Assam Jatiya Bidyalay Class 7 Social Science Chapter 7 ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু (১৭৭২-১৮৩৫ খ্রীঃলৈ)

Assam Jatiya Bidyalay Class 7 Social Science Chapter 7 ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু (১৭৭২-১৮৩৫ খ্রীঃলৈ), Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 7 ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু (১৭৭২-১৮৩৫ খ্রীঃলৈ) Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু (১৭৭২-১৮৩৫ খ্রীঃলৈ)

Chapter -7

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। ৱাৰেণ হেষ্টিংছে কোন চনৰ পৰা বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্ত হৈছিল?

উত্তৰঃ ১৭৭২ খ্রীষ্টাব্দৰ পৰা। 

প্রশ্ন ২। কৰ্ণৱালিছৰ সময়ত অসমত হোৱা বিদ্রোহটোৰ নাম কি আছিল? 

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ।

প্রশ্ন ৩। কর্ণবালিছে প্ৰৱৰ্তন কৰা ৰাজহ সম্পৰ্কীয় ব্যৱস্থাটোৰ নাম কি আছিল? 

উত্তৰঃ ‘চিৰস্থায়ী বন্দবক্তি’ বা ৰাজহ সংস্কাৰ।

প্রশ্ন ৪। ভাৰতত ‘বশ্যতামূলক মিত্রতা নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লর্ড ৱেলছলি

প্রশ্ন ৫। ‘এছিয়াটিক বেংগল ছ’চাইটি’ কাৰ দিনত স্থাপন হৈছিল?

উত্তৰঃ ৱাৰেণ হেষ্টিংছ।

প্রশ্ন ৬। খালী ঠাই পূৰ কৰা—

ক) বেন্টিঙৰ উদ্যোগতে ১৮৩৫ খ্ৰীঃ________ মেডিকেল কলেজ স্থাপন হয়।

খ) ১৭৭৩ খ্ৰীঃত________ এক্ট প্রণয়ন হৈছিল।

গ) ________ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক।

ঘ) লর্ড কর্ণৱালিছৰ দিনতেই ________ অসমলৈ আহে। 

ঙ) ________ খ্ৰীঃত বংগত দুৰ্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল।

উত্তৰঃ ক) বেন্টিঙৰ উদ্যোগতে ১৮৩৫ খ্রীঃত কলকাতাত মেডিকেল কলেজ স্থাপন হয়।

খ) ১৭৭৩ খ্ৰীঃত ৰেণ্ডলেটিং এক্ট প্রণয়ন হৈছিল।

গ) লৰ্ড আৰ্মহাষ্টৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লৰ্ড বেন্টিংক। 

ঘ) লৰ্ড কৰ্ণৱালিছৰ দিনতেই ৱেলছ অসমলৈ আহে।

ঙ) ১৭৭০ খ্ৰীঃত বংগত দুৰ্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল।

প্রশ্ন ৭। লর্ড বেন্টিঙৰ শাসনৰ উল্লেখযোগ্য ঘটনাৱলীসমূহ কি আছিল? 

উত্তৰঃ লর্ড বেন্টিঙে সতীদাহ প্রথা, শিশুহত্যা, নৰবলি প্রথা আদি বন্ধ কৰে। বিধৱা বিবাহ প্রচলন কৰে।

প্রশ্ন ৮। কিমান খ্ৰীঃত কলকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন হয়।

উত্তৰঃ ১৮৬৫ খ্ৰীঃ কলকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন হয়।

প্রশ্ন ৯। ৱাৰেণ হেষ্টিঙছৰ শাসনৰ মূল লক্ষ্য কি আছিল?

উত্তৰঃ ৰাৱণে হেষ্টিংছৰ শাসনৰ মূল লক্ষ্য আছিল ভাৰতত ইংৰাজ কোম্পানীৰ আর্থিক সমস্যা সমাধান কৰা।

প্রশ্ন ১০। ১৭৮২ খ্ৰীঃত চালবাইত কাৰ কাৰ মাজত সন্ধি হৈছিল? 

উত্তৰঃ ১৭৮২ খ্ৰীঃত ইংৰাজ পক্ষ আৰু গোৱালিয়ৰৰ শাসনকৰ্তা মাহাদাজী সিন্ধিয়াৰ মাজত চালবাইত এখন সন্ধি হয়।

প্রশ্ন ১১। ৱাৰেণ হেষ্টিংছৰ পিছত কোনে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে? 

উত্তৰঃ লর্ড কর্ণবালিছ।

প্রশ্ন ১২। লৰ্ড ৱেলছলিৰ বশ্যতামূলক মিত্রতা নীতিৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ লর্ড ৱেলছলিৰ বশ্যতা মূলক নীতিৰ লক্ষ্য আছিল মূলতঃ ভাৰতত ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰ কৰা।

প্রশ্ন ১৩। ৱাৰেণ হেষ্টিংচৰ উল্লেখযোগ্য অৱদানসমূহ কি আছিল? 

উত্তৰঃ ৱাৰেণ হেষ্টিংচৰ দিনত ১৭৯১ খ্ৰীঃত কলকাতাত আৰু বানাৰসীত হিন্দু কলেজ স্থাপন হয়। তেওঁৰ উদ্যোগতে কলকাতাত মেডিকেল কলেজ স্থাপন হয়।

প্রশ্ন ১৪। ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি আছিল? 

উত্তৰঃ বেৰিলষ্ট আৰু কাটিয়াৰ।

প্রশ্ন ১৫। বেণ্টিংকৰ শাসন কালক কি কাৰণত দুভাগত ভগাব পাৰি লিখা।

উত্তৰঃ বেণ্টিংকৰ শাসনকালক দুভাগত ভগাব পাৰি। কাৰণ তেওঁ বংগদেশৰ গৱৰ্ণৰ জেনেৰেল হিচাপে (১৮২৮-১৮৩৩) আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে (১৮৩০-১৮৩৫) শাসন কৰে। 

প্রশ্ন ১৬। ‘বশ্যতামূলক মিত্রতা নীতি’ কি?

উত্তৰঃ বশ্যতামূলক মিত্রতা নীতি অনুসৰি যিবিলাক দেশীয় ৰজাই বৃটিছ চৰকাৰৰ লগত মিত্ৰতা কৰিব, বৃটিছ চৰকাৰে তেওঁৰ ৰাজ্যখন শত্ৰুৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব। ইয়াৰ বাবে দেশীয় ৰজাজনে নিজৰ খৰচত এদল সৈন্য বাহিনী নিজ ৰাজ্যত ৰাখিব লাগিব। আৰু সেইখন ৰাজ্যই ইংৰাজৰ অনুমতি অবিহনে কোনো ৰাজ্যৰ লগত যুদ্ধ বিগ্রহ বা মিত্রতা কৰিব নোৱাৰিব।

প্রশ্ন ১৭। ‘চিৰস্থায়ী বন্দৱস্ত’ কোনজন গৱৰ্ণৰে প্ৰৱৰ্তন কৰিছিল? আইনখন কিহৰ লগত জড়িত? 

উত্তৰঃ লর্ড কর্ণৱালিছ। এই আইনখন ৰাজহৰ লগত জড়িত।

প্রশ্ন ১৮। যন্ত্র শিল্পই সমাজলৈ অনা দুটা পৰিৱৰ্তন লিখা। 

উত্তৰঃ ১। যন্ত্ৰ শিল্পৰ ফলত স্থানীয় কুটিৰ শিল্প ধ্বংসৰ মুখলৈ গতি কৰে। ফলত বহুতো কমাৰ, কুমাৰ, অতী আৰু অন্যান্য শিল্পীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। 

২। চিৰস্থায়ী বন্দবস্তৰ ফলত উপেক্ষিত হোৱা কৃষকসকল আৰু কুটীৰ শিল্পৰ শিল্পীসকল বৃহৎ কাৰখানাৰ শ্ৰমিক হ’বলৈ বাধ্য হ’ল।

চমুটোকা লিখা।

১। রেগুলেটিং এক্ট।

উত্তৰঃ ৰেণ্ডলেটিং এক্ট অনুযায়ী বংগদেশৰ গৱৰ্ণৰ বাৰেণ হেষ্টিংছে ভাৰতত ইংৰাজ অধিকৃত সকলো ঠাইতে প্রথম গৱৰ্ণৰ জেনেৰেল হৈ পৰিল। গৱৰ্ণৰক শাসন কার্যত সহায় কৰিবলৈ চাৰিজন সভ্যৰে এখন শাসন পৰিষদ গঠিত হয়। এজন প্রধান বিচাৰপতি আৰু তিনিজন বিচাৰকক লৈ বংগদেশৰ কলকাতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়।

২। পিটৰ ভাৰত আইন।

উত্তৰঃ এই আইন অনুসৰি ইংলেণ্ডৰ ছয়জনীয়া সভ্যৰে এখন নিয়ন্ত্ৰণ সমিতি গঠন কৰা হৈছিল। ভাৰতৰ শাসন ভাৰ নিয়ন্ত্ৰণ সমিতিৰ ওপৰত ন্যস্ত কৰা হৈছিল। পিটৰ ভাৰত আইনখন ভাৰতীয়ৰ বাবে ফলপ্রসূ আছিল। এই আইনখনৰ যোগেদি ইষ্ট ইণ্ডিয়া ক’ম্পেনিক আক্রমণাত্মক নীতি অনুসৰণ কৰাৰ পৰা বিৰত কৰা হৈছিল।

৩। লর্ড কর্ণবালিছ।

উত্তৰঃ ৱাৰেণ হেষ্টিংছৰ পিছত লৰ্ড কৰ্ণৱালিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়। কৰ্ণৱালিছে গৱৰ্ণৰ হৈ অহাৰ তিনি বছৰৰ পিছতেই মহীশূৰৰ শাসনকৰ্তা টিপু চুলতানৰ লগত যুদ্ধ হয়। যুদ্ধত টিপুক পৰাজিত কৰে আৰু সন্ধি কৰাবলৈ বাধ্য কৰায়।

কর্ণৱালিছ এজন সুদক্ষ প্রকাশক আছিল। তেওঁৰ ৰাজত্বকাল কিছুমান সংস্কাৰমূলক কামৰ বাবে উল্লেখযোগ্য। ‘চিৰস্থায়ী বন্দৱক্তি’ বা ৰাজহ সংস্কাৰ আছিল আটাইতকৈ উল্লেখযোগ্য। কর্ণৱালিছে বাণিজ্য পৰিচালনাৰ নীতিও নতুনকৈ নিৰ্দ্ধাৰণ কৰিছিল।

শাসনৰ ক্ষেত্ৰতো দুৰ্নীতিমুক্ত কৰিবলৈ তেওঁ কৰ্মচাৰীলৈ স্থায়ী বেতনৰ ব্যৱস্থা কৰিছিল। নতুন নীতিটোক কৰ্ণৱালিছ সংহিতা বোলা হৈছিল। এজন দাৰোগা আৰু কেইজনমান সশস্ত্র চিপাহী লৈ একোখন আৰক্ষী থানাৰ ব্যৱস্থাটো মূলত কৰ্ণৱালিছৰ দিনৰপৰাই আৰম্ভ হৈছিল।

৪। বশ্যতামূলক মিত্রতা নীতি।

উত্তৰঃ বশ্যতামূলক মিত্রতা নীতি অনুসৰি যিবিলাক দেশীয় ৰজাই বৃটিছ চৰকাৰৰ লগত মিত্ৰতা কৰিব, বৃটিছ চৰকাৰে তেওঁৰ ৰাজ্যখন শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। তাৰবাবে দেশীয় ৰজাজনে নিজৰ খৰচত এদল ইংৰাজ সৈন্যবাহিনী নিজ ৰাজ্যত ৰাখিব লাগিব। এই নীতিমর্মে ইংৰাজৰ অনুমতি অবিহনে সেই দেশখনে আন কোনো ৰাজ্য বা দেশৰ লগত যুদ্ধ বিগ্রহ অথবা মিত্রতা কৰিব নোৱাৰিব বা কোনো লোকক চাকৰিত নিযুক্তি দিব নোৱাৰিব।

প্রশ্ন ১৯। বেণ্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ পূৰ্ব প্ৰচলিত অন্ধবিশ্বাসবোৰ আঁতৰাই লর্ড বেন্টিংকে বিজ্ঞানসন্মতভাৱে সমাজ সংস্কাৰ আৰু আধুনিকীকৰণ হোৱাটো বিচাৰিছিল।

১৮২৯ খ্ৰীঃত ৰজা ৰামমোহন ৰয়, দ্বাৰকানাথ ঠাকুৰ আদিৰ সহায়ত লর্ড বেন্টিংকে সতীদাহ প্রথা আইন কৰি উঠাই দিয়ে। প্রচলিত ৰীতিমতে স্বামীয়ে মৃত্যুবৰণ কৰিলে স্বামীৰ চিতাত পত্নীও জাহ যাব লাগিছিল।

ভাৰতৰ বিভিন্ন ঠাইত চুকে-কোণে জনজাতি লোকৰ মাজত নৰবলি প্ৰথা প্ৰচলন আছিল। ইয়াৰ উপৰি কন্যাশিশু বধ প্রথাও চলি আছিল। এই সকলোবোৰ লৰ্ড বেণ্টিংকে আইন কৰি বন্ধ কৰিছিল। বিধৱা বিবাহ প্রচলন আৰু দাস প্ৰথাৰ বিৰোধিতা কৰিছিল। ইয়াৰ উপৰিও ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল। লৰ্ড বেষ্টিংকৰ দিনতে কলকাতাত মেডিকেল কলেজ স্থাপন হয়।

মুঠতে লর্ড বেন্টিংক এজন গৱৰ্ণৰ আছিল যিয়ে ভাৰতীয় মানুহৰ উন্নতিৰ হকে বহুতো সংস্কাৰমূলক কাম কৰিছিল।

প্রশ্ন ২০। ১৭৭২ খ্ৰীঃৰপৰা ১৮৩৫ খ্ৰীঃলৈকে ইংৰাজ কম্পেনিৰ আমোলত হোৱা অৰ্থনৈতিক পৰিবৰ্তনৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ কম্পেনিৰ দিনতে ইংলেণ্ডত শিল্প বিপ্লৱৰ ফলত নতুন নতুন সামগ্ৰীৰ উৎপাদন হৈছিল। এইবোৰ বস্তু বেচাৰ বাবে ভাৰতত এখন সুন্দৰ বজাৰ তৈয়াৰ হৈছিল।

এই সময়ছোৱাত অর্থনৈতিক দিশত আমূল পৰিৱৰ্তন ঘটিছিল। যন্ত্র শিল্পৰ প্রৱৰ্তন, ব্যৱসায় বাণিজ্যত বিদেশীৰ প্ৰাধান্য, যাতায়াত, যান-বাহন আদিত দ্ৰুত পৰিৱৰ্তন ঘটিছিল।

কিন্তু যন্ত্রশিল্পৰ প্ৰভাৱত স্থানীয় কুটীৰ শিল্পৰ বাৰুকৈয়ে ক্ষতি হৈছিল। চিৰস্থায়ী বন্দবস্তিৰ ফলত সামাজত জামিদাৰ আৰু কৃষক শ্ৰেণী উদ্ভৱ হৈছিল। কৃষকসকলৰ অৱস্থা শোচনীয় হৈছিল। কুটীৰ শিল্পৰ শিল্পীসকল আৰু খেতিয়কসকলে শেষত গৈ ডাঙৰ ডাঙৰ কাৰখানাৰ শ্রমিক হ’বলৈ বাধ্য হৈছিল।

সেই সময়ছোৱাত ইংৰাজসকলে ভাৰতীয় বয় বস্তুৱ ৰপ্তানি কমাই দি বয়-বস্তু আমদানি কৰাত ব্যস্ত হৈ পৰিছিল।

ইংৰাজসকলে ভাৰতত উৎপাদিত বস্তুৰ সলনি কৃষিজাত কেচামাল ৰপ্তানি কৰিছিল। পিচত এই কেচামালসমূহৰপৰা নতুন বস্তু উৎপাদন হৈ পুনৰ ভাৰতৰ বজাৰত বিক্ৰীৰ বাবে পথাই দিছিল। ইংৰাজৰ এই নীতিৰ বাবে থলুৱা সৰু সৰু উদ্যোগীবিলাক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল।

প্রশ্ন ২১। ভাৰতীয় মানুহৰ স্বাৰ্থৰ হকে বা উন্নতিৰ হকে কাম কৰা গৱৰ্ণৰগৰাকী কোন আছিল? 

উত্তৰঃ লর্ড বেন্টিংক।

প্রশ্ন ২২। লৰ্ড বেণ্টিংকৰ শাসনকালৰ বিশেষত্ব কি আছিল?

উত্তৰঃ বেণ্টিংকৰ আমোলত ৰাজনৈতিক, সামাজিক, অর্থনৈতিক দিশত আধুনিকতাৰ পৰশ লাগি ভাৰতে এক নতুন ৰূপ লাভ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top