🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 7 Social Science Chapter 6 ভাৰতত ইংৰাজৰ শাসন

Assam Jatiya Bidyalay Class 7 Social Science Chapter 6 ভাৰতত ইংৰাজৰ শাসন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 7 Social Science Chapter 6 ভাৰতত ইংৰাজৰ শাসন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতত ইংৰাজৰ শাসন

Chapter -6

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। পলাচী যুদ্ধ কোন চনত হৈছিল?

উত্তৰঃ ১৭৫৭ খ্ৰীঃত।

প্রশ্ন ২। পলাচী যুদ্ধত বংগৰ কোনজন নবাব পৰাস্ত হৈছিল? 

উত্তৰঃ চিৰাজউদ্দৌলা।

প্রশ্ন ৩। বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত কোন কোন ৰজা আছিল?

উত্তৰঃ বংগৰ নবাব মীৰকাচিম, অযোধ্যাৰ নবাব চুজাউদ্দৌলা আৰু মোগল সাম্ৰাজ্যৰ ৰজা দ্বিতীয় ছাহ আলম।

প্রশ্ন ৪। বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ৰবাৰ্ট ক্লাইৱ। 

প্রশ্ন ৫। কোনখন যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ আধিপত্য স্থায়ী হৈছিল? 

উত্তৰঃ পলাচী যুদ্ধৰ পিছত।

প্রশ্ন ৬। ক্লাইৱৰ দ্বৈত শাসন মানে কি বুজা?

উত্তৰঃ ক্লাইৱৰ দ্বৈত শাসন মানে হ’ল কোম্পানীয়ে ৰাজহ আৰু দেশ ৰক্ষাৰ ভাৰ নিজৰ হাতত ৰাখি নামমাত্র শাসনকাৰ্যৰ ভাৰ নবাবক দিয়ে। ইয়াৰ ফলত নবাব দেশৰ মুৰব্বী, কিন্তু শাসনযন্ত্র মূল চালক আছিল ইংৰাজসকল।

প্রশ্ন ৭। ভাৰতীয় ইতিহাসলৈ বক্সাৰ যুদ্ধৰ যিকোনো দুটা গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ ১) বক্সাৰ যুদ্ধত সন্মিলিত শক্তিৰ (বংগ, অযোধ্যা, মোগল ৰাজ্য) পৰাজয় ঘটিছিল।

2)বক্সাৰ যুদ্ধৰ পিছত বংগ, বিহাৰ, উৰিষ্যা আৰু অযোধ্যাকে ধৰি উত্তৰ ভাৰতত ইংৰাজৰ আধিপত্য স্থাপন হয়। 

প্রশ্ন ৮। চিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত কি কাৰণত বিবাদৰ সূত্ৰপাত হৈছিল? 

উত্তৰঃ বংগদেশৰ কলিকতাত (বৰ্তমানৰ কলকাতা) ১৭০০ খ্ৰীঃত ফ’ৰ্ট উইলিয়াম নামৰ দুৰ্গটো পুনৰ নিৰ্মাণৰ কথাটোৰ বাবে ইংৰাজ আৰু চিৰাজউদ্দৌলাৰ মাজত বিবাদৰ সূত্ৰপাত হয়।

প্রশ্ন ৯। পলাচী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 

উত্তৰঃ বংগৰ নবাব চিৰাজউদ্দৌলা আৰু ইংৰাজৰ সেনাপতি ৰবাৰ্ট ক্লাইব।

প্রশ্ন ১০। পলাচী যুদ্ধত চিৰাজউদ্দৌলাক বিশ্বাসঘাতকতা কৰা সেনাপতিজনৰ নাম কি আছিল।

উত্তৰঃ মীৰজাফৰ।

প্রশ্ন ১১। পলাচী যুদ্ধত ইংৰাজ পক্ষৰ সেনাপতি কোন আছিল? 

উত্তৰঃ ৰ’বার্ট ক্লাইব আৰু ৱাটছন।

প্রশ্ন ১২। পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ পৰাজয় হোৱাৰ কাৰণ কি? 

উত্তৰঃ চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মীৰজাফৰে ইংৰাজৰ সৈতে ষড়যন্ত্র কৰাৰ ফলত চিৰাজউদ্দৌলাৰ পলাচী যুদ্ধত পৰাজয় হৈছিল।

প্রশ্ন ১৩। পলাচী যুদ্ধত জয়লাভ কৰি ইংৰাজৰ কি সুবিধা হৈছিল? 

উত্তৰঃ পলাচী যুদ্ধত জয়লাভ কৰি ইংৰাজে বংগদেশৰ লগতে উত্তৰ ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰে।

প্রশ্ন ১৪। ৰবাৰ্ট ক্লাইবৰ দ্বৈত শাসনৰ ফলত ইংৰাজৰ কি সুবিধা হৈছিল? 

উত্তৰঃ ৰবাৰ্ট ক্লাইবৰ দ্বৈত শাসনৰ ফলত ইংৰাজেই বংগ, বিহাৰ আৰু উৰিষ্যাৰ প্ৰকৃত শাসক হৈ পৰিছিল।

চমুটোকা লিখা—

১। মীজাফৰ।

উত্তৰঃ মীজাফৰ পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি আছিল। মীৰ্জাফৰে ইংৰাজৰ লগত ষড়যন্ত্ৰ কৰাৰ ফলত পলাচী যুদ্ধত চিৰাজউদ্দৌলাৰ পৰাজয় হয়। চিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত ১৭৫৭ খ্ৰীঃৰ পৰা ১৭৬০ খ্ৰীঃলৈ ইংৰাজৰ হাতৰ পুতুলাৰ নিচিনা হয়। শেষত কৰ দিব নোৱাৰি ইংৰাজৰ অপ্ৰিয় ভাজন হয়। মিৰজাফৰে শেষত নিজৰ ভুল বুজি পালে। কোম্পানীৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ওলন্দাজসকলৰ লগ হৈ ইংৰাজৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। ষড়যন্ত্ৰত ধৰা পৰে আৰু ব্ৰিটিছৰ আস্থা আৰু বিশ্বাস হেৰুৱায়। ১৭৬০ খ্ৰীঃত ৰবাৰ্ট ক্লাইব নিজ দেশলৈ ঘূৰি যোৱাত নতুন গৱৰ্ণৰে মীরজাফৰক পদচ্যুত কৰে।

২। মীকাচিম।

উত্তৰঃ মীৰকাচিম মীৰ্জাফৰৰ জোঁৱায়েক আছিল। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মীৰকাচিমে ইংৰাজক বর্ধমান, মেদিনীপুৰ, চিটাগঙৰ জমিদাৰী দান কৰিলে। মীৰকাচিমে স্বাধীনচেতিয়া লোক আছিল। তেওঁ লাহে লাহে ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰিছিল।

প্রথমে তেওঁ ৰাজধানী মুৰ্চিদাবাদৰ পৰা মুংগেৰলৈ তুলি নিয়ে। তেওঁ ৰাজধানী চহৰ মুংগেৰ সুৰক্ষিত কৰে। মুংগেৰত বন্দুক, বাৰুদ নিৰ্মাণৰ লগতে নিজৰ সৈন্য বাহিনীক ব্ৰিটিছৰ আৰ্হিত প্রশিক্ষণ .দিয়াৰ ব্যৱস্থা কৰে। ৰাজকোষ টনকিয়াল কৰাৰ বাবে ৰাজহ ব্যৱস্থা নতুন কৰে। মীৰকাচিমে বহির্বাণিজ্য আৰু আভ্যন্তৰীণ বাণিজ্যৰ দুয়োদিশত থকা শুল্ক বা কৰ উঠাই দিয়ে। ইয়াৰ ফলত ভাৰতীয় আৰু ইংৰাজ ব্যৱসায়ী সমপর্যায়লৈ আহিলে। ভাৰতীয় ব্যৱসায়ীসকল যথেষ্ট উপকৃত হ’ল। এই কাৰ্যৰ ফলত মীৰকাচিম ইংৰাজৰ অপ্ৰিয়ভাজন হৈ পৰিল।

৩। চিৰাজউদ্দৌলা।

উত্তৰঃ চিৰাজউদ্দৌলা বংগদেশৰ শাসনকর্তা আলিবর্দী খাঁৰ নাতিয়েক আছিল। আলিবর্দী খাই বংগদেশৰ উত্তৰাধিকাৰী মনোনীত কৰি থোৱাৰ ফলত ১৭৫৬ খ্ৰীঃত চিৰাজউদ্দৌলা বংগদেশৰ নবাব হয়।

তেওঁ নবাব হোৱাৰ পিছত ইংৰাজৰ লগত বিবাদৰ সন্মুখীন হ’বলগীয়া হয়। ইংৰাজে ১৭০০ খ্ৰীঃত সজোৱা ফ’ৰ্ট উইলিয়াম দুৰ্গটো চিৰাজউদ্দৌলাৰ দিনত নবাবক নজনোৱাকৈ ডাঙৰকৈ সজাবলৈ ধৰে। ইংৰাজৰ এই কাৰ্যত চিৰাজউদ্দৌলা অসন্তুষ্ট হয় আৰু ফ’ৰ্ট উইলিয়াম দুৰ্গ আৰু কাছিম বজাৰ আক্ৰমণ কৰি ইংৰাজক পৰাস্ত কৰে। ইংৰাজ পৰাস্ত হোৱাত চেন্নাইৰ গৱৰ্ণৰ ৰ’বার্ট ক্লাইব আৰু চাৰ্লছ ৱাটছনৰ নেতৃত্বত অহা এদল সৈন্যবাহিনীয়ে নবাবৰ পৰা ফ’ৰ্ট উইলিয়াম দুর্গ অধিকাৰ কৰে। চিৰাজউদ্দেলাই ১৭৫৭ খ্রীঃত অনিল নগৰত ব্ৰিটিছৰ লগত সন্ধি কৰে। কিন্তু ব্ৰিটিছে চিৰাজউদ্দেলাৰ পৰা ভৱিষ্যতে বিপদ হ’ব বুলি ভাবি নতুন নবাব পতাৰ ষড়যন্ত্ৰ কৰে। শেষত পলাচী নামে ঠাইত ব্ৰিটিছ আৰু নবাবৰ লগত যুদ্ধ হয়। চিৰাজউদ্দেলাৰ সেনাপতি মীৰজাফৰে বিশ্বাসঘাতকতা কৰা বাবে চিৰাজউদ্দেলাৰ পৰাজয় হয়। চিৰাজউদ্দৌলাই পলাই যাওতে বিৰোধীপক্ষৰ হাতত ধৰা পৰে আৰু তেওঁক মৃত্যুদণ্ড বিহে।

প্রশ্ন ১৫। পলাচী যুদ্ধৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা। 

উত্তৰঃ বংগদেশৰ কলিকতাত থকা ফ’ৰ্ট উইলিয়াম দুৰ্গটো পুনৰ নিৰ্মাণৰ কথাত ইংৰাজ আৰু চিৰাজউদ্দৌলাৰ মাজত বিবাদৰ সূত্ৰপাত হয়। ইয়াৰ ফলত পলাচীৰ যুদ্ধ সংঘটিত হয়। পলাচীৰ যুদ্ধৰ পিছত চিৰাজউদ্দৌলাক মৃত্যুদণ্ড বিহে। ইংৰাজে মীৰ্জাফৰক বংগৰ নবাব পাতে।

মীরজাফৰে ইংৰাজক বংগ, বিহাৰ আৰু উৰিষ্যাত বিনা শুল্কে বেপাৰ বাণিজ্য কৰাৰ একচেতিয়া অধিকাৰৰ অনুমতি দিয়ে।

নবাব পতাৰ পুৰস্কাৰ হিচাপে মীৰজাফৰে ২৪ পৰগনা জিলা ইংৰাজক এৰি দিয়ে।

পলাচী যুদ্ধৰ পিছতে ইংৰাজসকলে বংগদেশৰ লগতে উত্তৰ ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰে। ইয়াৰ পিছত ইংৰাজে নিজৰ সুবিধামতে নবাব ভঙা পতা কৰিবলৈ ধৰিলে।

প্রশ্ন ১৬। ‘প্ৰকৃততে বক্সাৰ যুদ্ধৰ পিছৰ পৰাহে ভাৰতত ইংৰাজ শাসন সুদৃঢ়কৰণ হয়।’ কথাষাৰৰ তাৎপর্য আলোচনা কৰা।

উত্তৰঃ পলাচী যুদ্ধৰ পিছত ইংৰাজে কেৱল বংগতহে প্ৰভুত্ব খটুৱাইছিল। কিন্তু বক্সাৰ যুদ্ধৰ পিছত বংগ, বিহাৰ, উৰিষ্যা আৰু অযোধ্যাকে ধৰি উত্তৰ ভাৰতত ব্ৰিটিছৰ প্ৰত্যক্ষ আধিপত্য স্থাপন হয়। বক্সাৰ যুদ্ধত জয়লাভ কৰি ইংৰাজে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেবানী লাভ কৰে। ইয়াৰ পিছত লাহে লাহে ইংৰাজসকল ভাৰতবৰ্ষত সৰ্বে-সৰ্বা হৈ পৰিল। দেশৰ শাসনৰ ভাৰ নবাবৰ ওপৰত থাকিলেও ব্ৰিটিছ কোম্পানীয়ে ৰাজহ সংগ্ৰহ আৰু দেশ ৰক্ষাৰ ভাৰ নিজৰ হাতলৈ নিয়ে। এনেদৰেই বক্সাৰ যুদ্ধৰ পিছৰ পৰা ইংৰাজসকলে সমগ্র ভাৰতবৰ্ষতে শাসন কৰিবলৈ সমৰ্থ হৈছিল।

প্রশ্ন ১৭। বংগদেশত ইংৰাজৰ আধিপত্য স্থাপনত ৰ’বাৰ্ট ক্লাইবৰ অৱদানৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ চেন্নাইৰ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইব আৰু চাৰ্লছ ৱাটছনৰ নেতৃত্বত এদল সৈন্য বাহিনীয়ে নবাবৰ পৰা পুনৰ ফ’ৰ্ট উইলিয়াম দুৰ্গ অধিকাৰ কৰে। ৰবাৰ্ট ক্লাই বু আৰু চিৰাজউদ্দৌলাৰ মাজত ১৭৫৭ খ্ৰীঃত অনিল নগৰত এক সন্ধি হয়। সন্ধিৰ চৰ্তমতে চিৰাজউদ্দৌলাই ব্ৰিটিছে ভোগ কৰি অহা সুবিধাবোৰ পুনৰ প্ৰদান কৰে। কিন্তু ৰবাৰ্ট ক্লাইবে চিৰাজউদ্দৌলাৰ পৰা ভৱিষ্যতে বিপদ হ’ব বুলি ভাবি নতুন নবাব পতাৰ চক্ৰান্ত কৰে। ৰবাৰ্ট ক্লাইবে মীৰজফৰৰ লগত গোপন বুজাবুজিও কৰে।

ৰবাৰ্ট ক্লাইবে চুক্তি ভংগৰ অজুহাত দেখুৱাই ১৭৫৭ খ্ৰীঃত নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। পলাচী নামে ঠাইত দুয়োপক্ষৰ মাজত যুদ্ধ হয়। যুদ্ধত চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মীরজাফৰে বিশ্বাসঘাতকতা কৰা বাবে চিৰাজউদ্দৌলাই যুদ্ধত পৰাজয়বৰণ কৰে। ৰবাৰ্ট ক্লাইবে নিজৰ সুবিধাৰ বাবে নিজৰ হাতৰ পুতলা মীৰ্জাফৰক বংগৰ নবাব পাতে। লগে লগে ৰবাৰ্ট ক্লাইবে বংগদেশত ইংৰাজৰ প্রতিপত্তি নিগাজী কৰে।

ৰবাৰ্ট ক্লাইবৰ বুদ্ধিমত্তাৰ ফলতে ইংৰাজে বংগত ৰাজনৈতিক হস্তক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল আৰু নিজৰ সুবিধা মতে নবাব ভঙা পতা কৰিছিল।

প্রশ্ন ১৮। বক্সাৰ যুদ্ধৰ গুৰুত্ব নিজৰ ভাষাৰে বৰ্ণনা কৰা।

উত্তৰঃ বক্সাৰ যুদ্ধৰ গুৰুত্ব বহুত বেছি। এই যুদ্ধত সন্মিলিত শক্তিৰ পৰাজয় হোৱা বাবে বংগ বিহাৰ, উৰিষ্যা আৰু অযোধ্যাকে ধৰি প্ৰায় উত্তৰ ভাৰতত ইংৰাজৰ প্ৰত্যক্ষ আধিপত্য স্থাপন হয়। ৰবাৰ্ট ক্লাই বৰ দিনত বক্সাৰ যুদ্ধৰ ফলাফল নিগাজী হয়। ৰবাৰ্ট ক্লাইবে মিত্ৰশক্তিৰ লগত বেলেগে চুক্তি সম্পাদন কৰে। এই যুদ্ধৰ পিছতে ইংৰাজে ভাৰতত সকলো দিশতে সর্বেসর্বা হৈ পৰিল। লাহে লাহে ইংৰাজে ভাৰতত বেপাৰ-বাণিজ্যৰ লগতে ৰাজনৈতিক দিশতো হস্তক্ষেপ কৰিবলৈ সুবিধা পালে।

প্রশ্ন ১৯। বক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ অযোধ্যাৰ নবাব ছুজাউদ্দৌলা, মোগল সাম্ৰাজ্যৰ ৰজা দ্বিতীয় ছাহ আলম আৰু বংগৰ নবাব মীৰকাছিমক লৈ গঠিত মিত্ৰশক্তিৰ লগত ইংৰাজৰ বক্সাৰ নামে ঠাইত যুদ্ধ হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 7 Social Science Chapter 6 ভাৰতত ইংৰাজৰ শাসন”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top