Assam Jatiya Bidyalay Class 8 Social Science Chapter 7 ৰাষ্ট্ৰ

Assam Jatiya Bidyalay Class 8 Social Science Chapter 7 ৰাষ্ট্ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 ৰাষ্ট্ৰ Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 7 ৰাষ্ট্ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 7 ৰাষ্ট্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ৰাষ্ট্ৰ

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বুলি ভবা হয় ?

উত্তৰঃ প্ৰাচীন গ্ৰীচ দেশকেই আধুনিক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বুলি ভবা হয়।

২। ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰীক সকলে কোনটো শব্দৰ ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰীক সকলে ‘পলিছ’ শব্দৰ ব্যৱহাৰ কৰিছিল।

৩। কোনটো মূল শব্দৰ পৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয় ? 

উত্তৰঃ টীউটন সকলে ব্যৱহাৰ কৰা ‘ষ্টেটাছ’ শব্দটোৰ পৰাই ‘ষ্টেট’ অৰ্থাৎ ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়।

৪। এৰিষ্টটলৈ আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখা ?

উত্তৰঃ এৰিষ্টটলৰ মতে সুস্থ আৰু স্বাৱলম্বী জীৱনযাপন কৰিবলৈ সংগঠিত হোৱা পৰিয়াল আৰু গাঁৱৰ সমষ্টিয়ে হ’ল ৰাষ্ট্ৰ।

৫। ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট কি কি লিখা ?

উত্তৰঃ অধ্যাপক গাৰ্ণাৰৰ মতে ৰাষ্ট্ৰ হ’বলৈ হলে 

(১) প্ৰথমে নিৰ্দিষ্ট ভূখণ্ড থাকিব লাগিব।

(২) দ্বিতীয়তে কম বা বেছি জনসংখ্যা থাকিব লাগিব।

(৩) তৃতীয়তে এখন স্বাধীন চৰকাৰ থাকিব লাগিব আৰু

(৪) চতুৰ্থতে সাৰ্বভৌম শক্তি থাকিব লাগিব।

৬। ৰাষ্ট্ৰৰ উপাদান হিচাপে জনসমষ্টিৰ বিষয়ে লিখা।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ প্রথম উপাদান হ’ল জনসমষ্টি। জনসমষ্টি নোহোৱাকৈ এখন ৰাষ্ট্ৰ হ’ব নোৱাৰে। এই জনসমষ্টি সংখ্যাৰ কোনো ধৰা বন্ধা নিয়ম নাই। কিন্তু এই জনসমষ্টিটোৰ ভাষাগত, জাতিগত,ধর্মগত আৰু সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক একতা থাকিব লাগিব। ৰাষ্ট্ৰৰ জনসংখ্যা কিমান হোৱা উচিত সেই বিষয়ে এৰিষ্টটলে কৈছিল যে ৰাষ্ট্ৰ এখন স্বাৱলম্বী হবলৈ যিখিনি মানুহৰ প্ৰয়োজন ঠিক সিমান জনসংখ্যা থকা উচিত।

৭। ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক কেইটা ভাগত ভাগ কৰিছে। ভাগ কেইটা কি কি ?

উত্তৰঃ ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক দুটা ভাগত ভাগ কৰিছে।

(১) ব্যক্তিবাদ । আৰু 

(২) সমাজবাদ। 

ব্যক্তিবাদে ৰাষ্ট্ৰৰ কাৰ্য্যাৱলী অতি সীমিত হোৱাটো বিচাৰে কিন্তু সমাজবাদে ৰাষ্ট্ৰৰ কাৰ্য্যাৱলী অতি বহল পৰিসৰৰ হোৱাটো বিচাৰে।

৮। ব্যক্তিবাদ আৰু সমাজবাদত বিশ্বাসী দুগৰাকীকৈ পণ্ডিতৰ নাম লিখা।

উত্তৰঃ ব্যক্তিবাদ সমৰ্থন কৰা দুগৰাকী পণ্ডিতৰ নাম হ’ল― আদম স্মিথ আৰু জন ষ্টুৱাৰ্ট মিল।

আৰু সমাজবাদ সমৰ্থন কৰা দুগৰাকী পণ্ডিতৰ নাম হ’ল―  ৰবাৰ্ট ওৱেন আৰু ৰামছে মেকডোনাল্ড।

৯। ৰাষ্ট্ৰৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ ৰাষ্ট্ৰীই কৰা কামকাজৰ ভিত্তিত ৰাষ্ট্ৰক দুটা ভাগত বিভক্ত কৰিব পাৰি। যেনে―

(১) পুলিছ বা আৰক্ষী ৰাষ্ট্ৰ । আৰু

(২) কল্যাণকামী বা মংগল ৰাষ্ট্ৰ ।

১০। ৰাষ্ট্ৰৰ উৎপাদন হিচাপে নিৰ্দিষ্ট ভূ খণ্ডৰ মূল বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ নির্দিষ্ট ভূ খণ্ডৰ অবিহনে ৰাষ্ট্ৰ হব নোৱাৰে। ৰাষ্ট্ৰ এখন হোৱাৰ মূলতে নিৰ্দিষ্ট ভূ খণ্ডৰ প্ৰয়োজন অপৰিসীম। 

ৰাষ্ট্ৰৰ উৎপাদন হিচাপে নিৰ্দিষ্ট ভূ খণ্ডৰ মূল বৈশিষ্ট্য সমূহ হ’ল―

(ক) ৰাষ্ট্ৰ কৰাৰ পূর্বে মানুহৰ সমষ্টিটোই এডোখৰ নিৰ্দিষ্ট ভূখণ্ডত নিগাজীকৈ বাস কৰিব লাগিব।

(খ) অঘৰী মানুহৰ সমষ্টিয়ে যাৰ কোনো নিৰ্দিষ্ট ভূ খণ্ড নাই তেওঁলোক ৰাষ্ট্ৰৰ সৃষ্টি কৰিব নোৱাৰে।

(গ) এটা নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত থকা নদ-নদীৰ, পাহাৰ-পৰ্বত সকলোবোৰ সামৰি ৰাষ্ট্ৰৰ ভূখণ্ড চিহ্নিত হয়।

(ঘ) ৰাষ্ট্ৰৰ নিদিৰ্ষ্ট ভূখণ্ডৰ আয়তনৰ কোনো নিৰ্দিষ্ট পৰিমাণ নাথাকে।

(ঙ) ৰাষ্ট্ৰৰ নিদিৰ্ষ্ট ভূখণ্ডৰ ভৌগোলিক অৱস্থিত সকলোৰে একে নহয়।

১১। “চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি”― কথাষাৰ বুজাই লিখা।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ প্ৰদানউপাদান হৈছে চৰকাৰ। চৰকাৰ অবিহনে ৰাষ্ট্ৰই নিজে চলিব নোৱাৰে। ৰাষ্ট্ৰৰ ক্ষমতাবোৰ চৰকাৰে হে প্রয়োগ কৰিব পাৰে। চৰকাৰে ৰাষ্ট্ৰৰ হৈ ৰাষ্ট্ৰৰ কামকাজবোৰ পৰিচালনা কৰে। ৰাষ্ট্ৰৰ আশা আকাংক্ষাবোৰ চৰকাৰৰ দ্বাৰা পূৰণ কৰা হয়। চৰকাৰৰ ওপৰতহে ৰাষ্ট্ৰৰ ভাল বেয়াটো সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে। চৰকাৰ ভাল হলে ৰাষ্ট্ৰৰ গৌৰৱ বাঢ়ে আৰু বেয়া চৰকাৰৰ বাবে ৰাষ্ট্ৰৰ দুৰ্নাম হোৱাৰ সম্ভাৱনা বেছি হয়। ৰাষ্ট্ৰই যিহেতু নিজে চলিব নোৱাৰে, চৰকাৰেহে ৰাষ্ট্ৰখনৰ বিভিন্ন কাম কাজবোৰ পৰিচালিত কৰে গতিকে চৰকাৰখনক ৰাষ্ট্ৰৰ প্ৰধান চালিকা শক্তি বোলা হয়।

১২। ৰাষ্ট্ৰৰ উপাদান হিচাবে সাৰ্বভৌমত্বৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ আৱশ্যকীয় উপদানটো হ’ল সাৰ্বভৌমত্ব। সাৰ্বভৌমত্বৰ অবিহনে ৰাষ্ট্ৰ হ’ব নোৱাৰে। মানুহৰ বাবে যিদৰে প্ৰাণটো অতি আৱশ্যকীয় ঠিক সেইদৰেই ৰাষ্ট্ৰৰ বাবেও সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ প্ৰাণ স্বৰূপ। সাৰ্বভৌমত্ব হ’ল ৰাষ্ট্ৰৰ  অসীম ক্ষমতা যাৰ বলত ৰাষ্ট্ৰখন ভিতৰে বাহিৰে সম্পূৰ্ণ স্বাধীন। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ আগতে ভাৰত খন ৰাষ্ট্ৰ নাছিল, কিয়নো ইয়াৰ সাৰ্বভৌমত্ব নাছিল। কেৱল স্বাধীন দেশৰেহে সাৰ্বভৌমত্ব থাকে। গতিকে ভাৰত খন স্বাধীন হোৱাৰ পিছতেহে ই ৰাষ্ট্ৰ হ’ব পাৰিলে যিহেতু স্বাধীন হোৱাৰ লগে লগে ই সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হল।

১৩। কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে কৰিবলগী চাৰিটা কাৰ্য্য উল্লেখ কৰা।

উত্তৰঃ জনসাধাৰণৰ সকলো প্ৰকাৰৰ মঙ্গল সাধন কৰাটোৱে কল্যাণকামী ৰাষ্ট্ৰৰ উদ্দেশ্য। সেয়েহে কল্যাণকামী জনসাধাৰণৰ মঙ্গলাৰ্থে বহুতো কামৰ ভিতৰত তলত দিয়া কামবোৰ কৰে।

(১) ধনী-দুখীয়াৰ মাজত অৰ্থনৈতিক আৰু সামাজিক ব্যৱধান কমাই আনি এখন শোষণ মুক্ত সমাজ গঠনত মনোনিবেশ কৰে।

(২) শিক্ষা, জনস্বাস্থ্য, কৃষি, যাতায়ত, উদ্যোগ আদিৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি কাৰ্যকৰী কৰে।

(৩) মানুহে মৰ্য্যদাপূৰ্ণ জীৱন যাপন কৰিবৰ বাবে  আৱশ্যক হোৱা সামগ্ৰীবোৰৰ সুলভ মূল্যত যোগান ধৰা।

(৪) বৃদ্ধ, নিবনুৱা, শিশু আৰু মহিলাসকলৰ মঙলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা ইত্যাদি।

১৪। ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত বাধ্যতামূলক চাৰিটা কাৰ্য্য উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত বাধ্যতামূলক চাৰিটা কাৰ্য্য হ’ল―

(১) পিতৃ মাতৃ, স্বামী-স্ত্ৰী আৰু সন্তানৰ মাজত আইনগত সম্পৰ্ক নিৰ্ধাৰণ কৰা।

(২) আইনৰ শাসন পপ্ৰতিষ্ঠা কৰা।

(৩) ৰাজনৈতিক অধিকাৰ, কৰ্তব্য আৰু দায়িত্ব নিশ্চিত কৰা।

(৪) বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানৰ মাজত চুক্তি নিৰ্ধাৰণ কৰা।

১৫। ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অৰ্থাৎ দৈৱিক মতবাদৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ ৰাষ্ট্ৰ সৃষ্টিৰ ওপৰত থকা আটাইতকৈ প্ৰাচীন মতবাদটো হ’ল ঐশ্বৰিক অৰ্থাৎ দৈৱিক মতবাদ। ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত এই মতবাদটো এটা কাল্পনিক মতবাদ। এই মতবাদ অনুসৰি ৰাষ্ট্ৰ হ’ল ঈশ্বর বা ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা এটা অনুষ্ঠান। ঈশ্বৰৰ প্ৰতিনিধিৰ দ্বাৰা ৰাষ্ট্ৰ পৰিচালনা কৰা হয় আৰু ৰাষ্ট্ৰৰ জনসাধাৰণে শাসনকর্তার আদেশ আখৰে আখৰে পালন কৰিব লাগে যিহেতু তেওঁ ঈশ্বৰৰ নিজৰ প্ৰতিনিধি। সেয়েহে ঈশ্বৰৰ প্ৰতিনিধিক অৱমাননা কৰা মানে বুজাই স্বয়ং ঈশ্বৰক অৱমাননা কৰা। প্ৰাচীন শাসনাৱলীত এই মতবাদৰ বিষয়ে উল্লেখ পোৱা যায়। আহোম স্বৰ্গদেউ সকলেও নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি চিনাকি দিছিল।

১৬। ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সমাজত হোৱা চুক্তি অনুসৰি ৰাষ্ট্ৰ সৃষ্টি হোৱা বুলি সামাজিক চুক্তি মতবাদে ক’ব খোজে। থমাছ হবছ, জন লক আৰু জ্যা জোক ৰুছো নামৰ তিনিজন পণ্ডিতে এই মতবাদটোৰ আলোচনা কৰি কৈছিল যে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে মানুহে প্ৰকৃতি ৰাজ্যেত বাস কৰিছিল। এই প্ৰকৃতি ৰাজ্যেত মানুহৰ জীৱন ভিন্ন আছিল বুলি তিনিজন পণ্ডিতে মত প্রকাশ কৰিছিল। হবছৰ মতে প্ৰকৃতি ৰাজ্যত মানুহৰ জীৱন বিভৎস্য আছিল, কিন্তু লকৰ মতে প্রকৃতি ৰাজ্যত মানুহৰ জীৱন ইমান বেয়াও নাছিল আৰু ৰুছোৰ মতে প্ৰকৃতি ৰাজ্যেত মানুহৰ জীৱন অতি সুন্দৰ আছিল।

ইয়াৰ পিছত প্ৰকৃতি ৰাজ্যেত যেতিয়া মানুহৰ জীৱন অসহ্যকৰ হৈ উঠিল তেতিয়া মানুহে চুক্তি কৰি প্ৰকৃতিৰ ৰাজ্যেৰ পৰা ওলাই আহি ৰাষ্ট্ৰৰ সৃষ্টি কৰে। হবছৰ মতে এটাহে চুক্তি হৈছিল। লকৰ মতে দুটা চুক্তি হৈছিল আৰু ৰুছোৰ মতে এটা চুক্তিৰ দ্বাৰা মানুহে নিজৰ সকলো ক্ষমতা “সাধাৰণ ইচ্ছাৰ” ওপৰত ন্যস্ত কৰিছিল আৰু এই সাধাৰণ ইচ্ছাৰ যোগেদি ৰাষ্ট্ৰই জনসাধাৰণৰ ওপৰত শাসন চলাইছিল। গতিকে এই তিনিওজন পণ্ডিতে বিশ্বাস কৰে যে এদিন সামাজিক চুক্তি অনুসৰিয়েই ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল।

১৭। শক্তি বা বল প্ৰয়োগ মতবাদ (চমুটোকা)

উত্তৰঃ কিছুমান পণ্ডিতে এই বুলি নিজৰ অভিমত আগবঢ়াই যে শক্তি প্ৰয়োগ বা বল প্ৰয়োগ ৰাষ্ট্ৰৰ উৎপত্তিত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ মতে শক্তিৰ ব্যৱহাৰৰ অবিহনে এখন ৰাষ্ট্ৰ জীয়াই থাকিব নোৱাৰে। আনকি অতীত কালতো “জোৰ যাৰ মূলক তাৰ” নীতি চলিছিল। শক্তি প্ৰয়োগ কৰিয়েই অতীতত কোনো পৰাক্ৰমী ব্যক্তিয়ে ৰাষ্ট্ৰৰ সূচনা কৰিছিল। নিজৰ বাহুবল আৰু পৰাক্ৰমৰ দ্বাৰা কোনোৱা সাহসী ব্যক্তিয়ে আন মানুহক পৰাভূত কৰি নিজৰ শাসন চলাইছিল আৰু তেনেকৈয়ে এদিন ৰাষ্ট্ৰৰ সৃষ্টি হোৱা বুলি এই মতবাদত বিশ্বাসী পণ্ডিতে কব খোজে।

১৮। ক্ৰম-বিৱৰ্তন মতবাদ ( চমুটোকা)

উত্তৰঃ ঐতিহাসিক বা ক্ৰমবিবৰ্তন মতবাদটোক আটায়ে বিজ্ঞান সন্মত বুলি গ্ৰহণ কৰিছে। এই মতবাদত বিশ্বাসী সমৰ্থক সকলে কব খোজে যে ৰাষ্ট্ৰ কোনো কৃত্ৰিম ভাবে হোৱা অনুষ্ঠান নহয় বা ই এদিনতে সৃষ্টি হোৱা অনুষ্ঠানো নহয়। কেইবাটাও উপাদানৰ ফল স্বৰূপেহে এদিন স্বাভাৱিক ভাৱেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। এই ক্ষেত্ৰত তেওঁলোক কব খোজে যে

(১) তেজৰ কাৰণে একে বংশৰ মানুহে একত্ৰিত ভাবে এঠাইত মানুহৰ সমষ্টিয়ে বাস কৰি ৰাষ্ট্ৰৰ সৃষ্টি সম্ভৱ কৰি তুলিছিল।

(২) ধৰ্মৰ বান্ধোনেও মানুহখিনিক একগোট হোৱাত সহায় কৰিছিল আৰু ধৰ্মই তেঁওলোকক শাসনকৰ্তাৰ প্ৰতি সমীহ কৰি চলিবলৈ শিকাইছিল।

(৩) শক্তিৰ ব্যৱহাৰেও ৰাষ্ট্ৰ সৃষ্টিত অৱদান যোগাইছিল। পৰাক্ৰমী ব্যক্তিক শক্তিৰ বাবে আনুগত্য প্ৰকাশ কৰিছিল।

(৪) মানুহৰ মাজত থকা অৰ্থনৈতিক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বাবেও ৰাষ্ট্ৰ সৃষ্টি হোৱাত সহায়ক হৈছিল।

(৫) ৰাষ্ট্ৰ সৃষ্টিৰ আটাইতকৈ প্ৰয়োজনীয় উপদানেই হ’ল ৰাজনৈতিক চেতনা। ৰাজনৈতিক চেতনাৰ বাবেহে মানুহখিনিয়ে ৰাষ্ট্ৰৰ অভাৱ অনুভৱ কৰাত এদিন ৰাষ্ট্ৰৰ সৃষ্টি হবলৈ পালে।

১৯। ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্য্যবোৰৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰৰ বাধ্যতামূলক ভাৱে তলত উল্লেখ কৰা কামবোৰ সমাধান কৰিব লাগে।

(১) প্ৰতিৰক্ষামূলক কাৰ্য্য :- ৰাষ্ট্ৰ এখনৰ অস্তিত্বৰ বজাই ৰখাটো স্বয়ং ৰাষ্ট্ৰৰ বাবেই প্ৰয়োজনীয় আৰু সেইকাৰণে ৰাষ্ট্ৰই যাতে বিদেশী শত্ৰু ৰাষ্ট্ৰৰ দ্বাৰা নিজৰ অস্তিত্ব হেৰুওৱাব লগীয়া নহয়, তাৰ বাবে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া কৰিব লাগে।

(২) আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা :- ৰাষ্ট্ৰ এখনৰ বাবেও অতিকৈ আৱশ্যকীয় আন এটা কাম হ’ল আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা।

(৩) ন্যায় প্ৰতিষ্ঠা কৰা :- ৰাষ্ট্ৰ এখনৰ প্রধান কাৰ্য্য হ’ল সমাজত ন্যায়ৰ শাসনৰ দ্বাৰা ন্যায়ৰ প্ৰতিষ্ঠা কৰা। সকলো মানুহে নিজৰ মৰ্যাদা অনুসৰি ন্যায় পাব লাগে আৰু এই কাৰ্যত ৰাষ্ট্ৰই বাধ্যতামূলক ভাবে সমাজত ন্যায়ৰ ব্যৱস্থা কৰিব লাগিব।

(৪) কূটনৈতিক সম্পৰ্ক স্থাপন :- কোনো ৰাষ্ট্ৰই অকলে অকলশৰীয়াকৈ বাস কৰিব নোৱাৰে।প্ৰত্যেক ৰাষ্ট্ৰই প্ৰত্যেক ৰাষ্ট্ৰৰ লগত সম্পৰ্ক বজাই ৰাখিব লাগিব আৰু ৰাষ্ট্ৰই এই সুসম্পর্ক কূটনৈতিক সম্বন্ধৰ দ্বাৰাহে বজাই ৰাখিব পাৰে।

২০। ৰাষ্ট্ৰৰ গৌণ কাৰ্য্যাৱলীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰীই কিছুমান গৌণ বা ইচ্ছামূলক কাম কৰিব লাগে, তাৰে ভিতৰত তলত দিয়া বোৰ প্ৰধান।

(১) সামাজিক নিৰাপত্তা প্ৰধান :- ৰাষ্ট্ৰত বাস কৰা প্ৰতিজন নাগৰিকক সামাজিক নিৰাপত্তা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ অতিৰিক্ত কাম।

(২) কৃষিৰ উন্নয়ন :- ৰাষ্ট্ৰই কৃষিৰ উন্নয়নৰ কাৰণে কাম কৰাটো এটা অতিৰিক্ত আৱশ্যকীয় কামৰ ভিতৰত অন্তৰ্গত।

(৩) শিক্ষাৰ বিস্তাৰ :- শিক্ষাৰ বিস্তাৰৰ বাবে আৰু জনসাধাৰণৰক শিক্ষিত কৰি তুলিবৰ বাবে ৰাষ্ট্ৰই অতিৰিক্ত ভাবে দায়িত্ব পালন কৰিব লাগে।

(৪) জনস্বাস্থ্যৰ বাবেও :- ৰাষ্ট্ৰই অতিৰিক্ত ভাৱে কাম কৰিব লগীয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top