পৰীক্ষাৰ আগদিনাখনৰ অভিজ্ঞতা ৰচনা | Experience of the Day Before the Exam Essay in Assamese
‘পৰীক্ষা’ শব্দটোৰ মাজত এনে এক শক্তি লুকাই থাকে যে এই শব্দটোৰ নাম শুনিলেই যিকোনো লোকৰ হৃদয়ত সামান্যতম হ’লেও এক ধৰণৰ কম্পনৰ সৃষ্টি নোহোৱাকৈ নাথাকে। এই শব্দটোৰ লগত জড়িত হৈ আছে মানৱ মনৰ ভয়, সংকোচ, উদ্বেগ আদি বিভিন্ন ধৰণৰ অনুভূতি। পৰীক্ষা বুলিলেই এক অনিশ্চিত আশংকা আৰু অনিৰ্দিষ্ট ভীতিৰ সন্মুখীন হ’ব লগীয়া অৱস্থা এটাকে নির্দেশ কৰে যিটোৰ সন্মুখীন হ’বলৈ সকলোৱে উদ্বেগ, উৎকণ্ঠা আৰু ভয়-বিহ্বল মনেৰে অপেক্ষা কৰিব লগা হয়, যিটোক সম্ভৱপৰ ক্ষেত্ৰত সকলোৱে এৰাই চলিবলৈ বিচাৰে।
পৰীক্ষাৰ আগদিনাখনৰ অভিজ্ঞতা ৰচনা | Experience of the Day Before the Exam Essay in Assamese
বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতি উত্তম (A), উত্তম (B) খুব ভাল (C), ভাল (D) সাধাৰণতকৈ ওপৰ (E), সাধাৰণ (F), সাধাৰণতকৈ নিম্ন (G) কাণে কাণ মৰা (H) আৰু সন্তোষজনক নহয় (I) আদি বিভিন্ন মানদণ্ডৰ ছাত্ৰ-ছাত্ৰী থাকে। এই বিভিন্ন মানদণ্ডৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সন্মুখীন হ’বলৈ ভয় আৰু উৎকণ্ঠাৰে অপেক্ষা কৰি এক অস্থিৰ মানসিক অৱস্থাৰ মাজত সময় কটাব লগা হয়। অথচ তেওঁলোকে পাঠৰ অন্তৰ্ভুক্ত পাঠখিনি অধ্যয়ন কৰি গোটেই বছৰটো অতিবাহিত কৰে। চিনাকি পাঠৰ ওপৰতে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জানিও ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা ভীতিৰ কবলৰপৰা মুক্ত হ’ব নোৱাৰে। গতিকে, পৰীক্ষা শব্দটো যে এটা ভীতি- সঞ্চাৰক শব্দ ইয়াত কোনো সন্দেহ নাই।
সকলো শিক্ষানুষ্ঠানেই বিভাগীয় নিয়মৰ বশৱৰ্তী। সেয়ে বিশেষ পৰিস্থিতি বাদ দি সাধাৰণতে সময় মতেই পৰীক্ষাসমূহ অনুষ্ঠিত হয় আৰু প্ৰত্যেক পৰীক্ষাৰ ভালেমান দিন আগতে পৰীক্ষাৰ সময় তালিকা ছাত্ৰ-ছাত্ৰীক অৱগত কৰোৱা হয়। এই পৰীক্ষাৰ সময় তালিকা পোৱাৰ দিন ধৰি ছাত্ৰ-ছাত্ৰীৰ মনত ইয়াক লৈ উদ্বেগ, উৎকণ্ঠা, ভয়-ভীতিৰ সঞ্চাৰ হ’বলৈ ধৰে। পৰীক্ষা যিমানেই ওচৰ চাপি আহে সিমানেই এই পৰীক্ষা সম্পৰ্কীয় উপসৰ্গবোৰৰ উৎপাতো ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক হাৰত বৃদ্ধি হ’বলৈ ধৰে। শেষত পৰীক্ষাৰ আগদিনাখন ছাত্ৰ-ছাত্ৰীৰ মনত এই উপসৰ্গবোৰৰ উৎপাত সৰ্বাধিক হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ আগদিনাখনৰ অভিজ্ঞতাক এক বিশেষ ধৰণৰ অভিজ্ঞতা হিচাপে গণ্য কৰা হয় ।
Read Also: ভাৰতৰ জাতীয় পতাকা ৰচনা | The National Flag of India Essay in Assamese
প্রতিক্রিয়া | Feedback
পৰীক্ষা ভীতিৰ প্ৰতিক্ৰিয়া সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে একে ধৰণৰ নহয়। বিভিন্ন মানদণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ ভয়ৰ মাত্ৰাও ভিন্ন ধৰণৰ। যিসকল অতি উত্তম আৰু উত্তম মানদণ্ডৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ভয় ঘাইকৈ এইবেলি পৰীক্ষাত পূৰ্বৰ পৰীক্ষাত দেখুওৱা ভাল ফলাফল কৰিব পাৰিব নে নোৱাৰে তাকে লৈ উদ্বেগ, উৎকণ্ঠাত ভোগে। শ্ৰেণীৰ প্ৰথম দহ গৰাকীৰ তালিকাৰ কোন স্থানৰ অধিকাৰী হ’ব পাৰিব তাকে লৈ চিন্তা-ভাৱনাৰ ওৰ নপৰা নহয় যিমানে এই জাতীয় চিন্তা-ভাৱনা বৃদ্ধি পায়, সিমানে মনত ভয়ৰ সঞ্চাৰ হ’বলৈ ধৰে।
সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গোটেই বছৰ বিদ্যালয়, মহাবিদ্যালয়লৈ অহা-যোৱা কৰি থাকে যদিও সাধাৰণতে আৰম্ভণিৰেপৰা পঢ়া-শুনাত যিদৰে মনোযোগ দিয়া আৱশ্যক সেইদৰে মনোযোগ নিদিয়ে। পৰীক্ষা ওচৰ চাপিলেহে পঢ়া-শুনাৰ প্ৰতি মনোযোগী হ’বলৈ প্ৰয়াস কৰে। পিচে, পাঠ মেলি ল’লেই এওঁলোকৰ অৱস্থা বিশাল সমুদ্রত পাৰ নাপাই ককাই ফুৰা সাঁতোৰাজনৰ অৱস্থাৰ দৰে ধুঁৱলি-কুঁৱলী অৱস্থা হয়। সন্মুখত পাঠ্যক্ৰমৰ বিশাল কাৰ্যসূচী লৈ এইসকলে কোন বিষয়ৰ কোনটো পাঠ্য পঢ়িব, কোনটো পৰীক্ষাৰ বাবে অধিক দৰ্কাৰী তাৰে ভাৱনাতে বিভোৰ হৈ মূৰ কামোৰণিত বিতত হ’ব লগা হয়। ফলত পঢ়া-শুনা কৰাতকৈ ভীতি গ্ৰস্ততাত ভোগে অধিক। এওঁলোকৰ একমাত্র ধ্যান-জ্ঞান হৈ পৰে পৰীক্ষাৰ ডেওনা পাৰ হোৱা।
পৰীক্ষাৰ আগৰ দিনটো | The Day Before the Exam
পূৰ্বে ঘোষিত পৰীক্ষাৰ সময় তালিকাৰ দিন গৈ গৈ ওচৰ চাপি চাপি পৰীক্ষাৰ আগদিনাখনত পৰিলেই পৰীক্ষাৰ্থীৰ ভয়ৰ মাত্ৰা সৰ্বাধিক হয়। সেইদিনাখন পৰীক্ষাৰ্থীৰ দিন নাযায়, ৰাতি নুপুৱায় অৱস্থা হয়। টোপনিৰপৰা উঠিয়েই কাইলৈ হ’বলগীয়া পৰীক্ষাৰ চিন্তাত মন চিন্তাগ্রস্ত হৈ পৰে। মনলৈ অহা চিন্তাৰ শেষ নাই। কিন্তু সকলো চিন্তাৰ কেন্দ্ৰবিন্দু হ’ল পৰীক্ষা। পৰীক্ষাত কি কি প্রশ্ন আহিব পাৰে, ইমান দিনে পঢ়ি অহা প্রশ্নোত্তৰসমূহ বাৰু পৰীক্ষাত আহিবনে, কি প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে সাজু হোৱা নাই। পৰীক্ষাৰ বাবে কি কি সম্ভাৱ্য প্রশ্নোত্তৰ সাজু কৰা ভাল হ’ব এনে ধৰণৰ নানা চিন্তাই পৰীক্ষাৰ্থীৰ মনত উগুল-থুগুল লগায়। এগৰাকী পৰীক্ষাৰ্থী হিচাপে মই নিজেও এনে অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। মই ধাৰণা কৰো, নিশ্চয় ‘পৰীক্ষা’ বুলিলে থূল মূলকৈ সকলো পৰীক্ষাৰ্থীৰ মনতে প্ৰায় একে ধৰণৰ ভীতিপ্ৰদ প্রতিক্রিয়াই হয়।
লব্ধ অভিজ্ঞতা | Experience gained
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগদিনাখন ৰাতিপুৱাৰ পৰাই মোৰ মনটোও পৰীক্ষা সম্পৰ্কীয় নানা ধাৰণৰ বিক্ষিপ্ত চিন্তাই এনেদৰে আচ্ছন্ন কৰি পেলাইছিল যে বুজাই কোৱা টান। সচৰাচৰ ৰাতিপুৱা বিছনাৰপৰা উঠি ৰাতিপুৱাৰ দৈনন্দিন কাজ কৰ্মখিনি কৰি উঠিয়েই মই পঢ়া মেজত বহো। এইটোৱে মোৰ নিয়মীয়া অভ্যাস। কিন্তু সেইদিনাখন মই পঢ়া মেজত অইন দিনৰ দৰে অভ্যাসবশতঃ বহাৰ দৰে বহিলো যদিও পাঠ্য কিতাপ মেলি লোৱাৰ পৰিৱৰ্তে পৰীক্ষা সম্পৰ্কে মনলৈ অহা চিন্তাবোৰকে মনৰ ভিতৰতে পাগুলিয়াই পাগুলিয়াই ভালেখিনি সময় বহি থাকিলো।
এনেতে ৰাতিপূৱাৰ চাহ-জলপান দিবলৈ ভনীজনী কোঠালৈ সোমাই আহিলতহে মোৰ চেতনাবোধ হ’ল যে মোৰ কাইলৈ পৰীক্ষা আৰু এতিয়াও মই পঢ়াৰ পৰিৱৰ্তে অযথা চিন্তা-ভাৱনাত কাল হৰণ কৰিছো ৷ মোৰ ধাৰণা হ’ল, পঢ়াৰ পৰিৱৰ্তে অযথা চিন্তা-ভাৱনাত সময় কটোৱাটো এটা মূখার্মিহে মাথো । পৰীক্ষাত যি হয় হ’ব, কিন্তু এতিয়া পৰীক্ষাৰ বিষয়ে চিন্তা কৰাতকৈ আয়ত্ত কৰিবলৈ বাকী থকা পাঠবোৰ আয়ত্ত কৰাৰ চেষ্টাহে কৰা উচিত। এনেদৰে মনলৈ এটা স্থিৰতা আনি চাহ-জলপানৰ পৰ্বটো শেষ কৰিলো আৰু কিতাপ মেলি ল’লো ৷ পাঠ এটা আধা পঢ়া হওঁতে পুনৰ মনলৈ আহিল-এইটোৰ প্ৰশ্ন বাৰু পৰীক্ষাত থাকিবনে? আন এটা পাঠ উলিয়াই লগে লগে পঢ়িবলৈ ল’লো যদিও পুনৰ মনলৈ সংশয় আহিল। এইবেলি আগতে আয়ত্ত কৰা পাঠসমূহৰ ওপৰতে চকু ফুৰাব খুজি দেখিলো যে এইবোৰেও দেখোন মোক বিশ্বাসঘাতকতা কৰিবলৈ লৈছে। কথাবোৰ মনত নপৰা হৈছে, বুজিলো, মানসিক উদ্বেগে শীর্ষ অৱস্থা পাইছে। কিতাপ বন্ধ কৰি পঢ়া মেজৰপৰা উঠিলো। বাথৰুমলৈ গৈ চকুত পানী মাৰিলো। তাৰ পিছত চুবুৰীয়াৰে পৰীক্ষাৰ্থী ৰবীনৰ ঘৰলৈ বুলি আগবাঢ়িলো।
পদূলি মুখৰপৰাই উমান পালো যে ৰবীন পঢ়াত ব্যস্ত। এই সময়ত লগ ধৰিবলৈ গ’লে জানোচা বেয়া পায় এনে এটা সংকোচৰ ভাব মনলৈ আহিবই ধৰিলে। ইফালে ঘৰলৈ উভতি গৈও যে কিতাপত মন বহাব পাৰিম সেই আশা নাই। মনটো নিৰাশ হৈ পৰিল। কি কৰো ভাবি থাকোতেই আমাৰ চুবুৰীৰে জগন্নাথদা ৰবীনহতঁৰ ঘৰৰপৰা ওলাই অহা দেখিলো। ময়ো এনেদৰে দোমোজাত থকাতকৈ ৰবীনক লগ কৰি যোৱাই উচিত হ’ব বুলি বিবেচনা কৰি ৰবীনৰ ঘৰলৈ বুলি খোজ দিলো। অলপ পিছত জগন্নাথদাৰ সৈতে ভেটাভেটি হ’ল। জগন্নাথদাই প্রথমে মাত লগাই পঢ়া-শুনা কেনে ধৰণৰ হৈছে বুলি সুধিলত উত্তৰত নিজৰ সমস্যাখিনিৰ কথা ক’লো। জগন্নাথদাই ক’লে, “তুমি পৰীক্ষাক লৈ অযথা উদ্বেগত ভুগিছা বাবেই এনে হৈছে। পৰীক্ষাৰ বিষয়টো তুমি সহজভাৱে লোৱা। নিজক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা। তাৰ পিচত আগতে পঢ়া পাঠবোৰত একোবাৰ চকু ফুৰাই সহজভাৱে পৰীক্ষাৰ সন্মুখীন হোৱা, দেখিবা পৰীক্ষা তোমাৰ ভালেই হ’ব।
জগন্নাথ দা গ’ল আৰু মই ৰবীনৰ ওচৰ পাই লক্ষ্য কৰিলো যে ৰবীন স্বাভাৱিক অৱস্থাৰ মাজেদিয়ে সচৰাচৰ পঢ়া মেজত লগ পোৱাৰ দৰে অৱস্থাত থাকিয়ে পঢ়া-শুনা কৰি আছে। ময়ো যথাসম্ভৱ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা কৰি ৰবীনৰ লগত পৰীক্ষা বিষয়ক দুই-চাৰিটা কথা পাতি ততালিকে ঘৰলৈ উভতি আহিলো।
অধ্যয়নত মনোনিবেশ | Focus on Study
ৰবীন আৰু জগন্নাথদাৰ সৈতে কথা-বতৰা হোৱাৰ পিছত মোৰ মানসিক উদ্বেগ ভালেখিনি কমি যোৱাত এইবেলি মনলৈ সাহস আৰু নতুন উদ্যম আনি পঢ়া মেজত বহিলো। পাঠত মন বহিল। অধ্যয়ন কৰা পাঠৰ ওপৰত নিজেই বিভিন্ন প্রশ্ন উত্থাপন কৰি পাঠৰ আধাৰত সেইবোৰৰ উত্তৰো সাজু কৰিবলৈ ধৰিলো। পাঠবোৰ ক্ৰমশঃ বোধগম্য হৈ আহিল। প্ৰতিটো পাঠৰ ওপৰতে প্রশ্ন উত্থাপন কৰা আৰু উত্তৰ সাজু কৰাটো মোৰ বাবে এটি আকর্ষণীয় খেল যেন হৈ উঠিল। মনটোও গভীৰ হৈ আহিল। গভীৰ মনোযোগেৰে আগদিনাখন হ’ব লগীয়া বিষয়ৰ পৰীক্ষা বিষয়ক ভয় ভালেখিনি কমিল। অধ্যয়ন কৰা পাঠকেইটাৰপৰা পৰীক্ষাত যি প্ৰশ্নই আহে সেই প্রশ্নৰে উত্তৰ ভালদৰে দিব পাৰিম বুলি মনলৈ সাহস আৰু দৃঢ়তা আহিল।
আগদিনাখন হ’বলগীয়া বিষয়ৰ পৰীক্ষাৰ যিকেইটা পাঠ এতিয়াও সাজু কৰিবলৈ বাকী আছে সেইকেইটা পাঠো আজি ৰাতিৰ ভিতৰতে সহজে শেষ কৰিব পাৰিম বুলি এটা ধাৰণা কৰিলো। এনেদৰে বিষয়টো সম্পৰ্কে নিজৰ মনতে এটা সন্তোষজনক প্রস্তুতি গঢ় লৈ উঠাত মোৰ পৰীক্ষা বিষয়ক ভয়টো এক প্ৰকাৰ আঁতৰি যোৱাৰ দৰে হ’ল। সম্পূর্ণ স্বাভাৱিক মানসিকতাৰে মই বাকী থকা পাঠবোৰৰ অধ্যয়নত মনোনিৱেশ কৰিলো।
Read Also: Class 10 Maths Solution
উদ্বেগহীনতাই সাফল্য আনে | Lack of Anxiety Brings Success
মানসিক উদ্বেগ আঁতৰাই স্বাভাৱিক অৱস্থাৰে পৰীক্ষাৰ আগদিনাৰ ৰাতিয়ে পিছদিনা হ’ব লগীয়া পৰীক্ষাৰ পাঠ্যক্ৰমত চকু ফুৰোৱা হৈ গ’ল। পাঠ্যক্ৰমত চকু ফুৰোৱা শেষ হোৱাৰ পিছত মনটো পাতল পাতল লাগিব। পৰীক্ষাত অহা সকলো প্ৰশ্নৰে সন্মুখীন হ’ব পাৰিম বুলি মনলৈ বল আহিল। স্মৰণশক্তি আৰু চিন্তাশক্তি উভয়ৰে সাহায্যত পৰীক্ষা ভাল হ’ব বুলিয়ে ধাৰণা হ’ল। সেয়ে এক ধৰণৰ মানসিক তৃপ্তি লভিয়ে ভাত-পানী খাই উঠি নিশা ১০ বজাত বিছনালৈ গৈ নিৰুদ্বেগচিত্তে কিছু সময় পঢ়া-পাতি সম্পর্কে মনতে ভবা-গুণা কৰি থাকোতে কেতিয়া যে নিদ্ৰাৰ কোলাত ঢলি পৰিলো ক’ব নোৱাৰিলো। ঠিক ৪ বজাত সাৰ পাই ৰাতিপুৱাৰ যাৱতীয় কামখিনি কৰি উঠি পুনৰ কিছুসময় পাঠ্যক্ৰমত চকু ফুৰাই সময় মতে খাই-বৈ পৰীক্ষাগৃহত বহি পৰীক্ষা দিলো। প্রথম দিনাখনৰ পৰীক্ষা ভাল হোৱা যেন লাগিব। একে ধৰণৰ স্বাভাৱিক অৱস্থাৰে পৰৱৰ্তী পৰীক্ষাসমূহো দি উঠিলোঁ আৰু সময়ত ওলোৱা ফলাফল মই আশা কৰা মতেই ভাল হ’ল। মোৰ এই সাফল্যৰ চাবি কাঠি মোৰ উদ্বেগহীনতা বুলিয়ে মই ধাৰণা কৰো, কিয়নো পৰৱৰ্তী কালৰ মহাবিদ্যালয় পৰ্যায়ৰ পৰীক্ষাসমূহতো নিজকে মানসিক উদ্বেগৰপৰা মুক্ত ৰাখি স্বাভাৱিক অৱস্থাৰ মাজেদি পৰীক্ষাসমূহৰ সন্মুখীন হৈ সাফল্য লাভ কৰিছিলো ৷
সামৰণি
পৰীক্ষাত যিয়ে যি ধৰণৰ সাফল্যই লাভ নকৰক কিয়, নিজৰ অভিজ্ঞতাৰে এই কথা ডাঠি ক’ব পাৰোঁ যে পৰীক্ষাৰ আগদিনাখনৰ দিনটো সকলো পৰীক্ষাৰ্থীৰ বাবেই এটা অস্থিৰতা আৰু উদ্বিগ্নতাৰ দিন। ভয়, সন্দেহ, সংকোচ আৱৰি ৰখা দিন। মাথোঁ ছাত্ৰ-ছাত্ৰীৰ মেধাশক্তিৰ পাৰ্থক্য অনুযায়ী মানসিক অস্থিৰতা আৰু উদ্বিগ্নতা সকলোৰ সমান মাত্ৰাৰ নহয়। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সংক্রান্তীয় অস্থিৰতা আৰু উদ্বিগ্নতা মাথো পৰীক্ষাত কৃতকাৰ্য হোৱাটোৱে নহয়, তেওঁলোকে কিমান ভালদৰে কৃতকার্য হ’ব পাৰে তাকে লৈহে এই অস্থিৰতা আৰু উদ্বিগ্নতাই মনত খোপনি পোতে। সাধাৰণ মানদণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাথো কোনো মতে চুঁচৰি-বাগৰি পৰীক্ষাত কৃতকার্য হ’বৰ বাবেই অস্থিৰতা আৰু উদ্বিগ্নতাত ভোগে। ভুক্তভোগীৰ বাহিৰে আনৰ পক্ষে পৰীক্ষাৰ আগদিনাখনৰ মানসিক অৱস্থাৰ কথা উপলব্ধি কৰা কঠিন।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.