Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 পোহৰ পখিলা Class 4 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
পোহৰ পখিলা
Chapter – 5
অসম জাতীয় বিদ্যালয়
পাঠভিত্তিক প্ৰশ্নোত্তৰ
কবি পৰিচয় :- জ্যোতিপ্ৰসাদ আগৰৱালা: ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চার বাগিচাত জন্ম গ্রহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য —সংস্কৃতিৰ সাধক। একেধাৰে কবি-গীতিকাৰ সুৰকাৰ আৰু নাট্যকাৰ, জীৱনীকাৰ আগৰৱালাদেৱৰ অসামান্য শিল্প সাধনাৰ বাবে তেওঁক ‘ৰূপকোঁৱৰ’ উপাধি দিয়া হৈছে। গীতি-ৰামায়ণ চন্দ্ৰকুমাৰ আগৰৱালা (জীৱনী) ইত্যাদি। তেওঁৰ শিশু উপযোগী পুথি। অসমীয়া বোলছবি (চিনেমা)ৰ পথ প্ৰদৰ্শক আগৰৱালাদেৱৰ ‘জয়মতী’ প্ৰথম অসমীয়া কথাছবি। এইজনা কলা-সংস্কৃতিৰ অক্লান্ত সাধকৰ মাত্র ৪৭ বছৰ বসয়তে (১৯৫১ চনত) অকাল মৃত্যু ঘটে।
ক্রিয়াকলাপ
অৰ্থৰ সৈতে চিনাকি :- নোহোৱা-নোপজা— আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা। নাভূত— নাশ্রুত, কাল্পনিক। চানেকি— কাপোৰত তুলিবলৈ কৰা ফুলৰ আৰ্হি, আদর্শ, নমুনা। লাহী— লেহুকা, মিহি, পাতল। ন-কৈ—নতুনকৈ। শিয়ৰা— আচৰিত হৈ বা ভয় খাই গাৰ নোম থিয় হোৱা। চিৰ-সুন্দৰ— সৃষ্টিকর্তা, ঈশ্বৰ।
পাঠভিত্তিক প্রশ্নোত্তৰ
১। কবিতাটি মনত ৰাখাঁ।
২। প্রথমে কোৱাঁ, তাৰ পাছত লিখাঁ :
(ক) পখিলাজাক কোন দেশৰ ? আৰু কাৰ ফুলনিত নাচে ?
উত্তৰঃ পখিলাজাক পোহৰ দেশৰ আৰু কবিৰ ফুলনিত নাচে।
(খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা ?
উত্তৰঃ পখিলাজাকৰ পাখিবোৰ ফুলাম। ৰঙা, নীলা, হালধীয়া বিবিধ ৰঙৰ।
(গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে ?
উত্তৰঃ ন- পখিলাৰ লাহী ভৰতেই ফুলৰ পুৰণি পাহি সৰি পৰিছে বুলি কবিয়ে কৈছে।
(ঘ) কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে পখিলাৰ পাখিত চিৰ-সুন্দৰ (সৃষ্টিকর্তা)ৰ একা বেঁকা আখৰ লিখা থকাৰ কথা কৈছে।
৩। পঢ়া, বুজা আৰু লিখা :
ওপজা – নোপোজা।
হোৱা – নোহোৱা।
পোৱা – নোপোৱা।
যোৱা – নোযোৱা।
খোৱা – নোখোৱা।
গোৱা – নোগোৱা।
৩। বাক্য ৰচনা কৰা :
ৰৈ ৰৈ ― কুলিটিয়ে ৰৈ ৰৈ বিনাইছে।
মনে মনে — শ্ৰেণীত মনে মনে থকা উচিত।
পাছে পাছে — গড়টোৰ পাছে পাছে পোৱালিটি গৈ আছে।
ঘৰে ঘৰে — দেৱালীত ঘৰে ঘৰে বন্তি জ্বলায়।
হাঁহি হাঁহি ― প্ৰভাৱতীৰ কথাত হাঁহি হাঁহি থাকিব নোৱাৰি।
গৈ গৈ ― তেওঁ গৈ গৈ যথাস্থান পালেগৈ।
মাজে মাজে ― তাই মাজে মাজে আমাৰ তালৈ আহে।
কৈ কৈ ― তাক কৈ কৈ কাম এটা কৰাব নোৱাৰি।
৫। বাক্য ৰচনা কৰা :
পাই ― ৰাখীয়ে হেৰোৱা কলমটো পাই ভাল পালে।
পায় ― মায়ে মোক বৰ ভাল পায়।
খাই ― তেওঁ মাছৰ আঞ্জাখন খাই বৰ ভাল পালে।
খায় ― তেওঁ সময়মতে ভাত খায়।
গাই ― ল’ৰাজনে গান গাই গাই ভাগৰি পৰিছে।
গায় ― চিত্তয়ে বৰ ভাল গান গায়।
চাই ― তেওঁ টিভিৰ চিনেমা চাই বৰ ভাল পায়।
চায় ― তেওঁ আজৰি পৰতহে টি. ভি. ৰ অনুষ্ঠান চায়।
৬। পঢ়া, বুজা আৰু লিখা :
মিচিকীয়া ― বতাহ।
মিচিকীয়া ― হাঁহি।
শুৱলা ― তামোল।
শুৱলা – মাত।
সুৰীয়া – হাঁহি।
সুৰীয়া — গান।
থুৰীয়া — মাত।
থুৰীয়া — তামোল।
ফিৰফিৰীয়া — গান।
ফিফিৰীয়া— বতাহ।
৭। পঢ়া, বুজা আৰু লিখা :
পথিলাটো ― পখিলাজাক।
গৰু ― গৰুজাক।
চৰাই ― চৰাইজাক।
মানুহ — মানুহজাক, মানুহবোৰ।
শিক্ষক ― শিক্ষক বৃন্দ, শিক্ষকমণ্ডলী।
৮। পঢ়া আৰু বুজা :
ফুল ― ফুলাম।
জোন ― জোনাক।
ৰং ― ৰঙীণ।
খং ― খঙাল।
৯। একে অর্থ বুজোৱা শব্দ লিখা :
ফুল ― পুষ্প।
নতুন ― ন, নব্য।
পাখি ― ডেউকা।
পুৰণি ― প্রাচীন, পূৰ্বৰ।
অতিৰিক্ত প্রশ্নোত্তৰ
১। পখিলা কিহৰ ৰাণী ? পখিলাই কি কাৰণে নাচি ফুৰে ?
উত্তৰঃ পখিলা প্ৰকৃতিৰ ৰাণী। ই ঈশ্বৰৰ অপৰূপ সৃষ্টি। মনৰ আনন্দত ফুলৰ মৌ চুহি পখিলাই প্রকৃতি জগতৰ সমূহ সৌন্দর্য উপভোগ কৰি নাচি ফুৰে।
২। (ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ? ছবিখনৰ নায়িকাগৰাকী কোন আছিল ?
উত্তৰঃ প্রথম অসমীয়া কথাছবি ‘জয়মতী’ নায়িকা—আইদেউ সন্দিকৈ।
(খ) আগৰৱালাদেৱ ৰচিত প্রথম গীতৰ কলিটি কি আছিল ?
উত্তৰঃ ‘গছে গছে পাতি দিছে’ ফুলৰে শৰাই ………
ৰাম ৰাম………’।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.