অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰচনা | Theatre in Assam Essay in Assamese

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰচনা | Theatre in Assam Essay in Assamese

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

মানুহ সদায় কল্পনাপ্ৰৱণ আৰু মনোৰঞ্জনপ্রিয়। আদিম যুগৰে পৰা মানুহে শাৰীৰিক অংগি-ভংগিৰ দ্বাৰা বিভিন্ন ভাব প্রকাশ কৰি পৰস্পৰক আনন্দৰ খোৰাক যোগাই আহিছে। মনোৰঞ্জনে মনৰ দুখ বা শাৰীৰিক ক্লান্তিদূৰ কৰে। ক্রমবিকাশৰ পথত মানৱ জাতিয়ে দিনে দিনে উন্নতিৰে জখলাৰে আগুৱাই গ’ল, মানুহ সভ্য হ’ল, সমাজ হ’ল আৰু গীত-মাত, ৰীতি-নীতি আদিকে ধৰি আৰু শাৰীৰিক প্ৰকাশভংগী আদিয়ে এদিন কলা-সংস্কৃতিৰ ৰূপ ল’লে। কলা-সংস্কৃতিশব্দ দুটাৰ পৰিসৰ অতি গভীৰ আৰু বিশাল ৷ আধুনিক কলা-সংস্কৃতিৰ বিকাশ হৈছিল গ্ৰীচ দেশত। ইয়াৰে অন্তৰ্গত নাট্যকলাৰে প্ৰথম প্ৰসাৰ হৈছিল গ্ৰীচ দেশতে। খ্রীঃপূঃ ৬৬০ মানতে ডাইঅ’নিছীয় উৎসৱ পালনৰ যোগেদি গ্ৰীচত নাট্যকলাৰ বিকাশ ঘটিছিল। খ্ৰীঃপূঃ ৫৩৪ত প্ৰথমবাৰৰ বাবে এথেন্সত নাট মহোৎসৱ অনুষ্ঠিত হৈছিল। প্রাচীন ভাৰতবৰ্ষতো যে নাট্যচৰ্চা চলিছিল, ভৰতৰ নাট্যশাস্ত্ৰই তাকেই প্রমাণ কৰে।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰচনা | Theatre in Assam Essay in Assamese

সভ্যতা আৰু বিজ্ঞানৰ বিকাশৰ পথত ক্ৰমে কলা-সংস্কৃতিয়েও বিকাশ লাভ কৰিলে আৰু বিভিন্ন শাখা-প্রশাখাই পোখা মেলিলে। আধুনিক মঞ্চনাট অভিনয় আৰু অন্যান্য মাধ্যমৰ যোগেদি কলা-সংস্কৃতিৰ বর্ণময় জগতখনক ক্রমশঃ সমৃদ্ধ কৰি তুলিলে। বর্তমান সময়ত ইলেক্ট্রনিক মাধ্যমৰ বহুল প্ৰসাৰৰ মাজতো বিভিন্ন কলাৰ চৰ্চা চলি আছে। বিশ্বৰ বিভিন্ন থিয়েটাৰত মঞ্চাভিনয়ে দর্শকক এতিয়াও মনোৰঞ্জন যোগাই আহিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসম মুলুকতো সম্প্ৰতি মঞ্চাভিনয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰি আহিছে। অৱশ্যে স্থায়ী মঞ্চতকৈ ভ্রাম্যমাণ মঞ্চৰ জনপ্ৰিয়তাহে সর্বাধিক।

Read Also: সমবায় আন্দোলন ৰচনা | The Cooperative Movement Essay in Assamese

অসমৰ ভ্ৰাম্যমাণৰ জন্ম আৰু বিকাশ | The Birth and Development of Theatre in Assam

Table of Contents

অসমত ভ্রাম্যমাণ নাট্যদলৰ জন্ম কেতিয়া হৈছিল, তাক সঠিকভাৱে ক’বলৈ টান যদিও পূৰ্বৰ পৰা প্রচলিত যাত্ৰাপাৰ্টীৰ বিকাশৰ ফলতেই এনে ৰূপ লয় বুলি কোৱাৰ থল আছে। ভ্রাম্যমাণ নাট্যদল হিচাপে পোনপ্ৰথমে ১৯৬৩ চনত নটৰাজ থিয়েটাৰ নামেৰে আত্মপ্রকাশ ঘটিছিল। এই নাট্যদলৰ জন্ম দিছিল পাঠশালাৰ অচ্যুত লহকৰ নামৰ সংস্কৃতিৱান ব্যক্তিজনে। ১৯৬৩ চনতে জন্ম হোৱা ভ্ৰাম্যমাণ নাট্যদলে একলা-দুকলাকৈ বাঢ়ি বাঢ়ি বৰ্তমান অসমত এক বিশেষ স্থান অধিকাৰ কৰি আছে। পিছলৈ এই ধাৰা অব্যাহত ৰখাত বহুকেইজন নাট্যপ্রেমীয়ে বৰঙণি আগবঢ়াই আহিছে, তাৰ ভিতৰত ৰতন লহকৰ, কৃষ্ণ ৰয়, প্রশান্ত হাজৰিকা, আদিৰ নাম ল’ব পাৰি।

বৰ্তমান অসমত ডেৰ কুৰিৰো অধিক ভ্ৰাম্যমাণ নাট্যদলে চহৰ-নগৰ, গাঁও-ভূঁই সকলোতে বছৰি ৪-৫খনকৈ নাটক মঞ্চস্থ কৰি আহিছে। ভ্ৰাম্যমাণ নাট্যদল একোটাত সাধাৰণতে কুৰিগৰাকীৰো অধিক অভিনেতা-অভিনেত্রী তথা বহুখিনি কলা-কুশলী থাকে। সেইদৰে সংগীতৰ বাবে বাদ্যযন্ত্ৰী, নৃত্যৰ বাবে শিল্পী তথা সিবিলাকৰ পৰিচালক, সাজসজ্জা, পোহৰ, শব্দ, প্ৰচাৰ, যোগাযোগ আদি বিভিন্ন বিভাগৰ দায়িত্ব বেলেগ বেলেগ থাকে। অৱশ্যে এই সকলোৰে ঊর্ধ্বত থাকে প্রযোজকজন। অসমত সম্প্ৰতি দৰ্শকৰ প্রভূত সমাদৰ লাভ কৰা তথা জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদলৰ ভিতৰত কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ, চিত্রলেখা থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ আদি উল্লেখযোগ্য।

Read Also: Class 10 Boichitramoi Assam Solution

ভ্ৰাম্যমাণ থিয়েটাৰ ইয়াৰ উপকাৰিতা

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়া সংস্কৃতিক চহকী কৰি ৰাখিছে। সম্প্ৰতি অসমত ভ্রাম্যমাণ থিয়েটাৰে সাংস্কৃতিক দিশত প্ৰসাৰ লাভ কৰাৰ লগতে আর্থিক দিশতো প্রভূত অৱদান আগবঢ়াইছিল। বিশেষকৈ অভিনয়ৰ যোগেদি জীৱিকা উপাৰ্জন কৰি চলি থকা অভিনেতা-অভিনেত্ৰীসকল চিনেমা উদ্যোগৰ ক্রমাগতভাৱে ধ্বংসৰ গৰাহলৈ যোৱাৰ সময়ত একমাত্ৰ ভৰসা হিচাপে থাকিল এই ভ্রাম্যমান থিয়েটাৰহে। সেইদৰে আন কলা-কুশলীসকলেও কর্ম সংস্থাপন লাভ কৰিছে। বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সাহায্যার্থে ভ্ৰাম্যমাণ থিয়েটাৰ আমন্ত্ৰণ কৰি অনা হয়; ফলস্বৰূপে এই অনুষ্ঠান-প্রতিষ্ঠানবোৰেও আৰ্থিক সাহায্য লাভ কৰে। নাট্যকাৰসকলেও নতুন নতুন নাট ৰচনা কৰি সাহিত্যসংস্কৃতিৰ ক্ষেত্ৰখনতো যথেষ্ট অৱদান আগবঢ়োৱাৰ লগতে আৰ্থিকভাৱেও উপকৃত হৈছে । তদুপৰি নাটক বুলিলেই তাত অন্তৰ্ভুক্ত হৈ থাকে একোটা ‘মেছেজ’। এনে মেছেজে দৰ্শকৰ মনত ঠাই লৈ সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰতো অৰিহণা যোগোৱাৰ সম্ভাৱনা থাকে ৷

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

সামৰণি

‘Old order changeth yielding place to new.’ অর্থাৎ পুৰণিৰ ঠাইত নতুনে জোৱাৰ তুলিছে। ভ্ৰাম্যমাণলৈও নতুনৰ জোৱাৰ আহিছে। নিতৌনন কৌশল সৃষ্টি বা আমদানি কৰিছে। বিভিন্ন ‘টেকনিক’ খটুৱাই মঞ্চত হেলিকপ্তাৰ উৰুৱাইছে, বৃহৎ জাহাজ দেখুৱাইছে আৰু ভিন্ন কলা-কৌশলৰ সহায়ত জীৱন্ত কৰি তুলিছে। বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰ এক শিল্প উদ্যোগলৈ পৰ্যৱসিত হৈছে; য’ত বহুখিনি মানুহে উপাৰ্জনৰ বাট এটা পোৱাৰ লগতে সাহিত্য-সংস্কৃতিৰো বাহক হৈ পৰিছে। সম্প্ৰতি ইলেক্ট্রনিক মাধ্যমৰ প্ৰভূত বিকাশৰ সময়তো ভ্ৰাম্যমাণে দৰ্শকৰ আকৰ্ষণ কমাব পৰা নাই, বৰঞ্চ বেছিহে হৈছে। সেয়ে ক’ব পাৰি যে ভ্ৰাম্যমাণে অসমীয়া সংস্কৃতিৰ পৰিচয়ৰ বাহক হোৱাৰ লগতে সমাজলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াই আহিছে। গতিকে এনেবিলাক দিশলৈ লক্ষ্য কৰি চৰকাৰেও ভ্ৰাম্যমাণ নাট্যদলবিলাকৰ অধিক বিকাশৰ দিশত প্রত্যক্ষ সহযোগিতা আগবঢ়োৱা উচিত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top