Assam Jatiya Bidyalay Class 4 Science Chapter 13 আহাৰ আৰু সুস্বাস্থ্য

Assam Jatiya Bidyalay Class 4 Science Chapter 13 আহাৰ আৰু সুস্বাস্থ্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 আহাৰ আৰু সুস্বাস্থ্য Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 13 আহাৰ আৰু সুস্বাস্থ্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 13 আহাৰ আৰু সুস্বাস্থ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহাৰ আৰু সুস্বাস্থ্য

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। পুষ্টিকৰ বস্তু কিয় খাব লাগে ?

উত্তৰঃ সুস্বাস্থ্যকৰ হ’বলৈ পুষ্টিকৰ খাদ্য খাব লাগে। আহাৰত পুষ্টিকৰ বস্তুবোৰ দৰকাৰী পৰিমাণতহে থাকিব লাগে। এনে আহাৰ নিয়মীয়াকৈ সময়তে খাব লাগে।

২। সুষম আহাৰ কি ?

উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ বস্তুবোৰ ঠিক হিচাপত থকা আহাৰকে সুষম আহাৰ বোলে।

৩। কেঁচা শাক-পাচলি আৰু ফল-মূল কিয় খাব লাগে ?

উত্তৰঃ স্বাস্থ্য ভালে ৰাখিবলৈ যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি খাব লাগে।কিছুমান শাক-পাচলি যেনে― গাজৰ,বিলাহী,বিট, পালেং ইত্যাদিবোৰ কেঁচাকৈ খাব লাগে। এইবোৰ শাক-পাচলিত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পদাৰ্থ আৰু প্ৰ’টিন থাকে। সিজালে বা ৰান্ধিলে এই পুষ্টিকৰ বস্তুবোৰৰ গুণ কমি যায়। শাক-পাচলিৰ উপৰি কল,কমলা, মাটিকঠাল,আম, নেমু আমলখি আদি খাব লাগে।

৪। খুৱাবস্তু কিয় ভালদৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে ?

উত্তৰঃ অপৰিষ্কাৰ খাদ্য বস্তুত ধূলি মাকতি লাগি থাকে। লেতেৰা খুৱা বস্তুত নানা ধৰণৰ ৰোগৰ বীজাণু লাগি থাকে। সেয়েহে,ভালদৰে ধুই পৰিষ্কাৰ পাত্ৰত নাৰাখিলে খুৱাবস্তুত ৰোগৰ বীজাণু ৰৈ যায়। এইবোৰ বস্তু খালে বীজাণুবোৰে শৰীৰত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে।

৫। খোৱাবস্তু কিয় ভালকৈ চোবাই খাব লাগে ?

উত্তৰঃ খোৱাবস্তু ভালদৰে চোবাই খাব লাগে। ভালদৰে চুৱাই নাখালে খোৱাবস্তু ঠিকমতে হজম নহয়।

৬। দাঁত-মুখ ভালদৰে নুধুলে কি হয় ?

উত্তৰঃ ভালদৰে দাঁত নামাজিলে দাঁতত খোৱা বস্তুবোৰ লাগি থাকে। এইবোৰত ৰোগৰ বীজাণুৱে বাহ লয় আৰু দাঁত পোকে খায়।সেয়েহে পুৱা শুই উঠি নিশা হোৱাৰ আগতে দাঁত মাজি মুখখন ভালদৰে ধুব লাগে।

৭। আমি কীয় পৰিশ্ৰম কৰিব লাগে ?

উত্তৰঃ সুষম আহাৰ,পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে আমি নিতৌ পৰিশ্ৰম কৰাটোও দৰকাৰী। পৰিশ্ৰম কৰিলে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ ঠিকমতে তেজ চলাচল কৰোঁতে সহায় হয়। নিয়মীয়াকৈ ব্যায়াম বা যোগসন কৰিলে,খোজকাঢ়িলে আৰু খেলা ধূলা কৰিলে পৰিশ্ৰম কৰা হয়। এলেহুৱা মানুহ সুস্বাস্থ্যৰ অধিকাৰী নহয়। পৰিশ্ৰম কৰাৰ লগতে আমি ভালদৰে টোপনি যাব লাগে।

৮। মন ভালে ৰাখিবলৈ কি কি কাম কৰিব পাৰি ?

উত্তৰঃ মন ভালে ৰাখিবলৈ বিভিন্ন কাম কৰিব পাৰি। ভাল কিতাপ পঢ়া,গান গোৱা, গান শুনা, খেলা-ধূলা, ভাল নাটক, চিনেমা চোৱা আদি কামৰ দ্বাৰা মন ভালে ৰাখিব পাৰি। বন্ধু-বান্ধৱ, ককাই-ভাই, ভনী, মাক দেউতাক আৰু ওচৰ চুবুৰীয়াৰ লগত ভাল ব্যবহাৰ আৰু আচৰণ কৰি মনটো ফুৰ্তিত ৰাখিব লাগে।

৯। খোৱাবস্তু কিয় ঢাকি ৰাখিব লাগে ?

উত্তৰঃ খুৱাবস্তু খোৱাৰ আগতে ভালদৰে ঢাকি থ’ব লাগে।নহ’লে এইবোৰত ধূলি মাকতি, মাখি, পইতাচোৰা ইত্যাদি পোক পৰুৱা পৰিব পাৰে। এইবোৰ ৰোগৰ বীজাণু আনি খোৱা বস্তুত পেলাইহি। আনকি গাখীৰ আৰু খুৱাপানীও ভালদৰে উতলাই হে খাব লাগে।

১০। গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে ?

উত্তৰঃ গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে।এইবোৰ শাক-পাচলিত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পদাৰ্থ আৰু প্ৰ’টিন থাকে। সিজালে বা ৰান্ধিলে এই পুষ্টিকৰ বস্তুবোৰৰ গুণ কমি যায়। সেয়েহে এইবোৰ বস্তু কেঁচাই খালেহে বেছি উপকাৰীতা পোৱা যায়।

১১। খোৱাবস্তু ভালে ৰখাৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ ফল-মূল, শাক-পাচলি আদি ভালকৈ চাফ চিকুণ কৰি ৰেফ্ৰিজাৰেটৰত থৈ দিলে বহুদিনলৈ বেয়া নোহোৱাকৈ থাকে। পিছত প্ৰয়োজন অনুসৰি অলপ অলপকৈ ৰেফ্ৰিজাৰেটৰ পৰা উলিয়াই ৰন্ধা-বঢ়া কৰি খাব পাৰি বা ফলমূল হলে কেঁচায়ো খাব পাৰি।

ইয়াৰ বাহিৰেও আচাৰ, জাম, জেলি আদি তৈয়াৰ কৰি বটলত ভৰাই থৈ পিছলৈ খাই থাকিব পাৰি। অৱশ্যে ইয়াৰ বাবে খাদ্য সংৰক্ষক দ্ৰব্য বজাৰত কিনিব পোৱা যায়। খাদ্য সংৰক্ষক দ্ৰব্য নিদিলে বেছি দিনলৈ ৰাখিব পৰা নাযায়।

১২। আমাৰ শৰীৰটো কিয় পৰিস্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ কেৱল সুষম আহাৰ আৰু পুষ্টিকৰ খাদ্য খালেই আমাৰ শৰীৰ ভালে নাথাকে। আমি নিয়মমতে গা’ পা ধুই পৰিষ্কাৰ সাজ-পোষাক পিন্ধি থাকিলেহে শৰীৰত ৰোগৰ বীজাণু সোমাৱ নোৱাৰে। লেতেৰা, মলিয়ন শৰীৰত ৰোগৰ বীজাণুৱে বাঁহ লয়। সদায় হাত ভৰিৰ নখ কাটি চাফাকৈ ৰাখিব লাগে। খোৱাৰ আগতে ভালদৰে হাত ধুব লাগে। শৌচ কৰাৰ পিছতো ভালদৰে চাবোনেৰে সাত ধুব লাগে। নাক-কাণ নিতৌ চাফা কৰিব লাগে। পুৱা শুই উঠি আৰু নিশা শোৱাৰ আগতে দাঁত মাজি মুখখন ভালদৰে ধুব লাগে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top