বৰাহগিৰি ভেংকট গিৰি জীৱনী – ভাৰতীয় স্বাধীনতা সংগ্ৰামী | Varahagiri Venkata Giri

বৰাহগিৰি ভেংকট গিৰি | Varahagiri Venkata Giri Essay in Assamese | Biography of Varahagiri Venkata Giri in Assamese | বৰাহগিৰি ভেংকট গিৰি বিষয়ে জীৱনী | বৰাহগিৰি ভেংকট গিৰি বিষয়ে ৰচনা | বৰাহগিৰি ভেংকট গিৰিৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল বৰাহগিৰি ভেংকট গিৰি (Varahagiri Venkata Giri)। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা বৰাহগিৰি ভেংকট গিৰি আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ, শ্ৰমিক শ্ৰেণীৰ অধিকাৰৰ হকে মাত মতা এজন শক্তিশালী নেতা তথা শ্ৰমিক শ্ৰেণীৰ এজন অভিভাৱক। 

বৰাহগিৰি ভেংকট গিৰি

বৰাহগিৰি ভেংকট গিৰি জীৱনী | Varahagiri Venkata Giri Biography

নামবৰাহগিৰি ভেংকট গিৰি (Varahagiri Venkata Giri[1])
জন্ম চন১০ আগষ্ট, ১৮৯৪ চন
জন্ম স্থানবঢ়হমপুৰ, গঞ্জাম জিলা, উৰিষ্যা
পৰিয়ালপিতৃৰ নাম- ভি ভি জ’গয়া পান্টলু
মাতৃৰ নাম- সুভাদ্ৰামা
শিক্ষা১) খালিকোট মহাবিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়, চেন্নাই
২) নেশ্যনেল ইউনিভাৰটিটী অৱ আয়াৰল্যাণ্ড, ডাৱলিন      
বঁটাভাৰত ৰত্ন বঁটা (১৯৭৫ চন)
মৃত্যু ২৪ জুন, ১৯৮০ চন

Also Read: জীৱনী: জিতেন্দ্ৰনাথ গোস্বামী- অসমীয়া বিজ্ঞানী | Jitendra Nath Goswami

বৰাহগিৰি ভেংকট গিৰি প্ৰাৰম্ভিক জীৱন | Early Life of Varahagiri Venkata Giri

ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱা চতুৰ্থ জন ব্যক্তিৰ নাম হ’ল – বৰাহগিৰি ভেংকট গিৰি। জনসমাজত বৰাহগিৰি ভেংকট গিৰি পৰিচিত আছিল ভি.ভি. গিৰি নামেৰে। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে ভি.ভি. গিৰিয়ে উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰেলাৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বৰাহগিৰি ভেংকট গিৰি জন্ম হৈছিল এটা তেলেগু ভাষী ব্ৰাক্ষ্মণ পৰিয়ালত ১৮৯৪ চনৰ ১০ আগষ্ট তাৰিখে তেতিয়াৰ মাদ্ৰাজৰ (বৰ্তমান উৰিষ্যা) বঢ়হমপুৰত। ভি.ভি. গিৰিৰ পিতৃৰ নাম আছিল-ভি ভি জ’গয়া পান্টলু আৰু মাতৃৰ নাম আছিল – সুভাদ্ৰামা। তেওঁৰ পিতৃ পেছাত এগৰাকী অধিবক্তা হোৱাৰ লগতে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী সদস্য। অন্যহাতে ভি.ভি. গিৰিৰ মাতৃ সুভাদ্ৰামা আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। সুভাদ্ৰামাই মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ লগতে আইন অমান্য আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিব লগা হৈছিল।

শিক্ষা | Education

ভি.ভি. গিৰিয়ে প্ৰাৰম্ভিক পৰ্য্যায়ৰ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত খালিকোট মহাবিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৩ চনত আইন অধ্যয়ন কৰিবলৈ আয়াৰলেণ্ডলৈ যাত্ৰা কৰে আৰু ডাৱলিনৰ নেচনেল ইউনিভাৰ্চিটি অৱ আয়াৰল্যাণ্ড আৰু Society of King’s Inns-ত ১৯১৬ চনত আইন শিক্ষা সমাপ্ত কৰে।

Also Read: জীৱনী: ড° জয়ন্তী চুতীয়া- ভাৰতীয় পদাৰ্থবিজ্ঞানী | Joyanti Chutia

কৰ্মজীৱন | Career

১৯১৬ চনত আইন শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি অহাৰ পৰৱৰ্তী সময়ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত পোন প্ৰথমে নিজৰ বৃত্তিগত জীৱনৰ পাতনি মেলিছিল। ইয়াৰ ওপৰিও তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সাধাৰণ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। ভি.ভি. গিৰিয়ে এনি বেচান্টৰ নেতৃত্বত সূচনা হোৱা ‘Home Rule Movement’তো সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্যযোগ্য কথা যে, প্ৰচুৰ জাতীয়তাবাদী মনোভাৱ সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী ভি.ভি. গিৰিয়ে মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা অসহযোগ আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ স্বাৰ্থতে নিজৰ সমৃদ্ধিশালী আইনী কেৰিয়াৰ ত্যাগ কৰিছিল। আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ১৯২২ চনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিছিল ভি.ভি. গিৰিয়ে।

ভি.ভি. গিৰি তেওঁৰ জীৱন কালত শ্ৰম আৰু ট্ৰেড ইউনিয়ন আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। ১৯২৩ চনত গঠিত হোৱা  All India Railwaymen’s Federation-ৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে পৰৱৰ্তী সময়ত কেইবাটাও বছৰ All India Railwaymen’s Federation ৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভি.ভি. গিৰি ১৯২৬ চনত  All India Trade Union  Congress-ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।  

সমাজলৈ অৱদান | Contribution to the Society

এইসমূহৰ উপৰিও বৰাহগিৰি ভেংকট গিৰিয়ে ১৯২৮ চনত বেংগল নাগপুৰ ৰে’লৱে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সমান্তৰালকৈ শ্ৰমিকৰ অধিকাৰৰ বাবে সজোৰে মাত মাতিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯২৭ চনত ILO  ৰ আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ ওপৰিও লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতৰ ঔদ্যোগিক শ্ৰমিকসকলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বৰাহগিৰি ভেংকট গিৰিয়ে।

উল্লেখ্য কথা যে, ১৯৩৬ চনত বৰাহগিৰি ভেংকট গিৰি নিৰ্বাচিত হয় মাদ্ৰাজ বিধানসভাৰ সদস্য হিচাপে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৩৭ চনৰ পৰা ১৯৩৯ চনলৈকে চি ৰাজাগোপালাচাৰীৰ মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে দক্ষতাৰে দায়িত্ব পালন কৰিছিল। ১৯৩৮ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰ আহ্বায়ক হিচাপেও দায়িত্ব পালন কৰিছিল। 

১৯৪৭ চনত স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমজন হাই কমিচনাৰ হিচাপে ১৯৫১ চনলৈকে নিজৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত মাদ্ৰাজৰ পথপত্তনমৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ শ্ৰম দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

কিন্তু ১৯৫৭ চনৰ অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত  পৰাস্ত হোৱাৰ পৰৱৰ্তী সময়ত ভি.ভি. গিৰিয়ে Indian Society of Labour Economic গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

এক সুদীৰ্ঘ সামাজিক আৰু ৰাজনৈতিক পৰিক্ৰমাৰ পিছত ১৯৫৭ চনৰ জুন মাহত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ ১৯৬০ চনলৈকে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬০ চনৰ পৰা ১৯৬৫ চনলৈকে কেৰেলা, ১৯৬৫ চনৰ পৰা ১৯৬৭ চনলৈকে কৰ্ণাটকৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কম সময়ৰ বাবে মাইশূৰৰো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক জীৱন | Political Life

উল্লেখ্য যে ১৯৬৭ চনত ১৩ মে’ তাৰিখে স্বাধীন ভাৰতৰ তৃতীয় উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ১৯৬৯ চনৰ ৩ মে’লৈকে এই পদত অধিষ্ঠিত আছিল। কিন্তু গুৰুত্বপূৰ্ণ কথা যে, ১৯৬৯ চনৰ ৩ মে তাৰিখে কৰ্তব্যৰত অৱস্থাতে ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হোৱাৰ পিছত ভি.ভি. গিৰিয়ে সেইদিনাই কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ভি.ভি. গিৰি যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল কাৰণ সেই সময়ত তেখেতে প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমেহে সকলো কাম কৰিছিল।  কিন্তু গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰপতি হিচাপে থকা কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত ভি.ভি. গিৰিয়ে দুটা বিশেষ পদক্ষেপ হাতত লৈ দুটা কাম সমাপ্ত কৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি চিমলা চুক্তি স্বাক্ষৰিত কৰিছিল আৰু ১৯৬৯ চনৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। ভি.ভি. গিৰিয়ে হাতত লোৱা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা এই প্ৰক্ৰিয়া পাঁচ দশকৰ পাছতো ভাৰতীয় অৰ্থনীতিক এক বিশেষ ভূমিকা পালন কৰিছে।

১৯৭৫ চনত বৰাহগিৰি ভেংকট গিৰিক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল। কিন্তু দূৰ্ভাগ্যৰ কথা যে, ১৯৮০ চনৰ ২৪ জুন তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৭৪ চনত ভাৰতীয় পোষ্ট আৰু টেলিগ্ৰাফ বিভাগৰ দ্বাৰা ভি.ভি. গিৰিৰ নামত এটা  ডাক টিকট মুকলি কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী ১৯৯৫ চনত ভি.ভি. গিৰিৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে The National Labour Institute ৰ নাম সলনি কৰি V.V Giri National Labour Institute নামাৰে নামাকৰণ কৰা হয়। ইয়াৰ ওপৰিও ভি.ভি. গিৰিৰ স্মৃতিত তেওঁৰ গৃহচহৰ বঢ়মপুৰৰ এটা মুখ্য পথ, মাধ্যমিক প্ৰশিক্ষণ বিদ্যালয় আৰু এখন বজাৰ  তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। 

প্ৰকাশিত গ্ৰন্থ | Published Books

ভি.ভি. গিৰিয়ে শ্ৰমিকসকলৰ ওপৰত দুখন গুৰুত্বপূৰ্ণ কিতাপ ৰচনা কৰি প্ৰকাশ কৰিছিল। সেইকেইখন হ’ল- Industrial Relations আৰু Labour Problems in Indian Industry. ইয়াৰ ওপৰিও তেওঁ ১৯৭৬ চনত My Life and Times শীৰ্ষক শিৰোনামাৰে আন এখন গ্ৰন্থও ৰচনা কৰিছিল।

Also Read: জীৱনী: লাচিত বৰফুকন- অসমৰ বীৰ | Lachit Borphukan

সামৰণি | Conclusion

সৰল জীৱন যাপন অথচ উচ্চমানৰ চিন্তাক গুৰুত্ব দিয়া ভি.ভি. গিৰিয়ে সামাজিক সমতা আৰু শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ বাবে বিশেষকৈ মাত মাতিছিল। ভি.ভি. গিৰিয়ে শ্ৰমিক সকলৰ শোষণৰ বিৰুদ্ধে তথা এই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে শ্ৰমিক সকলক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় ঐক্যবদ্ধ হোৱাৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছিল।

ভি.ভি. গিৰিৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব। অধিবক্তা, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ভি.ভি. গিৰিৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো তেওঁৰ চিন্তাৰ প্ৰাসংগিকতা আছে। 

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

FAQ 

১) ভাৰতীয় সমাজলৈ ভি.ভি. গিৰিৰ অৱদান কি?

উত্তৰভি.ভি. গিৰিৰ সমগ্ৰ জীৱনটো উৰ্চগিত আছিল। তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ‌ শ্ৰমিকসকলৰ ওপৰত চলা শোষণৰ বিৰুদ্ধে শ্ৰমিকসকলক ঐক্যবদ্ধ কৰি তেওঁলোকৰ অধিকাৰৰ হকে সবল ভাৱে মাত মাতিছিল। তেওঁ Indian Society of Labour Economic গঠন কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২)  ভি.ভি. গিৰিৰ সম্পূৰ্ণ নাম কি?

উত্তৰ বৰাহগিৰি ভেংকট গিৰি।

৩) ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ভি.ভি. গিৰিয়ে হাতত লোৱা দুটা বৈপ্লবিক পদক্ষেপ কি?

উত্তৰ১৯৭২ চনৰ ২ জুলাইত ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি চুক্তি চিমলা চুক্তি স্বাক্ষৰিত কৰিছিল আৰু ১৯৬৯ চনৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। 

৪) কেতিয়া ভি.ভি. গিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল?

উত্তৰ১৯৬৯ চনৰ ৩ মে তাৰিখে কৰ্তব্যৰত অৱস্থাতে ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হোৱাৰ পিছত ভি.ভি. গিৰিয়ে সেইদিনাই কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল।

৫) ভি.ভি. গিৰিক কেতিয়া ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল?

উত্তৰ- ভাৰতৰ সমাজ ব্যৱস্থালৈ আগবঢ়োৱা অৱদানৰ বাবে ভি.ভি. গিৰিক ১৯৭৫ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top