয়াৰ উপৰিও সর্বেশ্বৰ কটকীয়ে সপ্তম শতিকাৰ পৰা ইংৰাজে অসম অধিকাৰ কৰালৈকে অসমীয়া আখৰৰ ক্রমবিকাশক দুটা যুগত বিভক্ত কৰিছে। আকৌ ৰামচৰণ ঠাকুৰীয়াই অসমীয়া লিপিৰ বিকাশৰ ইতিহাসক দুটা প্রধান যুগত ভাগ কৰিছে-

(ক) কামৰূপী লিপিঃ

(১) প্রাচীন কামৰূপী বা ভৌম লিপি (৫ ম – ৭ ম শতিকা)।

(২) নব্য কামৰূপী লিপি (৮ ম – ১২ শ শতিকা)।

(খ) অসমীয়া লিপিঃ 

(১) আদি অসমীয়া লিপি (১৩ শ – ১৫ শ শতিকা)।

(২) মধ্য অসমীয়া লিপি (১৬শ – ১৯ শ শতিকা)।

(৩) আধুনিক অসমীয়া লিপি (১৯শ – বর্তমানলৈ)।

ঠিক তেনেদৰে উপেন্দ্রনাথ গোস্বামীয়ে অসমীয়া লিপিৰ ইতিহাসক তিনিটা ভাগত ভাগ কৰিছে-

(ক) পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি (পঞ্চম শতিকাৰ পৰা ত্রয়োদশ শতিকালৈ)।

(খ) মধ্যযুগীয় কামৰূপী লিপি (ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ)।

(গ) আধুনিক অসমীয়া লিপি (অৰুণোদয়ৰ জন্মকাল (১৮৪৬চন) ৰ পৰা বৰ্তমানলৈ)।

(ক) পুৰণি অসমীয়া লিপি বা কামৰূপী লিপিঃ খ্রীষ্টীয় চতুর্থ-পঞ্চম শতিকাৰ নগাজৰী খনিকৰ গাঁও প্রস্তৰ খণ্ডলিপিৰ পৰা ত্রয়োদশ শতিকাৰ কানাই বৰশী বোৱা তুৰষ্ক ক্ষয়ৰ  শিলালিপিৰ মাজৰ সময়ছোৱাক অসমীয়া লিপিক ইতিহাসত পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি বোলে। অসমীয়া লিপিৰ ক্রমবিকাশৰ এই সময়খিনি কেইবাখনো শিলালেখ আৰু তাম্রলেখ আৱিষ্কাৰ কৰা হৈছে। তাৰ ভিতৰত নগাজৰী খনিকৰ গাঁও প্রস্তৰ খণ্ড লিপি (৫ ম শতিকাৰ আদি ভাগ), উমাচল লিপি (৫ম শতিকা), বৰগংগা শৈল শাসন (৬ষ্ঠ শতিকা), ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ তাম্রশাসন, নালন্দাৰ পোৰামাটিৰ মোহৰ, বনমাল বর্মাৰ পর্বতীয় তাম্রশাসন আদি অন্যতম। এই শিলালিপি বা তাম্রশাসনবোৰ লক্ষ্য কৰিলে দেখা যায় যে এই সময়ছোৱাত বিভিন্ন লিপিসমূহৰ আখৰৰ ক্ষেত্ৰত কিছু উল্লেখনীয় পৰিৱর্তন সূচিত হৈছে। বিশেষকৈ নৱম, দশম শতিকাৰ আদি ভাগৰ তাম্রলিপিসমূহৰ গঢ়ে আধুনিক লিপিৰ ফালে গতি কৰিছে। খ্রীষ্টীয় পঞ্চম শতিকাৰ পৰা আৰম্ভ হোৱা পুৰণি অসমীয়া লিপিৰ প্রবাহে ত্রয়োদশ শতিকাৰ কানাই বৰশী বোৱা শিলালিপিত পৰিপূর্ণতা লাভ কৰে। আচলতে এই শিলালিপিখনে পুৰণি কামৰূপী লিপিৰ বিকাশৰ অন্তিম তৰংগটো উজ্জ্বলাই তোলে। 

(খ) মধ্যযুগীয় অসমীয়া লিপিঃ ত্রয়োদশ শতিকাৰ কানাই বৰশী বোৱা শিলালিপিৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ এই সময়খিনিক মধ্যযুগীয়া অসমীয়া লিপি বোলে। এই সময়খিনিত কেইবাখনো লিপি আৱিষ্কৃত হৈছে। তাৰ ভিতৰত আমবাৰী আৰু গছতল শিলালিপি, ৰাউতকুছি লিপি, নীলাচলৰ মাধৱ ৰজা ফলি, শ্রীকৃষ্ণ কীর্তন আৰু চর্যাচর্য বিনিশ্চয় গ্রন্থৰ লিপি অন্যতম। মধ্যযুগীয়া অসমীয়া লিপিসমূহক প্রধানকৈ তিনিটা ভাগত ভাগ কৰিছে- গড়গঞা লিপি, বামুণীয়া লিপি আৰু কাইথেলী লিপি।

আহোমৰ ৰাজধানী গড়গাঁও অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠা লিপিটোকে গড়গঞা লিপি বোলে। গড়গঞা লিপিৰ আখৰেৰে অধিকাংশ বুৰঞ্জী পুথি লিখা হৈছিল। বুৰঞ্জীৰ উপৰিও গড়গঞা লিপিৰ প্রয়োগ পদপুথি আৰু অভিলেখালৈও সম্প্রসাৰিত হৈছিল। আকৌ অসমৰ কায়স্থসকলে পুথি ৰচনা কৰোঁতে, নকল কৰোতে তথা হিচাপ পত্ৰ ৰাখিবৰ বাবে যি লিপিৰ ব্যৱহাৰ কৰিছিল, তাকে কাইথেলী লিপি বোলে। এই লিপিৰ আন এটা নাম হ’ল লহকৰী লিপি। ইয়াৰ উপৰিও সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা কেন্দ্ৰ সংস্কৃত টোলবোৰক কেন্দ্ৰ কৰি যি লিপি বিকশিত হৈছিল তোকে বামুণীয়া লিপি বোলে। এই লিপি অসমীয়া লিপি আৰু নাগেৰী লিপিৰ সংমিশ্রণত গঢ় লৈ উঠিছিল।

(গ) আধুনিক অসমীয়া লিপিঃ অসমত বৃটিছ ৰাজত্বৰ আৰম্ভণিৰ লগে লগে অসমীয়া লিপিৰ আধুনিক যুগ আৰম্ভ হয়। আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাত কিতাপ-পত্র, আলোচনী আদি ছপাবৰ বাবে ঊনবিংশ শতিকাৰ আৰম্ভণিতে মেছিনত কাটি ছপাপুথিত ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা লিপিয়েই হ’ল আধুনিক অসমীয়া লিপি। ১৮৪৬ চনত ‘অৰুণোদই’ কাকত প্ৰকাশৰ বাবে মিছনেৰীসকলে শ্ৰীৰামপুৰৰ ছপা আখৰৰ আৰ্হিতে আখৰ কটাই আনে। অসমত ছপা আখৰৰ প্ৰচলনৰ লগে লগে অসমীয়া আখৰৰ গঢ়ে সুকীয়া বৈশিষ্ট্য ধাৰণ কৰে। পৰৱৰ্তী সময়ত ছপা যন্ত্ৰৰ সলনি কম্পিউটাৰ ব্যৱহাৰে অসমীয়া লিপিৰ বিকাশত বিশেষ প্রভাৱ পেলায়। এই যন্ত্রত উপলব্ধ বিভিন্ন আখৰৰ ঠাঁচে অসমীয়া লিপিক সুন্দৰ ৰূপ প্রদান কৰে। 

৭। মধ্যযুগীয়া অসমীয়া লিপিক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে? প্রতিবিধবে বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পণ্ডিত হেমচন্দ্র গোস্বামীয়ে সাঁচিপাত, তুলাপাত আদিত লিখা পুৰণি অসমীয়া পুথিসমূহৰ বৰ্ণনামূলক তালিকাত মধ্যযুগীয়া অসমীয়া লিপিসমূহক প্রধানকৈ তিনিটা ভাগত বিভক্ত কৰিছে- 

(ক) গড়গঞা লিপি।

(খ) বামুণীয়া লিপি।

(গ) কাইথেলী লিপি। 

(ক) গড়গঞা লিপিঃ আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিল গড়গাঁও আৰু এই গড়গাঁও অঞ্চলক কেন্দ্র কৰি মধ্যযুগীয় অসমীয়া লিপিটোকে গড়গঞা লিপি বোলে। ‘গড়গঞা লিপি’ সম্পূর্ণৰূপে ভৌগোলিক নামকৰণ। ড° সতেন্দ্রনাথ শৰ্মাৰ মতে “আহোম ৰাজধানীক কেন্দ্র কৰি উজনিত এই লিপিভংগীৰ প্রচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা।” আহোন স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত গড়গঞা লিপিত বহুতো বুৰঞ্জী ৰচিত হৈছিল। এই লিপিত পোনপ্রথমে বুৰঞ্জী পুথি লিখা হৈছিল যদিও পাছলৈ পদপুথি আৰু অভিলেখলৈও ই সম্প্রসাৰিত হয়। স্বর্গদেউসকলে পুথি-পাজি লিখা বা নকল কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈ ‘লেখাৰু বৰুৱা’ নামৰ একশ্রেণীৰ বিষয়া নিয়োগ কৰিছিল। ‘লেখাৰু’ নামেৰে এক লেখক লিপিকাৰ হিচাপে নিয়োগ কৰা বাবে আৰু ৰাজ পৃষ্ঠপোষকতাত লেখা বাবে গড়গঞা লিপিৰ আখৰবোব ধুনীয়া আৰু একে গড়ৰ হোৱা দেখা যায়।

গড়গঞা লিপিৰ বৈশিষ্ট্য সম্পর্কে ড° মহেশ্বৰ নেওগদেৱে কৈছে যে ই বৰ সৰল আৰু নিৰলংকাৰ। ড° লীলা গগৈ প্রমুখ্যে অন্য আলোচকসকলৰ মতে- ধ, ন, ল আৰু দুটামান যুক্তাক্ষৰক বাদ দিলে বাকীবোৰ গড়গএগ আখৰ (অ, আ, ই, ঈ আদি) আধুনিক আখৰেৰে অভিন্ন। ড° মহেন্দ্ৰ বৰায়ো এই লিপিৰ সৰলতা, স্পষ্টতা আৰু সমতাৰ কথা কৈছে। ড° মহেন্দ্ৰ বৰাই গড়গঞা শৈলীত লিখা ‘ণ’ লিপিত টাই লিপিৰ প্ৰভাৱ লক্ষ্য কৰিছে। অকল এটা আখৰতে নহয়, বুৰঞ্জীবোৰৰ ভালেকেইটা আখৰত টাই লিপিৰ প্রভাৱ দেখা গৈছে। গতিকে অনুমান কৰিব পাৰি যে- “টাই লিপিৰ প্রভাৱপুষ্ট নিৰলংকাৰ গোট গোট লিপিয়েই’ গড়গঞা  লিপি”।

(খ) বামুণীয়া লিপিঃ সংস্কৃত ভাষা সাহিত্যৰ চর্চা চলা টোলসমূহক কেন্দ্র কৰি পুথি-পাজি নকল কৰাৰ যি ৰীতিয়ে মধ্যযুগত অসমত গা কৰি উঠিছিল সেই ‘বামুণীয়া লিপি’ নামেৰে পৰিচিত হয়। পুৰণি অসমৰ সংস্কৃত টোলবোৰক কেন্দ্র কৰিয়েই এই লিপি গঢ়ি উঠিছিল। সংস্কৃত পৃথি লিখা তথা নকল কৰাৰ ক্ষেত্ৰত এই লিপিৰ ব্যৱহাৰ কৰাৰ বাবে চাগে বামুখীয়া লিপি নামকৰণ কৰা হৈছিল আৰু এই নামকৰণ এটি জাতিগত নাম। অসমীয়া লিপি আৰু নাগেৰী লিপিৰ সংমিশ্রণত বামুণীয়া লিপি গঢ়ি উঠিছে।

বামুণীয়া লিপিৰ ক্ষেত্রত ভ° সত্যেন্দ্রনাথ শর্মাদেৱে কৈছে যে, অ, আ সাধাৰণতে দেৱনাগৰী গঢ়ৰ, দ আগৰো দেৱনাগৰীৰ কাষ চপা, ঠ-ৰ ওপৰৰ টিকনীডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমিৰ ফালে টিকনীডাল আগবাঢ়ি যায়। ক, গ, ট, প, হ আদিৰ আকাৰ যৎসামান্য পৃথক। কোণবোৰ কাইথেলী লিপিৰ দৰে তীক্ষ্ণ বা স্পষ্ট নহয়। এই লিপিৰ বিষয়ে ড° প্ৰতাপচন্দ্ৰ চৌধুৰীয়ে কৈছে যে- অ, আ, উ, ক, গ, ঘ, ও, ড, থ, দ, ন, ব, ম, য, শ, ল, ব‌ আৰু প্ৰায়খিনি যুক্তাক্ষৰতে দেৱনাগৰীৰ প্রভাৱ স্পষ্ট। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গ্ৰন্থাগাৰত সংৰক্ষিত ১৭৩৫ চনৰ প্রতিলিপি প্ৰস্তুত কৰা ‘ভক্তি ৰত্নৱলীৰ’ আখৰক ড° মহেন্দ্র বৰাই বামুগীয়া শৈলীত লিখা পুথিৰূপে সাব্যস্ত কৰিছে। 

(গ) কাইথেলী লিপিঃ অসমৰ কায়স্থসকলে পুথি পাজি ৰচনা কৰোঁতে তথা হিচাপ পত্ৰ ৰাখিবৰ কাৰণে যি লিপি ব্যৱহাৰ কৰিছিল, সিয়েই হ’ল কাইথেলী লিপি। এই কাইথেলী লিপিৰ আন এটা নাম হ’ল লহকৰী লিপি। নামনি অসমৰ কায়স্থসকলৰ বেছিভাগেই লহকৰ উপাধি লিখে। গতিকে এই লহকৰ উপাধি লিখা লোকসকলে ব্যৱহাৰ কৰা আখৰক লহকৰী নামেৰে জনা যায়। কাৰণ উজনি আৰু নামনি অসমৰ অঞ্চল বিশেষে এই লিপিৰ প্ৰচলন আছিল। এই দুয়োটা লিপিক ড° মহেশ্বৰ নেওগকে মুখ্য কৰি অনেকে মূলতঃ একেটাই বুলি মত প্রকাশ কৰিছে। সুকুমাৰ বৰকাথৰ দ্বাৰা লিখিত আৰু দিলবৰ-দোসাইৰ দ্বাৰা চিত্রিত ‘হস্তী বিদ্যার্ণৱ’  পুথিৰ লিপি হেমচন্দ্র গোস্বামীয়ে কাইথেলী লিপি বুলি উল্লেখ কৰিছে। ‘ব্রহ্মবৈবৰ্ত পুৰাণ’, ‘কিতাবৎ মঞ্জৰী’, শুভংকৰী আদি এই লিপিৰ সার্থক নিদর্শন।

পণ্ডিতসকলে কাইথেলী লিপিৰ কেইবাটাও বিশিষ্ট। নিৰূপণ কৰিছে-

(১) কাইথেলী লিপিৰ আখৰ লতা আকৃতিৰ আৰু পাকৰ সংখ্যা বেছি। 

(২) এই লিপিৰ আখৰ সমান গঢ়ৰ, সুন্দৰ আৰু মুকুতা যেন ফটফটীয়া।

(৩) এই লিপিৰ শাৰীবোৰ সমান সমান আৰু শাৰীবোৰ ঘনো নহয় পাতলো নহয়।

(৪) আখৰৰ কোণসমূহ সুস্পষ্ট।

(৫) এই লিপিৰ আখৰৰ ওপৰত টিকনিডাল (উ, ট, ঠ আদিত) আৰু তলৰ ৰেখা বা ডাঁৰভাল সোফালৰ লম্ব ডাঁৰডালত সংলগ্ন হৈ আলংকাবিকভাৱে বহুখিনি বঢ়াই টানি দিয়া দেখা যায়। 

৮। আধুনিক অসমীয়া লিপিৰ বিষয়ে লিখা। 

উত্তৰঃ অসমত বৃটিছ ৰাজত্বৰ আৰম্ভণিৰ লগে লগে অসমীয়া লিপিৰ আধুনিক যুগৰ সুচনা হোৱা বুলিব পাৰি। আমেৰিকান খ্রীষ্টান মিছনেৰীসকলে অসমীয়া ভাষাত কিতাপ-পত্র, আলোচনী আদি ছপাবৰ বাবে ঊনবিংশ শতিকাৰ প্রথমভাগৰ পৰা মেছিনত কাটি ছপাপুথিত ব্যৱহাৰ কৰা লিপিয়েই হৈছে আধুনিক অসমীয়া লিপি। এই লিপি কিন্তু তৎকালীন অসমীয়া আখৰৰ গঢ়ত অসমত অসমীয়া কিতাপ ছপাবৰ বাবে পোনতে অসমীয়া ভাষা কাটি লোৱা লিপিৰ পৰাহে গ্রহণ কৰা হৈছে। কেৱল মাত্র তাত নথকা ‘ৰ’-টোহে সুকীয়াকৈ কাটি উলিয়ায়। ১৮১৩ চনত ছপাৰূপত লাভ কৰা আত্মাৰাম শৰ্মাৰ অসমীয়া বাইবেল (ধর্মপুস্তক) খন ছপাওঁতে সেই টাইপকে ব্যৱহাৰ কৰে। 

১৮৩৬ খ্রীষ্টাব্দৰ পৰা ১৮৭৩ খ্ৰীষ্টাব্দলৈ অসমৰ স্কুল-আদালতত অসমীয়া ভাষাৰ পৰিৱর্তে বঙলা ভাষাৰ প্রচলন হোৱাৰ সুযোগতে এচাম ব্যক্তিয়ে অসমীয়া লিপিটো বঙালী লিপিৰে প্রকাৰভেদ বুলি মত পোষণ কৰিছিল। ইয়াৰ উপৰিও অসমীয়া ছপা হৰফতকৈ বঙলা ছপা হৰফ আগতে প্রস্তুত হোৱা বাবে ১৮১৩ চনত আত্মাৰামৰ ‘ধর্মপুস্তক’ৰ ছপাকৰ্মত বঙলা ছপা হৰফকে ব্যৱহাৰ কৰা হয়। অৱশ্যে একে উৎসৰ পৰা অহা আৰু প্রায় একে পৰিৱেশত বিকাশ লাভ কৰা বাবে অসমীয়া আৰু বঙলা লিপিৰ মাজত বহুখিনি সাদৃশ্য দেখা যায়। এই সম্পর্কে নন্দ তালুকদাৰে কৈছে যে- “প্রথম অসমীয়া ছপাগ্রন্থ ‘ধর্মপুস্তক’ৰ আখৰৰ গঢ় আৰু সেইসময়ত ছপা হোৱা বঙলা গ্রন্থৰ আখৰৰ গঢ় এনে নহয়। ‘ধর্মপুস্তক’ৰ আখৰৰ গঢ় ভালেখিনি সাঁচিপতীয়া আখৰৰ গঢ়ৰ। মাজে মাজে দুই এঠাইত বঙলা ফুট দিয়া ‘ৰ’ ব্যৱহাৰ কৰা হৈছে। সম্ভৱতঃ অসমীয়া আখৰৰ আৰ্হি বিচৰাত আত্মৰাম শৰ্মাই সাঁচিপতীয়া পুথিৰ আৰ্হি দেখুৱাইছে।” 

মিছনেৰীসকলে অসমীয়া বর্ণ-বিন্যাস ৰীতি মানি লোৱা নাছিল। সেয়েহে হেমচন্দ্র বৰুবাই অসমীয়া বর্ণ-বিন্যাস ৰীতি ব্যৱহাৰ কৰিবলৈ যথেষ্ট যুজ-বাগৰ কৰিছিল। এই বর্ণবিন্যাস ৰীতি সংশোধনৰ সময়ত হেমচন্দ্র বৰুৱাই নিধিৰাম ফাৰৱেলে বৰ বাধা পাইছিল। অৱশ্যে পাছত কম্পর্ট চাহাবৰ সহায়ৰ দ্বাৰা ‘ৱ’-ৰ ব্যৱহাৰ হ’ল। ১৮৪৬ চনত মিছনেৰীসকলে ‘অৰুণোদই’ কাকতখন প্রকাশৰ বাবে শ্ৰীৰামপুৰৰ ছপা আখৰৰ আৰ্হিতে আখৰ কটাই আনিছিল আৰু ‘অৰুণোদই’ কাকতৰ প্ৰথম বছৰৰ প্রথম সংখ্যাতে ‘ৱ’ আখৰটোৰ ব্যৱহাৰ পোৱা যায়। অসমত ছপা আখৰৰ প্রচলন হোৱাৰ লগে লগে অসমীয়া আখৰৰ গঢ়ে সুকীয়া ৰূপ ধাৰণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৩৯ চনত ডব্লিউ ৰবিনছনে “A Grammar of Assamese Lan-guage” পুথি ছপা কৰে আৰু অসমীয়া লিপিৰ বৈশিষ্ট্যপূর্ণ আখৰ ‘ৱ’ আখৰৰ ব্যৱহাৰ কৰে লগতে পুৰণি পুথিৰ বৰ্ণবিন্যাস বৰদাস্ত কৰিছে। এনেদৰে আধুনিক অসমীয়া লিপিয়ে বিকাশৰ পথত আগবাঢ়ি আজিৰ ৰূপ পাইছে। 

৯। অসমৰ থলুৱা জনজাতীয় ভাষাত অসমীয়া লিপিৰ প্রয়োগ সম্পর্কে লিখা।

উত্তৰঃ আৰম্ভণিৰে পৰা অসমীয়া ভাষা আৰু লিপি অসমৰ থলুৱা সকলো জাতি আৰু জনজাতিৰ মাজত উমৈহতীয়াভাৱে ব্যৱহৃত হৈ আছে। অসমৰ জনজাতীয় ভাষাসমূহৰ সৈতে অসমীয়া ভাষাৰ তেজ-মঙহৰ সম্পৰ্কৰ কথা কোনেও নুই কৰিব নোৱাৰে। কিন্তু ষষ্ঠ দশক মানৰ পাছত অসমৰ পৰা নাগালেও, মেঘালয়, মিজোৰাম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা আদি আঁতৰি গ’ল। যাৰ ফলত লিপিহীন এই জাতিসমূহে ৰোমান লিপিক আদৰি ল’লে। তেতিয়াৰে পৰা অসমীয়া লিপিৰ সলনি ৰোমান লিপি গ্রহণৰ সপক্ষে যুক্তি আগবঢ়োবাৰ লগতে ভাষীক আন্দোলনো গঢ়ি তুলিলে। বর্তমান অসমৰ প্ৰায়বোৰ লিপিহীন থলুৱা জনগোষ্ঠীয়ে একো একোটা নিজা লিপি বিচাৰিব ধৰিছে। ইতিমধ্যে বড়ো, তিৱা আদি ভাষাগোষ্ঠীয়ে অসমৰ ভূমিপুত্র হৈয়ো অসমীয়া লিপি গ্রহণ নকৰি ৰোমান লিপি গ্রহণ কৰিছে। আনহাতে মণিপুৰীসকলে নিজা লিপি থকা সত্ত্বেও উমৈহতীয়া স্বার্থৰ খাতিৰত মাজে মাজে অসমীয়া-বঙলা লিপি গ্রহণ কৰে। অৱশ্যে ৰোমান লিপি ব্যৱহাৰৰ ক্ষেত্রত কিছু সুবিধা আছে। ৰোমান লিপিত আখৰৰ সংখ্যা কম, লিখিবলৈ সহজ আৰু আন্তর্জাতিক ভাৱ বিনিময়ৰ সুযোগ হয়। আনহাতে ৰোমান গ্রহণৰ ক্ষেত্রত অসুবিধাও আছে। বিশেষকৈ ৰোমান লিপিত মহাপ্ৰাণ ধ্বনি একক প্রতীক নাই। অসমীয়া খ, য, থ, ধ, ফ, ত আদি বিশিষ্ট ধ্বনি লিখিবলৈ হ’লে দুটো বর্ণৰ  প্রয়োজন হয়। যেনে- খ = kh, ঘ = gh, থ = th আদি। সেয়েহে অসমীয়া ভাষাৰ লিপি নিদ্ধাণৰ ক্ষেত্রত আবৱেগিক, আঞ্চলিক, জাতিগত আৰু সাম্প্রদায়িক সকলো বিভেদকামী মনোভাৱ পৰিহাৰ কৰি বৃহৎ অসমীয়া জাতিগঠনত সহায়ক হোৱাকৈ অগ্রসৰ হ’ব লাগিব।

১০। লিপি কি? আৰু ইয়াৰ সৃষ্টি কেনেদৰে হৈছিল?   

উত্তৰঃ মানুহে উচ্চাৰণ কৰা ধ্বনিসমূহক প্রতীক চিহ্ন অথবা ৰেখাচিত্ৰৰ সহায়ত ৰূপ দিয়া হয় তাৰেই নামই লিপি। খ্ৰীঃ পূঃ ৬ হাজাৰ বছৰমানত লিপিৰ প্ৰাৰম্ভিক বিকাশ হোৱা বুলি অনুমান কৰা হৈছে। 

আদিম মানৱে নিজৰ ব্যয়বস্তু চিনি পাবৰ বাবে সেইবোৰত কিছুমান দাগ দি লৈছিল; পর্বত-পাহাৰৰ গাঁত, প্রকাণ্ড শিলত সদায় দেখা গছ-লতা, জীৱ-জন্তুৰ ছবি আঁকিবলৈ চেষ্টা কৰিছিল; পাহৰি নাযাবলৈ ৰছী বা গছৰ বাকলি আদিত গাঁথি দি গৈছিল। এয়াই হৈছে লিপি সৃষ্টিৰ আৰম্ভণী স্তৰ। এই সময়ত বিন্দু, সৰলৰেখা, বক্ৰৰেখা, পূৰণ চিন, বৃত্ত, বিবিধ চিত্র ইত্যাদি প্রতীক চিহ্ন আঁকি ভাব প্রকাশ কৰা হৈছিল। পাছলৈ এইবোৰ প্রতীক চিহ্নৰ বিৱর্তনৰ ফলতে লিপিৰ সৃষ্টি হ’ল। 

১১। ধ্বনিমূলক লিপিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লিপিৰ বিকাশৰ এটা প্রধান ভাগ হ’ল ধ্বনিমূলক লিপি দ্বনিমূলক লিপি হ’ল লিপিৰ পূর্ণবিকশিত ৰূপ। ধ্বনিমূলক লিপিত কোনো চিহ্নই কোনো এটা ধ্বনিৰ কথা সূচায়। সেই দ্বনিৰ সহায়ত কোনো বস্তু বা ভাৱ প্রকাশ কৰা হয়। ‘জগতৰ প্রত্যেক ভাষাতে অসংখ্য নহ’লেও শতাধিক ধ্বনিৰ উচ্চাৰণ হয়। ধ্বনিবোৰৰ প্রত্যেকৰে উচ্চাৰণ বৈশিষ্ট্য ৰক্ষা কৰি যিবোৰ প্রতীক বা আখৰ লোবা হয় সেয়ে ধ্বনিমূলক আখৰ; এই আখৰৰ সমষ্টিয়েই ধ্বনিলিপি।’

বর্তমান কালত এই ধ্বনিলিপিয়ে পৃথিবীৰ সকলো ভাষাৰ পৰাই সমাদৰ লাভ কৰিছে। গতিকে আমি ক’ব পাৰো যে লিপি-কলা প্রয়োজন অনুসৰি সৃষ্টি কৰি লোয়া ‘মানুহৰ এক আচবিত ক্ষমতাৰ সূচক। 

১২। পুৰণি অসমত ব্যৱহৃত লেখন সামগ্রীসমূহৰ বিষয়ে এটি আলোচনা মুণ্ডত কৰক।

উত্তৰঃ পুৰণি অসমত লেখন সামগ্রীৰূপে সাধাৰণতে বিভিন্ন বস্তুৰ ব্যৱহাৰ হৈছিল। এইবোৰেৰ ভিতৰত শিল, তাম, সোণ, ৰূপ, পিতল, কাঁহ, কাপোৰ ভূর্জপত্র, সাচিপাত, তোলাপাত, চিয়াঁহী, লেখনী, মহীচুঙা, কুটনী আদি উল্লেখযোগ্য তলত এইবোৰৰ বিষয়ে এটি আলোচনা যুগুত কৰা হ’ল-

(ক) শিলঃ মানৱ সভ্যতাৰ আৰম্ভণিৰ সময়ৰে পৰা শিলৰ ওপৰত চিত্র, লিপি আদি খোদিত কৰাৰ প্রচেষ্টা চলি আহিছে। বিভিন্ন প্রকাৰৰ শিল, যেনে- পর্বত-পাহাৰৰ ডাঙৰ শিল, শিলাস্তন্ত, শিলালেখা, শৈল-প্রতিমাৰ পশ্চাৎদেশ আৰু বেদিকা ইত্যাদিত লিপি উৎকীর্ণ কৰা দেখা যায়। উদাহৰণস্বৰূপে- ভোমোৰাগুৰিৰ প্রকাণ্ড আগ্নেয় শিলৰ খোদিত ‘ভণ্ডাৰী গোসাঁইৰ গড় নিৰ্মাণৰ শিলৰ ফলি’, ১৫৩৮ শকৰ চামকৰা গড়ৰ ৰণজয়ৰ বার্তা খোদিত শৈলস্তন্ত, শুক্রেশ্বৰ মন্দিৰৰ শিলৰ ফলি, নগাঁও-কলিয়াবৰ-কামাখ্যা মন্দিৰৰ জঙঘা-খচিত ফলি, ছয়গাঁও চণ্ডিকা দেৱালয়ৰ শিলৰ ফলি ইত্যাদি উল্লেখযোগা। 

(খ) তামঃ অসমত প্রাপ্ত তামত উৎকীর্ণ লিপিৰ ক্ষেত্রত বলবর্মা, বনমালৱৰ্মা আৰু ইন্দ্রপালদেৱৰ তাম্রশাসনবোৰ উল্লেখযোগ্য। 

(গ) সোণ, ৰূপ, পিতল, কাঁহঃ লেখন সামগ্রীৰুপে সোণৰ ব্যৱহাৰ কিছু দেশত পোয়া যায়। অসমৰ আহোমসকলৰ মাজতো সোণৰ পাতত লিখা ৰীতি আছিল বুলি জনা যায়। ৰূপৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী দেৱী পীঠলৈ স্বর্গদেৱ ৰাজেশ্বৰ সিংহই আগবঢ়োৱা ৰূপৰ জাপিত উৎকীর্ণ লিপি, পিতলৰ ক্ষেত্ৰত অসমৰ সুন্দৰীদিয়া সত্ৰত থকা পিতলৰ ফলক আৰু কাঁহৰ ক্ষেত্রত লক্ষীমপুৰৰ ওচৰৰ বাসুদেৱ থানলৈ আগবঢ়োৱা বৰকাঁহৰ ওপৰত খোদিত লিপি মন কৰিবলগীয়া। তদুপৰি লোপ বৰটোপ, হাতীৰ দাঁত, কাঠৰ ফলক, বাঁহৰ কামিস মহ, পহুৰ ছাল আদিত লিখা উদাহৰণো অসমীয়া লিপিৰ অধ্যয়নৰ ক্ষেত্রত তাৎপর্যপূর্ণ।

(ঘ) কাপোৰঃ অসমত সূতা কাপোৰ, পাট আৰু মুগাব কাপোৰ লেখন সামগ্রীৰূপে ব্যৱহৃত হৈছিল। এইবোৰ কাপোৰত মাটিমাহ, বৰা বা আন এঠাযুক্ত চাউলৰ গুড়ি আৰু অন্যান্য সামগ্রী দি কট্‌কটীয়া কৰা হৈছিল আৰু পাছত তাক যাপি পুথিৰ আকাৰ দিয়া হৈছিল। মুগাৰ কাপোৰ মহাপুৰুষ মাধৱদেৱৰ নামঘোষাখনি লিখি উজনিৰ চামগুৰি সত্রত সংৰক্ষণ কৰাটো এইখিনিতে উল্লেখযোগ্য।

(ঙ) ভূর্জপত্রঃ ভূর্জপত্র প্রকৃততে ভূৰ্জগছৰ বাকলিহে, পাত নহয়। অসমত মন্ত্রৰ লেখন আৰু যন্ত্র অংকনৰ ক্ষেত্ৰত ভূর্জপাত ব্যৱহাৰ হৈছিল আৰু সেইবোৰ ভোট দেশৰ (ভূটান) পৰা আমদানি কৰা হৈছিল। 

(চ) সাঁচিপাতঃ সাঁচি বা অগৰু ছালৰ পৰা যি লেখন সামগ্রী প্রস্তুত কৰা হয় তাৰ নামেই সাঁচিপাত। উত্তৰ-পূব ভাৰতৰ ভিতৰত একমাত্র অসমতে লেখন সামগ্রীৰূপে সাঁচিপাত্র ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়। কুমাৰ ভাস্কৰবৰ্মাই উত্তৰ ভাৰতৰ হৰ্ষ শিলাদিত্যলৈ উপঢৌকণ ৰূপে পঠোৱা নানা সামগ্রীৰ ভিতৰত অগৰুৰ বাকলিত লিখা সুভাষিত বচনৰ সংপ্তৰ পুথি আছিল অন্যতম। মধ্যযুগৰ সৰহ সংখ্যক পুথি এই সাঁচিপাততে লিখা হৈছিল। 

(ছ) তুলাপাতঃ কপাহেৰে প্ৰস্তুত কৰা লেখন সামগ্ৰীৰ নামেই তুলাপাত। অনুমান কৰ হয় যে খ্ৰীষ্টজন্মৰ পূৰ্বতে অসমীয়া মানুহে তুলাপাত প্রস্তুত কৰা উপায়টো উদ্ভাৱন কৰি লৈছিল। বর্তমানে কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ উপৰি গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰত কিছুসংখ্যক তুলাপতীয়া পুথি সংৰক্ষণ কৰি ৰখা হৈছে। 

(জ) চিয়াঁহীঃ পুৰণি কালত অসমীয়া লোকে উন্নতমানৰ চিয়াঁহী প্রস্তুত কৰিব জানিছিল। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই লিখিছে- “চৰু ছাই বা বৰা চাউলৰ ছাই, কেহৰাজৰ ৰস, লোৱাচুৰ, গৰুমূত, শিলিখা, আমছাল, ডামছাল- এইবোৰ বস্তু একেলগে লৈ কেৰাহীৰ সিজাই মাটিৰ চৰুটোত ভৰাই নিয়ৰত থৈ দিব লাগে। চৰুটোৰ বাহিৰে যি ৰস ঘামি নিগৰি ওলাব সেয়ে অসমীয়া মহী।”

(ঝ) লেখনীঃ লেখনী কাপ নামেৰেও পৰিচিত। তালপাত, ভূজপাত বা সাঁচিপাতৰ ওপৰত চিয়াহীৰে যিবিধ সামগ্ৰীৰে লিখা হয় সিয়েই মহীচুঙা। 

(ঞ) মহীচুঙাঃ চিয়াঁহী ৰখা পাত্ৰটোৰ নাম মহীচুঙা। মধ্যযুগৰ অসমত চিয়াঁহী বা মহী বাঁহৰ চুঙাত ৰখা হৈছিল। সেইবাবে ইয়াৰ নাম মহীচুঙা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top