নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা | Need For Women’s Education Essay in Assamese

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা | Need For Women’s Education Essay in Assamese

Join Telegram channel

জৱাহৰলাল নেহৰুৱে কৈছিলঃ “এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিতকৰি তোলা; কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে হ’ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা।” নাৰী শিক্ষাৰ প্রয়োজনীয়তা সন্দৰ্ভত এই কথাষাৰি বিশেষভাৱে প্ৰযোজ্য। শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতোপ্ৰকাৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলাৰ একমাত্র মাধ্যম হ’ল শিক্ষা। সু-শিক্ষাই মানুহক পশুত্বৰপৰা দেৱত্বৰ শাৰীলৈ উত্তীর্ণ কৰে । অন্ধৰ লাখুটিস্বৰূপ শিক্ষা সেয়ে পুৰুষ নাৰী নির্বিশেষে সকলোৰে বাবে অতি আৱশ্যকীয়।

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা

প্রাচীন কালত নাৰী শিক্ষা

বৈদিক যুগত পুৰুষৰ সমানে নাৰীয়েও যাগ-যজ্ঞাদিত অংশগ্ৰহণ কৰাৰ লগতে বৈদিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা লাভ কৰাৰ পথ প্রশস্ত আছিল। গার্গীমৈত্রেয়ী আদি বিদুষী নাৰীয়ে শ্লোক ৰচনা কৰাৰ উল্লেখে নাৰীৰ সবল স্থিতিৰ কথাকে সূচায়। পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘Women in Hindu Society’ শীর্ষক প্রবন্ধত এনেদৰে উল্লেখ কৰিছে- “অতীতত ভাৰতীয় নাৰীৰ স্থান উচ্চ আছিল। নাৰীৰ বাবে শিক্ষা অতি আৱশ্যকীয় বুলি গণ্য কৰা হৈছিল। ব্রাহ্মণ সমাজত ছোৱালীক বৈদিক শিক্ষা দিয়া হৈছিল আৰু ক্ষত্রিয় সমাজৰ ছোৱালীক ধনু-কাঁড়ৰ ব্যৱহাৰ শিকোৱা হৈছিল। মেগেস্থেনিছৰ টোকাত সম্রাট চন্দ্ৰগুপ্তৰ নাৰী দেহৰক্ষীৰ উল্লেখ পোৱা যায়। অৱশ্যে সেই নাৰী ভাৰতীয় নাছিল। প্রাচীন ভাৰতৰ মুকলি বিশ্ববিদ্যালয়ত ল’ৰা ছোৱালীয়ে একেলগে শিক্ষা লাভ কৰিছিল। অত্ৰেয়ীয়ে বাল্মীকিৰ অধীনত ৰামৰ পুত্ৰ দ্বয় লব-কুশৰ সৈতে একেলগে অধ্যয়ন কৰিছিল। ছোৱালীৰ ক্ষেত্ৰত সংগীত, নৃত্য, চিত্ৰকলাৰ দৰে সুকুমাৰ কলাৰ শিক্ষাদানত বিশেষ উৎসাহিত কৰা হৈছিল।

ঋক-বৈদিক যুগত যাগ-যজ্ঞ, পূজা-পাতল আদি ধৰ্মীয় কাৰ্যত নাৰীৰ সামাজিক অৱস্থিতি মন কৰিবলগীয়া। সেই সময়ৰ বিদুষী নাৰী ঋষিপত্নী যেনে ঋষি অগস্ত্যৰ পত্নী লোপামুদ্রা, ঋষি অত্রি কন্যা বিশ্ববাৰা, অপালা, ঋষি সাবিত্রী সূর্যা, ঋষি ইন্দ্ৰানী আদিৰ নাম উল্লেখযোগ্য।

Read Also: সমবায় আন্দোলন ৰচনা | The cooperative movement Essay in Assamese

মধ্যযুগত উত্থান আৰু অবক্ষয়

খ্রীঃ পূঃ ষষ্ঠ শক্তিকামানত বৌদ্ধ ধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰীৰ স্বাধীনতা তথা শিক্ষাৰ প্ৰসাৰতাৰ উমান পোৱা যায়। সম্রাট অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে কন্যা সংঘমিত্রাক সিংহল দ্বীপলৈ প্ৰেৰণ কৰাটোৱে নাৰীক পুৰুষৰ সমকক্ষ বুলি ভবাৰ উৎকৃষ্ট নিদর্শন।

যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় দুশ বছৰৰ পাছত লিপিবদ্ধ হোৱা মনুৰ ধৰ্ম-শাস্ত্ৰত সন্নিবিষ্ট নাৰীকেন্দ্ৰিক দমনীতিসমূহে নাৰী স্বাধীনতাক সমূলঞ্চে মষিমূৰ কৰি পেলালে। ভাবতীয় সমাজত, জন-মানসত খোদিত হ’ল নাৰীৰ প্ৰতি শোষণ নীতি, দমন নীতি। মধ্য যুগত ভাৰতবৰ্ষত সঘনাই হোৱা বিদেশীৰ আক্ৰমণে নাৰীক চাৰিবেৰৰ মাজত আবদ্ধ কৰাবলৈ বাধ্য কৰালে। বাল্য-বিবাহ প্রথা প্রচলিত হ’ল। সৃষ্টি হ’ল পুরুষপ্রধান সমাজৰ। নাৰী শিক্ষা গৌণ হৈ পৰিল। পুৰুষপ্ৰধান সমাজত নাৰী হৈ পৰিল পণ্য সামগ্রী।

একালে আদ্যা শক্তিরূপে, দুর্গা, কালী, ভৈব্বী, লক্ষ্মী, সরস্বতীক উপাসনা কৰা, আনফালে পণ্য সামগ্ৰীৰূপে ক্রয় বিক্রয় করা (ৰজা হবিশ্চদ্ৰয়ো নিজ পত্নীক ব্রাহ্মণৰ ওচৰত বেচিছিল), যৌতুক আনিব নোৱধাৰ বাবে হত্যা করা বা অত্যাচাৰ উৎপীড়ন কৰাৰ পৰিঘটনা ভাৰতীয় সমাজত সুলভ হৈ পৰিল। তাৰ মাজতো ভাৰতীয় নাৰীয়ে যোগ্যতা-অৰ্হতাৰে সমাজ, ৰাজনীতিত সন্মানীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈ আহিছে। বৈদিক যুগৰপৰা সাম্প্রতিক কাললৈকে কীৰ্তিৰে নাম উজ্জ্বলাই ৰখা গার্গী, মৈত্রেয়ী, সীতা, কুন্তী, দ্রৌপদী, খনা, লীলাবতী, মীবাবাই, ঝান্সীৰ ৰাণী লক্ষ্মীবাই, জয়মতী, কনকলতা, ইন্দিরা গান্ধী, সরোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, শান্তিব নোবেল বঁটা বিজয়ী মাডাৰ টেৰেচা, ভাৰত প্রথম মহাকাশচাৰী মহিলা কল্পনা চাওলা আদি বৰেণ্যা বিদুষী নাৰীৰ নাম প্ৰাতঃস্মৰণীয়।

Read Also: Class 11 Economics Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

নাৰী শিক্ষাৰ ক্ষেত্ৰত জাগৰণ

শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে একোটি সুস্থ পৰিয়াল, পৰিয়ালৰপৰা সমাজ, সমাজৰপৰা দেশ গঠন হোৱাটো সম্ভৱ। ভাৰতৰ গণতন্ত্রয়ো পুরুষ মহিলা উভয়ে শিক্ষিত হোৱাটোত গুৰুত্ব দি আহিছে। এখন দেশৰ নাৰীসকল শিক্ষিতা হ’লেহে দেশৰ সৰ্বাংগীণ উন্নতি হ’ব। কিয়নো এগৰাকী মাতৃ জন্মদাত্রী হোৱাৰ লগতে সন্তানৰ প্রথম শিক্ষাদাত্রীও।  মাতৃগৰাকী শিক্ষিতা নহ’লে সন্তানক সুপথেৰে পৰিচালনা কৰিবলৈ অসমৰ্থ হ’ব। স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাধাকৃষ্ণন আদি বৰেণ্য ব্যক্তিসকলেও নাৰী শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সম্প্ৰতি নাৰীৰ স’তে পুৰুষৰ শিক্ষাৰ কোনো পার্থক্য নাই; কিন্তু এই পর্যায় পাবলৈকে নাৰীয়ে মধ্য যুগৰপৰা ঊনবিংশ শতিকাৰ মাজভাগলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। বাল্য বিবাহৰ গ্ৰাসত শিক্ষাৰ পোহৰ নোপোৱাকৈয়ে বহু কন্যাশিশুৱে হোমৰ কাষত বহিবলগীয়া হৈছিল৷

ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশকটো ভাৰতীয় নাৰীৰ বাবে অতি উল্লেখযোগ্য সময়। এই সময়ছোৱাতে ভাৰতত এক নৱ জাগৰণৰ উন্মেষ ঘটে। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব সুদৃঢ় হৈ অহাৰ লগে লগে পশ্চিমীয়া শিক্ষা ভাৰতত সম্প্ৰসাৰিত হয়। এই নৱজাগৰণৰ উন্মেষ কালতে ভাৰতলৈ ইষ্ট-ইণ্ডিয়া কোম্পানী’ৰ প্ৰথম গবৰ্ণৰ জেনেৰেল হৈ আহে লর্ড উইলিয়াম বেণ্টিংক। বেণ্টিংকে আন আন সংস্কাৰমূলক কাৰ্য কৰাৰ লগতে স্ত্রী শিক্ষা প্রচলন, বাল্য-বিবাহ, সতীদাহ প্রথা নিবাৰণত গুৰুত্ব দিছিল। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস আদি বৰেণ্য ব্যক্তিৰ উদ্যোগতনস্ত্রী শিক্ষাৰ ক্ষেত্ৰত নৱ-জাগৰণৰ সৃষ্টি হয়। ১৮৮২ চনত হাণ্টাৰ আয়োগ স্ত্রী শিক্ষাৰ শিতানত অধিক ধন বিনিয়োগ কৰিবলৈ বৃটিছ চৰকাৰক দিয়া পৰামৰ্শ উল্লেখযোগ্য।

বিংশ শতিকাৰ আৰম্ভণি মানেই নাৰীৰ বাবে শৈক্ষিক দিশটোৰ শুভ উদ্বোধনী বুলি ক’ব পাৰি। পুৰুষৰ লগতে ক্রমশঃ নাৰীয়েও শিক্ষা আহৰণ কৰাৰ পথ প্রশস্ত হ’ল। কলা, বিজ্ঞান, বাণিজ্য; সুকুমাৰ কলা যেনে সংগীত, নৃত্য, চিত্রকলা, অভিনয়, ৰাজনীতি আদি সকলো দিশতে নাৰীয়ে বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ পথ উন্মোচিত হ’ল। আজি একবিংশ শতিকাত বিশ্বৰ কথাতো বাদেই ভাৰতীয় নাৰীয়ে জল, স্থল, মহাকাশত বিশেষ ব্যুৎপত্তি দেখুৱাবলৈ সক্ষম হৈছে।

এনে চৰম উৎকর্ষ লাভৰ সময়তো ভাৰতবৰ্ষ তথা অসমৰ গ্ৰামাঞ্চল আৰু অনুন্নত অঞ্চলত এতিয়াও নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা, গুৰুত্ব উপলদ্ধ হোৱা নাই। ১৯৭১ চনৰ লোক পিয়লৰ তথ্য মতে ভাৰতৰ প্ৰায় ২১.৫ কোটি নাৰী অশিক্ষিতা। উল্লেখযোগ্য যে ১৯৯৮ চনত ইউনিচেফে প্রকাশ কৰা তথ্য অনুযায়ী বিশ্বৰ মুঠ জনসংখ্যাৰ এক-ষষ্ঠাংশ নিৰক্ষৰ লোকক লৈ মানৱ জাতিয়ে একবিংশ শতিকাৰ দুৱাৰ-ডলিত ভৰি দিছে। এই সংস্থাই ১৯৯৯ চনত প্ৰকাশ কৰা পৰিসংখ্যাৰ তথ্য অনুযায়ী ব্যৱহাৰিক সাক্ষৰতা নথকা লোকৰ মাজৰ দুই-তৃতীয়াংশই হ’ল নাৰী। এইবোৰ দিশলৈ লক্ষ্য ৰাখিয়েই সমগ্ৰ বিশ্বতে ১৯৭৫ চনৰ বছৰটো ‘আন্তর্জাতিক নাৰী বৰ্ষ’ হিচাপে উদযাপন কৰাৰ লগতে ৮ মার্চ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হৈছে। নাৰী শিক্ষাৰ জাগৰণ অবিহনে সমাজ তথা দেশৰ প্ৰগতি অসম্ভৱ। নাৰীৰ স্থান ঘৰৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ দিন এতিয়া উকলিল। আজিৰ কন্যা কাইলৈ দেশৰ ভৱিষ্যৎ প্রজন্মৰ জননী। অন্ধ বিশ্বাস, আওপুৰণি কুসংস্কাৰৰপৰা পৰিয়ালৰ সকলো সদস্যক মুক্ত কৰা, পৰিৱেশ সচেতনতা বৃদ্ধি কৰা, বেমাৰ-আজাৰ আদিৰ আগতীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা, সাক্ষৰতা অভিযান আদি নানা ইতিবাচক দিশবোৰ পৰিচালনা কৰা এগৰাকী শিক্ষিতা গৃহিণীৰ পক্ষেহে সম্ভৱ।

সাম্প্ৰতিক নাৰীৰ স্থিতি

ভাৰতীয় সংবিধানত পুৰুষ আৰু নাৰীৰ সম স্থান বুলি ঘোষিত হ’লেও আজিও সংসদ আৰু বিধান সভাত মহিলাত ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখন গৃহীত হোৱা নাই। নাৰী শিক্ষাই ৰাজনৈতিক আৰু সামাজিক সচেতনতা বৃদ্ধি কৰাৰ সময়ত এতিয়াও বাটেপথে নাৰী শ্ৰমিকৰ সংখ্যাই অধিক। শিশুকন্যা শ্রমিকে আজিও প্ৰায়বোৰ পৰিয়ালতে হাতধৰী লিগিৰী হৈ দিন কটাবলগীয়া হৈছে।

গোলকীকৰণৰ প্ৰভাৱে আজি ভাৰতীয় অধিকাংশ নাৰীক পাশ্চাত্য সংস্কৃতি আঁকোৱালি ল’বলৈ প্ৰৰোচিত কৰিছে। বহুজাতিক পাশ্চাত্যৰ সংস্থাবোৰৰ উৎপাদিত বিলাসী, সামগ্ৰীবোৰ হাততে পোৱা কৰি দিয়াত এফালে ভোগবাদী সংস্কৃতিয়ে এচাম নাৰীক পণ্যলৈ পুনৰ ৰূপান্তৰিত কৰিছে। ইয়াৰ বিপৰীতে এচাম নাৰীয়ে সামান্যতম শিক্ষাৰপৰাও বঞ্চিত হৈ হাড়ভগা পৰিশ্ৰম কৰিও প্ৰাপ্য অর্থ নাপাই ক্ষুধাত দিন কটাইছে। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ঢাক-ঢোল বজোৱাৰ সময়তে ভাৰতৰ বিভিন্ন চুকে-কোণে সতীদাহ, ডাইনী হত্যা, শিশুকন্যা বধ, শিশুকন্যা ভ্রূণ হত্যা, ধর্ষণ, বলাৎকাৰ, যৌতুকৰ বাবে বোৱাৰী হত্যা আদি পৰিঘটনা সঘনাই ঘটিব ধৰিছে। কন্যা বৰ্ষ, ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাসংগিকতা এনে ক্ষেত্ৰত উপহাস বুলি ক’লেও নিশ্চয় অত্যুক্তি কৰা নহ’ব।

নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ’বলৈ প্ৰতিগৰাকী নাৰী হ’ব লাগিব উপযুক্ত শিক্ষাৰ শিক্ষিতা। শিক্ষাই দিয়া সজাগতাৰ জৰিয়তে নাৰীয়ে ভোগ কৰিবলৈ ওলাই আহিব লাগিব সাংবিধানিক স্বাধীনতা। প্রাপ্ত-বয়স্ক শিক্ষা-নীতিৰ জৰিয়তে বয়স্ক মহিলাসকলে প্রাথমিক শিক্ষাৰ আদিপাঠ লৈ আত্মসহায়ক গোটৰ জৰিয়তে অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ সম্প্রতি প্ৰশস্ত হৈছে৷ কেৱল প্রাত্যহিক বৰুৱা কামতে নিজক আবদ্ধ নাৰাখি প্ৰতিগৰাকী নাৰীয়ে স্ব-আর্জিত শিক্ষাৰ জৰিয়তে সমজুৱাভাৱে শিল্প বাণিজ্যত মনোনিৱেশ কৰিলে অর্থনৈতিক স্থিতি সবল হোৱাৰ লগতে সমাজৰো উন্নতি হ’ব। কেৱল পুথগত শিক্ষাই মূল ভেটি বুলি ভবাৰ দিন এতিয়া উকলিল। কেৱল পুৰুষ সদস্যৰ ওপৰতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব নিদি পুথিগত কিম্বা শিল্পগতভাৱে আয়ত্ত কৰা হস্তবিদ্যাৰ জৰিয়তে মহিলা সদস্যসকলেও অর্থনৈতিকভাৱে সহায়ৰ হাত আগবঢ়াব লাগিব। পৰিয়ালৰ মুৰব্বীয়েও নিজ কন্যাসন্তানক সৰুতে বিয়া নিদি উপযুক্ত শিক্ষাৰে শিক্ষিত কবি অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাব লাগিব।

নাৰী শিক্ষা প্ৰসাৰণৰ বাবে কৰণীয় দিশ

শৈক্ষিক বা চাৰুকলা, কাৰুকলা বিষয়ত প্ৰতিগৰাকী নাৰীক, কন্যা শিশুক দক্ষ কৰি তুলিবৰ বাবে এচাম সচেতকৰ নিতান্ত প্রয়োজন। প্ৰচাৰ মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাব পাৰি। মুঠতে গাঁৱে-ভূঁয়ে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। উপযুক্ত বয়সত প্ৰতিগৰাকী কন্যা শিশু বিদ্যালয়লৈ গৈছে নে নাই দৃষ্টি ৰাখিব লাগিব; দৰিদ্ৰৰ সীমাৰেখাৰ তলৰ কন্যাক শিক্ষাৰ উচ্চতম পৰ্যায়লৈকে চৰকাৰীভাৱে মাচুল ৰেহাই দিয়া বা বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব; কন্যা শিশুৰ শ্ৰমদান আইন মতে দণ্ডনীয় কৰিব লাগিব (প্ৰকৃতাৰ্থত); প্রাপ্ত বয়স্ক শিক্ষানীতিৰ পুনৰ প্ৰচলন কৰাব লাগিব; কুটীৰ-শিল্পৰ শিক্ষাদান গাঁৱে-ভূঁয়ে অপৰিহাৰ্য কৰাব লাগিব; সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক দিশত কাম কৰাৰ পথ নাৰীৰ বাবে মুক্ত ৰাখিব লাগিব। তেহে নাৰী শিক্ষাৰ প্ৰাসংগিকতা প্ৰকৃতাৰ্থত সফল হ’ব।

উপসংহাৰ

উপৰিউক্ত দিশবোৰ চৰকাৰ তথা উৰ্দ্ধতম কর্তৃপক্ষ, শিক্ষা বিষয়া, প্রাথমিক, মাধ্যমিক, বিদ্যালয়ৰ বিষয়ববীয়া, সমাজৰ অগ্ৰণী লোকসকলে চালি-জাৰি চাই এটা ইতিবাচক সিদ্ধান্তলৈ আহিব পাৰিলেহে নাৰী শিক্ষাৰ প্ৰকৃত মূল্যায়নহ’ব। যিহেতু মানুহৰ মৌলিক অধিকাৰ সমূহৰ ভিতৰত অন্যতম হ’ল শিক্ষা লাভৰ অধিকাৰ। তথাপি এতিয়াও পৃথিৱীত নিৰক্ষৰতাৰ হাৰ দিনক দিনে বৃদ্ধিহে হৈছে। সেযে নাৰী আৰু পুৰুষৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব লাগিব এটাই- যোগ্য ভোগ্য বসুন্ধৰাৰ সৃষ্টি কৰা। নাৰী শিক্ষাৰ প্ৰসাৰেহে সমাজলৈ পৰিৱৰ্তন আনিব।পুৰুষৰ লগতে নাৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ’লেহে সমাজ, দেশ, জাতিৰ সৰ্বতোপ্ৰকাৰ উত্তৰণ সম্ভৱ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top