Assam Jatiya Bidyalay Class 4 Assamese Chapter 16 প্রেমচান্দ

Assam Jatiya Bidyalay Class 4 Assamese Chapter 16 প্রেমচান্দ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 প্রেমচান্দ Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 16 প্রেমচান্দ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 16 প্রেমচান্দ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রেমচান্দ

Chapter – 16

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- বাটকুৰি বা — বহুদূৰ খোজকাঢ়ি যা। ব্যাকুল — অতিশয় আকুল সঁহাৰি — সমিধান, উত্তৰ । চুৰিয়া — পুৰুষে কঁকালত মেৰিয়াই খোঁচ মাৰি পিন্ধা নিসিয়া কাপোৰ, ধৃতি।

● পঢ়া আৰু বুজা :

বয় + য়য় = ব্য।

ৰয় + দয় = ৰ্দ।

ষয় + কয় = স্ক।

শয় + ৰয় = শ্র।

● বুজা আৰু লিখা :

বিখ্যাত     বাস্তৱ      সাহিত্য      সাহিত্যিক

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ :

(ক) চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল ? 

উত্তৰঃ চন্দ্ৰহাছানে কেৰেলাৰ পৰা বাৰানসীলৈ বাটকুৰি বাই গৈছিল। 

(খ) চন্দ্রহাছানে লেখকজনক লগ পাবলৈ কিয় ব্যাকুল হৈ পৰিছিল ? 

উত্তৰঃ চন্দ্ৰহাছানে লেখকজনৰ কিতাপ-পত্ৰবোৰ পঢ়ি মোহিত হৈ তেওঁক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল।

(গ) চন্দ্ৰহাছানে লেখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই কি দেখিছিল ?

উত্তৰঃ চন্দ্ৰহাছানে লেখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই দেখিছিল যে এজন মানুহে মজিয়াত বহি কিবাকিবি লিখি আছে। 

(ঘ) “আপুনি বিচৰা মানুহজন এইজনেই।”—গেঞ্জীৰ ওপৰত পাঞ্জাবী চোলা পিন্ধা মানুহজনে এইবুলি কোৱাত ডেকা কবি নাছাদ কিয় থৰ হৈ পৰিছিল ?

উত্তৰঃ  ডেকা কবি নাছাদে মানুহজনৰ কথাত থৰ হৈ পৰিছিল কাৰণ বহুপৰলৈকে তেওঁ দেখাত তেনেই সাধাৰণ লোক বুলি আৰু বিচৰা মানুহজনৰ সহায়ক বুলি ভবা লোকজনৰ সৈতে ঘৰলৈ আহি আকৌ সেই একেজন লোকেই গেঞ্জীৰ ওপৰত পাঞ্জাৱী চোলা পিন্ধি আহি তেঁৱেই সেই লেখকজন বুলি পৰিচয় দিছিল। 

(ঙ) চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্রকৃততে কোন ? তেওঁৰ প্ৰকৃত নামটো কি ?

উত্তৰঃ চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে হিন্দী সাহিত্যৰ এগৰাকী জনপ্রিয় সাহিত্যিক মুঞ্চি প্রেমচান্দ। তেওঁৰ প্ৰকৃতবানাম – ধনপত ৰায় শ্রীবাস্তৱ ।

২। বাক্য ৰচনা কৰা :

ইঘৰ-সিঘৰ, কাগজ-কলম, ভয়-সংকোচ, সহজ-সৰল। 

উত্তৰঃ ইঘৰ-সিঘৰ :- তেওঁ ইঘৰ-সিঘৰ ফুৰিয়েই সময় কটাইছে।

কাগজ-কলম :- বর্তমান যুগত কাগজ-কলমৰ দামো বহুত বাঢ়ি গৈছে।

ভয়-সংকোচ :- তাই বৰ সাহসী দেই ভয়-সংকোচ নকৰাকৈ কথাখিনি সুন্দৰকৈ কৈ দিলে।

সহজ-সৰল :- সহজ-সৰল লোকক সকলোৱে ভাল পায়।

৩। পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা :

(ক) ৰত্নাই ঘৰৰ দুৱাৰত টকটককৈ টুকুৰিয়াই দিলে। 

(খ) অমৃতাই খটখটকৈ খটখটিৰে ওপৰলৈ বগাই গৈছে।

(গ) ভয়তে মোৰ বুকুখন ঢক্‌ঢুককৈ মাৰিছে। 

(ঘ) ‘কলিং বেলৰ শব্দত চক্‌ক্‌কৈ সাৰ পালোঁ।

(ঙ) ভোকাতুৰ মানুহজনে দৌৰাদৌৰিকৈ/ততাতৈয়াকৈ ভাতখিনি খাইছে।

৪। বুজা আৰু লিখা : 

সভা পতা গৃহ = সভাগৃহ।

ৰজাৰ যি সভা = বাজসভা। 

উৰা যি জাহাজ = উৰাজাহাজ। 

দুষ্ট যি বুদ্ধি = দুষ্টবুদ্ধি।

মৰ যি ভূমি = মৰুভূমি।

শুক্ল যি পক্ষ = শুক্লপক্ষ।

কৃষ্ণ যি পক্ষ = কৃষ্ণপক্ষ।

৫। বুজা আৰু লিখাঁ :

উপ + স্থিত = উপস্থিত। 

উপ + গ্রহ = উপগ্রহ।

উপ + স্থাপন = উপস্থাপন। 

উপ + আচাৰ = উপাচাৰ।

উপ + কৃত = উপকৃত।

৬। এটা শব্দত প্ৰকাশ কৰা :

(ক) স্বইচ্ছাৰে আনক সেৱা কৰিবলৈ আগবাঢ়ি অহা লোক = স্বেচ্ছাসেৱক।

(খ) উপকাৰীৰ উপকাৰ স্বাকীৰ কৰা লোক = কৃতজ্ঞ।

(গ) নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা লোক = আত্মনির্ভশীল। 

(ঘ) আনৰ ভাল দেখিব নোৱাৰা লোক = পৰশ্রীকাতৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top