Assam Jatiya Bidyalay Class 7 Social Science Chapter 3 ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা বাবৰৰপৰা হুমায়ুণলৈ

resppost2025

Assam Jatiya Bidyalay Class 7 Social Science Chapter 3 ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা বাবৰৰপৰা হুমায়ুণলৈ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 7 Social Science Chapter 3 ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা বাবৰৰপৰা হুমায়ুণলৈ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা বাবৰৰপৰা হুমায়ুণলৈ

Chapter -3

ASSAM JATIYA VIDYALAYA

resppost2025

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। দিল্লীৰ শেষ তুর্কী-আফগান সম্রাটগৰাকীৰ নাম কি? 

উত্তৰঃ ইব্রাহীম লোডী।

sqare

প্রশ্ন ২। পানিপত্ৰ প্ৰথম যুদ্ধ কিমান খৃঃত সংঘটিত হৈছিল?

উত্তৰঃ ১৫২৬ খৃ.ত

প্রশ্ন ৩। মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? 

উত্তৰঃ বাবৰ।

sqare

প্রশ্ন ৪। বাবৰে জন্ম গ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ ফঘনা ৰাজ্য।

প্রশ্ন ৫। বাবৰৰ আত্মজীৱনীখনৰ নাম কি?

sidebar2026

উত্তৰঃ ‘তুজুক ই বাবৰী’ বা ‘বাবৰ নামা’।

প্রশ্ন ৬। পানিপতৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো কি? 

2026

উত্তৰঃ বাবৰৰ সৈন্য বাহিনী বন্দুক-বাৰদৰে সু-সজ্জিত আৰু শৃংখলাবদ্ধ আছিল।

প্রশ্ন ৭। শূৰ বংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ ছেছাহ।

প্রশ্ন ৮। ছেৰ ছাহে কোন চনত দিল্লীৰ সম্ৰাট হৈছিল? 

উত্তৰঃ বক্সাৰৰ ওচৰৰ চৌচা নামৰ ঠাইত মোগল সম্রাট হুমায়ুণ যুদ্ধত পৰাস্ত কৰি ১৫৪০-খ্রিষ্টাব্দত আফগান নেতা ছেৰ ছাহে দিল্লীৰ ৰাজপাট দখল কৰে।

sidebar2026

প্রশ্ন ৯। গ্ৰেণ্ড ট্রাঙ্ক ৰ’ড নামৰ আলিবাটটো ক’ৰপৰা ক’লৈ বিস্তৃত? 

উত্তৰঃ এই আলিবাটটো বংগদেশৰ সোণাৰগাঁৱৰপৰা উত্তৰ ভাৰতৰ বৰানসী, এলাহাবাদ, দিল্লী, লুধিয়ানা, জলন্ধৰ আদি সংযোগ কৰি লাহোৰলৈ বিস্তৃত। 

প্রশ্ন ১০। ঘোঁৰাৰে ডাক অনা নিয়াৰ ব্যৱস্থা পোন প্রথমে কোনে প্ৰৱৰ্তন কৰিছিল। 

উত্তৰঃ ছেৰছাহে ঘোঁৰাৰে ডাক অনা-নিয়াৰ ব্যৱস্থা কৰিছিল।

প্রশ্ন ১১। পানিপতৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিল? 

উত্তৰঃ ১৫২৬ খ্ৰীঃত বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত পানিপতৰ প্ৰথম যুদ্ধ হয়।

প্রশ্ন ১২। ছেছাহৰ শাসনকাল কিহৰ বাবে উল্লেখযোগ্য? 

উত্তৰঃ ছেৰছাহৰ শাসনকাল প্রশাসনিক সংস্কাৰৰ বাবে উল্লেখযোগ্য।

প্রশ্ন ১৩। পাণিপতৰ প্ৰথম যুদ্ধৰ ওপৰত এটি টোকা লিখা? 

উত্তৰঃ ১৫২৬ খৃ.ত বাবৰে পানিপত নামৰ ঠাইত দিল্লীৰ চুলতান ইব্রাহীম লোডীৰ লগত মুখামুখি যুদ্ধত লিপ্ত হয়। বাবৰৰ সৈন্যবাহিনী বন্দুক বাৰুদেৰে সু-সজ্জিত আছিল। বাৰৰ ১২০০০ শৃংখলাবদ্ধ সৈন্যবাহিনীৰ ওচৰত ইব্রাহীম লোডীৰ বিশাল পদাতিক আৰু অশ্বাৰোহী হস্তীবাহিনী পৰাজিত হয়। যুদ্ধক্ষেত্ৰত ইব্রাহীম লোডীৰ মৃত্যু হয়। লগে লগে দিল্লীত তুর্কী চুলতানৰ শাসন ওৰ পৰে।

প্রশ্ন ১৪। ছেছাহৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ ছেৰছাহে দক্ষ প্রশাসনেৰে ভাৰতৰ ইতিহাসত তেওঁৰ নাম যুগমীয়া কৰি থৈ গৈছে। ছেৰছাহে ৰাজ্যখনক ৪৭টা ভাগত বিভক্ত কৰিছিল। এইবোৰ পৰিচালনা কৰাৰ বাবে নির্দিষ্ট বিষয়া নিয়োগ কৰিছিল। তেওঁ সৈন্যবাহিনীক মাহিলী বেতন দিয়াৰ ব্যৱস্থা কৰিছিল।

ছেৰছাহে মাটিৰ মালিকীস্বত্ব স্পষ্ট কৰিবলৈ ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল। ছেছাহৰ দিনতে এই ব্যৱস্থা প্ৰথম আৰম্ভ হয়।

ছেৰছাহে মুদ্ৰা ব্যৱস্থাৰো সংস্কাৰ সাধন কৰিছিল। ছেছাহৰ দিনতে সোণ, ৰূপ আৰু তামৰ মুদ্ৰাৰ প্ৰচলন আছিল। ৰূপৰ মুদ্ৰাক ৰূপী বুলি কোৱা হৈছিল।

বেহা-বেপাৰৰ সুবিধাৰ বাবে বংগদেশৰ সোণাৰ গাঁৱৰপৰা সিন্ধু উপত্যকালৈ এটা আলিবাট নিৰ্মাণ কৰিছিল। এই আলিবাটটো গ্ৰেণ্ড ট্রাঙ্ক ৰোড নামে জনাজাত আছিল। এই ৰোডতো উত্তৰ ভাৰতৰ বাৰানসীৰ পৰা লাহোৰ পাইছিলগৈ।

2026

ছেৰছাহে ঘোঁৰাৰে ডাক অনা-নিয়াৰ ব্যৱস্থা কৰিছিল। শ্ৰেষ্ঠ মোগল সম্রাট আকবৰেও তেওঁক অনুকৰণ কৰিছিল।

1 thought on “Assam Jatiya Bidyalay Class 7 Social Science Chapter 3 ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা বাবৰৰপৰা হুমায়ুণলৈ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top