Assam Jatiya Bidyalay Class 8 Social Science Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা

Assam Jatiya Bidyalay Class 8 Social Science Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। মধ্যযুগৰ অসমৰ ধানখেতিৰ বিষয়ে এটি বিৱৰণ দিয়া।

উত্তৰঃ বৰ্তমানৰ দৰে আহোম যুগতো মানুহৰ প্ৰধান খাদ্য ভাত হোৱা হেতুকে মানুহে ধানৰ খেতি কৰিছিল। এতিয়াৰ দৰে মধ্যযুগতো আহু আৰু শালি দুয়োটা খেতিকে কৰিছিল। তদুপৰি দ পথাৰত বৰো খেতিও কৰিছিল। শালি খেতিৰ ভিতৰত মনোহৰ শালি, গেজেপ শালি আৰু শিয়াল শালি প্ৰধান আছিল। জনপানৰ বাবে বৰাধান, জহাধান আদিৰ খেতি কৰিছিল ।

ধানৰ কঠিয়াবোৰ কৌশল অৱলম্বন কৰি সংৰক্ষণ কৰিছিল। ধানৰ পৰিমাণ জোখ হিচাবে সেৰ, দোন, মোন আদি একক ব্যৱহাৰ কৰিছিল। পথাৰৰ পৰা ধান দাই আনি গুচি ভঁৰাল আৰু গুটি ভঁৰালত থোৱা হৈছিল। গৰু আৰু মহৰ সহায়ত ধানৰ মৰণা মাৰি ধানবোৰ খেৰৰ পৰা গুচোৱা হৈছিল।

২। মধ্যযুগৰ অসমত হোৱা মাহজাতীয় শস্য আৰু ফল-মূলৰ খেতিৰ বিষয়ে এটি টোকা লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অসমত বৰ্তমান যিবোৰ শস্যজাতীয় খেতি কৰা দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰচলন মধ্যযুগত আহোম ৰাজত্বৰ দিনতো হোৱাৰ প্ৰমাণ পোৱা যায়। এতিয়াৰ দৰে মধ্যযুগতো মাহজাতীয় শস্য যেনে―মাটি মাহ, ৰহৰ মাহ,কলামাহ,উৰহী, লেছেৰমাহ, গাৰোমাহ, মচুৰমাহ, মগুমাহ আদিৰ উৎপাদন বিস্তৃতভাবে হৈছিল। মধ্যযুগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে সেয়েহে নাম প্ৰসঙ্গ আদিত আৰু ধৰ্মীয় অনুষ্ঠানত মাহ প্ৰসাদ হিচাবে বুট আৰু মগু মাহজাতীয় খাদ্যৰ ব্যৱহাৰ প্ৰচলন কৰিছিল।

৩। মধ্যযুগৰ অসমৰ কৃষি পদ্ধতিৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো সমতলৰে পৰিপূৰ্ণ । এই সমতল অংশ পলসুৱা মাটিৰে গঠিত বাবে খেতিবাতিৰ বাবে বিশেষ উপযোগী। প্ৰাচীন কালৰে পৰা এই অঞ্চলত গৰু মহৰে পথাৰত হালবাই বিভিন্ন ধৰণৰ ধান মাহৰ খেতি কৰাৰ প্ৰমাণ পোৱা যায়। গৰু, মহৰে পথাৰত হাল বাওঁতে বাহ- কাঠেৰে নিৰ্মিত নাঙল, যুঁৱলি, মৈ, জবকা আৰু লোৰে নিৰ্মিত কোৰ আদি ব্যৱহাৰ কৰিছিল। খেতি কামত বৰষুণ পানী আৰু জানজুৰিৰ পানী ব্যৱহাৰৰ কৰিছিল। সৰুসুৰা নৈৰ পৰা নলা খান্দিও খেতি পথাৰত পানীৰ যোগান ধৰিছিল। পাহাৰীয়া ওখ আৰু এঢলীয়া ঠাইত বৰ্ত্তমানৰ দৰে মধ্যযুগতো ঝুম খেতি কৰাৰ পদ্ধতিৰ প্ৰচলন আছিল। ইয়াৰ দ্বাৰা বনাঞ্চলৰ কিছু ক্ষতি হৈছিল।

৪। আহোম ৰাজত্ব কালত ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল লিখা ।

উত্তৰঃ আহোম ৰাজত্ব কালত ৰাজহ প্ৰথাৰ এটা সুকীয়া পদ্ধতি অৱলম্বন কৰা হৈছিল। মাটিৰ খাজনা হিচাবে নগদ ধনৰ পৰিবৰ্তে উৎপাদিত শস্য আৰু শাৰীৰিক শ্ৰমদানৰ জৰিয়তে কৰা হৈছিল। প্ৰতিজন পাইকে যি পৰিমানৰ ( মূল্যৰ) জোখাৰে ৰজাঘৰত কাম কৰি দিব লাগিছিল। তদুপৰি কোনোবা পাইকে শ্ৰমদান নকৰি উৎপাদিত শস্য যেনে― ধান, চাউল, সৰিয়হ, মাহ,মুগা এৰি সূতা আদিৰ বিনিময়তো খাজনা বা ৰাজহ আদায় দিব পাৰিছিল।

পাহাৰীয়া ঠাইত বাস কৰা লোকসকলে কপাহ মেজাঠি আদি বস্তুৰ বিনিময়ত ৰাজহ আদায় দিছিল। কিন্তু কমাৰ, সোনাৰী, বাঢ়ৈ আদি বৃত্তিধাৰী লোকসকলে বস্তুৰ সলনি নগদ টকাৰে ৰাজহ আদায় দিয়াৰ ব্যৱস্থা আছিল।দ মাটি আৰু চৰ-চাপৰিত খেতি কৰা লোকসকলে ‘হাল-কৰ’ নামৰ কম নিৰিখৰ ৰাজহ আদায় দিব লাগিছিল।

৫। ভূ-সম্পত্তিৰ শ্ৰেণীবিভাগৰ ক্ষেত্ৰত মধ্যযুগৰ অসমত কেনেধৰণৰ ব্যৱস্থা আছিল লিখা।

উত্তৰঃ বৰ্তমান দেখিবলৈ পোৱা ভূমি সম্পত্তিৰ শ্ৰেণী বিভাগ মধ্যযুগৰ আহোম ৰাজত্ব কালতো দেখিবলৈ পোৱা গৈছিল। সাধাৰণতে মাটিৰ গুণাগুণ চাই ভূমিৰ শ্ৰেণী বিভাগ কৰা হয়। আহোম যুগত সাধাৰণতে ভূমিৰ যি ধৰণৰ শ্ৰেণী বিভাগ দেখা যায় , সেইবোৰ হ’ল― ৰূপিত মাটি,পতিত মাটি, বাওতলী মাটি, বস্তি, ফিৰিংগতি, জলাহ, পিতনি আদি।

উৰ্ব্বৰা গুণ থকা মাটিত ৰূপিত মাটি বোলা হৈছিল আৰু ইয়াক খেতিৰ উপযোগী বুলি গণ্য কৰা হৈছিল। আনহাতে ওখ মাটিত ঘৰ-দুৱাৰ সজা আৰু তামোল পান শাক- পাচলি ৰোৱা ইত্যাদি কামবোৰ কৰা হৈছিল। তেনে মাটিত বস্তি মাটি বোলা হৈছিল। তদুপৰি খৰালি কালত যিবোৰ মাটিত মাহ, সৰিয়হ আদি শীতকালীন শস্যৰ খেতি হৈছিল তেনে মাটিক ফিৰিংগতি বোলা হৈছিল। বাওঁধান হোৱা মাটিক বাওতলী কৃষিৰ অনুপযোগী দ’মাটিক জলাহ,পিতনি আৰু জঙ্গল থকা ঠাইক পতিত মাটি বোলা হৈছিল।

৬। মধ্যযুগত অসমত দান-দক্ষিণাৰ ক্ষেত্ৰত থকা ভূ-সম্পত্তিৰ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰাচীন কালৰে পৰা ৰজাসকলে দান-দক্ষিণা দি অহাৰ প্ৰমাণ পোৱা যায়। মধ্যযুগৰ আহোম ৰাজত্বৰ দিনটো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। আহোম স্বৰ্গদেউ সকলে  ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানবোৰক বিভিন্ন প্ৰকাৰে দান-দক্ষিণা আদি দি সহায় কৰিছিল। ৰাজঘৰীয়া সহায় পাই এই অনুষ্ঠানবোৰ দুপতদোপে উন্নতি কৰিছিল।

আহোম স্বৰ্গদেউ সকলে সাধাৰণতে ভূ-সম্পত্তি দান কৰি বিভিন্ন অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিছিল। পিৰোহিত শ্রেণীৰ লোক, ধৰ্মীয় লোক,পণ্ডিত, মন্দিৰ, দৌল-দেৱালয় আদিক ভূ-সম্পত্তি দান দি সহায় কৰিছিল । এনে দান কৰা ভূ-সম্পত্তিৰ ওপৰত কোনো ধৰণৰ খাজনা লোৱা হোৱা নাছিল আৰু এই শ্ৰেণীভুক্ত ভূমিক লাখেৰাজ ভূমি বোলা হৈছিল। ঠিক সেইদৰে পুৰোহিতক দান দিয়া ভূমিক ব্ৰহ্মোত্তৰ , দৌল দেৱালয়ক দান দিয়া ভূমিক দেৱোত্তৰ আৰু ধৰ্মীয় অনুষ্ঠানক দান দিয়া ভূ-সম্পত্তিক ধৰ্মোত্তৰ বোলা হৈছিল।

৭। মাধ্যযুগৰ অসমত কাঠৰ হস্তশিল্পৰ উন্নতিৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ অসমৰ পৰ্বত-পাহাৰত প্ৰাচীন কালৰে পৰা বহুত মূল্যবান গছ-গছনি পোৱা যায়। সেইকাৰণে কাঠেৰে নিৰ্মিত বহুত ধৰণৰ হস্তশিল্পজাত আচবাব পত্ৰ আদি অসমত পোৱা যায়। আহোম স্বৰ্গদেউৰ ৰাজকাৰেংঘৰ, অট্টালিকা আদিত কাঠৰ শিল্পৰ নমুনা অতি উত্তম আছিল বুলি মুগোল বুৰঞ্জীলিখক চিহাবুদ্দিন তালিছৰ লিখনিৰ পৰা জনা যায়। তেনে ধৰণৰ কাঠেৰে নিৰ্মিত সিংহাসন, পালেং, চালপীৰা, বৰপীৰা,তামুলীপীৰা,পেৰা, বৰপেৰা, শৰাই দোলা আদি বহুতো আচবাব সেই সময়ৰ সুদক্ষ কাৰিকৰ, খনিকৰসকলে নিৰ্মান কৰি উলিয়াইছিল।

তদুপৰি যুদ্ধত ব্যৱহাৰৰ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ নাও যেনে চৰা নাও, পানছৈ,হিলৈচৰা,জাপনাও, বছৰী শিহু শিলাপতি আদি নাওৰ তৈয়াৰ কৰিছিল।তেনেকৈ কাঠৰ দোলা যেনে―কোকৰাদোলা, গাভৰুদোলা, চৰিয়াদোলা,খাটলাদোলা, পাল্কীদোলা আদি বিভিন্ন প্ৰকাৰৰ দোলা নিৰ্মাণ কৰি ব্যৱহাৰৰ বাবে উলিয়াইছিল।

৮। মধ্যযুগৰ অসমত ভূমি ব্যৱস্থাৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ মধ্যযুগত আহোম স্বৰ্গদেউই আছিল ৰাজ্যেৰ ভূস্বামী বা ভূমি সম্পত্তিৰ গৰাকী। ৰজাই প্ৰজাসকলক ব্যৱহাৰ কৰিবলৈ ভূ-স্বত্ব প্ৰদান কৰিছিল আৰু এই ভূস্বত্ব প্ৰজাসকলে বংশানুক্ৰমে লাভ কৰিছিল। খেতিবাতি কৰাৰ উপযোগী ভূমিৰ ওপৰত ৰজাৰ সম্পূৰ্ণ কতৃত্ব আছিল। যিসকল খেতিয়ক প্ৰজাই এই কৃষি ভূমি ব্যৱহাৰ কৰিছিল তাৰ বাবদ তেওঁলোক ৰজাক ‘গাধন’ নামে এবিধ খাজনা দিয়াৰ নিয়ম আছিল।

তদুপৰি আহোম স্বৰ্গদেউৰ যিসকল উচ্চ পদস্থ ডা-ডাঙৰীয়া আছিল যেনে, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোঁহাই,বৰবৰুৱা, বৰফুকন আদি তেওঁলোকৰ ব্যক্তিগত পদমৰ্যাদা অনুসৰি নির্দিষ্ট পৰিমাণৰ মাটি বৃত্তি আৰু পাইক প্ৰদান কৰিছিল। আনহাতে প্ৰতিজন পাইকে  দা-দৰমহাৰ পৰিবৰ্তে ঘৰ-সংসাৰ চলাবলৈ ৰজা ঘৰৰ পৰা দুপুৰাকৈ মাটি পাইছিল। সেই মাটিক ‘গা-মাটি’ বোলা হৈছিল। সেই গা-মাটিৰ বাবদ পাইকে ৰজাক বছৰি একটাকৈ গা-ধন দিব লাগিছিল।

৯। বস্ত্ৰশিল্পৰ ক্ষেত্ৰত মধ্যযুগৰ অসমত হোৱা উন্নতিৰ বিষয়ে এটি বিৱৰণ দিয়া।

উত্তৰঃ বস্ত্ৰশিল্পৰো মধ্যযুগত যথেষ্ট আগবঢ়া আছিল। আহোম বুৰঞ্জী আৰু বিদেশী ভ্ৰমনকাৰীৰ বিৱৰণৰ পৰা মধ্যযুগৰ বস্ত্ৰশিল্পৰ বিষয়ে জনা যায়।

অসমত প্ৰাচীন কালৰে পৰা পাট, মুগা, এৰী আৰু কপাহী কাপোৰ ব্যৱহৃত হৈ আহিছে আৰু এইবোৰ উৎপাদিত হৈ আহিছে। এই ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলে বিশেষ মনোযোগ দিছিল। বিশেষকৈ বৰ্ত্তমান শুৱালকুচিৰ পাটমুগাৰ বাবে যি গুৰুত্ব দেখা যায় সেয়া মধ্যযুগৰ পৰাই চলি অহা আৰু আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনতে তাঁতীসকলক সেই ঠাইত সংস্থাপন দিছিল। তদুপৰি প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰতে তাঁতশাল আছিল আৰু আনকি ডা-ডাঙৰীয়াৰ ঘৰতো কাপোৰ বোৱাৰ নিয়ম আছিল।

ৰজা আৰু ডা-ডাঙৰীয়াসকলে পাট, মুগা আৰু মেজাংকৰী কাপোৰৰ পোছাক পৰিধান কৰিছিল আৰু প্ৰজাসকলে কপাহী কাপোৰ পিন্ধিছিল। শীতৰ পোছাক হিচাবে এৰিকাপপোৰৰ ব্যৱহাৰ বৰ জনপ্ৰিয় আছিল। কাপোৰ বোৱাৰ কাম কাজ চাবৰ বাবে ৰাইদঙীয়া ফুকন আৰু বৰুৱা নামৰ দুজন বিষয়াকো নিযুক্তি দিছিল। কাপোৰত ধুনীয়া ধুনীয়া ৰং দিয়াৰ থলুৱা কৌশলো অৱলম্বন কৰিছিল।

১০। হস্ত শিল্পৰ উন্নতিৰ ক্ষেত্ৰত মধ্য যুগৰ অসমৰ অৱস্থাৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ বৰ্ত্তমান যুগত যিবোৰ বস্তুৰ ব্যৱহাৰ আৰু ঘৰুৱা ভাবে নিৰ্মিত হয় সেইবোৰ বস্তু মধ্যযুগতো ঘৰুৱাভাৱে হস্তশিল্পজাত সামগ্ৰীৰ ৰূপত নিৰ্মাণ কৰা হৈছে। যেনে, বৰ্তমান কোঠাৰ,দা,কটাৰী, নাঙলৰ ফাল,কাঁচি, বিন্ধানা,বটালী, বাইছ আদি মধ্যযুগতো ব্যৱহৃত হৈছিল আৰু হাতেৰে নিৰ্মিত হৈছিল। তদুপৰি যুদ্ধত ব্যৱহৃত হেংদান, তৰোৱাল,ঢাল আদিও নিৰ্মান কৰা হৈছিল।কপি দা,মেচি দা,হাত দা ইত্যাদি। ঠিক তেনেকৈ কটাৰীও  বহুত ধৰণৰ আছিল যেনে, নেলুৱা কটাৰী, ডবুৱা বা ডাব কটাৰী ইত্যাদি।

ঠিক তেনেদৰে কাঁহী-বাটি, ঘটি-লোটা, চৰিয়া, বাট-শৰাই, ভোগজৰা, বান-বাটি, কাহ-পিতলৰ বাটি আদি নিৰ্মান কৰা হৈছিল। লোৰ সঁজুলি নিৰ্মাতাক কমাৰ আৰু কাহ-পিতলৰ সামগ্ৰী নিৰ্মান কৰোতাক কঁহাৰ বোলা হৈছিল । পিতলৰ বাচন তৈয়াৰ কৰা মানুহক মৰিয়া বুলিছিল।

আকৌ মাটিৰ বাচন তৈয়াৰ কৰা মানুহক কুমাৰ বোলা হৈছিল। কুমাৰে নিত্য ব্যৱহাৰ্য বস্তু যেনে- কলহ, মলা, চৰু, টেকেলি, ঘট, হান্দি আদি মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল ।

মধ্যযুগত সোণ, ৰূপ আৰু হাতী দাঁতৰ বিভিন্ন আ-অলংকাৰ নিৰ্মিত হৈছিল। সোনাৰি সকলে বিভিন্ন ধৰণৰ অলঙ্কাৰ যেনে, চিৰিখাৰো,

মুঠি খাৰু, গাম খাৰু,গলপতা, জোনবিৰি, দুগদুগী,ঢোলবিৰি, লোকপাৰ,গেজেৰা, মাদলীমনি,কেৰু,থুৰীয়া, জাংফাই, দুল, পতীয়া আঙঠি, জেঠীনেজীয়া আঙঠি আদি অলঙ্কাৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিছিল।

১১। প্ৰাচীন কামৰূপ ৰাজ্য কি কি ভাগত বিভক্ত আছিল ?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য ৰত্নপীঠ, কাম পীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ নামে চাৰিটা ভাগত বিভক্ত আছিল।

১২। আহোমসকলে প্ৰথমে আহি অসমৰ কোন অঞ্চলত ৰাজ্যে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ আহোমসকলে প্ৰথমে প্ৰাচীন অসমৰ সৌমাৰপীঠ অঞ্চলত ৰাজ্যে প্ৰতিষ্ঠা কৰিছিল।

১৩। কছাৰী সকলৰ ৰাজ্যে ক’ত আছিল ?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ আৰু কলং নদীৰ মাজৰ অঞ্চলত কছাৰী সকলৰ ৰাজ্যে প্ৰতিষ্ঠা কৰিছিল।

১৪। বৰাহীসকলে ক’ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ বৰাহীসকলে উজনিত ব্ৰহ্মপুত্ৰৰ দক্ষিণে ৰাজত্ব কৰিছিল।

১৫। চুতীয়াসকলে ক’ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে চুতীয়াসকলে ৰাজত্ব কৰিছিল।

১৬। কমতা ৰাজ্যে ক’ত আছিল ?

উত্তৰঃ এসময়ৰ বৃহৎ কামৰূপ ৰাজ্যখন সংকুচিত হৈ হৈ অৱশিষ্ট অঞ্চলটোকে কমতা ৰাজ্যে নামে জনা গৈছিল।

১৭। মধ্যযুগত উৎপাদিত শালি ধানবোৰৰ নাম কি আছিল ?

উত্তৰঃ মধ্যযুগত উৎপাদিত শালি ধানবোৰৰ নাম আছিল– মানুহৰ শালি, গেজেপ শালি, শিয়াল শালি।

১৮। গুচি ভৰাল কাক কৈছিল ?

উত্তৰঃ ধান কাটি আনি মৰণা নমৰাকৈ থোৱা ভঁৰালৰ ঘৰক গুচি ভঁৰাল বোলা হৈছিল।

১৯। গুটিভঁৰাল কাক বুলিছিল ?

উত্তৰঃ মৰণামাৰি গুটিবোৰ যি ভৰালত থয় তাক গুটিভঁৰাল বুলি কোৱা হয়।

২০। মৰণা কাক কয় ?

উত্তৰঃ পথাৰৰ পৰা ধানবোৰ দাই ( কাটি ) আনি চোতালত গৰু বা মহেৰে ধানৰ মুঠিৰ ওপৰত ঘূৰাই খেৰৰপৰা ধানগুটিবোৰ পৃথক কৰা কাৰ্য্যকে মৰণা মৰা বোলে।

২১। মধ্যযুগত উৎপাদন হোৱা মাহজাতীয় শস্যবোৰ কি ?

উত্তৰঃ মধ্যযুগত উৎপাদন হোৱা মাহজাতীয় শস্যবোৰ হ’ল―বুট, মাটি কলামাহ, লেছেৰা, গাৰো, মচুৰ, মুগ আদি।

২২। মধ্যযুগত হোৱা জলকীয়াবোৰৰ নাম কি আছিল ?

উত্তৰঃ মধ্যযুগত হোৱা জলকীয়াবোৰৰ নাম আছিল ভোট জলকীয়া, বিহ জলকীয়া, কৃষ্ণ জলকীয়া আৰু খুদ জলকীয়া।

২৩। মধ্যযুগত হোৱা কুঁহিয়াৰ দুবিধ কি আছিল ?

উত্তৰঃ মধ্যযুগত হোৱা কুঁহিয়াৰ দুবিধ আছিল খাগৰি আৰু পিয়াঁজী।

1 thought on “Assam Jatiya Bidyalay Class 8 Social Science Chapter 5 মধ্য যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top