Winter maha offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 4 Science Chapter 6 গুটি বা বীজ

Assam Jatiya Bidyalay Class 4 Science Chapter 6 গুটি বা বীজ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 গুটি বা বীজ Class 4 Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class IV Science Chapter 6 গুটি বা বীজ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 6 গুটি বা বীজ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গুটি বা বীজ

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। ফুলৰ প্ৰধান অংশ কেইটা কি কি ? ছবি আঁকি দেখুওৱা।

উত্তৰঃ              

২। কিছুমান গুটি নগজাৰ কাৰণ লিখা।

উত্তৰঃ (ক) অপৈনত গুটিৰ পৰা গজালি নোলায়।

(খ) বেছি পানী আৰু তাপ পালে গুটিত ভেঁকুৰ ধৰে। তেতিয়াও গুটি নষ্ট হয় আৰু নগজে।

৩। গুটি গজিবলৈ কি কি লাগে লিখা।

উত্তৰঃ গুটি গজিবলৈ সঠিক পৰিমাণে পানী, বায়ু আৰু তাপ লাগে। ইয়াৰ যিকোনো এটা জোখত নাপালে গুটি নগজে।

৪। ফুল নোহোৱাকৈ গুটি হ’ব পাৰেনে ?

উত্তৰঃ নোৱাৰে।

৫। পৰাগযোগ কাক বোলে ?

উত্তৰঃ পৰাগযোগ হ’ল― পোক-পৰুৱা, পখিলা, চৰাই বতাহ আৰু পানীৰ সহায়ত এটা ফুলৰ পৰাগৰেণু আন এটা বা একে ফুলৰ গৰ্ভকেশৰত পৰে।

৬। গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি ?

উত্তৰঃ গুটিৰ ভিতৰত থকা অংশটোৰ নাম হ’ল ভ্ৰূণ।

৭। পাঁচবিধ এটা গুটি থকা আৰু পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা।

উত্তৰঃ পাঁচবিধ এটা গুটি থকা ফলৰ হ’ল ― আমি, যাম,লিচু, আমলখি আৰু জাতি আমৰা।পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ হ’ল ―

সুমথিৰা, মধুৰীআম, কঁঠাল, অমিতা আৰু তৰমুজ।

৮। শুদ্ধ উত্তৰত (✔) চিন দিয়া।

(ক) সকলো ফলৰ ভিতৰত মৌৰস থাকে/নাথাকে।

(খ) পুংকেশৰ মূৰত ডিম্বক তৈয়াৰ হয়/ নহয়।

(গ) পৰাগৰেণু নহ’লেও গুটি হ’ব পাৰে/নোৱাৰে।

(ঘ) বতাহে উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে/নকৰে।

(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে/নোৱাৰে।

(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায়/নোলায়।

উত্তৰঃ (ক) সকলো ফলৰ ভিতৰত মৌৰস নাথাকে। X

(খ) পুংকেশৰ মূৰত ডিম্বক তৈয়াৰ নহয়। X

(গ) পৰাগৰেণু নহ’লেও গুটি হ’ব নোৱাৰে । X

(ঘ) বতাহে উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে। ✔

(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব নোৱাৰে। X

(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি নোলায়। X

৯। গুটি গজিবলৈ সঠিক পৰিমাণে পানী, বায়ু আৰু তাপৰ প্ৰয়োজন। পৰীক্ষা এটাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ                      

চিত্ৰত দেখুৱা ধৰণে এডাল সৰু মাৰিত তিনিটা বুটমাহ সূতাৰে বেলেগ বেলেগ ঠাইত বান্ধি লোৱা হ’ল। মাৰিডাল কাঁচৰ গ্লাচ এডালত ভৰোৱা হ’ল। এতিয়া মাজৰ বুটটো আধামান পানীত থোৱাকৈ পানী ভৰোৱা হ’ল। এনেকৈ কেইদিনমান ৰাখি থলে দেখা যাব যে তলৰ বুটটোৰ পৰা সাধাৰণভাবে গজালি ওলাইছে যদিও পানীত ডুব গৈ থকা বাবে গজালিটো পচিব ধৰিছে। পানীৰ ওৰত থকা বুটটোৰ অলপমান গজালি ওলাইছে যদিও গজালিটো শুকাই গৈছে।

কিন্তু মাজৰ গুটিটোৰ সুন্দৰভাৱে গজালি ওলাইছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰি চালে পোৱা যাব যে ― পানীৰ তলত থকা বুটটোৱে অকল পানীহে পাইছে তাপ আৰু বায়ু পোৱা নাই। ওপৰৰ বুটটোৱে বায়ু আৰু তাপ পাইছে, পানী পোৱা নাই। সেইকাৰণে গজালিটো শুকাই গৈছে। মাজৰ বুট গুটিটোৱে পানী, বায়ু আৰু তাপ সমভাৱে পাইছে সেইবাবে গজালিটো সুন্দৰ ভাৱে বৃদ্ধি হৈছে। গতিকে দেখা গ’ল যে গুটি গজিবলৈ সঠিক পৰিমাণত বায়ু,তাপ আৰু পানীৰ প্ৰয়োজন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top