যুৱ – উচ্ছৃংখলতা ৰচনা | Youth – Disorder Essay in Assamese

যুৱ – উচ্ছৃংখলতা ৰচনা | Youth – Disorder Essay in Assamese

Join Telegram channel

যুৱ – উচ্ছৃংখলতা: এখন দেশৰ সামগ্রিক উন্নয়নৰ মূল চালিকা শক্তি হ’ল যুৱসমাজ। সম্প্রতি এই যুৱশক্তিক কেন্দ্ৰ কৰি সমাজত গা কৰি উঠা এটা প্ৰধান সমস্যা যুৱ-উচ্ছৃংখলতাই ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে। ঘাইকৈ ১৪/১৫ বছৰ বয়সৰপৰা ২৫/৩০ বছৰৰ অনূৰ্দ্ধ, অবিবাহিত যুৱক-যুৱতীৰে যুৱ-সমাজ গঠিত। পৰিৱেশ, পৰিস্থিতিৰ প্ৰতিকূলতাত ইয়াৰে এচাম যুৱক-যুৱতীয়ে আত্ম-নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলতেই সৃষ্টি হয় যুৱ-উচ্ছৃংখলতা। ক্রমশঃ ই কৰ্কট ৰোগৰ দৰে ছানি ধৰে সমাজ, সংস্কৃতি, ৰাজনীতি সকলোকে। হৈ পৰে এক সামাজিক ব্যাধি।

যুৱ - উচ্ছৃংখলতা ৰচনা

যুৱ উচ্ছৃংখলতাৰ কাৰণসমূহ

যুৱ-মানসত কেৰোণ লাগিলেই সৃষ্টি হয় উচ্ছৃংখলতা। কোনো উঠি অহা ডেকা-গাভৰুৱে স্ব-ইচ্ছাই উচ্ছৃংখল আচৰণ প্ৰদৰ্শন নকৰে। ইয়াৰ নেপথ্যত থাকে আন কিছু আনুষংগিক বিষয়। সেয়েহে সুস্থ যুৱ-মানসিকতাৰ বিপৰীতে উচ্ছৃংখল মানসিকতাক আঁকোৱালি লোৱাৰ বাবে পোনচাটেই যুৱসামজক জগৰীয়া কৰিলে অন্যায় কৰা হ’ব। যুৱ-সমাজৰ এচাম বিপথে যোৱাৰ মূল কাৰণ বিচাৰিবলৈ গ’লৈ পৰিয়াল, সমাজ, ৰাজ্য তথা দেশৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ কথা আহি পৰে। এটি সন্তানে শৈশৱৰেপৰা পৰিয়ালৰ সদস্যসকলক অনুকৰণ কৰে। “পিতৃ চাই পুত্ৰ’ অথবা ‘মাক চাই জীয়েক’ আদি প্রবচনে সন্তানে মাক-দেউতাকক অনুকৰণ কৰাটোকে বুজায়। সম্প্রতি যৌথ পৰিয়ালৰ সলনি একক পৰিয়ালৰ সীমাবদ্ধতাৰ মাজত এটি শিশুৱে শৈশৱৰেপৰা যৌৱনৰ দুৱাৰ-ডলিত ভৰি দিয়ালৈকে যি শিক্ষা গ্ৰহণ কৰে সিয়েই হৈ পৰে ভৱিষ্যতৰ প্রাথমিক বুনিয়াদ। 

সাম্প্রতিক সমাজত কিশোৰ-কিশোৰী তথা কম বয়সীয়া যুৱক-যুৱতীক বিনা দ্বিধাই ভোগ সৰ্বস্ব জীৱনৰ সহজ পথ দেখুৱাই দিয়াৰ বাবে প্ৰথম জগৰীয়া পিতৃ-মাতৃ, অভিভাৱকসকল। সাম্প্রতিক সমাজ মানেই বন্ধনহীন, উন্মুক্ত সমাজ । এনে এখন সমাজত অভিভাৱকৰ সময়োপযোগী নিয়ন্ত্রণ অবিহনে যুৱ-মানসত উচ্ছৃংখলতাৰ সৃষ্টি হোৱাটো অৱশ্যম্ভাৱী। টেলিভিচন যোগে প্ৰচাৰিত বিভিন্ন দেশী-বিদেশী চেনেলসমূহৰ কোন-কেইটা জ্ঞানবৰ্দ্ধৰ্ক আৰু দৰ্শনৰ উপযোগী সেয়া সৰুতে শিশুক নিৰ্ধাৰণ কৰি দিয়াটে৷ অভিভাৱকৰ কৰ্ত্তব্য। তাৰ বিপৰীতে ৰিম’ট হাতত তুলি দি হকে বিহকে চেনেলৰ অনুষ্ঠান চোৱাৰ সুযোগ দিয়া, ইণ্টাৰনেটত জ্ঞান-বিজ্ঞানৰ বতৰা লোৱাৰ সলনি নেতিবাচক কাম কৰাৰ বাট মুকলি কৰি দিয়া লোকে এই সমাজত বিৰল নহয়।

বর্তমান গোলকীকৰণৰ যুগত মুক্ত অৰ্থনীতিৰ গইনা লৈ ভাৰতত প্ৰৱেশ কৰা পশ্চিমীয়া সংস্কৃতিয়ে গাঁও-ভূঁই, নগৰ চহৰ সৰ্বত্ৰ গ্ৰাস কৰি আহিছে। এসময়ত ৰেডিঅ’টোকে বাপতি-সাহোন ৰূপে লৈ দেশৰ বা বাতৰি সমজুৱাভাবে লোৱাৰ দিন এতিয়া উকলিল। চি. ডি. ভি. চি. ডি. ডি. ভি. ডিৰ অবৈধ কেছেটৰ ৰমৰমীয়া ব্যৱসায় চলিল। জাতীয় উৎসৱ বিহু, তিথি, অন্যান্য উৎসৱ-পাৰ্বৰ্ণৰ নামত এচলু পানী দি বঙচণ্ডীয়া পাশ্চাত্যৰ জীৱনাদৰ্শক আঁকোৱালি ল’বলৈ যেতিয়াই সমাজৰ অগ্ৰণী এচাম ওলাই আহিল তেতিয়া আৰু যুৱ-সমাজলৈ বাকী থাকিল কি?

Read Also: নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা | Need For Women’s Education Essay in Assamese

যুৱ – উচ্ছৃংখলতা: অনুশাসনহীনতা আৰু এই দিশত কৰণীয়

অনুশাসনহীনতাই যুৱ-সমাজত উচ্ছৃংখলাৰ বীজ ৰোপন কৰাত ইন্ধন যোগায়। অভিজাত পিতৃত্ব ধনেৰে যেতিয়া যুৱ-সমাজৰে কোনো কোনোৱে বিলাসিতাপূর্ণ গাড়ী, বাইকত উঠি হাতে হাতে ম’বাইল ফোন লৈ পঢ়াৰ নামত ইভটিজিং, ৰেগিং আদিৰে সহপাঠী বা অন্যান্য পথৰুৱাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰে তেতিয়া সমাজৰ কেইজন আগ বাঢ়ি আহে সিও বিচাৰ্যৰ বিষয়। ‘দেশৰ ভাৱষ্যত্ যুৱ প্ৰজন্মৰ হাতত’ -বুলি ক’লেই নহ’ব, বৰং তেওঁলোকক সঠিক দিক্‌ দৰ্শন কৰাটোহে হ’ব অগ্ৰজসকলৰ প্ৰধান কৰ্তব্য। যোৱা দুটা দশকৰপৰা যুৱসমাজৰ মাজত সঘনাই উচ্ছৃংখলতাই খোপনি পোতাৰ মানসিকতা গঢ়ি উঠিছে যাক লৈ বৌদ্ধিক সমাজত এক আলোড়নৰ সৃষ্টি হৈছে। আজি সমাজৰ এনে এডোখৰ নিৰাপদ ঠাই নাই য’ত এই ‘যুৱ-উচ্ছৃংখলতা’ শব্দটোৱে খোপনি পোতা নাই।

শিক্ষানুষ্ঠান, সাংস্কৃতিক মঞ্চ, খেল-পথাৰ, চিনেমা-গৃহ পার্ক আদি আমোদপ্রমোদৰ ঠাই সকলোতে চকুত পৰে এচাম যুৱক-যুৱতীৰ উচ্ছৃংখল আচৰণ। এয়া সঁচাকৈয়ে উদ্বেগৰ কাৰণ। এনে ক্ষেত্ৰত প্ৰতিকাৰক হিচাপে প্ৰাথমিক শিক্ষাৰ পৰ্যায়ৰপৰা নিয়মানুবর্তিতা, অনুশাসন, যোগৰ অভ্যাসেৰে সংযম আয়ত্ত কৰাৰ কৌশল শিকালে নিশ্চয় সুফল পোৱা যাব। মাধ্যমিক শিক্ষা পদ্ধতিত আধ্যাত্মিক শিক্ষাৰ ব্যৱস্থা কৰিলে ভোগবাদী চিন্তাধাৰাৰ পৰিৱৰ্তে এক সু-শৃংখলিত আদর্শ গঢ় লৈ উঠিব। এনে শিক্ষা গ্ৰহণ কৰা কিশোৰ-কিশোৰীয়ে যৌৱনৰ সোণোৱালী দিনবোৰত নিজকে সৎ ব্যক্তিৰূপে সমাজত থিয় কৰাবলৈহে দৃঢ়-সংকল্পবদ্ধ হ’ব। অগ্রজ তথা মান্যভাৱে লোকৰ প্ৰতি এনে যুৱক-যুৱতীয়ে কেতিয়াও শ্রদ্ধা, ভক্তি, সন্মান প্ৰদৰ্শন কৰিবলৈ নিশ্চয় নাপাহৰিব।

সম্প্রতি শিক্ষাগত অৰ্হতা থকা সত্ত্বেও উপযুক্ত সংস্থাপনৰ অভাৱত দেখা দিয়া নিবনুৱা সমস্যাই যুৱ-প্ৰজন্মক হতাশাগ্রস্ত কৰি তুলিছে। আমাৰ উচ্চ শিক্ষা পদ্ধতিত কেৱল পুথিগত পাঠ্যক্রম সন্নিৱিষ্ট হোৱাৰ বাবে চাকৰিমুখী হোৱাৰ বাহিৰে হাতে-কামে ধন উপাৰ্জন কৰাৰ পথ বন্ধ। আনহাতে আমাৰ প্ৰচলিত উচ্চতৰ মাধ্যমিক, স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিষয়বস্তু তথা পৰীক্ষা-পদ্ধতি অন্যান্য প্রতিযোগিতামূলক পৰীক্ষাৰ উপযোগীকৈ প্ৰস্তুত নোহোৱাৰ বাবে বহু মেধা-যুৱক-যুৱতীয়ে প্ৰাপ্য কর্মসংস্থানৰপৰা বঞ্চিত হৈ আহিছে।

কলা, বাণিজ্যৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্রী লাভ কৰাৰ পাছত অন্যান্য কি কি পাঠ্যক্রম পঢ়িব পাৰি সেয়া সঠিকভাৱে নজনাৰ ফলত একেঘেয়ামি শিক্ষাকে গ্ৰহণ কৰিবলগীয়া হয়। ফলস্বৰূপে নিবনুৱা শিক্ষিতৰ সংখ্যা বাঢ়ে। স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতো চাকৰিহীন জীৱন এটা কটাবলৈ যাওঁতে বিৰক্ত হৈ এটা সময়ত স্ব-নিৰ্ভৰশীলতাৰ নামত বাট এৰি অবাটে যোৱা যুৱক-যুৱতীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে এফালে এচাম যুৱক-যুৱতীক সাফল্যৰ উচ্চতম শিখৰত আৰোহণ কৰোৱাৰ বিপৰীতে আন এচাম যুৱ-প্ৰজন্মই হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ নিজৰ তথা আনৰ জীৱনক লৈ হেতালি খেলিছে। আজি বোমা-বাৰুদৰ গোন্ধ সৰ্বত্ৰ সুলভ, সুলভ মানুহৰ মৃত্যু। সমাজত হত্যা-সন্ত্রাস কিম্বা হিংসা বৃদ্ধি হোৱাৰ ঘাই শিপাডাল চিনাক্ত কৰি উভালি পেলাব পাৰিলেহে যুৱ-প্ৰজন্ম ৰক্ষা পৰিব।

Read Also: Class 11 Economics Question Answer

যুৱ – উচ্ছৃংখলতা: অন্যান্য কাৰণ

যুৱ-উচ্ছৃংখলতাৰ অন্য এক কাৰক হ’ল নিচাযুক্ত দ্রব্য। মদ, ভাং, কানি, ব্রাউন চুগাৰ, হিৰোইন, আদি নিচাযুক্ত ড্ৰাগছ সেৱন কৰি আজি বহু উঠি অহা যুৱকে সমাজকৈ বিষ-বাষ্প কঢ়িয়াই অনা সততে পৰিলক্ষিত হৈছে। ভোগসর্বস্ব বস্তুবাদী সমাজৰ স’তে ফেৰ মাৰিবলৈ গৈ এচাম যুৱক-যুৱতী সহজে বলি হয় এনে মাৰাত্মক বৰবিহৰ। এই বৰবিহ হাঁহি মুখে গলাধঃকৰণ কৰি লাভ কৰা সাময়িক তৃপ্তিৰ পাৰ্শ্বক্রিয়া কিন্তু ব্যক্তি তথা সমাজৰ বাবে অতি বিষময়। এনে নিচাযুক্ত দ্ৰব্যৰপৰা যুৱ-সমাজক আঁতৰাই ৰাখিব নোৱাৰিলে সমাজলৈ অচিৰতে বিভীষিকা নামি অহাৰ সম্ভাৱনীয়তাক কোনেও নুই কৰিব নোৱাৰে। নাৰীৰ অশালীন সাজ-পোছাক পৰিধান, সস্তীয়া আলোচনী, গ্রন্থাদি, যৌনগন্ধী চিনেমা, বাটে-ঘাটে, কাকতে-পত্রই প্রকাশিত, প্রদর্শিত দৃষ্টিকটু বিজ্ঞাপন আদিও যুৱ-উচ্ছৃংখলতাৰ পৰোক্ষ কাৰক৷ তদুপৰি বৰ্তমান হাতৰ মুঠিতে বিশ্বখন পোৱা মোবাইল ফোন। বিভিন্ন কোম্পানীয়ে আগবঢ়োৱা ইণ্টাৰনেট সেৱা আদিয়ে সকলো সহজলভ্য কৰি তুলিছে। দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাত বৰ বৰ আখৰেৰে প্ৰকাশিত ধর্ষণ, বলাৎকাৰ আদি শব্দ তথা পৰিঘটনাৰ বৰ্ণনাই কিশোৰ-কিশোৰীৰ অনুসন্ধিৎসু মনত কেনে প্রভাৱ পেলাব পাৰে সেয়া সকলোৰে বাবে সহজে অনুমেয়। এনে দিশবোৰ এৰাই চলিব পাৰিলে উঠি অহা নৱ-প্ৰজন্মৰ বাবেই মংগল।

যুৱ – উচ্ছৃংখলতা: প্ৰতিকাৰ

কর্মহীনতাই মনলৈ আলস্য ভাব আনে। এনে ক্ষেত্ৰত কেৱল চাকবিমুখী নহৈ শিল্প, বাণিজ্যত মনোনিবেশ কৰিলে যুৱক-যুৱতীৰ হাতলৈ সৎ পথেৰে অৰ্জা ধনো আহিব, অভাৱো আঁতৰিব। কর্ম-সংস্কৃতিয়ে যুৱ-প্ৰজন্মক আগবঢ়াই নিয়াৰ দায়িত্ব আজি সমাজৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৰকাৰৰ। সমাজৰ বুদ্ধিজীৱীসকলেও আগ-ভাগ লৈ দেশ তথা জাতিৰ ভৱিষ্যৎ প্ৰজন্মক দিক্‌দৰ্শন কৰি উচ্ছৃংখলতা ৰোধ কৰিবলৈ ওলাই আহক। কিয়নো যুৱ-মানসত এবাৰ উচ্ছৃংখলতাই খোপনি পুতিলে জাতি তথা দেশৰ অধঃপতন অনিবার্য।

উপসংহাৰ

যুৱ-উচ্ছৃংখলতাই ব্যক্তিগতভাৱে ক্ষতি কৰাৰ উপৰিও সমাজ, অর্থনীতি, ৰাজনীতি আদি সকলো দিশতে ঋণাত্মক প্ৰভাৱ পেলায়। এনে এক অশুভ আচৰণক ৰোধ কৰাৰ প্ৰথম উপায় হ’ল যুৱ-শক্তিক সদা সৎ কর্ম, সৎ চিন্তাত, প্ৰৱিষ্ট কৰি ৰখা। ইয়াৰ বাবে প্রথমে নিজে বিবেকৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। দ্বিতীয়তে পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক আৰু চৰকাৰো সদা সচেষ্ট হ’ব লাগিব। ঘৰুৱা পৰিৱেশ হ’ব লাগিব আধ্যাত্মিকতাসম্পন্ন, সুস্থ আৰু নিকা। বিদ্যালয়ত পুথিগত অধ্যয়নৰ উপৰিও খেলা-ধূলা, নৃত্য-সংগীত-চিত্ৰকলাৰ দৰে সুকুমাৰ শিল্পৰ চৰ্চা, জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে কিতাপ পঢ়াৰ অভ্যাস কৰা, হস্ত, শিল্পৰ শিক্ষালোৱা আদি সৃষ্টিশীল কৰ্মত ছাত্ৰ-ছাত্ৰীক নিয়োগ কৰি সৃজনীশীল প্রতিভাৰ স্ফুরণ ঘটোৱা, ভ্ৰমণৰ জৰিয়তে দেশ-জাতি-মানুহৰ হৃদয়ৰ বতৰা লোৱা, আনৰ প্ৰতি দয়াশীল হ’বৰ বাবে উদগনি যোগোৱা, ছাত্ৰ-জীৱনৰ পথ সঠিকভাৱে নিৰূপণ কৰি লোৱাত দিগদর্শী হোৱা বিষয়বোৰ সন্নিবিষ্ট হ’লে যুৱ-মানসিকতাৰ কেতিয়াও স্খলন হ’ব নোৱাৰে। তদুপৰি আৱেগক সংযত কৰি ৰখাৰ অভ্যাসো এই বয়সতে গঢ়ি তুলিবই লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top