স্বাধীনতা সংগ্ৰামৰ ওপৰত দেশপ্ৰেমূলক গীত – ৰচনা | Write a Patriotic Songs Essay

স্বাধীনতা সংগ্ৰামৰ ওপৰত দেশপ্ৰেমূলক গীত

বৃটিছৰ বিৰুদ্ধে দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত ভাগ লৈছিল অগণন দেশবাসীয়ে। সমগ্ৰ দেশতেই ইংৰাজ শাসন ওফৰাই স্বাধীন ভাৰতৰ পতাকা উৰুৱাবলৈ বদ্ধ পৰিকৰ হৈছিল ভাৰতবাসী। ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বহুতে প্ৰাণ দিলে, বহু ‌লোক ঘূণীয়া হ’ল। বহুতে কাৰাবাস খাটিলে। এই স্বাধীনতা আন্দোলনত মানুহৰ মনত স্বদেশ প্ৰেমৰ অনুভূতি জগাই তোলাৰ ক্ষেত্ৰত কবিতা, নাটক, প্ৰৱন্ধৰ ইত্যাদিৰ সমান্তৰালকৈ গীতেও উল্লেখনীয় ভূমিকা পালন কৰিছিল। এই স্বদেশ প্ৰেম মূলক গীত সমূহ হ’ল –

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

“সাজু হ’ সাজু হ’ নৱজোৱান।
সাজু হ’ সাজু হ’ নৱজোৱান।
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন কৰি প্ৰাণ পণ
ৰাঙলী কৰিছে ৰণাঙ্গন—–।”

৪২ চনৰ ভাৰতত্যাগ আন্দোলনৰ সমান্তৰালকৈ সংঘটিত হৈ থকা দ্বিতীয় বিশ্বযুদ্ধৰ সংকটাপন্ন সময়ত অসমীয়া ডেকা গাভৰুক জাগৃত কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল উপৰোক্ত গীতটি। জীৱন-যৌৱনক উৎসৰ্গিত কৰি অসমীয়া ডেকা গাভৰুক দেশৰ হকে যুঁজ দিবলৈ গীতৰ মাজেৰে আহ্বান জনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।

“বিশ্ব বিজয়ী ন’জোৱান,
বিশ্ব বিজয়ী ন’ জোৱান,
শক্তিশালী ভাৰতৰ,
ওলাই আহ ওলাই আহা
সন্তান তুমি বিপ্লৱৰ।”

এই গীতটিৰ জৰিয়তেও জ্যোতিপ্ৰসাদ আগৰৱালাই শক্তিশালী ভাৰতৰ সকলো সন্তানক দেশৰ হকে ওলাই আহিবলৈ আহ্বান জনাইছিল। ইয়াৰ ওপৰিও আগৰৱালা দেৱৰ “লুইতৰ পাৰৰে আমি ডেকা ল’ৰা”, “কোন কোন আহিছ আইক পূজিবলৈ আদিৰ গীতৰ মাজেৰে স্বদেশ প্ৰেমৰ অনুভূতি জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অন্যহাতে বিষ্ণুপ্ৰসাদ ৰাভাই “অ অসমীয়া ডেকা দল”, আই মোৰ ভাৰত জননী আদি গীতৰ মাজেৰে জনতাৰ মনত স্বদেশ প্ৰেমৰ অনুভূতি জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

স্বাধীনতা সংগ্ৰামৰ সময়ত নবীন চন্দ্ৰ বৰদলৈৰ “কোন কত আছ”, “আমাৰ বিষম পণ” আদি গীতে সাধাৰণ জনতাৰ মনত বিপ্লৱৰ অগ্নি জ্বলাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও লক্ষ্মীনাথ বেজবৰুৱা, পদ্মধৰ চলিহা, পাৰ্বতী প্ৰসাদ বৰুৱা আদিৰ গীতসমূহেও স্বাধীনতা আন্দোলনৰ সময়ত ভূমিকা পালন কৰিছিল।

Read Also: ফেঁচা বিষয়ে এক অধ্যয়ণ | ফেঁচাৰ বিষয়ে ৰচনা | Owl Essay in Assamese

মন্তব্য

আমি আশা কৰিছো স্বাধীনতা সংগ্ৰামৰ ওপৰত দেশপ্ৰেমূলক গীত ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত দেশপ্ৰেমূলক গীত ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top