Assam Jatiya Bidyalay Class 4 Assamese Chapter 3 আনন্দৰাম ঢেকিয়াল ফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 আনন্দৰাম ঢেকিয়াল ফুকন Class 4 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 4 Assamese Chapter 3 আনন্দৰাম ঢেকিয়াল ফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 3 আনন্দৰাম ঢেকিয়াল ফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
আনন্দৰাম ঢেকিয়াল ফুকন
Chapter – 3
অসম জাতীয় বিদ্যালয়
পাঠভিত্তিক প্ৰশ্নোত্তৰ
ক্রিয়াকলাপ
অৰ্থৰ সৈতে চিনাকি :- ব্ৰহ্মপুৱা— নিচেই পুরা, ঢলপুৱা। সংবাদ পত্ৰ — বাতৰি কাকত, দৈনন্দিন – দৈনিক, সদায়, নিতৌ। হেৰফৰ অলপ লৰচৰ বা কম বেছ হোৱা অৱস্থা। নিয়াৰিকৈ – পৰিপাৰ্টিকৈ, নিমজকৈ, পোনকৈ। সুযোগ্য— অতিশয় উপযুক্ত। সাধক— সেৱক, সিদ্ধি কৰোঁতা। সহযোগ— কোনো কামত আনৰ সৈতে যোগদান। মিছনেৰি— মিছন (ধৰ্মপ্ৰচাৰ প্রতিষ্ঠান)ৰ ধৰ্ম প্ৰচাৰক বৃন্দ। ভাতৃপ্রতিম—ভাতৃ বা ভাইৰ নিচিনা। প্ৰসাৰ— বিস্তাৰ, সম্প্ৰসাৰ। নির্মল— পৰিস্কাৰ, নিকা। অনুকৰণীয়— আনে যিদৰে কৰে তেনেদৰে কৰিবলগীয়া, আনৰ কৰ্ম হুবহু একে কৰা।
বুজা আৰু লিখা :
খয় + ৰয় = থ্র।
নয় + ধয় + ৰয় = ন্ধ
তয় + বয় = ত্ব
সয় + তয় + ৰয় = স্ত্ৰ।
পঢ়া আৰু লিখা :
দৈনন্দিন | খ্রীষ্টান | প্রবন্ধ | প্রচেষ্টা | প্রতিষ্ঠা |
ব্যৱস্থা | পত্ৰৰন্ধ | কর্তৃত্ব | পৈতৃক | নিৰস্তু |
১। প্রথমে কোঁৱা, তাৰ পাছত লিখা :
(ক) আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কর্মৰাজি কিদৰে আৰম্ভ হৈছিল ?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি আৰম্ভ হৈছিল প্ৰাতঃভ্ৰমণেৰে। ফুকনদেরে ঢলপুরাতে উঠি লিখা পঢ়া কৰি, ফুৰিবলৈ যায় আৰু ফুৰি থাকোঁতেও বাটে বাটে বাতৰি কাকত পঢ়ি যায়। পুৱা ফুৰি আহি পুনৰ আঠ বজালৈ লিখা-পঢ়া কৰি উঠি, গৰম পানীৰে গা-ধুইছিল। এনেদৰেই আৰম্ভ হৈছিল ফুকনদেৱৰ দৈনন্দিন কৰ্মৰাজি।
(খ) আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল ?
উত্তৰঃ ইংৰাজ শাসকসকলে ১৮৩৬ চনত অসমৰ আদালত, পঢ়াশালি, কাৰ্যালয়ত অসমীয়া ভাষাৰ পৰিৱর্তে বাংলাভাষাৰ প্ৰচলন কৰাত অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকেই শিকিবলৈ নোপোৱা হ’ল। সেইবাবেই অসমীয়া ভাষাপ্রেমী আনন্দৰাম ঢেকিয়াল ফুকনে তেতিয়াই অসমৰ আদালত, পঢ়াশালি, কার্যালয় আদিত অসমীয়া ভাষাক পুনৰ প্ৰচলনৰ বাবে জোৰ দিছিল।
(গ) অসমীয়া ভাষা প্রচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি কি প্রচেষ্টা হাতত লৈছিল ?
উত্তৰঃ অসমীয়া ভাষা প্রচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া প্রথম বাতৰিকাকত ‘অৰুণোদই’ত অসমীয়া ভাষা সম্পৰ্কীয় ভালেমান প্রবন্ধ লিখাৰ উপৰিও ‘এনেটিভ’ ছদ্মনামত ‘এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ’ নামৰ কিতাপো লিখিছিল। আনন্দৰামকে ধৰি মিছনেৰীসকল আৰু আনকেইজনমান অসমীয়া লোকৰ প্ৰচেষ্টাত ১৮৭২ চনত অসমৰ আদালত, পঢ়াশালি আৰু কাৰ্যালয়ত পুনৰ অসমীয়া ভাষা প্রচলন হ’ল।
(ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম : ‘অসমীয়া ল’ৰাৰ মিত্র’, ‘আইন ও ব্যৱস্থা’, ‘অসমীয়া ভাষা বিষয়ক গ্রন্থ’ আৰু ‘সদৰ আদালতৰ নিস্পত্তি’।
(ঙ) আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা-জীৱন আৰম্ভ হৈছিল। গুৱাহাটীত। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল যদিও তেওঁৰ লগতে পঢ়িবলৈ যোৱা ভাতৃসম বন্ধু দুৰ্গাৰাম ফুকন আৰু আনকেইজনমান লোকৰ কলিকতাতে মৃত্যু হোৱাত শিক্ষা আধৰুৱা কৰি ঘৰলৈ উভতি আহে আৰু ইংৰাজী-বাংলা-অসমীয়া ভাষাৰ শিক্ষা অতি সুন্দৰকৈ শিকে লগতে কিতাপ আদিও লিখে। সংস্কৃত ভাষাত ভালদৰে বুজি পোৱা ফুকনদেৱ শিক্ষাৰ প্ৰতি ইমানেই আগ্রহী আছিল যে কেতিয়াবা টোপনি গৈ থকা সময়তো মুখলৈ চালে পঢ়ি থকা যেন দেখা গৈছিল।
(চ) আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা-পঢ়া কৰিছিল ?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনদেৱে প্রতিদিনে ব্রহ্মপুৱাতে উঠি লিখা-পঢ়া কৰিছিল।
(ছ) প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি ? এইখন কিমান চনত প্ৰকাশ হৈছিল ?
উত্তৰঃ প্ৰথম অসমীয়া বাতৰিকাকতখনৰ নাম ‘অৰুণোদই’, এইখন ১৮৪৬ চনত প্ৰকাশ পাইছিল।
২। বুজা আৰু লিখা :
বিদ্যা + আলয় = বিদ্যালয়।
হিম + আলয় = হিমালয়।
কার্য + আলয় = কার্যালয়।
চিকিৎসা + আলয় = চিকিৎসালয়।
দেব + আলয় = দেৱালয়।
৩। বাক্য ৰচনা কৰা :
হেৰফেৰ, প্ৰচলন, সহযোগ, সংবাদ পত্ৰ, প্ৰসাৰ।
উত্তৰঃ হেৰফেৰ :- ফুকনদেৱৰ দৈনন্দিন কৰ্মৰাজিৰ সময়ৰ হেৰফেৰ নহৈছিল।
প্রচলন :- ১৯৭২ চনত অসমীয়া ভাষা পুনৰ প্ৰচলন হ’ল।
সংবাদ-পত্ৰ :- ‘অৰুণোদই অসমৰ প্ৰথম অসমীয়া সংবাদ পত্র।
প্ৰসাৰ :- ফুকনদেৱে স্ত্রী-শিক্ষাৰ প্ৰসাৰৰ কাৰণেও নানা যত্ন কৰিছিল।
সহযোগ :- সকলোৰে সহযোগত টান কামো উজু হৈ পৰে।
৪। পঢ়া, বুজা আৰু লিখা :
বাটে বাটে :- মগনীয়াজনে বাটে বাটে ঘুৰি ফুৰিছে।
হাতে-হাতে :- হাতে হাতে হাত মিলাই আমি আগবাঢ়ি যাওঁ।
ঘৰে ঘৰে :- ল’ৰাবোৰে ঘৰে ঘৰে চান্দা তুলি ফুৰিছে।
বাৰে বাৰে :- ৰণিয়ে বাৰে বাৰে অঙ্কটো কৰিও উত্তৰ মিলাব পৰা নাই।
মনে মনে :- শিক্ষকে ছাত্ৰসকলক মনে মনে থাকিবলৈ কৈছে।
৫। পঢ়া, বুজা আৰু লিখা :
ৰোৱনীয়ে ভূঁই ৰোৱে।
ৰান্ধনীয়ে ভাত ৰান্ধে।
বোৱনীয়ে (শিপিনীয়ে) কাপোৰ বয়।
মাছৱৈয়ে মাছ মৰে।
ঢুলীয়াই ঢোল বায়।
হালোৱাই হাল বায়।
দাৱনীয়ে ধান দায়।
খোলবাদকে খোল বায়।
৬। পঢ়া, বুজা আৰু লিখা :
কাৰ্যালয়ৰ লগত জড়িত ব্যক্তি :- কেৰাণী, মহৰী, সঞ্চালক, বিষয়া, কৰ্মচাৰী আদি
বিদ্যালয়ৰ লগত জড়িত ব্যক্তি :- প্রধান শিক্ষক শিক্ষয়িত্রী, শিক্ষক শিক্ষয়িত্রী, ছাত্র-ছাত্রী (শিক্ষার্থী) কেৰাণী।
আৰক্ষী বিভাগৰ লগত জড়িত ব্যক্তি :- ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক, কনিষ্টবল, সহকাৰী অধীক্ষক, আৰক্ষী সঞ্চালক প্রধান।
ৰাজনীতিৰ লগত জড়িত ব্যক্তি :- মন্ত্রী, বিষয়া, বিধানসভাৰ অধ্যক্ষ, ৰাজ্যপাল।
আদালতৰ লগত জড়িত ব্যক্তি :- উকীল, মহৰী, ন্যায়ালয়ৰ উপায়ুক্ত, আয়ুক্ত।
গাওঁ পঞ্চায়তৰ লগত জড়িত ব্যক্তি :- গাওঁবুঢ়া, পঞ্চায়তৰ সভাপতি, সম্পাদক।
কৃষিৰ লগত জড়িত ব্যক্তি :- কৃষক, হালোৱা, ৰোৱনী, দাৱনী।
কাকত-আলোচনীৰ লগত জড়িত ব্যক্তি :- সম্পাদক, সহকাৰী, সম্পাদক, সাংবাদিক, স্থানীয় সংবাদদাতা।
মৌজাৰ লগত জড়িত ব্যক্তি :- মৌজাদাৰ
পুথিভঁৰালৰ লগত জড়িত ব্যক্তি :- পুথিভঁৰালী পাঠক (পঢ়ুৱৈ)।
৭। বিপৰীত অর্থবোধক শব্দ লিখা :
পুৱা, তপত, জ্যেষ্ঠ, সঁচা, উপকাৰ, স্ত্ৰী।
উত্তৰঃ
শব্দ | বিপৰীত শব্দ |
পুৱা | গধুলি, সন্ধিয়া |
তপত | চেঁচা, ঠাণ্ডা |
জ্যেষ্ঠ | কনিষ্ট |
সঁচা | মিছা |
উপকাৰ | অপকাৰ |
পুৰুষ | স্ত্রী |
৮। তলত দিয়া ব্যক্তিকেইজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। তাৰ পাছত লিখা :
(ক) আনন্দৰাম বৰুৱা।
(খ) লক্ষ্মীনাথ বেজবৰুৱা।
(গ) বাণীকান্ত কাকতি।
উত্তৰঃ (ক) আনন্দৰাম বৰুৱা :- সংস্কৃত সাহিত্যৰ অগাধ পণ্ডিত আনন্দৰাম বৰুৱা অসমীয়া সাহিত্যৰ এক উজ্জ্বল ভোটাতৰা। তেওঁ প্ৰথম চিভিলিয়ান, প্রথম বিলাতলৈ যাওঁতা, সৰস্বতীৰ বৰপুত্ৰ হ’ব পাৰিছিল, তেওঁ কেৱল আনন্দৰাম। সেয়েহে এইজনা বিদগ্ধ পণ্ডিতৰ নাম আজিও অসমে শ্ৰদ্ধাৰে সোঁৱৰে।
(খ) লক্ষ্মীনাথ বেজবৰুৱা :- আধুনিক অসমীয়া গদ্য সাহিত্যৰজনক সহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদের দীননাথ বেজবৰুৱাদেৱৰ সুযোগ্য সন্তান আছিল। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্ত্তি (চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা)ৰ অন্যতম। বেজবৰুৱাদের আধুনিক অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক বাবেই তেওঁক ‘সাহিত্যৰথী’ আৰু সাহিত্যত ব্যঙ্গৰসৰ লগতে অসমক সচেতন কৰা বাবে ৰসৰাজ’ উপাধিৰে বিভূষিত হৈছিল। ‘বুঢ়ী আইৰ সাধু’ ৰ দৰে মনোগ্রাহী সাধু শিশুসকলৰ অতি আপোন। তাৰোপৰি তেওঁ ‘জুনুকা’, ‘ককাদেউতা আৰু নাতিল’বা’, ‘সাধুকথাৰ কুকি’ আদি সাধুকথা পুথিৰ উপৰিও ‘কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি’, ‘তত্ত্বকথা’, কেহোঁকলি আদি বিভিন্ন ধৰণৰ গ্রন্থেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।
(গ) বাণী কান্ত কাকতি :- বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত জন্ম। দলিতৰাম কাকতি আৰু লাহোবালা কাকতিৰ সন্তান বাণীকান্ত কাকতিদেৱ
অসমীয়া সাহিত্য জগতৰ অন্যতম কীৰ্ত্তি। একাগ্রতা আৰু অধ্যৱসায়ৰ এক জলন্ত চিহ্ন— ভাষাবিদ ড° বাণীকান্ত কাকতি। প্ৰৱেশিকা পৰীক্ষাত ভিতৰুৱা গাঁও অঞ্চলৰ ল’ৰা হৈও অতি দক্ষতাৰে উত্তীৰ্ণ হোৱাৰ উপৰিও, শিক্ষাজীৱনৰ পিছৰ সময়ছোৱাতো স্বগৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। স্কুলীয়া সময়ৰ এটি ঘটনাই কাকতিদেৱৰ পঢ়াৰ প্ৰতি থকা অসীম, ধাউতিৰ পৰিচয় দাঙি ধৰে। সংস্কৃত বিষয়ৰ পৰীক্ষাত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক লক্ষ্মীকান্ত শৰ্মাৰ হাতত কাকতিদেৱে ১০০ ৰ ভিতৰত ১০৫ নম্বৰ পোৱাত, প্রধান শিক্ষকে শৰ্মাদেৱক মাতি নি কৈফিয়ৎ (কাৰণ) বিচাৰিছিল। উত্তৰত শৰ্মাদেৱে ৫ নম্বৰ বেছিকৈ পোৱাৰ কাৰণ দেখুৱাইছিল—“বাপাই, ইমান সুন্দৰকৈ আৰু শুদ্ধকৈ উত্তৰ দিছে যে মই আৰু ৫ নম্বৰ বেছিকৈ নিদি নোৱাৰিলোঁ।”
৯। পঢ়া, বুজা আৰু নিজে লিখা :
কর্ম – কৰম।
স্বর্ণ – সোণ।
ধৰ্ম – ধৰম।
সম্বল- সমল।
ভক্তি – ভকতি।
স্বাদ – সোৱাদ।
উত্তৰঃ ৰত্ন – ৰতন।
স্থিৰ ― থিৰ।
মিত্র ― মিতিৰ।
কম্পন ― কঁপনি।
গর্জন ― গাজনি।
সাম্ফল ― সফল।
১০। শিক্ষকক অর্থ বুজি লোৱাঁ। তাৰ পিছত লিখাঁ।
(ক) পঢ়ায়, পঢ়ে ৰোৱে পাণ।
এই তিনিয়ে, নিচিন্তে আন।।
(খ) অভ্যাসৰ নৰ
কর্ণপথে কৰে শৰ।
উত্তৰঃ (ক) “পঢ়ায় পঢ়ে, বোরে পাণ।
এই তিনিয়ে, নিচিন্তে আন”।
উক্ত প্রবচন বা ফকৰাটিৰ জৰিয়তে মনোযোগৰ বিষয়ে বুজাইছে। পঢ়ায় অর্থাৎ শিক্ষক, পঢ়ে – শিক্ষার্থী বা ছাত্ৰ-ছাত্ৰী আৰু পাণ বোরে মানে যিকোনো ব্যৱসায়ী অথবা যিয়ে যি কাম কৰে, সেই কামত মনে-প্ৰাণে এক হ’লেহে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সফল হ’ব পাৰি। শিক্ষকে শিক্ষাদানত, শিক্ষার্থী বিদ্যা বা শিক্ষালাভ, ব্যৱসায়ীয়ে ব্যৱসায়ত মন স্থিৰ কৰিব নোৱাৰিলে, সুফল ব্যর্থ হয়। সেইবাবেই স্বকর্মত মনোনিবেশ কৰাটো উচিত।
(খ) “অভ্যাসৰ নৰ
কর্ণপথে কৰে শৰ”।
অভ্যাসৰ জৰিয়তে যে আমি সকলো কাম অনায়াসে কৰিব পাৰোঁ, সেই কথাকে এই ফকৰা বা প্ৰৱচনটিত প্রকাশিত হৈছে। সু-অভ্যাস মানুহৰ আৰু কু-অভ্যাসে মানুহক অসৎ প্ৰকৃতিৰ কৰি তোলে। সেয়েই ‘অভ্যাসক দ্বিতীয় স্বভাৱ বা প্রকৃতি’ বুলি ইংৰাজীত কোৱা হৈছে (Habit is the second nature)। কাৰণ বিন্ধা অতি সৰু, অভ্যাসৰ দ্বাৰা শৰ মাৰি অতি ক্ষুদ্ৰ কৰ্ণৰ বিন্ধাও ভেদ কৰিব পাৰি বুলি কোৱা হৈছে। অর্থাৎ সৰুৰে পৰা এটি শিশুয়ে কৰা ভাল অভ্যাসৰ জৰিয়তেহে সুব্যক্তিত্ব গঢ় লয়।
অতিৰিক্ত প্রশ্নোত্তৰ
১। চমু উত্তৰ দিয়া :
(ক) আনন্দৰাম ঢেকিয়াল ফুকনদেৱ কেনে চৰিত্ৰৰ লোক আছিল ?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনদেৱ সজ বুদ্ধি সম্পন্ন, নির্মল তথা সাধু চৰিত্ৰৰ লোক।
(খ) ফুকনদেৱে লিখা নীতি উপদেশেৰে ভৰা কিতাপখনৰ নাম কি ?
উত্তৰঃ ফুকনদেৱে লিখা নীতি-উপদেশেৰে ভৰা কিতাপখনৰ নাম—’অসমীয়া ল’ৰাৰ মিত্র’।
(গ) আনন্দৰামে কোন চনত, ক’ত, কি নামৰে ছপাশাল প্রতিষ্ঠা কৰিছিল ?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে কলিকতাত এটা ছপাশাল প্রতিষ্ঠা কৰিছিল।
(ঘ) ছপাশাল প্রতিষ্ঠা কৰা প্ৰথম অসমীয়া কোন ?
উত্তৰঃ ছপাশাল প্রতিষ্ঠা কৰা প্ৰথম অসমীয়া হৈছে— আনন্দৰাম ঢেকিয়াল ফুকন।
(ঙ) কোনচনৰ পৰা কোন চনলৈ অসমৰ পঢ়াশালি, আদালত, কাৰ্যালয়ত অসমীয়া ভাষাৰ পৰিৱর্তে বঙলা ভাষাৰ প্ৰচলন হৈছিল ?
উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমৰ পঢ়াশালি, আদালত, কাৰ্যালয়ত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন হৈছিল।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.