ভাৰতৰ জাতীয় পতাকা ৰচনা | The National Flag of India Essay in Assamese

ভাৰতৰ জাতীয় পতাকা ৰচনা | The National Flag of India Essay in Assamese

Join Telegram channel

ভাৰতৰ জাতীয় পতাকা: জাতীয় পতাকা এটা জাতিৰ স্বাধীনতা আৰু আত্ম-মর্যাদাবোধৰ মূৰ্ত্ত প্রতীক। দেশৰ ভৌগোলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ-অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমস্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ-বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্ৰাণ আহুতি দিয়ে।

ভাৰতৰ জাতীয় পতাকা ৰচনা

ভাৰতৰ জাতীয় পতাকাৰ ইতিহাস

1. স্বাধীনতাৰ আগৰ

১৯৪৭ চনৰ ২২ জুলাইত গণ-পৰিষদে অশোক-চক্র সম্বলিত ত্ৰিবৰ্ণ ৰঞ্জিত পতাকাকেই জাতিৰ ঐতিহ্য, সংস্কৃতি, আশা-আকাঙ্ক্ষাৰ মূৰ্ত্ত প্রতীক স্বৰূপে জাতীয় পতাকাৰ মৰ্যাদা দান কৰে। ভাৰতীয় জাতীয় পতাকাৰ ইতিহাস দীঘলীয়া অথচ গৌৰৱমণ্ডিত। ১৯০৬ চনত ইংলণ্ড আৰু ফৰাচী দেশত বাস কৰা প্ৰবাসী, স্বদেশপ্রেমিকসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্রহণ কৰে। ওপৰভাগত ডাঠ হালধীয়া, মাজ ভাগত বগা আৰু তলৰ ভাগ ডাঠ সেউজীয়া । পতাকাখনৰ হালধীয়া ভাগত ওপৰত আঠোটা তৰা বছা হৈছিল; মাজ ভাগত “বন্দে মাতৰম্” লিখা হৈছিল। সেউজীয়া ভাগৰ বাঁওহাতে সূৰ্য আৰু সোঁহাতে অৰ্দ্ধ-চন্দ্ৰ অংকিত হৈছিল। কিন্তু ই স্থায়ী নহ’ল।

১৯১৬ চনত পুনৰ এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়; তেজী ৰঙা বোল পাঁচটা আৰু সেউজীয়া বোলৰ চাৰিটা ৰেখা আঁকি বাঁওহাতে ওপৰ চুকত ইউনিয়ন্ জেক্, মাজত এটি তৰা আৰু তলৰ ফালে হাতীপটিৰ আৰ্হিত তৰা আৰু চন্দ্ৰ অংকিত কৰা হৈছিল। ইও স্থায়ী নহ’ল।

১৯২১ চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অন্ধ্ৰৰ এজন যুৱকে গান্ধীজীক ৰঙা আক জেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সংস্কাৰ কৰে – ওপৰ ভাগ বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা। সোঁমাজত, দৰিদ্ৰ ভাৰতীয় “জনসাধাৰণৰ অৰ্থনৈতিক জীৱনৰ প্ৰাণকেন্দ্ৰ” যঁতৰ অংকিত কৰা হৈছিল। কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই প্রতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে ১৯৩১ চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল।

Read Also: ভেট বা সংযোজিত কৰ ৰচনা | VAT Essay in Assamese

2. ভাৰতৰ জাতীয় পতাকা

১৯৩১ চনত কৰাচীত বহা কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত হয়। ৱৰ্কিং কমিটীয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া ৰং যুক্ত আৰু বাঁওহাতে ওপৰ চুকত যঁতৰ-চিত্ৰ অংকিত পতাকা এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু ই ৱকিং কমিটীৰ মনঃপূত নোহোৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটীৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্রস্তুত কৰে। সেই মতে তিনিটা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। ওপৰত ডাঠ হালধীয়া, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগাঁ অংশত যঁতৰৰ চিহ্ন থাকিব। পতাকাৰ আকাৰ ৩ : ২ জোখৰ হ’ব। বোম্বাইত বহা কংগ্ৰেছ কমিটীৰ এই পতাকা জাতীয় পতাকা ৰূপে গ্ৰহণ কৰে। ৰং তিনিটাৰ অৰ্থ প্ৰতীকধৰ্মী বুলি গ্ৰহণ কৰা হৈছিল। সেই মতে ডাঠ হালধীয়া ৰঙটো ত্যাগ আৰু সাহসৰ, বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰঙটো বিশ্বাস আৰু শান্তিৰ আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা-আকাঙ্ক্ষাৰ প্রতীক। এইখনি পতাকাকে সকলো আন্দোলন আৰু অধিৱেশনত উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্রাম তীব্ৰতৰ হোৱাৰ লগে লগে পতাকাখনিয়েও জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে আৰু স্বাধীনতাৰ সৈনিকসকলেও ইয়াক জাতীয় মর্যাদাৰ প্ৰতিভূ হিচাপে গ্ৰহণ কৰিছিল।

Read Also: Class 11 Assamese Question Answer

ভাৰতৰ জাতীয় পতাকাৰ ইতিহাস (স্বাধীনতাৰ পাছত)

1. প্ৰতীকৰ অন্তর্নিহিত অর্থ

স্বাধীনতা লাভৰ পাছত এই পতাকাখনিকে যঁতৰৰ সলনি এটা চক্ৰ দি জাতীয় পতাকাৰূপে গ্ৰহণ কৰা হৈছে। চক্ৰটো সাৰনাথত থকা অশোক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে। এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্ৰতীক। জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে বিশ্ববিখ্যাত ভাৰতীয় দার্শনিক, প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনে এইদৰে ব্যাখ্যা দিছে : গৈৰিক ৰং ত্যাগৰ প্ৰতীক; ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্রাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান-জ্যোতিৰ প্ৰতীক; জ্ঞান-জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্ৰদৰ্শন কৰিব। সেউজীয়া ৰং উৰ্বৰা ভাৰত ভূমিৰ শস্য-সম্ভাৰৰ নিৰ্দেশক; পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্রটি ধর্ম-চক্র। ধর্ম-চক্র সম্বলিত পতাকাত নিহিত আদর্শ লৈ যিসকলে কর্মত ব্ৰতী হ’ব সেইসকলক ধর্মই সঠিক পথৰ নিৰ্দেশ দিব।

2. চক্ৰৰ অৰ্থ

বুৰঞ্জীবিদসকলৰ মতে অশোকৰ ৰাজত্বকালে যি দৰে এটা অন্ধকাৰ যুগৰ অস্ত পেলাই আন এটা নতুন আশা-আকাঙ্ক্ষাৰে পূৰ্ণ যুগৰ সূচনা কৰিছে, সেইদৰে এই চক্ৰইও প্রতীকৰূপে ভাৰতৰ বুৰঞ্জীৰ এক সন্ধিক্ষণত এটা শোষণেৰে ভৰা কলঙ্কিত যুগৰ মৃত্যু ঘোষণা কৰি, আন এটা জ্যোতিৰ্ম্ময় শান্তি, প্ৰগতিৰ যুগৰ সূচনা কৰিছে। বৌদ্ধ সাহিত্যত চক্ৰৰ অর্থ ন্যায় বা ধর্ম। কিন্তু এই ধর্ম সংকীর্ণ আনুষ্ঠানিক ধর্ম নহয়। এই ধর্ম বিশ্ব-জোৰা মানৱ-ধৰ্ম যিটো যুগে যুগে ভাৰতীয় জাতিৰ মহৎ আদর্শ হৈ আহিছে আৰু সিয়ে হৈছে বিশ্ব-প্রেম, বিশ্বশান্তি আৰু বিশ্ব-প্ৰগতিৰ ধৰ্ম ।

দার্শনিকসকলৰ মতে চক্রটি হৈছে জাতিৰ জীৱন চক্ৰ, ভাগ্যচক্র। “দেশৰ ভাগ্যচক্রই জীৱন-চেতনাৰ সন্ধিক্ষণত ন-কৈ গতি কৰিছে। এই গতি পৰাধীনতাৰপৰা স্বাধীনতালৈ, এন্ধাৰৰপৰা পোহৰলৈ, গ্লানিৰপৰা গৌৰৱলৈ।….. জাতিৰ ভাগ্যচক্ৰৰ গতিশীল যাত্ৰাত অতীত ঐতিহ্য সঞ্জীৱিত হৈ উঠিব, দেশৰ গৌৰৱ বাঢ়িব।”

বহুতৰ মতে এই চক্ৰ সূৰ্যৰ প্ৰতীক। “ই ভাৰত আকাশত পৰাধীনতাৰ ডাৱৰ আঁতৰাই স্বাধীনতাৰ সূর্যোদয় বুজাইছে।”

বৈজ্ঞানিকসকলৰ মতে চক্ৰটো বৈজ্ঞানিক শক্তি সঞ্চাৰিত উৎপাদনৰ প্ৰতীক । বিজ্ঞানে স্বাস্থ্য, জ্ঞান আৰু কৰ্মশক্তি বৃদ্ধি কৰাৰ উপৰি সম্যক দৃষ্টিভংগী দিয়ে। গতিকে জাতীয় পতাকাত অংকিত এই চক্র-বিজ্ঞান চক্র; বিজ্ঞানৰ উৎকৰ্য আৰু প্ৰচাৰ চক্ৰ।

নিজ নিজ দৃষ্টিভংগীৰে জাতীয় পতাকাত নিহিত অর্থ যিয়েই নকৰক লাগে এই কথা সঁচা যে পতাকাই জাতিৰ অতীতৰ ঐতিহ্য, বৰ্তমানৰ আশা-আকাঙ্ক্ষা আৰু ভৱিষ্যতৰ মধুময় কল্পনা, স্বপ্ন মূৰ্ত্তভাৱে প্ৰকাশ কৰিছে। জাতীয় পতাকাৰ ছত্ৰছায়াত ভাৰত বিশ্বৰ বাবে শান্তি, প্ৰগতি আৰু স্বাধীনতাৰ মূৰ্ত্ত আদৰ্শ ৰূপে চিৰদিন ধ্ৰুৱতৰাৰ দৰে জিলিকি ৰ’ব৷

জাতীয় পতাকা জাতীয় জীৱনৰ প্ৰতীক। জাতীয় মৰ্যাদাৰ প্ৰতীক। সেয়েহে ইয়াৰ ব্যৱহাৰৰ নিয়ম সুনির্দিষ্ট কৰি দিয়া হৈছে।

ব্যৱহাৰৰ নিয়ম

1. কোনো বস্তু বা ব্যক্তিৰ গাত জাতীয় পতাকা লগাব নোৱাৰিব। অৱশ্যে ব্যক্তিগত বা আনুষ্ঠানিক পতাকা ব্যৱহাৰত বাধা নাই।

2. জাতীয় পতাকাৰ সোঁহাতে বা উৰ্দ্ধত কোনো পতাকা উত্তোলন কৰিব নোৱাৰিব। একে শাৰীতে অন্য পতাকা উত্তোলন কৰাৰ প্ৰয়োজন অনুভৱ কৰিলে তাক সদায়। জাতীয় পতাকাৰ বাওঁহাতে আৰু কিছু চাপৰকৈ উত্তোলন কৰিব লাগিব।

3. জাতীয় পতাকা বহন কৰি নিব লাগিলে- বাহকে সোঁ-কান্ধত ওখকৈ আৰু শোভাযাত্ৰাৰ সকলোৰে আগত নিব লাগিব।

4. জাহাজ বা যান-বাহন আদিত অন্য পতাকা থাকিলে জাতীয় পতাকা সকলোৰে উৰ্দ্ধত উত্তোলন কৰিব লাগিব।

5. স্বাধীনতা দিৱস, গণতন্ত্র দিবস আৰু বিশেষ ৰাষ্ট্ৰীয় উৎসৱতহে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব৷ এনে দিৱসত নিজ নিজ গৃহ। দোকান-পোহাৰ, চৰকাৰী, বেচৰকাৰী সকলো অনুষ্ঠানতে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।

6. চৰকাৰী কাৰ্যালয়, আদালত আদিত জাতীয় পতাকা চিৰ উড্ডীয়ন হৈ থাকিব পাৰে। ৰাষ্ট্ৰীয় শোক দিৱসত অৰ্দ্ধনমিত হ’ব।

7. পতাকা ডাঙৰ বা সৰু যিয়েই নহওক, আকাৰ কিন্তু সদায় ৩:২ হ’ব লাগিব। গৈৰিক ভাগ সদায় ওপৰ ভাগত থাকিব। পতাকা উত্তোলনৰ খুঁটাৰ নিৰ্দিষ্ট জোখ ৪০ ফুট (১৩ মিটাৰ)।

8. পতাকা উত্তোলন কৰোতে জনতাই শ্রদ্ধা প্ৰদৰ্শন কৰিব লাগিব।

9. ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ নকৰি নিজ নিজ পতাকা গাড়ী, মটৰ আদিত ব্যৱহাৰ কৰিব পাৰে।

মন্তব্য

জাতীয় জীৱনৰ প্ৰতীক পতাকাৰ সন্মান ৰক্ষা কৰাতো প্ৰতিজন নাগৰিকৰে কর্তব্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top