সমবায় আন্দোলন ৰচনা | The Cooperative Movement Essay in Assamese

সমবায় আন্দোলন ৰচনা | The Cooperative Movement Essay in Assamese

Join Telegram channel

সমবায় কি? সমাজৰ সকলো লোক সমবেত হৈ মিলি-জুলি সামাজিক কাম কৰা বা ব্যক্তি বিশেষক ৰাইজে সহায় কৰি দিয়া পদ্ধতি অসমত পঞ্চদশ শতাব্দীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰি থৈ গৈছে। অসমত ইয়েই সমবায় প্ৰথাৰ গুৰি বুলি ক’ব পাৰি? ব্যক্তি আৰু সমাজৰ মংগল সাধনৰ কাৰণে উমেহতীয়া প্ৰচেষ্টাৰে কৰ্ম-সম্পাদন কৰা পদ্ধতিৰ নামেই সমবায় পদ্ধতি। এই পদ্ধতিত কাম কৰিবৰ কাৰণে ৰাইজে গণতান্ত্রিক পদ্ধতিৰে যি সমিতি গঠন কৰে, সেয়ে সমবায় সমিতি। এই সমিতিবিলাকৰ উদ্দেশ্য হ’ল কৃষি, ব্যৱসায়, ঋণদান আদিৰ যোগেদি ব্যক্তি আৰু সমাজৰ উন্নতি সাধন কৰা।

সমবায় আন্দোলন ৰচনা

সমবায় প্ৰথাৰ জন্ম

1. ভাৰতৰ সমবায় প্রথা প্রচলন

স্বাধীনতাৰ আগত – আধুনিক সমবায় পদ্ধতিৰ জন্ম হয় জার্মান দেশত। সেই দেশতো কৃষক শ্রেণী সুদীর্ঘ কাল ধৰি মহাজনসকলৰ দ্বাৰা নিৰ্মমভাৱে শোষিত হৈ আহিছিল। কৃষকসকলৰ সীমাহীন দুখ-দুর্দশাৰ সুযোগ লৈ মহাজনসকলে উচ্চ হাৰৰ সুতত ঋণ দি কৃষকসকলক অকল ঋণগ্রস্ত কৰাই নহয়, মাটি-ভেটি পর্যন্ত কাঢ়ি লৈ অবর্ণনীয় দুখ কৃষকসকলৰ ওপৰত জাপি দিছিল । কৃষকসমাজক এই শোষণ আৰু নিৰ্যাতনৰপৰা মুক্তি দিয়াৰ উদ্দেশ্যেই ৰাইফিজেন নামৰ এজন মহাজন মানৱ-প্রেমী আৰু সমাজ-সংস্কাৰকে সমবায়ৰ আদৰ্শ সমাজত দাঙি ধৰে ঊনবিংশ শতিকাৰ মাজ ভাগত। তেওঁৰে আদৰ্শ লৈ বেইকেছন, স্কুলজ আদি মনীষীসকলে জার্মানীতে ঊনবিংশ শতাব্দীৰ শেষ ভাগত সমবায় সমিতি গঠন কৰি গাঁৱলীয়া সমাজৰ মহৎ কল্যাণ সাধন কৰে। ভাৰততো কৃষক সমাজক ঋণগ্ৰস্ততাৰপৰা মুক্ত কৰাৰ উদ্দেশ্য সমবায় সমিতিৰ কৰ্ম-পদ্ধতি সম্পর্কে তথ্য সংগ্ৰহৰ কাৰণে চিভিলিয়ান ফ্রেডেৰিকক ইংৰাজ চৰকাৰে ১৮৯৫ চনত জাৰ্মানীলৈ পঠায়। তেওঁ ঘূৰি আহি দাখিল কৰা প্ৰতিবেদনৰ মৰ্মে সামান্য সূতৰ ভিত্তিত কৃষকসকলক ঋণ দানৰ উদ্দেশ্য ১৯০৪ চনত সমবায় ঋণদান সমিতি আইন (Co-operative Credit Societies Act, 1904) বিধিবদ্ধ কৰি মাটি-বন্ধকী আৰু কৃষি ঋণদান বেংক গঠন কৰা হয়।

ভাৰতৰ অগণন কৃষক, শ্রমিক আৰু কম উপাৰ্জনশীল লোকৰ মাজত মিতব্যয়িতা, আত্মনিৰ্ভৰশীলতা আৰু সমবায় শক্তিৰ সুফল উপলব্ধিৰ সম্প্ৰসাৰণেই আছিল এই সমবায় ঋণদান সমিতি আইনৰ উদ্দেশ্য। ১৯০৭ চনৰপৰাই সমবায় আন্দোলন আৰম্ভ হ’লেও ১৯১২ চনৰপৰাহে প্ৰকৃত অগ্ৰহতিৰ সূত্ৰপাত হয়। ১৯১২ চনৰ আইন অনুসৰি সমবায় সমিতিসমূহ দুভাগত বিভক্ত হয়।

Read Also: ভাৰতৰ জাতীয় পতাকা ৰচনা | The National Flag of India Essay in Assamese

সীমিত দায়িত্বসম্পন্ন (With limited liability) আৰু অসীম দায়িত্বসম্পন্ন (With unlimited liability) সমবায় সমিতি। ১৯১৪ চনত সমবায় আন্দোলনৰ গতি-প্রকৃতি আদি অনুসন্ধানৰ কাৰণে ইংৰাজ চৰকাৰে- “মেক্‌লাগান কমিটী” গঠন কৰি দিয়ে। এই কমিটীয়ে ১৯১৫ চনত প্রতিবেদন দাখিল কৰি কিছুমান মূল্যৱান পৰামৰ্শ দাঙি ধৰে। ইয়াৰ পাছত ১৯১৯ চনৰ শাসন-সংস্কাৰ আইন মতে সমবায় আন্দোলনৰ দায়িত্ব প্রাদেশিক চৰকাৰৰ হাতত ন্যস্ত হয়। ইয়াৰ পাছৰপৰা এই আন্দোলনে বিশেষ অগ্রগতি লাভ কৰে। ১৯৩৫ চনত চৰকাৰৰ উদ্যোগত ৰিজাৰ্ভ বেংকৰ কৃষি বিভাগ স্থাপিত হয়। ১৯৩৯-‘৪০ চনৰ সমীক্ষা মতে ১২ কোটি টকাৰ মূলধনেৰে ৫৫ লাখ সদস্য সম্বলিত প্রায় ১২,০০০ খন সমবায় সমিতি দেশত স্থাপিত হয়। এই সংখ্যা বাঢ়ি গৈ ১৯৫৫-৫৬ চনত ৪৬৯ কোটি টকা মূলধনেৰে প্ৰায় ২,৪০,০০০ খন সমবায় সমিতি গঠিত হয়। বর্তমান প্রতি মৌজাত একোখনকৈ ৰাজহুৱা সমবায় সমিতি গঠন হোৱাৰ উপৰিও বিদ্যালয়সমূহতো একোখনকৈ সমবায় সমিতি গঠিত হৈছে।

১৯৪৫ চনত সমবায় পৰিকল্পনা কমিটী গঠিত হয়। এই কমিটীয়ে প্রাথমিক সমিতিবোৰ বহুমুখী সমিতিলৈ ৰূপান্তৰ কৰা আৰু পাছৰ দহ বছৰত সমিতিবোৰৰ পৰিধিৰ ভিতৰত গাঁওবিলাকৰ ভিতৰত শতকৰা ৫০ ভাগ আৰু গাঁৱৰ জনসংখ্যাৰ শতকৰা ৩০ ভাগক অন্তর্ভুক্ত কৰি লোৱাৰ পৰামৰ্শ আগবঢ়ায়।

স্বাধীনতাৰ পাছত সমবায় ব্যৱস্থা

স্বাধীনতা লাভৰ পাছত সমবায় আন্দোলন ক্ষিপ্ত গতিত আগবাঢ়ি গৈছে আৰু দেশৰ জনগণৰ সৰ্বাংগীণ উন্নতি সাধনত যথেষ্ট অৰিহণা যোগাইছে। সমবায় আন্দোলনৰ অগ্ৰগতি সম্পর্কে সমীক্ষা চলোৱাৰ দায়িত্ব ৰিজাৰ্ভ বেংকৰ ওপৰত ন্যস্ত হৈছে। ১৯৫১ চনত উপদেষ্টা কমিটী নিযুক্ত হয়। ১৯৬৪ চনত প্রকাশিত এই কমিটীৰ প্রতিবেদন মতে জনা যায় যে, সমবায় সমিতিবোৰে কৃষক-সমাজৰ ঋণৰ মাত্ৰ শতকৰা তিনি ভাগ হে বহন কৰে। তদুপৰি চৰকাৰী গৃহীত অংশও নগণ্য। গতিকে এই কমিটিয়ে ৰিজাৰ্ভ বেঙ্কৰ ওপৰত দেশব্যাপী ঋণ-সংগঠনৰ এটা সু-সংহত পৰিকল্পনা তুলি দিয়ে। এই পৰিকল্পনাৰ বৈশিষ্ট্য এইবোৰ-

1. সকলো সমবায় সমিতিতে ৰাষ্ট্ৰীয় অংশ গ্ৰহণ।

2. সংশ্লিষ্ট অৰ্থনৈতিক কাৰ্যাৱলীৰ লগত ঋণ সংগঠনৰ সংযোগ স্থাপন। 

3. প্রাথমিক কৃষিঋণ সমিতিসমূহৰ উন্নয়ন। 

4. পৰ্যাপ্ত সংখ্যক পণ্যাগাৰ স্থাপন। 

5. সমবায় কৰ্মীসকলৰ প্ৰশিক্ষণ। 

তদুপৰি কমিটীয়ে এই পৰামৰ্শও দাঙি ধৰে যে, কেৱল ঋণ সংগঠনত অংশ গ্ৰহণ কৰাতে ৰাষ্ট্ৰীয় কৰ্তব্য শেষ নহয়। ইয়াৰ লগতে উৎপাদনকৰণ, বজাৰ উদ্ভাৱন, গুদাম আদি তৈয়াৰ আদি সমবায় সম্পৰ্কীয় কাৰ্যাৱলীতে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়েই সক্রিয় অংশ গ্রহণ কৰিব লাগিব।

Read Also: Class 11 Economics Question Answer

সমবায়ৰ নতুন উদ্দেশ্য

দেশৰ সামগ্রিক উন্নয়নৰ বহুতো আশা-আকাঙ্ক্ষা, উৎসাহ-উদ্দীপনা আগত ৰাখিয়েই দেশত সমবায় আন্দোলন গঢ়ি তোলা হৈছে। হাজাৰ-বিজাৰ সমস্যাৰে ভাৰাক্ৰান্ত জৰ্জৰিত ভাৰতৰ লাখ লাখ গাঁৱৰ অজস্র কোটি বুভুক্ষ জনতাৰ দৰিদ্ৰতা দূৰীকৰণ আৰু শোষণৰপৰা মুক্তিৰ সম্ভাৱনাময় বাণী লৈ আবিৰ্ভাৱ হোৱা সমবায় আন্দোলনে নিশ্চয় দেশত নতুন সূৰুষৰ উদয়েৰে নতুন দিগন্তৰ সৃষ্টি কৰিব।

দৰিদ্ৰ কৃষক, শ্রমিক আৰু শিল্পীসকলে যাতে আর্থিক উন্নয়ন সাধনৰ দ্বাৰা উন্নত জীৱনযাপন কৰি শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে, সেই উদ্দেশ্য লৈয়ে সমবায় সমিতিবোৰ গঠিত হৈছে। শোষণ যাতে নির্মূল হয় সিও এক উদ্দেশ্য। খেতিয়ক আৰু শ্রমিক, শিল্পীসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাব পাৰে, তাৰ বাবে বিক্রয় সমবায় সমিতি, উপযুক্ত মূল্যত যাতে ক্রয় কৰিব পাৰে তাৰ বাবে ক্ৰয় সমবায় সমিতি আৰু আৱশ্যক মতে কম সুত্ৰ হাৰত কৃষক, শ্রমিক, শিল্পীসকলে যাতে ঋণ পাব পাৰে তাৰ কাৰণে ঋণ সমবায় সমিতি স্থাপন কৰা হৈছে। গাঁও অঞ্চলত গাঁৱলীয়া সমবায় সমিতি আৰু নগৰ অঞ্চলত পৌৰ বা নাগৰিক সমবায় সমিতি স্থাপিত হৈছে। গাঁৱলীয়া ঋণ সমবায় সমিতিবোৰ “অসীম দায়িত্ব সম্পন্ন” আৰু নগৰৰ ঋণ-সমবায় সমিতিবোৰ “সীমিত দায়িত্ব সম্পন্ন”। গাঁৱলীয়া ঋণ সমবায় সমিতিবোৰে অংশৰ টকা, জমা টকা আৰু ঋণৰ দ্বাৰা পুঁজি গঠন কৰে। এনে ঋণ দিবলৈ Central Co-Operative Bank স্থাপিত হৈছে। বর্তমান সমবায় ভিত্তিতো Co-Operative Bank, Apex Bank, Land Mortgage Bank, Rural Bank আদি স্থাপিত হৈছে।

সমবায় সমিতি গঠনৰ প্ৰণালী – কমপক্ষে ১০ জন পূর্ণবয়স্ক লোকে এখন সমবায় সমিতি গঠন কৰিব পাৰে। উপবিধি অনুসৰি গঠিত সমিতিখনে কাৰ্যপন্থা আৰু উদ্দেশ্যৰ বিৱৰণ দি ৰেজিষ্টাৰ কৰিব লাগে। কোনো সদস্যই মুঠ অংশৰ এক-পঞ্চমাংশতকৈ বেছি অংশ ল’ব নোৱাৰে। আৰু সেই অংশৰ পৰিমাণ ১০০০ টকাতকৈ বেছি হ’ব নোৱাৰে। সমিতিয়ে লাভৰ এক  চতুর্থাংশ ৰিজাৰ্ভ ফাণ্ডত জমা থ’ব লাগে। সমবায় সমিতিৰ পৰিচালনাৰ দায়িত্ব অংশীদাৰসকলৰ। অংশীদাৰসকলৰ মাজৰপৰা প্ৰতি বছৰে সদস্য নির্বাচন কৰি একোখন কার্য-নির্বাহক সমিতি গঠন কৰি তাৰ মাজৰপৰাই চেয়াৰমেন আৰু সম্পাদক নির্বাচিত কৰিব লাগে। সম্পাদকে এটা পাৰিতোধিক পায়। বাকীসকলে পাৰিতোষিক নাপায়। প্রত্যেক অংশদাৰৰে একোটা ভোটৰ অধিকাৰ আছে। চৰকাৰৰ দ্বাৰা নিযুক্ত ৰেজিষ্ট্ৰাৰৰ হুকুম মতে হিচাপ পৰীক্ষকে সমবায়বোৰৰ হিচাপ পৰীক্ষা কৰে। চৰকাৰে প্ৰয়োজন বোধ কৰিলে কোনো সমিতি ভংগ কৰি দিব পাৰে।

অসমত সমবায় ব্যৱস্থা

স্বাধীনতাৰ পাছৰপৰা সময়তো সমবায় আন্দোলন সক্ৰিয় হৈ উঠিছে। ফলস্বৰূপে অসমত অসংখ্য সমবায় গঠিত হোৱাৰ উপৰি সমবায় খণ্ডত চেনিকল, ধান বনা কল, মৰাপাট কল, কপাহ নেওঠা কল আৰু প্ৰায় ২০০টামান গুদাম ঘৰ স্থাপিত হৈছে। সমবায় ভিত্তিত চিনেমা হল নিৰ্মাণৰ আঁচনিও চৰকাৰে লৈছে।

সামৰণি

সমবায় সমিতিৰ যোগে অকল যে ব্যক্তিগত লোকৰহে কল্যাণ হয় এনে নহয়; বহুতো ৰাজহুৱা অনুষ্ঠানো গঢ়ি উঠে। সমগ্ৰ দেশৰ কৃষি, শিল্প, বাণিজ্য আদি সমবায় ভিত্তিত গঢ়ি উঠিলে, দেশৰ কৃষি, শিল্প বাণিজ্য আদি সমবায় ভিত্তিত গঢ়ি উঠিলে, দেশৰ অৰ্থনৈতিক অৱস্থা নিশ্চয় উন্নত হ’ব। কিন্তু আমি এটা কথা সদায় লক্ষ্য কৰা উচিত যে সদস্যসকল, কার্য-নির্বাহকসকল নৈতিক চৰিত্ৰত বলী হ’ব লাগিব আৰু সমাজৰ কল্যাণ আদৰ্শৰে উদ্বুদ্ধ হ’ব লাগিব। তেতিয়া নিশ্চয় দেশৰ মহৎ কল্যাণ সাধন হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top